Home Blog Page 145

Siddharth Sharma: CID লক-আপত Perfume লাগে সিদ্ধাৰ্থ শৰ্মাক…

CID লক-আপত Perfume লাগে সিদ্ধাৰ্থ শৰ্মাক
CID লক-আপত Perfume লাগে সিদ্ধাৰ্থ শৰ্মাক

মংগলবাৰে দিনৰ ১২ বজাত উলুবাৰী CID Lock Upত সিদ্ধাৰ্থ শৰ্মাই বিচাৰিলে পাৰ্ফিউম।(Siddharth Sharma)

CID লক-আপত Perfume লাগে সিদ্ধাৰ্থ শৰ্মাক।

লক-আপৰ দুৰ্গন্ধত অস্বস্তিত পৰিছে সিদ্ধাৰ্থ।

সাক্ষাৎ কৰিবলৈ অহা লোকক ডিউ বিচাৰিলে সিদ্ধাৰ্থই।

পিছে CID কাৰ্যালয়ৰ গেটৰ পৰা LOCK UP লৈ নিব নিদিলে নেভিয়াৰ ডিউডেন্ট।

Zubeen Garg: পলিটিক্স নকৰিবা বন্ধুঃ ৰাজনীতিৰ ঊধ্বত থকা জুবিনক ৰাজনীতিৰে সনা-পোতোকা নকৰিব

পলিটিক্স নকৰিবা বন্ধুঃ ৰাজনীতিৰ ঊধ্বত থকা জুবিনক ৰাজনীতিৰে সনা-পোতোকা নকৰিব
পলিটিক্স নকৰিবা বন্ধুঃ ৰাজনীতিৰ ঊধ্বত থকা জুবিনক ৰাজনীতিৰে সনা-পোতোকা নকৰিব

অসমৰ সংগীতৰ ভগৱান (Zubeen Garg) জুবিন গাৰ্গৰ আকস্মিক আৰু অকল্পনীয় মৃত্যুৰ আজি প্ৰায় কুৰি দিনেই হ’ল। অসমৰ প্ৰতিগৰাকী জাতি-ধৰ্ম-বৰ্ণ, পাহাৰ-ভৈয়ামৰ লোকে জুবিনক অকালতে হেৰুৱাই আজিও কান্দি আছে। আজিও স্বাভাৱিক হৈ উঠা নাই মানুহৰ দৈনন্দিন জীৱনযাত্ৰা। অসমৰ আকাশ-বতাহ। হঠাতে ঘটি যোৱা ঘটনাটো আজিও মানুহে সপোন বুলিয়েই ভাবি আছে। যেন বিশ্বাসেই কৰিব পৰা নাই। আটাইতকৈ আচৰিত কথা এইগৰাকী সুৰৰ সম্ৰাট, হাৰ্টথ্ৰব জুবিন গাৰ্গৰ প্ৰতি কোনোবাখিনিত খং আৰু ক্ষোভ থকাসকলেও আজি জুবিনৰ অবৰ্তমানত হিয়া ঢাকুৰি কান্দিছে। বনৰ জীৱকুলেও কান্দিছে। কাকতালীয়ভাৱে হ’লেও জুবিনৰ আপোন বগলীজনীয়েও জুবিন নোহোৱাৰ বেদনা সহিব নোৱাৰি জুবিনৰ ফটোৰ সন্মুখতেই প্ৰাণ ত্যাগ কৰিছে। বহুজন জুবিন অনুৰাগীয়ে ইতিমধ্যে সংগীতৰ সাধকগৰাকীৰ মৃত্যু শোক সহিব নোৱাৰি আত্মজাহ দিছে। এইগৰাকীয়েই অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ। যিগৰাকীৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে এটা মুহূৰ্ততে লাখ লাখ শোকদগ্ধ অনুৰাগী সমবেত হৈ সমস্বৰে কেৱল কান্দিছে আৰু কান্দিছে। গাইছে মায়াবিনী ৰাতিৰ বুকুত…।

