Home Blog Page 168

শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অভিনন্দন অনুষ্ঠান সম্পন্ন । kaliabor

২৪ মে', কলিয়াবৰ :kaliabor । "ছাত্ৰ- ছাত্ৰীসকলে বিদ্যা অৰ্জনত অধিক গুৰুত্ব দিব লাগে। কিয়নো বিদ্যাই পৰম ধন।" কলিয়াবৰত আজি এই মন্তব্য কৰে বিশিষ্ট কবি তথা নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড০ শৰৎ বৰকটকীয়ে। কলিয়াবৰৰ কুঁৱৰীটোলৰ শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত কৃতী ছাত্ৰ-ছাত্ৰীক উদগনি যোগোৱাৰ উদ্দেশ্যে আজি আয়োজন কৰা অভিনন্দন অনুষ্ঠানটিত নিৰ্দিষ্ট বক্তাৰ ভাষণ দি নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বৰকটকীয়ে ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যী অতীতৰ জ্ঞান অৰ্জনৰ প্ৰসঙ্গৰে বিদ্যা অৰ্জনৰ গুৰুত্ব সম্পৰ্কে অৱগত কৰাৰ লগতে পৰামৰ্শ আগবঢ়ায়। বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সম্পাদক তথা বৰ্তমানৰ সভাপতি ৰবীন বুঢ়াগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সভাখনিত বিশিষ্ট অতিথি হিচাপে ভাষণ দিয়ে সমজিলা আযুক্ত ৰাজ বৰুৱাই।
শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অভিনন্দন অনুষ্ঠান সম্পন্ন । kaliabor

২৪ মে’, কলিয়াবৰ :kaliabor । “ছাত্ৰ- ছাত্ৰীসকলে বিদ্যা অৰ্জনত অধিক গুৰুত্ব দিব লাগে। কিয়নো বিদ্যাই পৰম ধন।” কলিয়াবৰত আজি এই মন্তব্য কৰে বিশিষ্ট কবি তথা নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড০ শৰৎ বৰকটকীয়ে।
কলিয়াবৰৰ কুঁৱৰীটোলৰ শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত কৃতী ছাত্ৰ-ছাত্ৰীক উদগনি যোগোৱাৰ উদ্দেশ্যে আয়োজন কৰা অভিনন্দন অনুষ্ঠানটিত নিৰ্দিষ্ট বক্তাৰ ভাষণ দি নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বৰকটকীয়ে ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যী অতীতৰ জ্ঞান অৰ্জনৰ প্ৰসঙ্গৰে বিদ্যা অৰ্জনৰ গুৰুত্ব সম্পৰ্কে অৱগত কৰাৰ লগতে পৰামৰ্শ আগবঢ়ায়। বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সম্পাদক তথা বৰ্তমানৰ সভাপতি ৰবীন বুঢ়াগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সভাখনিত বিশিষ্ট অতিথি হিচাপে ভাষণ দিয়ে সমজিলা আযুক্ত ৰাজ বৰুৱাই।

বৰুৱাই বৰ্তমান সময়ৰ লগত খাপ খোৱাই নিজকে প্ৰস্তুত কৰি ন-ন উদ্ভাৱনী প্ৰক্ৰিয়াৰ দ্বাৰা অনাগত দিনত মানৱ সম্পদ ৰূপে গঢ় দিবলৈ উচ্চ শিক্ষা গ্ৰহণৰ দুৱাৰ দলিত উপস্থিত হোৱা ছাত্ৰ-ছাত্ৰীসকল আহ্বান জনায়। তাৰ বাবে হাতত থকা ম’বাইল ফোনটো সততাৰে এক উপযুক্ত সমল হিচাপে ব্যৱহাৰ কৰিব পাৰি বুলিও কয়। বিদ্যালয় পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰশান্ত কুমাৰ শ‌ইকীয়া, সম্পাদক মোহন শইকীয়া, কলিয়াবৰ শাখা সাহিত্য সভাৰ প্রাক্তন সভাপতি নৱীন বৰঠাকুৰ, প্ৰাক্তন অধ্যক্ষ ভূপেন শৰ্মা, বিদ্যালয়ৰ অধ্যক্ষা ৰাণু শ‌ইকীয়া, বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যসহ গণ্য-মান্য ব্যক্তিয়ে অংশ লোৱা সভাখনিত শিক্ষাবিদ ৰেৱন চন্দ্ৰ নাথ স্মৃতি ন্যাস বঁটা প্ৰদান কৰা হয় কলিয়াবৰ সমজিলাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শ্ৰেষ্ঠ কৃতী ছাত্ৰী স্বীকৃতি বৰা (চেন্ট ৰবাৰ্টছ স্কুল), সুস্মিতা ভূঞা স্মৃতি ন্যাসৰ বঁটা প্ৰদান কৰা হয় বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শ্ৰেষ্ঠ কৃতী ছাত্ৰ হেমন্ত ভাগৱতী আৰু বিদ্যালয়ৰে সমজিলাৰ উচ্চতৰ মাধ্যমিকৰ শ্ৰেষ্ঠ কৃতী ছাত্ৰী হিমাশ্ৰী পাঠকক বিদ্যালয়খনৰ ৰেক্টৰ তথা কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি দিলীপ কুমাৰ হাজৰিকাই আগবঢ়োৱা নগদ মাননিৰ বিশেষ বঁটাৰে অভিনন্দন জনোৱা হয। সভাত বিদ্যালয়খনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উত্তীৰ্ণ কৃতী ছাত্ৰ ছাত্ৰী মুঠ ৬১ গৰাকী আৰু প্ৰথম বাৰ অৱতীৰ্ণ হোৱা উচ্চতৰ মাধ্যমিকৰ ৩৭ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱা হয। শিক্ষক, ছাত্ৰ, অভিভাৱকে অংশ লোৱা সভাখনিত উদীয়মান গায়ক জিষ্ণুব্ৰত শ‌ইকীয়া আৰু শিক্ষক হিমন্ত গোস্বামীয়ে গীত পৰিৱেশন কৰি শ্ৰোতাক বাৰুকৈ মুগ্ধ কৰে। সমবেত সংগীতে আৰম্ভ হোৱা সভাখনিৰ বিভিন্ন কাৰ্যক্ৰমনিকাৰ আঁত ধৰে বিদ্যালয়ৰ শিক্ষক দেৱাশিস গোস্বামী আৰু শঙ্কৰ বৰঠাকুৰে।

