Home Blog Page 146

Skin Care: গৰমৰ বাবে পিম্পলৰ সমস্যা হৈছে নেকি? সমাধান আছে ঘৰতে !

Skin Care: গৰমৰ বাবে পিম্পলৰ সমস্যা হৈছে নেকি? সমাধান আছে ঘৰতে !
Skin Care: গৰমৰ বাবে পিম্পলৰ সমস্যা হৈছে নেকি? সমাধান আছে ঘৰতে !

গৰমত ছালখন বীজাণুমুক্ত কৰি ৰখাৰ লগতে অতিৰিক্ত তেল নিঃসৰণ কমোৱাৰ বাবে ফেচ ৱাছ ব্যৱহাৰ কৰে বেছিভাগ লোকে।(Skin Care)

গৰমৰ দিনত মুখত পিম্পলৰ সমস্যা বৃদ্ধি হোৱাটো স্বাভাৱিক। গ্ৰীষ্মকালত বহুতে এই সমস্যাত ভুগিবলগীয়া হয়। ইয়াৰ মূল কাৰণ ঘাম আৰু ইয়াৰ ছালৰ ছিদ্ৰত ধূলি জমা হোৱা। ইয়াৰ বাবেই ছালত বিভিন্ন ধৰণৰ বেক্টেৰিয়াৰ বৃদ্ধিৰ বাবে অনুকূল পৰিস্থিতিৰ সৃষ্টি হয়। ছালখনত ফোহাৰে আবৃত হৈ থাকে। মুখৰ বিভিন্ন ঠাইত আৰু এটা বা দুটা পিম্পল দেখা দিব পাৰে। গালত, নাকত বা ওঁঠত হ’ব পাৰে এনো ফোঁহা ।

ছালখন বীজাণুমুক্ত কৰি ৰখাৰ লগতে গ্ৰীষ্মকালত অতিৰিক্ত তেল নিঃসৰণ কমোৱাৰ বাবে ফেচ ৱাছ ব্যৱহাৰ কৰে। কিন্তু আপোনালোকে ফেচ ৱাছ ব্যৱহাৰৰ সলনি ঘৰুৱা কিছু সামগ্ৰী ব্যৱহাৰ কৰি এনে সমস্যা দূৰ কৰিব পাৰে।

১/২ কাপ বিশুদ্ধ পানী ল’ব তাৰ পিছত তাত ১ টা গ্ৰীণ টি বেগ বা ১ চামুচ গ্ৰীণ টি দিব লগতে দিব ১ টেবুল চামুচ এলোভেৰা জেল। প্ৰথমে বিশুদ্ধ পানী উতলাই তাৰ পিছত চাহ দিব। পাঁচ মিনিট তিয়াই থওক। তাৰ পিছত পেষ্টটো ঠাণ্ডা হ’বলৈ দিব। ঠাণ্ডা হ’লে মিক্সাৰত দি ল’ব।

এই পেষ্ট তৈয়াৰ হোৱাৰ পিছত স্প্ৰে’ বটল এটাৰে ভৰাই ফ্ৰীজত ৰাখিব। ব্যৱহাৰৰ আগতে জোকাৰি ল’বলৈ নাপাহৰিব।

Namphake news: নামফাকে গাঁৱত ক্ষেত্ৰ অধ্যয়ন আৰু আলোচনা-চক্ৰ

Namphake news: নামফাকে গাঁৱত ক্ষেত্ৰ অধ্যয়ন আৰু আলোচনা-চক্ৰ
Namphake news: নামফাকে গাঁৱত ক্ষেত্ৰ অধ্যয়ন আৰু আলোচনা-চক্ৰ

নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ(Namphake news)উদ্যোগত আৰু নাহৰকটীয়া কলেজৰ অসমীয়া বিভাগৰ সহযোগত ‘অসমৰ সংস্কৃতি আৰু সাংস্কৃতিক পৰ্যটন’ শীৰ্ষক এখন আলোচনাচক্ৰ আৰু ক্ষেত্ৰ অধ্যয়ন অনুষ্ঠিত হয়। ১৪ আৰু ১৫ জুন তাৰিখে নামফাকে গাঁও আৰু নাহৰকটীয়া কলেজত অনুষ্ঠিত এই দুদিনীয়া কাৰ্যক্ৰমনিকাত সমল ব্যক্তি হিচাপে অংশ লয় মহাথেৰ জ্ঞানপাল ভিক্ষু, নাহৰকটীয়া কলেজৰ অধ্যক্ষ ডক্টৰ জ্যোতিপ্ৰসাদ কোঁৱৰ আৰু লেখক-সাংবাদিক পেইম থি গোহাঁয়ে। প্ৰথম দিনাৰ আলোচনা-চক্ৰ অনুষ্ঠিত হয় নামফাকে গাঁওৰ বৌদ্ধ মঠৰ প্ৰেক্ষাগৃহত।

দ্বিতীয় দিনাৰ আলোচনা-চক্ৰ অনুষ্ঠিত হয় নাহৰকটীয়া কলেজত। দুয়োটা দিনতে টাইফাকে সকলৰ ঘৰে ঘৰে গৈ পৰ্যটন সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰে। এই কাৰ্যসূচীৰ স্থানীয় সমন্বয়কৰ দায়িত্বত থাকে নাহৰকটীয়া কলেজৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ পৰেশ খনিকৰ। নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক মুনমী দত্ত, কংকনা বাৰিক, গৱেষক পূবালী বৰা, খগেন পেগু আৰু কৃপাৰেখা গগৈয়ে অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ তত্ত্বাৱধায়ক হিচাপে দায়িত্ব লয়।

নৰ্থ লখিমপুৰ কলেজ আৰু নাহৰকটীয়া কলেজৰ মুঠ 75 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে সমগ্ৰ কাৰ্যসূচীত অংশ লয়। এই ক্ষেত্ৰ অধ্যয়ন আৰু আলোচনাচক্ৰৰ পৰিকল্পনা, পৰিচালনা আৰু মুখ্য সমন্বয়কৰ দায়িত্বত আছিল নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ মুৰব্বী ডক্টৰ অৰবিন্দ ৰাজখোৱা।

Right Time to Eat Food in Night: প্ৰতিনিশা ৯ বজাৰ পিছত ৰাতিৰ আহাৰ গ্ৰহণ কৰে নেকি, জানি লওক শৰীৰত কেনে প্ৰভাৱ পৰে?

Right Time to Eat Food in Night: প্ৰতিনিশা ৯ বজাৰ পিছত ৰাতিৰ আহাৰ গ্ৰহণ কৰে নেকি, জানি লওক শৰীৰত কেনে প্ৰভাৱ পৰে?
Right Time to Eat Food in Night: প্ৰতিনিশা ৯ বজাৰ পিছত ৰাতিৰ আহাৰ গ্ৰহণ কৰে নেকি, জানি লওক শৰীৰত কেনে প্ৰভাৱ পৰে?

আপুনিও আপোনাৰ ব্যস্ত জীৱনশৈলীৰ বাবে প্ৰতিদিনে নিশা ৯ বজাৰ পিছত(Right Time to Eat Food in Night) ৰাতিৰ আহাৰ গ্ৰহণ কৰে নেকি? আজিকালি বেছিভাগ মানুহেই ৰাতিৰ আহাৰ দেৰিকৈ খায়। প্ৰতিদিনে নিশা ৯ বজাৰ পিছত ৰাতিৰ আহাৰ খালে আপোনাৰ স্বাস্থ্যৰ ওপৰত কেনে পেলায় জানো আহক।

পৰিৱৰ্তিত জীৱনশৈলীৰ বাবে বেছিভাগ মানুহেই গভীৰ নিশা ৰাতিৰ আহাৰ গ্ৰহণ কৰে। ৰাতিৰ আহাৰ দেৰিকৈ খোৱাটোৱে স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়। ৰাতিৰ আহাৰ সোনকালে নোখোৱাৰ বাবে টোপনিৰ ক্ষতিও হয়।

আধুনিক জীৱনশৈলীত গভীৰ নিশালৈকে কাম কৰা, ছ’চিয়েল মিডিয়াত ব্যস্ত বা দেৰিকৈ ঘৰ সোমোৱাটো সাধাৰণ হৈ পৰিছে। ইয়াৰ বাবেই বহুতে ৰাতি ৯ বজাৰ পিছত বা তাৰ পিছতো ৰাতিৰ আহাৰ খায়। কিন্তু গভীৰ নিশা ৰাতিৰ আহাৰ খোৱাৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰত কি প্ৰভাৱ পৰে জানেনে-

