Home Blog Page 156

আত্মসহায়ক গোটৰ বাবে অসম কেবিনেটৰ ডাঙৰ সিদ্ধান্ত, ১৪৫০ কোটি টকাৰ অনুমোদন । Assam Cabinet Decesions 

আত্মসহায়ক গোটৰ বাবে অসম কেবিনেটৰ ডাঙৰ সিদ্ধান্ত, ১৪৫০ কোটি টকাৰ অনুমোদন । Assam Cabinet Decesions 
আত্মসহায়ক গোটৰ বাবে অসম কেবিনেটৰ ডাঙৰ সিদ্ধান্ত, ১৪৫০ কোটি টকাৰ অনুমোদন । Assam Cabinet Decesions 


গুৱাহাটী, ৪ জুন ২০২৫:Assam Cabinet Decesions । বুধবাৰে অনুষ্ঠিত হয় অসম চৰকাৰৰ এক গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেলৰ জৰিয়তে বিভিন্ন সিদ্ধান্ত সদৰী কৰে। এইবাৰ কেবিনেটে আত্মসহায়ক গোট তথা মহিলা উদ্যমিতাক উৎসাহিত কৰাৰ ক্ষেত্ৰত কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

মূল সিদ্ধান্তসমূহঃ

🔹 আত্মসহায়ক গোট (SHG) আৰু “লাখপতি বাইদেউ” আঁচনিৰ বাবে ১৪৫০ কোটি টকা অনুমোদন
মুখ্যমন্ত্ৰীৰ ‘আত্মনিৰ্ভৰ অসম’ পৰিকল্পনাৰ অংশ হিচাপে মহিলা SHG-সমূহক অধিক স্বনির্ভৰ বনোৱাৰ লক্ষ্যৰে এই বৃহৎ বিত্তীয় অনুমোদন দিয়া হৈছে। এই আঁচনিৰ জৰিয়তে লক্ষাধিক মহিলা লাভান্বিত হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।

🔹 লাখপতি বাইদেউৰ তালিকা ৯ জুনত ঘোষণা
লাভান্বিত সমষ্টিসমূহ আৰু উপভোক্তা মহিলাৰ তালিকা অহা ৯ জুনত চৰকাৰীভাৱে প্ৰকাশ কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে কয়, “সকলো বিবৰণ জনসাধাৰণৰ বাবে পুঙ্খানুপুঙ্খভাৱে উপলব্ধ হ’ব।”

🔹 কনকলতা বিশ্ববিদ্যালয়ৰ বাবে ৪০০ কোটি টকা অনুমোদন
অসমৰ উচ্চশিক্ষা খণ্ডত এক নতুন যুগ আৰম্ভ হ’ব বুলি কেবিনেটে আশা প্ৰকাশ কৰিছে। কনকলতা মহিলা বিশ্ববিদ্যালয় উন্নয়ন আৰু আধুনিকীকৰণৰ বাবে ৪০০ কোটি টকা ব্যয়ৰ প্ৰস্তাৱ অনুমোদন কৰা হৈছে।

মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে, “অসম চৰকাৰৰ লক্ষ্য হৈছে গাঁও-ঘৰলৈকে উন্নয়নৰ পোষুৱা লৈ যোৱা। আত্মসহায়ক গোট, মহিলা উদ্যমিতা আৰু শিক্ষাৰ ক্ষেত্ৰত আমাৰ প্ৰতিশ্ৰুতি সদায় দৃঢ়। এইবোৰ পদক্ষেপে অসমৰ সামাজিক আৰু অৰ্থনৈতিক ভৱিষ্যত দৃঢ় কৰিব।”

এই সিদ্ধান্তসমূহে ৰাজ্যৰ মহিলা সমাজ, SHG আৰু শিক্ষাৰ পৰিকাঠামোত এক দীঘলীয়া ধৰণে ইতিবাচক প্ৰভাৱ পেলাব বুলি বিশেষজ্ঞসকলে বিশ্বাস প্ৰকাশ কৰিছে।

২১ জুলাইৰ পৰা আৰম্ভ হ’ব সংসদৰ বৰ্ষাকালীন অধিবেশন । Parliament

২১ জুলাইৰ পৰা আৰম্ভ হ’ব সংসদৰ বৰ্ষাকালীন অধিবেশন । Parliament

নতুন দিল্লী, ৪ জুন ২০২৫ ।Parliament তিনি মাহৰো অধিক সময়ৰ পাছত অবশেষত অনুষ্ঠিত হ’ব ভাৰতীয় সংসদৰ বৰ্ষাকালীন অধিবেশন। এই অধিবেশন ২১ জুলাই তাৰিখে আৰম্ভ হৈ ২১ আগষ্টলৈকে চলিব। ইয়াৰ পূৰ্বে ৩১ জানুৱাৰীত আৰম্ভ হৈছিল বাজেট অধিবেশন, যাৰ অন্ত হৈছিল ৪ এপ্ৰিলত। সেই দিনাৰ পৰা ৰাজ্যসভা আৰু লোকসভাৰ কাম-কাজ অনিশ্চিত সময়লৈকে স্থগিত হৈ আছিল।

