Home Blog Page 149

৩৮ সংখ্যক নাট্যবৰ্ষৰ বাবে প্ৰস্তুতি আৰম্ভ হেঙুলগোষ্ঠীৰ – HENGOOL THEATRE 2025-26

৩৮ সংখ্যক নাট্যবৰ্ষৰ বাবে প্ৰস্তুতি আৰম্ভ হেঙুলগোষ্ঠীৰ - HENGOOL THEATRE 2025-26
৩৮ সংখ্যক নাট্যবৰ্ষৰ বাবে প্ৰস্তুতি আৰম্ভ হেঙুলগোষ্ঠীৰ - HENGOOL THEATRE 2025-26

HENGOOL THEATRE 2025 26 । প্ৰেম-ভালপোৱাক কলঙ্কিত কৰি তোলা সমাজৰ বিকৃত মানসিকতাৰ বিৰুদ্ধে এক তীব্ৰ প্ৰতিবাদ স্বৰূপে এইবাৰ হেঙুল থিয়েটাৰে মঞ্চস্থ কৰিব “এচিড” নামৰ নাটক। অভিজিত ভট্টাচাৰ্যৰ ৰচনা আৰু সংকল্পজিৎ হাজৰিকাৰ পৰিচালনাৰ সৈতে আগন্তুক নাট্যবৰ্ষত এই নাটকজনক কেন্দ্ৰ কৰি থিয়েটাৰখনৰ যাত্ৰা আৰম্ভ হ’ব।

২০২৫-২৬ নাট্যবৰ্ষ

  • প্ৰথম নাটক: ‘এচিড’ – ২ জুলাই, মৰিয়নিৰ স্থায়ী আখৰাঘৰত মঞ্চস্থ হ’ব
  • মূল থিম: প্ৰেমৰ ওপৰত সংঘটিত এক এচিড আক্ৰমণ আৰু তাৰ পেছফালৰ ভিন্ন মানসিক, সামাজিক পৰিৱেশ
  • প্ৰধান অভিনেতাসকল:
    • প্ৰসেনজিত বৰা (একশনধৰ্মী নায়ক)
    • স্নিগ্ধা গগৈ (মননশীল অভিনেত্ৰী)
    • মঞ্জিল বৰুৱা (খলনায়ক)
    • অৰুণ বৰা (কমেডি কিঙ)
    • লগতে ৰোহিত চৌধুৰী, মহেশ বৰা, অলকেশ হাজৰিকা, জয়ন্ত বৰ্মন, ননী দেৱী, অংকিতা ৰিয়া কাশ্যপ আৰু আন বহু প্ৰতিভাবান শিল্পী

অন্য নাটক:

  • ‘পাগল থানা’ – প্ৰণৱ বৰুৱাৰ ৰচনা
  • ‘ভাইৰেল গান্ধী’ – যুৱ নাট্যকাৰ প্ৰণৱ ভৰালীৰ সৃষ্টি


এইবাৰ হেঙুল থিয়েটাৰ তাৰকাবিহীন নহয়; চলচ্চিত্ৰ-মঞ্চ জগতৰ একাধিক জনপ্ৰিয় মুখৰ যোগদান নিশ্চিত কৰা হৈছে।

এই নাট্যযাত্ৰাই সমাজিক অৱক্ষয়ৰ ওপৰত আলোকপাত কৰাৰ লগতে অসমীয়া থিয়েটাৰৰ গৌৰৱবাহী পৰম্পৰা অব্যাহত ৰাখিব বুলি আশা প্ৰকাশ কৰিছে প্ৰযোজকসকলে।

উদ্যোগ মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত এডভান্টেজ অসম ২.০ৰ প্ৰস্তাৱৰ পৰ্যালোচনা । Bimal Bora

উদ্যোগ মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত এডভান্টেজ অসম ২.০ৰ প্ৰস্তাৱৰ পৰ্যালোচনা । Bimal Bora
উদ্যোগ মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত এডভান্টেজ অসম ২.০ৰ প্ৰস্তাৱৰ পৰ্যালোচনা । Bimal Bora

১২জুন:Bimal Bora । এডভান্টেজ অসম ২.০ত অসমত উদ্যোগ স্থাপনৰ বাবে বুজা বুজিৰ চুক্তিত স্বাক্ষৰ হোৱা কিছুসংখ্যক ঔদ্যোগিক প্ৰস্তাৱৰ সন্দৰ্ভত আজি ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত জনতা ভৱনৰ কাৰ্য্যলয় কক্ষত এক গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়।

উদ্যোগ স্থাপনৰ বাবে বুজা বুজিৰ চুক্তি স্বাক্ষৰ কৰা উদ্যোগ প্ৰতিষ্ঠান সমূহৰ প্ৰস্তাৱ সমূহৰ কাৰিকৰী দিশ, উৎপাদনশীলতা,ঔদ্যোগিক স্হানৰ সূচলতা,ভূমি আৱন্টন,আন্ত:গাথনি উন্নয়ন, বিদ্যুৎ যোগান, ৰাজ্য চৰকাৰে আগবঢ়াব পৰা সুবিধা, নিয়োগৰ সুবিধা আদি বিষয় সমূহ বৈঠক খনত পুংখানুপুংখ ভাৱে পৰ্যালোচনা কৰা হয়।



