Home Blog Page 159

Himanta Biswa Sarma: আজি লখিমপুৰলৈ যাব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

Himanta Biswa Sarma: আজি লখিমপুৰলৈ যাব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
Himanta Biswa Sarma: আজি লখিমপুৰলৈ যাব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

আজি লখিমপুৰলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।(Himanta Biswa Sarma)

আজি লখিমপুৰৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰিব আমতলা মথাউৰিৰ ছিগা অংশ, বৰবিলৰ লগতে পাঁচনৈৰ বান পৰিস্থিতিৰো বুজ ল’ব।

পাঁচনৈৰ আশ্রয় শিবিৰত বানাক্ৰান্তৰ সৈতে মত-বিনিময় কৰিব লগতে লখিমপুৰৰ মথাউৰিও পৰিদৰ্শন কৰিব মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই।


Lummer Dai: অসম সাহিত্য সভাৰ উদ্যোগত লুম্মেৰ দাইৰ জন্মজয়ন্তীত আৱক্ষ মূৰ্তি উন্মোচন

Lummer Dai: অসম সাহিত্য সভাৰ উদ্যোগত লুম্মেৰ দাইৰ জন্মজয়ন্তীত আৱক্ষ মূৰ্তি উন্মোচন
Lummer Dai: অসম সাহিত্য সভাৰ উদ্যোগত লুম্মেৰ দাইৰ জন্মজয়ন্তীত আৱক্ষ মূৰ্তি উন্মোচন

অৰুণাচল প্ৰদেশৰ প্ৰথিতযশা সাহিত্যিক(Lummer Dai)সাংবাদিক লুম্বেৰ দাইৰ ৮৫ সংখ্যক জন্ম জয়ন্তী অসম সাহিত্য সভাৰ উদ্যোগত দেওবাৰে পাছিঘাটত উদযাপন কৰা হয়। পাছিঘাট শাখা সাহিত্য সভাৰ আতিথ্যত অনুষ্ঠিত লুম্মেৰ দাইৰ জন্ম জয়ন্তী অনুষ্ঠান উপলক্ষে পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলনৰ পাছতে পাছিঘাটৰ গান্ধী তিনিআলিত লুম্বেৰ দাইৰ আবক্ষ মূৰ্তি উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে।

অসম সাহিত্য সভাই বিগত ২০০৯ বৰ্ষৰ পৰা আগবঢ়াই আহিছে অসমীয়া সাহিত্য জগত ভঁৰাল চহকী কৰা অৰুনাচলৰ প্ৰথিতযশা সাহিত্যিক লুম্মেৰ দাই জন্মদিনৰ লগত সংগতি ৰাখি সাহিত্য সূৰ্য্য বটাঁ প্ৰদানৰ কাৰ্যসূচী অনুসৰি দেওবাৰে প্ৰতিকূল বতৰকো নেওচি পাচিঘাটৰ গান্ধী ছেকেণ্ডাৰী স্কুলৰ প্ৰাংগনত অনুষ্ঠিত গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানত এইবাৰৰ বটাঁ প্ৰাপক মামং দাইয়ে নিজকে যথেষ্ট সুখী বুলি কোৱাৰ লগতে আগন্তুক দিনত সাহিত্য চৰ্চা কৰি যোৱাৰ কথা সদৰী কৰে ৷ ইফালে অসম সাহিত্য সভাৰ এনেধৰণৰ অনুষ্ঠানৰ জৰিয়তে অসম অৰুনাচল প্ৰদেশৰ মাজত এক শৈল ৰেখা নিৰ্মাণ কৰাৰ আশা প্ৰকাশ কৰে অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীয়ে ৷ অনুষ্ঠানত বিহু , আদি , মিচিং , বড়ো, নেপালী আদিকে ধৰি কেইবাটাও জনগোষ্ঠীৰ কৃষ্টি প্ৰদৰ্শন কৰা হয়।

অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই আঁত ধৰা এই অনুষ্ঠানত অৰুণাচলৰ মন্ত্ৰী অজিং তাচিং, প্ৰাক্তন বিধায়ক কলিং ময়ং, বিধায়ক পুণ্য আপুম, প্ৰাক্তন মন্ত্ৰী তবাৰ জামহ, উপায়ুক্ত টায়ি টাগু, আৰক্ষী অধীক্ষক পংকজ লাম্বা, অসম সাহিত্য সভাৰ উপ সভাপতি পদুম ৰাজখোৱা, লুম্মেৰ দাই গৱেষণা কেন্দ্ৰৰ কাৰ্যকৰী সভাপতি অপূৰ্ব ফুকন, সম্পাদক ভৰত ৰাজখোৱা, আহ্বায়ক বিনোদ গগৈ, পাছিঘাট শাখা সাহিত্য সভাৰ সভাপতি কালিঙ বৰাঙ, সম্পাদক গিৰিন তামুলী, উদযাপন সমিতিৰ সভাপতি অবাং দাই, উপ সভাপতি তাদুৰাম দাৰাং, লেখক আৰাক মেগু, গিন্দু বৰাঙ, অবাং তায়েং, বাটেম পাৰ্টিন, তাৰাক মিজে, ইলো লিবাং, অজিত শইকীয়া, অৰুণাচল প্ৰদেশ লিতাৰেৰী চচাইটিৰ সভাপতি পনোং এৰিংকে ধৰি বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।।

