Home Blog Page 141

চিচিবৰগাঁৱৰ চিচি চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসম চৰকাৰৰ RIDF আঁচনিৰ অধীনত ৭.৫ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া বিদ্যালয় ভৱনৰ আধাৰশিলা স্থাপন সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভূৱন পেগুৰ । RIDF

চিচি চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৭.৫ কোটি টকাৰ বিদ্যালয় ভৱনৰ আধাৰশিলা স্থাপন — সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভূৱন পেগুৰ উপস্থিতি । RIDF (Rural Infrastructure Development Fund)
চিচি চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৭.৫ কোটি টকাৰ বিদ্যালয় ভৱনৰ আধাৰশিলা স্থাপন — সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভূৱন পেগুৰ উপস্থিতি । RIDF (Rural Infrastructure Development Fund)

২৩ জুন, ২০২৫:অসম চৰকাৰৰ RIDF (Rural Infrastructure Development Fund) আঁচনিৰ অধীনত ৭.৫ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এখন নতুন বিদ্যালয় ভৱনৰ আধাৰশিলা স্থাপন কৰা হ’ল চিচিবৰগাঁৱৰ চিচি চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত

আজিৰ এই বিশেষ কাৰ্যসূচীত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন পেগু উপস্থিত থাকে। বিদ্যালয়খনৰ প্ৰাংগনত আয়োজিত অনুষ্ঠানত পাঁচ সহস্ৰাধিক স্থানীয় ৰাইজৰ উপস্থিতিত এক উল্লাসপূৰ্ণ পৰিৱেশৰ মাজত আধাৰশিলা স্থাপন কৰে বিধায়ক ভূৱন পেগুৱে, আৰু নাৰিকল ভাঙি শুভ সূচনা কৰে সাংসদ প্ৰদান বৰুৱাই

এই অনুষ্ঠানত ধেমাজি জিলাৰ আয়ুক্ত ৰাহুল সুৰেশ জাভিৰ, বিদ্যালয়সমূহৰ পৰিদৰ্শক কবিতা ডেকা, স্থানীয় গণ্যমান্য ব্যক্তি, অভিভাৱক, শিক্ষক-শিক্ষিকা, ছাত্ৰ-ছাত্ৰী, লগতে বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি সকলে অংশগ্রহণ কৰে।

অনুষ্ঠানত বক্তাসকলে বিদ্যালয় ভৱন নিৰ্মাণৰ এই পদক্ষেপে চিচিবৰগাঁও অঞ্চলত শিক্ষাৰ মানোন্নয়ন আৰু পৰিকাঠামোগত উন্নয়নত এক মাইলৰ খুটি ৰূপে কাম কৰিব বুলি অভিমত প্ৰকাশ কৰে। সাংসদ আৰু বিধায়ক গৰাকীয়ে বিদ্যালয়খনৰ ইতিহাস, ছাত্ৰসকলৰ অধ্যয়নৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাসমূহ উল্লেখ কৰি কয় — “এই নতুন ভবনে শিক্ষাৰ ক্ষেত্ৰত এক নতুন দিশ প্ৰদান কৰিব।”

উল্লেখযোগ্য যে এই আঁচনিখনৰ সফল ৰূপায়ণৰ পিছত বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীসকলে আধুনিক পৰিৱেশত পঢ়াৰ সুবিধা লাভ কৰিব।

এই আধাৰশিলা স্থাপনৰ লগে লগে চিচিবৰগাঁওত শিক্ষা-অৱকাঠামো উন্নয়নৰ এক নতুন অধ্যায় আৰম্ভ হ’ল।

“মোদী চৰকাৰে ৩৭০ অনুচ্ছেদৰ বিলুপ্তিৰে শ্যামা প্ৰসাদ মুখাৰ্জীৰ ঐক্যবদ্ধ আৰু অখণ্ড ভাৰতৰ সপোন পূৰণ কৰিছে”: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । sarbananda sonowal

"মোদী চৰকাৰে ৩৭০ অনুচ্ছেদৰ বিলুপ্তিৰে শ্যামা প্ৰসাদ মুখাৰ্জীৰ ঐক্যবদ্ধ আৰু অখণ্ড ভাৰতৰ সপোন পূৰণ কৰিছে": কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । sarbananda sonowal

  • “উপাচাৰ্য হৈ থাকোঁতে কলিকাতা বিশ্ববিদ্যালয়ত উচ্চশিক্ষাৰ বিষয় হিচাপে অসমীয়া ভাষাক স্বীকৃতি দিয়াৰ বাবে শ্যামাপ্ৰসাদ মুখাৰ্জীক অসমবাসীয়ে শ্ৰদ্ধাৰে সুঁৱৰি যাব”: সোণোৱাল ।sarbananda sonowal
  • মুখাৰ্জীদেৱে উপলব্ধি কৰিছিল প্ৰকৃত ৰাষ্ট্ৰীয়তাই বৈচিত্ৰ্যক আঁকোৱালি লয়, প্ৰতিটো অঞ্চলক সন্মান কৰে আৰু প্ৰতিটো ভাষাক উন্নীত কৰে“: সোণোৱাল
  • তেওঁ নেহৰুলিয়াকত চুক্তিৰ সময়ত হিন্দু বিৰোধী নীতিৰ কাৰণে পদত্যাগ কৰিছিল আৰু ৰাষ্ট্ৰচেতনাৰ পৰিচয় দাঙি ধৰিছিল“: সোণোৱাল

২৩ জুন ২০২৫: ভাৰত মাতাৰ এগৰাকী সাহসী, নিৰ্ভীক আৰু দূৰদৰ্শী পুত্ৰ ড° শ্যামাপ্ৰসাদ মুখাৰ্জীদেৱক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰি আজি ভাৰতীয় জনতা পাৰ্টি শোণিতপুৰ জিলাৰ উদ্যোগত আয়োজিত ‘বলিদান দিৱস’ৰ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে আৰু শ্যামাপ্ৰসাদ মুখাৰ্জীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধাৰ্ঘ্য অৰ্পণ কৰে।

