Home Blog Page 129

Covid Vaccine And Sudden Deaths: ক’ভিড-১৯ ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

Covid Vaccine And Sudden Deaths: ক’ভিড-১৯ ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই
Covid Vaccine And Sudden Deaths: ক’ভিড-১৯ ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

বহু লোকৰ ক্ষেত্ৰত সংঘটিত আকস্মিক মৃত্যুৰ (Covid Vaccine And Sudden Deaths) বিষয়টোকলৈ দেশৰ কেইবাটাও সংস্থাই অধ্যয়ন চলাইছে৷ এই অধ্যয়নসমূহে নিৰ্ণায়কভাৱে প্ৰতিষ্ঠা কৰিছে যে কোভিড-১৯ টিকা গ্ৰহণ আৰু আকস্মিক মৃত্যুৰ মাজত কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই৷ ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ [আইচিএমআৰ] আৰু নেশ্যনেল চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল [এনচিডিচি]ৰ অধ্যয়নে ভাৰতত ক’ভিড-১৯১ ভেকচিন নিৰাপদ আৰু ফলপ্ৰসূ বুলি দৃঢ়তাৰে প্ৰকাশ কৰিছে৷ প্ৰতিষ্ঠান দুটাই লগতে কৈছে যে ক’ভিড-১৯১ ভেকচিনৰ গুৰুতৰ পাশ্বৰ্ক্ৰিয়াৰ ঘটনা অতি বিৰল৷ জেনেটি’, জীৱনশৈলী, পূৰ্বৰ ৰোগ সম্পৰ্কীয় অৱস্থা, ক’ভিডৰ পিছৰ জটিলতা আদি বহু কাৰকৰ ফলত হঠাৎ হৃদযন্ত্ৰ বিকল হৈ মৃত্যু হ’ব পাৰে৷ বিশেষকৈ ১৮১ পৰা ৪৫ বছৰৰ ভিতৰৰ প্ৰাপ্তবয়স্কলোকসকলৰ আকস্মিক মৃত্যুৰ আঁৰৰ কাৰণসমূহ বিশ্লেষণ কৰিবলৈ আইচিএমআৰ আৰু এনচিডিচিয়ে একেলগে কাম কৰি আহিছে৷

