Home Blog Page 139

Bhaskar Das: আন্তৰাষ্ট্ৰীয় মঞ্চত ভাৰতক প্ৰতিনিধিত্বৰে খ্যাতি অৰ্জন শিৱসাগৰৰ সন্তান ভাস্কৰ দাসৰ

আন্তৰাষ্ট্ৰীয় মঞ্চত ভাৰতক প্ৰতিনিধিত্বৰে খ্যাতি অৰ্জন শিৱসাগৰৰ সন্তান ভাস্কৰ দাসৰ
আন্তৰাষ্ট্ৰীয় মঞ্চত ভাৰতক প্ৰতিনিধিত্বৰে খ্যাতি অৰ্জন শিৱসাগৰৰ সন্তান ভাস্কৰ দাসৰ

শিৱসাগৰ জিলাৰ নাজিৰা (Bhaskar Das) চহৰৰ ৭ নং ৱাৰ্ডৰ স্থায়ী বাসিন্দা পিতৃ প্ৰয়াত ৰবিন চন্দ্ৰ দাসৰ সুযোগ্য সন্তান ভাস্কৰ দাসে আন্তৰ্জাতিক শ্ৰম সংস্থা’ৰ মঞ্চত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰি অসমৰ লগতে শিৱসাগৰ জিলালৈ কৃতিত্ব কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ইংৰাজী’ৰ ২০২৫ বৰ্ষ’ৰ অহা ১৪ অক্টোবৰ’ৰ পৰা ১৭ অক্টোবৰ’লৈ ছিংগাপুৰত অনুষ্ঠিত হ’বলগীয়া আন্তৰ্জাতিক শ্ৰম সংস্থা’ৰ আন্তঃৰাষ্ট্ৰীয় ট্ৰেইনিং চেণ্টাৰ’ৰ অধীনত আয়োজিত আন্তৰ্জাতিক প্ৰশিক্ষণ কাৰ্যসূচী ফেচ টু ফেচ কমপোনেণ্ট ‘ৰ বাবে নিৰ্বাচিত হৈ প্ৰথমজন অসমীয়া হিচাপে কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে। ১৫ দিনীয়া কঠোৰ ভাৰ্চিৱেল ট্ৰেইনিং প্ৰগে’ম’ৰ সফল সমাপ্তিৰ পাছত ভাস্কৰ দাসে উক্ত স্বীকৃতি লাভ কৰিছে।

উল্লেখ্য যে ভাস্কৰ দাসে বৰ্তমান অ’.এন.জি.চি. অসম সম্পদৰত কৰ্মৰত হৈ থকা’ৰ লগতে অ’.এন.জি.চি. শ্ৰমিক এছ’চিয়েচন, ভাৰতীয় মজদুৰ সংঘ, অসম প্ৰদেশৰ সাধাৰণ সম্পাদকৰ দায়িত্ব বহন কৰি আছে। বিগত ১৫ বছৰ ধৰি তেওঁ অসমৰ অন্যান্য সংগঠিত-অসংগঠিত ক্ষেত্ৰৰ কৰ্মচাৰীসকলৰ উন্নয়ন আৰু শ্ৰমিক সমাজৰ কল্যাণৰ হকে অক্লান্তভাৱে কাম কৰি অহাৰ লগতে বিভিন্ন সময়ত শ্ৰমিকৰ ওপৰত হোৱা অন্যায়ৰ বিৰুদ্ধে এক উচ্চ আৰু নিৰ্ভীক কণ্ঠ হিচাপে সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰি আহিছে।আনহাতে ভাস্কৰ দাস শৈক্ষিকভাৱেও অতি সুদক্ষ। তেখেত শিৱসাগৰ মহাবিদ্যালয়ৰ পৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী।

Zubeen Garg Death Case: গৰিমা শইকীয়া গাৰ্গৰ অজ্ঞাতে জুবিনৰ সৈতে তৰ্কত লিপ্ত হৈছিল সিদ্ধার্থ শৰ্মা !

