Home Blog Page 130

India To Launch 52 Satellites: মহাকাশলৈ ৫২টা সামৰিক উপগ্ৰহ প্ৰেৰণ

India To Launch 52 Satellites: মহাকাশলৈ ৫২টা সামৰিক উপগ্ৰহ প্ৰেৰণ
India To Launch 52 Satellites: মহাকাশলৈ ৫২টা সামৰিক উপগ্ৰহ প্ৰেৰণ

অপাৰেচন সিন্দূৰৰ পিছত(India To Launch 52 Satellites)চুবুৰীয়া দুয়োখন দেশৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে ভাৰতে৷ চীন আৰু পাকিস্তানৰ গতিবিধিৰ ওপৰত ২৪ ঘণ্টাই নজৰ ৰাখিবলৈ ৫২টা সামৰিক উপগ্ৰহ বা কৃত্ৰিম উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা বছৰৰ অক্টোবৰ মাহত এই প্ৰকল্পত অনুমোদন জনাইছিল৷ এই প্ৰকল্পৰ আনুমানিক ব্যয় হ’ব ২৬,৯৬৮ কোটি টকা৷ জানিব পৰা মতে ২০২৬ চনৰ এপ্ৰিল মাহৰ ভিতৰত প্ৰথমটো উপগ্ৰহ উৎক্ষেপণ কৰা হ’ব৷ ২০২৯ চনৰ ভিতৰত ৫২টা উপগ্ৰহ নিম্ন পৃথিৱীৰ কক্ষপথত স্থাপন কৰা হ’ব৷ ৫২টা উপগ্ৰহৰ ভিতৰত ২১টা উপগ্ৰহ নিৰ্মাণ কৰিব ইছৰোৱে৷ বাকী ৩১টা উপগ্ৰহ তিনিটা ব্যক্তিগত কোম্পানীক প্ৰদান কৰা হৈছে৷

প্ৰতিৰক্ষা মহাকাশ সংস্থাক সমগ্ৰ প্ৰকল্পটো ৰূপায়ণৰ দায়িত্ব দিয়া হৈছে৷ দাবী কৰা হৈছে যে এই অত্যাধুনিক উপগ্ৰহটোৱে চীন আৰু পাকিস্তানৰ লগতে ভাৰত মহাসাগৰৰ এক বৃহৎ অংশৰ ওপৰত অহৰহ তীক্ষ্ণ দৃষ্টি ৰাখিব৷ এই উপগ্ৰহসমূহে কম সময়ৰ ভিতৰতে নিৰ্দিষ্ট স্থানৰ একাধিক ছবি প্ৰেৰণ কৰিব৷ ছবিবোৰৰ মানদণ্ডও আগৰ তুলনাত ভাল হ’ব৷ এই উপগ্ৰহসমূহ সামৰিক বাহিনীক অত্যাধুনিক প্ৰযুক্তিৰ ওপৰত অধিক নিৰ্ভৰশীল কৰি তোলাতো অতি উপযোগী হ’ব৷

৭ মে’ৰ পৰা ১০ মে’লৈ পাকিস্তানৰ বিৰুদ্ধে অপাৰেচন সিন্দূৰৰ সময়ত ভাৰতে পাকিস্তানী সেনাৰ গতিবিধি নিৰীক্ষণ কৰিবলৈ কাৰ্ট’ছেটৰ দৰে ঘৰুৱা উপগ্ৰহ আৰু বিদেশী বাণিজ্যিক উপগ্ৰহ ব্যৱহাৰ কৰিছিল৷ আনহাতে পাকিস্তানক এই যুদ্ধত সহায় কৰিবলৈ কেৱল অস্ত্ৰ-শস্ত্ৰই নহয় চীনৰ উপগ্ৰহৰ পৰাও তথ্য দিয়া হৈছিল৷ এনে পৰিস্থিতিত এই ৫২টা উপগ্ৰহ মহাকাশলৈ উৎক্ষেপণ কৰাটো ভাৰতৰ বাবে যুদ্ধক্ষেত্ৰত অধিক স্বাৱলম্বী হোৱাৰ এক বৃহৎ সফলতা বুলি বিবেচিত হৈছে৷

Religious conflict: প্ৰসংগঃ ধৰ্মীয় সংঘাত, এইখন সমন্বয়ৰ অসম, শংকৰ-আজান, মা কামাখ্যাৰ অসম

Religious conflict: প্ৰসংগঃ ধৰ্মীয় সংঘাত, এইখন সমন্বয়ৰ অসম, শংকৰ-আজান, মা কামাখ্যাৰ অসম
Religious conflict: প্ৰসংগঃ ধৰ্মীয় সংঘাত, এইখন সমন্বয়ৰ অসম, শংকৰ-আজান, মা কামাখ্যাৰ অসম

অসমত বেছ কিছু দিনৰ পৰা বৰকৈ (Religious conflict) ধৰ্মীয় সংঘাত হ’বলৈ ধৰিছে। ধৰ্মীয় উত্তেজনাত যেন আমাৰ ৰাজ্যখনত সাতামপুৰুষীয়া শান্তি-সম্প্ৰীতিত ঘূণে ধৰিবলৈ আৰম্ভ কৰিছে। এতিয়া যেন ইটো ধৰ্মৰ মানুহে সিটো ধৰ্মৰ মানুহক ঘিন কৰিবলৈ লৈছে আৰু সন্দেহৰ চকুৰে চাইছে। আজি কেইটামান বছৰৰ আগলৈতো এনে পৰিৱেশ নাছিল, তেনে এতিয়া সেই পৰিৱেশ কিয় হ’বলৈ ধৰিছে। আমি অসমীয়া মানুহ সদায় শান্তিপ্ৰিয়, অতিথিপৰায়ণ, আন ধৰ্মৰ মানুহক উপযুক্ত সন্মান দিব পৰা এটা বৰ শক্তিশালী জাতি। পিছে এতিয়া কোনে বাৰু এই ধৰ্মবিদ্বেষৰ সূচনা কৰিলে। আমি জানো আমাৰ হিন্দু ধৰ্ম হাজাৰ হাজাৰ বছৰ পুৰণি এটা ধৰ্ম। যাক কোৱা হয় সনাতন ধৰ্ম।

