Home Blog Page 13

বিজেপিৰ টিকটৰ পৰা বঞ্চিত একাধিক নেতা, দলীয় মহলত চৰ্চা তীব্ৰ ।

বিজেপিৰ টিকটৰ পৰা বঞ্চিত একাধিক নেতা, দলীয় মহলত চৰ্চা তীব্ৰ ।
বিজেপিৰ টিকটৰ পৰা বঞ্চিত একাধিক নেতা, দলীয় মহলত চৰ্চা তীব্ৰ ।

অসম বিধানসভা নিৰ্বাচনৰ প্ৰাক্কালে ভাৰতীয় জনতা পাৰ্টী (বিজেপি)-এ প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পাছতেই একাংশ আগশাৰীৰ নেতাক টিকট নিদিয়াৰ বিষয়টো লৈ দলীয় মহলত তীব্ৰ প্ৰতিক্ৰিয়া দেখা গৈছে।

এইবাৰ দলৰ পৰা টিকট নাপোৱা নেতাসকলৰ ভিতৰত উল্লেখযোগ্য হৈছে দিছপুৰ সমষ্টিৰ অতুল বৰা, বিজনীৰ অজয় ৰায়, পূব গুৱাহাটীৰ সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু হোজাইৰ ৰামকৃষ্ণ ঘোষ। আনহাতে, বিহপুৰীয়াৰ অমিয় কুমাৰ ভূঞা, বিহালীৰ দিগন্ত ঘাটোৱাল আৰু হাফলঙৰ নন্দিতা গাৰ্লোছাও এই তালিকাত অন্তৰ্ভুক্ত।

বৰাক উপত্যকাৰ শিলচৰৰ দ্বীপায়ন চক্ৰৱৰ্তী, ঢলাইৰ নিহাৰ ৰঞ্জন দাস আৰু উদাৰবন্দৰ মিহিৰকান্তি সোমেও এইবাৰ দলৰ পৰা মনোনয়ন লাভ নকৰা বুলি জানিব পৰা গৈছে।

ইয়াৰ লগতে পলাশবাৰীৰ হেমাংগ ঠাকুৰীয়া, হাজোৰ সুমন হৰিপ্ৰিয়া, বোকাজানৰ ডাঃ নোমল মমিন আৰু ডিফুৰ বিদ্যাছিং ইংলেংকো টিকট নিদিয়াৰ সিদ্ধান্ত লোৱা হৈছে।

চাবুৱা সমষ্টিৰ পোনাকণ বৰুৱা, দেৰগাঁৱৰ ভবেন ভৰালী, বিশ্বনাথৰ প্রমোদ বৰঠাকুৰ আৰু বৰচলাৰ গণেশ লিম্বুও এইবাৰ বঞ্চিত হৈছে। লগতে হাওৰাঘাটৰ দৰছিং ৰংহাং আৰু বৈঠালাংছৰ ৰূপসিং তেৰণেও টিকট লাভ নকৰিলে।

বিজেপিৰ এই সিদ্ধান্তক কেন্দ্ৰ কৰি ৰাজ্যজুৰি ৰাজনৈতিক চৰ্চা তীব্ৰ হৈ পৰিছে। বহুতে এই সিদ্ধান্তক দলৰ কৌশলগত পদক্ষেপ বুলি বিবেচনা কৰিছে যদিও আনফালে বঞ্চিত নেতাসকলৰ সমৰ্থকসকলৰ মাজত অসন্তোষৰ সুৰো শুনা গৈছে।

আহি থকা দিনসমূহত এই বিষয়টোয়ে ৰাজ্যৰ ৰাজনীতিত কেনেধৰণৰ প্ৰভাৱ পেলায় সেয়া লক্ষণীয় হ’ব।

বিশ্বনাথত অসম গন পৰিষদৰ কৰ্মীৰ সামূহিক পদত্যাগঃ পদত্যাগ বিশ্বনাথ সমষ্টি অসম গন পৰিষদৰ নেতা বসন্ত মহানন্দৰ

