Home Blog Page 135

Ants Prediction in House: ঘৰত হঠাতে ৰঙা বা ক’লা পৰুৱা ওলালে শুভ নে অশুভ ?

Ants Prediction in House: ঘৰত হঠাতে ৰঙা বা ক’লা পৰুৱা ওলালে শুভ নে অশুভ ?
Ants Prediction in House: ঘৰত হঠাতে ৰঙা বা ক’লা পৰুৱা ওলালে শুভ নে অশুভ ?

হঠাতে ঘৰত ৰঙা বা ক’লা পৰুৱা (Ants Prediction in House) দেখাটো স্বাভাৱিক কথা বুলি গণ্য কৰা হয়। কিন্তু আপুনি জানেনে কেতিয়াবা আপোনাৰ ঘৰলৈ পৰুৱা আহি কিবা এটা বিশেষ বাৰ্তা দি তাৰ পিছত নোহোৱা হৈ যায়।

ঘৰত পৰুৱা দেখা দিয়াটো এটা স্বাভাৱিক কথা। ঘৰত পৰুৱা দেখাৰ পিছত বেছিভাগ মানুহেই আওকাণ কৰে। কিন্তু তেওঁলোকে নাজানে যে কোনো ঘৰলৈ কোনো কাৰণ নোহোৱাকৈ পৰুৱা নাহে। পৰুৱা আগমনৰ এক বিশেষ অৰ্থ আছে। আজি আমি আপোনালোকক আপোনালোকৰ ঘৰত আবিৰ্ভাৱ হোৱা পৰুৱা দিশ আৰু আচৰণৰ বিষয়ে কম, যাৰ পৰা আপুনি জানিব পাৰিব যে আপুনি ভৱিষ্যতে ক্ষতিৰ সন্মুখীন হ’ব নে লাভ হ’ব।

জ্যোতিষৰ মতে যদি আপোনাৰ ভাত ভৰ্তি বাচন-বৰ্তনৰ পৰা পৰুৱা ওলাবলৈ আৰম্ভ কৰে, তেন্তে ইয়াক শুভ বুলি গণ্য কৰা হয়। কোৱা হয় যে ই অদূৰ ভৱিষ্যতে ধন বৃদ্ধিৰ আৰম্ভণিৰ লক্ষণ। ইয়াৰ ফলত সমাজত সন্মান বাঢ়ে আৰু আৰ্থিক অৱস্থা সুদৃঢ় হয়।

একেদৰে শুই থকা ঠাইত ৰখা বস্তুবোৰৰ পৰা যদি ক’লা পৰুৱা ওলাই, তেন্তে সেয়া ভাল। আপোনাৰ সোণ-ৰূপকে ধৰি সকলো ধন-সম্পত্তি বহুত বাঢ়িব।

জ্যোতিষৰ মতে হঠাৎ ঘৰত ক’লা পৰুৱা দেখা পোৱাটো জীৱনৰ ইতিবাচক পৰিৱৰ্তনৰ লক্ষণ। এনে পিঁপৰা পৰুৱা দেখাৰ লগে লগে সেই পৰুৱাক আটা খুৱাবলৈ আৰম্ভ কৰক। তেতিয়া আপোনাৰ ইষ্ট দেৱৰ ওচৰলৈ বাৰ্তা যাব যে আপুনি তেওঁৰ সংকেত লাভ কৰিছে। কিছু সময়ৰ পাছত ক’লা পৰুৱাবোৰ নিজে নোহোৱা হৈ যায়।

ৰঙা পৰুৱা দেখাৰ অৰ্থ কি?

বাস্তু শাস্ত্ৰৰ মতে হঠাৎ ঘৰত ৰঙা পৰুৱা দেখাটো অশুভ বুলি গণ্য কৰা হয়। তাৰ অৰ্থ হ’ল আপোনাৰ দুৱাৰমুখত কিবা আৰ্থিক দুৰ্যোগে থিয় দিছে। আপুনি আৰ্থিক ক্ষতিৰ সন্মুখীন হ’ব পাৰে। কিছুমান অবাঞ্চিত খৰচে আপোনাক আগুৰি ধৰিব পাৰে। ঘৰত ৰোগ প্ৰৱেশ কৰিব পাৰে। হঠাৎ কাৰোবাৰ পৰা ঋণ ল’ব লগা হ’ব পাৰে।

Turmeric Water: মোবাইলৰ ফ্লেচ লাইট জ্বলাই এগিলাচ পানীত হালধি মিহলি কৰিছে নেকি? এই পানীয়ৰ আছে এন্য এক উপকাৰিতা

Turmeric Water: মোবাইলৰ ফ্লেচ লাইট জ্বলাই এগিলাচ পানীত হালধি মিহলি কৰিছে নেকি? এই পানীয়ৰ আছে এন্য এক উপকাৰিতা
Turmeric Water: মোবাইলৰ ফ্লেচ লাইট জ্বলাই এগিলাচ পানীত হালধি মিহলি কৰিছে নেকি? এই পানীয়ৰ আছে এন্য এক উপকাৰিতা

হালধি পানী কেৱল ৰিল বনোৱাতেই নহয়, খোৱাৰ বাবেও ব্যৱহাৰ কৰিব লাগে। কাৰণ এই পানীয় স্বাস্থ্যৰ বাবে অতি উপকাৰী।(Turmeric Water)

