Home Blog Page 14

ধূলা টাঙনি সাপ্তাহিক বজাৰ সমিতিৰ বৃহৎ ঘোষণাঃ ৰাইজৰ জ্ঞাতাৰ্থে জনালে এই সিদ্ধান্ত

ধূলা টাঙনি সাপ্তাহিক বজাৰ সমিতিৰ বৃহৎ ঘোষণাঃ ৰাইজৰ জ্ঞাতাৰ্থে জনালে এই সিদ্ধান্ত
ধূলা টাঙনি সাপ্তাহিক বজাৰ সমিতিৰ বৃহৎ ঘোষণাঃ ৰাইজৰ জ্ঞাতাৰ্থে জনালে এই সিদ্ধান্ত

ধূলা টাঙনি সাপ্তাহিক বজাৰ সমিতিৰ বৃহৎ ঘোষণা। ৰাইজৰ জ্ঞাতাৰ্থে জনালে এক বৃহৎ সিদ্ধান্ত। দৰং জিলাৰ অতি পুৰণি টাঙনি বজাৰ পৰিচালনা সমিতিয়ে গ্ৰহণ কৰিছে ডাঙৰ সিদ্ধান্ত।

প্ৰতি শনিবাৰে বহা টাংনি বজাৰ খন অহা শনিবাৰে নহয়। তাৰ পৰিৱৰ্তে অহা বৃহস্পতিবাৰে হব টাংনি বজাৰ। অহাশনিবাৰে হব লগা বজাৰ খন দুদিন আগুৱাই অহা বৃহস্পতিবাৰে দিছে বজাৰ পৰিচালনা সমিতিয়ে। পবিত্ৰ ঈদৰ বাবে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।

প্ৰতিগৰাকী দুকানিক বৃহস্পতিবাৰে দুকান বহুৱাৰ বাবে আহ্বান জনোৱাৰ লগতে ৰাইজক উক্ত দিনা বজাৰত আহিবলৈ আহ্বান জনাইছে পৰিচালনা সমিতিয়ে।

লখিমপুৰৰ প্ৰবীণ সাংবাদিক, শিক্ষক বিজয় দাসৰ দেহাৱসান

লখিমপুৰৰ প্ৰবীণ সাংবাদিক, শিক্ষক বিজয় দাসৰ দেহাৱসান
লখিমপুৰৰ প্ৰবীণ সাংবাদিক, শিক্ষক বিজয় দাসৰ দেহাৱসান

লখিমপুৰৰ প্ৰবীণ সাংবাদিক, শিক্ষক বিজয় দাসে ৫৮ বছৰ বয়সত বৃক্ক আৰু হাঁওফাঁও জনিত ৰোগত ভূগি শনিবাৰে বিয়লি অসম চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে৷

ন লখিমী কাকতত সাংবাদিকতা আৰম্ভ কৰি পিছলৈ সাদিনীয়া বাতৰি, নতুন বাতৰি আৰু ২০০৯ চনলৈ আজি কাকতত , বিশ্বনাথ সংস্কৰণৰ উত্তৰ অসমৰ ষ্টাফ ৰিপৰ্টাৰৰ দায়িত্ব পালন কৰিছিল। ২০১০ চনৰ পৰা তেলাহী সোৱণশিৰি হাইস্কুলৰ সহকাৰী শিক্ষক হিচাপে কাম কৰি আছিল।

বিজয় দাসৰ ঘৰ লখিমপুৰৰ বছা গাঁৱত৷ মৃত্যুৰ সময়ত তেওঁ পত্নীসহ এজন পুত্ৰ আৰু এগৰাকী কণ্যা এৰি থৈ যায়। দাসৰ মৃত্যুত জিলাখনত শোকৰ ছাঁ পৰিছে।