জুবিনে কৈছিল- মোৰ কোনো জাতি নাই/ মোৰ কোনো ধৰ্ম নাই/ মই মুক্ত…। আজি যেন তাৰেই বহিঃপ্ৰকাশ ঘটিছে। জুবিনৰ শোক সমদলত সেয়ে কেৱল মানুহৰহে শোক সমদল, চকুপানী। এই সমদলত নাছিল কোনো হিন্দু, মুছলমান, জৈন, খ্ৰীষ্টিয়ান, বৌদ্ধ। কেৱল আছিল মানুহ আৰু মানুহ। সমাধিত গৈ আজিও কান্দিছে কেৱল মানুহে। কোনো ধৰ্ম-সম্প্ৰদায়ে নহয়। সমগ্ৰ বিশ্বৰ চকু থৰ হৈ গৈছে অসমৰ জনতাৰ জুবিন গাৰ্গৰ প্ৰতি থকা মৰম আৰু ভালপোৱা দেখি। গানেৰে পৃথিৱী জয় কৰা জুবিনে আজি জয় কৰিলে অসম তথা ভাৰতৰ প্ৰতিগৰাকী আবাল-বৃদ্ধ-বনিতাৰ হৃদয়। আনকি বিশ্বৰো প্ৰতিগৰাকী লোকৰ অন্তৰত আঘাত কৰি গ’ল জুবিনৰ মৃত্যু শোকে। চিতাৰ ধোঁৱা শেষ নহওঁতেই তেওঁলৈ Google-এ বিৰল সন্মানেৰে সন্মানিত কৰিলে Humming King of the World প্ৰদানেৰে। জয় জুবিন গাৰ্গ। এইজনেই জুবিন, যিয়ে জয় কৰিলে বিশ্বক একতা, শান্তি-সুখ আৰু মানৱতাৰ হাত আগবঢ়ায়। ‘ঘেণ্টা কাকো খাতিৰ নকৰো’ বুলি ক’ব পৰা একমাত্ৰ সাহসী সংগীত শিল্পী হয়তো তুমিয়েই। মন্ত্ৰী-এমএলএ চব পাপৰহে মাত্ৰ/ দেখিবলৈ খাদ্য/ আচলতে শব্দ/ …. পৰিৱৰ্তন শব্দ শুনিবলৈ ভাল/ ঘেণ্টাডাল… বুলি কেৱল এইগৰাকী জুবিনেহে চিঞৰি চিঞৰি ক’ব পাৰিছিল। এইষাৰ উক্তিৰ প্ৰত্যুত্তৰ দিয়াৰ সাহস কৰিব নোৱাৰিলে কোনো এগৰাকী মন্ত্ৰী-এমএলএয়ে। নোৱাৰে। কাৰণ এয়া এগৰাকী সৎ সাহসী আৰু পৱিত্ৰ মনৰ মানুহৰ কথা। যাৰ পিছত লক্ষ লক্ষ জনতা থিয় হৈ আছিল প্ৰতিটো মুহূৰ্ততে। জুবিন অহা বুলি শুনিলেই জুবিন গাৰ্গৰ গীতৰ সভাত লক্ষজনৰ সমাৱেশ ঘটিছিল। য’ত ৰাজনীতিকসকলৰ সভাত পইচা-গাড়ী-আঁচনি দিয়াৰ পিছতো তাৰ আধা মানুহ গোট খোৱাৰো আশা কৰিব নোৱাৰি। এইগৰাকী জুবিন গাৰ্গক হেৰুৱাই আজি জনতা দিশহাৰা। প্ৰতিগৰাকীৰ মুখত এতিয়া ‘মায়াবিনী ৰাতিৰ বুকুত…’। সমাধিস্থলী গুচি এতিয়া হৈ পৰিছে এখন সৰ্বধৰ্মৰ সমন্বয় ভূমি তীৰ্থস্থান। সকলো ধৰ্মৰ মানুহেই সমাধিস্থলীত গৈ সোঁৱৰণ কৰিছে জুবিনক, কান্দিছে একেলগে। এনে দৃশ্য হয়তো বিশ্বতে বিৰল।

এনে উদাহৰণ না আগতে আছিল আৰু না ভৱিষ্যতে হ’ব। এইগৰাকীয়েই হ’ল আমাৰ জুবিনদা, আমাৰ জুবিন গাৰ্গ। মানুহে তেওঁক কেৱল গানৰ বাবেই ভালপোৱা নাছিল, ভাল পাইছিল তেওঁৰ মানৱদৰদী চৰিত্ৰৰ বাবেও।
কিন্তু এইগৰাকী আমাৰ হিয়াৰ আমঠু, যাক আমি অসমীয়াৰ আত্মা বুলি কওঁ তেওঁৰো যে কোনোবা বৈৰী থাকিব পাৰে সেয়া কল্পনাৰো অগোচৰ আছিল। কিন্তু অসমীয়াই নভবা বহু কথাই ঘটি গ’ল জুবিন গাৰ্গৰ ক্ষেত্ৰত। এইগৰাকী সংগীতৰ ভগৱানৰো মৃত্যু হ’ল অনাকাংক্ষিতভাৱে। শ্যামকানু মহন্ত নামৰ এগৰাকী সংস্কৃতিৰ নামত ব্যৱসায় কৰা ব্যক্তিৰ নেতৃত্বত সুদূৰ ছিংগাপুৰত অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভেলত সংগীত পৰিৱেশনৰ বাবে গৈছিল জুবিন গাৰ্গ। গৈছিল মানে তেওঁক লৈ যোৱা হৈছিল। নহ’লে যে তাত অসমৰ নামত ফেষ্টিভেল পতাসকলৰ একো লাভ নহ’ব। সেয়ে এইসকল সংস্কৃতিৰ বেপাৰীয়ে জুবিন গাৰ্গৰ কান্ধত বন্দুক থৈ ধনৰ বেপাৰ কৰিছিল। জুবিন গাৰ্গ আছিল বৰ্তমান সময়ত এগৰাকী ‘ছিজাৰ’ আক্ৰান্ত ৰোগী। সেয়ে তেওঁৰ অতীব প্ৰয়োজন আছিল জিৰণি লোৱাৰ। কিন্তু সংস্কৃতিৰ নামত বেপাৰ কৰাসকলে সেইবোৰলৈ কোনো গুৰুত্বই নিদিলে। তেওঁৰ প্ৰতি সামান্যতমো যত্ন নল’লে। ফলত আমি হেৰুৱালো সংগীতৰ ভগৱানক, অসমৰ হাৰ্টথ্ৰবক। সেয়ে আজি প্ৰতিগৰাকী অসমৰ আবাল-বৃদ্ধ-বনিতাই চিঞৰি চিঞৰি কান্দিছে। সংস্কৃতিৰ বেপাৰী শ্যামকানু মহন্ত, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাহঁতৰ যাৱজ্জ্বীৱন কাৰাদণ্ড অথবা ফাঁচীৰ দাবীত অসমৰ মাটি-পানী-বায়ু কঁপাই তুলিছে। কিন্তু জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নোহোৱা হোৱাৰ আজি প্ৰায় ২০ দিন অতিবাহিত হ’ল। অৱশ্যে ইয়াৰ মাজতে আশাৰ খবৰ যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী। ইয়াৰ পৰৱৰ্তী সময়ত জুবিনৰ বাদ্যযন্ত্ৰী শেখৰ গোস্বামী আৰু সহযোগী কণ্ঠশিল্পী অমৃতপ্ৰভা মহন্তকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ জিম্মাত ৰখা হৈছে। আৰক্ষীৰ মাৰাথন জেৰাত তেওঁলোকে বিভিন্ন ধৰণৰ বিস্ফোৰক মন্তব্য কৰিছে। শেহতীয়াকৈ শেখৰ গোস্বামীয়ে চিআইডিৰ আগত জুবিন গাৰ্গক বিহ খুৱাই হত্যা কৰা আৰু এই জঘন্য কাণ্ড সংঘটিত কৰাৰ ব্লুপ্ৰিণ্ট ৰচনা কৰাৰো অভিযোগ আনিছে শ্যামকানু আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে। যদি এই কথাটোৱেই সঁচা বুলি প্ৰমাণ হ’ব লগা হয় তেনেহ’লে কিমান সাংঘাটিক ঘটনা হ’ব পাৰে সেই কথা। যিজন জুবিনক আমি ভগৱানৰ অৱতাৰ বুলি বিশ্বাস কৰি আহিছো, সেইজন জুবিনক আকৌ হত্যা কৰিম বুলি একাংশই কৌশল ৰচনা কৰি একেবাৰে শেষেই কৰি পেলালে। আৰু ইয়াৰ পিছৰ পৰিস্থিতি আমি আজি পৰ্যন্ত দেখি আহিছো। অসমত জুবিনৰ মৃত্যুৰ খবৰ পোৱাৰ মুহূৰ্ততে দুখ আৰু ক্ষোভৰ উদ্গিৰণ হৈছে। চাৰিওফালে ধ্বনিত হৈছে কেৱল ‘জয় জুবিন’ ধ্বনি। ন্যায় বিচাৰি ৰাজপথ আজিও কঁপাই আছে। ইয়াৰ লগে লগে জুবিনৰ পইচা খাই খাই নোদোকা হোৱা সিদ্ধাৰ্থ আৰু জুবিনক ধাল হিচাপে লৈ সংস্কৃতিৰ বেপাৰ কৰা শ্যামকানুহঁতৰ বিৰুদ্ধেও গৰজি উঠিল জনতা। ক্ষোভৰ যেন বহিঃপ্ৰকাশ ঘটিল। তেওঁ সদায় এখন ধৰ্মনিৰপেক্ষ সঁচা মানৱতাৰ সমাজ বিচাৰিছিল। সেয়ে গৌৰৱেৰে ক’ব পাৰিছিল- মোৰ কোনো ধৰ্ম নাই/ মোৰ কোনো ভগৱান নাই বুলি। কিন্তু দুখৰ বিষয়, আমি এতিয়া দেখিবলৈ পাইছো- লাহে লাহে একাংশই আকৌ ধৰ্মক লৈ, জুবিনক লৈ ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে খুব সন্তৰ্পণে। বিশেষকৈ ৰাজনীতি কৰাসকলে আগন্তুক অসম বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জুবিনক লৈ কোনে কি কৰিলে তাকে লৈ ৰাজনীতি আৰম্ভ কৰিবলৈ লৈছে। জুবিন যিহেতু কোনো ধৰ্মৰ মানুহ নহয় তেওঁ কেৱল সকলোৰে ভগৱান গতিকে তেওঁক ভগৱান হৈয়ে থাকিবলৈ দিয়ক। জুবিনে বিচৰা সমাজ এখন গঢ়াত মনোনিৱেশ কৰক কি ৰাজনীতিক কি সাধাৰণ জনতাই।

