Home Blog Page 141

ADRE 2.0 Results: আজি ঘোষণা হ’ব ADRE, অসম আৰক্ষী আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল

আজি ঘোষণা হ’ব ADRE, অসম আৰক্ষী আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল
আজি ঘোষণা হ’ব ADRE, অসম আৰক্ষী আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল

আজি ঘোষণা হ’ব ADREৰ ফলাফল। (ADRE 2.0 Results) ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি বোর্ডে ঘোষণা কৰিব ফলাফল পুৱা ১০.৩০ বজাত। নির্দিষ্ট ৱেবছাইটত উপলব্ধ হ’ব ফলাফলসমূহ । অৱশ্যে প্রথম পৰ্যায়ত ঘোষণা হ’ব তৃতীয় বৰ্গৰ পদৰ ফলাফল ৰাজ্যৰ বিভিন্ন বিভাগত খালী হৈ আছে তৃতীয় বৰ্গৰ ৭ হাজাৰ ৬০০টা পদ ইয়াৰে ৪ হাজাৰ ৫৫ টা পদ স্নাতক উত্তীৰ্ণ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত HS উত্তীৰ্ণ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত আছে, ৩ হাজাৰ ১২৭টা পদ বিভিন্ন বিভাগৰ চালকৰ বাবে আছে ৪১৮টা পদ।

আনহাতে আজি ঘোষণা হ’ব অসম আৰক্ষীৰ ৬২৫টা পদৰ ফলাফল ১১ অক্টোবৰত প্ৰকাশ পাব ৫ হাজাৰ ৬১৪টা পদৰ ফলাফল সামাজিক মাধ্যমযোগে জনালে মুখ্যমন্ত্রীয়ে।

চতুৰ্থ বৰ্গৰ ২৫৮টা পদৰ ঘোষণা হ’ব। ফলাফল কমাণ্ডো বেটেলিয়নৰ ৫১টা SI পদৰো ঘোষণা হ’ব। ফলাফল ঘোষণা হ’বলগীয়া পদসমূ-হ গৃহৰক্ষী বাহিনীৰ সহ-উপ নিয়ন্ত্ৰক পদসমূহত আছে ৰান্ধনিৰ ২৬টা, নাপিতৰ ১২টা, পানীভাৰীৰ ৩টা ধোবিত ১১টা, চাফাই কৰ্মচাৰী, ইলেক্ট্রিচিয়ান, প্লাম্বাৰৰ পদ ১৫ অক্টোবৰত ঘোষণা হ’ব চতুৰ্থ বৰ্গৰ ৫ হাজাৰ ৮৯০টা পদৰ ফলাফল ইয়াৰে ১৯৫০টা পদ অষ্টম শ্ৰেণী উত্তীৰ্ণৰ বাবে সংৰক্ষিত। HS উত্তীৰ্ণৰ বাবে সংৰক্ষিত আছে ১০৬০টা পদ ITIসহ HSLC উত্তীর্ণ প্রার্থীৰ বাবে আছে ১৯৫০টা পদ।

অসম আৰক্ষীৰ পৰীক্ষাসমূহৰ ফলাফলো ঘোষণা হ’ব। ৬২৫টা পদৰ ফলাফল পুৱা ১১.৩০ বজাত নিৰ্দিষ্ট ৱেবছাইটত উপলব্ধ হ’ব ফলাফল www.slprbassam.inত উপলব্ধ হ’ব ফলাফল। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বোর্ডে ঘোষণা কৰিব ফলাফল। ঘোষণা হ’ব উপ-পৰিদৰ্শকৰ ২০৩টা পদৰ ফলাফল কমাণ্ডো বেটেলিয়নৰ ১৬৪টা কনিষ্টবল পদৰ ঘোষণা হ’ব ফলাফল।

Justice For Zubeen Garg: পুনৰ ন্যায় বিচাৰি সামাজিক মাধ্যমত আৱেগিক পোষ্ট গৰিমা গাৰ্গৰ…

পুনৰ ন্যায় বিচাৰি সামাজিক মাধ্যমত আৱেগিক পোষ্ট গৰিমা গাৰ্গৰ
পুনৰ ন্যায় বিচাৰি সামাজিক মাধ্যমত আৱেগিক পোষ্ট গৰিমা গাৰ্গৰ