উদ্যোগ বিভাগৰ বিশেষ সচিব ৰাকেশ আগৰৱালা, সচিব ড০লক্ষ্মণন এছ,ইন্দিৰা কলিতা, আয়ুক্ত ঐনাম চৰণ কুমাৰ সিং, অসম উদ্যোগিক উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক মানবেন্দ্র প্ৰতাপ সিঙকে ধৰি উদ্যোগ বিভাগৰ কেবাগৰাকীও উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠক খনত এডভান্টেজ অসম ২.০ত ৰাজ্য চৰকাৰে লাভ কৰা প্ৰস্তাৱ সমূহৰ ওপৰত বিষদ পৰ্যালোচনাৰ জৰিয়তে ইয়াৰ কাৰ্যকৰী কৰণৰ দিশত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। অসমৰ ঔদ্যোগিক বিকাশ আৰু ইয়াৰ ফলত সৃষ্টি হ’ব লগা নিয়োগৰ সুবিধাই ৰাজ্যখনৰ উন্নয়নৰ দিশত পেলাব পৰা সুদূৰ প্ৰসাৰী প্ৰভাৱৰ বিষয়টোও বৈঠকত আলোচনা কৰা হয়। উদ্যোগ মন্ত্রী বড়াই বিভাগৰ বিষয়া সকলক এই দিশত সচেষ্ট হৈ কাম কৰাৰ বাবে বৈঠকত নিৰ্দেশ দিয়াৰ লগতে সঘনাই এই দিশত সভা অনুষ্ঠিত কৰাৰ পোষকতা কৰে।

NRC-ত নাম থাকিলেও বিতাড়ন হব পাৰে – মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য

NRC-ত নাম থাকিলেও বিতাড়ন হব পাৰে – মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য

NRC । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (NRC) সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। তেওঁ স্পষ্টকৈ কয় যে, “NRC-ত নাম থাকিলেও যদি কোনো ব্যক্তিক বিদেশী বুলি চিনাক্ত কৰা যায়, তেওঁক ৰাজ্যৰ পৰা বিতাড়ন কৰা হ’ব।”

মুখ্যমন্ত্ৰীয়ে কয় —

  • NRC-ত বহু অনুপ্ৰৱেশকাৰীয়ে কৌশলে নাম সোমোৱাৰ চেষ্টা কৰিছিল।
  • NRC কেৱল এখন নথি, নাগৰিকত্বৰ একমাত্ৰ প্ৰমাণ নহয়।
  • “লাখ লাখ লোকক উভতাই পঠিয়াব পৰা সহজ কাম নহয়, কিন্তু যাক বিদেশী বুলি গম পালোঁ, তেওঁক উভতাই পঠিয়াম।”

তেওঁৰ অভিযোগ, NRC প্ৰক্ৰিয়াত কিছুমান বিষয়াই গাফিলতি কৰিছিল আৰু বাহিৰৰ কিছুমান লোকেও (যেনে — হৰ্ষ মণ্ডল) প্ৰভাৱ পেলোৱাৰ চেষ্টা কৰিছিল যাতে তালিকাখন বিভ্ৰান্তিকৰ হয়।

মুখ্যমন্ত্ৰীয়ে লগতে স্পষ্ট কৰে যে, এতিয়া NRC তথ্য়ক “চূড়ান্ত” বুলি ধৰিব নোৱাৰি — আৰু ইয়াৰ আধাৰত কোনোব্যক্তিয়ে স্থায়ী পট্টা নাপাব।

  • বহু অবৈধ বিদেশীক ধৰা পৰাৰ পাছত বাংলাদেশলৈ প্ৰেৰণ কৰা হৈছে।
  • যদিও বাংলাদেশে কিছুমান লোকক নিজৰ নাগৰিক হিচাপে স্বীকৃতি নিদিয়া বাবে তেওঁলোকক আকৌ উভতাই পঠিয়াব লগা হৈছে।


মুখ্যমন্ত্ৰীয়ে এই বহিষ্কাৰ অভিযানৰ ক্ষেত্ৰত ১৯৫০ চনৰ “Immigrants (Expulsion from Assam) Act” ব্যৱহাৰৰ কথা উল্লেখ কৰিছে, যাৰ জৰিয়তে এখন পূৰ্ণাঙ্গ বিচাৰ প্ৰক্ৰিয়াৰ অবিহনে জিলাখণ্ড আয়ুক্তই প্ৰত্যাহাৰৰ সিদ্ধান্ত ল’ব পাৰে।

ভূপেন হাজৰিকাৰ কলিয়াবৰৰ কুঠৰীৰ ঘৰ সংৰক্ষণলৈ পদক্ষেপ, অনুৰাগীৰ মাজত উল্লাস । Bhupen Hazarika

ভূপেন হাজৰিকাৰ কলিয়াবৰৰ কুঠৰীৰ ঘৰ সংৰক্ষণলৈ পদক্ষেপ, অনুৰাগীৰ মাজত উল্লাস । Bhupen Hazarika
ভূপেন হাজৰিকাৰ কলিয়াবৰৰ কুঠৰীৰ ঘৰ সংৰক্ষণলৈ পদক্ষেপ, অনুৰাগীৰ মাজত উল্লাস । Bhupen Hazarika

