Home Blog Page 136

Police Officer Surajit Deka: সঁচাকৈয়ে গুটখা খাই মৃত্যু হৈছিল নে আৰক্ষী বিষয়া সুৰজিৎ ডেকাৰ?

Police Officer Surajit Deka: সঁচাকৈয়ে গুটখা খাই মৃত্যু হৈছিল নে আৰক্ষী বিষয়া সুৰজিৎ ডেকাৰ?
Police Officer Surajit Deka: সঁচাকৈয়ে গুটখা খাই মৃত্যু হৈছিল নে আৰক্ষী বিষয়া সুৰজিৎ ডেকাৰ?

শিলচৰৰ কাটিগড়া বিহাৰা আউটপোষ্টৰ(Police Officer Surajit Deka)দায়িত্বত থকা আৰক্ষী বিষয়া সুৰজিৎ ডেকাৰ দুৰ্ভাগ্যজনক মৃত্যুৱে এতিয়া নানান প্ৰশ্নৰ উদ্ৰেক ঘটাইছে৷ আৰক্ষী বিষয়াগৰাকীৰ মৃত্যু গুটখা খাই হোৱা বুলি বিভিন্ন মহলত ব্যাপক চৰ্চা হোৱাৰ সময়তে আৰক্ষী বিষয়াগৰাকীৰ অতি ঘনিষ্ঠ মহলে প্ৰকাশ কৰিছে কেতবোৰ অতি গুৰুত্বপূৰ্ণ তথ্য৷ আৰক্ষী বিষয়া সুৰজিৎ ডেকাৰ ঘনিষ্ঠ মহলে প্ৰকাশ কৰা মতে সুৰজিৎ ডেকাই গুটখাতো বাদেই তামোল এখনো খোৱা নাছিল৷ তেনেস্থলত কিয় তেওঁৰ মৃত্যু গুটখা খাই হোৱ বুলি প্ৰচাৰ চলোৱা হৈছে তাকেলৈ ৰহস্যৰ সৃষ্টি হৈছে৷

বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি আৰক্ষী বিষয়া সুৰজিৎ ডেকা প্ৰথমতে এগৰাকী শিক্ষক আছিল আৰু পিছত অসম আৰক্ষীৰ পৰীক্ষাত অৱতীৰ্ণ হৈ তেওঁ অসম আৰক্ষীত যোগদান কৰিছিল৷ তামোল এখনো নোখোৱা সুৰজিৎ ডেকা আছিল দুষ্ট চক্ৰৰ বিৰুদ্ধে অতি কঠোৰ আৰক্ষী বিষয়া৷ মৃত্যুৰ মাত্ৰ কেইদিন মান পূৰ্বে তেওঁ কাছাৰৰ এজন কুখ্যাত ড্ৰাগছ মাফিয়াক খেদি খেদি কৰায়ত্ব কৰিছিল৷ সূত্ৰটোৱে প্ৰকাশ কৰা মতে আৰক্ষী বিষয়া সুৰজিৎ ডেকাই ড্ৰাগছ মাফিয়াজনে আৰক্ষীৰ পৰা বাচিবলৈ এটা পুখুৰীত জঁপিয়াই দিয়াৰ পিছতো সুৰজিৎ ডেকাই পুখুৰীত নিজে নামি ড্ৰাগছ মাফিয়াজনক ধৰিছিল৷ এনে দুঃসাহসিক কামৰ বাবে সুৰজিৎ ডেকাক আগষ্ট মাহত সাহসিকতাৰ বঁটা দিয়াৰ কথা আছিল বুলিও সূত্ৰটোৱে প্ৰকাশ কৰে৷

কিন্তু তাৰ পূৰ্বেই সুৰজিৎ ডেকাৰ মৃতদেহ উদ্ধাৰ হোৱাত বহুতেই এয়া হত্যাকাণ্ড বুলি সন্দেহ কৰিছে৷ আৰক্ষী বিষয়া সুৰজিৎ ডেকাৰ মৰণোত্তৰ প্ৰতিবেদনত কি পোৱা গৈছে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও বিশেষ সূত্ৰটোৱে ড্ৰাগছ মাফিয়াই সুৰজিৎ ডেকাক হত্যা কৰিব পাৰে বুলি সন্দেহ ব্যক্ত কৰিছে৷ সূত্ৰটোৱে লগতে কয় যে হয়তো আৰক্ষীৰেই আন কোনো লোক ড্ৰাগছ মাফিয়া চক্ৰটোৰ সৈতে গাখীৰ-মিঠৈ সম্পৰ্ক বজাই ৰাখিছিল৷ যাৰ পৰিণতিত সুৰজিৎ ডেকাৰ মৃত্যু গুটখা খাই হোৱা বুলি প্ৰচাৰ চলোৱা হৈছে৷ বিভিন্নজনে এতিয়া সেয়ে সুৰজিৎ ডেকাৰ মৃত্যুৰ সঠিক তদন্ত কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰিছে৷

Apoorva Mukhija: দৈনিক ২.৫ লাখ উপাৰ্জন, ৪১ কোটিৰ সম্পত্তি; কোন এইগৰাকী নয়দাৰ যুৱতী?

