পদত্যাগৰ কথা ঘোষণা জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাৰ
ৰাজনৈতিক ঘটনাক্ৰমৰ (Japan’s Prime Minister) পৰিণতিত পদত্যাগৰ কথা ঘোষণা কৰিলে জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই। শাসকীয় লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টীক বিভাজনৰ পৰা ৰক্ষা কৰিবলৈ তেওঁ পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছে ।জুলাই মাহত অনুষ্ঠিত হোৱা সংসদীয় নিৰ্বাচনত ঐতিহাসিক পৰাজয়ৰ দায়িত্ব ল’বলৈ নিজৰ দলৰ পৰা দাবী বৃদ্ধি পোৱাৰ পিছত দেওবাৰে জাপানৰ প্ৰধানমন্ত্ৰী ইছিবাই পদত্যাগ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে ।
এই তথ্য জাপানৰ এন এইচ কে ৰাজহুৱা টেলিভিছনৰ বাতৰিয়ে এই কথা নিশ্চিত কৰিছে ।অক্টোবৰ মাহত কাৰ্যভাৰ গ্ৰহণ কৰা ইছিবাই এমাহতকৈ অধিক সময় ধৰি নিজৰ দলৰ ভিতৰতে বেছিভাগ সোঁপন্থী বিৰোধীৰ দাবীক প্ৰতিহত কৰিছিল ।তেওঁৰ লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টীয়ে আগতীয়াকৈ নেতৃত্বৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱাৰ এদিন পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই পদক্ষেপ লৈছে ।