Home Blog Page 163

Dr Ajit Baruah: বিশিষ্ট সাহিত্যিক, নিৱন্ধকাৰ ডা: অজিত বৰুৱাক নাগৰিক মহীয়ান বঁটা ২০২৫ প্ৰদান

Dr Ajit Baruah
Dr Ajit Baruah

আজি গোলাঘাট নাগৰিক (Dr Ajit Baruah)মঞ্চই বিশিষ্ট সাহিত্যিক, নিৱন্ধকাৰ ডা: অজিত বৰুৱাক প্ৰদান কৰে নাগৰিক মহীয়ান বঁটা-২০২৫। এই বঁটা গ্ৰহণ কৰি ডা: অজিত বৰুৱাই কয় “এই বঁটা মোৰ পিতৃয়েহে পাব লাগিছিল”। এই বঁটা মই পিতৃৰ নামত উৎসৰ্গা কৰিলো”। স্বাধীনতা আন্দোলনৰ সেনানী বিপ্লৱী বীৰ শংকৰ চন্দ্ৰ বৰুৱাৰ সুযোগ্য পুত্ৰ ডাঃ অজিত বৰুৱাক আজি গোলাঘাট নাগৰিক মঞ্চই প্ৰদান কৰা নাগৰিক মহীয়ান বঁটা-২০২৫গ্ৰহণ কৰি তেওঁ আৱেগিক হৈ পিতৃক স্মৰণ কৰে।

তেওঁ লগতে কয় “আত্মসন্তুষ্টি সকলোৰে ভিন্ন, চিকিৎসা বৃত্তি যদিও মোৰ বাবে এক আত্মসন্তুষ্টি, তাতোকৈ গোলাঘাটৰ এজন মই দূৰন্ত প্ৰেমিক। মোডীৰ স্বচ্ছ ভাৰতৰ আগতেই মই স্বচ্ছ গোলাঘাটৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিলো। সামাজিক জীৱনেই মোৰ সাৰ্থক জীৱন।” গোলাঘাট পৌৰসভাৰ তিনিবাৰৰ পৌৰপতি তথা বিশিষ্ট সমাজ সেৱক, সাহিত্যিক আৰু বিশিষ্ট নিৱন্ধকাৰ ডা: অজিত বৰুৱাৰ মন্তব্য এয়া। ১৯৯৫ চনত জন্ম লাভ কৰা গোলাঘাট নাগৰিক মঞ্চৰ ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি পুৱা মূল পতাকা মঞ্চৰ সভাপতি ৱাজিদুৰ ৰহমানে উত্তোলন কৰাৰ লগে লগে ডবা, শঙ্খ, তালৰ শব্দ আৰু আয়তি উৰুলিত এক ওখল-মাখল পৰিৱেশত নগৰখনৰ মুঠ ৩০ গৰাকী জ্যেষ্ঠ নাগৰিকে পতাকা উত্তোলন কৰে।

এই কাৰ্যসূচীৰ পাছতে নাগৰিক মঞ্চৰ সাধাৰণ সম্পাদক ৰোহিত গগৈয়ে স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ন কৰে। ইয়াৰ পাছতে অনুষ্ঠিত বঁটা প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠানত সভাপতিত্ব কৰে গোলাঘাট নাগৰিক মঞ্চৰ সভাপতি ৱাজিদুৰ ৰহমানে। সভাৰ আদৰণি ভাষণ ৰোহিত গগৈয়ে প্ৰদান কৰাৰ পাছতে নাগৰিক মঞ্চৰ ইতিবৃত্ত সম্পৰ্কে বক্তব্য ৰাখে মঞ্চৰ কাৰ্যকৰী সভাপতি বিশ্বজিৎ শইকীয়াই। বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শিক্ষাবিদ, বিশিষ্ট বোলছবি পৰিচালক দীনেশ গগৈ, প্ৰবীণ সাংবাদিক দ্বীপেন দত্ত, বিশিষ্ট পুথি প্ৰকাশক ক্ষীৰোদ কুমাৰ গোশ্বামী আৰু গোলাঘাট উন্নয়ন প্ৰাধীকৰণৰ সভাপতি সঞ্জীৱ কুমাৰ দাস।

এই অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ অমৰেন্দ্ৰ নাথ দত্ত , বিশিষ্ট শিক্ষাবিদ ড° অপূর্ব কুমাৰ শইকীয়া আৰু বিশিষ্ট সমাজ সেৱিকা শান্তি সন্দিকৈক বিশেষভাৱে সম্বর্ধনা জ্ঞাপন কৰে । অৱশ্যে সম্বৰ্ধিত বিশিষ্ট সমাজ কর্মী শান্তি সন্দিকৈ শাৰিৰীক অসৃস্থতাৰ বাবে সভাত উপস্থিত থাকিব নোৱৰাত তেঁওৰ বাসভৱনত দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । সম্বৰ্ধিত দুয়ো গৰাকী বিশিষ্ট ব্যক্তিয়ে চমু বক্তব্য প্ৰদান কৰে । সভাৰ আৰম্ভণিতে শিক্ষয়িত্ৰী কবিতা শৰ্মাই বৰগীত পৰিৱেশনেৰে সভা শুভাৰম্ভ কৰা হয়।

