Home Blog Page 150

অন্তঃসত্ত্বা আছিল নেকি সোনম ৰঘুবংশী? চিকিৎসা পৰীক্ষাত পোহৰলৈ আহিল সঁচা তথ্য । Raja Raghuvanshi Murder Case

অন্তঃসত্ত্বা আছিল নেকি সোনম ৰঘুবংশী? চিকিৎসা পৰীক্ষাত পোহৰলৈ আহিল সঁচা তথ্য । Raja Raghuvanshi Murder Case

১১ জুন:Raja Raghuvanshi Murder Case
ৰাজা ৰঘুবংশী হত্যাকাণ্ডত মুখ্য অভিযুক্ত হিচাপে চিনাক্ত হোৱা সোনম ৰঘুবংশীক মঙলবাৰে নিশা শ্বিলঙলৈ অনা হয়। শ্বিলঙত উপস্থিত হোৱাৰ পাছতে তৎক্ষণাৎ গণেশ দাস হাস্পতালত চিকিৎসা পৰীক্ষা কৰা হয়। এই পৰীক্ষাত সোনমৰ প্ৰেগনেঞ্চী টেষ্ট নেগেটিভ পোৱা গৈছে।

আৰম্ভণিতে আৰক্ষীয়ে সন্দেহ কৰিছিল যে সোনম গৰ্ভৱতী হ’ব পাৰে, কিন্তু চিকিৎসা প্ৰতিবেদনে নিশ্চিত কৰে যে সোনম অন্তঃসত্ত্বা নহয়। সম্প্ৰতি সোনমক আৰক্ষীৰ গেষ্ট হাউচত ৰাখি তদন্ত চলাই থকা হৈছে।

আনহাতে, বুধবাৰে পুৱা গুৱাহাটী বিমানবন্দৰত উপস্থিত কৰা হয় হত্যাকাণ্ডৰ সৈতে জড়িত আন ৪ অভিযুক্ত— ৰাজ কুছৱাহা, বিকি ওৰফে বিশাল ঠাকুৰ, আনন্দ কুৰ্মী আৰু আকাশ ৰাজপুতক। ইন্দোৰৰ পৰা দিল্লী, তাৰপিছত গুৱাহাটী আৰু গুৱাহাটীৰ পৰা সোধপুচৰ বাবে শ্বিলঙলৈ লৈ যোৱা হয় তেওঁলোকক।

শ্বিলঙত তেওঁলোকৰ স্বাস্থ্য পৰীক্ষাৰ পিছত দিনৰ ১২ বজাত আদালতত হাজিৰ কৰা হ’ব। মেঘালয় আৰক্ষীৰ সূত্ৰ অনুসৰি, চেৰাপুঞ্জীত হত্যাকাণ্ড সংঘটিত হোৱা স্থানত ‘ক্ৰাইম চীন ৰিক্ৰিয়েচন’ কৰা হ’ব, যাতে তদন্তৰ দিশ অধিক স্পষ্ট হয়।

উল্লেখযোগ্য যে, ৭ জুন ‘অপাৰেচন হনিমুন’ৰ ৰূপৰেখা প্ৰস্তুত কৰিছিল মেঘালয় আৰক্ষীয়ে। তাৰ লগে লগে ৮ জুনত মধ্যপ্ৰদেশলৈ যাত্ৰা কৰিছিল ২০জনীয়া এটা বিশেষ দল।

তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি, ৰাজা ৰঘুবংশীক হত্যাৰ ব্লুপ্ৰিণ্ট তৈয়াৰ কৰিছিল সোনম ৰঘুবংশী আৰু ৰাজ কুছৱাহাই মিলি। মেঘালয়, মধ্যপ্ৰদেশ আৰু উত্তৰপ্ৰদেশৰ বিভিন্ন স্থানত অভিযান চলাই আটক কৰা হৈছে অভিযুক্তক।

তদন্ত অব্যাহত — আগন্তুক দিনত বহু গুৰুত্বপূর্ণ তথ্য উন্মোচিত হোৱাৰ সম্ভাৱনা।

বিটিআৰ নিৰ্বাচনৰ প্ৰাকক্ষণত শুক্লাই চেৰফাংত BPF দলত খহনীয়া, বহু যুৱ নেতা BJPত যোগদান । BTR

বিটিআৰ নিৰ্বাচনৰ প্ৰাকক্ষণত শুক্লাই চেৰফাংত BPF দলত খহনীয়া, বহু যুৱ নেতা BJPত যোগদান । BTR
বিটিআৰ নিৰ্বাচনৰ প্ৰাকক্ষণত শুক্লাই চেৰফাংত BPF দলত খহনীয়া, বহু যুৱ নেতা BJPত যোগদান । BTR

১০ জুন,২০২৫ঃ BTR (Bodoland Territorial Region) নিৰ্বাচনক বিজেপিয়ে অত্যাধিক গুৰুত্ব সহকাৰে লৈছে। যোগদান কাৰ্যসূচীসমূহৰ জড়িয়তে বিটিআৰখনত দলটো অধিক শক্তিশালী হৈ উঠিছে বুলি মন্তব্য কৰিছে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য তথা যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাই।

