Home Blog Page 158

Ambubachi mela 2025: আগন্তুক অম্বুবাচী মহাযোগৰ প্ৰস্তুতি সম্পৰ্কত পৰ্যটন, মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ অধ্যক্ষতাত গুৰুত্বপূৰ্ণ বৈঠক

Ambubachi mela 2025: আগন্তুক অম্বুবাচী মহাযোগৰ প্ৰস্তুতি সম্পৰ্কত পৰ্যটন
Ambubachi mela 2025: আগন্তুক অম্বুবাচী মহাযোগৰ প্ৰস্তুতি সম্পৰ্কত পৰ্যটন

আগন্তুক অম্বুবাচী মহাযোগ -২০২৫ সুচাৰুৰূপে(Ambubachi mela 2025)অনুষ্ঠিত কৰাৰ বাবে সোমবাৰে গুৱাহাটীৰ পাণবজাৰস্থিত পৰ্যটন সঞ্চালকালয়ৰ সভাকক্ষত পৰ্যটন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ অধ্যক্ষতাত প্ৰস্তুতি পৰ্বৰ লগত জড়িত কামৰূপ মহানগৰ জিলা প্ৰশাসনকে ধৰি ২৪টা বিভাগৰ উচ্ছপদস্থ বিষয়াৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকত অধ্যক্ষতা কৰি মন্ত্ৰী দাসে আধ্যাত্মিকতাৰে সংপৃক্ত এই অম্বুবাচী মহাযোগ-২০২৫ ত্ৰুটিহীনভাৱে অনুষ্ঠিত কৰাৰ দিশত দলীয় মানসিকতাৰে কাম কৰাৰ বাবে সংশ্লিষ্ট বিভাগসমূহক আজিৰ এই বৈঠকতে নিৰ্দেশ দিয়ে৷ উল্লেখ্য যে এইবাৰৰ এই অম্বুবাচী মহাযোগ-২০২৫ অহা ২২ জুনৰ পৰা প্ৰবৃত্তিৰে আৰম্ভ হৈ অহা ২৬ জুনত নিবৃত্তিৰে সমাপ্ত হ’ব৷ এই মহাযোগৰ আধ্যাত্মিকতাৰ প্ৰতি লক্ষ্য ৰাখি এয়া যাতে সুচাৰুৰূপে অনুষ্ঠিত হয় এই ক্ষেত্ৰত যাৱতীয় সকলো ব্যৱস্থা লোৱাৰ বাবে প্ৰত্যেকটো বিভাগৰ ওপৰত ন্যস্ত কৰা দায়িত্ব দায়বদ্ধতাৰে সম্পাদন কৰাৰ বাবে মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে৷ ইয়াৰ বাবে স্বেচ্ছসেৱককে ধৰি যাৱতীয় সকলো ব্যৱস্থা লোৱাৰ বাবে তেওঁ কয়৷

তেওঁ লগতে বাহিৰৰ পৰা অহা প্ৰতিগৰাকী ভক্ত তথা পৰ্যটকক অসমলৈ উষ্মভাৱে স্বাগতম জনোৱাৰ দিহা কৰিবলৈও সংশ্লিষ্ট পক্ষক নিৰ্দেশ দিয়ে৷ এই ক্ষেত্ৰত স্বেচ্ছাসেৱকসকলৰ মাজত এক সচেতনতাৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবেও তেওঁ জিলা প্ৰশাসনক উদ্যোগ ল’বলৈ কয়৷ অম্বুবাচী মহাযোগ-২০২৫ যিহেতু এক আধ্যাত্মিকতাৰ অনুষ্ঠান, সেয়েহে কোনো কাৰণতে যাতে ইয়াৰ শান্তিপূৰ্ণ পৰিৱেশ বিনস্ত নহয় সেই দিশত সচেষ্ট হোৱাৰ বাবেও তেওঁ কতৃৰ্পক্ষক নিৰ্দেশ দিয়ে৷ পৰিষ্কাৰ- পৰিচ্ছন্নতা, যাতায়াত, সমাগম নিয়ন্ত্ৰণ, পানী যোগান, উপযুক্ত পোহৰ ইত্যাদিকে ধৰি সকলো ব্যৱস্থা যাতে নিৰ্ধাৰিত সময়ৰ পূৰ্বে সম্পন্ন কৰা হয় তাৰ বাবেও ব্যৱস্থা ল’বলৈ তেওঁ কয়৷

উল্লেখ্য যে ২০২৪-২৫ বৰ্ষৰ অম্বুবাচী মহাযোগত বহু কেইগৰাকী বিদেশী পৰ্যটককে ধৰি প্ৰায় ৭ লাখ ৫০ হাজাৰ ভক্ত তথা পৰ্যটকে কামাখ্যা মন্দিৰ দৰ্শন কৰিছিল৷ অহা ৯ জুনত কামাখ্যা মন্দিৰ প্ৰাংগণত এই প্ৰস্তুতিৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত কৰি প্ৰস্তুতি পৰ্বৰ চূড়ান্ত ৰূপ দিয়াৰ বাবে সোমবাৰে বৈঠকতে মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে৷ এই বৈঠকত কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত সুমিত সট্টাৱান, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ৰিতুপৰ্ণ বৰুৱা, উপাধ্যক্ষ দিলীপ দাস, পৰ্যটন বিভাগৰ সঞ্চালক ৰণোজ বৰকটকী, অসম পৰ্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক কুমাৰ পদ্মপাণি বৰা, কামাখ্যা মন্দিৰৰ বৰ দলৈ কবীন্দ্ৰ প্ৰসাদ শৰ্মা, সৰু দলৈ হিমাদ্ৰী শৰ্মা, মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক জ্ঞাননাথ শৰ্মাকে প্ৰমুখ্য কৰি জিলা প্ৰশাসন, আৰক্ষী বিভাগ, অসম শক্তি বিতৰণ কোম্পানী লিমিটেড, পৌৰ নিগম আদি ২৪টা বিভাগৰ বিষয়াবৰ্গ উপস্থিত থাকে৷

