Home Blog Page 143

US joins Israel’s strikes on Iran: ইৰানৰ তিনিটা পাৰমাণৱিক ঘাটিত আক্ৰমণ আমেৰিকাৰ

US joins Israel’s strikes on Iran: ইৰানৰ তিনিটা পাৰমাণৱিক ঘাটিত আক্ৰমণ আমেৰিকাৰ
US joins Israel’s strikes on Iran: ইৰানৰ তিনিটা পাৰমাণৱিক ঘাটিত আক্ৰমণ আমেৰিকাৰ

তৃতীয় বিশ্বযুদ্ধৰ দিশে নেকি বিশ্ব? ইৰানৰ তিনিটাকৈ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ আক্ৰমণ। ফর্ডো, নাটাঞ্জ, এছফাহানত আমেৰিকাৰ বিমান আক্ৰমণ। এই আক্রমণ সফল বুলি অভিহিত কৰে ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে।(US joins Israel’s strikes on Iran)

ইৰাণৰ পাৰমাণৱিক স্থানত বোমা বিস্ফোৰণ কৰি ট্ৰাম্পে কয় যে আমেৰিকাৰ সেনাই ভয়ংকৰ আক্ৰমণ কৰিছ, এতিয়া ইৰান শান্তিৰ পথত আহিব লাগে। শান্তিৰ পথলৈ ঘূৰি অহাৰ সময় আছে ইৰানৰ হাতত, ইৰানৰ পৰমাণু ঘাটি তচনচ কৰা হৈছে। ৰাষ্ট্ৰক সম্বোধন কৰি এই মন্তব্য কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে।

আনহাতে আমেৰিকাৰ আক্ৰমণত ক্ষুদ্ধ হৈ ইৰানৰ পাৰমাণিক শক্তি সংগঠনে কয়, আমেৰিকাই উলংঘন কৰিছে আন্তঃৰাষ্ট্ৰীয় আইন, আমেৰিকাৰ আক্ৰমণ আমি সহ্য নকৰোঁ।

ইৰানৰ ওপৰত আমেৰিকাৰ আক্ৰমণৰ পাছতেই আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পক অভিনন্দন ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুৰ। আমেৰিকা সঁচাকৈয়ে অতুলনীয়, পৃথিৱীৰ আন কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে আমেৰিকাই। এইদৰে আমেৰিকাক ধন্যবাদ জনাই ইজৰাইলে।

শনিবাৰে নিশা হোৱাইট হাউছৰ পৰা ৰাষ্ট্ৰীয় ভাষণত ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় ইৰাণৰ শাসন ব্যৱস্থাৰ তিনিটা গুৰুত্বপূৰ্ণ পাৰমাণৱিক ঘাটি ফৰ্ডো, নাটাঞ্জ আৰু এছফাহানত আমেৰিকাৰ সেনাই আক্ৰমণ চলাইছিল। আমাৰ উদ্দেশ্য আছিল ইৰাণৰ পাৰমাণৱিক সমৃদ্ধি ক্ষমতা ধ্বংস কৰা আৰু সন্ত্ৰাসবাদৰ বিশ্বৰ এক নম্বৰ ৰাষ্ট্ৰৰ পৃষ্ঠপোষকখনে সৃষ্টি কৰা পাৰমাণৱিক ভাবুকি বন্ধ কৰা।

‘মুখ্যমন্ত্রীৰ আত্ম নিৰ্ভৰ অসম ১.০’ৰ পৰ্যালোচনা উদ্যোগ মন্ত্রী বিমল বড়া । জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰত উদ্যমীৰে মত বিনিময় । Bimal Bora

'মুখ্যমন্ত্রীৰ আত্ম নিৰ্ভৰ অসম ১.০'ৰ পৰ্যালোচনা উদ্যোগ মন্ত্রী বিমল বড়া । জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰত উদ্যমীৰে মত বিনিময় । Bimal Bora
'মুখ্যমন্ত্রীৰ আত্ম নিৰ্ভৰ অসম ১.০'ৰ পৰ্যালোচনা উদ্যোগ মন্ত্রী বিমল বড়া । জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰত উদ্যমীৰে মত বিনিময় । Bimal Bora

গুৱাহাটী, ২১জুন:’মুখ্যমন্ত্ৰীৰ আত্ম নিৰ্ভৰ অসম অভিযান ১. ০'(চিএম এএএ)ৰ অধীনত বিগত বৰ্ষত ধন লাভ কৰা নলবাৰী জিলাৰ উদ্যমী সকলৰে নলবাৰী জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰত আয়োজিত এক সভাত ৰাজ্যৰ উদ্যোগ, বাণিজ্য , ৰাজহুৱা প্ৰতিষ্ঠান আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্রী বিমল বড়াই আজি এক মত বিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰে। bimal bora


