Home Blog Page 145

Israel Strikes Iran’s State TV Studio: বাতৰি পঢ়ি থাকোতেই ইৰাণৰ ষ্টুডিঅ’ত ইজৰাইলৰ আক্ৰমণ, লাইভ টেলিকাষ্ট এৰি আঁতৰিল এংকৰ

Israel Strikes Iran's State TV Studio: বাতৰি পঢ়ি থাকোতেই ইৰাণৰ ষ্টুডিঅ'ত ইজৰাইলৰ আক্ৰমণ, লাইভ টেলিকাষ্ট এৰি আঁতৰিল এংকৰ
Israel Strikes Iran's State TV Studio: বাতৰি পঢ়ি থাকোতেই ইৰাণৰ ষ্টুডিঅ'ত ইজৰাইলৰ আক্ৰমণ, লাইভ টেলিকাষ্ট এৰি আঁতৰিল এংকৰ

এংকৰে নিউজ পঢ়ি থাকোতেই ইৰাণৰ ষ্টুডিঅ’ত ইজৰাইলৰ আঘাত। নিউজ পঢ়ি থাকোতে ইৰাণৰ টেলিভিছন ষ্টুডিঅ’ত লক্ষ্য কৰি লয় ইজৰাইলে।(Israel Strikes Iran’s State TV Studio)বাতৰিৰ মাজতে ষ্টুডিঅ’ এৰি আঁতৰি গৈছে এংকৰ। ইজৰাইলৰ দুটাকৈ টেলিভিছন চেনেলক লক্ষ্য কৰাৰ সম্ভাৱনা ইৰানে।

ইৰাণৰ তেহৰাণত থকা চৰকাৰী টেলিভিছনটো লাইভ টেলিকাষ্টৰ সময়ত ইজৰাইলে উৰুৱাই দিয়ে। ইয়াৰ বাবেই চেনেলটোৱে লাইভ টেলিকাষ্ট বন্ধ কৰিবলগীয়া হৈছিল। এই ঘটনাৰ এটা ভিডিঅ’ও ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে। এই ভিডিঅ’টোত লাইভ টেলিকাষ্টৰ সময়ত বিস্ফোৰণৰ শব্দ শুনা যায়। ইয়াৰ বাবেই চেনেলটোৰ ষ্টুডিঅ’টো ধূলি আৰু ধোঁৱাৰে ভৰি পৰিছিল, যাৰ বাবে টিভিৰ এংকৰকে ধৰি বাকী লোক সকলে লগে লগে কেমেৰা এৰি ওলাই আহিবলগীয়া হৈছিল ষ্টুডিঅ’ পৰা। সেই সময়ত তাত উপস্থিত ৰাইজে আল্লাহ-হু-আকবৰৰ শ্লোগান চিঞৰ-বাখৰ কৰা শুনা যায়।

ইজৰাইলে আক্ৰমণৰ পূৰ্বে ইৰাণৰ ৰাজধানী তেহৰাণৰ সেই অঞ্চল খালী কৰাৰ সকীয়াই দিছিল। এই টিভি ষ্টুডিঅ’টোও সেই অঞ্চলতে অৱস্থিত। সোমবাৰে পুৱা ইৰাণে ক্ষেপণাস্ত্ৰ আৰু ড্ৰোনেৰে ইজৰাইলক আক্ৰমণ কৰি বহু ক্ষতিসাধন কৰে। ইৰাণৰ আক্ৰমণৰ বাবে সমগ্ৰ ইজৰাইলত বিমান আক্ৰমণৰ ছাইৰেন শুনা গ’ল। ইৰাণৰ আক্ৰমণত জৰুৰীকালীন সেৱাই কমেও ৮ জন ইজৰাইলী সাধাৰণ নাগৰিক নিহত আৰু বহু লোক আহত হোৱাৰ বাতৰি প্ৰকাশ পাইছে।

Pineapple: গৰমৰ লগতে বিভিন্ন ৰোগৰ পৰা সকাহ পাব মাটিকঁঠাল খালে !

Pineapple: গৰমৰ লগতে বিভিন্ন ৰোগৰ পৰা সকাহ পাব মাটিকঁঠাল খালে !
Pineapple: গৰমৰ লগতে বিভিন্ন ৰোগৰ পৰা সকাহ পাব মাটিকঁঠাল খালে !