ভাৰতৰ একতা, অখণ্ডতা অটুট ৰাখিবলৈ তেখেতে যি মহৎ আদৰ্শ দেখুৱাই থৈ গ’ল, সেয়া সাৰোগত কৰি ৰাষ্ট্ৰীয় চেতনাৰে সমৰ্পিত সেৱা আগবঢ়াই যাবলৈ দৃঢ় সংকল্পবদ্ধ হ’ব লাগিব বুলি সোণোৱালে উল্লেখ কৰে।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ভাষণ প্ৰসংগত কয়, “আজি আমি ‘বলিদান দিৱস’ৰ অনুষ্ঠানত একত্ৰিত হৈছোঁ। এয়া এক পৱিত্ৰ দিন, এই দিনটোত আমি ভাৰত মাতাৰ এগৰাকী অন্যতম সাহসী, নিৰ্ভীক আৰু দূৰদৰ্শী পুত্ৰ ড° শ্যামাপ্ৰসাদ মুখাৰ্জীক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। এই দিনটো কেৱল স্মৃতিচাৰণৰ দিন নহয়। এয়া এক মিছনৰ বিস্তৃত গাথাক অনুভৱ কৰাৰ দিন। এয়া এনে এজন ব্যক্তিৰ মিছনৰ কথা, যিয়ে একত্ৰিত, সাৰ্বভৌম আৰু আত্মনিৰ্ভৰ ভাৰতৰ সপোনৰ বাবে জীৱন বলিদান দিছিল। তেখেতে এনে এখন ভাৰতৰ সপোন দেখিছিল, য’ত কাশ্মীৰৰ পৰা কন্যাকুমাৰী, মাজুলীৰ পৰা মুম্বাইলৈকে প্ৰতিজন নাগৰিকে একে পতাকা, একে সংবিধান আৰু একে দেশপ্ৰেমৰ চেতনাৰে উদ্বুদ্ধ হয়। ড° শ্যামাপ্ৰসাদ মুখাৰ্জীদেৱৰ যাত্ৰা সংসদত নহয়, শিক্ষাৰ পৰিসৰত আৰম্ভ হৈছিল।

মাত্ৰ ৩৩ বছৰ বয়সতে কলিকতা বিশ্ববিদ্যালয়ৰ সৰ্বকনিষ্ঠ উপাচাৰ্য হৈছিল। তেখেতে বিশ্বাস কৰিছিল যে শিক্ষা হৈছে ৰাষ্ট্ৰ গঠনৰ সবল ভেটি। কিন্তু তেওঁৰ মন কেৱল বঙালীৰ মাজত সীমাবদ্ধ নাছিল। তেওঁ ভাৰতক এক সাংস্কৃতিক পৰিপূৰ্ণতা হিচাপে দেখিছিল। এই চেতনাৰে তেওঁ অসমীয়া ভাষাৰ বাবে এক ঐতিহাসিক অৱদান আগবঢ়াইছিল। তেওঁৰ দিনতেই কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষাক এটা উচ্চশিক্ষাৰ বিষয় হিচাপে স্বীকৃতি দিয়া হৈছিল। এই সিদ্ধান্তই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক মনোবল প্ৰদান কৰিছিল আৰু অসম আৰু পশ্চিম বংগৰ বুদ্ধিজীৱী মহলৰ মাজত এক সাংস্কৃতিক সেতু স্থাপন কৰিছিল। এই কাৰ্য কেৱল শৈক্ষিক নাছিল— ই গভীৰভাৱে ৰাষ্ট্ৰীয়তাবাদীও আছিল। তেওঁ স্বীকাৰ কৰিছিল যে প্ৰকৃত ৰাষ্ট্ৰীয়তাই বৈচিত্ৰ্যক আঁকোৱালি লয়, প্ৰতিটো অঞ্চলক সন্মান কৰে আৰু প্ৰতিটো ভাষাক উন্নীত কৰে। এয়া হৈছে ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ চেতনা। ড° মুখাৰ্জীয়ে শিক্ষাৰ জগতত সুখী জীৱন যাপন কৰিব পাৰিলেহেঁতেন। কিন্তু তেওঁৰ বিবেকে তেওঁক ৰাজনীতিলৈ লৈ আহিছিল, যেতিয়া ভাৰতৰ ৰাজনৈতিক পথাৰত সাহসী আৰু নৈতিকভাৱে স্পষ্ট মনৰ প্ৰয়োজন হৈছিল। জৱাহৰলাল নেহৰুৰ মন্ত্ৰীসভাত উদ্যোগ আৰু যোগান মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পাছত তেওঁ নেহৰু-লিয়াকত চুক্তিৰ সময়ত হিন্দু বিৰোধী নীতিৰ কাৰণে পদত্যাগ কৰিছিল। তেওঁ কৈছিল—’মই এনে এখন চৰকাৰৰ অংশ হ’ব নোৱাৰোঁ, যিয়ে পূব পাকিস্তানত হিন্দুসকলৰ মৰ্যাদা আৰু নিৰাপত্তাৰ সৈতে আপোচ কৰে।’ যিটো সময়ত বহু বুদ্ধিজীৱীয়ে সুবিধাৰ পথ বাছি লৈছিল, তেওঁ অকলশৰীয়াকৈ ৰাষ্ট্ৰ হিতৰ বাবে, হিন্দুৰ সুৰক্ষাৰ বাবে থিয় হৈছিল।”