এই ধৰ্মটো আজি সংকটত পৰা বুলি যেনে ধৰণে প্ৰচাৰ চলোৱা হৈছে সেই ধৰণে জানো সঁচাকৈয়ে সংকটত পৰিছে? এইটো আচলতে একাংশৰ ধৰ্মীয় উত্তেজনা বঢ়োৱা আৰু এটা ধৰ্মৰ লোকে আন এটা ধৰ্মৰ লোকক হিংসা কৰা বা সেইসকলক একেবাৰে নিঃশেষ কৰি পেলোৱাৰ এক ষড়যন্ত্ৰ কৰি এক হিংসা আৰু ঘৃণাৰ পৰিৱেশ ৰচনা কৰাৰহে কু-চক্ৰান্ত যেন অনুভৱ হৈছে। মই ভাবো আমাৰ হিন্দু ধৰ্মৰ কোনোদিন কেতিয়াও একো ক্ষতি নহয় বা কোনেও একো ক্ষতি কৰিব নোৱাৰে। এই বিশ্বাসখিনি ৰাখি আমি আমাৰ সনাতন ধৰ্মৰ কোনো ক্ষতি কৰিব যে নোৱাৰে এই কথা কিন্তু খাটাংকৈ ক’ব পাৰো । গতিকে আমি এই ২১ শতিকাত থিয় দি কিয় বাৰু ভাবিছো যে আমাৰ ধৰ্মটো কেতিয়াবা নিঃশেষ হৈ যাব বুলি। অন্ততঃ আমি হিন্দুখিনিয়ে কেতিয়াও ভাবিব নালাগে হিন্দু ধৰ্ম কেতিয়াবা আন ধৰ্মৰ ৰোষৰ বলি হ’ব। পৃথিৱীত যিমানবিলাক ধৰ্ম আছে সেই সকলোবিলাক ধৰ্মৰে এটাই মূল বাণী বা বিশ্বাস হ’ল ‘মানৱতা’, ‘সহিষ্ণুতা’। আৰু সকলো ধৰ্মৰ মানুহে এজনকে বিশ্বাস কৰে । আৰু সেইজনেই হৈছে ভগৱান। তেনে ধৰ্ম বিদ্বেষ কিয় ? অ, ভগৱানক কোনোবাই ‘আল্লা’, কোনোবাই ‘গড’ বুলি আৰাধনা কৰে। তাতে কিনো হ’ল, সকলোৱেতো এজনকে আৰাধনা কৰে। মাত্ৰ উপাসনাস্থলী বেলেগ বেলেগ। এক কথাত ক’বলৈ হ’লে মানৱীয় প্ৰেম আৰু ভগৱান সাধনাই হৈছে ধৰ্মীয় জ্ঞান।

সকলো ধৰ্মৰ মানুহে নিজৰ নিজৰ ধৰণেৰে ভগৱানক বিচাৰে। তাক লৈ মিছাই দন্দ্ব-খৰিয়াল কৰি থাকিলে কিবা লাভ হ’বগৈ নে ? বৰং দিনে দিনে বাঢ়ি থাকিব হিংসা, বিদ্বেষ, হাই-কাজিয়া। মনবোৰো ক্ৰমে গধূৰ হৈ পৰিব। আমাৰ যেনেদৰে ধৰ্মীয় আৱেগ আছে, সকলো ধৰ্মৰ লোকৰে তেনে ধৰ্মীয় আৱেগ আছে। গতিকে কোনোবাই কৰা এটা দোষৰ বাবে আমি সমগ্ৰ ধৰ্মটোকে বিদ্বেষৰ চকুৰে চোৱাটো কিমান যুক্তিসংগত ? ইমানখিনি কথা আমি নজনাকৈ থকা নাই। তথাপি এচাম স্বাৰ্থান্বেষী লোকে ধৰ্মীয় আৱেগক দোহাই দি সমাজত দিনে দিনে চলাই আহিছে হিংসা-বিদ্বেষ, বিভেদ, নানা ষড়যন্ত্ৰ। ফলত কিন্তু সমাজৰ কোনো ধৰণৰ উন্নতি হোৱা নাই। কেৱল বাঢ়িছে অসূয়া-অপ্ৰীতি, অবিশ্বাস, ঘৃণা-হিংসা আদি। আৰু ইয়াৰ সুযোগ গ্ৰহণ কৰি এচাম লোকে নানা ধৰণে মুনাফা লুটি আছে। ইয়াৰ ফলত সাধাৰণ লোকৰ দুখ-দুৰ্গতিৰ সীমা-নোহোৱা হৈ পৰিছে। সঁচাকৈয়ে এইসকল লোক প্ৰকৃত ধৰ্মপৰায়ণ লোক হয়নে ? হয়তো এওঁলোক ধৰ্মভিৰু। তেওঁলোক অতি ধাৰ্মিক হ’বলৈ গৈ নিজৰ ধৰ্মটোকে দিনে দিনে সংকীৰ্ণ কৰি গৈ আছে। সকলোৰে নিজৰ ঘৰখনৰ প্ৰতি যেনেদৰে আৱেগ জড়িত হৈ থাকে, ঠিক একেদৰে আৱেগ জড়িত হৈ থাকে নিজৰ জাতি বা ধৰ্মৰ প্ৰতি। সেয়ে আমি প্ৰতিটো ধৰ্মকে সন্মান কৰা উচিত মৰ্যাদাসহকাৰে। কিন্তু আজিৰ সময়ত আমি দেখি আহিছো অন্য এখন ওলোটা ছবি। এতিয়া চাৰিও ফালে এটা ধৰ্মৰ লোকে আন এটা ধৰ্মৰ লোকক হকে-বিহকে অপমান কৰিবলৈকে যেন সুযোগৰ অপেক্ষাতহে ৰৈ থাকে। তেনেদৰে জানো আমি শান্তি বিচাৰিলেই শান্তি আহিব ? নাহে, কেতিয়াও নাহে। কাৰণ ধৰ্মীয় আৱেগেৰে জ্বলোৱা জুইকুৰাৰ দাহন শক্তি বৰ বেয়া, ভয়াৱহ। এটা কথা কিন্তু ঠিক যে হিটলাৰে কেৱল খ্ৰীষ্টানধৰ্মীয় জাৰ্মানসকলৰ বিজয় নিচান উৰুৱাবলৈকেই ৬০ লাখ ইহুদীক হত্যা কৰিছিল। এনেদৰেই বিশ্বজুৰি পৱিত্ৰ আৰ্য ৰক্তি খ্ৰীষ্টানধৰ্মী জাৰ্মানসকলৰ বিজয় নিচান উৰুৱাবলৈকে হিটলাৰে ইহুদী ধৰ্মাৱলম্বী লোকক নৃশংসতাৰ অতল গহ্বৰলৈ ঠেলি দিছিল। কিন্তু অৱশেষত হিটলাৰেও তিলতিলকৈ মৃত্যুক আঁকোৱালি ল’ব লগা হৈছিল। হিটলাৰৰ অন্তিম মৃত্যু-যন্ত্ৰনাৰ কথা ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। এনেদৰে পৃথিৱীৰ বুকুত এনে ধৰ্মযুদ্ধৰ বহুতো বৰ্ণনা খোদিত হৈ আছে। ধৰ্ম যুদ্ধৰ নামত বহুতো ৰক্তক্ষয়ী কাৰ্য-কলাপ সংঘটিত হৈ আহিছে কিন্তু কোনো জয়ী হ’ব পৰা নাই। শেষ হোৱা নাই মানৱতা। আজিও বিশ্বত একমাত্ৰ ধৰ্মৰ নামতে গৃহযুদ্ধ চলি আছে। ইজৰাইল, পেলেষ্টাইন, ইৰাক আদি বহু দেশত অকল ধৰ্মৰ নামতে ৰক্তপাত আদি চলি আছে। এচামে অতি সন্তৰ্পণে ধৰ্মীয় আৱেগৰ জুইকুৰা জ্বলাই দি নিজৰ স্বাৰ্থ সিদ্ধিৰ লগতে এখন বৃহৎ অস্ত্ৰৰ বজাৰো চলাই আছে। ধৰ্মীয় আৱেগৰ জালত একাংশক পেলাই দি সেইসকল লোকে তেওঁলোকৰ অস্ত্ৰৰ ৰমৰমীয়া বজাৰখন খুব নিৰাপদে চলাই গৈছে। এই সকলোবিলাকৰ আঁৰত লুকাই আছে মানৱতাবিৰোধী মৌলবাদী, সন্ত্ৰাসবাদীসকলৰ ষড়যন্ত্ৰ। সন্ত্ৰাসবাদ ধ্বংস কৰিবলৈ সংকল্প লোৱা আমেৰিকায়ো কিন্তু অস্ত্ৰৰ বজাৰখন চলাই গৈ আছে। এফালে তেওঁলোকে কয় শান্তিৰ কথা আৰু আনফালে বিভিন্ন দেশত বিক্ৰী কৰি আছে অস্ত্ৰ-শস্ত্ৰ। এনেদৰে বিশ্বত শান্তি সম্ভৱ হ’ব জানো।


