Home Blog Page 151

Zubeen Garg: বহুত মানুহ আহিছেঃ লাখ লাখ অুৰাগীয়ে আহি অন্তিম বিদায় জনাইছে মৌন জুবিনদাক

লাখ লাখ অুৰাগীয়ে আহি অন্তিম বিদায় জনাইছে মৌন জুবিনদাক
লাখ লাখ অুৰাগীয়ে আহি অন্তিম বিদায় জনাইছে মৌন জুবিনদাক

বহুত মানুহ আহিছে। (Zubeen Garg) লাখ লাখ অুৰাগীয়ে আহি অন্তিম বিদায় জনাইছে মৌন জুবিনদাক প্ৰিয় শিল্পীগৰাকীক ফুল-চকুলোৰে চিৰবিদায় জনালে গুণমুগ্ধই।

সংগীত কিংবদন্তি জুবিন গাৰ্গৰ মৰ্ত্যৰ মৃতদেহ গৃহ ৰাজ্যত উপস্থিত হোৱাৰ কিছু সময়ৰ পাছতে দেওবাৰে আনুষ্ঠানিকভাৱে সংগ্ৰহ কৰা হয় শিল্পীগৰাকীৰ পদচিহ্ন।


বিশেষ সূত্ৰই ইংগিত দিছে যে চৰকাৰে এই ভৰিৰ ছাপ স্মৃতিসৌধত সংৰক্ষণ কৰাৰ কথা চিন্তা কৰিছে, য’ত অনুৰাগীয়ে শ্ৰদ্ধাঞ্জলি জনাব পাৰিব।

উল্লেখ্য ছিংগাপুৰত সাগৰৰ বুকুত এখন য়টত প্ৰমোদ ভ্ৰমণলৈ গৈ সাঁতুৰিবলৈ জীৱন হেৰুওৱা জুবিন গাৰ্গৰ নশ্বৰ দেহ দেওবাৰে অসমলৈ উভতি অনা হয় ।

ছিংগাপুৰৰ পৰা বিমানযোগে নশ্বৰদেহ দিল্লীলৈ অনা হয় ৷ দেওবাৰে পুৱতি নিশা দিল্লীৰ পৰা বিশেষ বিমানযোগে মাতৃভূমি অসমলৈ অনা হয় জুবিন গাৰ্গক ।

Zubeen Garg: যোৰহাটবাসীৰ হৈ চৰকাৰৰ ওচৰত ৫টা দাবী সাংসদ গৌৰৱ গগৈৰ

যোৰহাটবাসীৰ হৈ চৰকাৰৰ ওচৰত ৫টা দাবী সাংসদ গৌৰৱ গগৈৰ
যোৰহাটবাসীৰ হৈ চৰকাৰৰ ওচৰত ৫টা দাবী সাংসদ গৌৰৱ গগৈৰ

যোৰহাটবাসীৰ হৈ চৰকাৰৰ (Zubeen Garg) ওচৰত ৫টা দাবী সাংসদ গৌৰৱ গগৈৰ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত শোকস্তদ্ধ সকলো। তাৰ মাজতে জুবিন গাৰ্গৰ অন্তেষ্ট্যিক্ৰিয়া সন্দৰ্ভতো চৰ্চা চলি আছিল। জুবিন গাৰ্গৰ অন্তেষ্ট্যিক্ৰিয়া সন্দৰ্ভত সাংসদ গৌৰৱ গগৈয়ে সামাজিক মাধ্যমত কয় যে –

মই কালিয়েই কৈছিলো যে জুবিন দাৰ অন্তেষ্ট্যিক্ৰিয়া পৰিয়ালৰ সিদ্ধান্তমতেই হ’ব লাগে আৰু পৰিয়ালৰ সিদ্ধান্তক আমি পূৰ্ণ সমৰ্থন জনাম। ইয়াৰোপৰি মই কালি এইবুলিও কৈছিলো যে জুবিন দাৰ প্ৰতি থকা আমি যোৰহাটবাসী ৰাইজৰ অসীম মৰম, আবেগ আৰু ইচ্ছাকো সন্মান জনাব লাগিব।