ছ’চিয়েল মিডিয়াত আপুনি নিশ্চয় দেখিছে বা অনুসৰণ কৰিছে যে আন্ধাৰ কোঠা এটাত মোবাইলৰ ফ্লেছ লাইটৰ ওপৰত সকলোৱে গ্লাছত হালধি গুড়ি মিহলাই আছে। হালধি ভাৰতীয় পাকঘৰৰ এক বহুমূলীয়া সম্পদ, ই কেৱল খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয়, ইয়াৰ ঔষধি গুণৰ বাবে স্বাস্থ্যৰ বাবেও উপকাৰী। হালধি কুহুমীয়া গৰম পানীৰ লগত মিহলাই খালে স্বাস্থ্যৰ বহু উপকাৰ পোৱা যায়। বিশেষকৈ ৰাতিপুৱা খালী পেটত এই পানীয় খালে শৰীৰে বহু সমস্যাৰ পৰা সকাহ পায়। হালধি পানী খোৱাৰ ৫টা প্ৰধান উপকাৰৰ বিষয়ে জানো আহক-

১/ শক্তিশালী হজম শক্তি
হালধিত থকা কাৰকুমিনে পাচন এনজাইমক উদ্দীপিত কৰে, যাৰ ফলত পাচন প্ৰক্ৰিয়া উন্নত হয়। ৰাতিপুৱা হালধি পানী খালে কোষ্ঠকাঠিন্য, গেছ আৰু বদহজম আদি সমস্যা কম হয়। ই পেটত ভাল বেক্টেৰিয়াক প্ৰসাৰিত কৰে আৰু অন্ত্ৰ সুস্থ কৰি ৰাখে, যাৰ ফলত পেটৰ সমস্যাৰ পৰা উপশম পাব পাৰি।

২/ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে
হালধিত এন্টিঅক্সিডেন্ট, এন্টি-ইনফ্লেমেটৰী আৰু এন্টিমাইক্ৰ’বিয়াল গুণ আছে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। নিয়মিতভাৱে হালধি পানী খালে চৰ্দি, কাহ আৰু ভাইৰাছৰ সংক্ৰমণৰ সম্ভাৱনা হ্ৰাস পায়। ই শৰীৰক বিষমুক্ত কৰি ঋতুভিত্তিক ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।

৩) ছালৰ সমস্যাৰ উন্নতি কৰে
হালধি পানী ছালৰ বাবে এক আশীৰ্বাদ। ইয়াৰ এন্টিঅক্সিডেন্ট গুণে ছালখনক ব্ৰণ, দাগ আৰু প্ৰদাহৰ পৰা ৰক্ষা কৰে। হালধিত থকা কাৰকুমিনে ছালত তেজৰ সোঁত উন্নত কৰে, যাৰ ফলত মুখখন উজ্বল আৰু সুস্থ যেন লাগে। নিয়মিতভাৱে খালে কৰিলেও ছালৰ বিষ আৰু এলাৰ্জী হ্ৰাস পায়।

৪/ ওজন কমাবলৈ সহায়ক
হালধিৰ পানীয়ে বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে, যিয়ে ওজন নিয়ন্ত্ৰণত সহায় কৰে। ই শৰীৰৰ চৰ্বি জ্বলোৱাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰে আৰু ভোক নিয়ন্ত্ৰণ কৰে। ৰাতিপুৱা খালী পেটত হালধি পানী খালে কেলৰি জ্বলোৱা হয় আৰু মেদবহুলতা হ্ৰাস কৰাত সহায় কৰে।

৫/ পিৰিয়ডত সকাহ পোৱা
মাহেকীয়াৰ লগত জড়িত সমস্যাত মহিলাৰ বাবে হালধি পানী উপকাৰী। ইয়াৰ এন্টি-ইনফ্লেমেটৰী গুণে ঋতুচক্ৰৰ সময়ত বিষ আৰু ক্ৰেম্প কমায়। ইয়াৰ উপৰিও ই হৰম’নৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে, যাৰ ফলত অনিয়মিত মাহেকীয়াৰ সমস্যাৰ উন্নতি হয়।

Jayanta Malla Baruah: সাংবাদিকক অপমান কৰি অৱশেষত নিজৰ ভুল স্বীকাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

Jayanta Malla Baruah: সাংবাদিকক অপমান কৰি অৱশেষত নিজৰ ভুল স্বীকাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
Jayanta Malla Baruah: সাংবাদিকক অপমান কৰি অৱশেষত নিজৰ ভুল স্বীকাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

সংবাদমেলত গীৰ গাই বিতৰ্ক সন্দৰ্ভত সাংবাদিকক(Jayanta Malla Baruah)অপমান কৰি অৱশেষত নিজৰ ভুল স্বীকাৰ কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। সামাজিক মাধ্যমযোগে সাংবাদিকক নক’বলগীয়া মন্তব্য কৰা বুলি স্বীকাৰ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।সাংবাদিক সমাজক ভুল নুবুজিবলৈও অনুৰোধ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। সামাজিক মাধ্যমত মন্ত্ৰীগৰাকীয়ে লিখিছে, ‘সংবাদ জগতৰ সৈতে আমাৰ পৰিয়ালৰ সম্পৰ্ক বহু পুৰণি। মোৰ দেউতাই ২২ বছৰ ‘দৈনিক অসম’ৰ দৰে এখন প্ৰতিষ্ঠিত কাকতৰ স্থানীয় সংবাদদাতা হিচাপে কাম কৰিছিল। সেয়ে সাংবাদিকৰ প্ৰতি মোৰ গভীৰ শ্ৰদ্ধা সৰুৰে পৰাই গঢ় লৈ উঠিছিল আৰু এই শ্ৰদ্ধা মোৰ অন্তৰত আছিল, আছে আৰু সদায়েই থাকিব।

