Home Blog Page 164

গোগামুখত আই চি এ আৰৰ নৱম সংখ্যক প্ৰতিষ্ঠা দিৱসঃ উত্তৰ-পূব ভাৰতত সংযোজিত হৈছে নতুন কৃষি বিপ্লব । RCAR

গোগামুখত আই চি এ আৰৰ নৱম সংখ্যক প্ৰতিষ্ঠা দিৱসঃ উত্তৰ-পূব ভাৰতত সংযোজিত হৈছে নতুন কৃষি বিপ্লব । RCAR
গোগামুখত আই চি এ আৰৰ নৱম সংখ্যক প্ৰতিষ্ঠা দিৱসঃ উত্তৰ-পূব ভাৰতত সংযোজিত হৈছে নতুন কৃষি বিপ্লব । RCAR

২৭ মে’- RCAR । গোগামুখৰ দিৰপাইস্থিত   ভাৰতীয় কৃষি গৱেষণা পৰিষদ ইংৰাজীত চমুকৈ আই চি এ আৰৰ নৱম সংখ্যক প্ৰতিষ্ঠা দিৱস সোমবাৰে এক উৎসৱমুখৰ পৰিৱেশত সোমবাৰে অনুষ্ঠিত হৈ যায় ৷ ধেমাজি জিলাৰ গোগামুখ দিৰপাই চাপৰিস্থিত আই চি এ আৰৰ এই সৌন্দৰ্যপূৰ্ণ সভাখন উদ্ধোধন কৰে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ আদৰণি ভাষণ  দিয়ে আই চি এ আৰৰ গোগামুখ দিৰপাইস্থিত ভাৰপ্ৰাপ্ত বিজ্ঞানী ড° লোহিত কুমাৰ বৈশ্যই ৷

প্ৰতিষ্ঠা দিৱসৰ উদ্ধোধনী ভাষনত ডাঃ ৰণোজ পেগুৱে কয়-ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানখনৰ লগত উত্তৰ-পূৰ্বাঞ্চলৰ সোণালী সপোন জৰিত হৈ আছে ৷ প্ৰতিষ্ঠানখনৰ স্থাপন আৰু দীৰ্ঘম্যাদী যাত্ৰাক সাকাৰ ৰূপ দিবলৈ মই যথেষ্ট পৰিশ্ৰম কৰিছোঁ ৷ ২০১৭ চনত গোগামুখত উপস্থিত হৈ দেশৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে নৰেন্দ্ৰ মোদীয়ে  আধাৰশিলা স্থাপন কৰিছিল আৰু ইয়াত তদানীন্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ বহুল অৱদান আছে ৷ গৱেষণা প্ৰতিষ্ঠানখন স্থাপনৰ ক্ষেত্ৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰচেষ্টাক আমি সকলোৱে শলাগ ল’বই লাগিব ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ দুৰদৰ্শী চিন্তাধাৰা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি থকা আন্তৰিক চিন্তাধাৰাৰ বাবে আমি আজি গোগামুখৰ দৰে এখন মফছলীয়া অঞ্চলত বিশ্বমানৰ কৃষি গৱেষণা প্ৰতিষ্ঠান লাভ কৰিছোঁ ৷ ডাঃ পেগুৱে কৃষি গৱেষণা প্ৰতিষ্ঠানৰ বিজ্ঞানী আৰু শিক্ষাৰ্থীসকলক উদ্দেশ্যি কয়-  লখিমপুৰ আৰু আৰু ধেমাজি জিলা হৈছে খেতিৰ বাবে উৰ্বৰ ভূমি ৷ লখিমপুৰ আৰু ধেমাজি জিলাতে অসমৰ ভিতৰত সৰ্বাধিক ধান খেতি উৎপাদন হয় ৷ পশুপালনতো লখিমপুৰ আৰু ধেমাজি জিলা অসমৰ ভিতৰতে সৰ্বোচ্চ  যদিও বাণিজ্যিক নহয় ৷ নিজৰ জীৱন শৈলী বা জীৱিকাৰ বাবেহে কৃষিকৰ্ম কৰে ৷ কিন্তু ইয়াক আমি বাণিজ্যকৰণ কৰিলে আমাৰ গ্ৰাম্য অৰ্থনীতি টনকিয়াল হ’ব ৷ এইক্ষেত্ৰত ভ ভাৰতীয় কৃষি গৱেষণা  প্ৰতিষ্ঠানে বিশেষ উদ্যোগ লৈ ইয়াৰ সাৰুৱা ভূমিক মূল হিচাপে লৈ ভিন্ন তৰহৰ কৃষি উৎপাদন কৰি লাভান্বিত কৰিব পৰাকৈ কৃষিজীৱী ৰাইজক বিজ্ঞানসত্মত কৃষিকৰ্মত আগ্ৰহী কৰি তুলিব পাৰে ৷ আমি এতিয়া আত্মনিৰ্ভৰশীল নতুন ভাৰতৰ নাগৰিক ৷ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰে ভাৰত এতিয়া স্বাভিমানী দেশ ৷ এই আত্মনিৰ্ভৰশীল নতুন ভাৰতত আমি কৃষিক অত্যাধুনিকৰণ কৰিব লাগিব ৷ এই অত্যাধুনিকৰণৰ মুল শিপা হ’ব লাগিব কৃষি আৰু কৃষিৰ নব্যকৰণ আৰু নতুন বিপ্লৱ ৷ এই নতুন বিপ্লৱক বিশাল আকাৰ দিব লাগিব গোগামুখৰ  ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান ৷ মই সম্পূৰ্ণৰূপে বিশ্বাস কৰোঁ যে, আমাৰ এই ভাৰতীয় কৃষি গবেষণা প্ৰতিষ্ঠানে আত্মনিৰ্ভৰশীল নতুন ভাৰতৰ আত্মাৰূপে এদিন পৰিগণিত হ’ব ৷ তেওঁ গৱেষণা প্ৰতিষ্ঠানৰ এই সুন্দৰ মূহুৰ্তত উপস্থিত থাকি নিজকে গৌৰৱ অনুভৱ কৰা বুলিও দোহাৰে ৷ অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে   যোৰহাটৰ এ.এ.ই.ৰ পঞ্জীয়ক  তপন কৃষ্ণ গোহাঁই  পঞ্জীয়ক, এ এ ইউ, যোৰহাট;  আই এ আৰ আইৰ যুটীয়া সঞ্চালক (গৱেষণা) ড° বিশ্বনাথন চিন্নছামী;  ধেমাজিৰ জিলাৰ আয়ুক্ত  ৰাহুল সুৰেশ জাভিৰ ড

  আই এ আৰ আইৰ সঞ্চালক তথা অনুষ্ঠানৰ অধ্যক্ষ নিৱাস ৰাও,  ড° এ কে বালাঞ্জ ৷  নৱম বৰ্ষপূৰ্তি উপলক্ষে ড° অক্ষয় কুমাৰ, কিশোৰ চন্দ্ৰ চাহু, সুমলতা এ  ৰেড্ডীক(মহিলা) শ্ৰেষ্ঠ যুৱ বিজ্ঞানী, বছৰীয়া শ্ৰেষ্ঠ বিজ্ঞানী হিচাপে ড° অৰ্পণ ভৌমিক, শ্ৰেষ্ঠ প্ৰশাসক হিচাপে সৰুজ কুমাৰ সিং,  শ্ৰেষ্ঠ কাৰিকৰী বিজ্ঞানী হিচাপে সঞ্জয় কুমাৰ,  শ্ৰেষ্ঠ ছাত্ৰ হিচাপে অভিজা, শিৱাংগী সিং, (প্ৰথম বৰ্ষ),  মণিষা মালিক(দ্বিতীয় বৰ্ষ), কুমছিক সম্ভান্ষী(তৃতীয় বৰ্ষ), শ্ৰেষ্ঠ কৃষক হিচাপে পংকজ উপাধ্যায়(পুৰুষ), ৰেনুকা দেওকটা(মহিলা) আৰু শ্ৰেষ্ঠ মেডিয়া হিচাপে অমিত ৰামছিয়াৰীক সম্বধৰ্না জনোৱা হয় ৷ উল্লেখনীয় যে, সৰ্বভাৰতীয় পৰ্যায়ৰ আই চি এ আৰত বৰ্তমান ১৭০ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু ৩৬ গৰাকী বিজ্ঞানী আছে ৷