যিহেতু জুবিনদাৰ পৰিয়ালৰ ইচ্ছা অনুসৰিয়েই চৰকাৰে সোণাপুৰত তেখেতৰ অন্তেষ্ট্যিক্ৰিয়া সম্পন্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে, সেয়েহে যোৰহাটৰ স্থানীয় সাংসদ হিচাপে মোৰ চৰকাৰৰ প্ৰতি কেইটিমান আহ্বান আছে –

চৰকাৰে জুবিনদাৰ যোৰহাটৰ তামূলীচিগাৰ পিতৃগৃহটো সংৰক্ষণ কৰি তাত জুবিনদাৰ সকলো স্মৃতি বিজড়িত সামগ্ৰী আৰু সৃষ্টিৰাজি সংৰক্ষণ কৰি এটি সংগ্ৰহালয় স্থাপন কৰিব লাগে।

যোৰহাটত জুবিনদাৰ নামত এখন সংগীত প্ৰতিষ্ঠান স্থাপন কৰিব লাগে।

জুবিনদাৰ স্মৃতিত সংগীতৰ জগতখনৰ নতুন প্ৰতিভাক ৰাজ্যিক বা ৰাষ্ট্ৰীয় পৰ্যায়ত এক বঁটা প্ৰদানৰ ব্যৱস্থা কৰিব লাগে।

স্থানীয় সাংসদ হিচাপে যোৰহাটৰ ৰাইজৰ সৈতে আলোচনা কৰি এক ৰাজহুৱা স্থানত আমি জুবিন দাৰ এটি ভব্য প্ৰতিমূৰ্তি নিৰ্মাণ কৰিম।

জীৱন কালত ব্ৰহ্মপুত্ৰৰ পাৰত থাকি ভাল পোৱাৰ কথা কোৱা জুবিন দাৰ গুৱাহাটীৰ পানবজাৰ-কাছাৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰত থকা পাৰ্কখনত এক বৃহৎ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব লাগে। ব্ৰহ্মপুত্ৰৰ পাৰত থকা জুবিনদাৰ ইচ্ছাৰ প্ৰতি ইও আমাৰ তৰফৰ পৰা এটি বিশেষ শ্ৰদ্ধা নিবেদন হ’ব।

Zubeen Garg: আজিও লোকে লোকাৰণ্য সৰুসজাই…

Zubeen Garg: আজিও লোকে লোকাৰণ্য সৰুসজাই...
Zubeen Garg: আজিও লোকে লোকাৰণ্য সৰুসজাই...

জুবিনক শেষবাৰলৈ চোৱাৰ হেঁপাহ প্ৰতিজন অসমীয়াৰ। (Zubeen Garg)

জুবিন বিহীন আজি চতুৰ্থটো দিন।

আজিও সৰুসজাইত অনুৰাগীৰ ভিৰ।

সৰুসজাইত দ্বিতীয়টো দিনতও লোকে লোকাৰণ্য।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অনুৰাগীয়ে ভিৰ কৰিছে গুৱাহাটী মহানগৰ।

আজি পুৱাৰে পৰা অগণন গুণমুগ্ধৰ ভিৰ সৰুসজাইত।

Zubeen Garg: সৰুসজাইত অন্তিম শয়নত হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ, কাষত পাপন…

সৰুসজাইত অন্তিম শয়নত হাৰ্টথ্ৰ'ব জুবিন গাৰ্গ
সৰুসজাইত অন্তিম শয়নত হাৰ্টথ্ৰ'ব জুবিন গাৰ্গ

অসমীয়াৰ হিয়াৰ আমঠু (Zubeen Garg) জুবিন গাৰ্গৰ শেষ শ্রদ্ধা জনাবলৈ অংগৰাগ পাপন মহন্ত কালি গুৱাহাটিত উপস্থিত হয়।