BTC নিৰ্বাচনৰ প্ৰাকক্ষণত তামুলপুৰ জিলাৰ শুক্লাই চেৰফাং সমষ্টিত BPF (Bodoland People’s Front) দলত দেখা গৈছে গুৰুত্বপূর্ণ খহনীয়া। আজি শুক্লাই চেৰফাং মণ্ডল বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হয় এখন বিশেষ যোগদান সভা, য’ত বৃহৎ সংখ্যক যুৱ নেতা BJPত যোগদান কৰে।

এই সভাত শুক্লাই চেৰফাং যুৱ BPFৰ সম্পাদক ডেৰহাচা বড়োৰ লগতে কেইবাগৰাকী যুৱ নেতাই BJP দলত আনুষ্ঠানিকভাৱে যোগদান কৰে।

উক্ত সভাত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক ৰাতুল শৰ্মা, তামুলপুৰ জিলা বিজেপিৰ সভাপতি ভিক্টৰ কুমাৰ দাস, উপ-সভাপতি ৰান্ধোৱা বড়ো, জিনা বড়ো, বিটিআৰৰ EM ৰনেন্দ্ৰ নাৰ্জাৰী আদি লগতে কেইবাগৰাকী দলীয় নেতা।

সভাত দলীয় নেতৃত্বই বুথ পৰ্যায়ৰ তিনিজনীয়া সমিতিৰ সৈতে বৰ্তমান সাংগঠনিক পৰিস্থিতি সম্পৰ্কে মত-বিনিময় কৰে। দলটোৰ লক্ষ্য আগন্তুক নিৰ্বাচনত বিটিআৰখনত অধিক আসন লাভ কৰাৰ লগতে শক্তিশালী সংগঠন গঢ়ি তোলা বুলি নেতৃত্বই উল্লেখ কৰে।

বিশেষ বিধানসভা অধিৱেশন: মুখামুখি গৌৰৱ গগৈ আৰু হিমন্ত বিশ্ব শৰ্মা – “বাঘে-ছাগে একেলগে” চৰ্চা তীব্ৰ । Assambley

বিশেষ বিধানসভা অধিৱেশন: মুখামুখি গৌৰৱ গগৈ আৰু হিমন্ত বিশ্ব শৰ্মা – "বাঘে-ছাগে একেলগে" চৰ্চা তীব্ৰ । Assambley

৯ জুন ২০২৫: assambley । সোমবাৰে অনুষ্ঠিত হয় অসম বিধানসভাৰ বিশেষ অধিৱেশন, য’ত লোকসভাৰ কেইবাগৰাকীও সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকে। এই অধিৱেশনখন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ নামত ডিব্ৰুগড় বিমানবন্দৰ নামকৰণৰ সিদ্ধান্তক কেন্দ্ৰ কৰি অনুষ্ঠিত কৰা হয়।

বিশেষকৈ আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰে লোকসভাৰ বিৰোধী উপ-দলনেতা তথা সদ্য নিযুক্ত প্ৰদেশ কংগ্ৰেছ সভাপতি গৌৰৱ গগৈৰ উপস্থিতি। গৌৰৱ গগৈক দেখা যায় বিধানসভাৰ অধ্যক্ষৰ অতিথি গেলাৰীত, য’ত তেওঁ কিছু সময় কাৰ্যাৱলী পৰ্যবেক্ষণ কৰি কংগ্ৰেছ বিধায়কৰ সৈতে সৌজন্য সাক্ষাৎ কৰে। তেওঁ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীকো সাক্ষাৎ কৰে।

উল্লেখযোগ্যভাৱে, এই অধিৱেশনতে উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। মুখ্যমন্ত্ৰী শৰ্মাই শেহতীয়াকৈ গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত বিস্ফোৰক মন্তব্য আগবঢ়াইছিল, আৰু এই পটভূমিতেই দুয়ো নেতাৰ “মুখামুখি” উপস্থিতিৰে বিধানসভা প্ৰাঙ্গণত “বাঘে-ছাগে একেলগে” বুলি চৰ্চা তীব্ৰ হয়।

গৌৰৱ গগৈয়ে সংবাদমেলত কয়, “আজিৰ দিনটোত আমি অসমবাসীৰ গৌৰৱ, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ নামেৰে ডিব্ৰুগড় বিমানবন্দৰ নামকৰণক সমৰ্থন জনাবলৈ আহিছো। এই সিদ্ধান্তক আমি সকলোৱে উষ্ম অভিবাদন জনাইছো। আশা কৰো, চৰকাৰে এতিয়াৰে পৰা বিমান যোগাযোগো অধিক উন্নত কৰাৰ দিশত গুৰুত্ব দিব।”

আনহাতে, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গৌৰৱ গগৈৰ উপস্থিতিৰ ওপৰত মন্তব্য কৰি কয়, “গৌৰৱ গগৈ গেলাৰীত আহিছে ঠিকেই, কিন্তু কংগ্ৰেছে যিমানেই চেষ্টা কৰক, অসমৰ ৰাইজৰ অন্তৰ জয় কৰিব নোৱাৰে।”

ঐতিহাসিক শিৱসাগৰত উপস্থিত হয় বিজেপি অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ।Dilip Saikia

১০ জুন,২০২৫: Dilip Saikia । শিৱসাগৰ জিলাৰ বৰ্তমান জিলা সমিতিৰ প্ৰথমখন জিলা কাৰ্যনিৰ্বাহক সভা শিৱসাগৰ নগৰৰ ঐতিহাসিক কে.পি.এম. হলত পুৱা ১০.৩০ বজাৰ পৰা অনুষ্ঠিত হয়। উক্ত সভাত অংশগ্ৰহণ কৰিবলৈ বিজেপি অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া শিৱসাগৰলৈ উপস্থিত হয়।