Apoorva Mukhija: দৈনিক ২.৫ লাখ উপাৰ্জন, ৪১ কোটিৰ সম্পত্তি; কোন এইগৰাকী নয়দাৰ যুৱতী?
WhatsApp Image 2025-06-26 at 12.06.56 PM

বিমানত জৰুৰীকালীন আসন নিদিয়াৰ বাবে শেহতীয়াকৈ বাতৰিৰ শিৰোনাম দখল কৰিছিল নয়ডাৰ বাসিন্দা অপূৰ্বা মুখিজা।(Apoorva Mukhija) ২০২০ চনত ৰিলৰ আৰম্ভ কৰা অপুৰ্বাৰ বৰ্তমান ৪০ লাখতকৈ অধিক ইনষ্টা ফ’ল’ৱাৰ আছে। ছ’চিয়েল মিডিয়াৰ পৰা উপাৰ্জনৰ জৰিয়তে ৪১ কোটিৰ সম্পত্তি গঢ়ি তুলিছে এইগৰাকী যুৱতীয়ে।

ছ’চিয়েল মিডিয়াত কন্টেন্ট তৈয়াৰ কৰা অপূৰ্বা মুখিজাক ‘দ্য ৰেবেল কিড’ বুলিও জনা যায়। ক’ভিডৰ পৰা এতিয়ালৈকে পাঁচ বছৰত অপূৰ্বাই যি স্থিতি লাভ কৰিছে সেয়া প্ৰশংসনীয়। তাইৰ প্ৰকৃত উপাৰ্জন ছ’চিয়েল মিডিয়াৰ বিজ্ঞাপন আৰু ব্ৰেণ্ড সহযোগিতাৰ পৰা আহে। সংবাদ মাধ্যমৰ বাতৰিত তেওঁৰ নেট ৱৰ্থৰ বিষয়ে বিভিন্ন তথ্য দিয়া হৈছে। শেহতীয়াকৈ ২০২৫ চনৰ জুন মাহৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে তেওঁৰ সম্পত্তি ৪১ কোটি টকালৈ বৃদ্ধি পাইছে। এক প্ৰতিবেদনত কোৱা হৈছে যে অপুৰ্বাই প্ৰতিদিনে ২.৫ লাখ টকা উপাৰ্জন কৰে। আনহাতে এটা ৰিপৰ্টৰ অনুসৰি প্ৰতি ৩০ ছেকেণ্ডৰ ইনষ্টা ষ্ট’ৰীৰ পৰা তাই ২ লাখ টকা আৰু এটা ৰিলৰ পৰা ৬ লাখ টকা উপাৰ্জন কৰে। আন এক খবৰ অনুসৰি ইনষ্টাগ্ৰামত প্ৰতিটো পোষ্টৰ বাবে ২ৰ পৰা ৫ লাখ টকা লয়। ইউটিউবৰ জৰিয়তে মাহে ৫ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰে। ব্ৰেণ্ড ডিলৰ পৰা প্ৰতিটো ব্ৰেণ্ডৰ বাবে ১০ লাখ টকা লয়।

ডিজিটেল ক্ষেত্ৰখনত অপূৰ্ব মুখিজাই এক বিশেষ স্থান দখল কৰিছে। ক’ভিড-১৯ লকডাউনৰ সময়ত হাস্যৰসময়ী ভিডিঅ’ বনাই আৰম্ভ কৰা অপূৰ্বাই আজি ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী ব্যক্তি হিচাপে পৰিগণিত হৈছে। ১৯৯৮ চনত দিল্লীত জন্মগ্ৰহণ কৰা অপূৰ্বাই জয়পুৰৰ মণিপাল বিশ্ববিদ্যালয়ৰ পৰা বি.টেক (কম্পিউটাৰ ইঞ্জিনিয়াৰিং) কৰিছে। কিছুমান সংবাদ মাধ্যমৰ বাতৰিত উল্লেখ আছে যে তেওঁৰ জন্ম নয়ডাত হৈছিল। ২০২০ চনৰ লকডাউনৰ সময়ছোৱাত হাস্যৰসময়ী, স্পষ্টবাদী ভিডিঅ’ আৰু চুটি ব্লগ পোষ্ট কৰি ডিজিটেল ব্যৱহাৰকাৰীৰ মাজত স্থান লাভ কৰিছিল।

ইনষ্টাগ্ৰাম আৰু ইউটিউবত তেওঁৰ অনুৰাগী দ্ৰুতগতিত বৃদ্ধি পাইছে। অনাইক, ৱানপ্লাছ, নেটফ্লিক্স, আমাজন, গুগল, মেটা, মেবেলাইন, কেট স্পেড আৰু ছুইগিৰ দৰে ১৫০টাতকৈও অধিক ডাঙৰ ব্ৰেণ্ডৰ সৈতে সহযোগিতা কৰিছে। ইয়াৰ উপৰিও ৱেব ছিৰিজতো কাম কৰি আহিছে। ফৰ্বছে ২০২৩ আৰু ২০২৪ চনত তেওঁক ‘শীৰ্ষ ১০০ ডিজিটেল ষ্টাৰ’ৰ তালিকাত অন্তৰ্ভুক্ত কৰিছিল অপূৰ্বাক।

Shubhanshu Shukla: এক বিৰল ইতিহাসৰ সাক্ষী হোৱাৰ দিশে ভাৰতবৰ্ষ

Shubhanshu Shukla: এক বিৰল ইতিহাসৰ সাক্ষী হোৱাৰ দিশে ভাৰতবৰ্ষ
Shubhanshu Shukla: এক বিৰল ইতিহাসৰ সাক্ষী হোৱাৰ দিশে ভাৰতবৰ্ষ

এক বিৰল ইতিহাসৰ সাক্ষী হোৱাৰ দিশে ভাৰতবৰ্ষ।(Shubhanshu Shukla)

