Home Blog Page 154

চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ । Thief

চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ । Thief
চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ । Thief

Thief । দিন দুপৰতে বিলাসী বাহন লৈ ছাগলী চুৰি কৰিবলৈ আহি আজি ৰহা থানাৰ অন্তৰ্গত বাৰপূজীয়াত ৰাইজৰ হাতত আটক হ’ল দুই যুৱক।

চোৰ দুটা নগাঁও বেবেজীয়াৰ অংকুৰ দাস আৰু ৰূপজ্যোতি বনিয়া৷ জানিব পৰা মতে চোৰ দুটাই পথৰ কাষত চৰি থকা ছাগলী বিলাসী বাহনখনত উঠাবলৈ লওঁতেই দূৰৰ পৰা প্ৰত্যক্ষ কৰি থকা স্থানীয় লোকে চোৰ দুটাক ধৰি আঠু কঢ়াই শোধালে উত্তম মধ্যম। ঘটনাটো সংঘটিত হৈছে ৰহাৰ বাৰপূজীয়া অমৰাৱতীত।

চোৰে ব্যৱহাৰ কৰা বিলাসী বাহনখনৰ নম্বৰ হৈছে এএচ ০২ এ কে ২৩০০ (AS 02 AK 2300) বাহনখনত এডভোকেটৰ ষ্টিকাৰ লগোৱা আছে৷ পিছত স্থানীয় লোকে ৰহা আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুয়োটাকে থানালৈ লৈ যায়।

কি কামৰ বাবে কিমান ৰেট ACS নূপুৰ বৰাৰ ?

currupted ACS Nupur Bora

Nupur Bora । চৰকাৰে দৰমহা দি পুহি ৰখা ডকাইত আছিল নূপুৰ বৰা। কেৱল ধন চিনি পোৱা এই গৰাকী ৰাজহ চক্ৰ বিষয়াক মুখ্যমন্ত্ৰীৰ বিশেষ দুৰ্নীতি নিবাৰক কোষে ১৫ ছেপ্তেম্বৰ ২০২৫ৰ নিশা ৮-০০ বজাত আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰে । সংবাদ মাধ্যমত ইতিমধ্যে নূপুৰ সন্দৰ্ভত বিভিন্ন খবৰ আৰু তথ্য প্ৰকাশ পাই আহিছে।
শেহতীয়া খবৰ অনুসৰি, প্ৰতিটো কামৰ বাবে নূপুৰ বৰাৰ আছিল নিৰ্ধাৰিত ৰেট ।
চিঠা নামজাৰি-প্রতিবিঘাত ৩০ ৰ পৰা ৪০ হাজাৰ টকা,উত্তৰাধিকাৰীৰ নামজাৰি-৭ ৰ পৰা ১০ হাজাৰ টকা প্রতিবিঘাত,মাটি বেচা-কিনাৰ অনুমতি- প্রতিবিঘাত ১৫ ৰ পৰা ৪০ হাজাৰ টকা,অট’মিউটেচনৰ বাবদ-৭ ৰ পৰা ১৫ হাজাৰ,
ৱাৰিচ সূত্রে নামজাৰি-প্রতিবিঘাত ৩০ ৰ পৰা ৪০ হাজাৰ টকা,
বাটোৱাৰৰ বাবদ -১৫ ৰ পৰা ২০ হাজাৰ টকা,
ম্যাদীকৰনৰ-২০ ৰ পৰা ২৫ হাজাৰ প্ৰতি বিঘাত,
নাম কর্তন বা নাম বাহাল ৰখা-১.৫ লাখৰ পৰা ২ লাখ টকা,
নাম শুধৰণি- ২০ ৰ পৰা ৩০ হাজাৰ টকা ।
যদি নূপুৰ বৰাৰ দৰে এগৰাকী প্ৰশাসনিক বিষয়াই কৰ্তব্য পালনৰ বাবদ এইদৰেই দৰ-দাম নিৰ্ধাৰণ কৰে, তেন্তে এনেকৈয়ে অসম দেশৰ ৫খন শ্ৰেষ্ঠ ৰাজ্যৰ তালিকাত অন্তৰ্ভূক্ত হ’বনে ? সেয়া এটা বৃহৎ প্ৰশ্নবোধক ।

ACS Nupur Bora: নুপূৰ বৰাৰ সম্পত্তিৰ পাহাৰঃ টকা, সোণ, হীৰাৰ গহনাৰে ভৰি আছিল ঘৰ!