মাটিকঁঠাল এবিধ ৰোগ নিৰাময় কৰা ফল। বিভিন্ন ৰোগৰ পৰা উপশম সোনকালে পাবলৈ চিকিৎসকসকলে মাটিকঁঠালৰ ৰস খাবলৈ পৰামৰ্শ দিয়ে।(Pineapple) ই কেন্সাৰ হোৱাৰ সম্ভাৱনা কম কৰাৰ লগতে ৰক্তচাপ, চৰ্দি কাহ আদি প্ৰতিৰোধ কৰে।

ইয়াৰ উপৰিও গৰমত মাটিকঁঠাল বা অনাৰস কিয় খাব লাগে আপোনালোকক জনাম-

আনাৰসত প্ৰাকৃতিক চেনি থাকে, যিয়ে আপোনাক দ্ৰুত শক্তি বৃদ্ধি কৰিব পাৰে। আনাৰস হৈছে গৰমত খোৱা এবিধ সোৱাদযুক্ত ফল। এই সুস্বাদু ফলবিধ অসংখ্য প্ৰয়োজনীয় পুষ্টিকৰ উপাদানৰে ভৰপূৰ যিয়ে আপোনাৰ শৰীৰক গৰমৰ মাহবোৰত সহায় কৰিব পাৰে।

গ্ৰীষ্মকালত শৰীৰত পানী অভাৱ হোৱা সমস্যাৰ পৰা হাত সাৰিবলৈ নিজকে ভালদৰে জলসিঞ্চিত কৰি ৰখাটো অতি গুৰুত্বপূৰ্ণ। আনাৰসত পানীৰ পৰিমাণ বেছি থাকে, যিয়ে আপোনাক হাইড্ৰেটেড কৰি ৰখাত সহায় কৰিব পাৰে।

গৰমৰ বাবে আপোনাৰ শৰীৰত সংক্ৰমণ আৰু বেমাৰৰ প্ৰৱণতা থাকিব পাৰে। আনাৰসত অধিক পৰিমাণৰ ভিটামিন চি থাকে, আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে আৰু শৰীৰক সুস্থ আৰু শক্তিশালী কৰি ৰাখিবলৈ এক অপৰিহাৰ্য পুষ্টিকৰ উপাদান আনাৰস।

গ্ৰীষ্মকালত গেষ্ট্ৰাইটিছৰ সমস্যাৰ পৰা হাত সাৰিবলৈ পাচনতন্ত্ৰ সুস্থ কৰি ৰখাটো গুৰুত্বপূৰ্ণ। আনাৰসত ব্ৰ’মেলিন নামৰ এনজাইম থাকে যিয়ে প্ৰ’টিন হজম কৰাত সহায় কৰিব পাৰে।

গৰম আৰু আৰ্দ্ৰতাৰ বাবে আপোনাৰ ৰক্তচাপ বৃদ্ধি পাব পাৰে, যাৰ ফলত উচ্চ ৰক্তচাপ হ’ব পাৰে। আনাৰসত পটাছিয়াম থাকে, যিয়ে আপোনাৰ ৰক্তচাপ কমোৱাত সহায় কৰিব পাৰে, ধমনীত মানসিক চাপ কমোৱাত সহায় কৰিব পাৰে আৰু হৃদৰোগৰ সম্ভাৱনা কম কৰিব পাৰে।

গ্ৰীষ্মকালত বেছিকৈ ৰ’দৰ সংস্পৰ্শলৈ আহিলে ছালৰ ক্ষতি হ’ব পাৰে আৰু অকাল বয়স বৃদ্ধি হ’ব পাৰে। আনাৰসত ভিটামিন চি আৰু এন্টিঅক্সিডেন্ট থাকে যিয়ে ছালখনক ফ্ৰী ৰেডিকেলৰ পৰা ৰক্ষা কৰাত সহায় কৰিব পাৰে যিয়ে ৰ’দৰ সংস্পৰ্শলৈ অহাৰ ফলত ছালৰ কোষবোৰক ক্ষতি কৰে আৰু ফলত ৰঙা পৰা, বয়সৰ দাগ, বলিৰেখা আদি হয়।

গৰমৰ বাবে আপুনি ক্লান্ত আৰু শক্তি কম অনুভৱ কৰিব পাৰে। আনাৰসত প্ৰাকৃতিক চেনি থাকে, যিয়ে আপোনাক গোটেই দিনটো চলি থাকিবলৈ দ্ৰুত শক্তি বৃদ্ধি কৰিব পাৰে।

আনাৰস হৈছে এক সুস্বাদু আৰু স্বাস্থ্যকৰ ফল যিয়ে গৰমৰ দিনত আপোনাৰ শৰীৰক দিব উপকাৰ।

ইয়াৰ উপৰিও গৰমৰ দিনত তৰমুজে যথেষ্ঠ সহায় কৰে আমাৰ শৰীৰক। সেইবাবে বতৰৰ ফল বতৰত খাব লাগে।তৰমুজ খোৱাৰ পিছত ৰক্ত সঞ্চালন ভাল হয়, গ্ৰীষ্মকালত তৰমুজ সকলোৱে প্ৰিয়। কাৰণ ই পুৰুষৰ বাবে অতি উপকাৰী আৰু উচ্চ বি পি নিয়ন্ত্ৰণত ৰাখে। তৰমুজ খালে আন বহুতো উপকাৰো পোৱা যায়।

বেছিভাগ ৰোগেই শৰীৰৰ ভিতৰত ঘটা প্ৰদাহ আৰু অক্সিডেটিভ ষ্ট্ৰেছৰ ফলত হয়। কিন্তু এই ফলত লাইকোপেন আৰু ভিটামিন চি নামৰ এন্টিঅক্সিডেন্ট থাকে, যিয়ে প্ৰদাহ দূৰ কৰে।