এই আঁচনিৰ অধীনত নলবাৰী জিলাৰ তিনিটা বিধানসভা সমষ্টিৰ ৬১১গৰাকী উদ্যমীক ব্যৱসায় বাণিজ্য কৰি আত্ম নিৰ্ভৰ কৰি তোলাৰ বাবে সহযোগিতা আগবঢ়োৱা হৈছিল।
ৰাজ্য চৰকাৰৰ উদ্যোগ বিভাগৰ আয়ুক্ত ঐনাম চৰণ কুমাৰ সিং, নলবাৰীৰ জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ প্ৰবন্ধক ধীৰেশ্বৰ কছাৰীৰ উপস্থিতিত অনুষ্ঠিত এই পৰ্যালোচনা সভাত উদ্যোগ মন্ত্রী বিমল বড়াই কেবাগৰাকীও উদ্যমীৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ ব্যৱসায়িক কামকাজৰ বুজ লয়।
এই আঁচনিৰ অধীনত ৰাজ্যত প্ৰথমবাৰৰ বাবে প্ৰথম কিস্তিৰ ধন লাভ কৰা হিতাধিকাৰী সকলৰ মাজত উপস্থিত হৈ উদ্যোগ মন্ত্রী বড়াই চৰকাৰে আগবঢ়োৱা ধনৰ সদ্যৱহাৰ হৈছে নে নাই সেয়া হিতাধিকাৰী সকলৰ পৰা অৱগত হয়।
এই আঁচনিৰ ধন লাভ কৰি
ছাগলী পালনেৰে আত্মনিৰ্ভৰ হোৱা টিহুৰ পৰমিতা দেৱীৰ সাফল্যৰ কাহিনীয়ে মন্ত্রী বড়াৰ লগতে সকলোকে আপ্লুত কৰে। মৎস্যপালনেৰে স্বাৱলম্বী শাৰীৰিক ভাৱে বাধাগ্রস্ত ইনামূল হকে এই আচনিয়ে কিদৰে জীৱনলৈ পৰিৱৰ্তন আনিলে প্ৰকাশ কৰে।এই ক্ষেত্ৰত তেওঁ সমুখীন হোৱা কেতবোৰ সমস্যা সমাধান কৰি দিয়াৰ বাবে মন্ত্রী বড়াই মঞ্চত উপবিষ্ট নলবাৰী জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীক নিৰ্দেশ দিয়ে।

একেদৰে গাহৰি পালনেৰে আত্মনিৰ্ভৰ হবলৈ সক্ষম হোৱা

নিপুল ৰামচিয়াৰী, ইন্টাৰনেট কে ফে খুলি ব্যৱসায়িক উন্নতি লাভ কৰিবলৈ সক্ষম হোৱা এটি সন্তানৰ মাতৃ ভণীতা বৰকটকী, ফাৰ্মাচীৰ ব্যৱসায় আৰম্ভ কৰা ৰঞ্জন চৰকাৰ , কুকুৰা পালক দেবজিৎ শৰ্মা আদিৰ ব্যৱসায়িক উত্তৰণৰ কথাই উপস্থিত সকলোকে উৎসাহিত কৰে। দ্বিতীয় কিস্তিৰ ধন ৰাশি লাভ কৰিলে ব্যৱসায়ৰ আৰু অধিক শ্ৰীবৃদ্ধি ঘটাব পাৰিব বুলিও উদ্যমী সকলে মত প্ৰকাশ কৰে।

মন্ত্রী বড়াই মঞ্চৰ পৰা নামি উদ্যমী সকলৰ মাজলৈ গৈ ব্যৱসায় সন্দৰ্ভত তেওলোকৰ সৈতে কৰা মত বিনিময় আৰু কিছুমান ক্ষেত্ৰত নৱ উদ্যমী সকলৰ সমুখলৈ আহি পৰা প্ৰতিবন্ধকতা আতৰোৱাৰ দিশত সহায় কৰিবলৈ মন্ত্রী গৰাকীয়ে ইয়াৰ বাবে নিয়োজিত চিএম ফেলো সকলৰ লগতে উদ্যোগ বিভাগৰ বিষয়া সকলক প্ৰদান কৰা তাৎকালীন নিৰ্দেশো আছিল এই পৰ্যালোচনা সভাৰ উল্লেখ যোগ্য দিশ।
 উদ্যোগ মন্ত্রী বড়াই মুখ্যমন্ত্রীৰ আত্ম নিৰ্ভৰ অসম অভিযানৰ  জৰিয়তে এক শক্তিশালী অৰ্থ নৈতিক ভেটি গঢ়াৰ লক্ষ্যৰ কথা উল্লেখ কৰি সকলোকে ব্যৱসায়িক কাম কাজেৰে চৰকাৰক বিশ্বাস জন্মাব পাৰিলেহে এনে আঁচনি সফলকাম হ'ব বুলি কয়।
উদ্যমী সকলক ব্যৱসায় কৰি চাকৰী প্ৰাৰ্থী হোৱাৰ বিপৰীতে চাকৰীপ্ৰদানকাৰীত পৰিণত হবলৈ আহ্বান জনাই মৎস্য পালন, গাহৰি পালন, ছাগলী পালনৰ লগতে ইয়াত মূল্য সংযোজন অৰ্থাৎ সংশাধিত খাদ্য হিচাপে ৰূপান্তৰ কৰাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
 কুকুৰা পালনৰ লগতে ইয়াৰ খাদ্য উৎপাদনৰ ক্ষেত্রত আগবাঢ়ি আহিব লাগে বুলিও তেওঁ কয়।