নুপূৰ বৰাৰ সম্পত্তিৰ পাহাৰ
নুপূৰ বৰাৰ সম্পত্তিৰ পাহাৰ

অৱশেষত গ্ৰেপ্তাৰ হ’ল ACS নুপূৰ বৰা আৰু লাট মণ্ডল সুৰজিৎ ডেকা।

দুৰ্নীতিৰ সাম্ৰাজ্ঞী নুপূৰ বৰাৰ আছিল সম্পত্তিৰ পাহাৰ। (ACS Nupur Bora)

কোটি টকাই নহয়, সোণ,হীৰাৰ গহনাৰে ভৰি আছিল ঘৰ।

নূপুৰ বৰাৰ ১৪ ডাল সোণৰ চেইন উদ্ধাৰ।


২ ডাল হীৰাৰ নেকলেছ, হীৰাৰ আঙঠি ১৫টা উদ্ধাৰ।


হীৰাৰ ব্ৰেছলেট ৩ ডাল উদ্ধাৰ।

Drinking bed tea: ৰাতিপুৱা খালী পেটত চাহ খোৱাৰ দৰে বেয়া অভ্যাস আপোনাৰো আছে নেকি? জানি লওক আপুনি কেনেকৈ নিজৰ স্বাস্থ্যৰ শত্ৰু হৈ পৰিছে

ৰাতিপুৱা খালী পেটত চাহ খোৱাৰ দৰে বেয়া অভ্যাস আপোনাৰো আছে নেকি?
ৰাতিপুৱা খালী পেটত চাহ খোৱাৰ দৰে বেয়া অভ্যাস আপোনাৰো আছে নেকি?

ৰাতিপুৱা চাহ খোৱাটো মানুহৰ অভ্যাসত (Drinking bed tea) পৰিণত হৈছে, কিন্তু স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ৰাতিপুৱা চাহ খোৱাটো সঠিক বুলি গণ্য কৰা উচিত নে? যদি আপুনিও এই কাম কৰে, তেন্তে আপুনি সাৱধান হোৱাটো প্ৰয়োজন।

ভাৰতত প্ৰায় লোকেই ৰাতিপুৱা চাহ একাপ খাই আৰম্ভ কৰে দিনটো। টোপনিৰ পৰা সাৰ পোৱাৰ লগে লগে চাহৰ চুমুক দিয়াটো কেৱল অভ্যাসত পৰিণত হোৱাই নহয়, গোটেই দিনটোৰ বাবে বহু লোকৰ শক্তি আহৰণৰ এক উপায়ো হৈ পৰিছে। কিন্তু, এই অভ্যাসে লাহে লাহে আপোনাৰ শৰীৰো ক্ষতি কৰিছে।

ৰাতিপুৱা খালী পেটত চাহ খোৱাৰ অসুবিধা-

আয়ুৰ্বেদৰ মতে ৰাতিপুৱা শৰীৰৰ বাট আৰু পিত্ত দোষ সক্ৰিয় হৈ পৰা সময়। এই সময়ত পেটটো খালী হৈ থাকে আৰু তাত পাচন স্বাভাৱিকতে প্ৰবল হৈ থাকে। এনে পৰিস্থিতিত যদি কেফেইন আৰু টেনিনেৰে ভৰা চাহ পোনপটীয়াকৈ খোৱা হয়, তেন্তে ই পাচনতন্ত্ৰত প্ৰভাৱ পেলায়। ইয়াৰ ফলত কেৱল এচিডিটি আৰু গেছৰ সমস্যাই নহয়, দীৰ্ঘদিন এনেদৰে হ’লে পেটৰ ভিতৰত ক্ষতি হ’ব পাৰে।