গৰিমা শইকীয়া গাৰ্গৰ অজ্ঞাতে জুবিনৰ সৈতে তৰ্কত লিপ্ত হৈছিল সিদ্ধার্থ শৰ্মা !
গৰিমা শইকীয়া গাৰ্গৰ অজ্ঞাতে জুবিনৰ সৈতে তৰ্কত লিপ্ত হৈছিল সিদ্ধার্থ শৰ্মা !

SITৰ জেৰাত সিদ্ধাৰ্থ শৰ্মাৰ বিস্ফোৰক (Zubeen Garg Death Case) স্বীকাৰোক্তি। জুবিন গাৰ্গৰ সৈতে বহুবাৰ মনোমালিন্য হৈছিল সিদ্ধাৰ্থ শৰ্মাৰ।এই কথা স্বীকাৰ সিদ্ধাৰ্থ শৰ্মাৰ। জুবিন গাৰ্গৰ অনিচ্ছাৰ পিছতো এদিনত দুটাকৈ অনুষ্ঠান ৰাখিছিল সিদ্ধাৰ্থে। বিগত দুটা বছৰৰ পৰা ক্ৰমান্বয়ে বৃদ্ধি হৈছিল জুবিন-সিদ্ধাৰ্থৰ মনোমালিন্য। SITৰ জেৰাত স্বীকাৰ সিদ্ধাৰ্থ শৰ্মাৰ।

পত্নী গৰিমা শইকীয়া গাৰ্গৰ অজ্ঞাতে বহুবাৰ জুবিন গাৰ্গৰ সৈতে তৰ্কত লিপ্ত হৈছিল সিদ্ধার্থ শৰ্মা। জুবিন গাৰ্গক সম্পূৰ্ণৰূপে মেচিন কৰি তুলিছিল সিদ্ধার্থ শর্মাই। টকা ঘটাৰ সম্পূৰ্ণ মাধ্যমৰূপে ব্যৱহাৰ কৰিছিল দগাবাজ সিদ্ধার্থ শর্মাই। সিদ্ধার্থ শৰ্মাৰ এই চক্রান্তত পূর্ণ সহযোগ আছিল শেখৰজ্যোতি গোস্বামীৰ। শেখৰজ্যোতি আৰু সিদ্ধার্থে পৰিকল্পিতভাবে কৰিছিল সকলো কাম। অন্য লোকে জুবিন গাৰ্গৰ ঘনিষ্ঠ হোৱাৰ উমান পালে আঁতৰোৱাৰ চেষ্টা চলাইছিল সিদ্ধাৰ্থ, শ্যামকানুৱে। SITৰ জেৰাত এটা এটাকৈ স্বীকাৰোক্তি দিছে দুই অভিযুক্তই।

Zubeen Garg: জুবিনৰ সমাধিক্ষেত্ৰত উপস্থিত হৈ ৰাইজলৈ বিশেষ আহ্বান…

জুবিনৰ সমাধিক্ষেত্ৰত উপস্থিত হৈ ৰাইজলৈ বিশেষ আহ্বান
জুবিনৰ সমাধিক্ষেত্ৰত উপস্থিত হৈ ৰাইজলৈ বিশেষ আহ্বান

বৃহস্পতিবাৰে নিশা প্ৰাণৰ শিল্পী (Zubeen Garg) জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত উপস্থিত হৈ অসমবাসীক বিশেষ আহ্বান জনালে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে।

স্বামীৰ সমাধিক্ষেত্ৰত মায়াবিনী গাই উচুপি উঠিল গৰিমা শইকীয়া গাৰ্গ।

কান্দি কান্দি ৰাইজক ক’লে, ‘আপোনালোকে জুবিনৰ ন্যায়ৰ বাবে প্ৰাৰ্থনা কৰিব।’

‘সামাজিক মাধ্যমত সকলোৱে প্ৰতিদিনে এবাৰ লিখিব #JusticeForZubeenGarg।’

‘জুবিনৰ সৈতে কি হৈছিল আমি জানিব লাগিব’

‘জুবিনৰ লগত কি ঘটি গ’ল আমি নাজানিলো, কিন্তু আপোনালোকে ছ’চিয়েল মিডিয়াত লিখিবট

‘খুব ধৈৰ্যৰে আমি অপেক্ষা কৰি আছো’

