Home Blog Page 169

Covid-19: ভেকচিনৰ প্ৰভাৱ শেষ হৈছে নে ৰোগ প্ৰতিৰোধৰ ক্ষমতা দুৰ্বল হৈ পৰিছে, ভাৰতত পুনৰ কভিডৰ সন্ত্ৰাস !

Covid-19: ভেকচিনৰ প্ৰভাৱ শেষ হৈছে নে ৰোগ প্ৰতিৰোধৰ ক্ষমতা দুৰ্বল হৈ পৰিছে, ভাৰতত পুনৰ কভিডৰ সন্ত্ৰাস !
Covid-19: ভেকচিনৰ প্ৰভাৱ শেষ হৈছে নে ৰোগ প্ৰতিৰোধৰ ক্ষমতা দুৰ্বল হৈ পৰিছে, ভাৰতত পুনৰ কভিডৰ সন্ত্ৰাস !

বৰ্তমান পুনৰ কভিডত আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱা দেখা গৈছে। ভাৰততো কৰ’নাত আক্ৰান্তৰ ব্যাপক উত্থান ঘটিছে। ভাৰতত কিয় কৰ’না ভাইৰাছ বিয়পিবলৈ আৰম্ভ কৰিছে?(Covid-19)

সমগ্ৰ বিশ্বতে পুনৰ বাঢ়িছে কৰ’নাৰ ভয়ৰ পৰিৱেশ। থাইলেণ্ড, ছিংগাপুৰৰ দৰে দক্ষিণ-পূব এছিয়াৰ দেশসমূহত ইয়াৰ ৰোগী দ্ৰুতগতিত বৃদ্ধি পাইছে। ভাৰততো ক’ৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱা দেখা গৈছে। ‘টি অ’ আই’ৰ এক প্ৰতিবেদন অনুসৰি ভাৰতৰ স্বাস্থ্য বিষয়াসকলে বহু ৰাজ্যত ক’ৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। পূৰ্বৰ ঢৌতকৈ সামগ্ৰিকভাৱে কম হ’লেও চেন্নাই, মুম্বাই, আহমেদাবাদৰ দৰে চহৰত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা দেখা গৈছে।(Corona Outbreak)

‘TOI’ৰ প্ৰতিবেদন অনুসৰি এতিয়ালৈকে মুম্বাইতে ৯৫জন Coronaত আক্ৰান্ত হৈছে। জানুৱাৰী মাহৰ পৰা মহাৰাষ্ট্ৰত মাত্ৰ ১০৬ গৰাকী ক’ৰনাত আক্ৰান্ত হৈছে। সম্প্ৰতি কমেও ১৬ জন কৰ’না আক্ৰান্ত লোক চিকিৎসালয়ত ভৰ্তি হৈ আছে। শ্বাস-প্ৰশ্বাসজনিত সমস্যা আৰু ইনফ্লুৱেঞ্জাত আক্ৰান্ত ৰোগীৰ বাবেও কৰ্তৃপক্ষই ক’ৰ’না পৰীক্ষা আৰম্ভ কৰিছে।

‘টি অ’ আই’ৰ এক প্ৰতিবেদন অনুসৰি শেহতীয়াকৈ ক’ৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ মূল কাৰণ হ’ল সংক্ৰমণ বৃদ্ধি আৰু মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ক্ৰমান্বয়ে হ্ৰাস পোৱা। একে সময়তে আধাতকৈ অধিক লোক ইতিমধ্যে সংক্ৰমণ আৰু টিকাকৰণৰ জৰিয়তে কোৰোনা ভাইৰাছৰ সংস্পৰ্শলৈ আহিছে। সেই ৰোগ প্ৰতিৰোধ ক্ষমতাৰ পৰা সুৰক্ষা সময়ৰ লগে লগে কমি আহিছে।

Mamang Dai: পদ্মশ্রী মামাং দাইলৈ অসম সাহিত্য সভাৰ সাহিত্যসূৰ্য্য লুম্মেৰ দাই সোঁৱৰণী বঁটা, অৰুণাচলৰ পাছিঘাটত ১ জুনত লুম্মেৰ দাই জন্ম জয়ন্তী অনুষ্ঠানত প্ৰদান কৰিব এই বঁটা

Mamang Dai: পদ্মশ্রী মামাং দাইলৈ অসম সাহিত্য সভাৰ সাহিত্যসূৰ্য্য লুম্মেৰ দাই সোঁৱৰণী বঁটা
Mamang Dai: পদ্মশ্রী মামাং দাইলৈ অসম সাহিত্য সভাৰ সাহিত্যসূৰ্য্য লুম্মেৰ দাই সোঁৱৰণী বঁটা

২০২৫ বৰ্ষৰ সাহিত্যসূৰ্য্য লুম্বেৰ দাই সোঁৱৰণী বঁটা(Mamang Dai)অহা ১ জুনত অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ গান্ধী ছেকেণ্ডেৰী স্কুল তিনিআলিত সাহিত্য সভাই সাহিত্যসূৰ্য্য লুম্বেৰ দাইৰ ৮৫ সংখ্যক জন্ম দিৱস উপলক্ষে আয়োজন কৰা এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামীয়ে পদ্মশ্রী মামাং দাইক প্রদান কৰিব। অসম সাহিত্য সভাৰ প্রধান সম্পাদক দেৱজিৎ বৰাই আজি কাকতলৈ প্রেৰণ কৰা এক সংবাদ বিজ্ঞপ্তিত জানিবলৈ দিয়া মতে মামাং দাই অৰুণাচল প্রদেশৰ ইটানগৰ নিবাসী এগৰাকী ভাৰতীয় কবি, ঔপন্যাসিক তথা সাংবাদিক। উপন্যাস ‘দ্যা ব্লেক হিল’-ৰ বাবে ২০১৭ চনত তেওঁ ইংৰাজী ভাষাৰ সাহিত্য অকাদেমি বঁটা লাভ কৰে।

