Home Blog Page 16

LPG: ৰাজ্যত নাটনি হোৱা নাই LPG: উৰাবাতৰি প্ৰচাৰ কৰাসকলৰ বিৰুদ্ধে লোৱা হ’ব আইনী ব্যৱস্থা

LPG: ৰাজ্যত নাটনি হোৱা নাই LPG: উৰাবাতৰি প্ৰচাৰ কৰাসকলৰ বিৰুদ্ধে লোৱা হ'ব আইনী ব্যৱস্থা
LPG: ৰাজ্যত নাটনি হোৱা নাই LPG: উৰাবাতৰি প্ৰচাৰ কৰাসকলৰ বিৰুদ্ধে লোৱা হ'ব আইনী ব্যৱস্থা

ৰাজ্যত নাটনি হোৱা নাই LPG, পেট্ৰ’ল; অন্যান্য পেট্ৰ’লিয়াম সামগ্ৰীৰ।

উৰাবাতৰি প্ৰচাৰ কৰাসকলৰ বিৰুদ্ধে লোৱা হ’ব কঠোৰ আইনী ব্যৱস্থা।

সামাজিক মাধ্যম যোগে সতৰ্কবাণী দিলে অসম আৰক্ষীয়ে।

‘এলপিজি, পে’ট্ৰল আৰু অন্যান্য পেট্ৰ’লিয়াম সামগ্ৰীৰ নাটনি হোৱা বুলি উৰাবাতৰি প্ৰচাৰ কৰিবলৈ চেষ্টা কৰা যিকোনো ব্যক্তিৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।’

‘দুষ্ট চক্ৰই বিভ্ৰান্তিৰ সৃষ্টিৰ বাবে প্ৰচাৰ কৰিবলৈ চেষ্টা কৰা এনেধৰণৰ উৰাবাতৰিক বিশ্বাস নকৰিবলৈ ৰাইজৰ প্ৰতি অনুৰোধ জনোৱা হ’ল।’

Gaurav Gogoi: হঠাৎ মিত্ৰতাৰ বিষয়ৰ পৰা অলপ সময়ৰ বাবে বিৰতি লোৱাৰ কথা ঘোষণা গৌৰৱ গগৈৰ

Gaurav Gogoi: হঠাৎ মিত্ৰতাৰ বিষয়ৰ পৰা অলপ সময়ৰ বাবে বিৰতি লোৱাৰ কথা ঘোষণা গৌৰৱ গগৈৰ
Gaurav Gogoi: হঠাৎ মিত্ৰতাৰ বিষয়ৰ পৰা অলপ সময়ৰ বাবে বিৰতি লোৱাৰ কথা ঘোষণা গৌৰৱ গগৈৰ

২০২৬ৰ (Gaurav Gogoi) বিধানসভা নিৰ্বাচনলৈ আৰু বেছি দিন নাই৷ খুব কম দিনৰ ভিতৰতে নিৰ্বাচন আয়োগে অসমৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে৷ কিন্তু এনে সময়তো সিজি অহা নাই কংগ্ৰেছ-ৰাইজৰ দলৰ মিত্ৰতাৰ চাউল৷ ইয়াৰ বিপৰীতে হঠাতে মিত্ৰতাৰ বিষয়ৰ পৰা অলপ সময়ৰ বাবে বিৰতি লোৱাৰ কথাহে ঘোষণা কৰিছে গৌৰৱ গগৈয়ে৷ ৰাইজৰ দলৰ অভিযোগ অনুসৰি কংগ্ৰেছ দলে এতিয়ালৈকে আনুষ্ঠানিকভাৱে মিত্ৰতা ভংগ কৰা নাই যদিও কাৰ্যতঃ চাৰিবাৰকৈ অনানুষ্ঠানিকভাৱে মিত্ৰতা ভংগ কৰিছে৷ সমষ্টি ভাগ-বাটোৱাৰাক লৈ আলোচনা চলি থকাৰ মাজতে বৰচলা, ডিমৌ, দিছপুৰ আৰু মাৰ্ঘেৰিটা সমষ্টিত কংগ্ৰেছ দলে একপক্ষীয়ভাৱে প্ৰাৰ্থী ঘোষণা কৰি দিয়াৰ ঘটনাই প্ৰথম আউল লগাইছিল৷ ইয়াৰ পিছতে ৰাইজৰ দলক সম্পূৰ্ণৰূপে বাদ দি কংগ্ৰেছে সংবাদ মেলযোগে আনুষ্ঠানিকভাৱে মিত্ৰজোঁট ঘোষণা কৰা কাৰ্যই দুয়োটা দলৰ মাজৰ দূৰত্ব বৃদ্ধি কৰে৷

বিশেষকৈ ৰঙানদী সমষ্টিটোক কেন্দ্ৰ কৰি দুয়োটা দলৰ মাজত ডাঙৰ বিভেদৰ সৃষ্টি হৈছে৷ ৰাইজৰ দলৰ মতে, পূৰ্বৰ আলোচনাত ৰঙানদী সমষ্টিটো তেওঁলোকক এৰি দিয়াৰ সিদ্ধান্ত হৈছিল যদিও কংগ্ৰেছে কোনো আলোচনা নকৰাকৈয়ে জয়ন্ত খাউণ্ডক দলত যোগদান কৰোৱাই সেই সমষ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে৷ কেৱল এয়াই নহয়, যোৱা ১০ মাৰ্চৰ মাজনিশা পৰ্যন্ত মিত্ৰতাৰ আলোচনা চলি থকাৰ মাজতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ফেচবুকযোগে হঠাৎ মিত্ৰতাৰ বিষয়টোৰ পৰা অলপ সময়ৰ বাবে বিৰতি লোৱা বুলি ঘোষণা কৰে৷ ৰাইজৰ দলে ইয়াক কংগ্ৰেছৰ একপক্ষীয় আৰু মিত্ৰতাবিৰোধী স্থিতি বুলি অভিহিত কৰিছে৷ ৰাইজৰ দলৰ মতে তেওঁলোকে বিজেপিবিৰোধী ভোট বিভাজন ৰোধ কৰাৰ স্বাৰ্থত ২৭খন আসনৰ পৰা নিজৰ দাবী হ্ৰাস কৰি মাত্ৰ ১৫খন আসন বিচাৰিছিল৷ কিন্তু কংগ্ৰেছে তেওঁলোকক মাত্ৰ কেইখনমান আসনহে পোনপটীয়াকৈ এৰি দি বাকী থকা সমষ্টিবোৰত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰহে প্ৰস্তাৱ দিছিল৷ ৰাইজৰ দলৰ নেতৃত্বই অভিযোগ কৰিছে যে কংগ্ৰেছৰ ভিতৰচ’ৰাৰ গোষ্ঠীগত সংঘাত আৰু বিভিন্ন নেতাৰ ব্যক্তিগত স্বাৰ্থই মিত্ৰতাৰ আলোচনাত জটিলতাৰ সৃষ্টি কৰিছে৷ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, ৰিপুণ বৰা, প্ৰদু্যৎ বৰদলৈ আৰু ৰকিবুল হুছেইনৰ দৰে জ্যেষ্ঠ নেতাই সমষ্টি এৰি দিয়াত সন্মতি দিলেও শেষমুহূৰ্তত কোনে বিধি-পথালি দিছে তাক লৈও প্ৰশ্ন উত্থাপন হৈছে৷ বৰ্তমান সময়ত নিৰ্বাচনৰ যিহেতু বেছি দিন বাকী নাই, সেয়েহে ৰাইজৰ দলে মিত্ৰতাৰ নামত কোনো ধৰণৰ বিৰতি নিবিচাৰে৷ তেওঁলোকৰ স্পষ্ট কথা যে এই গুৰুত্বপূৰ্ণ সন্ধিক্ষণত আলোচনাৰ বিৰতি নহয়, বৰঞ্চ তড়িৎ গতিত মিত্ৰতাৰ বিষয়টো ছীল-মোহৰ মাৰি চূড়ান্ত কৰিব লাগে৷ অসমৰ ৰাইজৰ স্বাৰ্থত আৰু এক শক্তিশালী বিৰোধী ঐক্য গঠনৰ বাবে কংগ্ৰেছে নিজৰ স্থিতি স্পষ্ট কৰাটো জৰুৰী বুলি ৰাইজৰ দলে কৈ আহিছে৷