এই বিষয়ে অন্বেষণ কৰিবলৈ বিভিন্ন গৱেষণা পদ্ধতিৰ আলমত দুটা পৰিপূৰক অধ্যয়ন কৰা হৈছিল– এটা অতীতৰ তথ্যৰ ওপৰত ভিত্তি কৰি আৰু আনটো বাস্তৱ সময়ৰ অনুসন্ধানৰ সৈতে জড়িত অধ্যয়ন৷ আইচিএমআৰৰ নেশ্যনেল ইনষ্টিটিউট অৱ এপিডেমিঅ’লজি [এনআইই]য়ে কৰা প্ৰথমটো অধ্যয়নৰ শিৰোনাম হৈছে ‘ফেক্টৰছ এছোচিয়েটেড উইথ আনএক্সপ্লেইনড ছাডেন ডেথছ এমং এডাল্টছ এজড্‌ ১৮-৪৫ ইয়েৰ্ছ ইন ইণ্ডিয়া– এ মাল্টিচেণ্ট্ৰিক মেটছড কেছ -কণ্ট্ৰোল ষ্টাডি৷’ এই অধ্যয়ন ২০২৩ চনৰ মে’ মাহৰ পৰা আগষ্টলৈকে দেশৰ ১৯খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৭খন প্ৰাথমিক পৰ্যায়ৰ চিকিৎসালয়ত চলোৱা হৈছিল৷ ইয়াত এনে ব্যক্তিকলৈ অধ্যয়ন চলোৱা হৈছিল যিসকল ব্যক্তিক সুস্থ যেন লাগিছিল যদিও ২০২১ চনৰ অক্টোবৰৰ পৰা ২০২৩ চনৰ মাৰ্চ মাহৰ ভিতৰত তেওঁলোকৰ হঠাতে মৃত্যু হৈছিল৷ অধ্যয়নটোৰ পৰা লাভ কৰা তথ্যই নিৰ্ণায়কভাৱে দেখুৱাইছে যে ক’ভিড-১৯১ টিকাকৰণে যুৱ প্ৰাপ্তবয়স্কৰ মাজত আকস্মিক মৃত্যুৰ সম্ভাৱনা বৃদ্ধি নকৰে৷ ‘এষ্টাব্লিছিং দ্য ক’জ ইন ছাডেন আনএক্সপ্লেইনড ডেথছ ইন ইয়ং’ শীৰ্ষক দ্বিতীয়টো অধ্যয়ন বৰ্তমান নতুন দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সে আইচিএমআৰৰ সহযোগত চলাই আছে৷ যুৱ প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুৰ সাধাৰণ কাৰণ নিৰ্ণয় কৰাৰ লক্ষ্যৰে এই অধ্যয়ন চলোৱা হৈছে৷ অধ্যয়নটোৰ পৰা লাভ কৰা তথ্যৰ প্ৰাৰম্ভিক বিশ্লেষণে ইংগিত দিছে যে এই বয়সৰ গোটৰ লোকৰ মাজত হৃদৰোগ বা মায়োকাৰ্ডিয়াল ইনফাৰ্কচন আকস্মিক মৃত্যুৰ প্ৰধান কাৰণ হিচাবে পৰিগণিত হৈছে৷ গুৰুত্বপূৰ্ণ কথাটো হ’ল, পূৰ্বৰ বছৰসমূহৰ তুলনাত এতিয়াৰ পৰিস্থিতিত মৃত্যুৰ ধৰণত কোনো ডাঙৰ পৰিৱৰ্তন দেখা পোৱা যোৱা নাই৷ অধিকাংশ আকস্মিক মৃত্যুৰ ক্ষেত্ৰতে মৃত্যুৰ সম্ভাৱ্য কাৰণ হিচাপে জিনীয় মিউটেচনকেই এক অন্যতম কাৰক হিচাবে চিনাক্ত কৰা হৈছে৷ অধ্যয়নটো সম্পূৰ্ণ হোৱাৰ পিছত ইয়াৰ চূড়ান্ত ফলাফল প্ৰকাশ কৰা হ’ব৷

এই দুয়োটা অধ্যয়নে একেলগে ভাৰতৰ যুৱ প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুৰ কাৰণ সম্পৰ্কে অধিক তথ্য প্ৰকাশৰ বাট মুকলি কৰিছে৷ অধ্যয়নত এইকথাও প্ৰকাশ পাইছে যে ক’ভিড-১৯১ টিকাকৰণে বিপদ বৃদ্ধি কৰা যেন নালাগে৷ আনহাতে পূৰ্বৰে পৰা থকা স্বাস্থ্যজনিত সমস্যা, জিনীয় প্ৰভাৱ আৰু বিশৃংখল জীৱনশৈলীয়ে আআকস্মিক মৃত্যুৰ আশংকা বৃদ্ধি কৰাত অন্যতম ভূমিকা পালন কৰে৷ বিশেষজ্ঞসকলে পুনৰ কয় যে ক’ভিড টিকাকৰণক আকস্মিক মৃত্যুৰ সৈতে জড়িত কৰি কৰা বক্তব্যসমূহ মিছা আৰু বিভ্ৰান্তিকৰ তথা বৈজ্ঞানিকভাবে সেয়া সমৰ্থিত নহয়৷ নিৰ্ণায়ক প্ৰমাণ অবিহনে জল্পনা-কল্পনাৰ আধাৰত কৰা এনে দাবীয়ে মহামাৰীৰ সময়ত লাখ লাখ লোকৰ জীৱন ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা কোভিড ভেকচিনৰ প্ৰতি জনসাধাৰণৰ আস্থা হ্ৰাস কৰাৰ আশংকা থকা বুলিও তেওঁলোকে কয়৷ এনে ভিত্তিহীন প্ৰতিবেদন আৰু দাবীয়ে দেশত ভেকচিনক লৈ মানুহৰ মাজত দ্বিধাগ্ৰস্ততা বৃদ্ধিত অৰিহণা যোগাব পাৰে, যাৰ ফলত জনস্বাস্থ্যত বিৰূপ প্ৰভাৱ পৰিব পাৰে বুলি বিশেষজ্ঞসকলে মন্তব্য কৰিছে৷

