Home Blog Page 161

Gogamukh news: গোগামুখত কংগ্ৰেছ দলত খহনীয়াঃ পঞ্চায়তৰ দুগৰাকী প্ৰাক্তন সভানেত্ৰীসহ বহুকেইজন কংগ্ৰেছ নেতাৰ বিজেপিত যোগদান

Gogamukh news: গোগামুখত কংগ্ৰেছ দলত খহনীয়াঃ
Gogamukh news: গোগামুখত কংগ্ৰেছ দলত খহনীয়াঃ

পঞ্চায়ত নিৰ্বাচনত ধেমাজি জিলাত কংগ্ৰেছ(Gogamukh news) দলে শোচনীয় প্ৰদৰ্শন কৰাৰ পাছত দলটোৰ নেতা-কৰ্মীসকলৰ মাজত তীব্ৰ হতাশাই দেখা দিছে ৷ জিলাখনত কংগ্ৰেছ দলটোক সমুখৰ পৰা উপযুক্তভাৱে নেতৃত্ব দিব পৰা নেতা নথকাত দলটোৰ মাজত তীব্ৰ খহনীয়াৰ সৃষ্টি হোৱাৰ বিপৰীতে বিজেপি দলে অধিক আগ্ৰাহী ৰূপ ধাৰণ কৰি দলৰ ভেটি মজবুত কৰাত উঠি-পৰি লগা পৰিলক্ষিত হৈছে ৷

আজি ধেমাজি জিলাৰ গোগামুখ আবতানি লত্তাত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ উপস্থিতিত ধেমাজি জিলা কংগ্ৰেছ দলৰ মহিলা সমিতিৰ উপসভানেত্ৰী তথা প্ৰাক্তন পঞ্চায়ত সভানেত্ৰী ডালিমী বসুমতাৰী,  সম্পাদিকা  তথা প্ৰাক্তন পঞ্চায়ত সভানেত্ৰী ৰেখা দেৱী, কংগ্ৰেছ দলৰ ধেমাজি জিলা সমিতিৰ  উপ-সভাপতি গোবিন মহন্ত,  জিলা অ বি চি ৰ  সভাপতি দিগন্ত চুতীয়া, গোগামুখ  মণ্ডল কংগ্ৰেছ কমিটিৰ  সভাপতি কৃষ্ণকান্ত পাতিৰৰ লগতে জ্যেষ্ঠ কংগ্ৰেছ কৰ্মীদ্বয়  অজিত  বৰুৱা আৰু দিগন্ত  হাজৰিকা, সমাজসেৱক তুলসী শৰ্মা আৰু মঞ্জু  শৰ্মাই আজি  ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে ।

উপৰিক্ত নেতা-কৰ্মীসকলৰ কংগ্ৰেছ দল ত্যাগে কংগ্ৰেছ দলক ধেমাজি জিলাত গভীৰ সংকটলৈ ঠেলি দিয়াৰ সম্ভাৱনা আছে ৷ কিয়নো এই আটাইকেইজন নেতা-কৰ্মীয়ে কংগ্ৰেছ দলৰ গভীৰ  সংকটৰ সময়তো দলটোৰ স্থিতি মজবুত কৰি ৰাখিছিল ৷  আজিৰ  যোগদান কাৰ্যসূচীত উপস্থিত থাকে বিজেপি দলৰ পৰা নৱ নিৰ্বাচিত গোগামুখ জিলা পৰিষদৰ সদস্য জ্যোতিপ্ৰভা পেগু দলে, গোগামুখ মণ্ডল বিজেপিৰ সভাপতি দুলেন পেগু আদিয়ে ৷ 

Shravan Singh: কণমানি শ্ৰৱণক সন্মান জনালে ভাৰতীয় সেনাই, ‘অপাৰেচন সিন্দূৰ’ৰ সময়ত সেনা জোৱানক যোগান ধৰিছিল খাদ্য-পানী

Shravan Singh: পঞ্জাৱৰ কণমানি শ্ৰৱণক সন্মান জনালে ভাৰতীয় সেনাই, ‘অপাৰেচন সিন্দূৰ’ৰ সময়ত সেনা জোৱানক যোগান ধৰিছিল খাদ্য-পানী
Shravan Singh: পঞ্জাৱৰ কণমানি শ্ৰৱণক সন্মান জনালে ভাৰতীয় সেনাই, ‘অপাৰেচন সিন্দূৰ’ৰ সময়ত সেনা জোৱানক যোগান ধৰিছিল খাদ্য-পানী