‘গতিকে ন্যায় আমি পাব লাগিব’

‘অশান্তি বিচৰা নাই, শান্তিপূৰ্ণভাৱে যাতে আমাক ন্যায় দিয়ে’


Zubeen Garg: আহি পালে জুবিন গাৰ্গৰ ‘ভিছেৰা’ ৰিপ’ৰ্ট…

আহি পালে জুবিন গাৰ্গৰ ‘ভিছেৰা’ ৰিপ’ৰ্ট
আহি পালে জুবিন গাৰ্গৰ ‘ভিছেৰা’ ৰিপ’ৰ্ট

আহি পালে জুবিন গাৰ্গৰ ‘ভিছেৰা’ ৰিপ’ৰ্ট। (Zubeen Garg)

দিল্লীৰ CFSLৰ পৰা ৰিপ’ৰ্ট লাভ কৰিলে CID-এ।

গুৱাহাটীৰ পৰা যোৱা CIDৰ বিষয়াৰ হাতত অৰ্পণ ভিছেৰা ৰিপ’ৰ্ট।

আজি SIT-এ লাভ কৰিব এই ৰিপ’ৰ্ট।

ৰিপ’ৰ্টৰ সবিশেষ আজি গৰিমা শইকীয়া গাৰ্গক অৱগত কৰিব CID-এ।

ৰাজহুৱাভাৱে প্ৰকাশ কৰা নহয় ভিচেৰা ৰিপৰ্ট।

Nobel Peace Prize 2025: ২০২৫ বৰ্ষৰ শান্তিৰ ন’বেল বঁটা ঘোষণা, মাৰিয়া কৰিনা মাচাডোলৈ শান্তিৰ ন’বেল

মাৰিয়া কৰিনা মাচাডোলৈ শান্তিৰ ন’বেল
মাৰিয়া কৰিনা মাচাডোলৈ শান্তিৰ ন’বেল

২০২৫ বৰ্ষৰ শান্তিৰ ন’বেল বঁটা ঘোষণা। (Nobel Peace Prize 2025) ভেনিজুৱেলাৰ অভিযন্তা মাৰিয়া কৰিনা মাচাডোলৈ শান্তিৰ ন’বেল। নৰৱেৰ ন’বেল কমিটীয়ে ঘোষণা কৰিলে ২০২৫ বৰ্ষৰ শান্তিৰ ন’বেল। গণতান্ত্রিক অধিকাৰ প্ৰসাৰৰ বাবে আগবঢ়োৱা অক্লান্ত প্রয়াসৰ স্বীকৃতি।(Maria Corina Machado)

দেশৰ গণতন্ত্ৰ আৰু মানৱ অধিকাৰৰ বাবে শান্তিপূৰ্ণ সংগ্ৰাম আৰু একনায়কত্ববাদী শাসনৰ অন্ত পেলোৱাৰ অভিযানৰ বাবে তেওঁক সন্মান জনোৱা হৈছে। মাচাডোৱে দীৰ্ঘদিন ধৰি ভেনিজুৱেলাত স্বৈৰাচাৰী ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলনৰ নেতৃত্ব দি আহিছে। হিংসা বা সশস্ত্ৰ প্ৰতিবাদৰ পৰিৱৰ্তে শান্তিপূৰ্ণ গণ আন্দোলন আৰু ৰাজনৈতিক আলোচনাৰ জৰিয়তে পৰিৱৰ্তন সাধন কৰিবলৈ বাছি লৈছিল।

নোবেল কমিটীয়ে তেওঁৰ এই প্ৰচেষ্টাক “গণতান্ত্ৰিক মূল্যবোধৰ বিশ্বব্যাপী প্ৰতিৰক্ষাৰ প্ৰতীক” বুলি অভিহিত কৰিছে। ভেনিজুৱেলাত গণতন্ত্ৰৰ প্ৰতি উদ্বেগ বৃদ্ধি পোৱাৰ সময়তে এই বঁটা প্ৰদান কৰা হৈছে আৰু মাচাডোৰ সংগ্ৰামে তাত নাগৰিক সমাজক শক্তিশালী কৰি তুলিছে। এই ঘোষণাই ড’নাল্ড ট্ৰাম্পৰ নোবেল বঁটা লাভৰ সপোন ভাঙিলে।

