Home Blog Page 165

WHO: বিশ্বৰ ৭০ দেশলৈ নামি আহিব চৰম দুৰ্যোগ

WHO: বিশ্বৰ ৭০ দেশলৈ নামি আহিব চৰম দুৰ্যোগ
WHO: বিশ্বৰ ৭০ দেশলৈ নামি আহিব চৰম দুৰ্যোগ

বিশ্ব স্বাস্থ্য সংস্থাই শুনালে সতৰ্কবাণী৷(WHO) বিশ্ব স্বাস্থ্য সংস্থাই এতিয়া চৰম অৰ্থনৈতিক সংকটত ভুগিছে৷ ফলত সংস্থাটোৱে আৰু পূৰ্বৰ দৰে সকলোৰে সেৱা কৰিব নোৱাৰিব৷ ইয়াৰ পৰিণাম অতি ভয়াৱহ হ’বলৈ গৈ আছে৷ জানিব পৰা মতে, এতিয়াৰে পৰা বিশ্বৰ ৭০খন দেশে আৰু স্বাস্থ্য খণ্ডৰ সাহায্য লাভ কৰিব নোৱাৰিব৷ এই দেশসমূহে এতিয়া বিশ্ব স্বাস্থ্য সংস্থাত দেখা দিয়া ধনৰ অভাৱৰ পৰিণতি ভোগ কৰিব লাগিব৷ ডব্লিউ এইচ অ’ৰ সঞ্চালকপ্ৰধান টেড্ৰ’ছ আধনম গেব্ৰেইছাছে কয় যে ইতিমধ্যে ৰোগীয়ে চিকিৎসা লাভ কৰা নাই৷ স্বাস্থ্য খণ্ডৰ বিভিন্ন সেৱা বন্ধ কৰি দিয়া হৈছে৷ বহু স্বাস্থ্যকৰ্মীয়ে চাকৰি হেৰুৱাইছে৷ দৰিদ্ৰ লোকে এতিয়া উপযুক্ত চিকিৎসা লাভ কৰা নাই৷

চিকিৎসা ক্ষেত্ৰখনত ডাঙৰ অৰ্থনৈতিক সংকটে দেখা দিছে৷ বৰ্তমান সংস্থাটোৰ ঘাটি হৈছে ৬০ কোটি মাৰ্কিন ডলাৰ৷ বাৰ্ষিক বাজেট ২১ শতাংশ কৰ্তন কৰা হৈছে৷ এই পৰিস্থিতি আৰু দুবছৰলৈ অব্যাহত থাকিব বুলি খবৰ পোৱা গৈছে৷ জেনেভাত বিশ্ব স্বাস্থ্য সংস্থাৰ বিষয়াসকলৰ এখন বৈঠক অনুষ্ঠিত হয়৷ এই পৰিস্থিতিত তেওঁলোক অতিশয় উদ্বিগ্ন হৈ পৰিছে৷ আমেৰিকাই গ্ৰহণ কৰা নীতিৰ ফলস্বৰূপে বিশ্ব স্বাস্থ্য সংস্থাই এই দিনটোৰ সন্মুখীন হ’বলগীয়া হৈছে বুলি বহুতে দাবী কৰিছে৷ যি সময়ত আমেৰিকাই এই সংগঠনৰ পৰা আঁতৰি আহিছে, চীনে তেওঁলোকৰ কাষত থিয় দিছে৷

বৰ্তমান চীনৰ ধনে সংস্থাটোক বহুত সহায় কৰিছে৷ ডব্লিউ এইচ অ’ৰ মুৰব্বীগৰাকীয়ে কয় যে তেওঁলোকৰ আৰ্থিক অৱস্থা যিদৰে গঢ় লৈ উঠিছে, তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে আৰু লাখ লাখ লোকক সহায় কৰিব নোৱাৰিব৷ বিভিন্ন দেশৰ পৰা কোনো ৰোগৰ খবৰ আহিলেও তেওঁলোকৰ কোনো কামত নাহিব৷ অনাগত দিনত সমগ্ৰ বিশ্বই বিশ্ব স্বাস্থ্য সংস্থাৰ এই সমস্যা উপলব্ধি কৰিব৷ নিজৰ মাজত বিবাদ নিষ্পত্তি কৰাৰ সময়ত বিভিন্ন আগশাৰীৰ দেশে পাহৰি গৈছে যে অদৃশ্য শক্তিৰ বিৰুদ্ধে যুঁজিব লাগিব৷ তেওঁলোকৰ সেই শক্তি নাই বুলি তেওঁ কয়৷ ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাই বাজেট চ্ছ্ৰ.২ বিলিয়ন ডলাৰৰ পৰা ২.ৰ বিলিয়ন ডলাৰলৈ হ্ৰাস কৰিছে৷ ফলস্বৰূপে এতিয়াৰ পৰা মহামাৰী প্ৰতিৰোধৰ ক্ষেত্ৰত তেওঁলোকে যি সক্ৰিয় ভূমিকা পালন কৰিছিল, তাৰ পৰাও বিৰত থাকিব লাগিব বুলি আশংকা কৰা হৈছে৷