জুবিনৰ মৃত্যুত শোক প্ৰকাশ অংগৰাগ পাপন মহন্তৰ।

পাপনে কয়, “অসমৰ এই ক্ষতি আজি সমগ্ৰ পৃথিৱীয়ে দেখিছে”।

“জুবিনৰ দৰে ব্যক্তি হৈ জন্ম ল’বলৈ ধন্য হ’ব লাগিব”।

“জুবিনৰ অন্তিম যাত্ৰাত হোৱা জনসমুদ্ৰ বিশ্বৰ ভিতৰতে বিৰল”।

“বিশ্বত কোনো শিল্পীয়ে এনে মৰম পোৱা নাই”।

“জুবিনক শ্ৰদ্ধাঞ্জলি জনাবলৈ আহি পাপনৰ আৱেগিক মন্তব্য”।

Zubeen Garg: মৰমৰ জুবিনক আজি গোটেই নিশা আৰু কাইলৈ সৰুসজাইত শ্ৰদ্ধাঞ্জলি জনাব পাৰিব অনুৰাগীয়ে

মৰমৰ জুবিনক আজি গোটেই নিশা আৰু কাইলৈ সৰুসজাইত শ্ৰদ্ধাঞ্জলি জনাব পাৰিব অনুৰাগীয়ে
মৰমৰ জুবিনক আজি গোটেই নিশা আৰু কাইলৈ সৰুসজাইত শ্ৰদ্ধাঞ্জলি জনাব পাৰিব অনুৰাগীয়ে

মৰমৰ জুবিনক আজি গোটেই (Zubeen Garg) নিশা আৰু কাইলৈ সৰুসজাইত শ্ৰদ্ধাঞ্জলি জনাব পাৰিব অনুৰাগীয়ে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে জনাই যে আমাৰ মৰমৰ জুবিনক শেষবাৰৰ বাবে চাবলৈ বহুতেই ইচ্ছা প্ৰকাশ কৰিছে৷ আৰু এয়া স্বাভাৱিক৷ আমি সকলোৰে সেই আৱেগ-অনুভূতিক গভীৰভাৱে অনুধাৱন কৰিব পাৰিছোঁ৷ সেয়েহে আজি গোটেই নিশা সৰুসজাইৰ ভোগেশ্বৰ বৰুৱা ষ্টেডিয়াম খোলা থাকিব, যাতে আমাৰ হিয়াৰ আমঠু জুবিনক সকলোৱে শ্ৰদ্ধাঞ্জলি জনাব পাৰে। কাইলৈও একেই উদ্দেশ্যৰে জুবিনৰ পাৰ্থিৱ শৰীৰ সৰুসজাইতে ৰখা হ’ব।


আনহাতে জুবিনৰ অন্তিম যাত্ৰাত প্রায় ১০ লাখ অনুৰাগী। জুবিনৰ অন্তিম যাত্ৰাৰ সমদল বিশ্বৰ চতুৰ্থ সর্বোচ্চ বৃহৎ সমদল। প্রথম সমদল আছিল মাইকেল জেকচন, দ্বিতীয় আছিল ৰজা পোপ ফ্রেঞ্চিচ। তৃতীয় আছিল ৰাণী এলিজাবেথ ২ আৰু চতুর্থ আমাৰ মৰমৰ জুবিন গাৰ্গ।

Shyamkanu Mahanta: যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ’ব পাৰে শ্যামকানু মহন্ত!

যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে শ্যামকানু মহন্ত!
যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে শ্যামকানু মহন্ত!

শীঘ্ৰেই আহি আছে ডাঙৰ খবৰ।(Shyamkanu Mahanta)

যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ’ব পাৰে শ্যামকানু মহন্ত!


দিল্লীত গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা শ্যমকানু মহন্তক।

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু ঘটনাৰে জড়িত হৈ পৰিছিল শ্যামকানুৰ নাম।

Zubeen Garg: অসমে এটি সম্পদ হেৰুৱালেঃ শিতল শৰীৰে নীৰৱ আগমনত স্তদ্ধ অসমীয়া

শিতল শৰীৰে নীৰৱ আগমনত স্তদ্ধ অসমীয়া
শিতল শৰীৰে নীৰৱ আগমনত স্তদ্ধ অসমীয়া

এক বুজাব নোৱাৰা শোকে হেঁচা মাৰি ধৰিছে ৰাজ্যবাসী। প্ৰাণৰ শিল্পীগৰাকী আৰু নাই।

আজি পুৱাৰ ভাগত অসম পালেহি প্ৰিয়শিল্পীগৰাকীৰ নশ্বৰ দেহ। দুদিন ধৰি ওৰে নিশা উজাগৰে কটালে ৰাজ্যবাসী।