যোৰহাটৰ এগৰাকী মহিলা মৌ পালকৰ সৃজনী মূলক চিন্তাৰ ফলত লাভ কৰা ব্যৱসায়িক সফলতাৰ উদাহৰণ ডাঙি ধৰি মন্ত্রী গৰাকীয়ে এই আঁচনি খনৰ সফল ৰূপায়ণে অসমৰ অৰ্থনীতিত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব পাৰে বুলি উদ্যমী সকলৰে মতবিনিময়ৰ সময়ত ব্যক্ত কৰে।এই ধনেৰে ব্যৱসায়ত উন্নতি কৰিব পাৰিলে ভবিষ্যতে তেওঁলোকে মুদ্ৰা ঋণৰ দৰে সুবিধা ল’ব পাৰিব বুলিও মন্ত্রী বড়াই কয়।
নলবাৰী জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰই অনুষ্ঠিত কৰা এই পৰ্যালোচনা সভাত অসম চৰকাৰৰ উদ্যোগ বিভাগৰ আয়ুক্ত ঐনাম চৰণ কুমাৰ সিঙে ভাষণ প্ৰদান কৰি চৰকাৰে ব্যৱসায়িক কাম কাজেৰে আত্ম নিৰ্ভৰ হোৱাৰ বাবে যুৱচামলৈ আগবঢ়োৱা ধন ৰাশিৰ সদব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

 জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে ব্যৱসায়ৰ ক্ষেত্ৰত সততা আৰু স্পষ্টটাৰ ওপৰত মন দিবলৈ উদ্যমী সকলক আহ্বান জনাই ইয়াৰ বাবে জিলা প্ৰসাশনৰ পিনৰপৰা সকলোধৰণৰ সহযোগিতাৰ আশ্বাস দিয়ে।

 উল্লেখ্য যে ৰাজ্যৰ যুৱ চামক আত্ম নিৰ্ভৰ কৰিতোলাৰ লগতে ৰাজ্য খনত এক শক্তিশালী অৰ্থনৈতিক ভেটি গঢ়ি তোলাৰ উদ্যেশ্য আগত ৰাখি অসম চৰকাৰে বিগত বৰ্ষত 'মুখ্যমন্ত্রীৰ আত্ম নিৰ্ভৰ অসম অভিযান' শীৰ্ষক আচনিখন আৰম্ভ কৰিছিল। যোৱা বছৰ ইয়াৰ বাবে ২৫হেজাৰ যুৱক যুৱতীৰ সামৰি লোৱা হৈছিল। ইয়াৰ জৰিয়তে ব্যৱসায়িক কাম কাজেৰে যুৱক যুৱতী সকলক আত্ম নিৰ্ভৰ হবলৈ দুই লাখ টকাকৈ আগবঢ়োৱাৰ ব্যবস্থা কৰা হৈছিল।
 ইয়াৰে সাহায্য হিচাপে এক লাখ টকা আৰু বাকী এক লাখ টকা সুদবিহীন ঋণ হিচাপে প্ৰদানৰ ব্যবস্থা ৰখা হৈছে। এই এক লাখ টকা পাচ বছৰ পাছত ৬০টা কিস্তিত ওভোটাই দিব লাগিব। তদুপৰি পেশাদাৰী সকলৰ বাবে পাঁচ লাখ টকা আগবঢ়োৱাৰ ব্যবস্থা কৰা হৈছিল।*চলিত বৰ্ষতো ইয়াৰ অধীনত ৭৫হেজাৰ যুৱক যুৱতীক সামৰি লোৱা হ'ব।

international yoga day 2025: আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে ‘এখন পৃথিৱী, এক স্বাস্থ্যৰ বাবে যোগ’ৰ মূলমন্ত্ৰেৰে গেটৱে অৱ ইণ্ডিয়াত যোগ দিৱস উদযাপন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

গেটৱে অৱ ইণ্ডিয়াত যোগ দিৱস উদযাপন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গেটৱে অৱ ইণ্ডিয়াত যোগ দিৱস উদযাপন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

আজি ১১তম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস(international yoga day 2025)উপলক্ষে ‘এখন পৃথিৱী, এক স্বাস্থ্যৰ বাবে যোগ’ৰ মূলমন্ত্ৰেৰে গেটৱে অৱ ইণ্ডিয়াত যোগ দিৱস উদযাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “যোগ – বিশ্ববাসীলৈ ভাৰতৰ সুস্থতাৰ উপহাৰ। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ প্ৰচেষ্টাৰ ফলত সুস্বাস্থ্য, সম্প্ৰীতি আৰু বিশ্বজনীন শান্তিৰ বাবে যোগ এক বিশ্বব্যাপী জনআন্দোলনত পৰিণত হৈছে। যোগে আমাৰ শাৰীৰিক-মানসিক উৎকৰ্ষ সাধনৰ লগতে প্ৰকৃতিৰ সৈতে সংযোগ স্থাপন কৰিবলৈ অনুপ্ৰাণিত কৰি আহিছে। যোগাসনক জীৱনৰ এক দৈনন্দিন পদ্ধতি হিচাপে গঢ়ি তোলাৰ বাবে এই দিনটোত আমি সকলোৱে বদ্ধপৰিকৰ হওঁ আহক।”

yoga day 2025: SSBৰ ১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

yoga day 2025: SSBৰ ১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন
yoga day 2025: SSBৰ ১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

সশস্ত্ৰ সীমা বাল, সীমান্ত গুৱাহাটী আৰু ১ম বেটেলিয়ন,(yoga day 2025) সোণাপুৰৰ উদ্যোগত ২০২৫ চনৰ ২১ জুন তাৰিখে অতি উদ্যম আৰু উৎসাহেৰে ১১ সংখ্যক আন্তঃ ৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়। মহাপৰিদৰ্শক শ্ৰী সুধীৰ ভাৰ্মাৰ নেতৃত্বত ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয়ে সুস্থ বিশ্ব জন সংখ্যাৰ বাবে এছ এছ বি ফ্ৰন্টিয়াৰ গুৱাহাটীৰ দৃষ্টিভংগী ভাগ কৰি “এক পৃথিৱী এক স্বাস্থ্যৰ বাবে যোগ” শীৰ্ষক বিষয় বস্তু গ্ৰহণ কৰি বাহিনীৰ সকলো জোৱানে যোগাসন কৰে। শ্বহীদৰ পৰিয়াল সমূহেও এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰি মহাপৰিদৰ্শকৰ দ্বাৰা সন্মানিত কৰে।