শিৱসাগৰত শিক্ষামন্ত্ৰীৰ মোবাইল বিতৰণ, কাৰ্যসূচীপ্ৰায় ৯০ গৰাকী অংগনবাদী কৰ্মীক লাভা Android ম’বাইল প্ৰদান । Android Mobile

শিৱসাগৰত শিক্ষামন্ত্ৰীৰ মোবাইল বিতৰণ, কাৰ্যসূচীপ্ৰায় ৯০ গৰাকী অংগনবাদী কৰ্মীক লাভা Android ম’বাইল প্ৰদান । Android Mobile
শিৱসাগৰত শিক্ষামন্ত্ৰীৰ মোবাইল বিতৰণ, কাৰ্যসূচীপ্ৰায় ৯০ গৰাকী অংগনবাদী কৰ্মীক লাভা Android ম’বাইল প্ৰদান । Android Mobile

Android Mobile । শিৱসাগৰৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ চুকাফ্যা সভাকক্ষত আজি এক গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত জিলাৰ প্ৰায় ১২০০টা অংগনবাদী কেন্দ্ৰৰ মাজৰ পৰা প্ৰথম পৰ্যায়ত ৯০ গৰাকী অংগনবাদী মহিলা কৰ্মীক লাভা Android ম’বাইল ফোন বিতৰণ কৰা হয়।

এই কাৰ্যসূচীৰ মূল উদ্দেশ্য হ’ল — অংগনবাদী কেন্দ্ৰসমূহ অধিক কার্যকৰীভাৱে পৰিচালনা কৰা, আধুনিক প্ৰযুক্তিৰ সহায়ত চৰকাৰী পৰ্যবেক্ষণ প্ৰণালী অধিক সুসংগঠিত কৰা, আৰু কৰ্মীসকলৰ দক্ষতা বৃদ্ধিৰ জৰিয়তে শিশু বিকাশ আৰু পুষ্টিৰ ক্ষেত্ৰত উন্নত সেৱা নিশ্চিত কৰা।

অনুষ্ঠানটোত শিৱসাগৰৰ অভিভাৱক মন্ত্ৰী তথা শিক্ষামন্ত্ৰী, বিভাগীয় বিষয়া, আৰু অংগনবাদী বিভাগৰ কৰ্মচাৰীসকল উপস্থিত থাকে। লগতে, বিজেপিৰ জিলা সভাপতি বিতুপন ৰাইদঙীয়া, প্ৰাক্তন বিধায়ক কুশল দুৱৰী, টাই আহোম জনগোষ্ঠীৰ উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ুৰ বৰগোহাঁই, আৰু আমগুৰিৰ বিধায়ক তথা অগপ নেতা প্ৰদীপ হাজৰিকাই এই বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰে।

বক্তাসকলে ম’বাইল ফোনৰ ব্যৱহাৰ আৰু ইয়াৰ উপযোগিতাৰ বিষয়ে মত প্ৰকাশ কৰি কয় যে, এই ব্যৱস্থাই অংগনবাদী কৰ্মীসকলৰ দায়িত্ব পালনত এক নতুন দিশ মুকলি কৰিব। তথ্য সংগ্ৰহ, দিহা-পৰামৰ্শ, আৰু কাৰ্যসূচীৰ মনিটৰিং এতিয়া অধিক সহজ আৰু ফলপ্ৰসূ হ’ব বুলি আশা প্ৰকাশ কৰা হয়।