১৯৫৭ চনৰ ২৩ ফেব্ৰুৱাৰী তাৰিখে অৰুণাচল প্ৰদেশৰ পূব ছিয়াং জিলাৰ পাছিঘাটত জন্ম লাভ কৰা মামাং দাই ‘আদি জনগোষ্ঠী’ক প্রতিনিধিত্ব কৰা আৰু ভাৰতীয় প্রশাসনিক সেৱাৰ বাবে নির্বাচিত অৰুণাচল প্রদেশৰ প্রথমগৰাকী মহিলা। সাংবাদিক হিচাপে কাম কৰাৰ সময়ত তেওঁ ‘দ্যা টেলিগ্রাফ’, ‘হিন্দুস্থান টাইমছ’ আৰু ‘দ্যা ছেন্টিনেল’ কাকতত সেৱা আগবঢ়ায়। তেওঁ ৰেডিঅ’ৰ লগতে টি.ভি. এয়াৰ আৰু ইটানগৰ দূৰদৰ্শন কেন্দ্রটো কাম কৰিছিল। তেওঁ ইটানগৰ প্ৰেছ ক্লাবৰ প্রাক্তন সম্পাদক তথা বর্তমান অৰুণাচল সাংবাদিক সংগঠনৰ সভাপতি। ২০১১ চনত তেওঁ অৰুণাচল প্রদেশৰ পাব্লিক ছার্ভিচ কমিশ্যনৰ সদস্যৰূপে নিযুক্ত হয়। ২০০৬ চনত তেওঁৰ প্রথম উপন্যাস ‘দ্যা লেজেন্ড অফ পেনচাম’ প্রকাশ পায়। তাৰ পৰৱৰ্তী সময়ত ‘স্টুপিড কিউপিড’, ‘দ্যা ব্লেক হিল’, ‘বিভাৰ পয়েমছ’, ‘দ্যা বাল্ম অফ টাইম’, ‘হেমব্রেলাইচ লুম’ আৰু মিডচামাৰ চাৰভাইভেল লিৰিক্স’ প্রকাশ পায়।

‘দ্যা বাল্ম অফ টাইম’ কিতাপখন অসমীয়ালৈ অনূদিত হৈছে। ‘দ্যা স্কাই কুইন’ আৰু ‘বান্‌ছ আপন এ মুনটাইম’ তেওঁ দ্বাৰা ৰচিত লোককথাৰ চিত্রিত গ্রন্থ। তেওঁৰ অ-কাল্পনিক ৰচনাবলীসমূহ হৈছে- ‘অৰুণাচল প্রদেশ: দ্যা হিডেন লেও’ আৰু ‘মাউন্টেইন হাৰভেষ্টঃ দ্যা ফুড অফ অৰুণাচল প্রদেশ’ আদি। অৰুণাচল প্রদেশ লিটাবেৰী ছচাইটিৰ সাধাৰণ সম্পাদক তথা উত্তৰ-পূব লেখক ফ’ৰামৰ সদস্য, সাহিত্য আৰু সংগীত-নাটক অকাডেমিৰ সাধাৰণ পৰিষদৰ সদস্য পদত সেৱা আগবঢ়োৱা ইংৰাজী ভাষাৰ সাহিত্য অকাডেমি বঁটা প্রাপক পদ্মশ্রী মামাং দাইক এই বঁটা প্রদানেৰে অসম সাহিত্য সভাই অসম আৰু অৰুণাচল প্রদেশৰ ভাতৃত্ববোধক অধিক শক্তিশালী কৰিব বুলি আশা ব্যক্ত কৰিছে। উল্লিখিত যে, এই বঁটা প্রাপক নিৰ্বাচনৰ বাবে সাহিত্য সভাৰ সভাপতি ড০ বসন্তকুমাৰ গোস্বামীৰ পৌৰোহিত্যত অলপতে অনুষ্ঠিত এখন সভাত নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচার্য্য ড° সমূদ্রগুপ্ত কাশ্যপ, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ প্রাক্তন উপাচাৰ্য্য ড’ হিতেশ ডেকা, কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ প্রশান্ত চক্রৱর্তী, অৰুণাচল প্ৰদেশৰ অৱসৰপ্ৰাপ্ত উপ-পৰিদৰ্শক তথা সাহিত্য সভাৰ কেন্দ্রীয় কার্যনির্বাহক গিৰীণ তামুলী আৰু সভাৰ প্রধান সম্পাদক দেবজিৎ বৰা উপস্থিত থাকে।।

Bimal Borah: ৰাইজিং নৰ্থ ইষ্ট বিনিয়োগ সন্মিলনত উদ্যোগ মন্ত্রী বিমল বড়া

নতুন দিল্লীৰ ভাৰত মণ্ডপমত দুদিনীয়াকৈ আয়োজিত ‘ৰাইজিং নৰ্থ ইষ্ট বিনিয়োগকাৰী সন্মিলন ২০২৫'(Bimal Borah) শীর্ষক অনুষ্ঠানত ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াই অংশ গ্ৰহণ কৰে।