এচিডৰ মাত্ৰা বৃদ্ধি পাব-
একে সময়তে নেচনেল লাইব্ৰেৰী অৱ মেডিচিনৰ তথ্য অনুসৰি খালী পেটত চাহ খালে শৰীৰত এচিডৰ মাত্ৰা বৃদ্ধি পায়, যাৰ ফলত গেষ্ট্ৰিক বিষ, জ্বলা-পোৰা আৰু বদহজমৰ সৃষ্টি হয়। চাহত থকা কেফেইনেও শৰীৰত মানসিক চাপ সৃষ্টিকাৰী হৰম’ন অৰ্থাৎ কৰ্টিছল বৃদ্ধি কৰে। এই হৰম’নটো বাৰে বাৰে আৰু অধিক পৰিমাণে সক্ৰিয় হ’লে মানসিক ভাৰসাম্যহীনতা, খিংখিঙীয়া আৰু অনিদ্ৰা আদি সমস্যাবোৰো হয়।

Sankar Gohain : দৈনন্দিন বার্তাৰ সম্পাদক শংকৰ গোহাঁইলৈ বিশিষ্ট বুৰঞ্জীবিদ সুশীল কুমাৰ গগৈ সোঁৱৰণী সাহিত্য বঁটা

দৈনন্দিন বার্তাৰ সম্পাদক শংকৰ গোহাঁইলৈ বিশিষ্ট বুৰঞ্জীবিদ সুশীল কুমাৰ গগৈ সোঁৱৰণী সাহিত্য বঁটা
দৈনন্দিন বার্তাৰ সম্পাদক শংকৰ গোহাঁইলৈ বিশিষ্ট বুৰঞ্জীবিদ সুশীল কুমাৰ গগৈ সোঁৱৰণী সাহিত্য বঁটা

সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ (Sankar Gohain) সপ্তম কেন্দ্ৰীয় দ্বি-বাৰ্ষিক ডিৰাক অধিৱেশন কাকপথাৰৰ ডিৰাক ৰাজহুৱা খেলপথাৰত ১২, ১৩ আৰু ১৪ ছেপ্টেম্বৰ, ২০২৫ তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়। সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ আতিথ্যত ডিৰাক, কাকপথাৰ আঞ্চলিক সমিতি আৰু ডিৰাকবাসীৰ সহযোগত সদৌ অনুষ্ঠিত সপ্তম দ্বি-বাৰ্ষিক ডিৰাক অধিৱেশনৰ মুকলি সভাত মটক জনগোষ্ঠীলৈ অৱদান আগবঢ়োৱা দুই মহান ব্যক্তিৰ নামত বঁটা প্ৰদান কৰা হয়। ‘বীৰ পুৰুষ মতাটুকুৰা বৰুৱা সমন্বয় বঁটা’ মন্ত্রী বিমল বড়ালৈ আৰু বিশিষ্ট বুৰঞ্জীবিদ প্রয়াত ‘সুশীল কুমাৰ গগৈ সোঁৱৰণী সাহিত্য বঁটা’ দৈনন্দিন বার্তা কাকতৰ সম্পাদক শংকৰ গোহাঁইলৈ আগবঢ়োৱা হয়।

বঁটা প্ৰদানৰ পূৰ্বে মটক জনগোষ্ঠীৰ নাচনীসকলে পৰিৱেশন কৰা গছতলৰ বিহুৰ উদ্বোধন কৰে দৈনন্দিন বার্তাৰ সম্পাদক শংকৰ গোহাঁইয়ে। ইয়াৰ পাছতে মটক জনগোষ্ঠীৰ পৰম্পৰাগত হুঁচৰি মুকলিকৈ পৰিৱেশন কৰে। অমৃত ৰাজখোৱাৰ কথা, সুৰ আৰু সংগীত পৰিচালনাৰে “স্বাগতম স্বাগতম সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ” শীৰ্ষক গীতেৰে মুকলি সভাৰ শুভাৰম্ভ কৰা হয়। মুকলি সভাত মটক জনগোষ্ঠীৰ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি-সম্পাদক, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি পাপু দত্ত, বীৰ লাচিত সেনা কেন্দ্ৰীয় সভাপতি ৰণ্টু পানীফুকন, টাই ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি-সম্পাদক, ডিমাছা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি-সম্পাদক, টিএমপিকে কেন্দ্ৰীয় সভাপতি-সম্পাদক, অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সভাপতি-সম্পাদক, মটক স্বায়ত্ত শাসিত পৰিষদৰ ডেভিড চেতিয়া, ধৰ্মপ্ৰসাদ কোঁৱৰ, দেৱৰ্ষি চেতিয়াসহ বহুকেইটা দল-সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকে।