শিক্ষামন্ত্ৰীয়ে এই পদক্ষেপক অংগনবাদী ব্যৱস্থাপনাৰ ক্ষেত্ৰত “এটা নতুন অধ্যায়ৰ আৰম্ভণি” বুলি অভিহিত কৰে আৰু কয় যে, প্ৰযুক্তিৰ সদ্ব্যৱহাৰেৰে শিশু বিকাশ, মাতৃ-পুষ্টি, আৰু স্বাস্থ্য সেৱাত ইতিবাচক পৰিৱর্তন আশা কৰিব পাৰি।

এই ধৰণৰ উদ্যোগে গাঁৱৰ গাঁওলৈ সেৱা আগবঢ়োৱা অংগনবাদী কৰ্মীসকলৰ কাৰ্যক্ষমতা আৰু দায়িত্ববোধ অধিক সুদৃঢ় কৰাৰ দিশে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে।

‘কংগ্ৰেছৰ সিদ্ধান্তত আমি হতভম্ব, আমি লজ্জিত’ – পৱিত্ৰ মাৰ্ঘেৰিটা । Pabitra Margherita

‘কংগ্ৰেছৰ সিদ্ধান্তত আমি হতভম্ব, আমি লজ্জিত’ – পৱিত্ৰ মাৰ্ঘেৰিটা । Pabitra Margherita
‘কংগ্ৰেছৰ সিদ্ধান্তত আমি হতভম্ব, আমি লজ্জিত’ – পৱিত্ৰ মাৰ্ঘেৰিটা । Pabitra Margherita


Pabitra Margherita । অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে গৌৰৱ গগৈৰ নিযুক্তিৰ পিছতে দেশৰ ৰাজনৈতিক মহলত বিভিন্ন প্ৰতিক্ৰিয়া আহি আছে। এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

তেওঁ কয়, “কংগ্ৰেছৰ এই সিদ্ধান্তত আমি হতভম্ব আৰু লজ্জিত। গৌৰৱ গগৈৰ পৰিয়ালৰ চাৰিজন সদস্যৰ ভিতৰত তিনি জনেই বিদেশী। এই পৰিয়ালৰ এজন সদস্যই পাকিস্তানৰ পৰা দৰমহা লৈছে।”

তেওঁ আনকি এই সিদ্ধান্তক ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰতো এক ভয়ংকৰ সংকেত হিচাপে অভিহিত কৰিছে। মাৰ্ঘেৰিটাৰ মতে, “গৌৰৱ গগৈ সভাপতি হোৱাটো কংগ্ৰেছৰ বাবে দুৰ্ভাগ্যজনক, আৰু এই সিদ্ধান্তে দলটোক আগলৈ ভয়ংকৰ বিপদৰ ফালে ঠেলিব পাৰে।”

গৌৰৱ গগৈ হ’ল অসম প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি । Garuva Gogi

গৌৰৱ গগৈ হ'ল অসম প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি । Garuva Gogi
গৌৰৱ গগৈ হ'ল অসম প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি । Garuva Gogi

Garuva Gogi । ভাৰতীয় জাতীয় কংগ্ৰেছে এখন গুৰুত্বপূর্ণ সিদ্ধান্ত গ্ৰহণ । কংগ্ৰেছ হাইকমান্ডে গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নতুন সভাপতি হিচাপে নিযুক্ত কৰিছে। এই নিযুক্তিৰ ফলস্বৰূপে ভূপেন বৰাক সভাপতি পদৰ পৰা অপসাৰণ কৰা হৈছে।

একেদৰে, অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি হিচাপে তিনিগৰাকী নেতাক নিযুক্ত কৰা হৈছে। তেওঁলোকে হৈছে —

  • জাকিৰ হুছেইন শিকদাৰ
  • ৰৌজলীনা তিৰ্কি
  • প্ৰদীপ সৰকাৰ

Durlav Buragohain: গল্পকাৰ, শিশু-সাহিত্যিক, সাংবাদিক দুৰ্লভ বুঢ়াগোহাঁইৰ দেহাৱসান

Durlav Buragohain: গল্পকাৰ, শিশু-সাহিত্যিক, সাংবাদিক দুৰ্লভ বুঢ়াগোহাঁইৰ দেহাৱসান
Durlav Buragohain: গল্পকাৰ, শিশু-সাহিত্যিক, সাংবাদিক দুৰ্লভ বুঢ়াগোহাঁইৰ দেহাৱসান