তেতিয়াহে জুবিনক সঁচা অৰ্থত ভালপোৱাতো বুজাব। আমি জুবিনৰ আদৰ্শ জীয়াই ৰাখিব লাগিব, জুবিনে বিচৰা সমাজ এখন গঢ়িব লাগিব। য’ত নাথাকিব হিন্দু-মুছলমান-খ্ৰীষ্টিয়ান, বুদ্ধিষ্ট, জৈন। থাকিব কেৱল মানুহ। যেনেকৈ আজি সকলোৱে গাইছে- মায়াবিনী…, ঠিক তেনেকৈ সকলোৱে সংকল্প লওক জুবিনে বিচৰা সমাজখন গঢ়িবলৈ। সেয়ে কৈছো- জুবিনক কোনেও যেন ৰাজনীতিৰ আউটিলৈ টানি নানে। সেয়া কংগ্ৰেছ, বিজেপি বা আন কোনো ৰাজনৈতিক দলেই নহওক কিয় । ৰাজনীতি কৰক তেওঁলোকে আন বিষয় লৈ। অসমৰ সৰ্বাংগীণ উন্নয়নক লৈ ৰাজনীতি কৰক। কিন্তু জুবিন গাৰ্গক লৈ ৰাজনীতি কৰা বন্ধ কৰক। জুবিনে সকলোতে গান গাইছিল। কোনো গান নোগোৱা তেওঁৰ ‘বিশেষ’ ঠাই নাছিল। আৰু এটা কথা হঠাতে জুবিনপ্ৰেমী হোৱাত কি আপত্তি কৰিবলগীয়া আছে। জুবিন গাৰ্গক বা প্ৰাণৰ জুবিনদাক ভালপাবলৈ, তেওঁৰ প্ৰেমত পৰিবলৈ কোনো নিৰ্দিষ্ট সময়ৰ প্ৰয়োজন নাথাকে। জুবিন সকলোৰে হৃদয়ত আছে, আছিল আৰু থাকিব। এইবোৰ বিষয় টানি নানিলেই জুবিনে বিচৰা সমাজখন আমি পাম। এতিয়া সকলোৱে বিচাৰে জুবিনে ন্যায় পাওক। জুবিনে ন্যায় পালেই অসমৰ শোকাৰ্ত জনতাই ন্যায় পাব।

জুবিনৰ মৃত্যুৰ আঁৰত প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে যিসকল জড়িত তেওঁলোকক বিচাৰি উলিয়াই জনতাই বিচৰা ধৰণে বিচাৰ কৰি শাস্তি বিহা হওক। তেতিয়াও আমি জুবিনক আৰু কায়িকভাৱে নাপাওঁ। তথাপি জনসাধাৰণে ন্যায় পাব, তেওঁৰ পত্নী-পিতৃয়ে ন্যায় পাব। আমি এতিয়া তাকেই বিচাৰো। সমগ্ৰ বিশ্বই বিচাৰে। সকলোৱে তীক্ষ্ণ দৃষ্টিৰে চাই আছে জুবিন গাৰ্গৰ মৃত্যু ৰহস্যৰ ফলাফল কি হ’ব। সেয়ে জুবিনৰ ভাষাৰেই কওঁ– ‘পলিটিক্স নকৰিবা বন্ধু… । আমি সকলোৱে মনত ৰখা ভাল- জুবিন গাৰ্গ ৰাজনীতিৰ ঊৰ্ধবত। ধৰ্ম-সম্প্ৰদায়ৰ ঊৰ্ধবত। এইগৰাকী সংগীতৰ ভগৱানক বিদায় দিব পৰা নাযায়, আমি তেওঁৰ প্ৰত্যাগমনলৈ আগ্ৰহেৰে বাট চাই ৰ’ম। কাৰণ তেৱেঁই কৈ গৈছে মই পুনৰ জুবিন গাৰ্গ হৈ জন্ম ল’ব বিচাৰো বুলি।

লেখকঃ ভূপেন মহন্ত

Justice For Zubeen Garg: সামাজিক মাধ্যমত জুবিনৰ বাবে ন্যায় বিচাৰি জুবিন গাৰ্গৰ পত্নী আৰু ভগ্নীৰ বিশেষ পোষ্ট…

সামাজিক মাধ্যমত জুবিনৰ বাবে ন্যায় বিচাৰি জুবিন গাৰ্গৰ পত্নী আৰু ভগ্নীৰ বিশেষ পোষ্ট
সামাজিক মাধ্যমত জুবিনৰ বাবে ন্যায় বিচাৰি জুবিন গাৰ্গৰ পত্নী আৰু ভগ্নীৰ বিশেষ পোষ্ট

সোমবাৰে মাজনিশা সামাজিক মাধ্যমত জুবিন গাৰ্গৰ পত্নীৰ বিশেষ পোষ্ট।( Justice For Zubeen Garg)

বিনৰ বাবে ন্যায় বিচাৰিলে পত্নী গৰিমাই।

কেৱল পত্নীয়ে নহয়, জুবিনৰ ভগ্নীয়েও সামাজিক মাধ্যমত জুবিনৰ ন্যায় বিচাৰি ৰাইজৰ মনোবলেই পৰিয়ালটোৰ সহায়ক বুলি মন্তব্য কৰে।

জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে লিখিছে-

The last one for this life…

But we will be together again,,very soon Goldie !

কিন্তু এতিয়া, অতি শীঘ্ৰেই মই/ আমি সকলোৱে জানিব লাগিব তুমি কায়িক ভাবে নোহোৱা হৈ যোৱাৰ কাৰণ ।

কিয় ? এতিয়া এটা ডাঙৰ প্ৰশ্ন !

এই প্ৰশ্নই দিন ৰাতি জ্বলাই ৰাখিছে মোৰ শূণ্য বুকু । মোক উত্তৰ লাগে ..

আনহাতে জুবিনৰ ভগ্নীয়ে লিখিছে-

আকৌ তই ‘ মমন ‘ বুলি মাতিবি…. যেতিয়া লগ পাম সীমনাৰ সিপাৰে….

এতিয়া লক্ষ্য মাত্ৰ এটাই, তোক ন্যায় দিয়াব লাগিব!

ৰাইজ! আপোনালোকৰ মনোবল আমাৰ সহায়ক হওঁক!

Zubeen Garg’s PSO: জুবিন গাৰ্গৰ PSOৰ একাউন্টত কোটি টকাৰ লেনদেন…

জুবিন গাৰ্গৰ PSOৰ একাউন্টত কোটি টকাৰ লেনদেন
জুবিন গাৰ্গৰ PSOৰ একাউন্টত কোটি টকাৰ লেনদেন

SITএ পাইছে চাঞ্চল্যকৰ তথ্য।(Zubeen Garg’s PSO)


দেহৰক্ষীৰ একাউণ্টত প্রায় ১ কোটি টকাৰ লেনদেন।

জুবিন গাৰ্গৰ ২ PSOৰ একাউন্টত প্রায় ১ কোটি টকাৰ লেনদেন।

এজনৰ একাউণ্টৰ পৰা লেনদেন হৈছিল ৭০ লাখ।


আন এজনৰ একাউণ্টৰ পৰা লেনদেন হৈছিল ৪০ লাখ।

জুবিনৰ দেহৰক্ষীৰ একাউণ্টত ১ কোটি টকাৰ লেন-দেন কেনেকৈ হ’ল, সেয়া এক প্ৰশ্নৰ বিষয়?

Zubeen Garg ya ali: পাকিস্তানতো জুবিন গাৰ্গক সুঁৱৰিছে সংগীতপ্ৰেমীসকলে…

পাকিস্তানতো জুবিন গাৰ্গক সুঁৱৰিছে সংগীতপ্ৰেমীসকলে
পাকিস্তানতো জুবিন গাৰ্গক সুঁৱৰিছে সংগীতপ্ৰেমীসকলে

পাকিস্তানতো জুবিন গাৰ্গক সুঁৱৰিছে সংগীতপ্ৰেমীসকলে।(Zubeen Garg ya ali)

কাৰাচীত জুবিনৰ গীত পৰিৱেশন পাকিস্তানী ৰক বেণ্ড খুদগৰ্জৰ।

বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে শত্ৰু দেশ পাকিস্তানেও এতিয়াও জুবিন গাৰ্গক জনালে শ্ৰদ্ধাঞ্জলি।

পাকিস্তানৰ মিউজিক বেণ্ডে পৰিৱেশন জুবিনৰ ‘য়া আলী’ গীতৰ সেই ভিডিঅ’ ভাইৰেল সামাজিক মাধ্যমত।

Zubeen Garg Death Case: মুখ্যমন্ত্ৰীয়ে ক’লে–দেশত থাকিলে ধৰি আনিলো হয়

Zubeen Garg Death Case: মুখ্যমন্ত্ৰীয়ে ক’লে–দেশত থাকিলে ধৰি আনিলো হয়
Zubeen Garg Death Case: মুখ্যমন্ত্ৰীয়ে ক’লে–দেশত থাকিলে ধৰি আনিলো হয়

জুবিন গাৰ্গৰ মৃত্যু ৰহস্যত সাঙোৰ খাই পৰা (Zubeen Garg Death Case) ছিংগাপুৰৰ অসম এছ’চিয়েচনৰ নেতা-সদস্যই অসমলৈ আহিবনে৷ এয়া এতিয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈ উঠিছে৷ আনকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো বিষয়টোক লৈ চিন্তা কৰিছে৷ ‘জুবিনৰ লগত য়ট পাৰ্টীত থকা ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াসকল তদন্তলৈ নাহিলে তদন্ত সম্পূৰ্ণ কৰিব নোৱাৰিম৷’ – এই মন্তব্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ তেওঁ সংবাদ মাধ্যমৰ আগত কয়– ‘আটাইতকৈ বেছি চিন্তা ছিংগাপুৰত থকা লোকসকল তদন্তৰ বাবে আহিব নে নাই, তেওঁলোক নাহিলে তদন্ত সম্পূৰ্ণ কৰিব নোৱাৰিম৷ জুবিনে য়ট যাত্ৰা কৰোঁতে তেওঁলোক মূল মানুহ আছিল৷ গতিকে অসমবাসী ৰাইজ হেঁচা দিব লাগে৷

ছিংগাপুৰৰ অসমীয়া সমাজখনক যাতে তেওঁলোক পঠিয়াই দিয়ে৷ যাক আনিব পাৰো, আনিলো, কিছুমানে আমালৈ লিখিছে অসুবিধা আছে আহিব নোৱাৰো৷ কিন্তু অসমীয়া হিচাপে তেওঁলোকৰ দায়িত্ব আছে৷’ তেওঁ কয়, ‘ভাৰতৰ ভিতৰত থাকিলে ধৰি আনিলো হয়৷ ছিংগাপুৰত অসমীয়া ৰাইজে তেওঁলোকৰ ওপৰত হেঁচা দিব লাগে৷ তেওঁলোক নহালৈ এই ঘটনাটো কোনেও জোৰা লগাব নোৱাৰে৷ গতিকে মোৰ মনত চিন্তা শ্যামকানু মহন্ত, সিদ্ধাৰ্থ, শেখৰ, অমৃতপ্ৰভা আমাৰ হাতত আছে৷ সঁচা কথাটো উলিয়াব পাৰিম৷

কিন্তু আটাইতকৈ বেছি চিন্তা হৈছে ছিংগাপুৰত থকা এই মানুহবিলাক ৬ তাৰিখে আহিব নে নাই৷ হেঁচা দিব লাগে যাতে তেওঁলোকে যেনে তেনে অসমলৈ আহে৷ তেওঁলোকক আমি মানসিক হেঁচা প্ৰয়োগ কৰিব লাগিব৷ মাক-দেউতাকক হেঁচা প্ৰয়োগ কৰিব লাগিব যাতে তেওঁলোকে ল’ৰা-ছোৱালীক লৈ আহে৷ কাৰণ অসম আৰক্ষী ছিংগাপুৰলৈ যাব নোৱাৰে বুলি কয়৷’

Utapl Sharma: অভিযুক্ত শ্যামকানু মহন্তৰ সৈতে আছুৰ সভাপতি উৎপল শৰ্মাৰ ফটোক লৈ প্ৰতিক্ৰিয়া

অভিযুক্ত শ্যামকানু মহন্তৰ সৈতে আছুৰ সভাপতি উৎপল শৰ্মাৰ ফটোক লৈ প্ৰতিক্ৰিয়া
অভিযুক্ত শ্যামকানু মহন্তৰ সৈতে আছুৰ সভাপতি উৎপল শৰ্মাৰ ফটোক লৈ প্ৰতিক্ৰিয়া

অভিযুক্ত শ্যামকানু মহন্তৰ (Utapl Sharma) সৈতে আছুৰ সভাপতি উৎপল শৰ্মাৰ ফটোক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সম্পৰ্কীয় গোচৰত গ্ৰেপ্তাৰ হোৱা শ্যামকানু মহন্ত বৰ্তমান আৰক্ষীৰ জিম্মাত আছে৷ এইজন শ্যামকানু মহন্তৰে সম্পৰ্ক থকা বিশেষ লোকসকল বৰ্তমান একপ্ৰকাৰ সমালোচনাৰ সন্মুখীন হৈছে৷ বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠানত শ্যামকানু মহন্তৰ সৈতে ফটো উঠা তথা ভিডিঅ’ লোৱা সেই বিশেষ ব্যক্তিসকল এতিয়া সামাজিক মাধ্যমত সমালোচিত হৈছে৷ উল্লেখ্য শ্যামকানু মহন্তৰ ‘ৰঙালী’ নামৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল উৎপল শৰ্মাই৷ সেই অনুষ্ঠানত শ্যামকানু মহন্তৰে সৈতে থকা উৎপল শৰ্মাৰ ফটো আৰু ভিডিঅ’ সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈছে৷ বিভিন্নজনে বিভিন্ন ধৰণে আছুৰ সভাপতিগৰাকীক সমালোচনা কৰিছে৷ সামজিক মাধ্যমত সৰৱ চৰ্চা হোৱাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উৎপল শৰ্মাই৷