প্ৰতিদিনে নিশা ৯ বজাৰ পিছত ৰাতিৰ আহাৰ গ্ৰহণ কৰিলে স্বাস্থ্যৰ ওপৰত কেনে প্ৰভাৱ পৰে জানো আহক-

আচলতে ৰাতিৰ সময়ত বিপাকীয় ক্ৰিয়া দিনৰ দৰে দ্ৰুত নহয়। গতিকে ৰাতি দেৰিকৈ খালে খাদ্য হজম কৰিবলৈ অধিক কষ্ট কৰিব লগা হয়, যাৰ ফলত বদহজম, গেছ, এচিডিটি আৰু পেট ফুলা হ’ব পাৰে।

ৰাতি দেৰিকৈ খাদ্য খোৱা লোকৰ মেদবহুলতাৰ আশংকা বেছি। কাৰণ ৰাতি কেলৰি জ্বলি নাযায় আৰু শৰীৰে ইয়াক জমা কৰি ৰাখে। ইয়াৰ উপৰিও পলমকৈ খাদ্য খোৱাৰ পিছত শুলে শৰীৰত ইনচুলিন প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি পায়, যাৰ ফলত ডায়েবেটিছ আৰু বিপাকীয় বিকাৰৰ সৃষ্টি হ’ব পাৰে।

ৰাতিৰ আহাৰ খোৱাৰ লগে লগে শুলে পেটটো গধুৰ অনুভৱ হয় আৰু টোপনি বাধা দিয়ে। লগতে এচিড ৰিফ্লাক্সৰ সমস্যাও হ’ব পাৰে, যাৰ ফলত বুকুত জ্বলন পুৰন আৰু অস্বস্তিৰ সৃষ্টি হয়। ভাল টোপনিৰ বাবে খাদ্য খোৱা আৰু শোৱাৰ মাজত কমেও ২-৩ ঘণ্টাৰ ব্যৱধান থাকিব লাগে।

ৰাতিৰ আহাৰ সন্ধিয়া ৬:৩০ৰ পৰা ৭:৩০ বজাৰ ভিতৰত খাব লাগে। ইয়াৰ ফলত আপোনাৰ শৰীৰে খাদ্য হজম কৰিবলৈ পৰ্যাপ্ত সময় পাব আৰু ৰাতিও ভাল টোপনিও পাব।

Ahmedabad Plane Crash: মৃত্যুু্ৱে হাত বাউলি মাতিছিল! ৬ জুনৰ টিকট বাতিল কৰি ১২ তাৰিখৰ টিকট বুকিং কৰিছিল এই দম্পতীয়ে

Ahmedabad Plane Crash: মৃত্যুু্ৱে হাত বাউলি মাতিছিল!
Ahmedabad Plane Crash: মৃত্যুু্ৱে হাত বাউলি মাতিছিল!

এই প্ৰবাসী দম্পতীয়ে ৬ জুনৰ টিকট বাতিল কৰি(Ahmedabad Plane Crash) ১২ তাৰিখৰ টিকট বুকিং কৰিছিল। তেওঁলোক ৬ জুনত লণ্ডনলৈ উভতি যোৱাৰ কথা আছিল। সকলো ঠিকেই আছিল। কিন্তু মোনালি পেটেল আৰু তেওঁৰ স্বামী ছানী পেটেলে আৰু কেইটামান দিন পৰিয়ালৰ সৈতে কটাব বিচাৰিছিল। গতিকে তেওঁলোকে ১২ জুনত এয়াৰ ইণ্ডিয়া গেটৱিক অভিমুখী বিমানৰ টিকট বুকিং কৰিলে। পৰিয়ালৰ লোকে কয় যে তেওঁলোকক মৃত্যুৱে মাতিলে! এতিয়া আত্মীয়ই মোনালি আৰু ছানীৰ মৃতদেহ গ্ৰহণৰ বাবে অপেক্ষা কৰি দিন পাৰ কৰিছে।