সভাৰ আৰম্ভণিৰ পূৰ্বে দিলীপ শইকীয়া শিৱসাগৰ জিলাৰ বিভিন্ন স্তৰৰ কাৰ্যকৰ্তাসকলৰ সৈতে ঐতিহাসিক শিৱদ’লৰ সন্মুখৰ পৰা কালি প্ৰসাদ মেম’ৰিয়েল হললৈ এক বিশাল পদব্ৰজে সমদল কৰে। অঞ্চলটোত উৎসাহব্যাঞ্জক পৰিৱেশৰ মাজত এই সমদল অনুষ্ঠিত হয় আৰু ইয়াত দলৰ বহু নেতা, কৰ্মী তথা সমৰ্থকে অংশগ্রহণ কৰে।

এই কাৰ্যসূচীখনৰ জৰিয়তে বিজেপিয়ে জিলাখনত দলীয় কাঠামো আৰু সাংগঠনিক শক্তি অধিক সুদৃঢ় কৰাৰ দিশে আগবাঢ়িবলৈ পদক্ষেপ গ্ৰহণ কৰিছে। সভাত ৰাজ্যিক সভাপতিয়ে সংগঠনৰ ভৱিষ্যৎ পৰিকল্পনা আৰু দলীয় কৰ্মসূচীৰ বিষয়ে মূল্যবান দিশ-নিৰ্ব্দেশ প্ৰদান কৰে।

আন্তঃৰাজ্যিক সীমান্ত শান্তি আৰু সমন্বয়ৰ বাবে কান্দুলী লাংহেমপিত গুৰুত্বপূৰ্ণ সভা । karbi anglong

আন্তঃৰাজ্যিক সীমান্ত শান্তি আৰু সমন্বয়ৰ বাবে কান্দুলী লাংহেমপিত গুৰুত্বপূৰ্ণ সভা । karbi anglong
আন্তঃৰাজ্যিক সীমান্ত শান্তি আৰু সমন্বয়ৰ বাবে কান্দুলী লাংহেমপিত গুৰুত্বপূৰ্ণ সভা । karbi anglong

✍️ পশ্চিম কাৰ্বি আংলং, জুন ১০:karbi anglong
অসম-মেঘালয় আন্তঃৰাজ্যিক সীমান্ত কাষৰীয়া অঞ্চল কান্দুলী-লাংহেমপিস্থিত বন বিভাগৰ পৰিদৰ্শন বাংলোত চ’ছেং আমৰেং সীমান্ত উন্নয়ন সমিতি আৰু **কাৰ্বি চাত্ৰ সংস্থা (KSA)**ৰ যৌথ উদ্যোগত এক গুৰুত্বপূৰ্ণ শান্তি সমন্বয় সভা অনুষ্ঠিত হয়।

সীমান্ত উন্নয়ন আৰু বিশ্বাস স্থাপনৰ উদ্দেশ্যে আয়োজিত সভাখনত উপস্থিত থাকে ৪২টা গাঁৱৰ চৰকাৰী গাঁওবুঢ়া, স্থানীয় সমাজসেৱকসকলৰ লগতে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অধীনৰ প্ৰাক্তন সীমান্ত উন্নয়ন ব’ৰ্ডৰ অধক্ষ্য আগষ্টিন হানচে, যিয়ে সভাটো পৰিচালনা কৰে।

সভাত চাৰিটা মূল বিষয়ত গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়:

  1. সীমান্ত অঞ্চলত অনুপ্ৰৱেশ ৰোধ – স্থানীয় ৰাইজে তেওঁলোকৰ ভূমি বাহিৰৰ লোকক বিক্ৰী বা বন্ধক দিব নোৱাৰিব। যদি দিব, তেন্তে ₹৫০,০০০ টকাৰ জৰিমনা আৰোপ কৰা হ’ব বুলি জানিবলৈ দিয়ে।
  2. অসম-মেঘালয় সীমা বিবাদৰ সমাধান – ১৯৫১-৫২ চনৰ Survey of India‘ৰ ডিমাৰ্কেচনৰ আধাৰত সীমা সলনি হ’ব লাগে বুলি মত প্ৰকাশ কৰা হয়।
  3. ভূমি খাজনা জমা – কাৰ্বি আংলঙত বসবাস কৰা সকলো সীমান্তবাসীয়ে নিজৰ ভূমিৰ খাজনা কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ ৰাজহ বিভাগত দিব লাগিব বুলি সিদ্ধান্ত লোৱা হয়।
  4. ডুৱেল ভোটাৰ নামভৰ্তি বাতিল – সীমান্ত অঞ্চলত বসবাস কৰা জনগোষ্ঠীৰ ভোটাৰ নামত দ্বৈত নামভৰ্তি থকা অনুচিত। যি ৰাজ্য বা জিলাত বাস কৰে, সেই অঞ্চলৰ ভোটাৰ হিচাপে নামভৰ্তি হ’ব লাগিব বুলি সভাত পৰামৰ্শ দিয়া হয়।

