ডিজিটেল ডেস্কঃ Assam Direct Recruitment Examination (ADRE) লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ এক গুৰুত্বপূর্ণ ঘোষণা কৰিছে। তেওঁ ঘোষণা কৰে যে, চলিত বৰ্ষ ২০২৫ৰ নৱেম্বৰ-ডিচেম্বৰৰ ভিতৰত পুনৰ এবাৰ ADREৰ বিজ্ঞাপন প্ৰকাশ কৰা হ’ব। এই বিজ্ঞাপন অনুসৰি অহা বছৰেই অনুষ্ঠিত হ’ব নতুন ADRE পৰীক্ষা।
মুখ্যমন্ত্ৰীগৰাকীয়ে বোকাখাতত আয়োজিত এখন কাৰ্যসূচীত অংশ লৈ এই ঘোষণা কৰে। তেওঁ লগতে জানিবলৈ দিয়ে যে, পূৰ্বৰ অনুষ্ঠিত ADREৰ অধীনত যি নিযুক্তি প্ৰক্ৰিয়া চলি আছে, সেইটো অহা ১০ অক্টোবৰৰ ভিতৰত সম্পূৰ্ণ হ’ব। এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে প্ৰায় ৫০ হাজাৰ নিবনুৱা যুবক-যুৱতীয়ে নিযুক্তিপত্ৰ লাভ কৰিব। বিগত বৰ্ষত অনুষ্ঠিত এই নিযুক্তি পৰীক্ষা অসম চৰকাৰৰ ইতিহাসত অন্যতম ডাঙৰ নিযুক্তি প্ৰক্ৰিয়া হিচাপে বিবেচিত হৈছে।
তেওঁ এই সংবাদমেলত লগতে উল্লেখ কৰে যে, এতিয়া প্ৰতিবছৰে Assam Direct Recruitment Examination অনুষ্ঠিত কৰা হ’ব, যাতে যোগ্য নিবনুৱা সকলে চৰকাৰী চাকৰিৰ সুযোগ লাভ কৰিব পাৰে।
ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ পৌৰ কৰ্মচাৰী নিয়োগ আৰু চাকৰি নিয়মীয়াকৰণ সম্পৰ্কে বক্তব্য আগবঢ়াই কয় যে, ২০১৩ চনৰ পূৰ্বে নিযুক্ত হোৱা পৌৰ কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰা হ’ব। এই দায়িত্ব সংশ্লিষ্ট পৌৰসভাই ল’ব লাগিব। এই সিদ্ধান্তৰ জৰিয়তে বহু অস্হায়ী কৰ্মচাৰীয়ে নিয়মীয়া হোৱাৰ আশ্বাস লাভ কৰিছে।
মুখ্যমন্ত্ৰীৰ এই ঘোষণা সমূহে ৰাজ্যৰ নিযুক্তি প্ৰত্যাশী আৰু পৌৰ কৰ্মচাৰীসকলৰ মাজত এক নতুন আশা আৰু উদ্দীপনা সৃষ্টি কৰিছে।
তেজৰ অভাৱত শৰীৰটো অতি দুৰ্বল হৈ পৰে আৰু শৰীৰৰ বহু কামত প্ৰভাৱ পৰে। গতিকে আপুনি এটা বিশেষ পুষ্টিকৰ উপাদান গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ।(Vitamin)শৰীৰত এটা বিশেষ ভিটামিনৰ অভাৱত ৰক্তহীনতাৰ সমস্যা হয়। এই ৰোগক মেগাল’ব্লাষ্টিক এনিমিয়া বুলিও কোৱা হয় । আমাৰ শৰীৰত ভিটামিন বি ১২ৰ অভাৱত ৰক্তহীনতা সমস্যাৰ সৃষ্টি হয়।ভিটামিন বি ১২, যাক কোবালামিন বুলিও কোৱা হয়। এই ভিটামিন শৰীৰৰ বহু গুৰুত্বপূৰ্ণ কামৰ বাবে অপৰিহাৰ্য।