আহমেদাবাদ-গেটৱিক অভিমুখী বিমানখনত ২৪২ জন লোক আছিল। মাত্ৰ এজনৰহে প্ৰাণ ৰক্ষাল পৰিল। বিধ্বস্ত হোৱা এ আই ১৭১ বিমানখনৰ ৩৩জন লোক গুজৰাটৰ আনন্দৰ আছিল। ইয়াৰে অধিকাংশই প্ৰবাসী ভাৰতীয়। এই আনন্দক গুজৰাটৰ ‘এন আৰ আই চহৰ’ বুলি কোৱা হয়। মোনালি আৰু ছানীয়ে বৃহস্পতিবাৰে সেই চহৰৰ পৰা এয়াৰ ইণ্ডিয়াৰ বিমানত উঠি নিজৰ আপোনজনক বিদায় দিছিল। কাজিন জিগনেশ পেটেলে কয় যে দুয়োজন বিগত দুমাহ ধৰি ভাৰতত আছিল। মোনালি চিকিৎসাৰ বাবে ইয়ালৈ আহিছিল। ছানিও পত্নীৰ সৈতে আহিল, ব্যৱসায় বন্ধ কৰি। ৬ জুনৰ বাবে টিকট বুকিং কৰিছিল যদিও পাৰিবাৰিক কাৰণত পিছুৱাই দিছিল। তেওঁলোকে এয়াৰ ইণ্ডিয়াৰ বিমানত ১২ তাৰিখৰ বাবে টিকট বুকিং কৰিছিল।

লণ্ডনলৈ উৰা মাৰোঁতে ঘটিল ভয়ংকৰ বিমান দুৰ্ঘটনাটো। মৃত্যুৱে যেন তেওঁলোকক মাতি আছিল। সেই ভয়ংকৰ বিমান দুৰ্ঘটানত আন লোকৰ সৈতেও তেওঁলোকেও প্ৰাণ হেৰুৱালে।

NEET UG 2025 Result: নীট ইউজি ২০২৫ৰ ফলাফলত শীৰ্ষ স্থান দখল ৰাজস্থানৰ মহেশ কুমাৰৰ

NEET UG 2025 Result: নীট ইউজি ২০২৫ৰ ফলাফলত শীৰ্ষ স্থান দখল ৰাজস্থানৰ মহেশ কুমাৰৰ
NEET UG 2025 Result: নীট ইউজি ২০২৫ৰ ফলাফলত শীৰ্ষ স্থান দখল ৰাজস্থানৰ মহেশ কুমাৰৰ

ঘোষণা হ’ল নীট ইউজি ২০২৫১ ফলাফল৷(NEET UG 2025 Result)নীট ইউজি ২০২৫ৰ ফলাফল শনিবাৰে প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই৷ নীট ইউজি ২০২৫ত অৱতীৰ্ণ হোৱা ২২.০৯ লাখ পৰীক্ষাৰ্থীৰ ভিতৰত ১২,৩৬,৫৩১গৰাকীক যোগ্য ঘোষণা কৰা হৈছে৷ সৰ্বোচ্ছ যোগ্যতাসম্পন্ন প্ৰাৰ্থী উত্তৰ প্ৰদেশৰ [১.৭০ লাখ], তাৰ পিছতে আছে মহাৰাষ্ট্ৰ [১.২৫ লাখ] আৰু ৰাজস্থান [১.১৯ লাখ]৷ যোৱা বছৰৰ ১৩.১৫ লাখ যোগ্য প্ৰাৰ্থীৰ তুলনাত এইবাৰ যোগ্য প্ৰাৰ্থীৰ সংখ্যা কম৷ অৱশ্যে যোৱা বছৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যাও ২৩.৩৩ লাখতকৈ অধিক আছিল ৷