USTM-ত অনুষ্ঠিত হ’ল Parents-Management Meet: পিতৃ-মাতৃ আৰু প্ৰতিষ্ঠানৰ মাজত সহযোগিতাৰ বন্ধন অধিক দৃঢ় কৰিবলৈ শক্তিশালী পদক্ষেপ । University of Science and Technology Meghalaya (USTM)

USTM-ত অনুষ্ঠিত হ’ল Parents-Management Meet: পিতৃ-মাতৃ আৰু প্ৰতিষ্ঠানৰ মাজত সহযোগিতাৰ বন্ধন অধিক দৃঢ় কৰিবলৈ শক্তিশালী পদক্ষেপ । University of Science and Technology Meghalaya (USTM)
USTM-ত অনুষ্ঠিত হ’ল Parents-Management Meet: পিতৃ-মাতৃ আৰু প্ৰতিষ্ঠানৰ মাজত সহযোগিতাৰ বন্ধন অধিক দৃঢ় কৰিবলৈ শক্তিশালী পদক্ষেপ । University of Science and Technology Meghalaya (USTM)

২৪ মে’ ২০২৫:University of Science and Technology Meghalaya (USTM)-এ আজিৰ দিনটোত ৰূপালী জয়ন্তীৰ অংশ হিচাপে এক বিশেষ অনুষ্ঠান — Parents-Management Meet— আয়োজন কৰি পিতৃ-মাতৃ আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ মাজত সহযোগিতা আৰু বিশ্বাসৰ বন্ধন অধিক সুদৃঢ় কৰাৰ এক উজ্জ্বল দৃষ্টান্ত স্থাপন কৰিলে।

দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলে এই সভাত অংশগ্ৰহণ কৰে। সভাত বিশ্ববিদ্যালয়ৰ মাননীয় আচার্য মহবুবুল হক, উপাচাৰ্য প্ৰফেছাৰ জি. ডি. শৰ্মা, উচ্চপদস্থ বিষয়া, শিক্ষকবৃন্দ আৰু পৰিচালন পৰিষদৰ সদস্যসকলেও উপস্থিত থাকে।

অনুষ্ঠানৰ আৰম্ভণিতে বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অঞ্জু হাজৰিকাই আদৰণি ভাষণ প্ৰদান কৰি পিতৃ-মাতৃসকলক স্বাগতম জনায় আৰু USTM-লৈ যি ধৰণে সহায় সহযোগিতা আগবঢ়াই আহিছে, তাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।

এই সভাৰ মূল উদ্দেশ্য আছিল – পিতৃ-মাতৃ আৰু বিশ্ববিদ্যালয়ৰ মাজত সৰল সংলাপৰ মাধ্যমত শিক্ষাৰ গুণমান, ছাত্ৰ-ছাত্ৰীৰ মানসিক, শারীৰিক আৰু নৈতিক বিকাশ, লগতে ভবিষ্যৎ পেচাগত জীৱনৰ বাবে যৌথভাৱে আগবাঢ়ি যোৱা পথবোৰক দৃঢ় কৰা।

উপাচাৰ্য প্ৰফেছাৰ জি. ডি. শৰ্মাই কয়:
“অভিভাৱকসকলৰ আন্তৰিক সহযোগিতা আৰু আগ্ৰহেই বিশ্ববিদ্যালয়ক উচ্চতালৈ আগবঢ়াই লৈ গৈছে।”

আচার্য মহবুবুল হকে তেওঁৰ ভাষণত উল্লেখ কৰে:
“এই ধৰণৰ বৈঠকে বিশ্বাস, সঁজুলিৰ বিনিময় আৰু সহানুভূতিৰ এক পৰিৱেশ গঢ়ি তোলে, যিয়ে অভিভাৱক আৰু প্ৰতিষ্ঠানৰ মাজত যোগাযোগ অধিক মজবুত কৰে।”
তেওঁ লগতে কয় – “পিতৃ-মাতৃসকলে এই মঞ্চৰ জৰিয়তে নিজৰ সন্তানৰ শিক্ষাগত অগ্ৰগতি, ব্যৱহাৰ আৰু বিশ্ববিদ্যালয়ত কৰা গঠনমূলক কাৰ্যসূচীৰ বিষয়ে জানিবলৈ সক্ষম হৈছে।”

এই অনুষ্ঠানত পিতৃ-মাতৃসকলে তেওঁলোকৰ সন্তানে UGC-NET পৰীক্ষাত কৰা সফলতাৰ বাবে বিশ্ববিদ্যালয়ৰ অধ্যাপনা আৰু পৰিচালন পদ্ধতিক গভীৰ প্ৰশংসা কৰে। তেওঁলোক কয় – “এই ধৰণৰ গুণগতমানৰ শিক্ষা আৰু সম্পূর্ণ বিকাশৰ বাবে USTM উত্তৰ-পূবৰ সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে এক আদৰ্শ শিক্ষা প্ৰতিষ্ঠান।”

এক অভিভাৱকে মন্তব্য কৰে:
“শিক্ষাৰ সৈতে সংগতি ৰাখি খেলাধুলাৰ ক্ষেত্ৰতো সমান্তৰাল উন্নয়ন হওয়া উচিত। USTM-ৰ একাডেমিক মান উচ্চ, এতিয়া আমিও বিচাৰো এই প্ৰতিষ্ঠানৰে পৰা অলিম্পিকলৈ যোৱাৰ পথ প্ৰস্তুত হৌক।”
তেওঁলোকে মেঘালয় চৰকাৰলৈ আহ্বান জনায়, ২০২৭ ৰ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাৰ কিছু অংশ যেন USTM ৰ ক্ৰীড়া ময়দানত অনুষ্ঠিত কৰা হয়।

