Home Blog Page 153

Mukesh Ambani: মুম্বাইৰ ইনষ্টিটিউট অৱ কেমিকেল টেকন’লজিলৈ ১৫১ কোটি টকা আগবঢ়ালে মুকেশ আম্বানীয়ে

Mukesh Ambani: মুম্বাইৰ ইনষ্টিটিউট অৱ কেমিকেল টেকন’লজিলৈ ১৫১ কোটি টকা আগবঢ়ালে মুকেশ আম্বানীয়ে
Mukesh Ambani: মুম্বাইৰ ইনষ্টিটিউট অৱ কেমিকেল টেকন’লজিলৈ ১৫১ কোটি টকা আগবঢ়ালে মুকেশ আম্বানীয়ে

মুম্বাইৰ ইনষ্টিটিউট অৱ কেমিকেল টেকন’লজিলৈ মুকেশ আম্বানীৰ গুৰু দক্ষিণা। মুকেশ আম্বানীয়ে আলমা মেটাৰ আইচিটিলৈ ১৫১ কোটি টকা আগবঢ়ালে।(Mukesh Ambani)

শুকুৰবাৰে উদ্যোগপতি মুকেশ আম্বানীয়ে তেওঁৰ আলমা মেটাৰ ইনষ্টিটিউট অৱ কেমিকেল টেকন’লজি (আইচিটি, পূৰ্বৰ ইউডিচিটি), মুম্বাইলৈ ১৫১ কোটি টকাৰ অনুদান ঘোষণা কৰে। অধ্যাপক এম এম শৰ্মাৰ সন্মানত, মাৰাঠী আৰু ইংৰাজী উভয় ভাষাতে প্ৰকাশিত তেওঁৰ জীৱনী ডিভাইন চাইন্টিষ্টৰ মুক্তি উপলক্ষে এই অনুদান আগবঢ়োৱা হয়।

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে বৃহস্পতিবাৰে মুম্বাইৰ জিঅ’ ৱৰ্ল্ড কনভেনশ্যন চেণ্টাৰত বিশ্ব অডিঅ’ ভিজুৱেল এণ্ড এণ্টাৰটেইনমেণ্ট ছামিট (ৱেভছ) ২০২৫ত ভাষণ দিয়ে।

অম্বানীয়ে অধ্যাপক শৰ্মাৰ ব্যক্তিগত স্মৃতি ৰোমন্থন কৰি তেওঁ অংশগ্ৰহণ কৰা প্ৰথম বক্তৃতাই তেওঁৰ পথ কেনেকৈ গঢ় দিছিল সেই কথা মনত পেলাই। আম্বানীয়ে কয়, ‘মোৰ পিতৃ ধীৰুভাই আম্বানীৰ দৰে তেওঁৰো ভাৰতীয় উদ্যোগক অভাৱৰ পৰা বিশ্বব্যাপী নেতৃত্বলৈ সলনি কৰাৰ যথেষ্ট ইচ্ছা আছিল।

ভাৰতীয় ৰাসায়নিক উদ্যোগৰ উত্থানৰ কৃতিত্ব অধ্যাপক শৰ্মাৰ প্ৰচেষ্টাক দি আম্বানীয়ে তেওঁক “ৰাষ্ট্ৰ গুৰু” আৰু “ভাৰতৰ গুৰু” বুলি অভিহিত কৰে। আম্বানীয়ে কয় যে ১৫১ কোটি অনুদান আগবঢ়াই গুৰু দক্ষিণা হিচাপে।


Elon Musk vs Donald Trump:’প্ৰয়োজন হ’লে ৰাছিয়াই মাস্কক আশ্ৰয় দিব’! ট্ৰাম্পৰ সৈতে মুকলি সংঘাত ইলন মাস্কৰ

Elon Musk vs Donald Trump:'প্ৰয়োজন হ'লে ৰাছিয়াই মাস্কক আশ্ৰয় দিব'! ট্ৰাম্পৰ সৈতে মুকলি সংঘাত ইলন মাস্কৰ
Elon Musk vs Donald Trump:'প্ৰয়োজন হ'লে ৰাছিয়াই মাস্কক আশ্ৰয় দিব'! ট্ৰাম্পৰ সৈতে মুকলি সংঘাত ইলন মাস্কৰ

ট্ৰাম্প-মাস্ক বিবাদৰ মাজতে একাংশই মাস্কক আমেৰিকাৰ পৰা বহিষ্কাৰ কৰিবলৈ দাবী জনাইছে। অৱশ্যে ৰাছিয়া চৰকাৰৰ মুখপাত্ৰই এই সন্দৰ্ভত কোনো মন্তব্য দিব বিচৰা নাছিল।(Elon Musk vs Donald Trump)