আজি ৰাজ্যৰ বিধানসভা নির্বাচনৰ দিন ঘোষণাৰ সম্ভাৱনা

আজি ৰাজ্যৰ বিধানসভা নির্বাচনৰ দিন ঘোষণাৰ সম্ভাৱনা
আজি ৰাজ্যৰ বিধানসভা নির্বাচনৰ দিন ঘোষণাৰ সম্ভাৱনা

আজি ৰাজ্যৰ বিধানসভা নির্বাচনৰ দিন ঘোষণাৰ সম্ভাৱনা।

আজি বিয়লি ৪ বজাত ৫খন ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণাৰ সম্ভাৱনা।

বিয়লি ৪ বজাত নতুন দিল্লীত নির্বাচন আয়োগৰ সংবাদমেল।

সংবাদমেলতে নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণাৰ সম্ভাৱনা।

অসমৰ লগতে পশ্চিম বংগ, কেৰালাম, পুডুচেৰী, তামিলনাডুৰ নিৰ্বাচনৰ দিন ঘোষণাৰ সম্ভাৱনা।

Raijor Dol: ৰাইজৰ দলৰ দ্বিতীয়খন প্রাৰ্থী তালিকা ঘোষণা

Raijor Dol: ৰাইজৰ দলৰ দ্বিতীয়খন প্রাৰ্থী তালিকা ঘোষণা
Raijor Dol: ৰাইজৰ দলৰ দ্বিতীয়খন প্রাৰ্থী তালিকা ঘোষণা

ৰাইজৰ দলৰ দ্বিতীয় প্রাৰ্থী তালিকা ঘোষণা।(Raijor Dol)

দুটা সমষ্টিৰ বাবে ঘোষণা কৰা হ’ল প্রাৰ্থী তালিকা।

নাওবৈচাত ডাঃ হৰিকান্ত দাসক প্রাৰ্থিত্ব প্ৰদান।

ধেমাজিত বাবুল সোণোৱালক প্রাৰ্থিত্ব প্রদান।

বৰ্তমানলৈ মুঠ ১৩টা সমষ্টিত প্রাৰ্থী ঘোষণা কৰা হৈছে।

পূৰ্বে ১১টা সমষ্টিত ৰাইজৰ দলে ঘোষণা কৰিছিল প্রাৰ্থী।

কালি ঘোষণা কৰা প্ৰাৰ্থী তালিকাতো নাম নাই শিৱসাগৰ সমষ্টিৰ প্রাৰ্থীৰ।

দুদিনীয়া ভ্ৰমণসূচীৰে অসমত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

দুদিনীয়া ভ্ৰমণসূচীৰে অসমত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
দুদিনীয়া ভ্ৰমণসূচীৰে অসমত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

দুদিনীয়া ভ্ৰমণসূচীৰে অসমত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।

আজি কেইবাটাও প্ৰকল্পৰ উদ্বোধন-শিলান্যাস কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।

উদ্বোধন কৰিব প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ।

খানাপাৰাত যুৱ শক্তি সমাৰোহতো অংশ ল’ব গৃহমন্ত্ৰী শ্বাহে।

পুনৰ বৃদ্ধি পাব টোল কৰঃ পহিলা এপ্ৰিলৰ পৰা টোল কৰ বৃদ্ধিৰ সিদ্ধান্ত

পহিলা এপ্ৰিলৰ পৰা টোল কৰ বৃদ্ধিৰ সিদ্ধান্ত
পহিলা এপ্ৰিলৰ পৰা টোল কৰ বৃদ্ধিৰ সিদ্ধান্ত

পহিলা এপ্ৰিলৰ পৰা অসমত পুনৰ টোল কৰ (Toll Tax) বৃদ্ধি হ’ব।

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে (NHAI) লোৱা এই সিদ্ধান্তই ৰাজ্যখনৰ সাধাৰণ যাত্ৰীসকলক প্ৰভাৱিত কৰিব। 