আজি অসমবাসীৰ মৰমৰ জুবিনৰ কাষত অগণন অনুৰাগী।

লাখ লাখ জুবিন ভক্তই লৈ গৈছে জুবিন গাৰ্গৰ নিজ বাসগৃহলৈ।

বৰঝাৰ বিমানবন্দৰৰ পৰা কাহিলিপাৰা বাসগৃহলৈ অনা হৈছে জুবিনৰ নিথৰ দেহ।


জুবিন গাৰ্গৰ নশ্বৰদেহৰ কাষত কান্দোনত ভাঙি পৰিছে পত্নী গৰিমা শইকীয়া গাৰ্গ।

Zubeen Garg: জুবিন গাৰ্গৰ মৃত্যুঃ শ্যামকানু মহন্তৰ বিৰুদ্ধে এফআইআৰ

জুবিন গাৰ্গৰ মৃত্যুঃ শ্যামকানু মহন্তৰ বিৰুদ্ধে এফআইআৰ
জুবিন গাৰ্গৰ মৃত্যুঃ শ্যামকানু মহন্তৰ বিৰুদ্ধে এফআইআৰ

কিংবদন্তি শিল্পী জুবিন গাৰ্গৰ (Zubeen Garg) অকাল মৃত্যুৰ পিছত শ্যামকানু মহন্তৰ ওপৰত জাঙুৰ খাই উঠিছে বহু গুণমুগ্ধ। প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ পিছতে এজন ব্যক্তিয়ে শ্যামকানু মহন্তৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে। উল্লেখ্য শ্যামকানু মহন্তই জুবিনক ছিংগাপুৰলৈ নিয়া বুলি চৰ্চা হৈছে। বৃহস্পতিবাৰে মৰিগাঁও থানাত এই অভিযোগ দাখিল কৰে অধিবক্তা ৰাতুল বৰাই। মৰিগাঁৱৰ পিছতে লাহোৱাল আৰু শিৱসাগৰত অভিযোগ দাখিল কৰিছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি এই এফআইআৰত মহন্তৰ বিৰুদ্ধে গাফিলতি আৰু অপ-ব্যৱস্থাপনাৰ অভিযোগ উত্থাপন কৰা হৈছে। তেওঁলোকৰ ভুলৰ ফলতে ছিংগাপুৰত বিখ্যাত শিল্পীগৰাকীয়ে প্ৰাণ হেৰুৱালে বুলি অভিযোগ কৰা হৈছে। অভিযোগ অনুসৰি জুবিনক পৰ্যাপ্ত চিকিৎসা সম্পৰ্কীয় পৰীক্ষা, সুৰক্ষা ব্যৱস্থা, অথবা তত্বাৱধান অবিহনে স্কুবা ডাইভিঙলৈ যাবলৈ দিয়া হৈছিল। এজাহাৰত পৰিস্থিতিৰ পুংখানুপুংখ তদন্তৰ দাবী উত্থাপন কৰা হৈছে। আৰক্ষীয়ে নিশ্চিত কৰিছে যে অভিযোগ পঞ্জীয়ন কৰা হৈছে আৰু প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰা হৈছে।

Zubeen Garg: সাগৰতলিক সাৱটি চিৰনিদ্ৰাত জুবিনঃ এন্ধাৰহীন মায়াবিনী দেশলৈ জুবিন গাৰ্গ

সাগৰতলিক সাৱটি চিৰনিদ্ৰাত জুবিনঃ এন্ধাৰহীন মায়াবিনী দেশলৈ জুবিন গাৰ্গ
সাগৰতলিক সাৱটি চিৰনিদ্ৰাত জুবিনঃ এন্ধাৰহীন মায়াবিনী দেশলৈ জুবিন গাৰ্গ