প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিক ভাৱেআজি পুৱা উদ্বোধন কৰা এই বিনিয়োগকাৰী সন্মিলনৰ কাৰী কৰি সত্ৰত অংশ গ্ৰহণ কৰি উদ্যোগ মন্ত্রী বড়াই যোগীঘোপাত অসম চৰকাৰে স্হাপন কৰা মাল্টি মডেল লজিষ্টিক পাৰ্ক খনৰ কথা উল্লেখ কৰি এই পাৰ্ক খনে বিনিয়োগকাৰী সকলক কিদৰে লাভৱান্বিত কৰিব এই সন্দৰ্ভত বাখ্যা কৰে।


ভাষণ প্ৰসংগত মন্ত্রী বড়াই এই পাৰ্ক খনে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ লগতে দেশ সমূহে ইয়াৰ পৰা লাভ কৰিব পৰা সুবিধা সন্দৰ্ভতো অৱগত কৰে। অসমত সম্প্ৰতি সৃষ্টি হোৱা বিনিয়োগৰ পৰিৱেশ তথা দেশ বিদেশৰ বহূ বিনিয়োগকাৰীয়ে শেহতীয়াকৈ অসমত অনুষ্ঠিত এডভান্টেজ অসম ২.০ত ৰাজ্যখনত বিনিয়োগৰ বাবে আগবঢ়োৱা প্ৰস্তাৱ সমূহৰ ওপৰতো আলোকপাত কৰে।


উদ্যোগ মন্ত্রী বড়াই ইয়াৰ পাছতে কেবাগৰাকীও বিনিয়োগকাৰীৰ সৈতে বিনিয়োগ সন্দৰ্ভত বাৰ্তালাপ কৰাৰ লগতে প্ৰদৰ্শনীও পৰিদৰ্শন কৰে। ইয়াতে অংশগ্ৰহণকাৰী কেবাটাও প্ৰতিষ্ঠানৰ সৈতেও তেও মত বিনিময় কৰে।

দুলীয়াজানত উত্তপ্ত পৰিস্থিতি: বীৰ লাচিত সেনাৰ শতাধিক নেতা-কর্মী আটক

দুলীয়াজানত উত্তপ্ত পৰিস্থিতি: বীৰ লাচিত সেনাৰ শতাধিক নেতা-কর্মী আটক
দুলীয়াজানত উত্তপ্ত পৰিস্থিতি: বীৰ লাচিত সেনাৰ শতাধিক নেতা-কর্মী আটক

ডিব্ৰুগড়, ২৩ মে’:
১৭ মে’ তাৰিখে দুলীয়াজানত সংঘটিত হোৱা প্ৰচণ্ড মাৰপিটৰ ঘটনাৰ প্ৰতিক্ৰিয়াত আজি দুলীয়াজান আৰু সমগ্ৰ ডিব্ৰুগড় জিলা জুৰি যুদ্ধ সদৃশ পৰিৱেশ দেখা গৈছে। পেট্ৰ’ল পাম্পত হোৱা এই সংঘৰ্ষৰ পাছতে একাধিক দল-সংগঠনে আহ্বান জনোৱা ১২ ঘণ্টীয়া বন্ধ কাৰ্যসূচীৰ মাজতেই আৰক্ষীয়ে ব্যাপকভাৱে বীৰ লাচিত সেনাৰ নেতা-কর্মী আৰু সমৰ্থকক আটক কৰিছে।

ডিব্ৰুগড় জিলাৰ মৰাণ, বৰবৰুৱা, লাহোৱাল, টেঙাখাত, দুলীয়াজানসহ প্ৰতিখন থানাতে বীৰ লাচিত সেনাৰ সদস্যসকলক আটক কৰা হৈছে। দুলীয়াজানলৈ আগবাঢ়ি থকা বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় প্ৰশাসনিক সচিব শৃংখল চলিহা, সাংগঠনিক সচিব হৰ কুমাৰ গগৈ আৰু ক্ৰীড়া সচিব অংকুৰ গগৈকো আৰক্ষীয়ে আটক কৰি ডিব্ৰুগড়লৈ লৈ গৈছে। শৃংখল চলিহাক বৰ্তমান ডিব্ৰুগড় আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আবদ্ধ কৰি ৰখা হৈছে।

বন্দীত্বৰ মাজতেই সেনাৰ সদস্যসকলে চৰকাৰৰ ওপৰত কঠোৰ সমালোচনা কৰি কয়, “এই ফেচিষ্টবাদী চৰকাৰে খিলঞ্জীয়াৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ ৰাজপথৰ পৰা প্ৰতিবাদকাৰী আটক কৰি ভয় সৃষ্টি কৰিব খোজে। আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলৈ আহিছিলো, কিন্তু আমাক জোরেৰে আটক কৰা হৈছে।”

উল্লেখযোগ্য যে, ১৭ মে’ৰ সংঘৰ্ষৰ পাছতেই ডিব্ৰুগড় আৰক্ষীয়ে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে। তেওঁৰ হাতত হেণ্ডকাফ লগাই আদালতলৈ নিয়া ঘটনাই অসমজুৰি বিতৰ্কৰ সৃষ্টি কৰিছে। আনহাতে, সংঘটনসমূহে এই ঘটনাৰ সময়ত BN Singh পেট্ৰ’ল পাম্পত গালি গালাজ কৰা যুৱতী তনু শ্বাহীক গ্ৰেপ্তাৰৰ দাবীত ৰাজ্যজুৰি এজাহাৰ দাখিল কৰিছে।