বিভিন্ন টোলগেটত এই মাচুল ৫ টকাৰ পৰা সৰ্বাধিক ৩৫ টকালৈ বৃদ্ধি পাব পাৰে।

তথ্য অনুসৰি এই বৃদ্ধিৰ হাৰ ১৫ শতাংশ পৰ্যন্ত হ’ব পাৰে।

ৰাজ্যৰ ৭ খন টোলগেটত এই নতুন দৰ কাৰ্যকৰী হ’ব।

ইয়াৰ ভিতৰত নাজিৰাখাট, মদনপুৰ, ৰহা আৰু ডবকা, চুলুং, দেৰগাঁও টোলগেট অন্যতম।

বিভিন্নজনৰ প্ৰতিক্ৰিয়া প্ৰকাশ।

অসম কৃষি বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হিচাপে দায়িত্ব গ্ৰহণ প্ৰফেছৰ ড° দীপজ্যোতি ৰাজখোৱাৰ

অসম কৃষি বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হিচাপে দায়িত্ব গ্ৰহণ প্ৰফেছৰ ড° দীপজ্যোতি ৰাজখোৱাৰ
অসম কৃষি বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হিচাপে দায়িত্ব গ্ৰহণ প্ৰফেছৰ ড° দীপজ্যোতি ৰাজখোৱাৰ

অসম কৃষি বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য হিচাপে শুক্ৰবাৰে আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে বিশিষ্ট কৃষি বিজ্ঞানী তথা অভিজ্ঞ প্ৰশাসক প্ৰফেছৰ ড° দীপজ্যোতি ৰাজখোৱাই। বিশ্ববিদ্যালয়খনৰে প্ৰাক্তন ছাত্ৰ তথা এগৰাকী দক্ষ গৱেষক হিচাপে ড° ৰাজখোৱাৰ এই নিযুক্তিয়ে ৰাজ্যখনৰ কৃষি আৰু শৈক্ষিক খণ্ডত বিশেষ উছাহৰ সৃষ্টি কৰিছে।

শিক্ষাদান, গৱেষণা আৰু প্ৰশাসনৰ ক্ষেত্ৰত সুদীৰ্ঘ ৩৫ বছৰৰো অধিক অভিজ্ঞতা থকা ড° ৰাজখোৱাই ইয়াৰ পূৰ্বে মেঘালয়ৰ উমিয়ামস্থিত ‘আই.চি.এ.আৰ.’ (ICAR) উত্তৰ-পূব পাৰ্বত্য অঞ্চল গৱেষণা কেন্দ্ৰৰ প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনা বিভাগৰ মুৰব্বী তথা নাগালেণ্ডৰ আই.চি.এ.আৰ. কেন্দ্ৰৰ যুটীয়া সঞ্চালক হিচাপেও সফল সেৱা আগবঢ়াইছে।

প্ৰফেচৰ ড° ৰাজখোৱাই জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰিব পৰা ৪টা সমন্বিত কৃষি পদ্ধতিৰ আৰ্হি আৰু ৩টা বিশেষ জলবায়ু সহনশীল ধানৰ জাত উদ্ভাৱন কৰাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত কেঁচু সাৰৰ প্ৰযুক্তি জনপ্ৰিয়কৰণৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছে। তেওঁ ৪৮.৩০ কোটি টকা ব্যয়সাপেক্ষ “জলবায়ু সহনশীল কৃষিৰ ৰাষ্ট্ৰীয় পদক্ষেপ” (NICRA) নামৰ বৃহৎ প্ৰকল্পটোৰ মুখ্য সমন্বয়ক হিচাপে সফলতাৰে দায়িত্ব পালন কৰিছিল।