সংবাদমেল পাতি কংগ্ৰেছৰ বিৰুদ্ধে সৰব ৰাইজৰ দল– কংগ্ৰেছ দলে ৰাইজৰ দলৰ সৈতে চাৰিবাৰকৈ মিত্ৰতা ভংগ কৰিছে-
সংবাদ মেল পাতি কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ পৰিল ৰাইজৰ দল৷ উল্লেখ্য, এতিয়াও ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা আনুষ্ঠানিকভাৱে চূড়ান্ত হোৱা নাই৷ ৰাইজৰ দলক একাষৰীয়া কৰি কংগ্ৰেছ দলে আন বিৰোধী দলৰ সৈতে ইতিমধ্যে মিত্ৰতা চূড়ান্ত কৰিছে ৷ সমান্তৰালকৈ কংগ্ৰেছ দলৰ নেতৃত্বৰ সৈতে ৰাইজৰ দলৰ শীৰ্ষ নেতাসকল কেইবাবাৰো মিত্ৰতা সম্পৰ্কীয় বৈঠকত বহিছে যদিও এইমুহূৰ্তলৈ চূড়ান্ত সিদ্ধান্তত উপনীত হোৱা নাই ৷ তাৰ মাজতে মিত্ৰতা সম্পৰ্কত ক্ষোভ প্ৰকাশ কৰিলে ৰাইজৰ দলে৷ কংগ্ৰেছ দলে এতিয়ালৈকে চ্ছ্ৰ বাৰকৈ ৰাইজৰ দলৰ সৈতে মিত্ৰতা ভংগ কৰিলে বুলি গুৰুতৰ অভিযোগ কৰিছে ৰাইজৰ দলে৷ বুধবাৰে গুৱাহাটীৰ মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত কংগ্ৰেছৰ বিৰুদ্ধে ৰাইজৰ দলে আন কেতবোৰ অভিযোগ উত্থাপন কৰে৷ সংবাদ মেলত ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্ক’ ডি শইকীয়াই কয়, ‘ৰাইজৰ দলৰ সৈতে সমষ্টি ভাগ-বাটোৱাৰাক লৈ আলোচনা চলি থকাৰ মাজতে চ্ছ্ৰটা সমষ্টিত- বৰছলা, ডিমৌ, দিছপুৰ আৰু মাৰ্ঘেৰিটাত কংগ্ৰেছ দলে প্ৰাৰ্থী ঘোষণা কৰে৷ মিত্ৰতাৰ আলোচনা চলি থাকোতেই ৰাইজৰ দলক বাদ দি সংবাদ মেলযোগে আনুষ্ঠানিকভাৱে কংগ্ৰেছে মিত্ৰজোঁট ঘোষণা কৰে৷’ তেওঁ কয়, ‘ৰাইজৰ দলৰ সৈতে সমষ্টি ভাগ-বাটোৱাৰাৰ আলোচনাত ৰঙানদী সমষ্টিত ৰাইজৰ দলে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি সিদ্ধান্ত হৈ গৈছিল৷ কিন্তু ৰাইজৰ দলৰ লগত কোনো আলোচনা নকৰাকৈ ৰঙানদী সমষ্টিত জয়ন্ত খাউণ্ডক যোগদান কৰোৱাই প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে৷ যোগদানৰ পিছতহে আমাক জনাই যে ৰঙানদী সমষ্টিত ৰাইজৰ দল নহয় কংগ্ৰেছেহে প্ৰতিদ্বন্দ্বিতা কৰিব৷ ১০ মাৰ্চৰ মাজনিশা পৰ্যন্ত মিত্ৰতাৰ আলোচনা চলি আছিল৷ ৰাইজৰ দলে আশা কৰিছিল পুৱা মিত্ৰতাকেন্দ্ৰিক আলোচনা সফলভাৱে পৰিসমাপ্তি ঘটিব৷ কিন্তু মিত্ৰতাৰ আলোচনা সন্দৰ্ভত কোনো যোগাযোগ নকৰাকৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ ফেচবুকযোগে একপক্ষীয়ভাৱে ঘোষণা কৰি জনায়– ৰাইজৰ দলৰ সৈতে মিত্ৰতাৰ বিষয়টোৰ পৰা অলপ সময়ৰ বাবে বিৰতি লৈছোঁ৷ পৰৱৰ্তী সময়ত এই বিষয়টো আমি পুনৰ বিবেচনা কৰিম৷’ সংবাদ মেলত ভাস্ক’ ডি শইকীয়াই লগতে কয়, ‘ৰাইজৰ দলে কংগ্ৰেছৰ সৈতে হোৱা মিত্ৰতাকেন্দ্ৰিক আলোচনাৰ কথা অসমবাসীক মুকলিকৈ জনাই আহিছোঁ৷ অসমবাসীক আমি ইতিমধ্যে ৰাইজৰ দলে যে ২৭খন আসনৰ পৰা হ্ৰাস কৰি ২০খন আৰু পৰৱৰ্তী সময়ত ১৫খন আসনহে বিচাৰিছোঁ সেই কথাও অৱগত কৰিছোঁ৷

আমি অসমবাসীক কংগ্ৰেছে যে এই ১৫খন আসনৰ পৰা আমাক আমাৰ তালিকাৰ পৰা কেৱল ৬খন আসন পোনপটীয়াকৈ আৰু আন ৬খন আসন বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ বাবে আৰু আনকেইখন আসন আমাৰ তালিকাৰ বাহিৰৰ পৰা প্ৰতিদ্বন্দ্বিতাৰ বাবে দিছে সেই কথাও অৱগত কৰিছোঁ৷ অৱশেষত মিত্ৰতাৰ স্বাৰ্থত আমাক কেৱল আৰু এখন আসন পোনপটীয়াকৈ প্ৰতিদ্বন্দ্বিতাৰ বাবে দিলেই হ’ব বুলিও কংগ্ৰেছক জনাইছিলোঁ৷’ তেওঁ লগতে কয়, ‘কংগ্ৰেছে ৰাইজৰ দলক বাদ দি সংবাদ মেলযোগে মিত্ৰজোঁট ঘোষণা কৰাৰ পিছত আচলতে কাৰ্যতঃ ৰাইজৰ দলৰ বাবে মিত্ৰতাৰ দুৱাৰ বন্ধ কৰি দিছিল৷ কিন্তু বৃহত্তৰ স্বাৰ্থৰ খাতিৰত ৰাইজৰ দলৰ উদ্যোগতহে পুনৰ মিত্ৰতাকেন্দ্ৰিক আলোচনা আৰম্ভ হৈছিল৷ ৰাইজৰ দলৰ নেতৃত্বই পোনপটীয়াকৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ লগত আলোচনাত বহিব বিচাৰিছিল৷ কিন্তু আমাক ৰিপুণ বৰাৰ লগত আলোচনাত বহিব দিয়ে৷ ফেব্ৰুৱাৰীত ৰিপুণ বৰাৰ লগত হোৱা আলোচনাত মিত্ৰতাকেন্দ্ৰিক সকলো জটিলতা আঁতৰ হৈছিল৷ সমষ্টিৰ তালিকা পৰ্যন্ত চূড়ান্ত হৈ গৈছিল৷ কিন্তু আলোচনা শেষ হোৱাৰ ২ ঘণ্টাৰ পিছতে ফোন আহে আৰু আমাক জনাই যে ৰঙানদী সমষ্টিত ৰাইজৰ দলে নহয় কংগ্ৰেছ দলেহে প্ৰতিদ্বন্দ্বিতা কৰিব৷ কেৱল আলোচনাৰ দিনা অগপ দলৰ পৰা অহা নেতা জয়ন্ত খাউণ্ডক প্ৰাৰ্থিত্ব দিবৰ বাবেই কংগ্ৰেছে পুনৰ মিত্ৰতাৰ আলোচনাত অচলাৱস্থাৰ সৃষ্টি কৰে৷’ ভাস্ক’ ডি শইকীয়াই কয়, ‘ৰঙানদী ৰাইজৰ দলক নিদিয়ে? তাৰ পিছতো ৰাইজৰ দলে আলোচনা চলাই যায়৷ ৰঙানদী সমষ্টিত ৰাইজৰ দলে পোনপটীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা আছিল৷ ৰাইজৰ দলে পোনপটীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে ৰাইজৰ দলৰ পূৰ্ণ প্ৰস্তুতি থকা সমষ্টি বিচাৰোঁ৷ কংগ্ৰেছে কিন্তু দিব নিবিচাৰে৷ তাক লৈ আলোচনা চলি থকাৰ মাজতে গৌৰৱ গগৈৰ একপক্ষীয়ভাৱে ঘোষণা মিত্ৰতাত বিৰতি৷ পুনৰ বিবেচনা কৰিব৷ কিন্তু এই মুহূৰ্তত বিৰতি সম্ভৱপৰ নে?’