পেহেলগাম কাণ্ডৰ পিছত(Shravan Singh)ভাৰতে পাকিস্তানৰ মাটিত প্ৰতিশোধ লয়৷ পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ সেই সামৰিক অভিযানৰ সময়তে পঞ্জাবৰ অমৃতসৰত ভাৰত-পাক সীমান্তত নিয়োজিত সৈন্যৰ ওচৰ পাইছিল গৈ দুখন সৰু হাত৷ জম্মু-কাশ্মীৰ, ৰাজস্থান আৰু গুজৰাটৰ লগতে পাকিস্তানে পঞ্জাবতো ড্ৰোন আৰু মিছাইল আক্ৰমণ চলাইছিল৷ ভাৰতীয় সেনায়ো প্ৰতিশোধ লৈছিল৷ পাকিস্তানৰ সৈতে সামৰিক সংঘাতত ব্যস্ত জোৱানে যাতে খাদ্য আৰু খোৱাপানী পোৱাত কোনো অসুবিধাৰ সন্মুখীন নহয়, তাৰ বাবে দহবছৰীয়া শ্ৰৱণ সিঙে সেই সকলোবোৰ বস্তু যোগান ধৰি গৈছিল৷ সেয়ে শ্ৰৱণ এতিয়া সেনাৰ দৃষ্টিত নায়ক৷ (Operation Sindoor)

সেনাই তেওঁক সন্মান জনাইছে৷ শ্ৰৱণক সেনাই প্ৰদান কৰিছে ‘যুৱতম অসামৰিক যোদ্ধা’ৰ সন্মান৷ শ্ৰৱণৰ ঘৰ পঞ্জাবৰ ফিৰোজপুৰৰ মামদোট গাঁৱত৷ শ্ৰৱণৰ পিতৃ সোণা সিঙে কয়, ‘দুয়োখন দেশৰ মাজত সামৰিক সংঘাতৰ সময়ত সীমান্তৰ কাষৰ আমাৰ ভূমিৰ পৰা জোৱানসকলে পাকিস্তানক অহৰহ আক্ৰমণ কৰিছিল৷ সৈন্যসকলক ওচৰৰ পৰা দেখি শ্ৰৱণে আপ্লুত হৈ পৰিছিল৷ শ্ৰৱণে নিজেই খোৱাপানী, খাদ্য, লাচী আজি সেনা জোৱানক যোগান ধৰিছিল৷ যাতে জোৱানসকলে কোনো ধৰণৰ কষ্টৰ সন্মুখীন নহয়৷ সৈনিকৰ সেৱা কৰি তেওঁ সন্তুষ্ট হৈ পৰাটো আমাৰ বাবে অতি ডাঙৰ কথা ৷ সোণাই লগতে কয়, ‘যেতিয়ালৈকে এই সামৰিক অভিযান চলি আছিল, যেতিয়ালৈকে সৈনিকসকল আমাৰ কাষতে আছিল, শ্ৰৱণে তেওঁলোকক খাদ্য যোগান ধৰি গৈছিল৷ তেওঁৰ সপোন এদিন তেওঁলোকৰ দৰে দেশৰ বাবে যুঁজ দিয়া৷’ আনহাতে, শ্ৰৱণে কয় যে জোৱানসকলক খাদ্য যোগান ধৰিবলৈ পাই তেওঁ অতিশয় আনন্দিত৷ তেওঁৰ ভাষাত ‘মই ডাঙৰ হৈ সৈনিক হ’ব বিচাৰো৷ দেশৰ বাবে যুঁজিব বিচাৰো৷’

Rita Choudhury: কিয় সামাজিক মাধ্যমত স্বামীৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে সাহিত্যিক ৰীতা চৌধুৰীয়ে ?

Rita Choudhury: কিয় সামাজিক মাধ্যমত স্বামীৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে সাহিত্যিক ৰীতা চৌধুৰীয়ে ?
Rita Choudhury: কিয় সামাজিক মাধ্যমত স্বামীৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে সাহিত্যিক ৰীতা চৌধুৰীয়ে ?

যশস্বী সাহিত্যিক ৰীতা চৌধুৰীয়ে সামাজিক(Rita Choudhury)মাধ্যমত স্বামী তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে। সাহিত্যিকগৰাকীয়ে সামাজিক মাধ্যমত লিখিলে-

‘পান দোকান, বাবা মাইনা আৰু আমাৰ আত্মসন্মান

দুদিনমান এটা বিশাল আৰু নিৰ্জন চৌহদত অকলে আছোঁ৷ অলপ জিৰণিৰ বাবে আৰু সন্তানসকলৰ বাবে কৈ যাব লগা কথাবোৰ ৰেকৰ্ড কৰাৰ বাবে প্ৰস্তুতি চলাবলৈ এইখিনি একান্ত সময়ৰ প্ৰয়োজন আছিল৷ সামাজিক মাধ্যমত পোষ্ট দি থাকিলেও জৰুৰী বিষয়বোৰৰ বাহিৰে একো কথালৈ মন দিয়া নাছিলোঁ৷ সেয়ে মোৰ গৃহস্থই নিজৰ সন্তানক সাঙুৰি লৈ দিয়া মন্তব্য চকুত পৰা নাছিল৷ কালি ৰাতি এজনে কথাটো জনালে আৰু মই বিচাৰি উলিয়াই বক্তব্যখিনি শুনিলোঁ৷

