দেওবাৰে অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত সদৰী কৰে এই সিদ্ধান্তসমূহ।
মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে, বহু বিবাহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰ সম্পূৰ্ণভাবে সাজু। আজিৰ কেবিনেট বৈঠকত ‘অসম বহুবিবাহ প্ৰতিৰোধ বিধেয়ক, ২০২৫’ বিধানসভাত উত্থাপনৰ বাবে অনুমোদন জনোৱা হয়।
এই আইন কাৰ্যকৰী হ’লে দোষীক সৰ্বাধিক ৭ বছৰ সশ্ৰম কাৰাদণ্ডৰ শাস্তি আৰু জামিনবিহীন গোচৰৰ বিধান থাকিব। লগতে ভুক্তভোগী মহিলাক চৰকাৰৰ তৰফৰ পৰা আৰ্থিক ক্ষতিপূৰণ দিয়া হ’ব বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে। বিধেয়কখন ২৫ নৱেম্বৰত বিধানসভাত উত্থাপন কৰা হ’ব।
তেওঁয়ে লগতে স্পষ্ট কৰে যে, জনজাতীয় সমাজ আৰু ষষ্ঠ অনুসূচীৰ অধীনৰ অঞ্চলসমূহত এই আইন প্ৰযোজ্য নহ’ব। মুখ্যমন্ত্ৰীয়ে কয়, “অসমত বহুবিবাহ প্ৰথা সমূলতে উৎখাত কৰিবলৈ এই আইন এক ঐতিহাসিক পদক্ষেপ হ’ব।”
আজিৰ কেবিনেট বৈঠকত আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় —
চৰাইদেউত চ্যুকাফা বিশ্ববিদ্যালয় স্থাপনৰ অনুমোদন জনায় কেবিনেটে। মুখ্যমন্ত্ৰীয়ে কয়, বিশ্ববিদ্যালয়খনত বাণিজ্য বিভাগক বিশেষ প্ৰাধান্য দিয়া হ’ব।
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱন নিৰ্মাণৰ বাবে উত্তৰ গুৱাহাটীৰ ৰং মহলত ১০০ বিঘা মাটি আবণ্টন কৰা হৈছে। প্ৰকল্পখনৰ বাবে কেবিনেটে ₹৪৮৮.৮৮ কোটি টকাৰ অনুমোদন আগবঢ়াইছে।
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ (Roi Roi Binale Piracy) হেঁপাহৰ ছবি ‘ৰৈ ৰৈ বিনালে’ৰ পাইৰেচী সন্দৰ্ভত এজাহাৰ দাখিল। ৩১ অক্টোবৰত মুক্তি লাভ কৰা জুবিন গাৰ্গৰ ছবি ৰৈ ৰৈ বিনালে ছবিখনে দৰ্শকৰ পৰা অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে। ছবি খনক ৰাইজে যথেষ্ট মৰম দিছে। প্ৰাণৰ শিল্পীগৰাকীৰ হেঁপাহৰ ছবিখন চাবলৈ সকলো অপেক্ষাৰে ৰৈ আছিল। অৱশেষত ৩১ অক্টোবৰত ছবিখনে মুক্তি লাভ কৰা পিছতে দৰ্শকে যথেষ্ট মৰম দিছে। ছবিখনে ভাল উপাৰ্জনো কৰিছে। অনকি অসমীয়া ছবিজগতৰ ইতিহাসত এই ছবিখনে ৰেকৰ্ড ভংগ কৰিছে। পুৱতি নিশাতে ছবি খনৰ প্ৰথম দৰ্শনী আৰম্ভ হয় ছবিগৃহত।
কিন্তু এচাম কাণ্ডজ্ঞানহীন ভাৱে ছবিখন ৰেকৰ্ডিং কৰি সামাজিক মাধ্যমত আপলোড কৰি আছে। এই সন্দৰ্ভত ছবিখনে টীমে আৰু জুবিন অনুৰাগীয়ে বাৰে বাৰে অনুৰোধ কৰি আহিছে যে ছবিখন যাতে কোনোৱে ৰেকৰ্ডিং কৰি সামাজিক মাধ্যমত আপলোড নকৰে। সকলোৱে যাতে ছবিখন উপভোগ কৰিবলৈ ছবি গৃহলৈ আহে।