পুনৰ ন্যায় বিচাৰি সামাজিক মাধ্যমত আৱেগিক পোষ্ট গৰিমা গাৰ্গৰ।(Justice For Zubeen Garg)

সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গে লিখিলে-

‘এতিয়া মন, মগজু, হৃদয়, আত্মাজুৰি মাথোঁ এষাৰেই কথা- আমাক ন্যায় লাগে।’

‘জুবিন গাৰ্গৰ দৰে এক সত্তা অৱহেলিত হ’ব নোৱাৰে।’

এইদৰে জুবিন গাৰ্গৰ ন্যায় বিচাৰি পত্নী গৰিমা গাৰ্গৰ আৱেগিক পোষ্ট।

জুবিনৰ ভগ্নীয়েও ন্যায় বিচাৰি সামাজিক মাধ্যমত পোষ্ট শ্বেয়াৰ কৰে।

জুবিনৰ ভগ্নীয়ে লিখিছে-

‘তোক যে জুইকুৰা লগাই দিলোঁ… দহিলো কিন্তু মই…. সত্যটো নজনালৈকে এই দহন নকমে!’

‘সত্যটো আমাক লাগে আৰু অতি সোনকালে লাগে!’

Himanta Biswa Sarma: জুবিন গাৰ্গৰ নামত বিজেপিয়ে যিমান কৰিছে সিমানটোতো ভাৰততো উদাহৰণ নাইঃ মুখ্যমন্ত্ৰী

জুবিন গাৰ্গৰ নামত বিজেপিয়ে যিমান কৰিছে সিমানটোতো ভাৰততো উদাহৰণ নাইঃ মুখ্যমন্ত্ৰী
জুবিন গাৰ্গৰ নামত বিজেপিয়ে যিমান কৰিছে সিমানটোতো ভাৰততো উদাহৰণ নাইঃ মুখ্যমন্ত্ৰী

প্ৰাণৰ শিল্পী জুবিন (Himanta Biswa Sarma)গাৰ্গৰ মৃত্যুৰ তদন্তৰ সন্দৰ্ভত বহুকেইটা কথা কয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আজি আমাৰ চৰকাৰখনে জুবিন গাৰ্গক ন্যায় প্ৰদানৰ বাবে যিমানখিনি কৰিছে কংগ্ৰেছ থাকিলে তাৰ ১০ শতাংশও নহ’লহেঁতেন৷ ড° ভূপেন হাজৰিকাৰ অন্তিম সংস্কাৰ কৰিবলৈ কংগ্ৰেছে মাটিডোখৰ বিচাৰি উলিয়াওঁতে তিনিদিন সময় লগাইছিল৷ সুধাকণ্ঠৰ নশ্বৰ দেহত সন্মান জনাবলৈ সেই সময়ত এজনো কেন্দ্ৰীয় মন্ত্ৰী অহা নাছিল৷

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘আমি ন্যায়ৰ কাৰণে কিমান কষ্ট কৰিছোঁ , ৰাইজে যিসকলক সন্দেহ কৰিছিল সকলোকে আমি গ্ৰেপ্তাৰ কৰিছোঁ, গতিকে কোনে আশা কৰিছিলে ইমান কম সময়তে সকলোকে এৰেষ্ট কৰিব বুলি। প্ৰথমে কৈছিলে হিমন্ত বিশ্বই নাটক কৰি আছে, আজি বিজেপি চৰকাৰখনে জুবিন গাৰ্গৰ কাৰণে যিমান কৰিছে, কংগ্ৰেছ থাকিলে তাৰ দহ শতাংশও নহ’লহেতেন। ভূপেন হাজৰিকাৰ সংস্কাৰ কৰিবৰ কাৰণে মাটি বিচাৰোতে তেওঁলোকে তিনিদিন লগাইছিল।আমি সকলো কৰি দিলো গতিকে জুবিন গাৰ্গৰ নামত বিজেপিয়ে যিমান কৰিছে সিমানটোতো ভাৰততো উদাহৰণ নাই বুলি কয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

Dr Hiren Deka: কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ দায়িত্বত ড° হীৰেণ ডেকা

কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ দায়িত্বত ড° হীৰেণ ডেকা
কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ দায়িত্বত ড° হীৰেণ ডেকা