Air India: ইন্ধন ভৰোৱাৰ সময়ত এয়াৰ ইণ্ডিয়াৰ বিমানত ধৰা পৰিল যান্ত্ৰিক ত্ৰুটি, বাতিল হ’ল দিল্লী-ৱাশ্বিংটন বিমান

ডিজিটেল ডেস্কঃ Air India এয়াৰ ইণ্ডিয়াৰ দিল্লী-ৱাশ্বিংটন ডি চি অভিমুখী বিমান (AI103) বুধবাৰে যাত্ৰাৰ মাজভাগত যান্ত্ৰিক সমস্যা দেখা দিয়াৰ ফলত বাতিল কৰা হয়। উল্লেখযোগ্য যে, ভিয়েনাত ইন্ধন ভৰোৱাৰ বাবে বিমানখনৰ অৱতৰণ আগতেই নিৰ্ধাৰিত আছিল। কিন্তু ইন্ধন ভৰোৱাৰ সময়তে বিমানখনত নিয়মীয়া পৰিদৰ্শনৰ সময়ত বিসংগতি ধৰা পৰে।

বিমানখনত ত্ৰুটি ধৰা পৰাৰ পাছতেই জৰুৰীভাৱে অতিৰিক্ত ৰক্ষণাবেক্ষণৰ প্ৰয়োজন হয়, যাৰ ফলত পৰৱৰ্তী সময়ত বিমানখন বাতিল কৰিবলৈ বাধ্য হয় এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষ।

এই সিদ্ধান্তৰ ফলত বহু যাত্ৰী ভিয়েনাত আৱদ্ধ হৈ পৰে। এয়াৰ ইণ্ডিয়া সূত্রে জানিবলৈ পোৱা মতে, যিসকল যাত্ৰীয়ে অসুবিধাৰ সন্মুখীন হৈছে, তেওঁলোকক বিকল্প বিমানৰ ব্যৱস্থা কৰা হৈছে। লগতে, বিচাৰিলে সম্পূৰ্ণ ভাড়া ঘূৰাই দিয়াৰ আশ্বাসো দিয়া হৈছে।

উল্লেখযোগ্য যে, ১২ জুনত আহমেদাবাদত সংঘটিত এখন বিমান দুৰ্ঘটনাৰ পাছৰে পৰা এয়াৰ ইণ্ডিয়াৰ একাধিক আন্তঃৰাষ্ট্ৰীয় তথা ঘৰুৱা বিমান যাত্ৰা বাতিল হৈছে।

Pankaj Pathak:কোকৰাঝাৰত পংকজ পাঠকৰ অনুষ্ঠানত পুনৰ অঘটন, আৰক্ষীয়ে আধাতে বন্ধ কৰিলে শিৱিৰ

ডিজিটেল ডেস্ক: Pankaj Pathak পুনৰ বিতৰ্কত পৰিল পংকজ পাঠকৰ “চুলি গজোৱা শিৱিৰ”। কোকৰাঝাৰ জিলাত আয়োজন কৰা শিৱিৰখন আৰক্ষীয়ে আধাতে বন্ধ কৰি দিয়ে, কাৰণ অনুমতি নোলোৱাকৈ কোকৰাঝাৰত অনুষ্ঠিত কৰিছিল চুলি গজোৱা শিৱিৰ।

সূত্ৰৰ পৰা পোৱা তথ্য মতে, পংকজ পাঠকে অনুষ্ঠান আয়োজনৰ বাবে অনুমতি বিচাৰিছিল যদিও, তেওঁক অনুমতি প্ৰদান কৰা হোৱা নাছিল। তথাপিও কোকৰাঝাৰত এই শিৱিৰ আয়োজন কৰা হয়। অৱশেষত, আৰক্ষীয়ে উপস্থিত হৈ অনুষ্ঠান বন্ধ কৰিবলৈ বাধ্য কৰে।

উল্লেখযোগ্য যে, এই ঘটনাৰ আগতে বুধবাৰে গোৱালপাৰাত অনুষ্ঠিত হোৱা আন এখন শিৱিৰ সময়তো অঘটন সংঘটিত হৈছিল। পৰৱৰ্তী সময়ত পংকজ পাঠকে ৰাইজৰ সন্মুখত কাণত ধৰি ক্ষমাও খুজিছিল।