চকুৰ দৃষ্টিশক্তিৰ বাবেও লাইকোপেন উপকাৰী। বয়সৰ লগে লগে চকুৰ স্বাস্থ্যৰ অৱনতি ঘটাত বাধা দিয়ে। ইয়াৰ ফলত চকুৰ কোষবোৰ সুস্থ হৈ থাকে আৰু বৃদ্ধ বয়সতো দৃষ্টিশক্তি দুৰ্বল নহয়।

গংগা নদীত অভ্যন্তৰীণ জলপথ পৰিবহণ উন্নয়নৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কি কি বৃহৎ ঘোষণা কৰিলে ! Sarbananda Sonowal

১৬ জুন, ২০২৫ । Sarbananda Sonowal দেশৰ অভ্যন্তৰীণ জলপথ পৰিবহণ খণ্ডত এক নতুন অধ্যায় সূচনা কৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গংগা নদীত (ৰাষ্ট্ৰীয় জলপথ-১) ভৱিষ্যৎ পৰিকাঠামো আৰু ক্ৰুজ পৰ্যটনৰ সম্ভাৱনাক ধৰি কেইবাটাও গুৰুত্বপূর্ণ পদক্ষেপ আৰু প্ৰকল্পৰ ঘোষণা কৰে।
১৬ জুন, ২০২৫ । Sarbananda Sonowal দেশৰ অভ্যন্তৰীণ জলপথ পৰিবহণ খণ্ডত এক নতুন অধ্যায় সূচনা কৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গংগা নদীত (ৰাষ্ট্ৰীয় জলপথ-১) ভৱিষ্যৎ পৰিকাঠামো আৰু ক্ৰুজ পৰ্যটনৰ সম্ভাৱনাক ধৰি কেইবাটাও গুৰুত্বপূর্ণ পদক্ষেপ আৰু প্ৰকল্পৰ ঘোষণা কৰে।

১৬ জুন, ২০২৫ । Sarbananda Sonowal
দেশৰ অভ্যন্তৰীণ জলপথ পৰিবহণ খণ্ডত এক নতুন অধ্যায় সূচনা কৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গংগা নদীত (ৰাষ্ট্ৰীয় জলপথ-১) ভৱিষ্যৎ পৰিকাঠামো আৰু ক্ৰুজ পৰ্যটনৰ সম্ভাৱনাক ধৰি কেইবাটাও গুৰুত্বপূর্ণ পদক্ষেপ আৰু প্ৰকল্পৰ ঘোষণা কৰে।

পাটনাত অনুষ্ঠিত আলোচনামূলক কৰ্মশালাত অধ্যক্ষতা কৰি কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয়—
“গংগা কেৱল নদী নহয়, ই ভাৰতীয় সভ্যতা, সংস্কৃতি আৰু অৰ্থনীতিৰ হৃদস্পন্দন। ই আমাৰ জলপথ উন্নয়নৰ চালিকাশক্তি হিচাপে ভৱিষ্যতত বিৰাট ভূমিকা পালন কৰিব।”

এই উপলক্ষে উত্তৰ প্ৰদেশ আৰু বিহাৰ চৰকাৰৰ সৈতে ৰাজ্য সমৰ্থন চুক্তি (SSA) স্বাক্ষৰ কৰা হয়, যাৰ অধীনত কমিউনিটি জেটীৰ পৰিচালনা, ক্ৰুজ পৰ্যটনৰ বিকাশ আৰু কুইক পণ্টুন অ’পেনিং মেকানিজম (QPOMs)ত সহযোগিতা আগবঢ়োৱা হ’ব।

🔹 মুখ্য ঘোষণাসমূহ:
২০৩০ চনৰ ভিতৰত অভ্যন্তৰীণ জলপথ খণ্ডত ৩৫,০০০ কোটি টকাৰ বিনিয়োগৰ মাধ্যমে মালবাহী সংযোগৰ বিস্তাৰ।

২০২৭ চনৰ ভিতৰত ৪৭টা ৰাষ্ট্ৰীয় জলপথত ৫১টা নতুন নদী ক্ৰুজ চাৰ্কিট বিকাশ কৰা হ’ব।

গংগা নদীৰ লগতে গণ্ডক নদীকো কার্যকৰী কৰিবলৈ IWAI অধ্যয়ন আৰম্ভ কৰিছে।

পাটনাত জাহাজ মেৰামতিৰ সুবিধা গঠন কৰি জলপথ পৰিকাঠামো অধিক শক্তিশালী কৰা হ’ব।

🔹 বিশেষ কার্যসূচী আৰু উন্নয়ন প্রকল্প:
বিহাৰত ১৬টা নতুন কমিউনিটি জেটী, কালুঘাট টাৰ্মিনেলৰ উন্নয়ন, আৰু Water Metro ৰ পৰিকল্পনা।