এই বিষয়ে তেওঁৰ লগত মই কথা পতা নাই৷ প্ৰয়োজনো অনুভৱ কৰা নাই৷

যিমান পাৰো চমুকৈ মোৰ ৰাজহুৱাভাৱে ক’বলগীয়াখানি কোৱাৰ চেষ্টা কৰিম৷

যেতিয়া এজন ৰাজনীতিকে ৰাজহুৱা ভাবে কয় যে তেওঁৰ সন্তানক এখন পান দোকানো কৰি দিয়া নাই আৰু তেওঁৰ মৃত্যু হ’লে লণ্ডন আমেৰিকাত পঢ়ি অহা সন্তান দিশাহাৰা হৈ যাব তেতিয়া সেই মন্তব্যৰ ৰাজহুৱা উত্তৰ দিয়াৰ প্ৰয়োজন আছে৷

কাৰণ তেওঁৰ সন্তান দুটাৰ এগৰাকী মাকো আছে যি টান মাটিত থিয় হৈ মূৰ তুলি জীয়াই থাকিব খোজে আৰু আছেও৷ বাবা আৰু মাইনা মোৰো সন্তান৷ বাবাৰ নাম অভিৰুক আৰু মাইনাৰ নাম কৃষ্টি৷ তেওঁলোক এতিয়া প্ৰাপ্তবয়স্ক৷ পিতৃ-মাতৃ নিৰ্ভৰ শিশু নহয়৷ তেওঁলোকৰ আত্মসন্মান আৰু নিজা জীৱনদৰ্শন আছে৷ মোৰো আছে৷