যোৱা বছৰৰ তুলনাত কাট অৱ মাৰ্ক যথেষ্ট হ্ৰাস পাইছে, কিয়নো প্ৰশ্নকাকত সাধাৰণতকৈ কঠিন আছিল৷ জেনেৰেল আৰু ই ডব্লিউ এছঃ ১৪৪ অ’ বি চি, এছ চি আৰু এছ টিঃ ১১৩, সাধাৰণ আৰু ই ডব্লিউ এছ পি ডব্লিউ ডিঃ ১২৭, অ’বিচি, এছচি আৰু এছটি পিডব্লিউডিঃ ১১৩,২০২৪ চনত জেনেৰেল আৰু ই ডব্লিউ এছ শাখাৰ কাট অৱ আছিল ১৬২ আৰু অ’ বি চি, এছ চি আৰু এছ টি শাখাৰ বাবে ১২৭, ২০২৫ চনত এই শাখাসমূহত ১৮ আৰু ১৪ নম্বৰ হ্ৰাস পোৱা দেখা গৈছে৷ এম বি বি এছ, ডেণ্টেল, নাৰ্ছিং, বি এ এম এছ, বি ইউ এম এছ, বি এইচ এম এছ আৰু বি এছ এম এছকে ধৰি বিভিন্ন পাঠ্যক্ৰমত মুঠ ২.৪০ লাখ আসন উপলব্ধ৷

মেডিকেল, ডেণ্টেল, আয়ুষ আৰু নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে নামভৰ্তি পৃথক কাউন্সেলিং ছেছনৰ জৰিয়তে কৰা হ’ব৷ ইয়াৰে এম বি বি এছৰ বাবে ৰ.০৮ লাখ আসন, চৰকাৰী চিকিৎসালয়ত প্ৰায় ৫৬ হাজাৰ আৰু ব্যক্তিগত মহাবিদ্যালয়ত প্ৰায় ৫২ হাজাৰ আসন উপলব্ধ৷ শিক্ষা বিশেষজ্ঞ দেৱ শৰ্মাৰ মতে, ৭২০ নম্বৰৰ ভিতৰত ১৪৪ নম্বৰ লাভ কৰা প্ৰাৰ্থীক এইবাৰ কাউন্সেলিঙৰ বাবে যোগ্য বুলি বিবেচিত হয়৷ কিন্তু এই স্ক’ৰত চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত আসন পোৱাটো কঠিন৷ ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তিৰ সম্ভাৱনা বেছি যদিও তেওঁলোকৰ মাচুল যথেষ্ট বেছি৷ বেছি ভাগ ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰী প্ৰতিষ্ঠানক পছন্দ কৰাৰ অন্যতম মূল কাৰণ এইটোৱেই ৷

ৰাজস্থানৰ ছাত্ৰ মহেশ কুমাৰ এইবাৰ নীট পৰীক্ষাত প্ৰথম স্থান লাভ কৰিছে৷ মধ্য প্ৰদেশৰ পৰা উৎকৰ্ষ অৱধিয়াই দ্বিতীয় স্থান দখল কৰে৷ দিল্লীৰ অবিকা আগৰৱালে সৰ্বভাৰতীয় পৰ্যায়ত পঞ্চম স্থান লাভ কৰিছে আৰু তেওঁ মহিলাৰ ভিতৰত শীৰ্ষ স্থান লাভ কৰিছে৷ শীৰ্ষ ১০গৰাকী যোগ্য প্ৰাৰ্থীঃ মহেশ কুমাৰ, উৎকৰ্ষ অৱধিয়া, কৃশাংগ যোশী, মৃণাল কিশোৰ ঝা, অবিকা আগৰৱালা, জেনিল বিনোদভাই ভায়নী, কেশৱ মিট্টল, ঝা ভব্য চিৰাগ, হৰ্ষ কেদাৱট, আৰৱ আগৰৱালা৷

Rabbani Soyam: ইউটিউবাৰ ৰাব্বানী স্বয়ামৰ ভয়ংকৰ কাণ্ড

Rabbani Soyam: ইউটিউবাৰ ৰাব্বানী স্বয়ামৰ ভয়ংকৰ কাণ্ড
Rabbani Soyam: ইউটিউবাৰ ৰাব্বানী স্বয়ামৰ ভয়ংকৰ কাণ্ড

ইউটিউবাৰ ৰাব্বানী স্বয়ামৰ ভয়ংকৰ কাণ্ড।(Rabbani Soyam)

