Home Blog Page 131

Acharya Pankaj Pathak : পুনৰ বিতৰ্কত আচাৰ্য পংকজ পাঠক, মহিলাক অশালীন ব্যৱহাৰৰ গুৰুতৰ অভিযোগ

গোৱালপাৰাৰ বিহু ফিল্ডত পংকজ পাঠকক আবদ্ধ ৰাইজৰ।

গোৱালপাৰা, জুলাই ২: Acharya Pankaj Pathak গোৱালপাৰাৰ বিহু ফিল্ডত অনুষ্ঠিত এখন শিবিৰৰ সময়ছোৱাত আচাৰ্য পংকজ পাঠক পুনৰ বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। শিবিৰত অংশগ্ৰহণ কৰা সময়তে আচাৰ্য পাঠকৰ বিৰুদ্ধে এগৰাকী মহিলাৰ সৈতে অশালীন ব্যৱহাৰৰ অভিযোগ উত্থাপন কৰা হৈছে।

ঘটনাটোৰ প্ৰতিবাদ জনাই গোৱালপাৰা বিহু সন্মিলনীৰ সম্পাদক তপন চক্ৰৱৰ্তীয়ে যেতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, তেতিয়া আচাৰ্য পাঠকে তেখেতক শাৰীৰিকভাৱে আক্ৰমণ কৰে বুলি অভিযোগ। স্থানীয় ৰাইজৰ মতে, এই আক্ৰমণত আচাৰ্য পাঠকৰ সহযোগীসকলো জড়িত আছিল।

অঘটনৰ পাছত শিৱিৰত উপস্থিত ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হয়। ৰাইজে আচাৰ্য পংকজ পাঠকক ঘটনাস্থলীতেই আবদ্ধ কৰি ৰাখে আৰু তেওঁৰ পৰা কাণত ধৰি আঁঠু কাঢ়ি ক্ষমা খুজিবলৈ বাধ্য কৰে।

এই ঘটনাই আচাৰ্য পংকজ পাঠকৰ বিতৰ্কিত ভাবমূৰ্তি আৰু একে সময়তে তেওঁক লৈ উদ্ভৱ হোৱা নানা সন্দেহ পুনৰবাৰ চৰ্চাৰ কেন্দ্ৰস্থলত লৈ আহিছে। স্থানীয় ৰাইজ আৰু সামাজিক মাধ্যমত ইতিমধ্যেই ঘটনাটো লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ পোৱা গৈছে।

Atul Bora: যন্ত্ৰ বিকল, মন্ত্ৰীৰ স্বাস্থ্য পৰীক্ষাও ব্যৰ্থ

বোকাখাত: Atul Bora বোকাখাতৰ শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়ত স্বাস্থ্য সেৱাৰ পৰিস্থিতি কিমান জটিল হৈ পৰিছে তাৰ এটা জ্বলন্ত উদাহৰণ অহা দেখা গৈছে। মঙলবাৰে মন্ত্ৰী অতুল বৰা জৰুৰীকালীন চিকিৎসা বিভাগ পৰিদর্শন কৰাৰ সময়তে, প্ৰেছাৰ জোখাৰ যন্ত্ৰই কাম নকৰাৰ ঘটনা সংঘটিত হয়।

মন্ত্ৰী বৰাই নিজেই চিকিৎসালয় পৰিদৰ্শনৰ সময়ত নিজৰ ৰক্তচাপ পৰীক্ষা কৰিবলৈ হাত আগবঢ়াইছিল। কিন্তু চিকিৎসকে যন্ত্ৰটো লগাওতেই, সম্পূৰ্ণ ৰূপে বিকল হৈ পৰে। ফলত, ৰক্তচাপ জোখাত ব্যৰ্থ হয়। এই ঘটনাই চিকিৎসালয়খনৰ ভৌতিক সুবিধা, যন্ত্ৰপাতিৰ সংৰক্ষণ আৰু ব্যৱস্থাপনাৰ ওপৰত গুৰুতৰ প্ৰশ্ন তুলি ধৰিছে।

স্থানীয় ৰোগী আৰু ৰাইজৰ মাজতো এই ঘটনা লৈ উদ্বেগৰ সৃষ্টি হৈছে। বহুতে কয়, যদি মন্ত্ৰীৰ বাবে এই পৰিস্থিতি হয়, তেন্তে সাধাৰণ ৰোগীৰ অৱস্থা কিমান বেয়া হ’ব পাৰে সেয়া অনুমান কৰিব পাৰি।

এই ঘটনা পাছত মন্ত্ৰী বৰাই চিকিৎসালয়খনৰ সামগ্ৰিক ব্যৱস্থা, পৰিসৰ আৰু সেৱা সম্পৰ্কে মূল্যাংকন কৰে আৰু যথোপযুক্ত পদক্ষেপ লোৱাৰ আশ্বাস দিয়ে।

Dibrugarh: ডিব্ৰুগড়ত নিশা নামিলেই কোটি টকাৰ জোৱা! আৰক্ষীৰ চকুৰ সন্মুখতে চলি আছে ক’লা সাম্ৰাজ্য

ডিব্ৰুগড়: Dibrugarh ডিব্ৰুগড় মহানগৰত নিশা নামিলেই আৰম্ভ হয় কোটি টকাৰ নিষিদ্ধ জোৱাৰ সাম্ৰাজ্য। লাখ লাখ টকাৰ বিনিময় আৰু তাচ পাতৰ মাজেৰে চলি থাকে এই অবৈধ কাণ্ড। বিশেষকৈ মহানগৰৰ মাজমজীয়াত অৱস্থিত পুৰণি ৰেল ষ্টেছনৰ সন্মূখৰ হৰিজন কল’নিত প্ৰতিদিনে নিশা বহে এই জোৱাৰ খেল।