বিয়াৰ ন বছৰ পিচত মোৰ ছোৱালীজনীৰ যেতিয়া জন্ম হৈছিল তেতিয়া মোৰ এটা বেংক একাউন্ট আছিল আৰু তাত তিনি হেজাৰ টকা আছিল৷ মাতৃ হোৱাৰ পিছত মোৰ দায়িত্ব সন্তানৰ যত্ন লোৱা, সঠিক পথ দেখুওৱা আৰু নিৰাপত্তাৰ ব্যৱস্থা কৰা৷ কিন্তু এম এল এ হৈ থকা তাইৰ পিতৃয়ে যেতিয়া তাইৰ আহাৰ যোগানত গাফিলতি কৰিছিল আৰু পইচা বেংকৰ পৰা উলিয়াই কিনাৰ সময় নাছিল, আৰু যেতিয়া উপায় নাপাই দীপক বৰ্মণ নামৰ ল’ৰা এটাৰ হতুৱাই বাতৰি কাকত বেচি সেই পইচাৰে কিনি আনিব লগা হৈছিল তাৰ পিচত মই সেই দায়িত্ব নিজৰ হাতত তুলি লৈছিলোঁ৷ উপাৰ্জন কৰা প্ৰতিটো পইচা মই তেওঁলোকৰ ভৱিষ্যত আৰু বৰ্তমানক আগত ৰাখি ব্যয় কৰিছিলোঁ৷ কলম তুলি লৈছিলোঁ৷ নিজকো শক্তিশালী ৰূপত গঢ়ি তুলিছিলোঁ৷ তেওঁলোককো ক্ষমতাই দিয়া সুবিধাবোৰৰ পৰা আঁতৰাই সাধাৰণ জীৱন জীয়াই থাকিবলৈ শিকক বুলি আৰু বিশালতৰ জগতৰ লগত পৰিচয় হওক বুলি দিল্লীলৈ লৈ গৈছিলোঁ৷ লণ্ডন আমেৰিকালৈ ময়েই তেওঁলোকক পঢ়িবলৈ পঠিয়াইছিলোঁ৷ তাৰ বাবে মোৰ সমস্তখিনি উজাৰি দিছিলোঁ৷ মই ত্ৰুটি বিচ্যুতিহীন নহয়৷ কিন্তু চেষ্টা কৰোঁ৷ অভিৰুকে ক্লাছ এইটৰ পৰা বিভিন্ন ঠাইত গীটাৰ আৰু ড্ৰাম বজাই উপাৰ্জন কৰিবলৈ আৰম্ভ কৰিছিল৷ মোৰ হাতত আনি আনি দিছিল৷ এতিয়াই কৰে৷ তেনেই সাধাৰণভাবে জীয়াই থাকিবলৈ সেইখিনি যথেষ্ট৷ নিজেই পৰীক্ষা দি বিশ্বৰ পাঁচখন কলেজত মিউজিক পঢ়াৰ সুবিধা পাইছিল৷ তাৰ ভিতৰত তাৰ সপোন আছিল বষ্টনৰ বাৰ্কলি স্কুল অফ মিউজিকত পঢ়া৷ সেয়া মোৰ ক্ষমতাৰ সীমাৰ বাহিৰত আছিল৷ মই তাক কৈছিলোঁ আন কেইখন কলেজত মই তোমাক পঢ়ুৱাব পাৰিম৷ কিন্তু বাৰ্কলিত মই তোমাক মাত্ৰ দুবছৰ হে পঢ়ুৱাব পাৰিম৷ সি বহুত ভাবি চিন্তি ক’লে মোক দুবছৰ পঢ়ুৱালেও হ’ব৷ তাৰ পিচত মই নিজেই কিবা কৰি ল’ম৷ মোৰ তেতিয়ালৈ জমা হোৱা সমস্ত ধন, দেউতাকৰ একাউন্টৰ টকা আৰু খাৰঘুলিৰ ঘৰটো বন্ধকত দি এডুকেচন লোন লৈ পঢ়িবলৈ পঠিয়ালোঁ৷ পইচা দিব নোৱাৰাৰ বাবে তাৰ পঢ়া আধৰুৱা হৈ থাকিল৷ কভিদত সি উভতি আহিল৷ মই অলপ দূৰদৰ্শী আছিলোঁ আৰু এটা প্লেন বি ৰ কথা ভাবি তাৰ মিউজিছিয়ান বন্ধুবোৰৰ সহযোগত এটা ষ্টুডিঅ আৰম্ভ কৰিছিলোঁ৷ সি উভতি আহিছিল মিউজিকৰ জ্ঞান, অভিজ্ঞতা আৰু আত্মবিশ্বাস লৈ৷ কাম কৰি খায় সি৷ কৃষ্টি এগৰাকী আৰ্টিষ্ট৷ ছবি আঁকে৷ জন্মগতভাৱে নান্দনিক কামত পাৰদৰ্শী৷ তাই নাগালেণ্ডত গৈ খৃষ্টমাছৰ দোকান দিয়াৰ দৰে কামো কৰিছে৷ যদিও তাই বৰ আলসুৱা, কিন্তু প্ৰয়োজনত পাহাৰ দঙাৰো শক্তি আছে৷ জীৱনৰ সকলো প্ৰয়োজনীয় প্ৰশিক্ষণ মই তেওঁলোকক দিছোঁ৷ দুয়োজনৰে হাতৰ বিদ্যা আছে৷ চলিব পাৰিব৷ কিন্তু ক্ষমতাশালী পিতৃৰ ঘৰত ডাঙৰ হোৱা ল’ৰা-ছোৱালী দুটাই এনেকৈ কাম কৰি স্বাৱলম্বী হৈ জীয়াই থাকিব পাৰিব বুলি জানিও তুলনামূলকভাৱে সুবিধাজনক পৰিবেশৰ শৈশৱ আৰু বৰ্তমান পাৰ কৰা সন্তান দুটাৰ ভৱিষ্যতক লৈ মাতৃ হিচাপে মোৰ নিৰাপত্তাহীনতা আছে৷ সেয়েহে মই এটা publishing house খুলিছোঁ৷ মিউজিকৰ ক্ষেত্ৰখন অনিশ্চিত৷ মই মাতৃ হিচাপে নিজৰ সন্তানক আনৰ ওচৰত হাত পাতি জীয়াই থকাৰ কথা কল্পনাও কৰিব নোৱাৰো৷ মোৰ ভয়ো লাগে আৰু খুব দুখো লাগে৷ ল’ৰা-ছোৱালীদুটাক ৰাজনৈতিক আৰু প্ৰতিকুল পৰিবেশৰ মাজত মানুহ হিচাপে গঢ়ি তুলিবলৈ মই চেষ্টাৰ ত্ৰুটি কৰা নাই৷ ল’ৰাটোৱে কয় চিন্তা নকৰিবলৈ৷ কয়— মই কিবা এটা কৰিম৷ এনে এটা পৰিস্থিতিত এজন ক্ষমতাশালী দেউতাকে এখন পান দোকানো কৰি দিয়া নাই বুলি আৰু তেওঁৰ মৃত্যু হ’লে বাবা মাইনা দিশাহাৰা হৈ যাব বুলি ৰাজহুৱা ভাবে গৰ্ব কৰি কোৱাটো অত্যন্ত দূৰ্ভাগ্যজনক৷ ই আমাৰ কাৰণে অপমানজনকো৷ সন্তানৰ নিম্নতম নিৰাপত্তাৰ ব্যৱস্থা কৰাটো প্ৰতিজন পিতৃ-মাতৃৰ দায়িত্ব৷ তেওঁলোক নিজৰ ইচ্ছাত পৃথিৱীলৈ নাহে৷ এজন ক্ষমতাশালী মানুহে কৰাপছন নকৰাকৈও এইখিনি কাম আৰু ভালকৈ কৰিব পৰা সুবিধা থাকে৷ তাকে নকৰি, পান দোকানৰ উপমা টানি আনি, তেওঁৰ অবিহনে দিশাহাৰা হৈ যাব বুলি কৈ তেওঁ মাতৃ হিচাপে মোৰ যোগ্যতাকো অপমান কৰিছে৷ মোৰ দুই সন্তানক পৰমুখাপেক্ষী অসহায় শিশু হিচাপে প্ৰক্ষেপ কৰি তেওঁলোকৰ আত্মসন্মান আৰু যোগ্যতালৈকো আঙুলি টোৱাইছে৷ অতি দূৰ্ভাগ্যজনক৷ তেওঁ আমাৰ দৈনন্দিন জীৱন ভালদৰে পাৰ কৰাত যত্নপৰ নহয় বুলি কেতিয়াও ক’ব নোৱাৰোঁ৷ কিন্তু তেওঁৰ অবিহনে দিশাহাৰা হৈ যাব বুলি কোৱাটো পিতৃ হিচাপে তেওঁৰ ব্যৰ্থতা৷ এই তৰলতাৰ আৰু