বিশ্বনাথত অসম গন পৰিষদৰ কৰ্মীৰ সামূহিক পদত্যাগঃ পদত্যাগ বিশ্বনাথ সমষ্টি অসম গন পৰিষদৰ নেতা বসন্ত মহানন্দৰ
বিশ্বনাথত অসম গন পৰিষদৰ কৰ্মীৰ সামূহিক পদত্যাগঃ পদত্যাগ বিশ্বনাথ সমষ্টি অসম গন পৰিষদৰ নেতা বসন্ত মহানন্দৰ

বিশ্বনাথত শক্তিশালী গনভিক্তি থকা অসম গন পৰিষদ শূন্যতা হোৱাৰ দিশে ৷ বিজেপিৰ মিত্ৰজোঁটত থকা অসম গন পৰিষদ বিশ্বনাথত এতিয়া বিধ্বস্ত ৷ মিত্ৰজোঁটত থাকিও অৱহেলিত বিশ্বনাথৰ অসম গন পৰিষদৰ কৰ্মীসকল ৷ আদৰ্শগতভাবে ৰাজহাড় বিহীন হৈ পৰা অসম গন পৰিষদ কৰ্মী সকল উপায়বিহীন হৈ সংগোপনে যোগদান কৰিছে বিজেপিত ৷ ইয়াৰ বিপৰীতে একাংশই অসম গন পৰিষদৰ আদৰ্শৰ ওপৰত বিশ্বাস আস্থা আৰু আনুগত্য প্ৰকাশ কৰি এতিয়াও জীয়াই ৰাখিছে জাতীয়তাবাদীৰ আঞ্চলিক ৰাজনৈতিক ভাৱধাৰা ৷ কিন্তু কিমান দিনলৈ ? ৰাজনৈতিকভাবে অগপ নিঃশেষ হোৱা বুলি বিশ্বনাথৰ বৰপথাৰ পঞ্চায়তৰ অন্তৰ্গত মাজুলিগড় চাহ বাগিছাৰ মুণ্ডালাইনত আয়োজিত অগপৰ কৰ্মী সকলৰ মাজত হোৱা সভাত বিষয়টোৱে বিশেষভাবে চৰ্চিত ৷ ইয়াৰ উপৰিও আদিবাসী চাহ জনগোষ্ঠীৰ বিভিন্ন ধৰনৰ জ্বলন্ত সমস্যা তথা দাবী সমুহৰ ওপৰত বিজেপিয়ে ঠগ প্ৰবঞ্চনা প্ৰতাৰনা কৰা কাৰ্যকো সহজ ৰূপে মানি লব পৰা নাই বিশ্বনাথৰ বৰপথাৰৰ আদিবাসী চাহ জনগোষ্ঠীৰ অসম গন পৰিষদৰ কৰ্মীসকল ৷

আনকি বিশ্বনাথৰ অগপৰ কৰ্মী সকলক নিম্নতম সা-সুবিধাৰ পৰাও বঞ্চিত কৰা হল বুলি অভিযোগ উথাপন কৰিছে একাংশ অগপৰ কৰ্মী ৷ আনকি আদিবাসী সকলৰ লগতে নদুবাৰ বাসী ৰাইজৰ ভোটত জয়লাভ কৰা এসময়ৰ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই মন্ত্ৰীত্ব লাভৰ বাবে বিশ্বনাথৰ সাধাৰুৰ দুই আদিবাসী যুৱক ৰাজু মুণ্ডা আৰু পুষ্প গোৱালাক ৰাজনৈতিক লাভালাভৰ বাবে হত্যা কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি সামাজিক মাধ্যমত অভিযোগ উথথাপিত হৈছে ৷ এই অভিযোগ খোদ উথথাপন কৰিছে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ একালৰ ঘনিষ্ঠ প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ মানৱ হাজৰিকাই ৷ এই হত্যাকাণ্ডৰ লগত জড়িত সমস্ত ঘটনা সমুহ পুংখানুপুংখভাবে ঠিকাদাৰ মানৱ হাজৰিকাই অৱগত কৰা তথা অসম জুৰি উক্ত বিষয়ৰ ওপৰত চৰ্চা হোৱাৰ পাছতো বিধায়ক পদ্ম হাজৰিকাৰ ওপৰত চৰকাৰে কোনো ধৰনৰ ব্যৱস্থা গ্ৰহন কৰা নাই বুলি ক্ষোভ প্ৰকাশ কৰে অগপৰ প্ৰাক্তন মন্ত্ৰী প্ৰবীন হাজৰিকাৰ ঘনিষ্ঠ বিশ্বনাথ সমষ্টি যুৱ পৰিষদৰ সম্পাদক তথা চাহ গোষ্ঠীয় নেতা বসন্ত মহানন্দই ৷ চাহ শ্ৰমিক সকলৰ বাবে দৰমহা বৃদ্ধি কৰিব নোৱাৰা , মাটি পট্টা প্ৰদানৰ নামত ভোকোভাওনা কৰা , জনজাতিকৰন কৰিব নোৱাৰা বিজেপি চৰকাৰৰ কামকাজৰ ওপৰত ক্ষোৰধাৰ সমালোচনা কৰে মহানন্দই ৷

