Home Blog Page 140

Development: উন্নয়নৰ খতিয়ানঃ উন্নয়ন হওক সামাজিক, সাংস্কৃতিক, বৌদ্ধিক ক্ষেত্ৰত

Development: উন্নয়নৰ খতিয়ানঃ উন্নয়ন হওক সামাজিক, সাংস্কৃতিক, বৌদ্ধিক ক্ষেত্ৰত
Development: উন্নয়নৰ খতিয়ানঃ উন্নয়ন হওক সামাজিক, সাংস্কৃতিক, বৌদ্ধিক ক্ষেত্ৰত

বৰ্তমান সময়ত সৰ্বত্ৰ কেৱল উন্নয়নৰ শ্ল’গান।(Development)বাটে-ঘাটে, বজাৰে-সমাৰে মানুহৰ মুখত কেৱল উন্নয়নৰ কথা। আনকি শাসকপক্ষৰ নেতা-পালি নেতাসকলৰ মুখত একেবাৰে পানী নসৰকাকৈ ঢাক-ঢোল বজাই থকা হয় কেৱল উন্নয়নৰ জয় গান। বিভিন্ন সভাই-সমিতিয়ে শাসকীয় পক্ষৰ যি উন্নয়নৰ জয় গান সেয়া শুনিলে সাধাৰণ দৃষ্টিত কোনে বাৰু নক’ব উন্নয়ন নাই হোৱা বুলি। কিন্তু সাধাৰণতে আমি যি উন্নয়নৰ ছবিখন দেখি আহিছো সেয়া সঁচা অৰ্থত উন্নয়ন বুলি মানি ল’ব পৰা যায়নে। হয়, উন্নয়ন হৈছে কিন্তু এই উন্নয়ন খাটিখোৱা সাধাৰণ জনতাৰ নহয়। এই উন্নয়ন হৈছে কেৱল পুঁজিপতি বণিয়াৰ। আৰু এই উন্নয়নে আমাৰ সমাজত দুটা বিপৰীতধৰ্মী শ্ৰেণীৰহে সাধাৰণতে সৃষ্টি কৰিছে। আৰু এই দুই শ্ৰেণীৰ মাজত ক্ৰমান্বয়ে সমন্বয়ৰো অভাৱ ঘটিবলৈ ধৰিছে। যিটো আমাৰ উন্নয়নৰ ক্ষেত্ৰত এক বৃহৎ বাধা হৈ উঠিছে। ৰাজনৈতিক নেতাসকলৰ মুখত আখৈ ফুটাদি ফুটা জয়গানৰ ছবিখনে পিছে আমাক এক ভয়াৱহ ইংগিতহে দিয়া যেন অনুভৱ হৈছে। তেওঁলোকে হয়তো ভাবিছে যে দৰিদ্ৰ জনতাক আঁচনিৰ নামত কেইটামান টকা, চাউল, সাধাৰণ এটি পঁজা আৰু বিভিন্ন আঁচনিৰ অন্তৰ্ভুক্ত কৰি হিতাধিকাৰী সজালেই উন্নয়ন। পিছে কোনোবা এজন হিতাধিকাৰীয়ে কেতিয়াবা কোৱা শুনিছেনে যে আমাক আৰু আঁচনিৰ প্ৰয়োজন নাই। আমাৰ এতিয়া একোৰে অভাৱ নাই। আমাৰ উন্নয়ন হৈছে। কিন্তু সেই ছবিখন আমি আজিও দেখা নাই অথবা কোনোদিন দেখিবলৈও হয়তো নাপাম। এয়া জানো উন্নয়ন ! চৰকাৰে প্ৰতিদিনে ঋণ লৈ আছে। এই ঋণে আমাৰ সাধাৰণ শ্ৰেণী লোকৰ ওপৰত এক বৃহৎ বোজা হৈ যে নপৰিব তাক নুই কৰিব নোৱাৰি। কৃষকৰ কৃষি ভূমিৰ ওপৰত এতিয়া পুঁজিপতি বণিয়াৰ বুলড’জাৰ, বৃহৎ বৃহৎ হাতুৰীৰ কোব। কৃষিভূমিৰ নিতৌ শ্ৰেণী পৰিৱৰ্তন হৈ আছে তাৰ ফলতে আজি নিতৌ সংকুচিত হৈ গৈ আছে আৰু ইয়াৰ ফলতে সংকুচিত হৈ গৈ আছে আমাৰ জীৱিকাৰ মূল সম্পদ কৃষিভূমি। এনেদৰে বহিৰাগত বণিয়াক মাতি আনি বৰপীৰা পাৰি দিলেই উন্নয়ন হৈ নাযায়। এদেও দুদেও লোটা নিয়াৰ ছেওৰে সাধাৰণ খাটিখোৱা জনতাৰ যে কোনো ধৰণৰ উন্নয়ন নহয় সেয়া আমি প্ৰতিদিনে অনুভৱ কৰি আহিছোঁ, দেখি আহিছোঁ। এই উন্নয়নে আমাৰ মাজত কেৱল দুটা শ্ৰেণীৰ মাজত সংঘাতৰহে সৃষ্টি কৰি আহিছে। এই দুই শ্ৰেণীৰ এটা খাটিখোৱা দুৰ্বল শ্ৰেণী আৰু আনটো পুঁজিপতি শ্ৰেণী। আৰু এই পুঁজিপতি শ্ৰেণীটোৱেহে উন্নয়নৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ লাভ কৰি আহিছে। সেয়ে দিনে দিনে পুঁজিপতি শ্ৰেণীৰ দপদপনিত থৰকাছুটি হেৰুৱাব লগা হৈছে সাধাৰণ দুৰ্বল শ্ৰেণীটো। আমি জানো সমউন্নয়নৰ কথা ভাবিছো কেতিয়াবা। নাই ভবা। কাৰণ পুঁজিপতিসকলৰ ওপৰতেই নিৰ্ভৰশীল আমাৰ শাসকগোষ্ঠী। এয়াই সত্য। আমি দেখিছো আমাৰ চহৰ-নগৰ, মহানগৰীত নিতৌ গঢ়ি উঠিছে বৃহৎ বৃহৎ সু-উচ্চ অট্টালিকা, ৰাস্তা-ঘাট, ব্যক্তিগত খণ্ডৰ ব্যয়-বহুল, আটকধুনীয়া শিক্ষানুষ্ঠান, গঢ়ি উঠিছে বৃহৎ বৃহৎ শ্বপিং মল, বাৰ-ৰেষ্টুৰেণ্ট। আকৌ বৰ্তমান সময়ত যেন এক জোৱাৰৰহে সৃষ্টি হৈছে উৰণ সেতু নিৰ্মাণৰ প্ৰতিযোগিতাই। এয়া নিশ্চয় দেশৰ উন্নয়নৰ এক ছবি। কিন্তু এই উন্নয়নৰ এই সু-ফল সমাজৰ সকলোৱে জানো উপভোগ কৰিব পাৰিছে ? এবাৰ ভালদৰে অনুভৱ কৰকচোন, দেখিব জনসাধাৰণৰ উন্নয়নৰ দোহাই দিয়েই অসমৰ বিভিন্ন ঠাইত কেতিয়াবা সাধাৰণ লোকক নিৰ্বিচাৰ উচ্ছেদ কৰি সেই মাটি দিয়া হৈছে পুঁজিপতি বণিয়াক। যাৰ ফলত আজি বিভিন্ন ঠাইত সাধাৰণ মানুহ আৰু চৰকাৰী পক্ষৰ মাজত সংঘাতৰ সৃষ্টি হৈছে, নানা দুৰ্দশাৰ বলি হৈছে এইসকল দুখীয়া কৃষক-মজদুৰ-বনুৱা। কিন্তু সেইসকলৰ আৰ্তনাদ শুনে কোনে। সাধাৰণ লোকৰ প্ৰতিবাদ নেওচি বৃহৎ বৃহৎ নদী বান্ধ নিৰ্মাণ কৰা হয় উন্নয়নৰ দোহাই দি। কিন্তু যেতিয়া এই বান্ধত কেতিয়াবা দুৰ্যোগ সৃষ্টি হয় অথবা এই বান্ধৰ পানী এৰি দিয়া হয় তেতিয়া আটাইতকৈ ক্ষতিগ্ৰস্ত হয় খাটিখোৱা দুৰ্বল মানুহখিনি। সেইদৰে উনয়নৰ নামত পথ বহল কৰাৰ নামত, পথ নিৰ্মাণৰ নামত, উৰণ সেতু নিৰ্মাণৰ নামত যেতিয়া সাধাৰণ শ্ৰেণীৰ লোকসকলক উচ্ছেদ কৰা হয় তেতিয়া তেওঁলোকৰ দুখৰ কথা ভাবিবলৈ কাৰো আহৰি নাই। উদ্যোগ, কাৰখানা, শ্বপিং মল আদি স্থাপন-নিৰ্মাণৰ নামত দুৰ্বল শ্ৰেণীটোৰেই আটাইতকে ক্ষতি বেছি হয়। কাৰণ সেইসকল লোকক উচ্ছেদ কৰিলেহে পুঁজিপতিসকলে সেই স্থানসমূহত বৃহৎ বৃহৎ ইমাৰতবোৰ নিৰ্মাণ কৰি তেওঁলোকৰ ব্যৱসায়ৰ সুবিধা লাভ কৰিব পাৰিব। গতিকে সমাজৰ দুৰ্বল শ্ৰেণীটোৱে তেওঁলোকক কৰা উচ্ছেদৰ দুখ-যান্ত্ৰণা সহিবলগীয়া হয়। দুদিনমান হয়তো এই খাটিখোৱা লোকসকলৰ কাষত থিয় দিব কোনোবা কিন্তু দুদিনৰ পিছত সেই লোকসকলৰ দুখৰ বোজাটো কিছু হ’লেও কম কৰিবলৈ কাষত কোনো থিয় নহয়হি। মাত্ৰ সেই দুৰ্বল মানুহখিনিয়ে কেতিয়াবা আহি তেওঁলোকক উচ্ছেদ কৰি বনোৱা সু-উচ্চ ইমাৰতৰ তলত থিয় হৈ এটা দীঘল হুমুনিয়াহ কাঢ়ি কোনেও নেদেখাকৈ চকুলো নিগৰায়। হয়তো তেওঁলোকৰ মুখৰ পৰা হুমুনিয়াহৰ লগতে অস্পষ্টভাৱে ওলাই আহে- ইয়াতে এদিন আছিল মোৰ সৰু পঁজাটো, সুখৰ সংসাৰখন…। এনেদৰেই আজি উন্নয়নৰ নামত এচাম লোকৰ সপোনবোৰ নিঃশেষ হৈ গৈছে, গছ-গছনি, জলাশয় আদি নিঃচিহ্ণ হৈ গৈ আছে। ফলত পৰিৱেশতন্ত্ৰৰ ওপৰতো পৰিছে ব্যাপক নেতিবাচক প্ৰভাৱ। প্ৰভাৱ পৰিছে সামাজিক বোধ-চেতনাৰ ওপৰতো। ফলত অপৰাধপ্ৰৱণতাই সমাজত গা কৰি উঠিছে। হিংসাৰ প্ৰৱণতাও বৃদ্ধি হৈ গৈ আছে। যদি আজি আমি দেখি থকা উন্নয়নে আমাৰ সমাজখনত বিচ্ছৃংখলতাৰ সৃষ্টিহে কৰিবলৈ হয় তেনে নিশ্চয় এই উন্নয়ন সঠিক উন্নয়ন হ’ব নোৱাৰে। যদি উন্নয়নে মানুহৰ সামাজিক, সাংস্কৃতিক, বৌদ্ধিক, নৈতিকভাৱে মানুহক কৰি গঢ়ি তুলিবই নোৱাৰে তেনেহ’লে সঁচা অৰ্থত আমি জানো উন্নত আৰু উন্নয়নৰ দিশত আগবাঢ়ি যাব পাৰিছো ? হয়তো নিশ্চয় পৰা নাই। আজি উন্নয়নৰ নামত একাংশৰ নৈতিকতাৰ ভয়াৱহভাৱে স্খলন ঘটিছে। উন্নয়নৰ চাকনৈয়াত পৰি এচামে আৰ্থিক দুৰ্নীতি-লুণ্ঠন আনকি যৌনতাকো সুলভ কৰি তুলিছে। উন্নয়নৰ বাহ্যিক সুন্দৰ ছবিখনৰ মাজত যেন সেইসকল স্থিৰে থাকিব পৰা নাই। কাৰণ উন্নয়নৰ লগত খাপ খাবলৈ হ’লে তেওঁলোকে দৰিদ্ৰতাৰ বোকাৰ পৰা উঠি আহি ৰঙীণ পৃথিৱীত সমানে খোজ দিব বিচাৰে। কিন্তু বাহ্যিকতাৰ ধামখুমীয়াত পৰি তেওঁলোকৰ জীৱন সোমাই পৰে অন্ধকাৰ গহ্বৰত। য’ৰ পৰা তেওঁলোক ওলাই অহাটো কেতিয়াও সম্ভৱ নহয়।
এই লেখাটোত যিখিনি কোৱা হ’ল তাৰ অৰ্থ এইটো নহয় যে আমি ৰাজ্যৰ উন্নয়ন দেখা নাই অথবা উন্নয়ন বিচৰা নাই। উন্নয়ন হৈছে কিন্তু কথা হ’ল যি উন্নয়নে সমাজত শ্ৰেণী বিভাজন সৃষ্টি কৰে, যি উন্নয়নৰ ফলত এচাম লোক ধনীৰ পৰা ধনী হৈ গৈ আছে আৰু এচাম গৃহহীন হৈ পৰিছে তেনে উন্নয়নে দেশৰ মংগল সাধন কৰিব পাৰিবনে ? উন্নয়ন হওক জনসাধাৰণৰ স্বাৰ্থত, একমাত্ৰ ৰজাঘৰৰ স্বাৰ্থত নহয়। তেনে উন্নয়নে ৰাইজৰ হিত সাধন নকৰে। বৰং বৈষম্যৰ, প্ৰতিহিংসাৰ, উচ্ছৃংখল সমাজৰহে সৃষ্টি কৰে। উন্নয়নে যেনেদৰে ধনী শ্ৰেণীটোৰহে উন্নতিত অৰিহণা যোগাইছে, ঠিক তেনেদৰে সমাজৰ দুৰ্বল, দুখীয়া শ্ৰেণীটোৰো উন্নতিত প্ৰধান ভূমিকা গ্ৰহণ কৰিব পাৰিব লাগিব। তেতিয়াহে সঁচা অৰ্থত উন্নয়ন হ’ব। নহ’লে উন্নয়ন কেৱল এটা শ্ল’গান হৈয়ে থাকিব। উন্নয়ন হওক শিক্ষাত, উন্নয়ন হওক আমাৰ নৈতিকতাৰ, উন্নয়ন হওক শ্ৰেণী বৈষম্যৰ, উন্নয়ন হওক পথভ্ৰষ্ট লোকসকলৰ। উন্নয়ন লাগে সামাজিক, সাংস্কৃতিক, বৌদ্ধিক জীৱনৰ।

