Home Blog Page 17

নলবাৰী সদৰ থানাৰ সম্মুখত উত্তেজনা: কংগ্ৰেছ প্ৰাৰ্থী অশোক কুমাৰ শৰ্মা সহ ১১ জন জামিনত মুকলি ।

নলবাৰী সদৰ থানাৰ সম্মুখত উত্তেজনা: কংগ্ৰেছ প্ৰাৰ্থী অশোক কুমাৰ শৰ্মা সহ ১১ জন জামিনত মুকলি ।
নলবাৰী সদৰ থানাৰ সম্মুখত উত্তেজনা: কংগ্ৰেছ প্ৰাৰ্থী অশোক কুমাৰ শৰ্মা সহ ১১ জন জামিনত মুকলি ।

নলবাৰী সদৰ থানাৰ সম্মুখত সংঘটিত প্ৰতিবাদৰ ঘটনাক কেন্দ্ৰ কৰি আটক কৰা নলবাৰী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী অশোক কুমাৰ শৰ্মা আৰু প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক দিব্যজ্যোতি হালৈ সহ মুঠ ১১ গৰাকী কংগ্ৰেছ কৰ্মীক আজি পুৱা প্ৰায় ১১:৩০ বজাত জামিনত মুকলি কৰা হয়।

ইফালে কংগ্ৰেছ কৰ্মী পৰাগ চক্ৰৱৰ্তীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি নলবাৰী সদৰ থানাতেই ৰখা হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে যোৱা কালি বিজেপিৰ কৰ্মীৰ সৈতে পৰাগ চক্ৰৱৰ্তীৰ হতাহতি হোৱাৰ অভিযোগ উত্থাপন হয়। ঘটনাৰ পিছতে পৰাগ চক্ৰৱৰ্তীয়ে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত নলবাৰী সদৰ থানাত এখন এজাহাৰ দাখিল কৰে। কিন্তু এই ঘটনাক কেন্দ্ৰ কৰি বিজেপিৰ কৰ্মীসকলেও পৰাগ চক্ৰৱৰ্তীৰ বিৰুদ্ধে একেটা থানাত এখন এজাহাৰ দাখিল কৰে।

আনহাতে অভিযোগ অনুসাৰে বিজেপিৰ কৰ্মীসকলে পৰাগ চক্ৰৱৰ্তীক শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ পিছত নিশা নলবাৰী সদৰ থানাৰ সম্মুখত কংগ্ৰেছ নেতা অশোক কুমাৰ শৰ্মাৰ নেতৃত্বত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়।

প্ৰতিবাদী কাৰ্যসূচীৰ পাছতেই নলবাৰী সদৰ আৰক্ষীয়ে অশোক কুমাৰ শৰ্মা, দিব্যজ্যোতি হালৈ সহ মুঠ ১২ গৰাকী কংগ্ৰেছ কৰ্মীক আটক কৰে। পৰৱৰ্তী সময়ত তেওঁলোকৰ ভিতৰত ১১ গৰাকীক জামিনত মুকলি কৰা হয় যদিও পৰাগ চক্ৰৱৰ্তী এতিয়াও আৰক্ষীৰ হেফাজত আছে।

ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ নলবাৰী অঞ্চলত ৰাজনৈতিক উত্তেজনাৰ পৰিৱেশে সৃষ্টি হৈছে।

Jayanta Khaund: দিল্লীলৈ গৈ কংগ্ৰেছত যোগদান অগপ নেতা জয়ন্ত খাউণ্ডৰ

Jayanta Khaund: দিল্লীলৈ গৈ কংগ্ৰেছত যোগদান অগপ নেতা জয়ন্ত খাউণ্ডৰ
Jayanta Khaund: দিল্লীলৈ গৈ কংগ্ৰেছত যোগদান অগপ নেতা জয়ন্ত খাউণ্ডৰ