এইবাৰ ২৩ দিনীয়া বৰ্ষাকালীন অধিবেশনখনত বহু গুৰুত্বপূর্ণ বিষয়ত আলোচনা হোৱাৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰীয় নিরাপত্তা, অৰ্থনীতি, পাকিস্তান সন্দৰ্ভ, আৰু বিভিন্ন নতুন বিধেয়কৰ উত্থাপন সম্ভৱপৰ।

কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে মন্তব্য কৰি কয়, “এই অধিবেশন বিশেষ হ’ব। অপাৰেশ্যন সেন্দূৰৰ লগতে আন বহুতো বিষয়ত আলোচনা হ’ব। চৰকাৰে সকলো দলক লগত লৈ আগবাঢ়িব বিচাৰে।” তেওঁৰ মতে, চৰকাৰে ইতিমধ্যে বিৰোধীৰ সৈতে যোগাযোগ স্থাপন কৰিছে আৰু সকলোৰে সহভাগিতাত গঠনমূলক আলোচনাৰ আশা কৰিছে।

ইপিনে, বিৰোধী দলসমূহে অপাৰেশ্যন সেন্দূৰ, যুদ্ধবিৰতি, ড’নাল্ড ট্ৰাম্পৰ মন্তব্য, আৰু পহলগাম আক্ৰমণৰ দৰে বিষয়ৰ ওপৰত আলোচনা কৰাৰ বাবে বিশেষ সংসদীয় অধিবেশনৰ দাবী আগবঢ়াইছিল। মঙলবাৰে ১৬ টাকৈ বিৰোধী দলে এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এক সংযুক্ত পত্ৰ পঠিয়াইছিল।

বুধবাৰে ইণ্ডিয়া মিত্ৰজোঁটে এক সংবাদমেল আয়োজন কৰি পুনৰ বিশেষ অধিবেশনৰ দাবী জনায়। দিপেন্দ্ৰ হুডা কয়, “যদি বিশ্ববাসীক সকলো কথা জনোৱা হৈছে, তেন্তে সংসদক কিয় নজনোৱা হ’ব?” শিব সেনাৰ নেতা সঞ্জয় ৰাৱটে ট্ৰাম্পৰ মন্তব্য উল্লেখ কৰি কয়, “যদি যুদ্ধবিৰতি তেওঁৰ মন্তব্যৰ বাবেই হয়, তেন্তে সংসদত এই বিষয়ৰ ওপৰত বিশেষ আলোচনাৰ প্ৰয়োজন আছে।”

সম্ভাৱনা থকা বিষয়বোৰৰ ভিতৰত পাকিস্তান সন্দৰ্ভ এক গুৰুত্বপূৰ্ণ স্থানত আছে। বিৰোধী দলসমূহে এই অধিবেশনত চৰকাৰক কঠোৰভাৱে প্ৰশ্ন কৰিব বুলি আশা কৰা হৈছে।

এইদৰে, ২০২৫ চনৰ বৰ্ষাকালীন অধিবেশন এখন চৰম রাজনৈতিক উত্তাপত পৰিপূৰ্ণ হোৱাৰ আশা, য’ত চৰকাৰ-বিৰোধী দুয়ো পক্ষেই দেশৰ প্ৰধান বিষয়সমূহত মুখামুখি হ’ব।

Operation Sindoor: বিদেশৰ পৰা কি আহিল বাৰ্তা, অহা সপ্তাহত অপাৰেচন সিন্দূৰৰ প্ৰতিনিধি দলক সাক্ষাৎ কৰাৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী মোদীৰ

Operation Sindoor: বিদেশৰ পৰা কি আহিল বাৰ্তা, অহা সপ্তাহত অপাৰেচন সিন্দূৰৰ প্ৰতিনিধি দলক সাক্ষাৎ কৰাৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী মোদীৰ
Operation Sindoor: বিদেশৰ পৰা কি আহিল বাৰ্তা, অহা সপ্তাহত অপাৰেচন সিন্দূৰৰ প্ৰতিনিধি দলক সাক্ষাৎ কৰাৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী মোদীৰ

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু ‘অপাৰেচন সিন্দূৰ’(Operation Sindoor) অভিযানৰ পিছত ভাৰতৰ কূটনৈতিক প্ৰচাৰৰ অংশ হিচাপে ৩৩খন দেশলৈ প্ৰেৰণ কৰা বহুদলীয় প্ৰতিনিধি দলৰ সদস্যসকলক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে । সূত্ৰ অনুসৰি অহা ৯ বা ১০ জুনত নতুন দিল্লীত এই বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। সাংসদ, বিভিন্ন ৰাজনৈতিক দলৰ নেতা আৰু কূটনীতিবিদক লৈ গঠিত এই প্ৰতিনিধি দলটোক ভাৰতৰ স্থিতি দাঙি ধৰাৰ লগতে দেশৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজৰ বাবে বিশ্বব্যাপী সমৰ্থন আহৰণৰ দায়িত্ব দিয়া হৈছিল।