এতিয়া আহো ৰাজ্যৰ ৰাজনীতিলৈ। বৰ্তমান আমাৰ ৰাজ্যখনতো এতিয়া ধৰ্মৰ নাগপাশে ভালকৈয়ে মেৰিয়াই ধৰিছে। ইয়াৰ পৰা মুক্ত হোৱাটো এতিয়া প্ৰায় অসম্ভৱ যেনেই লাগিছে। কাৰণ বিগত ঈদৰ সময়ৰ পৰাই কেৰোণটোৰ আৰম্ভণি হৈছে। অৱশ্যে ইয়াৰ পূৰ্বে সাম্প্ৰদায়িক সংঘৰ্ষৰে আমাৰ অসম ভূমি কেইবাৰো কলুষিত হৈছে। সততে আমি যিবোৰ সাম্প্ৰদায়িক সমস্যাৰ মুখামুখি হৈ আহিছো, সেইবোৰ নিশ্চয় আলোচনাৰ মাধ্যমেৰে সফল পৰিসমাপ্তি ঘটাব পাৰো। কিন্তু আমি সেইবোৰ কৰিব নিবিচাৰো। প্ৰতিটো ঘটনাৰ আঁৰত থাকে একো একোটা ৰাজনীতিৰ ছাঁ। আৰু সেয়ে সমস্যাৰ সমাধান নহৈ সেয়া সৰ্বত্ৰ সহজতে বিয়পি পৰে ৰাজনৈতিক হিংসা, ধৰ্মীয় হিংসালৈ। সৌ সিদিনা এনেদৰে অামাৰ সীমামূৰীয়া জিলা ধুবুৰীত এক সাম্প্ৰদায়িক উত্তেজনাই ভয়ংকৰ ৰূপ লোৱাৰ পৰিস্থিতি হৈছিলেই। এই উত্তেজনা বিয়পি পৰিছিল মন্দিৰৰ সন্মুখত গৰুৰ মাংস থোৱাক লৈ। মন্দিৰত বা মন্দিৰৰ সমীপত যেতিয়া গো-মাংস পোৱা যাব তেতিয়া স্বাভাৱিকতে উত্তেজনাৰ সৃষ্টি হ’বই। কোনো সনাতনী হিন্দুৱে এয়া সহ্য কৰিব নোৱাৰে। আমিও নোৱাৰো। বিভিন্ন ভাষা-ভাষী, বিভিন্ন ধৰ্মাৱলম্বী লোকৰ তথা সাম্প্ৰদায়িক সম্প্ৰীতিৰ আৱাসভূমি হ’ল ধুবুৰী চহৰ। এই চহৰখনতে আছে শিখ ধৰ্মাৱলম্বী লোকসকলৰ গুৰু টেগবাহাদুৰৰ গুৰুদ্বাৰ, ঐতিহ্যবাহী পাঁচ পীৰ দৰগাহ, ইতিহাসপ্ৰসিদ্ধ নেতাই-ধুবুনীঘাট, জাগ্ৰত মা-মহামায়া মন্দিৰ আৰু প্ৰতি বছৰে অনুষ্ঠিত হৈ অহা অশোকাষ্টমী মহামেলাৰ ঐতিহ্য। এই সৰ্বধৰ্মৰ মিলনভূমি ধুবুৰী চহৰ বৰ্তমান ধৰ্মীয় উত্তেজনাত জৰ্জৰিত। স্বাধীনতাৰ পিছৰে পৰা শান্তিৰে বসবাস কৰি অহা ধুবুৰী চহৰততো কোনোদিনে সাম্প্ৰদায়িক উত্তেজনাৰ সৃষ্টি হোৱা নাছিল। তেনে এতিয়া কিয় ? নিশ্চয় ইয়াৰ অন্তৰালত কাৰোবাৰ ‘সাহসে’ ক্ৰিয়া কৰি আছে। অ, যিয়ে এনে গৰ্হিত কাৰ্য সংঘটিত কৰিছে তাক কৰায়ত্ত কৰি উপযুক্ত শাস্তি বিহি দৃষ্টান্ত দেখুৱাওক যাতে আগলৈ কোনেও এনে কাম কৰিব নোৱাৰে, কৰিবলৈ সাহস নকৰে।

আমাৰ শান্তিপূৰ্ণ অসমত কোনোবাই ধৰ্মীয় উত্তেজনা বিয়পাব সেইটো কেতিয়াও হ’ব নোৱাৰে। ইয়াক বাধা দিয়াৰ দায়িত্ব প্ৰতিজন অসমীয়াৰে। কিন্তু ইয়াৰ আঁৰত যদি নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে কোনোবাই উত্তেজনা বিয়পাবলৈ এনে গৰ্হিত কাৰ্যত লিপ্ত হৈছে তেনেহ’লে কিন্তু নিজৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰাৰ লেখীয়া কাৰ্যহে যে হ’ব ই নিশ্চত। ইয়ে হয়তো আজি কাৰোবাক সাময়িক সকাহ দিব, কিন্তু উত্তৰ প্ৰজন্মই যে ইয়াৰ ফল ভুগিব ই নিশ্চিত। যিসকলে আজি এনে উত্তেজনাৰ সৃষ্টিত ঘিউ ঢালিছে তেওঁলোকেই এদিন ভুগিব লাগিব। সিদিনা বুজিব যিদিনা হাতৰ কুঠাৰ গৈ ভৰিত পৰিব। আমাৰ অসমভূমি হ’ল মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ, হৰিদেৱ, দামোদৰদেৱৰ পুণ্যভূমি। আজানপীৰৰ জাৰি-জিকিৰৰ অমিয়া সুৰৰ সাম্প্ৰদায়িক সম্প্ৰীতিৰ ভূমি, মা কামাখ্যাৰ জাগ্ৰত পুণ্যভূমি। হয়গ্ৰীৱ মাধৱ-পোৱা মক্কাৰ দৰে মিলনৰ ঠাই এই পুণ্যভূমি অসম মাতৃৰ গাত যাতে কোনো অশুভ শক্তিয়ে তাণ্ডৱ চলাব নোৱাৰে তাৰ বাবে প্ৰতিগৰাকী সঁচা অসমীয়া সচেতন হ’বৰ হ’ল। অন্ততঃ ৰাজনৈতিক ব্যক্তিয়েই হওক বা সাধাৰণ লোকেই হওক সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই অসমৰ দৰে সমন্বয়ৰ এই পুণ্যভূমিৰ সদ্‌নাম কলুষিত নকৰিব। এইখন ‘গৰু-গাহৰি’ৰ অসম নহয়। এইখন সমন্বয়ৰ অসম।