Bishwakarma: কাইলৈ বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজাঃ বিশ্বখনিকৰ পূজিবলৈ চলোৱা হৈছে প্ৰস্তুতি

Bishwakarma: কাইলৈ বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজাঃ
Bishwakarma: কাইলৈ বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজাঃ

কাইলৈ বিশ্ব (Bishwakarma) খনিকৰ বিশ্বকৰ্মা পূজা। সমগ্ৰ ৰাজ্যতে বিশ্বখনিকৰ পূজিবলৈ চলোৱা হৈছে প্ৰস্তুতি। প্ৰতিখন এতিয়া বজাৰত ভৰি পৰিছে পূজাৰ বিবিধ সা-সামগ্ৰী। সমান্তৰালকৈ তেজপুৰতো দিনে ৰাতিয়ে মূৰ্তি সজাত ব্যস্ত মৃত শিল্পীসকল।

তেজপুৰৰ চহৰৰ মাজমজিয়াৰ হাৰিপট্টীৰত বিগত বৰ্ষৰ দৰে এইবাৰো আটকধুনীয়াকৈ সজাই পৰাই তুলিছে দূৰ্গা প্ৰতিমাৰ লগতে বিশ্বকৰ্মা।

কাইলৈ ৰাজ্যত অনুষ্ঠিত হ’ব বিশ্বখনিকৰৰ বিশ্বকৰ্মা পূজা । চাৰিওদিশে কেৱল উখল-মাখল পৰিৱেশ।

গতিকে এই বিশ্বকৰ্মাৰ মূৰ্তি সমূহ সোনকালে নিৰ্মান কৰি বজাৰলৈ এৰি দিছে শিল্পীসকলে।

Nupur Bora: টকাৰ পাহাৰ গঢ়িছিল ACS নুপূৰ বৰাই, পাণবজাৰ মহিলা আৰক্ষী থানাত নিশা জেৰা চলোৱা হয় নূপুৰ বৰাক

টকাৰ পাহাৰ গঢ়িছিল ACS নুপূৰ বৰাই
টকাৰ পাহাৰ গঢ়িছিল ACS নুপূৰ বৰাই

CM ভিজিলেন্সৰ (Nupur Bora) কাৰ্যালয়লৈ লৈ যোৱা হৈছে ACS বিষয়া নূপুৰ বৰা আৰু লাট মণ্ডল সুৰজিৎ ডেকাক।

