Home Blog Page 167

Virat Kohli: যদি আপুনিও ফিট হ’ব বিচাৰে তেন্তে অনুসৰণ কৰক বিৰাট কোহলীক, এই ৬টা ৰাতিপুৱাৰ অভ্যাস বিৰাটৰ ফিটনেছৰ ৰহস্য

Virat Kohli: যদি আপুনিও ফিট হ'ব বিচাৰে তেন্তে অনুসৰণ কৰক বিৰাট কোহলীক, এই ৬টা ৰাতিপুৱাৰ অভ্যাস বিৰাটৰ ফিটনেছৰ ৰহস্য
Virat Kohli: যদি আপুনিও ফিট হ'ব বিচাৰে তেন্তে অনুসৰণ কৰক বিৰাট কোহলীক, এই ৬টা ৰাতিপুৱাৰ অভ্যাস বিৰাটৰ ফিটনেছৰ ৰহস্য

ভাৰতীয় ক্ৰিকেটাৰ বিৰাট (virat kohli) কোহলী বেটিঙৰ লগতে ফিটনেছৰ বাবেও বিখ্যাত। আপুনি জানেনে তেওঁৰ ফিট শৰীৰৰ ৰহস্য তেওঁৰ ভাল আৰু সুস্থ অভ্যাস। বিশেষকৈ ৰাতিপুৱাৰ অভ্যাসবোৰে তেওঁক মানসিক আৰু শাৰীৰিকভাৱে সবল হোৱাত সহায় কৰে।

বিৰাট কোহলীয়ে নিজৰ শৰীৰক হাইড্ৰেট কৰি দিনটো আৰম্ভ কৰে। ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে তেওঁ পানী খায়। এইটো এটা ভাল অভ্যাস, যিটো আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰী।

ৰাতিপুৱা সময় আপোনাৰ মগজুৰ বাবেও অতি গুৰুত্বপূৰ্ণ। গতিকে ৰাতিপুৱা সাৰ পোৱাৰ পিছত বিৰাটে নিজৰ ফোকাচ বৃদ্ধি কৰিবলৈ চেষ্টা কৰে। এই সময়ত তেওঁ নিজৰ দিনটোৰ পৰিকল্পনা কৰে আৰু নিজকে মানসিকভাৱে শক্তিশালী কৰিবলৈ চেষ্টা কৰে।

কোহলীয়ে ৰাতিপুৱা ৱৰ্কআউটৰ বাবে নিজৰ শৰীৰ আৰু মনক প্ৰস্তুত কৰে। ইয়াৰ বাবে তেওঁ ব্যায়াম আৰম্ভ কৰাৰ আগতে লাইট ষ্ট্ৰেচিং আৰু মবিলিটি ড্ৰিল কৰে।

ৱৰ্কআউট হৈছে বিৰাটৰ ৰাতিপুৱাৰ ৰুটিনৰ আটাইতকৈ ডাঙৰ অংশ। শক্তি প্ৰশিক্ষণ, কাৰ্ডিঅ’ আৰু চঞ্চলতা ব্যায়াম অন্তৰ্ভুক্ত কৰা হৈছে। তীব্ৰ ৱৰ্কআউটে তেওঁক খেলপথাৰত চঞ্চল কৰি তোলে আৰু গোটেই দিনটো তেওঁক সতেজ অনুভৱ কৰায়।

ৰাতিপুৱাৰ ৰুটিনত স্বাস্থ্যসন্মত ব্ৰেকফাষ্টো অন্তৰ্ভুক্ত কৰা হয়। বিৰাটে প্ৰটিন আৰু পুষ্টিৰে সমৃদ্ধ আহাৰ গ্ৰহণ কৰে। তেওঁৰ ব্ৰেকফাষ্টত কণী, বাদাম আৰু সতেজ ফল-মূল থাকে।


তেওঁ ৰাতিপুৱা কিছু সময় কটায় মনটোক সতেজ কৰিবলৈ। মেচৰ হেঁচাত মানসিক শান্তিও অতি গুৰুত্বপূৰ্ণ। ইয়াৰ ফলত তেওঁৰ মনটো সুস্থিৰ আৰু কেন্দ্ৰীভূত হৈ থাকে।

Goalpara News: গোৱালপাৰা জিলা সাহিত্য সভাৰ ৩৪ সংখ্যক প্রতিষ্ঠা দিৱস উদযাপন

গোৱালপাৰা জিলা সাহিত্য সভাৰ ৩৪ সংখ্যক প্রতিষ্ঠা দিৱস উদযাপন
গোৱালপাৰা জিলা সাহিত্য সভাৰ ৩৪ সংখ্যক প্রতিষ্ঠা দিৱস উদযাপন