আঞ্চলিক (Jayanta Khaund) দল অগপ ত্যাগ কৰি আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগ দিয়ে দলটোৰ বিত্ত সম্পাদক তথা ৰঙানদী সমষ্টিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ জয়ন্ত খাউণ্ডে৷ উল্লেখ্য, ৰঙানদী সমষ্টিত ভাৰতীয় জনতা পাৰ্টীয়ে মিত্ৰ দল অগপক সমষ্টিটো এৰি নিদিয়াৰ ক্ষোভতে দলৰ প্ৰভাৱশালী নেতা জয়ন্ত খাউণ্ডে অগপ ত্যাগ কৰে৷ আজি নতুন দিল্লীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং, কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী তথা অসমৰ নিৰ্বাচনৰ দায়িত্বত থকা ডি কে শিৱকুমাৰ, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক মনোজ চৌহান, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা সত্যব্ৰত কলিতা আৰু বিনন্দ শইকীয়াৰ উপস্থিতিত জয়ন্ত খাউণ্ডে কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগ দিয়ে৷ জয়ন্ত খাউণ্ডক কংগ্ৰেছ দললৈ আদৰণি জনাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয়, ‘কিছুদিন পূৰ্বে জয়ন্ত খাউণ্ডে আমাৰ সৈতে যোগাযোগ কৰি আমাৰ দলত যোগদান কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল৷ আমি এই প্ৰস্তাৱ শুনি তেখেতক আদৰণি জনাও৷ জয়ন্ত খাউণ্ডে যিখন জিলা আৰু যিটো সমষ্টিক প্ৰতিনিধিত্ব কৰে সেই ঠাইত ৰাইজৰ উৎসাহ দেখা যায়৷ কংগ্ৰেছ দলৰো সেই জিলাখনৰ নেতা-কৰ্মীয়ে উৎসাহ দেখুৱাইছে৷ আজি তেখেতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মইমতালিৰ বিৰুদ্ধে কাম কৰিবলৈ কংগ্ৰেছ দলত যোগদান কৰিছে৷ আজি অসমত শাসকীয় দলৰ কিছু নেতাই ত্যাগৰ ৰাজনীতি কৰি আছে৷

মুখ্যমন্ত্ৰীয়ে ত্যাগেৰ ৰাজনীতি কৰা মানুহক ৰাজনীতিৰ পৰা আঁতৰাই ৰাখিবলৈ অপচেষ্টা চলাই আছে৷ এনে মানুহক লৈ তেওঁ ৰাজনীতি কৰিব খুজিছে, যিসকলে তেওঁৰ কথা মতে উঠা-বহা কৰে আৰু যিকল ভ্ৰষ্টাচাৰত লিপ্ত হৈ আছে৷’ আজিৰ তাৰিখত শাসকীয় দলৰ বহু নেতাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিত অতিষ্ঠ হৈছে আৰু বহু নেতাই হিমন্ত বিশ্ব শৰ্মাক এৰি কংগ্ৰেছলৈ আহিব খোজে বুলিও মন্তব্য কৰে৷ যোগদান অনুষ্ঠানৰ পিছত আয়োজিত সংবাদমেলত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ৰাইজৰ দলৰ সৈতে মিত্ৰতা সন্দৰ্ভত গৌৰৱ গগৈয়ে পুনৰ কয় যে সকলো বিৰোধী দলৰ সৈতে মিত্ৰতা কৰিবলৈ প্ৰয়াস কৰি থকা হৈছে৷ আমি তিনিটা ৰাজনৈতিক দলৰ সৈতে আসন ভাগ-বাটোৱাৰা সন্দৰ্ভত কথা পাতি সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছো৷ বাকীসকলৰ সৈতেও যোগাত্মক দিশত আলোচনা আগবাঢ়ি আছে বুলিও গগৈয়ে কয়৷ বৰ্তমান যি বাধাই দেখা দিছে অনাগত দিনত সেই বাধা নাইকিয়া হৈ পৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি অসমৰ তত্ত্বাৱধয়ক জিতেন্দ্ৰ সিঙে জয়ন্ত খাউণ্ডক কংগ্ৰেছ পৰিয়াললৈ আদৰণি জনাই সদৌ অসম ছাত্ৰ সন্থা আৰু অসম গণ পৰিষদৰ প্ৰসংগ উল্লেখ কৰে৷