বারাণসীত ইতিমধ্যে হাইব্ৰিড ইলেকট্ৰিক আৰু হাইড্ৰ’জেন-ইন্ধন ভিত্তিক জাহাজ পৰিচালনাৰ বাবে নিৰ্দেশনা।

‘জলবাহক’ আঁচনিৰ অধীনত গংগা-ব্ৰহ্মপুত্ৰ-বৰাক আৰু ভাৰত-বাংলাদেশ প্ৰটকল জলপথৰ ব্যৱহাৰত ৩৫% ইনচেণ্টিভ।

MV গংগা বিলাসৰ সফল পৰিচালনাই ভাৰতৰ ক্ৰুজ পৰ্যটনত নতুন সম্ভাৱনা উন্মোচন কৰিছে।

সাহিবগঞ্জত এক সংহত লজিষ্টিক পাৰ্ক গঠনৰ বাবে IWAI, NHLML আৰু RVNLৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ।

🔹 ২০১৪-২০২৫: জলপথ খণ্ডৰ অগ্ৰগতি
মাল পৰিবহণ ১৮ MT → ১৪৫ MT বৃদ্ধি

কার্যকৰী জলপথ ৮ গুণ বৃদ্ধি

বিনিয়োগ ৫ গুণ বৃদ্ধি (৫১০%)

নদী ক্ৰুজ পৰ্যটন ৩৩৩% বৃদ্ধি

🔹 উপস্থিত গণ্য-মান্যসকল
কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং, বিহাৰৰ উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধাৰী, বিজয় কুমাৰ সিনহা, উত্তৰ প্ৰদেশৰ দয়াশংকৰ সিং, পশ্চিম বংগৰ মানস ৰঞ্জন ভুনিয়া, সাংসদ ৰবিশংকৰ প্ৰসাদ, সুদামা প্ৰসাদসহ বহু উচ্চপদস্থ বিষয়া, বিশেষজ্ঞ আৰু সাংবাদিক এই মহত্বপূর্ণ অধিবেশনত উপস্থিত থাকে।

সৰ্বানন্দ সোণোৱালে শেষত কয় —
“প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতৰ জলপথ খণ্ডে নতুন দিশ পালে। সমগ্ৰ দেশত এখন বৃত্তিমূলক, পৰিষ্কাৰ, সবল জলপথ পৰিবহণ ব্যৱস্থাৰ উদয় হৈছে, যি আগন্তুক যুগৰ বাবে অতি প্ৰাসংগিক।”

গোৱালপাৰাত চকুলোৰ বন্যা: পুৱা ৫ বজাতেই উপস্থিত বুলড’জাৰ, উচ্ছেদ ৬৬৭ পৰিয়ালৰ

Golaghat 
গোৱালপাৰাত চকুলোৰ বন্যা: পুৱা ৫ বজাতেই উপস্থিত বুলড’জাৰ, উচ্ছেদ ৬৬৭ পৰিয়ালৰ । Golaghat 

গোৱালপৰা, ১৬ জুন, ২০২৫ঃ Golaghat । হাচিলা বিলত অবৈধ দখলদাৰিত্বৰ বিৰুদ্ধে গোৱালপারা জিলা প্ৰশাসনে আৰম্ভ কৰিছে বৃহৎ উচ্ছেদ অভিযান। সোমবাৰ পুৱা ৫ বজাৰ পৰাই ২০খন এক্সেভেটৰৰ সৈতে আৰম্ভ হোৱা এই অভিযানত ১৫০০ বিঘা চৰকাৰী ভূমিৰ পৰা ৬৬৭ খন অবৈধ গৃহ উচ্ছেদ কৰা হৈছে।

এই অঞ্চলত অবৈধভাৱে বসবাস কৰি আছিল প্ৰায় ৮ হাজাৰৰো অধিক লোক, যি বহু বছৰৰ পৰা চৰকাৰী জমি দখল কৰি ৰাখিছিল। উচ্ছেদ অভিযান আৰম্ভ হোৱাৰ আগতে বহু পৰিয়ালে ঘৰ এৰি গুচি গৈছিল যদিও, বহুতে কান্দি কান্দি নিজৰ ঠাই হেৰুৱাৰ বেদনা প্ৰকাশ কৰে।

চকু পানীত তিয়াঁ হৈছে বহু পৰিয়ালৰ আশা-ভৱিষ্যৎ। কিছুমানে সন্তানেৰ কোলাত লৈ, কিছুমানে ঘৰৰ দেউলিৰে আল্লাৰ নাম লৈ প্ৰাৰ্থনা কৰি আছিল। এই দৃশ্যই সজীৱ কৰি তোলে গাঁও-ঘৰৰ গৰিমা আৰু বেদনাৰ যুগপৎ সংগম।

জিলা প্ৰশাসনৰ মতে, এই ভূমিত অনুমতি অবিহনে গঢ়ি উঠা পাঁচখন বিদ্যালয় আৰু এটা জল জীৱন মিছন (JJM) প্ৰকল্পৰো অস্তিত্ব পোৱা গৈছে। এই সকলো উপদ্ৰব অপসাৰণ কৰি চৰকাৰে ভূমিখন পুনৰুদ্ধাৰ কৰাৰ লক্ষ্য লৈছে।