কোনেও নভৱা এটা ঘটনা। (Zubeen Garg) কোনেও কল্পনা কৰিব নোৱাৰা এটা ঘটনা। কিন্তু শেষত সেয়াই ঘটি গল। অসম তথা ভাৰতবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আৰু নাই ৷ শুক্ৰবাৰে এক দুৰ্ঘটনাত পতিত হৈ শেষ নিশ্বাস ত্যাগ কৰে গীতেৰে-সুৰেৰে লাখ লাখ অনুৰাগীৰ আমঠুৰ শিল্পীগৰাকীয়ে ৷ ছিংগাপুৰত অনুষ্ঠিত চতুৰ্থ উত্তৰ-পূব ভাৰত মহোৎসৱ (এন ই আই এফ) ২০২৫ত অংশ ল’বলৈ গৈ দুৰ্ঘটনাৰ সন্মুখীন হয় অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ ৷ ছিংগাপুৰত স্কুবা ডাইভিঙৰ সময়ত সাগৰত পৰি যায় শিল্পীগৰাকী ৷ অচেতন হৈ পৰে তেওঁ ৷ লগে লগে গুৰুতৰ অৱস্থাত ছিংগাপুৰৰ জেনেৰেল হাস্পতালত ভৰ্তি কৰোৱা হয় জুবিনক ৷ কিন্তু সংকটজনক অৱস্থাত থকা শিল্পীগৰাকীৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম নহ’ল চিকিৎসকৰ দল ৷ শুক্ৰবাৰে দুপৰীয়া আহে সেই দুঃখবৰটো- জুবিন গাৰ্গ আৰু নাই ৷ছিংগাপুৰত অনুষ্ঠিত চতুৰ্থ উত্তৰ-পূব ভাৰত মহোৎসৱ (এন ই আই এফ) ২০২৫ ত অংশ ল’বলৈ গৈছিল জুবিন ৷ সাঁতুৰি থাকোঁতে সাগৰৰ মাজত কালি দিনৰ প্ৰায় ১-১০ বজাত দুৰ্ঘটনাত পতিত হয় তেওঁ ৷ অচেতন হৈ পৰে শিল্পীগৰাকী ৷ লগে লগে গুৰুতৰ অৱস্থাত ছিংগাপুৰ জেনেৰেল হাস্পতালত ভৰ্তি কৰোৱা হয় জুবিনক ৷ পিছে শিল্পীগৰাকীৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম নহ’ল চিকিৎসকৰ দল ৷ ছিংগাপুৰৰ সময় অনুসৰি ৫বাজি ১৪ মিনিট (ভাৰতীয় সময় মতে প্ৰায় ২.১০ বজাত) মৃত্যু ঘটে তেওঁৰ ।

ইতিমধ্যে নৰ্থ ইষ্ট ফেষ্টিভেল কৰ্তৃপক্ষই এই খবৰ নিশ্চিত কৰে। ইতিমধ্যে এই খবৰ বিয়পি পৰাৰ লগে লগেই গায়কগৰাকীৰ অগণন গুণমুগ্ধ শোকত ভাগি পৰিছে ৷ সকলোৱে যেন মানি ল’ব পৰা নাই যে এনেদৰে অকস্মাৎে সকলোকে একপ্ৰকাৰ স্তব্ধ-নিৰ্বাক কৰি চিৰদিনলৈ আৰু ঘূৰি নাহে সকলোৰে নয়নৰ মণি, সকলোৰে প্ৰিয় কণ্ঠশিল্পীগৰাকী ৷ ইতিমধ্যেই ৰাস্তাই ঘাটে ওলাই আহিছে জুবিনৰ অগণন ফেন, তেওঁৰ ভাল পোৱা অনুৰাগী ৷ সকলো আজি ম্ৰিয়মাণ, ক’বলৈ একো ভাষা বিচাৰি পোৱা নাই ৷ জুবিনক এনেদৰে হেৰুৱাই আজি একপ্ৰকাৰ শূন্য হৈ পৰিছে অসম ৷ছিংগাপুৰত অনুষ্ঠিত চতুৰ্থ উত্তৰ-পূব ভাৰত মহোৎসৱ (এন ই আই এফ) ২০২৫ ত অংশ ল’বলৈ গৈছিল জুবিন ৷ ২০ ছেপ্টেম্বৰত সাংস্কৃতিক অনুষ্ঠানত জুবিনে গান গোৱাৰ কথা আছিল ৷