হাড়ৰ মজ্জাত ৰক্তকণিকা গঠন হয়। এই সমূহৰ সঠিক বিকাশ আৰু পৰিপক্কতাৰ বাবে ভিটামিন বি১২ আৰু ফ’লেট দুয়োটাৰে সঠিক পৰিমাণৰ প্ৰয়োজন। ভিটামিন বি ১২ৰ অভাৱ হ’লে হাড়ৰ মজ্জাত থকা আৰ বি চিবোৰ অস্বাভাৱিকভাৱে ডাঙৰ আৰু অপৰিপক্ক হৈ পৰে। এই কোষবোৰে স্বাভাৱিকভাৱে কাম কৰিব নোৱাৰে আৰু অকালতে মৃত্যুমুখত পৰে। ইয়াৰ ফলত শৰীৰত সুস্থ আৰ বি চিৰ সংখ্যা কমি যায়, যাৰ ফলত ৰক্তহীনতা হয়।
ভিটামিন বি ১২ৰ অভাৱৰ কাৰণ-
১/ স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ নকৰা
ভিটামিন বি ১২ প্ৰধানকৈ মাংস, মাছ, কণী, দুগ্ধজাত সামগ্ৰীত পোৱা যায়। নিৰামিষভোজীৰ শৰীৰত তেজৰ অভাৱৰ সম্ভাৱনা বেছি।
২/ গেষ্ট্ৰিক বা অন্ত্ৰৰ অস্ত্ৰোপচাৰ পেট বা ক্ষুদ্ৰান্ত্ৰৰ কিছু অংশ আঁতৰাই দিলে ভিটামিন বি ১২ শোষণত প্ৰভাৱ পৰিব পাৰে।
আজি মহানগৰীৰ কলাক্ষেত্ৰত মটক(Mattak Community)জনগোষ্ঠীৰ সাংস্কৃতিক ঐতিহ্যৰ এক গুৰুত্বপূর্ণ প্ৰতীক হিচাপে “গছ তলৰ বিহু”ৰ প্ৰতীক পটৰ শুভ উদ্বোধন অনুষ্ঠিত হয়। মটক স্বায়ত্ব শাসিত পৰিষদৰ তত্ত্বাৱধানত অনুষ্ঠিত এই উদ্বোধনী অনুষ্ঠানত বহু গণ্যমান্য ব্যক্তি আৰু জনগোষ্ঠীৰ সদস্যসকলে উপস্থিত থাকি অনুষ্ঠানক গৌৰৱজনক ৰূপত সম্পন্ন কৰে।
দীৰ্ঘদিন ধৰি মটক জনগোষ্ঠীয়ে দাবী কৰি অহা গছ তলৰ বিহুৰ সাংস্কৃতিক স্বীকৃতি আজি এক প্ৰতীক পটৰ ৰূপত কলাক্ষেত্ৰত স্থান লাভ কৰাত আনন্দৰ সোঁত বৈ গৈছে সম্প্ৰদায়টোৰ মাজত।
উল্লেখযোগ্য যে, এই প্ৰতীক পটটি মটক জনগোষ্ঠীৰ বিশেষ উন্নয়ন পুঁজিৰ অধীনত নিৰ্মাণ কৰা হৈছে। মটক সমাজৰ ধৰ্মীয়, সামাজিক, আৰু সাংস্কৃতিক পৰিচয় বহন কৰা এই বিহু উৎসৱৰ প্ৰতীকটোৱে ৰাজ্যিক পৰ্যায়ত মটক সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব বুলি উদ্যোক্তাসকলে আশা প্ৰকাশ কৰিছে।
অনুষ্ঠানত মটক সমাজৰ ঐতিহাসিক পটভূমি, সংস্কৃতি, নৃত্য-গীত, পৰম্পৰা আৰু “গছ তলৰ বিহু”ৰ বৈশিষ্ট্যক কেন্দ্ৰ কৰি আলোচনা সভা আৰু সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত হয়।
এই অনুষ্ঠানৰ জৰিয়তে মটক জনগোষ্ঠীয়ে নিজৰ ঐতিহ্যক ৰাজহুৱা ভাৱে প্ৰতিষ্ঠা কৰাৰ লগতে, নতুন প্ৰজন্মৰ বাবে এটি সাংস্কৃতিক সচেতনতাৰ বাতৰি আগবঢ়াব পাৰে বুলি অভিমত প্ৰকাশ কৰা হৈছে।
বাস্তুৰ মতে জেতুকা গছ ঘৰত ৰুৱ নালাগে। বিশ্বাস কৰা হয় যে জেতুকা গছত নেতিবাচক শক্তি থাকিব পাৰে। যি ঠাইত জেতুকা গছ ৰোপণ কৰা হয়, তাত ঋণাত্মক শক্তিৰ প্ৰবাহ হয়।
ঘৰখন আগবাঢ়িব নোৱাৰে। জেতুকা গছ ঘৰত থাকিলে ঘৰৰ শান্তি আৰু সুখ বিঘ্নিত হয় আৰু কোনো উন্নতি নহয়।