“সমাজ জীৱনৰ একাংশ (Goalpara News) মানুহে খাজনাতকৈ বাজনা বেছি বজায়; ২৫ পইছাৰ কাম কৰি ৭৫ পইছাৰ বাজনা বজায় ৷ ইফালে সমাজত এনে কিছু মানুহ আছে যি এশ টকাৰ কাম কৰি এক টকাৰো মূল্য নিবিছাৰে ৷” গোৱালপাৰা জিলা সাহিত্য সভাৰ ৩৪ সংখ্যক প্রতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই এইদৰে কয় । ভাষণ প্ৰসংগত বৰাই লগতে কয় যে “অসম সাহিত্য সভাক ভাল পোৱা কাৰণেই সৰু কিবা ভুল হ’লেই সমালোচকসকলে আন্তৰিকতাৰে শুধৰাই দিয়ে। সেয়া তেখেতসকলৰ সাহিত্য সভাৰ প্ৰতি থকা দায়বদ্ধতা। তেখেতসকলৰ উপদেশ মৰ্যদা সহকাৰে গ্ৰহণ কৰি সাহিত্য সভাৰ কামত ব্ৰতী হ’বলৈ সকলো সদস্যকে মই আহ্বান জনাইছো।” দক্ষিণ বিকালী শাখা সাহিত্য সভাৰ আতিথ্যত আজি বর্ণাঢ্য কার্যক্রমণিকাৰে অম্বুক প্রাগজ্যোতিষ শিল্পী সংঘত গোৱালপাৰা জিলা সাহিত্য সভাৰ সভাপতি জয়চন্দ্র নাথৰ পৌৰোহিত্যত দিনৰ ১ বজাৰ পৰা অনুষ্ঠিত মুকলি সভাৰ উদ্বোধন কৰে গোৱালপাৰা জিলা সাহিত্য সভাৰ জিলা প্ৰতিনিধি জিতুমণি দাসে।

উদ্বোধকৰ ভাষণত তেওঁ গোৱালপাৰা জিলা সাহিত্য সভাৰ ইতিহাস আৰু কৰ্মসূচীৰ ব্যাখ্যা দাঙি ধৰে। গোৱালপাৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সুভাষ বর্মন, অসম সাহিত্য সভাৰ প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথ, গোৱালপাৰা জিলা ৰাভা সাহিত্য সভাৰ সভাপতি তাবক বাচুঙে বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে। বিশিষ্ট অতিথিৰ ভাষণত ক্ৰমে ড০ বৰ্মনে অসম সাহিত্য সভাৰ বৰ্তমানৰ সমিতিৰ কাম-কাজৰ প্ৰশংসা কৰি গোৱালপাৰাত পুনৰ অসম সাহিত্য সভাৰ অধিৱেশনৰ অনুৰোধ জনায়; অন্যগৰাকী বিশিষ্ট অতিথি নাথে সকলোকে অসম সাহিত্য সভাৰ সভ্যপদ গ্ৰহণ কৰি সভাৰ সেৱাত ব্ৰতী হ’বলৈ অনুৰোধ জনায়। বাচুঙেও ভাষণ প্ৰসংগত অসম সাহিত্য সভাৰ পতাকাৰ তলত সমৱেত হৈ গৌৰৱ অনুভৱ কৰে বুলি ব্যক্ত কৰে।

সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই ‘গোৱালপাৰা জিলা সাহিত্য সভা বার্তা’ উন্মোচন কৰা সভাখনত আমন্ত্রিত অতিথি হিচাপে গোৱালপাৰা জিলা কোচ-ৰাজবংশী সাহিত্য সভাৰ সভাপতি সুশীল ৰায়, বিকালী মৌজা উন্নয়ন সমিতিৰ সভাপতি লৱ কছাৰী, অসম সাহিত্য সভাৰ চৰ চাপৰি ভাষা সাহিত্য সংস্কৃতি বিকাশ উপসমিতিৰ উপসভাপতি ছজিমুদ্দিন আহমেদ, ৰামধেনু উপসমিতিৰ আহ্বায়ক ড০ জ্ঞানশ্ৰী বৰা, তথ্য প্ৰযুক্তি উপসমিতিৰ আহ্বায়ক স্বৰ্গজ্যোতি চেতিয়া, উপসভাপতি নাং অঞ্জনা গগৈ, পৰিবেশ্য কলা সংৰক্ষণ আৰু সংবৰ্ধন উপসমিতিৰ আহ্বায়ক চৈয়দ মাৰুফ হুছেইন, গোৱালপাৰা জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বাণীকান্ত ৰাভা, উপসভাপতি ইউছুফ আলি, ডা০ জয়ন্ত দাস, গোৱালপাৰা জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰয়াত দিৱাকৰ দাসৰ সম্বৰ্ধিতব্য সুপত্নী ধৰ্মদা দাস, গোৱালপাৰা জিলা সাহিত্য সভাৰ কাৰ্যকৰী সদস্য-সদস্যা, সমূহ শাখা সভা আৰু উপ-সমিতিৰ বিষয়ববীয়া প্ৰমুখ্যে দুই শতাধিক সাহিত্য অনুৰাগীৰ সহযোগিতাত চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে আৰম্ভ হোৱা মুকলি সভাখন জাতীয় সংগীত পৰিৱেশনেৰে সফল সমাপ্তি ঘটে।