কলিয়াবৰ, ১১ জুনঃ Bhupen Hazarika উজনি-নামনিৰ যাত্ৰা কালত জিৰণি লৈছিল যি ঘৰটোত, সেই ঘৰ আজি সুধাকণ্ঠ ভূপেন হাজৰিকাৰ স্মৃতিময় প্ৰতীক। এতিয়া ভূপেন দা নহ’লেও, কলিয়াবৰৰ কুঠৰীৰ সেই চোতালত প্ৰতিষ্ঠিত হৈছে তেখেতৰ এটি পূৰ্ণাঙ্গ প্ৰতিমূৰ্তি — যেন নিজৰেই উপস্থিতিত পুনৰ জীয়াই উঠিছে সঙ্গীত জগতৰ সেউজী কিংবদন্তি।

ভূপেন হাজৰিকাৰ অসমত থকা একমাত্ৰ নিজা ঘৰ আছিল এই কলিয়াবৰৰ কুঠৰীৰ ঘৰ। বহু সৃষ্টিৰ জন্মস্থান — বহু স্মৃতিৰে জড়িত এই ঘৰখনে এতিয়া সুধাকণ্ঠৰ অনুৰাগীৰ বাবে এক তীৰ্থক্ষেত্ৰ স্বৰূপ। তেখেতৰ পৰিয়ালৰ ভাই-ভনীসকলৰ বাবে এই ঘৰটো আছিল মৰম আৰু আস্থাৰ স্থান। পিতৃ-মাতৃৰ সোঁৱৰণত অনুষ্ঠিত ‘ভূপেন্দ্ৰ সঙ্গীত প্ৰতিযোগিতা’ হ’বলৈ দিয়া বঁটা আৰু কলিয়াবৰৰ মঞ্চত গোৱা ‘এইখন কলিয়াবৰ’ গীতই এই ঘৰৰ ঐতিহাসিক মূল্য অধিক বৃদ্ধি কৰিছে।

সুধাকণ্ঠৰ বিশেষ বন্ধু শিল্পপ্ৰাণ চন্দ্ৰ ফুকনৰ বিষাদ আঁতৰাবলৈ লিখা ‘যদি জীৱনে কান্দে নাই নাই বুলি’ আৰু চিন্তাশীল কলিয়াবৰীয়া বন্ধু ‘জঙ্ঘলী’ৰ জীৱনলৈ উৎসৰ্গিত ‘জংলী-জংলী দুনীয়াই কয়, জঙ্ঘলেই মোৰ ঘৰ’ — এই দুই বিখ্যাত গীতৰ আঁতৰিও, কাজিৰঙা চলচ্চিত্ৰত বৰ্ণনা কৰা সেউজী বাগৰি আৰু মৰমী কুঠৰীৰ উল্লেখো কুঠৰীৰ এই ঘৰটোক সাংস্কৃতিক সম্পদৰ ৰূপত গঢ়ি তোলে।

এই ঘৰৰ সংৰক্ষণৰ প্ৰতি চৰকাৰী তৎপৰতা বহু আগতে আৰম্ভ হৈছিল। সোণোৱাল চৰকাৰে দায়িত্ব গ্ৰহণ কৰাৰ লগে লগে অনুষ্ঠিত হোৱা কেবিনেটৰ প্ৰথম সভাতেই ভূপেনদাৰ টালিগঞ্জ আৰু কলিয়াবৰৰ বাসগৃহ সংৰক্ষণৰ সিদ্ধান্ত লোৱা হৈছিল।

স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ সক্ৰিয় উদ্যোগত এতিয়া এই ঐতিহাসিক গৃহখন সংৰক্ষণৰ কাম অধিক গতিত আগবাঢ়িছে। তেওঁ কয় —
“ভূপেন দাৰ কলিয়াবৰৰ কুঠৰীৰ ঘৰখনৰ ভূমি বৰ্তমান যিজনৰ অধিকাৰত আছে, তেওঁৰ সৈতে ইতিমধ্যে আলোচনা আৰম্ভ হৈছে। ভূমিখন পুনৰ ঘূৰাই অনাৰ ক্ষেত্ৰত সকলো পৰিকল্পনা আগবঢ়োৱা হৈছে।”

ভূপেন দাৰ স্মৃতি বিজড়িত সত্ৰসমূহ সংৰক্ষণৰ চৰকাৰী সিদ্ধান্তৰ পিচত কলিয়াবৰৰ অনুৰাগীৰ মাজত সৃষ্টি হৈছে অপাৰ উল্লাস। এই পদক্ষেপক ‘ভূপেনদাৰ প্ৰতি সঁচা সন্মান’ বুলি অভিহিত কৰিছে বহু সাংস্কৃতিক ব্যক্তিত্ব আৰু স্থানীয় ৰাইজে।

এইবাৰ আশা — কুঠৰীৰ ঘৰখনে ভৱিষ্যত প্ৰজন্মৰ বাবে হ’ব ভূপেন হাজৰিকাৰ আদৰ্শ, চিন্তা আৰু শিল্পভাৱনাৰ এক গাথা।

ৰাজা ৰঘুবংশী হত্যাকাণ্ডঃ “৩ বছৰে ৰাজক ৰাখী পিন্ধাইছিল সোনমে” – বিস্ফোৰক মন্তব্য সোনমৰ ভাতৃ গোবিন্দৰ, দোষীক ফাঁচীৰ দাবী । Raja Raghuvanshi Murder Case