Himanta Biswa Sarma: ১০ ছেপ্টেম্বৰলৈ অপেক্ষা কৰক, গৌৰৱ গগৈক ৰাইজে ভালকৈয়ে ধন্যবাদ জনাব

Himanta Biswa Sarma: ১০ ছেপ্টেম্বৰলৈ অপেক্ষা কৰক, গৌৰৱ গগৈক ৰাইজে ভালকৈয়ে ধন্যবাদ জনাব
Himanta Biswa Sarma: ১০ ছেপ্টেম্বৰলৈ অপেক্ষা কৰক, গৌৰৱ গগৈক ৰাইজে ভালকৈয়ে ধন্যবাদ জনাব

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম প্ৰদেশ কংগ্ৰেছৰ(Himanta Biswa Sarma)নৱ-নিযুক্ত সভাপতি গৌৰৱ গগৈৰ বাক্‌ যুদ্ধ এতিয়াও অব্যাহত আছে৷ মুখ্যমন্ত্ৰী শৰ্মাই গৌৰৱ গগৈয়ে তেওঁক কিয় দিব নালাগে সেই কাৰণো উল্লেখ কৰে৷ মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ বাবে মাথোঁ ১০ ছেপ্টেম্বৰলৈ অপেক্ষা কৰিব লাগিব বুলি কয় মুখ্যমন্ত্ৰীয়ে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ক’লে, ‘১০ ছেপ্টেম্বৰৰ পিছত গৌৰৱ গগৈক ধন্যবাদ দিব অসমৰ ৰাইজে৷’ মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ বিষয়ে যি ক’ব লগা আছে অহা ১০ ছেপ্টেম্বৰত ক’ব৷

সোমবাৰে গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰৰ সমীপৰ গৰলত এক অনুষ্ঠানত সাংবাদিকৰ প্ৰশ্নত উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে মন্তব্য কৰে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিযুক্ত হোৱাৰ পিছত উজনি আৰু মধ্য অসমত দলীয় সাংগঠনিক কামত তিনি দিন ধৰি ব্যস্ত গৌৰৱ গগৈয়ে দেওবাৰে শিৱসাগৰত মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে৷ গৌৰৱ গগৈয়ে কটাক্ষ কৰি কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবেই তেওঁক কংগ্ৰেছ হাইকমাণ্ডে সভাপতিৰ গুৰু দায়িত্ব দিলে৷ উল্লেখ্য, গৌৰৱ গগৈয়ে মুখ্যþমন্ত্ৰীক কটাক্ষ কৰি কৈছিল, ‘যোৱা দুই-আঢ়ৈ বছৰে মুখ্যমন্ত্ৰীয়ে মোক কৰা সমালোচনাৰ বাবেই মই সভাপতিৰ দায়িত্ব পালো৷ মুখ্যমন্ত্ৰীগৰাকীয়ে যদি মোক লৈ এই বহুল প্ৰচাৰ নচলালেহেঁতেন তেন্তে দলৰ কেন্দ্ৰীয় নেতৃত্বই মোক ইমান আস্থাত নল’লেহেঁতেন ৷ তেওঁৰ প্ৰচাৰৰ বাবে দলে মোক যোগ্য বিবেচনা কৰি এই গধুৰ দায়িত্ব প্ৰদান কৰিছে ৷

’ মুখ্যমন্ত্ৰী শৰ্মাই সোমবাৰে গৌৰৱ গগৈৰ পৰিয়ালৰ তেওঁৰ বাদে আটাইকেইগৰাকী সদস্যই ব্ৰিটিছ নাগৰিক হোৱা প্ৰসংগত কটাক্ষ কৰি কয়, ‘যিজন মানুহৰ চাৰিজনীয়া পৰিয়ালৰ তিনিজনেই বিদেশী, অসমত আমি বিদেশী বহিষ্কাৰৰ বাবে লাগি আছো, তেনে ক্ষেত্ৰত তেনে ব্যক্তিৰ প্ৰশ্নৰ উত্তৰ দি লাভ নাই, তেওঁ বিদেশীৰ বাবে কাম কৰিব নে স্বদেশীৰ কাৰণে কাম কৰিব?’

Assam Flood: ৰাজ্যত অপৰিৱৰ্তিত বানপৰিস্থিতি, ৭৬৪খন গাঁও পানীৰ তলত

Assam Flood: ৰাজ্যত অপৰিৱৰ্তিত বানপৰিস্থিতি, ৭৬৪খন গাঁও পানীৰ তলত
Assam Flood: ৰাজ্যত অপৰিৱৰ্তিত বানপৰিস্থিতি, ৭৬৪খন গাঁও পানীৰ তলত

ৰাজ্যত অপৰিৱৰ্তিত হৈ আছে বানপৰিস্থিতি৷ (Assam Flood) সোমবাৰৰ দিনটোত ৰাজ্যৰ ৭৬৪খন গাঁও পানীৰ তলতেই আছে৷ বহু ঠাইত বাঢ়নী পানীয়ে ছিঙিছে পথ, ভাঙিছে মথাউৰি ৷ ফলত যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰিছে৷ ঘৰ-বাৰী এৰি বন্যাৰ্তই আশ্ৰয় ল’ব লগা হৈছে ওখ স্থান আৰু মথাউৰিত৷ ধেমাজি, শ্ৰীভূমি, কাছাৰ, লখিমপুৰ, ডিব্ৰুগড়, নগাঁও, কামৰূপ, বিশ্বনাথ, তিনিচুকীয়া, হোজাই, শিৱসাগৰকে আদি কৰি কেইবাখনো জিলাৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে ৷ আনহাতে, বন্যাৰ্তৰ আশ্ৰয়ৰ বাবে মুকলি কৰা হৈছে আশ্ৰয় শিবিৰ৷ বানৰ তাণ্ডৱৰ লগতে কেইবাটাও স্থানত খহনীয়া আৰু ভূমি…লনৰ ঘটনাই পৰিস্থিতি অধিক জটিল কৰি তুলিছে৷ কাছাৰত বানপৰিস্থিতিৰ বাবে জিলা প্ৰশাসনে দুদিনৰ বাবে শিক্ষানুষ্ঠানসমূহ বন্ধ ঘোষণা কৰিছে ৷ কিবিটুত ১৭০ মিলিমিটাৰ, হায়ুলিয়াঙত ১৫০ মিঃমিঃ, কলেকটাঙত ১০০ মিঃমিঃকে ধৰি সমগ্ৰ অৰুণাচল প্ৰদেশত ধাৰাসাৰ বৰষুণৰ ফলত নামনি অংশৰ নদীৰ স্তৰ তীব্ৰগতিত বৃদ্ধি পাব বুলি আশংকা কৰা হৈছে৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে শেহতীয়াকৈ প্ৰকাশ কৰা তথ্য অনুসৰি, সম্প্ৰতি ৰাজ্যৰ ১৯খন জিলাৰ ৭৬৪খন গাঁও বানৰ কবলত পৰিছে৷ বানৰ ফলত প্ৰভাৱিত হৈছে ৩ লাখ ৬৪ হাজাৰ ৪৬জন লোক৷ বানৰ কবলত পৰিছে ৩,৫২৪ হেক্টৰ শস্যভূমি৷ বান প্ৰভাৱিত জিলাকেইখন হৈছে লখিমপুৰ, ডিব্ৰুগড়, হাইলাকান্দি, হোজাই, কামৰূপ, ধেমাজি, নগাঁও, শ্ৰীভূমি, দৰং, কাৰ্বি আংলং, শোণিতপুৰ, ডিমা হাছাও, বিশ্বনাথ, কাছাৰ, শিৱসাগৰ, মাজুলী, গোলাঘাট, তিনিচুকীয়া আৰু পশ্চিম কাৰ্বি আংলং ৷

