Home Blog Page 133

Anubhav Tulsi Passes Away: অসমীয়া সাহিত্যজগতত শোক, বিশিষ্ট কবি অনুভৱ তুলসী আৰু নাই

ডিজিটেল ডেস্কঃ Anubhav Tulsi Passes Away বিশিষ্ট অসমীয়া কবি, অনুবাদক, গল্পকাৰ, চলচ্চিত্ৰ সমালোচক তথা সম্পাদক অনুভৱ তুলসী আৰু নাই। আজি পুৱা ১০টা ৫ মিনিটত গুৱাহাটীৰ জিএনআৰচি হাস্পতালত তেওঁৰ দেহাৱসান ঘটে। ষ্ট্ৰ’কৰ ফলত আইচিইউত চিকিৎসাধীন হৈ থকা অৱস্থাতে মৃত্যুবৰণ কৰে প্ৰখ্যাত সাহিত্যিক গৰাকী। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৮ বছৰ।

অনুভৱ তুলসী অসমীয়া সাহিত্যক্ষেত্ৰত এক উজ্জ্বল নাম। বিংশ শতিকাৰ অন্তিম দশকৰ পৰা সাম্প্ৰতিক সময়লৈকে অসমীয়া কবিতাৰ জগতখনত তেওঁৰ অৱদান অতুলনীয়। ১৯৮৪ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি, ১৯৮৩ চনৰ পৰা ২০১৮ চনলৈ শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ত অধ্যাপকৰূপে কৰ্মৰত আছিল।

তেওঁৰ প্ৰথম কবিতাৰ পুথিখন আছিল ‘নাজমা’, আৰু বৰ্তমানলৈকে তেওঁৰ ২০খন কবিতাৰ পুথি প্ৰকাশ পাইছে। ত্ৰিশখনতকৈ অধিক গ্ৰন্থৰ ৰচক অনুভৱ তুলসীৰ বহু কবিতা গুৱাহাটী বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয় আৰু লখিমপুৰ মহাবিদ্যালয়ৰ স্নাতকোত্তৰ অসমীয়া পাঠ্যক্ৰমত অন্তৰ্ভুক্ত। অক্সফ’ৰ্ড বিশ্ববিদ্যালয়, পেংগুইন, সাহিত্য অকাডেমি, নেশ্যনেল বুক ট্ৰাষ্ট আদিৰ পৰা প্ৰকাশিত সন্মানজনক গ্ৰন্থতো তেওঁৰ কবিতা স্থান পাইছে।

তুৰস্কৰ ইস্তানবুল, গ্ৰীচৰ এথেন্স, আমেৰিকাৰ অষ্টিন, আৰু বাংলাদেশৰ ঢাকাত অনুষ্ঠিত বিভিন্ন বিশ্ব কবিতা মহোৎসৱত অংশগ্ৰহণৰ বাবে তেওঁ আমন্ত্ৰিত হৈছিল। তেওঁৰ কবিতা জাৰ্মান, ফৰাচী, হাঙ্গেৰী, উজবেক আদি ভাষালৈ অনুবাদ কৰা হৈছে।

তেওঁৰ সাহিত্যিক অৱদানৰ স্বীকৃতি হিচাপে লাভ কৰিছে *মুনীন বৰকটকী বঁটা, **কেন্দ্ৰীয় সংস্কৃতি দপ্তৰৰ জ্যেষ্ঠ ফেল’শ্বীপ, **অন্তৰ্লিপি সাহিত্য বঁটা, **সাহিত্য জ্যোতি বঁটা, **অসম সাহিত্য সভাৰ শতবৰ্ষীয়া সাহিত্য সন্মান, **অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা, *জমিৰুদ্দিন আহমদ বঁটা আদি বহুতো সন্মান।

তেওঁৰ অকাল মৃত্য়ুত অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনত এক অপূৰণীয় শূন্যতা সৃষ্টি কৰিছে।

Celebrating 200 Years of Assam Tea in New York: নিউয়ৰ্কৰ ফেন্সি ফুড শ্ব’ ২০২৫ত উজলিল অসমৰ চাহৰ বৰ্ণিল দুশ বছৰীয়া পৰিক্ৰমা

Celebrating 200 Years of Assam Tea in New York
Celebrating 200 Years of Assam Tea in New York