ইচ্ছাকৃত ভাৱে মই কোনো সাংবাদিকক অপমান কৰা নাই, তথাপিতো মোৰ কথাত যদি কাৰোবাৰ মনত আঘাত লাগিছে তাৰবাবে মই সঁচাকৈয়ে দুঃখিত। লগতে এটা কথা মই বিনম্ৰতাৰে স্পষ্ট কৰি দিব খোজোঁ যে সিদিনাৰ সংবাদমেলত কোনো সাংবাদিকক তুচ্ছ কৰাৰ মানসিকতাৰে মই একো কথা কোৱা নাছিলোঁ, মাত্ৰ এটা নিৰ্দিষ্ট চেনেলৰ এগৰাকী নিৰ্দিষ্ট সাংবাদিকে তেওঁৰ মালিকপক্ষৰ ব্যক্তিগত স্বাৰ্থত উদ্দেশ্য প্ৰণোদিতভাবে মোক উপৰ্যুপৰি কৰা প্ৰশ্ন (বা একপ্ৰকাৰৰ জেৰা)-ত অতীষ্ঠ হৈ মোৰ মুখেৰে এষাৰ ক’বনলগীয়া বাক্য ওলাই গৈছিল। সেই বাক্যশাৰী মই নিশ্চয় ক’ব নালাগিছল। মই যদিও এগৰাকী নিৰ্দিষ্ট সাংবাদিকক উদ্দেশ্য কৰি সেই বাক্যশাৰী কৈছিলোঁ, তাক লৈ সমগ্ৰ সাংবাদিক সমাজে দুখ পোৱা বুলি জানি মই নিজেও মনত বৰ আঘাত পাইছোঁ। সেয়ে সকলোকে ভুল নুবুজিবলৈ মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ৷

মোৰ এই অনিচ্ছাকৃত ভুলৰ অচিলা লৈ সেই নিৰ্দিষ্ট সংবাদগোষ্ঠীটোৰ এগৰাকী মুখ্য সম্পাদকে মোৰ ৰাজহুৱা ভাৱমূৰ্তি ধ্বংস কৰিবলৈ বিশেষ উদ্যোগ লৈ অহা আমি দেখিবলৈ পাইছোঁ৷ সেইগৰাকী সাংবাদিকে নিজৰেই সতীৰ্থসকলৰ প্ৰতি নিজে কিমান শ্ৰদ্ধাশীল, সেই কথা বুজিবলৈ সকলোৱে অনুগ্ৰহ কৰি তলৰ ভিডিঅ’টো সম্পূৰ্ণকৈ এবাৰ চাব পাৰে৷ আশাকৰোঁ, সকলোৱে সকলোৰে প্ৰতি সমদৃষ্টি ৰাখিব। এয়াই মোৰ বিনম্ৰ অনুৰোধ৷’

Stampede during Puri Jagannath Yatra: পুৰীৰ ৰথযাত্ৰাত শোকাৱহ ঘটনা, ৩ গৰাকী ভক্তৰ মৃত্যু।

Stampede during Puri Jagannath Yatra: পুৰীৰ ৰথযাত্ৰাত শোকাৱহ ঘটনা, ৩ গৰাকী ভক্তৰ মৃত্যু।
Stampede during Puri Jagannath Yatra: পুৰীৰ ৰথযাত্ৰাত শোকাৱহ ঘটনা, ৩ গৰাকী ভক্তৰ মৃত্যু।

উৰিষ্যাৰ পুৰীত ৰথযাত্ৰাৰ মাজতে শোকাৱহ ঘটনা।(Stampede during Puri Jagannath Yatra)

ৰথ টনাৰ সময়তে ভক্তৰ ঠেলা-হেঁচাত ৩ গৰাকী ভক্তৰ মৃত্যু হয়।

সংকটজনক অৱস্থাত আছে ৮ গৰাকী লোক।

আঘাতপ্রাপ্ত হৈছে ৫০ৰো অধিক ভক্ত।

শ্রীগুণ্ডিচা মন্দিৰৰ সমুখত এই ঘটনা সংঘটিত হয়।

দেওবাৰে পুৱা প্ৰায় ৪ বজাত গুণ্ডিচা মন্দিৰৰ সন্মুখত ভগৱান জগন্নাথৰ নন্দিঘোষা ৰথৰ সমীপত ৰাইজৰ মাজত এই ভয়াবহতা ঘটনা সংঘটিত হয়।

দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ নাম হ’ল বসন্তী সাহু (৩৬), প্ৰেম কান্তি মহন্ত (৭৮) আৰু প্ৰভাতি দাস।

আটাইকেইটা মৃতদেহ পুৰী চিকিৎসা মহাবিদ্যালয়ত ৰখা হৈছে। আহত আটাইকেইজনক ততাতৈয়াকৈ চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

গৰু বিতৰ্কৰ মাজতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বাল্যকালৰ জ্যোতিষীয় কাহিনী উন্মোচিত । jayanta malla baruah

স্থানীয় লোকৰ মাজত পুনৰ চৰ্চাত ‘গৰু’ আৰু জয়ন্ত মল্ল বৰুৱা !jayanta malla baruah ।


সম্প্ৰতি গৰু সম্পৰ্কীয় এক বিতৰ্কৰ মাজত সোমাই পৰা অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিষয়ে এখন নতুন কাহিনী চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে। এইবাৰ আলোচনাৰ কেন্দ্ৰস্থল হৈছে তেওঁৰ বাল্যকাল আৰু তেতিয়াৰ এক জ্যোতিষীয় ভৱিষ্যত বাণী।

স্থানীয় লোকৰ দাবী অনুসৰি, জয়ন্ত মল্ল বৰুৱাৰ পিতৃ-মাতৃক তেওঁৰ শৈশৱতে এজন প্ৰভাৱশালী জ্যোতিষীয়ে কৈছিল — যদি জয়ন্তই গৰুক পুজা কৰে, তেন্তে তেওঁৰ জীৱনত উন্নতি, সন্মান আৰু ৰাজনৈতিক খ্যাতি লাভ হব। কিন্তু গৰু পালে বা গো-ব্যৱসায়ৰ লগত জড়িত হ’লে বিপদ আহিব।