ৰাকেশ শৰ্মাৰ পিছত মহাকাশলৈ উৰা মাৰিলে দ্বিতীয়গৰাকী ভাৰতীয় সুভাংশু শুক্লা।(Axiom-4 Launch)

এক্সিঅ’ম-৪ যোগে মহাকাশ অভিমুখে ৰাওনা ভাৰতৰ মহাকাশচাৰী শুভাংশু শুক্লাৰ সৈতে এটি দল।

আজি বিয়লি ৪.৩০ বজাত মহাকাশ পাবগৈ সুভাংশু শুক্লা।

Paban Hazarika: ভাতৃ পৱন হাজৰিকাৰ ন্যায় বিচাৰি ভগ্নী নীলাক্ষি হাজৰিকাৰ আৱেগভৰা পোষ্ট

Paban Hazarika: ভাতৃ পৱন হাজৰিকাৰ ন্যায় বিচাৰি ভগ্নী নীলাক্ষি হাজৰিকাৰ আৱেগভৰা পোষ্ট
Paban Hazarika: ভাতৃ পৱন হাজৰিকাৰ ন্যায় বিচাৰি ভগ্নী নীলাক্ষি হাজৰিকাৰ আৱেগভৰা পোষ্ট

লখিমপুৰ নাৰায়ণপুৰৰ যুৱক পৱন হাজৰিকাই(Paban Hazarika) নিজকে স্বাৱলম্বী কৰিবলৈ গুৱাহাটীলৈ আহি বহিৰাগত বণিয়াৰ মানসিক অত্যাচাৰ সহ্য কৰিব সহিব নোৱাৰি অসমীয়া যুৱক পৱন হাজৰিকাই চৰম পন্থা লোৱাৰ অভিযোগক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ পৱন হাজৰিকাৰ মৃত্যুক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত৷ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান Affinity নামৰ কোচিং চেণ্টাৰৰ পৰিচালন সঞ্চালক আছিল পৱন হাজৰিকা৷ কিন্তু হঠাতে জীৱনৰ চৰম সিদ্ধান্ত ল’লে অসমীয়া যুৱক পৱন হাজৰিকাই।

পৱন হাজৰিকাৰ মৃতদেহৰ সৈতে উদ্ধাৰ হৈছিল এখন ছুইছাইড নোটও৷ তেওঁৰ পিতৃয়ে দাখিল কৰা এখন এজাহাৰত বহিৰাগত ব্যৱসায়ী অংকিত আগৰৱালাৰ লগতে তিনিজন লোকৰ নাম উল্লেখ কৰি এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে৷ তিনি লোক হৈছে অনা অসমীয়া নিলয় কুমাৰ, বিকাশ ছিচদিয়া, অংকিত কুমাৰ। অংকিতে মানসিক হাৰাশাস্তি কৰি অহাৰ অভিযোগ উঠিছে৷ যাৰ বাবেই পৱনে চৰম পন্থা লোৱাৰ সন্দেহ আৰক্ষীৰ লগতে পৰিয়ালৰ৷ অসমীয়া যুৱক পৱনৰ মৃত্যুক লৈ এতিয়া দল-সংগঠনৰ লগতে বিভিন্নজনৰ তীব্ৰ প্ৰতিক্ৰিয়া।

আনহাতে ককায়েক পৱন হাজৰিকাৰ মৃত্যুক লৈ ভগ্নী নীলাক্ষি হাজৰিকাৰ সামাজিক মাধ্যমত আৱেগিক পোষ্ট, ‘মোৰ ডাঙৰ দাদায়ে মোক আকাশ চোৱাৰ সপোন দেখুৱাই মুকলি আকাশৰ তলত অকলে এৰি থৈ গুছি গ’ল । নহয়(!),গুছি যাবলৈ বাধ্য কৰোৱা হ’ল।

যোৱা ৫ দিনে আমি কেনেকৈ কি ভাবি আছোঁ , কি চাই আছোঁ , আমি নাজানোঁ ।

আজি তাক হেৰুৱাৰ দুখৰ লগতে তালৈও ক্ষোভ আৰু সি এৰি থৈ যোৱা পৃথিৱীখনৰ কথা – আমি কি কৰিম, কি হ’ব ভাৱিও পাৰ নোপোৱা এক অৱস্থা।

এইবোৰৰ মাজতে কিন্তু গোটেই ন্যায়ৰ ব্যৱস্থাটোলৈ এটা ডাঙৰ প্ৰশ্নবোধক। দাদাই স্পষ্টকৈ তিনিজন ব্যক্তিৰ নাম উল্লেখ কৰাৰ পাছতো এতিয়াও দুজনকে গ্ৰেপ্তাৰ নকৰাটো এটা আমাৰ ডাঙৰ প্ৰশ্ন। দাদাই লিখা শেষ “নোট”ত স্পষ্টকৈ লিখিছে “অসমীয়া মালিক” হোৱাটোৱেই তাৰ ভুল। তাৰ পাছতো আজি অসমৰ ডাঙৰ ডাঙৰ মিডিয়া হাউচ(Media house), News channel, কিয় নিমাত!