সূত্ৰ অনুসৰি প্ৰতিনিধি দলসমূহে তেওঁলোকৰ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীক উচ্চ পৰ্যায়ৰ বৈঠক, কৌশলগত আলোচনা, পহলগাঁও আক্ৰমণৰ প্ৰতি বিভিন্ন দেশৰ প্ৰতিক্ৰিয়া আৰু ভাৰতৰ বৃহত্তৰ সন্ত্ৰাসবাদ বিৰোধী প্ৰচেষ্টাকে ধৰি গুৰুত্বপূৰ্ণ পৰিঘটনাসমূহৰ বিষয়ে অৱগত কৰিব। বহুদলীয় ঐক্যৰ এক অভূতপূৰ্ব প্ৰদৰ্শনত চৰকাৰে ৭টা প্ৰতিনিধি দল বিদেশলৈ প্ৰেৰণ কৰিছিল। প্ৰত্যেকৰে নেতৃত্ব দিছিল এজন বিশিষ্ট সাংসদ। শশী থাৰুৰ (কংগ্ৰেছ), ৰবি শংকৰ প্ৰসাদ (বিজেপি), সঞ্জয় কুমাৰ ঝা (জেডিইউ), বৈজয়ন্ত পাণ্ডা (বিজেপি), কণিমোঝি কৰুণানিধি (ডিএমকে), সুপ্ৰিয়া চুলে (এনচিপি) আৰু একনাথ শিণ্ডে (শিৱসেনা) আদি নেতাসকল।


প্ৰধানমন্ত্ৰীক কেৱল এই ভ্ৰমণৰ ফলাফলৰ বিষয়ে অৱগত কৰাই নহয়, সন্ত্ৰাসবাদ, ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু আঞ্চলিক স্থিতিশীলতা সম্পৰ্কীয় ভাৰতৰ বাৰ্তা আৰু ভ্ৰমণৰ বিষয়বস্তুৰ প্ৰতি বিশ্বব্যাপী সঁহাৰিৰ বিষয়েও অৱগত কৰা হ’ব।মঙলবাৰে বিয়লি ২:৩০ বজাত বৈজয়ন্ত পাণ্ডাৰ নেতৃত্বাধীন সাংসদৰ প্ৰতিনিধি দলে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক সাক্ষাৎ কৰি ভ্ৰমণৰ সবিশেষ অৱগত কৰিব। পাণ্ডাৰ নেতৃত্বত এই প্ৰতিনিধি দলটোৱে চৌদি আৰব, বাহৰেইন, কুৱেইট আৰু আলজেৰিয়া ভ্ৰমণ কৰিছিল।আনহাতে, ৪ জুনত বিয়লি ৪:৩০ বজাত পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে অপাৰেচন সিন্দূৰৰ পিছত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে মন্ত্ৰী পৰিষদৰ সৈতে বৈঠকত মিলিত হ’ব পাৰে।

Guwahati News: মুক্তিযোদ্ধা কামাখ্যা প্ৰসাদ ত্ৰিপাঠি আদৰ্শ উচ্চ বিদ্যালয়ত ভাৰত চৰকাৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত গীতে-মাতে বিশেষ সজাগতা সভা

Guwahati News: মুক্তিযোদ্ধা কামাখ্যা প্ৰসাদ ত্ৰিপাঠি আদৰ্শ উচ্চ বিদ্যালয়ত ভাৰত চৰকাৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত গীতে-মাতে বিশেষ সজাগতা সভা
Guwahati News: মুক্তিযোদ্ধা কামাখ্যা প্ৰসাদ ত্ৰিপাঠি আদৰ্শ উচ্চ বিদ্যালয়ত ভাৰত চৰকাৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত গীতে-মাতে বিশেষ সজাগতা সভা

গুৱাহাটী মহানগৰীৰ পূৱ প্ৰান্তত অৱস্থিত ডিগাৰুৰ বামুনখাটস্থিত মুক্তিযোদ্ধা কামাখ্যা (Guwahati News)প্ৰসাদ ত্ৰিপাঠি আদৰ্শ উচ্চ বিদ্যালয়ত ৩ জুনত দিনযোৰা কাৰ্যসূচীৰে এক বিশেষ সজাগতা সভাৰ আয়োজন কৰা হয়। ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় আঞ্চলিক কাৰ্যালয় গুৱাহাটীৰ উদ্যোগত আয়োজিত এই সজাগতা সভাত স্বচ্ছতাই সেৱা, এজোপা গছ আইৰ নামত আৰু নিচামুক্ত ভাৰত এই তিনিটা বিষয়ত তথ্য সম্প্ৰচাৰ বিভাগৰ শিল্পীসকলে গীতে -মাতে ছাত্ৰ-ছাত্ৰীসকলক মাজত সজাগতাৰ সৃষ্টি কৰে।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ বিষয়া শিৱ বৰাৰ নেতৃত্বত অনুষ্ঠিত হোৱা সজাগতা সভাৰ আৰম্ভনিতে বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি মথুৰা মোহন নাথে এটি ৰঙা চন্দন গছৰ পুলি বিদ্যালয় চৌহদত ৰোপন কৰে । শিক্ষা বিভাগৰ জিলা পৰ্যায়ৰ সমল ব্যক্তি নুৰ আজিজে স্বচ্ছতা ৰক্ষা, বৃক্ষ ৰোপনৰ উপকাৰিতা আৰু ধঁপাত সেৱনৰ অপকাৰিতা তথা নিচামুক্ত ভাৰত গঢ়া আদি বিষয়ত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বক্তৃত্বা প্ৰদান কৰে। উক্ত অনুষ্ঠানতে শিক্ষক নুৰ আজিজৰ সজাগতা মূলক গীতৰ পুথি ‘ মৰম ‘ উন্মোচন কৰা হয়।