অন্যহাতে, প্ৰথম কাৰ্যসূচী অনুসৰি পুৱা ৮-৪৫ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে জিলা সভাপতি জয়চন্দ্র নাথে । ৯ বজাত ক্ৰমে বন্তি প্রজ্বলন কৰে দক্ষিণ বিকালী শাখা সাহিত্য সভাৰ সভাপতি প্রতুল ৰাভা আৰু স্মৃতি তর্পণ কৰে জিলা সম্পাদক শিৱ প্রসাদ ৰাভা হাদুৱে। ৯-১৫ বজাত গছ পুলি ৰোপণ কৰে ক্ৰমে গোৱালপাৰা জিলা সাহিত্য সভাৰ উপসভাপতি ইউছুফ আলী, দক্ষিণ বিকালী শাখা সাহিত্য সভাৰ উপদেষ্টা মদন ৰায়, অম্বুক ৰাইজৰ সভাপতি ভবেন খাখলাৰী, দুধনৈ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ পাৰিষদ ভৈৰৱ কছাৰীয়ে। ইয়াৰ পিছতে পুৱা ৯-৩০ বজাৰ পৰা গোৱালপাৰা জিলা সাহিত্য সভাৰ কবি সন্মিলন উপসমিতিৰ কাৰ্যকৰী সভাপতি ডাঃ জয়ন্ত দাসৰ সঞ্চালনাত অনুষ্ঠিত সাহিত্যানুষ্ঠানত বহু সংখ্যক কবি-সাহিত্যিকে নৃত্য-গীত পৰিৱেশন, কবিতা পাঠ আৰু সাধুকথা কোৱা সাহিত্যালাপত অংশগ্ৰহণ কৰে। প্ৰতিষ্ঠা দিৱসৰ অন্তিম কাৰ্যসূচী হিচাপে সন্ধিয়া ৬-০০ বজাত সামূহিক বন্তি প্রজ্বলনৰে সভাৰ সফল সামৰণি পৰে।।

Sarbananda Sonowal: হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

যশস্বী সাংবাদিক, (Sarbananda Sonowal) সুলেখক হাইদৰ হুছেইন অসুস্থ হৈ থকাৰ বাবে তেখেতৰ খবৰ ল’বলৈ গুৱাহাটীৰ শান্তিপুৰস্থিত বাসগৃহত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

“অসমৰ সংবাদ জগতলৈ উল্লেখনীয় অৱদান আগবঢ়োৱা হুছেইন ডাঙৰীয়াই বিভিন্ন বিষয়ত এগৰাকী সমাজ সচেতকৰ ভূমিকা পালন কৰি আহিছে। তেখেতৰ সৈতে বাৰ্তালাপ কৰি স্বাস্থ্যৰ শেহতীয়া অৱস্থাৰ বুজ লওঁ আৰু তেখেত সুস্বাস্থ্যৰ অধিকাৰী হৈ থকাৰ আশাৰে আশু আৰোগ্য কামনা কৰোঁ।” হাইদৰ হুছেইনৰ স্বাস্থ্য বুজ লৈ এইদৰে কয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

Dogs: পথৰ কুকুৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

Dogs: পথৰ কুকুৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়
Dogs: পথৰ কুকুৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

পথৰ কুকুৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়। (Dogs) আশ্ৰয় শিবিৰত বন্দী কুকুৰক মুকলি কৰাৰ নিৰ্দেশ।

উচ্চতম ন্যায়ালয়ে দিল্লী-এনচিআৰত পথৰৰ কুকুৰৰ সন্দৰ্ভত পূৰ্বৰ নিৰ্দেশ সংশোধন কৰি নতুন অন্তৱৰ্তীকালীন ৰায়দান দিয়ে আৰু এতিয়া সমগ্ৰ দেশতে কাৰ্যকৰী হ’ব। আদালতে কয় যে টিকাকৰণৰ পিছত কুকুৰকেইটাক নিজৰ জন্মস্থানত এৰি দিয়া হ’ব যদিও পথত কুকুৰক খাদ্য খাবলৈ দিয়াটো সম্পূৰ্ণ নিষিদ্ধ কৰা হ’ব।

এতিয়াৰে পৰা ৰাজহুৱা স্থানত অঘৰী কুকুৰক খুৱাব নোৱাৰিব খাদ্য। সকলো ৰাজ্যলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা জাৰি। হিংস্ৰ কুকুৰক এৰি দিয়াত প্ৰতিবন্ধকতা জাৰি SCৰ।

ইয়াৰ পূৰ্বে ১১ আগষ্টত উচ্চতম ন্যায়ালয়ৰ ২ জনীয়া বিচাৰপীঠে দিল্লী-এনচিআৰৰ সকলো কুকুৰ ধৰি আশ্ৰয় গৃহলৈ পঠিয়াবলৈ নিৰ্দেশ দিছিল, যাৰ ওপৰত পশুৰ অধিকাৰৰ বাবে কাম কৰা বহু সংগঠনে প্ৰত্যাহ্বান জনাইছিল আৰু ইয়াক নিষেধাজ্ঞাৰ দাবী জনাইছিল।

উচ্চতম ন্যায়ালয়ে ১১ আগষ্টৰ পুৰণি আদেশত কিছু পৰিৱৰ্তন কৰি কয় যে ৰাজপথৰ কুকুৰবোৰক বীজাণুমুক্ত কৰি টিকাকৰণ কৰি তাৰ পিছত পুনৰ নিজৰ অঞ্চলত এৰি দিব লাগে।

kaliabor news: কলিয়াবৰ অনুৰ্ধ্ব ১৯ ছোৱালী ক্ৰিকেট দল ঘোষণা

kaliabor news: কলিয়াবৰ অনুৰ্ধ্ব ১৯ ছোৱালী ক্ৰিকেট দল ঘোষণা
kaliabor news: কলিয়াবৰ অনুৰ্ধ্ব ১৯ ছোৱালী ক্ৰিকেট দল ঘোষণা

ঘোষণা হ’ল কলিয়াবৰ জিলা ছোৱালী ক্ৰিকেট দল। (kaliabor news) গুৱাহাটী বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগা অনুৰ্ধ্ব ১৯ বছৰৰ টি-টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাৰ বাবে ইতিমধ্যে দলটো ৰাওনা হৈছে।