সোণোৱালে লগতে কয়, “মুখাৰ্জীদেৱৰ জীৱনলৈ সংগ্ৰাম নামি আহিছিল যেতিয়া তেওঁ জম্মু-কাশ্মীৰক ৩৭০ অনুচ্ছেদৰ অধীনত দিয়া বিশেষ মৰ্যাদাৰ বিৰোধিতা কৰিছিল। আজি আমি কল্পনা কৰিব পাৰোঁনে—আমাৰ নিজৰ দেশত, ভাৰতীয়সকলে জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে অনুমতি লোৱাৰ প্ৰয়োজন হৈছিল? ড° মুখাৰ্জীয়ে গৰ্জন কৰিছিল: ‘এখন দেশত দুটা বিধান, দুজন প্ৰধান আৰু দুখন নিশান অৰ্থাৎ দুখন পতাকা নচলিব।’ এয়া আছিল ভাৰতৰ একতা, অখণ্ডতা অটুট ৰাখিবলৈ তেখেতৰ উদাত্ত আহ্বান। কংগ্ৰেছে তেওঁক বদনাম কৰিবলৈ উঠি-পৰি লাগিছিল। কাৰণ কংগ্ৰেছৰ কাম হৈছে দেশবিৰোধী স্থিতি লৈ দেশৰ উন্নয়ন স্তব্ধ কৰা আৰু দুৰ্নীতিৰে দেশৰ প্ৰগতি পিছুৱাই নিয়া। তদুপৰি কংগ্ৰেছে হিন্দুৰ সুৰক্ষাক লৈ সদায়েই ভেঙুচালি কৰি আহিছে। কিছুমানে মুখাৰ্জীক চৰমপন্থী বুলি নিন্দা কৰিছিল, কিন্তু ইতিহাসে তেওঁৰ শুদ্ধতা এতিয়া প্ৰমাণ কৰিছে। তেওঁৰ সাহসী অৱস্থানে সেই ভাৱধাৰাৰ ভেটি স্থাপন কৰিছিল, যিটো কেইবা দশকৰ পাছত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত বাস্তৱায়িত হৈছে। ৩৭০ অনুচ্ছেদৰ বিলুপ্তিৰ সৈতে তেওঁৰ এখন ঐক্যবদ্ধ আৰু অখণ্ড ভাৰতৰ সপোন পূৰণ হৈছে। ১৯৫৩ চনত, ড° মুখাৰ্জীয়ে জম্মু-কাশ্মীৰত প্ৰৱেশৰ নিষেধাজ্ঞা অমান্য কৰিছিল আৰু আইনী ন্যায্যতা অবিহনে গ্ৰেপ্তাৰ হৈছিল। ৪০ দিনৰ হাজোতৰ পাছত ২৩ জুনত তেওঁ ৰহস্যজনকভাৱে মৃত্যুবৰণ কৰে। তেখেতৰ মৃত্যুৰ ৰহস্যই আজিও বহু গুৰুতৰ প্ৰশ্নৰ জন্ম দিয়ে। তেখেতৰ মৃত্যুৰ কোনো বিচাৰ, কোনো তদন্ত হোৱা নাছিল। কোনো মৰণোত্তৰ পৰীক্ষাও কৰা হোৱা নাছিল।  আজিও যিসকলে নিজকে মানৱাধিকাৰৰ ধ্বজাবাহক বুলি দাবী কৰে, তেওঁলোকে এইবোৰ প্ৰশ্নৰ সন্মুখীন হ’লে কিয় নীৰৱ হৈ পৰে ? ড° মুখাৰ্জীদেৱৰ মৃত্যুৰ ৰহস্য ফাদিল কৰাত কিয় অৱহেলা কৰা হ’ল? তেখেতৰ মৃত্যু কেৱল এজন মানুহৰ মৃত্যু নাছিল। এয়া আছিল ৰাষ্ট্ৰীয়তাবাদী বিবেকৰ, ৰাষ্ট্ৰীয়তাবাদী চিন্তাৰ হত্যা তথা নীৰৱকৰণ। কিন্তু সেই ষড়যন্ত্ৰকাৰী, হত্যাকাৰীসকলে তেওঁৰ মিছনক নীৰৱ আৰু স্তব্ধ কৰিব নোৱাৰিলে। তেওঁৰ এখন শক্তিশালী ভাৰত গঢ়াৰ ধাৰণা, চিন্তা-চেতনাৰ মৃত্যু নহ’ল। তেখেতৰ বলিদান অথলে যোৱা নাই। হে নতুন মনৰ যুৱক-যুৱতীসকল, মই আপোনালোকক ক’ব বিচাৰোঁ যে- ইতিহাসক কেতিয়াও পাহৰি নাযাব। ড° মুখাৰ্জীদেৱে ৫২ বছৰ বয়সত অকাল মৃত্যুবৰণ কৰিছিল। তেওঁ ৰাষ্ট্ৰৰ একতা, অখণ্ডতা আৰু সুৰক্ষাৰ ক্ষেত্ৰত আপোচ কৰা নাছিল। আপোনালোকেও ৰাষ্ট্ৰীয় চেতনাৰে সদায়েই কাম কৰি যাওক, সমৰ্পিত সেৱা আগবঢ়াই যাওক। তেওঁৰ আদৰ্শৰ শিখা প্ৰতিগৰাকী ভাৰতীয়ৰ হৃদয়ত প্ৰজ্বলিত হৈ থাকক, তাৰেই কামনা কৰিলোঁ। আজি আমি প্ৰতিজ্ঞা লওঁ আহক: ‘আমি ভাৰতক এখন বিকশিত, আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত হিচাপে গঢ়াৰ দিশত সবল ভূমিকা পালন কৰি যাম আৰু ড° শ্যামাপ্ৰসাদ মুখাৰ্জীদেৱৰ বলিদান আৰু ৰাষ্ট্ৰপ্ৰেমৰ চেতনাক হৃদয়ংগম কৰি দেশৰ হকে প্ৰতিপল প্ৰতিবিন্দু সমৰ্পিত সেৱা আগবঢ়াই যাম।”

ৰাজা ৰঘুবংশী হত্যাকাণ্ড: তদন্ত আৰু এতিয়া চিত্ৰনাট্য — ‘সোনম কাণ্ড’ক লৈ সামাজিক মাধ্যমত আলোচনা চলচ্চিত্ৰ নিৰ্মাণৰো চিন্তা ! RAJA RAGHUVANSHI MURDER CASE

ৰাজা ৰঘুবংশী হত্যাকাণ্ড: তদন্ত আৰু এতিয়া চিত্ৰনাট্য — 'সোনম কাণ্ড'ক লৈ সামাজিক মাধ্যমত আলোচনা চলচ্চিত্ৰ নিৰ্মাণৰো চিন্তা ! RAJA RAGHUVANSHI MURDER CASE
ৰাজা ৰঘুবংশী হত্যাকাণ্ড: তদন্ত আৰু এতিয়া চিত্ৰনাট্য — 'সোনম কাণ্ড'ক লৈ সামাজিক মাধ্যমত আলোচনা চলচ্চিত্ৰ নিৰ্মাণৰো চিন্তা ! RAJA RAGHUVANSHI MURDER CASE

২৩ জুন, ২০২৫: RAJA RAGHUVANSHI MURDER CASE ।
ৰাজা ৰঘুবংশী হত্যাকাণ্ড যি ৰূপত দিনক দিনে অধিক নাটকীয় আৰু ৰহস্যজনক ৰূপ ল’ব ধৰিছে, তাৰ প্ৰতি দৰ্শকৰো আগ্ৰহ বৃদ্ধি পাইছে। ঘটনা কেন্দ্ৰ কৰি এখন চলচ্চিত্ৰ নিৰ্মাণৰ চিন্তা আৰম্ভ হোৱাৰ খবৰে সামাজিক মাধ্যমত আলোচনা তীব্ৰ কৰিছে সামাজিক মাধ্যমত ।