স্থানীয় প্ৰশাসনৰ মতে, যিকোনো ধৰণৰ জনসমাগমযুক্ত অনুষ্ঠান আয়োজনৰ পূৰ্বে অনুমতি গ্ৰহণ কৰাটো বাধ্যতামূলক।

Sheikh Hasina: শ্বেখ হাছিনাক ছমাহৰ কাৰাদণ্ড বিহিলে ঢাকাৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে

Sheikh Hasina: শ্বেখ হাছিনাক ছমাহৰ কাৰাদণ্ড বিহিলে ঢাকাৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে
Sheikh Hasina: শ্বেখ হাছিনাক ছমাহৰ কাৰাদণ্ড বিহিলে ঢাকাৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক (Sheikh Hasina) ঢাকা আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে ছমাহৰ কাৰাদণ্ডৰ প্ৰদান কৰে৷ আৱামী লীগৰ বিৰোধিতা কৰি আৰক্ষী প্ৰশাসন আৰু তদন্তকাৰীক ভাবুকি দিয়াৰ অভিযোগত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়৷ আৱামী লীগৰ এজন নেতাৰ সৈতে শ্বেখ হাছিনাৰ ফোন কথোপকথন ফাদিল হোৱাৰ পিছতে এই গোচৰ ৰুজু কৰা হৈছে৷

বুধবাৰে চূড়ান্ত শুনানিৰ অন্তত ন্যায়াধিকৰণে শ্বেখ হাছিনাক ছমাহ আৰু আনজন অভিযুক্তক দুমাহৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে৷ হাছিনাক বহিষ্কাৰ কৰাৰ পিছত এইবাৰ আদালতে কোনো গোচৰত শাস্তি প্ৰদান কৰিছে৷ হাছিনাৰ বিৰুদ্ধে যিটো ফোন কথোপকথনৰ গোচৰ ৰুজু হৈছিল, তাত এগৰাকী মহিলাৰ মাত শুনা যায় যে ‘মোৰ নামত ২৫০টা হত্যাৰ গোচৰ আছে৷ অৰ্থাৎ ২৫০টা হত্যাকাণ্ড সংঘটিত কৰাৰ অনুমতি পাইছো৷’ আৱামী লীগৰ নেতা-কৰ্মীক অত্যাচাৰ আৰু অত্যাচাৰ কৰা আৰক্ষী আৰু তদন্তকাৰীক ৰেহাই দিয়া নহ’ব বুলিও তাই কোৱা শুনা যায়৷ মহিলাৰ কণ্ঠই শুনা যায় যে ‘এমাহত ঠাণ্ডা নাযায়’ আৰু আৱামী লীগৰ নেতা-সমৰ্থকক হত্যা, অপহৰণ, প্ৰহাৰ কৰা, ঘৰ লুট কৰা বিএনপিকে ধৰি বিৰোধী দলবোৰক ৰেহাই দিয়া নহ’ব৷

সকলোৱে একে পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব৷ বুধবাৰে ন্যায়াধিকৰণৰ অধ্যক্ষ ন্যায়াধীশ গোলাম মৰ্তুজা মজুমদাৰৰ বিচাৰপীঠৰ ৰায়ৰ বিষয়ে ব্যাখ্যা কৰি মুখ্য অভিযুক্ত তাজুল ইছলামে কয় যে কণ্ঠস্বৰ শ্বেখ হাছিনাৰ৷ পৰীক্ষাত প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে এই ভাবুকি দিয়াৰ কথা পোহৰলৈ আহিছে৷ ফাইলটো AIৰ জৰিয়তে সৃষ্টি কৰা হোৱা নাছিল৷ বুধবাৰৰ শুনানিৰ সময়ত হাছিনাৰ ৰাজ্যিক অধিবক্তাগৰাকীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী নিৰ্দোষী বুলি দাবী কৰে৷ শুনানিৰ কেইঘণ্টামানৰ ভিতৰতে এই ৰায় ঘোষণা কৰে ন্যায়াধীশে৷ ইয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক ছমাহৰ কাৰাদণ্ড বিহা হৈছিল৷ প্ৰসংগক্ৰমে শ্বেখ হাছিনা আৰু আৱামি লীগে এই বিচাৰক প্ৰহসন আখ্যা দি বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে৷