শ্ৰীভূমি জিলাত সৰ্বাধিক ১৪৮খন গাঁও বানৰ কবলত পৰিছে৷ কাছাৰ জিলাৰ ৮৯খন গাঁও, নগাঁও জিলাৰ ৯৩খন গাঁও আৰু লখিমপুৰ জিলাৰ ১০১খন গাঁও বানৰ কবলত পৰিছে৷ কাছাৰ জিলাত তিনিটা, হাইলাকান্দিত দুটা আৰু ডিমা হাছাও, শ্ৰীভূমিত ক্ৰমে এটাকৈ ভূমিস্খলনতৰ ঘটনা সংঘটিত হৈছে ৷ ভূমিস্খলনত কাছাৰ জিলাত পাঁচখন গাঁও, ডিমা হাছাওত দুখন, হাইলাকান্দিত দুখন আৰু শ্ৰীভূমিত পাঁচখন মুঠ ১৪খন গাঁও ক্ষতিগ্ৰস্ত হৈছে ৷ ভূমিস্খলনত জিলাকেইখনৰ ১২৭গৰাকী পুৰুষ, ৯১গৰাকী মহিলা আৰু ১০০গৰাকী শিশুসহ মুঠ ৩১৮গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে৷ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য মতে, বানত শ্ৰীভূমি আৰু কাছাৰত এজনকৈ মুঠ দুজনে প্ৰাণ হেৰুৱাইছে৷ কেন্দ্ৰীয় জল আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি, ডিব্ৰুগড় আৰু নিমাতীঘাটত ব্ৰহ্মপুত্ৰ, নুমলীগড়ত ধনশিৰি, কামপুৰত কপিলী, মাটিজুৰিত কটাখাল, বি পি ঘাটত বৰাক আৰু শ্ৰীভূমিত কুশিয়াৰা নৈ বিপদসীমাৰ ওপৰেৰে বৈ আছে৷ অহা তিনি জুনলৈ ৰাজ্যত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই৷ এই সময়ছোৱাত ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷ গুৱাহাটীত আগন্তুক ২৪ ঘণ্টাত বিভিন্ন ঠাইত মজলীয়াৰ পৰা মধ্যমীয়া বৰষুণ হ’ব৷ অহা ৬ জুনলৈ গুৱাহাটীত বতৰ ডাৱৰীয়া হৈ থাকিব ৷ ইয়াৰ উপৰি ৭ আৰু ৮ জুনত গুৱাহাটীত প্ৰবল বৰষুণ হোৱাৰ আগজাননী দিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই৷

UPPL: কচুগাঁৱত ইউপিপিএল দলৰ বুথ সন্মিলন, ত্ৰিশটা সমষ্টি দখলৰ পৰিকল্পনা; দিল্লী-দিছপুৰৰ সমৰ্থনত পুনৰ ইউপিপিএলৰ চৰকাৰঃ ৰণগৌড়া নাৰ্জাৰী

UPPL: কচুগাঁৱত ইউপিপিএল দলৰ বুথ সন্মিলন, ত্ৰিশটা সমষ্টি দখলৰ পৰিকল্পনা
UPPL: কচুগাঁৱত ইউপিপিএল দলৰ বুথ সন্মিলন, ত্ৰিশটা সমষ্টি দখলৰ পৰিকল্পনা