লেখকঃ ভূপেন মহন্ত

Beef Ban Near Religious Sites: ধৰ্মীয় স্থলৰ কাষতে চলিছিল গো-মাংসৰ ব্যৱসায়, আৰক্ষীৰ জব্দ অভিযান জোৰদাৰ

গুৱাহাটী, ১ জুলাই: Beef Ban Near Religious Sites অসম ৰাজ্যজুৰি গো-মাংসৰ অবৈধ বিক্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে কঢ়িয়াই আনিছে কঠোৰ অভিযান। ৰাজ্যৰ বিভিন্ন জিলা আৰু নগৰাঞ্চলত এটাৰ পিছত এটা অভিযান চলাই আৰক্ষীয়ে বহু পৰিমাণে গো-মাংস জব্দ কৰাৰ লগতে কেইবাজনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে।

অসম গো-ৰক্ষা বিধি ২০২১ অনুসৰি, ৰাজ্যত গৰু হত্যা, গৰুৰ মাংস বিক্ৰী, সংৰক্ষণ আৰু পৰিবহন সম্পৰ্কে কঠোৰ নিয়ম প্ৰচলিত আছে। এই আইন অনুসৰি, গৰু হত্যা কৰা ব্যক্তিক ৩ বছৰৰ পৰা ৮ বছৰলৈকে কাৰাবাস আৰু ৩ লাখ টকাৰ পৰ্যন্ত জৰিমনা হ’ব পাৰে।

সাম্প্ৰতিক অভিযানবোৰৰ ভিতৰত উল্লেখযোগ্য কেইটামান ঘটনাঃ

🔹 ডিব্ৰুগড়: ডিব্ৰুগড় জিলাৰ কালিবাৰী অঞ্চলত অৱস্থিত ‘চামা’ নামৰ এখন হোটেলত গো-মাংস বিক্ৰীৰ গোচৰ পোৱা গৈছে। এই খবৰ পোৱাৰ লগে লগে আৰক্ষীয়ে হোটেলখনত অভিযান চলাই উল্লেখযোগ্য পৰিমাণৰ গো-মাংস জব্দ কৰে।

কালিবাৰীস্থিত কালী মন্দিৰৰ কাষতে অৱস্থিত হোটেলখন দীৰ্ঘদিন ধৰি অবৈধভাৱে গো-মাংস বিক্ৰী কৰি আহিছিল বুলি স্থানীয়সকলে অভিযোগ উত্থাপন কৰিছিল। এই সন্দৰ্ভত আৰক্ষীৰ তদন্ত চলি আছিল আৰু শনাক্ত কৰাৰ পিছতে অভিযান আৰম্ভ কৰা হয়।

স্থানীয় লোকে জানিবলৈ দিছে যে, হোটেলখনৰ এই কার্যকলাপে ধৰ্মীয় অনুভূতিত আঘাত লগাইছিল। বিশেষকৈ কালী মন্দিৰৰ এতিয়া কাষতে এনে অনৈতিক কাৰ্য সংঘটিত হোৱাটো সম্পূৰ্ণ অনুচিত বুলি বহুতে মন্তব্য কৰিছে।
ডিব্ৰুগড় আৰক্ষীৰ সূত্ৰে জনা মতে, হোটেলখনৰ ভিতৰত পৰা গো-মাংসৰ নমুনা পৰীক্ষালৈ প্ৰেৰণ কৰা হৈছে। তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষীয়ে সদৰী কৰিছে।

🔹 নগাঁও: এজন বেপাৰী ব্যক্তিৰ ঘৰত অভিযান চলাই ২৫ কেজি গো-মাংস উদ্ধাৰ কৰে আৰক্ষীয়ে। সেই ব্যক্তিক গ্ৰেপ্তাৰ কৰি পশু চিকিৎসালয়লৈ নমুনা পঠিওৱা হৈছে।

🔹 শিলচৰ, মঙলদৈ, ধেমাজি আৰু যোৰহাটত একে ধৰণৰ অভিযানত আৰক্ষীয়ে অৱৈধ গো-মাংস সংৰক্ষণ আৰু বিক্ৰীৰ অভিযোগত কেইবাজনো লোকক আটক কৰিছে।

অসম আৰক্ষীৰ মুখ্য অধীক্ষক (DGP) জি পি সিংহে এক টুইটযোগে জনাইছে —
“গো-ৰক্ষা আইন কঠোৰভাৱে বলৱৎ কৰা হ’ব। ধৰ্মীয় অনুভৱত আঘাত লগোৱা কাৰ্যক কোনোপধ্যে সহ্য কৰা নহ’ব।”

ৰাজ্যজুৰি এই অভিযানক লৈ সাধাৰণ ৰাইজৰ মাজত সন্তুষ্টি দেখা গৈছে। বহু গাঁও আৰু চহৰৰ ৰাইজে আৰক্ষীৰ এই পদক্ষেপৰ প্ৰশংসা কৰিছে। বিশেষকৈ ধৰ্মীয় স্থানসমূহৰ কাষত এনে কাৰ্য বন্ধ হোৱাটো লোকসকলৰ আশ্বাসজনক বুলি মত প্ৰকাশ কৰিছে।

অসম চৰকাৰ আৰু আৰক্ষী বিভাগে গো-মাংসৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে যি ধৰণৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে, তাক ধৰি আগলৈও এনে অভিযান চলি থাকিব বুলি অনুমান কৰা হৈছে।

Refugees return to Myanmar: মণিপুৰৰ পৰা ম্যানমাৰলৈ উভতিল ৫ হাজাৰৰো অধিক শৰণাৰ্থী

Refugees return to Myanmar: মণিপুৰৰ পৰা ম্যানমাৰলৈ উভতিল ৫ হাজাৰৰো অধিক শৰণাৰ্থী
Refugees return to Myanmar: মণিপুৰৰ পৰা ম্যানমাৰলৈ উভতিল ৫ হাজাৰৰো অধিক শৰণাৰ্থী

মণিপুৰৰ পৰা ম্যানমাৰলৈ (Refugees return to Myanmar) উভতি গ’ল ৫ হাজাৰৰো অধিক শৰণাৰ্থী৷ কাকত চাংহাই এক্সপ্ৰেছে দাবী কৰা মতে, মণিপুৰৰ টাংখুল নাগাপ্ৰধান কামজং জিলাত আশ্ৰয় লৈ থকা ম্যানমাৰৰ ৫ হাজাৰৰো অধিক শৰণাৰ্থীয়ে শেহতীয়াকৈ ঘৰলৈ উভতি আহিছে৷ ২৮ জুনত প্ৰকাশিত এক প্ৰতিবেদনত কাকতখনে ‘‘নিৰ্ভৰযোগ্য সূত্ৰ’’ৰ উদ্ধৃতি দি কয় যে পৰিস্থিতি ‘‘উন্নত’’ হোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰু শৰণাৰ্থীক দেশত প্ৰৱেশ কৰিবলৈ দিয়া নাই৷ অৱশ্যে কেইবাটাও আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংস্থাই এই প্ৰত্যাৱৰ্তন প্ৰক্ৰিয়াক লৈ উদ্বেগ প্ৰকাশ কৰিছে৷ ২০২৪ চনৰ মে’ মাহত আন্তঃৰাষ্ট্ৰীয় আদালতৰ আইচিজেয়ে কৈছিল যে ৭৭জন শৰণাৰ্থীক বলপূৰ্বকভাৱে ঘূৰাই অনাটোৱে আন্তঃৰাষ্ট্ৰীয় নন-ৰিফ’লেমেণ্ট নীতি উলংঘা কৰিছে৷