লেখকঃ ভূপেন মহন্ত

Local News: মুকালমুৱাৰ বৰধাপৰ পৰা গুৱাহাটীলৈ যোৱা যুৱক সন্ধানহীন

Local News: মুকালমুৱাৰ বৰধাপৰ পৰা গুৱাহাটীলৈ যোৱা যুৱক সন্ধানহীন
Local News: মুকালমুৱাৰ বৰধাপৰ পৰা গুৱাহাটীলৈ যোৱা যুৱক সন্ধানহীন

নলবাৰী জিলাৰ মুকালমুৱাৰ বৰধাপৰ(Local News) এজন যুৱক সন্ধানহীন হোৱাত পৰিয়ালৰ লোকৰ মাজত হাহাকাৰময় পৰিস্থিতি দেখা গৈছে। সন্ধানহীন যুৱকজন ৰজব আলীৰ পুত্ৰ ৰফিকুল ইছলাম(২৭)। প্ৰাপ্ত তথ্য মতে দেওবাৰে জাম বিক্ৰী কৰিবলৈ ঘৰৰ পৰা গুৱাহাটীলৈ যোৱাৰ পিছৰে পৰা যুৱকজনৰ সন্ধান নাই।

পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰে যদিও আজিলৈকে সন্ধান পোৱা নাই। নিৰুপায় হৈ পৰিয়ালৰ লোকে যুৱকজনৰ সন্ধানত মুকালমুৱা আৰক্ষী থানাত অভিযোগ দাখিল কৰে। সদাশয় ৰাইজে যুৱকজনক কৰবাত দেখা পালে মুকালমুৱা আৰক্ষী থানাত নহলে ৯১০১৯১৫৩৭৪ / ৯৭০৭৪৭২০২০ নম্বৰত পৰিয়ালৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনায়।

Iran blocks Hormuz: হৰমুজ জলদ্বীপ বন্ধ হ’লে ভাৰতে ক’ৰ পৰা পাব তেল?

Iran blocks Hormuz: হৰমুজ জলদ্বীপ বন্ধ হ’লে ভাৰতে ক’ৰ পৰা পাব তেল?
Iran blocks Hormuz: হৰমুজ জলদ্বীপ বন্ধ হ’লে ভাৰতে ক’ৰ পৰা পাব তেল?