উল্লেখযোগ্য যে, গোৱালপাৰা আৰক্ষীয়ে এই অভিযানকালত বহু সংখ্যক নিৰাপত্তাৰক্ষী মোতায়ন কৰি আইন-শৃংখলা বজাই ৰাখিবলৈ বঢ়াইছে সতৰ্কতা। এতিয়ালৈকে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই।

জিলা প্ৰশাসনৰ মতে, ই এটা “চৰকাৰী ভূমি ৰক্ষাৰ অভিযান” আৰু ৰাজ্য চৰকাৰৰ “জমি পুনৰুদ্ধাৰ নীতি” অনুসৰি ই আগবঢ়োৱা হৈছে। স্থানীয় প্ৰশাসনে কয় যে, ভবিষ্যতে এই অঞ্চলটো উন্নয়নমূলক কামৰ বাবে ব্যৱহাৰ কৰা হ’ব।

যদিও প্ৰশাসনে ভূমি-ব্যবস্থাপনাৰ স্বচ্ছতা আনি জনসাধাৰণৰ অধিকাৰ ৰক্ষাৰ কথা কৈছে, এতিয়া উচ্ছেদ হোৱা পৰিয়ালসমূহৰ পুনঃবাস আৰু বিকল্প ব্যৱস্থাৰ অভাৱ লৈ সামাজিক মহলত প্ৰশ্ন উঠিছে। এই পৰিস্থিতিৰ মাজতেই, চকুলোৰ বন্যা আৰু শূন্য দেউলিৰ মাজত, হাচিলা

Ambubachi Mela 2025: অম্বুবাচীৰ মহাযোগকলৈ বিশেষ নীতি-নিৰ্দেশনা পৰিচালনা সমিতি আৰু প্ৰশাসনৰ

Ambubachi Mela 2025: অম্বুবাচীৰ মহাযোগকলৈ বিশেষ নীতি-নিৰ্দেশনা পৰিচালনা সমিতি আৰু প্ৰশাসনৰ
Ambubachi Mela 2025: অম্বুবাচীৰ মহাযোগকলৈ বিশেষ নীতি-নিৰ্দেশনা পৰিচালনা সমিতি আৰু প্ৰশাসনৰ

উখল-মাখল নীলাচলৰ বুকু।(Ambubachi Mela 2025)

২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচীৰ মহাযোগ।

২২জুনৰ দিনৰ ২:৫৬ বজাত হ’ব প্রবৃত্তি ২৬ জুনৰ পুৱা হ’ব অম্বুবাচীৰ নিবৃত্তি।

২৬ আৰু ২৭ তাৰিখে সৰ্বসাধাৰণৰ বাবে দৰ্শনৰ থাকিব সুবিধা মন্দিৰ খোলাৰ পাছত প্রথম দুদিন VIP, VVIPৰ বাবে নাথাকিব দৰ্শনৰ সুবিধা।

পুৱা ৫ বজাৰ পৰা সন্ধ্যা ৬ বজালৈহে ভক্ত আহিব পাৰিব নীলাচল পাহাৰলৈ।

৩-৪ ঘণ্টা সময়ৰ ভিতৰতে নীলাচলৰ পৰা উভতিব লাগিব ভক্ত বাদ্যযন্ত্র বজাই অপ্রীতিকৰ পৰিৱেশ সৃষ্টি নকৰিবলৈ আহ্বান প্রশাসনৰ।

Apollo Hospitals, Chennai to Extend Expert Medical Services to Guwahati Every Two Months

Apollo Hospitals, Chennai to Extend Expert Medical Services to Guwahati Every Two Months
Apollo Hospitals, Chennai to Extend Expert Medical Services to Guwahati Every Two Months

Apollo Hospitals, Chennai, one of India’s leading healthcare institutions, is pleased to announce that senior specialist doctors from Chennai will now be visiting Guwahati on a regular basis to offer advanced medical consultations and care. The initiative aims to bring world-class medical expertise closer to patients in the North East, reducing the need for them to travel long distances for specialized treatments.

As part of this program, Dr. Jayachandran PK, Senior Consultant – Oncology and Cellular therapy (Cancer Specialist), and Dr. V. Muralidharan, Senior Consultant – Spine Specialist, will be visiting Guwahati once every two months. This initiative will provide patients with direct access to leading specialists from Apollo Hospitals, Chennai, for critical and advanced medical consultations in the fields of blood cancer and spinal disorders.

Speaking on this initiative, Dr. Jayachandran PK said, “Our goal is to make high-quality, specialized state of the art cancer care more accessible to people in the North East Region. With regular visits to Guwahati, we can ensure that patients receive timely expert guidance and follow-up care without the burden of traveling to Chennai frequently.” Dr. Jayachandran brings in his more that 15 years of expertise in Cancer care in renowned cancer national and international centres to this region.