সমাগত বিটিচি পৰিষদীয় নিৰ্বাচনলৈ কঁকালত টঙালি বন্ধা(UPPL) মিত্ৰজোঁটৰ অংশীদাৰী দল ইউপিপিএলৰ ওপৰতে পুনৰ বিটিচিৰ শাসনভাৰ ন্যস্ত কৰিব বিচাৰিছে দিল্লী আৰু দিছপুৰে৷মাত্ৰ পাঁচ বছৰ পূৰ্বে শান্তি চুক্তি সম্পন্ন কৰি শাসনত বহা পৰিষদীয় চৰকাৰৰ দিনত ৰাইজৰ নিৰাপত্তা, শান্তি, ঐক্য-সংহতি, সমন্বয় আৰু প্ৰগতিৰ বাট মুকলি কৰা প্ৰমোদ বড়োক পুনৰ বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্যৰ আসনত বহুৱাই এসময়ৰ অশান্ত এলেকাত চিৰস্থায়ী শান্তি স্থাপন কৰিব বিচাৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷এই ভাষ্য ৰাজ্যসভাৰ সাংসদ তথা ইউপিপিএল দলৰ কাৰ্যকৰী সভাপতি ৰণগৌড়া নাৰ্জাৰীৰ৷আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচন উপলক্ষে আগতীয়াকৈ প্ৰস্তুতি চলোৱা শাসকীয় দলে আজি কচুগাঁও সমষ্টিত আয়োজন কৰা বুথ সন্মিলনত অংশ গ্ৰহণ কৰি ৰাজ্যসভাৰ সাংসদ গৰাকীয়ে প্ৰাইমাৰী আৰু বুথ পৰ্যায়ৰ কৰ্মকতা সকলৰ কামকাজৰ ওপৰত বক্তব্য ৰাখে৷বিগত নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠ নোপোৱা দলটোৱে মিত্ৰজোঁটৰ চৰকাৰ চলাবলগীয়া হোৱাত কাম-কাজত আহি পৰা বিভিন্ন বাধা-বিঘিনি আৰু জটিলতা আদিৰ ওপৰত কিছু উদ্ভেগ প্ৰকাশ কৰি ত্ৰিশটা সমষ্টিত যাতে দলৰ প্ৰাৰ্থী বিজয়ী কৰাব পাৰে তাৰ বাবে কৰ্মী সকলক পৰামৰ্শ দিয়ে৷বিটিচিত পাঁচটা বছৰত শান্তি প্ৰতিষ্ঠা কৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সমন্বয় স্থাপন উপৰি প্ৰগতিৰ বাট প্ৰস্তুত কৰা ইউপিপিএল দলৰ সাংগঠনিক ভেটি পূৰ্বতকৈ বহুত শক্তিশালী৷ইতিমধ্যে বিপিএফৰ পৰা চন্দন ব্ৰহ্ম, খাম্পা বৰগয়াৰী, হিতেশ বসুমতাৰী, ৰেওৰেওৱা নাৰ্জিহাৰী, হেমেন্দ্ৰ নাথ ব্ৰহ্ম আদিকে ধৰি আন বহু প্ৰভাৱশালী নেতাই হাগ্ৰামা মহিলাৰীৰ সংগ ত্যাগ কৰি ইউপিপিএলত যোগদান কৰিছে৷আন একাংশই অন্য দলত গুচি গৈছে৷গতিকে বিপিএফ দলক ভয় কৰিবলগীয়া নাই৷যিমানেই চেষ্টা নচলাওক কিয়, হাগ্ৰামাই পুনৰ ক্ষমতালৈ আহিব নোৱাৰে, সেয়া ইতিমধ্যে খাটাং হৈ পৰিছে৷ইয়াৰ বিপৰীতে প্ৰমোদ বড়োই দ্বিতীয়টো কাৰ্যকালৰ বাবে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে অধিষ্ঠিত হবলৈ গৈ আছে৷এইবাৰ নিৰ্বাচনত ইউপিপিএল দলক কোনো শক্তিয়ে পৰাভূত কৰিব নোৱাৰে বুলি দাবী কৰিছে সাংসদ ৰণগৌড়া নাৰ্জাৰীয়ে৷কিন্তু সেই বুলি কৰ্মকৰ্তা সকলে বহি থাকিলে বেলেগে সুযোগ লব৷গতিকে এইবাৰ নিৰ্বাচনত বিটিচিত শান্তি স্থাপনৰ লগতে চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনি আদি লৈ ৰাইজক বুজাই দিবলৈ সাংসদ গৰাকীয়ে কৰ্মকৰ্তা সকলক আহ্বান জনায়৷ আগন্তুক বিটিআৰ পৰিষদীয় নিৰ্বাচনত দলৰ ৰণনীতি আৰু কৰ্মী সকলৰ কাম-কাজৰ ওপৰত আজি আয়োজিত বুথ সন্মিলনত কোকৰাঝাৰ জিলা অভিভাৱক মন্ত্ৰী তথা দলৰ প্ৰতিষ্ঠাপক সভাপতি উৰ্খাও গৌড়া ব্ৰহ্মই বিগত বিটিচি নিৰ্বাচনত বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা বিপিএফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীক পৰাভূত কৰি কচুগাঁও সমষ্টিবাসী ৰাইজে এক ইতিহাস তৈয়াৰ কৰা বুলি আখ্যায়িক কৰিছে৷বিগত বিটিচি নিৰ্বাচনত কোকৰাঝাৰ জিলাৰ ১২ টা সমষ্টিৰ ভিতৰত একমাত্ৰ কচুগাঁও সমষ্টিত ইউপিপিএল দলৰ প্ৰাৰ্থী বিজয়ী হৈছিল৷বাকী এঘাৰটা সমষ্টিত দলৰ প্ৰাৰ্থী পৰাজিত হৈছিল৷সেইবাবেই এইবাৰ নিৰ্বাচনত আৰম্ভ কৰা মিছন কোকৰাঝাৰত জিলাৰ থকা ১২ টা পৰিষদীয় সমষ্টিৰ ভিতৰত এঘাৰটা সমষ্টিত ইউপিপিএল দলে জয়ী হোৱাৰ সংকল্প লৈ সমষ্টিয়ে সমষ্টিয়ে প্ৰচেষ্টা চলাই আছে৷বক্তব্যত মন্ত্ৰী গৰাকীয়ে কয়, শাসকীয় দলৰ সদস্য নথকা শৰাইবিল, গুমা, দোতমা, ছালাকাটি, দেৱৰগাঁও আৰু বাওঁখুংগ্ৰী সমষ্টিত উন্নয়নৰ বতাহ বলা নাই৷এয়া প্ৰতিটো শাসকীয় দলৰ নীতি বুলি উল্লেখ কৰি ঐক্য, শান্তি আৰু প্ৰগতিৰ স্বাৰ্থত ইউপিপিএল দলক জয়ী কৰালেহে প্ৰতিটো সমষ্টিতে একেলগে উন্নয়ন হ’ব৷তাৰোপৰি বক্তব্যত মন্ত্ৰী গৰাকীয়ে পুনৰ কয়, পূৰ্বৰ দৰে কোকৰাঝাৰ জিলাক বাদ দিলেও বাকী জিলা সমুহত নিৰ্বাচিত প্ৰতিনিধিৰে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব বুলিও দাবী কৰে৷কচুগাঁও পৰিষদীয় সমষ্টিৰ টিচিএলচিচিৰ সভাপতি থমাছ নাৰ্জাৰীয়ে সভাপতিত্ব কৰা আৰু ব্লক সভাপতি সুকুমাৰ ব্ৰহ্মই অতিথি চিনাকী আৰু সম্বৰ্ধনা পৰ্বৰ আঁত ধৰে৷কচুগাঁও পৰিষদীয় সমষ্টিৰ ১৫টা প্ৰাইমাৰী কমিটিৰ অধীনৰ ৮১ টা বুথ কমিটিৰ বিভিন্ন শাখাৰ কৰ্মকৰ্তাই অংশগ্ৰহণ কৰা সন্মিলনত বিটিচি প্ৰদেশীয় পৰিষদৰ উপাধ্যক্ষ কাতিৰাম বড়োয়ে উদ্দেশ্য ব্যাখ্যাৰ যোগেদি নিৰ্বাচনত দলীয় কৰ্মকৰ্তা সকলৰ কাম-কাজ সমন্ধে বক্তব্য দিয়ে৷আনহাতে উত্তম ব্ৰহ্মই ৫৬ হাজাৰ ভোটাৰ থকা কচুগাঁও পৰিষদীয় সমষ্টিত বিগত নিৰ্বাচনত দলৰ প্ৰাৰ্থী উকিল মুছাহাৰীয়ে লাভ কৰা ১৭, ৫৭৫টা ভোটৰ বিপৰীতে হাগ্ৰামা মহিলাৰীয়ে ১৭, ০৫৯ টা ভোট লাভৰ তথ্য সদৰি কৰি সমষ্টিত থকা ৮১ টা ভোট কেন্দ্ৰৰ ভিতৰত ৩৩ টা ভোটগ্ৰহন কেন্দ্ৰত ইউপিপিএল দলে বেছিকৈ ভোট লাভ কৰিছিল৷এইবেলিও এই কেন্দ্ৰ সমুহৰ উপৰি অন্যান্য কেন্দ্ৰ সমুহত যাতে ভোট বেছিকৈ লাভ কৰিব পাৰে তাৰ বাবে নিষ্ঠা সহকাৰে কৰ্মকৰ্তা সকলক কাম কৰিবলৈ আহ্বান জনায়৷
বুথ সন্মিলনত বিধায়কদ্বয় জিৰন বসুমতাৰী, লৰেন্স ইছলাৰী, পাৰিষদ ৰেওৰেওৱা নাৰ্জিহাৰী, প্ৰমোদ বড়োৰ ৰাজনৈতিক উপদেষ্টা তথা পাৰিষদ মাধৱ ছেত্ৰী, সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰী, বেৰছুং বসুমতাৰী, সুৰজ মুছাহাৰী, হান্টিগিৰি নাৰ্জাৰী, জিলা সভাপতি অনিন্দ্য বসুমতাৰী আদিকে ধৰি কেন্দ্ৰীয় আৰু জিলা পৰ্যায়ৰ ভালে কেইগৰাকীমান নেতাই উপস্থিত থাকে৷আনহাতে মহকুমাৰ শৰাইবিল সমষ্টিৰ অন্তৰ্গত শৰাইবিলত বুথ দ্বিতীয়টো বুথ সন্মিলন অনুষ্ঠিত হয়৷