কোটিপতি ইলন মাস্ক আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সংঘাতত আৰু লুকাই থকা নাই। ট্ৰাম্প প্ৰশাসনৰ পৰা পদত্যাগ কৰি ৰাজহুৱাভাৱে সমালোচনা কৰিবলৈ আৰম্ভ কৰিছে এক্সৰ মুৰব্বীগৰাকীয়ে। বিনিময়ত ট্ৰাম্পেও তেওঁক সকীয়াই দিছে। এনে পৰিস্থিতিত প্ৰয়োজন হ’লে মাস্কক ‘ৰাজনৈতিক আশ্ৰয়’ দিবলৈ সাজু হৈছে ৰাছিয়া।

এই কথা দাবী কৰিছিল ৰাছিয়াৰ ষ্টেট ডুমা কমিটি অন ইণ্টাৰনেশ্যনেল এফেয়াৰ্ছৰ ডেপুটি চেয়াৰমেন আৰু কমিউনিষ্ট পাৰ্টিৰ ডেপুটি ডিমিট্ৰি নভিকভে। অৱশ্যে মাস্কৰ ক্ষেত্ৰত এনে পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি তেওঁ নাভাবে। আনহাতে ৰাছিয়া চৰকাৰে এই বিষয়ত কোনো মন্তব্য কৰা নাই। ক্ৰেমলিনৰ মুখপাত্ৰ পেস্কোভে কয় যে, “এয়া আমেৰিকাৰ ঘৰুৱা বিবাদ। আমি ইয়াত হস্তক্ষেপ কৰিব নিবিচাৰো। মই আশা কৰিছো যে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে বিষয়টো চম্ভালিব।”

ট্ৰাম্প-মাস্ক বিবাদৰ মাজতে আমেৰিকাৰ একাংশই মাস্কক বহিষ্কাৰ কৰাৰ দাবী জনাইছে। ৰাছিয়াৰ চৰকাৰী সংবাদ সংস্থা টাছে নভিকোভক এই সংঘাতৰ বিষয়ে সোধা হৈছিল। তেওঁ কয়, “মই ভাবো মাস্কে সম্পূৰ্ণ বেলেগ খেল খেলিছে। তেওঁক কোনো ৰাজনৈতিক আশ্ৰয়ৰ প্ৰয়োজন নহ’ব।কিন্তু প্ৰয়োজন হ’লে ৰাছিয়াই নিশ্চিতভাৱে আশ্ৰয় দিব।” নভিকোভে দাবী কৰে যে ৰাছিয়ানসকলৰ মাস্কৰ সৈতে ব্যক্তিগত বিবাদ থাকিলেও পৰিস্থিতি বিবেচনা কৰিলে তেওঁলোকক আওকাণ কৰিব পাৰি। তেওঁ কয়, “যোৱা কেইবছৰমানৰ পৰা মাস্কে ৰাজনৈতিক যোগাযোগ গঢ়ি তুলিছে।সেয়েহে এই ক্ষেত্ৰত ব্যক্তিগত মতানৈক্যক আঁতৰাই ৰাখিব পাৰি।বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মই ভাবো যে অহা তিনি বছৰত মাস্কে ডেম’ক্ৰেটসকল হোৱাইট হাউছলৈ ঘূৰি অহাটো নিবিচাৰিব। গতিকে তেওঁ এটা নিৰ্দিষ্ট কৌশল অনুসৰণ কৰিব।”

ট্ৰাম্পৰ সৈতে ৰাজহুৱা বিবাদৰ পিছত হোৱাইট হাউছৰ প্ৰাক্তন বিষয়া ষ্টিভ বেননে মাস্কক শীঘ্ৰে আমেৰিকাৰ পৰা বহিষ্কাৰ কৰিবলৈ দাবী জনাইছে। আমেৰিকা চৰকাৰে মাস্কৰ কোম্পানী স্পেচএক্সক অধিগ্ৰহণ কৰিব লাগে। বেনন সদায় মাস্কৰ সমালোচক। তেওঁ সন্দেহ প্ৰকাশ কৰিছে যে মাস্কৰ আমেৰিকাত প্ৰৱেশ ‘অবৈধ’ হ’ব পাৰে।

Namrata Bora: নম্ৰতা বৰাৰ মৃত্যুৰ ঘটনাৰ তদন্ত বিচাৰি মেঘালয়ৰ মুখ্যমন্ত্ৰীলৈ আহ্বান অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

Namrata Bora: নম্ৰতা বৰাৰ মৃত্যুৰ ঘটনাৰ তদন্ত বিচাৰি মেঘালয়ৰ মুখ্যমন্ত্ৰীলৈ আহ্বান অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
Namrata Bora: নম্ৰতা বৰাৰ মৃত্যুৰ ঘটনাৰ তদন্ত বিচাৰি মেঘালয়ৰ মুখ্যমন্ত্ৰীলৈ আহ্বান অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

গোলাঘাটৰ নম্ৰতা বৰাৰ মৃত্যুৰ ঘটনাৰ তদন্ত বিচাৰি সামাজিক মাধ্যম(Namrata Bora)যোগে মেঘালয়ৰ মুখ্যমন্ত্ৰীক অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে সামাজিক মাধ্যমত-(himanta biswa sarma)

