Home Blog Page 149

ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ত বার্ষিক “বঁটা বিতৰণী অনুষ্ঠান…

ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ত বার্ষিক “বঁটা বিতৰণী অনুষ্ঠান”ৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয় “শ্রেষ্ঠ ছাত্র-ছাত্রী বঁটা”, ‘শ্রেষ্ঠ স্নাতক বঁটা” আৰু “শ্রেষ্ঠ গ্ৰন্থাগাৰ ব্যৱহাৰকাৰী বঁটা” বিতৰণ কৰা হয়। শিক্ষা, ক্রীড়া, সংস্কৃতি আৰু সাহিত্যৰ ক্ষেত্ৰত উৎকৃষ্টতা প্রদর্শনকাৰী মহাবিদ্যালয়ৰ তৃতীয় আৰু পঞ্চম ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীক বছৰি ছটাকৈ “শ্রেষ্ঠ ছাত্র-ছাত্রী বঁটা” প্রদান কৰা হয়। প্রতিটো বঁটাত দহ হেজাৰ টকা, এটা প্রমাণ পত্র আৰু এটা মেমেন্টো থাকে। মহাবিদ্যালয়ৰ দাতা পৰিয়ালৰ সদস্য, বিশিষ্ট সমাজ সেবক তথা মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্য শ্রীযুত কমলজিৎ ভৰালীয়ে এই বঁটা প্ৰদান কৰে। প্ৰয়াত ললিত চন্দ্ৰ ভৰালীদেৱৰ আবক্ষ প্রতিমূৰ্তিত পুষ্পাঞ্জলিৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অমৰেন্দ্ৰ কলিতাই আদৰণি ভাষণ প্রদান কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচার্য ড° ৰমেশ চন্দ্ৰ ডেকা। ড° ডেকাই ছাত্র-ছাত্রীৰ উদ্দেশ্যে যুগপোযোগী ভাষণ প্ৰদানৰ পিছত ভায়োলিনত শংকৰদেৱৰ বৰগীত আৰু কামৰূপীয়া লোকগীত বজাই দর্শকক মন্ত্রমুগ্ধ কৰে। গৌহাটী বিশ্ববিদ্যালয়ৰ ‘মহাবিদ্যালয় উন্নয়ন পৰিষদ’ৰ সঞ্চালক তথা মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি প্রোফেছৰ প্ৰদীপ ফুকন, মহাবিদ্যালয়ৰ দাতা পৰিয়ালৰ সদস্য কমলজিৎ ভৰালী আৰু গুৱাহাটীৰ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ৬০ অজন্তা ডেকাও এই অনুষ্ঠানত উপস্থিত থাকে।

বঁটা প্রাপক হ’ল…

শ্রেষ্ঠ ছাত্র বঁটা বিজ্ঞান শাখাৰ ৫ম ষান্মাসিকৰ হৃষিকেশ বুঢ়াগোঁহাই,

শ্রেষ্ঠ ছাত্রী বঁটা বিজ্ঞান শাখাৰ ৫ম ষান্মাসিকৰ আলমাজ আহমেদ আৰু

কলাশাখাৰ ৫ম ষান্মাসিকৰ নিশিতা ডেকা,

শ্রেষ্ঠ খেলুৱৈ বঁটা বিজ্ঞান শাখাৰ ৫ম ষান্মাসিকৰ ছাত্ৰ ইণ্ডাছ দৈমাৰী,

শ্রেষ্ঠ সাহিত্যচর্চাকাৰী বঁটা কলা শাখাৰ ৩য় ষান্মাসিকৰ ছাত্ৰী গৰীয়সী দত্ত,

শ্রেষ্ঠ সংস্কৃতিচর্চাকাৰী বঁটা কলা শাখাৰ ৩য় ষান্মাসিকৰ ছাত্ৰ অভিজিত বর্মন।

ইয়াৰ উপৰিও কলা, বিজ্ঞান, বি.চি.এ. আৰু বি.এচ.চি আই. টি. ত বিশ্ববিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাত

মহাবিদ্যালয়ৰ সৰ্বাধিক নম্বৰ পোৱা ৪ জন ছাত্র-ছাত্রীক “ৰত্নেশ্বৰ বৰুৱা সোঁৱৰণী মেধা বঁটা” প্রদান কৰা হয়। বিশ্ববিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাত মহাবিদ্যালয়ৰ পৰা ইংৰাজী মেজৰত সৰ্বাধিক নম্বৰ পোৱা গৰাকীক “বসন্ত কুমাৰ বৰুৱা সোঁৱৰণী মেধা বঁটা প্ৰদান কৰা হয়। এই বছৰ বিজ্ঞান শাখাত পার্থ প্রতিম কলিতা, কলা শাখাত নিশা কুমাৰী পাঠক, বি.চি.এ. শাখাত ফাল্গুনী মজুমদাৰ আৰু বি.এচ.চি আই. টি. ত ওরাছিউল ইসলামে “ৰত্নেশ্বৰ বৰুৱা সোঁৱৰণী মেধা বঁটা” লাভ কৰে। এই বঁটাত ৫০০০ টকা, গামোছা আৰু এখন মানপত্র প্রদান কৰা হয়। এই বছৰ “বসন্ত কুমাৰ বৰুৱা সোঁৱৰণী মেধা বঁটা” লাভ কৰে অঞ্জলি দেরে, য’ত থাকে ৬০০০ টকা, এখন গামোছা আৰু এখন মানপত্র। এই বছৰ “শ্রেষ্ঠ গ্রন্থাগাৰ ব্যৱহাৰকাৰী বঁটা লাভ কৰে অধ্যাপিকা নিশিব্রতা হাজৰিকা, ৩য় ষান্মাসিকৰ ছাত্রী সঞ্চিতা ঘোষ আৰু টিনা বৰুৱাই।