এই শুভ অনুষ্ঠানত শ্ৰী ভাৰ্মাই আলোকপাত কৰে যে যোগে আমাৰ সামগ্ৰিক ব্যক্তিত্ব- শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ লগতে সামাজিক সংহতিত সহায় কৰে। উন্নত আৰু সুস্থ জীৱনৰ বাবে তেওঁ বাহিনীৰ সকলো জোৱানক দৈনন্দিন জীৱনত যোগাসন গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰাৰ লগতে ভাৰত-ভূটান আন্তঃ ৰাষ্ট্ৰীয় সীমান্তৰ নিৰাপত্তাৰ উপৰিও সীমান্ত অঞ্চলৰ জনসাধাৰণৰ মাজত যোগৰ উপকাৰিতাৰ বিষয়ে সজাগতা বিয়পোৱাৰ সংকল্প পূৰণ কৰি আছে বুলিও কয়।

এই সময়ছোৱাত সীমান্ত গুৱাহাটীৰ আঞ্চলিক সন্দীক্ষা সভানেত্রী ৰাণী অনুৰাধাৰ নেতৃত্বত সমগ্র সন্দীক্ষা পৰিয়ালেও অতি উৎসাহেৰে কাৰ্যসূচীত অংশগ্ৰহণ কৰি “এক পৃথিৱীৰ বাবে যোগ, এক স্বাস্থ্য”বিষয়ক সফল কৰি তোলাত তেওঁলোকৰ বহুমূলীয়া সহযোগিতা আগবড়ায়।

Operation Sindhu: ইৰাণ ইজৰাইলৰ যুদ্ধত উদাৰতা দেখুৱালে ভাৰতে, চুবুৰীয়া দেশৰ বাবে এই কাম কৰিব ভাৰতে

ইৰাণত আবদ্ধ হৈ থকা নাগৰিকক(Operation Sindhu) উদ্ধাৰৰ বাবে ভাৰতে আৰম্ভ কৰে অপাৰেচন সিন্ধু। এতিয়া ইৰাণত আবদ্ধ হৈ থকা নেপাল আৰু শ্ৰীলংকাৰ ছাত্ৰ-ছাত্ৰীকো ভাৰতে নিৰাপদে উলিয়াই আনিব।

ইৰাণ আৰু ইজৰাইলৰ মাজত অহৰহ আক্ৰমণ চলি আছে। এই যুদ্ধৰ সময়ত ইৰাণত আবদ্ধ হৈ থকা বহু ভাৰতীয় নাগৰিকক অপাৰেচন সিন্ধুৰ অধীনত নিৰাপদে দেশলৈ ঘূৰাই অনা হৈছিল। এতিয়া ভাৰতে এই অভিযান সম্প্ৰসাৰণ কৰি ইৰাণৰ পৰা নেপাল আৰু শ্ৰীলংকাৰ নাগৰিকক নিৰাপদে উদ্ধাৰৰ কথা ঘোষণা কৰিছে। দুয়োখন দেশৰ আনুষ্ঠানিক ঘোষণাৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে।

অপাৰেচন লায়নৰ অধীনত ইজৰাইলে ইৰাণত বহুত বোমা বিস্ফোৰণ কৰিছে। ইয়াৰ বাবেই মধ্যপ্ৰাচ্যত যথেষ্ট উত্তেজনা সৃষ্টি হৈছে। ইৰাণেও ইজৰাইলৰ এই আক্ৰমণৰ প্ৰতিশোধ লৈ টেল আভিভক মিছাইল আৰু ড্ৰোনেৰে আক্ৰমণ কৰিছে। এই আক্ৰমণত এই পৰ্যন্ত দুয়োপক্ষৰ বহু সাধাৰণ নাগৰিকে প্ৰাণ হেৰুৱাইছে। দুয়োখন দেশৰ যুদ্ধৰ বাবে তাত থকা সাধাৰণ নাগৰিক আৰু আন দেশৰ পৰা পঢ়া-শুনা বা কামৰ বাবে তালৈ যোৱা লোকসকল আবদ্ধ হৈ পৰে।

ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা যুদ্ধৰ সময়ত তেহৰাণত আবদ্ধ হৈ থকা ভাৰতীয় নাগৰিকসকলক ঘূৰাই আনিবলৈ ভাৰতে অপাৰেচন সিন্ধু আৰম্ভ কৰিছিল। এই অভিযানৰ অধীনত ২১ জুন শনিবাৰে পুৱা তুৰ্কমেনিস্তানৰ আছগাবাটৰ পৰা ভাৰতীয় নাগৰিক কঢ়িয়াই অনা এখন বিশেষ বিমান নতুন দিল্লীত উপস্থিত হয়। ২০ জুন শুকুৰবাৰে গভীৰ নিশা ইৰানে নিজৰ আকাশমাৰ্গ মুকলি কৰাৰ পিছত তেহৰাণৰ পৰা ২৯০ জন ভাৰতীয় ছাত্ৰ-ছাত্ৰীক নিৰাপদে অনা হয়। ইয়াৰে অধিকাংশই আছিল জম্মু-কাশ্মীৰৰ।