ৰাজা ৰঘুবংশী হত্যাকাণ্ডঃ “৩ বছৰে ৰাজক ৰাখী পিন্ধাইছিল সোনমে” – বিস্ফোৰক মন্তব্য সোনমৰ ভাতৃ গোবিন্দৰ, দোষীক ফাঁচীৰ দাবী । Raja Raghuvanshi Murder Case

১১ জুনঃRaja Raghuvanshi Murder Case । দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা ৰাজা ৰঘুবংশী হত্যাকাণ্ডত নতুন মোড় লৈছে। ইতিমধ্যে SITৰ জেৰাত সোনম ৰঘুবংশীসহ ৪ অভিযুক্তে হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰাৰ পাছত, এতিয়া ৰাজা ৰঘুবংশীৰ পৰিয়ালৰ সৈতে দেখা কৰি বিস্ফোৰক মন্তব্য কৰিলে সোনমৰ ভাতৃ গোবিন্দ ৰঘুবংশীয়ে।

গোবিন্দে ৰাজাৰ মাকৰ সৈতে সাক্ষাৎ কৰি সান্ত্বনা জনাই ক’লে —
“ৰাজা মোৰ বহুত মৰমৰ আছিল। মই সোনমৰ সৈতে সকলো সম্পৰ্ক শেষ কৰিছো। মই ৰাজাৰ পৰিয়ালৰ সৈতে সদায় থাকিম। পৰিয়ালটোত ৰাজাৰ অভাৱ মই পূৰণ কৰিম।”

গোবিন্দে জানিবলৈ দিয়ে —
“সোনমে মোক আৰু ৰাজক একেলগে ৩ বছৰে ৰাখী পিন্ধাইছিল। সোনম আৰু ৰাজৰ সম্পৰ্কৰ কথা মই যদি আগতে জানিলোহেঁতেন, তেন্তে মই ৰাজক কামত নাৰাখিলোহেঁতেন।”

তেওঁ কয় যে সোনমৰ বিয়া পূৰ্বে কোনো প্ৰেমৰ সম্পর্ক নাছিল বুলি তেওঁ বিশ্বাস কৰিছিল।
“বিয়াৰ দুমাহ পূৰ্বৰে পৰা বজাৰ কৰিছিল সোনমে। নিজৰ বিয়াক লৈ সুখী আছিল। সোনমে গাজীপুৰৰ ধাবাৰ পৰা মোক ফোন কৰিছিল। তেতিয়া ফোনত কথা পাতি মই নিশ্চিত হৈছিলোঁ যে সোনম দোষী। তাৰ পাছতে মই নিজেই আৰক্ষীক খবৰ দিছিলোঁ।”

সোনমৰ সৈতে ৰাজ কুছৱাহাৰ সম্পৰ্ক সন্দৰ্ভত গোবিন্দৰ মন্তব্য —
“ৰাজ আমাৰ কোম্পানীৰ কৰ্মচাৰী আছিল। সোনমক বিয়া দিয়া আগতে ৰাজে যদি মাতৃক ভাবুকি দিছিল, তেন্তে মায়ে বিয়া নিদিলেহেঁতেন।”

হানিমুনত গ’লে স্বামীক হত্যা কৰাৰ ঘটনা শুনি হতভম্ব গোবিন্দে সোনমৰ বাবে কঠোৰতম শাস্তিৰ দাবী জনাই —
“সোনম যেন ফাঁচী পায়। এনে জঘন্য কাণ্ডৰ সাজা একমাত্ৰ মৃত্যুদণ্ড হওঁক।”

সোনমৰ ভাতৃৰ এই বিস্ফোৰক মন্তব্যৰ পিছত তদন্তখন অধিক গভীৰ হ’বলৈ লৈছে। আৰক্ষীয়ে ইতিমধ্যে শ্বিলঙত মেডিকেল পৰীক্ষা, হোটেল চিচিটিভি ফুটেজ, আৰু মোবাইল কল ৰেকৰ্ডৰ জৰিয়তে তথ্য সংগ্ৰহ অব্যাহত ৰাখিছে।

ৰাইজৰ প্ৰশ্ন – “যিসকলৰ মনৰ ভিতৰতে বিশ্বাসঘাতকতা আৰু নৃশংসতা থাকে, তেওঁলোকে হানিমুনৰ নামত হত্যা কৰিব পাৰে নেকি?”

ঘটনাৰ পিছত গোটা দেশজুৰি এক উত্তেজনাপূর্ণ বাতাবৰণ সৃষ্টি হৈছে আৰু ৰঘুবংশী পৰিয়ালৰ ন্যায়ৰ বাবে বহু ৰাইজে সোচ্চাৰ হৈ পৰিছে।

বিলাসীপাৰাত ভাইৰেল Content Creator পাৰবীনৰ অশ্লীল দৃশ্যঃ সমাজ সংস্কৃতিত চূড়ান্ত আঘাত, নীলা ছবি নিৰ্মাণৰ অভিযোগ

বিলাসীপাৰাত ভাইৰেল Content Creator পাৰবীনৰ অশ্লীল দৃশ্যঃ সমাজ সংস্কৃতিত চূড়ান্ত আঘাত, নীলা ছবি নিৰ্মাণৰ অভিযোগ
বিলাসীপাৰাত ভাইৰেল Content Creator পাৰবীনৰ অশ্লীল দৃশ্যঃ সমাজ সংস্কৃতিত চূড়ান্ত আঘাত, নীলা ছবি নিৰ্মাণৰ অভিযোগ