Opal Suchata Chuangsri: আলিয়া ভাটৰ অনুৰাগী মিছ ৱৰ্ল্ড সুচাতা চুৱাংশ্ৰী

Opal Suchata Chuangsri: আলিয়া ভাটৰ অনুৰাগী মিছ ৱৰ্ল্ড সুচাতা চুৱাংশ্ৰী
Opal Suchata Chuangsri: আলিয়া ভাটৰ অনুৰাগী মিছ ৱৰ্ল্ড সুচাতা চুৱাংশ্ৰী

শেহতীয়াকৈ থাইলেণ্ডৰ ওপাল সুচাতা চুৱাংশ্ৰীয়ে(Opal Suchata Chuangsri)৭২ সংখ্যক মিছ ৱৰ্ল্ডৰ মুকুট লাভ কৰিছে, কিন্তু আপুনি জানেনে মিছ ৱৰ্ল্ড খিতাপ লাভ কৰা সুচাতা বলিউদৰ অভিনেত্ৰী আলিয়া ভাটৰ ডাঙৰ অনুৰাগী। আলিয়া ভাটৰ এখন ফটোওো প্ৰশংসা কৰিছিল।(Alia Bhatt)

থাইলেণ্ডৰ সুচাটা চুৱাংশ্ৰীয়ে ৭২ সংখ্যক মিছ ৱৰ্ল্ড খিতাপ দখল কৰি ইতিহাস ৰচনা কৰিলে। সুচাতাই কয় এই জয় কেৱল তেওঁৰ বাবেই নহয় সমগ্ৰ থাইলেণ্ডৰ বাবেও গৌৰৱৰ বিষয়। অৱশ্যে নন্দিনী গুপ্তাই সেই খিতাপ দখল কৰিলে ভাৰতৰ বাবেও গৌৰৱৰ মুহূৰ্ত হ’লহেঁতেন, কিন্তু শীৰ্ষ ১০ত স্থান লাভ কৰি ভাৰতলৈও গৌৰৱ কঢ়িয়াই আনিছে। কিন্তু বিশেষ কথাটো হ’ল ৭০ বছৰৰ পাছত থাইলেণ্ডৰ এগৰাকী ছোৱালীয়ে মিছ ৱৰ্ল্ডৰ মুকুট পিন্ধিছে।

ভাৰতৰ হায়দৰাবাদ চহৰত আয়োজন কৰা হয় এই সৌন্দৰ্য প্ৰতিযোগিতা। সমগ্ৰ বিশ্বৰ বহু সুন্দৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছিল আৰু সকলোৱে ভাৰতীয় কাপোৰ পিন্ধি ৰেম্পত খোজ কাঢ়িছিল। ভাৰতৰ অভিজ্ঞতাক ওপালে অতি বিশেষ বুলি অভিহিত কৰে। সুচাতাই ক’লে যে তাই ভাৰতীয় খাদ্য বৰ ভাল পায় আৰু শাৰী পিন্ধিবলৈ চেষ্টা কৰিছিল। ভাৰতত কটোৱা সময়খিনি সদায় মনত ৰাখিব বুলি ওপালে কয়। লগতে ওপালে কয় যে তেওঁ ভাৰতীয় ছবিৰ অনুৰাগীও।

আলিয়া ভাটৰ ‘গাংগুবাই কঠিয়াৱাড়ী’ ছবিখন তেওঁৰ বৰ ভাল লাগিছিল আৰু এই ছবিখন তেওঁ অতি প্ৰেৰণাদায়ক বুলি কৈছিল। প্ৰিয়ংকা চোপ্ৰা আৰু মনুষী চিল্লাৰক প্ৰশংসা কৰে ওপালে।