২০২৯তহে বিজেপিয়ে ৩৩শতাংশ আসন সংৰক্ষণ কৰিব মহিলা প্ৰাৰ্থীৰ বাবেঃতেজপুৰত বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী

ৰাজ্যৰ বিধানসভা নিৰ্বাচনত ৩৩শতাংশ আসন মহিলাৰ বাবে সংৰক্ষণৰ চিন্তা বিজেপি দলে কৰি আছে৷সেয়া ২০২৯ৰ পৰা কাৰ্যকৰী হ’ব৷কিন্তু আগন্তুক ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনত য’ত উপযুক্ত মহিলা প্ৰাৰ্থী আছে তাত তেওঁলোকক প্ৰাৰ্থীত্ব দিব লাগে৷ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অতি দক্ষতাৰে কাৰ্যনিৰ্বাহ কৰি আছে৷কেৱল মহিলা হ’লেই যে মুখ্যমন্ত্ৰী হ’ব লাগিব সেয়া মই নিবিচাৰোঁ৷এগৰাকী মহিলা মুখ্যমন্ত্ৰী হ’বলৈ হ’লে তেনে যোগ্যতাও লাগিব৷” ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশ মহিলামৰ্চাৰ সভানেত্ৰী নীলিমা দেৱীয়ে তেজপুৰত আজি সংবাদমাধ্যমৰ আগত এইদৰে মন্তব্য কৰে৷তেজপুৰৰ পৰোৱাস্হিত বিজেপিৰ শোণিতপুৰ জিলা কাৰ্যালয়ত এক মহিলা সন্মিলনত অংশ ল’বলৈ অহা বিজেপি নেত্ৰী গৰাকীয়ে বিহাৰৰ শেহতীয়া নিৰ্বাচনী ফলাফল সন্দৰ্ভত কয় যে পৰাজিত হোৱা দলবোৰে ভোট চুৰিৰ কথা কয়েই৷সৰ্বসাধাৰণে বেলটত ভোট দিছে গতিকে ইয়াত ভোট চুৰি কোনে কৰিব বুলিও তেওঁ মন্তব্য কৰে৷

কংগ্ৰেছ দলে নিৰ্বাচনত পৰাজিত হ’লেই আবোলতাবোল বকে বুলিও তেওঁ কটাক্ষ কৰে৷আনহাতে,জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ ৰাজ্যলৈ অনাৰ পৰা অন্ত্যেষ্টিক্ৰিয়ালৈকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যিদৰে দায়িত্ব পালন কৰিলে আনে সেইদৰে নোৱাৰিলেহেঁতেন বুলিও তেওঁ দাবী কৰে৷তেওঁ কয় “ জুবিন গাৰ্গে ন্যায় পোৱাটো আমিও বিচাৰোঁ কিন্তু এই ন্যায়িক প্ৰক্ৰিয়াটোত অলপ সময় ল’বই৷মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত পিছহুহুকি নাহে৷” শোণিতপুৰত বিজেপিৰ সাংগঠনিক শক্তি যথেষ্ট সৱল বুলি মন্তব্য কৰি বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী নীলিমা দেৱীয়ে কয় যে বিজেপিৰ অগপৰে মিত্ৰতা থকাৰ বাবেই বহুবছৰ এৰি দিয়াৰ দৰেই তেজপুৰৰ আসনখন যোৱাবাৰো অগপক এৰি দিছিল আৰু সেই মতে তেওঁক বিজয়ী কৰাই নিছিল৷এইবাৰো বিষয়টো দুয়োটা মিত্ৰ দলে এইক্ষেত্ৰত সিদ্ধান্ত ল’ব বুলি মন্তব্য কৰি লগতে কয় যে,এইক্ষেত্ৰত চাব লাগিব ৰাইজে কাক বিচাৰে৷আনহাতে বিজেপি দলৰ হৈ কোনো উপযুক্ত মহিলাই য’দি তেজপুৰৰ পৰা প্ৰাৰ্থীত্ব বিচাৰে তেনেহলে তেওঁ ভাল পাব বুলিও উল্লেখ কৰে৷


বিজেপিৰ ৰাজ্যক নেত্ৰী গৰাকীয়ে শোণিতপুৰ জিলা মহিলা মৰ্চা আৰু যুৱমৰ্চাৰ উদ্যোগত আয়োজিত আত্মনিৰ্ভৰশীল ভাৰত অভিযান শীৰ্ষক মহিলা সন্মিলনখনৰ সন্দৰ্ভতো মন্তব্য কৰি তেওঁ কয় যে,মহিলা সকল এতিয়া কেৱল পাকঘৰতে আৱদ্ধ নাথাকি বাহিৰলৈ ওলাই আহিছে৷তেওঁ কয় যে,ভাৰত আত্মনিৰ্ভৰশীল হ’বলৈ হ’লে সকলো স্বাৱলম্বী হ’ব লাগিব৷এইক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্যচৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰি তেওঁ লগতে কয় যে,বৰ্তমান সমস্যা যথেষ্ট আছে৷গতিকে সন্তানৰ পঢ়া শুনাৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যয়ৰ বাবে উপাৰ্জনৰ আৱশ্যক আছে৷তেওঁ লগতে দেশৰ প্ৰাচীন আয়ুৰ্বেদৰ প্ৰসংগও উল্লেখ কৰি বিজ্ঞানৰ সমানে দেশৰ পৌৰাণিক সংস্কৃতিকো আগবঢ়াই নিব লাগিব আৰু এইক্ষেত্ৰত মহিলাসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব বুলিও মন্তব্য কৰে৷

শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত সীমান্ত শৰ্মাৰ পৰিচালনাত মঞ্চস্থ হ’ব ‘মঙহ্’

অসম অভিযান্ত্ৰিক মহাবিদ্যালয় চৌহদত অৱস্থিত সুৰজিৎ একাডেমীৰ উদ্যোগত অহা ২৩ নবেম্বৰ সন্ধিয়া ৫:৪৫ বজাত, শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ ড. বানীকান্ত কাকতি প্ৰেক্ষাগৃহত সীমান্ত শৰ্মাৰ ৰচনা আৰু পৰিচালনাত ‘মঙহ্’ নাটখন মঞ্চস্থ হ’ব।

নাটখনৰ সহকাৰী পৰিচালক হৈছে বিনীতা দেৱী আৰু হেমেন সেনাপতি। নাটখনৰ সংগীত পৰিচালনা কৰিছে গৌতম শইকীয়া। সংগীতৰ কণ্ঠ প্ৰদান কৰিছে দীপা মহন্ত, কৃতাৰ্থ শৰ্মা আৰু হাৰ্দিক শৰ্মাই। ৰূপ সজ্জা জ্যোতিস্মিতা কলিতা, পোহৰ গনেশ বড়োৰ আৰু সাজসজ্জা হিমাংশু দাসৰ।

নাটখনৰ বিভিন্ন মুখ্য চৰিত্ৰত অভিনয় কৰিব—
কৰিস্মিতা তালুকডাৰ, জেছমিনা হুছেইন, হেমেন সেনাপতি, ধ্ৰুৱজ্যোতি কলিতা, প্ৰণৱ জ্যোতি ৰাভা, হাৰ্দিক শৰ্মা, কৃষ্টি ৰাজবংশী, লিয়ানা দেৱ, পলক কৈৰী, অৰিত্ৰিকা বৰুৱা, অংশুমান দাস, কৌস্তভ চৌধুৰী, আৰিয়া জিব্ৰান, তৃষ্ণা কলিতা, ববিতা দাস আৰু প্ৰণীতা চৌধুৰী।

ৰক্তদান কৰিবলৈ লণ্ডনৰ পৰা পোনে পোনে খানাপাৰালৈ আহিব মুখ্যমন্ত্রী: ৰাজ্যিক বিজেপি

জুবিন গাৰ্গৰ ৫৩তম ওপজা দিন উপলক্ষে ৰাজ্যিক বিজেপিয়ে ১৮ নৱেম্বৰৰ দিনা সমগ্ৰ ৰাজ্যৰ ৫৩ টা স্থানত ৰক্তদান আৰু ৰক্তবর্গ নিৰ্ণয় কৰাৰ বাবে ‘জীৱন সুৰভি’ নামেৰে ৰক্ত চিনাক্ত শিবিৰৰ আয়োজন কৰিছে। বিজেপি গুৱাহাটী মহানগৰ জিলাই খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা ‘জীৱন সুৰভি’ শিবিৰ দলৰ ৰাজ্যিক সভাপতি তথা দৰং-ওদালগুৰিৰ সাংসদ দিলীপ শইকীয়াই পুৱা ৯ বজাত নিজে ৰক্তদান কৰি উক্ত শিবিৰৰ শুভাৰম্ভ কৰিব। আনহাতে, দিনৰ প্ৰায় ২ বজাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা ৰক্তদান কৰাৰ বাবে খানাপাৰা খেলপথাৰত উপস্থিত হ’ব।

উল্লেখযোগ্য যে, ‘বৃন্দাবনী বস্ত্র’ অসমলৈ লৈ অহাৰ বাবে এক চুক্তিত স্বাক্ষৰ কৰিবলৈ ব্রিটেইনলৈ যোৱা মুখ্যমন্ত্রী লণ্ডনৰ পৰা দিল্লী হৈ গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অৱতৰণ কৰিয়েই পোনে পোনে খানাপাৰালৈ আহিব বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে। ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা সংবাদ মাধ্যমলৈ প্রেৰণ কৰা এক বিবৃতিত এই কথা জানিবলৈ দি কোৱা হয় যে- সমগ্ৰ ৰাজ্যখনত ৫ হাজাৰতকৈ অধিক লোকে ৰক্তদান কৰাৰ বাবে ইতিমধ্যে নিজৰ নাম পঞ্জীয়ন কৰিছে যদিও এই সংখ্যা আৰু অধিক বৃদ্ধি পাব। হৈছে।

ঠিক একেদৰে ৰাজ্যৰ প্ৰতিখন জিলা সদৰকে ধৰি মুঠ ৫৩ টা স্থানত অনুষ্ঠিত হ’বলগীয়া ‘জীৱন সুৰভি’ শিবিৰত স্থানীয় বিধায়ক, সাংসদ, অন্যান্য নির্বাচিত জন প্রতিনিধিকে ধৰি দলীয় নেতৃবর্গ আৰু স্থানীয় ৰাইজে অংশগ্রহণ কৰিব বুলি বিবৃতিটোৰ জৰিয়তে ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা সংবাদ মাধ্যমক অৱগত কৰা হৈছে। নিম্নলিখিত স্থান সমূহত ‘জীৱন সুৰভি’ শিবিৰৰ আয়োজন কৰা হ’ব:-