আনকি চাহ জনগোষ্ঠী আদিবাসীৰ বাবে সাংবিধানিক ন্যায় অধিকাৰৰ বাবে গুৱাহাটীৰ বেলতলাত আদিবাসীৰ ওপৰত সংঘটিত হোৱা আক্ৰমণৰ ঘটনাৰ ওপৰতো চিবিআইৰ দ্বাৰা তদন্ত কৰা নহল বুলি সদৰি কৰে বসন্ত মহানন্দই ৷ আনকি সেই বৰ্বৰ ঘটনাৰ নিৰ্যাতিতা লক্ষ্মী ওৰাংৰ ন্যায়ৰ বাবে এতিয়াও উপেক্ষিত হৈ ৰল বুলি উল্লেখ কৰে নেতা গৰাকীয়ে ৷ এই সমস্ত ঘটনা পৰিঘটনাৰ লগতে অগপৰ নেতৃত্ব নিমাত ৷ অসমৰ জনগনৰ অধিকাৰ আৰু স্বাৰ্থ সুৰক্ষিত কৰা , আঞ্চলিক ভিক্তিত দাবী সমস্যাৰাজীৰ লগতে অসমৰ বৃহত্তৰ স্বাৰ্থত মুল দাবী সমুহক লৈ গঢ় লৈ উঠা ৰাজনৈতিক দল অসম গন পৰিষদে আনকি আদিবাসী চাহ জনগোষ্ঠীৰ জ্বলন্ত সমস্যাৰাজিৰ ওপৰতো মাত মতা দেখা নগল বুলি মতপোষণ কৰে বিশ্বনাথৰ অগপৰ চাহ জনগোষ্ঠীৰ নেতা গৰাকীয়ে ৷ এনে কেতবোৰ কাৰণত অগপৰ কৰ্মকাণ্ডৰ ওপৰত অসন্তুষ্ট হৈ বিশ্বনাথ সমষ্টি যুৱ পৰিষদৰ সম্পাদক পদৰ পৰা পদত্যাগ কৰাৰ লগতে অগপৰ বৰপথাৰ আঞ্চলিক সমিতি . বৰপথাৰ যুৱ পৰিষদ , বৰপথাৰ মহিলা সমিতি , ৱাৰ্ড সমিতি , ভোট সমিতিৰ বিষয়ববীয়া সকলেও সামুহিকভাবে অগপ দলৰ পৰা পদত্যাগ কৰে৷

Sivasagar: বিজেপিৰ প্ৰাৰ্থী তালিকাত নাম নাই শিৱসাগৰ সমষ্টিৰ

Sivasagar: বিজেপিৰ প্ৰাৰ্থী তালিকাত নাম নাই শিৱসাগৰ সমষ্টিৰ
Sivasagar: বিজেপিৰ প্ৰাৰ্থী তালিকাত নাম নাই শিৱসাগৰ সমষ্টিৰ

বিজেপিৰ প্ৰাৰ্থী তালিকাত নাম নাই শিৱসাগৰ সমষ্টিৰ।(Sivasagar)

মিত্ৰদল অগপক বিজেপিয়ে এৰি দিছে শিৱসাগৰ সমষ্টি।

বিজেপি প্ৰাৰ্থীক বঞ্চিত কৰাত অসন্তুষ্ট শিৱসাগৰ সমষ্টিৰ বিজেপি কৰ্মী।

তালিকা প্ৰকাশৰ পিছতে টিকটৰ অন্যতম দাবীদাৰ কুশল দুৱৰীৰ নেতৃত্বত শিৱসাগৰত কৰ্মীসকলৰ সভা।