নিউয়ৰ্কৰ ফেন্সি ফুড শ্ব’ ২০২৫ত পুনৰ (Celebrating 200 Years of Assam Tea in New York) উজলি উঠিল অসমৰ চাহৰ বৰ্ণিল দুশ বছৰীয়া পৰিক্ৰমা৷ নিউয়ৰ্কৰ জেকব কে জাভিটছ চেণ্টাৰত অসম চৰকাৰৰ মুখ্য সচিব ৰবি কোটা আৰু নিউয়ৰ্কত থকা ভাৰতৰ কনছুল জেনেৰেল এম্বেছাদৰ বিনয়া এছ প্ৰধানে গ্ৰীষ্মকালীন ফেন্সি ফুড শ্ব’ ২০২৫ত ইণ্ডিয়া পেভিলিয়ন উদ্বোধন কৰে ৷ এক আনুষ্ঠানিক প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ পাইছে এই কথা৷

১৮২৩ চনত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আৱিষ্কাৰ হোৱাৰ পৰাই জীৱিকা, সংস্কৃতি আৰু অৰ্থনীতি গঢ় দিয়া শক্তি, ৰুচি আৰু ঐতিহ্যৰ বিশ্বব্যাপী প্ৰতীক অসম টীৰ ২০০ বছৰ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত এই সোণালী ক্ষণ উদ্‌যাপনৰ বাবে এই অনুষ্ঠানটো আছিল এক গুৰুত্বপূৰ্ণ অনুষ্ঠান৷ উদ্বোধনী অনুষ্ঠানত ভাষণ দি অসমৰ মুখ্য সচিব ৰবি কোটাই চলিত বৰ্ষৰ আৰম্ভণিতে ৰাষ্ট্ৰদূত প্ৰধান আৰু অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ মাজত হোৱা বাৰ্তালাপৰ সময়ত অসম টীৰ ২০০ বছৰ উদ্‌যাপনৰ ধাৰণাটো কেনেদৰে কল্পনা কৰা হৈছিল সেই কথা সোঁৱৰণ কৰে ৷ ‘‘অসম টীৰ সফলতাপূৰ্বক ২০০ বছৰ উদ্‌যাপন কৰাৰ সময়ত আমি কেৱল আমাৰ ঐতিহ্যক লৈ গৌৰৱবোধ কৰাই নহয়, বৰং ভৱিষ্যতৰ বাবেও স্পষ্ট দৃষ্টিভংগী লৈ ইয়াক উদ্‌যাপন কৰিছো’’ কোটাই কয় ৷

কোটাই লগতে কয়, ‘‘অসমৰ বাবে গ্ৰীষ্মকালীন ফেন্সি ফুড শ্ব’ ২০২৫১ এই পেভিলিয়নে জেকব কে জাভিটছ চেণ্টাৰত উদ্‌যাপন আৰু কৌশলগত দুয়োটা মঞ্চ হিচাপে কাম কৰিব ৷ পৰম্পৰা আৰু উদ্ভাৱনৰ মাজত সেতু হিচাপে থিয় দিছে অসম টীয়ে৷ মই উদ্ভাৱন বুলিও কওঁ কাৰণ ভাৰতত শক্তি আৰু নতুন নতুন ধাৰণাৰে ভৰা যুৱক-যুৱতীসকলে এইক্ষেত্ৰত কাম কৰিবলৈ উৎসুক হৈ আছে আৰু অসমতো একেই৷ এই অনুষ্ঠানলৈ আমি আনিব বিচৰা চাৰিটা ষ্টাৰ্ট-আপ ক্ৰমে এৰ’মিকা টী, বুলা টী, ডৰেই টী আৰু অৰ্থক্স টী অসমৰ উদ্ভাৱনীমূলক চাহ ষ্টাৰ্টআপৰ এটা অংশ ৷ তেওঁলোকে বিদেশী চাহৰ নতুন মিশ্ৰণ উদ্ভাৱন কৰি আছে আৰু মই নিশ্চিত যে এই উদ্ভাৱনসমূহে এই অনুষ্ঠানৰ পৰা বিশ্বব্যাপী প্ৰসাৰ লাভ কৰিব৷’’

Assam Direct Recruitment Examination : ADRE পৰীক্ষাক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা, চলিত বৰ্ষৰ শেষত পুনৰ প্ৰকাশ পাব বিজ্ঞাপন – কেতিয়া সম্পন্ন হ’ব ৫০ হাজাৰ নিযুক্তি?