বাক্সা জিলাৰ বাথৌপুৰি আৰু জলাহ ৰাসখলা, ৰপেটা জিলাৰ মিলেনিয়াম উদ্যান, বিশ্বনাথ জিলাৰ কমলাকান্ত নাট্য সমাজ, বঙাইগাঁও জিলাৰ জিলা বিজেপি কার্যালয়, কাছাৰ জিলাৰ নৰসিঙতলা খেলপথাৰ আৰু লক্ষিমপুৰ চাহ বাগিচা খেলপথাৰ, চিবাং জিলাৰ কাজলগাঁও পেৰেড গ্রাউণ্ড, দৰং জিলাৰ চি ডি চি কাৰ্যালয়ৰ খেলপথাৰ, ধেমাজী জিলাৰ আৰোগ্য ভবন আৰু ডনীপল সাংস্কৃতিক ভরন, ধুবুৰী জিলাৰ ধুবুৰী লাইনচ ক্লাব, ডিব্ৰুগড় জিলাৰ মাল্টি ইউটিলিতি বিলডিং আৰু ৰঙালী ৰূপালী মঞ্চ, ডিমা-হাছাও জিলাৰ লাল ফিল্ড, গোৱালাপাৰা জিলাৰ দুধনৈ জন্মমন্দিৰ প্রাঙ্গন খেলপথাৰ,

গোলাঘাট জিলাৰ এনাজৰী বিবাহ ভৱন আৰু বোকাখাট অপেন স্টেজ প্রেক্ষাগৃহ, হাইলাকান্দি জিলাৰ মুক্তিযোদ্ধা ভবন, কামৰূপ (ম) জিলাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ, কামৰূপ জিলাৰ নিউ চি ডি চি বিলডিং তিনিআলি, পুৱ কামৰূপ মহাবিদ্যালয় প্রেক্ষাগৃহ, চিলাৰায় ভবন আৰু অষ্টলক্ষ্মী ক্ষেত্র শুৱালকুছি, কার্বি-আংলং জিলাৰ ডিফ্ ক্লাব, শ্রীভূমি জিলাৰ মাইজংগ্রাম, উত্তৰ কৰিমগঞ্জ, ভাইৰাম নগৰ কৰিমগঞ্জ টাউন,

কোকৰাঝাৰ জিলাৰ কোকৰাঝাৰ এই এচ আৰু এম পি স্কুল ফিল্ড, লক্ষিমপুৰ জিলাৰ খেলমাটি ক্লাৱ, মাজুলী জিলাৰ বংসিও গোপাল নাট্যমন্দিৰ, মৰিগাঁও জিলাৰ সদৰ বিহুতলী আৰু নেলী গোপাল কৃষ্ণ বাগান গেট, নগাঁও জিলাৰ বৰহমপুৰ শহীদ খেলপথাৰ, এন এচ এ কমপ্লেক্স, মৰুৱা শংকৰদেৱ মন্দিৰ প্রাঙ্গন আৰু মাখিবাহা দূর্গা মন্দিৰ, শিৱসাগৰ জিলাৰ দলমুখ চাৰিআলি, শোণিতপুৰ জিলাৰ তৰুণ অসম সংঘ আৰু বাৰেচহৰীয়া ভাওনা প্রকল্প, তিনিচুকীয়া জিলাৰ মানৱ কল্যান পূজা ভৱন, মাৰোৱাৰী ধৰমশালা আৰু কৃষ্টি সংঘ, ওদালগুৰি জিলাৰ বিষ্ণু কমিটি হল আৰু দক্ষিণ শালমাৰা জিলাৰ হাতীসিঙমাবি।

উৰিয়াগাঁৱত অ:জা:যু:ছা:প: -ৰ উদ্যোগত জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত গণ স্বাক্ষৰ অভিযান

অসমীয়াৰ হিয়াৰ আমঠু, প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গৰ কাইলৈ ৫৩ সংখ্যক ওপজা দিনৰ প্ৰাক ক্ষণত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (অ:জা:যু:ছা:প:)ৰ উৰিয়াগাঁও আঞ্চলিক সমিতিৰ সৌজন্যত জুবিন গাৰ্গৰ ন্যায়ৰ দাবী জনাই এক গণ স্বাক্ষৰ অভিযান আৰম্ভ কৰে।

জনপ্ৰিয় শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ প্ৰায় দুমাহ পূৰ্ণ হোৱাৰ সময়লৈকে শিল্পী গৰাকীৰ পৰিয়ালবৰ্গই তথা শুভাকাংক্ষীসকলে ন্যায় নোপোৱাত আজিও ক্ষোভিত হৈ আছে অসমৰ জনগণ।

ইয়াৰ মাজতে আজি নগাঁৱৰ উৰিয়াগাঁও বাইপাছ চকত সংগঠনটোৰ আহ্বানক্ৰমে বিভিন্ন প্ৰান্তৰ লোকে স্বাক্ষৰ প্ৰদানেৰে চৰকাৰলৈ প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ ন্যায়ৰ দাবী জনায়।

হাৰিয়ানাৰ কৰ্ণালত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় যোগ ক্রীড়াত জিলিকিল তেজপুৰৰ কনমানি মৃতিকা, মেৰু কটকী আৰু দক্ষ যোগ ক্রীড়াবিদ মামু বায়ন