ইজৰাইল-ইৰাণ সংঘাত আৰু ইৰাণৰ কেইবাটাও(Iran blocks Hormuz)পাৰমাণৱিক ঘাটিত আমেৰিকাই বোমা বিস্ফোৰণৰ বাবে উত্তেজনা সৰ্বকালৰ উচ্ছতম স্তৰত আছে৷ এনে পৰিপ্ৰেক্ষিতত বিশ্বৰ মঞ্চত তেল যোগানক লৈ আশংকাৰ সৃষ্টি হৈছে৷ কাৰণ, হৰমুজ জলদ্বীপ বিশ্বজুৰি তেল যোগানৰ অন্যতম পথ৷ যাৰ এটা অংশ ইৰাণতো আছে৷

ইতিমধ্যে ইৰাণে হৰমুজ জলদ্বীপ বন্ধ কৰাৰ ভাবুকি দিছে৷ এনে পৰিস্থিতিত ভাৰতৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে দেশবাসীক আশ্বাস দিছে যে ভাৰতৰ তেল যোগানত কোনো ধৰণৰ ব্যাঘাত নঘটে৷ মন্ত্ৰীগৰাকীয়ে কয়, ‘যোৱা দুসপ্তাহ ধৰি আমি মধ্যপ্ৰাচ্যৰ ভূ-ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছো৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমি যোৱা কেইবছৰমানৰ ভিতৰত তেলৰ উৎস আৰু যোগানৰ বৈচিত্ৰ্যতা বৃদ্ধি কৰিছো৷ ফলত আমাৰ তেলৰ এটা বৃহৎ অংশ এতিয়া হৰমুজ জলদ্বীপৰ মাজেৰে নাহে৷’

তেওঁ লগতে কয় যে ভাৰতৰ চৰকাৰী তেল বিপণন কোম্পানীসমূহত কেইবা সপ্তাহ ধৰি ইন্ধনৰ মজুত আছে আৰু এতিয়াও একাধিক পথৰ জৰিয়তে ইন্ধনৰ যোগান লাভ কৰি আছে৷ মন্ত্ৰীগৰাকীয়ে স্পষ্ট বাৰ্তা প্ৰদান কৰি কয় যে, ‘দেশৰ নাগৰিকসকলৰ ইন্ধনৰ যোগান যাতে সুস্থিৰ হৈ থাকে তাৰ বাবে আমি সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিম৷’ প্ৰসংগক্ৰমে আমেৰিকা আৰু ইজৰাইলৰ সৈতে উত্তেজনাৰ মাজতে ইৰাণৰ সংসদে এটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱত অনুমোদন জনাইছে- বিশ্বৰ অন্যতম কৌশলগত জলপথ হৰমুজ জলদ্বীপ বন্ধ কৰা হ’ব৷

মধ্যপ্ৰাচ্যৰ পৰা তেল আৰু গেছ ১৫ানিৰ মূল পথ হ’ল হৰমুজ জলদ্বীপ – বিশ্বৰ দৈনিক প্ৰায় ২০ শতাংশ ইন্ধন যোগান ইয়াৰ মাজেৰে পাৰ হৈ যায়৷ মাত্ৰ ৩৩ কিলোমিটাৰ বহল এই জলদ্বীপত নিৰ্ধাৰিত জাহাজ পথৰ দৈৰ্ঘ্য মাত্ৰ ৩ কিলোমিটাৰ৷ সংসদৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সমিতিৰ সদস্য মেজৰ জেনেৰেল কৌছাৰীয়ে কয় যে সংসদে সৰ্বসন্মতিক্ৰমে জলদ্বীপ বন্ধ কৰাৰ সপক্ষে ভোটদান কৰিলেও চূড়ান্ত সিদ্ধান্ত উচ্ছতম ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদে গ্ৰহণ কৰিব৷

US, Israel Attack Iranian Nuclear: ভাৰতলৈ মৃত্যুদূত তেজক্ৰিয় বিকিৰণঃ আমেৰিকাৰ পিছত ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰত পুনৰ আক্ৰমণ ইজৰাইলৰ

ঘূৰি আহিব হিৰোছিমা-নাগাচাকিৰ(US, Israel Attack Iranian Nuclear) সেই ভয়াৱহ দিনবোৰ৷
ঘূৰি আহিব হিৰোছিমা-নাগাচাকিৰ(US, Israel Attack Iranian Nuclear) সেই ভয়াৱহ দিনবোৰ৷

ঘূৰি আহিব হিৰোছিমা-নাগাচাকিৰ(US, Israel Attack Iranian Nuclear) সেই ভয়াৱহ দিনবোৰ৷ আপাততঃ তেনে আশংকাই কৰা হৈছে৷ ইৰাণৰ পাৰমাণৱিক ঘাটিত বিধবংসী আক্ৰমণ চলাই আমেৰিকাই বিজয়ৰ হাঁহি মৰাৰ সময়তে নানান অশুভ চিন্তাই বিশ্বৰ সচেতন মহলক ভাৰাক্ৰান্ত কৰিছে৷ যদিও এই ঘটনাৰ পিছত এতিয়ালৈকে ইৰাণত বিকিৰণৰ কোনো খবৰ পোৱা নাই, তথাপি সমগ্ৰ বিশ্বই অতীতৰ কথা মনত পেলাই চিন্তিত হৈ পৰিছে৷

এই পৃথিৱীখনে ইতিহাসত তিনিবাৰকৈ পাৰমাণৱিক তেজি¦য় বিকিৰণৰ ভয়াৱহতা দেখিছে, ১৯৪৫ চনত [হিৰোছিমা, নাগাচাকি] ১৯৮৬ চনত [চেৰ্নোবিল] আৰু ২০১১ চনত [ফুকুছিমা]৷ জ্বলন্ত বিষয়ৰ উচটনি দি ইৰাণৰ পাৰমাণৱিক ঘাটিত আমেৰিকাই আক্ৰমণ কৰিলে ভাৰতকে ধৰি এছিয়াৰ আন দেশসমূহৰ বিপদ বৃদ্ধি পাব পাৰে বুলি বহুতে ধাৰণা কৰিছে৷ বিশেষজ্ঞসকলৰ মতে যুদ্ধৰ বাবে যদি ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰত আক্ৰমণ হয় তেন্তে সেই বিকিৰণে কেৱল মধ্যপ্ৰাচ্যকে ধবংস কৰাই নহয়, ভাৰতৰ বায়ু, পানী আৰু মাটিও বিষাক্ত হৈ পৰিব৷ যদি তেনে পৰিস্থিতি হয় তেন্তে পশ্চিম দিশেৰে পাৰমাণৱিক বিকিৰণ দ্ৰুতগতিত পাকিস্তান, উত্তৰ আৰু পশ্চিম ভাৰতলৈ বিয়পি পৰিব৷ ইয়াৰ পৰিণাম হ’ব মাৰাত্মক৷ এই ঘটনাত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ’ব পঞ্জাব আৰু হাৰিয়ানা৷ ভাৰতৰ শস্য উৎপাদন আৰু খাদ্যৰ প্ৰয়োজনীয়তাত এই দুখন ৰাজ্যই সৰ্বাধিক ভূমিকা পালন কৰে৷