ওপাল সুচাতাই কয় যে থাইলেণ্ডৰ চলচ্চিত্ৰ উদ্যোগটোও অতি শক্তিশালী আৰু তাত থকা শিল্পী আৰু কাৰিকৰী বিদ্যাবিদসকল অতি প্ৰতিভাশালী। লগতে হিন্দী ছবি আৰু থাই নাটক দুয়োটাতে কাম কৰিবলৈ সাজু বুলিও কয় সুচাতা। ওপাল সুচাটা চুৱাংশ্ৰীৰ বয়স মাত্ৰ ২১ বছৰ।

Gaurav Gogoi: শিৱসাগৰত অসম প্ৰদেশ কংগ্ৰেছৰ নৱ-নিৰ্বাচিত সভাপতি গৌৰৱ গগৈ

Gaurav Gogoi: শিৱসাগৰত অসম প্ৰদেশ কংগ্ৰেছৰ নৱ-নিৰ্বাচিত সভাপতি গৌৰৱ গগৈ
Gaurav Gogoi: শিৱসাগৰত অসম প্ৰদেশ কংগ্ৰেছৰ নৱ-নিৰ্বাচিত সভাপতি গৌৰৱ গগৈ

শিৱসাগৰত অসম প্ৰদেশ(Gaurav Gogoi) কংগ্ৰেছৰ নৱ-নিৰ্বাচিত সভাপতি গৌৰৱ গগৈ। কালি যোৰহাট, তিতাবৰ,গেলেকী,নাজিৰাত জন সম্পৰ্ক কৰি নিশা শিৱসাগৰ চাৰ্কিট হাউচত নৈশ যাপন কৰে।

আজি পুৱা সভাপতি গৰাকীয়ে চাৰ্কিট হাউচত বয়োজেষ্ঠ লোকসকলৰ লগত মত বিনিময় কৰি তেওঁলোকৰ পৰা আগন্তুক দিনৰ পৰামৰ্শ আৰু আশীৰ্বাদ গ্ৰহণ কৰে।

চাৰ্কিট হাউচৰ পৰা পিয়লি ফুকন উদ্যানত উপস্থিত হৈ পিয়লি ফুকনৰ প্ৰতিমূৰ্তিত মাল্যাপৰ্ণ কৰে। ঐতিহাসিক শিৱ দ’লত সভাপতি গগৈ উপস্থিত হৈ বাবাৰ চৰণত সেৱা লৈ অগনন অনুৰাগীক লৈ শিৱসাগৰ নগৰ পৰিভ্ৰমণ কৰে।

আজি উপস্থিত বয়োজেষ্ঠ সকলে গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ দলে এক উপযুক্ত গতি লাভ কৰিব বুলি আশা প্ৰকাশ কৰাৰ লগতে বিৰোধী দলসমূহক একত্ৰিত কৰি আগবাঢ়ি যাব বুলি আশা প্ৰকাশ কৰে।

আনহাতে আজি গৌৰৱ গগৈৰ লগত সংগ প্ৰদান কৰে অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।শইকীয়াই বিজেপি দলৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সকলো চল-চাতুৰি ওফৰাই গৌৰৱ গগৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ পাছতে দলে এক বিৰাত উৎসাহ লাভ কৰিছে বুলি মন্তব্য কৰি কয় যে গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ দলে আগন্তুক নিৰ্বাচনত বিজেপি উৎখাত কৰিবলৈ সক্ষম হ’ব।আনহাতে তেওঁ বৰ্তমান কংগ্ৰেছ দলত কোনো বিসম্বাদ নাই বুলি উল্লেখ কৰি কয় যে ববিতা শৰ্মাই কোনো দলীয় বিসম্বাদৰ বাবে নহ’য় বৰঞ্চ ব্যক্তিগত কাৰণত দলীয় দায়িত্বৰ পৰা আঁতৰি দিছে।সেইদৰে বিৰোধী দলপতি গৰাকীয়ে বিৰোধী ঐক্যমঞ্চৰ পোষকতা কৰি কয় যে এই ঐক্যমঞ্চৰ বাবে আঞ্চলিক-জাতীয়তাবাদী দলসমূহেও এৰা-ধৰা কৰিব লাগিব।

আনহাতে বৃহৎ সংখ্যক সমৰ্থকৰ উপস্থিতিত শিৱ দ’লৰ পৰা এক শুভাযাত্ৰাত অংশ লৈ সভাপতি গগৈয়ে এক নতুন উদ্যমেৰে আগবঢ়া কংগ্ৰেছ দলক সমৰ্থন প্ৰদান কৰিবলৈ ৰাইজক আহবান কৰে।