ইয়াৰ পৰা ডিব্ৰুগড় সদৰ থানাৰ দূৰত্ব মাথোঁ ৮০০ মিটাৰ। যদিও দিন-নিশাই এই পথেদি পাৰ হয় আৰক্ষী বিষয়া তথা অন-ডিউটি গাড়ী—তথাপিও আৰক্ষীৰ চকুৰ সন্মুখতে চলি থাকে এই অবৈধ কাৰবার।

চকু মেলিবলৈ প্রস্তুত নহয় আৰক্ষী?
অবিশ্বাস্য হলেও সত্য, যিখন ঠাইত কোটি টকাৰ অবৈধ জোৱা খেল চলে, সেই স্থানৰ বিষয়ে অলপ বুজাবুজি থকা যিকোনো যুৱকে সহজে তথ্য দিব পাৰে। কিন্তু ডিব্ৰুগড় আৰক্ষীৰ বাবে এই গোপন ঘাটি যেন সম্পূৰ্ণ অজ্ঞাত!

বিলাসবহুল গাড়ীৰ অহাগমন, খেলৰ মাজত চলি থকা টকাৰ বন্যা—এই সকলো প্ৰতিদিনে চলি থাকে হৰিজন কল’নিৰ ঠিক সন্মূখতে।

অভিযোগ আৰু বিস্ফোৰক তথ্য
অভিযোগ অনুসৰি, একাংশ জোৱাৰীয়ে খেলত অংশগ্ৰহণৰ সময় অনুজ্ঞাপত্ৰ থকা মাৰণাস্ত্ৰও লৈ আহে। এই বিষয়ে অল ই এছ ইউ (AASU)-ৰ কিছু যুৱকেও তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁলোকৰ মতে, সমগ্ৰ মহানগৰতে সকলো যুৱকে জানে ক’ত জোৱা চলে, কেৱল আৰক্ষীয়েহে অজ্ঞ।

ডিব্ৰুগড় আৰক্ষীয়ে আগতে সফলভাৱে এ পি এছ ই কেলেংকাৰি, বিশাল ফুকনৰ অনলাইন ট্ৰেডিং স্কেম, ডাঃ সৰিতা তচনিৱাল হত্যাকাণ্ডৰ দৰে দেশ কঁপোৱা ঘটনাৰ তদন্ত কৰিলে—তথাপিও চকুৰ সন্মুখতে চলি থকা বৃহৎ জোৱাৰ সাম্ৰাজ্যৰ ওপৰত কোনো কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই।

ডিব্ৰুগড় মহানগৰৰ বুকুতেই গোপনে চলি থকা এই জোৱাৰ সাম্ৰাজ্যৰ প্ৰতি সচেতন নাগৰিকৰ দৃষ্টি আকৰ্ষণ কৰাটো এতিয়া সময়ৰ দাবী।

Paran Kumar Boruah: বিশিষ্ট সাহিত্যিক পৰাণ কুমাৰ বৰুৱাৰ দেহাৱসান

ডিজিটেল ডেস্কঃ Paran Kumar Boruah নগাঁও চহৰৰ লাওখোৱা পথৰ বাসিন্দা, নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আৰু বিশিষ্ট সাহিত্যিক পৰাণ কুমাৰ বৰুৱাৰ কালি নিশা প্ৰায় ১১ বজাত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ ৬৬ বছৰ বয়সত দেহাৱসান ঘটে।

অসমীয়া সাহিত্য জগতলৈ প্ৰায় ১৫ খন গ্ৰন্থৰ জৰিয়তে অনবদ্য অৱদান আগবঢ়োৱা বৰুৱাই “শ্ৰীমন্ত শঙ্কৰদেৱ আৰু বৈষ্ণৱ ধৰ্ম” গ্ৰন্থৰ বাবে ভীমৰাও আম্বেদকাৰ বঁটা লাভ কৰিছিল।

তেওঁ ৰবীন্দ্ৰনাথ ঠাকুৰৰ “গীতাঞ্জলি” গ্ৰন্থখন অসমীয়ালৈ অনুবাদ কৰি সাহিত্য ক্ষেত্ৰখনত বিশেষ অৱদান আগবঢ়াইছে।

নগাঁৱৰ কিশলয় সাংস্কৃতিক গোষ্ঠীৰ প্ৰতিষ্ঠাপক সভাপতি আছিল বৰুৱা।
অসম চৰকাৰৰ উদ্যোগ আৰু বানিজ্য বিভাগত উচ্চপদস্থ বিষয়া হিচাপে কৰ্মৰত থাকি অৱসৰৰ পাছতো তেওঁ সাহিত্য চৰ্চা অব্যাহত ৰাখিছিল।

মৃত্যুৰ সময়ত তেওঁ পত্নী, পুত্ৰ আৰু কন্যাক এৰি থৈ গৈছে।

Kharghuli : খাৰঘুলিত সন্দেহজনক অৱস্থাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ, দুইজনক আটক

গুৱাহাটী: Kharghuli খাৰঘুলিত এটা কোঠাৰ ভিতৰত সন্দেহজনক অৱস্থাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হৈ চাঞ্চল্য সৃষ্টি হৈছে। মৃত মহিলাগৰাকীৰ নাম বন্দনা দাস বুলি জানিব পৰা গৈছে। তেওঁ শাৰীৰিকভাৱে অসুস্থ আছিল বুলি পৰিয়ালৰ সূত্ৰে জনা গৈছে।

ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে কুঞ্জলতা দাস আৰু ৰাতুল দাস নামৰ স্বামী-স্ত্ৰী এজনীক সোধা-পোছা আৰম্ভ কৰিছে। জানিব পৰা মতে, বন্দনা দাসৰ চোৱাচিতা এই দুইজনৰ দায়িত্বত আছিল।

উল্লেখযোগ্য যে, ঘটনাৰ সময়ত মহিলাগৰাকীৰ কোঠাৰ দুৱাৰ খোলা অৱস্থাত পোৱা গৈছিল। ঘটনাস্থলীত আৰক্ষীৰে সৈতে ফৰেনচিক দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

Amarnath Yatra 2025 : ৩৮ দিনীয়া অমৰনাথ যাত্ৰা আৰম্ভ, লক্ষাধিক ভক্তৰ ঢৌ জম্মুত

লক্ষাধিক ভক্তৰ ঢৌ জম্মুত

ডিজিটেল ডেস্কঃ Amarnath Yatra 2025 আজিৰে পৰা আৰম্ভ হ’ল অমৰনাথ যাত্ৰা। জম্মুৰ পৰা প্ৰথমটো তীৰ্থযাত্ৰী দল ৰাওনা হ’ল অমৰনাথলৈ। জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই জম্মুৰ ভাগৱতী নগৰ ঘাটিৰ পৰা এই যাত্ৰাৰ শুভাৰম্ভ কৰে আৰু তীৰ্থযাত্ৰী দলটো ফ্লেগ অফ কৰে।

কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা মাজেৰে লখানপুৰৰ পৰা ভাগৱতী নগৰ ঘাটিৰেৰে যাত্ৰা আৰম্ভ কৰে ভক্তসকলে। ভাগৱতী নগৰ ঘাটি শিবিৰৰ পৰা তীৰ্থযাত্ৰাৰ মূল যাত্ৰা আৰম্ভ হয় হিমালয় পৰ্বতত অৱস্থিত ৩,৮৮০ মিটাৰ উচ্চতাৰ অমৰনাথ গুহা মন্দিৰলৈ।

৩৮ দিনীয়া এই তীৰ্থযাত্ৰাত যাত্ৰীসকলে দুটা পথৰ পৰা যাত্রা কৰিব পাৰে – অনন্তনাগ জিলাৰ নুনৱান-পেহেলগাম (৪৮ কিমি) আৰু গণ্ডাৰবল জিলাৰ বলটাল (১৪ কিমি) পথৰ জৰিয়তে।

এইবাৰৰ অমৰনাথ যাত্ৰা ৯ আগষ্টত সমাপ্ত হ’ব। বৰ্তমানলৈকে ৩.৩১ লাখতকৈ অধিক তীৰ্থযাত্ৰীয়ে পঞ্জীয়ন সম্পন্ন কৰিছে। বিগত দুদিনত প্ৰায় ৪ হাজাৰ টোকেন বিতৰণ কৰিছে কৰ্তৃপক্ষই। বৰ্তমান ভাগৱতী নগৰ ঘাটিত ৩৫০০তকৈ অধিক তীৰ্থযাত্ৰী আশ্ৰয় লৈ আছে।

তীৰ্থযাত্ৰীৰ সুবিধা আৰু নিৰাপত্তাৰ বাবে ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে বিস্তৃত ব্যৱস্থা গ্ৰহণ কৰিছে।

মঙলদৈত তাজ্যপুত্ৰ ঘোষণা চোৰ পুত্ৰক ।

মঙলদৈত তাজ্যপুত্ৰ ঘোষণা চোৰ পুত্ৰক ।

কাৰাগাৰৰ পৰা উলিয়াই নানাৰ ভাবুকি চোৰ পুত্ৰক ৷

মঙলদৈ পুলিচৰ মুৰৰ কামোৰণি হৈ উঠা দুধৰ্ষ দুজন কৈ চোৰ মঙ্গলবাৰে কৰায়ত্ব কৰিলে ৰাইজে ৷ মঙলদৈৰ বিভিন্ন মঠ-মন্দিৰৰ লগতে ছাগলী চোৰ কৰি সন্ত্ৰাস সৃষ্টি কৰি আহিছিল ধৃত চোৰ দুটাই ৷ মঙলদৈ নিকটৱৰ্তী তামুলী পাৰাত চোৰ কৰা সামগ্ৰীৰ সতে হাতেলোটে কৰায়ত্ত কৰে স্থানীয় ৰাইজে ৷ চোৰক উত্তমমাধ্যম দি গতাই দিলে মঙলদৈ আৰক্ষীক ৷

তেনেতে লাগিল হুৱাদুৱা এজন ব্যক্তিয়ে পুলিচৰ কব্জাত থকা চোৰ এজনক পুলিচৰ বাধা নেওচি মাৰিবলৈ উদ্যত হয় ৷ চোৰ এজনক উদেশ্যি ব্যক্তি জনে তৰ্জন গৰ্জন কৰি কলে কাৰাগাৰৰ পৰা তোক কোনে উলিয়াই আনিব চাম ৷ জেইলৰ পৰা আৰু কোনোদিন ঘৰলৈ নাহিবি! তোক তাজ্যপুত্ৰ ঘোষণা কৰিলো ৷ এই দৰে পুত্ৰৰ অপকৰ্মত লজ্জিত হৈ ক্ষোভ প্ৰকাশ কৰিলে পিতৃয়ে ৷