Shrasti Raghuwanshi: ৰাজা ৰঘুবংশীৰ ভগ্নীৰ বিৰুদ্ধে গুৱাহাটী আৰক্ষীৰ গোচৰ ৰুজু

ডিজিটেল ডেস্ক: Shrasti Raghuwanshi কামাখ্যা মন্দিৰত নৰবলি প্ৰথা সম্পৰ্কে বিতর্কিত মন্তব্য দিয়াৰ পাছত ৰাজা ৰঘুবংশীৰ ভগ্নী  স্ৰষ্টি ৰঘুবংশীৰ বিৰুদ্ধে গুৱাহাটী আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ১৯৬(২), ২৯৯ আৰু ৩০২ ধাৰাৰ লগতে ধৰ্মীয় আৱেগত আঘাত কৰা ধাৰাত এই গোচৰ ৰুজু কৰিছে।

 স্ৰষ্টি ৰঘুবংশীয়ে কৈছিল যে কামাখ্যা মন্দিৰত নৰবলি প্ৰথা চলি আছে। তেওঁৰ এই মন্তব্যৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয়। বিভিন্ন ধৰ্মীয় সংগঠন আৰু সচেতন নাগৰিকে এই মন্তব্যৰ তীব্ৰ নিন্দা প্ৰকাশ কৰে।

এই ঘটনাৰ প্ৰেক্ষাপটত গুৱাহাটী মহানগৰ আৰক্ষীয়ে সৃষ্টি ৰঘুবংশীক সোধ – পোছৰ বাবে তলব কৰিছে। উল্লেখযোগ্য যে ৰাজা ৰঘুবংশীৰ মৃত্যুৰ ঘটনা ইতিমধ্যে চাঞ্চল্যকৰ ৰূপ লৈছে। হানিমুন উপলক্ষে মেঘালয় ভ্ৰমণৰ সময়তে হত্যাৰ বলি হোৱা ৰাজাৰ মৃত্যুক লৈ তদন্ত চলি আছে। ৰাজাৰ পত্নী সোনম কেন্দ্ৰিক একাধিক বিস্ফোৰক তথ্য ইতিমধ্যে পোহৰলৈ আহিছে।

সৃষ্টি ৰঘুবংশীয়ে তেওঁৰ মন্তব্যৰ বাবে ইতিমধ্যে ছ’চিয়েল মিডিয়াত ক্ষমা বিচাৰিছে, যদিও বিষয়টোক লৈ ৰাজহুৱা ক্ষোভ হ্ৰাস পোৱা নাই।

Rangiya: ৰঙিয়া হত্যাকাণ্ড: স্বামীয়ে নৃশংসভাৱে হত্যা কৰিলে পত্নীক, পলাতক ঘাতক

ৰঙিয়া, ৩ জুলাইঃ Rangiya ৰঙিয়াৰ মূৰাৰা অঞ্চলত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। নিজ পত্নীক হানি-খুচি হত্যা কৰি পলায়ন কৰিছে এগৰাকী স্বামীয়ে। মৃত মহিলাগৰাকীৰ নাম অঞ্জলি সিং বুলি চিনাক্ত কৰা হৈছে।

উল্লেখযোগ্য যে, অঞ্জলি সিঙৰ স্বামী ৰাহুল কুমাৰ সিং ৰঙিয়াৰ কেন্দুকোনা ৰেল ষ্টেচনত ষ্টেচন মাষ্টাৰ হিচাপে কৰ্মৰত আছিল। ঘটনা অনুসৰি, বুধবাৰৰ মাজনিশা ৰাহুল কুমাৰ সিং আৰু অঞ্জলি সিঙৰ মাজত হৈছিল কাজিয়া, যাৰ পৰিণতিত স্বামীয়ে নৃশংসভাৱে পত্নীক হত্যা কৰে।