গৌৰৱ গগৈয়ে আজি শিৱসাগৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে।তেওঁ কয় মুখ্যমন্ত্ৰী গৰাকীয়ে যদি মোক লৈ এই বহুল প্ৰচাৰ নচলালেহেতেঁন তেন্তে দলৰ কেন্দ্ৰীয় নেতৃত্বই মোক লৈ এই বিশ্বাস নকৰিলে হেতেঁন। তেওঁৰ প্ৰচাৰৰ বাবে দলে মোক যোগ্য বিবেচনা কৰি এই গধুৰ দায়িত্ব প্ৰদান কৰিছে।

আনহাতে তেওঁ কয় যে বিৰোধী ঐক্য আমি স্থায়ী কৰিব লাগিব।সকলো বিৰোধী সমিল-মিলেৰে একত্ৰিত হৈ আগন্তুক সময়ত বিজেপি দলক ৰোধ কৰিব পাৰিব বুলি তেওঁ আশাবাদী।

উল্লেখযোগ্য যে অসমত ৰাইজৰ মাজত সময় দি দলীয় সাংগঠনিক দিশত আগবাঢ়ি যাবৰ বাবে কেন্দ্ৰীয় নেতৃত্বক তেওঁ ৰাষ্ট্ৰীয় দায়িত্ব সমূহৰ পৰাও কিছু সকাহ দিবলৈ সভাপতি গৌৰৱ গগৈয়ে আহবান কৰা বুলি তেওঁ জানিব দিয়ে।

Lucky Sign on body: ভাগ্যৱান পুৰুষ-মহিলাক কেনেকৈ চিনিব ?

Lucky Sign on body: ভাগ্যৱান পুৰুষ-মহিলাক কেনেকৈ চিনিব ?
Lucky Sign on body: ভাগ্যৱান পুৰুষ-মহিলাক কেনেকৈ চিনিব ?

শৰীৰত এনে কিছুমান চিন থাকে যাৰ বাবে ব্যক্তিজন অতি ভাগ্যৱান হয়। (Lucky Sign on body) যিসকল মহিলা বা পুৰুষৰ শৰীৰত এই ভাগ্যৰ চিন থাকে, তেওঁলোক ধনী হয় আৰু লগতে অতি জনপ্ৰিয় হয়।

শৰীৰৰ বিভিন্ন অংশৰ গঠন, ৰং, চিহ্ন, তিল আদিৰ জৰিয়তে লাভ কৰা শুভ আৰু অশুভ সংকেতৰ বিষয়ে সমুদ্ৰিক শাস্ত্ৰত কৈছে। শৰীৰত থকা এই চিনবোৰৰ পৰা অনুমান কৰিব পাৰি যে ব্যক্তিজনৰ আৰ্থিক অৱস্থা, কেৰিয়াৰ, বিবাহ জীৱন, স্বাস্থ্য কেনেকুৱা হ’ব। তেওঁৰ ভাগ্যই তেওঁক সমৰ্থন কৰিব নে নকৰে-

অতিশয় শুভ ৰাশিৰ কথা ক’লে চক্ৰ, মাছ, পতাকা, শংখৰ চিন থকা লোকে বহু খ্যাতি আৰু ধন-সম্পত্তি লাভ কৰে। আনহাতে ভৰিৰ তলুৱাত পদ্ম, ৰথ, চক্ৰৰ ৰাশিয়ে ব্যক্তিজনক যথেষ্ট জনপ্ৰিয়তা প্ৰদান কৰে। এনে লোকে আধ্যাত্মিকতা, ৰাজনীতিত অতি উচ্চ পদবী লাভ কৰি সমগ্ৰ বিশ্বতে বিখ্যাত হয়।

ভাগ্যৱান পুৰুষৰ শাৰীৰিক বৈশিষ্ট্য-

সমুদ্ৰিক শাস্ত্ৰৰ মতে, এজন ব্যক্তিৰ হাতৰ তলুৱাত এটা তিল থকিলে তেওঁক ভাগ্যৱান বুলি কোৱা হয়।

বুকুখন বহল আৰু নাক দীঘল হ’ব লাগে। লগতে তৰ্জনী আঙুলিটো ডাঙৰ হ’ব লাগে।

বুকুত ডাঠ চুলি থাকিব লাগে।

ভৰিত পদুম, ৰথ বা কাঁড় আদি ৰাশি থাকিব লাগে।

হাতত ৬টা আঙুলি থাকিব লাগে।

নাভিটো গভীৰ আৰু ঘূৰণীয়া হ’ব লাগে।

ভাগ্যৱান মহিলাৰ শাৰীৰিক বৈশিষ্ট্য-

সমুদ্ৰিকা শাস্ত্ৰৰ মতে ঘূৰণীয়া মুখ, জিলিকি থকা ছাল আৰু দীঘল ডিঙিৰ মহিলাসকল অতি ভাগ্যৱান। লগতে তেওঁলোকৰ হাতৰ তলুৱা আৰু ভৰিৰ তলুৱা ৰঙা আৰু অতি কোমল।