ধুবুৰীত গৌৰৱ গগৈৰ প্ৰৱেশ নিষিদ্ধ কৰিলে বিজেপিয়ে । BJP

ধুবুৰীত গৌৰৱ গগৈৰ প্ৰৱেশ নিষিদ্ধ কৰিলে বিজেপিয়ে । BJP
ধুবুৰীত গৌৰৱ গগৈৰ প্ৰৱেশ নিষিদ্ধ কৰিলে বিজেপিয়ে । BJP

BJP । মুখ্যমন্ত্ৰীৰ বাহনলৈ বটল নিক্ষেপ, ধুবুৰীত গৌৰৱ গগৈৰ প্ৰৱেশ নিষিদ্ধ কৰিলে বিজেপিয়ে ভাৰতীয় জনতা পাৰ্টিয়ে ধুবুৰী জিলাত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ প্ৰৱেশত বেচৰকাৰী নিষেধাজ্ঞা আৰোপ কৰিছে। মুখ্যমন্ত্ৰীৰ বাহনলৈ কংগ্ৰেছ কৰ্মীয়ে বটল নিক্ষেপ কৰা ঘটনাৰ বিৰুদ্ধে ক্ষমা খোজাৰ দাবী জনাই এই ঘোষণা কৰিছে বিজেপিয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়লৈ পানীৰ বটল নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন কৰি ভাৰতীয় জনতা পাৰ্টিয়ে ধুবুৰী জিলাত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ প্ৰৱেশত বেচৰকাৰী নিষেধাজ্ঞা আৰোপ কৰিছে।

ৰাজ্যৰ সাংবিধানিক মুৰব্বীৰ মৰ্যাদাক অপমান কৰা “লজ্জাজনক কাণ্ড”ৰ বাবে গগৈৰ পৰা ৰাজহুৱা ক্ষমা বিচাৰি মঙলবাৰে ধুবুৰীৰ পাঁচ ম’ৰত সমবেত হয় শতাধিক বিজেপি কৰ্মী। এই বিক্ষোভৰ নেতৃত্ব দিয়া অসমৰ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কংগ্ৰেছ নেতাগৰাকীৰ প্ৰতি এই নিষেধাজ্ঞা জাৰি কৰে।

ৰাইজৰ আগত মন্ত্ৰী দাসে কয় যে যেতিয়ালৈকে গৌৰৱ গগৈয়ে এই লজ্জাজনক ঘটনাৰ বাবে ৰাজহুৱাভাৱে ক্ষমা নোখোজে, তেতিয়ালৈকে ধুবুৰীৰ বিজেপিয়ে তেওঁক জিলাখনত প্ৰৱেশ কৰিবলৈ নিদিয়ে। শেহতীয়াকৈ মুখ্যমন্ত্রীৰ কনভয়ত পানীৰ বটল নিক্ষেপ কৰাৰ খবৰ ওলোৱাৰ পাছতে এই প্রতিবাদৰ সৃষ্টি হয়। বিজেপি নেতাসকলে এই ঘটনাৰ বাবে গগৈক দোষাৰোপ কৰি ৰাজনৈতিক শত্ৰুতাৰ পৰিৱেশ গঢ়ি তোলাৰ অভিযোগ উত্থাপন কৰিছে। আজি জিলাই জিলাই বিজেপি নেতা-কৰ্মীসকলে প্ৰতিবাদ কৰা দেখা যায়। কেবাগৰাকীও মন্ত্ৰীয়ে এই প্ৰতিবাদত অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে “ডাউন উইথ গৌৰৱ গগৈ” আৰু “কংগ্ৰেছৰ গুণ্ডাগিৰি নচলিব”কে ধৰি শ্লোগানেৰে উত্তাল কৰি তোলে পৰিবেশ। এই বিক্ষোভ শান্তিপূৰ্ণ আছিল যদিও ৰাজ্যৰ শাসকীয় বিজেপি আৰু বিৰোধী কংগ্ৰেছৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনাৰ প্ৰতিফলন ঘটায় এই প্ৰতিবাদে। মন্ত্ৰী দাসে ঘটনাটোক কেৱল মুখ্যমন্ত্ৰী শৰ্মাৰ প্ৰতি ব্যক্তিগত অপমানতকৈও অধিক বুলি চিহ্নিত কৰে। এই বিষয়টোক প্ৰতিষ্ঠানিক সন্মানৰ ওপৰত আক্ৰমণ হিচাপে গণ্য কৰি তেওঁ ঘোষণা কৰে যে এয়া কেৱল মুখ্যমন্ত্ৰীকে নহয়, অসমৰ সমগ্ৰ গণতান্ত্ৰিক নীতি-নিয়মৰ অপমান। বিজেপিৰ জিলা নেতৃত্বই সকীয়াই দিয়ে যে মঙলবাৰৰ এই প্ৰতিবাদ তেওঁলোকৰ প্ৰচাৰৰ আৰম্ভণিহে মাথোঁ।

দলৰ বিষয়াসকলে ইংগিত দিয়ে যে যদিহে তেওঁলোকৰ ক্ষমা প্ৰাৰ্থনাৰ দাবী পূৰণ নহয় তেন্তে তেওঁলোকে অতিৰিক্ত বিক্ষোভৰ আয়োজন কৰিব, যিয়ে সমগ্ৰ অঞ্চলটোত ৰাজনৈতিক উত্তেজনা বৃদ্ধিৰ সম্ভাৱনাৰ সংকেত দিয়ে। বিৰোধী দলসমূহে বিজেপি চৰকাক সঘনাই সমালোচনা কৰি আহিছে যদিও পানীৰ বটল নিক্ষেপৰ কাণ্ডই শাসকীয় দলটোক কংগ্ৰেছৰ বিৰুদ্ধে সমালোচনা তীব্ৰতৰ কৰিবলৈ যেন অক্সিজেন যোগাইছে।

