Home Blog Page 166

Indus Waters Treaty: ভাৰতৰ ‘সিন্ধ যুদ্ধ’ৰ বাবে সংকটত ২৪ কোটি পাকিস্তানী

Indus Waters Treaty: ভাৰতৰ ‘সিন্ধ যুদ্ধ’ৰ বাবে সংকটত ২৪ কোটি পাকিস্তানী
Indus Waters Treaty: ভাৰতৰ ‘সিন্ধ যুদ্ধ’ৰ বাবে সংকটত ২৪ কোটি পাকিস্তানী

ভাৰতে সিন্ধু জল চুক্তি স্থগিত ৰখাৰ সিদ্ধান্তক লৈ ৰাষ্ট্ৰসংঘত(Indus Waters Treaty)পাকিস্তানে অভিযোগ দাখিল কৰিছে৷ অভিযোগত কোৱা হৈছে যে সিন্ধু জল চুক্তি স্থগিত ৰখাৰ ফলত ২৪ কোটি পাকিস্তানীৰ বাবে অস্তিত্ব সংকটৰ সৃষ্টি হ’ব পাৰে৷ ভাৰতৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি ইছলামবাদৰ প্ৰতিনিধিয়ে আন্তঃৰাষ্ট্ৰীয় সমাজক বিষয়টোৰ ওপৰত চকু ৰাখিবলৈ আহ৩ান জনায়৷ লগতে বৃহৎ সংকটৰ সৃষ্টি হোৱাৰ আগতেই তেওঁ ব্যৱস্থা গ্ৰহণৰ বাবে আবেদন জনায়৷

এই তথ্য প্ৰকাশ কৰিছে পাকিস্তানী সংবাদ মাধ্যম ড’নে৷ যোৱা ২২ এপ্ৰিলত পহলগামত পৰ্যটকৰ ওপৰত পাককৱ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে৷ ভাৰতে সিন্ধু জল চুক্তি স্থগিত ৰখাৰ সিদ্ধান্ত লৈছিল৷ ১৯৬০ চনৰ এই সন্ধি অনুসৰি সিন্ধু নদী আৰু ইয়াৰ পাঁচখন উপনৈৰ জলভাগ ভাৰত আৰু পাকিস্তানৰ মাজত বিভক্ত কৰা হৈছিল৷ চুক্তিখন স্থগিত ৰখাৰ ফলত চৰ্তসমূহ উলংঘা কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে পকিস্তানে৷ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এখন বৈঠকত পাকিস্তানৰ ৰাষ্ট্ৰদূত তথা উপ-স্থায়ী প্ৰতিনিধি উছমান জাদুনে এই বিষয়টোৰ প্ৰতি কতৃৰ্পক্ষৰ দৃষ্টি আকৰ্ষণ কৰে৷

সিন্ধু জল চুক্তি স্থগিত ৰখাৰ সন্দৰ্ভত পাকিস্তানী প্ৰতিনিধিয়ে কয় যে, ভাৰতে সন্ধি স্থগিত ৰখাৰ সিদ্ধান্ত মানৱ অধিকাৰ আইন আৰু সকলো আন্তঃৰাষ্ট্ৰীয় আইনৰ বিৰুদ্ধে৷ ভাৰতৰ এই অবৈধ ঘোষণাৰ আমি তীব্ৰ বিৰোধিতা কৰিছো৷ ভাৰতে চুক্তিখনৰ চৰ্তসমূহ কঠোৰভাৱে মানি চলিব লাগে৷ সেই নদীবোৰৰ পানী বন্ধ কৰিব নালাগে বা সেই নদীবোৰৰ গতিপথ কোনো ধৰণে সলনি কৰিব নালাগে৷ এই নদীখন ২৪ কোটি পাকিস্তানীৰ জীৱনৰেখা৷ ‘আমি কেতিয়াও এনে পদক্ষেপ গ্ৰহণ নকৰো৷’ পাকিস্তানে ৰাষ্ট্ৰসংঘক জনাইছে যে সিন্ধু জল চুক্তি সন্দৰ্ভত ভাৰতৰ ৰাজনৈতিক নেতৃত্বৰ বিভিন্ন মন্তব্য ‘চিন্তনীয়’৷ তেওঁলোকে দাবী কৰে যে ভাৰতে পানীক ‘অস্ত্ৰ’ হিচাপে ব্যৱহাৰ কৰিছে৷

পাকিস্তানী প্ৰতিনিধিগৰাকীয়ে ভাষণৰ সময়ত ভাৰতীয় নেতাসকলে দিয়া কিছু বক্তব্যৰ ওপৰতো আলোকপাত কৰে৷ তেওঁ কয়, ‘এখন দেশে পানীক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি আছে৷’ এয়া দুৰ্ভাগ্যজনক৷ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে আন্তঃৰাষ্ট্ৰীয় আইনৰ এনে উলংঘা চিনাক্ত কৰা উচিত, যিয়ে এটা অঞ্চলত শান্তি বিঘ্নিত কৰে আৰু মানৱীয় সংকটৰ সৃষ্টি কৰে৷’ ভাৰতৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘৰ মঞ্চ ব্যৱহাৰ কৰি আন্তঃৰাষ্ট্ৰীয় সহমতৰ বাবে পাকিস্তানে আবেদন জনাইছে৷ভাৰতে সিন্ধু আৰু ইয়াৰ পাঁচখন উপনৈ বিপাশা, ইৰাৱাডী আৰু ছটলেজৰ পানী ব্যৱহাৰ কৰে৷