Dr. V. Muralidharan added, “Spine-related disorders are on rise and patient education remains the key to manage spine problems. Through this outreach, we are committed to providing high quality personalized care and treatment plans locally for patients in Assam and neighbouring states.”

Apollo Hospitals remains committed to bridging healthcare gaps and offering compassionate, world-class care to all regions of India.

Foot Massage: প্ৰতি নিশা শোৱাৰ পূৰ্বে ভৰিৰ মালিচ কৰক, দূৰ হ’ব বহু স্বাস্থ্যৰ সমস্যা !

Foot Massage: প্ৰতি নিশা শোৱাৰ পূৰ্বে ভৰিৰ মালিচ কৰক, দূৰ হ'ব বহু স্বাস্থ্যৰ সমস্যা !
Foot Massage: প্ৰতি নিশা শোৱাৰ পূৰ্বে ভৰিৰ মালিচ কৰক, দূৰ হ'ব বহু স্বাস্থ্যৰ সমস্যা !

ৰাতি শোৱাৰ পূৰ্বে কেতিয়াবা ভৰিৰ মালিচ কৰিছেনে? আগৰ দিনত শোৱাৰ পূৰ্বে ভৰিৰ মালিচ কৰাৰ পৰামৰ্শ দিছিল। ভৰিৰ মালিচ কৰিলে স্বাস্থ্যৰ বহু উপকাৰৰ হয়।(Foot Massage)প্ৰতি নিশা শোৱাৰ পূৰ্বে ভৰিৰ মালিচ কৰিব লাগে আৰু কেইদিনমানৰ ভিতৰতে ইয়াৰ প্ৰভাৱ আপোনাৰ শৰীৰত দেখিবলৈ পাব। আয়ুৰ্বেদৰ মতে ৰাতি শোৱাৰ পূৰ্বে ভৰিৰ মালিচ কৰাৰ অভ্যাস স্বাস্থ্যৰ বাবে অতি উপকাৰী।

দিনটো দৌৰি ফুৰাৰ পিছত পেশীৰ বিষ হোৱাটো অনিবাৰ্য। যদি আপুনি পেশীৰ বিষৰ পৰা মুক্তি পাব বিচাৰে তেন্তে ৰাতি শুই উঠাৰ আগতে ভৰিৰ মালিচ কৰক। ভৰিৰ মালিচ কেৱল পেশীৰ বিষৰ পৰা উপশম কৰাই নহয়, আপোনাৰ পেশীবোৰ শিথিল কৰাতো ফলপ্ৰসূ বুলি প্ৰমাণিত হ’ব পাৰে। বাতবিষৰ বিষত ভুগি থকা লোকসকলকো ৰাতি শুই উঠাৰ আগতে ভৰিৰ মালিচ কৰিবলৈ পৰামৰ্শ দিয়া হয়।

যদি ৰাতি ভালদৰে টোপনি নাহে, তেন্তে ৰাতি শোৱাৰ পূৰ্বে ভৰি দুখন ভালদৰে মালিচ কৰিব লাগে। ভৰিৰ মালিচৰ সহায়ত আপুনি গোটেই দিনটোৰ মানসিক চাপৰ পৰা বহু পৰিমাণে উপশম পাব পাৰে, যাৰ ফলত আপোনাৰ মনটোৱে শিথিল অনুভৱ কৰিব আৰু আপুনি শান্তিৰে শুব পাৰিব।

ভৰিৰ মালিচ কৰিলে তেজৰ সঞ্চালন ভাল হ’ব, যাৰ ফলত আপোনাৰ ভাগৰ নাইকিয়া হৈ যাব। মাইগ্ৰেইন বা মূৰৰ বিষৰ সমস্যা থাকিলেও প্ৰতি নিশা শুই উঠাৰ আগতে ভৰিৰ মালিচ কৰিলে উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে। ভৰিৰ মালিচৰ বাবে সৰিয়হৰ তেল, আলমণ্ড অইল, অলিভ অইল, তিল তেল বা নাৰিকল তেল ব্যৱহাৰ কৰিব পাৰে।

Watermelon Benefits: গৰমে একো ক্ষতি কৰিব নোৱাৰে, যদিহে আপুনি খাই তৰমুজ !

Watermelon Benefits: গৰমে একো ক্ষতি কৰিব নোৱাৰে, যদিহে আপুনি খাই তৰমুজ !
Watermelon Benefits: গৰমে একো ক্ষতি কৰিব নোৱাৰে, যদিহে আপুনি খাই তৰমুজ !