এক্সত আছুৰ সভাপতি উৎপল শৰ্মাই কয়– ‘জীৱনৰ শেহতীয়া বিড়ম্বনা এইটোৱেই যে- শ্যামকানু মহন্তৰ সৈতে উঠা ফটো আছে, কিন্তু জুবিন গাৰ্গৰ সৈতে উঠা ফটো মোৰ সৈতে নাই৷ অৱশ্যে এইটোও ঠিক যে শাসক-বিৰোধী দলৰ এনে কোনো জ্যেষ্ঠ নেতা নাই, অসমৰ সমাজ জীৱনৰ এনেকুৱা কোনো পৰিচিত মুখ নাই যাৰ সৈতে শ্যামকানু মহন্তই ফটো উঠি থোৱা নাই৷ কালিৰে পৰা দেখিছো শ্যামকানু মহন্তৰ সৈতে মোৰ দুখন ফটো আৰু এটা ভিডিঅ’ হঠাতে বহুজনে বৰ আগ্ৰহেৰে আপলোড কৰিছে৷’ তেওঁ আৰু কয়– ‘এখন ফটো আৰু একমাত্ৰ ভিডিঅ’টো খানাপাৰাত ‘ৰঙালী’ অনুষ্ঠানত আন বহুকেইটা জাতীয় সংগঠনৰ নেতৃত্বৰ সৈতে মই উপস্থিত থকা কাৰ্যসূচী আৰু আনখন ড॰ সমুজ্জ্বল ভট্টাচাৰ্যৰ মাতৃ বিয়োগৰ খবৰ ল’বলৈ আহি তেওঁ আমাৰ সৈতে উঠা ফটো৷ কেতবোৰ বিশেষ ফেচবুক পেজৰ পৰাও উছাহেৰে আপলোড কৰা হৈছে’ নিজৰ প্ৰতিক্ৰিয়াত উৎপল শৰ্মাই কয়– ‘খানাপাৰা ফিল্ডত ২০২৪ চনৰ জুন মাহত অনুষ্ঠিত ‘ৰঙালী’ অনুষ্ঠানত অংশ গ্ৰহণৰ ফটো ইয়াৰ পূৰ্বলৈকে মোৰ ফেচবুক, টুইটাৰৰ প্ৰ’ফাইলতে উপলব্ধ আছিল৷ এতিয়া ইচ্ছুক লোকসকলে ভগাব পৰাকৈ পৰ্যাপ্ত স্ক্ৰীণশ্ব’ট সংগ্ৰহ কৰিলে বুলি নিশ্চিত হোৱাৰ পিছত সেই পোষ্ট দুটা ডিলিট কৰিছো৷

শ্যামকানুৰ শেহতীয়া কৰ্মকাণ্ডৰ পিছত তেওঁৰ অনুষ্ঠানৰ কিবা স্মৃতি মোৰ সামাজিক মাধ্যছমৰ প্ৰ’ফাইলত ধৰি ৰাখিবলগীয়া আছে বুলি মই আৰু অনুভৱ কৰা নাই৷ মই সেইসকলৰ ভিতৰত নপৰো, যি যোৱা অনুষ্ঠানটোত নাই যোৱা বুলি ক’ম৷’ তেওঁ লগতে কয়, ‘ৰঙালীলৈ এবাৰ গৈছো, তাত অসমৰ বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক ঐতিহ্যতৰ প্ৰতিফলন, থলুৱা খাদ্যৰ আৰু বস্ত্ৰ শিল্পৰ বিপণন দেখি প্ৰশংসাও কৰিছো৷ অৱশ্যে উৎসৱ পতাৰ নামত যে লাখ লাখ চৰকাৰী ধনৰ শৰাধ হয়, তেতিয়া জনা নাছিলো৷ সেয়া ছিংগাপুৰৰ ঘটনাৰ পিছৰ চৰ্চাতহে অৱগত হৈছিলো৷ সেয়ে লগে লগে অৰ্থনৈতিক অপৰাধৰ তদন্তও দাবী কৰিছো৷

আনহাতে আজি আকৌ আছুৰ সভাপতি উৎপল শৰ্মালৈ সামাজিক মাধ্যমত মুকলি চিঠি লিখিছে বিধায়ক অখিল গগৈয়ে।

চিঠিত লিখিছে-

ছাত্ৰ সন্থাৰ সভাপতি উৎপললৈ এখন মুকলি চিঠিঃ

মৰমৰ উৎপল,

মৰম ল’বা।

“ৰঙালী”ৰ মঞ্চত একেলগে আছুৰ সভাপতি তুমি উৎপল শৰ্মা, নৰ্থ ইষ্ট ফেষ্টিভেলৰ মালিক শ‍্যামকানু মহন্ত আৰু কেইজনমান জনগোষ্ঠীয় নেতাৰ এটা ভিডিঅ’ পালো, য’ত তুমি এটা উদাত্ত ভাষণ দিছা। আছুৰ সভাপতি উৎপল @Utpal Shrma ৰ আনুষ্ঠানিক ভাষণ আছিল সেইটো। তুমি ৰঙালীৰ মঞ্চত শ‍্যামকানুৰ ৰঙালীক অসমৰ সামাজিক-সাংস্কৃতিক জগতৰ এক আন্দোলনৰ নাম বুলি ঘোষণা কৰিছা।তোমাৰ মতে ৰঙালী বোলে কোনো ধুমুহাতে উভালি নপৰে! ছাত্ৰ সন্থা বোলে সদায়ে শ‍্যামকানু মহন্তৰ লগত থাকিব, সফলতাৰ আকাশ চুমিবলৈ!!

Superlative degree ত তুমি শ‍্যামকানু তথা ৰঙালীক প্ৰশংসাৰে উপচাই পঠিয়াইছা।

কথাখিনি এতিয়া শুনিলে ছাগে উৎপল তোমাৰো অস্বস্তি অনুভৱ হয়, নহয়নে?

উৎপল, মই তোমাতকৈ জ‍্যেষ্ঠ, সেইবাবে কথা এটা কওঁ।মানুহক সদায়ে সেইবাবেই শুদ্ধ মতাদৰ্শ লাগে। শুদ্ধ মতাদৰ্শ সদায়ে প্ৰগতিশীল। প্ৰগতিশীল মতাদৰ্শই আমাৰ মাজত যুক্তিপূৰ্ণ, সমালোচনাত্মক, critical চিন্তাৰ জন্ম দিয়ে। সমাজখনক, ঘটনা এটাক জনগণৰ, নিঃস্বজনৰ দৃষ্টিভংগীৰে, সমাজৰ গৰিষ্ঠসংখ‍্যক ৰাইজৰ আৰু তেওঁলোকৰ সাংস্কৃতিক মানৰ মানে way of life দৃষ্টিকোণৰ পৰা চিন্তা কৰাৰ সামৰ্থ‍্য দিয়ে। যিমান শিক্ষিত হ’লেও কাম নাই, যিমানে পৰিশ্ৰমী হ’লেও ফলাফল শূন‍্য, যদিহে মানুহৰ বা দল-সংগঠনৰ শুদ্ধ মতাদৰ্শ নাথাকে। সদৌ অসম ছাত্ৰ সন্থাৰ বিপদ এইটোৱে। শুদ্ধ মতাদৰ্শৰ অভাৱতে আছুৰ পৰা বহুত পায়ো অসমে সৰ্বশেষত একো নাপায়গৈ, ওলোটাই আন্দোলনবোৰৰ পৰা অসমৰ সংহতি আৰু সমন্বয়ৰ প্ৰতি বিপদ নামি আহে।চোৱা উৎপল, আমাৰ আধুনিক অসমৰ আটাইকেইজন কাণ্ডাৰী —- জ‍্যোতিপ্ৰসাদ, বিষ্ণুপ্ৰসাদ, ভূপেন হাজৰিকা আটাইকেইজন প্ৰগতিশীল মতাদৰ্শৰ আছিল। আনকি আমাৰ জুবিনদা স্বঘোষিত সমাজবাদী আদৰ্শৰ। সেইবাবে অসমীয়া জাতিৰ জাতীয় মতাদৰ্শ প্ৰগতিশীল হ’ব লাগে। নহয়নে?

শ‍্যামকানুৰ পৰা যি বিপদ, জাতিৰ একেই বিপদ তোমাৰ আমাৰ পৰাও হ’ব পাৰে উৎপল, যদিহে আমি সঠিক দৃষ্টিভংগী ল’ব নোৱাৰো।

বেয়া নাপাবা, কথা এটা কওঁ, তোমাৰ বুদ্ধিমত্তা আছে, কিছু পঢ়া-শুনাও আছে যেন লাগে, তুমি ধুনীয়া ভাষণ দিয়া, কিন্তু সঠিক মতাদৰ্শ, সঠিক দৃষ্টিভংগী নাই। ওপৰৰ কথাখিনি তুমি ধুনীয়াকৈ কৈছা, কিন্তু বেঠিক ঠাইত কৈছা, বেঠিক মানুহৰ ক্ষেত্ৰত কৈছা, তোমাৰ মতাদৰ্শই তোমাক শ‍্যামকানু মহন্তৰ দৰে মানুহৰ প্ৰতি critical হ’বলৈ শিকোৱা নাই।

উৎপল, জ‍্যোতিপ্ৰসাদ, বিষ্ণুপ্ৰসাদ,ভূপেন হাজৰিকা, (আৰু জুবিনদা )—- আমাৰ আধুনিক সংস্কৃতিৰ Doyenসকলৰ আটায়ে প্ৰগতিশীল মতাদৰ্শৰ আছিল। সেই পথেই অসমীয়া জাতিৰ মুক্তিৰ পথ।আছু অসমৰ আটাইতকৈ প্ৰভাৱশালী জাতীয় সংগঠন হৈও সঁচাকৈ একো ৰূপান্তৰ আছুৰ দ্বাৰা অসম্ভৱ, কেৱল এই সঠিক মতাদৰ্শৰ অভাৱৰ বাবে। সমুজ্জ্বলদাৰ ক্ষেত্ৰতো একেই কথা।আমাৰ সময়ৰ সবাতোকৈ ডাঙৰ জাতীয়তাবাদী নেতা তেওঁ, অসমৰ বাবে বহুত কৰিছে তেওঁ, অসমক বহুত ভাল পায়, সেইবাবে মোৰ অসীম শ্ৰদ্ধা তেওঁৰ প্ৰতি; কিন্তু শেষত ফলাফল নাই। স্থায়ী একো নাপায় সমাজে তেওঁৰ পৰা। বৰং আছুক অধিক প্ৰতিষ্ঠান(Establishment) ৰ লগত যুক্ত কৰা বাবে তেওঁ ইতিহাসৰ ওচৰত জগৰীয়া হৈ ৰৈ যাব।

উৎপল, “কা”বিৰোধী আন্দোলনটোৱে উৎকৃষ্ট উদাহৰণ, কেনেকৈ আছুৱে তাৰ সীমাৱদ্ধতাৰ বাবে জাগ্ৰত সমাজ এখনক নেতৃত্ব দিয়াত ব‍্যৰ্থ হ’ল।