সোনম ৰঘুবংশীৰ নাটকীয় জীৱনযাত্ৰা, হত্যাকাণ্ডৰ গুপ্ত ৰহস্য, ষড়যন্ত্ৰ, আৰু তদন্তত ওলোৱা নতুন নতুন তথ্য — সকলো মুঠৰূপে এটা হিন্দী থ্ৰিলাৰ বা ড্ৰামা চিনেমাৰ উপযুক্ত চিত্ৰনাট্য। কেৱল এটা হত্যাকাণ্ড নহয়, এই ঘটনাই সমাজত চৰ্চা জন্মাইছে — বিশ্বাসঘাতকতা, সম্পত্তি, অনৈতিক সম্পর্ক, আৰু ব্যৱস্থাপনাগত গাফিলতিৰ এক জটিল কাহিনী হিচাপে।

ইফালে, সামাজিক মাধ্যমত ইতিমধ্যে বহু পেজ, ইউটিউব চেনেল আৰু পডকাষ্ট প্লাটফৰ্মত “#SonamMurderMystery”, “#WhoKilledRaja”, “#SonamSaga” আদি হেছটেগেৰে কন্টেণ্টৰ বান অহা দেখা গৈছে। বহুজনেই মত প্ৰকাশ কৰিছে — “এইটো থ্ৰিলাৰ চিনেমা নহ’লে আন কি?”

অভিনেত্ৰী তথা বলিউডৰ এখন প্ৰসিদ্ধ প্ৰযোজনা সংস্থাই এতিয়া এই ঘটনাৰ উপৰত নিৰ্ভৰ কৰি ওটিটি চিনেমা নিৰ্মাণৰ সম্ভাৱনা পৰ্যালোচনা কৰিছে বুলি চৰ্চা। ইতিমধ্যে কিছু কাস্টিং আইডিয়াও ঘূৰি ফুৰিছে অনলাইনত —চৰ্চা হৈছে কঙ্গনা অভিনয় কৰিব পাৰে সোনমৰ ভূমিকাত ! আনহাতে ৰাজাৰ চৰিত্ৰত জন আব্ৰাহাম বা বিক্ৰান্ত মাচী ভাবনা।

আপুনি বাৰু এই ছবিখন চবনে ?
এতিয়া এইটো প্ৰশ্নও সামাজিক মাধ‍্যমত বহলাইছে। কিছু লোকে কৈছে — “বাস্তৱিক ঘটনা দেখি অভ্যস্ত হ’লো, চিনেমাতো নিশ্চয় চাবই লাগিব।” আনহাতে কিছুমানে এই ধৰণৰ আধাৰিত নাটকীয় উপস্থাপনাৰ নৈতিকতা লৈও প্ৰশ্ন তুলিছে।

যেই নহওক, এই ঘটনাই সামাজিক, মানসিক, আৰু সাংস্কৃতিক ক্ষেত্ৰতো এক দৃষ্টান্ত স্থাপন কৰিছে — যেন বাস্তৱ নিজেই এখন শ্ব’ হৈ পৰিছে।

কাছাৰত গুটকা খাই প্ৰাণ গ’ল এজন আৰক্ষী বিষয়াৰ । Cachar Assam Police

কাছাৰত গুটকা খাই প্ৰাণ গ'ল এজন আৰক্ষী বিষয়াৰ । Cachar Assam Police
কাছাৰত গুটকা খাই প্ৰাণ গ'ল এজন আৰক্ষী বিষয়াৰ । Cachar Assam Police

২৩ জুন:Cachar Assam Police । কাছাৰত এগৰাকী আৰক্ষী বিষয়াৰ শোকাৱহ মৃত্যু। গুটখা সেৱনৰ ফলত শ্বাসৰুদ্ধ হৈ মৃত্যু অসম আৰক্ষী বিষয়াৰ।পেকেটেৰে ঢালি দিওঁতে ডিঙিত লাগি ধৰিছিল গুটখা। ঘটনাৰ বিৱৰণ মতে ,কাছাৰৰ বিহাৰা আউটপোষ্টৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঙিয়াৰ সুৰজিৎ ডেকাক বাৰে বাৰে ফোন কৰিও উত্তৰ নোপোৱাত তেওঁক বিচাৰি যোৱাত কোঠাত অচেতন অৱস্থাত উদ্ধাৰ হয়। কাছাৰ জিলাৰ বিহাৰা আৰক্ষী আউটপোষ্টৰ ভাৰপ্ৰাপ্ত বিষয়া সুৰজিৎ ​​ডেকাক নিজৰ কোৱাৰ্টাৰৰ দুৱাৰ ভাঙি অচেতন অৱস্থাত উদ্ধাৰ কৰা হয়।

তড়িঘড়ি শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও বচাব পৰা নগল। চিকিৎসকে মৃত ঘোষণা কৰে। ডেকাৰ মৃত্যুৰ কাৰণ কোনেও সঠিককৈ ক’ব পৰা নাই।
চিকিৎসকৰ মতে মৰণোত্তৰ পৰীক্ষাৰ পিছতহে মৃত্যুৰ ৰহস্য পোহৰলৈ আহিব।

কালাইন থানাৰ বিষয়া মিৰাজ দলেক এই সন্দৰ্ভত সোধাত তেওঁ কয় যে, মৰণোত্তৰ পৰীক্ষাৰ পিছতহে মৃত্যুৰ কাৰণ জানিব পৰা যাব।ইফালে স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, গুটকাই ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ প্ৰাণ কাঢ়ি নিছে।ইফালে, ঘটনাৰ পিছত তেওঁক আউটপোষ্টৰ দায়িত্বত থকা আৰক্ষীয়ে বিক্ৰমপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হোৱাৰ লগে লগে আন এক ঘটনা সংঘটিত হয়। চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া মঞ্জুৰুল হকে অক্সিজেন চিলিণ্ডাৰ ফিট কৰিব নাজানে বুলি অভিযোগ উত্থাপিত হৈছে। ইয়াৰ ফলত অক্সিজেন নোহোৱাকৈ শিলচৰ মেডিকেল কলেজ হস্পিতাললৈ যাব লগা হৈছে। চিকিৎসালয়ত উপস্থিত হোৱাৰ লগে লগে মৃত্যু হয় চিকিৎসালয়খনৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী। প্রশ্ন হ’ল ৰাজ্যৰ মুখ্যমন্ত্রীয়ে এটাৰ পাছত আনটো স্বাস্থ্যকেন্দ্র স্থাপন কৰি আছে৷ স্বাস্থ্য সেৱাৰ নতুন ৰূপত ব্যস্ত থকা এই অপৰিপক্ক চিকিৎসকগৰাকীৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয়। বিপদৰ সময়ত যদি কোনো চিকিৎসকে অক্সিজেন যোগান ধৰি ৰোগীৰ জীৱন ৰক্ষাৰ সামান্যতম চেষ্টা নকৰে তেন্তে এই স্বাস্থ্যকেন্দ্ৰবোৰৰ কি হ’ব বুলি ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে।