India To Launch 52 Satellites: মহাকাশলৈ ৫২টা সামৰিক উপগ্ৰহ প্ৰেৰণ

India To Launch 52 Satellites: মহাকাশলৈ ৫২টা সামৰিক উপগ্ৰহ প্ৰেৰণ
India To Launch 52 Satellites: মহাকাশলৈ ৫২টা সামৰিক উপগ্ৰহ প্ৰেৰণ

অপাৰেচন সিন্দূৰৰ পিছত(India To Launch 52 Satellites)চুবুৰীয়া দুয়োখন দেশৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে ভাৰতে৷ চীন আৰু পাকিস্তানৰ গতিবিধিৰ ওপৰত ২৪ ঘণ্টাই নজৰ ৰাখিবলৈ ৫২টা সামৰিক উপগ্ৰহ বা কৃত্ৰিম উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা বছৰৰ অক্টোবৰ মাহত এই প্ৰকল্পত অনুমোদন জনাইছিল৷ এই প্ৰকল্পৰ আনুমানিক ব্যয় হ’ব ২৬,৯৬৮ কোটি টকা৷ জানিব পৰা মতে ২০২৬ চনৰ এপ্ৰিল মাহৰ ভিতৰত প্ৰথমটো উপগ্ৰহ উৎক্ষেপণ কৰা হ’ব৷ ২০২৯ চনৰ ভিতৰত ৫২টা উপগ্ৰহ নিম্ন পৃথিৱীৰ কক্ষপথত স্থাপন কৰা হ’ব৷ ৫২টা উপগ্ৰহৰ ভিতৰত ২১টা উপগ্ৰহ নিৰ্মাণ কৰিব ইছৰোৱে৷ বাকী ৩১টা উপগ্ৰহ তিনিটা ব্যক্তিগত কোম্পানীক প্ৰদান কৰা হৈছে৷

প্ৰতিৰক্ষা মহাকাশ সংস্থাক সমগ্ৰ প্ৰকল্পটো ৰূপায়ণৰ দায়িত্ব দিয়া হৈছে৷ দাবী কৰা হৈছে যে এই অত্যাধুনিক উপগ্ৰহটোৱে চীন আৰু পাকিস্তানৰ লগতে ভাৰত মহাসাগৰৰ এক বৃহৎ অংশৰ ওপৰত অহৰহ তীক্ষ্ণ দৃষ্টি ৰাখিব৷ এই উপগ্ৰহসমূহে কম সময়ৰ ভিতৰতে নিৰ্দিষ্ট স্থানৰ একাধিক ছবি প্ৰেৰণ কৰিব৷ ছবিবোৰৰ মানদণ্ডও আগৰ তুলনাত ভাল হ’ব৷ এই উপগ্ৰহসমূহ সামৰিক বাহিনীক অত্যাধুনিক প্ৰযুক্তিৰ ওপৰত অধিক নিৰ্ভৰশীল কৰি তোলাতো অতি উপযোগী হ’ব৷

৭ মে’ৰ পৰা ১০ মে’লৈ পাকিস্তানৰ বিৰুদ্ধে অপাৰেচন সিন্দূৰৰ সময়ত ভাৰতে পাকিস্তানী সেনাৰ গতিবিধি নিৰীক্ষণ কৰিবলৈ কাৰ্ট’ছেটৰ দৰে ঘৰুৱা উপগ্ৰহ আৰু বিদেশী বাণিজ্যিক উপগ্ৰহ ব্যৱহাৰ কৰিছিল৷ আনহাতে পাকিস্তানক এই যুদ্ধত সহায় কৰিবলৈ কেৱল অস্ত্ৰ-শস্ত্ৰই নহয় চীনৰ উপগ্ৰহৰ পৰাও তথ্য দিয়া হৈছিল৷ এনে পৰিস্থিতিত এই ৫২টা উপগ্ৰহ মহাকাশলৈ উৎক্ষেপণ কৰাটো ভাৰতৰ বাবে যুদ্ধক্ষেত্ৰত অধিক স্বাৱলম্বী হোৱাৰ এক বৃহৎ সফলতা বুলি বিবেচিত হৈছে৷

Religious conflict: প্ৰসংগঃ ধৰ্মীয় সংঘাত, এইখন সমন্বয়ৰ অসম, শংকৰ-আজান, মা কামাখ্যাৰ অসম

Religious conflict: প্ৰসংগঃ ধৰ্মীয় সংঘাত, এইখন সমন্বয়ৰ অসম, শংকৰ-আজান, মা কামাখ্যাৰ অসম
Religious conflict: প্ৰসংগঃ ধৰ্মীয় সংঘাত, এইখন সমন্বয়ৰ অসম, শংকৰ-আজান, মা কামাখ্যাৰ অসম