বীৰ লাচিত সেনাৰ নেতাসকলে স্পষ্টকৈ সদৰী কৰে, শংকৰজ্যোতি বৰুৱাক মুক্তি নিদিয়া আৰু তনু শ্বাহীক গ্ৰেপ্তার নকৰা পৰ্যন্ত তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখিব। অৱস্থাৰ গুৰুত্ব বিচাৰি দুলীয়াজানত অধিক সংখ্যক আৰক্ষী আৰু সেনা বাহিনী মোতায়েন কৰা হৈছে।

গোগামুখ উন্নযন সমিতিৰ উদ্যোগ, ২৫ মে’ত সচেতন নাগৰিক সভা । Gogamukh

গোগামুখ উন্নযন সমিতিৰ উদ্যোগ, ২৫ মে’ত সচেতন নাগৰিক সভা । Gogamukh
গোগামুখ উন্নযন সমিতিৰ উদ্যোগ, ২৫ মে’ত সচেতন নাগৰিক সভা । Gogamukh

২২ মে’২০২৫ঃ- Gogamukh । গোগামুখ নগৰখনৰ লগতে নগৰখনৰ আশে-পাশে থকা অঞ্চলসমূহৰ উন্নয়ন আৰু ইয়াৰ চৌপাশৰ পৰিৱেশ নিকা তথা পৰিস্কাৰ-পৰিছন্ন কৰি ৰখাৰ উদ্দেশ্যে গঠন কৰা গেগামুখ উন্নয়ন সমিতি চমুকৈ জি ডি চিয়ে তেওঁলোকৰ উন্নয়নমুখী যাত্ৰা অব্যাহত ৰাখিছে ৷

এই উন্নয়ন মুখী যাত্ৰাৰ অংশ হিচাপে চলিত মাহৰ ২৫ মে’ত জি ডি চি উদ্যোগত আৰু আবতানি ন্যাসৰ সহযোগত গোগামুখত  এখনি সচেতন নাগৰিক সভাৰ আহ্বান কৰিছে ৷ ধেমাজি জিলাৰ গোগামুখ আবতানি লত্তাত বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিতব্য উক্ত সচেতন নাগৰিক সভাত গ্ৰীন গোগামুখ, ক্লীন গোগামুখ শীৰ্ষক সাংস্কৃতিক জি  অনুষ্ঠানৰো আয়োজন কৰিছে ৷ জি ডি চিৰ তৰফৰ পৰা আমাক জনোৱা মতে অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ পৰামৰ্শৰ ভিত্তিত আয়োজিত উক্ত সচেতন নাগৰিক সভা মুলতঃ  গোগামুখবাসীৰ সাম্প্ৰতিক সমস্যা আৰু ইয়াৰ বিজ্ঞানসন্মত তথা দীৰ্ঘস্থায়ী সমাধানৰ  ওপৰত বিতংকৈ আলোচনা হ’ব ৷ 

তেওঁলোকে লগতে জনোৱা মতে উক্ত দিনা  সন্ধিয়া ৬ বজাত সাংস্কৃতিক অনুষ্ঠান শুভাৰম্ভ কৰিব মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই ৷ উক্ত  সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকিব অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা বিপুল ৰাভাই ৷ অনুষ্ঠানত সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব গোগামুখ গণ নাট্য বাহিনী, দুমৗৰ নাট্যগোষ্ঠী, বৃহত্তৰ গোগামুখ নাৰী মঞ্চ, কবি-গীতিকাৰ মুহিৰাম পেগু, পূণ্যপ্ৰসাদ শৰ্মা,   নাট্যকাৰ- পৰিচালক দীবাকৰ পেগু, দিব্যজ্যেতি ভৰালী,  আকাশদ্বীপ, পঞ্চজ্যেতি বৰদলৈ, উদয় স্বৰ্গীয়াৰী, ভেৰনীকা স্বৰ্গীয়াৰী, জ্যোৰ্তিময় বৰা আৰু দেব টাইদে ৷ গোগামুখ উন্নয়ণ সমিতিৰ তৰফৰ পৰা উক্ত সচেতন নাগৰিক সভা আৰু সাংস্কৃতিক অনুষ্ঠানত সমূহ গোগামুখবাসীৰ উপস্থিত আৰু সহায়-সহযোগ কামনা কৰিছে ৷

Shrinkhal Chaliha: শৃংখলক সাক্ষাৎ কৰিবলৈ নিদিলে লুৰিণজ্যোতি গগৈক

Shrinkhal Chaliha: শৃংখলক সাক্ষাৎ কৰিবলৈ নিদিলে লুৰিণজ্যোতি গগৈক
Shrinkhal Chaliha: শৃংখলক সাক্ষাৎ কৰিবলৈ নিদিলে লুৰিণজ্যোতি গগৈক

ডিব্ৰুগড় আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সোমাব নিদিলে লুৰিণজ্যোতি গগৈক।(Shrinkhal Chaliha)

আটক শৃংখল চলিহাক সাক্ষাৎ কৰিব গৈছিল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ।

আজি দুলীয়াজানত ১১ টা দল সংগঠনৰ ১২ ঘণ্টীয়া বন্ধৰ আহ্বান।(Lurinjyoti Gogoi)