ইয়াৰ বাহিৰেও ভৰিৰ তলুৱাত পদুম, শংখ বা চক্ৰৰ চিন থাকিব লাগে।

বহল আৰু ঘূৰণীয়া বুঢ়া আঙুলি এটা থাকিব লাগে।

কপালত ত্ৰিশূলৰ চিন থাকিব লাগে।

কপালৰ সোঁফালে তিল এটা থাকিব লাগে।

ওঁঠৰ ওপৰত এটা তিল থাকিব লাগে।

সোঁ কান্ধত তিল থাকিব লাগে।

হাতৰ তলুৱাৰ মাজত তিল এটা থাকিব লাগে।

Anna Sewa Din: আজিৰে পৰা ২০ জুনলৈ বিশেষ অন্ন সেৱা দিন

Anna Sewa Din: আজিৰে পৰা ২০ জুনলৈ বিশেষ অন্ন সেৱা দিন
Anna Sewa Din: আজিৰে পৰা ২০ জুনলৈ বিশেষ অন্ন সেৱা দিন

আজিৰেপৰা ২০ জুনলৈ বিশেষ অন্ন সেৱা দিন।(Anna Sewa Din)

একেলগে ৩ মাহৰ বিনামূলীয়া চাউল লাভ কৰিব ২ কোটি হিতাধিকাৰীয়ে।

সঠিক পৰিমাণৰ চাউল লাভ নকৰিলে 1967 টোলফ্ৰী নম্বৰত দিব পাৰিব অভিযোগ।

খাদ্য সুৰক্ষা নিশ্চিত কৰাৰ বাবে অসম চৰকাৰে পি এম জি কে এ ৱাইৰ অধীনত বিশেষ অন্ন সেৱা দিন পালন কৰিছে।

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ যোগ্য হিতাধিকাৰী পৰিয়ালসমূহে জুনৰ পৰা আগষ্ট মাহলৈকে ৩ মাহৰ বিনামূলীয়া চাউল একেলগে লাভ কৰিব।

Pijush Hazarika: গৌৰৱ গগৈক বন্ধুত্বপূৰ্ণ সুপৰামৰ্শ দিলে মন্ত্ৰী পীয়ূষ হাজৰিকাই

Pijush Hazarika: গৌৰৱ গগৈক বন্ধুত্বপূৰ্ণ সুপৰামৰ্শ দিলে মন্ত্ৰী পীয়ূষ হাজৰিকাই
Pijush Hazarika: গৌৰৱ গগৈক বন্ধুত্বপূৰ্ণ সুপৰামৰ্শ দিলে মন্ত্ৰী পীয়ূষ হাজৰিকাই

সামাজিক মাধ্যমত মন্ত্ৰী পীয়ূষ হাজৰিকাৰ এটা বিশেষ পোষ্ট। (Pijush Hazarika) পোষ্টটো কংগ্ৰেছৰ নৱ নিৰ্বাচিত সভাপতি গৌৰৱ গগৈক উদ্দেশি দিছে। গৌৰৱ গগৈক পৰামৰ্শ আগবঢ়াইছে মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে-

‘মাননীয় সাংসদ শ্ৰী গৌৰৱ গগৈ ডাঙৰীয়া,

আজি এটা বন্ধুত্বপূৰ্ণ সুপৰামৰ্শ দিব বিচাৰিছোঁ– পৰৱৰ্তী সময়ত কোনো ৰাজনৈতিক যাত্ৰাৰ সূচনা কৰিব বিচাৰিলে, যোৰহাটৰ পৰা নহয়, ধুবুৰীৰ পৰা আৰম্ভ কৰিলে অধিক ভাল ফলাফল লাভ কৰিব। আপুনি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ পিছত প্ৰথমখন সভাত মাত্ৰ ৫০০ লোকৰ উপস্থিতি দেখিবলৈ পালোঁ। মোৰ বিশ্লেষণ অনুসৰি, আগন্তুক দিনবোৰত আপোনাৰ সভাত উপস্থিত থাকিব পৰা লোকৰ আনুমানিক পৰিসংখ্যা আগবঢ়াইছোঁ, অলপ ইফাল-সিফাল হ’বও পাৰে:

যোৰহাট: ৫০০

• নগাঁও: ৫,০০০

• বৰপেটা: ১০,০০০

• ধুবুৰী: ৫০,০০০

গতিকে ভৱিষ্যতৰ ৰাজনৈতিক সভাসমূহ ধুবুৰীৰ পৰা আৰম্ভ কৰি ক্ৰমে সেই বিশেষ স্থানসমূহ সামৰি পৰিকল্পনা এটা কৰিব পাৰে। নিশ্চয় সুফল পাব বুলি আশা কৰিছোঁ। মোক ধন্যবাদ নিদিলেও হ’ব।’