নিৰ্দলীয়ভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰে কুশল দুৱৰী।

পূৰ্বৰ থাওৰা আৰু বৰ্তমানৰ ডিমৌ সমষ্টিৰ দুবাৰকৈ বিধায়ক আছিল কুশল দুৱৰী।

নিৰ্দলীয়ভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ’লেও জয়ী হ’ব বুলি বিশ্বাসী কুশল দুৱৰী।

প্ৰদীপ হাজৰিকা কোনোপধ্যেই শিৱসাগৰ সমষ্টিত নিজিকেঃ কুশল দুৱৰী।

কাইলৈ মনোনয়ন পত্ৰ দাখিল কৰিব কুশল দুৱৰীয়ে।

বিজেপিৰ কৰ্মীৰ সমৰ্থনতে নিৰ্বাচনত অৱতীৰ্ণ হ’ব কুশল দুৱৰী।

প্ৰকাশ পালে বিজেপিৰ চূড়ান্ত প্ৰাৰ্থী তালিকাঃ চাওক সৱিশেষ

প্ৰকাশ পালে বিজেপিৰ চূড়ান্ত প্ৰাৰ্থী তালিকাঃ চাওক সৱিশেষ
প্ৰকাশ পালে বিজেপিৰ চূড়ান্ত প্ৰাৰ্থী তালিকাঃ চাওক সৱিশেষ


অসম বিধান সভা নিৰ্বাচন ২০২৬।

বিজেপিৰ চূড়ান্ত প্ৰাৰ্থী তালিকা ঘোষণা।

৮৮টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা।

দিছপুৰ সমষ্টিৰ প্ৰাৰ্থী হ’ব প্ৰদ্যুৎ বৰদলৈ।

বিজেপিৰ প্ৰাৰ্থী তালিকা লৈ গুৱাহাটীত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

বিজেপিৰ প্ৰাৰ্থী তালিকা লৈ গুৱাহাটীত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
বিজেপিৰ প্ৰাৰ্থী তালিকা লৈ গুৱাহাটীত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

বিজেপিৰ প্ৰাৰ্থী তালিকা লৈ গুৱাহাটীত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

BJPৰ প্ৰাৰ্থী তালিকা প্ৰায় চূড়ান্ত।

আজি বিজেপিয়ে ১২ বজাত আনুষ্ঠানিকভাৱে ঘোষণা কৰিব প্ৰাৰ্থী তালিকা।

বিজেপি দলৰ সম্ভাৱ্য তালিকা DB NEWSৰ হাতত

দিছপুৰ-প্রদ্যুত বৰদলৈ

পলাশবাৰী- হিমাংশু বৈশ্য

গোৰেশ্বৰ- ভিক্টৰ দাস

গুৱাহাটী মধ্য- বিজয় গুপ্তা

ডিমৰীয়া – তপন দাস

নিউ গুৱাহাটী – দিপ্লুৰঞ্জন শৰ্মা

ছিপাঝাৰ- পৰমা ৰাজবংশী

মংগলদৈ- নিলিমা দেবী

তিনিচুকীয়া- পুলক গোঁহাই

মাকুম-সঞ্জয় কিশান

লামডিং-শিবু মিশ্র

মৰিগাঁও-ৰমাকান্ত দেউৰী

বঢ়মপুৰ- জিতু গোস্বামী

নগাঁও-ৰূপক শর্মা

ৰহা-শশীকান্ত দাস

বিশ্বনাথ- পল্লব লোচন দাস

যোৰহাট-হিতেন্দ্ৰ নাথ গোস্বামী

বিজনি-অৰূপ দে’