তনু শ্বাহীক গ্ৰেপ্তাৰৰ দাবীত বন্ধৰ আহ্বান দল সংগঠনৰ।

দুলীয়াজানলৈ গৈ থকা অৱস্থাত আৰক্ষীয়ে শৃংখল চলিহাক আটক কৰি ডিব্ৰুগড়লৈ লৈ যায়।

আটকাধীন শৃংখল চলিহাক সাক্ষাৎ কৰিবলৈ গৈছিল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ।

কিন্তু, ডিব্ৰুগড় আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সোমাব নিদিলে লুৰিণজ্যোতি গগৈক।

PM’s message to Pakistan: সন্ত্ৰাসবাদীলৈ কঠোৰ বাৰ্তা প্ৰধানমন্ত্ৰীৰ, সেন্দূৰ মোৰ তেজে তেজে প্ৰবাহিত হৈ আছে: প্ৰধানমন্ত্ৰী মোদী

PM’s message to Pakistan: সন্ত্ৰাসবাদীলৈ কঠোৰ বাৰ্তা প্ৰধানমন্ত্ৰীৰ
PM’s message to Pakistan: সন্ত্ৰাসবাদীলৈ কঠোৰ বাৰ্তা প্ৰধানমন্ত্ৰীৰ

পুনৰ পাকিস্তানৰ বিৰুদ্ধে সৰব হৈ পৰিল প্ৰধানমন্ত্ৰী মোদী।(PM’s message to Pakistan)সিন্দূৰ অভিযানৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমবাৰৰ বাবে ৰাজস্থানৰ ভূমিত উপস্থিত হয়। বৃহস্পতিবাৰে বিকানেৰ আৰু পালানাত তেওঁ জনসভা সম্বোধন কৰে। এই জনসভাৰ পৰা তেওঁ পহলগাম আক্ৰমণৰ প্ৰসংগ উল্লেখ কৰি কয় যে ২২ এপ্ৰিলত সন্ত্ৰাসবাদীয়ে ধৰ্মৰ পৰিচয় সুধি আমাৰ ভগ্নীসকলৰ শিৰৰ সেন্দূৰ মচি পেলাইছিল। গুলী পহলগামত চলিছিল, কিন্তু সেই গুলীবোৰে ১৪০ কোটি দেশবাসীৰ বুকুত আঘাত দিছিল। তাৰ পাছত প্ৰতিগৰাকী দেশবাসীয়ে একত্ৰিত হৈ সংকল্পবদ্ধ হৈছিল যে সন্ত্ৰাসবাদীক মাটিত মিহলাই দিয়া হ’ব । তেওঁলোকে কল্পনা কৰাতকৈও ডাঙৰ শাস্তি দিয়া হ’ব । দেশৰ সেনাৰ সাহসিকতাৰ বাবে আমাৰ সকলোৰে উক্ত প্ৰতিশ্রুতি পূৰণ হ’ল । আমাৰ চৰকাৰে সেনাবাহিনীক সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰিছে । সেনাৰ তিনিওটা বাহিনীয়ে মিলি এনে এক চক্রবেহু ৰচনা কৰে যে পাকিস্তানে আঁঠু ল’বলৈ বাধ্য হয় ।

২২ এপ্ৰিলৰ আক্ৰমণৰ প্ৰত্যুত্তৰত ২২ মিনিটতে সন্ত্ৰাসবাদীৰ ৯টা আটাইতকৈ ডাঙৰ ঘাটি ধ্বংস কৰা হৈছে । বিশ্বই, দেশৰ শত্রুসকলে দেখিলে যে যেতিয়া সেন্দূৰ বাৰুদলৈ ৰূপান্তৰ হয়, তেতিয়া ইয়াৰ পৰিণাম কি হ’ব পাৰে ।প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে এইটো এক কাকতালীয় কথা যে ৫ বছৰ পূৰ্বে বালাকোটত দেশে বিমান আক্ৰমণ কৰিছিল । তাৰ পিছতো তেওঁ প্ৰথম জনসভা ৰাজস্থান সীমান্তত সম্বোধন কৰিছিল । এতিয়া অপাৰেশ্যন সেন্দূৰৰ পাছতো তেওঁ প্ৰথম জনসভা এই বীৰভূমিতে সম্বোধন কৰিছে । প্ৰধানমন্ত্ৰীয়ে কয় যে যিসকলে সেন্দূৰ মচিবলৈ আহিছিল, তেওঁলোকক মাটিত মিহলাই দিয়া হৈছে । যিয়ে হিন্দুস্তানৰ ৰক্ত বোৱাবলৈ চেষ্টা কৰিছিল, আজি সিহঁতৰ ওপৰত গণি গণি প্ৰতিশোধ লোৱা হৈছে । সিহঁতে ভাবিছিল যে ভাৰত মনে মনে থাকিব । যিয়ে নিজৰ অস্ত্ৰৰ ওপৰত অহংকাৰ কৰিছিল, আজি সিহঁত ধ্বংসস্তূপৰ মাজত চেপা খাই আছে । এয়া কেৱল প্ৰতিশোধৰ খেল নহয়, ন্যায়ৰ নতুন স্বৰূপ । এয়া হৈছে অপাৰেশ্যন সেন্দূৰ । এয়া কেৱল আক্রোশ নহয়, এয়া হৈছে শক্তিশালী ভাৰতৰ ৰৌদ্ৰ ৰূপ ।