Narendra Modi: ৫০ হাজাৰ ভাৰতীয় যুৱক-যুৱতীক জাপানলৈ প্ৰেৰণৰ পদক্ষেপ

৫০ হাজাৰ ভাৰতীয় যুৱক-যুৱতীক জাপানলৈ প্ৰেৰণৰ পদক্ষেপ
৫০ হাজাৰ ভাৰতীয় যুৱক-যুৱতীক জাপানলৈ প্ৰেৰণৰ পদক্ষেপ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Narendra Modi)জাপানৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰী শ্বিগেৰু ইছিবাৰ সৈতে মিয়াগি প্ৰিফেকচাৰৰ অন্তৰ্গত চেণ্ডাইলৈ যাত্ৰা কৰে। চেণ্ডাইত দুয়োগৰাকী নেতাই অৰ্ধপৰিবাহী খণ্ডৰ আগশাৰীৰ জাপানী কোম্পানী টকিঅ’ ইলেক্ট্ৰন মিয়াগি লিমিটেড (টি ই এল মিয়াগি) পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত প্ৰধানমন্ত্ৰী মোদীক বিশ্ব অৰ্ধপৰিবাহী মূল্য শৃংখলত টকিঅ’ ইলেক্ট্ৰন মিয়াগি লিমিটেডৰ ভূমিকা, ইয়াৰ উন্নত উৎপাদন ক্ষমতা তথা ভাৰতৰ সৈতে বৰ্তমান চলি থকা আৰু ভৱিষ্যতৰ বাবে পৰিকল্পনা কৰা সহযোগিতাৰ বিষয়ে অৱগত কৰা হয়।

প্ৰকল্পটো ভ্ৰমণৰ জৰিয়তে নেতাদ্বয়ে অৰ্ধপৰিবাহী যোগান শৃংখল, নিৰ্মাণ আৰু পৰীক্ষণৰ ক্ষেত্ৰত সহযোগিতা গঢ়ি তোলাৰ বাবে দুয়োখন দেশৰ মাজত থকা সুযোগসমূহৰ অন্বেষণ কৰে।প্ৰধানমন্ত্ৰী মোদীৰ এই চেণ্ডাই ভ্ৰমণে ভাৰতৰ ক্ৰমবৰ্ধমান অৰ্ধপৰিবাহী উৎপাদন পৰিৱেশ তন্ত্ৰ আৰু উন্নত অৰ্ধপৰিবাহী সঁজুলি তথা প্ৰযুক্তিৰ ক্ষেত্ৰত জাপানৰ শক্তিৰ মাজত পৰিপূৰকতাৰ দিশটোক আলোকপাত কৰিছে।

জাপান–ভাৰত অৰ্ধপৰিবাহী যোগান শৃংখল অংশীদাৰিত্বৰ সহযোগিতাৰ লগতে ভাৰত–জাপান ঔদ্যোগিক প্ৰতিযোগিতামূলক অংশীদাৰিত্ব তথা অৰ্থনৈতিক সুৰক্ষা সম্পৰ্কীয় আলোচনাৰ অধীনত চলি থকা অংশীদাৰিত্বৰ বিষয়ত দুয়োপক্ষই সংশ্লিষ্ট খণ্ডত সহযোগিতা আৰু অধিক গভীৰ কৰাৰ প্ৰতিশ্ৰুতিক পুনৰবাৰ সুদৃঢ় কৰে।প্ৰধানমন্ত্ৰী মোদী আৰু প্ৰধানমন্ত্ৰী ইছিবাৰ এই যৌথ ভ্ৰমণে ভাৰত তথা জাপানৰ শক্তিশালী, স্থিতিস্থাপক আৰু বিশ্বাসযোগ্য অৰ্ধপৰিবাহী যোগান শৃংখল গঢ়ি তোলাৰ দৃষ্টিভংগীক আলোকপাত কৰিছে।

প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী ইছিবাক এই ভ্ৰমণত সংগ দিয়াৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে আৰু কৌশলগত ক্ষেত্ৰত জাপানৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ ভাৰতৰ প্ৰস্তুতিৰ কথা পুনৰবাৰ দৃঢ়তাৰে প্ৰকাশ কৰে।প্ৰধানমন্ত্ৰী ইছিবাই চেণ্ডাইত প্ৰধানমন্ত্ৰী মোদীৰ সন্মানত দুপৰীয়াৰ ভোজৰো আয়োজন । ইয়াত মিয়াগি প্ৰিফেকচাৰৰ গৱৰ্ণৰৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।উল্লেখ্য জাপানৰ সহযোগত ভাৰতে কমেও ৫০ হাজাৰ যুৱক-যুৱতীক দক্ষতাৰে সমৃদ্ধ কৰি জাপানলৈ পঠিয়াব।

Vrindavani Vastra: অসমলৈ ওভতাই অনা হ’ব বৃন্দাবনী বস্ত্র, ক’লে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই

অসমলৈ ওভতাই অনা হ'ব বৃন্দাবনী বস্ত্র
অসমলৈ ওভতাই অনা হ'ব বৃন্দাবনী বস্ত্র

অসমলৈ ওভতাই অনা হব বৃন্দাবনী বস্ত্র। (Vrindavani Vastra) হয়, গুৰুজনাৰ অপূৰ্ব সৃষ্টি বৃন্দাবনী বস্ত্র অসমলৈ অনাৰ বাট প্ৰশস্ত হৈছে । সকলো ঠিকে থাকিলে ২০২৭ চনত ১৮ মাহৰ বাবে অসমলৈ অনা হ’ব বৃটিছ মিউজিয়ামত থকা বৃন্দাবনী বস্ত্র । এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।শনিবাৰে দিছপুৰৰ লোকসেৱা ভৱনত এখন সংবাদমেল সম্বোধন কৰি এই ভাল খবৰটো দিয়ে মুখ্যমন্ত্রীয়ে । মুখ্যমন্ত্রীয়ে কয়, “মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যি বৃন্দাবনী বস্ত্র মহাৰাজ নৰনাৰায়ণৰ অনুৰোধক্ৰমে নিৰ্মাণ কৰিছিল আৰু কালক্ৰমত সেই বৃন্দবনী বস্ত্রখন অসমৰ পৰা তিব্বেত হৈ লণ্ডন, ফ্ৰান্স আদি বিভিন্ন স্থানলৈ যায় । বৃন্দাবনী বস্ত্রখন অসমৰ মানুহে চাব পৰাৰ বাবে বহুতো প্ৰয়াস আৰু প্ৰচেষ্টা চলোৱা হৈছে ।’’‘‘বিশেষকৈ ইউৰোপৰ তিনিটা মিউজিয়ামত থকা বৃন্দাবনী বস্ত্রৰ কোনখন আচল তাক লৈয়ো বিভিন্ন সময়ত বিভিন্ন আলোচনা হৈছে । এই বিষয়ে বৃটিছ মিউজিয়ামৰ কিউৰেটৰ ৰিচাৰ্ড ব্লাটনে লিখা গ্ৰন্থত বৃন্দাবনী বস্ত্রৰ বিষয়ে বহু কথা উল্লেখ কৰিছে । তেওঁ অসমলৈয়ো আহিছিল । আজি যদি আমি বৃন্দাবনী বস্ত্রখন চাব বিচাৰো তেন্তে বৃটিছ মিউজিয়ামলৈ মেইল দি আগতিয়াকৈ এপইণ্টমেণ্ট ল’ব লাগে । তেওঁলোকে নিৰ্দিষ্ট কৰি দিয়া দিনতহে গৈ আমি চাব পাৰো । কাৰণ এতিয়া বৃটিছ মিউজিয়ামে কাপোৰখনৰ বয়স বাঢ়ি যোৱাৰ বাবে সাধাৰণ প্ৰদৰ্শন বন্ধ কৰি বিশেষভাৱে আছুতীয়াকৈ ৰাখি থৈছে । যাতে বাহিৰৰ সংস্পৰ্শলৈ নাহে ।’’ তেওঁ কয় ৷‘‘ব্ৰিটিছ মিউজিয়ামত থকা বৃন্দাবনী বস্ত্রখন মই নিজে চাইছো । আনহাতে বিধানসভাৰ অধ্যক্ষ হৈ থাকোতে ৰণজিৎ কুমাৰ দাসে ফ্ৰান্সৰ মিউজিয়ামত থকা বৃন্দাবনী বস্ত্রখন চাই আহিছিল । দুয়োখনৰ মাজত কোনখন আচল তাৰ পাৰ্থক্যটো ধৰিব নোৱাৰি । এই বিষয়ে বহুখিনি চৰ্চাৰ প্ৰয়োজন আছে ।” শৰ্মাই কয় ৷বৃন্দাবনী বস্ত্র অসমলৈ অনাৰ প্ৰয়াস সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, “বৃটিছ মিউজিয়াম আৰু ফ্ৰান্সৰ লগতে বৃন্দাবনী বস্ত্র য’তেই থকাৰ খবৰ পাইছিলো তাতেই যোগাযোগ কৰিছিলো । আমাৰ চেষ্টা আছিল যে বৃন্দাবনী বস্ত্র অসমৰ মানুহে চাব পাৰে । কাৰো সঁহাৰি পোৱা নাছিলো যদিও চেষ্টা অব্যাহত আছিল । শেহতীয়াকৈ বৃটিছ মিউজিয়ামে আমালৈ পত্র দিছে । পত্রযোগে চৰ্ত সাপেক্ষে ২০২৭ চনত অসমলৈ বৃন্দাবনী বস্ত্ৰ ১৮ মাহৰ বাবে দিবলৈ সন্মত হৈছে বৃটিছ মিউজিয়াম ।”মুখ্যমন্ত্রীয়ে লগতে কয়, “ব্ৰিটিছ মিউজিয়াম আৰু অসম চৰকাৰৰ মাজত সম্পৰ্ক স্থাপন কৰি দিয়াৰ ক্ষেত্রত পদক্ষেপ গ্ৰহণ কৰিছিল জে এছ ডব্লিউ কোম্পানীটোৱে । তেওঁলোকে আমাক কেইটামান কথা কৈছে । ডিজিটেল অভিজ্ঞতাৰ বাবে তেওঁলোকে এই বছৰে আমাক বৃন্দাবনী বস্ত্রখন দেখুৱাব বিচাৰিছে ।’’‘‘বৃন্দাবনী বস্ত্রখন বৃটিছ মিউজিয়ামৰ পৰা লাইভ চাব পৰা যাব । ডিজিটেলী আমি লাইভ চাব পাৰিম । তেওঁলোকে আমাক অসমত এটা নতুন মিউজিয়াম নিৰ্মাণ কৰাৰ কথা কৈছে । যিটো বৃটিছ মিউজিয়ামে বিচৰা ধৰণৰ মানদণ্ডৰ হ’ব লাগিব । গুৱাহাটী মিউজিয়াম আৰু কলাক্ষেত্রৰ মিউজিয়াম তেওঁলোকে চাই সেইটো পৰ্যায়ৰ নহয় বুলি কৈছে ।’’ তেওঁ কয় ৷