‘যোৱা ৪ জুন, বুধবাৰে পুৱতি নিশা নংপো আৰক্ষী থানাৰ সমীপত সংঘটিত শোকাৱহ ঘটনাটিৰ বিষয়ত দৃষ্টি নিক্ষেপ কৰিবলৈ মই মেঘালয়ৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীকনৰাড চাংমা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ।(Conrad Sangma)

এ এছ-০১ ই ভি-৯৫৭৮ পঞ্জীয়ন নম্বৰযুক্ত এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত নম্ৰতা বৰা নামৰ এগৰাকী যুৱতীৰ দুৰ্ভাগ্যজনকভাৱে মৃত্যু হয়, আনহাতে আন চাৰিজন সহযাত্ৰীয়ে সামান্য আঘাতহে পায়। নংপো আৰক্ষী থানাত এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰা হৈছে। তথাপি শোকসন্তপ্ত পৰিয়ালবৰ্গ আৰু শুভাকাংক্ষীসকলে উত্থাপন কৰা উদ্বেগৰ প্ৰতি লক্ষ্য ৰাখি মই অনুৰোধ জনাইছোঁ যে ঘটনাৰ সৈতে জড়িত সকলো তথ্য পোহৰলৈ আনিবলৈ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াৰ দ্বাৰা এক উচিত আৰু নিৰপেক্ষ তদন্ত সম্পাদন কৰা হওক।’

মঙলবাৰে নিশা ৫ বন্ধু-বান্ধবীৰ সৈতে শ্বিলঙলৈ গৈছিল নুমলীগড়ৰ নম্ৰতা বৰা। নম্ৰতা বৰা আছিল আইনৰ ছাত্ৰী। পুৱতি নিশা ওভতি অহা পথতে মেঘালয়ৰ ৰিভয় জিলাত দুৰ্ঘটনাত পতিত হয় বাহনখন। এই দুৰ্ঘটনাত মৃত্য হোৱা বুলি খবৰ প্ৰকাশ নম্ৰতা বৰাৰ। কিন্ত পৰিয়ালৰ লোকে এয়া দুৰ্ঘটনা নহয় হত্য়াকাণ্ড বুলিহে অভিযোগ কৰিছে। এই সমগ্ৰ ঘটনাত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছিল পৰিয়ালটোৱে। অৱশেষত এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Bikash chetry: বন্ধুৰ নিৰ্মম অত্যাচাৰত মৃত্যু হোৱা যুৱ ব্যৱসায়ী বিকাশ ছেত্ৰীৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ

Bikash chetry: বন্ধুৰ নিৰ্মম অত্যাচাৰত মৃত্যু হোৱা যুৱ ব্যৱসায়ী বিকাশ ছেত্ৰীৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ
Bikash chetry: বন্ধুৰ নিৰ্মম অত্যাচাৰত মৃত্যু হোৱা যুৱ ব্যৱসায়ী বিকাশ ছেত্ৰীৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ

বন্ধুৰ নিৰ্মম অত্যাচাৰত মৃত্যু ঘটা মাছখোৱাৰ যুৱ ব্যৱসায়ী বিকাশ ছেত্ৰীৰ শুক্ৰবাৰে অনুষ্ঠিত হয় ৰাজহুৱা আদ্য শ্ৰাদ্ধ। এই কাণ্ডৰে জড়িত দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবী আত্মীয় দল সংগঠনৰ।(Bikash chetry)

বন্ধুৰ ঘৰলৈ গৈ বন্ধুৰ নিৰ্মম অত্যাচাৰত আহত হৈ অকাল মৃত্যুক আকোৱালি লোৱা ধেমাজি জিলাৰ নৱগঠিত চিচিবৰগাওঁ সমষ্টিৰ মাছখোৱা চাৰিআলিৰ যুৱ ব্যৱসায়ী বিকাশ ছেত্ৰীৰ শুক্ৰবাৰে ৰাজহুৱা আদ্য শ্ৰাদ্ধ অনুষ্ঠিত হৈ যায়।(Bikash chetry)

উল্লেখ্য যে যোৱা-১৯ মে’ৰ সন্ধিয়া নিজা ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধ কৰি নিশা প্ৰায় ১১ বজালৈকে চিন্তু শইকীয়া আৰু মিন্টু ৰাজ কামান নামৰ দুজন বন্ধুৰ লগত আছিল আৰু বহুলোকে তেওঁলোকক প্ৰত্যক্ষ কৰিছিল। ইয়াৰ পিছতেই অন্য এজন বন্ধু সীমান্ত শইকীয়াক ঘৰত থবলৈ গৈছিল বিকাশ।

পিছদিনা পুৱা ৪.৩০ বজাত ৰহস্যজনকভাৱে সীমান্ত শইকীয়াৰ ঘৰৰ সন্মুখৰ পথাৰত বিকাশ ছেত্ৰীক গুৰুত্বৰভাৱে আহত অৱস্থাত বোকাত লুটৰি পটুৰি হৈ পৰি থকা পোৱা যায়।