উইকেট কীপাৰ বেটাৰ অন্তৰা দাসৰ নেতৃত্বত ঘোষিত দলটোৰ আন খেলুৱৈসকল হ’ল – কবিতা মূৰ্মু (সহ: অধিনায়িকা), সুনীতা মণ্ডল, চিয়া কটোৱাল, সমীক্ষা এছ. গগৈ, মুস্কান কুমাৰী, ঝুম্‌কী দেৱনাথ, পিঙ্কী দাস, পূৰ্ণাশ্ৰী দেৱী, উপাসনা হাজৰিকা, লক্ষ্মী খাৰিয়া, ৰাণী ৰংপিপী, লক্ষ্মী দাহাৰিয়া, মৃদুলা বৰা, দেবাশ্ৰী গোঁহাই আৰু তৃষ্ণা গোঁহাই।

ষ্টেণ্ড বাই : মনময়ুৰী হাজৰিকা, উপাসনা দেৱী আৰু দিক্ষীতা গোঁহাই। দলটোৰ মেনেজাৰ গকুল নাথ আৰু প্ৰশিক্ষক বেদান্ত বিজয় শইকীয়া। অহা ২৩ আগষ্ট তাৰিখে অসম ক্ৰিকেট সন্থাৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত নগাঁও দলৰ বিৰুদ্ধে প্ৰথমখন খেলত অৱতীৰ্ণ হ’ব। ২৫ আৰু ২৭ আগষ্ট তাৰিখে কলিয়াবৰ দলটো ক্ৰমে গুৱাহাটী আৰু বঙাইগাঁৱৰ মুখামুখি হ’ব।

Gogamukh News: গোগামুখ জ্ঞানজ্যোতি একাডেমীত নীটত উৰ্ত্তীণ শিক্ষাৰ্থীক সম্বৰ্ধনা

Gogamukh News: গোগামুখ জ্ঞানজ্যোতি একাডেমীত নীটত উৰ্ত্তীণ শিক্ষাৰ্থীক সম্বৰ্ধনা
Gogamukh News: গোগামুখ জ্ঞানজ্যোতি একাডেমীত নীটত উৰ্ত্তীণ শিক্ষাৰ্থীক সম্বৰ্ধনা

ধেমাজি জিলাৰ গোগামুখৰ চি বি এছ চিৰ (Gogamukh News) একমাত্ৰ শিক্ষানুষ্ঠান গোগামুখ জ্ঞানজ্যোতি একাডেমীত অধ্যয়ন কৰা তিনিগৰাকী শিক্ষাৰ্থীয়ে এইবাৰ সৰ্বভাৰতীয় পৰ্যায়ৰ নীট পৰীক্ষাত উৰ্ত্তীণ হৈ গোগামুখলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ তাৰে ইশা সাহা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, নিবেদিতাৰ গুপ্তা আৰু উদয় উপাধ্যায় তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰ সুযোগ লাভ কৰিছে ৷

বুধবাৰে জ্ঞানজ্যোতি একাডেমীৰ পৰিয়ালৰ তৰফৰ  পৰা তিনি কৃত্তিমান শিক্ষাৰ্থীক  বিপুলভাৱে সম্বৰ্ধনা জনোৱা হয়। জ্ঞানজ্যোতি একাডমীৰ এই অভিজাত যাত্ৰা আৰু সফলতাত গোগামুখবাসী অতিকৈ আনন্দিত হৈছে ৷ সম্বৰ্ধনা অনুষ্ঠানত গোগামুখ জ্ঞানজ্যোতি একাডেমীৰ এম ডি খেম বাহাদূৰ প্ৰধানে নীটত উৰ্ত্তীণ হোৱা শিক্ষাৰ্থীক সকলক লৈ শুভেচ্ছামূলক বক্তব্য ৰাখে ৷

একেদৰে গোগামুখ মইনাপৰাৰ নিৱাসী ডাঃ বেটাই দলে আৰু কক’জ্যোতি পাইট দলেৰ সু-সন্তাত নিতুল(বৰ্ণিল) দলে আৰু কলেন্দ্ৰ কামান, অমৰাবতী কামানৰ তনয়া সুপ্ৰিয়া কামানেও নীট পৰীক্ষাত উৰ্ত্তীণ হৈ গোগামুখলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷

Amit Shah: কমেও ত্ৰিশ দিন কাৰাগাৰত কটোৱা প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, মন্ত্ৰীৰ কৰ্তন হ’ব পদ