অম্বুবাচী মহাযোগলৈ অহা ভক্তসকলক উষ্ম আদৰণি — কামাখ্যা ৰেল ষ্টেচনত উপস্থিত পৰ্যটন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ।  Ambubachi Mela

অম্বুবাচী মহাযোগলৈ অহা ভক্তসকলক উষ্ম আদৰণি — কামাখ্যা ৰেল ষ্টেচনত উপস্থিত পৰ্যটন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ।  Ambubachi Mela

২৩ মে’, ২০২৫: Ambubachi Mela । অম্বুবাচী মহাযোগ উপলক্ষে ৰাজ্যখনত ভক্তসকলৰ সঁচাকৈ উলাহজনক উপস্থিতি লগা পৰিপ্ৰেক্ষিতত, অসমৰ পৰ্যটন আদি বিভাগৰ তৰফৰ পৰা বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে যাতে ৰাজ্যখনৰ বাহিৰৰ পৰা অহা ভক্তসকলক উষ্ম আতিথ্য প্ৰদান কৰিব পৰা যায়। এই প্ৰচেষ্টাৰ অংশ হিচাপে আজি গুৱাহাটীস্থিত কামাখ্যা ৰেল ষ্টেচনত উপস্থিত হয় পৰ্যটন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস।

মন্ত্ৰী দাসে কামাখ্যা মন্দিৰলৈ অহা ভক্তসকলক অসমবাসীৰ হৈ উষ্ম আদৰণি জনোৱাৰ লগতে মতবিনিময় কৰে। তেওঁ কয় — “অম্বুবাচী কেৱল ধৰ্মীয় উৎসৱ নহয়, ই অসমৰ আতিথ্য সংস্কৃতিৰ অন্যতম প্ৰতিচ্ছবি। আমি চাহোঁ যে, ভক্তসকল অসমলৈ অহাৰ লগে লগে এজন মৰমীয়া পৰিয়ালৰ অংগ হিচাপে অনুভৱ কৰে।”

এইবাৰ প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগে “প্ৰণাম” নামত এক আদৰণি পৰিসৰ আৰম্ভ কৰিছে, যাৰ অন্তৰ্গত কামাখ্যা ৰেল ষ্টেচন, পাণ্ডু প’ৰ্ট, ভূতনাথ, কামাখ্যা নামনি আৰু আদাবাৰী মিলাই মুঠ ৫টা আদৰণি কক্ষ স্থাপন কৰা হৈছে। এই কক্ষসমূহত ভক্তসকলক আৰাম, সহায়-সুবিধা আৰু তথ্যসহায় প্ৰদান কৰা হৈছে।

পৰ্যটন বিভাগৰ তৰফৰ পৰা হিন্দী, বাংলা, ইংৰাজী আৰু অসমীয়া ভাষাত ছপোৱা আদৰণি পুস্তিকা বিতৰণৰো ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে সহস্ৰাধিক ভক্ত ৰেল, বাছ, খোজকাঢ়ি বা ব্যক্তিগত বাহনেৰে কামাখ্যা মন্দিৰলৈ প্ৰৱেশ কৰিছে।

বিভিন্ন স্বেচ্ছাসেৱী সংগঠন আৰু স্থানীয় দল-সংগঠনৰ কৰ্মীসকল “অতিথি দেৱো ভবঃ” মনোভাৱেৰে ভক্তসকলক সহায় কৰি আছে। আজিৰ কাৰ্যসূচীত মন্ত্ৰী গৰাকীয়ে এই সংগঠনসমূহৰ কৰ্মকৰ্তাসকলকো উৎসাহিত কৰে আৰু তেওঁলোকৰ আগ্ৰহী প্ৰচেষ্টাৰ প্ৰশংসা কৰে।

অম্বুবাচী মহাযোগ উপলক্ষে গুৱাহাটীত সৃষ্টি হোৱা এই পৰিৱেশে অসমৰ ধৰ্মীয় পৰ্যটন আৰু আঞ্চলিক সৌহাৰ্দৰ এক উজ্জ্বল দৃষ্টান্ত স্থাপন কৰিছে।

Local News: চাকমাত আৰম্ভ সমষ্টি ভিত্তিক চিইএম কাপ ফুটবল

Local News: চাকমাত আৰম্ভ সমষ্টি ভিত্তিক চিইএম কাপ ফুটবল
Local News: চাকমাত আৰম্ভ সমষ্টি ভিত্তিক চিইএম কাপ ফুটবল

ফুটবলৰ জৰিয়তে শান্তি আৰু ঐক্য স্থাপন কৰিবলৈ(local news) বিটিআৰ পৰিষদীয় চৰকাৰৰ উদ্যোগত আয়োজিত চি ইএম কাপ ফুটবল প্ৰতিযোগিতাৰ সমষ্টি ভিত্তিক খেল আজি চাকমা খেলপথাৰত আৰম্ভ হৈছে৷

মহকুমাৰ ২ নং গুমা পৰিষদীয় সমষ্টিৰ চাকমা ফুটবল খেলপথাৰত আয়োজিত চি ই এম ফুটবলৰ প্ৰথম সংস্কৰণ উদ্বোধন কৰে প্ৰাক্তন বিধায়ক হেমেন্দ্ৰ নাথ ব্ৰহ্মই৷গুমা ব্লকৰ টিচিএলচিচিৰ সভাপতি নুৰ হাচান আনছাৰীয়ে উদ্বোধনী অনুষ্ঠানত সভাপতিত্ব কৰে৷উদ্বোধনী অনুষ্ঠানত ব্লক কমিটিৰ সভাপতি গোপাল নাৰ্জাৰী, প্ৰাক্তন পৌৰপতি প্ৰফুল্ল ইছলাৰীৰ উপৰি বাবুবিল, গুৱাবাৰী, ভুমকা, চাকমা ভিচিডিচিৰ সভাপতি আৰু কৰ্মকৰ্তা সকলে উপস্থিত থাকে৷ উদ্বোধনী খেলত অংশগ্ৰহণ কৰে ভুমকা আৰু বাবুবিল ভিচিডিচিৰ ফুটবল দলে৷