ৰাজনীতিৰ মাজলৈ নিজৰেই হওক আৰু আনৰেই হওক কাৰো পত্নী সন্তানক অনাহকত টানি অনাৰ নিম্নস্তৰৰ সকলো প্ৰৱণতাৰ মই বিৰোধীতা কৰোঁ৷ মই বিচাৰোঁ সমাজত নতুনকৈ আৰম্ভ হোৱা এই ক্ষয়ংকৰী ধাৰাৰ অন্ত পৰক৷’

Himanta Biswa Sarma: আগষ্টত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব অসম ক্ৰিকেট সন্থাৰ ক্ৰিকেট একাডেমী

Himanta Biswa Sarma: আগষ্টত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব অসম ক্ৰিকেট সন্থাৰ ক্ৰিকেট একাডেমী
Himanta Biswa Sarma: আগষ্টত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব অসম ক্ৰিকেট সন্থাৰ ক্ৰিকেট একাডেমী

উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অন্তৰ্গত ফুলুং ডেকাবাৰীৰ(Himanta Biswa Sarma)২০ বিঘা ভূমিত নিৰ্মাণৰত অসম ক্ৰিকেট সন্থাৰ অত্যাধুনিক ‘ক্ৰিকেট একাডেমী’ বৰ্তমান সম্পূৰ্ণ হোৱাৰ পথত৷ এই একাডেমীখন ১৫ আগষ্টৰ ভিতৰত আনুষ্ঠানিকভাৱে মুকলি কৰিব মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ একাডেমীখনৰ নিৰ্মাণ পৰিদৰ্শন কৰি এই কথা উত্তৰ গুৱাহাটীত সদৰী কৰিলে বিচিচিআইৰ সচিব দেৱজিৎ লন শইকিয়াই৷ বৰ্তমান পূৰ্ণগতিত নিৰ্মাণৰ কাম চলি থকা এই একাডেমীত ল’ৰা-ছোৱালীৰ বাবে দুটা উন্নত মানৰ আৱাস গৃহৰ কাম চলি আছে৷

এই আৱাসগৃহসমূহো অনাগত ১০ দিনৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব৷ প্ৰতিটো আৱাসগৃহত ৬০জনকৈ ল’ৰা-ছোৱালী খেলুৱৈ থকাৰ সুবিধা থাকিব৷ এই একাডেমীত উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত সৰ্ববৃহৎ ইনড’ৰ হল নিৰ্মাণ কৰা হৈছে আৰু এই ইনড’ৰ হলত ১০খনকৈ উইকেট থাকিব বুলি বিবিচিআইৰ সচিবগৰাকীয়ে জানিবলৈ দিছে৷ আন এক বাৰ্তালাপত সচিব শইকিয়াই প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা বৰ্তমান ইংলেণ্ড ভ্ৰমণলৈ যাব লগা ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰক উচ্ছ প্ৰশংসা কৰে৷ শইকীয়াই ভাৰতীয় দলত স্থান লাভ কৰা অসমৰ ৰিয়ান পৰাগক লৈ বহুত আশাবাদী বুলি উল্লেখ কৰে৷

বিগত আইপিএলত এটা অভাৰত ছয়টা ছিক্সেৰে ৰিয়ান পৰাগে নিজৰ খেলুৱৈ সুলভ দাঙি ধৰিবলৈ সক্ষম হোৱাৰ লগতে অনাগত দিনটো খেলুৱৈগৰাকীয়ে এই ধাৰা অটুট ৰাখিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে৷ আই পি এলত ভাৰতীয় দলৰ সূৰ্যবংশীৰ ধাৰাবাহিক চমক প্ৰদৰ্শনে ভাৰতীয় ক্ৰিকেট দলৰ বাবে আন এক শুভ সংবাদ বুলি অভিহিত কৰে সচিব দেৱজিৎ লন শইকীয়াই৷

নতুন পদ্ধতিৰে ঘোষণা হ’ব Tet Cum Recruitment Testৰ ফলাফল !

নতুন পদ্ধতিৰে ঘোষণা হ'ব Tet Cum Recruitment Testৰ ফলাফল !
নতুন পদ্ধতিৰে ঘোষণা হ'ব Tet Cum Recruitment Testৰ ফলাফল !