অনুষ্ঠানখনত বিশেষভাৱে উদ্বোধন কৰা হয় “PIMC Health Card”। এই কাৰ্ডৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱকে PA Sangma International Medical College and Hospital-ত ৰেহাই মূল্যত স্বাস্থ্য সেৱা লাভ কৰিব পাৰিব।

এই Parents-Management Meet-এ এটা স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে – পিতৃ-মাতৃ আৰু শিক্ষাপ্ৰতিষ্ঠানৰ মাজত সহযোগিতা থাকিলে ছাত্ৰ-ছাত্ৰীৰ শিক্ষাজীৱন অধিক উজ্জ্বল আৰু সাফল্যমণ্ডিত হয়। USTM-এ এই ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষা ক্ষেত্ৰত এক নতুন দিশ দাঙি ধৰিছে।

Yoga and mental stress relief: ৰাণীত চি আৰ পি এফৰ মুখ্য কাৰ্যালয়ত যোগাসন সবলীকৰণ আৰু মানসিক চাপ নিৰাময় বিষয়ক শিবিৰ

Yoga and mental stress relief: ৰাণীত চি আৰ পি এফৰ মুখ্য কাৰ্যালয়ত যোগাসন সবলীকৰণ আৰু মানসিক চাপ নিৰাময় বিষয়ক শিবিৰ
Yoga and mental stress relief: ৰাণীত চি আৰ পি এফৰ মুখ্য কাৰ্যালয়ত যোগাসন সবলীকৰণ আৰু মানসিক চাপ নিৰাময় বিষয়ক শিবিৰ

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী(Yoga and mental stress relief)চমুকৈ চি আৰ পি এফৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ বেটেলিয়ান মূখ্য কাৰ্যালয় চৌহদত অমৃতা বিশ্ববিদ্যালয়ৰ উদ্যোগত ২৩ মে’ত যোগাসন সবলীকৰণ আৰু মানসিক চাপ নিৰাময় বিষয়ক এক শিবিৰ অনুষ্ঠিত হয়।

১৭৫ চি আৰ পি এফ বেটেলিয়ানৰ কমাডেণ্ট আৰু অভিজ্ঞ প্ৰশিক্ষক ৰাজীৱ কুমাৰ ঝাৰ নেতৃত্বত অনুষ্ঠিত শিবিৰত ভাগ লোৱা সকলোকে শৰীৰ ভালে ৰাখি যোগাসনৰ দ্বাৰা মানসিক চাপ কিদৰে নিয়ন্ত্ৰণত ৰাখিব পাৰি তাৰ কলা কৌশল প্ৰদান কৰা হয়। শিবিৰত আধুনিক যুগৰ মানসিক চাপৰ সৈতে মোকাবিলা কৰিবলৈ যোগাভ্যাসক দৈনন্দিন জীৱনৰ এক অংগ কৰাৰ লগতে ইয়াৰ পৰা লাভ কৰা উপকাৰিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

ইয়াৰ উপৰিও শিবিৰত ভাগ লোৱা সকলোকে আসন , প্ৰণায়াম আৰু ধ্যান আদিৰ কৌশল সমূহ কেনেকৈ আয়ত্ব কৰিব লাগে তাৰ প্ৰশিক্ষণ দিয়া হয়। এই সন্দৰ্ভত কমাডেণ্ট ৰাজীৱ কুমাৰ ঝাই কয় যে – পৰিবৰ্তিত পৃথিৱীখনত মানসিক চাপ কিদৰে নিয়ন্ত্ৰণত ৰাখি এটা সুস্থ – সৱল জীৱন কটাব পাৰি তাৰ লক্ষ্যৰে এই শিবিৰৰ আয়োজন কৰা হৈছিল। অমৃতা বিশ্ববিদ্যালয়ে আমাৰ ইয়াত আহি এনে ধৰণৰ শিবিৰৰ আয়োজন কৰা বাবে তেওঁলোকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। শিবিৰত চি আৰ পি এফৰ বহু বিষয়া – জোৱানে ভাগ লয়।

AASU: শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰৰ সন্দৰ্ভত আছুৰ প্রতিক্রিয়া

AASU: শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ সন্দৰ্ভত আছুৰ প্রতিক্রিয়া
AASU: শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ সন্দৰ্ভত আছুৰ প্রতিক্রিয়া

প্ৰথমবাৰৰ বাবে শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ সন্দৰ্ভত আছুৰ প্রতিক্রিয়া প্ৰকাশ। প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উৎপল শৰ্মাই বহু কয়-(AASU)

‘যৌন নির্যাতন চলোৱা নেতাৰ পক্ষত নাথাকে আছু’

‘বহিষ্কাৰৰ ভয়ত আছুৰ পৰা একপ্ৰকাৰে পলাই যাব লগা হৈছিল শংকৰজ্যোতি বৰুৱা’

‘বিয়াৰ প্রলোভনেৰে এগৰাকী আছু কর্মীক যৌন নির্যাতন চলাইছিল তেওঁ’

‘আপোনালোকে হেণ্ডকাফ ডাল দেখিছে, আমি যুৱতীগৰাকীৰ ছীপজৰীডালো দেখিছো’

‘বিয়াৰ প্রলোভনেৰে তেওঁ এগৰাকী আছু কর্মীক যৌন নির্যাতন চলাইছিল’

‘তেওঁ আছু এৰিলেও ছাত্ৰীগৰাকী এতিয়াও আছুতে আছে’

‘তেনেস্থলত শংকৰজ্যোতি বৰুৱাই আছুৰ পৰা একো আশা নকৰাই ভাল’