ডিজিটেল ডেস্কঃ Assam Direct Recruitment Examination (ADRE) লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ এক গুৰুত্বপূর্ণ ঘোষণা কৰিছে। তেওঁ ঘোষণা কৰে যে, চলিত বৰ্ষ ২০২৫ৰ নৱেম্বৰ-ডিচেম্বৰৰ ভিতৰত পুনৰ এবাৰ ADREৰ বিজ্ঞাপন প্ৰকাশ কৰা হ’ব। এই বিজ্ঞাপন অনুসৰি অহা বছৰেই অনুষ্ঠিত হ’ব নতুন ADRE পৰীক্ষা।

মুখ্যমন্ত্ৰীগৰাকীয়ে বোকাখাতত আয়োজিত এখন কাৰ্যসূচীত অংশ লৈ এই ঘোষণা কৰে। তেওঁ লগতে জানিবলৈ দিয়ে যে, পূৰ্বৰ অনুষ্ঠিত ADREৰ অধীনত যি নিযুক্তি প্ৰক্ৰিয়া চলি আছে, সেইটো অহা ১০ অক্টোবৰৰ ভিতৰত সম্পূৰ্ণ হ’ব। এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে প্ৰায় ৫০ হাজাৰ নিবনুৱা যুবক-যুৱতীয়ে নিযুক্তিপত্ৰ লাভ কৰিব। বিগত বৰ্ষত অনুষ্ঠিত এই নিযুক্তি পৰীক্ষা অসম চৰকাৰৰ ইতিহাসত অন্যতম ডাঙৰ নিযুক্তি প্ৰক্ৰিয়া হিচাপে বিবেচিত হৈছে।

তেওঁ এই সংবাদমেলত লগতে উল্লেখ কৰে যে, এতিয়া প্ৰতিবছৰে Assam Direct Recruitment Examination অনুষ্ঠিত কৰা হ’ব, যাতে যোগ্য নিবনুৱা সকলে চৰকাৰী চাকৰিৰ সুযোগ লাভ কৰিব পাৰে।

ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ পৌৰ কৰ্মচাৰী নিয়োগ আৰু চাকৰি নিয়মীয়াকৰণ সম্পৰ্কে বক্তব্য আগবঢ়াই কয় যে, ২০১৩ চনৰ পূৰ্বে নিযুক্ত হোৱা পৌৰ কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰা হ’ব। এই দায়িত্ব সংশ্লিষ্ট পৌৰসভাই ল’ব লাগিব। এই সিদ্ধান্তৰ জৰিয়তে বহু অস্হায়ী কৰ্মচাৰীয়ে নিয়মীয়া হোৱাৰ আশ্বাস লাভ কৰিছে।

মুখ্যমন্ত্ৰীৰ এই ঘোষণা সমূহে ৰাজ্যৰ নিযুক্তি প্ৰত্যাশী আৰু পৌৰ কৰ্মচাৰীসকলৰ মাজত এক নতুন আশা আৰু উদ্দীপনা সৃষ্টি কৰিছে।

Vitamin: কি ভিটামিনৰ অভাৱত শৰীৰত কমে তেজ ?

Vitamin: কি ভিটামিনৰ অভাৱত শৰীৰত কমে তেজ ?
Vitamin: কি ভিটামিনৰ অভাৱত শৰীৰত কমে তেজ ?

তেজৰ অভাৱত শৰীৰটো অতি দুৰ্বল হৈ পৰে আৰু শৰীৰৰ বহু কামত প্ৰভাৱ পৰে। গতিকে আপুনি এটা বিশেষ পুষ্টিকৰ উপাদান গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ।(Vitamin)শৰীৰত এটা বিশেষ ভিটামিনৰ অভাৱত ৰক্তহীনতাৰ সমস্যা হয়। এই ৰোগক মেগাল’ব্লাষ্টিক এনিমিয়া বুলিও কোৱা হয় । আমাৰ শৰীৰত ভিটামিন বি ১২ৰ অভাৱত ৰক্তহীনতা সমস্যাৰ সৃষ্টি হয়।ভিটামিন বি ১২, যাক কোবালামিন বুলিও কোৱা হয়। এই ভিটামিন শৰীৰৰ বহু গুৰুত্বপূৰ্ণ কামৰ বাবে অপৰিহাৰ্য।