কৃষি বিজ্ঞানলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ লগতে তেওঁ বৰ্তমানলৈকে ১৯৬ খন গৱেষণা পত্ৰ আৰু ১৭ খন গ্ৰন্থ প্ৰকাশ কৰিছে। ইয়াৰ উপৰি অসমৰ বিভিন্ন আলোচনী আৰু দৈনিক বাতৰি কাকতত তেওঁৰ বহুতো কৃষি বিষয়ক জনপ্ৰিয় প্ৰবন্ধ প্ৰকাশ পাইছে। তেওঁ ‘ইণ্ডিয়ান ছচাইটি অৱ এগ্ৰ’নমী’ৰ স্বৰ্ণ পদকৰ লগতে কেইবাটাও ৰাষ্ট্ৰীয় পৰ্যায়ৰ ‘ফেল’শ্বিপ’ লাভ কৰিবলৈ সক্ষম হৈছে।

অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে দায়িত্ব গ্ৰহণ কৰি তেওঁ ৰাজ্যখনৰ কৃষি খণ্ডক বিশ্বমানৰ পৰ্যায়লৈ নিবলৈ আৰু কৃষক সমাজৰ উন্নয়নৰ বাবে নিষ্ঠাৰে কাম কৰি যোৱাৰ সংকল্প ব্যক্ত কৰে।

ছিনিয়ৰ মহিলাৰ আন্তঃমণ্ডল ক্ৰিকেটলৈ অসমৰ তিনিগৰাকী নিৰ্বাচিত

ছিনিয়ৰ মহিলাৰ আন্তঃমণ্ডল ক্ৰিকেটলৈ অসমৰ তিনিগৰাকী নিৰ্বাচিত
ছিনিয়ৰ মহিলাৰ আন্তঃমণ্ডল ক্ৰিকেটলৈ অসমৰ তিনিগৰাকী নিৰ্বাচিত

ছিনিয়ৰ মহিলাৰ আন্তঃমণ্ডল ক্ৰিকেটলৈ অসমৰ তিনিগৰাকী নিৰ্বাচিত। অহা ২০ মাৰ্চৰ পৰা ৩ এপ্ৰিললৈ পুডুচেৰীত হবলগীয়া ছিনিয়ৰ মহিলাৰ আন্তঃমণ্ডল ক্ৰিকেটৰবাবে অসমৰ তিনিগৰাকী খেলুৱৈ পূব মণ্ডল দললৈ নিৰ্বাচিত হৈছে।

তাৰে জিন্টিমণি কলিতা আৰু গায়ত্ৰী গুৰুঙৰ নাম দলত থকাৰ বিপৰীতে ষ্টেণ্ডবাই হিচাপে আছে খুশী শৰ্মাৰ নাম।

অসম ক্ৰিকেট সন্থাই এই সুপ্ৰাপ্য স্বীকৃতিৰ বাবে নিৰ্বাচিত খেলুৱৈ সকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে আগন্তুক প্ৰতিযোগিতাখনৰ বাবে শুভেচ্ছা জনাইছে । আশা কৰিছে, যাতে তেওঁলোকে ৰাজ্যখনলৈ সফলতা কঢ়িয়াই আনি উঠি অহাসসসকলক অনুপ্ৰাণিত কৰে।

অসম ক্ৰিকেট সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰীতম মহন্তই জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ।

সহপাঠীক ৰেগিং, অশ্লীল প্ৰস্তাৱ, মানসিক হাৰাশাস্তি দি নিলম্বন GMCHৰ তিনি ছাত্ৰ

সহপাঠীক ৰেগিং, অশ্লীল প্ৰস্তাৱ, মানসিক হাৰাশাস্তি দি নিলম্বন GMCHৰ তিনি ছাত্ৰ
সহপাঠীক ৰেগিং, অশ্লীল প্ৰস্তাৱ, মানসিক হাৰাশাস্তি দি নিলম্বন GMCHৰ তিনি ছাত্ৰ

ৰেগিং কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত GMCHৰ ২ ছাত্ৰক নিলম্বন।