১১ জুনঃ Content Creator । সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এখন অশ্লীল ভিডিঅ’ লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ বিলাসীপাৰা অঞ্চলত। এই ভিডিঅ’ত থকা যুৱতীজনী জনপ্ৰিয় Content Creator পাৰবীন বুলি চিনাক্ত হৈছে। সামাজিক মাধ্যমত বিভিন্ন গোষ্ঠীয়ে ইতিমধ্যে এই ঘটনাৰ তীব্ৰ প্ৰতিবাদ জনাইছে আৰু চৰকাৰীভাৱে তদন্তৰ দাবী জনাইছে।

অভিযোগ অনুসৰি, পাৰবীন নামৰ এই যুৱতী গৰাকী সোণাপাতাৰ বাসিন্দা। তেওঁৰ বিৰুদ্ধে আগতে বহু আপত্তিজনক ৰীলচ আৰু ভিডিঅ’ সামাজিক মাধ্যমত আপল’ড কৰাৰ অভিযোগ আছিল। এইবাৰ অভিযোগ উঠিছে সোজা নিষিদ্ধ “নীলা ছবি” নিৰ্মাণত নামি পৰাৰ।

এই ঘটনা সকলো সমাজপ্ৰেমী লোকৰ মাজত গভীৰ চিন্তা আৰু উদ্বেগৰ সৃষ্টি কৰিছে। বিশেষকৈ যুৱ প্ৰজন্মৰ কিছুমান Content Creator কেৱল ভিউজ আৰু পচন্দৰ বাবে নৈতিকতাৰ সকলো সীমা অতিক্ৰম কৰি থকা পৰিলক্ষিত হৈছে। সমাজত মানসিক স্খলনৰ এই প্ৰবণতাই উদ্বেগজনক পৰিস্হিতি সৃষ্টি কৰিছে।

স্থানীয় ৰাইজ আৰু নাগৰিক সংগঠনে বিলাসীপারা আৰক্ষীৰ পৰা চূড়ান্ত তদন্ত আৰু কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। আৰক্ষী অধীক্ষকক প্ৰশ্ন কৰা হ’লত তেওঁ কয় —
“আমাৰ গোটেই প্ৰযুক্তিগত শাখাই ইতিমধ্যে বিষয়টো সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। যদি প্ৰমাণ পোৱা যায় যে পাৰবীন সত্যই নীলা ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰত জড়িত, তেন্তে তেওঁৰ বিৰুদ্ধে IT Act আৰু IPC অনুসৰি কঠোৰতম আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।”

উল্লেখযোগ্য যে— ভাৰতীয় আইন অনুসৰি, অশ্লীল সামগ্ৰী নিৰ্মাণ আৰু প্ৰচাৰ দুয়োটাই গুৰুতৰ অপৰাধ। এইবিধ ঘটনাই পুনৰ এবাৰ দেখুৱাইছে যে, সামাজিক মাধ্যমত Content Creator হোৱাৰ নামত চলি থকা অপসংস্কৃতিৰ ওপৰত এতিয়া সময়ত প্ৰশাসনৰ কড়া চকু থকাটো জৰুৰী।

২০২৬ৰ নিৰ্বাচনতে ৰাজ্যৰ সক্ৰিয় ৰাজনীতিলৈ উভতি অহাৰ সম্ভাৱনা ফণীন্দ্ৰনাথ শৰ্মাৰ ! Phanindranath Sharma

২০২৬ৰ নিৰ্বাচনতে ৰাজ্যৰ সক্ৰিয় ৰাজনীতিলৈ উভতি অহাৰ সম্ভাৱনা ফণীন্দ্ৰনাথ শৰ্মাৰ ! Phanindranath Sharma
২০২৬ৰ নিৰ্বাচনতে ৰাজ্যৰ সক্ৰিয় ৰাজনীতিলৈ উভতি অহাৰ সম্ভাৱনা ফণীন্দ্ৰনাথ শৰ্মাৰ ! Phanindranath Sharma

১১ জুনঃ Phanindranath Sharma । ২০২৬ৰ অসম বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ মাজত আৰম্ভ হৈছে নানান ৰাজনৈতিক সমীকৰণ। তেনে ৰাজনৈতিক সমীকৰণ বিজেপিৰ ভিতৰ চৰাতো আৰম্ভ হোৱা বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে। বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ২০২৬ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ এগৰাকী শক্তিশালী প্ৰাৰ্থী হব পাৰে দলৰ এগৰাকী নিষ্ঠাবান নেতা। তেওঁ হৈছে ফণী শৰ্মা।