গণিত বিভাগৰ সহযোগী (Dr Hiren Deka) অধ্যাপক ড° হীৰেণ ডেকাই কটন বিশ্ববিদ্যালয়ৰ নতুন পঞ্জীয়ক (ভাৰপ্ৰাপ্ত) হিচাপে দায়িত্ব গ্ৰহণ কৰে। পূৰ্বৰ পঞ্জীয়ক ড° অৰিন্দম গাৰ্গে স্বাস্থ্যজনিত কাৰণত অব্যাহতি লোৱাৰ পিছত ড° ডেকাই এই দায়িত্ব গ্ৰহণ কৰে।

ড° হীৰেণ ডেকা বিগত ২০০৫ চনৰ পৰাই কটন বিশ্ববিদ্যালয়ৰ সৈতে জড়িত আৰু তেতিয়াৰে পৰা তেওঁ গণিত বিভাগৰ সহযোগী অধ্যাপক হিচাপে কৰ্মৰত হৈ আছে। যোৱা দুটা দশকত তেওঁ পৰীক্ষা নিয়ন্ত্ৰক (ভাৰপ্ৰাপ্ত) আৰু আভ্যন্তৰীণ গুণগত মান নিৰূপন কোষৰ(IQAC)-ৰ সঞ্চালক (ভাৰপ্ৰাপ্ত) লগতে শিক্ষানুষ্ঠানখনৰ বিভিন্ন গুৰুত্বপূর্ণ প্ৰশাসনিক দায়িত্বও পালন কৰি আহিছে।

দায়িত্বভাৰ গ্ৰহণৰ বিষয়ে নিজৰ মত প্ৰকাশ কৰি ড° ডেকাই কয় যে, “এই নতুন দায়িত্বত কটন বিশ্ববিদ্যালয়ক সেৱা কৰাৰ সুযোগ পোৱাটো মোৰ বাবে এক গৌৰৱৰ ক্ষণ। মই বিশ্ববিদ্যালয়ৰ সকলো সদস্যৰ সৈতে একেলগে কাম কৰি বিশ্ববিদ্যালয়ৰ শৈক্ষিক আৰু প্ৰশাসনিক উৎকর্ষতা বৃদ্ধি কৰিম বুলি দৃঢ় বিশ্বাসী।”

ড° হীৰেণ ডেকাৰ পঞ্জীয়ক হিচাপে নিযুক্তিয়ে বিশ্ববিদ্যালয়ৰ শৈক্ষিক আৰু প্ৰতিষ্ঠানিক বিকাশৰ যাত্ৰাত প্ৰশাসনিক স্থিৰতা আৰু ধাৰাবাহিকতা নিৰ্দ্ধাৰণ কৰিব বুলি আশা কৰা হৈছে।

Zubeen garg death case: ছিংগাপুৰত অধ্যয়নৰত সুস্মিতা গোস্বামীলৈ SITৰ চমন জাৰি…

ছিংগাপুৰত অধ্যয়নৰত সুস্মিতা গোস্বামীলৈ SITৰ চমন জাৰি
ছিংগাপুৰত অধ্যয়নৰত সুস্মিতা গোস্বামীলৈ SITৰ চমন জাৰি

জুবিন গাৰ্গৰ ৰহস্যজনক (Zubeen garg death case) মৃত্যুৰ তদন্তৰ বাবে CIDলৈ তলব ছিংগাপুৰত অধ্যয়নৰত সুস্মিতা গোস্বামী নামৰ এগৰাকী যুৱতীৰ। য়ট পার্টীত অমৃতপ্রভা মহন্তৰ সৈতে আছিল মহানগৰীৰ যুৱতীগৰাকী। অমৃতপ্ৰভা আৰু সুস্মিতাৰ ম’বাইলতে ৰেকর্ডিং হৈছিল জুবিন গাৰ্গৰ শেষ সময়ৰ ভিডিঅ’।

অৱশেষত SITয়ে চমন জাৰি কৰিলে সুস্মিতা গোস্বামীলৈ। ছিংগাপুৰত অধ্যয়ন কৰি আছে সুস্মিতা গোস্বামীয়ে।
CID কাৰ্যালয়ত হাজিৰ হ’বলৈ SIT-এ জাৰি কৰিছে চমন। জুবিন গাৰ্গৰ সৈতে য়ট পার্টিত উপস্থিত আছিল সুস্মিতা।
ছিংগাপুৰৰ য়ট পাৰ্টিৰ ভিডিঅ’ত স্পষ্টকৈ দেখা গৈছিল সুস্মিতা গোস্বামী।

Shyamkanu Mahanta Northeast Festival: জুবিন গাৰ্গৰ মৃত্যুৰ পাছতো চলি আছিল নেকি নর্থ-ইষ্ট ফেষ্টিভেল?