বিশিষ্ট সাংবাদিক, গল্পকাৰ তথা শিশু-সাহিত্যিক দুৰ্লভ বুঢ়াগোহাঁইৰ চিকিৎসাধীন অৱস্থাত দেহাৱসান।(Durlav Buragohain)

গড়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰ-প্ৰাপ্ত মূৰব্বী অধ্যাপক তথা শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি দুৰ্লভ বুঢ়াগোহাঁই হৃদৰোগত আক্ৰান্ত হোৱাৰ লগতে উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ প্ৰায় পষেক কাল পূৰ্বে শয্যাগত হৈ ডিব্ৰুগড়ৰ মেডিচিটি চিকিৎসালয়ত চিকিৎসকৰ তত্বাৱধানত আছিল।

আজি বিয়লি দেহাৱসান ঘটে দুৰ্লভ বুঢ়াগোঁহাই৷ ৮৫ বছৰ বয়সত দেহাৱসান ঘটে দুৰ্লভ বুঢ়াগোঁহাই ৷

Egg: ছমাহ নে এবছৰ, কিমান বয়সত শিশুক প্ৰথমবাৰৰ বাবে কণী খুৱাব লাগে ?

Egg: ছমাহ নে এবছৰ, কিমান বয়সত শিশুক প্ৰথমবাৰৰ বাবে কণী খুৱাব লাগে ?
Egg: ছমাহ নে এবছৰ, কিমান বয়সত শিশুক প্ৰথমবাৰৰ বাবে কণী খুৱাব লাগে ?

শিশুৰ বিকাশৰ বাবে সিজোৱা কণী অতি উত্তম বুলি গণ্য কৰা হয়।সিজোৱা কণী খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী। (Egg)কণীত প্ৰটিন পোৱা যায় যিটো স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ। প্ৰথমবাৰৰ বাবে সন্তানক কেতিয়া কণী খুৱাব লাগে সেই বিষয়ে নতুন অভিভাৱকসকলে নাজানে। কিছুমানে কয় যে ৬ মাহ বয়সত কণী খুৱাব লাগে আনহাতে কিছুমানে কয় যে শিশুটিক ১ বছৰ বয়সত কণী খুৱাব লাগে। কণী কেতিয়া শিশুক খুৱাব লাগে জানো আহক-

এগৰাকী শিশু চিকিৎসকে ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰি কয় যে কণী শিশুৰ বাবে অতি উপকাৰী। শিশুক কণী খুৱাবৰ আগতে কিছুমান কথা মনত ৰাখিব লাগে। বিশেষজ্ঞসকলৰ মতে ৬ মহীয়া শিশুক কণী খাবলৈ দিব পাৰি। সিজোৱা কণীৰ কুহুম গুড়ি কৰি গাখীৰ বা সূত্ৰৰ লগত দিব পাৰে।

বগা অংশ-
সৰু ল’ৰা-ছোৱালীক বগা অংশটো খুৱাব নালাগে, কাৰণ কণীৰ বগা অংশটোৱে এলাৰ্জীৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। শিশুক আৰম্ভণিতে কুহুম খুৱাব লাগে।

কণীৰ সৰু সৰু টুকুৰা-
৯ মহীয়া শিশুৰ চোবাই খোৱাৰ ক্ষমতা বাঢ়িবলৈ আৰম্ভ কৰে, গতিকে শিশুটিৰ ৯ মাহ হ’লে কণীৰ সৰু সৰু টুকুৰা দিব পাৰে। কিন্তু মনত ৰাখিব যে কণী সম্পূৰ্ণ সিজিব লাগে।

দিনটোত কিমান কণী দিব লাগে-
বিশেষজ্ঞসকলৰ মতে শিশুক দিনটোত মাত্ৰ এটা কণীহে দিব লাগে। কণী খুৱাই দিয়াৰ পিছত ৩ দিনৰ ব্যৱধান ৰাখিব যাতে কণীৰ ফলত হোৱা যিকোনো ধৰণৰ এলাৰ্জী চিনাক্ত কৰিব পৰা যায়।