উল্লেখযোগ্য যে, উপস্থিত ৪২টা গাঁওৰ সকলো গাঁওবুঢ়াই এই সিদ্ধান্তসমূহত পূৰ্ণ সমৰ্থন জ্ঞাপন কৰে। সভাৰ জৰিয়তে সীমান্ত অঞ্চলত শান্তি-সম্প্ৰীতি, সামাজিক স্থিতি আৰু ভূমি-আইনি ব্যৱস্থাত একতা ৰক্ষা কৰিবলৈ আহ্বান জনোৱা হয়।

এই সভাখন অসম-মেঘালয় সীমান্তত পুনঃ সংঘৰ্ষৰ সম্ভাৱনাক হ্ৰাস কৰি উন্নয়নমূলক সহাবস্থাৰ পথ উন্মোচন কৰিব বুলি আশা প্ৰকাশ কৰিছে স্থানীয় সকলে।

গৈছিল লখিমপুৰৰ আত্মীয়ৰ ঘৰলৈ ফুৰিবলৈ পিছে নদীবান্ধ আন্দোলনৰ নেত্ৰী(!) বুলি ৰঙাঘৰৰ আলহী হ’লগৈ ঢকুৱাখনাৰ দুগৰাকী মহিলা, মিছাতেই ভুক্তভোগী হৈ ১৪ বছৰে তাতবাটি কাঢ়িছে আদালতলৈ । Protest

গৈছিল লখিমপুৰৰ আত্মীয়ৰ ঘৰলৈ ফুৰিবলৈ পিছে নদীবান্ধ আন্দোলনৰ নেত্ৰী(!) বুলি ৰঙাঘৰৰ আলহী হ'লগৈ ঢকুৱাখনাৰ দুগৰাকী মহিলা, মিছাতেই ভুক্তভোগী হৈ ১৪ বছৰে তাতবাটি কাঢ়িছে আদালতলৈ । Protest
গৈছিল লখিমপুৰৰ আত্মীয়ৰ ঘৰলৈ ফুৰিবলৈ পিছে নদীবান্ধ আন্দোলনৰ নেত্ৰী(!) বুলি ৰঙাঘৰৰ আলহী হ'লগৈ ঢকুৱাখনাৰ দুগৰাকী মহিলা, মিছাতেই ভুক্তভোগী হৈ ১৪ বছৰে তাতবাটি কাঢ়িছে আদালতলৈ । Protest

১০ জুন ২০২৫ :- protest । ২০১১ চনত তেতিয়াৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈকে ধৰি অন্য কেইবাটাও সংগঠনৰ নেতাৰ নেতৃত্বত লখিমপুৰৰ-ধেমাজিত চলিছিল বৃহৎ নদীবান্ধৰ বিৰুদ্ধে গণ আন্দোলন।লখিমপুৰ জিলাৰ বগীনদীৰ ঘাগৰ তিনিআলিত সেই বছৰৰ ১৬ জুনৰ দিনা পথ অৱৰোধেৰে জংগী প্ৰতিবাদ হৈছিল নদীবান্ধ নিৰ্মাণকাৰী সংস্থা এন,এই,পি,ছি’ৰ বিৰুদ্ধে।সেইদিনাই আকৌ ঢকুৱাখনাৰ ২ নং কাঠগাঁৱৰ ঘৰৰ পৰা লাহেশ্বৰী চুতীয়া আৰু প্ৰতিভা চুতীয়া দুয়ো শাহু-বোৱাৰী লগ হৈ ফুৰিবলৈ গৈছিল লখিমপুৰলৈ আত্মীয়ৰ ঘৰলৈ।তেওঁলোক যোৱা বছখনো গৈ ঘাগৰৰ প্ৰতিবাদস্থলীৰ ওচৰত পথত আবদ্ধ হৈ পৰিছিল পথ অৱৰোধেৰে কৰা বিভিন্ন সংগঠনে অব্যাহত ৰখা আন্দোলনৰ বাবে।গাঁৱৰ হুজা মানুহ দুগৰাকীয়ে পথত ধেৰ মানুহ দেখি কি হৈছেনো গম লবলৈ বুলি গাড়ীৰ পৰা নামি গৈছিল চাবলৈ।দুয়ো শাহু-বোৱাৰীয়ে কি ঘটিছে গম লোৱাৰ আগতেই ঠিক সেই সময়তেই আন্দোলনকাৰীৰ ওপৰত আৰক্ষীয়ে লাঠি চাৰ্চ কৰিছিল।

লাঠি চাৰ্চ,কন্দুৱা গেছ প্ৰয়োগৰ ফলত বহু লোক ছত্ৰভংগ দি পলাল যদিও প্ৰতিবাদস্থলীৰ সমীপত পোৱা তেতিয়াৰ কৃষক নেতা অখিল গগৈকে ধৰি বহু সংখ্যক লোকক আৰক্ষীয়ে আটক কৰি নিছিল। লখিমপুৰ সদৰ থানালৈ আৰক্ষীয়ে আটক কৰি লৈ যোৱা সেই আন্দোলন কাৰী সকলৰ মাজত গাড়ীৰ পৰা নামি কি হৈছে চাবলৈ যোৱা শাহু-বোৱাৰীকো লৈ গৈছিল তেতিয়াৰ প্ৰয়াত তৰুণ গগৈ চৰকাৰৰ আৰক্ষীয়ে আন্দোলনকাৰী সজাই। তেতিয়াই সংবাদ মাধ্যমক জনোৱা মতে-তেওঁলোক দুয়োগৰাকীয়ে নদীবান্ধ আন্দোলনৰ লগত জড়িত নহয় বুলি অনেক কাকুটি-মিনতি কৰিছিল যদিও আৰক্ষীয়ে এৰি নিদিলে।