ফণী শৰ্মাই ইতিমধ্যে ৰাজ্যৰ ৰাজনীতিত সক্ৰিয়ভাবে অংশগ্ৰহণ কৰাৰ বাবে দিল্লীত দলৰ অসমৰ পৰা নিৰ্বাচিত সাংসদসকল লগ ধৰি থকা বুলিও সূত্ৰটোৱে প্ৰকাশ কৰিছে। উল্লেখ্য ফণীন্দ্ৰনাথ শৰ্মাৰ বিজেপি দলত ভালেখিনি অৱদান আছে। ২০১৪, ২০১৬, ২০১৯ আৰু ২০২১ বৰ্ষৰ অসমৰ লোকসভা আৰু বিধানসভা নিৰ্বাচন তথা ২০২৪ চনৰ ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত তেওঁ দক্ষতাৰে দলৰ বাবে কাম কৰিছিল। সেয়ে বিজেপিৰ গুডবুকত ফণীন্দ্ৰনাথ শৰ্মাৰ নাম উজ্জ্বল আখৰেৰে লিখা ৰৈছে বুলিও সূত্ৰটোৱে কয়। ফণীন্দ্ৰনাথ শৰ্মাই শেহতীয়াকৈ হাৰিয়ানাৰ বাবে বিজেপিৰ মিছন ২০২৪ সফলতাৰে সম্পন্ন কৰিছে। হাৰিয়ানাত ঐতিহাসিক হেট্ৰিকত উপনীত হোৱাত আৰ এছ এছ-বিজেপিৰ এই অভিযানৰ সৈতে ফনীন্দ্ৰনাথ শৰ্মা ওতঃপ্ৰোতভাৱে জড়িত আছিল।

বিজেপিৰ তদানীন্তন অসম ৰাজ্যিক সংগঠন সম্পাদক ফনীন্দ্ৰনাথ শৰ্মাক হাৰিয়ানাত দলৰ নিৰ্বাচনী কামৰ দায়িত্ব ল’বলৈ আৰু ৰাজ্যখনত দলৰ শিপা শক্তিশালী কৰিবলৈ কোৱা হৈছিল।বিজেপিৰ হাৰিয়ানাৰ প্ৰভাৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু ফনীন্দ্ৰনাথ শৰ্মাই নিৰ্বাচনৰ কেইমাহমান পূৰ্বে কংগ্ৰেছে শক্তিশালী ৰূপত অৱতীৰ্ণ হব বিচৰা ৰাজ্যখনত দলৰ প্ৰচাৰক আগুৱাই নিয়াত অগ্ৰণী ভূমিকা পালন কৰিছিল। সূত্ৰটোৱে প্ৰকাশ কৰা মতে সেয়ে শৰ্মাই অসমৰ ৰাজনীতিৰ সৈতেও সক্ৰিয়ভাবে জড়িত হোৱাটো বিচাৰিছে দলৰেই একাংশই। উল্লেখ্য আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতৰ নিৰ্দেশমৰ্মে হাৰিয়ানাৰ ৬ হাজাৰ গাঁৱত ১৬ হাজাৰ সভা অনুষ্ঠিত কৰি ঘৰে ঘৰে প্ৰচাৰ চলাইছিল শৰ্মাই। ফনীন্দ্ৰনাথ শৰ্মাৰ তেনে নিৰলস প্ৰচেষ্টাৰ সুফল বিজেপিয়ে লাভ কৰিছিল। সেয়ে অসমৰ ৰাজনীতিতো এতিয়া ফণীন্দ্ৰনাথ শৰ্মাক বহুতে বিচৰা বুলি বিশেষ সূত্ৰটোৱে প্ৰকাশ কৰিছে। যদি সূ্ত্ৰটোৱে কৰা দাবী বাস্তৱত পৰিণত হয় তেন্তে অসমৰ ৰাইজে হয়তো ২০২৬ৰ নিৰ্বাচনত গেৰুৱা শিবিৰত নতুন মুখ দেখিবলৈ পাব।

জি এছ টি ৯.৯০ কোটি টকাৰ ফাঁকিঃ গ্ৰেপ্তাৰ হ’ল ব্যৱসায়ী বৰুণ গোৱেল ।GST


১১ জুন ২০২৫ঃ GST । এক উল্লেখযোগ্য পৰিঘটনাত গুৱাহাটীৰ কাৰভৱনৰ ৰাজ্যিক সামগ্ৰী আৰু সেৱা কৰ আয়ুক্ত বিভাগে ইনপুট টেক্স ক্ৰেডিট (আই টি চি) জালিয়াতিৰে লাভ কৰি ভুৱা চালানৰ জৰিয়তে চৰকাৰৰ ব্যাপক ৰাজহ ক্ষতি কৰাৰ অভিযোগত ৩৯ বছৰীয়া বৰুণ গোৱেল নামৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে ২০২৫ চনত বৰুণ গোৱালৰ মালিকানাধীন ব্যৱসায়িক মেছাৰ্ছ শিৱ ট্ৰেডাৰ্ছৰ চৌহদত কৰ বিভাগে চলোৱা তালাচী আৰু জব্দ অভিযানৰ পিছত।

২০২৫ চনৰ ৯ জুন তাৰিখে কৰা পৰিদৰ্শনত আইটিচি ব্যৱস্থাৰ অপব্যৱহাৰৰ দিশত যথেষ্ট প্ৰমাণ পোৱা গৈছে। ৯.৯০ কোটি টকা। অভিযুক্তই ভুলকৈ আইটিচিৰ সুবিধা লৈ ভুৱা আৰু ভুৱা চালান ব্যৱহাৰ কৰি অন্য সত্তালৈ প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে, যাৰ ফলত চৰকাৰক প্ৰতাৰণা কৰা হৈছে।অন্বেষণৰ সময়ত গোৱালে প্ৰৱঞ্চনামূলক কাম-কাজত জড়িত থকাৰ কথা স্বীকাৰ কৰি উদ্দেশ্য অবৈধ আৰ্থিক সুবিধা লাভ কৰা বুলি উল্লেখ কৰা বুলি জানিব পৰা গৈছে। ফলত কৰ্তৃপক্ষই তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ আগবাঢ়িল।