দাদাৰ মৃত্যুৰ তিনিদিন পাছতেই দিছপুৰ থানাৰ IO (investigation officer) সলনি কৰি দিয়া হ’ল।তিনিওজনৰ বিৰুদ্ধে এজাহাৰ দিয়াৰ পাছতো বাকী দুজনক গ্ৰেপ্তাৰৰ কোনো নাম গোন্ধেই নোহোৱা হ’ল। পৰিয়ালে সন্দেহ কৰা আন এজন ব্যক্তিও আজি কলিকতা পালেগৈ ।

দাদাই যাৰ নাম লিখি গৈছে সিহঁত ডাঙৰ মানুহ। অকলে যুঁজিবলৈ আমাৰ ওচৰত ইমান শক্তি নাই।

আজি অসমৰ ডাঙৰ ডাঙৰ জাতীয় দল-সংগঠনসমূহ কিয় নিমাত! আজি তেওঁলোকক ওচৰত বিচাৰিছোঁ। অসমবাসীৰ ওচৰতো কাতৰ অনুৰোধ – আমাৰ লগত থাকক । শত্ৰু বৰ শক্তিশালী। দাদাৰ ন্যায় পোৱাত আমাক সহায় কৰক।

এইদৰে ভাতৃ পৱন হাজৰিকাৰ ন্যায় বিচাৰি ভগ্নী নীলাক্ষি হাজৰিকাৰ আৱেগভৰা পোষ্ট।

Maa Kamakhya: আজি অম্বুবাচীৰ নিবৃত্তি, ভক্তৰ বাবে খোল খালে মা কামাখ্যা মন্দিৰৰ মূল দুৱাৰ

Maa Kamakhya: আজি অম্বুবাচীৰ নিবৃত্তি, ভক্তৰ বাবে খোল খালে মা কামাখ্যা মন্দিৰৰ মূল দুৱাৰ
Maa Kamakhya: আজি অম্বুবাচীৰ নিবৃত্তি, ভক্তৰ বাবে খোল খালে মা কামাখ্যা মন্দিৰৰ মূল দুৱাৰ

অম্বুবাচী মহাযোগৰ সামৰণি।(Maa Kamakhya)

পুৱতিনিশা ৩.২৭ বজাত অম্বুবাচীৰ নিবৃত্তি।

ভক্তৰ বাবে খোল খালে কামাখ্যা মন্দিৰৰ মূল দুৱাৰ।

মাৰ আশিস গ্ৰহণৰ বাবে ভক্তৰ লানি নিছিগা সোঁত।


দেশ-বিদেশৰ ভক্তই ভিৰ কৰিছে শক্তিপীঠ মা কামাখ্যাত।


১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰঃ ইতিহাসৰ ‘অন্ধকাৰ অধ্যায়’লৈ পুনৰ প্ৰত্যাৱৰ্তন । 1975 EMERGENCY

১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰঃ ইতিহাসৰ ‘অন্ধকাৰ অধ্যায়’লৈ পুনৰ প্ৰত্যাৱৰ্তন । 1975 EMERGENCY

নতুন দিল্লী, ২৫ জুন, ২০২৫:1975 EMERGENCY । স্বাধীন ভাৰতৰ ইতিহাসৰ অন্যতম অন্ধকাৰ সময় হিচাপে গণ্য হোৱা ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থা (Emergency) আজিৰ দিনটোত ৫০ বছৰ পূৰ্ণ হ’ল। প্ৰায় ২১ মাহ স্থায়ী হোৱা এই সময়খিনিৰ বাবে তৎকালীন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক কেন্দ্ৰ কৰি হোৱা ৰাজনৈতিক ঘটনাবলী, আন্দোলন আৰু আদালতৰ ৰায়ই প্ৰেক্ষাপট তৈয়াৰ কৰিছিল।

ইয়াত ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থালৈ আগবঢ়াই নিয়া প্ৰধান ঘটনাবোৰৰ সময়ৰেখা দিয়া হ’লঃ


🗓️ প্ৰাক-জৰুৰীকালীন পৰিস্থিতি (১৯৭১-৭৫)

  • ১৯৭১: ৰাজনৈতিক বিৰোধী ৰাজ নাৰায়নে ইন্দিৰা গান্ধীৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰৱঞ্চনাৰ অভিযোগ দাখিল কৰে।
  • ১৯৭৩-৭৫: কেন্দ্ৰ চৰকাৰৰ বিৰুদ্ধে ৰাজনৈতিক অস্থিৰতা আৰু ৰাজপথত বিক্ষোভ বৃদ্ধি পায়।

🔥 প্ৰতিবাদ আৰু সমাজিক আন্দোলন

  • ১৯৭৪: বিহাৰ ছাত্ৰ সংঘৰ্ষ সমিতিৰ নেতৃত্বত ছাত্ৰ আন্দোলনে জে পি (জয়প্ৰকাশ নাৰায়ণ)-ৰ সমৰ্থন লাভ কৰে। তেওঁ আহ্বান জনায় “সম্পূৰ্ণ বিপ্লৱ”ৰ।
  • ১৯৭৩-৭৪: গুজৰাটত “নৱ নিৰ্মাণ আন্দোলন” — ৰাজনৈতিক শুদ্ধতাৰ দাবীত ব্যাপক প্ৰতিবাদ।

⚖️ আদালতৰ ৰায় আৰু জৰুৰীকালৰ ঘোষণা

  • ১২ জুন, ১৯৭৫: এলাহাবাদ উচ্চ ন্যায়ালয়ে ইন্দিৰা গান্ধীক নিৰ্বাচনী প্ৰৱঞ্চনাৰ বাবে দোষী সাব্যস্ত কৰে।
  • ২৪ জুন, ১৯৭৫: উচ্চতম ন্যায়ালয়ে ভোটদানত নিষেধাজ্ঞা বজায় ৰাখে যদিও PM হিচাপে থাকিবলৈ অনুমতি দিয়ে।
  • ২৫ জুন, ১৯৭৫: ইন্দিৰা গান্ধীৰ পৰামৰ্শত ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমেদে জৰুৰীকাল ঘোষণা কৰে।