Binita Chetry: ইতিহাস ৰচিলে অসম কন্যা, Britain’s Got Talent 2025ত জিলিকিল বিনীতা

Binita Chetry: ইতিহাস ৰচিলে অসম কন্যা, Britain's Got Talent 2025ত জিলিকিল বিনীতা
Binita Chetry: ইতিহাস ৰচিলে অসম কন্যা, Britain's Got Talent 2025ত জিলিকিল বিনীতা

অসমৰ কাৰ্বি আংলঙ জিলাৰ(Binita Chetry) এখন সৰু চহৰ বুকাজানৰ ৯ বছৰীয়া কণ্যা বিনিতা ছেত্ৰীয়ে ব্ৰিটেইনৰ গট টেলেণ্ট (BGT) ২০২৫ চনৰ গ্ৰেণ্ড ফিনেলত দ্বিতীয় ৰানাৰ-আপ হোৱাৰ গৌৰৱ অর্জন কৰি আন্তঃৰাষ্ট্ৰীয় পৰিসৰত ভাৰতীয় উপমহাদেশৰ প্ৰতিনিধিত্ব কৰি এক ঐতিহাসিক কৃতিত্ব অর্জন কৰিছে। ৩১ মে তাৰিখে অনুষ্ঠিত এই বিশ্ব বিখ্যাত ৰিয়েলিটী শ্ব’ৰ ফাইনেলত অংশগ্ৰহণ কৰা বিনিতা, ভাৰতৰ পৰা ফাইনেলত স্থান লাভ কৰা প্ৰথম প্ৰতিযোগী হিচাপে ইতিহাসত স্থান লাভ কৰিছে।

এই প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰে ব্ৰিটিছ যাদুকৰ হেৰী মোল্ডিং আৰু দ্বিতীয় স্থান লাভ কৰে এলইডি ডান্স গোট ‘দ্য ব্লেকআউটছ’। বিনিতাৰ নৃত্য প্ৰদৰ্শনে, বিশেষকৈ ব্যাক-ফ্লিপ আদিৰ দৰে শাৰীৰিক দুঃসাধ্য কৌশলৰে সমৃদ্ধ প্ৰতিভাই সকলোৰে মন কাঢ়ি লৈছিল। জাৰ্জ সকলেও উভতি-উভতি তালি মাৰি তেওঁৰ প্ৰশংসা কৰিছিল। বিনীতাই এক প্ৰদৰ্শনৰ পূৰ্বে তেওঁ আৱেগিক হৈ কৈছিল, “মই যদি জিকোঁ, তেন্তে গুলাপী ৰঙৰ এগৰাকী ৰাজকুমাৰীৰ ঘৰ কিনিম।”

বিনিতাৰ এই বিশ্বজনীন সফলতাৰ আঁৰত আছিল তেওঁৰ পিতৃ অমৰ ছেত্ৰীৰ কঠোৰ পৰিশ্ৰম, যিয়ে অসমত এখন ক্ষুদ্ৰ ব্ৰয়লাৰ ফাৰ্ম চলাই লগতে সামাজিক দায়িত্ব আৰু জাতিগত সজাগতাত সক্ৰিয়ভাৱে জড়িত। তেওঁ অখিল অসম গোৰ্খা ছাত্ৰ সংঠন (AAGSU)-ৰ সক্ৰিয় কাৰ্যনিৰ্বাহী সদস্য তথা জিলা সহ-সভাপতি। বিনীতা প্ৰতিভা চিনাক্ত কৰি প্ৰথমে গুৱাহাটী আৰু পাছত জয়পুৰলৈ নৃত্য শিক্ষাৰ ব্যৱস্থা কৰিছিল। জয়পুৰত বিনিতাৰ প্ৰশিক্ষণ তেওঁলোকৰ আত্মীয়া আমৃতা দেৱী আৰু প্ৰসিদ্ধ নৃত্য নিৰ্দেশক হাৰ্দিক ৰাৱতৰ তত্বাবধানত চলি আহি আছিল।

বিনিতাৰ আন্তঃৰাষ্ট্ৰীয় জনপ্ৰিয়তাই ভাৰত, নেপাল, ভূটান আৰু সমগ্ৰ এছিয়ান গোষ্ঠীত ব্যাপক উচ্ছ্বাসৰ সৃষ্টি কৰিছে। কিন্তু ফাইনেলৰ ভোটিং কেৱল ব্ৰিটেইনৰ ভিতৰত সীমাবদ্ধ থাকিলত বহুতো দৰ্শকে তেওঁক ভোট দিয়াৰ সুবিধা নাপালে।