‘যৌন নির্যাতন চলোৱা যুৱকৰ প্ৰতি আছু দায়ৱদ্ধ নহয়’

‘হেণ্ডকাফ ডাল সকলোৱে দেখিছে, আমি যুৱতীগৰাকীৰ ছীপজৰীডালো দেখিছো’

‘জাতিক লৈ যদি যুৱতীগৰাকীয়ে মন্তব্য কৰিছে তাৰ শাস্তি তেওঁ পাব লাগিব’

এনে প্ৰেক্ষাপটত আছুৰ পৰা প্ৰতিক্ৰিয়া আশা নকৰিবলৈ আহ্বান উৎপল শৰ্মাৰ।


India Pakistan News: আমাৰ পানী বন্ধ কৰিলে আমি আপোনালোকৰ উশাহ বন্ধ কৰি দিম

India Pakistan News: আমাৰ পানী বন্ধ কৰিলে আমি আপোনালোকৰ উশাহ বন্ধ কৰি দিম
India Pakistan News: আমাৰ পানী বন্ধ কৰিলে আমি আপোনালোকৰ উশাহ বন্ধ কৰি দিম

সিন্ধু জল চুক্তিক লৈ পুনৰ ভাৰতক ভাবুকি পাকিস্তানৰ৷ (India Pakistan News) শেহতীয়াকৈ পাকিস্তান সেনাৰ মুখপাত্ৰ লেফ্‌টেনেণ্ট জেনেৰেল আহমেদ শ্বৰীফ চৌধুৰীয়ে এটা কাৰ্যসূচীত ভাষণ দি ভাৰতক কয় যে, ‘আপোনালোকে যদি আমাৰ পানী বন্ধ কৰি দিয়ে তেন্তে আমি আপোনালোকৰ উশাহ বন্ধ কৰি দিম৷’ প্ৰসংগক্ৰমে শেহতীয়াকৈ ভাইৰেল হোৱা এটা ভিডিঅ’ত লস্কৰ-ই-তৈবাৰ মুৰব্বী হাফিজ ছয়ীদে একে সুৰতে ভাৰতক সকীয়াই দিয়া শুনা গৈছিল৷ নতুন দিল্লীয়ে পাকিস্তানী সেনাপ্ৰধানগৰাকীৰ এই হিংসাত্মক মন্তব্যক প্ৰৰোচনা হিচাপে লৈছে৷ অৱশ্যে এই বিষয়ত ভাৰতে এতিয়াও আনুষ্ঠানিকভাৱে কোনো মন্তব্য কৰা নাই৷ মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাফিজে বাৰে বাৰে ভাৰত আৰু আমেৰিকাৰ বিৰুদ্ধে উত্তেজক মন্তব্য আগবঢ়াইছে৷(Will Stop India’s Breath)

ভাৰতৰ বহুতেই বিশ্বাস কৰে যে তেওঁৰ মন্তব্য আৰু পাকিস্তানৰ এজন শীৰ্ষ সামৰিক বিষয়াৰ মন্তব্যৰ সঠিক মিলে সেই দেশত উগ্ৰপন্থী-সামৰিক গোপন বুজাবুজিৰ অনস্বীকাৰ্য প্ৰমাণ৷ ২২ এপ্ৰিলত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত চ্ছজন লোক নিহত হৈছিল৷ এই ঘটনাত পাকিস্তানৰ পৃষ্ঠপোষকতাত উগ্ৰপন্থী জড়িত থকাৰ ইংগিত পোৱাৰ পিছত নতুন দিল্লীয়ে ইছলামবাদৰ সৈতে সিন্ধু জল ভাগ-বতৰা চুক্তি স্থগিত ৰাখিছিল৷ এই চুক্তিখন দুয়োখন দেশৰ মাজত ১৯৬০ চনত স্বাক্ষৰিত হৈছিল যাতে সিন্ধু আৰু ইয়াৰ উপনৈসমূহৰ পানী দুয়োখন দেশৰ মাজত কেনেদৰে বিতৰণ কৰা হ’ব সেইটো চূড়ান্ত কৰা হয়৷ এই চুক্তিত বিশ্ব বেংকে মধ্যস্থতাৰ ভূমিকা পালন কৰিছিল৷ চুক্তি অনুসৰি দুয়োখন দেশে পানী ধৰি ৰখা আৰু এৰি দিয়াৰ পৰিসংখ্যা ইজনে সিজনৰ লগত ভাগ-বতৰা কৰাৰ কথা৷ কিন্তু পেহেলগাম কাণ্ডৰ পিছত ভাৰতে স্পষ্ট কৰি দিছে যে একে সময়তে তেজ আৰু পানী বৈ যাব নোৱাৰে৷ ভাৰতৰ এই কূটনৈতিক কৌশলৰ বাবে ইছলামবাদ কিছু অসুবিধাৰ সন্মুখীন হৈছে৷

দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি থকাৰ পিছতো ভাৰতে এই চুক্তি পুনৰ কাৰ্যকৰী কৰাৰ কথা এতিয়াও ঘোষণা কৰা নাই৷ সিন্ধু জল সন্ধি সন্দৰ্ভত পাকিস্তানে দিয়া ভাবুকি নতুন নহয়৷ এপ্ৰিল মাহৰ শেষৰ ফালে নতুন দিল্লী আৰু ইছলামাবাদৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে পাকিস্তানৰ শাসকীয় মিত্ৰজোঁটৰ মিত্ৰ পাকিস্তান পিপ’লছ পাৰ্টীৰ নেতা বিলোৱাল ভূট্টো জৰ্দাৰীয়ে কয় যে সিন্ধ আমাৰ৷ ‘হয়তো আমি প্ৰাপ্য পানী সিন্ধু নদীৰ মাজেৰে আহিব, নহয় তেওঁলোকৰ [ভাৰতীয়] তেজ সিন্ধু নদীৰ মাজেৰে বৈ যাব৷’ এইবাৰ পাকিস্তান সেনাৰ মুখপাত্ৰই প্ৰায় একে ধৰণৰ সতৰ্কবাণী দিয়াৰ কথাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷

CDSCO: বাতিল হ’ল জ্বৰ, চৰ্দি আৰু কাহৰ বহু ‘ককটেল’ ঔষধ

CDSCO: বাতিল হ’ল জ্বৰ, চৰ্দি আৰু কাহৰ বহু ‘ককটেল’ ঔষধ
CDSCO: বাতিল হ’ল জ্বৰ, চৰ্দি আৰু কাহৰ বহু ‘ককটেল’ ঔষধ

বাতিল কৰা হ’ল জ্বৰ, চৰ্দি আৰু কাহৰ বহু ‘ককটেল’ ঔষধ৷ (CDSCO) নিষিদ্ধ সামগ্ৰীৰ তালিকাত ১৯৬টা ঔষধ, বেজী, প্ৰসাধন সামগ্ৰী অন্তৰ্ভুক্ত কৰা হৈছে৷ চিডিএছচিঅ’ই প্ৰতি মাহে বিভিন্ন ঔষধৰ গুণগত মানো পৰীক্ষা কৰে৷ এইবাৰ কেন্দ্ৰীয় ড্ৰাগ্‌ছ ষ্টেণ্ডাৰ্ড কণ্ট্ৰল অৰ্গেনাইজেচনে [CDSCO] প্ৰায় ২০০টা ঔষধ আৰু বেজী একেলগে বাতিল কৰিছে৷ বাতিল কৰা কিছুমান ঔষধ জ্বৰ, চৰ্দি, কাহৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হৈছিল৷ আনহাতে, কিছুমান উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ কৰা হৈছিল৷ কেৱল সেয়াই নহয়, এই তালিকাত প্ৰসাধন সামগ্ৰীও অন্তৰ্ভুক্ত কৰা হৈছে৷

নতুনকৈ বাতিল কৰা প্ৰতিটো ঔষধেই সুপৰিচিত আৰু বহুলভাৱে ব্যৱহৃত ঔষধ৷ নিষিদ্ধ সামগ্ৰীৰ তালিকাত ১৯৬টা ঔষধ, বেজী, প্ৰসাধন সামগ্ৰী অন্তৰ্ভুক্ত কৰা হৈছে৷ চিডিএছচিঅ’ই প্ৰতি মাহে বিভিন্ন ঔষধৰ গুণগত মানো পৰীক্ষা কৰে৷ ঔষধৰ এটা গোট পৰীক্ষা কৰা হয় যে ই কিছুমান নিৰ্দিষ্ট মান পূৰণ কৰে নেকি৷ ইয়াৰ পিছত ঔষধৰ অনুমোদন দিয়া হয়৷ চিডিএছচিঅ’ই প্ৰতি মাহে নন-ষ্টেণ্ডাৰ্ড কুৱেলিটি [এনএছকিউ] সামগ্ৰীৰ তালিকাও প্ৰকাশ কৰে৷ এপ্ৰিল মাহৰ এন এছ কিউ তালিকাত অন্তৰ্ভুক্ত কিছুমান ঔষধ হৈছে ‘ফি’ড ড’জ কম্বিনেচন’ [এফ ডি চি] ঔষধ৷ যিবোৰ ঔষধত দুটা বা তাতকৈ অধিক ঔষধৰ উপাদানৰ সংমিশ্ৰণ এটা নিৰ্দিষ্ট অনুপাতত থাকে, সেইবোৰক এফ ডি চি ঔষধ বোলা হয়৷

জনপ্ৰিয় ভাষাত ইহঁতক ‘ককটেল’ ড্ৰাগ্‌ছ বুলিও ক’ব পাৰি৷ এই তালিকাত পেৰাচিটামলৰ দৰে ঔষধৰ লগতে কাহৰ চিৰাপ আৰু এণ্টি এলাৰ্জী ঔষধো সন্নিৱিষ্ট কৰা হৈছে৷ পুনৰ ‘মামাআৰ্থ’ নামৰ প্ৰসাধন কোম্পানীটোৰ সামগ্ৰীসমূহো গুণগত মানৰ পৰীক্ষাত উত্তীৰ্ণ নোহোৱাৰ বাবে বাতিল কৰা হৈছে৷ দেশৰ অন্যতম শীৰ্ষ ঔষধ নিয়ন্ত্ৰণ সংস্থা কেন্দ্ৰটোৱেও ডেকা-ডুৰাবলিন বেজীৰ এটা বেচ নিষিদ্ধ কৰিছে৷ এই বেজীৰে ৰক্তহীনতা নিয়ন্ত্ৰণ কৰা হয়৷ ২০২৫ চনৰ এপ্ৰিল মাহৰ এন এছ কিউ তালিকাত থকা ঔষধৰ নমুনাৰ ভিতৰত ৬০টা কেন্দ্ৰীয় ঔষধ পৰীক্ষাগাৰত আৰু ১৩৬টা বিভিন্ন ৰাজ্যৰ ঔষধ পৰীক্ষাগাৰত পৰীক্ষা কৰা হৈছিল৷

Covid 19 Assam: ক’ভিডৰ লগত মোকাবিলা কৰিবলৈ সাজু অসমঃ মন্ত্ৰী সিংহল

Covid 19 Assam: ক’ভিডৰ লগত মোকাবিলা কৰিবলৈ সাজু অসমঃ মন্ত্ৰী সিংহল
Covid 19 Assam: ক’ভিডৰ লগত মোকাবিলা কৰিবলৈ সাজু অসমঃ মন্ত্ৰী সিংহল

জালুকবাৰীস্থিত অসম আয়ুৰ্বেদিক মহাবিদ্যালয়ত(Covid 19 Assam)আন্তঃৰাষ্ট্ৰীয় মানৰ ৰসায়নাগাৰ মুকলি কৰা হয়৷ এই ৰসায়নাগাৰটো শুক্ৰবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে৷ এই লেবত বিভিন্ন কোম্পানীয়ে প্ৰস্তুত কৰা ঔষধৰ গুণাগুণ পৰীক্ষা কৰা হ’ব৷