ইউটিউবাৰ ৰাব্বানী স্বয়ামে আক্ৰমণ কৰে দুই ব্যৱসায়ীক।


মহানগৰীৰ ছয়মাইলত ছুৰিকাঘাতৰ ঘটনা সংঘটিত।


ইউটিবাৰ ৰাব্বানী স্বয়ামে ছুৰিৰে আক্ৰমণ কৰে দুই ফল-মূলৰ ব্যৱসায়ীক।


ফলমূল দোকানীক লগত প্ৰথমে হৈছিল সাধাৰণ কাজিয়া।


পাছত দুই ব্যৱসায়ীক ছুৰিৰে আক্ৰমণ কৰি পলায়ন কৰে ৰাব্বানী স্বয়াম।

Kidney: এইসমূহ খাদ্য গ্ৰহণ কৰি সুস্থ কৰি ৰাখক আপোনাৰ কিডনী !

Kidney: এইসমূহ খাদ্য গ্ৰহণ কৰি সুস্থ কৰি ৰাখক আপোনাৰ কিডনী !
Kidney: এইসমূহ খাদ্য গ্ৰহণ কৰি সুস্থ কৰি ৰাখক আপোনাৰ কিডনী !

বৃক্ক হৈছে আমাৰ শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ।(Kidney) বৃক্কই আমাৰ শৰীৰত গঠিত বিষাক্ত পদাৰ্থবোৰ পৰিষ্কাৰ কৰি শৰীৰৰ পৰা আঁতৰোৱাত সহায় কৰে। যদি বৃক্কৰ ক্ষতি হয়, তেন্তে শৰীৰৰ সকলো অংগত বিষ বিয়পিবলৈ আৰম্ভ কৰে আৰু ব্যক্তিজন লাহে লাহে মৃত্যুৰ দিশে আগবাঢ়ি যায়। এনে পৰিস্থিতিত বৃক্ক সুস্থ কৰি ৰাখিবলৈ আজিৰ পৰাই ৫টা খাদ্য গ্ৰহণ কৰিবলৈ আৰম্ভ কৰক।

কমলা আৰু নেমুৰ দৰে ছাইট্ৰাছ ফল ভিটামিন চিৰ উৎকৃষ্ট উৎস। ছাইট্ৰাছ ফল খালে বৃক্ক সুস্থ কৰি ৰাখে আৰু ইয়াৰ কাম সুচাৰুৰূপে সম্পন্ন কৰাত সহায় কৰে। গতিকে এনে ফল-মূল খাব লাগিব।

কিছুমান বনৌষধি, যেনে লিক’ৰাইচ আৰু ৰেডিক্স ট্ৰিপটেৰিজিয়াম উইলফৰ্ডিয়ে বৃক্কক স্বাস্থ্যকৰ কৰি তোলে। ইয়াৰ ফলত শৰীৰৰ বিষমুক্ত হৈ শৰীৰৰ পৰা অবাঞ্চিত উপাদান ওলাই যায়।

আমাৰ সকলো পাকঘৰতে পিয়াঁজ আৰু নহৰু সহজে পোৱা যায়। এই দুয়োটা প্ৰাকৃতিক যৌগ যিয়ে বৃক্কৰ কোষক সুৰক্ষা দিব পাৰে। এই দুয়োটা শাক-পাচলি খালে শৰীৰৰ ফুলাও কমি যায়।

তিয়হক গ্ৰীষ্মকালৰ অমৃত বুলি গণ্য কৰা হয়। ই পানী আৰু আঁহেৰে ভৰপূৰ। ইয়াৰ প্ৰস্ৰাৱৰ গুণ আছে, যিয়ে বিষাক্ত পদাৰ্থ বাহিৰ কৰি পেলোৱাত আৰু বৃক্কৰ পাথৰ ৰোধ কৰাত বহু সহায় কৰে।

বিলাহীৰ এন্টিঅক্সিডেন্ট গুণ আছে। বিলাহীত বৃক্কৰ কোষক ক্ষতিৰ পৰা ৰক্ষা কৰাত যথেষ্ট সহায় কৰে। ইয়াৰ ফলত বৃক্কই নিজৰ কামত অতি আৰাম অনুভৱ কৰে।

jackfruit: বতৰৰ ফল বতৰত খাবঃ গৰমৰ দিনত কিয় খাই কঁঠাল ?

jackfruit: বতৰৰ ফল বতৰত খাবঃ গৰমৰ দিনত কিয় খাই কঁঠাল ?
jackfruit: বতৰৰ ফল বতৰত খাবঃ গৰমৰ দিনত কিয় খাই কঁঠাল ?