বিৰোধীৰ মিত্ৰতা সন্দৰ্ভত গৌৰৱ গগৈয়ে গান্ধাৰীৰ ভূমিকা লৈছে ঃ ভূমি পূজন আৰু উদ্বোধন বিজেপিৰ নতুন কৰ্মযজ্ঞৰ নমুনা ঃ ড॰ দেৱজিৎ মহন্ত ঃঃ অখিল গগৈ আধুনিক অসমৰ বদন বৰফুকন আৰু গৌৰৱ গগৈ মোগলৰ প্ৰধান সেনাপতি ৰাম সিংহ
চবকা চাথ, চবকা বিকাশৰ মহামন্ত্ৰৰে আমাৰ চৰকাৰৰ দিনতে ভূমি পূজন, আমাৰ চৰকাৰৰ দিনতে শুভ উদ্বোধনৰ নতুন কৰ্মযজ্ঞৰ ধাৰা সৃষ্টি কৰিছে বিজেপিয়ে৷ গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ ওপৰত তৃতীয়খন দলং কুমাৰ ভাস্কৰ বৰ্মাৰ সেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৯ চনত শিলান্যাস কৰিছিল আৰু ২০২৬ চনৰ ১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিছে৷ একেদৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ স্মৃতিবিজড়িত বটদ্ৰৱা প্ৰকল্প গৃহমন্ত্ৰী অমিত শ্বাহে শিলান্যাস আৰু শুভাৰম্ভ কৰিছে৷ সংবাদ মেলযোগে এই মন্তব্য কৰে অসম প্ৰদেশ বিজেপিৰ মুখপাত্ৰ ড॰ দেৱজিৎ মহন্তই৷ কৰ্মযজ্ঞৰ নতুন নিদৰ্শন নিৰ্ধাৰিত ৩৬ মাহৰ পৰিৱৰ্তে ২৭ মাহত অসমৰ পৰিবহণ আন্তঃগাঁথনিত নৱতম গুৱাহাটী দীঘলীপুখুৰীৰ পৰা বামুণীমৈদাম সংযোজিত চ্ছ্ৰ.২ কিঃমিঃ সংযোজিত মহাৰাজ পৃথু উৰণীয়া সেতু৷ জন আশীৰ্বাদ যাত্ৰাক জন অভিশাপ যাত্ৰা বুলি অভিহিত কৰা লুৰীণজ্যোতি গগৈক কঠোৰ সমালোচনা কৰি মুখপাত্ৰ ড॰ মহন্তই কয় যে ‘কা’ আন্দোলনৰ গইনা লৈ আছুৰ ঔৰষত জন্মগ্ৰহণ কৰা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কংগ্ৰেছৰ বোকাছাত উঠি বিধায়ক হোৱাৰ দিবাস্ব›Ÿ দেখিছে৷ অসম আন্দোলনৰ ৮৬০গৰাকী শ্বহীদৰ স্মৃতিত গুৱাহাটীৰ বৰাগাঁৱত নিৰ্মিত শ্বহীদ স্মাৰকলৈ গৈ বীৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সামান্যতম জ্ঞানকণো নাই লুৰীণজ্যোতি গগৈৰ৷ ৮৬০গৰাকী শ্বহীদৰ হত্যাকাৰী দল কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক সুধিবলৈ সাহস আছেনে লুৰীণজ্যোতি গগৈৰ কিয় তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ সময়ত অচিনাকি মিঞা মুছলমানক চৰকাৰী ভূমি, জলাশয় আৰু বনাঞ্চলত বহাইছিল? বিৰোধীৰ মিঞা সন্দৰ্ভত ড॰ মহন্তই কয় যে গৌৰৱ গগৈয়ে মিত্ৰতা সন্দৰ্ভত ধৃতৰাষ্ট্ৰৰ পত্নী গান্ধাৰীৰ ভূমিকা লৈছে৷ চকু থাকিও চকুত কাপোৰ বান্ধি নেদেখাৰ ভাও জুৰিছে৷ কংগ্ৰেছৰ নিলম্বিত বিধায়ক বাঘবৰৰ শ্বেৰমান আলী আৰু গোৱালপাৰা পশ্চিমৰ বিধায়ক আব্দুল ৰছিদ মণ্ডল ৰাইজৰ দলত অন্তৰ্ভুক্ত কৰাৰ বাবে দোষ আৰোপ কৰি গৌৰৱ গগৈয়ে মিত্ৰতা কৰিব খোজা নাই৷ কংগ্ৰেছৰ দুই নিলম্বিত বিধায়কে বহু দিন পূৰ্বে ৰাইজৰ দলত যোগ দিছে, যি কথা গৌৰৱ গগৈয়ে বহু দিন পূৰ্বে অৱগত৷ ড॰ মহন্তই কয় যে যি ধিং সমষ্টিক লৈ দুয়োটা দলে মিত্ৰতাত উপনীত হ’ব পৰা নাই বুলি যি ধাৰণা দিব বিচাৰিছে সেয়া সঁচা নহয়৷

ধিং সমষ্টিত ৯১ শতাংশ ভোট সংখ্যালঘুৰ৷ য’ত কংগ্ৰেছ আৰু ৰাইজৰ দলে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিলেও বিজেপি জয়ী নহয়৷ তেওঁলোকৰ মূল সমস্যা হৈছে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ খেলপথাৰ এখনেই, দুয়োটা দলৰে বিদ্যালয় এখনেই৷ সেয়া হৈছে সংখ্যালঘু অধ্যুষিত ২২টা সমষ্টি৷ সংখ্যাগুৰুৰ মাজত দুয়োটা দলে গণভিত্তি হেৰুৱাইছে৷ ড॰ মহন্তই কটাক্ষ কৰি কয় যে অখিল গগৈ হৈছে আধুনিক অসমৰ বদন বৰফুকন আৰু গৌৰৱ গগৈ মোগলৰ প্ৰধান সেনাপতি ৰাম সিংহ৷ আসন্ন ২৬১ ৰণক্ষেত্ৰত দুয়োৰে পৰাজয় নিশ্চিত, তাৰেই প্ৰতীয়মান হৈছে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ নেতৃত্বত যোৱা ১০ দিনজোৰা ‘জন আশীৰ্বাদ যাত্ৰা’ত ১৫ লাখতকৈ অধিক লোকৰ স্বতঃস্ফূৰ্ত সঁহাৰিত৷ ড॰ মহন্তই সংবাদ মেলত কয় যে ভাৰতীয় জনতা পাৰ্টীয়ে দলৰ ঊধ্বৰ্ত গৈ স্বদেশ আৰু স্বজাতিৰ বীৰপুৰুষসকলক স্বীকৃতি দিয়াৰ ক্ষেত্ৰত কেতিয়াও কাৰ্পণ্য কৰা নাই৷ স্বাধীনতা আন্দোলনৰ অক্লান্ত যোদ্ধা, ছমাহতকৈ অধিক সময় আন্দোলনৰ বাবে কাৰাবৰণ কৰা অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰথমগৰাকী সভাপতি বাবু ছবিলাল উপাধ্যায়ক বিজেপিয়ে সন্মান প্ৰদান কৰিছে৷ বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে বিশ্বনাথ জিলাৰ বিহালীত নৱনিৰ্মিত অভিযান্ত্ৰিক মহাবিদ্যালয়ক ‘ছবিলাল উপাধ্যায় অভিযান্ত্ৰিক মহাবিদ্যালয় বিহালী, বিশ্বনাথ’ নামেৰে নামকৰণ কৰিছে৷ ২০২০ চনৰ ২১ জুনত দিছপুৰৰ আনন্দ চন্দ্ৰ আগৰৱালা উদ্যানত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বাবু ছবিলাল উপাধ্যায়ৰ জীৱন্ত আকাৰৰ প্ৰতিমূৰ্তি উন্মোচন কৰিছে৷ সেই বাবেই ভাৰতীয় জনতা পাৰ্টী সৰ্বধৰ্মী, সৰ্বস্পৰ্শী আৰু সৰ্বব্যাপী বুলি উল্লেখ কৰে মুখপাত্ৰ ড॰ দেৱজিৎ মহন্তই৷