📻 জৰুৰীকালত সংঘটিত মূল ঘটনা

  • ২৬ জুন, ১৯৭৫: ইন্দিৰা গান্ধীয়ে দেশবাসীক আকাশবাণীৰ জৰিয়তে সম্বোধন কৰে।
  • ৩০ জুন, ১৯৭৫: MISA আইন সংশোধন — চৰকাৰবিৰোধীক বিচাৰ অবিহনে আটক কৰাৰ অনুমতি।
  • ১ জুলাই, ১৯৭৫:
    • নাগৰিক অধিকাৰ স্থগিত।
    • “২০ দফীয়া কাৰ্যসূচী” ঘোষিত — অৰ্থনৈতিক আৰু সামাজিক সংস্কাৰৰ বাবে।
  • ৫ জুলাই, ১৯৭৫: RSS, জামাত-ই-ইছলামী আদি ২৬ টা সংগঠনৰ ওপৰত নিষেধাজ্ঞা।
  • ৫ আগষ্ট, ১৯৭৫: MISA জারি কৰি বাজপেয়ী, এল কে আডৱানি, অৰুণ জেটলীসহ এক লাখতকৈ অধিক ব্যক্তি গ্ৰেপ্তাৰ।
  • ৯ জানুৱাৰী, ১৯৭৬: সংবিধানৰ ১৯ নং দফাত থকা সাতটা মৌলিক অধিকাৰ স্থগিত।
  • ৪ ফেব্ৰুৱাৰী, ১৯৭৬: লোকসভাৰ সময়সীমা ১ বছৰৰ বাবে বৃদ্ধি।
  • ছেপ্টেম্বৰ, ১৯৭৬: সঞ্জয় গান্ধীৰ নেতৃত্বত বলপূৰ্বক বন্ধ্যাকৰণ কাৰ্যসূচী দিল্লীত আৰম্ভ।
  • ২ নৱেম্বৰ, ১৯৭৬: সংবিধানৰ ৪২ সংখ্যক সংশোধনী — আদালতৰ অধিকার হ্ৰাস।

🗳️ জৰুৰীকালৰ অন্ত আৰু পৰিণাম

  • ১৮ জানুৱাৰী, ১৯৭৭: ইন্দিৰা গান্ধীৰ নিৰ্বাচনৰ আহ্বান আৰু ৰাজনৈতিক বন্দীৰ মুক্তি।
  • ২৪ জানুৱাৰী, ১৯৭৭: মিত্ৰশক্তিৰ নেতৃত্বত জনতা পাৰ্টীৰ গঠন।
  • ১৬ মাৰ্চ, ১৯৭৭: সাধাৰণ নিৰ্বাচনত জনতা পাৰ্টীৰ বিশাল জয় — ৩৪৫ খন আসন।
  • ২১ মাৰ্চ, ১৯৭৭: জৰুৰীকাল আনুষ্ঠানিকভাৱে বাতিল।
  • ২৪ মাৰ্চ, ১৯৭৭: মোৰাৰজী দেশাই ভাৰতৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ।

কাকজান নদীৰ বানপানীয়ে বিধ্বস্ত কৰিছে কেইবাখনো গাঁও, মথাউৰি ভাঙি জলমগ্ন সমগ্ৰ অঞ্চল । Assam Flood 2025

কাকজান নদীৰ বানপানীয়ে বিধ্বস্ত কৰিছে কেইবাখনো গাঁও, মাথাউৰী ভাঙি জলমগ্ন সমগ্ৰ অঞ্চল

ডিজিটেল ডেস্ক, ২৫ জুন: Assam Flood 2025 । যোৱা কেইদিনমান ধৰি অহা নেৰানেপেৰা বৰষুণৰ ফলত কাকজান নদীৰ জলপৃষ্ঠত ব্যাপক বৃদ্ধি ঘটিছে। ফলস্বৰূপে নদীখনৰ ৰিং বান্ধ কেইবাঠাইত ভাঙি পৰাৰ ফলত বনগাঁও, ঢাৰিগাঁও, কমাৰখাটোৱাল, দেৱান গাঁও আদি কেইবাখনো গাঁও সম্পূৰ্ণৰূপে বানত ডুব গৈছে।

দুটা স্থানত নদীৰ মথাউৰি ভাঙি পৰা ঘটনাই সমগ্ৰ অঞ্চলখন জলমগ্ন কৰি তুলিছে। ঘৰৰ ভিতৰত পানী সোমাই পৰাৰ ফলত বহু পৰিয়াল গৃহহীন হ’বলগীয়া হৈছে। বিশেষকৈ বানৰ প্ৰভাৱত সমগ্ৰ অঞ্চলটোৰ শালি খেতিৰ কঠীয়া একেবাৰে ধ্বংস হৈ পৰিছে।

এই সমস্যা নতুন নহয় — কাকজান নদীৰ বান সমস্যা বছৰৰ পিছত বছৰ পুনৰাবৃত্ত হৈ আহিছে, কিন্তু তেনেও চৰকাৰী পক্ষ আৰু পঞ্চায়তৰ দিশৰ পৰা যথেষ্ট গুৰুত্ব দিয়া হোৱা দেখা নাযায়। পূৰ্বৰ পঞ্চায়ত প্ৰতিনিধি সকলে ৰিং বান্ধৰ বাবে লাখ লাখ টকাৰ আঁচনি লৈছিল যদিও, অধিকাংশ কাম কাগজত সীমাবদ্ধ হৈ পৰে। ৰিং বান্ধৰ একো অংশেই শক্তিশালী ৰূপত টিকি থাকিব পৰা নাই। ফলত বৰষুণ পৰিলেই নদীৰ দুয়ো কাষৰ গাঁওসমূহ বিপদত পৰে।

