Visited the tallest railway bridge in the world, The Chenab Bridge, to review arrangements for the visit of the Hon PM @narendramodi ji tomorrow. Tomorrow is a landmark day for J&K when, finally, the valley will be connected to the rest of the country by a railway link to be… pic.twitter.com/bthZVHQ33j
ডি এন এ এণ্টাৰটেইনমেণ্ট আছিল ইভেণ্ট মেনেজমেণ্ট কোম্পানী যিয়ে চহৰখনত আৰ চি বিৰ বিজয় পেৰেডৰ আয়োজন কৰিছিল য’ত পদপিষ্ট হৈ ১১ জন লোকৰ মৃত্যু হয়, আনহাতে ৬৪ জন লোক আহত।
৪ জুন বুধবাৰে এম চিন্নাস্বামী ষ্টেডিয়ামৰ বাহিৰত সংঘটিত হৈছিল এই ঘটনা।
বিশ্ব পৰিৱেশ দিৱসত গোৰেশ্বৰৰ "ষ্টিফেন হকিংচ একাডেমী"ত বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ সৈতে উদযাপন । environment day
৫ জুন ২০২৫:environment day । বিশ্ব পৰিৱেশ দিৱস ২০২৫ উপলক্ষে গোৰেশ্বৰৰ নাওকাটাত এক ব্যতিক্ৰমধৰ্মী আৰু মানৱীয় অনুষ্ঠান অনুষ্ঠিত হয়। ইষাণ ফাউণ্ডেচনে স্থাপন কৰা “ষ্টিফেন হকিংচ একাডেমী”ত বিশেষভাৱে সক্ষম তথা প্রতিবন্ধী ছাত্ৰ-ছাত্ৰীৰ সৈতে উদযাপন কৰা হয় এই দিৱস।
গুৱাহাটী মহানগৰ আৰু পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ যৌথ উদ্যোগত "বিশ্ব পৰিবেশ দিৱস" পালন । World Environment Day
৫ জুন ২০২৫:World Environment Day । “বিশ্ব পৰিবেশ দিৱস – ২০২৫” উপলক্ষে পৰ্য্যাৱৰণ সংৰক্ষণ, গুৱাহাটী মহানগৰ আৰু পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ যৌথ উদ্যোগত এক সজাগতা কাৰ্যসূচী আয়োজিত হয়। মহানগৰৰ ধাৰাপুৰস্থিত পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ প্ৰাঙ্গণত “প্লাষ্টিক প্ৰদূষণ প্ৰতিৰোধ কৰন” শীৰ্ষক বিষয়ত আয়োজন কৰা হয় এই পৰিৱেশ বান্ধৱ কাৰ্যসূচী।
উদ্বোধনী অধিবেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গৌহাটী বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ অধ্যাপক ড° পাৰ্থ প্ৰতিম বৰুৱা। তেওঁ বৃক্ষৰোপণৰ জৰিয়তে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। পিছত অনুষ্ঠিত হয় এক জ্ঞানোন্মুখী বিশেষ বক্তৃতা অনুষ্ঠান।
এই গঠনমূলক কাৰ্যসূচীত উপস্থিত থাকে বহু সংখ্যক শিক্ষক, শিক্ষিকা, ছাত্ৰ-ছাত্ৰী, মহাবিদ্যালয়ৰ কৰ্মচাৰী আৰু গুৱাহাটী মহানগৰৰ পৰ্য্যাৱৰণ সংৰক্ষণ গাতিবিধিৰ স্থানীয় সদস্যসকল।
এন. এছ. এছ, এন. চি. চি আৰু আই. কিউ. এ. চি-ৰ সমন্বয়ক আৰু স্বেচ্ছাসেৱক সকলৰ সক্ৰিয় সহযোগিতাৰে আয়োজিত এই অনুষ্ঠানৰ সমান্তৰালভাৱে গুৱাহাটী মহানগৰৰ বিভিন্ন স্থানত বৃক্ষৰোপণ কাৰ্যসূচীও ৰূপায়ণ কৰা হয়।
বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আয়োজন কৰা এই অনুষ্ঠানই পৰিৱেশ সংৰক্ষণ আৰু সচেতনতাৰ ক্ষেত্ৰত এক দৃষ্টান্ত স্থাপন কৰে।
মার্কিন যুক্তৰাষ্ট্ৰত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত ১২খন দেশৰ লগতে পাকিস্তানো আছেনে ! United States
৪ জুন ২০২৫: United States । সন্ত্রাসবাদক সমৰ্থন কৰাৰ অভিযোগত মার্কিন যুক্তৰাষ্ট্ৰই ১২খন দেশৰ নাগৰিকৰ USA ভিছা লাভৰ ক্ষেত্ৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। ইয়াৰ ফলত এই দেশবোৰৰ নাগৰিকে আমেৰিকালৈ ভ্ৰমণ কৰিবলৈ নতুনকৈ ভিছা লাভ নকৰিব।
এই দেশবোৰৰ চৰকাৰ সন্ত্রাসবাদক আশ্ৰয়, সমৰ্থন বা প্ৰচ্ছন্ন সহায় আগবঢ়াইছে বুলি যুক্তৰাষ্ট্ৰৰ গহীন বিভাগে প্ৰকাশ কৰিছে। ইয়াৰ ভিত্তিত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি জানিব পৰা গৈছে।
মার্কিন গৃহসচিব Alejandro Mayorkas-এ কয়, “জাতীয় সুৰক্ষা আমাৰ অগ্ৰাধিকাৰ। কোনো দেশৰ নাগৰিকে যদি আমেৰিকাত অনুপ্ৰৱেশ কৰি সম্ভাব্য বিপদ সৃষ্টি কৰিব পাৰে বুলি সন্দেহ হয়, তেন্তে সেই ক্ষেত্ৰত আগতীয়াকৈ ব্যৱস্থা লোৱা অত্যাৱশ্যক।”
এই নিষেধাজ্ঞাৰ ফলত শিক্ষা, চিকিৎসা, পৰ্যটন বা ব্যৱসায়িক ভিছাৰ ক্ষেত্ৰতো অসুবিধাৰ সন্মুখীন হ’ব এই দেশবোৰৰ নাগৰিক। যদিও কিছুমান ক্ষেত্ৰত কুটনীতিক আৰু বিশেষ অনুমোদনভুক্ত ভিছাৰ বাবে ব্যতিক্ৰমী ব্যৱস্থা থাকিব পাৰে বুলি জানিব পৰা গৈছে।
এই সিদ্ধান্তৰ বিৰুদ্ধে কিছুমান দেশ ইতিমধ্যে আপত্তি উত্থাপন কৰিছে। বিশেষকৈ ইৰাণ, লিবিয়া আৰু ছুডানৰ চৰকাৰে আমেৰিকাৰ এই পদক্ষেপক একপাক্ষিক আৰু কূটনৈতিক অপমান হিচাপে অভিহিত কৰিছে।
উল্লেখযোগ্য যে, এই ধৰণৰ নিষেধাজ্ঞা পূৰ্বতো কিছু সময়ৰ বাবে কার্যকৰ আছিল, কিন্তু এতিয়া ইয়াক অধিক কড়া ৰূপত পুনৰ আৰোপ কৰা হৈছে। ৰাষ্ট্ৰীয় সুৰক্ষা আৰু আন্তঃৰাষ্ট্ৰীয় শান্তিৰ স্বার্থত এই সিদ্ধান্ত লৈছো বুলি হোয়াইট হাউছে উল্লেখ কৰিছে।