এই সন্দৰ্ভত BGT বিনিতা ছেত্ৰী ছাপৰ্ট গ্ৰুপৰ সমন্বয়ক তথা জ্যেষ্ঠ সাংবাদিক নন্দ কিৰাতি দেৱানৰ মতে, “যদি ফাইনেলৰ বাবে ভোটিং লাইন বিশ্বজুৰি মুকলি কৰা হ’লহেঁতেন, বিশেষকৈ ভাৰত, নেপাল, ভূটান আৰু অন্যান্য এছিয়ান দেশৰ পৰা দৰ্শকে ভোট দিব পাৰিলেহেঁতেন, বিনিতা ছেত্ৰীয়ে বৃহৎ সমৰ্থন লাভ কৰিলে। তেওঁ হয়তো BGT২৫-ৰ বিজয়ীৰ উপাধি নিকটতমভাৱে স্পৰ্শ কৰিব পাৰিলেহেঁতেন।”

তেওঁৰ মতে, ফাইনেলৰ আগৰ সপ্তাহতে কেৱল ভাৰতৰ পৰা ২০,০০০-তকৈ অধিক মিছ কল আহিছিল, য’ত দৰ্শকে ভাৰতৰ পৰা কেনেদৰে ভোট দিব পাৰি সেয়া জানিবলৈ চেষ্টা কৰিছিল।

বিনিতাৰ এই সফলতাত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত ভিডিঅ’ শ্বেয়াৰ কৰি গৌৰৱ প্ৰকাশ কৰিছে। তাৰোপৰি, বিশিষ্ট উদ্যোগপতি আনন্দ মাহিন্দ্ৰাই বিনিতাক “বিশ্ব মানৰ প্ৰতিভা” আৰু “ইচ্ছাশক্তিৰে পূৰ্ণ এগৰাকী প্ৰকৃত শিল্পী” হিচাপে ভূয়সী প্ৰশংসা কৰিছে।

এটা ভিডিঅ’ত বিনিতাই বিশ্বজুৰি পৰা লাভ কৰা সহানুভূতি আৰু সমৰ্থনৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছে। তেওঁ বিশেষকৈ যুক্ত ৰাজ্য (UK)-ৰ ভোটাৰ তথা দৰ্শকসকলক নিজৰ প্ৰতি দৰ্শোৱা আশীৰ্বাদ আৰু ভালপোৱাৰ বাবে ধন্যবাদ জনাইছে। লগতে ভাৰত, নেপাল, ভূটান আৰু অন্যান্য এছিয়ান ৰাষ্ট্ৰৰ দৰ্শকৰ ভালপোৱা আৰু সমৰ্থন তেওঁক আন্তঃৰাষ্ট্ৰীয় মঞ্চত আগুৱাই নিয়া শক্তি হিচাপে বৰ্ণনা কৰিছে। তেওঁ বিশেষভাৱে ভাৰতবাসীক ধন্যবাদ জনাই দেশপ্ৰেম প্ৰকাশ কৰিছে।

তেওঁ কয়, “মই আমাৰ মুখ্যমন্ত্ৰী হিমন্ত মামাক গুৱাহাটীলৈ গৈ ব্যক্তিগতভাৱে ধন্যবাদ জনাব খুজোঁ। মোৰ সফলতাৰ পিছফালে তেওঁ যি আশীৰ্বাদ আৰু সমৰ্থন দিছিল, তাৰ বাবে মই তেওঁৰ ওচৰলৈ গৈ কৃতজ্ঞতা প্ৰকাশ কৰিব খুজোঁ। আশা কৰোঁ, এই বাৰ্তা তেওঁৰ ওচৰলৈকে উপস্থিত হ’ব আৰু মই মামাক সঁচাকৈয়ে লগ পাম।”

বিনিতাৰ এই যাত্ৰাত কাৰ্বি আংলঙ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য (CEM) ডা. তুলিৰাম ৰংহাংৰ পৰা লাভ কৰা সহায়ও স্মৰণ কৰে। গ্ৰেণ্ড ফিনেলৰ যাত্ৰাৰ বাবে KAAC-এ ₹৫ লাখ টকাৰ নগদ সহায় আগবঢ়াইছিল।

তাৰোপৰি, স্থানীয় বিধায়ক তথা অসম বিধান সভাৰ উপ-সভাপতি ডা. নুমল মমিনে যোৱা এক বছৰৰ পৰা তেওঁৰ যাত্ৰাত আগবঢ়োৱা সহানুভূতি আৰু সহায়ৰ বাবে বিনিতাই কৃতজ্ঞতা প্ৰকাশ কৰিছে।