গ্ৰেপ্তাৰৰ পিছত গোৱেলক চিকিৎসা পৰীক্ষা কৰোৱা হয় আৰু পিছত তেওঁক গুৱাহাটীৰ কামৰূপ(এম)ৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰা হয়। শুনানিৰ পিছত ন্যায়াধীশে অপৰাধৰ গুৰুত্ব আৰু উপলব্ধ প্ৰমাণ বিবেচনা কৰি অভিযুক্তক ২০২৫ চনৰ ২৩ জুনলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

ভূপেন বৰাৰ বিজেপি গমনৰ চৰ্চাৰ আঁৰত আছে নেকি কোনো নেপথ্য কাহিনী ! bhupen bora

ভূপেন বৰাৰ বিজেপি গমনৰ চৰ্চাৰ আঁৰত আছে নেকি কোনো নেপথ্য কাহিনী ! bhupen bora

১০ জুন,২০২৫ঃ অসম প্ৰদেশ কংগ্ৰেছ প্ৰাক্তন সভাপতি ভূপেন বৰাই বিজেপিলৈ গমন কৰিব বুলি বিগত কিছুদিন ধৰি বেছ চৰ্চা চলি আহিছে। গৈৰৱ গগৈয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বাঘজৰী গ্ৰহণ কৰাৰ সময়তে চলি থকা এনে জল্পনা কল্পনাই কংগ্ৰেছ-বিজেপি উভয় দলৰেই ভিতৰ চৰাত মৃদুকৈ হলেও ক্ঁপনি নোতোলাকৈ থকা নাই। এনে সময়তে ভূপেন বৰাই স্পষ্ট কৰি দিছে যে অসমৰ ৰাইজৰ প্ৰতি তেওঁ দায়বব্ধ। সেয়ে তেওঁ বিজেপিলৈ যাব বুলি ওলোৱা গুজৱৰ কোনো অৰ্থ নাই বুলি ভূপেন বৰাই স্পষ্ট কৰি দিলে।

কিন্তু ভূপেন বৰাৰ এনে স্পষ্টীকৰণৰ মাজতে এক বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে ভূপেন বৰাই বিজেপিলৈ গমন কৰাৰ বাবে গেৰুৱা শিবিৰৰ ওচৰত একাধিক চৰ্ত দিছিল। সূত্ৰটোৱে প্ৰকাশ কৰা মতে বিজেপিলৈ আহিলে ভূপেন বৰাই ৰঙানদী সমষ্টিৰ পৰা ২০২৬ৰ নিৰ্বাচনৰ টিকট প্ৰদানৰ প্ৰস্তাৱ দিছিল। সূত্ৰটোৰ মতে কেৱল সেয়াই নহয়, ৰঙানদী সমষ্টিৰ পৰা বিজয়ী হৈ অহাৰ পিছত তেওঁক কেবিনেট মন্ত্ৰীৰ পদ লাগিব বুলিও প্ৰস্তাৱ দিয়া হৈছিল। সূত্ৰটোৰ মতে ভূপেন বৰাৰ তেনে প্ৰস্তাৱৰ প্ৰতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অথবা গেৰুৱা বাহিনীৰ কোনো শীৰ্ষ নেতাই সেউজ সংকেত নিদিয়াত ভূপেন বৰা থমকিবলগীয়া হয়। সেয়ে আপোন ঘৰেই ভাল বুলি ভাবি ভূপেন বৰাই এইবাৰ কংগ্ৰেছৰ বাবেও কেইটামান চৰ্ত দিয়া বুলি সূত্ৰটোৱে দাবী কৰিছে। বিশেষ সূত্ৰটোৱে সদৰী কৰা অনুসৰি কংগ্ৰেছৰ সন্মুখত ভূপেন বৰাই দিয়া প্ৰথম চৰ্তটো হৈছে ২০২৬ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে চৰকাৰ গঠন কৰিব নোৱাৰিলে তেওঁক বিৰোধী দলপতিৰ দায়িত্ব অৰ্পন কৰিব লাগিব। সূত্ৰটোৰ মতে ভূপেন বৰাই গৌৰৱ গগৈক দিয়া দ্বিতীয়টো চৰ্ত হৈছে ২০২৬ৰ নিৰ্বাচনত কংগ্ৰেছে চৰকাৰ গঠন কৰিলে তেওঁক মুখ্যমন্ত্ৰীৰ পদটো দিব লাগিব।