‘‘বৃন্দাবনী বস্ত্র ৰাখিব পৰাকৈ সেই মানদণ্ডৰ মিউজিয়াম নিৰ্মাণ কৰিলেহে ২০২৭ চনত ১৮ মাহৰ বাবে বৃন্দাবনী বস্ত্র অসমলৈ আনিব পৰা যাব । এবাৰ বৃটিছ মিউজিয়ামৰ বৃন্দাবনী বস্ত্র সফলভাৱে প্ৰদৰ্শন কৰিব পাৰিলে আন মিউজিয়ামত থকা বৃন্দাবনী বস্ত্র অসমলৈ অনাত অসুবিধা নহ’ব ।” শৰ্মাই কয় ৷

নতুন উৎকৃষ্ট মানৰ মিউজিয়াম নিৰ্মাণৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, “চি এছ আৰৰ অধীনত জে এছ ডব্লিউ কোম্পানীয়ে অসমত নিৰ্মাণ কৰিব সেই মিউজিয়াম ।

Pijush Hazarika: কিয় কংগ্ৰেছ ত্যাগ কৰিবলৈ বাধ্য হৈছিল মন্ত্ৰী পীয়ূষ হাজৰিকাই ? সামাজিক মাধ্যমত প্ৰকাশ কৰিলে প্ৰকৃত সত্য…

Pijush Hazarika
Pijush Hazarika

এটা সময়ত অসমত কংগ্ৰেছৰ প্ৰভাৱশালী (Pijush Hazarika) নেতা হিচাবে পৰিচিত মন্ত্ৰী পিযুষ হাজৰিকাৰ কিয় কংগ্ৰেছৰ প্ৰতি মোহভংগ ঘটিছিল? কিয় তেওঁ কংগ্ৰেছ ত্যাগ কৰিছিল। এই সকলো কথাৰ প্ৰকৃত কাৰণ আজি মন্ত্ৰী হাজৰিকাই সামাজিক মাধ্যমৰ এটা পোষ্টৰ জৰিয়তে ৰাইজক অৱগত কৰে। সামাজিক মাধ্যমৰ পোষ্টটোত মন্ত্ৰী পিযুষ হাজৰিকাই লিখিছে-বৰ্তমান কংগ্ৰেছ দলৰ মুধাফুটা নেতাসকলে হয়তো এটা কথা পাহৰিলে— এটা সময় আহিছিল, যেতিয়া বৰ্তমান ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সভাপতি শ্ৰী মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াই অসমলৈ আহি এজন এজনকৈ সেই সময়ৰ ৭৮ জন কংগ্ৰেছী বিধায়কৰ পৰা মুখ্যমন্ত্ৰী কোন হোৱাটো উচিত, সেই সন্দৰ্ভত মতামত গ্ৰহণ কৰিছিল। ইয়াৰে ৫৪ জন বিধায়কে ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছিল। সেই সময়ৰ মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি সমৰ্থন জনাইছিল মাত্ৰ ১২ জনে আৰু বাকীকেইগৰাকী আছিল নিৰপেক্ষ।


কিন্তু ইমানখিনি সমৰ্থন লাভ কৰাৰ পাছতো ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্যমন্ত্ৰী নাপাতিলে কংগ্ৰেছ দলে। মাথোঁ ১২ গৰাকী বিধায়কৰ সমৰ্থনত সেই সময়ৰ মুখ্যমন্ত্ৰীগৰাকীক পদত বাহাল ৰখাৰ প্ৰতিবাদস্বৰূপে আৰু কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে ৫৪ গৰাকী বিধায়কৰ সমৰ্থন থকা আমাৰ নেতা ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৰা অপমানৰ প্ৰতিবাদত আমি কংগ্ৰেছ ত্যাগ কৰিবলৈ বাধ্য হৈছিলোঁ। বৰ্তমানৰ কংগ্ৰেছৰ বিয়াগোম নেতাসকলে এয়া জনা উচিত।অৱশ্যে আজি আমি গৌৰৱেৰে কওঁ যে বাংলাদেশীক সমৰ্থন কৰা, অবৈধ অনুপ্ৰৱেশকাৰী, বেদখলকাৰীৰ প্ৰিয়ভাজন কংগ্ৰেছ দলটোৰ আমি সদস্য নহয়। নিজৰ দলৰ মাজতে গণতান্ত্ৰিক প্ৰমূল্যবোধক প্ৰতি মুহুৰ্ততে নস্যাৎ কৰি থকা, একেটা ৰাজপৰিয়ালৰ নেতৃত্বতে দশক দশক ধৰি চলি থকা কংগ্ৰেছ দলটোৱে পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক ব্যৱস্থাটোক উপহাস কৰাৰ বাহিৰে আন একোকে কৰিব নোৱাৰে!অসমৰ বৰ্তমানৰ কংগ্ৰেছী নেতাসকলক আমি সগৌৰৱেৰে জনাওঁ যে বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী হিচাপে ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষাৰ হকে আমি অহৰহ কাম কৰি আছোঁ, কৰি যাম।

PM Modi meet Xi Jinping: সাত বছৰৰ মূৰত চীনত উপস্থিত প্ৰধানমন্ত্ৰী মোদীঃ আজি চীনৰ ৰাষ্ট্ৰপতি জিনপিঙৰে আলোচনাৰ

আজি চীনৰ ৰাষ্ট্ৰপতি জিনপিঙৰে আলোচনাৰ
আজি চীনৰ ৰাষ্ট্ৰপতি জিনপিঙৰে আলোচনাৰ

এবছৰ নহয়, দুবছৰ নহয়, সুদীৰ্ঘ (PM Modi meet Xi Jinping) সাত বছৰৰ পিছত ৰঙাচীনৰ মাটিত ভৰি দিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৭ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে এছচিঅ’ শীৰ্ষ সন্মিলনৰ বাবে চীনত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী। দুদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে চীনত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। জাপানৰ পৰা তেওঁ পোনে পোনে চীন অভিমুখে যাত্ৰা কৰিছিল। ৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰত টিয়ানজিনত অনুষ্ঠিত হ’বলগীয়া চাংহাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে চীনলৈ যোৱা মোদীৰ এই ভ্ৰমণ উল্লেখযোগ্য কূটনৈতিক পৰিৱৰ্তন হিচাবে বিবেচিত হৈছে।