পাকিস্তানে সিন্ধু, বিতাস্তা আৰু চন্দ্ৰভাঙাৰ পানী ব্যৱহাৰ কৰে৷ দেশৰ ৮০ শতাংশ কৃষি এই নদীৰ পানীৰ ওপৰত নিৰ্ভৰশীল৷ পহলগাঁও আক্ৰমণৰ লগে লগে ভাৰতে সিন্ধু সন্ধি স্থগিত ৰাখিছিল৷ ‘অপাৰেচন সিন্দুৰ’ৰ পিছত দুয়োখন দেশৰ সীমান্তত সংঘৰ্ষৰ সৃষ্টি হয়৷ ১০ মে’ত ভাৰত আৰু পাকিস্তানে যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰে৷ কিন্তু তাৰ পিছতো সিন্ধু সন্ধি স্থগিত হৈ থাকিল৷ পাকিস্তানে সন্ত্ৰাসবাদক সমৰ্থন কৰা বন্ধ নকৰালৈকে এই চুক্তি স্থগিত ৰখাৰ কথা উল্লেখ কৰিছে ভাৰতে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে পানী আৰু তেজ একেলগে বৈ যাব নোৱাৰে৷ এইবাৰ পাকিস্তানে এই সিদ্ধান্তৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘত অভিযোগ দাখিল কৰিছে৷

Suspected Citizen: ১৫০ৰো অধিক লোকক আটকঃ ৰাজ্যজুৰি অবৈধ বাংলাদেশীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

Suspected Citizen: ১৫০ৰো অধিক লোকক আটকঃ ৰাজ্যজুৰি অবৈধ বাংলাদেশীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
Suspected Citizen: ১৫০ৰো অধিক লোকক আটকঃ ৰাজ্যজুৰি অবৈধ বাংলাদেশীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

ৰাজ্যজুৰি অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চলিছে অভিযান৷(Suspected Citizen)এই অভিযানত নামিছে খোদ অসম আৰক্ষী৷ সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান চলাই শতাধিক লোকক আটক কৰিছে৷ জানিব পৰা মতে গুৱাহাটীৰ বিভিন্ন স্থানৰ পৰা ১৫০ৰো অধিক লোকক আটক আৰক্ষীৰ৷

বাংলাদেশীৰ সন্দেহত বৰপেটা, গুৱাহাটী আৰু উপকণ্ঠ অঞ্চল সোণাপুৰ, জলেশ্বৰ আদিৰ পৰা লোকসকলক আটক কৰা হয়৷ হঠাৎ আত্মীয় তথা পৰিয়ালৰ সদস্যক এনেদৰে আৰক্ষীয়ে আটক কৰাক লৈ পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ তেওঁলোকৰ মতে আটকাধীন লোকসকলৰ এনআৰচিত নাম আছে৷ ভোটাৰ পৰিচয় পত্ৰ, আধাৰ কাৰ্ড আৰু বৈধ নথি থকাৰ পিছতো বাংলাদেশীৰ সন্দেহত তেওঁলোকক আটক কৰাৰ অভিযোগ উত্থাপন কৰিছে৷

আৰক্ষীয়ে বিভিন্ন স্থানৰ পৰা ১৫০ৰো অধিক লোকক আটক কৰে৷ আটকাধীন লোকসকলক গুৱাহাটীৰ বিৰুবাৰীৰ আৰক্ষী ছাউনীলৈ অনা হয়৷ ইফালে আটকাধীন লোকসকলৰ নথিপত্ৰ লৈ আৰক্ষী ছাউনীৰ বাহিৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে পৰিয়ালৰ সদস্য তথা আত্মীয়৷ তেওঁলোকে অভিযোগ কৰা মতে কৰোবাক যদি নিশা ২ বজাত, কাৰোবাক আকৌ ১০ বজাত, আন কাৰোবাক আকৌ ২ বজাত আৰু পুৱতি নিশাও বিভিন্ন প্ৰৱঞ্চনাৰে আৰক্ষীক লৈ আহিছে৷ ইয়াৰ মাজতে একাংশ লোকে কয়, আগতীয়াকৈ কোনো কথা নজনোৱাকৈয়ে নিশা আটক কৰি আনিছে৷ ভোটাৰ কাৰ্ড আৰু আন আন নথিপত্ৰ থকাৰ পিছতো আধাৰ কাৰ্ড নথকাৰ বাবে পত্নীক কটাহবাৰীৰ পৰা পুৱতি নিশা চ্ছ্ৰ বজাত লৈ আহিছে৷ আৰক্ষীয়ে অনাৰ সময়ত কৈ আহিছে যিদৰে লৈ গৈছো সেইদৰে থৈ যাম৷