Sunjay Kapur Death: সঞ্জয় কাপুৰৰ মৃত্যুৰ ১১ দিনৰ পিছত চৰ্চাত ৩১০০০ কোটি মূল্যৰ কোম্পানী

সঞ্জয় কাপুৰৰ মৃত্যুৰ পিছত(Sunjay Kapur Death)তেওঁৰ ভগ্নী মন্ধিৰা কাপুৰে ছ’চিয়েল মিডিয়াত এটা পোষ্ট কৰিছে। এই পোষ্টটোত সঞ্জয় কাপুৰৰ ভগ্নীয়ে এনে প্ৰকাশ কৰিছে যে সঞ্জয় কাপুৰে এৰি থৈ গৈছে এটা কোম্পানী। ইয়াৰ মূল্য ৩১০০০।

বহু বিশেষজ্ঞৰ মতে কোম্পানীটোৰ মালিকাধীন সঞ্জয় কাপুৰৰ ভগ্নীহঁতৰ হাতলৈ যাব। বিখ্যাত ব্যৱসায়ীজনৰ শ্ৰাদ্ধৰ পিছত তেওঁৰ ভগ্নী মন্ধিৰা কাপুৰে ছচিয়েল মিডিয়াত এটা দীঘলীয়া পোষ্ট লিখিছিল।

মন্ধিৰা কাপুৰে সঞ্জয় কাপুৰৰ সৈতে শৈশৱৰ চাৰিখন ছবি শ্বেয়াৰ কৰে। এই ছবিসমূহ শ্বেয়াৰ কৰি মন্ধিৰা কাপুৰে লিখিছে- ‘যোৱা ৪ বছৰে মোৰ ভাইটিৰ লগত কথা পতা নাই। ইগোৰ বাবে ভাই-ভনীৰ মাজত এই দূৰত্ব বাঢ়ি গৈ থাকিল। কিন্তু পুৰণি স্মৃতি কেতিয়াও হেৰাই যাব নোৱাৰে। গভীৰ নিশা সাৰ পাই ঘৰৰ পৰা ওলাই যোৱা। বছৰ বছৰ ধৰি আমি তিনিওজনে কৰি থকা আনন্দ। আমি ঘণ্টাৰ পিছত ঘণ্টা হাঁহিছিলোঁ আৰু আমাক দেখি আন মানুহে থতমত খাইছিল। তেওঁ আমাক সদায় যত্ন লৈছিল। তেওঁ আছিল আমাৰ বাবে এজন প্ৰকৃত ডাঙৰ ভাই আৰু বন্ধু।’

‘শেষত যি হ’ল সেয়া ভয়ংকৰ আৰু হৃদয়বিদাৰক আছিল। মই আৰু কেতিয়াও তেওঁৰ লগত সেই মুহূৰ্তবোৰ কটাব নোৱাৰিম। আমি আৰু কেতিয়াও আমাৰ হৈ নাথাকো। আমাৰ মাজত যি ভাঙি গৈছিল আমি কেতিয়াও ঠিক কৰিব নোৱাৰিম। মোৰ হৃদয় ভাঙি গৈছে। আমাৰ যি আছিল তাৰ পিছতো তেওঁ জানিছিল যে মই তেওঁক কিমান ভাল পাওঁ। মই জানো তেওঁৰ আত্মাইও সেই কথা জানিছিল। কিন্তু এদিন আমি আকৌ এক হ’ম তেতিয়া হয়তো কিছু শান্তি পাম।’

মোৰ মৰমৰ ভাইটিক বহুত মিছ কৰিছো আৰু এই জীৱনত তেওঁক আৰু কেতিয়াও দেখা নাপাম বুলি ভবাটো এটা কঠোৰ সত্য। মই জানো তেওঁ এতিয়া পাপাৰ লগত আছে আৰু এদিন আমি সকলোৱে আকৌ একেলগে থাকিম কিন্তু সেয়াই যথেষ্ট নহয়। আপোনালোক সকলোকে শোক প্ৰকাশ কৰাৰ বাবে ধন্যবাদ।’

Earth: নিজৰ কক্ষপথৰ পৰা আঁতৰি যাব পৃথিৱী, আন এক সৌৰজগতলৈ যোৱাৰ সম্ভাৱনা

Earth: নিজৰ কক্ষপথৰ পৰা আঁতৰি যাব পৃথিৱী, আন এক সৌৰজগতলৈ যোৱাৰ সম্ভাৱনা
Earth: নিজৰ কক্ষপথৰ পৰা আঁতৰি যাব পৃথিৱী, আন এক সৌৰজগতলৈ যোৱাৰ সম্ভাৱনা

প্ৰতিটো গ্ৰহ নিজস্ব কক্ষপথত ঘূৰি থাকে৷(Earth)সেই তালিকাত বহু নাম আছে৷ কিন্তু এইবাৰ এক আচৰিত তথ্যই সকলোকে আচৰিত কৰি তুলিছে৷ বিজ্ঞানীসকলে ভাবে যে পৃথিৱীয়ে নিজৰ কক্ষপথৰ পৰা আঁতৰি গতি কৰিব পাৰে৷ বিজ্ঞানীসকলে ভাবে যে পৃথিৱীয়ে নিজৰ কক্ষপথৰ পৰা গতি সলনি কৰিব পাৰে৷

সূৰ্যই হয়তো ইয়াক এই সৌৰজগতৰ পৰা আঁতৰাব পাৰিব৷ বিভিন্ন সময়ত বিভিন্ন গ্ৰহাণু পৃথিৱীৰ কাষেৰে যি হাৰত গতি কৰে, তাৰ ফলত পৃথিৱীৰ গতি সামান্য ব্যাঘাত জন্মিছে৷ ফলত পৃথিৱীখন আনকি নিজৰ কক্ষপথৰ পৰাও গতি কৰিব পাৰে৷ গৱেষণাৰ পৰা এইটোও কোৱা হৈছে যে সৌৰজগতৰ বাহিৰত অধিক সৌৰজগত আছে৷ সূৰ্যৰ দৰে গ্ৰহ এটাই যদি তাৰ পৰা টানি বৃদ্ধি কৰে তেন্তে পৃথিৱীত ইয়াৰ প্ৰভাৱ সৰ্বাধিক হ’ব৷