অসমত বেছ কিছু দিনৰ পৰা বৰকৈ (Religious conflict) ধৰ্মীয় সংঘাত হ’বলৈ ধৰিছে। ধৰ্মীয় উত্তেজনাত যেন আমাৰ ৰাজ্যখনত সাতামপুৰুষীয়া শান্তি-সম্প্ৰীতিত ঘূণে ধৰিবলৈ আৰম্ভ কৰিছে। এতিয়া যেন ইটো ধৰ্মৰ মানুহে সিটো ধৰ্মৰ মানুহক ঘিন কৰিবলৈ লৈছে আৰু সন্দেহৰ চকুৰে চাইছে। আজি কেইটামান বছৰৰ আগলৈতো এনে পৰিৱেশ নাছিল, তেনে এতিয়া সেই পৰিৱেশ কিয় হ’বলৈ ধৰিছে। আমি অসমীয়া মানুহ সদায় শান্তিপ্ৰিয়, অতিথিপৰায়ণ, আন ধৰ্মৰ মানুহক উপযুক্ত সন্মান দিব পৰা এটা বৰ শক্তিশালী জাতি। পিছে এতিয়া কোনে বাৰু এই ধৰ্মবিদ্বেষৰ সূচনা কৰিলে। আমি জানো আমাৰ হিন্দু ধৰ্ম হাজাৰ হাজাৰ বছৰ পুৰণি এটা ধৰ্ম। যাক কোৱা হয় সনাতন ধৰ্ম।

এই ধৰ্মটো আজি সংকটত পৰা বুলি যেনে ধৰণে প্ৰচাৰ চলোৱা হৈছে সেই ধৰণে জানো সঁচাকৈয়ে সংকটত পৰিছে? এইটো আচলতে একাংশৰ ধৰ্মীয় উত্তেজনা বঢ়োৱা আৰু এটা ধৰ্মৰ লোকে আন এটা ধৰ্মৰ লোকক হিংসা কৰা বা সেইসকলক একেবাৰে নিঃশেষ কৰি পেলোৱাৰ এক ষড়যন্ত্ৰ কৰি এক হিংসা আৰু ঘৃণাৰ পৰিৱেশ ৰচনা কৰাৰহে কু-চক্ৰান্ত যেন অনুভৱ হৈছে। মই ভাবো আমাৰ হিন্দু ধৰ্মৰ কোনোদিন কেতিয়াও একো ক্ষতি নহয় বা কোনেও একো ক্ষতি কৰিব নোৱাৰে। এই বিশ্বাসখিনি ৰাখি আমি আমাৰ সনাতন ধৰ্মৰ কোনো ক্ষতি কৰিব যে নোৱাৰে এই কথা কিন্তু খাটাংকৈ ক’ব পাৰো । গতিকে আমি এই ২১ শতিকাত থিয় দি কিয় বাৰু ভাবিছো যে আমাৰ ধৰ্মটো কেতিয়াবা নিঃশেষ হৈ যাব বুলি। অন্ততঃ আমি হিন্দুখিনিয়ে কেতিয়াও ভাবিব নালাগে হিন্দু ধৰ্ম কেতিয়াবা আন ধৰ্মৰ ৰোষৰ বলি হ’ব। পৃথিৱীত যিমানবিলাক ধৰ্ম আছে সেই সকলোবিলাক ধৰ্মৰে এটাই মূল বাণী বা বিশ্বাস হ’ল ‘মানৱতা’, ‘সহিষ্ণুতা’। আৰু সকলো ধৰ্মৰ মানুহে এজনকে বিশ্বাস কৰে । আৰু সেইজনেই হৈছে ভগৱান। তেনে ধৰ্ম বিদ্বেষ কিয় ? অ, ভগৱানক কোনোবাই ‘আল্লা’, কোনোবাই ‘গড’ বুলি আৰাধনা কৰে। তাতে কিনো হ’ল, সকলোৱেতো এজনকে আৰাধনা কৰে। মাত্ৰ উপাসনাস্থলী বেলেগ বেলেগ। এক কথাত ক’বলৈ হ’লে মানৱীয় প্ৰেম আৰু ভগৱান সাধনাই হৈছে ধৰ্মীয় জ্ঞান।