কমকৈ সিজোৱা কণী-
শিশুক আধা সিজোৱা কণী নিদিব, কাৰণ আধা সিজোৱা কণী খালে শিশুৰ সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।

sankar jyoti baruah: ‘শংকৰজ্যোতি বৰুৱাক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ চলিছে’

sankar jyoti baruah: 'শংকৰজ্যোতি বৰুৱাক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ চলিছে'
sankar jyoti baruah: 'শংকৰজ্যোতি বৰুৱাক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ চলিছে'

দুলীয়াজান কাণ্ডৰ অভিযুক্ত প্ৰকাশ চাহুক আজি গ্ৰেপ্তাৰ কৰা হয় ৷(sankar jyoti baruah)


তনু শ্বাহীৰ এজাহাৰত নাম উল্লেখ আছিল প্ৰকাশ চাহুৰ।


কেহেং চাহ বাগিছাৰ বিশফুটীয়া অঞ্চলৰ পৰা গ্ৰেপ্তাৰ ৷


দুলীয়াজানৰ আটছাৰ উপদেষ্টা আছিল প্ৰকাশ চাহু।

জেললৈ যোৱাৰ পূৰ্বে সংবাদমাধ্যক কৈ গ’ল শংকৰজ্যোতি বৰুৱাক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ চলিছে।

Indus Waters Treaty: ভাৰতৰ ‘সিন্ধ যুদ্ধ’ৰ বাবে সংকটত ২৪ কোটি পাকিস্তানী

Indus Waters Treaty: ভাৰতৰ ‘সিন্ধ যুদ্ধ’ৰ বাবে সংকটত ২৪ কোটি পাকিস্তানী
Indus Waters Treaty: ভাৰতৰ ‘সিন্ধ যুদ্ধ’ৰ বাবে সংকটত ২৪ কোটি পাকিস্তানী

ভাৰতে সিন্ধু জল চুক্তি স্থগিত ৰখাৰ সিদ্ধান্তক লৈ ৰাষ্ট্ৰসংঘত(Indus Waters Treaty)পাকিস্তানে অভিযোগ দাখিল কৰিছে৷ অভিযোগত কোৱা হৈছে যে সিন্ধু জল চুক্তি স্থগিত ৰখাৰ ফলত ২৪ কোটি পাকিস্তানীৰ বাবে অস্তিত্ব সংকটৰ সৃষ্টি হ’ব পাৰে৷ ভাৰতৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি ইছলামবাদৰ প্ৰতিনিধিয়ে আন্তঃৰাষ্ট্ৰীয় সমাজক বিষয়টোৰ ওপৰত চকু ৰাখিবলৈ আহ৩ান জনায়৷ লগতে বৃহৎ সংকটৰ সৃষ্টি হোৱাৰ আগতেই তেওঁ ব্যৱস্থা গ্ৰহণৰ বাবে আবেদন জনায়৷

এই তথ্য প্ৰকাশ কৰিছে পাকিস্তানী সংবাদ মাধ্যম ড’নে৷ যোৱা ২২ এপ্ৰিলত পহলগামত পৰ্যটকৰ ওপৰত পাককৱ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে৷ ভাৰতে সিন্ধু জল চুক্তি স্থগিত ৰখাৰ সিদ্ধান্ত লৈছিল৷ ১৯৬০ চনৰ এই সন্ধি অনুসৰি সিন্ধু নদী আৰু ইয়াৰ পাঁচখন উপনৈৰ জলভাগ ভাৰত আৰু পাকিস্তানৰ মাজত বিভক্ত কৰা হৈছিল৷ চুক্তিখন স্থগিত ৰখাৰ ফলত চৰ্তসমূহ উলংঘা কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে পকিস্তানে৷ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এখন বৈঠকত পাকিস্তানৰ ৰাষ্ট্ৰদূত তথা উপ-স্থায়ী প্ৰতিনিধি উছমান জাদুনে এই বিষয়টোৰ প্ৰতি কতৃৰ্পক্ষৰ দৃষ্টি আকৰ্ষণ কৰে৷