Baghjan Oil Blast: অভিশপ্ত তিনিচুকীয়াৰ বাঘজান অইল বিস্ফোৰণ কাণ্ডৰ প্ৰতিবাদত পঞ্চম বাৰ্ষিক ক’লা দিন পালন, ২০২০ৰ ২৭ মে’ত বাঘজান BGN-5 নং তৈল কূপত সংঘটিত হৈছিল ভয়ংকৰ অইল বিস্ফোৰণ

Baghjan Oil Blast: অভিশপ্ত তিনিচুকীয়াৰ বাঘজান অইল বিস্ফোৰণ কাণ্ডৰ প্ৰতিবাদত পঞ্চম বাৰ্ষিক ক'লা দিন পালন
Baghjan Oil Blast: অভিশপ্ত তিনিচুকীয়াৰ বাঘজান অইল বিস্ফোৰণ কাণ্ডৰ প্ৰতিবাদত পঞ্চম বাৰ্ষিক ক'লা দিন পালন

উত্তৰ-পূৰ্বাঞ্চল তথা অসমৰ তিনিচুকীয়া জিলাৰ(Baghjan Oil Blast) বাঘজানত যোৱা ২০২০ বৰ্ষৰ ২৭ মে’ তাৰিখে অইল ইণ্ডিয়া লিমিটেডৰ বাঘজানস্থিত BGN-5 নং তৈল কূপত প্ৰথমে গেছ নিৰ্গত হয় আৰু ৯ জুন তাৰিখে এক ভয়ংকৰ অগ্নিকাণ্ডলৈ ৰূপান্তৰ হয়।

উল্লেখ্য যে অগ্নিকাণ্ডত বিনষ্ট হৈছিল সেউজীয়া প্ৰাকৃতিক পৰিৱেশ। জুইত জাহ গৈছিল বহু পৰিয়ালৰ ঘৰ-বাৰী, কৃষিভূমি। মৃত্যু হৈছিল অসংখ্য জীৱ-জন্তু, পশু-পক্ষীৰ। মৃত্যু হৈছিল ৰাষ্ট্ৰীয় সম্পদ শিহু, বাৰেকুৰিৰ দুষ্প্ৰাপ্য হলৌ বান্দৰ। মাগুৰি বিলৰ লগতে শিহু বিখ্যাত ডিব্ৰু-ডাঙৰী নদীও সম্পূৰ্ণ প্ৰদূষণ হৈ পৰিছিল। যাৰ ফলত মৃত্যু হৈছিল বিভিন্ন প্ৰজাতিৰ মাছ-কাছ। বিনষ্ট হৈছিল অঞ্চলবাসীৰ বহু কৃষিভূমি। ঘটনাত প্ৰাণ গৈছিল পাঁচজনকৈ লোকৰ। অগ্নিনির্বাপক বাহিনীৰ কৰ্মচাৰী ক্ৰমে তিক্ষেশ্বৰ গোহাঁই (চাবুৱা), দুৰ্লভ গগৈ (নামৰূপ), অইলৰ এগৰাকী কাৰ্যবাহী (জ্যেষ্ঠ) অভিযন্তা অৰ্ণৱ বৰদলৈ আৰু স্থানীয় ব্যক্তি শুকলেশ্বৰ নেওগ, উমেশ প্ৰসাদ। এক কথাত মৃত্যুৰ উপত্যকালৈ পৰিণত হৈছিল বাঘজান। জীয়া-যন্ত্ৰণাময় প্ৰায় ছমাহ দিন শব্দ, কম্পন, বায়ু প্ৰদূষণৰ মাজেৰে পাৰ কৰিছিল অঞ্চলবাসীৰ ৰাইজে।

আজি সেই দিনটোক সুঁৱৰি বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘৰ উদ্যোগত আৰু বৃহত্তৰ বাঘজান-দীঘলটৰং-কলিয়াপানীবাসী ৰাইজৰ সহযোগত বাঘজান অইল বিস্ফোৰণ কাণ্ডৰ প্ৰতিবাদত আজি মিলনজ্যোতি যুৱ সংঘৰ কাৰ্যালয়ত পঞ্চম বাৰ্ষিক ‘ক’লা দিন’ পালন কৰে। কাৰ্যসূচী অনুসৰি প্ৰথমে পতাকা উত্তোলন কৰে সংঘৰ সভাপতি তিলক নেওগ, অসম মৰাণ সভা, বাঘজান শাখাৰ সভাপতি ৰূপম মৰাণ আৰু সংঘৰ উপদেষ্টা প্ৰাঞ্জল গগৈয়ে। ইয়াৰ পাছতে স্মৃতি তৰ্পণ কৰে সংঘৰ উপদেষ্টা যতীন চেতিয়া, প্ৰকাশ হাজৰিকা, সাধাৰণ সম্পাদক জিন্টু হাজৰিকা, উপ-সভাপতিদ্বয় পুনা মৰাণ, ৰণ্টু মৰাণ, সহকাৰী সম্পাদক মিণ্টু মৰাণে। ইয়াৰ পাছতে ঘটনাত প্ৰাণ আহুতি দিয়া মৃতকৰ আত্মাৰ সদগতি অৰ্থে মৌন প্ৰাৰ্থনা কৰে।

উল্লেখযোগ্য যে, সুদীৰ্ঘ ১৭৩ টা দিনৰ‌ অন্তত ২০২০ বৰ্ষৰ ১৫ নৱেম্বৰ তাৰিখে বহু প্ৰচেষ্টা আৰু জল্পনা-কল্পনাৰ অন্তত কানাডাৰ স্নাভিং ইউনিট যন্ত্ৰৰ সহায়ত ৮ জনীয়া বিদেশী বিশেষজ্ঞসকলৰ‌ প্ৰচেষ্টাত আৰু অ’ এন জি চি, অইল কৰ্তৃপক্ষৰ সহায়ত অভিশপ্ত অগ্নিকাণ্ড নিৰ্বাপন তথা নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয়।