পাৰমাণৱিক প্ৰদূষণৰ বাবে এই অঞ্চলৰ ধান খেতি ধবংস হ’ব৷ যাৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিব দেশৰ খাদ্য সুৰক্ষাত৷ দিল্লীক ৰেহাই দিয়া নহ’ব৷ ইতিমধ্যে বিষাক্ত বায়ুৰ বাবে দেশৰ ৰাজধানী দিল্লীৰ অৱস্থা বেয়া৷ তাৰ লগতে এই অঞ্চলত তেজি¦য় পদাৰ্থৰে বায়ু ভৰি পৰিব৷ ইয়াৰ পৰিণাম হ’ব মাৰাত্মক৷ তেজক্ৰিয় ধূলিয়ে পশ্চিম ৰাজ্য ৰাজস্থানৰ বাবে চৰম বিপদৰ সৃষ্টি কৰিব৷ ৰাজস্থানৰ শুকান বতৰৰ বাবে এই তেজক্ৰিয় কণাবোৰ জলাশয়ৰ লগত মিহলি হ’ব৷ বছৰ বছৰ ধৰি ইয়াৰ প্ৰভাৱ পৰিব তাত থকা লোকসকলৰ ওপৰত৷ গংগাৰ পাৰত অৱস্থিত উত্তৰ প্ৰদেশ আৰু বিহাৰেও ৰেহাই নাপাব৷ এই বিষাক্ত বায়ু আৰু তেজক্ৰিয় কণিকাবোৰে সেই অঞ্চলৰ খোৱাপানী আৰু ইয়াৰ প্ৰধান শস্য ধান আৰু ঘেঁহু উৎপাদনত প্ৰভাৱ পেলাব৷ কেৱল সেয়াই নহয় ইয়াৰ তেজক্ৰিয়তা উত্তৰ দিশৰ হিমালয় অঞ্চলৰ নদীবোৰলৈ বিয়পি পৰিব৷ কেৱল সেয়াই নহয়, পাৰমাণৱিক প্ৰদূষণৰ ফলত হিমবাহৰ প্ৰভাৱ পৰিব৷ মুঠৰ ওপৰত এই পাৰমাণৱিক প্ৰদূষণে ভাৰতৰ প্ৰাকৃতিক পৰিৱেশকে প্ৰভাৱিত কৰাই নহয়, ইয়াৰ ভয়াৱহতাই দেশত খাদ্য সংকটৰো সৃষ্টি কৰিব পাৰে৷

মাতৃহাৰা হ’ল আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য । Samujjal Kumar Bhattacharya

মাতৃহাৰা হ’ল আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যবাঁহী গ’ল বীণা ভট্টাচার্যৰ জীৱনৰ সুৰ — অসমীয়াৰ জাতীয় মনোবোৰ কঁপালে ‘আত্মজন’ এজনীৰ বিয়োগ । Samujjal Kumar Bhattacharya
মাতৃহাৰা হ’ল আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যবাঁহী গ’ল বীণা ভট্টাচার্যৰ জীৱনৰ সুৰ — অসমীয়াৰ জাতীয় মনোবোৰ কঁপালে ‘আত্মজন’ এজনীৰ বিয়োগ । Samujjal Kumar Bhattacharya

গুৱাহাটী, ২৪ জুনঃSamujjal Kumar Bhattacharya
অসম আন্দোলনৰ সক্রিয় সৈনিক, সমাজ-সচেতন সৰবৰহী মহিলা আৰু আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ মাতৃ বীণা ভট্টাচাৰ্য আৰু নাই। সোমবাৰে নিশা ১১ বাজি ১২ মিনিটত গুৱাহাটীৰ জটিয়াৰ শিৱশক্তি পথত থকা জীয়ৰীৰ ঘৰত ৯৫ বছৰ বয়সত বীণা ভট্টাচাৰ্যই ইহলীলা ত্যাগ কৰে।

১৯৩০ চনৰ ৩ অক্টোবৰত জন্মগ্ৰহণ কৰা বীণা ভট্টাচাৰ্যই ডিব্ৰুগড় মিশ্যনেৰী স্কুল, গোৱালপাৰা, যোৰহাট আৰু তেজপুৰৰ বিভিন্ন প্ৰতিষ্ঠানত শিক্ষাগ্ৰহণ কৰিছিল। দৰং মহাবিদ্যালয়ত অধ্যয়নৰ সময়তে ৰাজ্যৰ গড়কাপ্টানী বিভাগৰ পূৰ্বতন অভিযন্তা সীতাংশু ভট্টাচাৰ্যৰ সৈতে বিবাহপাশত আবদ্ধ হয়। প্ৰায় ২৫ বছৰ পূৰ্বে স্বামীৰ বিয়োগ ঘটে।

প্ৰখ্যাত ‘বাসেজ’ বংশৰ সন্তান বীণা ভট্টাচাৰ্যই কম বয়সতে দেশৰ স্বাধীনতা আন্দোলনত অংশ লৈছিল। মহাত্মা গান্ধীৰ অসম ভ্ৰমণত স্বেচ্ছাসেৱক হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। অভিজ্ঞান, শৃংখলাবদ্ধতা আৰু আত্মনিবেদনৰে তেখেত অসমীয়াৰ জাতীয়তাবাদী ধাৰাৰ এক নিঃশব্দে প্ৰভাৱ বিস্তাৰ কৰা প্ৰতিচ্ছবি আছিল।