লৈ গ’ল আটক কৰি লখিমপুৰ সদৰ থানালৈ।আৰু লখিমপুৰ সদৰ থানাৰ লকাপত এৰাতি ৰাখি পিছদিনা মহিলা দুগৰাকীৰ সৈতে অখিল গগৈসহ সকলো আন্দোলনকাৰীক প্ৰেৰণ কৰিছিল লখিমপুৰ জিলা কাৰাগাৰলৈ। এই ঘটনাৰ পিছত লখিমপুৰ জিলা আদালতত চলি থকা গোচৰত অভিযুক্ত হৈ অখিল গগৈয়ে ৭ মাহ কাৰাবাস খাতিব লগাৰ বিপৰীতে ঢকুৱাখনাৰ ২ নং কাঠগাঁৱৰ লাহেশ্বৰী চুতীয়া আৰু প্ৰতিভা চুতীয়াই ৩ মাহ জেলৰ ভাত খাব লগা মিছাতেই পাকত পৰি।
কৃষক মুক্তি সংগ্ৰাম সমিতি কি ? এই নদীবান্ধ আন্দোলন কিয় কৰা হৈছে ? কোনে কোনে আন্দোলন কৰিছে ? একোৱে বুজি নোপোৱাহুজা গাঁৱলীয়া মহিলা দুগৰাকী সেইদিনা টালি-টোপোলা লৈ আত্মীয়ৰ ঘৰলৈ ফুৰিবলৈ গৈ ঘাগৰত গাড়ীৰ পৰা নামি আন্বাদোলন চাওঁতেই হৈ পৰিল নদীবান্ধ আন্দোলনৰ নেত্ৰী !

মিছাতেই ৩ মাহ কাৰাবাস খাটি অৱশেষত জামিন পালে যদিও আজি ১৪ টা বছৰে মাহৰ পিছত মাহ, তাৰিখৰ পিছত তাৰিখ ঢকুৱাখনাৰ কাঠগাঁৱৰ ঘৰৰ পৰা ৯০ কি:মি: দূৰত্বৰ লখিমপুৰ জিলা আদালতলৈ অহা-যোৱা কৰি টকা-পইচা খৰছ কৰি একেবাৰে জুৰুলা,নিৰুপায় হৈ পৰিছে জীৱনৰ বিয়লি বেলাত উপনীত হোৱা লাহেশ্বৰী চুতীয়া আৰু প্ৰতিভা চুতীয়া আইতা।


উল্লেখ্য যে ৮৭ বছৰীয়া লাহেশ্বৰী চুতীয়া বিশেষ
ভাৱে সক্ষম হোৱাৰ লগতে বৰ্তমান স্তনৰ কৰ্কট ৰোগত চিকিৎসাধীন হৈ আছে;লাঁখুটিৰ সহায়ত কোনোমতে ঘৰৰ বাহিৰ ভিতৰ কৰিব পাৰে। চকুৰেও কম দেখে,কানেৰে নুশুনে ভালদৰে।
এনে এগৰাকী বৃদ্ধা মহিলাই এতিয়া মাহে মাহে আদলতত হাজিৰ হবলৈ যায় কি দৰে ?
পৰিয়ালৰ লোকে জনোৱমতে আদালতৰ যোৱা কেইবাটাও তাৰিখ মিছ হৈছে লাহেশ্বৰী আইতাৰ।
যাৰ বাবে ঘিলামৰা থানাৰ পুলি আহি পুনৰ কৰ্টত হাজিৰ হ’বলৈ নিৰ্দেশ দি গৈছে।এই নদীবান্ধ আন্দোলনৰ জড়িয়তেই ৰাজনৈতিক জীৱনৰ সফল আৰম্ভণি ঘটাই নদীবান্ধ আন্দোলনকাৰী
অখিল গগৈ বিধায়ক হ’ল ডাঃ ৰণোজ পেগু মন্ত্ৰী হ’ল,আৰু বহু আন্দোলনকাৰী আজি অসমৰ প্ৰভাৱশালী নেতা হ’ল।কিন্তু আজিলৈ এই দুগৰাকী আইতাৰ এটা খবৰ লবলৈ কাৰো আহৰি নহ’ল !
নদীবান্ধনো কি ? আৰু নদীবান্ধ আন্দোলনটোনো কোনে কোনে কৰিছিল ? তাৰ একো এটাও ভূ নোপোৱা ঢকুৱাখনাৰ এই দুগৰাকী আইতাই এতিয়া বিচাৰিছে মুখ্যমন্ত্ৰীৰ সহায়।তেওঁলোকক বাটৰ পৰা ধৰি নি মিছাতেই আৰক্ষীয়ে নদীবান্ধ আন্দোলনৰ আন্দোলনকাৰী বুলি জাপি দিয়া গোচৰ প্ৰত্যাহাৰ কৰি জীৱনৰ অন্তিম দিনকেইটা শান্তিৰে কতোৱাৰ ব্যৱস্থা কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেৰ প্ৰতি দুইগৰাকী আইতাই কাতৰ আহ্বান জনাইছে।