IPL 2026: ক্ৰিকেটপ্ৰেমীৰ বাবে ভাল খবৰঃ গুৱাহাটীত IPLৰ ৩খনকৈ মেচ

IPL 2026: ক্ৰিকেটপ্ৰেমীৰ বাবে ভাল খবৰঃ গুৱাহাটীত IPLৰ ৩খনকৈ মেচ
IPL 2026: ক্ৰিকেটপ্ৰেমীৰ বাবে ভাল খবৰঃ গুৱাহাটীত IPLৰ ৩খনকৈ মেচ

ক্ৰিকেটপ্ৰেমীৰ বাবে ভাল খবৰ।(IPL 2026)

২৮ মাৰ্চৰ পৰা আৰম্ভ হ’ব IPL।

গুৱাহাটীত IPLৰ ৩খনকৈ মেচ।

৩০ মাৰ্চত চেন্নাই ছুপাৰ কিংছ VS ৰাজস্থান ৰয়েলছৰ খেল।

৭ এপ্রিলত মুম্বাই ইণ্ডিয়ানছ VS ৰাজস্থান ৰয়েলছৰ খেল।

১০ এপ্ৰিলত ৰাজস্থান ৰয়েলছ VS ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ খেল।

PM Narendra Modi: কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

PM Narendra Modi: কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
PM Narendra Modi: কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।(PM Narendra Modi)

দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

কোকৰাঝাৰ,গুৱাহাটী, বৰাকত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শিলান্যাস আৰু উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।

১,১০১ কোটি টকা ব্যয়ৰে বিটিআৰত নৰেন্দ্ৰ মোদীয়ে ভূমি পূজন কৰিব ছটা পথ আন্তঃগাঁথনি প্রকল্প।

২৫৬ কোটি টকা ব্যয়ৰে ৪খন উৰণ সেতু আৰু ২খন সেতু বাঁশবাৰী ৱেগন পি অ’ এইচ ৱৰ্কশ্বপ।

মৰিয়নিত ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে ৰাইজৰ দলৰ প্ৰাৰ্থী ড° জ্ঞানশ্ৰী বৰা

মৰিয়নিত ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে ৰাইজৰ দলৰ প্ৰাৰ্থী ড° জ্ঞানশ্ৰী বৰা
মৰিয়নিত ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে ৰাইজৰ দলৰ প্ৰাৰ্থী ড° জ্ঞানশ্ৰী বৰা

আগন্তুক ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনক লৈ মৰিয়নি সমষ্টিত ৰাজনৈতিক পৰিৱেশ ক্ৰমাৎ উত্তপ্ত হৈ উঠিছে। এইবাৰ মৰিয়নি সমষ্টিত ৰাইজৰ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব ড° জ্ঞানশ্ৰী বৰাই। তেওঁ সমষ্টিটোত প্ৰাৰ্থী হিচাপে নাম ঘোষণা কৰি ইতিমধ্যে ৰাইজৰ মাজত ব্যাপক যোগাযোগ আৰম্ভ কৰিছে।

মঙ্গলবাৰে মৰিয়নিৰ বিভিন্ন অনুষ্ঠান আৰু অঞ্চলত উপস্থিত হৈ বৰাই স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে। এই সময়ত তেওঁ কয় যে মৰিয়নিৰ উন্নয়ন আৰু সমস্যাসমূহ বিধানসভাৰ মজিয়াত দৃঢ়ভাৱে উত্থাপন কৰাটো তেওঁৰ প্ৰধান লক্ষ্য হ’ব।

তেওঁ অভিযোগ উত্থাপন কৰি কয় যে চৰকাৰী ধনৰ অপচয় কৰি বিয়া-সবাহ খাই ফুৰাৰ পৰিৱৰ্তে জনসাধাৰণৰ সমস্যাসমূহ বিধানসভাত শক্তভাৱে উত্থাপন কৰাটো এজন বিধায়কৰ দায়িত্ব। সেই দায়িত্ব পালন কৰাৰ লক্ষ্য লৈয়ে তেওঁ এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে।

ইফালে সংবাদ মাধ্যমৰ আগত বৰাই কয় যে এইবাৰ তেওঁৰ মুখ্য প্ৰতিদ্বন্দ্বী হ’ব মৰিয়নি সমষ্টিৰ বৰ্তমান বিধায়ক ৰূপজ্যোতি কুৰ্মী। লগতে তেওঁ ৰাইজক আহ্বান জনাই কয় যে বিধানসভাত সঠিকভাৱে মাত মাতিব পৰা এজন যোগ্য প্ৰাৰ্থীক ভোট দি সমষ্টিৰ উন্নয়ন নিশ্চিত কৰক।

যোৰহাটত ১,৪৮,২৮০ জন ভোটাৰে নিৰ্ণয় কৰিব গৌৰৱ গগৈৰ ভাগ্য । কোন হ’ব বিজেপিৰ প্ৰাৰ্থী ? সৰৱ আলোচনা সমষ্টিত । Gaurav Gogoi

যোৰহাটত ১,৪৮,২৮০ জন ভোটাৰে নিৰ্ণয় কৰিব গৌৰৱ গগৈৰ ভাগ্য । কোন হ'ব বিজেপিৰ প্ৰাৰ্থী ? সৰৱ আলোচনা সমষ্টিত
যোৰহাটত ১,৪৮,২৮০ জন ভোটাৰে নিৰ্ণয় কৰিব গৌৰৱ গগৈৰ ভাগ্য । কোন হ'ব বিজেপিৰ প্ৰাৰ্থী ? সৰৱ আলোচনা সমষ্টিত

Gaurav Gogoi । সমাগত বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ সময় চমু চাপি অহাৰ লগে লগে শাসক বিৰোধীয়ে আৰম্ভ কৰিছে নিৰ্বাচনী তৎপৰতা। সেই অনুসৰি আগন্তুক বিধানসভা নিৰ্বাচনৰ ক্ষেত্ৰত এক বিশেষ সমষ্টি হিছাপে বিবেচিত হৈছে যোৰহাট সমষ্টি। যোৰহাট সমষ্টিক লৈ ইতিমধ্যেই আৰম্ভ যৈছে জল্পনা কল্পনা। ইতিমধ্যেই কংগ্ৰেছ দলে যোৰহাট সমষ্টিৰ বাবে ঘোষণা কৰিছে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ নাম। গৌৰৱ গগৈৰ নাম যোৰহাট সমষ্টিৰ বাবে ঘোষণা হোৱাৰ লগে লগেই তৎপৰ হৈ পৰিছে যোৰহাট জিলা কংগ্ৰেছ কৰ্মী সকল। কিয়নো নিগত লোকসভা নিৰ্বাচনৰ ফলাফলত গৌৰৱ গগৈৰ বিশাল ব্যৱধানত জয়লাভে উৎসাহিত কৰি ৰাখিছিল যোৰহাটৰ কংগ্ৰেছ কৰ্মী সকলক। ৰাজ্যৰ গুৰুত্বপূৰ্ণ সমষ্টি হিচাপে বিবেচিত যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈৰ জয় আছিল বিধানসভা নিৰ্বাচনৰ বাবে যোৰহাট জিলা কংগ্ৰেছৰ এক বিশেষ শক্তি।