হাড়ৰ মজ্জাত ৰক্তকণিকা গঠন হয়। এই সমূহৰ সঠিক বিকাশ আৰু পৰিপক্কতাৰ বাবে ভিটামিন বি১২ আৰু ফ’লেট দুয়োটাৰে সঠিক পৰিমাণৰ প্ৰয়োজন। ভিটামিন বি ১২ৰ অভাৱ হ’লে হাড়ৰ মজ্জাত থকা আৰ বি চিবোৰ অস্বাভাৱিকভাৱে ডাঙৰ আৰু অপৰিপক্ক হৈ পৰে। এই কোষবোৰে স্বাভাৱিকভাৱে কাম কৰিব নোৱাৰে আৰু অকালতে মৃত্যুমুখত পৰে। ইয়াৰ ফলত শৰীৰত সুস্থ আৰ বি চিৰ সংখ্যা কমি যায়, যাৰ ফলত ৰক্তহীনতা হয়।

ভিটামিন বি ১২ৰ অভাৱৰ কাৰণ-

১/ স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ নকৰা

ভিটামিন বি ১২ প্ৰধানকৈ মাংস, মাছ, কণী, দুগ্ধজাত সামগ্ৰীত পোৱা যায়। নিৰামিষভোজীৰ শৰীৰত তেজৰ অভাৱৰ সম্ভাৱনা বেছি।

২/ গেষ্ট্ৰিক বা অন্ত্ৰৰ অস্ত্ৰোপচাৰ
পেট বা ক্ষুদ্ৰান্ত্ৰৰ কিছু অংশ আঁতৰাই দিলে ভিটামিন বি ১২ শোষণত প্ৰভাৱ পৰিব পাৰে।

৫) হজম শক্তিৰ বিকাৰ
ক্ৰ’ন ৰোগ, চিলিয়াক ৰোগ আৰু আন কিছুমান অন্ত্ৰৰ সমস্যাই ভিটামিন বি ১২ শোষণত বাধাৰ সৃষ্টি কৰিব পাৰে।

৬) পেটৰ এচিডৰ অভাৱ
বয়স বৃদ্ধি বা কিছুমান ঔষধ ব্যৱহাৰ কৰিলে পেটৰ এচিডৰ উৎপাদন হ্ৰাস পাব পাৰে, যিটো ভিটামিন বি ১২ শোষণৰ বাবে প্ৰয়োজনীয়।

৭) কিছুমান বিশেষ ঔষধ

কিছুমান ঔষধ যেনে কিছুমান ডায়েবেটিছ ঔষধ আৰু প্ৰ’টন পাম্প ইনহিবিটাৰে দীৰ্ঘদিন ধৰি সেৱন কৰিলে ভিটামিন বি ১২ শোষণত প্ৰভাৱ পেলাব পাৰে।

লক্ষণ আৰু চিকিৎসা-

ভিটামিন বি ১২ৰ অভাৱত হোৱা ৰক্তহীনতাৰ লক্ষণসমূহ হ’ল অত্যন্ত ভাগৰুৱা, দুৰ্বলতা, উশাহ-নিশাহৰ কষ্ট, মূৰ ঘূৰোৱা, ছাল শেঁতা পৰা, জিভাৰ ফুলা আৰু বিষ (গ্ল’চাইটিছ), হাত-ভৰি জিনজিনোৱা, খোজ কঢ়াত অসুবিধা আৰু স্মৃতিশক্তিৰ সমস্যা।

সাধাৰণতে ভিটামিন বি ১২ৰ পৰিপূৰক বা বেজীৰ দ্বাৰা ইয়াৰ চিকিৎসা কৰা হয়। ভিটামিন বি ১২ সমৃদ্ধ খাদ্য সামগ্ৰীও খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাটো গুৰুত্বপূৰ্ণ।

LPG Cylinder Price Cut: পহিলাতেই সুখবৰ: হ্ৰাস পালে ৰন্ধন গেছৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম

ডিজিটেল ডেস্ক, ১ জুলাইঃ LPG Cylinder Price Cut দেশবাসীৰ বাবে জুলাই মাহৰ আৰম্ভণিতেই আহিল সুখবৰ। ইণ্ডিয়ান অইল ক’ৰ্প’ৰেশ্যনৰ সদৰী মতে, আজি ১ জুলাইৰ পৰা ৰন্ধন গেছৰ ১৯ কেজিৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৫৮.৫০ টকা হ্ৰাস পাইছে।
এই নতুন মূল্য আজি পহিলা জুলাইৰ পৰা সমগ্ৰ দেশতে কাৰ্যকৰী হৈছে। তাৰ অৰ্থ, এতিয়া ব্যৱসায়িক উদ্দেশ্যত ব্যৱহাৰ কৰা ১৯ কেজিৰ গেছ চিলিণ্ডাৰ আগৰ তুলনাত যথেষ্ট সস্তাকৈ লাভ কৰা যাব।