এয়া হৈছে ভাৰতৰ নৱতম ৰূপ । তেওঁ কয় যে প্ৰথমে ঘৰত প্ৰৱেশ কৰি আক্ৰমণ কৰিছিলোঁ, এতিয়া পোনে পোনে বুকুত আঘাত কৰা হৈছে । সন্ত্ৰাসবাদৰ পুলি-পোঁখা উভলাৰ এয়াই হৈছে নীতি, এয়াই ৰীতি । এয়াই হৈছে নতুন ভাৰত । এতিয়া সন্ত্ৰাসবাদৰ সৈতে মোকাবিলা কৰাৰ ৩ সূত্র আছে । প্ৰথম, ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণ হ’লে কঠোৰ উত্তৰ পাব । সময় আমাৰ সেনাবাহিনীয়ে নিৰ্ধাৰণ কৰিব । পদ্ধতিও সেনাই নিৰ্ধাৰণ কৰিব আৰু চৰ্তও আমাৰ হ’ব । দ্বিতীয়, পৰমাণু বোমাৰ ভাবুকিত ভাৰত ভয় খোৱাবিধৰ নহয় । তৃতীয়, সন্ত্ৰাসবাদৰ ৰূপকাৰ আৰু সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক চৰকাৰক পৃথক পৃথক ভাবে চোৱা নহ’ব । দুয়োকে একেই গণ্য কৰা হ’ব । পাকিস্তানৰ চৰকাৰী আৰু বেচৰকাৰী কাৰ্যকলাপৰ খেল নচলিব ।

Indian delegations meet Japan, UAE: পাকিস্তানক শলঠেকত পেলাবলৈ সংযুক্ত আৰব গণৰাজ্য, জাপানত ভাৰতৰ প্ৰতিনিধি দল, দুয়োখন দেশৰ বিষয়াৰ সৈতে বৈঠক

Indian delegations meet Japan, UAE: পাকিস্তানক শলঠেকত পেলাবলৈ সংযুক্ত আৰব গণৰাজ্য
Indian delegations meet Japan, UAE: পাকিস্তানক শলঠেকত পেলাবলৈ সংযুক্ত আৰব গণৰাজ্য

সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়া পাকিস্তানৰ বিৰুদ্ধে(Indian delegations meet Japan, UAE) প্ৰচাৰ চলাবলৈ ইতিমধ্যে ভাৰতৰ এটা প্ৰতিনিধি দল সংযুক্ত আৰব গণৰাজ্যত আৰু আন এটা দলে জাপানত উপস্থিত হৈছে। জাপানলৈ যোৱা প্ৰতিনিধি দলটোৰ নেতৃত্বত আছে জেডিইউৰ সাংসদ সঞ্জয় ঝা। অভিষেক বেনাৰ্জীও এই দলত আছে।জাপানলৈ ভাৰতৰ সৰ্বদলীয় প্ৰতিনিধি দল। অভিষেক বেনাৰ্জীও উপস্থিত থাকে।

ইতিমধ্যে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে সন্ত্ৰাসবাদ সন্দৰ্ভত ভাৰতৰ স্থিতি স্পষ্ট কৰিবলৈ আৰু বিশ্বক পাকিস্তানৰ বিৰুদ্ধে জাগ্ৰত কৰিবলৈ বিভিন্ন দেশলৈ প্ৰতিনিধি দল প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছিল। ইতিমধ্যে এটা প্ৰতিনিধি দল সংযুক্ত আৰব গণৰাজ্যত আৰু আন এটা জাপানত উপস্থিত হৈছে। আৰবলৈ যোৱা দলটোৰ নেতৃত্বত আছে শিৱসেনাৰ সাংসদ শ্ৰীকান্ত শিন্দে।শিন্দে নেতৃত্বাধীন দলটোৱে বৃহস্পতিবাৰে আবুধাবিত আমীৰাটৰ ফেডাৰেল নেশ্যনেল কাউন্সিলৰ সদস্য আহমেদ মিৰ খোৰীক সাক্ষাৎ কৰে। পিছত শ্বিণ্ডে ছ’চিয়েল মিডিয়াত লিখিছে, “অপাৰেচন সিন্দূৰত ভাৰতৰ সফলতাক উজ্জ্বল কৰাৰ লগতে আমি পাকিস্তানৰ মাটিত সন্ত্ৰাসবাদ বৃদ্ধিৰ কথাও উল্লেখ কৰিলোঁ।” শিন্দেৰ উপৰি এই প্ৰতিনিধি দলটোত আছে বিজেপিৰ মনন কুমাৰ মিশ্ৰ, বিজেডিৰ সাস্মিত পাত্ৰ, আই ইউ এম এলৰ মহম্মদ বছিৰ, বিজেপিৰ এছ এছ আহলুৱালিয়া, অতুল গাৰ্গ, বানছুৰী স্বৰাজ আৰু প্ৰাক্তন কূটনীতিবিদ সুজান আৰ চিনয়। প্ৰতিনিধি দলটোৰ সৈতে আমীৰাটছত থকা ভাৰতীয় ৰাষ্ট্ৰদূত সঞ্জয় সুধীৰো উপস্থিত থাকে।