ভেজাল বা নিম্ন মানৰ ঔষধ এই লেবত ধৰা পৰিব৷ ইয়াৰ ফলত লাভৱান হ’ব সাধাৰণ ৰাইজৰ৷ এই লেবটো হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো অত্যাধুনিক লেব৷ ২২ কোটি টকাৰ পৰীক্ষণ সা-সঁজুলিৰে নিৰ্মাণ কৰা ৰসায়নাগাৰটোত হাজাৰ হাজাৰ নমুনা পৰীক্ষা কৰিব পাৰিব৷ বজাৰত উপলব্ধ নানাৰঙী ফল-মূলক লৈও প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰী অশোক সিংহলে৷ উক্ত বিষয়ত মন্তব্য কৰি তেওঁ কয় যে যিকোনো ফল-মূলৰ প্ৰথম ছেম্পল টেষ্ট কৰাটো তেওঁলোকৰ দায়িত্ব যদিও দ্বিতীয় চেম্পলটোৰ ক্ষেত্ৰত সম্পূৰ্ণ কৃষি বিভাগৰ দায়িত্বত পৰে৷

এইক্ষেত্ৰত বিক্ৰেতাসকলতকৈ যিসকলে ফল-মূলবোৰ উৎপাদন কৰে তেওঁলোকহে এই ক্ষেত্ৰত দায়ী বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে৷ লগতে মন্ত্ৰীগৰাকীয়ে কয় যে বিভিন্ন ঠাইত পুনৰ আগমন ঘটিছে মাৰাত্মক ক’ভিডৰ৷ কিন্তু এইক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা বৰ্তমানলৈকে কোনো ধৰণৰ গাইডলাইন বা নিৰ্দেশনা অহা নাই বুলি জনায় মন্ত্ৰীগৰাকীয়ে৷ তথাপি ক’ভিডৰ লগত মোকাবিলা কৰিবলৈ সাজু হৈ থকা বুলিও কয় মন্ত্ৰী অশোক সিংহলে৷

sankarjyoti baruah: উজনিৰ জাতি প্ৰেম বিয়পিছে ৰাজ্যত

sankarjyoti baruah: উজনিৰ জাতি প্ৰেম বিয়পিছে ৰাজ্যত
sankarjyoti baruah: উজনিৰ জাতি প্ৰেম বিয়পিছে ৰাজ্যত

দুলীয়াজানৰ এটা পেট্ৰ’ল ডিপো৷ ৰাজ্যৰ আন দহটা(sankarjyoti baruah)পেট্ৰ’ল ডিপোৰ দৰেই দুলীয়াজানৰ সেই পেট্ৰ’ল ডিপোটোৱেই গ্ৰাহকক তেলৰ যোগান ধৰি আহিছিল৷ কিন্তু দুলীয়াজানৰ এই পেট্ৰ’ল ডিপোটো এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে৷ এই পেট্ৰ’ল ডিপোটোত সৃষ্টি হোৱা অনাকাংক্ষিত পৰিস্থিতিৰ বাবেই আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা গ্ৰেপ্তাৰ হ’বলগীয়া হৈছে৷ ঘটনাটো ইমানতে অন্ত পৰিলে হয়তো বিষয়টোও তল পৰিলহেঁতেন৷ কিন্তু শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰৰ পিছতে সমগ্ৰ উজনি অসমতে এতিয়া এক নব্য জাতীয়তাবাদী ঢৌৱে গা কৰি উঠিছে৷ ইয়াৰ ফলতে আজি দুলীয়াজান বন্ধ সৰ্বাত্মক হোৱা পৰিলক্ষিত হয়৷ দুলীয়াজানৰ তেল ডিপোটোত প্ৰথমাৱস্থাত যি কাজিয়াৰ সূত্ৰপাত ঘটিছিল, সেই কাজিৰ সৈতে নিঃসন্দেহে অসমীয়া জাতীয়তাবাদৰ কোনো সম্পৰ্ক নাই৷ কিন্তু ৰাজনৈতিক কাৰণতেই হওক বা আন কোনো কাৰণতেই হওক সেই ঘটনাৰ সৈতে এতিয়া অসমীয়া জাতীয়তাবাদ জড়িত হৈ পৰা পৰিলক্ষিত হৈছে৷ দুলীয়াজানৰ স্থানীয় একাংশ লোকে প্ৰকাশ কৰা তথ্য অনুসৰি তেল ডিপোটোত সংঘটিত কাজিয়াৰ ঘটনাটো সম্পূৰ্ণৰূপে দুগৰাকী অনা-অসমীয়া ব্যৱসায়ীৰ মাজত হোৱা কাজিয়া আছিল আৰু সেই কাজিয়া সম্পূৰ্ণ পাৰিবাৰিক বিবাদৰ ফলশ্ৰুতি আছিল বুলি বহুতে মন্তব্য কৰিছে৷(BN Singh petrol pump)