Vedic Astrology Isolated Image

জ্যোতিষীয়ে স্পষ্টকৈ উল্লেখ কৰিছিল যে জয়ন্ত মল্ল বৰুৱাই “গো-মাতা”ৰ সন্মান কৰি পূজা কৰিলে সমাজত সুনাম আৰু ৰাজশাসনত সুবিধা পাব, কাৰণ তেওঁৰ ৰাশিচক্ৰত গৰুৰ লগত বিশেষ সংযোগ থকা যোগ আছে।

এই কাহিনী এতিয়া স্থানীয় পৰিসৰত পুনৰ চৰ্চাৰ বিষয় হৈ পৰিছে, বিশেষকৈ গৰু বিতৰ্কৰ পিছত। বহুতে কৈছে যে এতিয়া সেই জ্যোতিষ বাণীৰ কথাই যেন বাস্তৱলৈ ঘূৰি আহিছে।

উল্লেখযোগ্য যে, জয়ন্ত মল্ল বৰুৱাই মধ্যবিত্ত পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল, আৰু তেওঁৰ পৰিয়ালত তেতিয়াৰ দিনৰ এই জ্যোতিষ বাণীক কিমান গুৰুত্বসহকাৰে লৈছিল পৰিয়াল লোকে জানিব!

গৰু বিতৰ্কৰ মাজতে এইধৰণৰ অতীতৰ তথ্যৰ উন্মোচনে মন্ত্ৰীজনৰ জীৱনৰ এক নতুন অধ্যায় জনসাধাৰণৰ আগত লৈ আহিছে।

মেকুৰীৰ ডিঙিত টিলিঙা ! এছপিএম আইএএছ একাডেমীত কেলেংকাৰি । SPM

মেকুৰীৰ ডিঙিত টিলিঙা ! এছপিএম আইএএছ একাডেমীত কেলেংকাৰি । SPM
মেকুৰীৰ ডিঙিত টিলিঙা ! এছপিএম আইএএছ একাডেমীত কেলেংকাৰি । SPM

২৮ জুন_ SPM ।SPM IAS ACADEMY, Zoo Road । ৰাজ্যৰ শৈক্ষিক প্ৰতিষ্ঠানকে ধৰি আন কেইবাটাও প্ৰতিষ্ঠানে বিশাল মাত্ৰাত জিএছটি ফাঁকি দিয়াৰ অভিযোগ উত্থাপন হোৱাৰ সময়তে অসমৰ জিএছটি বিভাগে তেনে প্ৰতিষ্ঠানৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে।

SPM IAS Academy  । অসমৰ জি এছ টি বিভাগে বিভিন্ন সামগ্ৰীৰ ক্ষেত্ৰত ভুৱা চালানৰ ৰেকেট চিহ্নিত কৰি সেই মতে ব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে এই সংক্ৰান্তত বহু লোক গ্ৰেপ্তাৰো হৈছে। APSC Coaching in GuwahatiUPSC Coaching in Guwahati । শেহতীয়াকৈ ৰাজ্যৰ একাংশ ক’চিং চেণ্টাৰৰ বিৰুদ্ধেও কৰ ফাঁকিৰ লগতে জিএছটি আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। SPM IAS Academy  । APSC Coaching in Assam

ৰাজ্যৰ লগতে উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰীক এপিএছচি আৰু ইউপিএছচিৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুত কৰাৰ নামত একাংশ প্ৰতিষ্ঠানে কোটি কোটি টকা সংগ্ৰহ কৰি আহিছে যদিও চৰকাৰক কৰ আদায় দিয়াৰ ক্ষেত্ৰত কাৰ্পণ্য কৰা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ মহানগৰীৰ এছপিএম আইএএছ একাডেমীৰ বিৰুদ্ধেও অনুৰূপ বিসংগতি থকাৰ সন্দেহ ব্যক্ত কৰিছে বিশেষ মহলে। জিএছটি বিভাগৰ বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে এছপিএম আইএএছ একাডেমীয়ে কোটি কোটি টকা ছাত্ৰ-ছাত্ৰীৰ পৰা সংগ্ৰহ কৰি চৰকাৰক দিব লগা জিএছটিৰ ধনো আত্মসাৎ কৰাৰ তথ্য পোহৰলৈ আহিছে। আৰু এই বিষয়ত তথ্যপাতি পৰীক্ষা কৰি থকা হৈছে বুলি জিএছটি বিভাগৰ সূত্ৰটোৱে জানিবলৈ দিছে। বিশেষ সূত্ৰে জানিব পৰা মতে ২৫ জুনৰ আবেলি অসম জিএছটিৰ এটা অভিযানকাৰী দলে এছপিএম আইএএছ একাডেমীৰ কাৰ্যালয়ত আচম্বিতে তালাচী চলায়।