ঘটনাৰ আজি পাঁচটা বৰ্ষ সম্পূৰ্ণ হোৱাৰ পাছতো সমস্যাই লগ এৰা নাই বাঘজানবাসীক। বৰ্তমান সময়ত মাটি-পানী প্ৰদূষণৰ লগতে বিভিন্ন ৰোগ-ব্যাধিয়ে দেখা দিছে। আজি দিনটো ক’লা দিন হিচাবে অনাগত দিনতো পালন কৰি যাব আৰু ক্ষতিগ্ৰস্ত বাঘজানবাসীয়ে ন্যায় নোপোৱা পৰ্যন্ত সংগ্ৰাম কৰি যাব, অইল ইণ্ডিয়া লিমিটেড, চৰকাৰ-প্ৰশাসনৰ বিৰুদ্ধে অনাগত দিনত তীব্ৰ গণ আন্দোলন গঢ়ি তুলিব বুলি মন্তব্য প্ৰকাশ কৰে সংঘৰ উপদেষ্টা যতীন চেতিয়াই। আনহাতে ঘটনাৰ সময়ত বিভিন্ন ধৰণেৰে সহায়-সহযোগিতা আগবঢ়োৱা বিভিন্ন দল-সংগঠন, ব্যক্তি, সামাজিক মাধ্যম, চতুৰ্থ স্তম্ভ সংবাদ মাধ্যম সকলোকে ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰে বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘৰ সাধাৰণ সম্পাদক জিণ্টু হাজৰিকাই।

Russia ukraine war news: ৰাছিয়াৰ ড্ৰোন আক্ৰমণ ৰোধ কৰিবলৈ ইউক্ৰেইনৰ ক্ৰয় ২৫ কোটি টকাৰ মাছ ধৰা জাল

Russia ukraine war news: ৰাছিয়াৰ ড্ৰোন আক্ৰমণ ৰোধ কৰিবলৈ ইউক্ৰেইনৰ ক্ৰয় ২৫ কোটি টকাৰ মাছ ধৰা জাল
Russia ukraine war news: ৰাছিয়াৰ ড্ৰোন আক্ৰমণ ৰোধ কৰিবলৈ ইউক্ৰেইনৰ ক্ৰয় ২৫ কোটি টকাৰ মাছ ধৰা জাল

ৰাছিয়াৰ ড্ৰোন আক্ৰমণ(Russia ukraine war news) প্ৰতিহত কৰিবলৈ ইউক্ৰেইনৰ সেনাৰ নতুন অস্ত্ৰ হৈছে মাছ ধৰা জাল। জেলেনস্কিৰ দেশখনে স্ক্যাণ্ডিনেভিয়াৰ দুখন দেশ ডেনমাৰ্ক আৰু ছুইডেনৰ পৰা ২৪ লাখ ইউৰো [প্ৰায় ২৫ কোটি টাকা]ত মাছ ধৰা জাল ক্ৰয় কৰিছে৷ যোৱা মাৰ্চ মাহৰ পৰা ইউক্ৰেইনৰ সেনাই ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণ প্ৰতিহত কৰিবলৈ মাছ ধৰা জাল ব্যৱহাৰ কৰাৰ এক নতুন পদ্ধতিৰ পৰীক্ষা-নিৰীক্ষা কৰি আহিছে৷ বিভিন্ন সংবাদ মাধ্যমে প্ৰকাশ কৰিছে যে ই যথেষ্ট ফলপ্ৰসু হৈছে৷ মুঠতে সাগৰত মাছ ধৰাৰ বাবে ব্যৱহাৰ কৰা সেই শক্তিশালী জালবোৰ দুটা ধৰণে ব্যৱহাৰ কৰা হৈছে- প্ৰথমটো, আত্মঘাতী ড্ৰোনৰ আক্ৰমণ ৰোধ কৰিবলৈ৷

দ্বিতীয়তে, চোৰাংচোৱাগিৰি আৰু বোমা তথা ক্ষেপণাস্ত্ৰ কঢ়িয়াই নিয়া ড্ৰ’ন ধৰিবলৈ ফান্দ হিচাপে৷ সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি ইউক্ৰেইনৰ সেনাই ইউক্ৰেইনৰ সেনাৰ বাংকাৰ, শিবিৰ আনকি গুৰুত্বপূৰ্ণ অসামৰিক স্থানৰ চাৰিওফালে তীখাৰ খুঁটা বা গছৰ পৰা জাল ওলমাই ৰাখিছে৷ বেছি ভাগ ক্ষেত্ৰতে ৰাছিয়াৰ আত্মঘাতী ড্ৰোন সেই জালত আবদ্ধ হৈ বিস্ফোৰণ ঘটে৷ ফলত বৃহৎ লোকচানৰ পৰা হাত সাৰিব পৰা যায়৷ জালে বহু ইউক্ৰেইনৰ সৈন্যৰ জীৱন ৰক্ষা কৰিছে৷ ইয়াৰ উপৰি চহৰ অঞ্চলৰ ওখ গছ বা ওখ অট্টালিকাত উলম্বভাৱে জাল ওলমাই ‘ড্ৰ’ন ফান্দ’ হিচাপে ব্যৱহাৰ কৰা হৈছে৷ যুদ্ধৰ পৰিস্থিতিত নতুন নতুন উদ্ভাৱনৰ উদাহৰণেৰে ভৰি আছে সামৰিক ইতিহাস৷ শেহতীয়া উদাহৰণ হ’ল কিয়েভৰ ‘ড্ৰ’ন মাছধৰা জাল’৷

Anna Sewa Din: ১ অক্টোবৰৰ পৰা সুলভ মূল্যত মচুৰ দাইল, চেনি, নিমখ বিতৰণ

Anna Sewa Din: ১ অক্টোবৰৰ পৰা সুলভ মূল্যত মচুৰ দাইল, চেনি, নিমখ বিতৰণ
Anna Sewa Din: ১ অক্টোবৰৰ পৰা সুলভ মূল্যত মচুৰ দাইল, চেনি, নিমখ বিতৰণ

অহা জুন, জুলাই আৰু আগষ্ট তিনি মাহৰ ‘অন্ন সেৱা দিন’(Anna Sewa Din)কাৰ্যসূচী ১১ পৰা ২০ জুনৰ ভিতৰত একেলগে ৰূপায়ণ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰয়ে৷ সোমবাৰৰ দিনা দিছপুৰস্থিত জনতা ভৱনৰ পৰা ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে প্ৰতিখন জিলাৰ জিলা আয়ুক্ত, সমজিলা আয়ুক্ত আৰু খাদ্য, ৰাজহুৱা যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়াসকলৰ সৈতে আলোচনা সভাত এই নিৰ্দেশ দিয়ে মন্ত্ৰী ৰয়ে৷ তেওঁ কয়, কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা মৰ্মে অহা জুন, জুলাই আৰু আগষ্ট মাহৰ ‘অন্ন সেৱা দিন’ কাৰ্যসূচী একেলগে ৰূপায়ণ কৰা হ’ব৷

ফলত, জুন মাহৰ ‘অন্ন সেৱা দিন’ৰ সময়সীমা ১১ পৰা ২০ তাৰিখলৈকে বৃদ্ধি কৰা হৈছে৷ সেয়েহে, এই সময়ছোৱাত ৰাজ্যৰ ৰেচন কাৰ্ড হিতাধিকাৰীয়ে যাতে নিজৰ ৩ মাহৰ প্ৰাপ্য ৰেচন একেলগে গ্ৰহণ কৰিব পাৰে তাক লৈ সক্ৰিয়তা অব্যাহত ৰাখিবলৈ বিষয়ববীয়াসকলক নিৰ্দেশনা দিওঁ৷ অহা ১ অক্টোবৰ তাৰিখৰ পৰা সুলভ মূল্যত মচুৰ দাইল, চেনি, নিমখ বিতৰণ কৰাৰ দিশত আলোচনা কৰোঁ৷ বানপানীৰ সময়ত প্ৰতিখন জিলাত যাতে জিলাবাসীৰ বাবে নিত্য-প্ৰয়োজনীয় খাদ্য-সামগ্ৰী মজুত থাকে সেই বিষয়ে বিস্তৃত্বভাৱে আলোচনা কৰোঁ৷