টংলা- বিকন ডেকা

বৰচলা- ৰিতুবৰণ শৰ্মা

ৰঙিয়া- ভবেশ কলিতা

কমলপুৰ-দিগন্ত কলিতা

ডিগবৈ-সুৰেন ফুকন

ডিব্রুগড়- প্রশান্ত ফুকন

খুমটাই-মৃণাল শইকীয়া

মাহমৰা- সুৰুজ দিহিঙীয়া

নাহৰকটীয়া- তৰংগ গগৈ

টিংখং-বিমল বৰা

ডিমৌ – সুশান্ত বৰগোহাঁই

গোলাঘাট-অজন্তা নেওগ

হোজাই- শিলাদিত্য দেব

দেৰগাঁও-মৃদুল দত্ত

টিহু – চন্দ্ৰ মোহন পাটোৱাৰী

নলবাৰী – জয়ন্ত মল্ল বৰুৱা

জাগিৰোড – পিয়ূষ হাজৰিকা

জালুকবাৰী- হিমন্ত বিশ্ব শৰ্মা

চাবুৱা-লাহোৱাল – বিনোদ হাজৰিকা

BJP: বিজেপি দলৰ তালিকা DB NEWSৰ হাততঃ বিজেপিৰ ৫ গৰাকী বিধায়কৰ টিকট কৰ্তন

বিজেপি দলৰ তালিকা DB NEWSৰ হাততঃ বিজেপিৰ ৫ গৰাকী বিধায়কৰ টিকট কৰ্তন
বিজেপি দলৰ তালিকা DB NEWSৰ হাততঃ বিজেপিৰ ৫ গৰাকী বিধায়কৰ টিকট কৰ্তন

বিজেপি (BJP) দলৰ তালিকা DB NEWSৰ হাতত। ন-বিজেপি নেতা প্ৰদ্যুৎ বৰদলৈক দিছপুৰত টিকট প্ৰদান। টিকট কটা গ’ল প্ৰাক্তন ৰাজ্যিক সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ। বিজেপিৰ ৫ গৰাকী বিধায়কৰ টিকট কৰ্তন। কেইবাগৰাকীও নতুন মুখক প্ৰাধান্য আনহাতে পলাশবাৰীত টিকট লাভ হিমাংশু শেখৰ বৈশ্যৰ।

বিজেপি দলৰ তালিকা-

দিছপুৰ-প্রদ্যুত বৰদলৈ, পলাশবাৰী- হিমাংশু বৈশ্য, গোৰেশ্বৰ- ভিক্টৰ দাস, গুৱাহাটী মধ্য- বিজয় গুপ্তা, ডিমৰীয়া – তপন দাস, নিউ গুৱাহাটী – দিপ্লুৰঞ্জন শৰ্মা, ছিপাঝাৰ- পৰমা ৰাজবংশী, মংগলদৈ- নিলিমা দেবী, তিনিচুকীয়া- পুলক গোঁহাই, মাকুম-সঞ্জয় কিশান, লামডিং-শিবু মিশ্র, মৰিগাঁও-ৰমাকান্ত দেউৰী, বঢ়মপুৰ- জিতু গোস্বামী, নগাঁও-ৰূপক শর্মা, ৰহা-শশীকান্ত দাস, বিশ্বনাথ- পল্লব লোচন দাস, যোৰহাট-হিতেন্দ্ৰ নাথ গোস্বামী, বিজনি-অৰূপ দে’, টংলা- বিকন ডেকা, বৰচলা- ৰিতুবৰণ শৰ্মা, ৰঙিয়া- ভবেশ কলিতা, কমলপুৰ-দিগন্ত কলিতা, ডিগবৈ-সুৰেন ফুকন, ডিব্রুগড়- প্রশান্ত ফুকন, খুমটাই-মৃণাল শইকীয়া, মাহমৰা- সুৰুজ দিহিঙীয়া, নাহৰকটীয়া- তৰংগ গগৈ, টিংখাং-বিমল বৰা, ডিমৌ – সুশান্ত বৰগোহাঁই, গোলাঘাট-অজন্তা নেওগ, হোজাই- শিলাদিত্য দেব, দেৰগাঁও-মৃদুল দত্ত, টিহু – চন্দ্ৰ মোহন পাটোৱাৰী, নলবাৰী – জয়ন্ত মল্ল বৰুৱা, জাগিৰোড – পিয়ূষ হাজৰিকা, জালুকবাৰী- হিমন্ত বিশ্ব শৰ্মা।