২০২৪ চনৰ জুন মাহত ম্যানমাৰৰ পৰা প্ৰায় ৫৪০০ লোকে কামজং জিলালৈ পলায়ন কৰে৷ ভাৰতৰ অসম ৰাইফলছৰ ডিজি প্ৰদীপ চন্দ্ৰন নাইৰে কয় যে তেওঁলোকে মূলতঃ সেনাৰ বিমান আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ সীমান্ত পাৰ হৈছিল৷ সম্প্ৰতি প্ৰায় জ্জ হাজাৰ শৰণাৰ্থীয়ে জিলাখনৰ বিভিন্ন নগা গাঁৱত আশ্ৰয় লৈছে৷ ইয়াৰে ৬ হাজাৰৰ বায়’মেট্ৰিক তথ্য সংগ্ৰহ কৰিছে ৰাজ্য চৰকাৰে৷ স্থানীয় লোকৰ পৰা পৃথকে চিনাক্ত কৰিব পৰাকৈ শৰণাৰ্থীসকলক পৰিচয় পত্ৰ প্ৰদান কৰা হৈছে৷ নামলি, ৱাংগলী, কে আছাং খুলেন, চোৰো, পিলং, ফাইকোক, হুইমিন থানা, ছাংকালক আদি গাঁৱৰ শিবিৰত বহু লোকে দিনৰ ভাগত কৃষি কামৰ বাবে গাঁৱলৈ যায় আৰু সন্ধিয়া কামজুঙলৈ উভতি যায়৷

জিলা প্ৰশাসনৰ সহায়ত আছাম ৰাইফলছ আৰু অন্যান্য সংগঠনসমূহে শৰণাৰ্থীসকলৰ পৰিচয় নিশ্চিত কৰাৰ বাবে কাম কৰি আছে৷ তদুপৰি মানৱীয় দিশটো বিবেচনা কৰি খাদ্য, বাসস্থান আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ ব্যৱস্থা কৰা হৈছে৷ মন কৰিবলগীয়া যে ২০২৩ চনৰ মে’ মাহত মণিপুৰৰ মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত হোৱা জাতিগত সংঘৰ্ষত উত্তেজনাৰ সৃষ্টি হৈছিল৷ যিহেতু কুকিসকল ম্যানমাৰৰ চীনা সম্প্ৰদায়ৰ আত্মীয়, সেয়েহে এই শৰণাৰ্থী বিষয়টোৱে সংঘাতত এক নতুন মাত্ৰা যোগ কৰিছে৷

School Summer Vacation: গ্ৰীষ্মকালীন বন্ধতো শিক্ষাৰ সংযোগ: কামৰূপ (মেট্ৰ’)-ত শিক্ষাৰ্থীসকলৰ বাবে ঘৰুৱা কামৰ নিৰ্দেশনা জাৰি

গুৱাহাটী: School Summer Vacation গ্ৰীষ্মকালীন বন্ধৰ সময়ছোৱাত বিদ্যালয়সমূহ বন্ধ থাকিলেও শিক্ষাৰ্থীসকলৰ জ্ঞান, মূল্যবোধ আৰু জীৱন দক্ষতা বিকাশৰ উদ্দেশ্যে কামৰূপ মেট্ৰ’ জিলা শিক্ষা বিভাগে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। জিলা শিক্ষা বিভাগে প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ শিক্ষাৰ্থীসকলৰ বাবে বিভিন্ন ধৰণৰ ঘৰুৱা কাম (হ’ম-এছাইনমেণ্ট) নির্ধাৰণ কৰি সংশ্লিষ্ট বিদ্যালয়সমূহক নিৰ্দেশনা প্ৰেৰণ কৰিছে।

এই ঘৰুৱা কামসমূহ শিক্ষাৰ্থীসকলৰ সৃষ্টিশীলতা, আচাৰ-ব্যৱহাৰ, পৰিয়ালকেন্দ্ৰিক মূল্যবোধ, আৰু দৈনন্দিন জীৱনমুখী দক্ষতা বৃদ্ধিত সহায় হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।

নিৰ্বাচিত কামসমূহৰ ভিতৰত উল্লেখযোগ্য কিছুমান হ’ল:

  • পিতৃৰ বংশবৃক্ষ অংকণ
  • ভাল আচাৰ-ব্যৱহাৰ সম্পৰ্কে ৰচনাত্মক লেখা
  • ককা-আইতাৰ জীৱন যাত্ৰাৰ বৰ্ণনা
  • পৰিয়ালৰ এগৰাকী সদস্যৰ সৈতে সাক্ষাৎকাৰ
  • বাতৰিৰ বুলেটিন প্ৰস্তুতকৰণ
  • অভিভাৱকৰ সহায়ত দায়িত্বৰ তালিকা নিৰ্মাণ
  • ঘৰুৱা ৰন্ধন শিকি ৰেচিপি বুক তৈয়াৰ কৰা

এই উদ্যোগৰ জৰিয়তে শিক্ষাৰ্থীসকলে ছুটীৰ সময়ছোৱাতো শিক্ষাৰ সৈতে জড়িত হৈ থাকিব, লগতে জীৱনৰ প্ৰতি দায়িত্বশীল আৰু অভিজ্ঞতা সম্পন্ন হৈ উঠিব বুলি জিলা শিক্ষা বিভাগে আশা প্ৰকাশ কৰিছে।

এই নিৰ্দেশনা ইতিমধ্যে কামৰূপ (মেট্ৰ’) জিলাৰ সকলো বিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।

Dhoni’s application to trademark ‘Captain Cool’: ধোনীয়ে কৰিলে ‘কেপ্টেইন কুল’ ৰ ট্ৰেডমাৰ্ক আবেদন,নামটো ল’বলৈ লাগিব অনুমতি!

ডিজিটেল ডেস্কঃ Dhoni’s application to trademark ‘Captain Cool’ ‘কেপ্টেইন কুল’—এই শব্দটোৱে ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ হৃদয়ত বিশেষ স্থান লাভ কৰিছে। ভাৰতীয় ক্ৰিকেটৰ ইতিহাসত অন্যতম সফল অধিনায়ক মহেন্দ্ৰ সিং ধোনীক অনুৰাগীসকলে বহুদিন ধৰি এই নামত সম্বোধন কৰি আহিছে। শান্ত, সংযমী আৰু বুদ্ধিমান নেতৃত্বৰ বাবে তেওঁ এই উপাধি লাভ কৰে। এইবাৰ ধোনীয়ে সেই প্ৰিয় নামটো লৈ আইনী সুৰক্ষা বিচাৰিছে।

ধোনীয়ে ‘কেপ্টেইন কুল’ নামটো ট্ৰেডমাৰ্ক হিচাপে ৰেজিষ্টাৰ কৰিবলৈ আবেদন দিছে। এই নামৰ ব্যৱহাৰ ক্ৰীড়া সম্পৰ্কীয় বিভিন্ন ক্ষেত্ৰত যেন বিশেষভাৱে সংৰক্ষিত থাকে—সেই উদ্দেশ্যে ধোনীৰ আইনি ব্যৱস্থা দ্বাৰা এই প্ৰক্ৰিয়া আৰম্ভ কৰা হয়। বিশেষকৈ ক্ৰীড়া প্রশিক্ষণ, ট্ৰেনিং আৰু কোচিং সংস্থাসমূহত এই নাম ব্যৱহাৰৰ অধিকাৰ ধোনীয়ে নিজৰ হাতত ৰাখিব বিচাৰে।