উল্লেখযোগ্য যে, কেৱল জুলাইতেই নহয়, জুন মাহতো এই চিলিণ্ডাৰৰ দামত ২৪ টকাৰ হ্ৰাস দিয়া হৈছিল।

তেল কোম্পানীসমূহে প্ৰতিমাহে এলপিজি চিলিণ্ডাৰৰ মূল্য পৰ্যালোচনা কৰি সেয়া বজাৰৰ পৰিস্থিতি আৰু আন্তৰ্জাতিক তেলৰ দামৰ আধাৰত সংশোধন কৰে। এতিয়া দেখা গৈছে যে, এইবাৰ মূল্য হ্ৰাসে ব্যৱসায়ীক ক্ষেত্ৰতো কিছু আৰ্থিক আৰাম কঢ়িয়াই আনিব।

যদিও এই হ্ৰাস কেৱল বাণিজ্যিক চিলিণ্ডাৰৰ ক্ষেত্ৰত প্ৰযোজ্য, ঘৰুৱা ব্যৱহাৰৰ ১৪.২ কেজিৰ চিলিণ্ডাৰৰ দাম আগৰ দৰেই আছে। তেন্তে সাধাৰণ ৰন্ধন ব্যৱহাৰকাৰীসকলৰ বাবে সদায় যেন এয়া এটা আশা হৈ থাকে যে, অহা দিনবোৰত ঘৰুৱা চিলিণ্ডাৰৰ ক্ষেত্ৰতো এনে সুখবৰ আহিব।

Railway fare hikes: আজিৰে পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া

Railway fare hikes: আজিৰে পৰা বৃদ্ধি পালে ৰে'ল ভাড়া
Railway fare hikes: আজিৰে পৰা বৃদ্ধি পালে ৰে'ল ভাড়া

আজিৰে পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া।(Railway fare hikes)

প্রতি কিলোমিটাৰত ২ পইচাকৈ বৃদ্ধি পালে ৰে’লৰ ভাড়া।

এচি ক্লাছৰ বাবে প্ৰতি কিলোমিটাৰত দুই পইচাকৈ বৃদ্ধি পালে।

নন-এচিৰ বাবে প্ৰতি কিলোমিটাৰত এক পইচাকৈ বৃদ্ধি।

৫০০ কিঃমিঃতকৈ অধিক দূৰত্বৰ বাবে জেনেৰেল ক্লাছতো ভাড়া বৃদ্ধি।

ছুপাৰ ফাৰ্ট ৰে’লত বৃদ্ধি ভাড়া, ৰাজধানী, বন্দে ভাৰত, জন শতাব্দীসহ বহু ৰে’লৰ টিকটৰ দাম বৃদ্ধি।

অৱশ্যে ৫০০ কিলোমিটাৰ যাত্ৰা কৰা টিকটত বৃদ্ধি নহয় ভাড়া।

৫০০ কিলোমিটাৰতকৈ অধিক যাত্ৰা কৰা টিকটৰ ক্ষেত্রত প্রযোজ্য হ’ব নতুন নিৰিখ।

Himanta Biswa Sarma: কোনে বটল দলিয়াইছিল মুখ্যমন্ত্ৰীৰ কনভয়লৈ ?

Himanta Biswa Sarma: কোনে বটল দলিয়াইছিল মুখ্যমন্ত্ৰীৰ কনভয়লৈ ?
Himanta Biswa Sarma: কোনে বটল দলিয়াইছিল মুখ্যমন্ত্ৰীৰ কনভয়লৈ ?