জয়ন্ত খাউণ্ডক সদৌ অসম ছাত্ৰ সন্থাৰ আন্দোলনৰ সৈতে জড়িত বুলি উপস্থিত সাংবাদিকক চিনাকি কৰাই দিয়ে৷ জয়ন্ত খাউণ্ডে অসমীয়া ভাষা, সংস্কৃতিৰ হৈ যুঁজ দি আহিছে বুলি উল্লেখ কৰি জিতেন্দ্ৰ সিঙে কয় যে সদৌ অসম ছাত্ৰ সন্থা এৰি তেওঁ অসম গণ পৰিষদত যোগদান কৰিছিল৷ অসম গণ পৰিষদৰ গুৰুত্বপূৰ্ণ নেতা আছিল৷ আছু আৰু অগপৰ সৈতে অসমৰ সংস্কৃতি আৰু ভাষাৰ মূল্যৰ সৈতে তেওঁৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ হৈছিল৷ কিন্তু আজি অগপক ধবংস কৰিলে বিজেপি দলে৷ বিজেপি দলে অসমৰ আঞ্চলিক দল অগপক ধবংস কৰি পেলালে৷ বিজেপিয়ে অসমৰ পৰিচয় ধবংস কৰি দিছে৷ দেশৰ প্ৰতিখন ৰাজ্যত একেই কামকে কৰিছে৷ অসমৰ দৰে ওড়িশাতো একেই কাম কৰিছে৷ বিজেডিৰ সৈতে একেলগে থাকি সহায় লৈ শেষত গেৰুৱা দলটোৱে বিজেডিক ধবংস কৰিবলৈ প্ৰয়াস কৰিছে বুলিও কয় সিঙে৷

তেওঁ কয় যে প্ৰথমে প্তখন আৰু পিছত ১০খন আসন লৈ বিজেপিয়ে বিজু জনতা দলক ধবংস কৰি দিলে৷ তেনেদৰে অসমতো অগপ দল ধবংস হৈ যাব বুলিও আশংকা প্ৰকাশ কৰে সৰ্বভাৰতীয় কংগ্ৰেছ নেতাগৰাকীয়ে৷ ইফালে, কংগ্ৰেছ দলত যোগ দি আজি যথেষ্ট উৎসাহিত হৈ পৰা দেখা যায় জয়ন্ত খাউণ্ডক৷ তেওঁ কয়, ‘কংগ্ৰেছ দল এখন গভীৰ আৰু বিশাল সাগৰৰ দৰে৷ এনে এটা বিশাল দলত যোগদানৰ সুযোগ পোৱাটোৱেই মোৰ বাবে ভাল লগা কথা৷’ উল্লেখ্য যে, ৰঙানদী সমষ্টিৰ প্ৰাৰ্থিত্বৰ অন্যতম দাবীদাৰ জয়ন্ত খাউণ্ডক আদৰণি জনাবলৈ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিন্তু হাজৰিকা আৰু আন কেবাজনো স্থানীয় নেতা দিল্লীত গৈ উপস্থিত হৈছে৷

Assam Rajya Sabha: বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ যোগেন মহন, তেৰছ গোৱালা আৰু প্ৰমোদ বড়ো

Assam Rajya Sabha: বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ যোগেন মহন, তেৰছ গোৱালা আৰু প্ৰমোদ বড়ো
Assam Rajya Sabha: বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ যোগেন মহন, তেৰছ গোৱালা আৰু প্ৰমোদ বড়ো

অসমৰ (Assam Rajya Sabha)পৰা ৰাজ্যসভাৰ তিনিখন আসনৰ বাবে এইবাৰ বিজেপি আৰু ইউ পি পি এলৰ প্ৰাৰ্থীসকল বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। সোমবাৰে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ সময়সীমা শেষ হোৱাৰ পিছতে ৰিটাৰ্ণিং বিষয়া ৰাজীৱ ভট্টাচাৰ্যই বিজেপিৰ যোগেন মহন, তেৰছ গোৱালা আৰু ইউ পি পি এলৰ প্ৰমোদ বড়োক আনুষ্ঠানিকভাৱে বিজয়ী ঘোষণা কৰে।
প্ৰতিখন আসনৰ বিপৰীতে মাত্ৰ এগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰাৰ ফলত কোনো ভোটগ্ৰহণৰ প্ৰয়োজন নোহোৱাকৈয়ে তিনিওগৰাকী প্ৰাৰ্থী ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হয়। অহা ১৬ মাৰ্চত এই নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও বিৰোধী পক্ষৰ পৰা কোনো প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা নকৰাত ভোটগ্ৰহণৰ প্ৰয়োজন নোহোৱাকৈয়ে ফলাফল ঘোষণা কৰা হয়।