তেখেতৰ সন্তানসকলৰ ভিতৰত –

  • ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য (আছুৰ মুখ্য উপদেষ্টা)
  • উজ্জ্বল ভট্টাচাৰ্য (ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন অতিৰিক্ত মহাপ্ৰবন্ধক)
  • কবিতা ভট্টাচাৰ্য (অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ প্ৰাক্তন উপ-সঞ্চালক)
  • বিভূজ্জ্বল ভট্টাচাৰ্য (ৰাষ্ট্ৰীয় তথ্য পৰিষদৰ তথ্য-প্রযুক্তি সঞ্চালক)
    জ্যেষ্ঠ পুত্ৰ প্রাঞ্জল ভট্টাচার্য, অসমৰ অৰ্থনীতি বিভাগৰ প্ৰাক্তন সঞ্চালক, আগতেই দেহাৱসান কৰে।

বীণা ভট্টাচাৰ্যৰ জোৱায় ডাঃ উমেশ চন্দ্ৰ শৰ্মা, ৰাজ্যৰ স্বাস্থ্য শিক্ষা বিভাগৰ প্ৰাক্তন সঞ্চালক তথা শ্রীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য।

তেখেত মৃত্যুৰ সময়ত পুত্ৰ-বোৱাৰী, জীয়াৰী-জোৱাই, নাতি-নাতিনী, আজোনাতি আৰু বহু আত্মীয়-গুণমুগ্ধ এৰি থৈ গ’ল। অভিনয়, নাট্যকলা, বীয়ানাম, গোঁসাইনামৰ দৰে লোকসংস্কৃতিৰ চর্চাত নীৰৱে ব্রতী হৈ থকা এই মহিলাগৰাকীৰ মৃত্যুত সৰবৰহীত অজস্ৰ গুণমুগ্ধৰ ঢৌ বৈছে।

মঙলবাৰে পুৱা বীণা ভট্টাচাৰ্যৰ নশ্বৰ দেহ দক্ষিণ শৰণীয়াৰ নিজ বাসগৃহলৈ অনা হয়। তাতেই বহু গণ্যমান্য ব্যক্তি, দল-সংগঠন, সামাজিক সংগঠন আৰু সাধাৰণ গুণমুগ্ধই শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।

গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত তেখেতৰ অন্ত্যেষ্টিক্রিয়া অসংখ্য অনুৰাগী, আত্মীয় আৰু আছুৰ কৰ্মীৰ উপস্থিতিত সম্পন্ন কৰা হ’ব।

বীণা ভট্টাচাৰ্য সদৌ অসম ছাত্ৰ সন্থাৰ লাখ লাখ কৰ্মীৰ বাবে মাতৃস্বৰূপ আছিল। তেখেতৰ মৃত্যুত আছুৱে হেৰুৱালে এগৰাকী নীৰৱ অভিভাৱক, যি সদায় সংগঠনৰ আত্মিক দিশৰ এক মুকুতা আছিল।

তেখেতৰ শূন্যতাই কেৱল পৰিয়াল নহয়, অসমীয়াৰ জাতীয় জীৱনলৈ এক অপূৰণীয় ক্ষতি।

Boys Marriage Predictio: এই ৪ ৰাশিৰ ল’ৰাই ধুনীয়া পত্নী পায়, ৰাশি সমূহ কি কি ? জানি লওক…

Boys Marriage Predictio: এই ৪ ৰাশিৰ ল'ৰাই ধুনীয়া পত্নী পায়
Boys Marriage Predictio: এই ৪ ৰাশিৰ ল'ৰাই ধুনীয়া পত্নী পায়

জ্যোতিষৰ মতে ৰাশিৰ প্ৰকৃতি আৰু চিন্তাধাৰাৰ লগতে জীৱনৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰ যেনে বিবাহ আৰু পাৰিবাৰিক জীৱনৰ ওপৰতো গভীৰ প্ৰভাৱ পৰে।(Boys Marriage Predictio)

বৃষ ৰাশিৰ পুৰুষ স্থানীয় লোক সুস্থিৰ। এই লোকসকল পাৰিবাৰিক মূল্যবোধৰ প্ৰতি আকৃষ্ট। এই সৌন্দৰ্য্যপ্ৰেমী লোকসকলে জীৱনত শান্তি আৰু মৰমৰ সন্ধান কৰে। এই লোকসকলে ধুনীয়া, সংস্কৃতিৱান লগতে বুদ্ধিমান পত্নীও পায়। ইয়াৰ ফলত তেওঁলোকৰ বিবাহিত জীৱনটো সুন্দৰকৈ পাৰ হৈ যায়।

সিংহ আত্মবিশ্বাসী। এই লোকসকলৰ আকৰ্ষণীয় ব্যক্তিত্বৰ সৈতে মিল থকা তেওঁলোকৰ পত্নীও অতি আকৰ্ষণীয় আৰু সন্মানীয়। এই লোকসকলৰ পত্নী বুদ্ধিমান আৰু সুন্দৰ।

তুলা ৰাশিৰ পুৰুষ সৌন্দৰ্য্যপ্ৰেমী আৰু অতি আৱেগিক। তেওঁলোকৰ পত্নীসকল আকৰ্ষণীয় হোৱাৰ লগতে কলাত্মক, মিলাপ্ৰীতি আৰু আনন্দময়। তেওঁলোকে তৎক্ষণাত আনজনৰ অনুভৱ বুজি পায় আৰু হৃদয়ৰ গভীৰতাৰে সম্পৰ্ক বজাই ৰাখে। তেওঁলোকে বিবাহিত জীৱনত প্ৰেম আৰু সম্প্ৰীতি বজাই ৰাখে।

মীন ৰাশিৰ পুৰুষৰ কাৰোবাৰ অনুভৱ বুজিব পৰা ক্ষমতা থাকে আৰু অতি সংবেদনশীল। পত্নী হিচাপে তেওঁলোকৰ জীৱনলৈ অহা নাৰীগৰাকী খুব ধুনীয়া কিন্তু ইয়াৰ লগতে তেওঁৰ সংগীৰ হৃদয়ৰ গভীৰতালৈ গৈ মনটো বুজি পোৱাৰ ক্ষমতা আছে।

Hair in food: খোৱাৰ সময়ত খাদ্যত চুলি পোৱাটো অশুভৰ সংকেত নেকি, ইয়াৰ পৰা হাত সাৰিবলৈ লগে লগে কৰক এই কাম !