বতৰৰ ফল বতৰত খাব লাগে। এতিয়া আম, কঁঠাল, লিচু খোৱাৰ বতৰ।(jackfruit)বহুতে গৰমত আম, লিচু খাই ভালপাই কিন্তু, কঁঠাল খাই বেয়াপাই। কঁঠালৰ মুচি, কঁঠালৰ গুটি খাই সকলোৱা ভালপাই। কেৱল বেয়া পাই কঁঠাল খাবলৈ। কঁঠাল খাই বেয়া পোৱা সকলৰ বাবে লৈ আহিছোঁ এক খবৰ। (summer)

কঁঠাল পকা বা কেঁচা দুয়োবিধে খাব পাৰে আপুনি। আজি আপোনা লোকক জনাম গৰমত কঁঠাল খালে স্বাস্থ্যৰ কেনে উপকাৰ হয়।

কেঁচা, পকা দুয়োবিধ কঁঠালেই শক্তিদায়ক। কঁঠালৰ কুকুৰীকণা ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা আছে। কৌষ্ঠকাঠিন্যত ভোগাসকলে কঁঠাল খাব লাগে। কঁঠালে কর্কট ৰোগ প্রতিৰোধ কৰাত সহায় কৰে। যৌনশক্তি বৃদ্ধিও কঁঠালে সহায় কৰে।
কঁঠালে শুক্ৰানুবৃদ্ধিত সহায় কৰে। বিশেষকৈ কঁঠালৰ গুটি খালে শুক্ৰানু বৃদ্ধি হয়। ৰক্তহীনতাত ভোগাসকলৰ বাবে কঁঠাল উপকাৰী। কঁঠালত পুষ্টিকৰ উপাদান যেনে ভিটামিন, খনিজ পদাৰ্থ, পটাছিয়াম, আঁহ, প্ৰটিন আদি থাকে, যিবোৰ স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ। কঁঠালত আঁহ থাকে যিয়ে ব্লাড চুগাৰ নিয়ন্ত্ৰণত সহায় কৰে আৰু ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে।কঁঠালত ভাল পৰিমাণৰ পটাছিয়াম থাকে যিয়ে হৃদযন্ত্ৰৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰে। কঁঠালত কেলৰি আৰু চৰ্বি কম থাকে যদিও ই প্ৰচুৰ পৰিমাণে পুষ্টি প্ৰদান কৰে, যিয়ে ওজন নিয়ন্ত্ৰণত সহায় কৰে।

কঁঠাল এবিধ ফলে নহয়, ই পুষ্টিকৰ ভঁৰাল। গতিকে বতৰৰ ফল বতৰতে খাব লাগে। গৰম বুলি নোখোৱাকৈ নাথাকিব কঁঠাল।

ঠিক সেইদৰে ফলৰ ৰজা আমৰো আছে বহু গুণাগুণ। আমত ভিটামিন ‘এ’, চি’ ৰ লগতে ‘বি’ আৰু ‘ডি’ও আছে। আমত কমলাতকৈ আৰু আপেলতকৈ বেছি ভিটামিন পোৱা যায়। আম পকা বা কেঁচা দুয়োবিধে খাব পাৰে। কিন্তু আম খালী পেটত খাব নালাগে আম খোৱাৰ উত্তম সময় হৈছে দুপৰীয়া। 

Father’s Day 2025: আজি পিতৃ দিৱসঃ কিয়, কেতিয়াৰ পৰা উদযাপন কৰা হৈছে পিতৃ দিৱস ?

Father's Day 2025: আজি পিতৃ দিৱসঃ কিয়, কেতিয়াৰ পৰা উদযাপন কৰা হৈছে পিতৃ দিৱস ?
Father's Day 2025: আজি পিতৃ দিৱসঃ কিয়, কেতিয়াৰ পৰা উদযাপন কৰা হৈছে পিতৃ দিৱস ?