সূত্ৰটোৰ মতে গৌৰৱ গগৈৰ প্ৰধান লক্ষ্য ২০২৬ৰ বিধানসভা নিৰ্বাচন নহয়, তেওঁৰ লক্ষ্য হৈছে ২০৩১ ৰ বিধানসভা নিৰ্বাচনহে। গৌৰৱ গগৈয়ে ২০৩১ৰ বিধানসভা নিৰ্বাচনৰ জড়িয়তেহে কংগ্ৰেছে চৰকাৰ গঠনৰ বাবে পূৰা মাত্ৰাই সাজু হব পাৰিব বুলি ধৰি লোৱাৰ কথাও সূত্ৰটোৱে কয়। সূত্ৰটোৰ মতে সেয়ে গৌৰৱ গগৈয়ে সেয়ে ভূপেন বৰাৰ দুয়োটা চৰ্তই লগে লগে মানি লোৱা বাবেই বৰাই কংগ্ৰেছতে থাকি যোৱাৰ সিদ্ধান্ত লৈছে। যদি সূত্ৰটোৱে দাবী কৰা কথা এশ শতাংশই সঁচা হয় তেন্তে ভূপেন বৰাই বিজেপি গমন নকৰাৰ এয়াই নেপথ্য কাহিনী বুলি বহুতে এতিয়া চৰ্চা কৰা পৰিলক্ষিত হৈছে। ৰাজনীতিত চৰ্ত আৰোপ কোনো নতুন বা অন্যায় কথা নহয় বুলিও বহুতে মন্তব্য কৰা দেখা গৈছে। ভূপেন বৰাৰ ক্ষেত্ৰতো তেনে কথাই প্ৰযোজ্য হোৱা বুলি বহুতে আলোচনা কৰা দেখা গৈছে। অৱশ্যে ২০২৬ৰ বিধানসভা নিৰ্বাচনলৈ মাজত কিছু সময় আছে। সেয়ে এই সময়ছোৱাৰ ভিতৰতে ক’ৰ পানী ক’লৈ যায়, কাৰ পুখুৰীৰ মাছ গৈ কাৰ পুখুৰীত সোমায় সেয়া সময়তহে লক্ষ্যণীয় হ’ব বুলি ৰাজনৈতিকভাবে সচেতন মহলে প্ৰকাশ কৰিছে।

অন্তঃসত্ত্বা আছিল নেকি সোনম ৰঘুবংশী? চিকিৎসা পৰীক্ষাত পোহৰলৈ আহিল সঁচা তথ্য । Raja Raghuvanshi Murder Case

অন্তঃসত্ত্বা আছিল নেকি সোনম ৰঘুবংশী? চিকিৎসা পৰীক্ষাত পোহৰলৈ আহিল সঁচা তথ্য । Raja Raghuvanshi Murder Case

১১ জুন:Raja Raghuvanshi Murder Case
ৰাজা ৰঘুবংশী হত্যাকাণ্ডত মুখ্য অভিযুক্ত হিচাপে চিনাক্ত হোৱা সোনম ৰঘুবংশীক মঙলবাৰে নিশা শ্বিলঙলৈ অনা হয়। শ্বিলঙত উপস্থিত হোৱাৰ পাছতে তৎক্ষণাৎ গণেশ দাস হাস্পতালত চিকিৎসা পৰীক্ষা কৰা হয়। এই পৰীক্ষাত সোনমৰ প্ৰেগনেঞ্চী টেষ্ট নেগেটিভ পোৱা গৈছে।

আৰম্ভণিতে আৰক্ষীয়ে সন্দেহ কৰিছিল যে সোনম গৰ্ভৱতী হ’ব পাৰে, কিন্তু চিকিৎসা প্ৰতিবেদনে নিশ্চিত কৰে যে সোনম অন্তঃসত্ত্বা নহয়। সম্প্ৰতি সোনমক আৰক্ষীৰ গেষ্ট হাউচত ৰাখি তদন্ত চলাই থকা হৈছে।

আনহাতে, বুধবাৰে পুৱা গুৱাহাটী বিমানবন্দৰত উপস্থিত কৰা হয় হত্যাকাণ্ডৰ সৈতে জড়িত আন ৪ অভিযুক্ত— ৰাজ কুছৱাহা, বিকি ওৰফে বিশাল ঠাকুৰ, আনন্দ কুৰ্মী আৰু আকাশ ৰাজপুতক। ইন্দোৰৰ পৰা দিল্লী, তাৰপিছত গুৱাহাটী আৰু গুৱাহাটীৰ পৰা সোধপুচৰ বাবে শ্বিলঙলৈ লৈ যোৱা হয় তেওঁলোকক।

শ্বিলঙত তেওঁলোকৰ স্বাস্থ্য পৰীক্ষাৰ পিছত দিনৰ ১২ বজাত আদালতত হাজিৰ কৰা হ’ব। মেঘালয় আৰক্ষীৰ সূত্ৰ অনুসৰি, চেৰাপুঞ্জীত হত্যাকাণ্ড সংঘটিত হোৱা স্থানত ‘ক্ৰাইম চীন ৰিক্ৰিয়েচন’ কৰা হ’ব, যাতে তদন্তৰ দিশ অধিক স্পষ্ট হয়।

উল্লেখযোগ্য যে, ৭ জুন ‘অপাৰেচন হনিমুন’ৰ ৰূপৰেখা প্ৰস্তুত কৰিছিল মেঘালয় আৰক্ষীয়ে। তাৰ লগে লগে ৮ জুনত মধ্যপ্ৰদেশলৈ যাত্ৰা কৰিছিল ২০জনীয়া এটা বিশেষ দল।

তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি, ৰাজা ৰঘুবংশীক হত্যাৰ ব্লুপ্ৰিণ্ট তৈয়াৰ কৰিছিল সোনম ৰঘুবংশী আৰু ৰাজ কুছৱাহাই মিলি। মেঘালয়, মধ্যপ্ৰদেশ আৰু উত্তৰপ্ৰদেশৰ বিভিন্ন স্থানত অভিযান চলাই আটক কৰা হৈছে অভিযুক্তক।

তদন্ত অব্যাহত — আগন্তুক দিনত বহু গুৰুত্বপূর্ণ তথ্য উন্মোচিত হোৱাৰ সম্ভাৱনা।