প্ৰথমে জালুকবাৰীলৈ লৈ যায়, তাৰ পিছত আইএছবিটি আৰু তাৰ পৰা সৰুসজাই ষ্টেডিয়াম আৰু তাৰ পৰা বিৰুবাৰীলৈ লৈ আহিছে৷ আৰক্ষীৰ সূত্ৰই জনোৱা মতে নিশা আটক কৰা লোকসকলৰ সকলো নথিপত্ৰ পৰীক্ষা কৰি থকা হৈছে৷

sankar jyoti baruah: শংকৰজ্যোতি বৰুৱাৰ জামিন লাভ

sankar jyoti baruah: শংকৰজ্যোতি বৰুৱাৰ জামিন লাভ
sankar jyoti baruah: শংকৰজ্যোতি বৰুৱাৰ জামিন লাভ

শংকৰজ্যোতি বৰুৱাৰ জামিন লাভ।(sankar jyoti baruah)


গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে জামিন।


১৯ মে’ত ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শংকৰজ্যোতিক।

দুলীয়াজানৰ বি এন সিং পেট্ৰ’ল পাম্পত মাৰপিটৰ ঘটনাত নাম সাঙোৰ খাইছিল শংকৰজ্যোতিৰ।

তনু শ্বাহীৰ এজাহাৰৰ ভিত্তিত শংকৰজ্যোতি বৰুৱা হৈছিল গ্ৰেপ্তাৰ।


Duliajan news: দুলীয়াজানত ইটোৰ পিছত সিটো চাঞ্চল্যকৰ ঘটনা!

Duliajan news: দুলীয়াজানত ইটোৰ পিছত সিটো চাঞ্চল্যকৰ ঘটনা!
Duliajan news: দুলীয়াজানত ইটোৰ পিছত সিটো চাঞ্চল্যকৰ ঘটনা!

বিধায়ক তেৰচ গোৱালাৰ দুলীয়াজান(Duliajan news)সমষ্টিত প্ৰকৃততে হৈছে কি? এটাৰ পাছত আনটো সাম্প্ৰদায়িক ঘটনাই চাঞ্চল্যই সৃষ্টি কৰিছে দুলীয়াজান সমষ্টিত। দুলীয়াজান সমষ্টিত দম-দাদাগিৰিৰে ৩০ বিঘাতকৈ অধিক চাহ বাগিচা দখলৰ চেষ্টা কৰাৰ অভিযোগ!

টেঙাখাত থানাৰ অন্তৰ্গত কামুহাট হাবিগাঁৱত দিন ডকাইত ৰূপী জনগোষ্ঠীৰ স্থানীয় দুৰ্বৃত্তৰ বেদখলৰ অভিযোগ। নিজৰ ম্যাদী ভূমিত চাহপাত চিঙিব নোৱাৰে চাহ বাগিছাৰ স্বত্বাধিকাৰীয়ে। গোচৰ দিয়াৰ পিছতো আৰক্ষীয়ে সহায় নকৰাত প্ৰাণৰ শংকাত মুখ্যমন্ত্ৰীলৈ সহায় বিচাৰি আহ্বান পৰিয়ালটোৰ।


দুলীয়াজান সমষ্টিত একাংশ দুস্কৃতিকাৰীৰ ভয়ংকৰ বেদখলৰ বাবে নিজৰ ম্যাদী ভূমিত থকা চাহ বাগিছাত বাগিছাৰ গৰাকীয়ে চাহপাত চিঙিব নোৱাৰা ঘটনাই সমগ্ৰ অঞ্চলটোৰ ৰাইজক চিন্তিত কৰি তুলিছে । টেঙাখাত থানাৰ চাবুৱা ৰাজহ চক্ৰৰ অন্তৰ্গত কামুহাট হাবিগাঁৱত চাবুৱাৰ কন্দৰ্প গোঁহাই নামৰ ব্যক্তিজনৰ ১৯৯৭ চনতে প্ৰতিষ্ঠা হোৱা প্ৰায় ৩৯ বিঘাৰ চাহ বাগিছা একাংশ দিন ডকাইত ৰূপী দুস্কৃতিকাৰীয়ে দাবী ধমকি ভাবুকিৰে বেদখল কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

উল্লেখ্য যে দুলীয়াজান বিধানসভা সমষ্টিৰ অন্তৰ্গত টেঙাখাট আৰক্ষী থানাৰ অধীনৰ সম্পূৰ্ণ ম্যাদী মাটিৰ এখন চাহ বাগিছা আজি প্ৰায় ২ বছৰ আগৰে পৰা একাংশ দুস্কৃতিকাৰীয়ে বেদখলৰ অপচেষ্টা চলাই আহিছিল কিন্ত প্ৰশাসন আৰু ন্যায়ালয়ৰ হস্তক্ষেপত মালিক পক্ষ ৰক্ষা পৰিছিল কিন্ত পুনৰ কেইদিনমানৰ আগৰ পৰা বেদখলকাৰী সকলে দাবী ধমকিৰে চাহপাত চিঙি বিক্ৰী কৰি থকাত অৱশেষত সংবাদ মাধ্যমৰ কাষ চাপিবলৈ বাধ্য হ’ল দুৰ্ভগীয়া বাগিছা খনৰ মালিক কন্দৰ্প গোঁহাই, তেঁও সংবাদমাধ্যমক জনোৱা অনুসৰি সাম্প্ৰদায়িক ৰূপ দি বেদখলকাৰী সকলে মাটি দখলৰ ভয়ংকৰ ব্লুপ্ৰিন্ট ৰচনা কৰিছে।

