বুধবাৰে ইলোৰা বিজ্ঞান মঞ্চৰ কলিয়াবৰ শাখাৰ (National Science Day) উদ্যোগত পশ্চিম পূৱথৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত ৰাষ্ট্ৰীয় বিজ্ঞান মনস্কতা দিৱস পালন কৰা হয়। ইলোৰা বিজ্ঞান মঞ্চৰ কলিয়াবৰ শাখাৰ সম্পাদক জয়ন্ত বৰাই আঁত ধৰা সভাখনৰ সভাপতিত্ব কৰে ভূপেন শৰ্মাই। অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে যুঁজ দি ২০১৩ চনৰ ২০ আগষ্ট তাৰিখে আততায়ীৰ হাতত মৃত্যুবৰণ কৰা ডাঃ নৰেন্দ্ৰ ডাভোলকাৰৰ স্মৃতিত আয়োজন কৰা এই বিজ্ঞান মনস্কতা দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে কলিয়াবৰ মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক পৰাগ দাহালে।
Remedy for Sleep: ৰাতি নাভিত লগাব এবিধ বিশেষ বস্তু
ৰাতি টোপনি অতি প্ৰয়োজনীয়। (Remedy for Sleep) যদি আপোনাৰ টোপনি নাহে তেন্তে এটা বিশেষ কাম কৰিব পাৰে। মানুহে কমেও ৭-৮ ঘণ্টা টোপনি যাব লাগে। কিন্তু আজিকালি বহু মানুহৰে ৭-৮ ঘণ্টা টোপনি নাহে।
ডিব্ৰুগড়টো দুদিনীয়াকৈ অনুষ্ঠিত বিশ্ব ফটোগ্ৰাফী দিৱস
ফটোৱে কথা কয়। (World Photography Day 2025) ফটোৱে ধৰি ৰাখে সময়। ইতিহাস ফটোৱে সৃষ্টি কৰে। ইতিহাস সৃষ্টি হয় ফটোৰ বাবে। ফটোগ্ৰাফীৰ মাজেৰে স্মৰণীয় কৰি ৰাখিব পাৰি প্ৰতিটো মুহূৰ্ত। ফটোগ্ৰাফী এতিয়া কেৱল এক হবী নহয়, ফটোগ্ৰাফী এক কেৰিয়াৰ লৈ ৰূপান্তৰিত হৈছে।
আজি বিশ্ব ফটোগ্ৰাফী দিৱস উপলক্ষে ডিব্ৰুগড়ত আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ফটোগ্ৰাফাৰ সৌৰভ দুৱৰা, আৰু প্ৰণীৱ দাসৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে ফটোগ্ৰাফী দিৱস। ডিব্ৰুগড় গেছ ক্ৰেকাৰ প্ৰকল্পৰ পৰিচালন সঞ্চালক প্ৰাঞ্জল চাংমাইয়ে শুভ উদ্বোধন কৰা ফটোগ্ৰাফী দিৱস উপলক্ষে বহু খ্যাতি সম্পন্ন ফটোগ্ৰাফাৰৰ বিভিন্ন ফটো প্ৰদৰ্শন কৰা হয়।
ফটোগ্ৰাফী ছ’ছাইটি অৱ ডিব্ৰুগড় সভাপতি ডা° ৰঞ্জিত কুমাৰ বৰুৱা সভাপতিত্ব তথা সুমন দত্তই আত ধৰা অনুষ্ঠানত আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আলোকচিত্ৰ শিল্পী ৰত্নজিৎ চৌধুৰী আৰু বিদ্যা সাগৰ বৰুৱা সহ কেইবাজনো বিশিষ্ট আলোকচিত্ৰ শিল্পী উপস্থিত থাকে। ফটোগ্ৰাফী দিৱস উপলক্ষে ছাত্ৰ ছাত্ৰী সকলৰ মাজত এখন কৰ্মশালা অনুষ্ঠিত কৰা হয়।