MOBILE । মোৱাইল ফোন বাস্তৱ জীৱনৰ এক এৰাব নোৱাৰা যোগাযোগৰ মাধ্যম। এই মোবাইল ফোন নহ’লে অচল যেন আমাৰ জীৱন ।আজিৰ যুগত মোৱাইল ফোন অতি আৱশ্যকীয় যন্ত্ৰ হৈ পৰিছে যাৰ জৰিয়তে যোগাযোগ তথ্য আদান প্ৰদান আদি বিভিন্ন কাম কৰিব পাৰি। এটা মুদ্ৰা ইপিঠি সিপিঠিৰ দৰে সকলো বস্তুৱেই ভাল বেয়া দুয়োটা দিশে আছে ঠিক তেনেদৰে মোৱাইল ফোনৰ ভাল বেয়া দুয়োটা দিশে আছে।
মোৱাইল ফোনে আমাৰ জীৱনত ভাল বেয়া দুয়োটা দিশতে প্ৰভাৱ পেলায় মোৱাইল ফোনৰ মুখ্য কাম যোগাযোগ কৰা দুৰ দূৰণিত থকা লোক সকলৰ সৈতে ভাৱৰ আদান প্ৰদান কৰা বাৰ্তা প্ৰেৰণ কৰা আদি বিশেষকৈ মোৱাইল ফোনত থকা ইন্টাৰনেট ব্যৱহাৰ কৰি তথ্য আহৰণ কৰিব পাৰি যেনে ঘৰতে বহি দেশ বিদেশৰ বাতৰি সমূহ লাভ কৰিব পাৰোঁ।ইʼমেল চচিয়েল মিডিয়া অৰ্থাৎ ফেচবুক, ইষ্টাগ্ৰাম আদিৰ জৰিয়তে ভাৱৰ আদান প্ৰদান কৰিব পাৰোঁ ঘৰতে বহি অনলাইন বজাৰো কৰিব পাৰোঁ মোৱাইল ফোনৰ জৰিয়তে আমি বিভিন্ন ভাল লগা কামো কৰিব পাৰোঁ ফটো উঠা ভিডিঅ’ বনোৱা গান শুনা গেম খেলা আদি। মোৱাইল ফোনে শিক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।মোৱাইল ফোনত থকা ইন্টাৰনেট ৰ জৰিয়তে আমি জ্ঞান অৰ্জন কৰিব পাৰোঁ ।
বিনোদন ৰ বাবেও মোৱাইল ফোন ব্যৱহাৰ কৰিব পাৰি।মোৱাইল ফোনৰ জৰিয়তে বহু দূৰ দূৰণি ব্যক্তি লগত যোগাযোগ কৰি সম্পৰ্ক গঢ়িব পাৰোঁ।মোৱাইল ফোনৰ জৰিয়তে যিদৰে সম্পৰ্ক এটা গঢ় লৈ উঠিব পাৰে সেইদৰে সম্পৰ্ক এটাত ফাটও মেলিব পাৰে।মোৱাইল ফোনৰ সৎ ব্যৱহাৰে মানুহ এজনক জীৱনত আগুৱাই যোৱাত সহায় কৰে তেনেদৰে বেয়া ব্যৱহাৰে জীৱনত বেয়া প্ৰভাৱ পেলোৱা ও দেখা যায়।মোবাইল ফোনৰ অত্যাধিক ব্যৱহাৰে স্বাস্থ্য ক্ষতি কৰে ।মোবাইল ফোনৰ অন্তৰ্গত বহুলভাৱে চৰ্চিত সামাজিক মাধ্যম সমূহ যেনে ৱাটচাপ, ইনষ্টগ্ৰাম, ফেচবুক নৱ প্ৰজন্মই অধিক মাত্ৰাত ব্যবহাৰ কৰা হৈছে।নৱ প্ৰজন্মই অধিক সময় এই মাধ্যম সমূহ ব্যৱহাৰতে ব্যস্ত হৈ থাকে যাৰ ফলত নিজ কৰ্ত্যব্য সমূহৰ পৰা বহু সময়ত দূৰত থাকে।
মোবাইল ফোনে কোনোবা খিনিত যেন সম্পৰ্ক বোৰতো প্ৰভাৱ নেপেলোয়া নহয় এই ধৰক আজিকালি প্ৰায় বেছিভাগ সময় মানুহে মোবাইল ফোনতে ব্যস্ত হৈ থাকে কাৰোবাক এষাৰ মাত দিবলৈ অলপ কথা পাতিবলৈও যেন সময় নাই , বিশেষকৈ নতুন প্ৰজন্ম কোনোবাখিনিত বাস্তব জীবনৰ পৰা আতৰি আহি মোবাইল ফোনত থকা সামাজিক মাধ্যম সমূহ বা সামাজিক জগতখনতে ব্যস্ত হয় থাকে।সামগ্ৰিক ভাৱে মোবাইল ফোন আজিৰ যুগত অতি উপযোগী যস্ত্ৰ ইয়াৰ সঠিক ব্যৱহাৰে জীৱনক সহজ আৰু উন্নত কৰি তোলে।