উপস্থিত ছাত্ৰী-ছাত্ৰীসকলক বিষয়বস্তুৰ সৈতে পৰিচিত কৰাৰ লগতে সমান্তৰালভাৱে যাতে জ্ঞানো লাভ কৰিব পাৰে সেই উদ্দেশ্যে বক্তব্য বিষয়ৰ ওপৰত মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। কুইজত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা বিশ গৰাকী ছাত্ৰ-ছাত্ৰীক তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ বিষয়াসকলে উপহাৰ সামগ্ৰী প্ৰদান কৰে । বিষয়া নৃপেন তালুকদাৰে আঁত ধৰা অনুষ্ঠানটিত বিদ্যালয়ৰ প্ৰাধান শিক্ষক উপেন গোস্বামী সমন্বিতে শিক্ষক ৰাতুল বৰা দিলীপ চন্দ্ৰ পাল যদুমনি দিহিঙীয়া কুলদীপ শেনছোৱা আৰু শিক্ষয়িত্ৰী মুনমী বৰুৱাও উপস্থিত থাকে।

Operation Sindoor: ‘অপাৰেচন সিন্দুৰ’ৰ পৰা অনুপ্ৰাণিত হৈ ছাত্ৰ-ছাত্ৰীক প্ৰথম শ্ৰেণীৰ পৰাই সামৰিক প্ৰশিক্ষণ দিব মহাৰাষ্ট্ৰ চৰকাৰে

Operation Sindoor: ‘অপাৰেচন সিন্দুৰ’ৰ পৰা অনুপ্ৰাণিত হৈ ছাত্ৰ-ছাত্ৰীক প্ৰথম শ্ৰেণীৰ পৰাই সামৰিক প্ৰশিক্ষণ দিব মহাৰাষ্ট্ৰ চৰকাৰে
Operation Sindoor: ‘অপাৰেচন সিন্দুৰ’ৰ পৰা অনুপ্ৰাণিত হৈ ছাত্ৰ-ছাত্ৰীক প্ৰথম শ্ৰেণীৰ পৰাই সামৰিক প্ৰশিক্ষণ দিব মহাৰাষ্ট্ৰ চৰকাৰে

‘অপাৰেচন সিন্দুৰ’। সন্ত্ৰাসবাদ নিৰ্মূলৰ বাবে(Operation Sindoor) ভাৰতীয় সশস্ত্ৰ বাহিনীৰ এই পদক্ষেপৰ পিছত মহাৰাষ্ট্ৰ চৰকাৰে এক নতুন পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজ্যৰ বিদ্যালয় শিক্ষা মন্ত্ৰী দাদা ভূছে দেশপ্ৰেম, অনুশাসন আৰু শাৰীৰিক ব্যায়ামৰ অভ্যাস গঢ়ি তোলাৰ বাবে ৰাজ্যৰ বিদ্যালয়সমূহত প্ৰথম শ্ৰেণীৰ পৰা সামৰিক প্ৰশিক্ষণ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে।

মহাৰাষ্ট্ৰ চৰকাৰৰ এই পদক্ষেপক দেশৰ প্ৰথমখন ৰাজ্য হিচাপে ঘোষণা কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, ‘ছাত্ৰ-ছাত্ৰীৰ মাজত দেশপ্ৰেম জগাই তোলা আৰু অনুশাসিত কৰি তোলাৰ বাবে বিদ্যালয়ত প্ৰথম শ্ৰেণীৰ পৰা ছাত্ৰ-ছাত্ৰীক সামৰিক প্ৰশিক্ষণ দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ বাবে দেশৰ অৱসৰপ্ৰাপ্ত সেনা বিষয়াৰ সহায় লোৱা হ’ব।

এই নিয়ম কাৰ্যকৰী হ’লে পঢ়া-শুনাৰ লগতে ল’ৰা-ছোৱালীৰ ভৱিষ্যতও উজ্জ্বল হ’ব।’ শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰেও এই পৰিকল্পনা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কেইটামান পদক্ষেপ আগুৱাই লৈ গৈছে।শিৱসেনাৰ নেতা তথা মন্ত্ৰী দাদা ভূছে কয় যে সাধাৰণ সামৰিক প্ৰশিক্ষণত যাতে কোনো অসুবিধা নাথাকে তাৰ বাবে ক্ৰীড়া শিক্ষক, এন চি চি, স্কাউটৰ লগতে বিদ্যালয়সমূহত ২.৫ লাখ প্ৰাক্তন সেনা জোৱান নিযুক্তি দিব।