এছ চি অ’ শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীয়ে ১০ জনীয়া ব্লকৰ নেতাসকলৰ সৈতে যোগদান কৰিব, য’ত আঞ্চলিক নিৰাপত্তা আৰু সহযোগিতাৰ ওপৰত গুৰুত্ব দিয়া হ’ব।ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে মোডীৰ চীন ভ্ৰমণৰ সময় উল্লেখযোগ্য। ট্ৰাম্প প্ৰশাসনে ভাৰতীয় ৰপ্তানিৰ ওপৰত তীব্ৰ শুল্ক আৰোপ কৰাৰ পিছত নতুন দিল্লী আৰু ৱাশ্বিংটনৰ মাজত ঘৰ্ষণ ক্ৰমাৎ বৃদ্ধি পাইছে। কিন্তু আমেৰিকাৰ সৈতে সম্পৰ্ক কৌশলগতভাৱে গুৰুত্বপূৰ্ণ হৈ থকাৰ সময়তে ভাৰতে নিজৰ কূটনৈতিক আৰু অৰ্থনৈতিক বিকল্পসমূহৰ বৈচিত্ৰ্যতা বৃদ্ধিৰ বাবে বেইজিঙৰ সৈতে সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিছে।মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে চীনৰ ৰাষ্ট্ৰপতি জিনপিং, ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনকে ধৰি অন্যান্য নেতাসকলকো সাক্ষাৎ কৰিব। কাইলৈ জিনপিঙৰ সৈতে মোদীৰ বৈঠক হোৱাৰ সম্ভাৱনা আছে। এইবাৰ কূটনৈতিক দৃষ্টিকোণৰ পৰা এই সন্মিলন গুৰুত্বপূৰ্ণ। প্ৰায় ৭ বছৰৰ মূৰত চীনত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী।চীনত উপস্থিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে ছ’চিয়েল মিডিয়া পোষ্ট এক্সত এই তথ্য প্ৰদান কৰিছে।তেওঁ কৈছে, “মই টিয়ানজিনত উপস্থিত হৈছো। চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত বিভিন্ন দেশৰ নেতাসকলক সাক্ষাৎ কৰাৰ অৰ্থপূৰ্ণ আলোচনা আৰু সাক্ষাতক লৈ মই অতিশয় উৎসাহিত।”

ৰাছিয়া-ইউক্ৰেইন আৰু ইজৰাইল-হামাছৰ যুদ্ধ অব্যাহত থকাৰ সময়তে এই সন্মিলন অনুষ্ঠিত কৰা হৈছে। এফালে যদি দক্ষিণ এছিয়া আৰু এছিয়া প্ৰশান্ত মহাসাগৰীয় অঞ্চলত নিৰাপত্তাজনিত উত্তেজনা অব্যাহত আছে আনফালে বিশ্ব বাণিজ্য যুদ্ধ আৰম্ভ কৰিছে ট্ৰাম্পে। বিশেষজ্ঞসকলৰ মতে প্ৰায় প্ৰতিখন দেশৰ সৈতে সম্পৰ্ক বিনষ্ট কৰিছে আমেৰিকাই। এনে পৰিস্থিতিত চীনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে নিজকে বিশ্ব শক্তি হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে এইটো এটা ভাল সময়।

২০০১ চনত গঠন হোৱা এই এছ চি অ’ৰ বৰ্তমান ৯ খন সদস্য দেশ আছে – চীন, ৰাছিয়া, ভাৰত, পাকিস্তান, কাজাখস্তান, কিৰ্গিস্তান, তাজিকিস্তান, উজবেকিস্তান আৰু ইৰাণ। বেলাৰুছ, আফগানিস্তান আৰু মংগোলিয়া ইয়াৰ পৰ্যবেক্ষক। এই মঞ্চ এছিয়াৰ ৰাজনীতি, নিৰাপত্তা আৰু বাণিজ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।উল্লেখ্য ২০২৪ চনৰ অক্টোবৰ মাহত ৰাছিয়াৰ কাজানত অনুষ্ঠিত ব্ৰিকছ সন্মিলনৰ সময়ত মোদী আৰু জিনপিঙৰ অন্তিমবাৰৰ বাবে সাক্ষাৎ হৈছিল। এই সময়ছোৱাত দুয়োৰে মাজত দ্বিপাক্ষিক আলোচনাও অনুষ্ঠিত হয়। একে সময়তে জিং জিনপিঙে শেষবাৰৰ বাবে ২০১৯ চনত ভাৰত ভ্ৰমণ কৰিছিল।তাৰ পিছত দুয়োগৰাকী নেতাই তামিলনাডুৰ মহাবলীপুৰমত সাক্ষাৎ কৰিছিল। মোদীৰ এইবাৰৰ চীন ভ্ৰমণে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক উন্ন কৰিব বুলি আশা কৰা হৈছে।

Assam Journalist: মণিপুৰত গুলীবিদ্ধ অসমীয়া সাংবাদিক

Assam Journalist: মণিপুৰত গুলীবিদ্ধ অসমীয়া সাংবাদিক
Assam Journalist: মণিপুৰত গুলীবিদ্ধ অসমীয়া সাংবাদিক