হাৰিয়ানাৰ কৰ্ণালত যোৱা ১৩ নবেম্বৰৰ পৰা ১৬ নবেম্বৰলৈ অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় যোগ ক্রীড়া প্ৰতিযোগিতাত তেজপুৰৰ এগৰাকী কনমানি শিক্ষাৰ্থীয়ে ব্ৰঞ্জৰ পদকৰ লগতে তেজপুৰৰ এগৰাকী জনপ্ৰিয় যোগ ক্রীড়াৰ সৈতে জড়িত মহিলাই দুটাকৈ ৰূপৰ পদক অৰ্জন কৰি তেজপুৰ তথা ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।

উল্লেখ্য যে ষষ্ঠ যোগাসন ক্ৰীড়া বিশ্বকাপ -২০২৫ ত ভাৰতীয় দলৰ হৈ অংশ গ্ৰহণ কৰি তেজপুৰ ঊষানগৰ নিবাসী সাংবাদিক মেৰুমিঠু কটকী আৰু শিক্ষয়িত্ৰী প্ৰীতি শইকীয়াৰ দুহিতা কনমানি মৃতিকা মেৰু কটকীয়ে ব্ৰঞ্জৰ পদক অৰ্জন কৰে ।যোগ ক্রীড়া ফেডাৰেছন অব ইণ্ডিয়াই আয়োজন কৰা এই আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাখনৰ চাবজুনিয়ৰ শাখাৰ পৰম্পৰাগত যোগ ক্রীড়াৰ একক শিতানত প্ৰতিযোগিতা কৰি এই সুনাম কঢ়িয়াই আনে কনমানি মৃতিকা মেৰুৱে ।

ভাৰতবৰ্ষকে ধৰি জাপান ,ইৰান ,থাইলেণ্ড ,ভিয়েটনাম ,হংকং ,ফিনলেণ্ড ,ৰাছিয়া আদি কেবাখনো দেশৰ খেলুৱৈয়ে অংশ গ্ৰহণ কৰা টুৰ্ণামেণ্টত মৃতিকাৰ এই সাফল্যত উৎফুল্ল হৈ পৰিছে তেজপুৰ তথা ৰাজ্যবাসী ।তেজপুৰৰ শ’লমৰাস্হিত কেন্দ্ৰীয় বিদ্যালয় -১ ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী মৃতিকা মেৰু কটকীয়ে তেজপুৰৰ যোগ গুৰু মমিতা গগৈৰ তত্বাৱধানত বিগত প্ৰায় এবছৰ ধৰি কঠোৰ পৰিশ্ৰম আৰু অনুশীলন অব্যাহত ৰাখিছে ।তেজপুৰৰ সকলোৰে পৰিচিত শিক্ষাবিদ অতুল কটকীৰ নাতিনীৰ এই সাফল্যত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা ,তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ সভাপতি জিতেন বৰঠাকুৰ ,বি জে পিৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি মধুস্মিতা হাজৰিকা ডেকা ,শোণিতপুৰ প্ৰেছ ক্লাব ,তেজপুৰ ,শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়ন আদিয়ে অভিনন্দন জ্ঞাপন কৰিছ|
ইফালে একে প্ৰতিযোগিতাতে তেজপুৰৰ জনপ্ৰিয় যোগাসন ক্ৰীড়াবিদ মামু বায়নে দুটাকৈ ৰূপৰ পদক অৰ্জন কৰি তেজপুৰ তথা ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।উল্লেখ্য যে শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় যোগা ৰেফাৰীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা মামু বায়নে ট্ৰেডিচনেল যোগাসন প্ৰতিযোগিতাত এটা আৰু এটা ফ্ৰি ফ্ল’ প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় ।

ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে জ্যেষ্ঠ নাগৰিকসকলৰ বাবে অসম চৰকাৰৰ বিশেষ সাংস্কৃতিক উদ্যোগ

অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ সঞ্চালকালয় আৰু জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ যৌথ উদ্যোগত ৰাজ্যৰ জ্যেষ্ঠ নাগৰিকসকলৰ বাবে এক ব্যাপক সাংস্কৃতিক সমাৰোহৰ আয়োজন ঘোষণা কৰা হৈছে। সুধাকণ্ঠ ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে ৰাজ্যখনৰ প্ৰতিখন জিলাতে ‘ভূপেন্দ্ৰ সংগীত’ আৰু একাঙ্ক নাট প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। লক্ষ্য—ভূপেন হাজৰিকাৰ অমূল্য সৃষ্টিসমূহ নতুন প্ৰজন্মৰ মাজত চিৰস্থায়ী কৰি তোলা, লগতে জ্যেষ্ঠ নাগৰিকসকলক পুনৰ সাংস্কৃতিক চেতনাত সক্ৰিয়ভাৱে সম্পৃক্ত কৰা।
সংবাদ মেলত অধ্যক্ষ ড° প্রদীপ ঠাকুৰীয়াই কয় যে জ্যেষ্ঠ নাগৰিকসকলৰ মাজত সাংস্কৃতিক উন্মাদনা পুনৰ জাগ্ৰত কৰিবলৈ এই উদ্যোগ অতি গুৰুত্বপূর্ণ। তেওঁ উল্লেখ কৰে যে ভূপেন হাজৰিকাৰ সৃষ্টিৰাজি বর্তমান আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে এক অমূল্য ধন, আৰু এই ধনক আগলৈ লৈ যোৱাৰ দায়িত্বত জ্যেষ্ঠ নাগৰিকসকলেই অগ্ৰণী হ’ব লাগিব। ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাক এইবাৰ নতুন ধাঁচত আগবঢ়োৱা হৈছে। প্ৰতিযোগিতাত ভূপেন হাজৰিকাৰ ৰচিত, সুৰাৰোপিত, সংগীত পৰিচালিত আৰু তেওঁৰ কণ্ঠদান কৰা বিভিন্ন ধৰণৰ গীতসমূহ অন্তর্ভুক্ত কৰা হৈছে। এজন প্ৰতিযোগীয়ে ইচ্ছা অনুসৰি বহুমুখী শাখাত অংশগ্ৰহণ কৰিব পাৰিব। ভাষাৰ ক্ষেত্রতো বিশেষ সুযোগ দিয়া হৈছে—একেই সুৰেৰে অন্য ভাষাত থকা গীতসমূহো পৰিবেশন কৰিব পাৰিব।