ঘণ্টাৰ পিছত ঘণ্টা ধৰি চলোৱা তালাচী অভিযানৰ সময়তে অসম জিএছটি বিভাগৰ দলটোৱে এছপিএম আইএএছ একাডেমীৰ চাৰ্টাৰ্ড একাউণ্টেটক মতাই আনি সকলো কাগজ-পত্ৰ পৰীক্ষা কৰি নানান বিসংগতিৰ উমান লাভ কৰে। ইয়াৰ পিছতে অসম জিএছটিৰ দলটোৱে এছপিএম আইএএছ একাডেমীৰ পৰা বহুতে গুৰুত্বপূৰ্ণ নথি-পত্ৰও জব্দ কৰি নিয়া বুলি জানিব পৰা গৈছে। এছপিএম আইএএছ একাডেমীয়ে কোটি কোটি টকা সংগ্ৰহ কৰি জিএছটিৰ ধন আত্মসাৎ কৰা দলটোৱে তথ্য সংগ্ৰহ কৰিছে। উল্লেখ্য যে অসমৰ জিএছটি বিভাগে এছপিএম আইএএছ একাডেমীৰ ভিতৰ চ’ৰাত হৈ থকা কৰ সম্পৰ্কীয় খেলিমেলিৰ অভিযোগ বিভিন্নজনৰ পৰা লাভ কৰাৰ পিছতে তালাচী অভিযান চলাইছিল। অভিযোগ অনুসৰি এছপিএম আইএএছ একাডেমীয়ে সময় মতে আৰু সঠিকভাৱে জিএছটি আদায় নিদি সেই ধন নিজৰ কামত ব্যৱহাৰ কৰিছিল।

সকলো কথা স্পষ্ট হ’ব জিএছটি বিভাগৰ সঠিক তদন্তৰ পিছতহে। সূত্ৰটোৱে লগতে কয় যে এছপিএম আই এ এছ একাডেমীয়ে অসমৰ জিএছটি বিভাগক অগ্ৰীম হিচাপে ৩০ লাখ টকা আদায় দিছে। উল্লেখ্য যে একাডেমীখনে ৩০ লাখ টকা আদায় দিলেও তেওঁলোকৰ কৰ পৰিশোধৰ প্ৰক্ৰিয়াটো শেষ হোৱা বুলি ধৰিব নোৱাৰি বুলিও সূত্ৰটোৱে কয়। সূত্ৰটোৱে লগতে কয় যে যাৱতীয় তথ্যপাতি পৰীক্ষাৰ অন্ততহে এছপিএম আইএএছ একাডেমীয়ে কিমান টকাৰ জিএছটি আদায় দিবলৈ বাকী আছে সেয়া স্পষ্ট হ’ব। ইপিনে এছপিএম আইএএছ একাডেমীয়ে জিএছটি আদায়তেই যদি হেমাহি কৰিছে তেন্তে আয়কৰ পৰিশোধৰ ক্ষেত্ৰতো তেনে কিবা বিসংগতি থাকিব পাৰে বুলি বহুতে সন্দেহ প্ৰকাশ কৰিছে।

প্ৰকৃত তথ্য পোহৰলৈ আহিব সঠিক তদন্তৰ পিছতহে। এছপিএম আইএএছ একাডেমীয়ে জিএছটি আদায় দিয়াৰ ক্ষেত্ৰত যদি গাফিলতি কৰিছে তেন্তে সেয়া চিন্তনীয় বিষয় বুলি বহুতে মন্তব্য কৰা পৰিলক্ষিত হৈছে। একাংশ লোকে এইবুলি কৈছে যে এপিএছচি, ইউপিএছচিৰ বাবে প্ৰস্তুত কৰা শিক্ষাৰ্থীসকলক সমাজৰ ধৰণীস্বৰূপ।

যদি সমাজৰ ধৰণীস্বৰূপ তেনে শিক্ষাৰ্থীক গঢ় দিয়া প্ৰতিষ্ঠানেই চৰকাৰক সময় মতে কৰ আদায় দিয়াত গাফিলতি কৰে তেন্তে সেয়া চিন্তনীয় বিষয় বুলি বহুতে চৰ্চা কৰা পৰিলক্ষিত হৈছে। মেকুৰীৰ ডিঙিত কেৱল অসমৰ জিএছটি বিভাগেহে টিলিঙা আঁৰিব পাৰিব বুলিও বহুতে আলোচনা কৰিছে। উল্লেখ্য গুৱাহাটী মহানগৰীৰ অলিয়ে-গলিয়ে এতিয়া কাঠফুলাৰ দৰে গজি উঠিছে এপিএছচি, ইউপিএছচিৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান।

শেহতীয়াকৈ এফিনিটি ক্লাছেছৰ স্বত্বাধিকাৰ পৱন হাজৰিকাই তেনে প্ৰতিষ্ঠানৰ আন অংশীদাৰৰ সৈতে হোৱা ব্যৱসায়িক সংঘাতৰ বাবে আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। সেই ঘটনাৰ আলম লৈয়েই এতিয়া বহুতে গুৱাহাটীৰ ক’চিং চেণ্টাৰসমূহৰ বিষয়ত চৰকাৰে এক বিশদ তদন্ত চলোৱাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰিছে। কৰ ফাঁকি, জিএছটিৰ ধন আত্মসাৎ কৰি ৰাজ্যৰ ৰাজকোষ নিশকতীয়া কৰাৰ অপৰাধত ক’চিং চেণ্টাৰৰ কৰ্তৃপক্ষক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে একাংশ সচেতন মহলে। উল্লেখ্য যে এইক্ষেত্ৰত অসম চৰকাৰে ক’চিং চেণ্টাৰটোৰ বিৰুদ্ধে কেনে ধৰণৰ শাস্তিমূলক পদক্ষেপ গ্ৰহণ কৰে সময়লৈ অপেক্ষা কৰিব লাগিব।

দুগ্ধ ফাৰ্মৰ ৰাজসাহায্যৰ অনিয়মক লৈ প্ৰধানমন্ত্ৰীলৈ পত্ৰ গৌৰৱ গগৈৰ । Gaurav Gogoi