ইয়াৰ উপৰিও, মথাউৰি ভঙাৰ ফলত বাসগৃহ সমূহতো পানী সোমোৱাৰ ফলত পশু ধনৰ সমস্যাকে ধৰি অন্যান্য সমস্যা সমূহে আৱৰি ধৰা দেখা গৈছে। বিশেষ উদ্বেগৰ বিষয় হ’ল যে, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিকাষৰীয়া অঞ্চলসমূহতো ইতিমধ্যে পানীত ডুব যোৱা পৰিলক্ষিত হৈছে। স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে যে, কাকজান নদীৰ পিছৰ অংশটো খান্দি বহল কৰি নেপেলাই অনাগত দিনত বানপানীৰ সমস্যা দূৰ নহব। পানীৰ স্ৰোত যদি এনেদৰেই অব্যাহত থাকে, নিশালৈ অধিক সংখ্যক অঞ্চল জলমগ্ন হ’ব বুলি অনুমান কৰা হৈছে।

বিদেশ ভ্ৰমণৰ সময়ত জয় গুৰু কৃষ্ণৰ পশ্চিমী সাজ পিন্ধাক লৈ সামাজিক মাধ্যমত ইমান বিতৰ্ক কিয়! (jay krishna guru)

বিদেশ ভ্ৰমণৰ সময়ত জয় গুৰু কৃষ্ণৰ পশ্চিমী সাজ পিন্ধাক লৈ সামাজিক মাধ্যমত ইমান বিতৰ্ক কিয়! (jay krishna guru)


ডিজিটেল ডেস্ক, ২৫ জুন —(jay krishna guru )প্ৰখ্যাত আধ্যাত্মিক বক্তা আৰু অনলাইন ধৰ্মীয় গৰাকী জয় গুৰু কৃষ্ণ (প্ৰেমানন্দ প্ৰভু) পুনৰ বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈছে। বিদেশ ভ্ৰমণৰ সময়ত তেওঁক পশ্চিমী ধৰণৰ পোষাক—টাইট জীনচ,চাৰ্ট, ছানগ্লাছত দেখা যোৱাৰ লগে লগে সামাজিক মাধ্যমত চর্চাৰ যোৱাৰ উঠিছে। সাধুসকলৰ সাধাৰণ ধুতি, চাদৰ, গামোচা ধৰণৰ পৰম্পৰাগত সাজত সদায় দেখা পোৱা এই ধৰ্মগুৰুক এনে ৰূপত দেখা যোৱাটো বহুতে সহজভাবে গ্ৰহণ কৰিব পৰা নাই।

কি আছিল সেই ছবিসমূহত ?
ভাইৰেল ফটো সমূহত দেখা গৈছে যে জয় গুৰু কৃষ্ণই বিদেশত নিজৰ পৰিয়ালৰ সৈতে ফটো তুলি আছে। তেওঁৰ মুখত আত্মবিশ্বাস আৰু পৰিৱেশৰ সৈতে সহজে মিলি যোৱাৰ এক ভিন্ন মেজাজ। যদিও এই দৃশ্য অনুৰাগীসকলৰ একাংশৰ বাবে নতুন যুগৰ আধ্যাত্মিকতাক প্ৰতিনিধিত্ব কৰা বুলি অনুভৱ হৈছে, আন একাংশে একেবাৰে বিপৰীত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

জয় গুৰু কৃষ্ণই বিদেশত নিজৰ পৰিয়ালৰ সৈতে ফটো

সামাজিক মাধ্যমৰ লগতে বাটে- ঘাটে দুই ধৰণৰ প্রতিক্ৰিয়া:
প্ৰতিক্ৰিয়া অনুসৰি —
“ধৰ্মগৰাকী এজনৰ এনে সাজ-পিন্ধা দেখা গ’লে ভক্তসকলৰ মনত বিভ্ৰান্তি সৃষ্টি হয়। যি লোক জীৱনৰ ৰাহ দেখুৱায়, তেওঁ নিজৰ পৰিচয় বজাই ৰাখিব লাগিব।”

আন প্ৰতিক্ৰিয়া অনুসৰি —
“বাহ্যিক সাজে ধৰ্মীয়তা নিৰ্ধাৰণ নকৰে। হৃদয়ত ধৰ্ম থাকিলে, যিকোনো পৰিৱেশত ই বিকাশ পায়।”

আধুনিকতাৰ সৈতে খাপ খুৱোৱা নে পৰম্পৰাৰ সীমা লঙ্ঘন?
বিশ্লেষকসকলৰ মতে, এই ঘটনা কেৱল এটা ভাইৰেল ছবিৰ পৰিসৰত সীমাবদ্ধ নহয়। এই বিতৰ্কই আজিৰ সমাজত ধৰ্ম, আধ্যাত্মিকতা আৰু ব্যক্তিগত স্বাধীনতাৰ সঠিক সমীকৰণটো কেনেকৈ সংজ্ঞাবদ্ধ কৰা হ’ব — সেয়া লৈ এক গুৰুত্বপূৰ্ণ আলোচনা আৰম্ভ কৰিছে।

ধৰ্মীয় গৰাকীসকলেও সময়ৰ সৈতে আগবাঢ়ি যাব লাগে, আৰু তেওঁলোকৰ ব্যক্তিগত জীৱনো থাকে — এই যুক্তি আগবঢ়াই বহু অনুগামীয়ে প্ৰেমানন্দ গুৰুৱে ‘মানৱ’ হিচাপে নিজৰ স্বাভাৱিকতা প্ৰকাশ কৰাৰ অধিকাৰ আছে বুলি দাবী কৰিছে।

আপোনাৰ মত কি?
এই বিতৰ্কত আপুনি কোন দিশত?
আপোনাৰ মতামত কমেণ্টত জনাব —
“আধ্যাত্মিকতাৰ সীমা কি? ধৰ্মীয় গৰাকীসকলৰ ব্যক্তিগত স্বাধীনতা কিমান দূৰ?”