প্ৰথমে বিকাশক বেঙেনাগড়া খণ্ড অসামৰিক চিকিৎসায়ত তাৰ পিছত ধেমাজি চিভিলত বিকাশক চিকিৎসাৰ বাবে নিয়ে সীমান্ত শইকীয়াই। কিন্তু উন্নত চিকিৎসাৰ বাবে তেওঁক ডিব্ৰুগড় লৈ নিয়াৰ পৰামৰ্শ দিয়ে। বিকাশৰ আত্মীয়ই এই কথা দেৰিকৈ গম পায় ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত নি ভৰ্তি কৰাই গৈ বিকাশক তাতে চিকিৎসাৰত অৱস্থাতে ২৬ মে’ত বিকাশ ছেত্ৰীৰ অকাল মৃত্যু হয়।

মাছখোৱা অঞ্চলৰ এগৰাকী সৰবৰহী যুৱক বিকাশৰ এই অকাল মৃত্যুত ক্ষুব্দ হৈ পৰা শ শ ৰাইজে মাছখোৱা আৰক্ষী থানা ঘেৰাও কৰি,প্ৰতিবাদী সভা পাতি ন্যায় বিচাৰি প্ৰশাসনৰ ওচৰত প্ৰতিবাদ জনাই।

ৰাইজৰ এই প্ৰতিবাদৰ পিছতেই বিকাশৰ বন্ধু সীমান্ত শইকীয়া,সুনীল কোঁচ,চিন্তু শইকীয়া,মিন্টুৰাজ কামান আৰু,সীমান্তৰ
মাতৃ ৰঞ্জু শইকীয়াক এই হত্যাকাণ্ডৰ সৈতে জড়িতৰ অভগযোগত মাছখোৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

কিন্তু পৰিয়ালে আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াক লৈ সন্তোষ্ট হ’ব পৰা নাই।চিন্তিত হৈছে পৰিয়াল আইনৰ সুৰুঙাৰে অপৰাধী সাৰি যাব নেকি ?

সেইয়ে আজি আদ্য শ্ৰাদ্ধৰ দিনাই বিভিন্ন ব্যক্তি,তথা দল সংগঠনে বিকাশ ছেত্ৰীৰ হত্যাকাণ্ডৰে জড়িত অপৰাধী য়ে যাতে দৃষ্টান্তমূলক শাস্তি লাভ কৰে তাৰ বাবে প্ৰশাসনক দাবী জনাই।

Eid-ul-Adha 2025: আজি পৱিত্ৰ ঈদ-উল-আজহা

Eid-ul-Adha 2025: আজি পৱিত্ৰ ঈদ-উল-আজহা
Eid-ul-Adha 2025: আজি পৱিত্ৰ ঈদ-উল-আজহা

আজি পৱিত্ৰ ঈদ-উল-আজহা।(Eid-ul-Adha 2025) 

প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকলৈ ঈদৰ শুভেচ্ছা।

দেশৰ লগতে ৰাজ্যজুৰি ঈদ-উল-আজহা উদযাপন।

ঠায়ে ঠায়ে একগোট হৈ সমূহীয়াকৈ নামাজ আদায় কৰিছে।

পবিত্র ঈদ-উল-আজহাৰ আজি সমগ্ৰ দেশৰ লগতে অসমতো ঈদৰ উপলক্ষে ব্যাপক উছাহ দেখা গ’ল।

ঈদ উপলক্ষে সকলো ৰাইজ ওলাই আহি ঈদৰ সমূহীয়া নামাজত অংশগ্ৰহণ কৰে আৰু ইছলাম ধৰ্মাৱলম্বী লোকসকল।

প্ৰেম-ভাতৃত্ববোধৰ বাৰ্তাৰে ইজনে আনজনক জনাইছে ঈদৰ শুভেচ্ছা।

তেজপুৰ হিন্দুস্থানী মচজিদৰ ইমাম চাহাব হজৰত মৌলনা মুফটি আৰু আজমল খানৰ নেতৃত্বত আজি তেজপুৰ ঈদগাহ ময়দানত সমুহিয়া নামাজৰ লগতে দুৱা আৰু ১৯০ ৮চনতে স্থাপিত হোৱাৰ পৰা ২০২৫ চনলৈকে আজিৰ দিনটোত এনেদৰে কাৰ্যভাৰ গ্ৰহন কৰি আহিছে।

সেউজ জাহাজ পৰিবহণৰ উৎকৰ্ষতা কেন্দ্ৰ স্থাপনৰ বাবে ভাৰত আৰু ডেনমাৰ্কৰ যুটীয়া পদক্ষেপ । sarbananda sonowal