আনহাতে, নীতিশ কুমাৰৰ দলৰ সাংসদ সঞ্জয়ৰ নেতৃত্বত এটা দলে টকিঅ’ত উপস্থিত হৈ জাপানত থকা ভাৰতীয় ৰাষ্ট্ৰদূত চিবি জৰ্জক সাক্ষাৎ কৰে। আলোচনাত সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ চোৰাংচোৱা বিনিময় আৰু কূটনীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। পিছত প্ৰতিনিধি দলৰ সদস্যসকলে জাপানৰ বৈদেশিক মন্ত্ৰী তাকেছি ইৱাৰ সৈতেও সাক্ষাৎ কৰে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ দৃঢ় স্থিতিৰ বিষয়ে তেওঁক অৱগত কৰা হয়। সূত্ৰ অনুসৰি জাপানৰ বৈদেশিক মন্ত্ৰীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি সমৰ্থন কৰিছিল। সঞ্জয় আৰু অভিষেকৰ উপৰিও জাপানলৈ যোৱা প্ৰতিনিধি দলটোত আছে বিজেপিৰ অপৰাজিৎ সাৰংগী, ব্রিজলাল, হেমাং যোশী, আদি। কংগ্ৰেছ নেতা তথা প্ৰাক্তন বৈদেশিক মন্ত্ৰী ছলমান খুৰশ্বিদ, চিপিএমৰ জন ব্ৰিটাছ আৰু প্ৰাক্তন ৰাষ্ট্ৰদূত মোহন কুমাৰ। টকিঅ’ত উপস্থিত হোৱাৰ লগে লগে অভিষেকে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত ফুল আগবঢ়াই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

পূৰ্বে সিদ্ধান্ত লোৱা হৈছিল যে ‘অপাৰেচন সিন্দূৰ’ অভিযান আৰু কেন্দ্ৰীয় চৰকাৰে গঠন কৰা ৭টা সৰ্বদলীয় প্ৰতিনিধি দলে পাকিস্তানৰ পৃষ্ঠপোষকতাত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ বাৰ্তা লৈ দেশৰ পৰা দেশলৈ যাত্ৰা কৰিছে। সাতটা দলত মুঠ ৫৯ জন সদস্য আছে। ইয়াৰে অধিকাংশই ৰাজনীতিবিদ। ইয়াৰ উপৰি কেন্দ্ৰই দলটোত কেইজনমান কূটনীতিবিদকো অন্তৰ্ভুক্ত কৰিছে। তেওঁলোকে মুঠ ৩৩খন দেশ ভ্ৰমণ কৰিব। বৃহস্পতিবাৰে এমিৰেটছত উপস্থিত হয় প্ৰথমটো গোট। দ্বিতীয়টো গোট জাপানলৈ যায়।

Kakopathar News: ভাৰ উত্তোলনত শক্তি প্ৰদৰ্শনেৰে কাকপথাৰৰ যুৱকৰ সোনৰ পদক অৰ্জন

Kakopathar News: ভাৰ উত্তোলনত শক্তি প্ৰদৰ্শনেৰে কাকপথাৰৰ যুৱকৰ সোনৰ পদক অৰ্জন
Kakopathar News: ভাৰ উত্তোলনত শক্তি প্ৰদৰ্শনেৰে কাকপথাৰৰ যুৱকৰ সোনৰ পদক অৰ্জন

ভাৰ উত্তোলনত শক্তি প্ৰদৰ্শনেৰে(Kakopathar News)কাকপথাৰৰ যুৱকৰ সোনৰ পদক অৰ্জন৷ অসম পাৱাৰ লিফটিং এচোছিয়েশ্যনৰ তত্বাৱধানত গুৱাহাটীত অনুষ্ঠাত সদৌ অসম আন্ত জিলা মাষ্টাৰ্চ প্ৰতিযোগিতাত এই সফলতা৷ কাকপথাৰত বিভিন্ন দল সংগঠনৰ সম্বৰ্দ্ধনা৷

মনত অদম্য সাহস আৰু প্ৰৱল ইচ্ছাশক্তি থাকিলে যিকোনো অসম্ভৱক সম্ভৱ কৰি তুলিব পাৰি, তাকে প্ৰমাণ কৰিলে এগৰাকী যুৱকে৷ অসম পাৱাৰ লিফটিং এচোছিয়েশ্যনৰ তত্বাৱধানত কামৰূপ গ্ৰাম্য পাৱাৰ লিফটিং এচোছিয়েশ্যনৰ উদ্যোগত দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যোৱা ত্ৰয়োদশ সদৌ অসম আন্তঃ জিলা মাষ্টাৰ্চ পুৰুষ মহিলা ক্লাচিক পাৱাৰ লিফটিং চেম্পিয়নশ্বিপ ২০২৪-২৫ ত কাকপথাৰ এচ কে এম ফিটনেক্স ক্লাব ইউনিচেক্স জ্যীমৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়ায়।


৫৯ কেটেগৰীত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয় কাকপথাৰৰ যুৱক হিৰুজ শইকীয়াই৷ ইয়াৰ পিছতে উৎফুল্লিত হৈ পৰে কাকপথাৰ SKM UNISEX শৰীৰ চৰ্চা কেন্দ্ৰৰ সদস্য সকলৰ লগতে কাকপথাৰৰ ক্ৰীড়াপ্ৰেমী ৰাইজ৷ যুৱক জনক SKM UNISEX শৰীৰ চৰ্চা কেন্দ্ৰত বিভিন্ন দল সংগঠনৰ লগতে শৰীৰ চৰ্চা কেন্দ্ৰটোৰ তৰফৰ পৰা সম্বৰ্ধনা জনায়৷ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ যু্ৱক হিৰুজ শইকীয়াই সোনৰ পদক অৰ্জন কৰি কাকপথাৰ তথা জিলা খনলৈ গৌৰৱ কঢিয়াই আনিছে৷ ইয়াৰ পিছতে তেওঁ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ বাবে এতিয়া প্ৰস্তুতি আৰম্ভ কৰাৰ কথা জানিবলৈ দিয়ে।