সহপাঠী ছাত্ৰীক অশ্লীল প্ৰস্তাৱ দি বহিষ্কাৰ আন এজন ছাত্ৰ।

ছাত্ৰ দুজনৰ বিৰুদ্ধে ৰেগিং, অশ্লীল প্রস্তাৱ আৰু মানসিক হাৰাশাস্তিৰ অভিযোগ।

সহপাঠী ছাত্রীক অশ্লীল প্রস্তাৱ দি বহিষ্কাৰ আন এজন ছাত্র।

ছাত্ৰজনক ৬ মাহৰ বাবে বহিষ্কাৰ কৰে চিকিৎসা মহাবিদ্যালয় কর্তৃপক্ষই।

LPG Tankers: অন্ত পৰিব গেছৰ নাটনি ! ইৰাণৰ পৰা আহি আছে দুখন ভাৰতীয় LPG টেংকাৰ

LPG Tankers: অন্ত পৰিব গেছৰ নাটনি ! ইৰাণৰ পৰা আছে দুখন ভাৰতীয় LPG টেংকাৰ
LPG Tankers: অন্ত পৰিব গেছৰ নাটনি ! ইৰাণৰ পৰা আছে দুখন ভাৰতীয় LPG টেংকাৰ

পশ্চিম (LPG Tankers) এছিয়াৰ সংকটৰ মাজতে ভাৰতৰ বাবে এক ভাল খবৰ। ইৰাণে হৰমুজ জলদ্বীপৰ মাজেৰে পাৰ হ’বলৈ দুখন এল পি জি টেংকাৰৰ অনুমতি প্ৰদান কৰিছে। ইয়াৰ ফলত বিগত কিছুদিন ধৰি গেছৰ নাটনিৰ সন্মুখীন হোৱা ভাৰতে যথেষ্ট সকাহ পাব। ইতিমধ্যে অনুমতি লাভ কৰি ভাৰতৰ শিৱালিক নামৰ টেংকাৰখন ৰাওনা হৈছে।

ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি ইৰাণে ভাৰতৰ পতাকা থকা এল পি জি টেংকাৰ দুখন হৰমুজ জলদ্বীপৰ মাজেৰে পাৰ হোৱাৰ অনুমতি প্ৰদান কৰিছে। এই পদক্ষেপে দেশৰ ৰন্ধন গেছৰ সংকট কিছু পৰিমাণে দূৰ কৰাত সহায় কৰিব পাৰে। খবৰ অনুসৰি চৌদি আৰৱৰ তেল কঢ়িয়াই অনা এখন খাৰুৱা তেল টেংকাৰে ১ মাৰ্চৰ আশে-পাশে জলদ্বীপৰ মাজেৰে পাৰ হৈ শনিবাৰে (১৪ মাৰ্চ, ২০২৬) ভাৰতত উপস্থিত হোৱাৰ সম্ভাৱনা আছে।

ইয়াৰ পূৰ্বে ভাৰতত থকা ইৰাণৰ ৰাষ্ট্ৰদূত মহম্মদ ফাথালীয়ে কৈছিল যে ২-৩ ঘণ্টাৰ ভিতৰত ভাৰতীয় জাহাজ হৰমুজ জলদ্বীপৰ মাজেৰে নিৰাপদভাৱে পাৰ হ’ব। ভাৰত আৰু ইৰাণক ভাল বন্ধু বুলিও অভিহিত কৰে।

শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীয়ে ইৰাণৰ ৰাষ্ট্ৰপতি ড০ মাছুদ পেজেছকিয়ানৰ সৈতে কথা পাতিছিল। এই কথা-বতৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত লিখিছে যে তেওঁ অঞ্চলটোৰ ভয়াৱহ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰি ভাৰতৰ নাগৰিকৰ সুৰক্ষা আৰু ভাৰতৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ সামগ্ৰী আৰু শক্তিৰ নিৰ্বিঘ্নে চলাচলৰ বিষয়ে ৰাষ্ট্ৰপতিৰ আগত অৱগত কৰে।