সেউজ জাহাজ পৰিবহণৰ উৎকৰ্ষতা কেন্দ্ৰ স্থাপনৰ বাবে ভাৰত আৰু ডেনমাৰ্কৰ যুটীয়া পদক্ষেপ । sarbananda sonowal
সেউজ জাহাজ পৰিবহণৰ উৎকৰ্ষতা কেন্দ্ৰ স্থাপনৰ বাবে ভাৰত আৰু ডেনমাৰ্কৰ যুটীয়া পদক্ষেপ । sarbananda sonowal


৬ জুন, ২০২৫: sarbananda sonowalভাৰতৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে আজি ডেনমাৰ্কৰ উদ্যোগ, ব্যৱসায় আৰু বিত্তীয় পৰিক্ৰমা মন্ত্ৰী শ্ৰী মৰ্টেন বডস্কভৰ সৈতে এখন গুৰুত্বপূর্ণ দ্বিপাক্ষিক বৈঠকত অংশ লৈ দুয়ো দেশৰ মাজত সেউজ জাহাজ পৰিবহণৰ উৎকৰ্ষতা কেন্দ্ৰ স্থাপনৰ ঘোষণা কৰে। এই পদক্ষেপ ২০২৪ চনত স্বাক্ষৰিত সামুদ্ৰিক সহযোগিতা চুক্তিৰ অংশ ৰূপে ‘অমৃত কাল ভিজন ২০৪৭’ৰ লক্ষ্য পূৰণৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা হ’ব বুলি আশা প্ৰকাশ কৰা হয়।

বৈঠকত দুয়ো গৰাকী মন্ত্ৰীয়ে ভাৰত-ডেনমাৰ্কৰ সেউজ কৌশলগত অংশীদাৰিত্ব পুনৰ নিশ্চিত কৰে। ডেনমাৰ্কৰ মেৰিটাইম মিউজিয়াম আৰু গুজৰাটৰ লোথালত নিৰ্মাণাধীন ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য কমপ্লেক্সৰ মাজত স্বাক্ষৰিত লেটাৰ অৱ ইনটেণ্টৰ জৰিয়তে নৌ ঐতিহ্য সংৰক্ষণ আৰু গৱেষণাৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ নতুন দিশ উন্মোচন হয়।

সোণোৱালে কয়, “মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ভাৰত আজি বিশ্বৰ চতুৰ্থ সৰ্ববৃহৎ অৰ্থনীতি হিচাপে আগবাঢ়িছে। মেৰিটাইম অমৃত কাল ভিজন ২০৪৭ৰ অধীনত আমি বন্দৰ পৰিকাঠামো, সেউজ জাহাজ পৰিবহণ, জাহাজ নিৰ্মাণ আৰু ডিজিটেলাইজেশ্যনৰ বহু ৰূপান্তৰমূলক পদক্ষেপ গ্ৰহণ কৰি আহিছোঁ। এই ক্ষেত্ৰত ডেনমাৰ্কৰ সৈতে অংশীদাৰিত্ব আৰু বিনিয়োগৰ সুযোগ আমি উভয়ৰ বাবে লাভজনক বুলি বিশ্বাস কৰোঁ।”

এই নতুন কেন্দ্ৰই গ্ৰীণ মেৰিটাইম কৰিড’ৰৰ সম্ভাৱনা অধ্যয়ন, উপযুক্ত জলপথ চিনাক্তকৰণ, সহায়ক নীতি বিকাশ, আৰু সেৱাৰ মানোন্নয়ন আদি ক্ষেত্ৰত কাম কৰিব। ডেনমাৰ্কৰ মাৰ্স্ক মেক-কিনি ম’লাৰ শূন্য-কাৰ্বন জাহাজ পৰিবহণ কেন্দ্ৰে এই ক্ষেত্ৰত পূৰ্ব-সম্ভাৱ্যতা অধ্যয়ন চলাব।

দুয়োপক্ষই সেউজ জাহাজ, ডিকাৰ্বনাইজেচন, সামুদ্ৰিক প্ৰশিক্ষণ আৰু শিক্ষা, সেউজ ইন্ধন, উদ্ভাৱনী প্ৰযুক্তি, আৰু জাহাজ পুনঃব্যৱহাৰৰ ক্ষেত্ৰতো একেলগে কাম কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে। ভাৰতীয় বন্দৰ সংস্থাই ডেনমাৰ্কৰ আৰ্হাছ বন্দৰৰ সৈতে সমন্বয় কৰি স্মাৰ্ট বন্দৰ সমাধান বিকাশৰ প্ৰস্তাৱ আগবঢ়ায়।

সোণোৱালে কয়, “ডিজিটেল ৰূপান্তৰ আমাৰ এক সাধাৰণ লক্ষ্য। জাহাজ পঞ্জীয়নৰ ক্ষেত্ৰত ব্লক-চেইন আৰু বন্দৰ পৰিচালনাত অটোমেচনৰ দৰে নতুন প্ৰযুক্তিৰ ব্যৱহাৰ আমাৰ মেৰিটাইম ইণ্ডিয়া ভিজন ২০৩০ আৰু অমৃত কাল ভিজন ২০৪৭ৰ সৈতে সংগতি ৰাখে।”