এই প্রস্তাৱ ইতিমধ্যে মুখ্যমন্ত্রী দেৱেন্দ্র ফদনবিছৰ ওচৰত দাখিল কৰা হৈছে বুলি শিক্ষামন্ত্রীগৰাকীয়ে কয়৷ তেওঁ দাবী কৰে যে মুখ্যমন্ত্ৰীয়ে এই প্ৰকল্পৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে। লগতে ৰাজ্যৰ বিদ্যালয়সমূহত অতি সোনকালে বাধ্যতামূলক সামৰিক প্ৰশিক্ষণ প্ৰৱৰ্তন হোৱাটোও তেওঁ বিচাৰে।

Jyotiraditya Scindia: অসমৰ বান পৰিস্থিতিৰ বুজ ল’লে কেন্দ্রীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই

Jyotiraditya Scindia: অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে কেন্দ্রীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই
Jyotiraditya Scindia: অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে কেন্দ্রীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই

অসমৰ বান পৰিস্থিতিৰ বুজ ল’লে কেন্দ্রীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই। বন্যার্তৰ পুনৰ সংস্থাপন আৰু সাহায্যৰ আশ্বাস মন্ত্ৰীজনৰ। এই কথা সামাজিক মাধ্যমযোগে জনালে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই।(Jyotiraditya Scindia)

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘আজি পুৱা কিছু সময়ৰ পূৰ্বে মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীজ্যোতিৰাদিত্য সিন্ধিয়া ডাঙৰীয়াই মোক ফোনযোগে অসমৰ সাম্প্ৰতিক বান পৰিস্থিতি সন্দৰ্ভত বুজ লোৱাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ পৰা সাহায্য আৰু বন্যাৰ্তৰ পুনৰ সংস্থাপনৰ প্ৰচেষ্টাৰ বাবে সকলো ধৰণৰ সহযোগিতাৰ আশ্বাস প্ৰদান কৰে। এই প্ৰত্যাহ্বানমূলক সময়ত তেখেতৰ সঁহাৰিৰ বাবে অসমবাসীৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ৷’

Women’s Cricket World Cup: ক্ৰীড়াপ্ৰেমীৰ বাবে সুখবৰঃ গুৱাহাটীত অনুষ্ঠিত হ’ব মহিলা বিশ্বকাপৰ খেল, আইচিচিয়ে ঘোষণা কৰিলে স্থান আৰু দিন

Women's Cricket World Cup: ক্ৰীড়াপ্ৰেমীৰ বাবে সুখবৰঃ গুৱাহাটীত অনুষ্ঠিত হ’ব মহিলা বিশ্বকাপৰ খেল
Women's Cricket World Cup: ক্ৰীড়াপ্ৰেমীৰ বাবে সুখবৰঃ গুৱাহাটীত অনুষ্ঠিত হ’ব মহিলা বিশ্বকাপৰ খেল

অসমৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে এক ভাললগা খবৰ।(Women’s Cricket World Cup)গুৱাহাটীত অনুষ্ঠিত হ’ব মহিলা বিশ্বকাপৰ খেল। এই কথা প্ৰকাশ কৰিছে আইচিচিয়ে। আইচিচিয়ে লগতে ঘোষণা কৰিছে মহিলা বিশ্বকাপৰ খেলৰ স্থান আৰু দিন। আইচিচিয়ে প্ৰকাশ কৰা মতে মহিলা এদিনীয়া বিশ্বকাপৰ ত্ৰয়োদশ সংস্কৰণ ৩০ ছেপ্টেম্বৰৰ পৰা ২ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাৰ আঠটা দলৰ মাজত অনুষ্ঠিত হ’ব ৷ ইয়াৰ সকলো খেল ভাৰত আৰু শ্ৰীলংকাৰ পাঁচটা স্থানত অনুষ্ঠিত হ’ব ৷ গুৱাহাটীতো অনুষ্ঠিত হ’ব মহিলা এদিনীয়া বিশ্বকাপৰ খেল ৷

আই চি চিৰ এক বিবৃতি অনুসৰি বিশ্বকাপৰ স্থান হ’ব এম চিন্নাস্বামী ষ্টেডিয়াম (বেংগালুৰু), অসম ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়াম (গুৱাহাটী), হোলকাৰ ষ্টেডিয়াম (ইন্দোৰ), এ চি এ-ভি ডি চি এ ষ্টেডিয়াম (বিশাখাপট্টনম) আৰু আৰ প্ৰেমদাছা ষ্টেডিয়াম (কলম্বো) ৷ ১২ বছৰৰ পাছত ক্ৰিকেটপ্ৰেমী দেশ অৰ্থাৎ ভাৰতত অনুষ্ঠিত হ’বলগীয়া মহিলা ক্ৰিকেট বিশ্বকাপৰ আৰম্ভণি অহা ৩০ ছেপ্টেম্বৰত বাংগালুৰুত ভাৰতৰ সৈতে এখন ব্লকবাষ্টাৰ মেচৰে হ’ব ৷আই চি চিয়ে এইবুলি প্ৰকাশ কৰিছে , “২৯ অক্টোবৰত গুৱাহাটী বা কলম্বোত প্ৰথমখন ছেমি ফাইনেল অনুষ্ঠিত হ’ব, আনহাতে দ্বিতীয়খন ছেমি ফাইনেল পিছদিনা ৩০ অক্টোবৰত বেংগালুৰুত অনুষ্ঠিত হ’ব ৷ ২ নৱেম্বৰ দেওবাৰে বেংগালুৰু বা কলম্বোত অনুষ্ঠিত হ’ব ২০২৫ চনৰ মহিলা এদিনীয়া বিশ্বকাপৰ ফাইনেল ৷”