বোকাখাতৰ পাণবাৰী CRPF কেম্পত গ্ৰেনেড বিস্ফোৰণ – তিনিজন আৰক্ষী জোৱান আহত, অঞ্চলত হাই এলাৰ্ট জাৰি

বোকাখাতৰ পাণবাৰী CRPF কেম্পত গ্ৰেনেড বিস্ফোৰণ – তিনিজন আৰক্ষী জোৱান আহত, অঞ্চলত হাই এলাৰ্ট জাৰি
বোকাখাতৰ পাণবাৰী CRPF কেম্পত গ্ৰেনেড বিস্ফোৰণ – তিনিজন আৰক্ষী জোৱান আহত, অঞ্চলত হাই এলাৰ্ট জাৰি

বোকাখাত, ২৫ জুন — । CRPF
মঙলবাৰে সন্ধিয়া বোকাখাতৰ পাণবাৰীস্থিত সাপজুৰি এলেকাৰ CRPF কেম্পত সংঘটিত এটা সন্দেহজনক গ্ৰেনেড বিস্ফোৰণত তিনিজন অসম আৰক্ষী জোৱান গুৰুতৰভাৱে আহত হয়। আহত জোৱানসকলক ইতিমধ্যে বোকাখাত মহকুমা চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

আহত আৰক্ষী জোৱানকেইজন হ’ল – সিদ্ধাৰ্থ বৰবৰা, সুশীল ভূমিজ আৰু মিন্টু হাজৰিকা। চিকিৎসালয়ত তেওঁলোকৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে।

প্ৰাৰম্ভিক তথ্য অনুসৰি, বাইক আৰোহী এখন মটৰ চাইকেলত অহা অচিনাকি দুষ্কৃতিকাৰীয়ে কেম্পটো লক্ষ্য কৰি গ্ৰেনেড নিক্ষেপ কৰে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। আক্ৰমণটো পৰিকল্পিত আৰু লক্ষ্য নিৰ্ধাৰিত বুলি অনুমান কৰা হৈছে। বিস্ফোৰণৰ ফলত অঞ্চলটোত ব্যাপক আতংকৰ সৃষ্টি হয়।

বোকাখাত মহকুমা আৰক্ষী বিষয়া ঘটনাৰ পিছতেই ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। বিস্ফোৰণৰ পাছতে সতৰ্কতা অৱলম্বন কৰি সমগ্ৰ বোকাখাত আৰু দাঁতিকাষৰীয়া অঞ্চলত হাই এলাৰ্ট জাৰি কৰা হৈছে।

সন্ধানকাৰী দল আৰু নিৰাপত্তা বাহিনীয়ে সমগ্ৰ এলেকাত দোষীক বিচাৰি অভিযান আৰম্ভ কৰিছে যদিও এই মুহূৰ্তলৈ আক্ৰমণকাৰীক ধৰিবলৈ সক্ষম হোৱা নাই। আক্ৰমণৰ উদ্দেশ্যো এতিয়ালৈ স্পষ্ট হোৱা নাই।

স্থানীয় ৰাইজৰ মতে, আক্ৰমণকাৰী দুজনৰ পৰা তিনিজন দুষ্কৃতিকাৰী মটৰ চাইকেলত আহি গ্ৰেনেড দলিয়াই পলাই যায়। আৰক্ষী বিভাগে চিসিটিভি ফুটেজ, স্থানীয় প্ৰত্যক্ষদৰ্শীৰ বৰ্ণনা আদি বিচাৰি তদন্ত জাৰি ৰাখিছে।

ঘটনাস্থলীত উপস্থিত হৈ আহত জোৱানসকলৰ স্বাস্থ্যৰ খবৰ লয় অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰুৱাই। তেওঁ কয়,

“এই ঘটনা অত্যন্ত দুৰ্ভাগ্যজনক। আগতে এনে ঘটনা বোকাখাতত কেতিয়াও হোৱা নাই। তদন্ত দ্ৰুতগতিত চলি আছে আৰু দোষীক বিচাৰি কড়া ব্যৱস্থা গ্ৰহণ কৰা হ’ব।”

উল্লেখযোগ্য যে, বিস্ফোৰণটো য’ত সংঘটিত হৈছে, সেই ঘৰটো পূৰ্বে CRPF কেম্প হিচাপে ব্যৱহৃত হৈছিল, যদিও বৰ্তমান তাত অসম আৰক্ষীৰ জোৱানসকলেই অৱস্থান কৰি আছে। এই পটভূমিত আক্ৰমণটোক লৈ বহু ধৰণৰ সন্দেহ আৰু প্ৰশ্ন উত্থান হৈছে।