সেউজ জাহাজ পৰিবহণৰ এই যৌথ উদ্যমে বিশ্ব পৰ্য্যায়ত ভাৰত-ডেনমাৰ্ক সহযোগিতাৰ এক নতুন দিশ প্ৰদৰ্শন কৰিছে আৰু পৰিৱেশবান্ধৱ, টেকসই আৰু উদ্ভাৱনী নৌ পৰিবহণ ব্যৱস্থাৰ গঠনলৈ এক বৃহৎ পদক্ষেপ হিচাপে বিবেচিত হ’ব।

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মুক্তিযোদ্ধা কামাখ্যা প্ৰসাদ ত্ৰিপাঠি আদৰ্শ বিদ্যালয়ত বিশেষ অনুষ্ঠান । environment day

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মুক্তিযোদ্ধা কামাখ্যা প্ৰসাদ ত্ৰিপাঠি আদৰ্শ বিদ্যালয়ত বিশেষ অনুষ্ঠান । environment day

গুৱাহাটী, ৬ জুন:environment day ।
বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আজি ডিগাৰুৰ বামুনখাটস্থিত মুক্তিযোদ্ধা কামাখ্যা প্ৰসাদ ত্ৰিপাঠি আদৰ্শ বিদ্যালয়ত গ্ৰীণ চেপ্টাৰ স্বেচ্ছাসেৱী সংস্থা আৰু ডনবস্ক’ বিশ্ব বিদ্যালয়ৰ ৰসায়ন বিভাগৰ সহযোগত এক সজাগতা মূলক অনুষ্ঠান আয়োজন কৰা হয়।

গ্ৰীণ চেপ্টাৰ—অৱসৰী বিষয়া আৰু অধ্যাপকৰ সন্মিলিত স্বেচ্ছাসেৱী সংগঠন—বিগত সময়ছোৱাত মহানগৰীৰ বিভিন্ন বিদ্যালয়ত গছপুলি ৰোপন আৰু ৰক্ষণাবেক্ষণৰ উদ্যোগ গ্ৰহণ কৰি আহিছে। সেই পৰম্পৰা অব্যাহত ৰাখি, আজি বিদ্যালয়খনত বিশজন ছাত্ৰ-ছাত্ৰীৰ নামত একোটাকৈ গছপুলি ৰোপণ কৰা হয়। ৰোপিত গছসমূহ গৰু-ছাগলীৰ পৰা ৰক্ষা কৰিবলৈ বিশেষ আবেষ্টনীৰে ঘেৰি দিয়াৰ ব্যৱস্থাও গ্ৰহণ কৰা হয়।

অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ মাজত পৰিৱেশৰ প্ৰতি সচেতনতা জগাবলৈ আয়োজন কৰা হয় আকস্মিক বক্তৃত্বা, ৰচন, আৰু ছবি অঁকা প্ৰতিযোগিতা।

বিশেষ অতিথি হিচাপে উপস্থিত থকা কটন বিশ্ববিদ্যালয়ৰ অৱসৰপ্রাপ্ত উপাচাৰ্য ভৱেশ চন্দ্ৰ গোস্বামীয়ে প্লাষ্টিক প্ৰদূষণৰ ভয়াবহতা আৰু ইয়াৰ প্ৰতিৰোধৰ উপায় সন্দৰ্ভত বিস্তৃত বক্তব্য আগবঢ়ায়। সংগঠনৰ সম্পাদিকা ড° ৰফিকা আহমেদে লগতে পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত সামাজিক ভূমিকা আৰু দায়বদ্ধতাৰ ওপৰত আলোকপাত কৰে।

গ্ৰীণ চেপ্টাৰৰ হৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিভাগৰ অৱসৰী অধ্যাপক ড° দিলীপ কুমাৰ কাকতিয়ে গছ ৰোপণ কাৰ্যসূচী সম্পন্ন কৰে। অনুষ্ঠানত অধ্যাপিকা গীতি গোস্বামী, গীতাৰাণী খাটনিয়াৰ, ড° সোনতৰা কোঁৱৰ বৰুৱা, ডনবস্ক’ বিশ্ববিদ্যালয়ৰ চাৰি গৰাকী প্ৰৱক্তা, গ্ৰীণ চেপ্টাৰৰ বাৰ গৰাকী বিষয়ববীয়া, লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ সক্ৰিয় অংশগ্ৰহণ থাকে।

বিদ্যালয়ৰ প্ৰধান শিক্ষক উপেন গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাত প্ৰতিযোগিতাত সফল হোৱা ছাত্ৰ-ছাত্ৰীসকলক পুৰস্কাৰ হিচাপে গছপুলি, মানপত্ৰ আৰু গ্ৰন্থৰ টোপোলা প্ৰদান কৰা হয়।

উক্ত অনুষ্ঠানৰ সফল আয়োজন আৰু দুৰ্গম অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ মাজত পৰিৱেশ সজাগতা জগোৱাৰ প্ৰচেষ্টাক বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা গভীৰ কৃতজ্ঞতা আৰু আন্তৰিক ধন্যবাদ জ্ঞাপন কৰা হয়।

Mahua Moitra Wedding: বাৰ্লিনত বিয়া পাতিলে মহুৱা মৈত্ৰয়ে। বানাৰসী শাৰী, বেগৰ মূল্য জানিলে আচৰিত হ’ব!