Hair in food: খোৱাৰ সময়ত খাদ্যত চুলি পোৱাটো অশুভৰ সংকেত নেকি, ইয়াৰ পৰা হাত সাৰিবলৈ লগে লগে কৰক এই কাম !
Hair in food: খোৱাৰ সময়ত খাদ্যত চুলি পোৱাটো অশুভৰ সংকেত নেকি, ইয়াৰ পৰা হাত সাৰিবলৈ লগে লগে কৰক এই কাম !

জ্যোতিষ, বাস্তু শাস্ত্ৰ আদিত শুভ আৰু বেয়া লক্ষণৰ কথা উল্লেখ আছে।(Hair in food)জ্যোতিষ, বাস্তু শাস্ত্ৰই ভৱিষ্যতৰ সৈতে জড়িত ঘটনাৰ ইংগিত দিয়ে। খাদ্যত চুলি পোৱাটোও এনে এটা পৰিঘটনা। হিন্দু ধৰ্মত ৰন্ধা-বঢ়াৰ পৰা আৰম্ভ কৰি খাদ্য পৰিবেশন কৰা আৰু খোৱালৈকে সকলো বিষয়তে কিছুমান নিয়ম আছে। ইয়াৰ লগতে খাদ্যৰ লগত জড়িত পৰিঘটনাবোৰকো গুৰুত্বপূৰ্ণ লক্ষণ হিচাপে গণ্য কৰা হয়। যেনে – খোৱাৰ সময়ত খাদ্য সৰি পৰা, খাদ্যত চুলি পোৱাটো স্বাভাৱিক পৰিঘটনা নহয়। আনকি ইছলাম ধৰ্মতো খাদ্যত চুলি পোৱাটো ভাল ঘটনা বুলি গণ্য কৰা নহয়।

খাদ্যত চুলি পোৱাটো শুভ নে অশুভ-

যদি ঘৰত খাদ্য আৰু পাকঘৰ সম্পৰ্কীয় সকলো নিয়ম মানি চলে তেন্তে মা লক্ষ্মী আৰু মা অন্নপূৰ্ণা সন্তুষ্ট হৈ থাকে। ঘৰত সুখ আৰু সমৃদ্ধি বাঢ়ে। আনহাতে এই নিয়মবোৰক আওকাণ কৰিলে মা লক্ষ্মীৰ খং উঠে। খাদ্য ৰন্ধা সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে কাৰণ খাদ্যত ওলোৱা চুলি ভাল বুলি গণ্য কৰা নহয়।

সঘনাই খাদ্যত চুলি পোৱা-

যদি খাদ্যত বাৰে বাৰে চুলি ওলায়, তেন্তে সেয়া ভাল লক্ষণ নহয়। ইয়াৰ এটা কাৰণ পিত্ত দোষো হ’ব পাৰে। শাস্ত্ৰ মতে খাদ্য খোৱাৰ সময়ত যদি প্লেটত চুলি দেখা যায়, তেন্তে ইয়াক পিত্ত দোষৰ লক্ষণ বুলি গণ্য কৰা হয়। যদি এনেকুৱা হয় তেন্তে সেই খাদ্যখিনি আঁতৰাই পেলাওক। এনে অশুদ্ধ খাদ্য কেতিয়াও নাখাব। জীৱনলৈ নেতিবাচকতা আহে।

যদি মুখত চুলি ওলায়, তেন্তে সেয়া ৰাহুৰ অশুভ ফলাফলৰ লক্ষণ। যদি এনে ঘটনা বাৰে বাৰে সংঘটিত হয়, তেন্তে ইয়াৰ দ্বাৰা কয় যে অদূৰ ভৱিষ্যতে আৰ্থিক সমস্যা হ’ব পাৰে। স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। কিছু বেয়া খবৰ পাব পাৰে। এনে পৰিস্থিতিত পিত্ত দোষ আঁতৰোৱাৰ বা বেয়া ৰাহু শুধৰণিৰ ব্যৱস্থা তৎক্ষণাত গ্ৰহণ কৰিব লাগে।

যদি খাদ্যত বাৰে বাৰে চুলি ওলায়, তেন্তে এটা প্ৰতিকাৰ কৰক। ইয়াৰ বাবে পৰিয়ালৰ সকলো সদস্যই সমান পৰিমাণৰ মুদ্ৰা ল’ব লাগে। তাৰ পিছত সেই মুদ্ৰাবোৰ মন্দিৰত দান কৰক। লগতে অমাৱস্য তিথিত পুৱা আৰু গধূলি ঘৰত পূজাৰ সময়ত কফু জ্বলাব লাগে। এনে কৰিলে ঘৰৰ পৰা নেতিবাচকতা আঁতৰি যায়। ইয়াৰ লগতে কাউৰী, চৰাই, কুকুৰ আৰু গৰুক খুৱাব লাগে।

Ambubachi Mela 2025: শক্তিপীঠ কামাখ্যাত অম্বুবাচী মহাযোগৰ আজি তৃতীয় দিন

Ambubachi Mela 2025: শক্তিপীঠ কামাখ্যাত অম্বুবাচী মহাযোগৰ আজি তৃতীয় দিন
Ambubachi Mela 2025: শক্তিপীঠ কামাখ্যাত অম্বুবাচী মহাযোগৰ আজি তৃতীয় দিন