তেঁও লগতে ৰাজনৈতিক প্ৰভাৱৰ বাবে আৰক্ষীয়েও এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহন কৰিবলৈ আগবাঢ়ি নাহে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে।

সততেই জাতি মাটি ভেটিৰ শ্লগান দি থকা এই চৰকাৰৰ দিনত এগৰাকী খিলঞ্জীয়া ভূমিপুত্ৰই নিজৰ কষ্টোপাৰ্জিত ফচল খিনিৰ বাবে যুঁজ দিব লগা হোৱা ঘটনাই বৃহত্তৰ দুলীয়াজান আৰু চাবুৱা অঞ্চলৰ সচেতন লোক সকলক চিন্তিত কৰি তুলিছে।

কন্দৰ্প গোঁহাইৰ পৰিয়াললৈ ভয়াবহ ভাবুকি অহাৰ কথা উল্লেখ কৰি সংবাদ মাধ্যমৰ যোগেদি জীৱনৰ নিৰাপত্তা বিচাৰি মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান জনায় কন্দৰ্প গোঁহাইৰ পত্নীয়ে।

Nagaon news: শালনা চাহ বাগিচাত সাহিত্য সভাৰ শাখা মুকলি কৰাক লৈ উৎসৱমুখৰ পৰিৱেশ, চাহ জনগোষ্ঠী সাংস্কৃতিক সমাৰোহৰ প্ৰস্তুতি সমিতি গঠন

Nagaon news: শালনা চাহ বাগিচাত সাহিত্য সভাৰ শাখা মুকলি কৰাক লৈ উৎসৱমুখৰ পৰিৱেশ, চাহ জনগোষ্ঠী সাংস্কৃতিক সমাৰোহৰ প্ৰস্তুতি সমিতি গঠন
Nagaon news: শালনা চাহ বাগিচাত সাহিত্য সভাৰ শাখা মুকলি কৰাক লৈ উৎসৱমুখৰ পৰিৱেশ, চাহ জনগোষ্ঠী সাংস্কৃতিক সমাৰোহৰ প্ৰস্তুতি সমিতি গঠন

নগাঁও জিলাৰ শালনা চাহ বাগিচাত(Nagaon news) অসম সাহিত্য সভাৰ শাখা মুকলি কৰাক লৈ আজি পুৱাৰ পৰা এক উৎসৱমুখৰ পৰিবেশ সৃষ্টি হয়। পুৱা শালনা বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড০ শৰৎ বৰকটকী, সম্পাদক ৰাজীৱ কুমাৰ হাজৰিকা, সাংগঠনিক সম্পাদক দীপিকা নাথ, প্ৰকাশন সমিতিৰ আহ্বায়ক মহেশ নাথ, ঐতিহ্য ৰক্ষা সমিতিৰ উপ-সভাপতি সুৰজিৎ গোস্বামী, জিলা কাৰ্যনিৰ্বাহক সদস্য ৰাতুলেশ্বৰ গোস্বামী উপস্থিত হোৱাৰ পিছত মাদল বজাই, ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰি আদৰণি জনায় আৰু জিলা সাহিত্য সভাৰ বিষয়ববীয়াই ৪ জোপা বৃক্ষৰোপন কৰে। জিলা সাহিত্য সভাৰ সভাপতি ড০ শৰৎ বৰকটকীৰ সভাপতিত্বত অনুষ্ঠিত সভাত প্ৰায় দুই শতাধিক চাহ জনগোষ্ঠীয় লোকে অংশগ্ৰহণ কৰে।