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অন্তৰ্গত সুলভ মূল্যৰ দোকানৰ বিতৰণ কমিছন, সমবায় সবলীকৰণ আৰু পৰিবহণ কমিছন শীঘ্ৰে মুকলি কৰাৰ নিৰ্দেশ প্ৰদান কৰে তেওঁ৷ এই দিনা প্ৰয়োজনীয় খাদ্য-সামগ্ৰীৰ যাতে কোনো ধৰণৰ দাম বৃদ্ধি নহয় সেই বাবে প্ৰতিখন জিলাত গঠন কৰা ‘টাস্ক ফৰ্চ’ৰ সক্ৰিয়তা অব্যাহত ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এই সকলোবোৰ কাৰ্যসূচী ৰূপায়ণৰ ক্ষেত্ৰত সময়ে সময়ে আগবঢ়োৱা সহযোগিতাৰ বাবে তেওঁক আন্তৰিক ধন্যবাদ জনায় মন্ত্ৰী কৌশিক ৰয়ে৷

2026 Assam Legislative Assembly Election: দুলীয়াজান কাণ্ডঃ ২৬ৰ নিৰ্বাচনত উজনিত উত্থাপন ঘটাব আঞ্চলিক ৰাজনীতিক !

দুলীয়াজান কাণ্ডঃ ২৬ নিৰ্বাচনত উজনিত উত্থাপন ঘটাব আঞ্চলিক ৰাজনীতিক
দুলীয়াজান কাণ্ডঃ ২৬ নিৰ্বাচনত উজনিত উত্থাপন ঘটাব আঞ্চলিক ৰাজনীতিক

সমাগত ২০২৬ৰ অসম বিধানসভা নিৰ্বাচন৷ আৰু মাত্ৰ কেইটামান মাহৰ(2026 Assam Legislative Assembly Election)পিছতেই অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব৷ সদ্যঘোষিত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছতেই ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ বাবে ফ্ৰণ্ট ফুটত আছে বৰ্তমান শাসনাধিষ্ঠিত বিজেপি৷ উজনি অসমত বিজেপিয়ে আগন্তুক বিধানসভা নিৰ্বাচনত অধিকাংশ আসনতেই জয়ী হোৱাৰ লক্ষ্য স্থিৰ কৰি লৈছে৷ যিহেতু উজনি জয় কৰিব পাৰিলেহে যিকোনো এটা ৰাজনৈতিক দলে অসমৰ শাসন ভাৰ নিজৰ হাতলৈ আনিবলৈ সক্ষম হ’ব৷ সেয়ে উজনি অসমক বিজেপিৰ এক প্ৰয়োগশালা হিচাপে ব্যৱহাৰ কৰি ৰাজ্যিক বিজেপিয়ে ৰাজ্য সভাৰ সাংসদ ৰামেশ্বৰ তেলী, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, ৰাজ্য চৰকাৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ উপৰি ৰাজ্য চৰকাৰৰ আন এগৰাকী মন্ত্ৰী পীয়ূষ হাজৰিকাক উজনিৰ ৰাজনৈতিক ক্ষেত্ৰখনত বিজেপিক শক্তিশালী কৰিবলৈ এক প্ৰকাৰে দায়িত্ব অৰ্পণ কৰিছে৷

ৰাজ্যৰ ৰাজনীতিত উজনি অসমৰ ভূমিকা অপৰিসীম৷ উজনিত ৰাজনৈতিক দলসমূহে সৰহ ভাগ আসন লাভ নকৰিলে চৰকাৰ গঠনত দলসমূহৰ সন্মুখত ব্যাপক প্ৰত্যাহ৩ান আহি পৰে৷ সেয়ে বিজেপিয়ে সময়ৰ অপেক্ষাত নাথাকি বৰ্তমানৰ পৰাই তৃতীয়বাৰৰ বাবে অসমত বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন কৰিবলৈ তৎপৰতা আৰম্ভ কৰিছে৷ কিন্তু ইয়াৰ মাজতে জাতীয়তাবাদী শিবিৰত এক নতুন শক্তিয়ে গা কৰি উঠা পৰিলক্ষিত হৈছে৷ শেহতীয়াকৈ সংঘটিত হোৱা দুলীয়াজানৰ বি এন সিং পেট্ৰ’ল পাম্প ঘটনাই এই নৱতম জাতীয়তাবাদী শিবিৰটোক এক গতি প্ৰদান কৰাৰ ইতিমধ্যে এক ৰূপৰেখা তৈয়াৰ হৈছে৷ প্ৰসংগ ঃ আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱা৷

দুলীয়াজান কাণ্ডৰ পিছত বহিৰাগত এক শক্তিৰ অভিযোগৰ ভিত্তিত প্ৰাক্তন ছাত্ৰ নেতাগৰাকীৰ হাতত আৰক্ষীয়ে হাত কেৰায়া লগাই আদালতৰ সন্মুখত দাগী অপৰাধীৰ দৰে চোঁচোৰাই লৈ ফুৰা দৃশ্যটো আৰু তনু শ্বাহী নামৰ মহিলাগৰাকীয়ে ঘটনা সংঘটিত হোৱাৰ সময়ত এচাম থলগিৰি যুৱকক উদ্দেশ্যি দিয়া অপমানসূচক মন্তব্যই জাতীয়তাবাদী শিবিৰটোক এই শক্তি প্ৰদান কৰিলে৷ সমান্তৰালভাৱে বিজেপি বিধায়ক তেৰছ গোৱালাই বহিৰাগত লবীটোৰ পক্ষ লোৱাৰ লগতে শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰাৰ নেপথ্যত বিধায়কগৰাকীৰ যি ভূমিকা আছিল এই সকলোবিলাক দিশক সামৰি এই নতুন ৰাজনৈতিক সমীকৰণ আৰম্ভ হোৱাৰ এক সম্ভাৱনা আছে৷ শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰাৰ সমস্ত ঘটনাৰ নেপথ্যৰ মানুহগৰাকী বিধায়ক তেৰছ গোৱালা বুলি ইতিপূৰ্বে সৰৱ আলোচনা চলিছে প্ৰতিবাদত নমা জাতি-জনগোষ্ঠীয় সংগঠনসমূহৰ মাজত৷ দল- সংগঠনসমূহৰ একাংশ পদবীধাৰীয়ে ক’ব বিচাৰে যে শংকৰজ্যোতি বৰুৱা তেৰছ গোৱালাৰ বাবে এক ৰাজনৈতিক প্ৰতিদ্বন্দ্বী হৈ উঠাত তেওঁক ৰাজনৈতিক ক্ষেত্ৰখনৰ পৰা উচ্ছেদ কৰাৰ ই সময়োপযোগী পৰিকল্পনা গ্ৰহণ কৰা হৈছে৷ এই একেটা বিষয়ে বিভিন্ন মাধ্যমতো ব্যাপক চৰ্চিত হৈ পৰিছে৷