আজি পিতৃ দিৱস, পিতৃ দিৱস কেৱল এটা তাৰিখ নহয়!(Father’s Day 2025) এয়া কৃতজ্ঞতা, স্মৃতি আৰু প্ৰেমেৰে ভৰা এটা দিন। পিতৃ দিৱস কেনেকৈ আহিল, এই দিৱসৰ আৱেগিক মূল্য থকাৰ কাৰণ, আপুনি হয়তো নাজানে মৰ্মস্পৰ্শী পিতৃ দিৱসৰ ইতিহাস!

সমগ্ৰ বিশ্বৰ পিতৃ আৰু পিতৃ ব্যক্তিসকলে কৰা মৰম, সমৰ্থন আৰু ত্যাগক সন্মান জনাই পিতৃ দিৱস উদযাপন কৰা হয়। এই দিনটোৰ উদ্দেশ্য হৈছে আমাৰ জীৱনত পিতৃ উপস্থিতিৰ শলাগ লোৱা।

প্ৰতি বছৰে জুন মাহৰ তৃতীয় দেওবাৰে পিতৃ দিৱস পালন কৰা হয়। আমেৰিকা, যুক্তৰাজ্য, কানাডা, ভাৰত আদি বহু দেশত জুন মাহৰ তৃতীয় দেওবাৰে এই দিৱস পালন কৰা হয়। এই বছৰ এই দিৱস ২০২৫ চনৰ ১৫ জুনত পৰিছে। তাৰিখটো প্ৰতি বছৰে সলনি হয় যদিও এসাধাৰণতে ১৫ৰ পৰা ২১ জুনৰ ভিতৰতে পৰে।

পিতৃ দিৱসৰ ধাৰণা আমেৰিকাত ২০ শতিকাৰ আৰম্ভণিৰ পৰাই আৰম্ভ হৈছিল। পিতৃ দিৱসৰ আৰম্ভণি হৈছিল ৱাশ্বিংটনত অৱস্থিত স্পকেনৰ এগৰাকী মহিলা ছ’নোৰা স্মাৰ্ট ডডৰ পৰা। পত্নীৰ মৃত্যুৰ পিছত পিতৃ উইলিয়াম জেকচন স্মাৰ্টে অকলে ৬টা সন্তানক ডাঙৰ-দীঘল কৰাৰ বাবে তেওঁৰ পিতৃ উইলিয়াম জেকচন স্মাৰ্টক সন্মান জনোৱাৰ বাবে এটা দিন পাৰ কৰিব বিচাৰিছিল। সেইবাবেই ছ’নোৰাই সিদ্ধান্ত লৈছিল যে পিতৃসকল সেই প্ৰশংসাৰ যোগ্য আৰু পিতৃ দিৱসৰ ধাৰণাটো লৈ আহিছিল। ১৯১০ চনত প্ৰথম পিতৃ দিৱস পালন কৰা হৈছিল যদিও আনুষ্ঠানিক হ’বলৈ বহু বছৰ লাগিছিল।


আনহাতে এটা কথা জানেনে? গোলাপ ফুলক আমেৰিকাত পিতৃ দিৱসৰ বাবে চৰকাৰী ফুল হিচাপে গণ্য কৰা হয়।

Kedarnath Helicopter Crash: ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা, নিহত বহুকেইজন !

Kedarnath Helicopter Crash: ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা, নিহত বহুকেইজন !
Kedarnath Helicopter Crash: ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা, নিহত বহুকেইজন !

আহমেদাবাদত বিমান দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত আজি এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয়।।(Kedarnath Helicopter Crash)

এই ঘটনা সংঘটিত উত্তৰাখণ্ডৰ কেদাৰনাথ ধামৰ সমীপত।(Kedarnath)

উক্ত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাত নিহত ৭ জনকৈ লোক।

কেদাৰনাথৰ ৰুদ্ৰপ্ৰয়াগ জিলাত গৌৰীকুণ্ডৰ অৰণ্যত ভূপতিত হয় হেলিকপ্টাৰখন।

কেদাৰনাথলৈ গৈ থকাৰ সময়তে দুৰ্ঘটনাত পতিত হেলিকপ্টাৰখন।

দুৰ্ঘটনাত পাইলটসহ ৭ জনকৈ লোকৰ মৃত্যু হয়।