বিশেষভাৱে উল্লেখযোগ্য যে, হত্যাকাণ্ডৰ সময়ত দম্পতীজনৰ ২ বছৰীয়া আৰু ৫ বছৰীয়া দুই পুত্ৰ উপস্থিত আছিল। মাতৃৰ হত্যাৰ দৃশ্য দেখি আতংকিত হৈ কান্দিবলৈ আৰম্ভ কৰে শিশুদ্বয়ে। শিশুৰ কান্দোন শুনি ঘৰখনৰ গৰাকী আগবাঢ়ি আহে। এই সুযোগত ৰাহুলে এটি সন্তান লৈ পলায়নৰ চেষ্টা কৰে।

তথাপিও, অট্টালিকাটোৰ সন্মুখৰ গেটত তলা লাগি থকাৰ বাবে ৰাহুলে পলাব নোৱাৰে। পাছত সন্তানটোক গেটৰ ওচৰত এৰি, গেটৰ ওপৰেৰে ৰাহুলে পলায়ন কৰে।

অঞ্জলি সিঙৰ মৃতদেহ ভাড়াঘৰৰ মজিয়াত তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ কৰা হয়। বৰ্তমানলৈ হত্যাকাণ্ডৰ স্পষ্ট কাৰণ জানিব পৰা হোৱা নাই। ঘটনাৰ পিছত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। লগতে হত্যাকাৰী ৰাহুল কুমাৰ সিঙৰ সন্ধানত অভিযান চলাইছে আৰক্ষীয়ে। ঘটনাটোৱে সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Rimpi buragohain: আমেৰিকাত সোণৰ পদক অৰ্জন অসম সন্তান ৰিম্পী বুঢ়াগোহাঁইৰ

Rimpi buragohain: আমেৰিকাত সোণৰ পদক অৰ্জন অসম সন্তান ৰিম্পী বুঢ়াগোহাঁইৰ
Rimpi buragohain: আমেৰিকাত সোণৰ পদক অৰ্জন অসম সন্তান ৰিম্পী বুঢ়াগোহাঁইৰ

আমেৰিকাত লং জাম্পত সোণৰ পদক অৰ্জন অসম সন্তান ৰিম্পী বুঢ়াগোহাঁইৰ।(Rimpi buragohain)

WORLD POLICE MEETৰ প্ৰতিযোগিতাত এই সাফল্য এথলীট ৰিম্পীৰ।

শিৱসাগৰ জিলাৰ মৌজাৰ পুনিবিল গোহাঁই গাঁৱৰ নিৱাসী ভৰত বুঢ়াগোহাঁই কন্যা ৰিম্পী বুঢ়াগোহাঁই।

লং জাম্পত সোণৰ পদক অৰ্জন কৰে এথলীট ৰিম্পী বুঢ়াগোহাঁইয়ে।

আলাবামাৰ বাৰ্মিংহাম চহৰত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা।

২৭ জুনৰ পৰা ৬ জুলাইলৈ অনুষ্ঠিত হ’ব ৱৰ্ল্ড পুলিচ এথলেটিকছ চেম্পিয়নশ্বিপ।

অসম ৰাইফলছৰ হৈ প্ৰতিযোগিতাত নামিছিল ৰিম্পী বুঢ়াগোহাঁই।

Kharghuli Murder: গুৱাহাটীত ৬৯ বছৰীয়া বৃদ্ধা বন্দনা দাসৰ নৃশংস হত্যা, কেয়াৰটেকাৰ ৰাতুল দাসৰ আত্মস্বীকাৰ

গুৱাহাটী: Kharghuli Murder গুৱাহাটীৰ খাৰগুলি অঞ্চলত সংঘটিত এক ভয়ংকৰ হত্যাকাণ্ডই চহৰবাসীক আলোড়িত কৰিছে। ৬৯ বছৰীয়া বৃদ্ধা বন্দনা দাসক নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ স্বীকাৰ কৰিছে তেওঁৰ কেয়াৰটেকাৰে। আৰক্ষীৰ তদন্তত উদ্ঘাটিত হয় যে ৰাতুল দাস নামৰ কেয়াৰটেকাৰজনে এই ভয়ংকৰ অপৰাধ সংঘটিত কৰাৰ কথা স্বীকাৰ কৰিছে।