ইফালে দুলীয়াজান কাণ্ডৰ পিছত উজনি অসমত একত্ৰ হোৱা সদৌ তাই আহোম ছাত্ৰ সন্থা, অসম চাহ জনজাতি ছাত্ৰ সন্থা, সোণোৱাল কছাৰী ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা, চুতীয়া ছাত্ৰ সন্থা, সংগ্ৰামী সেনা অসম, উজনি অসম মুছলিম কল্যাণ পৰিষদ, সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদ অসম, জাতীয় সংগ্ৰামী সেনা অসম, তাই আহোম যুৱ পৰিষদ, চুতীয়া যুৱ সন্মিলন, কোঁচ ৰাজবংশী ছাত্ৰ সন্থা, বীৰ লাচিত সেনা অসম, সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা, অসমীয়া যুৱ মঞ্চ, আহোম সেনা আদি কৰি কুৰিটাকৈ জাতি-জনগোষ্ঠীয় সংগঠনে এই নতুন ৰাজনৈতিক শক্তিটোক আগুৱাই লৈ যোৱাৰ এডোখৰ ভূমি উজনিৰ পটভূমিত সৃষ্টি কৰিছে৷ কিন্তু এই জাতীয়তাবাদী শক্তিটোৱে নতুন কোনো ৰাজনৈতিক দল গঠন নকৰি এক আঞ্চলিক ৰাজনৈতিক দলক সমৰ্থন আগবঢ়োৱাটো এক প্ৰকাৰ নিশ্চিত৷ কিন্তু আঞ্চলিক ৰাজনৈতিক দল কোন হ’ব সেয়া সময়ৰ অপেক্ষাত৷ কিন্তু অসম গণ পৰিষদ এই ধাৰাটোৰ সৈতে একত্ৰ যে নহয় সেয়া খাটাং৷ উজনি অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটক যদি লক্ষ্য কৰা যায় তেন্তে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ সম্ভৱতঃ হ’ব পাৰে এই বিকল্প আঞ্চলিক ৰাজনৈতিক দলটো৷ এক ৰহস্যজনকভাৱে আইনৰ মেৰপাকত সোমাই কাৰাগাৰলৈ যাবলগীয়া হোৱা শংকৰজ্যোতি বৰুৱা এই ৰাজনৈতিক শক্তিটোৰ আন এক চালিকা শক্তি যে নহ’ব ইয়াক একেমুখে ক’ব নোৱাৰি৷ বীৰ লাচিত সেনাৰ মুখ্য সাংগঠনিক সচিব শৃংখল চলিহাই ইতিপূৰ্বে ২০২৬ ৰ বাবে লুৰীণজ্যোতি গগৈৰ পক্ষত আছোঁ বুলি সামাজিক মাধ্যমত ঘোষণা কৰিছে৷

ইয়াৰ বিপৰীতে তেওঁ ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ সৈতে হোৱা মতানৈক্যৰ বাবে তেওঁ অখিল গগৈৰ সংগ ত্যাগ কৰিলে৷ ৰাজনীতিৰ খবৰ ৰখাসকলে একেমুখে ক’ব বিচাৰে যে লুৰীণজ্যোতি গগৈ এইবাৰ ২০২৬ৰ বিধানসভা নিৰ্বাচনত আঞ্চলিক শক্তিটোক এক নতুন শক্তি প্ৰদান কৰিব৷ ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে যিটো ঐক্যবদ্ধ আঞ্চলিক শক্তিৰ উদ্‌গীৰণ হ’ব ইয়াত কিন্তু কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ স্থান নথকা নহয়৷ যদি লক্ষ্য কৰা যায় তেন্তে অখিল গগৈৰ নেতৃত্বাধীন ৰাইজৰ দলৰ সৈতে মিত্ৰতাৰ সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছে এতিয়ালৈকে একো সিদ্ধান্ত লোৱা নাই৷ অখিল গগৈয়ে আওপকীয়াকৈ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ সৈতে মিত্ৰতা হ’লে ৪৩খনকৈ আসন বিচাৰিব বুলি প্ৰকাশ কৰিছে৷ অখিল গগৈৰ এই প্ৰস্তাৱক নিশ্চিতভাৱে কংগ্ৰেছে মানি নলয়৷ যদি মিত্ৰতা নহয় তেন্তে অখিল গগৈয়ে উজনি-নামনি সকলোতে ৰাইজৰ দলৰ তৰফৰ পৰা প্ৰাৰ্থিত্ব দিব৷ যদি এনে হয় তেন্তে সৰ্বাধিক ক্ষতি হ’ব কংগ্ৰেছ আৰু এআইইউডিএফৰ৷ সেয়ে কংগ্ৰেছে হ’বলগীয়া এই ডেমেজক কণ্ট্ৰল কৰিবৰ বাবে ইতিমধ্যে ৰাইজৰ দলৰ পৰিৱৰ্তে আন এক আঞ্চলিক ৰাজনৈতিক শক্তিৰ সহায় উজনিত বিচাৰিব৷ এতিয়ালৈকে আনুষ্ঠানিক আলোচনাত কোনো এটা জাতি-জনগোষ্ঠীয় সংগঠনে বহা নাই৷ লুৰীণজ্যোতি গগৈয়েও এই সম্ভাৱনাবিলাকৰ ওপৰত কোনো ধৰণৰ মত পোষণ কৰা নাই৷ কিন্তু খেলা হৈছে আৰু কেইটামান দিনৰ পিছতেই উজনিত ২০২৬ ৰ বাবে এক পৃষ্ঠভূমি তৈয়াৰ হৈ উঠিব৷

Duliajan BN Singh Petrol Pump: দুভাগত বিভক্ত ৰাজ্যৰ জাতীয়তাবাদী শিবিৰ !

Duliajan BN Singh Petrol Pump: দুভাগত বিভক্ত ৰাজ্যৰ জাতীয়তাবাদী শিবিৰ !
Duliajan BN Singh Petrol Pump: দুভাগত বিভক্ত ৰাজ্যৰ জাতীয়তাবাদী শিবিৰ !

কেতিয়াবা মাছ, কেতিয়াবা তেল ডিপো অথবা কেতিয়াবা(Duliajan BN Singh Petrol Pump)বাংলাদেশীৰ প্ৰসংগক লৈ ৰাজ্যত জাতীয়তাবাদে নতুন ৰূপত জাগ্ৰত হৈ আহিছে৷ শেহতীয়াকৈ দুলীয়াজানত এটা তেল ডিপোত কেন্দ্ৰ কৰি হোৱা সংঘাতৰ পিছতে অসমত, বিশেষকৈ উজনি অসমত জাতীয়তাবাদৰ এক নতুন জাগৰণে ঢৌৱাই যোৱাৰ কথা সকলোৱে অনুভৱ কৰিছে৷ দুলীয়াজানৰ তেল ডিপো কাণ্ডত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰি তেওঁক হেণ্ডকাফ পিন্ধোৱাৰ পিছতে সমগ্ৰ বিষয়টোৱে এক নতুন ৰূপ পৰিগ্ৰহ কৰে৷ শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰক লৈ বিশেষ কোনো দল-সংগঠনে প্ৰথম অৱস্থাত মাত মতা নাছিল যদিও বৰুৱাক চোৰ, ডকাইত অথবা সন্ত্ৰাসবাদীৰ দৰে ব্যৱহাৰ কৰি হেণ্ডকাফ পিন্ধোৱাৰ পিছতে সমগ্ৰ ঘটনাক্ৰম সলনি হৈ পৰিল৷ এগৰাকী অসমীয়া যুৱকক এনেদৰে অন্যায়ভাৱে হেণ্ডকাফ পিন্ধোৱাৰ ঘটনাক লৈ উজনি অসমত জাগ্ৰত হৈ পৰিল জাতীয়তাবাদী শিবিৰৰ নেতা তথা কৰ্মীসকল৷