চাহ জনগোষ্ঠীয় নেতা, প্ৰাক্তন চাহ জনগোষ্ঠীয় ছাত্ৰ সন্থাৰ সভাপতি সীমাঞ্চল দীগালে আদৰণি ভাষণ দিয়াৰ পিছত জিলা সাহিত্য সভাৰ সম্পাদক ৰাজীৱ কুমাৰ হাজৰিকাই চাহ জনগোষ্ঠীয়সকলক লৈ সাহিত্য সভাৰ শাখা খোলাৰ প্ৰয়োজন সম্পৰ্কে ব্যাখ্যা কৰে। সভাত সভাপতি ড০ বৰকটকীয়ে কয় যে চাহ জনগোষ্ঠী অসমৰ এক বৃহৎ জনগোষ্ঠী। চাহ জনগোষ্ঠীৰ সংস্কৃতিয়ে অসমীয়া সংস্কৃতিৰ ভেটি শক্তিশালী কৰিছে। অসমীয়া সাহিত্য চহকী কৰা চাহ জনগোষ্ঠীৰ সাহিত্যিক সকলৰ বিষয়ে উল্লেখ কৰি ড০ বৰকটকীয়ে কয় যে নগাঁও জিলা সাহিত্য সভাই চাহ জনগোষ্ঠীৰ প্ৰতিভাবান নতুন লেখক-লেখিকাৰ লেখনি প্ৰকাশ কৰাৰ আঁচনি হাতত লৈছে। তদুপৰি চাহ জনগোষ্ঠীৰ সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত কৰাৰ পৰিকল্পনাৰ বিষয়ে সদৰি কৰে। সভাত জিলা সাহিত্য সভাৰ উপ-সভাপতি নবীন বৰঠাকুৰেও ভাষণ প্ৰদান কৰে। কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি দিলীপ হাজৰিকা, সম্পাদক জগত মেধিয়েও উক্ত কাৰ্যসূচীত ভাগ লয়। নগাঁও জিলা চাহ জনগোষ্ঠী ছাত্ৰ সন্থা, আদিভাষী ছাত্ৰ সন্থাৰ জিলা সমিতিৰ সভাপতি, সম্পাদকেও এই সভাত অংশগ্ৰহণ কৰি সাহিত্য সভাৰ সভাপতি, সম্পাদকক আদৰণি জনায়। সভাত সকলোৰে সন্মতিক্ৰমে চাহ বাগিচা শাখা সাহিত্য সভাৰ সভাপতি মঙ্গল নায়ক আৰু সম্পাদক হিচাপে ৰাম বিকাশ তাঁতীক আৰু চাহ জনগোষ্ঠীৰ অন্যতম কবি প্ৰতিমা ৰাজৱাৰক পত্ৰিকা সম্পাদক হিচাপে নিৰ্বাচন কৰে। অসম সাহিত্য সভাৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য সঞ্জয় কুমাৰ তাঁতীয়ে শুভেচ্ছা বাণী প্ৰেৰণ কৰে আৰু চাহ জনগোষ্ঠী সাহিত্য সভাৰ জিলা সভাপতি গোলাপ চন্দ্ৰ তংলাই অসম সাহিত্য সভাৰ লগত সম্পৰ্ক ৰক্ষা কৰি জনগোষ্ঠীৰ হৈ সাহিত্যৰ বিকাশৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। মঙ্গল নায়ক আৰু অঞ্জনা পাহাৰীয়াই ঝুমুৰ গীত পৰিবেশন কৰি সকলোকে মুগ্ধ কৰে। সভাত জনগোষ্ঠী সাংস্কৃতিক সমাৰোহৰ বাবে চাহ জনগোষ্ঠীৰ নেতা সীমাঞ্চল দিগালক সভাপতি আৰু উদন চহৰীয়াক সম্পাদক হিচাপে লৈ এখন প্ৰস্তুতি সমিতি গঠন কৰা হয়।


প্ৰতিমা ৰাজৱাৰে শলাগৰ শৰাই আগবঢ়াই আৰু চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীসকলে দীপিকা নাথৰ নেতৃত্বত জাতীয় সংগীত পৰিবেশন কৰে।উল্লেখযোগ্য যে কলিয়াবৰ শাখা সাহিত্য সভাই কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস এইবাৰ শালনাত অনুষ্ঠিত কৰিব বুলি শাখা সম্পাদক জগত মেধিয়ে ঘোষণা কৰে। নগাঁও জিলা সাহিত্য সভাই চাহ বাগিচাত শাখা মুকলি কৰি আজি এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে বুলি চাহ জনগোষ্ঠীৰ নেতা সীমাঞ্চল দিগালে মন্তব্য কৰে। জিলা সাহিত্য সভাৰ তৰফৰ পৰা নতুনকৈ গঠিত প্ৰতিগৰাকী চাহ বাগিচা শাখা সাহিত্য সভাৰ বিষ়ববীয়াসকলক একোখনকৈ গ্ৰন্থ উপহাৰ দিয়ে।

Duliajan News: দুলীয়াজানৰ মাৰপিটৰ গোচৰত আটছাৰ উপদেষ্টা প্ৰকাশ চাহুক গ্ৰেপ্তাৰ

Duliajan News: দুলীয়াজানৰ মাৰপিটৰ গোচৰত আটছাৰ উপদেষ্টা প্ৰকাশ চাহুক গ্ৰেপ্তাৰ
Duliajan News: দুলীয়াজানৰ মাৰপিটৰ গোচৰত আটছাৰ উপদেষ্টা প্ৰকাশ চাহুক গ্ৰেপ্তাৰ

প্ৰকাশ শাহুক আটক দুলীয়াজান আৰক্ষীৰ।(Duliajan News)

বৰডুবিৰ কেহাং বাগানৰ পৰা আটক।

উৰে নিশা দুলীয়াজান থানাৰ OC ভাস্কৰ শইকীয়াৰ নেতৃত্বত চলিছিল অভিযান।

প্ৰকাশ শাহুৰ সৈতে ৰিংকু ভ‌‍ত্ৰা নামৰ যুৱক জনক আটক।

তনু শ্বাহীয়ে ডিব্ৰুগড় SP ক দিয়া এজেহাৰত স্পষ্টকৈ লিখা আছিল প্ৰকাশ শাহুৰ নাম।

প্ৰকাশ চাহু দুলীয়াজানৰ আটছাৰ উপদেষ্টা আছিল।

Pahalgam Attack: পেহেলগামত নিহত কৰ্ণাটকৰ লোকৰ নিকটাত্মীয়ক অসম চৰকাৰৰ সাহায্য প্ৰদান মন্ত্রী বিমল বড়াৰ, শিৱমোগ্গা আৰু বাংগালুৰুত তিনিটা পৰিয়ালক সাক্ষাৎ