Pak ISI: ভাৰতত বৃহৎ কূটাঘাতৰ পৰিকল্পনা! দিল্লীত ধৰা পৰিল ISI এজেণ্ট, পাকিস্তানলৈ পলায়নৰ পূৰ্বে গ্ৰেপ্তাৰ নেপালী মূলৰ চোৰাংচোৱা

Pak ISI: ভাৰতত বৃহৎ কূটাঘাতৰ পৰিকল্পনা! দিল্লীত ধৰা পৰিল ISI এজেণ্ট
Pak ISI: ভাৰতত বৃহৎ কূটাঘাতৰ পৰিকল্পনা! দিল্লীত ধৰা পৰিল ISI এজেণ্ট

পহলগামত সংঘটিত আক্ৰমণৰ পূৰ্বে পাকিস্তানৰ চোৰাংচোৱা(Pak ISI) সংস্থা আই এছ আইয়ে ভাৰতত বৃহৎ বিধ্বংসী ৰূপ ধাৰণ কৰাৰ পৰিকল্পনা কৰিছিল। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, দিল্লীৰ পৰা আই এছ আই এজেণ্টক গ্ৰেপ্তাৰ কৰাৰ পিছত চাঞ্চল্যকৰ তথ্য ওলাইছে। ধৃত ব্যক্তিজনৰ নাম আনছাৰুল মিয়ান আনছাৰী। সূত্ৰ অনুসৰি ধৃত ব্যক্তিজন নেপালী মূলৰ। পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে তেওঁক।চোৰাংচোৱা সূত্ৰৰ মতে, পহলগামৰ কূটাঘাতৰ পূৰ্বে আই এছ আইয়ে দেশত বৃহৎ কূটাঘাতৰ পৰিকল্পনা কৰিছিল। দায়িত্ব অনছাৰুলক দিয়া হৈছিল । দিল্লীৰ এখন হোটেলৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা কেন্দ্ৰীয় চোৰাংচোৱা সংস্থা আৰু দিল্লী আৰক্ষীৰ বিশেষ কোষে সমগ্ৰ ৰাজধানীত বিশেষ অভিযান চলাই আহিছে।

সেই অভিযানৰ সময়তে গোয়েন্দাসকলে আনছাৰুলৰ অৱস্থান আৱিষ্কাৰ কৰে। ইয়াৰ কিছু সময়ৰ পিছতে তেওঁক গ্ৰেপ্তাৰ কৰা হয়। সূত্ৰ অনুসৰি আই এছ আইৰ সহায়ত পাকিস্তানৰ পৰা নেপাল হৈ ভাৰতত প্ৰৱেশ কৰিছিল আনছাৰীয়ে। তেওঁ পাকিস্তানলৈও পলায়ন কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু তাৰ আগতেই আৰক্ষীয়ে ধৰিলে। সূত্ৰ অনুসৰি জেৰাৰ সময়ত আনছাৰীয়ে কয় যে আই এছ আইয়ে সকলোতে জাল বিয়পাইছে। কেৱল সেয়াই নহয়, তেওঁক প্ৰতিৰক্ষা সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰি চোৰাংভাৱে পাকিস্তানলৈ লৈ যোৱাৰ দায়িত্ব দিয়া হৈছিল। আনছাৰীৰ পৰা উদ্ধাৰ হোৱা নথি-পত্ৰ আৰু ‘ডিজিটেল ডিভাইচ’ৰ ফৰেনছিক পৰীক্ষা কৰা হৈছে। সূত্ৰ অনুসৰি তাৰ পৰা ভাৰতীয় সশস্ত্ৰ বাহিনীৰ কেইবাটাও গুৰুত্বপূৰ্ণ নথি উদ্ধাৰ কৰা হয়।চোৰাংচোৱাৰ সূত্ৰ অনুসৰি আনছাৰীয়ে কাটাৰত টেক্সি চালক হিচাপে কাম কৰিছিল। সেই সময়ত তেওঁ পাকিস্তানী ‘হেণ্ডলাৰ’ৰ সংস্পৰ্শলৈ আহিছিল।

কাটাৰৰ পৰা আনছাৰী পাকিস্তানলৈ যায়। তাত চোৰাংচোৱাৰ প্ৰশিক্ষণ লোৱাৰ পিছত তেওঁক আই এছ আইৰ দ্বাৰা ভাৰতলৈ প্ৰেৰণ কৰা হয়। আনছাৰীক সোধা-পোছা কৰি ৰাঁচীৰ পৰা গ্ৰেপ্তাৰ কৰে আন এজন সন্দেহযুক্ত অখলাক আজমক। আজমে আগতে আনছাৰীক নিৰাপত্তা সম্পৰ্কীয় সকলো তথ্য সংগ্ৰহ কৰাত সহায় কৰিছিল। গ্ৰেপ্তাৰ হোৱা লোকসকলক জেৰা কৰাৰ পিছত তদন্তকাৰীয়ে জানিব পাৰিলে যে আই এছ আইয়ে পহলগাঁৱৰ পূৰ্বে ভাৰতৰ মাটিত বৃহৎ ভেঙুচালিৰ পৰিকল্পনা কৰিছিল। সূত্ৰই জনোৱা মতে, ধৃত আনছাৰী আৰু আজমক কোনে ‘স্লিপাৰ চেল’ হিচাপে কাম কৰি আছে সেই বিষয়ে জানিবলৈ জেৰা অব্যাহত আছে।