সম্পূৰ্ণ নতুন পদ্ধতিৰে ঘোষণা হ’ব Tet Cum Recruitment Testৰ চূড়ান্ত ফলাফল।

চূড়ান্ত ফলাফল ঘোষণাৰ পূৰ্বে সম্পন্ন হ’ব নথি পৰীক্ষণ প্ৰক্ৰিয়া।


প্রথম পর্যায়ত সম্পন্ন হ’ব স্নাতকোত্তৰ শিক্ষক পদৰ প্ৰাৰ্থীৰ বাছনি প্ৰক্ৰিয়া।


এটা পদৰ বাবে কেৱল এজন প্রার্থীয়ে লাভ কৰিব বাছনি।


আজিৰে পৰা নিৰ্দিষ্ট ৱেবছাইটত উপলব্ধ হ’ব TRTৰ দ্বিতীয় প্ৰশ্নকাকতৰ নম্বৰ।


ইয়াৰ পাছতে মাণ্ডলিক পর্যায়ত সম্পন্ন হ’ব প্ৰাৰ্থীসকলৰ নথি পৰীক্ষণ প্ৰক্ৰিয়া।


ৰাজ্যৰ ৬টা মণ্ডলত সম্পন্ন হ’ব নথি পৰীক্ষণ প্রক্রিয়া।


তালিকাত ডিব্ৰুগড়, যোৰহাট, কাছাৰ, নগাঁও, কামৰূপ (মহানগৰ)বঙাইগাঁও জিলাৰ নাম অন্তর্ভুক্ত।


কেৱল অৰ্হতাসম্পন্ন প্রার্থীয়েহে সংগ্ৰহ কৰিব পাৰিব প্ৰৱেশ-পত্র।


madhyamik.assam.gov.inত উপলব্ধ হ’ব প্ৰৱেশ-পত্ৰ।


১৯ জানুৱাৰীত সম্পন্ন হ’ব লিখিত পৰীক্ষা।

নম্বৰৰ তালিকাও পাব সেই ৱেবছাইটটোত।


স্নাতকোত্তৰ শিক্ষকৰ ১,৪৮৭টা পদৰ বাবে অনুষ্ঠিত হৈছিল লিখিত পৰীক্ষা।


স্নাতক পৰ্যায়ৰ সৰ্বমুঠ শিক্ষকৰ পদ আছে ৮,২৩০টা।

Omega-3 Fatty Acids: সৌন্দৰ্য্যৰ আঁৰৰ ৰহস্য কি জানেনে ? শৰীৰৰ ৫টা লক্ষণ কেতিয়াও আওকাণ নকৰিব !

Omega-3 Fatty Acids: সৌন্দৰ্য্যৰ আঁৰৰ ৰহস্য কি জানেনে ?
Omega-3 Fatty Acids: সৌন্দৰ্য্যৰ আঁৰৰ ৰহস্য কি জানেনে ?

আমাৰ শৰীৰত ওমেগা-৩ ফেটি এচিডৰ প্ৰয়োজন হয়, কিন্তু বহুতে ওমেগা-৩ ফেটি এচিডৰ ক্ষেত্ৰত সাৱধান নহয়, এনে পৰিস্থিতিত আমি শৰীৰৰ অভাৱ চিনাক্ত কৰাটো গুৰুত্বপূৰ্ণ।(Omega-3 Fatty Acids)

আমাৰ শৰীৰৰ বাবে ওমেগা-৩ ফেটি এচিড অতি গুৰুত্বপূৰ্ণ, আমাৰ হৃদযন্ত্ৰ আৰু মগজুৰ কাৰ্য্যৰ বাবেও ইয়াক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। যদি এগৰাকী মহিলাই গৰ্ভাৱস্থাত এই পুষ্টিকৰ পদাৰ্থ খায়, তেন্তে শিশুৰ জ্ঞানমূলক বিকাশ ভাল হয়, আৰু ইয়াৰ দ্বাৰা তেওঁৰ শাৰীৰিক বিকাশত উপকাৰ হয়। এই পুষ্টিকৰ উপাদানসমূহ আমাৰ মানসিক স্বাস্থ্যৰ বাবেও ভাল বুলি বিবেচিত হয়। ভাৰতৰ বিখ্যাত পুষ্টি বিশেষজ্ঞ নিখিল ভাটছে কয় যে যদি শৰীৰত ওমেগা-৩ ফেটি এচিডৰ অভাৱ হয়, তেতিয়া বহু লক্ষণ দেখা দিবলৈ আৰম্ভ কৰে,সেয়া সময়মতে চিনাক্ত কৰাটো অতি প্ৰয়োজনীয়, নহ’লে পিছত অসুবিধাৰ কাৰণ হৈ পৰিব পাৰে।

ওমেগা-৩ ফেটি এচিডৰ অভাৱৰ লক্ষণ-


১/ হতাশা

হতাশাত ভুগি থকা লোকসকলৰ ওমেগা-৩ ফেটি এচিডৰ মাত্ৰা প্ৰায়ে কম হয়। ইয়াৰ উপৰিও দেখা গৈছে যে ওমেগা-৩ পৰিপূৰক সেৱনে মানসিক স্বাস্থ্য উন্নত কৰাত সহায় কৰিব পাৰে। গতিকে মানসিক স্বাস্থ্যৰ অভাৱৰ লগতে মেজাজৰ পৰিৱৰ্তন ওমেগা-৩ৰ অভাৱৰ লক্ষণ হ’ব পাৰে।

