ধেমাজি জিলাৰ গোগামুখৰ নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব লগা উক্ত বিষ্ণু ৰাভা দিৱসৰ বাবে এক শক্তিশালী উদ্যাপন সমিতি গঠন কৰা হৈছে ৷ এই মৰ্মে চন্দন পেগুক সভাপতি, দিগন্ত বণিয়া, অজিৎ কুমাৰ দলেক যুটীয়া সম্পাদক, সুভাষ পেগুক সহ সম্পাদকৰ দায়িত্ব দিযা হৈছে ৷ কাৰ্যসূচী অনুযায়ী পুৱা ৭ বজাত সামূহিক চাফাই অভিযান চলোৱা হ’ব ৷ বিয়লি ৩ বজাত সাংস্কৃতিক অনুষ্ঠান উদ্ধোধন কৰিব গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলীপ কুমাৰ ঝাই ৷
৪ বজাত বিষ্ণু ৰাভাৰ গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ৷ ৫ বজাত বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন কৰিব ধেমাজি মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক মধু শাস্ত্ৰীয়ে ৷ সন্ধিয়া ৬ বজাত মুকলি সভা আৰু বঁটা বিতৰণি সভা অনুষ্ঠিত হ’ব ৷ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব গোগামুখ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গোবিন শৰ্মাই ৷
বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব সোৱণশিৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰূপেশ্বৰ চেতিয়া, এম এ চিৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, সাধাৰণ সদস্য ৰাজু পেগু, অভিযন্তা প্ৰদীপ কুমাৰ দলে, গোগামুখ পশু চিকিৎসালয়ৰ জেষ্ঠ চিকিৎসক ডাঃ অনিল কুমাৰ পেগু, যুৱ ব্যৱসায়ী মহানন্দ দলে, মধ্য সোৱণশিৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ৰিপন দলে আদিয়ে ৷ নিশা ৮ বজাত সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্ধোধন কৰিব গোগামুখ এন চি ডি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰজিৎ দলেয়ে ৷ সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিব বিশিষ্ট লোকশিল্পী তৰাৱতী মিলি বড়ি প্ৰমূখ্যে ন-পুৰণি গায়ক-গায়িকাসকলে ৷ উদ্যোক্তাসকলে উক্ত দিনা সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছে ৷
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উদ্যোগত নগাঁৱত যোগ উৎসৱ ২০২৫ ৰ সামৰণি । Srimanta Sankaradeva University
Srimanta Sankaradeva University । আন্তৰাষ্ট্ৰীয় যোগ দিৱসৰ সৈতে সংগতি ৰাখি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ যোগ বিজ্ঞান আৰু প্ৰাকৃতিক চিকিৎসা বিভাগৰ উদ্যোগত তথা মোৰাৰজী দেশাই নেচনেল ইন্সটিটিউট অফ যোগ আৰু ভাৰত চৰকাৰৰ আয়ুস মন্ত্ৰনালয় সহযোগিতাত আয়োজিত যোগোৎসৱ ২০২৫ ৰ আজি সফল সামৰণি পৰে ৷
পুৱা ৭:৩০ বজাত নগাঁও আৰক্ষী চাউনিৰ প্ৰেক্ষাগৃহত যোগ চৰ্চাৰে শুভাৰম্ভ হোৱা এই কাৰ্যসূচীত নগাঁও চহৰৰ নৱ নিযুক্ত জিলা আয়ুক্ত দেৱাশিস শৰ্মা, পঞ্জীয়ক ড° শৰৎ হাজৰিকা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক তথা বিশ্ববিদ্যালয়ৰ সমন্বয়ক কুশল ঠাকুৰীয়া, বিভাগটোৰ প্ৰতিষ্ঠাপক মুৰব্বী অধ্যাপক বলী নাৰায়ন ফুকন, উপ পঞ্জীয়ক (শৈক্ষিক) ড° বিচিত্ৰ বিকাশৰ লগতে বিশ্ববিদ্যালয়খনৰ বিষয়া-কৰ্মচাৰী, অধ্যাপক অধ্যাপিকা আৰু ছাত্ৰছাত্ৰীসকল উপস্থিত থাকে ৷ বিভাগটোৰ সহকাৰী অধ্যাপিকা বৰষা মাস্কেই পৰিচালনা কৰা এই যোগ চৰ্চা অনুষ্ঠানত নগাঁও চহৰৰ ২০০ তকৈও অধিক