ইয়াৰ পিছতে অসম বিধানসভা সচিবালয়ত থকা ৰাজ্যসভা নিৰ্বাচনৰ কাৰ্যালয়ত ৰিটাৰ্ণিং বিষয়াই নব-নিৰ্বাচিত সাংসদসকলক আনুষ্ঠানিকভাৱে বিজয়ীৰ প্ৰমাণপত্ৰ প্ৰদান কৰে। উল্লেখযোগ্য যে অহা মে’ মাহত ৰাজ্যসভাত অসমৰ তিনিখন আসন খালী হ’ব। বৰ্তমান এই আসনকেইখনত বিজেপিৰ ৰামেশ্বৰ তেলী আৰু ভূৱনেশ্বৰ কলিতা, লগতে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে অজিত কুমাৰ ভূঞাই প্ৰতিনিধিত্ব কৰি আছে। সেই আসনকেইখন পূৰণ কৰাৰ বাবেই এইবাৰ ৰাজ্যসভাৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল।

কিন্তু অসম বিধানসভাত শাসকীয় এন ডি এ মিত্ৰজোঁটৰ সংখ্যাগত শক্তিৰ বাবে আৰম্ভণিৰ পৰাই বিজেপি-নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ জয় প্ৰায় নিশ্চিত বুলি ধৰা হৈছিল। শেষত সোমবাৰে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনটোত সেই অনুমানকেই আনুষ্ঠানিক ৰূপ পায়। বিজেপিৰ জ্যেষ্ঠ নেতা যোগেন মহন আৰু তেৰছ গোৱালাৰ লগতে ব’ডোলেণ্ড টেৰিটৰিয়েল ৰিজিয়নৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ এই জয়ে ৰাজ্যসভাত শাসকীয় পক্ষৰ শক্তি আৰু অধিক দৃঢ় কৰিলে বুলি ৰাজনৈতিক মহলে মত প্ৰকাশ কৰিছে। মনোনয়ন পত্ৰ দাখিলৰ দিনাৰ পৰাই তেওঁলোকৰ জয় প্ৰায় নিশ্চিত আছিল যদিও মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনটোত তাৰ ওপৰত চৰকাৰী মোহৰ পৰে। এই ফলাফলৰ জৰিয়তে অসমৰ পৰা ৰাজ্যসভাত শাসকীয় এন ডি এ মিত্ৰজোঁটৰ উপস্থিতি অধিক শক্তিশালী হ’ল বুলি ৰাজনৈতিক মহলে মন্তব্য কৰিছে।

Maharaja Prithu Flyover: আজি মুকলি হ’ব মহাৰাজ পৃথু উৰণসেতুঃ ৰাজ্যৰ ভিতৰতে দীৰ্ঘতম উৰণসেতু

Maharaja Prithu Flyover: আজি মুকলি হ’ব মহাৰাজ পৃথু উৰণসেতুঃ ৰাজ্যৰ ভিতৰতে দীৰ্ঘতম উৰণসেতু
Maharaja Prithu Flyover: আজি মুকলি হ’ব মহাৰাজ পৃথু উৰণসেতুঃ ৰাজ্যৰ ভিতৰতে দীৰ্ঘতম উৰণসেতু

ৰাজ্যৰ ভিতৰতে দীৰ্ঘতম উৰণসেতু।(Maharaja Prithu Flyover)

আজি মুকলি হ’ব মহাৰাজ পৃথু উৰণসেতু।

৮৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ এই উৰণসেতুখন।

আজি আনুষ্ঠানিকভাৱে মুকলি হ’ব আমবাৰী-চানমাৰি-নুনমাটি সংযোগ কৰা নৱনিৰ্মিত উৰণ সেতুখন৷

ৰাজ্যৰ আটাইতকৈ দীঘল সেতুখন কামৰূপ নৃপতি মহাৰাজা পৃথুৰ নামত উছৰ্গা৷

নৱ নিৰ্মিত উৰণসেতুখনৰ ফটো সামজিক মাধ্যমত শ্বেয়াৰ কৰিলে মুখ্যমন্ত্ৰীয়ে।

Guwahati News: ব্ৰহ্মপুত্ৰত মৰণজাপ প্ৰেমিক-প্ৰেমিকাৰ! নতুন শৰাইঘাট দলঙত হুৱা-দুৱা

Guwahati News: ব্ৰহ্মপুত্ৰত মৰণজাপ প্ৰেমিক-প্ৰেমিকাৰ!
Guwahati News: ব্ৰহ্মপুত্ৰত মৰণজাপ প্ৰেমিক-প্ৰেমিকাৰ!