আগন্তুক বিধনসভা নিৰ্বাচনৰ বাবে যোৰহাট বিধানসভা সমিষ্টিত কংগ্ৰেছ দলে টঙালি বান্ধিছিল লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছৰ পৰাই। সেই অনুসৰি কংগ্ৰেছ দলৰ পৰা যোৰহাট বিধানসভা সমষ্টিৰ বাবে নাম উচ্চাৰিত হৈছিল দহ গৰাকী পাৰ্থিৰ নাম। যত আছিল বহু কেইগৰাকী যুৱ নেতাৰ লগতে প্ৰাক্তন পৌৰপতি তথা যোৰহাট পৌৰসভাৰ ৱাৰ্ড মেম্বাৰৰ নাম। দকলোৱে নিজকে যোৰহাট সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিবৰ বাবে আবেদন দাখিল কৰিছিল। আৰু প্ৰত্যেক গৰাকী পাৰ্থিয়ে কৈছিল যে কংগ্ৰেছ দলৰ স্বাৰ্থত দলে যাক টিকট প্ৰদান কৰে তেওঁৰ হৈ যুঁজত নামি পৰিব আৰু তেওঁলোকৰ লক্ষ যোৰহাট সমষ্টিতো পুনৰ এবাৰ কংগ্ৰেছৰ দখললৈ অনাৰ। আৰু যোৰহাট বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ নাম ঘোষণা কৰাৰ পাছত গৌৰৱ গগৈৰ হৈ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ লক্ষ আগত লৈ নামি পৰিছে কংগ্ৰেছ কৰ্মী সকল। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত যোৰহাট বিধানসভা সমষ্টিৰ পৰিসৰ যথেষ্ট সলনি হল আৰু যোৰহাটৰ বহু পঞ্চায়ত অন্তৰ্ভুক্ত হল টীয়ক সমষ্টিত। সেই অনুসৰি যোৰহাট বিধানসভা সমষ্টিৰ পৰিসৰ যথেষ্ট হ্ৰাস পালে। এক কথাত কবলৈ গলে সাংসদ গৌৰৱ গগৈয়ে আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ বাতৰি বিয়পি পৰাৰ লগে লগে কংগ্ৰেছ কৰ্মী সকল উৎসাহী যদিও বহু প্ৰাৰ্থীত্ব প্ৰত্যাসী কিন্তু এই সিদ্ধান্তক লৈ সন্তুষ্ট নহয় বুলি দলৰ ভিতৰ চৰাৰ পৰা জানিব পৰা গৈছে। কংগ্ৰেছ দলৰ একাংশই আশা কৰিছিল দলে যোৰহাট সমষ্টিৰ বাবে এক নতুন মুখ আগবঢ়াই দিব। কিন্তু সেইয়া হৈ নুঠিল। আনহাতে যোৰহাট সমষ্টিৰ স্থানীয় ৰাইজে গৌৰৱ গগৈক কংগ্ৰেছ দলে প্ৰাৰ্থীত্ব দিয়াক লৈ বিভিন্ন মত প্ৰকাশ কৰিছে। যোৰহাট সমষ্টিৰ একাংশই কয় যে, যি গৰাকী ব্যক্তি যোৰহাট সমষ্টিৰ লোকসভাৰ সংসদ হোৱাৰ পাছতো যোৰহাট বাসী ৰাইজে খুব কম সময়ৰ বাবে দেখা পালে, সেই গৰাকী ব্যক্তিক কংগ্ৰেছ দলে যোৰহাট সমষ্টিৰ পৰা প্ৰক্ষেপ কৰাৰ বিপৰীতে এজন অন্য যুৱ প্ৰজন্মৰ পাৰ্থিক প্ৰক্ষেপ কৰিব পাৰিলেহেঁতেন। আনহাতে একাংশই কয় যে কংগ্ৰেছ দলে যোৰহাট সমষ্টিৰ বাবে উচিত পাৰ্থি প্ৰক্ষেপ কৰিছে। গৌৰৱ গগৈ যোৰহাট দমষ্টিৰ বাবে যোগ্য পাৰ্থি।

আৰু গৌৰৱ গগৈয়ে যোৰহাট সমষ্টিত এক নতুন দিগন্তৰ সূচনা কৰিব। আৰু কংগ্ৰেছৰ জয় যোৰহাট সমষ্টিত নিশ্চিত। আনহাতে যোৰহাট বিধানসভা নিৰ্বাচনৰ বাবে গৌৰৱ গগৈৰ নাম প্ৰক্ষেপ হোৱাৰ পাছত উৎফুল্লিত হৈ পৰিছে যোৰহাটৰ কংগ্ৰেছৰ কৰ্মী সকল। আজি সেইবাবে এক উৎসৱ মুখৰ পৰিবেশ সৃষ্টি হয় যোৰহাট নগৰৰ মাজমজিয়াৰ কংগ্ৰেছ ভৱনত। কংগ্ৰেছ কৰ্মী সকল আজি যোৰহাট কংগ্ৰেছ ভৱনত একত্ৰিত হৈ এক উৎসৱ মুখৰ পৰিবেশ সৃষ্টি কৰাৰ লগতে সকলোৱে আদৰণি জনায় কংগ্ৰেছৰ হাই কামণ্ডৰ সিদ্ধান্তক। আজি যোৰহাট কংগ্ৰেছ ভৱনৰ সন্মুখত উপস্থিত থাকি জিলা কংগ্ৰেছৰ সভাপতি ইন্দ্ৰজিৎ পেগুৱে কয় যে গৌৰৱ গগৈ এজন নিকাভাৱ মুৰ্ত্তিৰ ব্যক্তি আৰু মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপিত প্ৰাৰ্থী জনক প্ৰথম বাৰৰ বাবে নিৰ্বাচনত জয়ী কৰোৱাৰ সুযোগ পাব যোৰহাট সমষ্টিৰ ৰাইজে | ইতিমধ্যে ৰাষ্ট্ৰীয় ৰজনীতিত নিজক সৱল ভাৱে প্ৰতিস্থা কৰিবলৈ সক্ষম হোৱা গৌৰৱ গগৈৰ জয় নিশ্চিত বুলি দাবী কৰি সমষ্টিটোত প্ৰাৰ্থীত্ব আৱেদন কৰা সকলোৱে একেলগে কাম কৰা ইতিমধ্যে আৰম্ভ কৰিছে বুলি মন্তব্য কৰে জিলা কংগ্ৰেছৰ সভাপতি জনে | কংগ্ৰেছ ভৱনত উপস্থিত থাকি পৌৰ সদস্য তথা এজন প্ৰাৰ্থীত্ব প্ৰত্যাশী প্ৰশান্ত বৰাই কয় যে যোৰহাট সমষ্টিত কংগ্ৰেছৰ জয় ইতিমধ্যে নিশ্চিত হ’ল | গৌৰৱ গগৈক লোক সভা নিৰ্বাচনত যিদৰে যোৰহাটবাসীয়ে মৰম দিলে ইয়াতকৈ অধিক মৰম এতিয়া পাব বুলি মন্তব্য কৰি বৰাই কয় যে বিৰোধীয়ে এতিয়ালৈকে প্ৰাৰ্থীত্ব প্ৰদান কাক কৰিব সেয়াই নিশ্চিত কৰিব পৰা নাই | যদি পবিত্ৰ মাৰ্ঘেৰিটাই প্ৰাৰ্থীত্ব পাই তেতিয়া গৌৰৱ গগৈৰ জয় সহজ হব বুলি দাবী কৰি বৰাই কয় যে পবিত্ৰ মাৰ্ঘেৰিটা নাম সলনি কৰি পবিত্ৰ যোৰহটীয়া কৰিব লাগিব তেতিয়া হয়তো প্ৰতিদ্বন্দীতা হব | পবিত্ৰ মাৰ্ঘেৰিটা কেতিয়াও যোৰহাটত ফেক্টৰ নহয় বুলি স্পষ্ট কৰি দিয়ে প্ৰশান্ত বৰাই |
আনহাতে যোৰহাট বাসী ৰাইজৰ বাবে এতিয়াও ৰহস্যৰ আৱৰ্তত আছে বিজেপি দলৰ যোৰহাট সমষ্টিৰ পাৰ্থিৰ নাম। এই ক্ষেত্ৰত বিজেপি দলৰ হৈ পুনৰ এবাৰ আগন্তুক বিধানসভা নিৰ্বাচনত নাম উচ্চাৰণ হৈছে যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীৰ কাম। কিন্তু বিজেপিৰ যোৰহাট সমষ্টিৰ বাবে কিছু সমীকৰণ সলনি হল ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে বিজেপি দলৰ পৰা যোৰহাটৰ বাবে এক নতুন মুখ ফিয়াৰ কথা ঘোষণা কৰাৰ লগে লগে। আৰু এই ক্ষেত্ৰত সঘন নাম উচ্চাৰণ হৈছে যুৱ নেতা সিদ্ধাঙ্কু অংকুৰ বৰুৱাৰ নাম।