পাণবজাৰ মহিলা আৰক্ষী থানাত নিশা জেৰা চলোৱা হয় নূপুৰ বৰাক।

যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব ACS বিষয়া নূপুৰ বৰা।

বৰপেটা আৰু গোটানগৰত চলিছিল অভিযান।

দুয়োটা স্থানৰ পৰা বৰ্তমানলৈ মুঠ ৯২ লাখ ৫০হাজাৰ ৪০০ টকা উদ্ধাৰ কৰে।

বৰপেটাৰ অভিযান বৰ্তমানো চলি আছে।

বৰপেটাৰ পৰা ১০লাখ ৬৩হাজাৰ জব্দ।

মুঠ ৪টা স্থানত অভিযান চলিছিল।

ইয়াৰে ভিতৰত গুৱাহাটীৰ দুটা স্থানত অভিযান চলিছিল।

গোটানগৰৰ আন এটা ফ্লেটটো অভিযান চলোৱা হৈছিল।

বৰপেটাৰ ভাড়াঘৰটো এৰি দিয়া নাছিল নূপুৰে।

সোণ, হীৰাৰ আ-অলংকাৰকে ধৰি বহু সামগ্ৰী উদ্ধাৰ কৰা হৈছে।

তদন্তৰ বাবে নূপুৰ বৰাক লৈ যোৱা হৈছে CMVৰ মুখ্য কাৰ্যালয়লৈ।

২৫/২০২৫ নম্বৰত গোচৰ ৰুজু কৰা হৈছে।

Nobin Buragohain : ১২ বছৰৰ কষ্টৰ অন্তত নবীন বুঢ়াগোঁহাইয়ে পঢ়ুৱৈ সমাজলৈ এৰি দিলে “আহোম বুৰঞ্জী-কোষ” নামৰ গ্ৰন্থখনি

১২ বছৰৰ কষ্টৰ অন্তত নবীন বুঢ়াগোঁহাইয়ে পঢ়ুৱৈ সমাজলৈ এৰি দিলে "আহোম বুৰঞ্জী-কোষ" নামৰ গ্ৰন্থখনি
১২ বছৰৰ কষ্টৰ অন্তত নবীন বুঢ়াগোঁহাইয়ে পঢ়ুৱৈ সমাজলৈ এৰি দিলে "আহোম বুৰঞ্জী-কোষ" নামৰ গ্ৰন্থখনি

সামাজিক মাধ্যমত তথা পঢ়ুৱৈ সমাজত চৰ্চিত এখন গ্ৰন্থ। (Nobin Buragohain) “আহোম বুৰঞ্জী-কোষ” নামৰ গ্ৰন্থখনি ১২ বছৰৰ কষ্টৰ অন্তত লেখক নবীন বুঢ়াগোঁহাইয়ে পঢ়ুবৈ সমাজলৈ এৰি দিছে।

আজি ঐতিহাসিক তলাতল ঘৰৰ প্ৰাঙ্গনত গ্ৰন্থখনি “জা ছিং ফা” অনুষ্ঠানেৰে পূৰ্বপুৰুষলৈ উছৰ্গা গ্ৰন্থখনিৰ ৰচনা কালত ৰৈ যোৱা ভুল ক্ৰটিসমূহ যে দুখ নধৰে তাৰ বাবে এই ব্যতিক্ৰমী মাংগলিক পৰ্ব সম্পন্ন কৰে।

আহোম সেনা আৰু অসাম বুক ট্ৰাষ্টৰ উদ্যোগত “জা ছিং ফা” অনুষ্ঠান ঐতিহাসিক তলতল ঘৰত মুলুং সকলৰ উপস্থিতিৰ লগতে শিৱসাগৰৰ বহু ব্যক্তিৰ অংশগ্ৰহণ।

গ্ৰন্থখনিত পঢ়ুৱৈ আহোম বুৰঞ্জী তথা সেই সময়ৰ ইতিহাস বিভিন্ন জাতি জনগোষ্ঠীৰ বিষয় সন্নিবিষ্ট কৰাৰ লগতে ৩ হাজাৰ বিষয়, ৩৫২ খন গৱেষনামূংলক ৰেখাচিত্ৰ,২৫০ খন ফটো, স্থাপত্যকেন্দ্ৰিক ৫০ খন নস্কা আৰু ৫ খন মানচিত্ৰয়ে আহোম বূৰঞ্জী কোষখন লেখকে সজাই পৰাই পাথক সমাজলৈ এৰি দিছে। নিশ্চয়কৈ এই গ্ৰন্থখন ভৱিষ্যতে অসমীয়া জাতিৰ এক জীয়া দলিল হৈ ৰ’ব।

Children Obesity:মেদবহুলতা কেৱল ভাৰততে নহয় বিশ্বতে বৃদ্ধি পাইছে, শিশুৰ মেদবহুলতাৰ সমস্যা কি কাৰণত বৃদ্ধি হয়?