১৬ জুন, ২০২৫ তাৰিখে ভাৰত চৰকাৰৰ ট্ৰেডমাৰ্ক ৰেজিষ্ট্ৰি প’ৰ্টেলত ‘কেপ্টেইন কুল’ নামটোৰ ট্ৰেডমাৰ্ক স্বীকৃতি দিয়াৰ বাবে ধোনীৰ আবেদন গৃহীত হয়। সেই অনুসৰি, নামটো বৰ্তমানে চৰকাৰীভাৱে প্ৰকাশিত হৈছে ‘ট্ৰেডমাৰ্ক জাৰ্নেল’ত। এতিয়া নিয়ম অনুসৰি, অনাগত চাৰি মাহ সময়ছোৱাত যদি কোনোৱে এই নামৰ ট্ৰেডমাৰ্কক লৈ প্ৰত্যাহ্বান নজনায়, তেনেহ’লে ধোনীয়ে ‘কেপ্টেইন কুল’ নামটোৰ সম্পূৰ্ণ ট্ৰেডমাৰ্ক স্বত্ব লাভ কৰিব।

এই বিষয়ে ধোনীৰ আইনজীৱী মানসী আগৰৱালাই সংবাদমাধ্যমক জনোৱা অনুসৰি, এই ট্ৰেডমাৰ্ক লাভৰ প্ৰক্ৰিয়াটো একেবাৰে সহজ নাছিল। প্ৰাৰম্ভিক অৱস্থাত আবেদনখনৰ বিৰুদ্ধে আপত্তি উত্থাপন কৰা হৈছিল। আপত্তিৰ কাৰণ আছিল—এই নাম ব্যৱহাৰে সাধাৰণ লোকৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিব পাৰে বুলি শংকা। কিন্তু পিছত ধোনীৰ জনপ্ৰিয়তা, বিশেষকৈ দেশ-বিদেশৰ অনুৰাগীসকলৰ মাজত ‘কেপ্টেইন কুল’ নামেৰে পৰিচিত হোৱাৰ বিষয়টোৰ ভিত্তিত সেই আপত্তি উঠাই লোৱা হয়।

মানসী আগৰৱালাই কয়—“ধোনীক কেৱল ভাৰততে নহয়, বিদেশতো ‘কেপ্টেইন কুল’ বুলি চিনা যায়। এনে এটা জনপ্ৰিয় নামে লোকৰ মাজত বিভ্ৰান্তি সৃষ্টি নকৰিব বুলি আমি নিশ্চিত।”

এই সম্পূৰ্ণ আইনী প্ৰক্ৰিয়াৰ সফল পূৰ্ণতা পালে, অহা অক্টোবৰ মাহত ধোনীয়ে ট্ৰেডমাৰ্ক ৰেজিষ্ট্ৰেচনৰ সুখবৰ লাভ কৰিব পাৰে। তেতিয়া আন কোনো ব্যক্তিয়ে বা প্ৰতিষ্ঠানে ধোনীৰ অনুমতি নোলোৱাকৈ ‘কেপ্টেইন কুল’ নাম ব্যৱহাৰ কৰিব নোৱাৰিব।

এই পদক্ষেপৰ জৰিয়তে ধোনীয়ে নিজৰ ব্যক্তি-ব্ৰেণ্ডক অধিক সুদৃঢ় কৰাৰ দিশে অগ্ৰগতি কৰিছে বুলি ক্ৰীড়া মহলৰ অভিমত।

Telangana factory blast: তেলেঙ্গানাৰ ফাৰ্মা প্লান্টত ভয়ংকৰ বিস্ফোৰণ, মৃতকৰ সংখ্যা ৪৫ লৈ বৃদ্ধি

ডিজিটেল ডেস্কঃ Telangana factory blast তেলেঙ্গানাৰ সিগাচি ইণ্ডাষ্ট্ৰিজ ফাৰ্মাচিউটিকেল প্লান্টত সংঘটিত ভয়ংকৰ বিস্ফোৰণত মৃতকৰ সংখ্যা ৪৫লৈ বৃদ্ধি পাইছে। বৰ্তমান ৩৫জন বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰু ১০জনৰ অৱস্থা অতিশয় সংকটজনক বুলি জানিব পৰা গৈছে।

জিলা আৱক্ষী অধীক্ষকে কয়, ” ধ্বংসাৱশেষৰ মাজৰ পৰা এতিয়ালৈকে ৩১টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ অভিযান এতিয়াও অব্যাহত আছে।”

বিস্ফোৰণৰ সম্ভাব্য কাৰণ
প্ৰাথমিক তদন্তত প্ৰকাশ পোৱা অনুসৰি, চোমৰা ৰাসায়নিক প্ৰতিক্ৰিয়াৰ ফলত এই ভয়ংকৰ বিস্ফোৰণ ঘটিছে বুলি সন্দেহ কৰা হৈছে। যদিও, বিস্ফোৰণৰ সঠিক কাৰণ জানিবলৈ তদন্ত চলি আছে।

চৰকাৰী তৎপৰতা
তেলেঙ্গানাৰ মুখ্যমন্ত্ৰী কে. চন্দ্ৰশেখৰ ৰাৱে ঘটনাটোত গভীৰ দুঃখ প্ৰকাশ কৰে আৰু এক উচ্চ-স্তৰৰ তদন্তৰ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীৰ কন্যা আৰু বিধায়ক কে. কবিতাই আজি ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি পৰ্যালোচনা কৰে।

সিগাচি ইণ্ডাষ্ট্ৰিজ লিমিটেড
এই কোম্পানী Active Pharmaceutical Ingredients (APIs), Intermediates, Excipients, ভিটামিন-মিনাৰেল ব্লেণ্ড, আৰু Operations & Management (O&M) সেৱাৰ বাবে পৰিচিত। বৰ্তমানে ই এখন উন্নত ফাৰ্মাচিউটিকেল কোম্পানী হিচাপে বিবেচিত।

এই বিস্ফোৰণটো সাম্প্ৰতিক সময়ত তেলেঙ্গানাত সংঘটিত সৰ্ববৃহৎ দুৰ্ঘটনাসমূহৰ অন্যতম বুলি বিবেচিত হৈছে। স্থানীয় ৰাইজ আৰু কৰ্তৃপক্ষৰ মাজত গভীৰ উৎকণ্ঠা আৰু শোকৰ সৃষ্টি কৰিছে।

GSTৰ আঠ বছৰ সম্পূৰ্ণঃ অভিলেখ পৰিমাণৰ ২২ লাখ কোটি টকা সংগ্ৰহ

GSTৰ আঠ বছৰ সম্পূৰ্ণঃ অভিলেখ পৰিমাণৰ ২২ লাখ কোটি টকা সংগ্ৰহ
GSTৰ আঠ বছৰ সম্পূৰ্ণঃ অভিলেখ পৰিমাণৰ ২২ লাখ কোটি টকা সংগ্ৰহ