যিটো সময়ত অসমত বছৰৰ পিছত বছৰ ধৰি আছুৱে জাতীয়তাবাদৰ ধ্বজা বহন কৰি আহিছে সেই সময়ত পিছে এইবেলি দৃশ্যপটৰ পৰা সম্পূৰ্ণ উধাও আছু৷ উজনি অসমত শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ পিন্ধোৱাক লৈ জাতীয়তাবাদৰ নতুন ঢৌ বৈ যোৱাৰ সময়তে কিছু দিনলৈ আছুৰ নেতাসকলে মুখত পিঠা ভৰাই থাকিল৷ অৱশেষত যেনিবা সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমত বিষয়টোক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পিছত আছুৰ নেতৃবৃন্দই শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ পিন্ধোৱাৰ বিষয়ত মাত মাতিলে৷ অৱশ্যে আছুৰ নেতাসকলে যেন বিষয়টোত মাত মাতিবলৈ গৈ খাল খান্দি ঘঁৰিয়ালহে চপালে৷ আছুৰ নেতা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, উৎপল শৰ্মা আদিয়ে শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ পিন্ধোৱাৰ ঘটনাত প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ গৈ যেন নিজৰ মনৰ ভিতৰত লুকাই থকা আখেজ আৰু আক্ৰোশক উগাৰি দিলে৷ আছু নেতাদ্বয়ৰ প্ৰতিক্ৰিয়াৰ পিছতে সামাজিক মাধ্যমত বহুগৰাকী নেতাকে মানুহে তুলাধূনা দিলে৷ এনে সময়তে এতিয়া বিভিন্নজনৰ মাজত প্ৰশ্ন উত্থাপন হৈছে দুলীয়াজানৰ তেল ডিপোৰ ঘটনাই দৰাচলতে লাভৱান্বিত কৰিলে কাক, এই ঘটনাত কোন হ’ল ক্ষতিগ্ৰস্ত? বিভিন্নজনে এই বিষয়ত প্ৰকাশ কৰা প্ৰতিক্ৰিয়াৰ পৰা এই কথা স্পষ্ট হৈ পৰিছে যে দুলীয়াজানৰ ঘটনাই জাতীয়তাবাদৰ পতাকা ইমানদিনে বহন কৰি নিয়া আছুৰ গুৰুত্ব উজনি অসমত ভালেখিনি কমাই দিলে৷ ইয়াৰ লগতে উজনি অসমত আছুৰ সলনি আন কেইবাটাও জাতীয়তাবাদী শিবিৰে অসমীয়া জাতীয়তাবাদক সঠিক সময়ত সঠিক ৰূপত উজ্জীৱিত কৰি আগুৱাই নিবলৈ সক্ষম হোৱা বুলি বিভিন্নজনে চৰ্চা কৰিছে৷

ৰাইজৰ মাজত এইবুলিও চৰ্চা হৈছে যে দুলীয়াজানৰ তেল ডিপোৰ ঘটনাটোৰ পিছতে ৰাজ্যৰ জাতীয়তাবাদী শিবিৰ দেখ দেখকৈ দুটা ভাগত বিভক্ত হৈ পৰিছে৷ আছুৰ নেতাসকলে শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱাৰ ঘটনাক লৈ নৈতিকভাৱে যেনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব লাগিছিল ঠিক তেনেধৰণৰ প্ৰতিক্ৰিয়া যেন ৰাইজে তেওঁলোকৰ পৰা নাপালে৷ সেইবাবে দুলীয়াজানৰ ঘটনাই আছুৰ উজনি অসমত থকা প্ৰাধান্য তথা আনুগত্যক ভালেখিনি ম্লান কৰি পেলোৱা বুলি বিভিন্নজনে এতিয়া আলোচনা কৰিছে৷ দুলীয়াজানৰ ঘটনাটোৱে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত কৰা ব্যক্তিগৰাকী বিধায়ক তেৰছ গোৱালা বুলিও বহুতে চৰ্চা কৰা পৰিলক্ষিত হৈছে৷ উল্লেখ্য আমাৰ পূৰ্বৰ প্ৰতিবেদনতে এই কথা কোৱা হৈছিল যে শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰৰ আঁৰত বিধায়ক তেৰছ গোৱালাৰ হাত থকা বুলি বিভিন্নজনে সন্দেহ কৰিছিল৷ আমি এই কথাও লগতে প্ৰকাশ কৰিছিলো যে বিশেষ সূত্ৰই জনোৱা অনুসৰি সমগ্ৰ বিষয়টোত তেৰছ গোৱালাৰ ভূমিকাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুঠেও সন্তুষ্ট নাছিল৷ সেই বাবেই তেওঁ তেৰছ গোৱালাক ধমক দিয়া বুলিও সূত্ৰটোৱে প্ৰকাশ কৰিছিল৷ সূত্ৰটোৰ কথা কিমান দূৰ সঁচা অথবা মিছা সেই কথা একাষৰীয়া কৰি থৈ এটা কথাই ক’ব পাৰি যে দুলীয়াজানৰ ঘটনাটোৱে তেৰছ গোৱালাৰ ভাবমূৰ্তি নিঃসন্দেহে ভালেখিনি ম্লান কৰি পেলালে৷ আনকি চাহ বাগিচা অঞ্চলতো এতিয়া বহুতে তেৰছ গোৱালাৰ প্ৰতি বিষোদগাৰ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে৷ একেদৰে ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক জাতীয় বিষয়সমূহক মাত মতাৰ বাবেই এটা সময়ত অসমীয়া ৰাইজে জাতীয় নায়কৰ সন্মানেৰে বিভূষিত কৰিছিল৷ কিন্তু সেইগৰাকী জাতীয় নায়ক সৰ্বানন্দ সোণোৱালে শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱাৰ প্ৰসংগত এটা টু-শব্দও উচ্ছাৰণ নকৰিলে৷

এই কথা বহু লোক অসন্তুষ্ট হৈ পৰা বুলি এই প্ৰতিবেদকৰ সন্মুখত প্ৰকাশ কৰিছে৷ আওপাকে ক’বলৈ গ’লে দুলীয়াজানৰ ঘটনাটোৱে জাতীয় নায়ক সৰ্বানন্দ সোণোৱালৰ ভাবমূৰ্তিতো কিছু পৰিমাণে হ’লেও চেকা লগালে৷ আনহাতে, দুলীয়াজানৰ ঘটনাটোৱে হিৰোত পৰিণত কৰিলে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক৷ হিন্দী চিনেমাৰ কায়দাত শৃংখল চলিহাই আৰক্ষীৰ বেহুৰ মাজতে অসমীয়া মানুহৰ ওপৰত হোৱা যিকোনো অত্যাচাৰ সহ্য কৰা নহ’ব বুলি যি ধৰণে হুংকাৰ দিলে সেই হুংকাৰ অসমৰ যেন ইমূৰৰ পৰা সিমূৰলৈ প্ৰতিধ্বনিত হ’ল৷ আৰক্ষীয়ে সেয়ে আটক কৰাৰ পিছতো ব্যাপক গণ আন্দোলনৰ আশংকা কৰিয়েই শৃংখল চলিহাক পুনৰ স-সন্মানেৰে নিশা নিজৰ বাসগৃহত নমাই থৈ যাবলগীয়া হ’ল৷ এয়া নিঃসন্দেহে অসমীয়া প্ৰতিবাদী জাতীয়তাবাদী শিবিৰৰ বাবে এক বিজয় বুলি বহুতে মন্তব্য কৰিছে৷ একেদৰে দুলীয়াজানৰ ঘটনাটোক লৈ পুনৰ জাতীয়তাবাদী শিবিৰত উজ্জীৱিত কৰাত সফল হ’ল অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ৷ শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে প্ৰথম অৱস্থাত শংকৰজ্যোতিক হেণ্ডকাফ লগোৱাৰ প্ৰসংগত কিছু মাত মাতিছিল যদিও পিছদিনাই তেওঁ পুনৰ স্থিতি সলনি কৰি চান্দা পাৰ্টী আদি বাক্য উচ্ছাৰণ কৰাৰ পিছতে তেওঁৰ প্ৰতি প্ৰতিবাদী জনতাৰ মনোভাবো নিশাটোৰ ভিতৰতে সলনি হৈ পৰা বুলি বহুতে এতিয়া আলোচনা কৰিছে৷ দুলীয়াজানৰ ঘটনাই সোমবাৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰা শংকৰজ্যোতি বৰুৱাক আটাইতকৈ বেছি উপকৃত কৰা বুলি এতিয়া বিভিন্নজনে চৰ্চা কৰা পৰিলক্ষিত হৈছে৷