সিন্ধু জল চুক্তি স্থগিত ৰখাৰ সন্দৰ্ভত পাকিস্তানী প্ৰতিনিধিয়ে কয় যে, ভাৰতে সন্ধি স্থগিত ৰখাৰ সিদ্ধান্ত মানৱ অধিকাৰ আইন আৰু সকলো আন্তঃৰাষ্ট্ৰীয় আইনৰ বিৰুদ্ধে৷ ভাৰতৰ এই অবৈধ ঘোষণাৰ আমি তীব্ৰ বিৰোধিতা কৰিছো৷ ভাৰতে চুক্তিখনৰ চৰ্তসমূহ কঠোৰভাৱে মানি চলিব লাগে৷ সেই নদীবোৰৰ পানী বন্ধ কৰিব নালাগে বা সেই নদীবোৰৰ গতিপথ কোনো ধৰণে সলনি কৰিব নালাগে৷ এই নদীখন ২৪ কোটি পাকিস্তানীৰ জীৱনৰেখা৷ ‘আমি কেতিয়াও এনে পদক্ষেপ গ্ৰহণ নকৰো৷’ পাকিস্তানে ৰাষ্ট্ৰসংঘক জনাইছে যে সিন্ধু জল চুক্তি সন্দৰ্ভত ভাৰতৰ ৰাজনৈতিক নেতৃত্বৰ বিভিন্ন মন্তব্য ‘চিন্তনীয়’৷ তেওঁলোকে দাবী কৰে যে ভাৰতে পানীক ‘অস্ত্ৰ’ হিচাপে ব্যৱহাৰ কৰিছে৷

পাকিস্তানী প্ৰতিনিধিগৰাকীয়ে ভাষণৰ সময়ত ভাৰতীয় নেতাসকলে দিয়া কিছু বক্তব্যৰ ওপৰতো আলোকপাত কৰে৷ তেওঁ কয়, ‘এখন দেশে পানীক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি আছে৷’ এয়া দুৰ্ভাগ্যজনক৷ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে আন্তঃৰাষ্ট্ৰীয় আইনৰ এনে উলংঘা চিনাক্ত কৰা উচিত, যিয়ে এটা অঞ্চলত শান্তি বিঘ্নিত কৰে আৰু মানৱীয় সংকটৰ সৃষ্টি কৰে৷’ ভাৰতৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘৰ মঞ্চ ব্যৱহাৰ কৰি আন্তঃৰাষ্ট্ৰীয় সহমতৰ বাবে পাকিস্তানে আবেদন জনাইছে৷ভাৰতে সিন্ধু আৰু ইয়াৰ পাঁচখন উপনৈ বিপাশা, ইৰাৱাডী আৰু ছটলেজৰ পানী ব্যৱহাৰ কৰে৷

পাকিস্তানে সিন্ধু, বিতাস্তা আৰু চন্দ্ৰভাঙাৰ পানী ব্যৱহাৰ কৰে৷ দেশৰ ৮০ শতাংশ কৃষি এই নদীৰ পানীৰ ওপৰত নিৰ্ভৰশীল৷ পহলগাঁও আক্ৰমণৰ লগে লগে ভাৰতে সিন্ধু সন্ধি স্থগিত ৰাখিছিল৷ ‘অপাৰেচন সিন্দুৰ’ৰ পিছত দুয়োখন দেশৰ সীমান্তত সংঘৰ্ষৰ সৃষ্টি হয়৷ ১০ মে’ত ভাৰত আৰু পাকিস্তানে যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰে৷ কিন্তু তাৰ পিছতো সিন্ধু সন্ধি স্থগিত হৈ থাকিল৷ পাকিস্তানে সন্ত্ৰাসবাদক সমৰ্থন কৰা বন্ধ নকৰালৈকে এই চুক্তি স্থগিত ৰখাৰ কথা উল্লেখ কৰিছে ভাৰতে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে পানী আৰু তেজ একেলগে বৈ যাব নোৱাৰে৷ এইবাৰ পাকিস্তানে এই সিদ্ধান্তৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘত অভিযোগ দাখিল কৰিছে৷

Suspected Citizen: ১৫০ৰো অধিক লোকক আটকঃ ৰাজ্যজুৰি অবৈধ বাংলাদেশীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

Suspected Citizen: ১৫০ৰো অধিক লোকক আটকঃ ৰাজ্যজুৰি অবৈধ বাংলাদেশীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
Suspected Citizen: ১৫০ৰো অধিক লোকক আটকঃ ৰাজ্যজুৰি অবৈধ বাংলাদেশীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