গুৱাহাটীত ভয়ংকৰ ঘটনা!(Guwahati News)

একেলগে ব্ৰহ্মপুত্ৰৰ মাজত হেৰাল প্ৰেমিক-প্ৰেমিকা।

নতুন শৰাইঘাট দলঙত হুৱা-দুৱা পৰিস্থিতি।

নতুন শৰাইঘাট দলঙত প্ৰেমিক-প্ৰেমিকাৰ মৰণজাপ।

দলঙৰ ৰেলিং পাৰ হৈ ব্ৰহ্মপুত্ৰত জাপ যুৱতীৰ।

প্ৰেমিকাৰ পিছে পিছে প্ৰেমিকৰো ব্ৰহ্মপুত্ৰত জাপ।

উদ্ধাৰ অভিযান অব্যাহত NDRF, নদী আৰক্ষীৰ।

এইপৰ্যন্ত উদ্ধাৰ হোৱা নাই দুই যুৱক-যুৱতীৰ পৰিচয়।

জালুকবাৰীৰ দিশৰ পৰা আহি ব্ৰহ্মপুত্ৰত জাঁপ যুৱক-যুৱতীৰ।

ঘটনাস্থলীত উপস্থিত জালুকবাৰী আৰক্ষী।

Kandarpa Kalita: অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক কন্দৰ্প কলিতাৰ পদত্যাগ

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক কন্দৰ্প কলিতাৰ পদত্যাগ
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক কন্দৰ্প কলিতাৰ পদত্যাগ

সলনি হ’ব কন্দৰ্প কলিতাৰ ৰাজনৈতিক ঠিকনা। (Kandarpa Kalita)

অসম প্ৰদেশ কংগ্ৰেছত মোক্ষম আঘাত।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক কন্দৰ্প কলিতাৰ পদত্যাগ।

সকলো বিষয় বাবৰ পৰা অব্যাহতি ল’লে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক কন্দৰ্প কলিতাই।

প্ৰাক্তন আছুনেতা, সমাজ সেৱক, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থীত্বৰ মুল দাবীদাৰ আছিল কলিতা।

কংগ্ৰেছ নেতা কন্দৰ্প কলিতাই ইতিমধ্যে সভাপতি গৌৰৱ গগৈ লৈ পত্ৰ প্ৰেৰণ কৰিছে।

India win T20 World Cup: বিশ্ববিজয়ৰ আনন্দঃ T-20 বিশ্বকাপত চেম্পিয়ন টীম ইণ্ডিয়া

India win T20 World Cup: বিশ্ববিজয়ৰ আনন্দঃ T-20 বিশ্বকাপত চেম্পিয়ন টীম ইণ্ডিয়া
India win T20 World Cup: বিশ্ববিজয়ৰ আনন্দঃ T-20 বিশ্বকাপত চেম্পিয়ন টীম ইণ্ডিয়া

বিশ্ববিজয়ৰ আনন্দ।(India win T20 World Cup)

T-20 বিশ্বকাপত চেম্পিয়ন টীম ইণ্ডিয়া।

তৃতীয়বাৰলৈ T20 বিশ্বকাপত চেম্পিয়ন হ’ল ভাৰত।

T20 বিশ্বকাপত নিউজিলেণ্ডক পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ অৰ্জন কৰিলে ভাৰতে।