এই সূৰ্য আমাৰ সূৰ্যতকৈ ১০,০০০ গুণ ডাঙৰ৷ ফলত ইয়াৰ টান বহুত বেছি হ’ব৷ সকলো সৌৰজগততে পৃথিৱীত জীৱ আছে৷ গতিকে ইয়াৰ পৰিৱেশ আন সকলোতকৈ পৃথক৷ এইটোৱেই হ’ব পাৰে সূৰ্যই পৃথিৱীখনক নিজৰ ফালে টানিব পৰাৰ মূল কাৰণ৷ শেহতীয়া বছৰবোৰত বহুতো গ্ৰহাণু পৃথিৱীৰ কাষেৰে পাৰ হৈ গৈছে৷ কিন্তু তেওঁলোকে পৃথিৱীত খুন্দা মাৰিব পৰা নাছিল৷ এই ঘটনা সৰু কথা নহয়৷ ইয়াৰ প্ৰভাৱ সৌৰজগতত ব্যাপক প্ৰভাৱ পৰিব৷ য’ত সৌৰজগতৰ বাকী গ্ৰহবোৰ গ্ৰহাণুৰ দ্বাৰা ক্ষতিগ্ৰস্ত হয়৷ তেনে ঠাইত পৃথিৱীৰ ক্ষেত্ৰত এনে নহয়৷

অৱশ্যে ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৃথিৱীৰ কক্ষপথত পৰিব৷ সূৰ্যই প্ৰথমে বুধক নিজৰ ফালে টানিব৷ তেতিয়া এটা এটাকৈ বাকীবোৰৰ সময় আহিব৷ কিন্তু তাৰ আগতে পৃথিৱীখন হয়তো নিজৰ কক্ষপথৰ পৰা আঁতৰি যাব পাৰে৷ মহাকাশত হেৰাই যাব পাৰে৷ আন এটা সূৰ্যৰ ঘৰত নতুন আলহী হ’ব পাৰে৷’

Food Vastu Tips: ঘৰৰ এই পাঁচ ঠাইত নাখাব খাদ্য, আগুৰি ধৰিব আৰ্থিক সংকটে

Food Vastu Tips: ঘৰৰ এই পাঁচ ঠাইত নাখাব খাদ্য, আগুৰি ধৰিব আৰ্থিক সংকটে
Food Vastu Tips: ঘৰৰ এই পাঁচ ঠাইত নাখাব খাদ্য, আগুৰি ধৰিব আৰ্থিক সংকটে

আপুনিও ঘৰৰ যিকোনো ঠাইত বহি খাদ্য খায় নেকি? (Food Vastu Tips) যদি আপোনাৰ এনে অভ্যাস আছে, তেন্তে আপুনি সাৱধান হোৱা উচিত। বাস্তু শাস্ত্ৰৰ মতে কিছুমান ঠাইত বহি খাদ্য খোৱাটো নিষিদ্ধ।

ঘৰৰ মূল দুৱাৰৰ ওচৰত নাখাব-
বাস্তু শাস্ত্ৰৰ মতে ঘৰৰ মূল দুৱাৰৰ ওচৰত বহি খাদ্য নাখাব। ঋণাত্মক শক্তি ঘৰত প্ৰৱেশ কৰিব পাৰে। মূল দুৱাৰৰ পৰাই দেৱতাসকলে ঘৰত প্ৰৱেশ কৰে, গতিকে এই ঠাইখন যদি আপুনি অশুচি বা অশুদ্ধ কৰি তোলে তেন্তে দেৱতা, বিশেষকৈ মা লক্ষ্মীৰ প্ৰৱেশত বাধা আহিব।

পূজা ঘৰৰ পৰা সমগ্ৰ ঘৰলৈ শক্তি সঞ্চাৰিত হয়। গতিকে পূজা ঘৰ আৰু ইয়াৰ ওচৰৰ ঠাইবোৰ বিশুদ্ধ কৰি ৰখাটো গুৰুত্বপূৰ্ণ। ইয়াৰ দ্বাৰা দেৱতাক অপমান কৰা হয় আৰু ঘৰৰ সুখ অন্ত পৰে।

বিচনাত বহি খাদ্য খোৱা-
যদি আপোনাৰ ঘৰত দৰিদ্ৰতা আহিব বিচাৰে তেন্তে মোবাইল বা টিভি চাই বিচনাত বহি খাদ্য খাব পাৰিব। হয়, বিচনাত খাদ্য খালে আৰ্থিক অৱস্থা বেয়া হোৱাই নহয় স্বাস্থ্যৰ অৱনতি ঘটে। ঋণাত্মক শক্তি ঘৰত বিয়পি পৰে।

লেতেৰা ঠাইত খাদ্য খোৱা-
খাদ্য মাতৃ অন্নপূৰ্ণাৰ প্ৰতীক, গতিকে খাদ্যক সন্মান কৰক। ইয়াৰ বাবে পৰিষ্কাৰ ঠাইত বহি খাদ্য খাওক বা খাব লগা ঠাইখিনি পৰিষ্কাৰ কৰক। অন্যথা ঋণাত্মক শক্তি গোটেই ঘৰটোত বিয়পিব পাৰে। ঘৰৰ মানুহৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। ঘৰৰ আৰ্থিক অৱস্থাৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে।

পাকঘৰত চৌকাটোৰ ওচৰত খাদ্য খোৱা-
বহু সময়ত মানুহে গেছৰ চৌকাটোৰ ওচৰত বহি খাবলৈ আৰম্ভ কৰে, এনে কৰিলে ঘৰৰ বাস্তু নষ্ট হয়। চৌকাটোৱেই জুইৰ উপাদান আৰু তাত খাদ্য খোৱাৰ ফলত ঘৰত অশান্তি বিয়পি পৰে, যাৰ ফলত স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে। এনে অৱস্থাত গেছৰ চৌকাটোৰ ওচৰতে খাদ্য খাব নালাগে।

Plastic: ভুল কাৰ, ভুল আমাৰেই… বিশ্বক গ্ৰাস কৰিছে প্লাষ্টিকে

Plastic: ভুল কাৰ, ভুল আমাৰেই… বিশ্বক গ্ৰাস কৰিছে প্লাষ্টিকে
Plastic: ভুল কাৰ, ভুল আমাৰেই… বিশ্বক গ্ৰাস কৰিছে প্লাষ্টিকে