উল্লেখ্য মহিলা বিশ্বকাপত অংশগ্ৰহণ কৰা আঠটা দল হ’ল ভাৰত, অষ্ট্ৰেলিয়া, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা, নিউজীলেণ্ড, শ্ৰীলংকা, বাংলাদেশ আৰু পাকিস্তান ৷আই চি চিৰ অধ্যক্ষ জয় শ্বাহে কয়, “ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড, ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডে অনাগত মাহত আয়োজন কৰিবলগীয়া বিশ্বব্যাপী মহিলা প্ৰতিযোগিতা দুখন সন্দৰ্ভত কিছু গুৰুত্বপূৰ্ণ ঘোষণা কৰিবলৈ পাই আমি উৎফুল্লিত হৈছো ৷ শেহতীয়া বছৰবোৰত অনুৰাগীসকলে মহিলাৰ খেলখনৰ প্ৰতি যথেষ্ট সমৰ্থন দেখুৱাইছে আৰু মই নিশ্চিত যে এতিয়া যেতিয়া তেওঁলোকৰ গুৰুত্বপূৰ্ণ তাৰিখ আৰু স্থান আছে, গতিকে তেওঁলোকে ইয়াৰ প্ৰতি নিজৰ সমৰ্থন দিব ৷ মহিলা ক্ৰিকেট আমাৰ দৃষ্টিভংগীৰ আগশাৰী আৰু আমি বিশ্বাস কৰোঁ যে এই দুখন আগন্তুক প্ৰতিযোগিতাই শেহতীয়া বছৰবোৰত আমি গঢ়ি তোলা অবিশ্বাস্য গতি বজাই ৰখাই নহয়, ইয়াক আৰু অধিক উচ্চতালৈ লৈ যাব ৷”

Brahmaputra water: চীনে ব্ৰহ্মপুত্ৰক ভেটিলে পৰিস্থিতি কেনে হ’ব ? উত্তৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

Brahmaputra water: চীনে ব্ৰহ্মপুত্ৰক ভেটিলে পৰিস্থিতি কেনে হ’ব ? উত্তৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
Brahmaputra water: চীনে ব্ৰহ্মপুত্ৰক ভেটিলে পৰিস্থিতি কেনে হ’ব ? উত্তৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

চীনে ব্ৰহ্মপুত্ৰক ভেটা দিব বুলি বিভিন্ন মহলত চৰ্চা চলি আছে।(Brahmaputra water) চীনে সৃষ্টি কৰিব পৰা এনে বিপদৰ আশংকাই সঁচাকৈয়ে অসম অথবা ভাৰতক ক্ষতিগ্ৰস্ত কৰিব নেকি সেই বিষয়ত মূল্যবান মন্তব্য আগবঢ়ালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী শৰ্মাই ব্ৰহ্মপুত্ৰ নদীক লৈ পাকিস্তানৰ শেহতীয়া কল্পনাপ্ৰসূত আতংকক দৃঢ়তাৰে নাকচ কৰি কয় যে চীনে ভাৰতৰ ক্ষতি হ’ব পৰাকৈ ব্ৰহ্মপুত্ৰক নিয়ন্ত্ৰণ কৰিব নোৱাৰে। লগতে কয় যে এনেধৰণৰ আশংকা আতংক বিয়পোৱাৰ লক্ষ্যৰে ৰচনা কৰা এক আখ্যানৰ বাহিৰে আন একো নহয় ।”যদি চীনে ব্ৰহ্মপুত্ৰৰ পানী ভেটা দি ধৰি ৰাখে তেন্তে কি হ’ব?” বুলি পাকিস্তানে সৃষ্টি কৰিব বিচৰা শংকাৰ প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰীয়ে এই কথা দৃঢ়তাৰে কয় কয় যে ব্ৰহ্মপুত্ৰৰ পানীৰ অধিকাংশই ভাৰতৰ ভিতৰতে উৎপত্তি হয়, তিব্বত বা চীনৰ পৰা নহয় । ই হৈছে এক বহুলভাৱে প্ৰচাৰিত ভুল বুজাবুজি বা ভুলকৈ উপস্থাপন কৰা বিষয়।

এই সন্দৰ্ভত সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয়, “ভাৰতে সিন্ধু জলচুক্তিক নস্যাৎ কৰাৰ পাছত পাকিস্তানে এতিয়া নতুন এক কল্পনাপ্রসূত শংকাৰ সৃষ্টি কৰিব খুজিছে- ‘যদি চীনে ব্ৰহ্মপুত্ৰৰ পানী ভেটা দিয়ে ভাৰতৰ কি হ’ব ?’ ভাৰতৰ একো নহয় ৷ এই ভ্ৰান্ত ধাৰণাসমূহ তথ্যৰ আধাৰত আমি নস্যাৎ কৰিম৷ “মুখ্যমন্ত্ৰীয়ে কয়, “ব্ৰহ্মপুত্ৰই ইয়াৰ মহাবাহু বিশাল ৰূপ ধাৰণ কৰিছে ভাৰততহে ৷ চীনে ব্ৰহ্মপুত্ৰৰ পানীৰ ৩০-৩৫% হে যোগান ধৰে ৷ ইয়াৰে বেছিভাগ হিমবাহ গলি যোৱাৰ পাছত সৃষ্টি হোৱা পানী ৷ আৰু সীমিত তিব্বতীয় উপত্যকাত হোৱা বৰষুণৰ পৰা সৃষ্টি হোৱা পানী । বাকী থকা ৬৫-৭০% ব্ৰহ্মপুত্ৰৰ পানী ভাৰততে সৃষ্টি হৈছে, ভাৰততে বৈছে, এই পানী ব্ৰহ্মপুত্ৰলৈ বৈ আহিছে…।”