তেহৰাণত থকা ভাৰতীয় দূতাবাসে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত এটা পোষ্ট শ্বেয়াৰ কৰিছে। য’ত লিখা আছে, ‘নেপাল আৰু শ্ৰীলংকা চৰকাৰৰ অনুৰোধত ইৰাণত থকা ভাৰতীয় দূতাবাস খালী কৰাৰ প্ৰচেষ্টাত নেপাল আৰু শ্ৰীলংকাৰ নাগৰিককো অন্তৰ্ভুক্ত কৰা হ’ব।’

Avoid Oily Food: আপোনাৰ খাদ্যাভ্যাসৰ পৰিৱৰ্তনে হৃদযন্ত্ৰ, যকৃত আৰু পাচনতন্ত্ৰ সুস্থ কৰি ৰাখিব ?

Avoid Oily Food: আপোনাৰ খাদ্যাভ্যাসৰ পৰিৱৰ্তনে হৃদযন্ত্ৰ
Avoid Oily Food: আপোনাৰ খাদ্যাভ্যাসৰ পৰিৱৰ্তনে হৃদযন্ত্ৰ

আজি ২১ জুন তাৰিখে দেশৰ লগতে সমগ্ৰ বিশ্বতে একাদশ আন্তৰ্জাতিক যোগ দিৱস উদযাপন কৰিছে।(Avoid Oily Food) এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খাদ্যত থকা তেল ১০% হ্ৰাস কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশাখাপট্টনমত উপস্থিত হৈ যোগ সাধনাত অংশগ্ৰহণ কৰি জনসাধাৰণক স্বাস্থ্য সচেতন হোৱাৰ বাৰ্তা প্ৰদান কৰে। এই সময়ছোৱাত তেওঁ মেদবহুলতাক বিশ্বৰ বাবে এক গুৰুতৰ প্ৰত্যাহ্বান বুলি অভিহিত কৰি খাদ্যত থকা তেল ১০% হ্ৰাস কৰিবলৈ আহ্বান জনায়।

জনসাধাৰণক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, “মই নিজে মোৰ খাদ্যত তেল ১০% হ্ৰাস কৰিছো আৰু দেশবাসীকো এই পৰিৱৰ্তন গ্ৰহণ কৰিবলৈ আহ্বান জনাইছো।” এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে মাত্ৰ ১০% কম তেল খালে আমাৰ স্বাস্থ্যৰ কিবা পৰিৱৰ্তন হ’ব পাৰে নেকি? হয়, একেবাৰেই! বৈজ্ঞানিক গৱেষণা আৰু পুষ্টি বিশেষজ্ঞসকলৰ মতে খাদ্যত অলপ অতিৰিক্ত হ’লেও শৰীৰত চৰ্বি, কলেষ্টেৰল আৰু প্ৰদাহ বৃদ্ধি পায়, যিবোৰ বহু ৰোগৰ মূল হৈ পৰে। এনে পৰিস্থিতিত তেলৰ পৰিমাণ সামান্য হ্ৰাস পালেও হৃদযন্ত্ৰ, যকৃত আৰু পাচনতন্ত্ৰত ভাল প্ৰভাৱ পৰিব পাৰে।

তেলত থকা চেচুৰেটেড ফেট আৰু ট্ৰেন্স ফেটে শৰীৰত এল ডি এল (বেয়া কলেষ্টেৰল) বৃদ্ধি কৰে, যাৰ ফলত হৃদৰোগ সংকুচিত হৈ হাৰ্ট এটেক, উচ্চ ৰক্তচাপ আৰু ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি পায়। ১০% কম তেল খালে কলেষ্টেৰল নিয়ন্ত্ৰণত থাকে আৰু হৃদযন্ত্ৰ সুস্থ হৈ থাকে।

অত্যধিক তেলীয়া খাদ্য খোৱাৰ ফলত যকৃত চৰ্বিযুক্ত হয়, যাৰ ফলত যকৃতৰ কাম-কাজত সমস্যাৰ সৃষ্টি হয়। সময়মতে যত্ন লোৱা নহ’লে এই অৱস্থাৰ ফলত লিভাৰ চিৰ’ছিছ বা লিভাৰ বিকল হ’ব পাৰে। তেল কমাই আমি যকৃতক অপ্ৰয়োজনীয় চৰ্বিৰ পৰা ৰক্ষা কৰিব পাৰো আৰু ইয়াৰ বিষমুক্তকৰণ ক্ষমতা বজাই ৰাখিব পাৰো।

তেল সমৃদ্ধ খাদ্য হজম কৰিবলৈ গধুৰ হোৱাৰ বাবে গেছ, বদহজম, এচিডিটি আদি সমস্যাৰ সৃষ্টি হয়। বিশেষকৈ ৰাতিৰ আহাৰত অতিৰিক্ত তেলে পাচনতন্ত্ৰত হেঁচা প্ৰয়োগ কৰে। তেল ১০% হ্ৰাস কৰিলে খাদ্য পাতল হ’ব, শক্তিৰ মাত্ৰা ভাল হ’ব, কোষ্ঠকাঠিন্য আৰু ফুলাৰ দৰে সমস্যাও কমি যাব।