মেদবহুলতা কেৱল ভাৰততে নহয় বিশ্বতে বৃদ্ধি পাইছে
মেদবহুলতা কেৱল ভাৰততে নহয় বিশ্বতে বৃদ্ধি পাইছে

সমগ্ৰ বিশ্বতে শিশু (Children Obesity) আৰু কিশোৰ-কিশোৰীৰ মেদবহুলতাৰ সমস্যা বৃদ্ধি পাইছে। এতিয়া ৰাষ্ট্ৰসংঘইও এই সমস্যাক লৈ উদ্বেগ প্ৰকাশ কৰিছে। ইউনিচেফে এক নতুন প্ৰতিবেদনত এই সন্দৰ্ভত সতৰ্কবাণী জাৰি কৰিছে।

জাংক ফুডৰ ব্যৱহাৰে শিশু আৰু কিশোৰ-কিশোৰীক মেদবহুলতাৰ দিশে ঠেলি দিছে। যাৰ ফলত পাঁচ বছৰৰ পৰা ১৯ বছৰ বয়সৰ শিশু/কিশোৰ-কিশোৰী মেদবহুলতাৰ বলি হৈ পৰিছে। ইউনিচেফে এক নতুন প্ৰতিবেদনত এই সন্দৰ্ভত সতৰ্কবাণী জাৰি কৰিছে। এই ভয়ংকৰ প্ৰতিবেদনত ইউনিচেফে অনুমান কৰিছে যে ২০২৫ চনত এই বয়সৰ প্ৰায় ১০ টা শিশুৰ ভিতৰত এজনে কোনো গুৰুতৰ ৰোগত আক্ৰান্ত হ’ব, যাৰ কাৰণ হৈছে আল্ট্ৰা প্ৰচেছড জাংক ফুডৰ সহজ উপলব্ধতা।

মেদবহুলতাই শিশুৰ বৃদ্ধিত প্ৰভাৱ পেলাইছে-

“যি সময়ত শিশুৰ বৃদ্ধি আৰু মানসিক স্বাস্থ্যত পুষ্টিৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে, সেই সময়ত আল্ট্ৰা প্ৰচেছড জাংক ফুডে ফল-মূল, শাক-পাচলি আৰু প্ৰটিনৰ ঠাই লৈছে।”

মেদবহুলতাৰ প্ৰধান কাৰণ-

ইউনিচেফে স্পষ্টভাৱে উল্লেখ কৰিছে যে ইয়াৰ মূল কাৰণ কেৱল ভুল খাদ্যই নহয়, লাভৰ বাবে গ্ৰহণ কৰা অনৈতিক ব্যৱসায়িক পদ্ধতিও। ইউনিচেফে কয় যে দোষ শিশু বা তেওঁলোকৰ পৰিয়ালৰ নহয়, বৰঞ্চ “শিশু ডাঙৰ হোৱা পৰিৱেশ সুৰক্ষিত কৰাত সমাজে ব্যৰ্থ হোৱা”।

উন্নত দেশত অতিৰিক্ত ওজনৰ শিশুৰ হাৰ-
ঐতিহাসিকভাৱে অধিক উন্নত দেশত অতিৰিক্ত ওজনৰ শিশুৰ হাৰ যথেষ্ট বেছি। কিছুমান দেশৰ বাবে এই পৰিস্থিতি দুগুণ। এইবোৰ দেশত পুষ্টিহীনতা আৰু মেদবহুলতা দুয়োটা ৰোগত ভুগি আছে।

Earthquake: প্ৰচণ্ড ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য

Earthquake: প্ৰচণ্ড ভূমিকম্পই জোকাৰি গ'ল ৰাজ্য
Earthquake: প্ৰচণ্ড ভূমিকম্পই জোকাৰি গ'ল ৰাজ্য

প্ৰচণ্ড ভূমিকম্পই জোঁকাৰি গ’ল ৰাজ্য।(Earthquake)

ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য ৫.৯।

৪ বাজি ৪১ মিনিটত ভূমিকম্পৰ জোকাৰণি অনুভূত।

ভূমিকম্পৰ অভিকেন্দ্ৰ ঢেকীয়াজুলিৰ পৰা ১৬ কিলোমিটাৰ নিলগত বুলি অনুমান কৰা হৈছে।