২) ছাল আৰু চুলিৰ সমস্যা

শৰীৰত ওমেগা-৩ৰ অভাৱে আপোনাৰ ছালত প্ৰতিফলন ঘটাব পাৰে। ইয়াৰ ফলত ছাল সংবেদনশীল আৰু শুকান হ’ব পাৰে। কিছুমান লোকৰ ছালৰ ৰঙা পৰা আৰু ব্ৰণও বৃদ্ধি পাব পাৰে। একেদৰে আপোনাৰ চুলিৰ স্বাস্থ্যও অৱনতি ঘটিব পাৰে। চুলি সৰা, পাতল হোৱা আৰু শুকান হোৱাটো ওমেগা-৩ৰ অভাৱৰ কিছুমান লক্ষণ হ’ব পাৰে।

৩/ গাঁঠিৰ বিষ

গাঁঠিৰ বিষ আৰু জঠৰতা যিকোনো ব্যক্তিৰ লগত হ’ব পাৰে। বয়স বঢ়াৰ লগে লগে এই সমস্যাবোৰৰ সন্মুখীন হোৱাৰ সম্ভাৱনা বেছি। কেইবাটাও গৱেষণাৰ পৰা দেখা গৈছে যে ওমেগা-৩ পৰিপূৰক সেৱনে গাঁঠিৰ বিষ আৰু জঠৰতা দূৰ কৰাত সহায় কৰিব পাৰে।

৪/ চকু শুকান

আপোনাৰ চকুৰ বাবেও ওমেগা-৩ গুৰুত্বপূৰ্ণ। আপোনাৰ চকুৰ আৰ্দ্ৰতা বজাই ৰখাত ইহঁতে ভূমিকা পালন কৰে। গতিকে, যদি আপুনি চকু শুকান হোৱাৰ সন্মুখীন হৈছে, তেন্তে ওমেগা-৩ৰ অভাৱেই ইয়াৰ কাৰণ হ’ব পাৰে।

৫/ ভাগৰুৱা

ভাগৰুৱা অৱস্থা সাধাৰণতে টোপনিৰ অভাৱ আৰু মানসিক চাপৰ লগত জড়িত। কিন্তু অতি কম সংখ্যক লোকেহে জানে যে ই ওমেগা-৩ৰ অভাৱৰ লক্ষণো হ’ব পাৰে। গতিকে এই পুষ্টিকৰ উপাদানটো কেতিয়াও নোহোৱা হ’বলৈ নিদিব।

ওমেগা-৩ ফেটি এচিড থকা খাদ্য-

-চিয়া গুটি


-আখৰোট


-চালমন


-ব্ৰাছেলছ স্প্ৰাউট

-চয়াবিন

-কাঠফুলা

Prime Minister Narendra Modi : বিহাৰৰ উপ মুখ্যমন্ত্ৰীৰ পুত্ৰৰ বিয়াত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Prime Minister Narendra Modi : বিহাৰৰ উপ মুখ্যমন্ত্ৰীৰ বিয়াত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
Prime Minister Narendra Modi : বিহাৰৰ উপ মুখ্যমন্ত্ৰীৰ বিয়াত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

বৃহস্পতিবাৰে সন্ধিয়া পাটনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ উপ মুখ্যমন্ত্ৰী বিজয় সিনহাৰ পুত্ৰৰ এংগেজমেণ্ট অনুষ্ঠানত উপস্থিত থাকে।(Prime Minister Narendra Modi) 

প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হৈ পৰিয়ালটোক আশীৰ্বাদ প্ৰদান কৰে, এই সময় তেওঁলোকৰ পৰিয়ালটোৰ লগতে বিজেপি নেতাসকলে “আৱেগিক আৰু গৌৰৱময় মুহূৰ্ত” বুলি অভিহিত কৰে।

বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত দলৰ নেতাসকলৰ সৈতে ৭০ মিনিটৰ বৈঠক সমাপ্ত কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজভৱনলৈ যোৱা সময়তে বিহাৰৰ উপ মুখ্যমন্ত্ৰী বিজয় সিনহাৰ পুত্ৰ গোবিন্দ ভৰদ্বাজৰ এংগেজমেণ্ট অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই সময়ত বিহাৰ চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰীসকলেও প্ৰধানমন্ত্ৰীগৰাকীক সংগ দিয়ে।


এই ভ্ৰমণৰ পিছতে ছ’চিয়েল মিডিয়াত দিয়া এটা পোষ্টত উপ মুখ্যমন্ত্ৰী সিনহাই কৃতজ্ঞতা আৰু আৱেগ প্ৰকাশ কৰি লিখিছে, “সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মৰমলগা আশীৰ্বাদ আৰু উপস্থিতি… আমাৰ সকলো কৰ্মীৰ বাবে এক অবিস্মৰণীয় মুহূৰ্ত।

Assam Weather: ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ, ৰাইজক সাৱধানতা অৱলম্বনৰ আহ্বান !