স্বীকাৰোক্তিৰ আধাৰত, ৰাতুল দাসে জানিবলৈ দিয়ে যে, বন্দনা দাসৰ পৰা মানসিক আৰু মৌখিক অপমান সহ্য কৰি তেওঁ মানসিকভাৱে ক্ষুব্ধ হৈছিল। বন্দনাই প্ৰায়েই তেওঁৰ আৰু তেওঁৰ পৰিয়ালৰ বিষয়ে অপমানজনক ভাষা ব্যৱহাৰ কৰিছিল বুলি অভিযোগ কৰে ৰাতুলে। তেওঁ কোৱাৰ মতে, বন্দনাই তেওঁৰ শিশু সন্তানৰ বিষয়ে অপমানজনক কথা কোৱাটো তেওঁ আটাইতকৈ অপমানজনক বুলি অনুভৱ কৰিছিল। এই সকলোয়ে তেওঁৰ মনত দীৰ্ঘদিন ধৰি ক্ষোভ সৃষ্টি কৰি ৰাখিছিল।

অপৰাধ সংঘটিত হোৱাৰ নিশা, ৰাতুলে মদ্যপান কৰি ঘৰলৈ উভতি আহে। মাদকৰ প্ৰভাৱত থকা অৱস্থাত আৰু মানসিক উত্তেজনাত তেওঁ নিয়ন্ত্ৰণ হেৰুৱাই বিভীষিকাময় এক কাণ্ড ঘটায়। আৰক্ষীৰ জিজ্ঞাসাবাদত ৰতুলে জানিবলৈ দিয়ে যে, তেওঁ প্ৰথমে বৃদ্ধাক গলাচেপি হত্যাকাৰ্য সম্পন্ন কৰে আৰু তাৰ পিছতেই কাঁচি ব্যৱহাৰ কৰি গলত গভীৰ আঘাত দিয়ে।

ঘটনাৰ পাছত পুৱা বন্দনা দাসৰ মৃতদেহ তেওঁৰ ঘৰতে উদ্ধাৰ হয়। তেওঁৰ কোঠাৰ দুৱাৰ খোলা অৱস্থাত পোৱা গৈছিল, যাৰ ফলত প্ৰথমতে আৰক্ষীয়ে সন্দেহ কৰে যে, হত্যাকাণ্ডত কোনো ঘনিষ্ঠ ব্যক্তি জড়িত হ’ব পাৰে।

আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ পিছতে দুই কেয়াৰটেকাৰ—ৰাতুল দাস আৰু কুঞ্জলতা দাসক সোধ-পোছৰ বাবে আটক কৰে। ইয়াৰ পিছতে ৰাতুলে হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰে।

Foods to Avoid in Sawan: শাওণ মাহত নাখাব এইসমূহ বস্তু, নহ’লে স্বাস্থ্যৰ ওপৰত পৰিব বেয়া প্ৰভাৱ !

Foods to Avoid in Sawan: শাওণ মাহত নাখাব এইসমূহ বস্তু, নহ'লে স্বাস্থ্যৰ ওপৰত পৰিব বেয়া প্ৰভাৱ !
Foods to Avoid in Sawan: শাওণ মাহত নাখাব এইসমূহ বস্তু, নহ'লে স্বাস্থ্যৰ ওপৰত পৰিব বেয়া প্ৰভাৱ !

শাওণ মাহটো ভোলানাথৰ বিশেষ মাহ (Foods to Avoid in Sawan) বুলি গণ্য কৰা হয়। বয়োজ্যেষ্ঠসকলে প্ৰায়ে কয় যে এই মাহত কিছুমান খাদ্য খাব নালাগে। কেৱল ধৰ্মীয় কৰাণে নহয়, বৈজ্ঞানিক কাৰণো আছে।

শাওণ মাহত বতৰৰ বহুতে পৰিৱৰ্তন হয়। শাওণ মাহত মানুহৰ জীৱনশৈলীৰ লগতে খাদ্যাভ্যাসও সলনি হয়। শাওণ মাহত কি কি খাব নালাগে জানো আহক-

