কৰ্ম জীৱনৰ পৰা ললে অৱসৰ ল'লে বেছিমাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুল হাছেনে । Beshimari Madhya English School
২৪ মে’ ২০২৫ঃ Beshimari Madhya English School । দৰং জিলাৰ দলগাওঁ শিক্ষা খণ্ডৰ অন্তৰ্গত শিলবৰী বেছিমাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকে ললে কৰ্ম জীৱনৰ পৰা অৱসৰ। শনিবাৰে ৰাতিপুৱা দহ বজাত বেছিমাৰী মধ্য ইংৰাজী বিদ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত হয় বিদায়ী সভা আৰু সম্বৰ্ধনা অনুষ্ঠান।
সভাত বৃহত্তৰ,শিলবৰী অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী,শিক্ষক গৰাকীৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু গুণমুগ্ধই শিক্ষক গৰাকীৰ অতীতৰ কৰ্মজীৱনৰ অতিবাহিত কৰা কথা স্মৰণ কৰি আবেগিক হৈ পৰে। বৃহত্তৰ শিলবৰীত ০১-০১-১৯৮৭ চন প্ৰতিষ্ঠিত বেছিমাৰী মধ্য ইংৰাজী বিদ্যালয়ত পোন প্ৰথমে ১৯-০৩-১৯৯০ সহকাৰী শিক্ষক হিচাপে যোগদান কৰে আব্দুল হাছেন যদিও কিছু দিন পিছত তেখেতে প্ৰধান শিক্ষকৰ দায়িত্ব পালন কৰিবলগীয়া হয়।খুব দুখ দূৰ্গতিৰ মাজেৰে বিনা চৰকাৰী বেতনে অঞ্চল খনৰ ছাত্ৰ ছাত্ৰী দি গ’ল শিক্ষা। সুদীৰ্ঘ ২৪ বছৰ চৰকাৰী মাননী নপোৱাকৈ শিক্ষক গৰাকীয়ে দি গল ছাত্ৰ-ছাত্ৰীক পাঠদান।
অৱশেষত ০১-০১- ২০১৩ চনত বিদ্যালয় প্ৰাদেশিক হ’ল।প্ৰধান শিক্ষকৰ দায়িত্ব ভাৰ লৈ অতিবাহিত কৰিলে ১২ বছৰীয়া চাকৰি জীৱন। এগৰাকী সহজ-সৰল,নম্ৰ প্ৰবৃত্তিৰ,শুৱলা কন্ঠৰ অধিকাৰী আৰু দায়িত্ববান ব্যক্তি হিচাপে ছাত্ৰ-ছাত্ৰী আৰু স্থানীয়ৰ মাজত আছিল অতি প্ৰিয় আছিল প্ৰধান শিক্ষক আব্দুল হাছেন মহাশয়। সুদীৰ্ঘ ছয়ত্ৰিশ বছৰ তেখেতৰ একনিষ্ঠা কৰ্মৰ ফলস্বৰূপে আজি সমাজত আলোকিত হৈছে বহুজন।কৰ্মজীৱনৰ অন্তিম বেলাত নিজৰ প্ৰিয় শিক্ষক গৰাকীক শ শ গুণমুগ্ধই অশ্ৰুসিক্ত নয়নে বিদায় দি আবেগিক হৈ পৰে আৰু প্ৰিয় শিক্ষক গৰাকীক বিভিন্ন উপহাৰে উপচাই পেলায় ।
শনিবাৰে অনুষ্ঠিত এই বিদায়ী অনুষ্ঠানত উপস্থিত থাকে বিদ্যালয় খনৰ বৰ্তমানৰ প্ৰধান শিক্ষক আব্দুৰ ৰহিম, সহকাৰী শিক্ষক ওমৰ আলী, বিজ্ঞান শিক্ষক নাজিৰ উদ্দিন আহমেদ,বিপিন চন্দ্ৰ নাথ, ফাতেমা বেগম,এলিজা বেগম,ছবিকুল ইছলাম,বেছিমাৰী প্ৰাথমিক বিদ্যালয়ৰ অবসৰ প্ৰাপ্ত প্ৰধান শিক্ষক কাশেম আলী, নলবাৰী প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ফজৰ আলী, কছাৰী ভেটিটুপ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহ শিক্ষক ছামচুল হক,ছিৰাজুল হক হাইস্কুলৰ সহকাৰী শিক্ষক ওমৰ আলী,কেৰামত আলী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক কিয়ামত আলী,১নং কছাৰী ভেটিটুপ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আলাল উদ্দিন, শংকৰদেৱ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ছফিকুৰ ৰহমান, দক্ষিণ বেছিমাৰী প্ৰাথমিক বিদ্যালয়ৰ সহ শিক্ষক আব্দুল বাৰি, আব্দুল ছাত্তাৰ, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ছাইফুল ইছলাম,ছাদিক জাহিৰ আব্বাছ,স্থানীয় সমাজকৰ্মী ৰফিকুল ইছলাম,ফক্কৰ উদ্দিন, আদি কৰি বহুকেইজন বিশিষ্ট মন্য গন্য ব্যক্তি, বিদ্যালয় খনৰ শিক্ষক,বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য সদস্যা, সহস্ৰাধিক স্থানীয় ৰাইজ আৰু বিদ্যালয় খনৰ বহু কন কন ছাত্ৰ ছাত্ৰী।