Raw Garlic: কেঁচা নহৰু খালে কোনবিধ ৰোগ নিৰাময় হয়, জানেনে ?

Raw Garlic: কেঁচা নহৰু খালে কোনবিধ ৰোগ নিৰাময় হয়, জানেনে ?
Raw Garlic: কেঁচা নহৰু খালে কোনবিধ ৰোগ নিৰাময় হয়, জানেনে ?

শীৰৰটো ভালে থাকিবলৈ আমাক ভিটামিনৰ প্ৰয়োজন।(Raw Garlic) কিছুমান খাদ্য-সামগ্ৰীয়ে আমাৰ বহু ৰোগও নিৰাময় কৰে। আজি আপোনালোকক জনাম সেই বিষয়ে। যিবিলাক কথা আপুনিও জনাটো প্ৰয়োজনীয়-

বহু গৱেষণাৰ পৰা দেখা গৈছে যে ভিটামিন কেৰ অভাৱত ভেৰিকোজ ভেইন (bulging veins) হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। বিশেষজ্ঞসকলৰ মতে শুই থকাৰ সময়ত শিৰা উখহি উঠাটো এনে অন্যতম কাৰণ হ’ব পাৰে।

আনহাতে ভিটামিন বি ১২ৰ অভাৱত শক্তিৰ অভাৱ, ভাগৰ, উশাহ-নিশাহৰ কষ্ট আৰু ব্যায়াম সহনশীলতা হ্ৰাস আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে। ভিটামিন বি ১২ পৰিপূৰক গ্ৰহণ কৰিলে তেজ সম্পৰ্কীয় এই লক্ষণসমূহ ক্ৰমান্বয়ে হ্ৰাস হৈ নাইকিয়া হ’ব পাৰে। প

আমি খাদ্যত ব্যৱহাৰ কৰা নহৰুেও বহু ৰোগ নিৰাময় কৰে। কেঁচা নহৰুৱে হৃদযন্ত্ৰ আৰু অন্যান্য বিপাকীয় ৰোগ যেনে এথেৰ’স্কলেৰচিছ, উচ্চ কলেষ্টেৰল, ৰক্ত জমা হোৱা, উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছ প্ৰতিৰোধত সহায় কৰে। সেয়েহে কেঁচা নহৰু খাব লাগে।

সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী, মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত ৪জুনত মূল সমিতিৰ প্ৰথম খন সভা । Himanta Biswa Sarma

সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী, মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত ৪জুনত মূল সমিতিৰ প্ৰথম খন সভা । Himanta Biswa Sarma
সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী, মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত ৪জুনত মূল সমিতিৰ প্ৰথম খন সভা । Himanta Biswa Sarma

গুৱাহাটী, ২জুন: himanta biswa sarma । অসম চৰকাৰৰ উদ্যোগত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ সন্দৰ্ভত অহা ৪জুনত মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত দিছপুৰৰ লোকসেৱা ভৱনত শতবাৰ্ষিকী উদযাপনৰ মূল সমিতিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হ’ব।