বোকাখাত: Atul Bora বোকাখাতৰ শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়ত স্বাস্থ্য সেৱাৰ পৰিস্থিতি কিমান জটিল হৈ পৰিছে তাৰ এটা জ্বলন্ত উদাহৰণ অহা দেখা গৈছে। মঙলবাৰে মন্ত্ৰী অতুল বৰা জৰুৰীকালীন চিকিৎসা বিভাগ পৰিদর্শন কৰাৰ সময়তে, প্ৰেছাৰ জোখাৰ যন্ত্ৰই কাম নকৰাৰ ঘটনা সংঘটিত হয়।
মন্ত্ৰী বৰাই নিজেই চিকিৎসালয় পৰিদৰ্শনৰ সময়ত নিজৰ ৰক্তচাপ পৰীক্ষা কৰিবলৈ হাত আগবঢ়াইছিল। কিন্তু চিকিৎসকে যন্ত্ৰটো লগাওতেই, সম্পূৰ্ণ ৰূপে বিকল হৈ পৰে। ফলত, ৰক্তচাপ জোখাত ব্যৰ্থ হয়। এই ঘটনাই চিকিৎসালয়খনৰ ভৌতিক সুবিধা, যন্ত্ৰপাতিৰ সংৰক্ষণ আৰু ব্যৱস্থাপনাৰ ওপৰত গুৰুতৰ প্ৰশ্ন তুলি ধৰিছে।
স্থানীয় ৰোগী আৰু ৰাইজৰ মাজতো এই ঘটনা লৈ উদ্বেগৰ সৃষ্টি হৈছে। বহুতে কয়, যদি মন্ত্ৰীৰ বাবে এই পৰিস্থিতি হয়, তেন্তে সাধাৰণ ৰোগীৰ অৱস্থা কিমান বেয়া হ’ব পাৰে সেয়া অনুমান কৰিব পাৰি।
এই ঘটনা পাছত মন্ত্ৰী বৰাই চিকিৎসালয়খনৰ সামগ্ৰিক ব্যৱস্থা, পৰিসৰ আৰু সেৱা সম্পৰ্কে মূল্যাংকন কৰে আৰু যথোপযুক্ত পদক্ষেপ লোৱাৰ আশ্বাস দিয়ে।
ডিব্ৰুগড়: Dibrugarh ডিব্ৰুগড় মহানগৰত নিশা নামিলেই আৰম্ভ হয় কোটি টকাৰ নিষিদ্ধ জোৱাৰ সাম্ৰাজ্য। লাখ লাখ টকাৰ বিনিময় আৰু তাচ পাতৰ মাজেৰে চলি থাকে এই অবৈধ কাণ্ড। বিশেষকৈ মহানগৰৰ মাজমজীয়াত অৱস্থিত পুৰণি ৰেল ষ্টেছনৰ সন্মূখৰ হৰিজন কল’নিত প্ৰতিদিনে নিশা বহে এই জোৱাৰ খেল।
ইয়াৰ পৰা ডিব্ৰুগড় সদৰ থানাৰ দূৰত্ব মাথোঁ ৮০০ মিটাৰ। যদিও দিন-নিশাই এই পথেদি পাৰ হয় আৰক্ষী বিষয়া তথা অন-ডিউটি গাড়ী—তথাপিও আৰক্ষীৰ চকুৰ সন্মুখতে চলি থাকে এই অবৈধ কাৰবার।
চকু মেলিবলৈ প্রস্তুত নহয় আৰক্ষী? অবিশ্বাস্য হলেও সত্য, যিখন ঠাইত কোটি টকাৰ অবৈধ জোৱা খেল চলে, সেই স্থানৰ বিষয়ে অলপ বুজাবুজি থকা যিকোনো যুৱকে সহজে তথ্য দিব পাৰে। কিন্তু ডিব্ৰুগড় আৰক্ষীৰ বাবে এই গোপন ঘাটি যেন সম্পূৰ্ণ অজ্ঞাত!
বিলাসবহুল গাড়ীৰ অহাগমন, খেলৰ মাজত চলি থকা টকাৰ বন্যা—এই সকলো প্ৰতিদিনে চলি থাকে হৰিজন কল’নিৰ ঠিক সন্মূখতে।
অভিযোগ আৰু বিস্ফোৰক তথ্য অভিযোগ অনুসৰি, একাংশ জোৱাৰীয়ে খেলত অংশগ্ৰহণৰ সময় অনুজ্ঞাপত্ৰ থকা মাৰণাস্ত্ৰও লৈ আহে। এই বিষয়ে অল ই এছ ইউ (AASU)-ৰ কিছু যুৱকেও তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁলোকৰ মতে, সমগ্ৰ মহানগৰতে সকলো যুৱকে জানে ক’ত জোৱা চলে, কেৱল আৰক্ষীয়েহে অজ্ঞ।
ডিব্ৰুগড় আৰক্ষীয়ে আগতে সফলভাৱে এ পি এছ ই কেলেংকাৰি, বিশাল ফুকনৰ অনলাইন ট্ৰেডিং স্কেম, ডাঃ সৰিতা তচনিৱাল হত্যাকাণ্ডৰ দৰে দেশ কঁপোৱা ঘটনাৰ তদন্ত কৰিলে—তথাপিও চকুৰ সন্মুখতে চলি থকা বৃহৎ জোৱাৰ সাম্ৰাজ্যৰ ওপৰত কোনো কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই।