Home Blog Page 146

Shreya Ghoshal: বৰ্ষাপাৰাত জুবিনৰ গীতেৰে দৰ্শকক আৱেগিক কৰিলে শ্ৰেয়া ঘোষালে

বৰ্ষাপাৰাত জুবিনৰ গীতেৰে দৰ্শকক আৱেগিক কৰিলে শ্ৰেয়া ঘোষালে
বৰ্ষাপাৰাত জুবিনৰ গীতেৰে দৰ্শকক আৱেগিক কৰিলে শ্ৰেয়া ঘোষালে

‘মই নথকাৰ অনুভৱ যিদিনা হ’ব তোমাৰ…’। (Shreya Ghoshal) শ্ৰেয়া ঘোষালৰ কণ্ঠত জুবিন গাৰ্গৰ গীত শুনি আৱেগিক হ’ল অনুৰাগী। উচুপি উঠিল জুবিন অনুৰাগী। আজি গুৱাহাটীৰ বৰ্ষাপাৰাত মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী মেচত সংগীত পৰিৱেশন কৰিছিল শ্ৰেয়া ঘোষালে।

শ্ৰেয়া ঘোষালৰ কণ্ঠত জুবিনৰ গীত শুনি আৱেগিক হৈ পৰে দৰ্শক সকল। আনহাতে শ্ৰেয়া ঘোষালৰ উপৰিও জুবিনলৈ শ্ৰদ্ধাঞ্জলি বন্ধু পাপনৰ। গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী মেচত জুবিনৰ গীত গাই জনায় শ্ৰদ্ধাঞ্জলি পাপনেও।

Garima Saikia Garg: জুবিন অনুৰাগীলৈ কি আহ্বান গৰিমা শইকীয়া গাৰ্গৰ…

জুবিন অনুৰাগীলৈ কি আহ্বান গৰিমা শইকীয়া গাৰ্গৰ...
জুবিন অনুৰাগীলৈ কি আহ্বান গৰিমা শইকীয়া গাৰ্গৰ...

আজি যোৰহাটলৈ ৰাওনা হয় গৰিমা গাৰ্গসহ পৰিয়াল। (Garima Saikia Garg) যাত্ৰাপথত সোণাপুৰস্থিত সমাধিস্থলীত এখন্তেক ৰয় পৰিয়ালটো। যোৰহাটলৈ যোৱাৰ পূৰ্বে সকলোৰে সহযোগিতা কামনা কৰিলে গৰিমা গাৰ্গে। জুবিনৰ সমাধিস্থলিত উচুপি-উচুপি গালে পত্নী গৰিমা শইকীয়া গাৰ্গে ‘মায়াবিনী ৰাতিৰ বুকুত…’। সোণাপুৰস্থিত সমাধিস্থলীত গৰিমা শইকীয়া গাৰ্গে বহুকেইটা কথা কয়-

গৰিমা শইকীয়া গাৰ্গে কয় যে সন্দীপন আমাৰ নিজৰ খুৰাৰ ল’ৰা। আগতে বাহিৰলৈ যোৱা নাছিল সেইবাবে জুবিনৰ লগতে গৈছিল।

লগতে তেওঁ কয় কোনেও আইন হাতত তুলি নল’ব, ‘আইনক আইনৰ কাম কৰিবলৈ দিয়ক অশান্তিৰ পৰিৱেশ কৰিলে জুবিনৰ আদর্শ ক’ত থাকিব’।

Siddharth Sharma: যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ’ব সিদ্ধার্থ শৰ্মা!

যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব সিদ্ধার্থ শৰ্মা!
যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব সিদ্ধার্থ শৰ্মা!

যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ’ব সিদ্ধার্থ শৰ্মা। (Siddharth Sharma)

দিল্লী আৰু ৰাজস্থানত আৰক্ষীৰ অভিযান।

সিদ্ধার্থ শৰ্মাৰ ফোন লোকেশ্যন ট্ৰেক কৰিছে আৰক্ষীয়ে।

যিকোনো মূর্হতত গ্ৰেপ্তাৰ হ’ব জুবিনৰ মেনেজাৰ সিদ্ধার্থ শৰ্মা!

Marmita Mitra: গায়িকা মৰ্মিতা মিত্ৰই ল’লে ডাঙৰ সিদ্ধান্ত…

গায়িকা মৰ্মিতা মিত্ৰই ল'লে ডাঙৰ সিদ্ধান্ত
গায়িকা মৰ্মিতা মিত্ৰই ল'লে ডাঙৰ সিদ্ধান্ত

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগৰ পিছতে ডাঙৰ সিদ্ধান্ত ল’লে গায়িকা মৰ্মিতা মিত্ৰই।(Marmita Mitra)

জুবিন গাৰ্গৰ মৃত্যুত শোকত ম্ৰিয়মাণ প্ৰতিগৰাকী ব্যক্তি।

জুবিন গাৰ্গবিহীন অসমত উছাহ নাই শাৰদীয় দুৰ্গোৎসৱৰ।

ৰাজ্যৰ প্ৰায় প্ৰতিখন দুৰ্গাপূজাতে প্ৰাণ শিল্পী জুবিন গাৰ্গ লৈ শ্ৰদ্ধাঞ্জলি আৰু বাজিছে জুবিন গাৰ্গৰ মায়াবিনী।

এইবাৰ দুৰ্গা পূজাত কোনোধৰণৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন নকৰে বংগ কন্যা তথা অসমৰ বোৱাৰী মৰ্মিতা মিত্ৰই।

জুবিনৰ মৃত্যুৰ তদন্তৰ দাবী উত্থাপন কৰি ছ’চিয়েল মিডিয়াত জনালে এই কথা।

Zubeen Garg: কাইলৈ যোৰহাটত জুবিন গাৰ্গৰ ১৩ দিনীয়া মাংগলিক কৰ্ম…

কাইলৈ যোৰহাটত জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ
WhatsApp Image 2025-09-30 at 10.45.00 AM

কাইলৈ যোৰহাটত অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ ১৩ দিনীয়া মাংগলিক কৰ্ম।(Zubeen Garg)

ইতিমধ্যে কাহিলীপাৰাৰ পৰা যোৰহাটলৈ লৈ যোৱা হৈছে জুবিন গাৰ্গৰ নশ্বৰদেহ কঢ়িয়াই অনা কফিনটো।

আজি যোৰহাটলৈ ৰাওনা হ’ব গৰিমা গাৰ্গসহ পৰিয়াল।

আজি যোৰহাটলৈ নিয়া হ’ব জুবিন গাৰ্গৰ চিতাভস্ম।

যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব অনুষ্ঠান।

অনুষ্ঠানটোৰ বাবে চলিছে যুদ্ধকালীন প্ৰস্তুতি।

ICC Women’s CWC 2025: আজি গুৱাহাটীত মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী মেচ…

আজি গুৱাহাটীত মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী মেচ
আজি গুৱাহাটীত মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী মেচ

আজি গুৱাহাটীত মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী মেচ।(ICC Women’s CWC 2025)

বৰ্ষাপাৰাত উদ্বোধনী মেচত ভাৰতৰে মুখামুখি হ’ব শ্ৰীলংকা ।

মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি…গীতটি বৰ্ষাপাৰাত পৰিৱেশন কৰিব শ্ৰেয়া ঘোষালে।

আনহাতে মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী অনুষ্ঠানটোত জুবিন গাৰ্গৰ স্মৃতিত গীত পৰিৱেশন কৰিব অংগৰাগ মহন্ত আৰু জয় বৰুৱাই।

গাঁতৰ পৰা ওলাব মেনেজাৰ সিদ্ধার্থ!

যিকোনো মুহূৰ্তত আত্মসমৰ্পন কৰিব মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই !
৩৬ ঘণ্টাৰ ডেডলাইন বান্ধি দিছিল মুখ্যমন্ত্রীয়ে।
মুখ্যমন্ত্ৰীৰ ডেডলাইনৰ পিছতেই গাঁতৰ পৰা ওলাব মেনেজাৰ সিদ্ধার্থ !
বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে এই কথা!


জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুত নাম সাঙোৰ খাইছিল সিদ্ধাৰ্থ শৰ্মাৰ।
কেইবাদিনো ধৰি অজ্ঞাত স্থানত আত্মগোপন কৰি আছিল মেনেজাৰ সিদ্ধাৰ্থই।
সিদ্ধাৰ্থৰ লোকেশ্বন ট্ৰেক কৰা বুলি আজি প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰীয়ে।
অৱশেষত শীঘ্ৰেই গাঁতৰ পৰা ওলাব বিতৰ্কিত মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা!

ভয়ানক বিপদত SSP লীনা দলে! কন্যাৰ নামত STৰ ভুৱা প্ৰমাণ-পত্ৰ উলিওৱাৰ অভিযোগ

SSP লীনা দলেই ভুৱা STৰ প্ৰমাণ-পত্ৰৰে দিল্লী বিশ্ববিদ্যালয়ত নামভর্তি কৰোৱাইছিল কন্যাক ! ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগৰ তদন্তত পোহৰলৈ আহিল জালিয়াতি।
দিল্লী বিশ্ববিদ্যালয় আৰু অসম চৰকাৰলৈ অভিযোগ পত্ৰ প্ৰেৰণ ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগৰ ।


দিল্লী বিশ্ববিদ্যালয়ক লীনা দলে আৰু কন্যাৰ বিৰুদ্ধে গোচৰ ৰুজুৰ পৰামৰ্শ ।
দিল্লীৰ মৰিছ নগৰ থানাত FIR দাখিল কৰিছে দিল্লী বিশ্ববিদ্যালয়ে ।
লীনা দলেৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ অসম চৰকাৰক ।

উল্লেখ্য যে, খিলঞ্জীয়াৰ গাত হাত দিও শেহতীয়াকৈ বিপদত পৰিছিল আৰক্ষী অধীক্ষক লীনা দলে । ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলিৰ সন্মুখীন হ’ব লগা হৈছিল এইগৰাকী লীনা দলে । SI জোণমনি ৰাভাৰ মৃত্যুৰ সন্দৰ্ভতো নাম সাঙোৰ খাইছিল এইগৰাকী বিতৰ্কিত আৰক্ষী বিষয়া লীনা দলেৰ ।
পৰৱৰ্তী সময়ত লীনা দলেৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে,সেয়াহে হ’ব লক্ষণীয় ।

জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধত উপস্থিত থাকি বিদেহ আত্মাৰ সদ্গতি কামনাৰে শ্ৰদ্ধাৰ্ঘ্য অৰ্পণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

Sarbananda Sonowal

অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আজি আদ্যশ্ৰাদ্ধৰ দিনা গুৱাহাটীৰ বাসগৃহত উপস্থিত হৈ প্ৰতিচ্ছবিত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে। লগতে জুবিনৰ শোকসন্তপ্ত পৰিয়ালবৰ্গক দেখা কৰি দুখৰ সমভাগী হৈ গভীৰ সমবেদনা জনায় সোণোৱালে।

“জুবিন আমাৰ মাজৰপৰা কায়িকভাৱে আঁতৰি গ’লেও জুবিনৰ অমৰ সৃষ্টিৰাজি জীয়াই থাকিব অসমবাসীৰ হৃদয়ৰ গভীৰতাত। জুবিনৰ সাংস্কৃতিক জীৱন পৰিক্ৰমা অগণন জনতাৰ বাবে অনুপ্ৰেৰণা আৰু সাহসৰ উৎস হৈ ৰ’ব।”, সোণোৱালে আজি উল্লেখ কৰে ।

Durga Puja 2025: বিৰহ, বেদনা, শোকৰ মাজতে আৰম্ভ শাৰদীয় দুৰ্গা পূজা…

বিৰহ, বেদনা, শোকৰ মাজতে আৰম্ভ শাৰদীয় দুৰ্গা পূজা
বিৰহ, বেদনা, শোকৰ মাজতে আৰম্ভ শাৰদীয় দুৰ্গা পূজা

আজিৰ পৰা আৰম্ভ হৈছে (Durga Puja 2025) শাৰদীয় দুৰ্গা পূজা৷ পূৰ্বৰ দৰে এইবাৰ ৰাইজৰ মাজত উছাহ কম৷ অসমৰ জনকণ্ঠ জুবিন গাৰ্গৰ মৃত্যুৱে সকলোকে মৰ্মাহত কৰি ৰাখিছে৷ জুবিন গাৰ্গৰ মৃত্যুৰ আজি দহ দিন হোৱাৰ পিছতো অসমবাসীয়ে পাহৰিব পৰা নাই জুবিন গাৰ্গক হেৰুওৱাৰ বেদনা৷ এতিয়া কেৱল চৌদিশে ধবনিত হৈছে– ‘জুবিন হত্যাৰ ন্যায় লাগে৷’ এনে বিৰহ-বেদনা, শোকাকুল পৰিৱেশৰ মাজেৰে আজিৰ পৰা অনুষ্ঠিত হৈছে শাৰদীয় দুৰ্গা পূজা৷ কিন্তু শাৰদীয় উৎসৱৰ সেই আনন্দ এইবাৰ নাই৷ তাৰ মাজতে সমগ্ৰ ৰাজ্যখনৰ লগতে নগাঁও জিলাতো মহিষমৰ্দিনী দুৰ্গা পূজা অনুষ্ঠিত হৈছে ৷ এইবাৰ নগাঁও জিলাত চাৰিশতাধিক পূজা মণ্ডপত পূজা উদ্‌যাপিত হৈছে৷ তদুপৰি জিলাখনৰ ২৫খনৰো অধিক চাহ বাগিচাত উদ্‌যাপিত হৈছে দুৰ্গা পূজা৷ অকল নগাঁও চহৰত শতাধিক মণ্ডপত দুৰ্গা পূজা অনুষ্ঠিত কৰা হৈছে৷ নগাঁও চহৰখনৰ সকলোবোৰ পূজা মণ্ডপ আটকধুনীয়াকৈ সজাই-পৰাই তোলা হৈছে৷ নগাঁও চহৰৰ দুখন পূজা সমিতিয়ে ইতিমধ্যে ১৫০ বছৰৰ অধিক কাল অতিক্ৰম কৰিছে৷ এই দুই পূজা হ’ল চহৰখনৰ খ্ৰীষ্টানপট্টীৰ বেলতলাৰ জানকী নাথ সেন পৰিয়ালৰ ১৭৬ সংখ্যক দুৰ্গা পূজা আৰু উত্তৰ হয়বৰগাঁৱৰ বীণাপাণি পূজা সমিতিৰ ১৫৬সংখ্যক দুৰ্গা পূজা৷ চহৰখনৰ বাংগালী সন্মিলনীৰ উদ্যোগত ১৩২সংখ্যক দুৰ্গা পূজা, আমোলাপট্টী পূজা উৎসৱ সমিতিৰ উদ্যোগত ১৩০সংখ্যক দুৰ্গা পূজা, ফৌজদাৰীপট্টী সাৰ্বজনীন দুৰ্গা পূজা উৎসৱ সমিতিৰ উদ্যোগত ১২৮সংখ্যক দুৰ্গা পূজা, পানীগাঁও কালীবাৰী দুৰ্গা পূজা সমিতিৰ ১০৪সংখ্যক দুৰ্গা পূজা অনুষ্ঠিত হৈছে৷

জিলাখনৰ শিলঘাট সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ ১২৫সংখ্যক, দক্ষিণপাটৰ দক্ষিণপাট আঞ্চলিক সাৰ্বজনীন বীণাপাণি দুৰ্গা পূজাই শতবৰ্ষ পূজা অনুষ্ঠিত কৰিছে৷ আনহাতে, নগাঁও চহৰৰ হিন্দুস্তানপট্টী সাৰ্বজনীন ঠাকুৰবাৰী দুৰ্গা পূজা সমিতিৰ ৯৬সংখ্যক, হয়বৰগাঁও বাংগালী পূজাবাৰী সমিতিৰ ৯৩সংখ্যক, নগাঁও পুলিচ ৰিজাৰ্ভ দুৰ্গা পূজা সমিতিৰ ৯৩সংখ্যক, এন এফ ৰে’লৱে পূজা সমিতিৰ ৮৫সংখ্যক, ছামাদ্দাৰপট্টী সাৰ্বজনীন পূজা সমিতিৰ ৭৮সংখ্যক, হয়বৰগাঁও ৰে’লৱে সাৰ্বজনীন কালী মন্দিৰত ৭৭সংখ্যক, কলংপাৰৰ নেপালী মন্দিৰ সাৰ্বজনীন পূজা সমিতিৰ ৭৩সংখ্যক, বিবেকানন্দ পল্লী শাৰদোৎসৱ সমিতিৰ ৭১সংখ্যক দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলিছে৷ ঠিক একেদৰে চহৰখনৰ শান্তিপুৰ যুৱক সমিতিৰ ৬৬সংখ্যক, দক্ষিণ হয়বৰগাঁও নাট্য সমিতিৰ ৬৬সংখ্যক, ইটানগৰ পূজা সমিতিৰ ৬৪সংখ্যক, চকীটুপ সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ ৬৪সংখ্যক, চীনাপট্টী ছোটহয়বৰ সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ ৬৪সংখ্যক, শ্ৰীকৃষ্ণাশ্ৰম দুৰ্গা পূজা সমিতিৰ ৬০সংখ্যক, পানীগাঁও দুৰ্গা মন্দিৰ পূজা সমিতিৰ ৬০সংখ্যক, শাস্ত্ৰী নগৰ পূজা সমিতিৰ ৫৯সংখ্যক, ডিমৰুগুৰি সাৰ্বজনীন দুৰ্গা পূজাৰ ৫৯সংখ্যক, জ্যোতি ফ্লাৱাৰ মিলৰ ৫৮সংখ্যক আৰু হয়বৰগাঁও বিজয়ী সংঘৰ ৫৮সংখ্যক দুৰ্গা পূজাৰো ব্যাপক প্ৰস্তুতি চলিছে৷ শ্ৰীমন্ত শংকৰ মিছন পথ সাৰ্বজনীন দুৰ্গা পূজাই এইবাৰ সোণালী জয়ন্তী বৰ্ষত পদাৰ্পণ কৰিছে ৷ নগাঁও চহৰৰ নতুন বজাৰ দুৰ্গা পূজা সমিতি, নাজিৰাজান, শনি মন্দিৰ পথ, খ্ৰীষ্টানপট্টী, লক্ষ্মীনগৰ, মৰিকলং, পানীগাঁও ছয়আলি, লাওখোৱা ৰোড তেলীয়াগাঁও আদিতো দুৰ্গা পূজা অনুষ্ঠিত হ’ব৷ ৩ লাখ টকাৰ পৰা ১৬ লাখ টকাপৰ্যন্ত পূজা সমিতিৰ বাজেট৷ কেইবাখনো দুৰ্গা পূজা সমিতিয়ে ৰাইজক আকৰ্ষণ কৰিবৰ বাবে অত্যাধুনিক কাৰুকাৰ্য, চমৎকাৰিতা, আলোকসজ্জা আদিৰ ব্যৱস্থা কৰিছে৷ চহৰখনৰ অন্যতম পুৰণি বীণাপাণি দুৰ্গা পূজা সমিতিয়ে নতুন আৰ্হিত পূজা মণ্ডপ নিৰ্মাণ কৰিছে৷ নগাঁও বাংগালী পূজা সমিতিয়ে সিন্ধুৰ পৰা লুইতলৈ ‘কেঁচা মাটিৰ গোন্ধ’ দৃশ্যাংশৰ লগতে বিভিন্ন দৃশ্যমান বিষয়েৰে পূজা মণ্ডপ নিৰ্মাণ কৰাৰ বিপৰীতে ছামাদ্দাৰপট্টী পূজা সমিতিয়ে প্ৰকৃতি বিষয়ক, ৰাজস্থানী পূজা সমিতিয়ে নতুন দিল্লীৰ ইণ্ডিয়া গে’ট আৰু লালকিল্লা আৰ্হিত পূজা মণ্ডপ নিৰ্মাণ কৰিছে৷

শনি মন্দিৰ পথ দুৰ্গা পূজা সমিতিয়ে ব্যতিক্ৰমী ৰূপত পূজা মণ্ডপ নিৰ্মাণ কৰিছে৷ আই টি আইৰ সমীপৰ শ্ৰীমন্ত শংকৰ মিছন সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ ৰূপ ৰূপান্তৰৰ প্ৰতিফলিত কৰি পূজাৰ মণ্ডপ নিৰ্মাণ কৰিছে৷ ৫২ বছৰত পদাৰ্পণ কৰা তেলিয়াপট্টীৰ মা কালী সংঘ পূজা সমিতিয়ে আদিবাসী সম্প্ৰদায়ৰ অতীজৰ পূজা প্ৰণালীৰ কাল্পনিক ৰূপক প্ৰতিফলিত কৰি ‘আদিবাসী সম্প্ৰদায় ব্যতিক্ৰম’ নামকৰণেৰে পূজাৰ মণ্ডপ নিৰ্মাণ কৰিছে৷ মধুপুৰ সাৰ্বজনীন শ্ৰীশ্ৰীদুৰ্গা পূজা সমিতিয়ে চলিত বৰ্ষত ভৰি দিছে৷ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে তামিলনাডুৰ বিখ্যাত আদি যোগী শিৱৰ মূৰ্তি আৰু মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে পূজা মণ্ডপ৷ নগাঁও জিলাৰ ৰণথলীত ডুগডুগী দশম বাৰ্ষিক পূজাখন অনুষ্ঠিত কৰা হৈছে৷ ব’য়িং ষ্টেলিনাৰ, সুনীতা উইলিয়ামছৰ মহাকাশ যাত্ৰা [২০২৪-২৫], মহাকাশ টেকন’লজী, অসমীয়া গহণাৰ জি আই আদিৰ আৰ্হিত ডুগডুগী পূজা মণ্ডপ নিৰ্মাণ কৰা হৈছে৷ উল্লেখ্য যে অসমীয়াৰ হিয়াৰ আমঠুস্বৰূপ জুবিন গাৰ্গৰ মহাপ্ৰয়াণত ৰাইজ শোকবিহবল হৈ থকাৰ বাবেই দুৰ্গা পূজাৰ আনন্দ-উল্লাস বহুখিনি ম্লান পৰিছে৷ অধিকাংশ পূজা সমিতিয়ে সাংস্কৃতিক কাৰ্যসূচী পৰিহাৰ কৰাৰ লগতে কেৱল পৰম্পৰাগত আধ্যাত্মিকতাৰ মাজেৰে অনুষ্ঠিত কৰিছে শাৰদীয় দুৰ্গা পূজা৷ বহুকেইখন পূজা সমিতিয়ে জুবিন গাৰ্গৰ শ্ৰদ্ধা?লি অনুষ্ঠানৰ আয়োজন কৰিছে৷ জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা?লি জনোৱাৰ উদ্দেশ্যে জিলাখনৰ প্ৰায়বোৰ পূজা মণ্ডপত জুবিন গাৰ্গৰ ফটো আঁৰি ৰাখিছে৷