মুখ্যমন্ত্ৰীৰ কনভয়লৈ বটল নিক্ষেপ কৰা ৫ কংগ্ৰেছীক আটক। (Himanta Biswa Sarma)

নিশা সৰুপথাৰৰ পৰা ৰাহুল ফুকন নামৰ এজনক আটক।

ঘটনা সন্দৰ্ভত আন চাৰিজনকো আটক কৰিছিল আৰক্ষীয়ে।

পাৰ্থ সাৰথি বৰা, ৰূপান্তৰ তাঁতী, কৃষ্ণা চুতীয়া, ৰাহুল শইকীয়া আৰু ৰাহুল ফুকনক আটক।

সৰুপথাৰৰ পৰা আৰক্ষীয়ে আটক কৰিছে ৰাহুল ফুকনক।

অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক পাৰ্থ সাৰথি বৰা।

গোলাঘাটত মুখ্যমন্ত্ৰীৰ কনভয়লৈ বটল দলিয়াইছিল একাংশই।

এই ঘটনাৰ সন্দৰ্ভত এতিয়ালৈকে পাঁচজনক আটক।

No sale of diesel: আজিৰে পৰা নতুন নিয়মঃ ১৫ বছৰ পুৰণি পেট্ৰ’ল চালিত বাহনক দিয়া নহয় ইন্ধন

No sale of diesel: আজিৰে পৰা নতুন নিয়মঃ ১৫ বছৰ পুৰণি পেট্ৰ'ল চালিত বাহনক দিয়া নহয় ইন্ধন
No sale of diesel: আজিৰে পৰা নতুন নিয়মঃ ১৫ বছৰ পুৰণি পেট্ৰ'ল চালিত বাহনক দিয়া নহয় ইন্ধন

আজিৰে নতুন নিয়ম।(No sale of diesel)

১৫ বছৰ পুৰণি পেট্ৰ’ল চালিত বাহনক দিয়া নহ’ব ইন্ধন।

১০ বছৰ পুৰণি ডিজেল চালিত বাহনকো দিয়া নহয় ইন্ধন।

আজিৰে পৰা দিল্লীত নতুন নিয়ম। ১৫ বছৰ পুৰণি পেট্ৰ’ল চালিত বাহনক দিয়া নহয় ইন্ধন।

পৰিবহণ বিভাগে জাৰি কৰিছে জাননী।

আজিৰে পৰা নতুন নিয়ম ৰাজধানী দিল্লীত।

১৫ বছৰৰ ওপৰৰ পেট্ৰ’ল চালিত বাহনক দিয়া নহ’ব ইন্ধন, লগতে ১০ বছৰৰ ওপৰৰ ডিজেল চালিত বহনকো দিয়া নহ’ব ইন্ধন।

ৰাজধানীৰ সকলো পেট্ৰ’ল পাম্পত আঁৰি দিয়া হৈছে এই জাননী।

পুৰণি বাহন সন্দৰ্ভত দিল্লী চৰকাৰে এই বৃহৎ ঘোষণা কৰিছে।

প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে এই ব্যৱস্থা লোৱা হৈছে।

ইয়াৰ উপৰিও দিল্লী চৰকাৰে এণ্টি স্মোগ গান আৰু ক্লাউড ছিডিং স্থাপনৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।

নুমলীগড়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ ভ্ৰমণ: “ধনশিৰী নগৰ” উদ্বোধন আৰু ইথানল প্ৰকল্প পৰিদৰ্শন । NRL

নুমলীগড়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ ভ্ৰমণ: “ধনশিৰী নগৰ” উদ্বোধন আৰু ইথানল প্ৰকল্প পৰিদৰ্শন । NRL
নুমলীগড়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ ভ্ৰমণ: “ধনশিৰী নগৰ” উদ্বোধন আৰু ইথানল প্ৰকল্প পৰিদৰ্শন । NRL


নুমলীগড়, ৩০ জুন ২০২৫ । NRL। সোমবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা গোলাঘাট আৰু দেৰগাঁও পৰৱৰ্তে নুমলীগড় শোধনাগাৰত উপস্থিত হৈ দুই মুখ্য অনুষ্ঠানত অংশগ্ৰহণ কৰে। প্ৰথমে তেওঁ টাউনশ্বিপ “ধনশিৰী নগৰ” নামৰ আবাসিক পেঞ্চিং উদ্বোধন কৰে যি NRL-ৰ কৰ্মচাৰীসকলৰ সুবিধাৰ্থে উন্নীত কৰা হৈছে; এই সময় মুখ্যমন্ত্ৰীয়ে Advantage Assam 2.0-ৰ অধীন পৰিকল্পিত আগন্তুক প্রকল্পসমূহকে লৈ শিখা, মন্ত্ৰী, সাংসদ, বিধায়ক তথা উচ্চপদস্থ বিষয়াসহ এক উচ্চস্তৰীয়া বৈঠকও কৰে ।