বহুতে লগতে এই বুলিও কৈছে যে শংকৰজ্যোতি বৰুৱাৰ বাবে হেণ্ডকাফ ডাল অভিশাপ নহৈ যেন আশীৰ্বাদহে হৈ পৰিল৷ বহুতে এইবুলিও আলোচনা কৰিছে যে শংকৰজ্যোতি বৰুৱাই শীঘ্ৰে গেৰুৱা বাহিনীত যোগদান কৰিব আৰু তেওঁ ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত দুলীয়াজানৰ পৰা টিকট পোৱাৰ সম্ভাৱনা আছে৷ এনে পৰিস্থিতিত বৰ্তমানৰ বিধায়ক তেৰছ গোৱালাৰ সান্দহ খোৱা বালি তল যাব পাৰে বুলি বহুতে এতিয়া আলোচনা কৰা পৰিলক্ষিত হৈছে৷ সঁচাকৈ তেল ডিপোৱে জ্বলাব পাৰে জাতীয়তাবাদৰ জুই, সেই কথা এতিয়া দুলীয়াজানত দেখ দেখকৈ প্ৰমাণ হৈছে৷

Palpitations: কি ভিটামিনৰ অভাৱত বুকুৰ ধপধপনি বৃদ্ধি পায় ?

Palpitations: কি ভিটামিনৰ অভাৱত বুকুৰ ধপধপনি বৃদ্ধি পায় ?
Palpitations: কি ভিটামিনৰ অভাৱত বুকুৰ ধপধপনি বৃদ্ধি পায় ?

যদি আপুনি নিয়মিতভাৱে হৃদস্পন্দন বৃদ্ধি বা অদ্ভুত নাৰ্ভাছ অনুভৱ কৰে, তেন্তে সহজভাৱে নল’ব। হয়তো আপোনাৰ শৰীৰত এক নিৰ্দিষ্ট ভিটামিনৰ অভাৱ হৈছে।(Palpitations)

কেতিয়াবা অলপ নাৰ্ভাছ অনুভৱ কৰাটো স্বাভাৱিক আৰু নাৰ্ভাছ অনুভৱৰ লগে লগে হৃদস্পন্দন বৃদ্ধি পায়, কিন্তু যদি বাৰে বাৰে এনেকুৱা হয় তেন্তে বুজিব যে এইটো এটা বিপদৰ সংকেত। ইয়াৰ কাৰণ হ’ব পাৰে ৰক্তকণিকা উৎপাদন, স্নায়ুৰ কাৰ্য্য আৰু ডি এন এ সংশ্লেষণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান ভিটামিন বি ১২ৰ অভাৱ। ইয়াৰ অভাৱত হৃদস্পন্দন বৃদ্ধি (স্পন্দন)কে ধৰি বহুতো স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে।

B12 ৰ অভাৱত কিয় নাৰ্ভাছ হয়?

ভিটামিন বি ১২ৰ অভাৱত স্পন্দনৰ এটা প্ৰধান কাৰণ হ’ল ইয়াৰ প্ৰভাৱ ৰক্তকণিকা উৎপাদনত। শৰীৰত অক্সিজেন কঢ়িয়াই নিয়া সুস্থ আৰ বি চি গঠনৰ বাবে ভিটামিন বি ১২ অতি গুৰুত্বপূৰ্ণ। বি১২ৰ মাত্ৰা কম হ’লে শৰীৰে কম, ডাঙৰ আৰু কম কাৰ্যক্ষম ৰক্তকণিকা সৃষ্টি কৰে, যিটো অৱস্থাক মেগাল’ব্লাষ্টিক এনিমিয়া বুলি কোৱা হয়। ইয়াৰ ফলত হৃদযন্ত্ৰকে ধৰি কলাবোৰলৈ অক্সিজেনৰ যোগান কমি যায়।

হৃদযন্ত্ৰৰ প্ৰচেষ্টা বৃদ্ধি হোৱাটো দ্ৰুত হৃদস্পন্দন বা ধপধপনি হিচাপে প্ৰকাশ পাব পাৰে, বিশেষকৈ এঞ্জাইনাত। ৰক্তহীনতাৰ বাবে অক্সিজেনৰ যোগান কমি গ’লে বিশেষকৈ শাৰীৰিক পৰিশ্ৰমৰ সময়ত হৃদস্পন্দন দ্ৰুত হোৱাকে ধৰি এঞ্জাইনাৰ লক্ষণ দেখা দিব পাৰে।

বি১২ৰ অভাৱৰ অন্যান্য লক্ষণ


ইয়াৰ উপৰিও বি১২ৰ অভাৱে স্নায়ুতন্ত্ৰত প্ৰভাৱ পেলায়, যিয়ে হৃদযন্ত্ৰৰ ছন্দ নিয়ন্ত্ৰণ কৰে। B12 ৰ মাত্ৰা কম হ’লে স্নায়ুৰ কাৰ্য্যকলাপ ক্ষতিগ্ৰস্ত হ’ব পাৰে, আৰু হৃদস্পন্দনৰ ওপৰত স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰৰ নিয়ন্ত্ৰণত প্ৰভাৱ পৰিব পাৰে, যাৰ ফলত হৃদস্পন্দন অনিয়মিত বা দ্ৰুত হয়। এই স্নায়ুজনিত প্ৰভাৱে ৰক্তহীনতাৰ ফলত হোৱা হৃদযন্ত্ৰৰ ধপধপনি বৃদ্ধি কৰে।

Dimpu Baruah: বিপদত ইউটিউবাৰ ডিম্পু বৰুৱা ! ‘খগেন’ গীতটোক লৈ বিপদত ডিম্পু

Dimpu Baruah: বিপদত ইউটিউবাৰ ডিম্পু বৰুৱা ! 'খগেন' গীতটোক লৈ বিপদত ডিম্পু
Dimpu Baruah: বিপদত ইউটিউবাৰ ডিম্পু বৰুৱা ! 'খগেন' গীতটোক লৈ বিপদত ডিম্পু

অলপতে সামাজিক মাধ্যমত এটা গীত যথেষ্ট চৰ্চাত আছিল।(Dimpu Baruah)সামাজিক মাধ্যমত বহুতে গীতটিক আকোঁৱালি লোৱাৰ লগতে বহুতে সেই গীতটোক সমালোচনাও কৰিছিল। সেই গীতটিৰ বাবে এতিয়া বিপদত পৰিছে জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা।

জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাৰ বিৰুদ্ধে গোচৰ তৰিছে। দিছপুৰ আৰক্ষী থানাত ডিম্পুৰ বিৰুদ্ধে সদৌ অসম গোসাঁই সমাজে তৰিলে গোচৰ। চৰ্চিত অসমীয়া গীতটোত অশ্লীল আৰু অপমানজনক শব্দ ব্যৱহাৰ কৰাৰ অভিযোগ। সেই চৰ্চিত তথা বিতৰ্কিত গীতটোৰ প্ৰচাৰ চলাইছিল ইউটিউবাৰ ডিম্পু বৰুৱাই। সেইবাবে ডিম্পু বৰুৱাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। মৃদুল নামৰ যুৱকজনৰ বিৰুদ্ধেও বিৰুদ্ধেও এজাহাৰ দাখিল। মৃদুলে কণ্ঠ নিগৰাইছিল খগেন গীতটিত।

সদৌ অসম গোসাঁই সমাজয়ে অনলাইনযোগে FIR দিয়ে। গীতটোত অশ্লীল আৰু অপমানজনক শব্দ ব্যৱহাৰৰ অভিযোগ সদৌ অসম গোসাঁই সমাজৰ।

Gaurav Gogoi: ‘গৌৰৱ গগৈৰ পত্নী ভাৰতত থাকিব নোৱাৰিব’

Gaurav Gogoi: 'গৌৰৱ গগৈৰ পত্নী ভাৰতত থাকিব নোৱাৰিব'
Gaurav Gogoi: 'গৌৰৱ গগৈৰ পত্নী ভাৰতত থাকিব নোৱাৰিব'

পুনৰ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্তান লিংক থকা অভিযোগৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।(Gaurav Gogoi)

মুক্যমন্ত্ৰীগৰাকীয়ে কয় যে গৌৰৱ গগৈৰ পত্নী ভাৰতত থাকিব নোৱাৰিব; গৌৰৱ গগৈ আৰু পত্নীৰ ওপৰত SERIOUS CHARGE লাগিব। মই ১৩ বছৰ পূৰ্বেই তৰুণ গগৈক কৈছিলো গৌৰৱ পত্নীৰ পাকিস্তানৰ সৈতে থকা সম্পৰ্কৰ কথা।পাকিস্তানৰ দৰমহা লৈ কাম কৰা মানে পাকিস্তানৰ চোৰাংচোৱাগিৰি কৰা। গৌৰৱ গগৈৰ ঘৰৰ ৪ টা মানুহৰ ৩ টাই বিদেশী; গতিকে কংগ্ৰেছে কি বিদেশীৰ কথা ক’ব?

এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

WHO: বিশ্বৰ ৭০ দেশলৈ নামি আহিব চৰম দুৰ্যোগ

WHO: বিশ্বৰ ৭০ দেশলৈ নামি আহিব চৰম দুৰ্যোগ
WHO: বিশ্বৰ ৭০ দেশলৈ নামি আহিব চৰম দুৰ্যোগ

বিশ্ব স্বাস্থ্য সংস্থাই শুনালে সতৰ্কবাণী৷(WHO) বিশ্ব স্বাস্থ্য সংস্থাই এতিয়া চৰম অৰ্থনৈতিক সংকটত ভুগিছে৷ ফলত সংস্থাটোৱে আৰু পূৰ্বৰ দৰে সকলোৰে সেৱা কৰিব নোৱাৰিব৷ ইয়াৰ পৰিণাম অতি ভয়াৱহ হ’বলৈ গৈ আছে৷ জানিব পৰা মতে, এতিয়াৰে পৰা বিশ্বৰ ৭০খন দেশে আৰু স্বাস্থ্য খণ্ডৰ সাহায্য লাভ কৰিব নোৱাৰিব৷ এই দেশসমূহে এতিয়া বিশ্ব স্বাস্থ্য সংস্থাত দেখা দিয়া ধনৰ অভাৱৰ পৰিণতি ভোগ কৰিব লাগিব৷ ডব্লিউ এইচ অ’ৰ সঞ্চালকপ্ৰধান টেড্ৰ’ছ আধনম গেব্ৰেইছাছে কয় যে ইতিমধ্যে ৰোগীয়ে চিকিৎসা লাভ কৰা নাই৷ স্বাস্থ্য খণ্ডৰ বিভিন্ন সেৱা বন্ধ কৰি দিয়া হৈছে৷ বহু স্বাস্থ্যকৰ্মীয়ে চাকৰি হেৰুৱাইছে৷ দৰিদ্ৰ লোকে এতিয়া উপযুক্ত চিকিৎসা লাভ কৰা নাই৷

চিকিৎসা ক্ষেত্ৰখনত ডাঙৰ অৰ্থনৈতিক সংকটে দেখা দিছে৷ বৰ্তমান সংস্থাটোৰ ঘাটি হৈছে ৬০ কোটি মাৰ্কিন ডলাৰ৷ বাৰ্ষিক বাজেট ২১ শতাংশ কৰ্তন কৰা হৈছে৷ এই পৰিস্থিতি আৰু দুবছৰলৈ অব্যাহত থাকিব বুলি খবৰ পোৱা গৈছে৷ জেনেভাত বিশ্ব স্বাস্থ্য সংস্থাৰ বিষয়াসকলৰ এখন বৈঠক অনুষ্ঠিত হয়৷ এই পৰিস্থিতিত তেওঁলোক অতিশয় উদ্বিগ্ন হৈ পৰিছে৷ আমেৰিকাই গ্ৰহণ কৰা নীতিৰ ফলস্বৰূপে বিশ্ব স্বাস্থ্য সংস্থাই এই দিনটোৰ সন্মুখীন হ’বলগীয়া হৈছে বুলি বহুতে দাবী কৰিছে৷ যি সময়ত আমেৰিকাই এই সংগঠনৰ পৰা আঁতৰি আহিছে, চীনে তেওঁলোকৰ কাষত থিয় দিছে৷

বৰ্তমান চীনৰ ধনে সংস্থাটোক বহুত সহায় কৰিছে৷ ডব্লিউ এইচ অ’ৰ মুৰব্বীগৰাকীয়ে কয় যে তেওঁলোকৰ আৰ্থিক অৱস্থা যিদৰে গঢ় লৈ উঠিছে, তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে আৰু লাখ লাখ লোকক সহায় কৰিব নোৱাৰিব৷ বিভিন্ন দেশৰ পৰা কোনো ৰোগৰ খবৰ আহিলেও তেওঁলোকৰ কোনো কামত নাহিব৷ অনাগত দিনত সমগ্ৰ বিশ্বই বিশ্ব স্বাস্থ্য সংস্থাৰ এই সমস্যা উপলব্ধি কৰিব৷ নিজৰ মাজত বিবাদ নিষ্পত্তি কৰাৰ সময়ত বিভিন্ন আগশাৰীৰ দেশে পাহৰি গৈছে যে অদৃশ্য শক্তিৰ বিৰুদ্ধে যুঁজিব লাগিব৷ তেওঁলোকৰ সেই শক্তি নাই বুলি তেওঁ কয়৷ ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাই বাজেট চ্ছ্ৰ.২ বিলিয়ন ডলাৰৰ পৰা ২.ৰ বিলিয়ন ডলাৰলৈ হ্ৰাস কৰিছে৷ ফলস্বৰূপে এতিয়াৰ পৰা মহামাৰী প্ৰতিৰোধৰ ক্ষেত্ৰত তেওঁলোকে যি সক্ৰিয় ভূমিকা পালন কৰিছিল, তাৰ পৰাও বিৰত থাকিব লাগিব বুলি আশংকা কৰা হৈছে৷