Amit Shah: কমেও ত্ৰিশ দিন কাৰাগাৰত কটোৱা প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, মন্ত্ৰীৰ কৰ্তন হ’ব পদ
Amit Shah: কমেও ত্ৰিশ দিন কাৰাগাৰত কটোৱা প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, মন্ত্ৰীৰ কৰ্তন হ’ব পদ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বুধবাৰে (Amit Shah) লোকসভাত এক বিশেষ বিধেয়ক উত্থাপন কৰে, য’ত প্ৰস্তাৱ দিয়া হৈছে যে কোনো মন্ত্ৰী, মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীক যদি কোনো গোচৰত পাঁচ বছৰ বা ততোধিক সময়ৰ বাবে শাস্তি বিহা হয়, কোনো অপৰাধত গ্ৰেপ্তাৰ বা আটক কৰি ৩০ দিন ধৰি কাৰাগাৰত ৰখা হয়, তেন্তে তেওঁলোকৰ পদ স্বয়ংক্ৰিয়ভাৱে কৰ্তন হ’ব৷ বুধবাৰে লোকসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দাখিল কৰিব তিনিখনকৈ বিধেয়ক৷ নতুন বিধেয়কে অপৰাধী গোচৰত আটক বা গ্ৰেপ্তাৰ হোৱা প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, মন্ত্ৰী বা জনপ্ৰতিনিধিক তাৎক্ষণিকভাৱে অপসাৰণ কৰিব৷ নতুন বিধেয়কে অপৰাধী গোচৰত আটক বা গ্ৰেপ্তাৰ হোৱা প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰী, মন্ত্ৰী বা জনপ্ৰতিনিধিক তাৎক্ষণিকভাৱে অপসাৰণ কৰিব৷ ইয়াৰ বাবে গৃহমন্ত্ৰীগৰাকীয়ে সংবিধানৰ ১৩০সংখ্যক সংশোধনী বিধেয়ক আজি লোকসভাত দাখিল কৰে৷ সংবিধানৰ ২৩৯ [ক] অনুচ্ছেদত পঞ্চম[ক] পৰিচ্ছদ অন্তৰ্ভুক্ত কৰা হ’ব৷

মূলতঃ এই বিধেয়কে শেহতীয়াকৈ দিল্লীত হোৱাৰ দৰে পৰিস্থিতিৰ অৱসান ঘটাব৷ দিল্লীৰ মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হৈ কাৰাগাৰত দিন কটায়ো অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰিত্বৰ দায়িত্ব এৰা নাছিল৷ গৃহমন্ত্ৰীয়ে আজি দাখিল কৰিবলগীয়া বিধেয়ক অনুসৰি মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত প্ত বছৰ বা ততোধিক সময়ৰ বাবে কাৰাদণ্ডৰ শাস্তিযোগ্য যিকোনো অপৰাধ সংঘটিত কৰাৰ অভিযোগত বৰ্তমান বলৱৎ হৈ থকা আইনৰ অধীনত ৩০ দিনৰ বাবে একেৰাহে গ্ৰেপ্তাৰ বা জিম্মাত থাকিলে, গ্ৰেপ্তাৰ আৰু আটক কৰাৰ একত্ৰিশ দিনৰ ভিতৰত পদত্যাগ কৰিব লাগিব, আৰু যদি তেওঁ পদত্যাগ নকৰে, তেন্তে ৩০ দিন উকলি যোৱাৰ পিছৰ দিনটোৰ পৰাই তেওঁৰ মুখ্যমন্ত্ৰীৰ পদ খাৰিজ হ’ব৷ সুৰা কেলেংকাৰিৰ অভিযোগত ইডি আৰু চিবিআইৰ জিম্মাত থকা অৱস্থাত কেজৰিৱালে প্ৰায় ৬ মাহ ধৰি পদত্যাগ কৰা নাছিল৷ বৰ্তমানৰ প্ৰধানমন্ত্ৰী এজনক গ্ৰেপ্তাৰ কৰি ৩০ দিনৰ বাবে জিম্মাত ৰখাৰ ক্ষেত্ৰতো প্ৰস্তাৱিত সংশোধনীত একেই ব্যৱস্থা কৰা হৈছে৷ গৃহমন্ত্ৰীগৰাকীয়ে সদনত দাখিল কৰিবলগীয় আন দুখন বিধেয়ক হ’ল- কেন্দ্ৰীয়শাসিত অঞ্চল শাসন সংশোধনী বিধেয়ক-২০২৫ আৰু জম্মু কাশ্মীৰ পুনৰ্গঠন বিধেয়ক-২০২৫৷

এই বিধেয়ক উত্থাপন কৰাৰ লগে লগে আছাদুউদ্দিন ওৱেইচীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ তেওঁৰ মতে, ‘ই ক্ষমতাৰ বিভাজনৰ ওপৰত আঘাত হানিছে৷ এই বিধেয়কে কাৰ্যনিৰ্বাহক সংস্থাক বিচাৰক, জুৰি আৰু দণ্ডকাৰী হিচাপে কাজ কৰাৰ ক্ষমতা প্ৰদান কৰিব৷’ কংগ্ৰেছ সাংসদ মনীশ তিৱাৰীয়ে এই বিধেয়কক ‘সম্পূৰ্ণৰূপে ধবংসাত্মক’ আখ্যা দিয়ে৷ তেওঁ কয়, ‘ভাৰতীয় সংবিধানত আইন-শৃংখলাৰ শাসনৰ কথা কৈছে, য’ত যিকোনো ব্যক্তিক বিচাৰত দোষী প্ৰমাণ নোহোৱা পৰ্যন্ত নিৰ্দোষী বুলি ধৰা হয়৷ কিন্তু এই বিধেয়কে সেই নীতি সলনি কৰিব বিচাৰে৷’

Dr Hiren Deka: শিক্ষাবিদ, কটন বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ হীৰেণ ডেকালৈ “শিক্ষাৰত্ন বঁটা-২০২৫”