নাগালেণ্ডৰ হৰ্ণবিল টিভিৰ সাংবাদিক দ্বীপ শইকীয়া গুলীবিদ্ধ।(Assam Journalist)

দুৰ্বৃত্তই গুলীচালনা কৰে সাংবাদিকগৰাকীক।

মণিপুৰৰ সেনাপতি জিলাত বাতৰি সংগ্ৰহ কৰি থাকোতে এই ঘটনা ঘটে।

লাইগাঁৱত ফ্লাৱাৰ ফেষ্টিভেলৰ বাতৰি সংগ্ৰহ কৰি আছিল দ্বীপ শইকীয়াই।

সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি সাংবাদিকগৰাকীক।

কিছুদিন পূৰ্বে দ্বীপ শইকীয়াক ভাবুকি দিছিল নাগালেণ্ডৰ উপ-মুখ্যমন্ত্ৰীয়ে।

Golaghat News: গোলাঘাট বাস্কেটবল কচিং চেন্টাৰৰ বিশেষ সাফল্য

গোলাঘাট বাস্কেটবল কচিং চেন্টাৰৰ বিশেষ সাফল্য
গোলাঘাট বাস্কেটবল কচিং চেন্টাৰৰ বিশেষ সাফল্য

গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ (Golaghat News) অন্তৰ্গত বাস্কেটবল কচিং চেন্টাৰে যোৱা ২৬ আগষ্টৰ পৰা ২৮ আগষ্টলৈকে হোজাইত অনুষ্ঠিত হোৱা আন্ত: জিলা চাব জুনিয়ৰ ল’ৰা-ছোৱালীৰ বাস্কেটবল চেম্পিয়নশ্বিপত ছোৱালীৰ শাখাত ৰাণাৰ আপ খিতাপ অৰ্জন কৰি গোলাঘাটলৈ গৌৰৱ কঢ়িয়াই আনিছে। গোলাঘাটৰ প্ৰাক্তন বাস্কেটবল খেলুৱৈ তথা প্ৰশিক্ষক (এন আই এছ ) দ্বীপজ্যোতি শৰ্মাৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা খেলুৱৈসকলে চূড়ান্ত খেলত গুৱাহাটীৰ মেট্ৰ’ দলৰ লগত পৰাস্ত হৈ যদিও উন্নত খেল প্ৰদৰ্শন কৰি ক্ৰীড়াপ্ৰেমীৰ মন জয় কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে , বিগত সময়তো গোলাঘাট জিলাৰ এই কচিং চেন্টাৰে আন্ত: জিলাৰ বিভিন্ন প্ৰতিযোগিতাত সফলতা লাভ কৰি অহাৰ লগতে বহু খেলুৱৈ-এ অসম দলক প্ৰতিনিধিত্ব কৰাৰ কৃতিত্ব অৰ্জন কৰিছে । দলটিত অংশ লোৱা খেলুৱৈসকল হৈছে ক্ৰমে, মনালী দত্ত, জুনজোনালী নেওগ, ৱাইনী মেথিউ, অনুষ্কা কাকতি, নমিতা বৰবৰুৱা, আৰ্চিয়া পি ফুকন, স্পৃহা উৰাং, ইনাস্কী কটকী,দেৱাশ্ৰী দত্ত,সুচিত্ৰা শইকীয়া, পুষ্পা মিৰ্জা, বৈষ্ণৱী গোঁসাই । আনহাতে দলটোৰ প্ৰশিক্ষক ৰূপে মানৱ কলিতা, সহ প্ৰশিক্ষক অঞ্জন কুমাৰ গগৈ আৰু মেনেজাৰ ঈশা কুমাৰী গুপ্তা আছিল । দলটোৰ এনে সাফল্যত গোলাঘাটৰ ক্ৰীড়া মহলে অভিনন্দন জনোৱাৰ লগতে আগন্তুক দিনত অধিক সাফল্য লাভৰ আশা কৰিছে ।

Numerology Prediction: কোন তাৰিখে জন্ম হোৱা ছোৱালী অহংকাৰী আৰু স্বাৰ্থপৰ?

Numerology Prediction
Numerology Prediction

প্ৰতিটো সংখ্যাৰ বিশেষত্ব (Numerology Prediction) আৰু ত্ৰুটি সংখ্যা বিজ্ঞানত পোৱা যায়। কোন তাৰিখত জন্ম হোৱা ছোৱালী অহংকাৰী, স্বাৰ্থপৰ আৰু মিছা কথা কোৱাত পাকৈত।

সংখ্যা বিজ্ঞানত এজন ব্যক্তিৰ জন্ম তাৰিখৰ পৰা মূল সংখ্যা উলিয়াই লোৱা হয়। জন্ম তাৰিখ যোগ কৰি পোৱা শেষ সংখ্যাটোক মূল সংখ্যা বুলি কোৱা হয়, যিটো ১ৰ পৰা ৯লৈকে থাকে। প্ৰতিটো মূল সংখ্যাই এজন ব্যক্তিৰ স্বভাৱ আৰু ব্যক্তিত্বৰ আভাস দিয়ে।

ছোৱালীৰ ব্যক্তিত্বও তেওঁলোকৰ মূল সংখ্যাৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হয়। কিছুমান মূল সংখ্যা থকা ছোৱালীক সহজ-সৰল বুলি গণ্য কৰা হয় যদিও আন কিছুমান সংখ্যাৰ ছোৱালীক অহংকাৰী, স্বাৰ্থপৰ আৰু মিছা কথা কোৱাত পাকৈত বুলি কোৱা হয়। এই প্ৰকৃতিবোৰ কোনটো মূল সংখ্যাত বেছি প্ৰভাৱ পৰে জানো আহক।