ভাৰতৰ সামগ্ৰী আৰু সেৱা কৰ [জিএছটি] ৰ(GST) জুলাইত আৰম্ভ হোৱাৰ আঠ বছৰ সম্পূৰ্ণ হ’ব, যিটো দেশৰ অৰ্থনৈতিক সংহতি যাত্ৰাৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব৷ পৰোক্ষ কৰৰ ঠাইত ২০১৭ চনত প্ৰৱৰ্তন কৰা জি এছ টিক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘‘নতুন ভাৰতৰ বাবে পথ সৃষ্টিকাৰী আইন’’ বুলি প্ৰশংসা কৰিছিল ৷ সময়ৰ লগে লগে এই সংস্কাৰে কৰ অনুসৰণৰ পুনৰ গঠন কৰিছে, ব্যৱসায়িক দক্ষতা বৃদ্ধি কৰিছে আৰু চৰকাৰী ৰাজহ বৃদ্ধি কৰিছে৷ ২০২৪-২৫ চনত মুঠ জি এছ টি সংগ্ৰহই অভিলেখ ২২.০৮ লাখ কোটি টকা স্পৰ্শ কৰিছিল৷ বছৰৰ পিছত বছৰ ধৰি ৯.৪ শতাংশ বৃদ্ধি পঞ্জীয়ন কৰিছিল৷ ২০২০-২১ চনত সংগ্ৰহ কৰা ১১.৩৭ লাখ কোটি টকাৰ দুগুণতকৈও অধিক৷ যেতিয়া গড় মাহিলি সংগ্ৰহ ৯৫,০০০ কোটি টকা আছিল৷ ইয়াৰ বিপৰীতে ২০২৪-২৫ চনত গড় মাহিলি পৰিসংখ্যা তীব্ৰভাৱে বৃদ্ধি পাই ১.৮৪ লাখ কোটি হৈছে, যিয়ে অৰ্থনৈতিক আনুষ্ঠানিককৰণ আৰু উন্নত অনুসৰণ দুয়োটাকে প্ৰতিফলিত কৰিছে৷ শেহতীয়াকৈ ডেলয়টৰ জিএছট জ্জ্ব শীৰ্ষক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে বিগত বছৰটো জিএছটিৰ প্ৰদৰ্শনৰ ক্ষেত্ৰত বিশেষভাৱে শক্তিশালী হৈছে৷

প্ৰতিবেদনত চৰকাৰী নেতৃত্বত সংস্কাৰ, কৰদাতাৰ বাবে স্পষ্ট নিৰ্দেশনা আৰু জি এছ টি পৰ্টেলৰ অবিৰত প্ৰযুক্তিগত উন্নীতকৰণক অভিলেখ সংগ্ৰহৰ পৰিসংখ্যাৰ মূল কাৰণ হিচাপে আঙুলিয়াই দিয়া হৈছে৷ কৰ গাঁথনিটো নিজেই সৰলতাৰ সৈতে ৰাজহৰ প্ৰয়োজনীয়তাৰ মাজত ভাৰসাম্য ৰক্ষা কৰিবলৈ ডিজাইন কৰা হৈছে৷ ভাৰতত জি এছ টিৰ হাৰ চাৰিটা প্ৰাথমিক শ্লেবত বিতৰণ কৰা হৈছে: প্ত শতাংশ, ১২ শতাংশ, ১৮ শতাংশ আৰু ২৮ শতাংশ৷ নিৰ্বাচিত ক্ষেত্ৰত বিশেষ হাৰ প্ৰযোজ্য– যেনে সোণ, ৰূপ আৰু গহনাত ৩ শতাংশ, কাটি পলিচ কৰা হীৰাত ৰ.প্ত শতাংশ আৰু ৰুক্ষ হীৰাত ঙ্ম.২৫ শতাংশ৷ ধঁপাতজাতীয় সামগ্ৰী আৰু বায়ুমণ্ডলীয় পানীয়ৰ দৰে সামগ্ৰীৰ ওপৰত আৰোপ কৰা জিএছটি ক্ষতিপূৰণ ছেছে জিএছটি পৰিৱৰ্তনৰ পিছত ৰাজহৰ ব্যৱধানৰ সন্মুখীন হোৱা ৰাজ্যসমূহক সহায় কৰি আহিছে৷ ২০১৭ চনৰ জুলাই মাহত আৰম্ভ হোৱাৰ পিছৰে পৰা সক্ৰিয় জি এছ টি পঞ্জীয়নৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে৷

২০২৫ চনৰ ৩০ এপ্ৰিলৰ ভিতৰত ১.৫১ কোটিৰ ওপৰত উপনীত হৈছে৷ এই বৃদ্ধিয়ে অধিক কৰ ভিত্তি কভাৰেজ আৰু খণ্ডসমূহৰ মাজত বৃদ্ধি পোৱা আনুষ্ঠানিককৰণ প্ৰতিফলিত কৰে৷ ইয়াৰ সমান্তৰালভাৱে দ্বৈত জি এছ টি মডেল– য’ত কেন্দ্ৰীয় জি এছ টি [চি জি এছ টি], ৰাজ্যৰ ভিতৰৰ লেনদেনৰ বাবে ৰাজ্যিক জি এছ টি [এছ জি এছ টি] আৰু আন্তঃৰাজ্যিক বাণিজ্যৰ বাবে সংহত জি এছ টি [আই জি এছ টি] অন্তৰ্ভুক্ত কৰা হৈছে– কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত ন্যায্য ৰাজহ বিতৰণ নিশ্চিত কৰিছে৷ ২০২১-২২ চনত ১৪.৮৩ লাখ কোটি টকাৰ সংগ্ৰহৰ পৰা ২০২২-২৩ চনত ১৮.০৮ লাখ কোটি আৰু ২০২৩-২৪ চনত ২০.১৮ লাখ কোটি টকালৈ জিএছটিৰ ৰাজহ ট্ৰেজেক্টৰীয়ে অনুসৰণ আৰু অৰ্থনৈতিক কাৰ্যকলাপৰ ক্ৰমাগত বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ স্বাস্থ্যসেৱা আৰু শিক্ষাকে ধৰি খণ্ড-নিৰ্দিষ্ট ৰেহাইয়ে অত্যাৱশ্যকীয় সেৱাসমূহ সুলভ কৰি ৰাখিছে৷ আনহাতে, জিএছটিএন পৰ্টেলৰ জৰিয়তে ডিজিটেল অনুসৰণে সৰু-বৰ ব্যৱসায়ীসকলৰ বাবে ফাইলিং প্ৰক্ৰিয় সৰল কৰি তুলিছে৷

Anubhav Tulsi Passes Away: অসমীয়া সাহিত্যজগতত শোক, বিশিষ্ট কবি অনুভৱ তুলসী আৰু নাই

ডিজিটেল ডেস্কঃ Anubhav Tulsi Passes Away বিশিষ্ট অসমীয়া কবি, অনুবাদক, গল্পকাৰ, চলচ্চিত্ৰ সমালোচক তথা সম্পাদক অনুভৱ তুলসী আৰু নাই। আজি পুৱা ১০টা ৫ মিনিটত গুৱাহাটীৰ জিএনআৰচি হাস্পতালত তেওঁৰ দেহাৱসান ঘটে। ষ্ট্ৰ’কৰ ফলত আইচিইউত চিকিৎসাধীন হৈ থকা অৱস্থাতে মৃত্যুবৰণ কৰে প্ৰখ্যাত সাহিত্যিক গৰাকী। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৮ বছৰ।