ড০ হীৰেণ ডেকা
ড০ হীৰেণ ডেকা

অসমৰ আগশাৰীৰ সাহিত্য, সাংস্কৃতিক (Dr Hiren Deka) তথা সামাজিক অনুষ্ঠান সদৌ অসম কবি মঞ্চই বিভিন্ন দিশত অনবদ্য সেৱা আগবঢ়োৱা কুৰি গৰাকী ব্যক্তিক বিভিন্ন শিতানৰ বঁটা ঘোষণা কৰে। শিক্ষাসেৱক, শিক্ষাবিদ মানৱ দৰদী ডঃ হীৰেণ ডেকাক সদৌ অসম কবি মঞ্চই প্ৰদান কৰিব “শিক্ষাৰত্ন বঁটা-২০২৫”। নিজৰ কর্মজীৱনৰ মধুময় সময়খিনিক শুদ্ধ ৰূপত পৰিচালিত কৰি ছাত্র সমাজ তথা সহকর্মীৰ মাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা ডেকাৰ ব্যক্তিত্ব সুকীয়া আৰু জীৱন দৰ্শন এক আদর্শ। মহান পুৰুষৰ জীৱনৰ আদর্শেৰে পৰিচালিত হৈ নিজৰ জীৱনক মহীয়ান কৰা ড০ ডেকাই প্রৱল মেধা শক্তিৰে অসমৰ বহুতো বিদ্যালয়, মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়ৰ বিভিন্ন সম্মানীয় আসনত অধীস্থিত হ’বলৈ সক্ষম হৈছে।

জীৱনৰ প্রায়খিনি সময় শিক্ষাৰ বিভিন্ন দিশৰ লগত জড়িত হৈ, নিজৰ অক্লান্ত ত্যাগ, আৰু পৰিশ্রমেৰে নিজক প্রতিষ্ঠা কৰাৰ স্বার্থত সংগ্রাম কৰা হীৰেন ডেকাৰ জন্ম হৈছিল নলবাৰী জিলাৰ বেলশৰৰ নালিছা নামৰ এখন ভিতৰুৱা গাওঁত ১৯৭০ চনৰ ১৯ মাৰ্চত ।তেখেত প্রয়াত নলিনী ডেকা আৰু প্রয়াত ভাৰতী ডেকাৰ সুযোগ্য সন্তান। সৰুৰে পৰা পিতৃ মাতৃৰ বাক্যৰ প্রতি দায়বদ্ধ হৈ নিজৰ উদ্দেশ্য সিদ্ধিৰ বাবে সপোন দেখা ড০ ডেকা প্রকৃতার্থত এগৰাকী সফল ব্যক্তি।পঢ়া শুনাত একান্ত বাধ্য ডেকাই নিজৰ গাওঁতে প্রাথমিক, মাধ্যমিক আৰু হাইস্কুলীয়া শিক্ষা বেলশৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত গৌৰৱেৰে উত্তীৰ্ণ হৈ ১৯৮৬ চনত কটন কলেজত শিক্ষা গ্রহণৰ বাবে ৰাওনা হৈছিল। এই মহাবিদ্যালয়ৰ পৰা একাগ্রতাৰে শিক্ষা গ্রহন কৰি বিজ্ঞান শাখাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ গণিত বিভাগত কটন কলেজৰ পৰাই স্নাতক ডিগ্রী লাভ কৰি দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ১৯৯৪ চনত গণিত বিষয়তেই স্নাতকোত্তৰ ডিগ্রী লাভ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ২০১৩ চনত সন্মানীয় ডক্টৰেট ডিগ্রী লাভ কৰে। কঠোৰ অধ্যাৱসায় আৰু পৰিশ্রমৰ ফলত এখন ভিতৰুৱা গাওঁৰ পৰা বোকাৰ পদুম হৈ ফুলা ডেকাই আন দহ জনৰ আদৰ্শ হৈ ৰবʼ। নলবাৰী জিলাবাসীৰ ডেকা এক প্ৰকাৰ প্ৰেৰণাৰ উৎস।


আত্মবিশ্বাস আৰু নিজৰ মেধাৰ বলত ডেকাই ১৯৯৫ চনৰ আগষ্ট মাহত যোৰহাট অভিযান্ত্রিক মহাবিদ্যালয়ত গনিত বিভাগত সহকাৰী প্রবক্তা হিচাপে যোগদান কৰে লগতে ছাত্র একতা সভাৰ নির্বাচন ,সামাজিক কাম কাজত জড়িত হৈ থকা হীৰেন ডেকা দেৱে যোৰহাট অভিযান্ত্রিক মহাবিদ্যালয়ৰ তেখেত ছাত্রাবাসৰ অধীক্ষক হিচাপে ১৯৯৯ চনৰ পৰা ২০০৫ চনলৈ নিয়োজিত থাকি উক্ত চনতেই সেই মহাবিদ্যালয়ৰ পৰা কটন মহাবিদ্যালয়লৈ স্থানান্তৰ হয়।

যিখন মহাবিদ্যালয়ত নিজেই পঢ়ি জীবনৰ বাটত ন সুৰুষৰ সম্মুখীন হৈছিল সেইখন মহাবিদ্যালয়ত আন দহ জনক জ্ঞান বিলাবলৈ পোৱা জনৰ দৰে সৌভাগ্যশালী আন কোন হ’ব পাৰে! সেই সোভাগ্যৰ পৰা ডেকা দেৱো বঞ্চিত নাছিল। ২০০৫ চনৰ পৰা ২০১৭ চনৰ মে’ মাহলৈ কটন কলেজত তেখেতে গনিত বিভাগৰ সহযোগী অধ্যাপক হিচাপে নিযুক্ত আছিল। উক্ত সময়ছোৱাতে তেখেতে কটন কলেজৰ শৈক্ষিক দিশৰ লগতে সামাজিক দিশত ওতঃপ্রোতঃ ভাবে জড়িত আছিল।