USTM-ত অনুষ্ঠিত হ’ল Parents-Management Meet: পিতৃ-মাতৃ আৰু প্ৰতিষ্ঠানৰ মাজত সহযোগিতাৰ বন্ধন অধিক দৃঢ় কৰিবলৈ শক্তিশালী পদক্ষেপ । University of Science and Technology Meghalaya (USTM)
২৪ মে’ ২০২৫:University of Science and Technology Meghalaya (USTM)-এ আজিৰ দিনটোত ৰূপালী জয়ন্তীৰ অংশ হিচাপে এক বিশেষ অনুষ্ঠান — Parents-Management Meet— আয়োজন কৰি পিতৃ-মাতৃ আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ মাজত সহযোগিতা আৰু বিশ্বাসৰ বন্ধন অধিক সুদৃঢ় কৰাৰ এক উজ্জ্বল দৃষ্টান্ত স্থাপন কৰিলে।
দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলে এই সভাত অংশগ্ৰহণ কৰে। সভাত বিশ্ববিদ্যালয়ৰ মাননীয় আচার্য মহবুবুল হক, উপাচাৰ্য প্ৰফেছাৰ জি. ডি. শৰ্মা, উচ্চপদস্থ বিষয়া, শিক্ষকবৃন্দ আৰু পৰিচালন পৰিষদৰ সদস্যসকলেও উপস্থিত থাকে।
আচার্য মহবুবুল হকে তেওঁৰ ভাষণত উল্লেখ কৰে: “এই ধৰণৰ বৈঠকে বিশ্বাস, সঁজুলিৰ বিনিময় আৰু সহানুভূতিৰ এক পৰিৱেশ গঢ়ি তোলে, যিয়ে অভিভাৱক আৰু প্ৰতিষ্ঠানৰ মাজত যোগাযোগ অধিক মজবুত কৰে।” তেওঁ লগতে কয় – “পিতৃ-মাতৃসকলে এই মঞ্চৰ জৰিয়তে নিজৰ সন্তানৰ শিক্ষাগত অগ্ৰগতি, ব্যৱহাৰ আৰু বিশ্ববিদ্যালয়ত কৰা গঠনমূলক কাৰ্যসূচীৰ বিষয়ে জানিবলৈ সক্ষম হৈছে।”
এই অনুষ্ঠানত পিতৃ-মাতৃসকলে তেওঁলোকৰ সন্তানে UGC-NET পৰীক্ষাত কৰা সফলতাৰ বাবে বিশ্ববিদ্যালয়ৰ অধ্যাপনা আৰু পৰিচালন পদ্ধতিক গভীৰ প্ৰশংসা কৰে। তেওঁলোক কয় – “এই ধৰণৰ গুণগতমানৰ শিক্ষা আৰু সম্পূর্ণ বিকাশৰ বাবে USTM উত্তৰ-পূবৰ সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে এক আদৰ্শ শিক্ষা প্ৰতিষ্ঠান।”
এক অভিভাৱকে মন্তব্য কৰে: “শিক্ষাৰ সৈতে সংগতি ৰাখি খেলাধুলাৰ ক্ষেত্ৰতো সমান্তৰাল উন্নয়ন হওয়া উচিত। USTM-ৰ একাডেমিক মান উচ্চ, এতিয়া আমিও বিচাৰো এই প্ৰতিষ্ঠানৰে পৰা অলিম্পিকলৈ যোৱাৰ পথ প্ৰস্তুত হৌক।” তেওঁলোকে মেঘালয় চৰকাৰলৈ আহ্বান জনায়, ২০২৭ ৰ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাৰ কিছু অংশ যেন USTM ৰ ক্ৰীড়া ময়দানত অনুষ্ঠিত কৰা হয়।
অনুষ্ঠানখনত বিশেষভাৱে উদ্বোধন কৰা হয় “PIMC Health Card”। এই কাৰ্ডৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱকে PA Sangma International Medical College and Hospital-ত ৰেহাই মূল্যত স্বাস্থ্য সেৱা লাভ কৰিব পাৰিব।
এই Parents-Management Meet-এ এটা স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে – পিতৃ-মাতৃ আৰু শিক্ষাপ্ৰতিষ্ঠানৰ মাজত সহযোগিতা থাকিলে ছাত্ৰ-ছাত্ৰীৰ শিক্ষাজীৱন অধিক উজ্জ্বল আৰু সাফল্যমণ্ডিত হয়। USTM-এ এই ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষা ক্ষেত্ৰত এক নতুন দিশ দাঙি ধৰিছে।