ব্ৰহ্মপুত্ৰৰ পানীৰ সিংহভাগ সৃষ্টি হৈছে অৰুণাচল প্ৰদেশ, অসম, নাগালেণ্ড আৰু মেঘালয়ৰ মুষলধাৰ বৰষুণৰ পৰা; সোৱণশিৰি, লোহিত, কামেং, মানস, ধনশিৰি, জীয়া-ভৰলী, কপিলী আদি প্ৰধান উপনৈৰ পৰা; খাচি, গাৰো আৰু জয়ন্তীয়া পাহাৰৰ পৰা; কৃষ্ণাই, ডিগাৰু, কুলসী আদি নৈৰ পৰা বুলিও মুখ্যমন্ত্ৰী শৰ্মাই মন্তব্য কৰে।
ভাৰত-চীন সীমান্ত আৰু অসমৰ ভৈয়াম অঞ্চলত ব্ৰহ্মপুত্ৰৰ পানীৰ প্ৰৱাহৰ তথ্য দাঙি ধৰি মুখ্যমন্ত্ৰীয়ে কয়, “ভাৰত-চীন সীমান্তৰ টুটিঙত ব্ৰহ্মপুত্ৰৰ প্ৰবাহ প্ৰায় ২,০০০-৩,০০০ ঘনমিটাৰ প্ৰতি ছেকেণ্ড ৷ অসমৰ ভৈয়ামত, যেনে গুৱাহাটীত এই প্ৰবাহ বাৰিষাৰ সময়ত ১৫,০০০ৰ পৰা ২০,০০০ ঘনমিটাৰ প্ৰতি ছেকেণ্ডলৈ বৃদ্ধি পায় ৷” সেয়ে ভয়ৰ কোনো কাৰণেই নাই।

Assam Flood: উন্নত হোৱা নাই অসমৰ বান পৰিস্থিতিঃ বানত মৃত্যু ঘটা লোকৰ সংখ্যা ১১ জনলৈ বৃদ্ধি

Assam Flood: উন্নত হোৱা নাই অসমৰ বান পৰিস্থিতিঃ বানত মৃত্যু ঘটা লোকৰ সংখ্যা ১১ জনলৈ বৃদ্ধি
Assam Flood: উন্নত হোৱা নাই অসমৰ বান পৰিস্থিতিঃ বানত মৃত্যু ঘটা লোকৰ সংখ্যা ১১ জনলৈ বৃদ্ধি

মুঠেও উন্নত হোৱা নাই অসমৰ বান পৰিস্থিতিৰ।(Assam Flood) ৰাজ্যৰ ২২খন জিলাৰ ৫ লক্ষাধিক লোকে এতিয়াও বানত ককবকাই আছে। চৰকাৰী তথ্য অনুসৰি এতিয়ালৈকে ৰাজ্যত বানত নিহত লোকৰ সংখ্যা ১১ গৰাকী হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বুলেটিনত কোৱা হয় যে কিছুদিন পূৰ্বে গুৱাহাটীত ভূমিস্খলন হৈ ৫ জন লোকৰ মৃত্যু হৈছিল ৷

ইয়াৰ লগতে অসমত প্ৰাকৃতিক দুৰ্যোগত মৃত্যু হোৱা লোকৰ সংখ্যা ১১ জনলৈ বৃদ্ধি পাইছে ৷অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বুলেটিনত প্ৰকাশ কৰা অনুসৰি ২২খন জিলাৰ ৬৫টা ৰাজহ চক্ৰৰ ১,২৫৪খন গাঁৱৰ ৫,১৫,০৩৯জন লোক বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে । বানৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে শ্ৰীভূমি জিলা (১৯৪১৭২ জন লোক আক্ৰান্ত) ৷

ইয়াৰ উপৰি বানৰ ক্ষতিগ্ৰস্ত আন আন জিলাসমূহ হৈছে কাছাৰ (৭৭,৯৬১ জন), নগাঁও (৬৭,৮৮০), লখিমপুৰ (৪৭,১২৭ জন), হাইলাকান্দি (৩০,২৩৪ জন), ডিব্ৰুগড় (২০,১৭৯ জন), আৰু তিনিচুকীয়া (১৯,২৮৯ জন) । প্ৰধিকৰণে কয় যে, যোৱা ২৪ ঘন্টাত হোজাই জিলাৰ ডবকা ৰাজহ চক্ৰৰ পৰা এজন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা হৈছে ৷ একে সময়তে হাইলাকান্দি আৰু ডিব্ৰুগড় জিলাৰ দুজন লোক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে ।