Pahalgam Attack: পেহেলগামত নিহত কৰ্ণাটকৰ লোকৰ নিকটাত্মীয়ক অসম চৰকাৰৰ সাহায্য প্ৰদান মন্ত্রী বিমল বড়াৰ
Pahalgam Attack: পেহেলগামত নিহত কৰ্ণাটকৰ লোকৰ নিকটাত্মীয়ক অসম চৰকাৰৰ সাহায্য প্ৰদান মন্ত্রী বিমল বড়াৰ

জম্মু-কাশ্মীৰৰ পেহেলগামৰ বৈচাৰণ ভেলীত যোৱা(Pahalgam Attack)২২এপ্ৰিলত সন্ত্রাসবাদীৰ গুলীচালনতা নিহত সকলৰ নিকটাত্মীয়ক আৰ্থিক সাহায্য প্ৰদান কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণা অনুসৰি আজি ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াই কৰ্ণাটত উপস্থিত হৈ তিনিটা পৰিয়ালক সাহায্যৰ ধন প্ৰদান কৰে।


উদ্যোগ মন্ত্রী বড়াই আজি প্ৰথমে বাংগালুৰুৰ পৰা শিৱমোগ্গাত উপস্থিত হৈ পোনে পোনে পেহেলগামত নিহত মঞ্জু নাথ ৰাওৰ বাস গৃহলৈ গৈ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপনৰ লগতে মৃতকৰ প্ৰতিকৃতিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। বাস গৃহতে মন্ত্রী গৰাকীয়ে মঞ্জুনাথ ৰাওৰ পত্নী পল্লৱী ৰাওৰ হাতত অসমৰ মুখ্যমন্ত্ৰীৰ হৈ সাহায্য ৰাশি পাঁচ লাখ টকাৰ চেক প্ৰদান কৰে।মন্ত্রী বড়াই ৰাওৰ পৰিয়াল বৰ্গৰ সৈতে মত বিনিময়ো কৰে।


পিছ বেলা বাংগালুৰুত উপস্থিত হৈ উদ্যোগ মন্ত্রী বড়াই পেহেলগামৰ নাটকীয় ঘটনাৰ অন্যতম বলি ভাৰতভূষণ(৩৫) ৰ গৃহলৈ যায়। তাত পৰিয়াল বৰ্গক সাক্ষাৎ কৰে আৰু অসম চৰকাৰৰ তৰফৰ পৰা সাহায্য পূঁজিৰ পাচ লাখ টকাৰ চেক মৃতকৰ পত্নী সুজাতাৰ হাতত প্ৰদান কৰে।


ইয়াৰ পিছতে মন্ত্রী বড়াই সন্ত্ৰাসবাদীৰ হাতত নিহত চহৰখনৰ অন্য এগৰাকী ব্যক্তি তথা আই বিএমৰ জ্যেষ্ঠ স্থপতিবিদ চমিছেট্টি মধুসুদন ৰাৱৰ বাংগালুৰুস্হিত বাস গৃহত উপস্থিতহৈ পৰিয়াল বৰ্গক গভীৰ সমবেদনা প্ৰকাশ কৰাৰ লগতে মৃতকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মন্ত্রী গৰাকীয়ে ৰাৱৰ পত্নী কামাক্ষা হাতত অসম চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা পাতলা টকাৰ চেক প্ৰদান কৰাৰ লগতে মত বিনিময়ো কৰে।মৃতকৰ পৰিয়ালক সাহায্যৰ ধন ৰাশি প্ৰদানৰ সময়ত মন্ত্রী বড়াৰ সৈতে অসম চৰকাৰৰ সচিব কৈলাশ কাৰ্তিকৰ উপস্থিত আছিল।

Gureshwar news: গোৰেশ্বৰৰ কেইবাটাও গ্ৰাম্যপথ মেৰামতিৰ ব্যৱস্থা অসম চৰকাৰৰ যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাৰ

Gureshwar news: গোৰেশ্বৰৰ কেইবাটাও গ্ৰাম্যপথ মেৰামতিৰ ব্যৱস্থা অসম চৰকাৰৰ যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাৰ
Gureshwar news: গোৰেশ্বৰৰ কেইবাটাও গ্ৰাম্যপথ মেৰামতিৰ ব্যৱস্থা অসম চৰকাৰৰ যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাৰ

বি টি আৰৰ ৩০ নং গোৰেশ্বৰ পৰিষদীয় তথা নৱগঠিত(gureshwar news)গোৰেশ্বৰ বিধানসভা সমষ্টিৰ স্থানীয় জনপ্ৰতিনিধিৰ অদক্ষতাৰ হেতুকে কেইবাটাও গুৰুত্বপূৰ্ণ গ্ৰাম্যপথ বিধস্ত হৈ পৰে। এজাক বৰষুণ দিলেই ঘৰৰ পৰা বিদ্যালয়-মহাবিদ্যালয়লৈ আহ-যাহ কৰা ছাত্ৰ-ছাত্ৰীকে ধৰি অন্যান্যসকলেও বাহিৰলৈ যাব নোৱাৰা পৰিস্থিতি হৈ আহে।