Himanta Biswa Sarma: মোৰ কোনো এটকাও সম্পত্তি নাই, দৰমহাৰ বাদে একোৱেই নাইঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

মোৰ কোনো এটকাও সম্পত্তি নাই, দৰমহাৰ বাদে একোৱেই নাইঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
মোৰ কোনো এটকাও সম্পত্তি নাই, দৰমহাৰ বাদে একোৱেই নাইঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

আজি ডিব্ৰুগড়ত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়-(Himanta Biswa Sarma)

‘মোক কোনো এটকাও সম্পত্তি নাই’

‘দৰমহাৰ বাদে একোৱেই নাই’

‘বাইদেউৱে কাম কৰি খায়’

‘চুৰি কৰিতো নাখায়’

‘ভালকৈ কাম কৰি খোৱাত আপত্তি কাৰ আছে’

‘হিমন্ত বিশ্ব শৰ্মা এক বেলেগ ধৰণৰ মানুহ’

‘সম্পত্তিয়ে একো কৰিব নোৱাৰে মোক’

মিঠাতেলৰ প্ৰসংগতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়-

‘মিঠাতেল দিম বুলি কওঁতে কংগ্ৰেছৰ ব্যক্তিসকলে ইতিকিং কৰিছে’

‘গৌৰৱ গগৈৰ সন্তানে ইংলেণ্ডত ছানফ্লাৱাৰ তেল খায়’

‘গতিকে মিঠাতেলৰ ভেল্যু গৌৰৱ গগৈয়ে নুবুজে’

ADRE Results: আজি ঘোষণা হ’ল ADREৰ তৃতীয় বৰ্গৰ পদৰ ফলাফল

আজি ঘোষণা হ'ল ADREৰ তৃতীয় বৰ্গৰ পদৰ ফলাফল
আজি ঘোষণা হ'ল ADREৰ তৃতীয় বৰ্গৰ পদৰ ফলাফল

আজি ঘোষণা হ’ল (ADRE Results) ADREৰ তৃতীয় বৰ্গৰ পদৰ ফলাফল। ৰাজ্যৰ ২৮খন জিলাৰ ২৩,৮৫,৪২১ গৰাকী প্রার্থীয়ে কৰিছিল আবেদন। ইয়াৰে ১৭,৩১,৬১৬ গৰাকী প্রার্থী অৱতীৰ্ণ হয় লিখিত পৰীক্ষাত। স্কীল টেষ্টৰ বাবে বাছনি লাভ কৰে ১৬,২৯৫ গৰাকী প্রার্থীয়ে। ইয়াৰে ১৩,৮৭৭ গৰাকী প্রার্থীয়ে লাভ কৰে বাছনি। লিখিত আৰু স্কীল টেষ্টৰ নম্বৰৰ ভিত্তিত উত্তীর্ণ ৭,৬৫০ গৰাকী প্রার্থী।

তৃতীয় শ্ৰেণীৰ পদৰ বাবে বাছনিকৃত হ’ল ৭,৬৫০ প্রার্থী। ইয়াৰে ১৫১৬ টা অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভূক্ত
আদিবাসীৰ বাবে সংৰক্ষিত ১৬৩টা পদৰ প্ৰাৰ্থী বাছনি।

অনুসূচিত জাতিৰ ৫২৪ জন প্রার্থী বাছনি। অনুসূচিত জনজাতি ভৈয়ামৰ ৭৪৩ প্রার্থী বাছনি। অনুসূচিত পাহাৰীয়া জনজাতিৰ ৩৫২ প্রার্থী বাছনি। সাধাৰণ শ্ৰেণীৰ ৪,৩৫২ প্রার্থী বাছনি,


EWSৰ বাবে নাই কোনো সংৰক্ষণৰ ব্যৱস্থা। প্রাক্তন কৰ্মচাৰীৰ বাবে সংৰক্ষিত ১১৭ টা পদ। দিব্যাংগৰ বাবে সংৰক্ষিত ২১৫ টা পদ। SEBAONLINE.ORG আৰু ASSAM.GOV.INত চাব পাৰিব ফলাফল।