অসম প্ৰদেশ বিজেপিৰ সম্পাদক হিচাপে বৰ্তমান দায়িত্বত থকা সিদ্ধাঙ্কু অংকুৰ বৰুৱা বিজেপিৰ যোৰহাট সমষ্টিৰ প্ৰাৰ্থীত্বৰ অন্যতম দাবীদাৰ। কিন্তু কংগ্ৰেছ দলৰ পৰা গৌৰৱ গগৈৰ নাম যোৰহাট সমষ্টিৰ বাৱে প্ৰক্ষেপ কৰাৰ পাছত সমীকৰণ সলনি হৈ বিজেপি দলৰ পাৰ্থি হিচাপে যোৰহাট সমষ্টিৰ পৰা নাম উচ্চাৰণ হৈছে মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটাৰ নাম। এই লৈ কিন্তু বৰ্তমানো কোনো স্পষ্ট ইংগিত দিয়া নাই বিজেপি দলে। শেহতীয়া কৈ মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটাই যোৰহাটৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰি নিজৰ এক সুদৃঢ় ভেটি নিৰ্মাণ কৰিবলৈ সক্ষম হোৱাত সঘন নাম উচ্চাৰণ হৈছে পবিত্ৰ মাৰ্ঘেৰিটাৰ। আৰু অনাগত দিনত সময়েহে কব কোন দিশে গতি কৰে যোৰহাট সমষ্টিত বিজেপি আৰু কংগ্ৰেছৰ নিৰ্বাচনী যুজঁ। উল্লেখযোগ্য যে যোৰহাট বিধান সভা সমষ্টিৰ ১০৩ টা অৱস্থানৰ ১৮২ টা মুঠ ভোটগ্রহণ কেন্দ্ৰত ৭০৮৯৭ জন পুৰুষ ভোটাৰ,৭৭৩৮২ গৰাকী মহিলা ভোটাৰ আৰু ১ জন তৃতীয় লিংগ ভোটাৰ মুঠ ১,৪৮,২৮০ জন ভোটাৰে নিৰ্ণয় কৰিব প্ৰাৰ্থীৰ ভাগ্য |

উদ্বোধন হ’ব যোৰহাটবাসীৰ বহু আকাংক্ষিত এ টি ৰোডৰ উৰণীয়া সেতু , প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামেৰে নামাকৰণৰ আহ্বান ৰাইজৰ ।Jorhat

উদ্বোধন হ’ব যোৰহাটবাসীৰ বহু আকাংক্ষিত এ টি ৰোডৰ উৰণীয়া সেতু , প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামেৰে নামাকৰণৰ আহ্বান ৰাইজৰ
উদ্বোধন হ’ব যোৰহাটবাসীৰ বহু আকাংক্ষিত এ টি ৰোডৰ উৰণীয়া সেতু , প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামেৰে নামাকৰণৰ আহ্বান ৰাইজৰ


Jorhat। যোৰহাটবাসীৰ বহুদিনৰ অপেক্ষাৰ অন্ত পেলাই বুধবাৰে উদ্বোধন হ’ব যোৰহাট নগৰৰ ব্যস্ত এ টি ৰোডৰ ওপৰেৰে নিৰ্মাণ কৰা উৰণীয়া সেতুখন। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই গুৰুত্বপূৰ্ণ প্ৰকল্পটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব । সেতুখনৰ উদ্বোধনক লৈ ইতিমধ্যে যোৰহাট নগৰত উৎসাহ-উদ্দীপনা দেখা গৈছে আৰু নগৰবাসীয়ে ইয়াক নগৰৰ উন্নয়নৰ এক নতুন অধ্যায় বুলি মন্তব্য কৰিছে | উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি যোৰহাট নগৰৰ মাজেৰ ব্যস্ত পথ হিচাপে পৰিচিত এ টি ৰোডত দৈনিক ব্যাপক যান-জঁটৰ সৃষ্টি হৈ আহিছিল। বিশেষকৈ কাৰ্যালয় আৰু স্কুল কলেজৰ সময়ত যথেষ্ট অসুবিধাৰ সন্মুখীন হব লগীয়া হৈছিল যোৰহটীয়া ৰাইজ | আনহাতে বজাৰ এলেকা বিশেষকৈ নিৰ্মল চাৰিআলি , ঠাকুৰবাৰী আদি স্থানত যানবাহনৰ অত্যধিক চাপৰ বাবে সাধাৰণ ৰাইজে বহু সমস্যাৰ সন্মুখীন হ’ব লগা হৈছিল। এই সমস্যাৰ স্থায়ী সমাধানৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে উৰণীয়া সেতু নিৰ্মাণৰ এই প্ৰকল্পটো হাতত লৈছিল।
উল্লেখযোগ্য যে এই উৰণীয়া সেতুখনৰ শিল্যান্যাস ২০২৩ চনৰ ১৯ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সম্পন্ন কৰিছিল। শিল্যান্যাসৰ প্ৰায় তিনি বছৰৰ ভিতৰতে সেতুখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাটোও স্থানীয় ৰাইজে সন্তোষজনক পদক্ষেপ হিচাপে গণ্য কৰিছে।


প্ৰায় ১.২৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই উৰণীয়া সেতুখনে যোৰহাট নগৰৰ দুটা গুৰুত্বপূৰ্ণ সংযোগস্থল—বৰুৱা চাৰিআলি আৰু ভোগদৈ দলঙৰ মাজত সংযোগ স্থাপন কৰিব। সেতুখন সম্পূৰ্ণৰূপে মুকলি হ’লে নগৰৰ মাজেৰে চলাচল কৰা যানবাহনৰ গতি অধিক সুনিয়ন্ত্রিত হ’ব আৰু এ টি ৰোডত সৃষ্ট হৈ থকা যান-জঁট যথেষ্ট পৰিমাণে হ্ৰাস পাব বুলি আশা প্ৰকাশ কৰা হৈছে।
এই বৃহৎ প্ৰকল্পটোৰ বাবে প্ৰায় ১৮৪ কোটি টকা ব্যয় ধাৰ্য কৰা হৈছিল। উন্নত প্ৰযুক্তি আৰু আধুনিক নিৰ্মাণ পদ্ধতি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা এই উৰণীয়া সেতুখনে যোৰহাট নগৰৰ যোগাযোগ ব্যৱস্থাক অধিক উন্নত কৰাৰ লগতে সামগ্ৰিক নগৰ উন্নয়নতো সহায় কৰিব বুলি ধৰা হৈছে।