আনহতে ৫ গৰাকী বিধায়কৰ টিকট কৰ্তন। টিকট কটা গ’ল বিহপুৰীয়াৰ বিধায়ক অমিয় কুমাৰ ভূঞাৰ। টিকট কটা গ’ল বিশ্বনাথৰ বিধায়ক প্রমোদ বৰঠাকুৰৰ। পলাশবাৰীৰ হেমাংগ ঠাকুৰীয়াৰ টিকট কর্তন। দিছপুৰৰ বিধায়ক অতুল বৰাৰ টিকট কর্তন। টিকট কটা গ’ল প্রাঃ ৰাজ্যিক সভাপতি সিদ্ধার্থ ভট্টাচার্যৰ।

Lurinjyoti Gogoi: ঢোলে-দগৰে সমষ্টিলৈ উষ্ম আদৰণি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈক

Lurinjyoti Gogoi: ঢোলে-দগৰে সমষ্টিলৈ উষ্ম আদৰণি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈক
Lurinjyoti Gogoi: ঢোলে-দগৰে সমষ্টিলৈ উষ্ম আদৰণি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈক

ডিব্ৰুগড় (Lurinjyoti Gogoi) বিমানবন্দৰত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈক উষ্ম আদৰণি।

কালি দলীয়ভাৱে প্ৰাৰ্থীত্ব ঘোষণা হোৱাৰ পিছতেই গুৱাহাটীৰ পৰা নিজ সমষ্টিলৈ ৰাওনা হয় গগৈ।

এই সময়তে ডিব্ৰুগড় বিমানবন্দৰত দলৰ বিষয়ববীয়া আৰু সমষ্টিৰ ৰাইজে একত্ৰিত হৈ তেওঁক উষ্ম আদৰণি জনায়।

জানিব পৰা মতে, আগন্তুক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে ৰাজনৈতিক পৰিৱেশ উত্তপ্ত হৈ পৰিছে।

লুৰিণ জ্যোতি গগৈৰ এই আগমনক কেন্দ্ৰ কৰি সমষ্টিতো নতুন উৎসাহ দেখা গৈছে।

Gas Cylinder: গেছ কেনেকৈ ৰাহি কৰিব পাৰিঃ LPGৰ নাটনিৰ সময়ত গেছ ৰাহি কৰক

Gas Cylinder: গেছ কেনেকৈ ৰাহি কৰিব পাৰিঃ LPGৰ নাটনিৰ সময়ত গেছ ৰাহি কৰক
Gas Cylinder: গেছ কেনেকৈ ৰাহি কৰিব পাৰিঃ LPGৰ নাটনিৰ সময়ত গেছ ৰাহি কৰক

মধ্যপ্ৰাচ্যত (Gas Cylinder) চলি থকা উত্তেজনামূলক পৰিস্থিতিৰ বাবে সমগ্ৰ বিশ্বতে ইন্ধনৰ নাটনি হৈছে। ইফালে ভাৰতত এল পি জি গেছৰ নাটনিৰ সন্মুখীন হৈছে। এই টিপচ্ সমূহে আপোনাক ৰন্ধা-বঢ়া কৰাৰ সময়ত ২০ৰ পৰা ৩০ শতাংশ গেছ ৰাহি কৰাত সহায় কৰিব পাৰে।

সদায় ঢাকনি দি খাদ্য ৰান্ধিব। ইয়াৰ ফলত ভাপ ওলাই নাযায় আৰু খাদ্য সোনকালে ৰান্ধিবলৈ সহায় কৰে। ইয়াৰ ফলত ১০ৰ পৰা ১৫ শতাংশ গেছ ৰাহি হ’ব পাৰে।

গেছ ৰাহি কৰিবলৈ কেৰাহীৰ সলনি প্ৰেচাৰ কুকাৰ ব্যৱহাৰ কৰিব পাৰে। প্ৰেচাৰ কুকাৰ ব্যৱহাৰ কৰি কম সময়ত মচুৰ দাইল আৰু ভাত ৰান্ধিব পাৰে। ইয়াৰ ফলত গেছৰ ৰাহি হয়।

মচুৰ দাইল সিজোৱাৰ আগতে পানীত তিয়াই থ’ব। ইয়াৰ ফলত কম গেছ ব্যৱহাৰ কৰি ৰান্ধিবলৈ সহজ হ’ব। ৰন্ধা ৫ৰ পৰা ৬ ঘণ্টাৰ আগত পানীত তিয়াই থ’ব।