ADRE 2.0 Results: আজি ঘোষণা হ’ব ADRE, অসম আৰক্ষী আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল

আজি ঘোষণা হ’ব ADRE, অসম আৰক্ষী আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল
আজি ঘোষণা হ’ব ADRE, অসম আৰক্ষী আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল

আজি ঘোষণা হ’ব ADREৰ ফলাফল। (ADRE 2.0 Results) ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি বোর্ডে ঘোষণা কৰিব ফলাফল পুৱা ১০.৩০ বজাত। নির্দিষ্ট ৱেবছাইটত উপলব্ধ হ’ব ফলাফলসমূহ । অৱশ্যে প্রথম পৰ্যায়ত ঘোষণা হ’ব তৃতীয় বৰ্গৰ পদৰ ফলাফল ৰাজ্যৰ বিভিন্ন বিভাগত খালী হৈ আছে তৃতীয় বৰ্গৰ ৭ হাজাৰ ৬০০টা পদ ইয়াৰে ৪ হাজাৰ ৫৫ টা পদ স্নাতক উত্তীৰ্ণ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত HS উত্তীৰ্ণ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত আছে, ৩ হাজাৰ ১২৭টা পদ বিভিন্ন বিভাগৰ চালকৰ বাবে আছে ৪১৮টা পদ।

আনহাতে আজি ঘোষণা হ’ব অসম আৰক্ষীৰ ৬২৫টা পদৰ ফলাফল ১১ অক্টোবৰত প্ৰকাশ পাব ৫ হাজাৰ ৬১৪টা পদৰ ফলাফল সামাজিক মাধ্যমযোগে জনালে মুখ্যমন্ত্রীয়ে।

চতুৰ্থ বৰ্গৰ ২৫৮টা পদৰ ঘোষণা হ’ব। ফলাফল কমাণ্ডো বেটেলিয়নৰ ৫১টা SI পদৰো ঘোষণা হ’ব। ফলাফল ঘোষণা হ’বলগীয়া পদসমূ-হ গৃহৰক্ষী বাহিনীৰ সহ-উপ নিয়ন্ত্ৰক পদসমূহত আছে ৰান্ধনিৰ ২৬টা, নাপিতৰ ১২টা, পানীভাৰীৰ ৩টা ধোবিত ১১টা, চাফাই কৰ্মচাৰী, ইলেক্ট্রিচিয়ান, প্লাম্বাৰৰ পদ ১৫ অক্টোবৰত ঘোষণা হ’ব চতুৰ্থ বৰ্গৰ ৫ হাজাৰ ৮৯০টা পদৰ ফলাফল ইয়াৰে ১৯৫০টা পদ অষ্টম শ্ৰেণী উত্তীৰ্ণৰ বাবে সংৰক্ষিত। HS উত্তীৰ্ণৰ বাবে সংৰক্ষিত আছে ১০৬০টা পদ ITIসহ HSLC উত্তীর্ণ প্রার্থীৰ বাবে আছে ১৯৫০টা পদ।

অসম আৰক্ষীৰ পৰীক্ষাসমূহৰ ফলাফলো ঘোষণা হ’ব। ৬২৫টা পদৰ ফলাফল পুৱা ১১.৩০ বজাত নিৰ্দিষ্ট ৱেবছাইটত উপলব্ধ হ’ব ফলাফল www.slprbassam.inত উপলব্ধ হ’ব ফলাফল। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বোর্ডে ঘোষণা কৰিব ফলাফল। ঘোষণা হ’ব উপ-পৰিদৰ্শকৰ ২০৩টা পদৰ ফলাফল কমাণ্ডো বেটেলিয়নৰ ১৬৪টা কনিষ্টবল পদৰ ঘোষণা হ’ব ফলাফল।

Justice For Zubeen Garg: পুনৰ ন্যায় বিচাৰি সামাজিক মাধ্যমত আৱেগিক পোষ্ট গৰিমা গাৰ্গৰ…

পুনৰ ন্যায় বিচাৰি সামাজিক মাধ্যমত আৱেগিক পোষ্ট গৰিমা গাৰ্গৰ
পুনৰ ন্যায় বিচাৰি সামাজিক মাধ্যমত আৱেগিক পোষ্ট গৰিমা গাৰ্গৰ