ইয়াৰ মাজতে সেতুখনৰ নামাকৰণক লৈও একাংশ মহলত আলোচনা আৰম্ভ হৈছে। যোৰহাটৰ একাংশ সচেতন নাগৰিকে এই উৰণীয়া সেতুখনৰ নাম অসমৰ জনপ্ৰিয় সংগীতশিল্পী জুবিন গাৰ্গৰ নামেৰে নামাকৰণ কৰাৰ দাবী উত্থাপন কৰিছে। তেওঁলোকে কয় যে সংগীত, চলচ্চিত্ৰ আৰু সাংস্কৃতিক ক্ষেত্ৰত জুবিন গাৰ্গে অসমৰ পৰিচয় বিশ্বৰ আগত উজলাই তুলিছে, সেয়ে তেওঁৰ নামেৰে এখন গুৰুত্বপূৰ্ণ উৰণ সেতুৰ নমাকৰন হ’লে ই অসমৰ সংস্কৃতিৰ প্ৰতি এক সন্মান হ’ব। অৱশ্যে চৰকাৰীভাৱে উৰণ সেতু খন মণিৰাম দেৱান-পিয়লি বৰুৱাৰ নামেৰে নামাকৰন ইতিমধ্যে কৰা হৈছে তথাপি এই দাবীয়ে সামাজিক মাধ্যম আৰু স্থানীয় মহলত বিশেষ সঁহাৰি লাভ কৰিছে। উৰণীয়া সেতুখনৰ উদ্বোধনক লৈ যোৰহাটবাসীৰ মাজত ইতিমধ্যে আনন্দময় পৰিৱেশ সৃষ্টি হৈছে। স্থানীয় বাসিন্দাসকলৰ মতে, এই সেতুখন মুকলি হোৱাৰ পাছত যোৰহাট নগৰৰ যানবাহন চলাচল বহু পৰিমাণে সহজ হ’ব আৰু চহৰৰ উন্নয়ন প্ৰক্ৰিয়াত ই এক গুৰুত্বপূৰ্ণ মাইলষ্টোন হিচাপে পৰিগণিত হ’ব। উদ্বোধনী অনুষ্ঠানত ৰাজ্য চৰকাৰৰ কেইবাজনো মন্ত্ৰী, স্থানীয় বিধায়ক, চৰকাৰী বিষয়া আৰু বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকিব বুলি জানিব পৰা গৈছে | নগৰবাসীয়ে বহু আকাংক্ষাৰে অপেক্ষা কৰি থকা এই উৰণীয়া সেতুখনৰ উদ্বোধনে যোৰহাটৰ উন্নয়ন যাত্ৰাক অধিক গতিশীল কৰি তুলিব বুলি আশা কৰা হৈছে।

গৌৰৱ গগৈয়ে ৰঙৰ উৎসৱ হোলী পালন নকৰা বিষয়টোক লৈ ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ! ৰঙৰ উৎসৱত কিয় দেখা নগ’ল গৌৰৱ গগৈক?gaurav gogoi

গৌৰৱ গগৈয়ে ৰঙৰ উৎসৱ হোলী পালন নকৰা বিষয়টোক লৈ ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ! ৰঙৰ উৎসৱত কিয় দেখা নগ’ল গৌৰৱ গগৈক?
গৌৰৱ গগৈয়ে ৰঙৰ উৎসৱ হোলী পালন নকৰা বিষয়টোক লৈ ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ! ৰঙৰ উৎসৱত কিয় দেখা নগ’ল গৌৰৱ গগৈক?

gaurav gogoi । পৱিত্ৰ ৰমজান মাহ চলি থকা বাবেই ফল্গুৎসৱত মুখত ৰং নলগালে নেকি APCC-ৰ সভাপতি গৌৰৱ গগৈয়ে?কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে ৰঙৰ উৎসৱ হোলী পালন নকৰা বিষয়টোক লৈ ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। ৰঙৰ উৎসৱত কিয় দেখা নগ’ল গৌৰৱ গগৈক ? এই ঘটনাক লৈ বিভিন্ন মহলত এতিয়া নানা প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।

উল্লেখ্য যে, ফাগুন মাহত উদযাপন কৰা ৰঙৰ উৎসৱ হোলী অসমৰ লগতে সমগ্ৰ দেশতে উৎসাহেৰে পালন কৰা হয়। কিন্তু এইবাৰ উৎসৱৰ সময়ত গৌৰৱ গগৈক ৰাজহুৱা ভাৱে হোলী খেলাৰ দৃশ্য দেখা নোপোৱাৰ বিষয়টো সামাজিক মাধ্যম আৰু জনসাধাৰণৰ মাজত আলোচনা বিষয় হৈ পৰিছে। চন্দ্ৰপুৰৰ বাসিন্দা হৰেণ মালাকাৰে এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, “গৌৰৱ গগৈয়ে যে হোলী খেলা নাই তাত তেওঁৰ কি মনোবৃত্তি লুকাই আছে ধৰিব পৰা নাই। আমি হিন্দু মানুহ যিহেতু ৰঙৰ উৎসৱ হোলী পালন কৰিমে, গৌৰৱ গগৈয়ে হোলী পালন নকৰি কিহৰ ইংগিত দিলে সেয়া আচৰিত কথা। গৌৰৱ গগৈয়ে আচলতে হোলা পালন কৰিবই নোৱাৰে।” আন এজন স্থানীয় বাসিন্দা অজিত কলিতাইও একে ধৰণৰ মত প্ৰকাশ কৰি কয় যে, পৱিত্ৰ ৰমজান মাহ চলি থকা বাবেই ফল্গুৎসৱত মুখত ৰং নলগালে নেকি APCC-ৰ সভাপতি গৌৰৱ গগৈয়ে? ইফালে, আন একাংশও সেই মতে প্ৰকাশ কৰি কয় যে এই সময়ত পৱিত্ৰ ৰমজান মাহ চলি থকাৰ বাবে গৌৰৱ গগৈয়ে হোলী উপলক্ষে ৰাজহুৱা ভাৱে ৰং খেলাৰ পৰা আঁতৰি থাকিব পাৰে।

অসমৰ বাস্তৱিক উন্নয়নক ‘AI’ বুলি কংগ্ৰেছৰ ভুৱা প্ৰচাৰ , অসমৰ প্ৰকৃত উন্নয়নক বিশ্বাসত ল’ব পৰা নাই কংগ্ৰেছে

অসমৰ বাস্তৱিক উন্নয়নক ‘AI’ বুলি কংগ্ৰেছৰ ভুৱা প্ৰচাৰ , অসমৰ প্ৰকৃত উন্নয়নক বিশ্বাসত ল'ব পৰা নাই কংগ্ৰেছে
অসমৰ বাস্তৱিক উন্নয়নক ‘AI’ বুলি কংগ্ৰেছৰ ভুৱা প্ৰচাৰ , অসমৰ প্ৰকৃত উন্নয়নক বিশ্বাসত ল'ব পৰা নাই কংগ্ৰেছে

অসমৰ বাস্তৱিক উন্নয়নক AIৰ লগত তুলনা কংগ্ৰেছৰ। অসমৰ প্ৰকৃত উন্নয়নক বিশ্বাসত ল’ব পৰা নাই কংগ্ৰেছে। উল্লেখ্য যে, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত ৰাজহুৱা কৰা এটা ৰাজপথৰ দৃশ্যক কেন্দ্ৰ কৰি অসমৰ ৰাজনীতিত সৃষ্টি হৈছে নতুন বিতৰ্ক। ধেমাজি জিলাৰ চিছিবৰগাঁও অঞ্চলত নিৰ্মাণ কৰা এক আধুনিক পথৰ ছবি মুখ্যমন্ত্ৰী ডাঙৰীয়াই মঙলবাৰে পুৱা নিজৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ পিছতেই এই বিষয়টো ব্যাপকভাৱে চৰ্চালৈ আহে। ছবিখন প্ৰকাশ পোৱাৰ লগে লগে বহুতে পথটোৰ আধুনিক ৰূপ দেখি আচৰিত প্ৰকাশ কৰে।