Assam Weather: ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ, ৰাইজক সাৱধানতা অৱলম্বনৰ আহ্বান !
Assam Weather: ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ, ৰাইজক সাৱধানতা অৱলম্বনৰ আহ্বান !

ৰাজ্যত বিগত কিছুদিনৰ পৰা ধাৰাসাৰ বৰষুণৰ সৃষ্টি হৈছে।(Assam Weather)

পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ কেইবাখনো জিলাত বৰষুণৰ পূর্বানুমানৰ তথ্য প্ৰকাশ কৰিছে।

বৰপেটা, বঙাইগাঁও, কাছাৰ, ধুবুৰী, গোৱালপাৰা হাইলাকান্দি, কোকৰাঝাৰ, কামৰূপ, নলবাৰী, শ্রীভূমিত অধিক বৰষুণৰ সম্ভাৱনা!

নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীৰ ঠাইবিশেষে ভূমিস্খলনৰো আশংকা।

সেয়েহে ৰাইজক সাৱধানতা অৱলম্বনৰ আহ্বান মহানগৰ প্ৰশাসনৰ।

Drona Bhuyan: পদ্মশ্ৰী দ্ৰোন ভূঞাক আয়ুস্মান গ’ল্ড কাৰ্ড প্ৰদান

Drona Bhuyan: পদ্মশ্ৰী দ্ৰোন ভূঞাক আয়ুস্মান গ'ল্ড কাৰ্ড প্ৰদান
Drona Bhuyan: পদ্মশ্ৰী দ্ৰোন ভূঞাক আয়ুস্মান গ'ল্ড কাৰ্ড প্ৰদান

দৰং জিলা আয়ুক্তৰ কাৰ্যালয়ত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা পঞ্চায়ত আৰু (Drona Bhuyan) গ্ৰামোন্নয়ন বিভাগৰ পৰ্যালোচনা সভাত পদ্মশ্ৰী দ্ৰোণ ভূঞাক ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসে আয়ুস্মান গল্ড কাৰ্ড প্ৰদান কৰে।


তেখেতে এই কাৰ্ডৰ জড়িয়তে দেশৰ প্ৰতিখন চৰকাৰী বেচৰকাৰী চিকিৎসালয়ত ৫ লাখ টকাৰ চিকিৎসা সেৱা লাভ কৰিব।

পদ্মশ্ৰী দ্ৰোণ ভূঞাক আয়ুস্মান গল্ড কাৰ্ড প্ৰদান কাৰ্যসূচীত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাস, ছিপাঝাৰৰ বিধায়ক ডঃ পৰমানন্দ ৰাজবংশী, জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতিৰ লগতে জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী উপস্থিত থাকে।

Bishwanath News: বিশ্বনাথত চাইনিং গ্ৰীণ আচিয়ানা ৱেলফেয়াৰ ফাইণ্ডেচনৰ উদ্যোগত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা

Bishwanath News: বিশ্বনাথত চাইনিং গ্ৰীণ আচিয়ানা ৱেলফেয়াৰ ফাইণ্ডেচনৰ উদ্যোগত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা
Bishwanath News: বিশ্বনাথত চাইনিং গ্ৰীণ আচিয়ানা ৱেলফেয়াৰ ফাইণ্ডেচনৰ উদ্যোগত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা

বিশ্বনাথ হাইস্কুলৰ প্ৰেক্ষাগৃহত চাইনিং গ্ৰীণ(Bishwanath News)আচিয়ানা ৱেলফেয়াৰ ফাইণ্ডেচনৰ উদ্যোগত আৰু খিৰোদা আত্ম সহায়ক গোটৰ আহ্বানত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত উৰ্ত্তীণ হোৱা কৃতি ছাত্ৰ-ছাত্ৰী সকলৰ অভিনন্দন অনুষ্ঠান আয়োজন কৰা হয়।


এই অভিনন্দন অনুষ্ঠানত চাইনিং গ্ৰীণ আচিয়ানা ৱেলফেয়াৰ ফাইণ্ডেচনৰ সঞ্চালক ড° কল্প কিশোৰ হাজৰীকা লগতে বিষয়ববীয়া আৰু খিৰোদা আত্ম সহায়ক গোটৰ বিষয়ববীয়া, বিদ্যালয়ৰ প্ৰধান শিক্ষক, সহযোগী শিক্ষক, প্ৰাক্তন শিক্ষক আদিৰ উপস্থিতিত প্ৰায় ৮০ ৰো অধিক ছাত্ৰ-ছাত্ৰীক ফুলাম গামোছা আৰু সম্বৰ্ধনা পত্ৰৰে সন্মান তথা অভিনন্দন জনোৱা হয়।

ছাত্ৰ-ছাত্ৰী সকলক শৈক্ষিক দিশত উৎসাহিত কৰাৰ মানসেৰে আয়োজন কৰা অভিনন্দন অনুষ্ঠানত ছাত্ৰী সকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে চাইনিং গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ফাউণ্ডেচনৰ সঞ্চালক ড° কল্পকিশোৰ হাজৰিকাই।