ফাইনেলত নিউজীলেণ্ডক হৰুৱাই T20 বিশ্বকাপ জয়ী টীম ইণ্ডিয়াৰ।

T20 বিশ্বকাপত ৩য় বাৰলৈ ভাৰতীয় দলে বুৰঞ্জীত লিপিবদ্ধ কৰিলে নিজৰ নাম।

ভাৰত জয়ী হোৱাত সমগ্ৰ দেশতেই আনন্দৰ লহৰ।

সমগ্ৰ দেশৰ লগতে গুৱাহাটী মহানগৰীতো আনন্দৰ লহৰ।

সমগ্ৰ দেশৰ সমান্তৰালকৈ চাপৰৰ মাল্টিমিডিয়া প্ৰেছ ক্লাবতো দেখা গ’ল আনন্দৰ লহৰ।

ভাৰতীয় দলৰ বিশ্বকাপ জয়ত উল্লাস কাকপথাৰৰ ক্ৰিকেট প্ৰেমী।

Rupjyoti Kurmi: ড০ জ্ঞানশ্ৰী বৰাৰ প্ৰাৰ্থিত্ব সন্দৰ্ভত ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য

ড০ জ্ঞানশ্ৰী বৰাৰ প্ৰাৰ্থিত্ব সন্দৰ্ভত ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য
ড০ জ্ঞানশ্ৰী বৰাৰ প্ৰাৰ্থিত্ব সন্দৰ্ভত ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য

‘দেখিবলৈ ধুনীয়া বুলি কৈছে, (Rupjyoti Kurmi) ৰাইজৰ দল নে জাতীয় পৰিষদৰ পৰা আহিছে সেইটোও নাজানোঁ’।

‘কোৱাহে শুনিছো, মোৰ ম’বাইল চাবলৈ সময় নহয়’।

‘ধুনীয়া হ’লেই নহ’ব লোকেল হ’ব লাগিব’।

‘মোক সকলোৱে ধনু বুলিয়ে জানে’।

‘ৰাখী পিন্ধোৱা ভণ্টী বহুত আছে’।

‘মোৰ কাৰণে বহুতে প্ৰাৰ্থনা কৰে’

‘১৯৯০ চনৰ পৰা ৩৫ বছৰে কিমান মানুহক সহায় কৰিলোঁ’।

ড০ জ্ঞানশ্ৰী বৰাৰ প্ৰাৰ্থিত্ব সন্দৰ্ভত ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য।

Kumar Bhaskar Varma Setu: আজিৰে পৰা যান-বাহনৰ বাবে মুকলি কুমাৰ ভাস্কৰ বৰ্মা সেতু

Kumar Bhaskar Varma Setu
Kumar Bhaskar Varma Setu

আজিৰে পৰা যান-বাহনৰ বাবে মুকলি কুমাৰ ভাস্কৰ বৰ্মা সেতু।(Kumar Bhaskar Varma Setu)

গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী এই কুমাৰ ভাস্কৰ বৰ্মা সেতুখন ১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিছিল।

ব্যক্তিগত লঘু যান-বাহনৰ বাবেহে দিয়া হৈছে অনুমতি।

পৰৱৰ্তী সময়ত ব্যৱসায়িক যান-বাহনৰ বাবেও দিয়া হ’ব অনুমতি।

হুইল চেয়াৰত বহি মুখ্যমন্ত্ৰীলৈ অপেক্ষাৰত এগৰাকী যুৱতী

মুখ্যমন্ত্ৰীৰ অপেক্ষাত এগৰাকী যুৱতী
মুখ্যমন্ত্ৰীৰ অপেক্ষাত এগৰাকী যুৱতী

গুৰুতৰ ৰোগত আক্ৰান্ত দেৰগাঁৱৰ ছগুৰি চাপৰিৰ ৰেবিকা টায়ে নামৰ এগৰাকী যুৱতী।
বিগত এটা বছৰে গুৰুতৰ ৰোগত আক্ৰান্ত হৈ আছে যুৱতী গৰাকী।
চিকিৎসাৰ বাবে চিকিৎসালয়ে চিকিৎসালয়ে ঘূৰিও পোৱা নাই সুফল।
টকাৰ অভাৱত উন্নত চিকিৎসাৰ পৰা বঞ্চিত হৈ ৰৈছে যুৱতী গৰাকী।
হুইল চেয়াৰ খনে মাত্ৰ সাক্ষী এতিয়া ৰেবিকা টায়েৰ।
ৰোগৰ বাবে এতিয়া আধাতে শিক্ষা সামৰিব লগীয়া হৈছে যুৱতী গৰাকীয়ে।
উপায়ন্তৰ হৈ অৱশেষত মুখ্যমন্ত্ৰীক সহায়ৰ আহ্বান মাতৃৰ।