শক্তিপীঠ কামাখ্যাত অম্বুবাচী মহাযোগৰ আজি তৃতীয় দিন।(Ambubachi Mela 2025)

প্ৰতিকূল বতৰকো নেওচি হাজাৰ হাজাৰ ভক্তৰ সমাগম মা কামাখ্যাত।

পুৱাৰে পৰা শক্তিপীঠ কামাখ্যাত অগনন ভক্তৰ ভিৰ।



দেশৰ ৫১খন শক্তিপীঠৰ ভিতৰত অন্যতম মা কামাখ্যা দেৱালয়।

দেশৰ বিভিন্ন প্ৰান্তৰ ভক্তৰে ভৰি পৰিছে নীলাচলৰ বুকু।

ইৰাণে ট্ৰাম্পৰ যুদ্ধবিৰতিৰ দাবীক “অসাৰ” । Israel-Iran Attacks 

ইৰাণে ট্ৰাম্পৰ যুদ্ধবিৰতিৰ দাবীক “অসাৰ” । Israel-Iran Attacks 


Israel-Iran Attacks  । মধ্যপ্ৰাচ্যত ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা তীব্ৰ সামৰিক সংঘাতৰ মাজতেই আজি পুৱা এক বিস্ফোৰক মন্তব্য আগবঢ়ায় মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। নিজৰ সামাজিক মাধ্যম হেণ্ডেলযোগে ট্ৰাম্পে দাবী কৰিছিল যে ইৰাণ আৰু ইজৰাইল যুদ্ধবিৰতিত সন্মত হৈছে। কিন্তু ট্ৰাম্পৰ এই ঘোষণাক অসাৰ বুলি ঘোষণা কৰে ইৰাণে।

ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ অৰাগচিয়ে স্পষ্টভাৱে জাননী দিয়ে যে যুদ্ধবিৰতিৰ ক্ষেত্ৰত এতিয়ালৈকে কোনো আনুষ্ঠানিক চুক্তি নহয়। তেওঁ উল্লেখ কৰে, “যদি ইজৰাইলে স্থানীয় সময় অনুসৰি পুৱা ৪ বজাৰ ভিতৰত বিমান আক্ৰমণ বন্ধ নকৰে, তেহৰানে আক্ৰমণ বন্ধ নকৰে। আপাতত কোনো যুদ্ধবিৰতিৰ সিদ্ধান্ত নহয়।”

তেহৰানৰ সময় অনুসৰি পুৱা ৪:১৬ বজাত, এক্স (পূৰ্বৰ টুইটাৰ) যোগে আব্বাছ অৰাগচিয়ে এই বাৰ্তা প্ৰকাশ কৰে। তেওঁ কয় – “আমাৰ জনসাধাৰণৰ ওপৰত হোৱা অবৈধ আগ্ৰাসনৰ প্ৰতি ইজৰাইলে স্থগিত ঘোষণা নকৰা পৰ্যন্ত ইৰাণে নিজৰ সামৰিক প্ৰতিক্ৰিয়া ৰোধ নকৰে।”

উল্লেখযোগ্য যে, এই সংঘাতৰ আৰম্ভণিতে আমেৰিকাই ইৰাণৰ তিনিটা পাৰমাণৱিক স্থানত বিমান আক্ৰমণ চলাইছিল। ইয়াৰ প্ৰত্যুত্তৰত ইৰাণে কাটাৰসহ মধ্যপ্ৰাচ্যৰ চাৰিখন দেশত অৱস্থিত মাৰ্কিন সামৰিক ঘাটিত প্ৰত্যাঘাত চলায়।

এই পৰিস্থিতিৰ পিছতেই ট্ৰাম্পে যুদ্ধবিৰতি ঘোষণা কৰে, যদিও ইৰাণে স্পষ্টকৈ বুজাই দিয়ে যে যুদ্ধবিৰতিত সন্মতি দিয়া হোৱা নাই আৰু চূড়ান্ত সিদ্ধান্ত পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি লোৱা হ’ব।

ইজৰাইলৰ চৰকাৰ এই দাবী সন্দর্ভত এতিয়ালৈকে কোনো মন্তব্য প্ৰদান কৰা নাই।

মধ্যপ্ৰাচ্যৰ পৰিস্থিতি কেতিয়াবা নৰম কেতিয়াবা গৰম হৈ থকা সময়ত, ইৰাণৰ এই দৃঢ়ভাৱে আগবঢ়োৱা প্ৰতিক্ৰিয়াই যুদ্ধৰ পৰিস্থিতিক অধিক গুৰুতৰ কৰি তুলিছে।

আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ মাতৃ বীণা ভট্টাচাৰ্যৰ দেহাৱসান । Samujjal Kumar Bhattacharya

আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ মাতৃ বীণা ভট্টাচাৰ্যৰ দেহাৱসান । Samujjal Kumar Bhattacharya

Samujjal Kumar Bhattacharya । মাতৃহাৰা হ’ল আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচার্য, অসম আন্দোলনৰ অগ্রণী কর্মী বীণা ভট্টাচাৰ্যৰ দেহাৱসান ।

বাৰ্ধক্যজনিত কাৰণত ৯৫ বছৰ বয়সত তেওঁ আজি পুৱা নিজৰ গুৱাহাটীস্থিত বাসগৃহতে শেষ নিশ্বাস ত্যাগ কৰে। পৰিয়ালৰ সদস্য আৰু আত্মীয়স্বজনৰ উপস্থিতিত পুৱা ১০.৩০ বজাত নগৰৰ নৱগ্ৰহ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন ।

বীণা ভট্টাচাৰ্য এগৰাকী সদায় নীৰৱ অৱদান আগবঢ়োৱা সমাজসেৱিকা হিচাপে পৰিচিত আছিল। তেওঁৰ মৃত্যুতে আছু পৰিয়ালসহ বহু সংগঠন আৰু ব্যক্তি গভীৰ শোক প্ৰকাশ কৰিছে।

ডঃ ভট্টাচাৰ্যৰ পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছে বিভিন্ন দল-সংগঠনে।