সকলো ধৰ্মৰ মানুহে নিজৰ নিজৰ ধৰণেৰে ভগৱানক বিচাৰে। তাক লৈ মিছাই দন্দ্ব-খৰিয়াল কৰি থাকিলে কিবা লাভ হ’বগৈ নে ? বৰং দিনে দিনে বাঢ়ি থাকিব হিংসা, বিদ্বেষ, হাই-কাজিয়া। মনবোৰো ক্ৰমে গধূৰ হৈ পৰিব। আমাৰ যেনেদৰে ধৰ্মীয় আৱেগ আছে, সকলো ধৰ্মৰ লোকৰে তেনে ধৰ্মীয় আৱেগ আছে। গতিকে কোনোবাই কৰা এটা দোষৰ বাবে আমি সমগ্ৰ ধৰ্মটোকে বিদ্বেষৰ চকুৰে চোৱাটো কিমান যুক্তিসংগত ? ইমানখিনি কথা আমি নজনাকৈ থকা নাই। তথাপি এচাম স্বাৰ্থান্বেষী লোকে ধৰ্মীয় আৱেগক দোহাই দি সমাজত দিনে দিনে চলাই আহিছে হিংসা-বিদ্বেষ, বিভেদ, নানা ষড়যন্ত্ৰ। ফলত কিন্তু সমাজৰ কোনো ধৰণৰ উন্নতি হোৱা নাই। কেৱল বাঢ়িছে অসূয়া-অপ্ৰীতি, অবিশ্বাস, ঘৃণা-হিংসা আদি। আৰু ইয়াৰ সুযোগ গ্ৰহণ কৰি এচাম লোকে নানা ধৰণে মুনাফা লুটি আছে। ইয়াৰ ফলত সাধাৰণ লোকৰ দুখ-দুৰ্গতিৰ সীমা-নোহোৱা হৈ পৰিছে। সঁচাকৈয়ে এইসকল লোক প্ৰকৃত ধৰ্মপৰায়ণ লোক হয়নে ? হয়তো এওঁলোক ধৰ্মভিৰু। তেওঁলোক অতি ধাৰ্মিক হ’বলৈ গৈ নিজৰ ধৰ্মটোকে দিনে দিনে সংকীৰ্ণ কৰি গৈ আছে। সকলোৰে নিজৰ ঘৰখনৰ প্ৰতি যেনেদৰে আৱেগ জড়িত হৈ থাকে, ঠিক একেদৰে আৱেগ জড়িত হৈ থাকে নিজৰ জাতি বা ধৰ্মৰ প্ৰতি। সেয়ে আমি প্ৰতিটো ধৰ্মকে সন্মান কৰা উচিত মৰ্যাদাসহকাৰে। কিন্তু আজিৰ সময়ত আমি দেখি আহিছো অন্য এখন ওলোটা ছবি। এতিয়া চাৰিও ফালে এটা ধৰ্মৰ লোকে আন এটা ধৰ্মৰ লোকক হকে-বিহকে অপমান কৰিবলৈকে যেন সুযোগৰ অপেক্ষাতহে ৰৈ থাকে। তেনেদৰে জানো আমি শান্তি বিচাৰিলেই শান্তি আহিব ? নাহে, কেতিয়াও নাহে। কাৰণ ধৰ্মীয় আৱেগেৰে জ্বলোৱা জুইকুৰাৰ দাহন শক্তি বৰ বেয়া, ভয়াৱহ। এটা কথা কিন্তু ঠিক যে হিটলাৰে কেৱল খ্ৰীষ্টানধৰ্মীয় জাৰ্মানসকলৰ বিজয় নিচান উৰুৱাবলৈকেই ৬০ লাখ ইহুদীক হত্যা কৰিছিল। এনেদৰেই বিশ্বজুৰি পৱিত্ৰ আৰ্য ৰক্তি খ্ৰীষ্টানধৰ্মী জাৰ্মানসকলৰ বিজয় নিচান উৰুৱাবলৈকে হিটলাৰে ইহুদী ধৰ্মাৱলম্বী লোকক নৃশংসতাৰ অতল গহ্বৰলৈ ঠেলি দিছিল। কিন্তু অৱশেষত হিটলাৰেও তিলতিলকৈ মৃত্যুক আঁকোৱালি ল’ব লগা হৈছিল। হিটলাৰৰ অন্তিম মৃত্যু-যন্ত্ৰনাৰ কথা ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। এনেদৰে পৃথিৱীৰ বুকুত এনে ধৰ্মযুদ্ধৰ বহুতো বৰ্ণনা খোদিত হৈ আছে। ধৰ্ম যুদ্ধৰ নামত বহুতো ৰক্তক্ষয়ী কাৰ্য-কলাপ সংঘটিত হৈ আহিছে কিন্তু কোনো জয়ী হ’ব পৰা নাই। শেষ হোৱা নাই মানৱতা। আজিও বিশ্বত একমাত্ৰ ধৰ্মৰ নামতে গৃহযুদ্ধ চলি আছে। ইজৰাইল, পেলেষ্টাইন, ইৰাক আদি বহু দেশত অকল ধৰ্মৰ নামতে ৰক্তপাত আদি চলি আছে। এচামে অতি সন্তৰ্পণে ধৰ্মীয় আৱেগৰ জুইকুৰা জ্বলাই দি নিজৰ স্বাৰ্থ সিদ্ধিৰ লগতে এখন বৃহৎ অস্ত্ৰৰ বজাৰো চলাই আছে। ধৰ্মীয় আৱেগৰ জালত একাংশক পেলাই দি সেইসকল লোকে তেওঁলোকৰ অস্ত্ৰৰ ৰমৰমীয়া বজাৰখন খুব নিৰাপদে চলাই গৈছে। এই সকলোবিলাকৰ আঁৰত লুকাই আছে মানৱতাবিৰোধী মৌলবাদী, সন্ত্ৰাসবাদীসকলৰ ষড়যন্ত্ৰ। সন্ত্ৰাসবাদ ধ্বংস কৰিবলৈ সংকল্প লোৱা আমেৰিকায়ো কিন্তু অস্ত্ৰৰ বজাৰখন চলাই গৈ আছে। এফালে তেওঁলোকে কয় শান্তিৰ কথা আৰু আনফালে বিভিন্ন দেশত বিক্ৰী কৰি আছে অস্ত্ৰ-শস্ত্ৰ। এনেদৰে বিশ্বত শান্তি সম্ভৱ হ’ব জানো।