চৰকাৰী বিদ্যালয়ত চাঞ্চল্যকৰ ঘটনা! শিক্ষকক বন্দুক দেখুৱাই উঠাই নিয়ে দুৰ্বৃত্তই ! Techer

চৰকাৰী বিদ্যালয়ত চাঞ্চল্যকৰ ঘটনা! শিক্ষকক বন্দুক দেখুৱাই উঠাই নিয়ে দুৰ্বৃত্তই ! Techer

৯ জুন ২০২৫: Teacher । বিহাৰৰ বেগুচৰাৰ এখন চৰকাৰী বিদ্যালয়ত আজি পুৱা সংঘটিত হয় এক শিহৰণকাৰী ঘটনা। পাঠদানৰ মাজতে এজন শিক্ষকক বিদ্যালয়ৰ পৰা বন্দুকৰ ভয় দেখুৱাই জোৰেৰে উঠাই নিয়ে এখন দুৰ্বৃত্ত দল। স্থানীয় সূত্ৰৰ মতে, শিক্ষকজনক উঠাই নিয়াৰ উদ্দেশ্য আছিল জোৰ-জবৰদস্তি বিয়া কৰোৱা।

পূৰ্বনিযোজিতভাৱে বিদ্যালয়খনত সোমায় দুৰ্বৃত্তসকল। তেখেতে বন্দুক লৈ সিধা শিক্ষকজনৰ কাষলৈ গৈ ভয় দেখুৱাই বিদ্যালয়ৰ পৰা বাহিৰলৈ লৈ যায়। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষিকাসকলৰ মাজত আতংক সৃষ্টি হয়।

স্থানীয় আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। সংবাদমাধ্যমে জনোৱা অনুসৰি, শিক্ষকজনৰ সৈতে কোনো যুৱতীৰ ব্যক্তিগত সম্পৰ্ক আছিল আৰু তাৰপিছতেই জোৰেৰে বিয়া কৰোৱাৰ উদ্দেশ্যৰে এই অপহৰণৰ ঘটনা ঘটে।

ঘটনাটোৱে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্থানীয় ৰাইজে বিদ্যালয় আৰু শিক্ষকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে আৰক্ষীক কঠোৰ ব্যৱস্থা লোৱাৰ আহ্বান জনাইছে।

অপহৃত শিক্ষকজনৰ সন্ধান লাভৰ বাবে আৰক্ষীয়ে তীব্ৰ অভিযান আৰম্ভ কৰিছে আৰু সন্দেহজনক ব্যক্তিসকলৰ ওপৰত নজৰ ৰাখিছে। আৰক্ষীৰ তদন্তৰ পিছত পোহৰলৈ আহিব সমগ্ৰ ঘটনাৰ প্ৰকৃত তথ্য !

কিমান অবৈধ প্ৰেমৰ গভীৰতা আছিল নিজ কাৰ্যালয়ৰ কৰ্মচাৰী ৰাজ কুছৱাহাৰ সৈতে সোনম ৰঘুবংশীৰ ! Sonam Raghuwanshi

নিজ কাৰ্যালয়ৰ কৰ্মচাৰী ৰাজ কুছৱাহাৰ সৈতে আছিল প্ৰেমৰ সম্পৰ্ক!
নিজ কাৰ্যালয়ৰ কৰ্মচাৰী ৰাজ কুছৱাহাৰ সৈতে আছিল প্ৰেমৰ সম্পৰ্ক!


৯ জুন ২০২৫:Sonam Raghuwanshi ইন্দোৰৰ উদ্যোগপতি ৰাজা ৰঘুবংশী হত্যাকাণ্ড সন্দৰ্ভত একৰ পিছত এক চাঞ্চল্যকৰ তথ্য উন্মোচিত হৈছে। তদন্তত জানিব পৰা মতে, ৰাজা ৰঘুবংশীৰ পত্নী সোনম ৰঘুবংশীৰ নিজৰ কাৰ্যালয়ৰ কৰ্মচাৰী ৰাজ কুছৱাহাৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল। এই সম্পৰ্কৰ আধাৰতেই দুয়োজনীয় হত্যাৰ ভয়ংকৰ পৰিকল্পনা সাজে।

মেঘালয় আৰক্ষীৰ মতে, এই হত্যা সোনম আৰু ৰাজ কুছৱাহাৰ পূৰ্ব পৰিকল্পিত ষড়যন্ত্ৰ আছিল। ৰাজা আৰু সোনমে হনিমুনৰ নামত ১১ মে’ত শ্বিলঙলৈ গৈছিল। তাৰ পাছতেই ২৩ মে’ত ৰাজা নিৰুদ্দেশ হৈ পৰে, যাৰ পিছতেই আৰক্ষীয়ে অভিযান আৰম্ভ কৰে।

গ্ৰেপ্তাৰৰ পাছত সোনমে দাবী কৰিছে, “মোক অপহৰণ কৰা হৈছিল। মই ভুক্তভোগী।
তেওঁ কয় যে, অপহৰণকাৰীয়ে গাজিপুৰত এৰি থৈ গৈছিল। কিন্তু তদন্তত পোহৰলৈ আহিছে একেবাৰে বিৰোধী তথ্য —