গেছৰ চৌকাত থকা বাচন-বৰ্তনবোৰ সদায় শুকান কাপোৰেৰে মচিব লাগে। তিতা বাচন-বৰ্তন শুকুৱালেও গেছ খৰচ হয়। গতিকে গেছ ৰাহি কৰিবলৈ সদায় বাচন-বৰ্তন মচিব লাগে।

ফ্ৰীজৰ পৰা উলিয়াই অনা গাখীৰ বা শাক-পাচলি পোনে পোনে গেছ ষ্ট’ভত ৰাখিব নালাগে। প্ৰথমে স্বাভাৱিক উষ্ণতালৈ আহিবলৈ দিব, কিয়নো ইয়াৰ ফলত অধিক গেছ খৰচ হয়।

ৰন্ধা-বঢ়া কৰোতে প্ৰয়োজনতকৈ বেছি পানী দিব নালাগে। অতিৰিক্ত পানী বাষ্পীভৱন হ’বলৈ অধিক সময় আৰু গেছ লাগে।

এই সহজ টিপচ্ ব্যৱহাৰ কৰিও আপুনি যথেষ্ট পৰিমাণৰ গেছ ৰাহি কৰিব পাৰে। গেছৰ নাটনিৰ সময়ত শাক-পাচলি ভাপত দিয়াৰ পৰিৱৰ্তে উতলাব পাৰি। শাক-পাচলি উতলালে সময় আৰু গেছ দুয়োটা ৰাহি হ’ব।

ভৱানীপুৰ-সৰভোগ সমষ্টিত মহাজোটৰ প্ৰাৰ্থী হ’ব নেকি মনোৰঞ্জন তালুকদাৰ

ভৱানীপুৰ-সৰভোগ সমষ্টিত মহোজোটৰ প্ৰাৰ্থী হ'ব নেকি মনোৰঞ্জন তালুকদাৰ
ভৱানীপুৰ-সৰভোগ সমষ্টিত মহোজোটৰ প্ৰাৰ্থী হ'ব নেকি মনোৰঞ্জন তালুকদাৰ

সাধাৰণতে বিৰোধী দলৰ বিধায়কৰ বিৰুদ্ধে পুঁজিৰ অভাৱৰ অভিযোগ শুনা যায়, কিন্তু মনোৰঞ্জন তালুকদাৰৰ ক্ষেত্ৰত ৰাইজৰ ধাৰণা সম্পূৰ্ণ ওলোটা। ​চৰকাৰী আঁচনিসমূহ সঠিকভাৱে ৰূপায়ণ কৰাৰ লগতে বিধানসভাত সমষ্টিৰ সমস্যাসমূহ বলিষ্ঠভাৱে উত্থাপন কৰি তেওঁ এগৰাকী সফল জনপ্ৰতিনিধি হিচাপে নিজকে প্ৰমাণ কৰিছে।

বিধায়কৰ কৰ্ম কুশলতাৰ বাবেই সমষ্টিটোৰ সাধাৰণ ভোটাৰৰ মাজত এক ধাৰণা গঢ় লৈ উঠিছে যে এজন বিৰোধী বিধায়ক হৈও তেওঁ যিমান উন্নয়ন কৰিলে, সেয়া তুলনাবিহীন। সেইবাবেই ৰাইজে পুনৰবাৰ তেওঁকেই ভৱানীপুৰ-সৰভোগৰ বিধায়ক হিচাপে চাবলৈ আগ্ৰহ প্ৰকাশ কৰিছে।

এগৰাকী জনমুখী নেতা হিচাপে মনোৰঞ্জন তালুকদাৰে কেৱল নিৰ্মাণ কাৰ্যতে ক্ষান্ত থকা নাই, বৰঞ্চ প্ৰতিটো জাতি-জনগোষ্ঠীৰ সুখ-দুখৰ সমভাগী হৈ তেওঁ সৰভোগত সম্প্ৰীতিৰ পৰিবেশ বৰ্তাই ৰাখিছে। নৱগঠিত ভৱানীপুৰ-সৰভোগ সমষ্টিৰ ভৱিষ্যত ৰূপৰেখা তৈয়াৰ কৰাত তেওঁৰ এই উন্নয়নৰ ধাৰা এক মাইলৰ খুঁটি হিচাপে বিবেচিত বুলি দাবী কৰে।