উৎপল, অসম চুক্তিখনক তুমি শ্ৰেণী বিশ্লেষণ কৰি চালা দেখা পাবা, কেনেকৈ ই আমাৰ জনগণৰ প্ৰধান প্ৰধান সমস‍্যাবোৰ তুলি ধৰাত ব‍্যৰ্থ হৈছে।

ব‍্যক্তিগত স্তৰত নল’বা দেই কথাবোৰ।

এবাৰ ভাবি চাবা।

জীৱনৰ আটাইতকৈ ডাঙৰ বস্তুটো মতাদৰ্শ।শুদ্ধ মতাদৰ্শ। মতাদৰ্শ ভুল হ’লে ভাল কৰিবলৈ গৈও বেয়া হ’ব পাৰে।

পুনৰ তোমালৈ আৰু ছাত্ৰ সন্থাৰ সকলোলৈকে মৰম যাচিলোঁ।

ধন‍্যবাদেৰে—

অখিল গগৈ।

Shradhanjali scheme: আজি ৰাজ্য চৰকাৰে মুকলি কৰিব শ্ৰদ্ধাঞ্জলি আঁচনি…

আজি ৰাজ্য চৰকাৰে মুকলি কৰিব শ্ৰদ্ধাঞ্জলি আঁচনি
আজি ৰাজ্য চৰকাৰে মুকলি কৰিব শ্ৰদ্ধাঞ্জলি আঁচনি

আজি ৰাজ্য চৰকাৰে মুকলি কৰিব শ্ৰদ্ধাঞ্জলি আঁচনি।(Shradhanjali scheme)

বহিঃৰাজ্যত মৃত্যু হোৱা অসমৰ লোকৰ বাবে এই আঁচনি মুকলি কৰা হ’ব।

বহিঃৰাজ্যত মৃত্যু হ’লে চৰকাৰে ঘুৰাই আনিব নশ্বৰদেহ।

আর্থিকভাৱে সৱল লোকৰ বাবে প্ৰযোজ্য নহ’ব এই আঁচনি।

নিজাববীয়াকৈ ব্যৱস্থা কৰিব পৰা লোকৰ ক্ষেত্ৰত এই আঁচনি প্রযোজ্য নহ’ব।

চিকিৎসাৰ বাবে বহিঃৰাজ্যলৈ যোৱা ৰোগীয়ে নাপাব সুবিধা।

Zubeen Garg Death Case: ছিংগাপুৰৰ ৮ প্ৰৱাসী অসমীয়া আজি হাজিৰ হ’ব লাগিব CID কাৰ্যালয়ত

ছিংগাপুৰৰ ৮ প্ৰৱাসী অসমীয়া আজি হাজিৰ হ'ব লাগিব CID কাৰ্যালয়ত
ছিংগাপুৰৰ ৮ প্ৰৱাসী অসমীয়া আজি হাজিৰ হ'ব লাগিব CID কাৰ্যালয়ত

আজি ডেডলাইন উকলিব।(Zubeen Garg Death Case)

ছিংগাপুৰৰ ৮ প্ৰৱাসী অসমীয়া আজি হাজিৰ হব লাগিব CID কাৰ্যালয়ত।

২৬ ছেপ্টেম্বৰতে ৮ প্ৰৱাসী অসমীয়াক জাননী জাৰি কৰিছিল অসম আৰক্ষীয়ে।

৮ প্ৰৱাসী অসমীয়াৰ বিৰুদ্ধে জাৰি কৰা হৈছে লুক আউট ন’টিছ।

কিন্তু এই মুহূৰ্তলৈ তেওঁলোকে SITৰ সৈতে কৰা নাই যোগাযোগ।

লোককেইজনৰ সন্দেহজনক ভূমিকাই জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ তদন্তত লগাইছে আউল।

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ১৮ দিনৰ পিছতো মুখ বন্ধ তেওঁলোকৰ।

Zubeen Garg Death Case: জুবিন গাৰ্গৰ শোকাৱহ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

জুবিন গাৰ্গৰ শোকাৱহ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া
জুবিন গাৰ্গৰ শোকাৱহ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

জুবিন গাৰ্গৰ শোকাৱহ ঘটনাৰ তদন্তকলৈ পুনৰ (Zubeen Garg Death Case) মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ছিংগাপুৰৰ অসমীয়াক লৈ কঠোৰ হ’ব চৰকাৰ। ছিংগাপুৰৰ পৰা অসম আৰক্ষীয়ে কাকো ধৰি আনিব নোৱাৰে। তেওঁলোকৰ পিতৃ-মাতৃৰ সৈতে কথা পাতিব পাৰো। ৬ তাৰিখলকৈ সময়সীমা দিয়া আছে। আমি যিমান পাৰো কঠোৰ হ’বলৈ চেষ্টা কৰিম।

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে তদন্ত ভালদৰেই চলিছে। যিসকল অভিযুক্ত সেইসকলক গ্ৰেপ্তাৰ কৰা হৈছে। ৰাইজো সন্তষ্ট হৈছে। প’ষ্টমৰ্টেম ৰিপৰ্ট সন্দৰ্ভত কয় আমি ৰিৰ্পটো ৰাজহুৱা নকৰোঁ। কিন্তু কোনোবাই যদি চাব খোজে আমি CIDক কৈ দিম, তেওঁলোকে গৈ চাব পাৰিব।’

ছিংগাপুৰৰ প্ৰবাসী অসমীয়াৰ সন্দৰ্ভত কয় ছিংগাপুৰৰ পৰা অসম চৰকাৰে কাকো ধৰি আনিব নোৱাৰে,
৬ তাৰিখলৈকে সময়সীমা ধৰি দিয়া হৈছে, সময়ত হাজিৰ নহ’লে কঠোৰ ব্যৱস্থা লোৱা হ’ব।