সেইদিনা আৰ কে সিঙৰ পুত্ৰ ৰিতেশ সিঙৰ পত্নী মুস্কান আৰু কিৰণ সিঙৰ কন্যা তনু শ্বাহীৰ মাজত তেল ডিপোটো লীজত লৈ কাজিয়াৰ সূত্ৰপাত ঘটিছিল৷ বহুতে অভিযোগ কৰা অনুসৰি ৰিতেশ সিঙৰ ফৈদটোৱে তেল ডিপোটোৰ নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ মাৰপিটৰ ঘটনাত জড়িত হৈ পৰিছিল৷ সেই ঘটনাৰ ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷ এই কথাৰ পৰা স্পষ্ট হৈ পৰে যে সেই ঘটনাৰ সৈতে অসমীয়া জাতীয়তাবাদীৰ কোনো সম্পৰ্ক নাছিল৷ কিন্তু ঘটনাৰ এজাহাৰত কিদৰে শংকৰজ্যোতি বৰুৱাৰ নাম সোমাল সেয়া এতিয়া সন্দেহৰ বিষয় হৈ পৰিছে৷ এই কথা বহুতে প্ৰকাশ কৰিছে যে তনু শ্বাহীয়ে আৰক্ষীৰ ওচৰত দাখিল কৰা এজাহাৰত শংকৰজ্যোতি বৰুৱাৰ নাম উল্লেখ কৰিছে৷ কিন্তু সেইগৰাকী তনু শ্বাহীয়েই পৰৱৰ্তী সময়ত শংকৰজ্যোতি বৰুৱা সেই স্থানলৈ অহাৰ বাবে তেওঁ সাহস পোৱা বুলিও বিপৰীতমুখী মন্তব্য কৰিছে৷ এনে কথাৰ পৰা বহুতে অনুমান কৰিছে যে এই ঘটনাৰ সৈতে শংকৰজ্যোতি বৰুৱাক সাঙুৰি লোৱাৰ আঁৰত নিঃসন্দেহে কোনো বিশেষ শক্তিৰ হাত আছে৷ (Duliajan)

দৈনন্দিন বাৰ্তাৰ কাকতত প্ৰকাশিত প্ৰতিবেদনত আমি এই কথা কৈছিলো যে দুলীয়াজানত এতিয়া শংকৰজ্যোতি বৰুৱাৰ উত্থানত বহু লোক শংকিত হৈ পৰিছে৷ বিশেষকৈ ৰাজনৈতিক কাৰণতে তেনেদৰে শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে সেই বিশেষ চক্ৰটো তৎপৰ হৈ পৰা বুলি বহুতে চৰ্চা কৰিছে৷ এনে সময়তে তেল ডিপোৰ এটা সাধাৰণ ঘটনাক লৈ উজনি অসমত শেহতীয়াকৈ যি জাতীয়তাবাদী ঢৌ প্ৰৱাহিত হৈছে সেয়া নিঃসন্দেহে এক লক্ষণীয় বিষয়৷ আজি দুলীয়াজান বন্ধৰ সময়ত প্ৰতিবাদ কৰিবলৈ যোৱা বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক আৰক্ষীয়ে আটক কৰাৰ ঘটনাই সমগ্ৰ ঘটনাক্ৰমক এক নতুন ৰূপ প্ৰদান কৰিছে৷ ইপিনে উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰি শংকৰজ্যোতি বৰুৱাক আৰক্ষীয়ে সাধাৰণ চোৰ, ডকাইত অথবা সন্ত্ৰাসবাদীৰ দৰে আচৰণ কৰি হেণ্ডকাফ লগোৱাৰ কথাটোৱে বহু অসমীয়াৰ মনত আঘাত দিছে৷ ইয়াৰ পৰিণতিতে সমগ্ৰ উজনি অসমতে অসমীয়া জাতি প্ৰেমে নতুন ৰূপত মূৰ দাঙি উঠিছে৷ লক্ষণীয় কথাটো হ’ল শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱাৰ পিছতে বিষয়টোক লৈ সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ ইয়াৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰি শংকৰজ্যোতি বৰুৱাৰ হেণ্ডকাফ খুলি দিবলৈ ডিব্ৰুগড় আৰক্ষীক নিৰ্দেশ দিছিল৷

মন্ত্ৰী পীয়ূষ হাজৰিকাইও দুলীয়াজানৰ ঘটনাটোত উদ্বেগ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে৷ গৌৰৱ গগৈয়েও এই বিষয়টোত কঠোৰভাৱে মাত মতা পৰিলক্ষিত হৈছে৷ একেদৰে ৰাইজৰ দলৰ নেতা অখিল গগৈ, অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ, প্ৰাক্তন আলফা নেতা অনুপ চেতীয়া, বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাকে ধৰি বহুতে শংকৰজ্যোতি বৰুৱাৰ প্ৰতি আৰক্ষীয়ে কৰা আচৰণক গৰিহণা দিছে৷ কিন্তু এই ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাৰ শীৰ্ষ নেতৃত্বই মুখত পিঠা ভৰাই থকাৰ কথাই ৰহস্যৰ সৃষ্টি কৰিছে৷ সৌ সিদিনালৈকে শংকৰজ্যোতি বৰুৱা সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আছিল৷ এগৰাকী প্ৰাক্তন সাধাৰণ সম্পাদকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি হেণ্ডকাফ লগোৱাৰ পিছতো আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সাধাৰণ সম্পাদক সমীৰণ ফুকন, সভাপতি উৎপল শৰ্মা আদি নেতাসকলে নিৰাপদ দূৰত্বত অৱস্থান কৰি সম্পূৰ্ণ মৌনতা অৱলম্বন কৰিছে৷ এই কথাই এতিয়া হিন্দী লবীৰ সৈতে আছুৰ এইসকল নেতাৰ কোনো গোপন সম্পৰ্ক থাকিব পাৰে বহুতে সন্দেহ ব্যক্ত পৰিলক্ষিত হৈছে৷ একাংশ নাম প্ৰকাশক অনিচ্চুক প্ৰকাশ কৰা অনুসৰি দুলীয়াজানৰ হিন্দী লবীটোৰ পৰা একাংশ ছাত্ৰ নেতাই বিভিন্ন ধৰণে লাভাৱাম্বিত হৈ থকা বাবেই শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত ঘটা ঘটনাত সম্পূৰ্ণ চকু মুদা কুলিৰ ভাওঁ জুৰি আছে৷ তপন গগৈৰ দৰে নেতাইও বিষয়টোত টু শব্দ এটা নকৰাৰ কথাই ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ ৰাইজৰ অভিযোগ অনুসৰি এইসকল ছাত্ৰ নেতাই তেওঁলোকৰ পূৰ্বৰ সতীৰ্থক কৰা অপমানৰ সময়ত এষাৰো মাত নিদিয়াৰ পৰাই এই কথা বুজিব পাৰি যে সাধাৰণ অসমবাসীৰ বাবে তেওঁলোকে কি কৰিব৷