Mahua Moitra Wedding: বাৰ্লিনত বিয়া পাতিলে মহুৱা মৈত্ৰয়ে।
Mahua Moitra Wedding: বাৰ্লিনত বিয়া পাতিলে মহুৱা মৈত্ৰয়ে।

ভাৰতীয় ৰাজনীতিৰ ফেশ্বনেবল নেতাৰ তালিকা(Mahua Moitra Wedding) এখন বনালে মহুৱা মৈত্ৰই শীৰ্ষ দহৰ ভিতৰত স্থান লাভ কৰিব। বাঙালী সাংসদগৰাকীয়ে ছানগ্লাছ, কান্ধলৈকে পৰা চুলি, নতুন হেণ্ডলুমৰ শাৰী, আনকি সংসদ ভৱনত প্ৰৱেশ কৰাৰ সময়ত লৈ ফুৰা হেণ্ডবেগটোও ফেশ্বনেবল।

বংগৰ সাংসদ মহুৱাই আন বঙালী যুৱতীৰ দৰে বিয়াত বেনাৰসী শাৰী পিন্ধিছিল। শুকুৰবাৰে মহুৱাৰ বিয়াৰ খবৰ ৰাজহুৱা হোৱাৰ পাছত ‘ৰ’ মেংগো’ই তেওঁলোকৰ ইনষ্টাগ্ৰাম একাউণ্টত মহুৱাৰ বিয়াৰ তিনিখন ছবি পোষ্ট কৰে। লগতে শাৰীখনৰ সবিশেষ। দেখা গ’ল যে সাংসদ মহুৱাই বিয়াত বেনাৰসী শাৰী পিন্ধিছিল।

তেওঁ পৰিধান কৰা শাৰীখনৰ মূল্য ১ লাখ ৩৯ হাজাৰ ৮০০ টকা। ঐশ্বৰ্য ৰায় বচ্চনে এইবাৰ এনে এখন শাৰী পিন্ধি কান চলচ্চিত্ৰ মহোৎসৱলৈ গৈছিল। নীতা আম্বানীয়েও পিন্ধিছিল।

আনহাতে ফেশ্বন জগতৰ মানুহে কয় যে যদি কোনো সাংসদে ডেৰ লাখ টকাৰ হেণ্ডবেগ কিনে, তেন্তে ক’ব লাগিব যে তেওঁৰ বিয়াৰ দিনটোৰ বাবে শাৰীখনত বেছি খৰচ কৰা নাছিল!

ক’ব লাগিব যে এবছৰৰ আগতে লুই ভিটনৰ বেগ এটা লৈছিল সাংসদগৰাকীয়ে। বেগটোৰ দাম ১ লাখ ৬০ হাজাৰ টকা।সেই সময়ত সাংসদগৰাকীৰ বেগটোক লৈ সামাজিক মাধ্যমত চৰ্চা হৈছিল।

Namrata Bora: নিশা ১.৩০ বজাত গুৱাহাটীৰ পৰা শ্বিলঙলৈ ফুৰিব কোনে লগ ধৰিছিল নম্রতাক ?

Namrata Bora: নিশা ১.৩০ বজাত গুৱাহাটীৰ পৰা শ্বিলঙলৈ ফুৰিব কোনে লগ ধৰিছিল নম্রতাক ?
Namrata Bora: নিশা ১.৩০ বজাত গুৱাহাটীৰ পৰা শ্বিলঙলৈ ফুৰিব কোনে লগ ধৰিছিল নম্রতাক ?

নম্রতা বৰাৰ মৃত্যুৰ ন ন তথ্য পোহৰলৈ আহিছে।(Namrata Bora)

৫ বন্ধু-ৱান্ধৱীয়ে শ্বিলঙলৈ যোৱা দৃশ্য নম্ৰতাই ৰেকৰ্ড কৰিছিল নিজৰ মোবাইলত।

সেই ভিডিঅ’ সামাজিক মাধ্যমত আপলোড কৰিছিল নম্ৰতাই।

ভিডিঅ’ দেখিবলৈ পোৱা গৈছে উচ্চস্বৰত গাড়ীৰ মিউজিক, কিৰিলি পাৰি যাত্ৰা কৰিছিল মেঘালয়লৈ বন্ধু-বান্ধৱীৰ সৈতে নম্ৰতা।