তৰমুজ খোৱাৰ পিছত ৰক্ত সঞ্চালন ভাল হয়, গ্ৰীষ্মকালত তৰমুজ সকলোৱে প্ৰিয়। (Watermelon Benefits)কাৰণ ই পুৰুষৰ বাবে অতি উপকাৰী আৰু উচ্চ বি পি নিয়ন্ত্ৰণত ৰাখে। তৰমুজ খালে আন বহুতো উপকাৰো পোৱা যায়।


বেছিভাগ ৰোগেই শৰীৰৰ ভিতৰত ঘটা প্ৰদাহ আৰু অক্সিডেটিভ ষ্ট্ৰেছৰ ফলত হয়। কিন্তু এই ফলত লাইকোপেন আৰু ভিটামিন চি নামৰ এন্টিঅক্সিডেন্ট থাকে, যিয়ে প্ৰদাহ দূৰ কৰে।

চকুৰ দৃষ্টিশক্তিৰ বাবেও লাইকোপেন উপকাৰী। বয়সৰ লগে লগে চকুৰ স্বাস্থ্যৰ অৱনতি ঘটাত বাধা দিয়ে। ইয়াৰ ফলত চকুৰ কোষবোৰ সুস্থ হৈ থাকে আৰু বৃদ্ধ বয়সতো দৃষ্টিশক্তি দুৰ্বল নহয়।

চিট্ৰুলিনে ব্যায়ামৰ ক্ষমতাও বৃদ্ধি কৰে বুলি জনা যায়। ৱৰ্কআউটৰ পিছত বিষ আৰু জঠৰতা তৰমুজ খালে উপশম পাব পাৰি।

গ্ৰীষ্মকালত শৰীৰৰ ভিতৰত পানীৰ অভাৱ হ’ব পাৰে। যাৰ ফলত হিটষ্ট্ৰ’ক হ’ব পাৰে। তৰমুজত যিহেতু প্ৰচুৰ পৰিমাণে পানী থাকে সেইবাবে খাব লাগে তৰমুজ।


তৰমুজৰ গুটি কম কেলৰিযুক্ত খাদ্য, যিয়ে মেগনেছিয়াম, আইৰণ, ভাল চৰ্বি, জিংক থাকে।

আনহতে এতিয়া কঁঠাল খোৱাৰো বতৰ। কেঁচা, পকা দুয়োবিধ কঁঠালেই শক্তিদায়ক। কঁঠালৰ কুকুৰীকণা ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা আছে। কৌষ্ঠকাঠিন্যত ভোগাসকলে কঁঠাল খাব লাগে। কঁঠালে কর্কট ৰোগ প্রতিৰোধ কৰাত সহায় কৰে। যৌনশক্তি বৃদ্ধিও কঁঠালে সহায় কৰে। কঁঠালে শুক্ৰানুবৃদ্ধিত সহায় কৰে। বিশেষকৈ কঁঠালৰ গুটি খালে শুক্ৰানু বৃদ্ধি হয়। ৰক্তহীনতাত ভোগাসকলৰ বাবে কঁঠাল উপকাৰী। কঁঠালত পুষ্টিকৰ উপাদান যেনে ভিটামিন, খনিজ পদাৰ্থ, পটাছিয়াম, আঁহ, প্ৰটিন আদি থাকে, যিবোৰ স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ। কঁঠালত আঁহ থাকে যিয়ে ব্লাড চুগাৰ নিয়ন্ত্ৰণত সহায় কৰে আৰু ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে।কঁঠালত ভাল পৰিমাণৰ পটাছিয়াম থাকে যিয়ে হৃদযন্ত্ৰৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰে। কঁঠালত কেলৰি আৰু চৰ্বি কম থাকে যদিও ই প্ৰচুৰ পৰিমাণে পুষ্টি প্ৰদান কৰে, যিয়ে ওজন নিয়ন্ত্ৰণত সহায় কৰে।

HSLC Compartmental Result 2025: মেট্ৰিকৰ কম্পার্টমেন্টেল পৰীক্ষাৰ ফলাফল ঘোষণা

HSLC Compartmental Result 2025: মেট্ৰিকৰ কম্পার্টমেন্টেল পৰীক্ষাৰ ফলাফল ঘোষণা
HSLC Compartmental Result 2025: মেট্ৰিকৰ কম্পার্টমেন্টেল পৰীক্ষাৰ ফলাফল ঘোষণা

মেট্ৰিকৰ কম্পার্টমেন্টেল পৰীক্ষাৰ ফলাফল ঘোষণা।(HSLC Compartmental Result 2025)

পৰীক্ষাত উত্তীর্ণ হয় ১৩,৫৮৫গৰাকী পৰীক্ষাৰ্থী।

পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৫৪,১৩৪পৰীক্ষাৰ্থী।

কম্পার্টমেন্টেল পৰীক্ষাত উত্তীৰ্ণ হাৰ ২৫.০৯ শতাংশ।

প্রথম বিভাগত ৪২২ গৰাকী, ২য় বিভাগত ৮৯৭৫ গৰাকী উত্তীর্ণ আৰি তৃতীয় বিভাগত উত্তীৰ্ণ ৪১৮৮ গৰাকী।

আনহাতে ষ্টাৰ মাৰ্ক লাভ কৰিছে ৩ গৰাকী শিক্ষার্থীয়ে।

Sunjay Kapur: কৰিশ্মাৰ প্ৰাক্তন স্বামীৰ ৪ বিলিয়ন ডলাৰ সাম্ৰাজ্যৰ কোন হ’ব উত্তৰাধিকাৰী ?