কিন্তু এই ক্ষেত্ৰত ৰাজ্যৰ বিৰোধী দল অসম প্ৰদেশ কংগ্ৰেছৰ অফিচিয়েল পেজ আৰু কেইবাজনো জ্যেষ্ঠ নেতাই ছবিখনক লৈ সন্দেহ প্ৰকাশ কৰি ইয়াক কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত সৃষ্টি কৰা বুলি অভিযোগ উত্থাপন কৰে। অসম প্ৰদেশ কংগ্ৰেছৰ অফিচিয়েল সামাজিক মাধ্যম পেজত এই ছবিখনক ‘AI generated’ বুলি উল্লেখ কৰা হয়। ইয়াৰ উপৰিও কংগ্ৰেছৰ কেন্দ্ৰীয় নেতা উদয় ভানু চিব আৰু মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতা প্রশান্ত সুদামসহ কেইবাজনো নেতাই কোনো ধৰণৰ ফেক্ট চেক নকৰাকৈ এই পথটোক AIৰ সহায়ত সৃষ্টি কৰা ছবি বুলি সামাজিক মাধ্যমত মন্তব্য কৰা বুলি অভিযোগ উঠিছে। ইফালে চৰকাৰী তথ্য মতে, ধেমাজি জিলাৰ চিছিবৰগাঁও অঞ্চলত নিৰ্মাণ কৰা এই পথটো ৰাজ্যত চলি থকা অবকাঠামোগত উন্নয়নৰ এক বাস্তৱ উদাহৰণ।

ইফালে এই বিতৰ্কৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চিছিবৰগাঁও অঞ্চলৰ স্থানীয় ৰাইজে। তেওঁলোকৰ মতে, বাস্তৱত নিৰ্মাণ কৰা পথটোক লৈ ৰাজনৈতিক বিতৰ্ক সৃষ্টি কৰাটো দুখজনক। স্থানীয় বাসিন্দাসকলে কয় যে অঞ্চলটোত বহুদিনৰ পৰা উন্নতমানৰ পথৰ অভাৱ আছিল আৰু বৰ্তমান নিৰ্মাণ কৰা পথটোৱে যোগাযোগ ব্যৱস্থাত যথেষ্ট সুবিধা প্ৰদান কৰিছে। স্থানীয় ৰাইজে লগতে জনতাৰ কল্যাণৰ বাবে কৰা উন্নয়নমূলক কামক লৈ ৰাজনীতি নকৰিবলৈও বিৰোধীক সকীয়াই দিয়ে।

VOTE VIBEৰ দ্বিতীয় সমীক্ষাত, মুছলমান ভোটাৰৰ মাজত গৌৰৱ গগৈৰ জনপ্ৰিয়তা

VOTE VIBEৰ দ্বিতীয় সমীক্ষাত, মুছলমান ভোটাৰৰ মাজত গৌৰৱ গগৈৰ জনপ্ৰিয়তা
VOTE VIBEৰ দ্বিতীয় সমীক্ষাত, মুছলমান ভোটাৰৰ মাজত গৌৰৱ গগৈৰ জনপ্ৰিয়তা

VOTE VIBEৰ দ্বিতীয় সমীক্ষাত, মুছলমান ভোটাৰৰ মাজত গৌৰৱ গগৈৰ জনপ্ৰিয়তা

প্ৰায় ৬৫ শতাংশ মুছলমান লোকে মুখ্যমন্ত্ৰী হিচাপে বিচাৰে গৌৰৱ গগৈক

অসম চৰকাৰৰ কাম-কাজত সন্তুষ্ট ৫৫.৬% লোক

সমাগত ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ লগত সংহতি ৰাখি প্ৰকাশ কৰা হৈছে VOTE VIBEৰ দ্বিতীয় সমীক্ষা। এই সমীক্ষাৰ মতে, ৰাজ্যত বৰ্তমান চৰকাৰৰ কাম-কাজত সন্তুষ্টি প্ৰকাশ কৰিছে অধিকাংশ লোকে। সমীক্ষা অনুসৰি, প্ৰায় ৫৫.৬ শতাংশ লোকে পুনৰ বিজেপি চৰকাৰ গঠন হোৱাটো বিচাৰে। VOTE VIBEৰ দ্বিতীয় সমীক্ষাত মুখ্যমন্ত্ৰী পদৰ বাবে জনপ্ৰিয়তাৰ ক্ষেত্ৰত আগবাঢ়ি আছে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কিন্তু তাৰ মাজতে, মুছলমান ভোটাৰৰ মাজত এতিয়াও জনপ্ৰিয় হৈয়ে ৰৈছে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ। প্ৰায় ৬৫ শতাংশ মুছলমান ভোটাৰে মুখ্যমন্ত্ৰী ৰূপে বিচাৰে গৌৰৱ গগৈক। উল্লেখ্য যে, VOTE VIBEৰ সমীক্ষাত মুখ্যমন্ত্ৰীৰ বিতৰ্কিত ‘মিঞা’ মন্তব্যক লৈও জনমত লোৱা হয়। আৰু সেই সমীক্ষাত ৫৫.৪ শতাংশ লোকে মুখ্যমন্ত্ৰীৰ বিতৰ্কিত ‘মিঞা’ মন্তব্যৰ সমৰ্থন কৰিছে। আনহাতে ২১.৭ শতাংশ লোকে এই মন্তব্যৰ বিৰোধিতা কৰিছে আৰু ২২.৮ শতাংশ লোকে এই বিষয়ত কোনো মতামত দিয়া নাই। ইয়াৰ লগতে, লিংগ ভিত্তিক পৰিসংখ্যা অনুসৰি, ৫১ শতাংশ মহিলা আৰু ৪৩ শতাংশ পুৰুষে মুখ্যমন্ত্ৰী ৰূপে বিচাৰে হিমন্ত বিশ্ব শৰ্মাক। বয়স ভিত্তিক পৰিসংখ্যাতো মুখ্যমন্ত্ৰীৰ যথেষ্ট জনপ্ৰিয়তা দেখা গৈছে। ৫৫ বছৰৰ ঊৰ্ধ্বৰ ৬০ শতাংশ, ৩৫–৪৪ বছৰ বয়সৰ ৫৪ শতাংশ, ৪৫–৫৪ বছৰ বয়সৰ ৫১ শতাংশ আৰু ২৫–৩৪ বছৰ বয়সৰ ৪৮ শতাংশ ভোটাৰে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী ৰূপে সমৰ্থন কৰিছে। যদিও ১৮–২৪ বছৰ বয়সৰ ভোটাৰৰ মাজত এই সমৰ্থন ২৫ শতাংশ। ইফালে, জাতিগত পৰিসংখ্যাতো মুখ্যমন্ত্ৰীৰ শক্তিশালী সমৰ্থন দেখা গৈছে। SC জনগোষ্ঠীৰ ৭২ শতাংশ, OBCৰ ৭২ শতাংশ, আৰু সাধাৰণ শ্ৰেণীৰ ৭৯ শতাংশ ভোটাৰে মুখ্যমন্ত্ৰী ৰূপে বিচাৰে হিমন্ত বিশ্ব শৰ্মাক। আনহাতে ST জনগোষ্ঠীৰ ৪৯ শতাংশ আৰু মুছলমান ভোটাৰৰ ১৮ শতাংশই তেওঁক মুখ্যমন্ত্ৰী ৰূপে সমৰ্থন কৰিছে। ২০২৬ চনৰ নিৰ্বাচনৰ পূৰ্বে এই সমীক্ষাই ৰাজ্যৰ ৰাজনৈতিক পৰিস্থিতিৰ এক গুৰুত্বপূৰ্ণ ছবি দাঙি ধৰা বুলি ৰাজনৈতিক মহলে মত প্ৰকাশ কৰিছে। আনহাতে,২০.১ শতাংশ লোকে পুনৰ বিজেপি চৰকাৰ হোৱাটো নিবিচাৰে বুলি মত প্ৰকাশ পাইছে।