এতিয়া আহো ৰাজ্যৰ ৰাজনীতিলৈ। বৰ্তমান আমাৰ ৰাজ্যখনতো এতিয়া ধৰ্মৰ নাগপাশে ভালকৈয়ে মেৰিয়াই ধৰিছে। ইয়াৰ পৰা মুক্ত হোৱাটো এতিয়া প্ৰায় অসম্ভৱ যেনেই লাগিছে। কাৰণ বিগত ঈদৰ সময়ৰ পৰাই কেৰোণটোৰ আৰম্ভণি হৈছে। অৱশ্যে ইয়াৰ পূৰ্বে সাম্প্ৰদায়িক সংঘৰ্ষৰে আমাৰ অসম ভূমি কেইবাৰো কলুষিত হৈছে। সততে আমি যিবোৰ সাম্প্ৰদায়িক সমস্যাৰ মুখামুখি হৈ আহিছো, সেইবোৰ নিশ্চয় আলোচনাৰ মাধ্যমেৰে সফল পৰিসমাপ্তি ঘটাব পাৰো। কিন্তু আমি সেইবোৰ কৰিব নিবিচাৰো। প্ৰতিটো ঘটনাৰ আঁৰত থাকে একো একোটা ৰাজনীতিৰ ছাঁ। আৰু সেয়ে সমস্যাৰ সমাধান নহৈ সেয়া সৰ্বত্ৰ সহজতে বিয়পি পৰে ৰাজনৈতিক হিংসা, ধৰ্মীয় হিংসালৈ। সৌ সিদিনা এনেদৰে অামাৰ সীমামূৰীয়া জিলা ধুবুৰীত এক সাম্প্ৰদায়িক উত্তেজনাই ভয়ংকৰ ৰূপ লোৱাৰ পৰিস্থিতি হৈছিলেই। এই উত্তেজনা বিয়পি পৰিছিল মন্দিৰৰ সন্মুখত গৰুৰ মাংস থোৱাক লৈ। মন্দিৰত বা মন্দিৰৰ সমীপত যেতিয়া গো-মাংস পোৱা যাব তেতিয়া স্বাভাৱিকতে উত্তেজনাৰ সৃষ্টি হ’বই। কোনো সনাতনী হিন্দুৱে এয়া সহ্য কৰিব নোৱাৰে। আমিও নোৱাৰো। বিভিন্ন ভাষা-ভাষী, বিভিন্ন ধৰ্মাৱলম্বী লোকৰ তথা সাম্প্ৰদায়িক সম্প্ৰীতিৰ আৱাসভূমি হ’ল ধুবুৰী চহৰ। এই চহৰখনতে আছে শিখ ধৰ্মাৱলম্বী লোকসকলৰ গুৰু টেগবাহাদুৰৰ গুৰুদ্বাৰ, ঐতিহ্যবাহী পাঁচ পীৰ দৰগাহ, ইতিহাসপ্ৰসিদ্ধ নেতাই-ধুবুনীঘাট, জাগ্ৰত মা-মহামায়া মন্দিৰ আৰু প্ৰতি বছৰে অনুষ্ঠিত হৈ অহা অশোকাষ্টমী মহামেলাৰ ঐতিহ্য। এই সৰ্বধৰ্মৰ মিলনভূমি ধুবুৰী চহৰ বৰ্তমান ধৰ্মীয় উত্তেজনাত জৰ্জৰিত। স্বাধীনতাৰ পিছৰে পৰা শান্তিৰে বসবাস কৰি অহা ধুবুৰী চহৰততো কোনোদিনে সাম্প্ৰদায়িক উত্তেজনাৰ সৃষ্টি হোৱা নাছিল। তেনে এতিয়া কিয় ? নিশ্চয় ইয়াৰ অন্তৰালত কাৰোবাৰ ‘সাহসে’ ক্ৰিয়া কৰি আছে। অ, যিয়ে এনে গৰ্হিত কাৰ্য সংঘটিত কৰিছে তাক কৰায়ত্ত কৰি উপযুক্ত শাস্তি বিহি দৃষ্টান্ত দেখুৱাওক যাতে আগলৈ কোনেও এনে কাম কৰিব নোৱাৰে, কৰিবলৈ সাহস নকৰে।

আমাৰ শান্তিপূৰ্ণ অসমত কোনোবাই ধৰ্মীয় উত্তেজনা বিয়পাব সেইটো কেতিয়াও হ’ব নোৱাৰে। ইয়াক বাধা দিয়াৰ দায়িত্ব প্ৰতিজন অসমীয়াৰে। কিন্তু ইয়াৰ আঁৰত যদি নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে কোনোবাই উত্তেজনা বিয়পাবলৈ এনে গৰ্হিত কাৰ্যত লিপ্ত হৈছে তেনেহ’লে কিন্তু নিজৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰাৰ লেখীয়া কাৰ্যহে যে হ’ব ই নিশ্চত। ইয়ে হয়তো আজি কাৰোবাক সাময়িক সকাহ দিব, কিন্তু উত্তৰ প্ৰজন্মই যে ইয়াৰ ফল ভুগিব ই নিশ্চিত। যিসকলে আজি এনে উত্তেজনাৰ সৃষ্টিত ঘিউ ঢালিছে তেওঁলোকেই এদিন ভুগিব লাগিব। সিদিনা বুজিব যিদিনা হাতৰ কুঠাৰ গৈ ভৰিত পৰিব। আমাৰ অসমভূমি হ’ল মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ, হৰিদেৱ, দামোদৰদেৱৰ পুণ্যভূমি। আজানপীৰৰ জাৰি-জিকিৰৰ অমিয়া সুৰৰ সাম্প্ৰদায়িক সম্প্ৰীতিৰ ভূমি, মা কামাখ্যাৰ জাগ্ৰত পুণ্যভূমি। হয়গ্ৰীৱ মাধৱ-পোৱা মক্কাৰ দৰে মিলনৰ ঠাই এই পুণ্যভূমি অসম মাতৃৰ গাত যাতে কোনো অশুভ শক্তিয়ে তাণ্ডৱ চলাব নোৱাৰে তাৰ বাবে প্ৰতিগৰাকী সঁচা অসমীয়া সচেতন হ’বৰ হ’ল। অন্ততঃ ৰাজনৈতিক ব্যক্তিয়েই হওক বা সাধাৰণ লোকেই হওক সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই অসমৰ দৰে সমন্বয়ৰ এই পুণ্যভূমিৰ সদ্‌নাম কলুষিত নকৰিব। এইখন ‘গৰু-গাহৰি’ৰ অসম নহয়। এইখন সমন্বয়ৰ অসম।

লেখকঃ ভূপেন মহন্ত