ইয়েই প্ৰমাণ কৰে যে তালুকদাৰৰ এক শক্তিশালী জনভিত্তি আছে সমষ্টিত। সৰভোগৰ পৰা আমগুৰীলৈ যোৱা অতি গুৰুত্বপূৰ্ণ PWD পথটোৰ পুনৰ নিৰ্মাণ আৰু সম্প্ৰসাৰণে অঞ্চলটোৰ যাতায়ত ব্যৱস্থা সুচল কৰি তুলিছে।

নগৰৰ মূল পথৰ মাজেদি ডিভাইডৰ (Divider) নিৰ্মাণ আৰু উন্নত মানদণ্ডৰ নলা (Drainage system) নিৰ্মাণে চহৰখনক এক আধুনিক ৰূপ দিছে। ইয়াৰ ফলত বাৰিষা হোৱা কৃত্ৰিম বানপানীৰ সমস্যা বহু পৰিমাণে লাঘৱ হৈছে।

জৰুৰাম পাঠক উচ্চতৰ মাধ্যমিক বিদ্যালয় সমষ্টিটোৰ এখন ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে চৰকাৰী পুঁজিৰ সঠিক ব্যৱহাৰ কৰি বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ উন্নত কৰাত তেওঁ গুৰুত্ব দিছে।

যুৱ প্ৰজন্মক খেল-ধেমালিৰ প্ৰতি আকৰ্ষিত কৰিবলৈ তেওঁ সমষ্টিত এটা সুসজ্জিত ষ্টেডিয়ামৰ কাম হাতত লৈছে, যিয়ে স্থানীয় খেলুৱৈসকলক উৎসাহিত কৰিছে।

সুধাকণ্ঠ ভূপেন হাজৰিকা আৰু জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি তেওঁ সমষ্টিটোত এক সুস্থ সাংস্কৃতিক পৰিৱেশ গঢ়ি তুলিবলৈ চেষ্টা কৰিছে। ইয়াৰ দ্বাৰা নতুন প্ৰজন্মৰ মাজত কলা-সংস্কৃতিৰ প্ৰতি ধাউতি বৃদ্ধি পোৱাটো নিশ্চিত বুলি দাবী কৰে ৰাইজে।

আনুষ্ঠানিকভাৱে বিজেপিত যোগদান প্ৰদ্যুৎ বৰদলৈৰঃ মুখ্যমন্ত্ৰীৰ বাসভৱনত যোগদান বৰদলৈৰ

আনুষ্ঠানিকভাৱে বিজেপিত যোগদান প্ৰদ্যুৎ বৰদলৈৰঃ মুখ্যমন্ত্ৰীৰ বাসভৱনত যোগদান বৰদলৈৰ
আনুষ্ঠানিকভাৱে বিজেপিত যোগদান প্ৰদ্যুৎ বৰদলৈৰঃ মুখ্যমন্ত্ৰীৰ বাসভৱনত যোগদান বৰদলৈৰ

গেৰুৱা বসন পিন্ধিলে প্ৰদ্যুৎ বৰদলৈয়ে।

আজি আনুষ্ঠানিকভাৱে গেৰুৱা বসন পিন্ধিলে প্ৰদ্যুৎ বৰদলৈয়ে।

দিল্লীত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান।

নতুন দিল্লীৰ মুখ্যমন্ত্ৰীৰ বাসভৱনত বিজেপিত যোগদান বৰদলৈৰ।

দিলীপ শইকীয়া, হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত যোগদান প্ৰদ্যুৎ বৰদলৈৰ।

যোগদানৰ পূৰ্বে কংগ্ৰেছৰ ভিতৰত আতিশয্য পোৱাৰ কথা স্বীকাৰ প্ৰদ্যুৎ বৰদলৈৰ। কংগ্ৰেছ দলত ইতিকিঙৰো সন্মুখীন হৈছিল প্ৰদ্যুৎ বৰদলৈ। দলৰ ভিতৰত অকলশৰীয়া হৈ পৰিছিল সাংসদগৰাকী। বিজেপিত যোগদানৰ পূৰ্বে এই বিস্ফোৰক মন্তব্য প্ৰদ্যুৎ বৰদলৈৰ।