মেদবহুলতা আজি প্ৰতিটো বয়সৰ সমস্যা হৈ পৰিছে। যদি আমি আমাৰ দৈনন্দিন খাদ্যত মাত্ৰ ১০% তেল কমাই দিওঁ, তেন্তে কেলৰি গ্ৰহণ স্বয়ংক্ৰিয়ভাৱে কমি যাব, যাৰ বাবে ওজন নিয়ন্ত্ৰণ কৰিব পৰা যাব। বিশেষকৈ যিসকলে ডায়েটিং নকৰাকৈ আৰু জিমলৈ নোযোৱাকৈ ওজন কমাব বিচাৰে তেওঁলোকৰ বাবে এইটো এটা ডাঙৰ সমাধান।

Barkhetri Boat Accident: বৰক্ষেত্ৰীৰ পেৰাধৰা পাৰঘাটত সংঘটিত নাও দুৰ্ঘটনাত সন্ধানহীন এজনৰ মৃতদেহ উদ্ধাৰ।

Barkhetri Boat Accident: বৰক্ষেত্ৰীৰ পেৰাধৰা পাৰঘাটত সংঘটিত নাও দুৰ্ঘটনাত সন্ধানহীন এজনৰ মৃতদেহ উদ্ধাৰ।
SSB ৰ ১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগদিৱস উদযাপন

বৰক্ষেত্ৰীৰ পেৰাধৰা পাৰঘাটত সংঘটিত নাও দুৰ্ঘটনাত সন্ধানহীন এজনৰ মৃতদেহ উদ্ধাৰ।(Barkhetri Boat Accident)

বৰপেটা জিলাৰ চেনীমাৰীত পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো।

মৃতদেহটো নিৰুদ্দিষ্ট আব্দুল গফুৰ বুলি চিনাক্ত।

বৃহস্পতিবাৰে পেৰাধৰা পাৰঘাটত ব্ৰহ্মপুত্ৰৰ সূঁতিত সংঘটিত নাও দুৰ্ঘটনাত সন্ধানহীন হৈছিল আব্দুল গফুৰ।

আব্দুল গফুৰৰ ঘৰ মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত শনিৰোডত।

সন্ধানহীন তিনি জনৰ এতিয়াও দুজনৰ সন্ধান পোৱা নাই।

অন্য দুজনৰ সন্ধানত আজি তৃতীয় দিনাও SDRF-NDRF বাহিনীৰ অব্যাহত আছে উদ্ধাৰ অভিযান।

International Yoga Day 2025: আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, ১১সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মূলমন্ত্ৰ ‘এক পৃথিৱী, এক স্বাস্থ্য’

International Yoga Day 2025: আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস
International Yoga Day 2025: আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস

আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস।(International Yoga Day 2025) ২০১৫ চনত প্ৰথমবাৰৰ বাবে বিশ্বজুৰি এই দিৱস পালন কৰা হৈছিল আৰু সকলোকে যোগাসনৰ উপকাৰিতাৰ সৈতে পৰিচয় কৰাই দিয়া হয়। সমগ্ৰ দেশতে উদযাপন কৰা হৈছে যোগ দিৱস। ১১সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মূলমন্ত্ৰ হৈছে ‘এক পৃথিৱী, এক স্বাস্থ্য’।

শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে যোগ এক ফলপ্ৰসূ প্ৰাকৃতিক প্ৰতিকাৰ, যিয়ে ব্যক্তিৰ ভিতৰ আৰু বাহ্যিক শৰীৰক সুস্থ কৰি ৰাখে। লগতে মানসিক সমস্যাৰ পৰাও আঁতৰাই ৰাখে মানুহক।

যোগ দিৱস উদযাপন কৰা হয় এইবাবে যাতে সকলোকে যোগৰ গুৰুত্বৰ বিষয়ে সচেতন কৰি যোগাভ্যাস কৰিবলৈ উৎসাহিত কৰা।

যোগাভ্যাস কৰি যোগ দিৱস আৰম্ভ কৰক। লগতে বন্ধু-বান্ধৱী, আত্মীয়-স্বজন আৰু ঘনিষ্ঠ লোকৰ স্বাস্থ্যৰ কথা মনত ৰাখি তেওঁলোকক যোগাসন কৰিবলৈ অনুপ্ৰাণিত কৰক।

অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত কেন্দ্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

দেশৰ সকলো প্ৰান্ততে আয়োজিত কৰা হৈছে যোগ দিৱস। সাধাৰণ ৰাইজৰ পৰা আৰম্ভ কৰি প্ৰতিগৰাকী লোকে অংশগ্ৰহণ কৰিছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত। অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত কেন্দ্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে যোগাসন কৰিলে মানুহৰ স্বাস্থ্য সুস্থ হৈ থাকে।

আনহাতে বাক্সা জিলাত আয়োজিত আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনত অংশগ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুম্বাইৰ আইকনিক গেটৱে অৱ ইণ্ডিয়াত আয়োজিত ১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

ইজৰাইল-ইৰাণ সংঘৰ্ষত আমেৰিকাৰ অংশগ্ৰহণৰ সম্ভাৱনাই তীব্ৰ কৰিলে উত্তেজনা – ইৰাকৰ বিদ্ৰোহী সংগঠনৰ আমেৰিকালৈ কঠোৰ সকীয়নি । ISRAEL IRAN CONFLICT