সেইসময় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে ৮ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নুমলীগড়ত দেশৰ প্ৰথম “বেম্বু-ভিত্তিক বায়ো-এথানল উদ্ভিদ” উদ্বোধন কৰিব—যি ব্য়য়সাংক্রান্ত ₹৪২০০ কোটি, ৪৯ KTPA (৪৯,০০০ মেট্ৰিক টন/বছর) উৎপাদনক্ষমতা আৰু Chempolis Oy (ফিনল্যান্ড)–ৰ জুঁইন্ট উদ্যোগেৰে তৈয়াৰ হৈছে ।

এতিয়াও ইথানল প্রকল্পটি চলিত হৈ আছে, আৰু এই উদ্ভিদৰ বাণিজ্যিক উৎপাদন মাঝ ২০২৫ বছৰৰ ভিতৰেই আৰম্ভ হ’ব বুলি NRL–ৰ উত্সে প্ৰকাশ কৰিছে ।

মুখ্যমন্ত্ৰীৰ মন্তব্য

“আমাৰ Advantage Assam 2.0 আৰু এই নতুন টাউনশ্বিপ আমাৰ কৰ্মচাৰী আৰু পৰিয়ালসমূহৰ জীৱন-মান উন্নত কৰাৰ ক্ষেত্ৰে এক উল্লেখযোগ্য পদক্ষেপ … আৰু ৮ ছেপ্টেম্বৰৰ দিনটোৰ ভিজিট ইয়াৰ অভূতপূর্ব অগ্রগতিৰ সাক্ষ্য হ’ব।”

এই বৈঠকত মুখ্যমন্ত্ৰীয়ে টাউনশ্বিপ, টেকসই উদ্ভিদ, B2B সম্পৰ্কিত বিনিয়োগ ব্যৱস্থা, ভূমি অধিগ্ৰহণ, আৰু পৰিবহণ সংযোগ বিষয়ে বিস্তারিত আলোচনা কৰে ।

৯৩ টা পৰিয়ালত চলিল প্রশাসনৰ এক্সকেভেটৰ-বুলড’জাৰ । Nalbari

Nalbari । পাঁচ শতাধিক সামৰিক-অৰ্ধসামৰিক বাহিনীৰে নলবাৰীৰ মুকালমুৱাৰ বাকৰিকুছিত ৯৩ টা পৰিয়ালত চলিল প্রশাসনৰ এক্সকেভেটৰ-বুলড’জাৰ । কাহিলিপুৱাতে নলবাৰী প্ৰশাসনৰ উচ্ছেদ অভিযান ।
নলবাৰীৰ এটা প্ৰান্তত এতিয়া শুনিবলৈ পোৱা গৈছে কেৱল গৃহহাৰাৰ ক্ৰন্দন । নিজহাতে গঢ়া আপোন ঘৰখন, বাৰী-বস্তি, খেতি চকুৰ আগতে ধূলিসাৎ হোৱাত দিশহাৰা হৈ পৰিছে শ শ লোক । আনকি শোৱাপাটিতে তেওঁলোকৰ বাসগৃহত হাতুৰীৰ কোব, এক্সকেভেটৰ-বুলড’জাৰৰ হাতোৰা পৰাত পুৱাৰ চাহকাপ, পানীটুপিও নোখোৱাকৈ কণ কণ ল’ৰা-ছোৱালী বুকুট সাবটি আপোন ঘৰখন এৰি ৰাজপথলৈ ওলাই আহিবলগা হৈছে বহুজন ।

কিয়নো সোমবাৰে পুৱাতে নলবাৰীত চলোৱা হয় সৰ্ববৃহৎ উচ্ছেদ অভিযান । এই অভিযানত অঞ্চলটো উচ্ছেদিতৰ বিননিয়ে এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰে । ৰাস্তাত বাগৰি বাগৰি হিয়া ঢাকুৰি কান্দোন উচ্ছেদিত পৰিয়ালৰ ।
“আমাক জে চি বিৰে চেপি মাৰি থৈ যাওক । আমাৰ ল’ৰা-ছোৱালীয়ে পুৱা ৫ বজাৰে পৰা লঘোণে আছে । উচ্ছেদৰ নামত আমাক হাৰাশাস্তি কৰিছে চৰকাৰ-প্ৰশাসনে । এতিয়া আমি ক’লৈ যাম, ক’ত থাকিম । আমি ইয়াতেই মৰিম ।” এয়া হ’ল উচ্ছেদিতৰ ব্যথাভৰা ক্ষোভ ।