বুকাজানৰ এখন সৰু গাঁৱৰ পৰা ব্ৰিটেইনৰ বৃহৎ মঞ্চলৈ বিনিতাৰ এই যাত্ৰা—স্বপ্ন, নিষ্ঠা, অধ্যৱসায় আৰু আত্মবিশ্বাসৰ এক উজ্জ্বল প্ৰতীক। বিনীতাই গঢ়ি তোলা এই ইতিহাসে বহুতো আগন্তুক প্ৰজন্মক প্ৰেৰণা যোগাব ।

Parameshwar Sharma: পৰমেশ্বৰ শৰ্মালৈ জীৱনজোৰা কৃতিত্বৰ বঁটা

Parameshwar Sharma: পৰমেশ্বৰ শৰ্মালৈ জীৱনজোৰা কৃতিত্বৰ বঁটা
Parameshwar Sharma: পৰমেশ্বৰ শৰ্মালৈ জীৱনজোৰা কৃতিত্বৰ বঁটা

গুৱাহাটীৰ জালুকবাৰী নিবাসী তথা ভাৰতীয় (Parameshwar Sharma) ষ্টেট বেংকৰ অৱসৰপ্ৰাপ্ত উচ্চপদস্থ বিষয়া পৰমেশ্বৰ শৰ্মাক ‘ ইণ্ডিয়ান ইন্সটিটিউট অৱ ভেলুৱাৰচ’ আৰু ৰেজিষ্টাৰড ভেল্যুৱাৰ্ছ ফাউণ্ডেছনে জীৱনজোৰা কৃতিত্বৰ বঁটা প্ৰদান কৰে। এই ক্ষেত্ৰত তেওঁ আগবঢ়োৱা সেৱাৰ বাবে প্ৰতিষ্ঠানদুটাই তেওঁক এই সন্মান আগবঢ়ায়।

যোৱা ২৫ মে’ ত পুনেত অনুষ্ঠিত সৰ্বভাৰতীয় সন্মিলনত এই বটা প্ৰদান কৰা হয়। শৰ্মাই ২৬ বছৰ ষ্টেট বেংকত সেৱা আগবঢ়োৱাৰ লগতে ভাৰত চৰকাৰৰ পঞ্জীয়নভূক্ত ‘ভেলোৱাৰ’ হিচাপে ১৮ বছৰ নিয়োজিত হৈ কৰ্মক্ষেত্ৰত দক্ষতাৰে কাম কৰি আহিছে।

তেওঁৰ এই নিষ্ঠা আৰু একাগ্ৰ সেৱাক এই বঁটাৰে স্বীকৃতি দিয়া হয়। এগৰাকী সমাজসেৱী হিচাপে শৰ্মাই বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতেও জড়িত হৈ আছে। অনাথ শিশুসকলৰ আশ্ৰয় গৃহ ‘অসম শিশু কল্যাণ সদন’ৰ তেওঁ এগৰাকী সক্ৰিয় কৰ্মী আৰু শিশুৰ বৌদ্ধিক- মানসিক বিকাশৰ অনুষ্ঠান ‘চোতালৰ পখিলা’ৰ এগৰাকী সন্মানীয় উপদেষ্টা।

Dr Dalimi Konwar: অসমীয়া লোক সংস্কৃতিৰ গৱেষক, দিহানাম আৰু বিহুৰ বিচাৰক ড° ডালিমী কোঁৱৰৰ দেহাৱসান

Dr Dalimi Konwar: অসমীয়া লোক সংস্কৃতিৰ গৱেষক, দিহানাম আৰু বিহুৰ বিচাৰক ড° ডালিমী কোঁৱৰৰ দেহাৱসান
Dr Dalimi Konwar: অসমীয়া লোক সংস্কৃতিৰ গৱেষক, দিহানাম আৰু বিহুৰ বিচাৰক ড° ডালিমী কোঁৱৰৰ দেহাৱসান

অসমীয়া লোক সংস্কৃতিৰ গৱেষক, দিহানাম আৰু বিহুৰ বিচাৰক ড০ ডালিমী কোঁৱৰ আৰু নাই।(Dr Dalimi Konwar)

নুনমাটিৰ নিজা বাসগৃহত ৩.২০ বজাত শেষ নিশ্বাস ত্যাগ।

দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ মুম্বাইৰ টাটা মেম’ৰিয়েল আৰু বি বৰুৱা কৰ্কট হাস্পতালত দীৰ্ঘদিন ধৰি চিকিৎসা গ্ৰহণ কৰি আছিল শিল্পীগৰাকীয়ে।