শাওণত গাখীৰৰ সামগ্ৰী নাখাব। কাৰণ মাটিত থকা বেছিভাগ পোকৰ সংক্ৰমণ ঘাঁহ বা সেউজীয়া বস্তুত বিয়পে। ঘাঁহবোৰ গৰু বা ম’হে খায় আৰু সেই গাখীৰ আমাৰ ঘৰলৈ আহে, যিটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। দৈ খাব নালাগে কাৰণ বৰ্তমান পৰিৱেশত আৰ্দ্ৰতা আৰু বীজাণু বাঢ়িছে, যাৰ ফলত ক্ষতিকাৰক বেক্টেৰিয়া বাঢ়ি যায়। ইয়াৰ উপৰিও দৈ ঠাণ্ডা, যাৰ বাবে ঠাণ্ডা আৰু কাহৰ ভয়ও দেখা যায়।

আয়ুৰ্বেদৰ মতে বৰষুণৰ বাবে মানুহৰ পাচনতন্ত্ৰ দুৰ্বল হৈ পৰে। আনহাতে নহৰু আৰু পিঁয়াজৰ প্ৰকৃতি গৰম, গতিকে শাওণত নহৰু আৰু পিয়াজ খোৱাৰ ফলত পেট ফুলা, গেছ আৰু বদহজমৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে।

আনহাতে শাওণত বেঙেনা খাব নালাগে। শাওণত বেঙেনাত পোক-পৰুৱা যথেষ্ট বৃদ্ধি পায়, যাৰ ফলত সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।

শাওণত সেউজীয়া পাতৰ পাচলিও খাব নালাগে, কাৰণ এই বতৰত মাটিত থকা বেছিভাগ পোক-পৰুৱা ওপৰলৈ আহি সেউজীয়া পাতৰ শাক-পাচলি নষ্ট কৰি পেলায়, যাৰ বাবে ভাইৰাছ সংক্ৰমণৰ আশংকা বৃদ্ধি পোৱাৰ আশংকা থাকে।

গতিকে শাওণ মাহত এইসমূহ খাদ্য খাব নালাগে।

Pankaj Pathak: কাণত ধৰাই ক্ষমা খোজোৱা ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়া, পংকজ পাঠকক বীৰ লাচিত সেনাৰ সমৰ্থন

ডিজিটেল ডেস্ক: Pankaj Pathak গোৱালপাৰাত পংকজ পাঠকৰ সৈতে সংঘটিত কাণ্ডে ৰাজ্যজুৰি সৃষ্টি কৰিছে প্ৰতিক্ৰিয়া। এক শিৱিৰত সংঘটিত অপ্ৰীতিকৰ ঘটনাত পংকজ পাঠকক কাণত ধৰাই ক্ষমা বিচাৰিবলৈ বাধ্য কৰা দৃশ্য ভাইৰেল হোৱাৰ পাছত এই বিষয়টোৱে নতুন মোড় লৈছে।

ঘটনাটোৰ পাছতে পংকজ পাঠকে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত এটি বিশেষ মন্তব্য কৰি কয়, “মই জীয়াই আছোঁ ৰাইজ”। লগতে তেওঁ ঘোষণা কৰে যে কাইলৈ কোকৰাঝাৰত তেওঁ উপস্থিত থাকিব কেম্পৰ বাবে।

এই ঘটনাৰ প্ৰেক্ষাপটত পংকজ পাঠকক সমৰ্থন আগবঢ়াইছে বীৰ লাচিত সেনা। সংগঠনটোৰ কামৰূপ জিলা সমিতিৰ মুখ্য সচিব বিকাশ অসমে স্পষ্টভাৱে কয় —
“জাতি তথা ৰাইজৰ বাবে কাম কৰা কোনো অসমীয়াক কোনেও হাত নলগাব। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসম পুলিচৰ হস্তক্ষেপ বিচাৰিছোঁ। কাৰো কুচক্ৰান্ত নচলিব। এজন অসমীয়াৰ হিচাপে পংকজ পাঠকৰ সৈতে আছোঁ।”

এই মন্তব্যৰ পাছত বহু অসমীয়াই সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। পংকজ পাঠকৰ সৈতে হোৱা আচৰণ শোভন নহয় বুলি একাংশে মন্তব্য জনাইছে, আনহাতে আন কিছুয়ে বিষয়টোক লঘুভাৱে ল’বলৈ আহ্বান জনাইছে।