আনহাতে, ৰাজপথতে হিয়া ঢাকুৰি কান্দি মূৰ্চা যায় বৃদ্ধ, মহিলা । ঘৰ-বাৰী হেৰুৱাই এতিয়া ৰাপথতেই জীৱন কটাব বুলি মন্তব্য উচ্ছেদিত পৰিয়ালৰ ।

অৱশেষত বহু জল্পনা-কল্পনাৰ অন্ত পেলাই সোমবাৰে কাহিলিপুৱাৰে পৰা নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত মুকালমুৱাৰ বাকৰিকুছিত প্ৰশাসনে চলাই সৰ্ববৃহৎ উচ্ছেদ অভিযান । বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বাকৰিকুছিৰ চৰকাৰী ভূমিত প্রশাসনে বুলড’জাৰ, এক্সকেভেটৰ লৈ এই অভিযান চলায় ।

উল্লেখ্য যে উত্তৰ বৰক্ষেত্ৰী মৌজাৰ অন্তৰ্গত বাকৰিকুছিৰ ১০৬ নং দাগৰ ৪৫২ বিঘা ১ কঠা ১৪ লেচা চৰকাৰী ভূমিত চলে এই উচ্ছেদ । এই ভূমি দীর্ঘদিন ধৰি বেদখল কৰি আহিছে প্ৰায় ৯৩ টা পৰিয়ালে । এই চৰকাৰী ভূমি বেদখল কৰি পৰিয়ালসমূহে বাসগৃহ নিৰ্মাণ কৰি, পুখুৰী খান্দি জীৱন-যাপন কৰি আহিছে । এই ভূমিতেই ঈদগাহ ময়দান, চৰকাৰী বিদ্যালয়, অংগনৱাড়ী কেন্দ্ৰও গঢ়ি উঠিছে ।

পৰৱৰ্তী সময়ত চৰকাৰৰ উচ্ছেদৰ জাননী যায় উক্ত পৰিয়ালসমূহলৈ । উক্ত চৰকাৰী ভূমি খালী কৰাৰ বাবে যোৱা ৩ জুনত বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ কাৰ্যালয়ে বেদখলকাৰীসকলক জাননী জাৰি কৰে । বেদখলকাৰীসকলে জাননী লাভ কৰাৰ পাছতেই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপে যদিও শেহতীয়াকৈ আদালতত মুখথেকেচা খাবলগীয়া হয় ।

ইফালে আদালতৰ ৰায়ৰ পাছতেই নলবাৰী জিলা প্রশাসনে সোমবাৰে পুৱাৰে পৰা উচ্ছেদ অভিযান চলায় । ইতিপূর্বেই একাংশ বেদখলকাৰীয়ে নিজৰ বাসগৃহসমূহ ভাঙি অইন ঠাইলৈ ঢাপলি মেলা পৰিলক্ষিত হৈছে । যাৰ বাবে এই উচ্ছেদ অভিযান সফলভাৱে ৰূপায়ণ হোৱা বুলি জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে জানিবলৈ দিয়ে ।

আনহাতে, উচ্ছেদ অভিযান শান্তিপূৰ্ণভাৱে চলা বুলি উল্লেখ কৰি জিলা আয়ুক্তগৰাকীয়ে কয়, “ইয়াত যি জনসাধাৰণ আছিল তেওঁলোকে জিলা প্ৰশাসনক সম্পূৰ্ণৰূপে সহযোগ কৰিছে । কাৰণ আমি চাৰিদিন আগৰে পৰা তেওঁলোকৰ সৈতে প্ৰত্যক্ষভাৱে কথা-বতৰা পাতি আছিলোঁ । তাৰ ফলত আমি কোনোধৰণৰ বাধা নোপোৱাকৈ আমি এই গোটেইখিন কাম কৰি আছোঁ । আৰু কিছুসংখ্যক ইয়াত বসবাস কৰি থকা লোকে আগতেই তেওঁলোকৰ সা-সম্পত্তি লৈ গুচি গৈছে ।”

ইপিনে উক্ত উচ্ছেদস্থলীত উপস্থিত হয় আৰক্ষী মহাপৰিদৰ্শক অখিলেশ সিং । আই জি পিয়েও চৰকাৰী ভূমি বেদখল কৰি কোনোৱে থাকিব নোৱাৰে বুলি সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া আগবঢ়ায় ।