অংশগ্ৰহণৰ বাবে কোনো মাচুল নোহোৱাৰ লগতে AIR A Grade আৰু B High Grade শিল্পীসকল প্রতিযোগী হিচাপে অংশ ল’ব নোৱাৰিব, যদিও বিচাৰকৰূপে নিযুক্ত হ’ব পাৰে।
জিলা পর্যায়ৰ প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্তসকলক ৰাজ্যিক পর্যায়ৰ ফাইনেলৰ বাবে মনোনীত কৰা হ’ব। ২৬ নৱেম্বৰত গুৱাহাটীত শুভ উদ্বোধন অনুষ্ঠিত হ’ব আৰু ডিচেম্বৰৰ ৫ তাৰিখৰ আগতেই জিলা পর্যায়ৰ সংগীত প্ৰতিযোগিতা সম্পন্ন হ’ব। তাৰ পিছত গুৱাহাটীত অনুষ্ঠিত হ’ব ভূপেন্দ্ৰ সংগীতৰ ৰাজ্যিক ফাইনেল, আৰু সেই সমান্তৰালভাৱে একাঙ্ক নাট প্ৰতিযোগিতাও অনুষ্ঠিত হ’ব।
একাঙ্ক নাটৰ বিষয়বস্তু এইবাৰ বিশেষ। আধুনিক সমাজৰ পৰিৱর্তনৰ লগত জ্যেষ্ঠ নাগৰিকসকলে নিজৰ ব্যক্তিগত আৰু সামাজিক জীৱন কিদৰে খাপ খুৱাই আগবঢ়াইছে—সেই বাস্তৱ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি নাট মঞ্চস্থ হ’ব। নাট্যদলসমূহৰ মাজৰ পৰা শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰী, নাট্যকাৰ, পৰিচালক, সাজসজ্জা, আৱহ-সংগীত, কৌতুক শিল্পী আৰু বিভিন্ন প্রযুক্তিগত শাখাতো বিশেষ বাছনি কৰি মানপত্ৰ আৰু স্মাৰকেৰে সন্মানিত কৰা হ’ব। সংবাদ মেলত উপস্থিত আছিল—জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ অধ্যক্ষ ড° প্রদীপ ঠাকুৰীয়া, শাখা বিষয়া মুদাচ্ছাৰ নাজাৰ হুছেইন, অসম জ্যেষ্ঠ নাগৰিক সম্মিলনৰ সভাপতি শ্ৰী বানেশ্বৰ খাউণ্ড আৰু সাধাৰণ সম্পাদক প্ৰসন্ন কুমাৰ বৰঠাকুৰ। সকলোয়ে একমত হয় যে ভূপেন হাজৰিকাৰ শতবৰ্ষ উদযাপন জ্যেষ্ঠ নাগৰিকসকলক কেন্দ্ৰ কৰি এইবাৰ এক নতুন আৰু অনন্য দিশৰ সূচনা কৰিব।

শেখ হাসিনাক মানৱতাৰ বিৰুদ্ধে অপৰাধত দোষী সাব্যস্ত, ICT-১ ৰ দ্বাৰা মৃত্যুদণ্ড ঘোষণা । Sheikh Hasina

শেখ হাসিনাক মানৱতাৰ বিৰুদ্ধে অপৰাধত দোষী সাব্যস্ত, ICT-১ ৰ দ্বাৰা মৃত্যুদণ্ড ঘোষণা । Sheikh Hasina
শেখ হাসিনাক মানৱতাৰ বিৰুদ্ধে অপৰাধত দোষী সাব্যস্ত, ICT-১ ৰ দ্বাৰা মৃত্যুদণ্ড ঘোষণা । Sheikh Hasina


Sheikh Hasina । বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাসিনাক মানৱতাৰ বিৰুদ্ধে অপৰাধত দোষী সাব্যস্ত কৰি মৃত্যুদণ্ড ঘোষণা কৰিলে ইণ্টাৰনেচনেল ক্ৰাইমছ ট্ৰিবিউনেল–১ (ICT)। ২০২৪ চনৰ জুলাই–আগষ্ট মাহত ছাত্র-নেতৃত্বাধীন গণপ্ৰতিবাদ দমনত সংঘটিত নৃশংস হত্যাকাণ্ড, নিৰস্ত্ৰ প্ৰতিবাদীক লক্ষ্য কৰি গুলিবৰ্ষণ আৰু ৰাজনৈতিক নিপীড়নৰ গুৰুতর অভিযোগৰ ভিত্তিত এই ঐতিহাসিক ৰায় প্ৰদান কৰা হৈছে।