  • সোনম–ৰাজ কুছৱাহা আছিল একে ব্যৱসায়িক প্ৰতিষ্ঠানৰ অংশ
  • ৰাজা ৰঘুবংশীৰ হত্যাৰ মূল পৰিকল্পক আছিল ৰাজ কুছৱাহা
  • সোনমে ৰাজাক হত্যাৰ বাবে চুপাৰি কিলাৰ নিযুক্ত কৰিছিল
  • সোনমে ট্ৰেইনৰ টিকট, যান-বাহন আদিৰ ব্যৱস্থা আগতিয়াকৈ কৰি ৰাখিছিল

👥 মুঠ ৫ গৰাকী গ্ৰেপ্তাৰ

এই হত্যাকাণ্ড সন্দৰ্ভত এতিয়ালৈকে মেঘালয় আৰক্ষীয়ে ৫ গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে —

  1. সোনম ৰঘুবংশী (পত্নী)
  2. ৰাজ কুছৱাহা (প্ৰেমিক)
  3. বিকি ঠাকুৰ
  4. আকাশ
  5. আনন্দ (উত্তৰ প্ৰদেশৰ সাগৰৰ পৰা গ্ৰেপ্তাৰ)

ৰাজা ৰঘুবংশীৰ গলি হোৱা মৃতদেহ মেঘালয়ৰ জংঘলত থকা এটা খাৱৈৰ পৰা উদ্ধাৰ কৰা হয়। এই হত্যাকাণ্ডই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। তদন্ত প্ৰক্ৰিয়া চলি থকাৰ মাজতেই এতিয়ালৈ বহু গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে।

পত্নী আৰু প্ৰেমিকৰ ষড়যন্ত্ৰত, একে ঘৰৰ মানুহে নিজা স্বামীক হত্যা কৰাৰ ঘটনাই মানৱ সম্পৰ্ক, বিশ্বাস আৰু ব্যৱসায়িক দুনিয়াৰ অন্ধকাৰ পৃষ্ঠাৰ এক ভয়ংকৰ ছবি স্পষ্ট কৰি তুলিছে। তদন্তৰ পূৰ্ণ ফলাফল অহা দিনত অধিক চমকদায়ক তথ্য উন্মোচন কৰিব বুলি অনুমান কৰা হৈছে।

চৰ্ত সাপেক্ষে বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক পুনৰ ৰাজ্যসভাৰ প্ৰাৰ্থীত্ব দিলে অসম গণ পৰিষদ । AGP

চৰ্ত সাপেক্ষে বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক পুনৰ ৰাজ্যসভাৰ প্ৰাৰ্থীত্ব দিলে অসম গণ পৰিষদ । AGP

৮ জুন ২০২৫: আগন্তুক ১৯ জুন তাৰিখে অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে অসম গণ পৰিষদে (AGP) পুনৰ বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে। যদিও এই ঘোষণা চৰ্ত সাপেক্ষ — দু’বছৰৰ কাৰ্যকাল পূৰ্ণ হোৱাৰ পাছত বৈশ্যই আসনখন এৰি দিব লাগিব বুলি দলটোৱে স্পষ্ট কৰি দিছে।

AGP শীৰ্ষ নেতৃত্বই কয়, দলটোৰ অভ্যন্তৰীণ ঐক্য ৰক্ষাৰ স্বাৰ্থত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। একেদৰে, নতুন প্ৰজন্মক সুযোগ দিয়াৰ বাবে বাকি ৪ বছৰৰ বাবে এই আসন নতুন মুখলৈ তুলি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে।

🔹 ২৭ জন আবেদনকাৰীৰ মাজৰ পৰা পুনৰ টিকট বৈশ্যক
অগপৰ সূত্ৰৰ মতে, ৰাজ্যসভাৰ প্ৰাৰ্থীত্বৰ বাবে দলটোৰ ২৭ গৰাকী নেতাই আবেদন দাখিল কৰিছিল। এই ২৭ জনৰ ভিতৰত বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক তৃতীয়বাৰৰ বাবে দলৰ পক্ষৰ পৰা নিৰ্বাচিত কৰা হয়।

গুৱাহাটীত অনুষ্ঠিত হোৱা AGP শীৰ্ষ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। বৈঠকত উপস্থিত আছিল —

দলৰ সভাপতি অতুল বৰা

কাৰ্যকৰী সভাপতি কেশৱ মহন্ত

জ্যেষ্ঠ নেতা আৰু বিধায়ক ফণীভূষণ চৌধুৰী

লগতে অন্য শীৰ্ষ নেতাসকল

🔸 বিজেপি-AGP মিত্ৰতা অব্যাহত: এখন আসন এৰিলে বিজেপিয়ে
এইবাৰ ৰাজ্যসভাৰ নিৰ্বাচনত অসমৰ দুটা আসনৰ বাবে ভোটদান অনুষ্ঠিত হ’ব। BJP-AGP মিত্ৰতাত BJP এখন আসনত নিজৰ প্ৰাৰ্থী আগবঢ়োৱাৰ বিপৰীতে AGPক এখন আসন এৰি দিছে।

🗓️ বৈশ্যৰ ৰাজনৈতিক যাত্ৰা
২০০৮–২০১৪: ৰাজ্যসভাৰ সাংসদ (১ম বাৰ)

২০১৯–২০২৫: ৰাজ্যসভাৰ সাংসদ (২য় বাৰ)