যিকোনো মাহৰ ১, ১০, ১৯ বা ২৮ তাৰিখে জন্ম লোৱা ছোৱালীৰ ৰেডিক্স ১ আৰু শাসক সূৰ্য্য। এই ৰেডিক্স থকা ছোৱালীবোৰ আত্মসন্মান আৰু আত্মবিশ্বাসেৰে ভৰি থাকে। নেতৃত্বৰ ক্ষমতা তেওঁলোকৰ বিশেষত্ব। কেতিয়াবা এই গুণে তেওঁলোকক অহংকাৰী কৰি তোলে।

ৰেডিক্স ৩ থকা ছোৱালীৰ জন্ম ৩, ১২, ২১ বা ৩০, তেওঁলোকৰ শাসক গুৰু (বৃহস্পতি)। এই ছোৱালীবোৰ অভিলাষী আৰু উচ্চ সপোন দেখে। বহু সময়ত তেওঁলোকে নিজৰ লক্ষ্যত উপনীত হ’বলৈ স্বাৰ্থপৰ স্বভাৱ প্ৰদৰ্শন কৰে। তেওঁলোকৰ চিন্তাধাৰা ডাঙৰ যদিও তেওঁলোকে বিচাৰে আন লোকেও তেওঁলোকক অনুসৰণ কৰক। জীৱনত সফলতাই তেওঁলোকৰ অহংকাৰী আচৰণ আৰু অধিক বৃদ্ধি কৰে।

যিসকলৰ জন্ম ৭, ১৬ বা ২৫ তাৰিখে, তেওঁলোকৰ মূল ৭ আৰু ইয়াৰ প্ৰভু কেতু গ্ৰহ। এই নম্বৰৰ ছোৱালীবোৰ চতুৰ আৰু ৰহস্যময়। ইহঁতৰ স্বভাৱ মনস্তাত্ত্বিক আৰু ইহঁতক বুজি পোৱাটো সহজ নহয়। পৰিস্থিতি অনুযায়ী সঁচা কথা লুকুৱাই মিছা কথা কোৱাটো তেওঁলোকৰ বাবে কঠিন নহয়। সঠিক সময় নোপোৱালৈকে তেওঁলোকে নিজৰ কথা আৰু পৰিকল্পনা গোপনে ৰাখে।

Weather: ২ ছেপ্টেম্বৰলৈকে অসম আৰু উত্তৰ-পূবত ধাৰাসাৰ বৰষুণ

assam Weather
assam Weather

মাত্ৰ এজাক বৰষুণতে (Weather) সাগৰ সদৃশ পৰিবেশ সৃষ্টি হয় গুৱাহাটী মহানগৰীত৷ বৃহস্পতিবাৰে বিয়লি হোৱা বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ প্ৰায়ভাগ বাট-পথ বানীত বুৰ যায়৷ ফলত ঘণ্টাৰ পিছত ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ হৈ থাকে শ শ যান বাহন৷ হঠাতে সৃষ্টি হোৱা এনে কৃত্ৰিম বানে মহানগৰীখনৰ জনসাধাৰণৰ জীৱন দুৰ্বিসহ কৰি তোলে৷ বৃহস্পতিবাৰে বৰষুণৰ ফলত গুৱাহাটীৰ লগতে সংলগ্ন অঞ্চলসমূহত লগতে তীব্ৰ কৃত্ৰিম বানপানীৰ সৃষ্টি হয়৷ জু-ৰোড, আৰ জি বৰুৱা পথ, জি এছ ৰোড, নবীন নগৰ, হাতীগাঁও, গীতা নগৰ, পাঞ্জাবাৰী, যোৰাবাট, জটিয়া, ভি আই পি ৰোড, ৰাজগড় আৰু ৰুক্মিণীগাঁৱকে গুৰুত্বপূৰ্ণ অঞ্চলৰ পৰা বানপানীৰ খবৰ পোৱা গৈছিল৷ (assam)

পথত পানী জমা হোৱাৰ ফলত ভিৰ সময়ত যান-জঁটৰ ব্যাপক যানজঁটৰ সৃষ্টি হয়, যান-বাহন আৱদ্ধ হৈ পৰাৰ লগতে দৈনন্দিন জীৱনত ব্যাঘাত জন্মে৷ ইয়াৰ পূৰ্বে বুধবাৰে যোৰাবাটত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত কৃত্ৰিম বানপানীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কিছু অংশ বোকা আৰু পানীৰে পুতি পেলাইছিল৷ ২০২৩ চনৰ আগষ্ট মাহত আদালতে গুৱাহাটীৰ দীৰ্ঘদিনীয়া পানী জমা হোৱা সমস্যা সমাধানত ব্যৰ্থ হোৱাৰ বাবে ৰাজ্য চৰকাৰক সমালোচনা কৰিছিল৷ চলিত বৰ্ষৰ আৰম্ভণিতে গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বানপানীৰ প্ৰৱণ অঞ্চল পৰিদৰ্শন কৰি ›াষ্টিকৰ বানপানীৰ বাধা, ইক’-ব্লক, স্থানীয় নদী খননকে ধৰি প্ৰশমনৰ ব্যৱস্থাৰ প্ৰস্তাৱ আগবঢ়াইছিল৷