দুগ্ধ ফাৰ্মৰ ৰাজসাহায্যৰ অনিয়মক লৈ প্ৰধানমন্ত্ৰীলৈ পত্ৰ গৌৰৱ গগৈৰ । Gaurav Gogoi
দুগ্ধ ফাৰ্মৰ ৰাজসাহায্যৰ অনিয়মক লৈ প্ৰধানমন্ত্ৰীলৈ পত্ৰ গৌৰৱ গগৈৰ । Gaurav Gogoi


Gaurav Gogoi । গৌৰৱ গগৈয়ে পত্ৰৰ জৰিয়তে বাণিজ্যিক দুগ্ধ পাম স্থাপনৰ বাবে উদ্যোগীক সহায় (২০২২–২৩) আঁচনিৰ অধীনত হিতাধিকাৰী নিৰ্বাচনত অনিয়মৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সাংসদগৰাকীয়ে। লগতে আঁচনিখন পুনৰীক্ষণৰো আহ্বান জনাইছে গৌৰৱ গগৈয়ে।


দুগ্ধ ফাৰ্মৰ ৰাজসাহায্য আঁচনিত কথিত অনিয়মকলৈ বিতৰ্ক চলি থকাৰ মাজতে প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে। পত্ৰৰ জৰিয়তে বাণিজ্যিক দুগ্ধ পাম স্থাপনৰ বাবে উদ্যোগীক সহায় (২০২২–২৩) আঁচনিৰ অধীনত হিতাধিকাৰী নিৰ্বাচনত অনিয়মৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সাংসদগৰাকীয়ে। লগতে আঁচনিখন পুনৰীক্ষণৰো আহ্বান জনাইছে গৌৰৱ গগৈয়ে।
পত্ৰখনত সাংসদ গগৈয়ে কয়, ‘প্ৰতি ইউনিটত ৫০ লাখ টকা পৰ্যন্ত ৰাজসাহায্য প্ৰদান কৰা এই আঁচনিখন দুগ্ধ উদ্যোগীসকলক সহায় কৰাৰ লগতে আঞ্চলিক গাখীৰ উৎপাদন ক্ষমতা শক্তিশালী কৰাৰ বাবে গ্ৰহণ কৰা হৈছিল। কিন্তু হিতাধিকাৰীৰ ভিতৰত শাসকীয় দলৰ মন্ত্ৰী-বিধায়কৰ আত্মীয় আৰু সহযোগী অন্তৰ্ভুক্ত হোৱা বুলি খবৰ প্ৰকাশ পাইছে।

তেওঁ বঙাইগাঁও দৰে জিলাৰ পৰা পোৱা প্ৰতিবেদনৰ উদ্ধৃতি দি অভিযোগ কৰে যে, এই আঁচনিৰ সুবিধা প্ৰদানৰ বাবে একাধিক আবেদন লাভ কৰাৰ পিছতো যোগ্য আৰু দীৰ্ঘদিনীয়া দুগ্ধ পালকসকলক উপেক্ষা কৰা হৈছিল। যিয়ে হিতাধিকাৰী বাছনি প্ৰক্ৰিয়াত অনিময় আৰু স্বচ্ছতাৰ অভাৱৰ ইংগিত দিয়ে বুলি উল্লেখ কৰিছে গৌৰৱ গগৈয়ে।

গগৈয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো সমালোচনা কৰি কয় যে, মন্ত্ৰীসকলৰ পৰিয়ালৰ সদস্যক আঁচনিৰ অধীনত হিতাধিকাৰী হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। লগতে তেওঁলোকক ৰাজহুৱাভাৱে সমৰ্থন কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে গৌৰৱ গগৈয়ে। লগতে তেওঁ দাবী কৰে যে, ই সমতা আৰু ন্যায়ৰ সাংবিধানিক মূল্যবোধক ক্ষতিগ্ৰস্ত কৰিছে। “এই কাৰ্যই জনসাধাৰণৰ আস্থাক ক্ষয় কৰাই নহয়, ৰাজনৈতিক পক্ষপাতিত্বৰ সমৰ্থনক প্ৰতিফলিত কৰে।”

গগৈয়ে তেওঁৰ পত্ৰত গীৰ গাই বিতৰণৰ জৰিয়তে ৫.৫ কোটিৰো অধিক ৰাজহুৱা পুঁজিৰে গৰুখুটি কৃষি প্ৰকল্পৰ ভিতৰত সংঘটিত অনিয়মৰ অভিযোগ উত্থাপন কৰে। গগৈৰ মতে, প্ৰকল্পটোৰ অধীনত পশুধন ৰাজনৈতিক ব্যক্তিৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহক আবণ্টন দিয়া হৈছিল, য’ত আছিল-জয়ন্ত মল্ল বৰুৱা (কেবিনেট মন্ত্ৰী আৰু বিধায়ক, নলবাৰী)ৰ পত্নী, ভূপেন পেগু (বিধায়ক, জোনাই), উৎপল বৰা (বিধায়ক, গহপুৰ, দিগন্ত কলিতা (বিধায়ক, কমলপুৰ), দিলীপ শইকীয়া (সাংসদ)।

পত্ৰৰ জৰিয়তে এই বিষয়টো তদন্ত কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীত আহ্বান জনাইছে সাংসদ গৌৰৱ গগৈয়ে। পত্ৰখনৰ সামৰণিত প্ৰধানমন্ত্ৰীক জৰুৰী হস্তক্ষেপ আৰু অসমত নৈতিক শাসনৰ নীতিসমূহ যাতে পালন কৰা হয় তাৰ বাবে আহ্বান জনাইছে সাংসদ গৌৰৱ গগৈয়ে।

Artificial Human: ঈশ্বৰ হ’বলৈ গৈছে মানুহঃ যদি ভৱিষ্যতে পৰীক্ষাগাৰত মানুহৰ সৃষ্টি হয়, তেন্তে পৃথিৱীত মানুহৰ অস্তিত্ব সংকটত পৰিব