ISRAEL IRAN CONFLICT । ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা সংঘৰ্ষে মধ্যপ্ৰাচ্যৰ সম্প্ৰতি ভূ-রাজনৈতিক পৰিস্থিতিক চরম জটিলতাৰ দিশে লৈ গৈছে। এই পৰিপ্ৰেক্ষিতত ইৰাকৰ ইৰাণ-সমৰ্থিত বিদ্ৰোহী সংগঠন ‘কাতাইব হিজবুল্লাহ’-এ আমেৰিকাৰ বিৰুদ্ধে এক তীব্ৰ আৰু স্পষ্ট ভাবুকি জাৰি কৰিছে।

সংগঠনটোৰ নিৰাপত্তা নেতা আবু আল-আস্কাৰীয়ে ঘোষণা কৰে —

“যদি আমেৰিকাই ইজৰাইল-ইৰাণ যুদ্ধত অংশগ্ৰহণ কৰে, তেনেহ’লে সমগ্ৰ পশ্চিম এছিয়াত আমেৰিকাৰ সামৰিক ঘাটিসমূহ লক্ষ্য কৰি বিধ্বংসী আক্ৰমণ চলোৱা হ’ব। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ট্ৰিলিয়ন ডলাৰৰ ‘লুণ্ঠন সপোন’ ধূলিত মিলাই দিয়া হ’ব।”

আল-আস্কাৰীয়ে বিশেষকৈ হুঁচিয়াৰ কৰে যে,

  • হৰমুজ ষ্ট্ৰেইট,
  • বাব-এল-মাণ্ডেব জলপথ,
  • লোহিত সাগৰৰ কাষৰ তেল বন্দৰসমূহত কার্যকলাপ সম্পূৰ্ণৰূপে স্তব্ধ কৰি দিয়া হ’ব।
  • লগতে আমেৰিকান বিমানৰ ওপৰতো “অপ্ৰত্যাশিত চমক” ৰখা হ’ব বুলি ইংগিত দিয়ে।

আমেৰিকাৰ ২৭ টা ঘাটি সংকটৰ মুখামুখি?

চিএনএনৰ তথ্য অনুসৰি, বৰ্তমান মধ্যপ্ৰাচ্যত আমেৰিকাৰ ২৭ খনতকৈও অধিক সামৰিক ঘাটি আছে, যাৰ ভিতৰত ১২ খন ১৫ বছৰতকৈও অধিক সময় ধৰি সক্ৰিয়।
তথ্য অনুসৰি, ২০২৪ চনৰ জানুৱাৰী মাহত কাতাইব হিজবুল্লাহ-এ ছিৰিয়া-জৰ্ডান সীমান্তৰ ওচৰত থকা আমেৰিকাৰ সৰু আউটপোষ্ট “টাৱাৰ ২২”ত ড্ৰোন আক্ৰমণ চলাইছিল, য’ত ৩ জন আমেৰিকান সেনা নিহত আৰু ৩০ জনৰো অধিক আহত হৈছিল বুলি সন্দেহ কৰা হৈছে।


ট্ৰাম্পৰ প্রতিক্ৰিয়া: সামৰিক পদক্ষেপৰ পূৰ্বে কূটনৈতিক সময়সীমা

এই বিপদজনক পৰিস্থিতিৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰতিক্ৰিয়াও আগবাঢ়ি আহিছে।
হোৱাইট হাউচৰ মুখপাত্ৰ কেৰ’লিন লিভিটে এক বিবৃতিত ট্ৰাম্পৰ বক্তব্য উদ্ধৃত কৰি কয় —

“আমাৰ বাবে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময় আহিছে। আমি ইৰাণৰ সৈতে আলোচনাৰ সম্ভাৱনা অস্বীকাৰ নকৰোঁ। এই আলোচনাৰ দ্বাৰ বন্ধ হ’ব বা খোল খাই থাকিব, সেইটো অহা দু সপ্তাহৰ ভিতৰত আমি নিৰ্ধাৰণ কৰিম।”

২১ জুনত কিয় পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস? ইতিহাস আৰু তাৎপৰ্য ! yoga day

২১ জুনত কিয় পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস? ইতিহাস আৰু তাৎপৰ্য ! yoga day
২১ জুনত কিয় পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস? ইতিহাস আৰু তাৎপৰ্য ! yoga day

গুৱাহাটী, ২১ জুনঃ yoga day।
প্ৰতি বছৰে ২১ জুন তাৰিখে বিশ্বজুৰি উদযাপন কৰা হয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস (International Yoga Day)। এই বিশেষ দিৱসটোত পৃথিৱীৰ প্ৰতিটো প্ৰান্তত, প্ৰতিটো সমাজত, যোগাভ্যাসৰ জৰিয়তে সুস্থ জীৱন গঠনৰ আহ্বান জনোৱা হয়।
যোগ কেৱল শাৰীৰিক ব্যায়াম নহয়, ই হৈছে এক জীৱনৰ শৈলী—দেহ, মন আৰু আত্মাৰ সমন্বয় ঘটোৱা এক গভীৰ সাধনা।


🕉️ ইতিহাস আৰু সূচনা কাহিনী

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন আৰম্ভ হয় ২০১৫ চনৰ পৰা, কিন্তু ইয়াৰ পটভূমি গঢ় লৈ উঠিছিল তাৰ পূৰ্বৱৰ্ষতে।