অনুভৱ তুলসী অসমীয়া সাহিত্যক্ষেত্ৰত এক উজ্জ্বল নাম। বিংশ শতিকাৰ অন্তিম দশকৰ পৰা সাম্প্ৰতিক সময়লৈকে অসমীয়া কবিতাৰ জগতখনত তেওঁৰ অৱদান অতুলনীয়। ১৯৮৪ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি, ১৯৮৩ চনৰ পৰা ২০১৮ চনলৈ শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ত অধ্যাপকৰূপে কৰ্মৰত আছিল।

তেওঁৰ প্ৰথম কবিতাৰ পুথিখন আছিল ‘নাজমা’, আৰু বৰ্তমানলৈকে তেওঁৰ ২০খন কবিতাৰ পুথি প্ৰকাশ পাইছে। ত্ৰিশখনতকৈ অধিক গ্ৰন্থৰ ৰচক অনুভৱ তুলসীৰ বহু কবিতা গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয় আৰু লখিমপুৰ মহাবিদ্যালয়ৰ স্নাতকোত্তৰ অসমীয়া পাঠ্যক্ৰমত অন্তৰ্ভুক্ত। অক্সফ’ৰ্ড বিশ্ববিদ্যালয়, পেংগুইন, সাহিত্য অকাডেমি, নেশ্যনেল বুক ট্ৰাষ্ট আদিৰ পৰা প্ৰকাশিত সন্মানজনক গ্ৰন্থতো তেওঁৰ কবিতা স্থান পাইছে।

তুৰস্কৰ ইস্তানবুল, গ্ৰীচৰ এথেন্স, আমেৰিকাৰ অষ্টিন, আৰু বাংলাদেশৰ ঢাকাত অনুষ্ঠিত বিভিন্ন বিশ্ব কবিতা মহোৎসৱত অংশগ্ৰহণৰ বাবে তেওঁ আমন্ত্ৰিত হৈছিল। তেওঁৰ কবিতা জাৰ্মান, ফৰাচী, হাঙ্গেৰী, উজবেক আদি ভাষালৈ অনুবাদ কৰা হৈছে।

তেওঁৰ সাহিত্যিক অৱদানৰ স্বীকৃতি হিচাপে লাভ কৰিছে *মুনীন বৰকটকী বঁটা, **কেন্দ্ৰীয় সংস্কৃতি দপ্তৰৰ জ্যেষ্ঠ ফেল’শ্বীপ, **অন্তৰ্লিপি সাহিত্য বঁটা, **সাহিত্য জ্যোতি বঁটা, **অসম সাহিত্য সভাৰ শতবৰ্ষীয়া সাহিত্য সন্মান, **অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা, *জমিৰুদ্দিন আহমদ বঁটা আদি বহুতো সন্মান।

তেওঁৰ অকাল মৃত্য়ুত অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনত এক অপূৰণীয় শূন্যতা সৃষ্টি কৰিছে।

Celebrating 200 Years of Assam Tea in New York: নিউয়ৰ্কৰ ফেন্সি ফুড শ্ব’ ২০২৫ত উজলিল অসমৰ চাহৰ বৰ্ণিল দুশ বছৰীয়া পৰিক্ৰমা

Celebrating 200 Years of Assam Tea in New York
Celebrating 200 Years of Assam Tea in New York

নিউয়ৰ্কৰ ফেন্সি ফুড শ্ব’ ২০২৫ত পুনৰ (Celebrating 200 Years of Assam Tea in New York) উজলি উঠিল অসমৰ চাহৰ বৰ্ণিল দুশ বছৰীয়া পৰিক্ৰমা৷ নিউয়ৰ্কৰ জেকব কে জাভিটছ চেণ্টাৰত অসম চৰকাৰৰ মুখ্য সচিব ৰবি কোটা আৰু নিউয়ৰ্কত থকা ভাৰতৰ কনছুল জেনেৰেল এম্বেছাদৰ বিনয়া এছ প্ৰধানে গ্ৰীষ্মকালীন ফেন্সি ফুড শ্ব’ ২০২৫ত ইণ্ডিয়া পেভিলিয়ন উদ্বোধন কৰে ৷ এক আনুষ্ঠানিক প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ পাইছে এই কথা৷

১৮২৩ চনত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আৱিষ্কাৰ হোৱাৰ পৰাই জীৱিকা, সংস্কৃতি আৰু অৰ্থনীতি গঢ় দিয়া শক্তি, ৰুচি আৰু ঐতিহ্যৰ বিশ্বব্যাপী প্ৰতীক অসম টীৰ ২০০ বছৰ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত এই সোণালী ক্ষণ উদ্‌যাপনৰ বাবে এই অনুষ্ঠানটো আছিল এক গুৰুত্বপূৰ্ণ অনুষ্ঠান৷ উদ্বোধনী অনুষ্ঠানত ভাষণ দি অসমৰ মুখ্য সচিব ৰবি কোটাই চলিত বৰ্ষৰ আৰম্ভণিতে ৰাষ্ট্ৰদূত প্ৰধান আৰু অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ মাজত হোৱা বাৰ্তালাপৰ সময়ত অসম টীৰ ২০০ বছৰ উদ্‌যাপনৰ ধাৰণাটো কেনেদৰে কল্পনা কৰা হৈছিল সেই কথা সোঁৱৰণ কৰে ৷ ‘‘অসম টীৰ সফলতাপূৰ্বক ২০০ বছৰ উদ্‌যাপন কৰাৰ সময়ত আমি কেৱল আমাৰ ঐতিহ্যক লৈ গৌৰৱবোধ কৰাই নহয়, বৰং ভৱিষ্যতৰ বাবেও স্পষ্ট দৃষ্টিভংগী লৈ ইয়াক উদ্‌যাপন কৰিছো’’ কোটাই কয় ৷

কোটাই লগতে কয়, ‘‘অসমৰ বাবে গ্ৰীষ্মকালীন ফেন্সি ফুড শ্ব’ ২০২৫১ এই পেভিলিয়নে জেকব কে জাভিটছ চেণ্টাৰত উদ্‌যাপন আৰু কৌশলগত দুয়োটা মঞ্চ হিচাপে কাম কৰিব ৷ পৰম্পৰা আৰু উদ্ভাৱনৰ মাজত সেতু হিচাপে থিয় দিছে অসম টীয়ে৷ মই উদ্ভাৱন বুলিও কওঁ কাৰণ ভাৰতত শক্তি আৰু নতুন নতুন ধাৰণাৰে ভৰা যুৱক-যুৱতীসকলে এইক্ষেত্ৰত কাম কৰিবলৈ উৎসুক হৈ আছে আৰু অসমতো একেই৷ এই অনুষ্ঠানলৈ আমি আনিব বিচৰা চাৰিটা ষ্টাৰ্ট-আপ ক্ৰমে এৰ’মিকা টী, বুলা টী, ডৰেই টী আৰু অৰ্থক্স টী অসমৰ উদ্ভাৱনীমূলক চাহ ষ্টাৰ্টআপৰ এটা অংশ ৷ তেওঁলোকে বিদেশী চাহৰ নতুন মিশ্ৰণ উদ্ভাৱন কৰি আছে আৰু মই নিশ্চিত যে এই উদ্ভাৱনসমূহে এই অনুষ্ঠানৰ পৰা বিশ্বব্যাপী প্ৰসাৰ লাভ কৰিব৷’’