আগন্তুক কেইবাদিনো অধিক বৰষুণৰ পূৰ্বাভাসে মহানগৰীৰ পৰিবেশ আৰু অধিক ভয়ংকৰ কৰি তুলিব বুলি আশংকা কৰা হৈছে৷ ভাৰতৰ বতৰ বিজ্ঞান বিভাগে ভৱিষ্যদ্বাণী কৰিছে যে অসম আৰু উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যত ২ ছেপ্টেম্বৰলৈকে বৰষুণ অব্যাহত থাকিব৷ আইএমডিয়ে বিশেষকৈ নিম্ন অঞ্চলত সম্ভাৱ্য বানপানী আৰু পানী জমা হোৱাৰ বিষয়তো সতৰ্কবাণীও দিছে৷ জনসাধাৰণক সাৱধানতা অৱলম্বন কৰিবলৈ আৰু বতৰৰ পৰামৰ্শৰ বিষয়ে অৱগত হৈ থাকিবলৈ আহ৩ান জনাইছে৷

Mohan Bhagwat: মই কেতিয়াও কোৱা নাই যে নেতাৰ অৱসৰৰ বয়স ৭৫ বছৰ হ’ব লাগেঃ আৰএছএছৰ মুৰব্বী

Mohan Bhagwat
Mohan Bhagwat

মই কেতিয়াও কোৱা নাই যে নেতাৰ অৱসৰৰ (Mohan Bhagwat) বয়স ৭৫ বছৰ হ’ব লাগে৷ এই মন্তব্য আৰএছএছৰ মুৰব্বী এনেদৰে কয়৷ ভাগৱতে এই মন্তব্য কৰে আৰএছএছৰ ‘সংঘৰ ১০০ বছৰীয়া যাত্ৰা’, ২০১৮ শীৰ্ষক তিনিদিনীয়া বক্তৃতা শৃংখলাৰ সময়ত এক প্ৰশ্নোত্তৰ অধিৱেশনত৷ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে বৃহস্পতিবাৰে প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে স্বীকাৰ কৰে যে ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ মতাদৰ্শগত পিতৃ সংগঠন আৰএছএছৰ মাজত মতানৈক্য আছে৷

আৰএছএছৰ তিনিদিনীয়া ‘সংঘ যাত্ৰাৰ ১০০ বছৰীয়া’ শীৰ্ষক বক্তৃতা শৃংখলাৰ সময়ত ভাগৱতে এই মন্তব্য কৰে, য’ত তেওঁ শাসকীয় দলৰ সৈতে সংঘৰ সম্পৰ্ক, শিক্ষা ব্যৱস্থা, ভাষা, পৰম্পৰা, আধুনিকতা আদি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে৷ বিজেপি আৰু আৰএছএছৰ মাজত অনুভূত বিভাজনৰ সন্দৰ্ভত প্ৰত্যক্ষ প্ৰশ্নৰ উত্তৰত ভাগৱতে কয়, ‘প্ৰতিখন চৰকাৰ, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ দুয়োটাৰে সৈতে আমাৰ ভাল সমন্বয় আছে৷ কিন্তু এনে কিছুমান ব্যৱস্থা আছে যিবোৰৰ কিছুমান আভ্যন্তৰীণ বৈপৰীত্য আছে৷ সাধাৰণতে ব্যৱস্থাটো একেই, যিটো ব্ৰিটিছে উদ্ভাৱন কৰিছিল যাতে তেওঁলোকে শাসন কৰিব পাৰে৷ গতিকে, আমাৰ কিছুমান উদ্ভাৱন থাকিব লাগিব৷

তেতিয়া, আমি কিবা এটা হোৱাটো বিচাৰো৷’ তেওঁ লগতে কয় যে ক্ষমতাত থকা ব্যক্তিজন সংঘৰ মতাদৰ্শৰ সৈতে মিলি গ’লেও তেওঁলোক প্ৰায়ে শাসন ব্যৱস্থাৰ সীমাবদ্ধতাৰ বাবে বাধাগ্ৰস্ত হৈ পৰে৷ ‘৭৫ বছৰ বয়সত ভাৰতীয় নেতাসকলে অৱসৰ ল’ব লাগেনে’ এই প্ৰশ্নৰ উত্তৰত মোহন ভাগৱতে কয়, ‘…মই কেতিয়াও কোৱা নাছিলো যে মই অৱসৰ লম বা কোনোবাই অৱসৰ ল’ব লাগে৷ সংঘত আমাক এটা দায়িত্ব দিয়া হয়, আমি বিচাৰো বা নিবিচাৰো৷ যদি মোৰ বয়স ৮০ বছৰ হয়, আৰু সংঘই কয় যে গৈ ‘শাখা’ চলাওক, তেন্তে মই কৰিব লাগিব৷ সংঘই যি কয় আমি তাকেই কৰো…এয়া নহয়৷’ আমি কাম কৰিবলৈ সাজু– যেতিয়ালৈকে সংঘই আমাক বিচাৰে৷’ ইয়াৰ উপৰি ভাগৱতে বিজেপিৰ সিদ্ধান্ত আৰএছএছে নিয়ন্ত্ৰণ কৰে বুলি জনপ্ৰিয় ধাৰণাকো দৃঢ়তাৰে উলাই কৰে৷ তেওঁ কয়-এয়া একেবাৰেই হ’ব নোৱাৰে৷ মই বহু বছৰ ধৰি সংঘ চলাই আহিছো, আৰু তেওঁলোকে চৰকাৰ চলাই আছে৷ গতিকে আমি কেৱল পৰামৰ্শহে দিব পাৰো, সিদ্ধান্ত ল’ব নোৱাৰে৷ আমি সিদ্ধান্ত লোৱা হ’লে ইমান সময় লাগিবনে? আমি সিদ্ধান্ত নিদিও…’৷