২০১৪ চনৰ ২৭ ছেপ্টেম্বৰত, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত এক ঐতিহাসিক প্ৰস্তাৱ আগবঢ়াইছিল। তেওঁ বিশ্ববাসীক আহ্বান জনাইছিল, যোগৰ দৰে প্ৰাচীন ভাৰতীয় দৰ্শনৰ গুৰুত্ব উপলব্ধি কৰিবলৈ আৰু ই বিশ্বশান্তি, সুস্থতা, আৰু আধ্যাত্মিক ঐক্যৰ বাবে কেনেদৰে সহায়ক হ’ব পাৰে, সেই বিষয়ে মনোযোগ দিবলৈ।

মোদীৰ এই প্ৰস্তাৱক ১৯৩টা ৰাষ্ট্ৰৰ ভিতৰত ১৭৫খন ৰাষ্ট্ৰে সমৰ্থন জনাই, যাৰ ফলত কেৱল ৭৮ দিনৰ ভিতৰত১১ ডিচেম্বৰ, ২০১৪ তাৰিখে—এই দিনটো ৰাষ্ট্ৰসংঘৰ স্বীকৃতি লাভ কৰে। এই সিদ্ধান্তই বিশ্বজুৰি এক নতুন যুগৰ আৰম্ভণি কৰিছিল, য’ত যোগক গ্লোবেল পৰিসৰত মৰ্যাদা দিয়া হ’ল।


☀️ ২১ জুন—এই দিনটোৰ বিশেষত্ব কি?

২১ জুনৰ দিনটো উত্তৰ গোলাৰ্ধৰ বাবে বছৰৰ আটাইতকৈ দীঘলীয়া দিন। এই দিনটোক গ্ৰীষ্মকালীন সংক্ৰান্তি (Summer Solstice) বুলি কোৱা হয়। জ্যোতিষ শাস্ত্ৰ আৰু আধ্যাত্মিক দৃষ্টিৰে এই দিনটোক বৰ পবিত্ৰ আৰু শক্তিশালী বুলি গণ্য কৰা হয়।

বিশ্বাস অনুসৰি, আদিযোগী ভগৱান শিৱ—যাক প্ৰথম যোগী বুলি ধৰ্মগ্ৰন্থসমূহত কোৱা হয়—এই দিনটোতেই নিজৰ প্রথম শিষ্যসকলক যোগৰ শিক্ষা দিয়াৰ আৰম্ভণি কৰিছিল। সেয়েহে এই দিনটোক “যোগৰ উৎপত্তিৰ দিন” হিচাবেও গণ্য কৰা হয়।


🌍 যোগ—বিশ্বৰ বাবে এক উপহাৰ

যোগ ভাৰতৰ প্ৰাচীন ধাৰ্মিক আৰু দাৰ্শনিক পৰম্পৰাৰ এটি অপূৰ্ব উপহাৰ। আজিৰ বিশ্বত, য’ত মানসিক উদ্বেগ, শাৰীৰিক অসুস্থতা আৰু আত্মিক বিভ্ৰান্তি ক্রমবৃদ্ধিশীল, তাত যোগ এক শক্তিশালী সমাধান হিচাপে আত্মপ্ৰকাশ কৰিছে।

যোগ মানে কেৱল দেহ গঠন নহয়—ই হৈছে আত্মাৰ শুদ্ধি, মনৰ কেন্দ্রীকৰণ আৰু জীৱনৰ সম্পূৰ্ণ পৰিবর্তন।


🌱 ২০২৫ চনৰ বিষয়বস্তু: “Yoga for One Earth, One Health”

প্ৰতি বছৰে অন্তঃৰাষ্ট্ৰীয় যোগ দিৱস এখন থিম বা বিষয়বস্তু লৈ উদযাপন কৰা হয়।
২০২৫ চনৰ বিষয়বস্তু হৈছে:

“Yoga for One Earth, One Health”

এই বিষয়বস্তুৰ মূল উদ্দেশ্য হৈছে—ভাৰতীয় সভ্যতাৰ “বসুধৈৱ কুটুম্বকম” ধাৰণাক সঁচা কৰি তোলা, য’ত পৃথিৱীৰ সকলো প্ৰাণীক সমানভাবে সুস্থ আৰু শান্তিপূৰ্ণ জীৱন দিয়া হ’ব।
এই বিষয়বস্তুত বিশেষকৈ পৰিৱেশ-মানৱ সুস্থতা-আধ্যাত্মিক জীৱনৰ মাজত সংযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

যোগ কেবল মানুহৰ দেহৰেই নহয়, আমাৰ চাৰিওফালে থকা পৰিৱেশ, প্ৰাণী, উদ্ভিদ, সমাজ আৰু পৃথিৱীৰ সামগ্ৰিক সুস্থতাৰ বাবে এক দিশা।


🧘 বিশ্বজুৰি উদযাপন আৰু অংশগ্ৰহণ

আজিৰ দিনটোত বিশ্বজুৰি লাখ লাখ মানুহে যোগৰ বিভিন্ন আসন, ধ্যান, প্ৰাণায়াম আদি অনুশীলন কৰি এই বিশেষ দিৱসটো উদযাপন কৰে। স্কুল, কলেজ, বিশ্ববিদ্যালয়, চৰকাৰী আৰু বেছৰকাৰী প্ৰতিষ্ঠান, সেনা-জোৱান, চিকিৎসালয়, এন.জি.অ’ আদি সকলোৰে সক্ৰিয় অংশগ্ৰহণ দেখা গৈছে।

প্ৰধানমন্ত্ৰী মোদী নিজেও প্ৰতি বছৰে এই দিৱসত অংশ লৈ বিশ্ববাসীক যোগৰ উপকাৰিতা স্মৰণ কৰায়।