এই সভাৰ প্ৰস্তুতি সন্দৰ্ভত আজি জনতা ভৱনৰ কাৰ্যালয় কক্ষত ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ , বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয়।
চলিত বৰ্ষৰ ৮ছেপ্টেম্বৰত অসমৰ লগতে দেশৰ ভিন্ন প্ৰান্তত অনুষ্ঠিতব্য ভাৰত ৰত্ন ড০ভূপেন হাজৰিকাৰ জন্মশতবার্ষিকী আয়োজন সন্দৰ্ভত বিস্তাৰিতভাৱে আলোচনা হ’ব লগীয়া এই সভাত ৰাজ্যৰ বিভিন্ন ক্ষেত্রৰ বহুসংখ্যক আগশাৰীৰ ব্যক্তি উপস্থিত থাকিব।


সাংস্কৃতিক বিভাগৰ দায়িত্বত থকা ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ডিবি কল্যাণ চক্ৰৱৰ্তী, সচিব পল্লবী ফুকন, সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাস, সাংস্কৃতিক মন্ত্রীৰ বিশেষ কৰ্তব্যৰত বিষয়া তথা যুটীয়া সচিব ৰাজীৱ থাপাকে ধৰি ভালে সংখ্যক বিভাগীয় বিষয়া উপস্থিত থকা পৰ্যালোচনা বৈঠক খনত মন্ত্রী বড়াই মুখ্যমন্ত্রীৰ সভাপতিত্বত অনুষ্ঠিত হ’ব লগা সভা খনৰ বিভিন্ন দিশ আলোচনা কৰাৰ লগতে সভাখন যাতে নিয়াৰিকৈ অনুষ্ঠিত হয় তাৰবাবে বিষয়া সকলক প্ৰয়োজনীয় নিৰ্দেশ প্ৰদান কৰে।


এই বৈঠকৰ পাছতে অসম ৰাজ্যিক চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগমৰ অধীনত ৰাজ্যৰ শিল্পী আৰু কলা -কুশলী সকলক এক বীমা আঁচনি আগবঢ়োৱা সন্দৰ্ভত সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত অন্য এখন সভা অনুষ্ঠিত হয়।
ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ শীৰ্ষ বিষয়া সকলৰ উপস্থিতিত অনুষ্ঠিত এই প্ৰাৰম্ভিক আলোচনাত ৰাজ্যৰ শিল্পী, কলা-কুশলী সকলক চিকিৎসা আদিকে ধৰি সমুখীন হোৱা বিভিন্ন দুৰ্যোগৰ সময়ত বীমা আঁচনিৰ জৰিয়তে কিদৰে সকাহ দিয়াৰ ব্যৱস্হা কৰিব পাৰি সেই বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। সভাত আঁচনিখনৰ ওপৰত কেতবোৰ পৰামৰ্শও আগবঢ়াই ।

GST: দেশত মে’ মাহত জি এছ টি সংগ্ৰহৰ নতুন অভিলেখ

GST: দেশত মে’ মাহত জি এছ টি সংগ্ৰহৰ নতুন অভিলেখ
GST: দেশত মে’ মাহত জি এছ টি সংগ্ৰহৰ নতুন অভিলেখ

আকৌ এবাৰ অভিলেখ পৰিমাণৰ(GST) জি এছ টি সংগ্ৰহ কৰা হৈছে৷ চলিত বৰ্ষৰ মে’ মাহত জি এছ টি সংগ্ৰহৰ পৰিমাণ আছিল ২ লাখ কোটি টকা৷ কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে প্ৰদান কৰা তথ্য অনুসৰি মে’ মাহত জি এছ টি সংগ্ৰহ আছিল ২.০১ লাখ কোটি টকা৷ পূৰ্বৰ বছৰৰ তুলনাত ১৬.৪ শতাংশ বেছি৷ মে’ মাহত ভাৰতে নিজৰ দেশৰ পৰা ১.৫০ লাখ কোটি টকা লাভ কৰিছিল৷ আনহাতে, বহিঃৰাজ্যৰ পৰা লাভ কৰিছিল ৫১ হাজাৰ ২৬৬ কোটি টকা৷ যি হিচাব আগলৈ আহিছে তাৰ পৰা দেখা গৈছে যে কেন্দ্ৰীয় জি এছ টি আছিল ৩৫ হাজাৰ ৪৩৪ কোটি টকা৷ ৰাজ্যসমূহে লাভ কৰে ৪৩ হাজাৰ ৯০২ কোটি টকা৷ সংহত জি এছ টি লাভ কৰিলে ৰ.০৯ লাখ কোটি টকা৷ ছেছে লাভ কৰিলে ১২ হাজাৰ ৮৭৯ কোটি টকা৷ এইবাৰ ২০২৪ চনৰ মে’ মাহত অহা জি এছ টিৰ পৰিমাণৰ তুলনাত যথেষ্ট বৃদ্ধি পাইছে৷ এপ্ৰিল মাহত জি এছ টি সংগ্ৰহৰ ক্ষেত্ৰত এক নতুন অভিলেখ সৃষ্টি হৈছে৷ সেৱাত ২.৩৭ লাখ কোটি টকা সংগ্ৰহ কৰা হয়৷ ১২.৬ শতাংশ হাৰত সেৱা বৃদ্ধি পাইছে৷ মাৰ্চ মাহত জি এছ টি আছিল ১.৯৬ লাখ কোটি টকা৷ তাত বৃদ্ধিৰ হাৰ আছিল ৯.৯ শতাংশ৷ ফেব্ৰুৱাৰী মাহত জি এছ টি আছিল ১.৮৩ লাখ কোটি টকা৷