নম্ৰতাৰ মৃত্যুৰ পূৰ্বে শ্বিলঙলৈ যোৱা দৃশ্য পোহৰলৈ আহিছে এতিয়া।

নিশা প্রজ্ঞা-মৃগাংকই মেঘালয় যাবলৈ লগ লগ ধৰিছিল নম্রতা বৰাক।

বিধায়ক পুত্র আন্নায়াতুল আৰু গায়ত্ৰী বৰাৰে পাৰ্টি কৰিছিল প্ৰজ্ঞা-মৃগাংকই।

নিশা ১.৩০ বজাত গুৱাহাটীৰ পৰা শ্বিলঙলৈ ফুৰিব যোৱা নুমলীগড়ৰ নম্ৰতা বৰাৰ মৃত্যক লৈ প্ৰতিক্ৰিয়া অব্যাহত৷

এপাৰ্টমেণ্টৰ পৰা ওলাই যোৱাৰ সময়ত ফ্লেটৰ সুৰক্ষা কৰ্মীক হাস্পতাললৈ যাঁও বুলি কৈছিল নম্ৰতাই?

5 richest people in India: ভাৰতৰ শীৰ্ষ ৫ জন ধনী মানুহ কোন ? আপুনি জানে আম্বানী, আদানীৰ কথা; বাকী তিনিজন কোন?

5 richest people in India: ভাৰতৰ শীৰ্ষ ৫ জন ধনী মানুহ কোন ?
5 richest people in India: ভাৰতৰ শীৰ্ষ ৫ জন ধনী মানুহ কোন ?

যেতিয়া ভাৰতৰ উদ্যোগপতি বা দেশৰ ধনী মানুহৰ বিষয়ে( 5 richest people in India) আলোচনা হয়, তেতিয়া দুটা নাম আহি পৰে। এই নাম দুটা হৈছে মুকেশ আম্বানী আৰু গৌতম আদানী। আম্বানী ‘ৰিলায়েন্স গ্ৰুপ’ৰ মালিক, আনহাতে গৌতম আদানীয়ে ‘আদানি গ্ৰুপ’ পৰিচালনা কৰে। এইদুজনৰ বাহিৰে দেশৰ বাকী তিনি ধনী ব্যক্তিক মানুহে চিনি নাপায়। ভাৰতৰ ৫ জন ধনী ব্যক্তিৰ বিষয়ে আহক জানো-

মুকেশ আম্বানী ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি। ফৰ্বছৰ ৰিয়েল টাইম বিলিয়নাৰ ৰেংকিং – ২০২৪ত তেওঁ বিশ্বৰ ১১ নং ধনী ব্যক্তি। আম্বানীৰ সম্পত্তিৰ মূল্য ১২৩.৭ বিলিয়ন মাৰ্কিন ডলাৰ।

আদানী গ্ৰুপৰ স্বত্বাধিকাৰী গৌতম আদানী ভাৰতৰ দ্বিতীয় ধনী ব্যক্তি। ফৰ্বছ ৰিয়েল টাইম বিলিয়নাৰ ৰেংকিং – ২০২৪ চনত তেওঁক বিশ্বৰ ২০ নং ধনী ব্যক্তি হিচাপে স্থান দিয়া হৈছে। তেওঁৰ মুঠ সম্পত্তি ৮৩.৪ বিলিয়ন মাৰ্কিন ডলাৰ।

সাবিত্ৰী জিন্দাল এণ্ড ফেমিলি ভাৰতৰ তৃতীয় ধনী পৰিয়াল। ফৰ্বছ ৰিয়েল টাইম বিলিয়নাৰ ৰেংকিং – ২০২৪ চনত জিন্দলক বিশ্বৰ ৩১ সংখ্যক ধনী ব্যক্তিত্ব হিচাপে স্থান দিয়া হৈছে। জে এছ ডব্লিউ গ্ৰুপৰ স্বত্বাধিকাৰী সাবিত্ৰী জিন্দলৰ মালিকানাধীন ৪০.৭ বিলিয়ন মাৰ্কিন ডলাৰ।

ধনী ব্যক্তিৰ তালিকাত চতুৰ্থ স্থানত আছে শিৱ নাদাৰ। ফৰ্বছ ৰিয়েল টাইম বিলিয়নাৰ ৰেংকিং – ২০২৪ চনত শিৱ নাদাৰক বিশ্বৰ ৪৯ নম্বৰ স্থানত আছে। এইচ চি এল টেকন’লজিছৰ স্বত্বাধিকাৰী শিৱ নাদাৰৰ সম্পত্তিৰ পৰিমাণ ৩৫.০ বিলিয়ন মাৰ্কিন ডলাৰ।

ভাৰতৰ পঞ্চম ধনী ব্যক্তি দিলীপ সংঘবী। তেওঁ বিশ্বৰ ৭২ সংখ্যক ধনী ব্যক্তি। তেওঁৰ সম্পত্তিৰ মূল্য ২৬ বিলিয়ন মাৰ্কিন ডলাৰ। তেওঁ ছান ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ মালিক।