Artificial Human: ঈশ্বৰ হ’বলৈ গৈছে মানুহঃ যদি ভৱিষ্যতে পৰীক্ষাগাৰত মানুহৰ সৃষ্টি হয়, তেন্তে পৃথিৱীত মানুহৰ অস্তিত্ব সংকটত পৰিব
Artificial Human: ঈশ্বৰ হ’বলৈ গৈছে মানুহঃ যদি ভৱিষ্যতে পৰীক্ষাগাৰত মানুহৰ সৃষ্টি হয়, তেন্তে পৃথিৱীত মানুহৰ অস্তিত্ব সংকটত পৰিব

এটা বহু বিতৰ্কিত প্ৰকল্প৷ (Artificial Human) বিজ্ঞানীসকলে এতিয়া কৃত্ৰিম মানৱ ডি এন এ তৈয়াৰ কৰাত মনোনিৱেশ কৰিছে৷ এই কামত বিনিয়োগ কৰিছে বিশ্বৰ সৰ্ববৃহৎ চিকিৎসা দাতব্য সংস্থাটোৱে৷ এই কামত এতিয়ালৈকে ১১৭ কোটি টকা বিনিয়োগ কৰা হৈছে৷ ইয়াত অক্সফ’ৰ্ড আৰু কেি¥ª¤জ কলেজৰ বিজ্ঞানীসকলে কাম কৰি আছে৷ ডি এন এ হৈছে মানুহৰ আটাইতকৈ ডাঙৰ আহিলা৷

ইয়াৰ লগে লগে মানুহে ভৱিষ্যতৰ দিশে আগবাঢ়ি যায়৷ প্ৰতিজন মানুহেই তাৰ পৰাই নিজৰ নিজৰ পৰিচয় কঢ়িয়াই লৈ ফুৰে৷ কিন্তু সেই ডি এন এ সৃষ্টিৰ কাম আৰম্ভ হোৱাৰ পিছৰে পৰা বিতৰ্কৰ সৃষ্টি হৈছে৷ গতিকে এইবাৰ হেৰাই যাব নেকি মানৱৰ পৰিচয়? ডাক্তৰ জুলিয়ান চেলে কৈছিল যে আমি আকাশৰ উচ্ছতালৈ উঠিব লাগিব৷ আমি মানৱ জীৱনক অধিক উন্নতিৰ দিশত লৈ যাব লাগিব৷ ফলত সকলো বস্তু তাৰ পৰাই নতুনকৈ সৃষ্টি কৰিব লাগিব৷ যদি কৃত্ৰিমভাৱে ডি এন এ সৃষ্টি কৰিব পৰা যায়, তেন্তে তাৰ পৰাই নতুন দিগন্তৰ উন্মেষ ঘটিব৷

কিন্তু বিভিন্ন মহলে কোৱা হৈছে যে এই কাম এবাৰ সম্পূৰ্ণ হ’লে মানুহে নিজকে ঈশ্বৰ বুলি গণ্য কৰিব পাৰে৷ অৱশ্যে বিজ্ঞানীসকলে এই কামটো কেৱল এক পৰীক্ষা-নিৰীক্ষাহে বুলি ভাবে৷ ইয়াতকৈ বেছি একো নহয়৷ গতিকে এতিয়াই চিন্তাৰ কোনো কথা নাই৷ কিন্তু এই খবৰ ছ’চিয়েল মিডিয়াত বিয়পি পৰাৰ পৰাই বিভিন্ন পক্ষৰ পৰা বিভিন্ন প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে৷ বহুতে লিখিছে যে ডি এন এ হৈছে মানুহৰ প্ৰধান শক্তি৷ মানৱ জাতিক আগুৱাই নিয়াজনক কিয় এনেদৰে ব্যৱহাৰ কৰা হ’ব? যদি ভৱিষ্যতে পৰীক্ষাগাৰত মানুহৰ সৃষ্টি হয়, তেন্তে পৃথিৱীত মানুহৰ অস্তিত্ব সংকটত পৰিব৷ বিজ্ঞানীসকলৰ মতে এই কামত বহু টকা খৰচ হ’ব পাৰে৷

RSS General Secretary Dattatreya Hosabale: সংবিধানৰ প্ৰস্তাৱনাৰ পৰা ‘ধৰ্মনিৰপেক্ষ’ আৰু ‘সমাজবাদী’ শব্দ দুটা আঁতৰাই পোলোৱা হওক

RSS General Secretary Dattatreya Hosabale: সংবিধানৰ প্ৰস্তাৱনাৰ পৰা ‘ধৰ্মনিৰপেক্ষ’ আৰু ‘সমাজবাদী’ শব্দ দুটা আঁতৰাই পোলোৱা হওক
RSS General Secretary Dattatreya Hosabale: সংবিধানৰ প্ৰস্তাৱনাৰ পৰা ‘ধৰ্মনিৰপেক্ষ’ আৰু ‘সমাজবাদী’ শব্দ দুটা আঁতৰাই পোলোৱা হওক

(RSS General Secretary Dattatreya Hosabale)১৯৭৬ চনত ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত ‘ধৰ্মনিৰপেক্ষ’ আৰু ‘সমাজবাদী’ শব্দ দুটা সংযোজন কৰা হৈছিল৷ সেই সময়ত দেশখন জৰুৰীকালীন অৱস্থা চলি আছিল৷ এই শব্দ দুটা আম্বেদকাৰে লিখা সংবিধানত নাছিল৷ গতিকে সংবিধানৰ প্ৰস্তাৱনাৰ পৰা ‘ধৰ্মনিৰপেক্ষ’ আৰু ‘সমাজবাদী’ শব্দ দুটা আঁতৰাই পোলোৱাৰ দাবী জনাইছে আৰএছএছৰ সাধাৰণ সম্পাদক দত্তত্ৰেয় হোছাবালেই৷ (secular)