ট্ৰাইবিউনেলে কয়, প্ৰতিবাদ দমন কৰিবলৈ সেৱাবাহিনী আৰু অন্যান্য শক্তিৰ ওপৰত “উপৰিস্তৰৰ নির্দেশ” ৰ প্ৰমাণ মিলিছে। অভিযোগ অনুসৰি, সামগ্ৰীক অভিযানত প্ৰায় ১,৪০০ প্ৰতিবাদীৰ মৃত্যু হৈছিল, যাৰ দায়িত্ব প্ৰধানমন্ত্ৰী হিচাপে হাসিনাই নৈতিক আৰু প্রশাসনিকভাৱে বহন কৰিব লাগে বুলি আদালতে মন্তব্য কৰে।

ট্ৰাইবিউনেলত দাখল হোৱা গোচৰসমূহত হাসিনাক ইনসাইটমেন্ট, ষড়যন্ত্ৰ, হত্যাকাণ্ড ৰোধত ব্যর্থতা, ক্ষমতাৰ অপব্যৱহাৰ আদি পাঁচটা গুৰুতর অভিযোগত দোষী সাব্যস্ত কৰা হয়। আদালতে কয়—এই অপৰাধসমূহ “ব্যৱস্থাগত আৰু পরিকল্পিত”, য’ত ৰাজ্যিক শক্তিক নাগৰিকৰ বিৰুদ্ধে অস্ত্ৰৰূপে ব্যৱহাৰ কৰা হৈছিল।

এই ৰায়ে বাংলাদেশৰ ৰাজনৈতিক ইতিহাসত এটা নতুন দিশ খুলিলে। দেশখনত এই প্ৰথমবাৰ এজন সাবেক প্ৰধানমন্ত্ৰীক মানৱতাৰ বিৰুদ্ধে অপৰাধৰ অভিযোগত বিচাৰ কৰি মৃত্যুদণ্ড ঘোষণা কৰা হ’ল। আদালতৰ এই সিদ্ধান্তক বিভিন্ন মহলে “অভূতপূৰ্ব আৰু যুগান্তকাৰী” বুলি অভিহিত কৰিছে।

হাসিনাৰ লগতে তেতিয়াৰ গৃহমন্ত্ৰী আছাদুজ্জামান খান কামাল আৰু প্ৰাক্তন আৰক্ষী মহাপৰিদৰ্শক চৌধুৰী আব্দুল্লা আল মামুনৰ বিৰুদ্ধেও পৃথক গোচৰ চলি আছে। তেওঁলোকো প্ৰতিবাদ দমনত ভূমিকা গ্ৰহণ কৰাৰ অভিযোগত অভিযুক্ত।

ইয়াৰ আগতে হাসিনা আদালত অবমাননাৰ পৃথক এটা গোচৰত ছয় মাহৰ কাৰাদণ্ডো ভোগ কৰিছে। বিভিন্ন আন্তর্জাতিক সংগঠন ইতিমধ্যে এই ৰায়ের রাজনৈতিক অভিঘাত বিশ্লেষণ আৰম্ভ কৰিছে, যদিও আদালতে স্পষ্ট কৈছে—ৰায়টোৱে “কেবল আইনী প্ৰমাণৰ ওপৰত আধাৰিত”।

ঢাকাত ৰায় ঘোষণা হোৱাৰ পাছত নিরাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে। অনুগামী আৰু বিপক্ষ দুই শিবিৰতেই উত্তেজনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

বদৰুদ্দিন আজমলৰ নতুন ৰাজনৈতিক সমীকৰণ । ২০২৬ৰ নিৰ্বাচনত তৃতীয় মৰ্চাৰ কুচকাৱাজ । AIMIM

বদৰুদ্দিন আজমলৰ নতুন ৰাজনৈতিক সমীকৰণ । ২০২৬ৰ নিৰ্বাচনত তৃতীয় মৰ্চাৰ কুচকাৱাজ । AIMIM
বদৰুদ্দিন আজমলৰ নতুন ৰাজনৈতিক সমীকৰণ । ২০২৬ৰ নিৰ্বাচনত তৃতীয় মৰ্চাৰ কুচকাৱাজ । AIMIM

AIMIM । অসমৰ ৰাজনীতিত নতুন সমীকৰণৰ আভাস। সদায় ‘একলা চলো নীতি’ত বিশ্বাসী বুলি জনাজাত এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে এইবাৰ ২০২৬ৰ বিধানসভা নিৰ্বাচনক লক্ষ্য ৰাখি আছাউদ্দিন ওৱেছিৰ AIMIM-ৰে মিত্ৰতা কৰাৰ ঘোষণা কৰিছে। গুৱাহাটীত সংবাদ মাধ্যমৰ আগত প্ৰাক্তন সাংসদ আজমলে কয় যে বিহাৰৰ ভাল ফলাফলৰ বাবে ওৱেছিক ধন্যবাদ জ্ঞাপন কৰিছে আৰু অসমলৈ আহিলে তেওঁক উষ্ণ অভ্যৰ্থনা জনাব।

নতুন ৰাজনৈতিক সমীকৰণ

এ আই ইউ ডি এফ সভাপতিৰ মতে, আগন্তুক নিৰ্বাচনত AIMIM, কেৰেলাৰ UDF আৰু ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ সৈতে এক বৃহৎ মিত্ৰজোট গঠনৰ বাবে আলোচনা আৰম্ভ হৈছে। এই জোটৰ লক্ষ্য—সংখ্যালঘু ভোটাৰক আকর্ষণ কৰা আৰু কংগ্ৰেছৰ সংখ্যালঘু ভোটব্যাংকক সমূলি বৈছদ্য কৰিব। আজমলে দৃঢ়তাৰে দাবী কৰিছে যে ২০২৬ৰ নিৰ্বাচনত কংগ্ৰেছতকৈ বেছি আসন লাভ কৰিব এ আই ইউ ডি এফ