ৰাজ্যজুৰি অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চলিছে অভিযান৷(Suspected Citizen)এই অভিযানত নামিছে খোদ অসম আৰক্ষী৷ সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান চলাই শতাধিক লোকক আটক কৰিছে৷ জানিব পৰা মতে গুৱাহাটীৰ বিভিন্ন স্থানৰ পৰা ১৫০ৰো অধিক লোকক আটক আৰক্ষীৰ৷

বাংলাদেশীৰ সন্দেহত বৰপেটা, গুৱাহাটী আৰু উপকণ্ঠ অঞ্চল সোণাপুৰ, জলেশ্বৰ আদিৰ পৰা লোকসকলক আটক কৰা হয়৷ হঠাৎ আত্মীয় তথা পৰিয়ালৰ সদস্যক এনেদৰে আৰক্ষীয়ে আটক কৰাক লৈ পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ তেওঁলোকৰ মতে আটকাধীন লোকসকলৰ এনআৰচিত নাম আছে৷ ভোটাৰ পৰিচয় পত্ৰ, আধাৰ কাৰ্ড আৰু বৈধ নথি থকাৰ পিছতো বাংলাদেশীৰ সন্দেহত তেওঁলোকক আটক কৰাৰ অভিযোগ উত্থাপন কৰিছে৷

আৰক্ষীয়ে বিভিন্ন স্থানৰ পৰা ১৫০ৰো অধিক লোকক আটক কৰে৷ আটকাধীন লোকসকলক গুৱাহাটীৰ বিৰুবাৰীৰ আৰক্ষী ছাউনীলৈ অনা হয়৷ ইফালে আটকাধীন লোকসকলৰ নথিপত্ৰ লৈ আৰক্ষী ছাউনীৰ বাহিৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে পৰিয়ালৰ সদস্য তথা আত্মীয়৷ তেওঁলোকে অভিযোগ কৰা মতে কৰোবাক যদি নিশা ২ বজাত, কাৰোবাক আকৌ ১০ বজাত, আন কাৰোবাক আকৌ ২ বজাত আৰু পুৱতি নিশাও বিভিন্ন প্ৰৱঞ্চনাৰে আৰক্ষীক লৈ আহিছে৷ ইয়াৰ মাজতে একাংশ লোকে কয়, আগতীয়াকৈ কোনো কথা নজনোৱাকৈয়ে নিশা আটক কৰি আনিছে৷ ভোটাৰ কাৰ্ড আৰু আন আন নথিপত্ৰ থকাৰ পিছতো আধাৰ কাৰ্ড নথকাৰ বাবে পত্নীক কটাহবাৰীৰ পৰা পুৱতি নিশা চ্ছ্ৰ বজাত লৈ আহিছে৷ আৰক্ষীয়ে অনাৰ সময়ত কৈ আহিছে যিদৰে লৈ গৈছো সেইদৰে থৈ যাম৷

প্ৰথমে জালুকবাৰীলৈ লৈ যায়, তাৰ পিছত আইএছবিটি আৰু তাৰ পৰা সৰুসজাই ষ্টেডিয়াম আৰু তাৰ পৰা বিৰুবাৰীলৈ লৈ আহিছে৷ আৰক্ষীৰ সূত্ৰই জনোৱা মতে নিশা আটক কৰা লোকসকলৰ সকলো নথিপত্ৰ পৰীক্ষা কৰি থকা হৈছে৷

sankar jyoti baruah: শংকৰজ্যোতি বৰুৱাৰ জামিন লাভ

sankar jyoti baruah: শংকৰজ্যোতি বৰুৱাৰ জামিন লাভ
sankar jyoti baruah: শংকৰজ্যোতি বৰুৱাৰ জামিন লাভ

শংকৰজ্যোতি বৰুৱাৰ জামিন লাভ।(sankar jyoti baruah)


গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে জামিন।


১৯ মে’ত ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শংকৰজ্যোতিক।

দুলীয়াজানৰ বি এন সিং পেট্ৰ’ল পাম্পত মাৰপিটৰ ঘটনাত নাম সাঙোৰ খাইছিল শংকৰজ্যোতিৰ।

তনু শ্বাহীৰ এজাহাৰৰ ভিত্তিত শংকৰজ্যোতি বৰুৱা হৈছিল গ্ৰেপ্তাৰ।