আন একাংশ লোকে এইবুলিও কৈছে যে যিটো সময়ত অসমীয়া জাতি প্ৰেমত আঘাত লগাৰ দৰে ঘটনা এটা সংঘটিত হোৱাৰ পিছত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ দৰে ব্যক্তিয়ে জাতিৰ স্বাৰ্থতে সমগ্ৰ ঘটনাটোক গৰিহণা দিছে সেই সময়তো পিছতে কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে সম্পূৰ্ণ মৌনতা অৱলম্বন কৰিছে৷ অথচ তেওঁ দুলীয়াজানৰ ঘটনাৰ পিছত ডিব্ৰুগড় ভ্ৰমণ কৰি গৈছে৷ অসমীয়া জাতিৰ হকে মাত মতাৰ বাবেই এটা সময়ত সৰ্বানন্দ সোণোৱালক জাতীয় নায়কৰ সন্মানেৰে বিভূষিত কৰা হৈছিল৷ কিন্তু সেই জাতীয় নায়কেই আজি কিয় তেওঁৰেই সহোদৰ স্বৰূপ তথা আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক এগৰাকীৰ ক্ষেত্ৰত হোৱা অপমানজনক ঘটনাত মৌনতা অৱলম্বন কৰিছে, সেয়া ৰহস্যৰ বিষয় বুলি বহুতে মুকলিকৈয়ে মন্তব্য কৰা পৰিলক্ষিত হৈছে৷ একেদৰে জাতি প্ৰেমত উথলি উঠা উজনি অসমৰ জনতাৰ বাবে ঋতুপৰ্ণ বৰুৱাৰ দৰে নেতায়ো এষাৰো মাত নমতাৰ কথাই বহুতকে আচৰিত কৰি তুলিছে৷ দীপাংক নাথৰ দৰে প্ৰাক্তন আছুৰ সভাপতিয়েও বিষয়টোত মুখত পিঠা ভৰাই আছে৷ আছুৰ শীৰ্ষ নেতৃত্ব, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আদিৰ দৰে ব্যক্তিসকলে অসমতে অসমীয়াৰ ওপৰত হোৱা অপমানজনক ঘটনাৰ কিয় বিৰোধিতা কৰা নাই সেয়া সময়ত স্পষ্ট হ’ব বুলি বহুতে মন্তব্য কৰিছে৷ দৈনন্দিন বাৰ্তাৰ আজিৰ সংখ্যাত প্ৰকাশিত প্ৰতিবেদনক লৈ বিভিন্নমহলত চৰ্চা হৈ থকাৰ সময়তে আজিৰ এই প্ৰতিবেদনে জাতি প্ৰেম উথলি উঠাৰ পিছতো নিৰাপদ দূৰত্বত অৱস্থান কৰা ব্যক্তিসকলৰ চকু মেল খোৱাব বুলি আশা কৰা হৈছে৷

Sanjukta Dutta: ‘কাঁ’ৰ ৰেড কাৰ্পেটত অসমৰ হস্ত-তাঁতক উজলালে অসম কন্যা সংযুক্তা দত্তয়ে

Sanjukta Dutta: 'কাঁ'ৰ ৰেড কাৰ্পেটত অসমৰ হস্ত-তাঁতক উজলালে অসম কন্যা সংযুক্তা দত্তয়ে
Sanjukta Dutta: 'কাঁ'ৰ ৰেড কাৰ্পেটত অসমৰ হস্ত-তাঁতক উজলালে অসম কন্যা সংযুক্তা দত্তয়ে

‘কাঁ’ৰ ৰেড কাৰ্পেটত উজলিল অসমৰ হস্ত-তাঁত শিল্প। (Sanjukta Dutta)

ফেশ্বন ডিজাইনা সংযুক্তা দত্তয়ে ডিজাইন কৰা সাজপাৰ পৰিধান কৰিলে তিনি প্ৰসিদ্ধ মডেলে।

মিচেছ ৱৰ্ল্ড কংগনিয়ালিটি, মিছেছ ইটালী তথা গ্ল’ব ছুপাৰমডেল মিৰ্কা হাৱাৰ্ড, ছুপাৰ মডেল জেছলিন ছ’নিয়ে পিন্ধিলে আগশাৰীৰ ফেশ্বন ডিজাইনাৰ অসম কন্যা সংযুক্তা দত্তয়ে ডিজাইন কৰা সাজপাৰ।

Rupam Asom: আলফা(স্বা:)ৰ লেফটেনেন্ট কৰ্ণেল ৰূপম অসম গ্ৰেপ্তাৰ

Rupam Asom: আলফা(স্বা:)ৰ লেফটেনেন্ট কৰ্ণেল ৰূপম অসম গ্ৰেপ্তাৰ
Rupam Asom: আলফা(স্বা:)ৰ লেফটেনেন্ট কৰ্ণেল ৰূপম অসম গ্ৰেপ্তাৰ

আলফা(স্বা:)ৰ লেফটেনেন্ট কৰ্ণেল ৰূপম অসম গ্ৰেপ্তাৰ।(Rupam Asom)

অৰুণাচল প্ৰদেশত গ্ৰেপ্তাৰ।

ৰূপম অসমৰ ঘৰ গোলাঘাটত।

দীৰ্ঘদিনে সেনা-আৰক্ষীৰ নিদ্ৰাহৰণ কৰিছিল ৰূপমে।

আৰক্ষীৰ বিষয়া ভাস্কৰ কলিতাৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকা অভিযোগ ৰূপমৰ বিৰুদ্ধে।

তিনিমাহ অৰুণাচলত আত্মগোপন কৰি আছিল দুৰ্ধষ ৰূপম।