মহাবিদ্যালয়ৰ পৰা ঐতিহ্যমণ্ডিত কটনে বিশ্ববিদ্যালয়ষ মুকুট পিন্ধাৰ পিছতো ড° ডেকাই শিক্ষাদান কৰি আছিল। এই সময়ছোৱাৰ পৰা বর্তমানলৈ তেখেতে গনিত বিভাগৰ সহযোগী অধ্যাপক হিচাপে নিযুক্ত হৈ আছে।ইয়াৰোপৰি তেখেতে কটন বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্রকৰ দায়িত্ব ও সূচাৰুৰূপে পালন কৰিছিল। এতিয়া তেখেতে সঞ্চালক, আভ্যন্তৰীণ গুনগত মান নিৰূপন কোষৰ দায়িত্বত ও আছে।


কটন বিশ্ববিদ্যালয়ৰ বিভিন্ন শৈক্ষিক আৰু সামাজিক কামত নিযুক্ত হৈ থকা ডেকাই ১৫ খনতকৈও অধিক গবেষণা পত্র বিভিন্ন পত্রিকাত প্রকাশ হৈছে। ছাত্ৰ- ছাত্ৰীসকলৰ শৈক্ষিক সমস্যাৰ লগত জড়িত হোৱাৰ উপৰি বিভিন্নজনক ব্যক্তিগতভাৱেও সহায় কৰি আহিছে শিক্ষাবিদ ড০ হীৰেণ ডেকাই। ৰঙিয়া মহাবিদ্যালয়ত অহা ২৬ আগষ্টত আয়োজিত বঁটা প্ৰদান অনুষ্ঠান এই বঁটা প্ৰদান কৰা হ’ব।

Nandita Saikia: নন্দিতা শইকীয়াৰ হত্যাকাৰী ৰিণ্টু শৰ্মাক মৃত্যুদণ্ডৰ ৰায় আদালতৰ

Nandita Saikia
Nandita Saikia

ধেমাজিৰ নন্দিতা (Nandita Saikia) শইকীয়াৰ হত্যাকাৰী ৰিণ্টু শৰ্মাক মৃত্যুদণ্ডৰ ৰায় আদালতৰ। ধেমাজি জিলা ছেচন ন্যায়াধীশ আদালতৰ এই ঐতিহাসিক ৰায়। ২০২১ চনৰ ২১ আগষ্টত নন্দিতাক দাৰে আক্ৰমণ কৰিছিল ৰিণ্টু শৰ্মাই।

৪ বছৰৰ অন্তত আদালতত দোষী সাব্যস্ত হ’ল ধেমাজিৰ মাজমজিয়াত দাৰে পূৰ্বপৰিকল্পিতভাৱে নন্দিতা শইকীয়া নামৰ এগৰাকী কলেজিয়া ছাত্ৰীক হত্যা কৰা ৰিন্টু শৰ্মা।

কালি ধেমাজি জিলা ন্যায়াধীশ কল্যাণজিৎ শইকীয়াৰ আদালতে ভাৰতীয় দণ্ডবিধি আইনৰ 341/326/307/302 ধাৰাত দোষী সাৱ্যস্ত কৰে হত্যাকাৰী ৰিন্টু শৰ্মাক ৷

আজি নন্দিতা শইকীয়াক আক্ৰমনৰ ঘটনাৰ চাৰিবছৰ হ’ল। ধেমাজি আদালতে বিশেষ দিনটোতেই দোষী সাব্যস্ত হোৱা ৰিন্টু শৰ্মাৰ শাস্তিৰ বিধান কৰে ৷

উল্লেখযোগ্য যে ২০২১ চনৰ ২১ আগষ্টত মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াক একেখন মহাবিদ্যালয়ৰে লাইব্ৰেৰী কৰ্মচাৰী ৰিন্টু শৰ্মাই ধেমাজিৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্হানৰ সন্মুখত দিনদুপৰতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল ৰিন্টু শৰ্মাই ৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত নন্দিতাৰ ২০২১চনৰ ২৫ আগষ্টত ডিব্ৰুগড়ৰ ব্ৰক্ষ্মপুত্ৰ নাৰ্চিহোংমত মৃত্যু হৈছিল।

অৱশেষত চাৰি বছৰৰ অনন্ত ন্যায় পালে নন্দিতাৰ পৰিয়ালে।নন্দিতা শইকীয়াৰ হত্যাকাৰী ৰিণ্টু শৰ্মাক মৃত্যুদণ্ডৰ ৰায় আদালতৰ।

Delhi CM Attack: দিল্লীৰ মুখ্যমন্ত্ৰীক কোনে মাৰিলে চৰ ? জনতাৰ শুনানিৰ সময়তে মুখ্যমন্ত্ৰীক আক্ৰমণ দুৰ্বৃত্তৰ!

Delhi CM Attack: দিল্লীৰ মুখ্যমন্ত্ৰীক কোনে মাৰিলে চৰ ?
Delhi CM Attack: দিল্লীৰ মুখ্যমন্ত্ৰীক কোনে মাৰিলে চৰ ?