বজাৰলৈ বা দোকানলৈ প্লাষ্টিকৰ বেগ(Plastic)বিচাৰি নিবিচৰা মানুহৰ সংখ্যা তেনেই কম হয়তো৷ আমাৰ বহুতৰে বাবে এতিয়া দৈনন্দিন ব্যৱহাৰত প্লাষ্টিক সম্পূৰ্ণৰূপে পৰিহাৰ কৰাটো কাৰ্যতঃ অসম্ভৱ হৈ পৰিছে৷ পেকেটত ভৰোৱা খোৱা পানীৰ পৰা আৰম্ভ কৰি চিপচলৈকে, কাপোৰ কিনাৰ পৰা আৰম্ভ কৰি মাছ-শাক-পাচলি – সকলোতে প্লাষ্টিক লাগেই৷ আৰু এই প্লাষ্টিকটোৱে লাহে লাহে পৰিৱেশ, জৈৱ বৈচিত্ৰ্য, মানৱ জীৱনৰ ওপৰত নিজৰ প্ৰভাৱ পেলাইছে৷ আমাৰ চৰম অসাৱধানতাৰ বাবে প্লাষ্টিকৰ দানৱে আমাক চাৰিওফালৰ পৰা আগুৰি ধৰিছে৷ ১৯৫০ চনত সমগ্ৰ বিশ্বতে প্ৰায় ২০ লাখ টন প্লাষ্টিক সামগ্ৰী উৎপাদন কৰা হৈছিল৷

২০১৫ চনত এই পৰিমাণ বৃদ্ধি পাই ৪১৯ টনতকৈও অধিক হয়৷ বৰ্তমান ইয়াৰ ওজন ৪৬০ টনৰ ওচৰত৷ তথ্য অনুসৰি যদি এনেদৰে চলি থাকে তেন্তে ২০৫০ চনৰ ভিতৰত বিশ্বত ১৪৮ কোটি টনতকৈ অধিক প্লাষ্টিক উৎপাদন হ’ব৷ সময়ৰ লগে লগে প্লাষ্টিক উৎপাদন বৃদ্ধি পোৱাৰ লগে লগে ইয়াৰ লগত সংগতি ৰাখি প্লাষ্টিকৰ আৱৰ্জনাও বৃদ্ধি পাইছে৷ যিটো আমাৰ পৃথিৱীত ক্ৰমান্বয়ে জমা হৈ আহিছে, সাগৰৰ পানী, নদী আৰু নৈত জমা হৈ আছে৷ পৰিবেশ বিশৃংখল হৈ পৰিছে৷ শেহতীয়া এক অধ্যয়নত প্ৰকাশ পাইছে যে ২০২৪ চনত সমগ্ৰ বিশ্বতে মুঠ ২০ কোটি টন প্লাষ্টিকৰ আৱৰ্জনা জমা হৈছিল৷ অৰ্থাৎ বিশ্বৰ প্ৰতিজন ব্যক্তিয়ে প্ৰতি বছৰে ২৮ কিলোগ্ৰাম প্লাষ্টিক আৱৰ্জনা পৃথিৱীলৈ পেলাই আহিছে৷

বৰ্তমান বিশ্বৰ প্ৰায় ৬৬ শতাংশ জনসংখ্যা এনে অঞ্চলত বাস কৰে য’ত প্লাষ্টিকৰ আৱৰ্জনাসমূহৰ পৰিমাণ স্থানীয় ব্যৱস্থাপনা ক্ষমতাতকৈ অধিক৷ সমগ্ৰ বিশ্বতে প্ৰতিদিনে আনুমানিক ২০০০ ট্ৰাক ভৰ্তি প্লাষ্টিকৰ আৱৰ্জনা প্ৰতিটো সাগৰ, নদী আৰু জলভাগত জমা হয়৷ ইউএনইপিৰ এক অধ্যয়ন অনুসৰি প্লাষ্টিক প্ৰদূষণৰ সমস্যাটো অতি ভয়াৱহ হৈ পৰিছে৷ বিশেষকৈ জলবায়ু পৰিৱৰ্তন, পৰিৱেশ তন্ত্ৰৰ অৱক্ষয়, সম্পদৰ ব্যৱহাৰ আদি অন্যান্য পৰিৱেশৰ চাপৰ উপৰিও প্লাষ্টিকৰ পৰিৱেশ, সামাজিক, অৰ্থনৈতিক আৰু স্বাস্থ্যজনিত বিপদৰ প্ৰতিও গুৰুত্ব দিয়াটো প্ৰয়োজনীয়৷ বৰ্তমান বিশ্বৰ মহাসাগৰত প্ৰতি বছৰে ৰ কোটি ৪০ লাখ টন প্লাষ্টিক জমা হয়৷ যদি এতিয়া এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে ২০৪০ চনৰ ভিতৰত এই পৰিমাণ ২.জ্ঝ কোটি মেট্ৰিক টন হ’ব৷

ইয়াৰ লগত যদি মাইক্ৰ’প্লাষ্টিক যোগ কৰা হয় তেন্তে একে সময়ছোৱাত ৬০ কোটি টনলৈ বৃদ্ধি পাব৷ এই বিপুল পৰিমাণৰ প্লাষ্টিকৰ বাবে জৈৱ বৈচিত্ৰ্যৰ ক্ষতি হৈছে৷ বহুতো জলজ প্ৰাণী বিপদৰ সন্মুখীন হৈছে৷ বৰ্তমান বিশ্বজুৰি উৎপাদিত প্লাষ্টিকৰ ৯০ শতাংশ পুনঃব্যৱহাৰযোগ্য নহয়৷ যদিও দিনক দিনে প্লাষ্টিকৰ ব্যৱহাৰ বৃদ্ধি পাইছে, তথাপিও পৃথিৱীত প্ৰতিদিনে বিপুল পৰিমাণৰ পেলনীয়া প্লাষ্টিক জমা হৈ আছে, যাৰ ফলত ক্ৰমান্বয়ে গুৰুতৰ সমস্যাৰ সৃষ্টি হৈছে৷ বহু দূৰলৈকে প্লাষ্টিকৰ সৰ্বাধিক ব্যৱহাৰ পেকেজিং উদ্যোগত৷ আয়তনৰ ক্ষেত্ৰত ই প্ৰায় ৪৪ শতাংশ৷ ইয়াৰ পিছতে নিৰ্মাণ উদ্যোগ, অটোমোটিভ উদ্যোগ ইত্যাদি৷ যদি আমি সঠিক পৰিকল্পনাৰে এইবোৰ ক্ষেত্ৰত প্লাষ্টিকৰ ব্যৱহাৰ ধাপে ধাপে হ্ৰাস কৰিব পাৰো, তেন্তে অনাগত দিনত ই পৰিবেশৰ বাবে উপকাৰী হ’ব৷