অচেতন হৈ পৰে শিল্পীগৰাকীক লগে লগে গুৰুতৰ অৱস্থাত ছিংগাপুৰ জেনেৰেল হাস্পতালত ভৰ্তি কৰোৱা হয় জুবিনক ৷ পিছে শিল্পীগৰাকীৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম নহ’ল চিকিৎসকৰ দল ৷ ছিংগাপুৰৰ সময় অনুসৰি ৫বাজি ১৪ মিনিট (ভাৰতীয় সময় মতে প্ৰায় ২.১০ বজাত) মৃত্যু ঘটে তেওঁৰ ।শিল্পীগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰীয়ে কয়- “এইমাত্ৰ ফোনত মোক পৱিত্ৰ মাৰ্ঘেৰিটাই ফোনযোগে কথাটো জনাইছে যে জুবিন গাৰ্গ ডাঙৰীয়া বা আমাৰ মৰমৰ জুবিন এই সংসাৰত নাই ৷ তেখেত এই সংসাৰৰ পৰা আঁতৰি গৈছে ৷ খুব মৰ্মান্তিক ঘটনা… দুখদায়ক ঘটনা ৷ আজি আমি বিজেপি দলে গধূলি নিৰ্বাচনী প্ৰচাৰ নকৰোঁ ৷ মই এতিয়া খালী গোমাত গৈ মানুহখিনিক নমস্কাৰ কৰি গুৱাহাটীলৈ উভতি যাম ৷ তেখেতৰ সৎকাৰ বা কি ধৰণে তেখেতক আমি আনো গোটেই কথাবিলাক আমি গুৱাহাটীত গৈ আলোচনা কৰিম ৷ অসমবাসীৰ ৰাইজৰ হৈ… কি ক’ম.. দুখৰ…ক‘বলগীয়া একো শব্দই নাই, শব্দই বিচাৰি পোৱা নাই ৷ এটা মৰ্মান্তিক ঘটনা… জাতিৰ অপূৰণীয় ক্ষতি… জাতিৰ এটা অমূল্য সম্পদ আমি হেৰুৱাই পেলালোঁ৷”

Zubeen Garg: কাইলৈ পুৱাৰ ভাগত অসম পাবহি জুবিন গাৰ্গৰ নশ্বৰদেহ

Zubeen Garg: কাইলৈ পুৱাৰ ভাগত অসম পাবহি জুবিন গাৰ্গৰ নশ্বৰদেহ
Zubeen Garg: কাইলৈ পুৱাৰ ভাগত অসম পাবহি জুবিন গাৰ্গৰ নশ্বৰদেহ

জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই স্তব্ধ হ’ল গুৱাহাটী মহানগৰ। (Zubeen Garg)

আজি স্বতস্ফূৰ্তভাৱে বন্ধ ৰাখিছে সকলো দোকান-পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান।

আজি ছিংগাপুৰত সম্পন্ন হ’ল জুবিনৰ মৰোণত্তোৰ পৰীক্ষা।


জুবিনৰ নশ্বৰ দেহ ভাৰতীয় দূতাবাসৰ বিষয়াসকলৰ উপস্থিতিত সংগী দল শেখৰজ্যোতি গোস্বামী, সন্দীপন গার্গ আৰু শ্রীসিদ্ধার্থ শর্মা (মেনেজাৰ)ৰ হাতত অর্পণ কৰা হৈছে।

ছিংগাপুৰৰ জেনেৰেল হাস্পতালত সম্পন্ন মৰণোত্তৰ পৰীক্ষা সম্পন্ন।

এঘণ্টাৰ বাবে জুবিনৰ পাৰ্থিৱ শৰীৰ পৰিয়ালৰ হাতত গটাব।

তাৰপিছতে তেওঁক সৰুসজাই ষ্টেডিয়ামলৈ লৈ যাব।

তাতে অুৰাগীয়ে শ্ৰদ্ধাঞ্জলী জনাব পাৰি।

জুবিনৰ অন্তিম সৎকাৰৰ দিনা বিদ্যালয়, মহাবিদ্যালয় সকলো বন্ধ দিয়া হ’ব।