জানিব পৰামতে পথৰ দুৰৱস্থাৰ হেতুকে কেৰ্পাভিঠা, হাজালপাৰা, ৰং মহল, কাৰিপাৰা, ঢেপাৰগাঁ‌ও,বৰঘূলি, চেউনী,হাতীমূৰা, শিক্লীঝাৰ, গাৰোগাঁ‌ও আদি গাঁৱৰ বাসিন্দাৰ কোনো লোক টান নৰীয়াত পৰিলে চিকিৎসালয়লৈ নিবলৈ কেইবা মিটাৰ পথ সাঙি কৰি নিব লগা পৰিস্থিৰ সৃষ্টি হয়। অসম যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাই বৃহস্পতিবাৰে গোৰেশ্বৰৰ কেইবাখনো ভিতৰুৱা গাঁৱৰ ৰাইজৰ অভাৱ -অভিযোগৰ বুজ লোৱাৰ উদ্দেশ্যে পদাৰ্পণ কৰাৰ সময়ত ৰাইজে বিশেষকৈ পথ যোগাযোগৰ বিষয়টো দৃষ্টিগোচৰ কৰে আৰু কেইবাটাও পথৰ দুৰৱস্থাও দেখুৱাই দিয়ে।

ৰাইজৰ সমস্যাৰ প্ৰতি লক্ষ্যৰাখি অসম যুৱ আয়োগৰ সদস্য শৰ্মাই আজি উল্লেখিত গাওঁকেইখনৰ যাতায়ত বিঘ্নিত চুবুৰীকেইটাত সদ্যহতে যাতায়ত কৰিব পৰাকৈ শিল- বালিৰে মেৰামতিৰ ব্যৱস্থা কৰি দিয়ে। স্থানীয় ৰাইজে শৰ্মাই গ্ৰহণ কৰা পদক্ষেপক প্ৰশাংসা কৰাৰ লগতে পথ যোগাযোগৰ সমস্যা স্থায়ী সমাধানৰ দাবী জনায়। ৰাইজে আশীৰ্বাদ আৰু সহযোগিতা কৰিলে অনাগত দিনত গোৰেশ্বৰ অঞ্চলৰ পথ যোগাযোগৰ ব্যৱস্থা সূচল কৰাৰ প্ৰতিশ্ৰুতি দিয়ে যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাই।

Pakistan: ১০ মাহত পাকিস্তানে লাভ কৰিছে ১.৪৩ লাখ কোটি টকা অনুদান আৰু ঋণ

Pakistan: ১০ মাহত পাকিস্তানে লাভ কৰিছে ১.৪৩ লাখ কোটি টকা অনুদান আৰু ঋণ
Pakistan: ১০ মাহত পাকিস্তানে লাভ কৰিছে ১.৪৩ লাখ কোটি টকা অনুদান আৰু ঋণ

২০২৪-২৫ চনৰ প্ৰথম ১০ মাহত পাকিস্তানে ১.৪৩ লাখ কোটি(Pakistan)টকাৰ (ভাৰতীয় মুদ্ৰাত) আন্তঃৰাষ্ট্ৰীয় সাহায্য লাভ কৰিছিল৷ ইয়াত অনুদানৰ লগতে ঋণো অন্তৰ্ভুক্ত কৰা হৈছে৷ পাকিস্তানৰ সংবাদ মাধ্যম ডনে দেশখনৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ (ইএডি) এক প্ৰতিবেদনৰ উদ্ধৃতি দি এই তথ্য প্ৰকাশ কৰিছে৷ আন্তঃৰাষ্ট্ৰীয় ঋণ আৰু অনুদানৰ বাবে পাকিস্তানৰ বাৰ্ষিক লক্ষ্য এতিয়াও পূৰণ হোৱা নাই৷ ইছলামবাদে অহা ৩০ জুনৰ ভিতৰত ৰ.৬৩ লাখ কোটি টকা লাভ কৰাৰ লক্ষ্য ৰাখিছে৷ এতিয়াও ২০ লাখ কোটি টকা বাকী আছে৷ পৰিসংখ্যাই দেখুৱাইছে যে পূৰ্বৰ বছৰৰ তুলনাত এই বছৰ ঋণ বা অনুদান লাভৰ ক্ষেত্ৰত পাকিস্তান পিছ পৰি আছে৷