১৯৯৬–১৯৯৮: মংগলদৈৰ পৰা লোকসভাৰ সাংসদ

কেন্দ্ৰীয় তীখা আৰু খনি মন্ত্ৰী হিচাপেও দায়িত্ব পালন

এইবাৰ বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক তৃতীয়বাৰৰ বাবে ৰাজ্যসভালৈ প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে, যদিও এটা চৰ্তৰ সৈতে সীমাবদ্ধ। এই পদক্ষেপে AGP-ৰ অভ্যন্তৰীণ সংগঠনতল স্থিৰতা ৰক্ষা কৰাৰ লগতে যুৱ নেতৃত্বৰ বাবে পথ প্ৰসস্ত কৰিব বুলি আশা প্ৰকাশ কৰিছে দলটোৱে।

অসমত অব্যাহত বানৰ তাণ্ডৱ! ১১ জিলাত প্ৰভাৱিত ২.৫৯ লাখ লোক । Assam floods

অসমত অব্যাহত বানৰ তাণ্ডৱ! ১১ জিলাত প্ৰভাৱিত ২.৫৯ লাখ লোক । Assam floods
অসমত অব্যাহত বানৰ তাণ্ডৱ! ১১ জিলাত প্ৰভাৱিত ২.৫৯ লাখ লোক । Assam floods


গুৱাহাটী, ৮ জুন ২০২৫: Assam floods ।
অসমত অব্যাহত বৰষুণ আৰু নদীসমূহৰ অৱবাহিকাত সৃষ্টি হোৱা বানৰ ফলত ৰাজ্যখনৰ ১১খন জিলা ভয়ংকৰ প্ৰভাৱত পৰিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে (ASDMA) দেওবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত আৰু তিনিজন লোকৰ মৃত্যু হোৱাৰ ফলত ২০২৫ বৰ্ষৰ বানত মুঠ মৃত্যু সংখ্যা ২০লৈ বৃদ্ধি পাইছে।

📍 ২.৫৯ লাখ লোক বানত ক্ষতিগ্ৰস্ত

বৰ্তমান পৰ্যন্ত ৰাজ্যৰ ১২খন জিলাৰ ৩২টা ৰাজহ চক্ৰ আৰু ৭৪১খন গাঁৱত ২,৫৯,০৯৩ জন লোক বানৰ ফলত প্ৰভাৱিত হৈছে।
তন্মধ্যে —

  • 👨 পুৰুষ: ১,১০,৪৫৮ জন
  • 👩 মহিলা: ৮০,৬০২ জন
  • 🧒 শিশু: ৬৮,০৩৩ জন

📍 এই ১১খন জিলা প্ৰধানভাবে ক্ষতিগ্ৰস্ত:

  1. শ্ৰীভূমি — ১.৬২ লাখ লোক
  2. হাইলাকান্দি — ৫১,৬৬৩ লোক
  3. কাছাৰ — ৩৬,১৭১ লোক
  4. মৰিগাঁও
  5. কামৰূপ
  6. গোৱালপাৰা
  7. নগাঁও
  8. কামৰূপ মেট্ৰ’
  9. দৰং
  10. লখিমপুৰ
  11. গোলাঘাট

ইয়াৰ উপৰিও ৰাজ্যৰ বহু পশু-সম্পদ আৰু শস্য ভূমি বিপৰ্যস্ত হৈছে।

📉 বানত ক্ষতি — কৃষি আৰু জীৱ-জন্তু

  • 🌾 ৬,৩১১.১৬ হেক্টৰ কৃষিজ ভূমি জলমগ্ন হৈ ৰাজ্যখনৰ কৃষি অৰ্থনীতিত গুৰুতৰ আঘাত পৰিছে।
  • 🐄 ১.৪৪ লাখতকৈ অধিক গবাদি পশু আৰু জীৱ-জন্তু প্ৰভাৱিত হৈছে।

🏕️ ত্ৰাণ শিবিৰ আৰু সাহায্য

অহা বিপদৰ প্ৰতি প্ৰতিক্ৰিয়া হিচাপে চৰকাৰে —

  • ১০০টা ত্ৰাণ শিবিৰ
  • ৩০টা বিতৰণ কেন্দ্ৰ স্থাপন কৰিছে।

বৰ্তমান এই শিবিৰসমূহত ২৪,৯০৮ জন লোকে আশ্ৰয় লৈছে, য’ত খাদ্য, পানী, ঔষধ আদি প্ৰদান কৰা হৈছে।
প্ৰশাসনে অঞ্চলভিত্তিক ব্যাপক সহায় অভিযান চলাই আছে।

🧭 বান পৰিস্থিতি অলপ উন্নতি, তথাপিও সংকট অব্যাহত

শুকুৰবাৰৰ দিনটোত ৩.৩৭ লাখ লোক প্ৰভাৱিত আছিল যদিও, দেওবাৰৰ দিনটোত কিছু বানপানী হ্ৰাস পাবলৈ ধৰাত সংখ্যা ২.৫৯ লাখলৈ হ্ৰাস পাইছে।

বৰ্তমান অৱস্থাত কোনো নদী বিপদসীমাৰ ওপৰেৰে নহয়, তথাপিও কিছু অঞ্চলত জলস্ফীতিৰ প্ৰবণতা থকাৰ বাবে মানৱীয় সংকট গভীৰ হৈ আছে।