এইবেলিৰ বানত বানত ৮৪ টা জীৱ-জন্তু মৃত্যু হোৱাৰ বিপৰীতে ৪৬৭৮৫১ জীৱ-জন্তু ক্ষতিগ্ৰস্ত হৈছে আৰু ১২৬১০.২৭ হেক্টৰ কৃষি ভূমি বানত নষ্ট হৈছে ৷নিমাতীঘাট আৰু তেজপুৰত ব্ৰহ্মপুত্ৰ নদী, খোৱাঙত চেনিমাৰীত বুঢ়ীদিহিং, নুমলীগড়ত ধনশিৰি, কামপুৰ, ধৰমতুলত কপিলী আৰু ছোটা বেকৰা, ফুলাৰতাল, এ পি ঘাট আৰু বি পি ঘাটত বৰাক নদী আৰু শ্ৰীভূমিত কুশিয়াৰা নদী বিপদসীমাৰ ওপৰেৰে বৈছে ।

বানাক্ৰান্ত অঞ্চলসমূহত প্ৰশাসন তৰফৰ পৰা উদ্ধাৰ অভিযান অব্যাহত ৰখা হৈছে ৷ বানপীড়িত অঞ্চলত জিলা প্ৰশাসনে স্থাপন কৰা ৩২২টা সাহায্য শিবিৰ ৩১২১২ জন লোকে আশ্ৰয় লৈছে ৷ আনহাতে ১৫৪১৭৭ সাহাৰ্য বিতৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে ৷বানে ৰাজ্যখনৰ আন্তঃগাঁথনিৰো ক্ষতিসাধন কৰিছে ৷ সোমবাৰে বানৰ বাবে ৪৯টা পথ, চাৰিখন দলং আৰু তিনিটা মথাউৰি ক্ষতিগ্ৰস্ত হৈছে।

PM Narendra Modi: জলবন্দী অসমঃ উদ্বিগ্ন প্ৰধানমন্ত্ৰীৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ফোন, সকলো ধৰণৰ সহায়ৰ লগতে বানাক্ৰান্তৰ পুনৰ সংস্থাপনৰ আশ্বাস মোদীৰ

PM Narendra Modi: জলবন্দী অসমঃ উদ্বিগ্ন প্ৰধানমন্ত্ৰীৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ফোন
PM Narendra Modi: জলবন্দী অসমঃ উদ্বিগ্ন প্ৰধানমন্ত্ৰীৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ফোন

অসমত এতিয়া বান।(PM Narendra Modi) ৰাজ্যৰ ২২ খন জিলাৰ প্ৰায় ৫ লাখ লোক বানৰ কবলত পৰিছে, এতিয়ালৈকে মৃত্যু ঘটিছে ১১ জন লোকৰ। অসমৰ বানৰ খবৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে। অসমৰ বানকলৈ উদ্বিগ্ন হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সেয়ে মঙলবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ ফোন কৰি ৰাজ্যৰ বান পৰিস্থিতিৰ খবৰ লয় প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই সামাজিক মাধ্যম ফেচবুকত এক পোষ্টৰ জড়িয়তে ৰাজহুৱা কৰে এই কথা ৷

মুখ্য়মন্ত্ৰীৰ পোষ্টটো আছিল এনেধৰণৰ- ‘‘কিছু সময় পূৰ্বে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াই মোক ফোনযোগে অসমৰ সাম্প্ৰতিক বান পৰিস্থিতি সন্দৰ্ভত বিতংভাৱে বুজ লয় আৰু এই বিষয়ত আমি কিছু সময় বাৰ্তালাপ কৰোঁ ৷ অসম তথা চুবুৰীয়া ৰাজ্যসমূহত ধাৰাবাহিকভাৱে বৰষুণ হৈ থকাৰ ফলত বানৰ সৃষ্টি হোৱা তথা বহু লোকৰ জীৱনত কিদৰে ইয়াৰ প্ৰভাৱ পৰিছে সেই বিষয়ে তেখেতক অৱগত কৰোঁ ।

আমাৰ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সাহায্য অভিযান তথা এই দুৰ্যোগৰে মোকাবিলা কৰাৰ ক্ষেত্ৰত আমি লোৱা পদক্ষেপৰ বিষয়েও তেখেতক অৱগত কৰিলোঁ । মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমৰ বান পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰি আমালৈ সহায়-সহযোগিতা আৰু বান আক্ৰান্তৰ পুনৰ সংস্থাপনৰ প্ৰচেষ্টাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা সম্পূৰ্ণ সমৰ্থনৰ আশ্বাস প্ৰদান কৰিছে । তেখেতৰ পথ প্ৰদৰ্শন আৰু আমাৰ প্ৰতি সহায়ৰ বাবে অসমবাসীৰ হৈ আমি কৃতজ্ঞ হৈ ৰ’ম ৷’’তদুপৰি অসমৰ বান পৰিস্থিতিৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে প্ৰয়োজনীয় সহায়ৰ হাত আগবঢ়াবলৈ প্ৰধানমন্ত্ৰীগৰাকী সাজু বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে ৷