তাত বৃদ্ধিৰ হাৰ আছিল ৯.১ শতাংশ৷ জানুৱাৰী মাহত জি এছ টি আছিল ৰ.৯৬ লাখ কোটি টকা৷ তাত বৃদ্ধিৰ হাৰ আছিল ১২.৩ শতাংশ৷ ডিচেম্বৰ মাহত জি এছ টি আছিল ৰ.৭৭ লাখ কোটি টকা৷ তাত বৃদ্ধিৰ হাৰ আছিল ১২.৩ শতাংশ৷ অৱশ্যে নৱেম্বৰ মাহত এই হাৰ আছিল ১.৭৭ শতাংশ৷ এপ্ৰিল মাহত এই সংগ্ৰহৰ ফলস্বৰূপে সকলোৰে চকু ওপৰলৈ উঠিছে৷ এপ্ৰিল মাহত এই উত্থান মাৰ্চ মাহৰ হাতত৷ যিহেতু এই সময়তে নতুন বিত্তীয় বৰ্ষ আৰম্ভ হৈছে, গতিকে সকলোৱে ভাবে যে এইবাৰ নতুন অভিলেখ সৃষ্টি হৈছে৷ জি এছ টি সংগ্ৰহ বৃদ্ধিৰ সন্দৰ্ভত অৰ্থনীতি বিশেষ: সৌৰভ আগৰৱালাই কয় যে, ‘বিশ্বৰ অস্থিৰ বিত্তীয় পৰিস্থিতিৰ মাজত জি এছ টি সংগ্ৰহৰ অভিলেখ সৃষ্টি কৰাটোৱে দেশৰ অৰ্থনীতি কিমান শক্তিশালী সেইটো দেখুৱাইছে৷’ আন এজন বিশেষ: বিবেক জালানৰো একেধৰণৰ মতামত৷ লগতে তেওঁ কয় যে শু{¨ যুদ্ধ আৰু কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণৰ ফলত সৃষ্টি হোৱা অস্থিৰতাৰ মাজতো জি এছ টি বৃদ্ধিয়ে দেশৰ অৰ্থনীতিৰ শক্তিশালী অৱস্থানক উজ্জ্বল কৰি তুলিছে৷

Assam Flood: ৰাজ্যৰ ১৭খন জিলাত বানৰ সংহাৰঃ বানপানী আৰু ভূমিস্খলনে প্ৰাণ কাঢ়িলে ৮জনৰ

Assam Flood: ৰাজ্যৰ ১৭খন জিলাত বানৰ সংহাৰঃ বানপানী আৰু ভূমিস্খলনে প্ৰাণ কাঢ়িলে ৮জনৰ
Assam Flood: ৰাজ্যৰ ১৭খন জিলাত বানৰ সংহাৰঃ বানপানী আৰু ভূমিস্খলনে প্ৰাণ কাঢ়িলে ৮জনৰ

সমগ্ৰ ৰাজ্য আৰু চুবুৰীয়া অঞ্চলত(Assam Flood)ধাৰাসাৰ বৰষুণৰ ফলত অসমৰ বানপৰিস্থিতি অধিক জটিল হৈ পৰিছে৷ ৰাজ্যৰ ৰাজধানী গুৱাহাটীতো ধাৰাবাহিক মুষলধাৰ বৰষুণৰ বাবে একাধিক অঞ্চলত যথেষ্ট ক্ষতি হৈছে৷ অসমত এতিয়ালৈকে বানপানী আৰু ভূমিস্খলনে ৮জন লোকৰ প্ৰাণ কাঢ়ি নিছে৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কতৃৰ্পক্ষৰ তথ্য অনুসৰি বানপানীৰ ফলত তিনিজন লোকৰ মৃত্যু হৈছে, য’ত গোলাঘাটৰ দুজন-এজন শিশু আৰু এজন লখিমপুৰ জিলাত৷ ইফালে কামৰূপ [মেট্ৰ’]ত ভূমিস্খলনত ৫জন লোকে প্ৰাণ হেৰুৱাইছে আৰু দুজন লোক আহত হৈছে৷ তিনিচুকীয়া আৰু পশ্চিম কাৰ্বি আংলঙৰ এএছডিএমএৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে এই জিলাসমূহৰ ৫৮,০০০ৰো অধিক বাসিন্দা ক্ষতিগ্ৰস্ত হৈছে৷ বৰ্তমান প্ৰায় জ্জ,০০০ স্থানচু্যত ব্যক্তিক জিলা কতৃৰ্পক্ষই স্থাপন কৰা ১৬টা সাহায্য শিবিৰ আৰু বিতৰণ কেন্দ্ৰত ৰখা হৈছে৷ পানীয়ে ৭৯১.৩২ হেক্টৰ কৃষিভূমি ডুবাই পেলাইছে, যাৰ ফলত যথেষ্ট পৰিমাণৰ শস্যৰ ক্ষতি হৈছে৷ প্ৰায় ৭৫,৯১৮টা জীৱ-জন্তুৰ ওপৰত প্ৰভাৱ পৰিছে, ১৯৪টা জন্তু বানপানীয়ে উটুৱাই লৈ গৈছে বুলি জানিব পৰা গৈছে৷ দুৰ্যোগৰ ফলত আন্তঃগাঁথনিৰ ক্ষতিসাধন হৈছে৷ ২২টা পথ, এখন দলং, তিনিটা মথাউৰি আৰু চাৰিটা অতিৰিক্ত মথাউৰি, জলসিঞ্চনৰ খাল, বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰৰ ক্ষতিসাধন হৈছে৷