দিল্লীৰ এক অনুষ্ঠানত তেওঁ কয় , ‘জৰুৰীকালীন অৱস্থাৰ সময়ত ভাৰতীয় সংবিধানত ‘সমাজবাদী’ আৰু ‘ধৰ্মনিৰপেক্ষ’ শব্দ দুটা সংযোজন কৰা হৈছিল৷ সংবিধানৰ মূল প্ৰস্তাৱনাত সেইবোৰ নাছিল৷ পিছলৈ এই শব্দবোৰ আঁতৰোৱা নহ’ল৷ আঁতৰাব লাগে নে নাই সেই বিষয়ে বিতৰ্ক হ’ব লাগিব৷ জৰুৰীকালীন সময়ত কোনো অধিকাৰ নাছিল, ন্যায় নাছিল৷ সেই সময়ত এই শব্দবোৰ যোগ কৰা হৈছিল৷’ ইয়াৰ পিছত কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ নাম নোলোৱাকৈয়ে তেওঁ কয় ‘যিসকলে এই কাম [জৰুৰীকালীন] কৰিলে, তেওঁলোকেই আজি সংবিধানৰ প্ৰতিলিপি লৈ ঘূৰি ফুৰিছে৷ কিন্তু আজিলৈকে তেওঁলোকে যি কৰিলে তাৰ বাবে ভাৰতবাসীৰ ওচৰত ক্ষমা বিচৰা নাই৷’ প্ৰসংগক্ৰমে ১৯৭৬ চনত ইন্দিৰা গান্ধী চৰকাৰে অনা সংশোধনীৰ ফলস্বৰূপে সংবিধানৰ প্ৰস্তাৱনাত দুটা শব্দ সংযোজন কৰা হয়৷ ফলত ভাৰত ‘সাৰ্বভৌম, গণতান্ত্ৰিক গণৰাজ্য’ৰ পৰা ‘সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক গণৰাজ্য’লৈ পৰিণত হ’ল৷

বিগত বছৰত সমগ্ৰ দেশতে জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল৷ সেই সময়ত এলাহাবাদ উচ্ছ ন্যায়ালয়ে তেওঁক নিৰ্বাচনী প্ৰৱঞ্চনাৰ অভিযোগত দোষী সাব্যস্ত কৰিছিল৷ আৰু ছবছৰৰ বাবে সংসদৰ পৰা বহিষ্কাৰ কৰিলে৷ ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে জৰুৰীকালীন অৱস্থা ঘোষণা কৰে৷ সাংবিধানিক অধিকাৰ আৰু নাগৰিক স্বাধীনতা স্থগিত ৰখা হৈছিল৷ সংবাদ মাধ্যমৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছিল৷ এইবাৰ জৰুৰীকালীন অৱস্থাই ৫০ বছৰ সম্পূৰ্ণ কৰিলে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি জৰুৰীকালীন অৱস্থাক ‘ভাৰতীয় গণতন্ত্ৰৰ ইতিহাসৰ অন্যতম ক’লা অধ্যায়’ বুলি অভিহিত কৰিছে৷ বিজেপিয়ে প্ৰতি বছৰে এই দিনটো ‘সংবিধান হত্যা দিৱস’ হিচাপে পালন কৰিছে৷

Himanta Biswa Sarma : সাংবাদিকক যদি জয়ন্ত মল্ল বৰুৱাই বেয়াকৈ কৈছে, তেন্তে তেওঁ ক্ষমা খোজা উচিতঃ মুখ্যমন্ত্ৰী

Himanta Biswa Sarma : সাংবাদিকক যদি জয়ন্ত মল্ল বৰুৱাই বেয়াকৈ কৈছে, তেন্তে তেওঁ ক্ষমা খোজা উচিতঃ মুখ্যমন্ত্ৰী
Himanta Biswa Sarma : সাংবাদিকক যদি জয়ন্ত মল্ল বৰুৱাই বেয়াকৈ কৈছে, তেন্তে তেওঁ ক্ষমা খোজা উচিতঃ মুখ্যমন্ত্ৰী

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সাংবাদিকক কৰা দুৰ্ব্যৱহাৰক লৈ বিভিন্ন স্থানত প্ৰতিবাদ। (Himanta Biswa Sarma) সামাজিক মাধ্যমতো বিভিন্ন জনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তেওঁৰ মুখৰ ভাষা ব্যৱহাৰক লৈ।

এই বিষয়তো সন্দৰ্ভতো আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়াই ব্যক্ত কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সাংবাদিকক যদি জয়ন্ত মল্ল বৰুৱাই বেয়াকৈ কৈছে , তেন্তে তেওঁ ক্ষমা খোজা উচিত। ময়ে কৈ দিম তেওঁক, আপোনালোকক বেয়াকৈ কোৱাৰ তেওঁৰ অধিকাৰ নাই , ময়ো ক্ষমা খুজিছোঁ তেওঁৰ হৈ।

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় আপোনালোকক বেয়াকৈ কোৱা তেওঁৰ কোনো অধিকাৰ নাই, কাৰণ আপোনালোকে দায়িত্বহে পালন কৰিছে।

আকি মন্ত্ৰীগৰাকীৰ হৈ ক্ষমাও বিচাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয়, ‘‘সৰু মানুহ বুলি যদি কৈছে, বহুত ডাঙৰ ভুল কথা কৈছে। কোনো মানুহ সৰু হ’ব নোৱাৰে।’’