Sunjay Kapur: কৰিশ্মাৰ প্ৰাক্তন স্বামীৰ ৪ বিলিয়ন ডলাৰ সাম্ৰাজ্যৰ কোন হ'ব উত্তৰাধিকাৰী ?
Sunjay Kapur: কৰিশ্মাৰ প্ৰাক্তন স্বামীৰ ৪ বিলিয়ন ডলাৰ সাম্ৰাজ্যৰ কোন হ'ব উত্তৰাধিকাৰী ?

সঞ্জয় কাপুৰ বিশ্বৰ অন্যতম বৃহৎ অটো কম্পোনেণ্ট নিৰ্মাতা কোম্পানী, যাৰ মাৰ্কেট কেপ আছিল প্ৰায় ৪ বিলিয়ন ডলাৰ।(Sunjay Kapur)

অভিনেত্ৰী কৰিশ্মা কাপুৰৰ প্ৰাক্তন স্বামী আছিল বিশ্বৰ অন্যতম বৃহৎ অটো কম্পোনেণ্ট নিৰ্মাতা কোম্পানীৰ মুৰব্বী। কৰিশ্মাৰ প্ৰাক্তন স্বামী সঞ্জয় কাপুৰৰ মৃত্যুৰ পিছত চৰ্চালৈ আহিছে তেওঁ সম্পত্তিক লৈ। কোন হ’ব তেওঁৰ ৪ বিলিয়ন ডলাৰৰ সাম্ৰাজ্যৰ কোন হ’ব উত্তৰাধিকাৰী?(Sunjay Kapur)

সঞ্জয় কাপুৰ আৰু কৰিশ্মা কাপুৰৰ দুটা সন্তান আছে। আনহাতে সঞ্জয় দ্বিতীয় পত্নীৰো আছে এটা সন্তান। তেনে স্থলত ৪ বিলিয়ন ডলাৰ সম্পত্তিৰ উত্তৰাধিকাৰী কোন হ’ব তাকে লৈ জল্পনা-কল্পনা অব্যাহত।

সঞ্জয়ৰ ₹10300 কোটি ধনৰ কিমানখিনি পাব কৰিশ্মা কাপুৰৰ ল’ৰা-ছোৱালীয়ে তাক লৈ চৰ্চা বৰ্তমান। কৰিশ্মা কাপুৰৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পিছত ল’ৰা-ছোৱালীৰ বাবে ১৪ কোটি টকাৰ বণ্ড ক্ৰয় কৰিছিল সুঞ্জয় কাপুৰে।

সুঞ্জয়ৰ তিনিটা সন্তান। কৰিশ্মাৰ সৈতে তেওঁৰ দুটা ল’ৰা-ছোৱালী – সমইৰা আৰু কিয়ান। তেওঁৰ দ্বিতীয় পত্নীৰ এটি পুত্ৰ সন্তান যাৰ বয়স মাত্ৰ ৬ বছৰ।

ফৰ্বছে উল্লেখ কৰিছে যে সুঞজয় কাপুৰৰ মৃত্যুৰ সময়ত তেওঁৰ সম্পত্তিৰ পৰিমাণ আছিল ১.২ বিলিয়ন ডলাৰ ( ₹১০৩০০ কোটি)। আলোচনীখনে উল্লেখ কৰিছে যে ২০২২ আৰু ২০২৪ দুয়োটা বৰ্ষতে সুঞ্জয়ৰ শীৰ্ষ সম্পদৰ মূল্য আছিল ১.৬ বিলিয়ন ডলাৰ ( ১৩০০০ কোটি ₹।আইন অনুসৰি তেওঁৰ সম্পত্তিৰ পৰিচালনা তেওঁৰ পত্নী প্ৰিয়া সচদেৱৰ হাতলৈ যায়। অৱশ্যে কৰিশ্মা কাপুৰৰ লগত থকা তেওঁৰ সন্তান দুটা সমইৰা আৰু কিয়ানকো ভালদৰে চোৱা-চিতা কৰা হয়। লিগেচি প্লেনিঙৰ অংশ হিচাপে সুঞ্জয়ে দুয়োকে ১৪ কোটি টকাৰ বণ্ড উপহাৰ দিছিল, লগতে তেওঁলোকৰ বাবে মাহিলী ১০ লাখ টকাকৈ আয় নিশ্চিত কৰিছিল বুলি বাতৰি প্ৰকাশ পাইছে।

২০০৩ চনত কৰিশ্মা কাপুৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল সুনজয় কাপুৰ। ২০১৭ চনত অভিনেত্ৰী প্ৰিয়া সচদেৱৰ সৈতে বিবাহপাশত আবদ্ধ হয়। বৃহস্পতিবাৰে লণ্ডনত প’ল’ খেলি থকা অৱস্থাত হাৰ্ট এটেকত আক্ৰান্ত হৈ ৫৩ বছৰীয়া সঞ্জয় কাপুৰৰ মৃত্যু হয়।