শিক্ষাৰ্থী উপস্থিত থাকে ৷ ভাষণ প্ৰসংগত জিলা আয়ুক্ত শৰ্মাই বিশ্ববিদ্যালয়খনৰ এই কাৰ্যসূচীক প্ৰশংসা কৰি কয় – এটা সুস্থ মনে এটা সুস্থ দেহৰ গঠন কৰে । আজিৰ দিনত আন্তঃ ৰাষ্ট্ৰীয়ভাৱে নিজকে সুস্থ কৰি ৰখাৰ বাবে আলোচনা-ব্যৱহাৰিক দিশক গুৰুত্ব প্ৰদান কৰা হৈছে ৷ উল্লেখ্য, বিয়লিলৈ বিশ্ববিদ্যালয়খনৰ প্ৰেক্ষাগৃহত এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত হোৱাৰ লগতে Relevance of yoga Education in the present scenario শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰাৰ লগতে বিশিষ্ট শিক্ষাবিদ, গীতাচাৰ্য পুৰন্দৰ বৰুৱালৈ ২০২৫ বৰ্ষৰ যোগ ৰত্ন বঁটা প্ৰদান কৰে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক অশোক কুমাৰ বৰাৰ লগতে উপস্থিত বিদ্বান সকলে ।
হৰিত (সেউজ) যোগ: আন্তৰাষ্ট্ৰীয় যোগ দিৱসৰ লগতে সংগতি ৰাখি বিশ্ববিদ্যালয়খনৰ যোগ বিজ্ঞান আৰু প্ৰাকৃতিক চিকিৎসা বিভাগে আজি বটদ্ৰৱা থানত হৰিত যোগ শীৰ্ষক এক কাৰ্যসূচী ৰূপায়ন কৰে ৷ অনুষ্ঠানত পঞ্জীয়ক ড° শৰৎ হাজৰিকাই আদৰণি ভাষণ আগবঢ়োৱাৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক তথা বিশ্ববিদ্যালয়ৰ সমন্বয়ক কুশল ঠাকুৰীয়াই আশীষ বচন আগবঢ়ায় । অনুষ্ঠানত অংশলৈ উপাচাৰ্য অধ্যাপক অশোক কুমাৰ বৰাই সুস্থ-সৱল শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে পৰিৱেশৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে ৷ ড° মাধন বৰাই পৰিচালনা কৰা অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়াই বিভাগটোৰ মুৰব্বী ড° উজ্বল অৰুণ মাস্কেই । এই অনুষ্ঠানত যোগ প্ৰট’কল অনুশীলন কৰোৱাই যোগ বিজ্ঞান বিভাগৰ শিক্ষক সহযোগী ৰবি প্ৰসাদ শৰ্মা ৷
Gaza Attack: গাজাত অবৰ্ণনীয় পৰিস্থিতিঃ ৩৮ লোকৰ মৃত্যু
ইৰাণৰ সৰ্বোচ্ছ নেতা আয়াতুল্লাহ আলী(Gaza Attack)খোমেইনিক হত্যা কৰিলেই যুদ্ধ বন্ধ হ’ব। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে এনে এক চাঞ্চল্যকৰ দাবী উত্থাপন কৰিছে৷ অৱশ্যে ইজৰাইলৰ খোমেইনিক কৰে৷ গাজা স্বাস্থ্য প্ৰশাসনৰ উদ্ধৃতিৰে আল জাজিৰাই কয় যে ভূখণ্ডৰ দক্ষিণে ৰাফা চহৰৰ ওচৰত খাদ্যৰ লাইনত ভোকাতুৰ লোক থিয় হৈ আছিল৷ সেই সময়ত ইজৰাইল সেনাই বিমান আক্ৰমণ চলাইছিল৷
ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ বিভাগৰ মুৰব্বী ভলকাৰ টাৰ্কে ইতিমধ্যে এক বিবৃতিত ‘নিৰীহ লোকৰ ওপৰত আক্ৰমণ’ক গৰিহণা দিছে৷ তেওঁ এই কাণ্ডক ‘ভয়ংকৰ’ বুলি অভিহিত কৰে৷ তাত থকা স্বাস্থ্য বিভাগে জনোৱা মতে, গাজাত ২০ মাহতকৈ অধিক সময় ধৰি চলি থকা ইজৰাইল-হামাছৰ সংঘাতত এতিয়ালৈকে ৫৫,৩৬২ জন লোকৰ মৃত্যু হৈছে৷ বহু আহত হৈছে৷ ইজৰাইলৰ ‘‘অৱৰোধ’’ৰ বাবে গাজাত সাহায্য আৰু মানৱীয় সাহায্য প্ৰায় বন্ধ হৈ গৈছিল৷
কিন্তু বিশ্বৰ বিভিন্ন দেশৰ আপত্তিৰ পাছত ইজৰাইলে নিজৰ সুৰ কোমল কৰিলে৷ ইজৰাইল চৰকাৰে গাজাত সাহায্য বা মানৱীয় সাহায্যৰ প্ৰৱেশ শিথিল কৰিছে৷ কিন্তু এতিয়া যিমান সকাহৰ পৰিমাণ গৈ আছে সেয়া গাজাৰ জনসাধাৰণৰ বাবে যথেষ্ট নহয়৷ মঙলবাৰে পুৱা বোমা বিস্ফোৰণ ঘটা দক্ষিণ গাজাৰ সাহায্য শিবিৰটো কাৰ্যতঃ ইজৰাইলী সৈন্যই ঘেৰি ধৰিছে৷ মানৱ অধিকাৰ সংগঠনসমূহে অভিযোগ কৰে যে গাজাক নিৰীহ লোকক হত্যাৰস্থলীত ৰূপান্তৰিত কৰা হৈছে৷