এক ভয়ংকৰ ঘটনা ঘটি গ’ল নতুন (Delhi CM Attack) দিল্লীত৷ ৰাজধানী চহৰখনত এইবাৰ আক্ৰমণৰ বলি হ’ল খোদ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা৷ ৰাজহুৱা অভাৱ-অভিযোগৰ বিষয়ে শুনানি লৈ থকাৰ সময়তে দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক আক্ৰমণ কৰে এজন লোকে৷ মুখ্যমন্ত্ৰী গুপ্তাই তেওঁৰ চৰকাৰী আৱাসৰ কাৰ্যালয়ত সাধাৰণ জনতাৰ অভিযোগ শুনাৰ সময়তেই এই ঘটনাটো সংঘটিত হয়৷ নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকাৰ পিছতো স্বয়ং মুখ্যমন্ত্ৰীৰ ওপৰত হোৱা আক্ৰমণে ৰাজধানী চহৰখনৰ নিৰাপত্তা ব্যৱস্থাৰ ওপৰত গুৰুতৰ প্ৰশ্নৰ উত্থাপন কৰিছে৷ ঘটনাৰ পিছতে মুখ্যমন্ত্ৰী গুপ্তাৰ নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে৷ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই প্ৰতি বুধবাৰে নিজৰ বাসগৃহত ‘জনতাৰ শুনানি’ৰ আয়োজন কৰি জনতাক সাক্ষাৎ কৰি তেওঁলোকৰ সমস্যা সমাধান কৰে৷ আজিৰ অনুষ্ঠানতো বিপুল জনসমাগম হয়৷ মুখ্যমন্ত্ৰীগৰাকীয়ে এজন এজনকৈ মানুহক লগ কৰি থকাৰ সময়তে পুৱা প্ৰায় ৮.৩০ বজাত এজন ব্যক্তিয়ে তেওঁৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰে আৰু কাগজ কেইখনমান দলিয়াই তেওঁক চৰ মাৰিবলৈ চেষ্টা কৰে৷

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত উপস্থিত প্ৰত্যক্ষদৰ্শীৰ মতে, এই লোকজনে হঠাতে মুখ্যমন্ত্ৰীৰ ফালে কিছু কাগজ দলিয়াই তেওঁক মাৰিবলৈ চেষ্টা কৰে৷ অৱশ্যে ততাতৈয়াকৈ নিৰাপত্তাৰক্ষীয়ে মুখ্যমন্ত্ৰীক ৰক্ষা কৰিবলৈ সক্ষম হয়৷ নিৰাপত্তাৰক্ষীয়ে লগে লগে প্ৰায় ৩৫বছৰীয়া আক্ৰমণকাৰীটোক আটক কৰে৷ প্ৰাথমিক সোধা-পোছাত অভিযুক্তটোৱে কয় যে ব্যক্তিগত সমস্যা সমাধান নোহোৱা বাবে তেওঁ মুখ্যমন্ত্ৰীৰ ওপৰত ক্ষুব্ধ হৈ আক্ৰমণ কৰিছে ৷ ইতিমধ্যে এই লোকজনক আৰক্ষীয়ে জিম্মাত লৈ অধিক জেৰা অব্যাহত ৰাখিছে ৷ এই আক্ৰমণৰ পিছতে লগে লগে মুখ্যমন্ত্ৰীক তেওঁৰ ব্যক্তিগত চেম্বাৰলৈ নিয়া হয়৷ এক আনুষ্ঠানিক বিবৃতিত মুখ্যমন্ত্ৰী কাৰ্যালয়ে মুখ্যমন্ত্ৰীগৰাকী নিৰাপদ থকাৰ লগতে কোনো ধৰণৰ আঘাত পোৱা নাই বুলি জানিবলৈ দিয়ে৷ অৱশ্যে চিকিৎসকৰ এটা দলে তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰি কিছু সময় জিৰণি ল’বলৈ পৰামৰ্শ আগবঢ়ায়৷ দিল্লী চৰকাৰৰ মন্ত্ৰী মঞ্জিন্দৰ সিং ছিৰছাই এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘মুখ্যমন্ত্ৰীৰ ওপৰত হোৱা আক্ৰমণক আমি গৰিহণা দিছো৷ দিল্লীৰ জনসাধাৰণৰ বাবে সদায় চিন্তা কৰি আহিছে মুখ্যমন্ত্ৰীয়ে৷ তেওঁ অনবৰতে তেওঁলোকৰ বাবে ভাল সিদ্ধান্ত গ্ৰহণ কৰি আছে ৷

এই কথা বিৰোধীয়ে হজম কৰিব পৰা নাই৷’ তেওঁ ঘটনা সন্দৰ্ভত এক উচ্ছ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে৷ দিল্লী ৰাজ্যিক বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱে এই ঘটনাক গৰিহণা দিছে৷ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ ওপৰত কৰা আক্ৰমণ অতি নিন্দনীয় বুলি মন্তব্য কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী আতিশীয়ে৷ মুখ্যমন্ত্ৰীৰ ওপৰত হোৱা আক্ৰমণ সন্দৰ্ভত দিল্লী কংগ্ৰেছৰ সভাপতি দেৱেন্দ্ৰ যাদৱে কয়, ‘এয়া অতি দুঃখজনক৷ মুখ্যমন্ত্ৰীয়ে সমগ্ৰ দিল্লীক নেতৃত্ব দিয়ে আৰু মই অনুভৱ কৰো যে এনে ঘটনাক যিমানেই নিন্দা কৰা নহওক কিয়, কিন্তু এই ঘটনাই মহিলাৰ সুৰক্ষাৰ বাস্তৱতাও উদঙাই দিয়ে৷ যদি দিল্লীৰ মুখ্যমন্ত্ৰী নিৰাপদ নহয়, তেন্তে এজন সাধাৰণ নাগৰিক বা এগৰাকী মহিলা কেনেদৰে সুৰক্ষিত হ’ব?