জুবিন গাৰ্গৰ মৃত্যুৰ পাছতো চলি আছিল নেকি নর্থ-ইষ্ট ফেষ্টিভেল?
জুবিন গাৰ্গৰ মৃত্যুৰ পাছতো চলি আছিল নেকি নর্থ-ইষ্ট ফেষ্টিভেল?

CIDকাৰ্যালয়ত (Shyamkanu Mahanta Northeast Festival) হাজিৰ হৈ বিস্ফোৰণ নৰ্থ-ইষ্ট ফেষ্টিভেলৰ জনসম্পৰ্কৰক্ষী বিষয়া অনুজ কুমাৰ বৰুৱাৰ। অনুজ কুমাৰ বৰুৱাই কয়-


‘জুবিনৰ মৃত্যুৰ ঘটনাৰ পাছতে তেওঁ শ্যামকানু মহন্তক নৰ্থ ইষ্ট ইণ্ডিয়াৰ ফেষ্টিভেল বাতিল কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল। আনকি ছিংগাপুৰস্থিত হাই কমিছনেও শ্যামকানু মহন্তক অনুষ্ঠান বাতিলৰ পৰামৰ্শ দিছিল।’ 

ঘটনা সংঘটিত হোৱাৰ পাছতেই তেওঁ অনুষ্ঠানস্থলীৰ পৰা হোটেললৈ ঘূৰি আহিছিল আৰু পৰৱৰ্তী সময়ত অনুষ্ঠান চলি আছিল নে নাই সেই বিষয়ে অনুজ কুমাৰ বৰুৱা অৱগত নহয়।

২২ ছেপ্তেম্বৰত তেওঁ ছিংগাপুৰৰ পৰা অসমলৈ ঘূৰি আহিছিল।  জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ছিংগাপুৰতে আছিল অনুজ কুমাৰ বৰুৱা।

Zubeen Garg Death Case: সিদ্ধাৰ্থৰ পৰা জুবিনে শীঘ্ৰেই হিচাপ বিচৰাৰ কথা আছিল…!

সিদ্ধাৰ্থৰ পৰা জুবিনে শীঘ্ৰেই হিচাপ বিচৰাৰ কথা আছিল
সিদ্ধাৰ্থৰ পৰা জুবিনে শীঘ্ৰেই হিচাপ বিচৰাৰ কথা আছিল

আজি পুনৰ CIDৰ কাৰ্যালয়ত উপস্থিত জুবিন (Zubeen Garg Death Case) গাৰ্গৰ বাদ্যযন্ত্ৰী শিল্পী পাৰ্থ প্ৰতীম গোস্বামী। CIDৰ কাৰ্যালয়ত উপস্থিত হৈ জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী শিল্পী পাৰ্থ প্ৰতীম গোস্বামীয়ে সংবাদমেলত ক’লে-

‘মই ন্যায় বিচাৰিছোঁ। মূল কথাৰ পৰা আঁতৰি এচামে আন বিষয়ত ব্যস্ত হৈ পৰিছে। পিশাচে শাস্তি পাবই লাগিব। জুবিনক লক্ষ্মণৰেখাৰ মাজত সোমাই দিয়া হৈছিল। সিদ্ধাৰ্থ শৰ্মাৰ যদি ফাঁচী হ’ব লাগে তেনেহ’লে শেখৰৰো ফাঁচী হ’ব লাগেঃ পাৰ্থ প্ৰতীম গোস্বামী’


‘জুবিনৰ হাতত যে টকাৰ হিচাপ নাছিল মই গম পাইছিলো। সিদ্ধাৰ্থৰ পৰা জুবিনে শীঘ্ৰেই হিচাপ বিচৰাৰ কথা আছিল। মোৰ সৈতে যিখিনি তথ্য আছে সেয়া SITক প্ৰদান কৰিম।’

জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী পাৰ্থ প্ৰতিম গোস্বামীৰ এই বিস্ফোৰক মন্তব্য।

অখিল গগৈলৈ ফাৰ্ষ্ট ক্লাছ বিমানৰ টিকট আৰু Five star হোটেলৰ অফাৰ । অভিযোগ খণ্ডন কৰি অখিল গগৈৰ বিৰুদ্ধে ৰিণিকি ভূঞা শৰ্মাৰ মানহানিৰ গোচৰ !Riniki Bhuyan Sharma

অখিল গগৈলৈ ফাৰ্ষ্ট ক্লাছ বিমানৰ টিকট আৰু Five star হোটেলৰ অফাৰ । অভিযোগ খণ্ডন কৰি অখিল গগৈৰ বিৰুদ্ধে ৰিণিকি ভূঞা শৰ্মাৰ মানহানিৰ গোচৰ !
অখিল গগৈলৈ ফাৰ্ষ্ট ক্লাছ বিমানৰ টিকট আৰু Five star হোটেলৰ অফাৰ । অভিযোগ খণ্ডন কৰি অখিল গগৈৰ বিৰুদ্ধে ৰিণিকি ভূঞা শৰ্মাৰ মানহানিৰ গোচৰ !

Riniki Bhuyan Sharma । অখিল গগৈলৈ ফাৰ্ষ্ট ক্লাছ বিমানৰ টিকট আৰু Five star হোটেলৰ অফাৰ


মাঁথো ছিংগাপুৰলৈ গৈ আনিব লাগিব অখিল গগৈয়ে অনা অভিযোগৰ প্ৰমাণ
থকা-খোৱাৰ সকলো খৰচ বহন কৰিব ৰিণিকি ভূঞা শৰ্মাই


ছিংগাপুৰলৈ যাবলৈ ফাৰ্ষ্ট ক্লাছ বিমানৰ টিকট কৰি দিয়াৰ কথা ঘোষণা
লগতে থকা-খোৱাৰ ব্যৱস্থাও Five star হোটেলত কৰি দিব ৰিণিকিয়ে


অখিল গগৈয়ে ‘গ’ল্ডেন থ্ৰেডছ’ক লৈ অপপ্ৰচাৰ চলোৱাৰ অভিযোগ
অভিযোগ খণ্ডন কৰি অখিল গগৈৰ বিৰুদ্ধে ৰিণিকি ভূঞা শৰ্মাৰ মানহানিৰ গোচৰ

ঈশ্বৰৰ আশীৰ্বাদ থাকিলেহে শিক্ষক হ’ব পাৰে – ৰমাকান্ত দেউৰী । MLA Ramakanta Deori

MLA Ramakanta Deori । মৰিগাঁৱত অৱসৰৰ লগে লগে ১৯ গৰাকী শিক্ষকক পেঞ্চনৰ সুবিধা প্ৰদান । অৱসৰৰ লগে লগে পেঞ্চনৰ সুবিধা প্ৰদানৰ উদ্দেশ্যে মৰিগাঁও জিলা শিক্ষা বিভাগে ৰূপায়ণ কৰি অহা ‘নিৰন্তৰ’ কাৰ্যসূচীৰ ১৮ সংখ্যক অনুষ্ঠান আজি অনুষ্ঠিত হয়। শিক্ষা বিভাগৰ ঐতিহ্য ভৱনত অনুষ্ঠিত এই অনুষ্ঠানত জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ ১৯ গৰাকী শিক্ষকক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে পেঞ্চনৰ সুবিধা প্ৰদান কৰে। সেই অনুসৰি মাধ্যমিক বিদ্যালয়ৰ ১৩ গৰাকী, উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ৪ গৰাকী আৰু প্ৰাথমিক বিদ্যালয়ৰ ২ গৰাকী সদ্য অৱসৰী শিক্ষকক পেঞ্চনৰ সুবিধাসমূহ যেনে জমা- ছুটী বেতন, বীমা ধন আদি প্ৰদান কৰে।

অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে শিক্ষা বিভাগৰ এনে আদৰণীয় পদক্ষেপৰ শলাগ লৈ ভাষণ প্ৰদান কৰে। তেওঁ ভাষণত ঈশ্বৰৰ আশীৰ্বাদ থাকিলেহে শিক্ষক হ’ব পাৰি বুলি উল্লেখ কৰি শিক্ষক সকল সদায়ে সমাজৰ সন্মানীয় ব্যক্তি বুলি কয়। অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক ডালিম ফুকন,অসম উন্নতি সভাৰ সম্পাদক অতনু শৰ্মা, বিদ্যালয় সমূহৰ উপ-পৰিদৰ্শক সমৰ বৰুৱা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই অনুষ্ঠানৰ আঁত ধৰা অনুষ্ঠানটোত কেইবাগৰাকীও অৱসৰী শিক্ষকে নিজৰ অনুভৱ ব্যক্ত কৰি বক্তব্য প্ৰদান কৰি বিভাগৰ এনে পদক্ষেপৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। সভাত অৱসৰী শিক্ষক সকলৰ উপৰি বিভাগৰ ভালে সংখ্যক বিষয়া-কৰ্মী উপস্থিত থাকে।

দুৰ্নীতিৰে ভৰি পৰিছে মঙলদৈস্থ অসম স্কিল ইউনিভাৰ্ছিটি!

মঙলদৈত নিৰ্মীয়মাণ অসম স্কীল ইউনিভাৰ্চিটিত দুৰ্নীতিৰ অভিযোগ অসমীয়া যুৱ মঞ্চ, দৰং জিলা সমিতিৰ ৷ ইউনিভাৰ্ছিটিখনৰ নিৰ্মাণ আৰম্ভ হোৱাৰে পৰা বিভিন্ন দুৰ্নীতিৰ অভিযোগ আছে। ইতিপূৰ্বে কোৱালিটি টেষ্ট নকৰাকৈ গৃহৰ নিৰ্মাণত ইটা ব্যৱহাৰ কৰাৰ অভিযোগ আছে ঠিকাদাৰৰ বিৰুদ্ধে ৷ সৰ্বত্ৰে দুৰ্নীতি সংঘটিত হোৱাৰ উমান পাই অসমীয়া যুৱ মঞ্চই তথ্য জনাৰ অধিকাৰৰ ভিত্তিত আবেদন কৰি চাৰিবেৰ নিৰ্মাণ আৰু মাটি পূৰন কৰাৰ বাবদ ৮৬ লাখ টকাৰ দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য লাভ কৰি ইতিমধ্যে মঙলদৈ আৰক্ষী থানাত এজাহাৰ দিখিল কৰিছে ৷ চাৰিবেৰ নিৰ্মাণ আৰু মাটি পূৰন কৰা বিতৰ্কিত ঠিকাদাৰ ভাস্কৰ বৰুৱাই চৰকাৰী নীতি নিৰ্দেশনা ভৰিৰে মোহাৰি, চৰকাৰী ৰিভিনো পৰ্যন্ত নিদিয়াকৈ সমুদায় ধন আত্মসাৎ কৰা বুলি অসমীয়া যুৱ মঞ্চই দাবী কৰাৰ লগতে বিতৰ্কিত ঠিকাদাৰ ভাস্কৰ বৰুৱাৰ বিৰুদ্ধে তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।

ইয়াৰ উপৰিও বহুকেইগৰাকী ক্ষুদ্ৰ ব্যৱসায়িক শিল-বালিৰ প্ৰাপ্য ধন আৰু মহিলা শ্ৰমিকক বেতন নিদিয়াৰ অভিযোগ উত্থাপন কৰে শ্ৰমিক আৰু ক্ষুদ্ৰ ব্যৱসায়িসকলে।
অসমীয়া যুব মঞ্চই এনে অভিযোগ সম্বলিত এখন স্মাৰক পত্ৰ মঙলদৈৰ ৰাজহ চক্ৰ বিষয়া প্ৰাৰ্থ প্ৰতিম বৰুৱাৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ত হস্তক্ষেপ কৰি অসম দক্ষতা বিশ্ববিদ্যালয়খন সোনকালেই মুকলি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি অসমীয়া যুৱ মঞ্চই আশা প্ৰকাশ কৰে ৷