পুনৰ ন্যায় বিচাৰি সামাজিক মাধ্যমত আৱেগিক পোষ্ট গৰিমা গাৰ্গৰ।(Justice For Zubeen Garg)

সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গে লিখিলে-

‘এতিয়া মন, মগজু, হৃদয়, আত্মাজুৰি মাথোঁ এষাৰেই কথা- আমাক ন্যায় লাগে।’

‘জুবিন গাৰ্গৰ দৰে এক সত্তা অৱহেলিত হ’ব নোৱাৰে।’

এইদৰে জুবিন গাৰ্গৰ ন্যায় বিচাৰি পত্নী গৰিমা গাৰ্গৰ আৱেগিক পোষ্ট।

জুবিনৰ ভগ্নীয়েও ন্যায় বিচাৰি সামাজিক মাধ্যমত পোষ্ট শ্বেয়াৰ কৰে।

জুবিনৰ ভগ্নীয়ে লিখিছে-

‘তোক যে জুইকুৰা লগাই দিলোঁ… দহিলো কিন্তু মই…. সত্যটো নজনালৈকে এই দহন নকমে!’

‘সত্যটো আমাক লাগে আৰু অতি সোনকালে লাগে!’

Himanta Biswa Sarma: জুবিন গাৰ্গৰ নামত বিজেপিয়ে যিমান কৰিছে সিমানটোতো ভাৰততো উদাহৰণ নাইঃ মুখ্যমন্ত্ৰী

জুবিন গাৰ্গৰ নামত বিজেপিয়ে যিমান কৰিছে সিমানটোতো ভাৰততো উদাহৰণ নাইঃ মুখ্যমন্ত্ৰী
জুবিন গাৰ্গৰ নামত বিজেপিয়ে যিমান কৰিছে সিমানটোতো ভাৰততো উদাহৰণ নাইঃ মুখ্যমন্ত্ৰী

প্ৰাণৰ শিল্পী জুবিন (Himanta Biswa Sarma)গাৰ্গৰ মৃত্যুৰ তদন্তৰ সন্দৰ্ভত বহুকেইটা কথা কয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আজি আমাৰ চৰকাৰখনে জুবিন গাৰ্গক ন্যায় প্ৰদানৰ বাবে যিমানখিনি কৰিছে কংগ্ৰেছ থাকিলে তাৰ ১০ শতাংশও নহ’লহেঁতেন৷ ড° ভূপেন হাজৰিকাৰ অন্তিম সংস্কাৰ কৰিবলৈ কংগ্ৰেছে মাটিডোখৰ বিচাৰি উলিয়াওঁতে তিনিদিন সময় লগাইছিল৷ সুধাকণ্ঠৰ নশ্বৰ দেহত সন্মান জনাবলৈ সেই সময়ত এজনো কেন্দ্ৰীয় মন্ত্ৰী অহা নাছিল৷

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘আমি ন্যায়ৰ কাৰণে কিমান কষ্ট কৰিছোঁ , ৰাইজে যিসকলক সন্দেহ কৰিছিল সকলোকে আমি গ্ৰেপ্তাৰ কৰিছোঁ, গতিকে কোনে আশা কৰিছিলে ইমান কম সময়তে সকলোকে এৰেষ্ট কৰিব বুলি। প্ৰথমে কৈছিলে হিমন্ত বিশ্বই নাটক কৰি আছে, আজি বিজেপি চৰকাৰখনে জুবিন গাৰ্গৰ কাৰণে যিমান কৰিছে, কংগ্ৰেছ থাকিলে তাৰ দহ শতাংশও নহ’লহেতেন। ভূপেন হাজৰিকাৰ সংস্কাৰ কৰিবৰ কাৰণে মাটি বিচাৰোতে তেওঁলোকে তিনিদিন লগাইছিল।আমি সকলো কৰি দিলো গতিকে জুবিন গাৰ্গৰ নামত বিজেপিয়ে যিমান কৰিছে সিমানটোতো ভাৰততো উদাহৰণ নাই বুলি কয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।