নগৰীয়া বানপানীয়ে প্ৰায় দৈনন্দিন জীৱনত ব্যাঘাত জন্মাইছে কামৰূপ, ডিব্ৰুগড়, দৰং, কাছাৰ আৰু কামৰূপ [মেট্ৰ’] জিলাৰ ৯,৮৬৫জন লোক৷ ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি [এছডিআৰএফ], ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰতিৰোধ বাহিনী [এনডিআৰএফ], অগ্নিনিৰ্বাপক সেৱা আৰু স্থানীয় প্ৰশাসনৰ জৰুৰীকালীন দলসমূহে সংকট দূৰ কৰাৰ বাবে উদ্ধাৰ আৰু সাহায্য প্ৰচেষ্টাত সক্ৰিয়ভাৱে জড়িত হৈ আছে আৰু বাৰিষাৰ বৰষুণ অব্যাহত থকাৰ সময়তে ক্ষতিগ্ৰস্ত লোকক সহায়-সহযোগিতা আগবঢ়াইছে৷ চৰকাৰী বিষয়াসকলে জনোৱা মতে, ভয়াৱহ বতৰৰ বাবে ১৭খন জিলাত ব্যাপক বানপানীৰ ফলত ৭৮ হাজাৰৰো অধিক বাসিন্দা ক্ষতিগ্ৰস্ত হৈছে৷ পথ পৰিবহণ আৰু ৰে’ল সেৱাও ব্যাঘাতৰ সন্মুখীন হৈছে৷ আঞ্চলিক বতৰ বি:ান কেন্দ্ৰ [আৰ এম চি]ৰ তথ্য অনুসৰি ৰাজ্যৰ পশ্চিম প্ৰান্তৰ তিনিখন জিলা ‘ৰেড এলাৰ্ট’ত আছে আৰু আৰু জ্জ্বখন জিলা ‘অৰে? এলাৰ্ট’ত দিয়া হৈছে৷ আনহাতেস অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ পৰা অহা বৰষুণৰ পানীয়ে ৰাজ্যখনৰ বানপৰিস্থিতি অধিক ভয়াৱহ কৰি তুলিছে ৷

দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বান প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি ১২খন জিলাৰ ৫৮,০৯১জন লোক প্ৰথম বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে৷ ইপিনে বানত ডুব গৈছে ৭৯১.৩২ হেক্টৰ কৃষিভূমি৷ প্ৰায় ৭০০০ বানাক্ৰান্ত লোকে জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰা সাহায্য শিবিৰ আৰু সাহায্য বিতৰণ কেন্দ্ৰত আশ্ৰয় লৈছে৷ বানাক্ৰান্ত অঞ্চলত জিলা প্ৰশাসনে ১৬টা সাহায্য শিবিৰ আৰু সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰিছে৷ বানাক্ৰান্ত জিলাকেইখনত ৭৫৯১৮টা জীৱ-জন্তু ক্ষতিগ্ৰস্ত হৈছে আৰু ১৯৪টা জীৱ-জন্তুৰ মৃত্যু হৈছে৷ এছ ডি আৰ এফ, এন ডি আৰ এফ, অগ্নি আৰু জৰুৰীকালীন সেৱা আৰু স্থানীয় প্ৰশাসনে বানপীড়িত অঞ্চলসমূহত উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে ৷ ইপিনে যোৱা ২৪ ঘণ্ট×াত বানত ২২টা পথ, এখন দলং, ৩টা মথাউৰি ভাঙিছে, জলসিঞ্চনৰ খাল, বিদ্যালয় ভৱন, অংগনৱাড়ী কেন্দ্ৰ আদিৰ ক্ষতিসাধন কৰিছে ৷ আনহাতে, কামৰূপ, ডিব্ৰুগড়, দৰং, কাছাৰ আৰু কামৰূপ [ম] জিলাৰ নগৰীয়া বানত ৯,৮৬৫জন লোক ক্ষতিগ্ৰস্ত হৈছে৷

আনহাতে আজি লখিমপুৰত বন্যাৰ্তৰ কাষত থিয় হৈ বান পৰিস্থিতি বুজ ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।ক্ষতিগ্ৰস্তসকলক সহায়ৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সংগ দিয়ে মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু বিধায়ক মানৱ ডেকাই।

Florence Nightingale Award-2025: নলবাৰীৰ বীণাপাণি ডেকালৈ চলিত বৰ্ষৰ ফ্ল’ৰেন্স নাইটিংগেল বঁটা ৷

Florence Nightingale Award-2025: নলবাৰীৰ বীণাপাণি ডেকালৈ চলিত বৰ্ষৰ ফ্ল’ৰেন্স নাইটিংগেল বঁটা ৷
Florence Nightingale Award-2025: নলবাৰীৰ বীণাপাণি ডেকালৈ চলিত বৰ্ষৰ ফ্ল’ৰেন্স নাইটিংগেল বঁটা ৷

অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে নলবাৰীৰ বীণাপাণি ডেকাই।(Florence Nightingale Award-2025)

নলবাৰীৰ বীণাপাণি ডেকালৈ চলিত বৰ্ষৰ ফ্ল’ৰেন্স নাইটিংগেল বঁটা৷(bina pani deka)

ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হয় এই বঁটা প্ৰদান অনুষ্ঠান।

ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মুৱে প্ৰদান কৰে এই বঁটা।

নলবাৰী কমাৰকুছি প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত লেডী হেল্থ ভিজিটৰ হিচাপে কৰ্মৰত হৈ আছে বীণাপাণি ডেকা।

D Gukesh: এক ঐতিহাসিক বিজয়ঃ দবাৰ বিশ্ব চেম্পিয়ন গুকেশ ডিৰ চমকপ্ৰদ সফলতা

D Gukesh: এক ঐতিহাসিক বিজয়ঃ দবাৰ বিশ্ব চেম্পিয়ন গুকেশ ডিৰ চমকপ্ৰদ সফলতা
D Gukesh: এক ঐতিহাসিক বিজয়ঃ দবাৰ বিশ্ব চেম্পিয়ন গুকেশ ডিৰ চমকপ্ৰদ সফলতা

এক ঐতিহাসিক বিজয়ৰ মুহূর্ত।(D Gukesh)

দবাৰ বিশ্ব চেম্পিয়ন গুকেশ ডিৰ চমকপ্ৰদ সফলতা।(Chess)

দবা খেলৰ জগতত ভাৰতৰ নৱতম উজ্জ্বল প্রতিভা গুকেশ ডিয়ে নৰৱে দবা প্রতিযোগিতাত বিশ্বৰ শীর্ষ দবা খেলুৱৈ মেগনাছ কার্লছেনক হৰুৱাই৷

ইফালে পৰাজয়ৰ পিছত খঙত অগ্নিশৰ্মা হৈ পৰে বিশ্বৰ শীর্ষ দবা খেলুৱৈ মেগনাছ কার্লছেন।

ইতিহাস ৰচি ভাৰতৰ গুকেশে ডিয়ে নৰৱে দবা প্রতিযোগিতাত কার্লছেনক পৰাস্ত কৰিবলৈ সক্ষম হয়।