তেওঁৰ মতে, ইতিমধ্যে ৩৫টা সমষ্টিত প্ৰাৰ্থী দিয়াৰ বাবে দল সাজু হৈছে। ডিচেম্বৰ মাহত অসমলৈ আহিব ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ সভাপতি; ইয়াকেই ধৰি অসমৰ ৰাজনীতিত তৃতীয় মৰ্চা গঠনৰ কার্যত্মক সূচনা হৈ পৰিছে।

অসমত নতুন তৃতীয় মৰ্চাৰ সম্ভাবনা

আজমল-ওৱেছি সমীকৰণ সফল হ’লে অসমৰ ৰাজনীতিত নতুন ৰাজনৈতিক শক্তিৰ আবিৰ্ভাৱ ঘটিব। তবে বহু বিশ্লেষকৰ মতে, এই মিত্ৰতা রাজনীতিত সাম্প্ৰদায়িক মেরুকৰণ অধিক তীব্ৰ কৰিব পাৰে।

জমিয়তৰ সভাপতি হিচাপে পুনৰ নিৰ্বাচিত আজমল

ইফালে দেওবাৰে গুৱাহাটীত অনুষ্ঠিত জমিয়ত উলেমা-এ-হিন্দৰ অসম শাখাৰ নিৰ্বাচনী সভাত সৰ্বসন্মতিক্ৰমে চতুৰ্থবাৰৰ বাবে সভাপতি হিচাপে নিৰ্বাচিত হয় বদৰুদ্দিন আজমল। কেন্দ্রীয় প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত এই সভাত সিদ্ধান্ত লোৱা হয় যে আজমল ২০২৭ চনলৈ জমিয়তৰ সভাপতিৰ দায়িত্বত থাকিব।

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব RSS মুৰব্বী ডা. মোহন ভাগৱত । Mohan Bhagwat

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব RSS মুৰব্বী ডা. মোহন ভাগৱত । Mohan Bhagwat
দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব RSS মুৰব্বী ডা. মোহন ভাগৱত । Mohan Bhagwat

Mohan Bhagwat । ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS)-ৰ সৰসংঘচালক ডা. মোহন ভাগৱতে দুদিনীয়া বিশেষ ভ্ৰমণসূচীৰে অসমলৈ আগমন কৰিব। ১৭ নৱেম্বৰৰ আবেলি গুৱাহাটীলৈ উপস্থিত হ’ব ভাগৱত। গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অৱতৰণ কৰাৰ পিছত তেওঁ পোনে পোনে বৰবৰীৰ সুদৰ্শনালয়লৈ ৰাওনা হ’ব।

RSS-ৰ শতবৰ্ষ উৎসৱ উপলক্ষে বিভিন্ন সাংগঠনিক কাৰ্যসূচী আয়োজন কৰা হৈছে


১৮ নৱেম্বৰ: নাগৰিক সন্মিলন

১৮ নৱেম্বৰৰ পৰা ভাগৱতৰ আনুষ্ঠানিক কাৰ্যসূচী আৰম্ভ হ’ব। দিনটোৰ আবেলি ৪ বজাৰ পৰা সুদৰ্শনালয়ত ‘নাগৰিক সন্মিলন’ অনুষ্ঠিত হ’ব, য’ত সমাজ জীৱনত উল্লেখযোগ্য অৱদান ৰখা গুৱাহাটীৰ দুই শতাধিক বিশিষ্ট নাগৰিক উপস্থিত থাকিব। সাহিত্যিক, কাকত-আলোচনীৰ সম্পাদক, সাংবাদিক, উদ্যোগপতি আদিকে এই বিশেষ বৈঠকত আমন্ত্ৰণ জনোৱা হৈছে।

এই সন্মিলনত ডা. ভাগৱতে বৌদ্ধিক প্ৰদান কৰাৰ লগতে বিভিন্ন বিষয়া লৈ মত-বিনিময় কৰিব বুলি জানিব পৰা গৈছে।


১৯ নৱেম্বৰ: যুৱ সন্মিলন

পাছদিনা অৰ্থাৎ ১৯ নৱেম্বৰৰ পুৱা ১০ বজাৰ পৰা ‘যুৱ সন্মিলন’ অনুষ্ঠিত হ’ব। এই অনুষ্ঠানত নিৰ্বাচিত যুৱ কবি, সাহিত্যিক, সাংবাদিক, উদ্যোগপতি সহ বিভিন্ন ক্ষেত্ৰত প্ৰতিভাৱান অসমৰ যুৱসমাজ উপস্থিত থাকিব। অংশগ্ৰহণকাৰীৰ সন্মুখত মোহন ভাগৱতে পুনৰ এক গুৰুত্বপূৰ্ণ বৌদ্ধিক বক্তব্য প্ৰদান কৰিব।


২০ নৱেম্বৰ: মণিপুৰ ভ্ৰমণ

অসমত দুদিনীয় কাৰ্যসূচী সম্পন্ন কৰি ২০ নৱেম্বৰৰ দিনা ডা. মোহন ভাগৱত মণিপুৰলৈ যাত্ৰা কৰিব বুলি RSSৰ মুখপাত্ৰই জনাইছে।