চুক্তি অনুসৰি পাকিস্তানে চীন, ছৌদি আৰব, সংযুক্ত আৰব আমিৰশ্বাহীৰ পৰা আৰ্থিক সাহায্য লাভ কৰে৷ জুলাইৰ পৰা এপ্ৰিলৰ ভিতৰত এই তিনিখন দেশৰ পৰা অতিৰিক্ত ঋণৰ পৰিমাণ আছিল ৫১.জ্জ্ব বিলিয়ন টকা৷ যিটো যোৱা বছৰৰ তুলনাত কমেও ১৫ শতাংশ কম৷ বিগত বছৰ পাকিস্তানে আন্তঃৰাষ্ট্ৰীয় সাহায্যৰ বাৰ্ষিক লক্ষ্য আছিল ৰ.৪৯ লাখ কোটি টকা৷ আশা কৰা মতে তিনিখন দেশৰ বাহিৰেও বাহিৰৰ পৰা অতিৰিক্ত সাহায্য লাভ কৰিছে ৬০.জ্জ্ব হাজাৰ কোটি টকা৷ যোৱা ১০ মাহত পাকিস্তানে লাভ কৰা আন্তঃৰাষ্ট্ৰীয় আৰ্থিক সাহায্যৰ ভিতৰত আছে ছৌদি আৰৱৰ পৰা ২ লাখ ৫৫ হাজাৰ কোটি টকা, সংযুক্ত আৰব আমিৰশ্বাহীৰ পৰা ১৭ হাজাৰ কোটি টকা আৰু চীনৰ পৰা আন ২ লাখ ৫৫ হাজাৰ কোটি টকা৷ কিন্তু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি [আই এম এফ]ৰ পৰা পাকিস্তানে যি ঋণ লাভ কৰি আছে সেয়া এই হিচাপত অন্তৰ্ভুক্ত নহয়৷ আই এম এফে এক্সটেণ্ডেড ফাণ্ড ফেচিলিটি (ইএফএফ) প্ৰকল্পৰ অধীনত পাকিস্তানক ৫৯.৬ হাজাৰ কোটি টকাৰ ঋণ প্ৰদান কৰিছে৷

যোৱা অক্টোবৰ মাহত তেওঁক দিয়া হৈছিল জ্জ্ব.প্ত বিলিয়ন টকা৷ এই মাহত পাকিস্তানে আই এম এফৰ পৰা আৰু ৮৫০ বিলিয়ন টকা লাভ কৰে৷ শনিবাৰে আই এম এফে কয় যে অহা বছৰৰ ফেডাৰেল বাজেট সন্দৰ্ভত পাকিস্তানৰ সৈতে আলোচনা অব্যাহত ৰাখিব৷ ২০২৫-চ্ছ বিত্তীয় বৰ্ষৰ বাজেট সন্দৰ্ভত ১৯ মে’ৰ পৰা ইছলামবাগত উচ্ছ পৰ্যায়ৰ আলোচনা চলি আছে৷ অনি(য়তাৰ বাবে পাকিস্তান চৰকাৰে বাজেট ঘোষণা ১০ জুনলৈ পিছুৱাই দিছে৷ শনিবাৰে আই এম এফৰ পাকিস্তান মিছনৰ মুৰব্বীগৰাকীয়ে এক বিবৃতিত কয় যে বাজেটৰ ওপৰত শেহতীয়াকৈ হোৱা আলোচনা গঠনমূলক আছিল৷ অনাগত দিনত আমি এই আলোচনা অব্যাহত ৰাখিম৷’

Minister Ranjit Kumar Das: পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত কানপুৰৰ শুভম দ্বিবেদীৰ পৰিয়ালক সাক্ষাৎ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ

Minister Ranjit Kumar Das: পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত কানপুৰৰ শুভম দ্বিবেদীৰ পৰিয়ালক সাক্ষাৎ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ
Minister Ranjit Kumar Das: পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত কানপুৰৰ শুভম দ্বিবেদীৰ পৰিয়ালক সাক্ষাৎ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ

কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত মৃত্যুবৰণ কৰা উত্তৰ(Minister Ranjit Kumar Das)প্ৰদেশৰ কানপুৰ চহৰৰ শুভম দ্বিবেদীৰ বাসগৃহলৈ গৈ ৰাজ্য চৰকাৰ তথা অসমবাসীৰ হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন, ন্যায়িক, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে৷

উল্লেখযোগ্য যে পেহেলগামত যোৱা ২২ এপ্ৰিলত সন্ত্ৰাসবাদীৰ হাতত মৃত্যু হোৱা আটাকেইগৰাকী ব্যাক্তিলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে অসম কেবিনেটে লোৱা সিদ্ধান্ত অনুসৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিনিধি হিচাপে মন্ত্ৰী দাসে আজি উত্তৰ প্ৰদেশৰ কানপুৰৰ শ্যাম নগৰস্থিত প্ৰয়াত শুভম দ্বিবেদীৰ বাসগৃহত উপস্থিত হৈ শোক সন্তপ্ত পৰিয়ালক ৰাজ্য চৰকাৰৰ হৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷

মন্ত্ৰীগৰাকীয়ে লগতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা প্ৰেৰণ কৰা এটা শোকবাণী পৰিয়ালক অৰ্পণ কৰাৰ লগতে ৰাজ্য চৰকাৰে আগবঢ়োৱা প্ত লাখ টকাৰ এখন চেক প্ৰদান কৰে৷ মন্ত্ৰী দাসে প্ৰয়াত শুভম দ্বিবেদীৰ প্ৰতিচ্ছৱিত মাল্যাৰ্পণেৰে শ্ৰদ্ধা তৰ্পণ কৰাৰ লগতে পৰিয়ালৰ সদস্যসকলক একোখনকৈ গামোচাৰে সন্মান জনায়৷ প্ৰয়াত শুভম দ্বিবেদীৰ পৰিয়ালক সাক্ষাতৰ সময়ত ৰাজ্য চৰকাৰৰ প্ৰধান সচিব দিবাকৰ নাথ মিশ্ৰও উপস্থিত থাকে৷