বৰ্তমানলৈ ঘটনাটো ৰহস্যেৰে আৱৰি থকাৰ লগতে অসম আৰক্ষীয়ে পৰিস্থিতিৰ ওপৰত গভীৰ নজৰ ৰাখি তদন্ত অব্যাহত ৰাখিছে। অচিৰেই অধিক তথ্য পোৱাৰ আশা প্ৰকাশ কৰিছে আৰক্ষী সূত্ৰই।

50TH ANNIVERSARY OF THE EMERGENCY । ভাৰতত জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰঃ প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতি – সংবিধানৰ নীতিসমূহ শক্তিশালী কৰা আৰু বিকশিত ভাৰত গঢ়ি তোলা ।

50TH ANNIVERSARY OF THE EMERGENCY । ভাৰতত জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰঃ প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতি - সংবিধানৰ নীতিসমূহ শক্তিশালী কৰা আৰু বিকশিত ভাৰত গঢ়ি তোলা ।

নতুন দিল্লী, ২৫ জুন, ২০২৫: 50TH ANNIVERSARY OF THE EMERGENCY ।
ভাৰতৰ ইতিহাসৰ এটি গভীৰ আৰু বিতৰ্কিত অধ্যায় — জৰুৰীকালীন অৱস্থা প্ৰৱৰ্তনৰ আজি পঞ্চাশ বছৰ পূৰ্ণ হ’ল। ১৯৭৫ চনৰ ২৫ জুনত তৎকালীন কংগ্ৰেছ চৰকাৰে দেশত জৰুৰীকাল ঘোষণা কৰিছিল, যাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি “ভাৰতীয় গণতান্ত্ৰিক ইতিহাসৰ অন্যতম ক’লা অধ্যায়” বুলি অভিহিত কৰে।

এই বিশেষ দিনটোৰ উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে সামাজিক মাধ্যম X (পূৰ্বৰ টুইটাৰ) ত প্ৰকাশ কৰে —

“ভাৰতৰ ইতিহাসৰ অন্যতম ক’লা অধ্যায়ৰ এই দিনটোৰ ৫০ বছৰ সম্পূৰ্ণ হ’ল। সেই সময়ত ভাৰতীয় সংবিধানত সন্নিৱিষ্ট মূল্যবোধক আঁতৰাই ৰখা হৈছিল। মৌলিক অধিকাৰ স্থগিত ৰখা হৈছিল, সংবাদ মাধ্যমৰ স্বাধীনতা খৰ্ব কৰা হৈছিল আৰু শত-সহস্ৰ ৰাজনৈতিক নেতা, সমাজকৰ্মী, ছাত্ৰ-ছাত্ৰী তথা সাধাৰণ নাগৰিকক জেলত ভৰোৱা হৈছিল।”

মোদীয়ে এই দিনটোক “সংবিধান হত্যা দিৱস” হিচাপে উল্লেখ কৰি কয় —

“সেই সময়ত ক্ষমতাত থকা কংগ্ৰেছ চৰকাৰে গণতন্ত্ৰক যেন গ্ৰেপ্তাৰৰ আওতালৈ আনিছিল!”

তেওঁ জৰুৰীকালীন সময়ত শাসনব্যৱস্থাৰ বিৰুদ্ধে অৱিচলভাৱে থিয় দিয়া সকলো ভাৰতীয়ক সন্মান জনাই কয় —

“আমি জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধে হোৱা যুঁজত দৃঢ়তাৰে থিয় দিয়া প্ৰতিজন ব্যক্তিক প্ৰণাম জনাইছো। তেওঁলোকে বিভিন্ন শ্ৰেণী আৰু মতাদৰ্শৰ পৰা আহি একেলগে সংগ্ৰাম কৰিছিল।”

প্ৰধানমন্ত্ৰীয়ে লগতে কয় —

“তেওঁলোকৰ সামূহিক সংগ্ৰামৰ বাবেই তেতিয়াৰ চৰকাৰে গণতন্ত্ৰ পুনৰুদ্ধাৰ কৰিবলগা হৈছিল, য’ত নতুন নিৰ্বাচনত কংগ্ৰেছ বেয়াকৈ পৰাস্ত হৈছিল।”

দেশৰ সংবিধান আৰু গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি দায়বদ্ধতা পুনৰ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে দেশবাসীক একত্ৰিত হোৱাৰ আহ্বান জনাই কয় —

“আমাৰ সংবিধানৰ নীতিসমূহ শক্তিশালী কৰাৰ লগতে বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ বাবে একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি আমি পুনৰবাৰ প্ৰকাশ কৰিছো।”

তেওঁৰ বক্তব্যৰ অন্তত, দেশবাসীক উন্নয়নমূলক লক্ষ্যে উৎসাহিত কৰি মোদীয়ে কয় —

“আহক আমি প্ৰগতিৰ নতুন উচ্চতা স্পৰ্শ কৰো আৰু দুখীয়া আৰু বঞ্চিতসকলৰ সপোন পূৰণ কৰো।”

উল্লেখযোগ্য যে, মোদী চৰকাৰে যোৱা বছৰ ঘোষণা কৰিছিল যে ২৫ জুন তাৰিখটো ‘সংবিধান হত্যা দিৱস’ হিচাপে প্ৰতি বছৰে চৰকাৰীভাৱে স্মৰণ কৰা হ’ব। এই পদক্ষেপ দেশৰ নাগৰিকসকলক গণতন্ত্ৰৰ মূল্য বুজাবলৈ আৰু সংবিধানৰ প্ৰতি দায়বদ্ধতা পুনৰ প্ৰতিশ্ৰুতি দিয়াৰ উদ্দেশ্যে গ্ৰহণ কৰা হৈছে।