পশ্চিম বংগৰ কলিকতাৰ (Awards Ceremony) অন্যতম সক্ৰিয় অনুষ্ঠান ‘আনন্দমুখৰ সাহিত্য পত্ৰিকা আৰু পৰিষদ’ৰ উদ্যোগত গুৱাহাটীৰ পল্টন বজাৰস্থিত ৰাজদূত ভৱনত বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন হয়। ১০ আগষ্টৰ দিনা বিয়লি ৩ বজাৰ পৰা সুদক্ষ সংগঠক তথা পৰিষদৰ মুখ্য বিষয়ববীয়া কলিকতাৰ সুপৰ্ণা ৰয়ৰ পৰিচালনাত অনুষ্ঠিত হোৱা সভাখনত বঙাইগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা সাহিত্যিক অজিৎ কুমাৰ দাস, বিশিষ্ট সাহিত্যিক তথা অসম চৰকাৰৰ ৰাজ্যিক কৃতি শিক্ষক বঁটাপ্ৰাপক অশ্বিনী কুমাৰ নাথ আৰু বজালীৰ কবি গিৰিন্দ মেধিক কবিৰত্ন সন্মান ২০২৫ প্ৰদান কৰা হয়।
ইফালে সমাজৰত্ন সন্মান ২০২৫ লাভ কৰে ক্ৰমে মাজুলীৰ শিক্ষক তথা সমাজকৰ্মী অনুপ্ৰভা দেৱী, গৌৰিপুৰৰ কৃতি শিক্ষক জয়াৰাণী ৰয়, ধুবুৰীৰ সমাজকৰ্মী সোণালী চৌধুৰী আৰু নুমলীগড় শোধনাগাৰৰ কৰ্মচাৰী জয়ন্ত সিংহ বিশ্বাসে। প্ৰতিগৰাকী সন্মান প্ৰাপকক অংগ বস্ত্ৰ, গামোচা, স্মাৰক আৰু সম্বৰ্ধনা পত্ৰৰে পৰিষদৰ তৰফৰ পৰা আদৰণী জনোৱা হয়। অনুষ্ঠানত অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক দুলাল নাথ আৰু প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথে বিশেষ আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰি বক্তব্য আগবঢ়ায়।
ভাষণ প্ৰসংগত দুলাল নাথে পশ্চিম বংগ আৰু অসমৰ সাহিত্যৰ এনাজৰীডাল শক্তিশালী কৰাৰ ভূমিকা গ্ৰহণ কৰা কলিকতাৰ আনন্দমুখৰ সাহিত্য পত্ৰিকা আৰু পৰিষদক ধন্যবাদ জ্ঞাপন কৰি ভাষা সাহিত্যৰ সেৱাত সদাব্ৰতী থাকিবলৈ আহ্বান জনায়। অন্য গৰাকী বিশিষ্ট অতিথি শংকুসিদ্ধ নাথেও ভাষণ প্ৰসংগত অসম আৰু বংগৰ জাতীয় দায়বদ্ধতা আৰু ৰবীন্দ্ৰনাথ ঠাকুৰ, লক্ষ্মীনাথ বেজবৰুৱাৰ সম্বন্ধ আৰু বিচক্ষণতাৰ সোঁৱৰণ কৰি এই সভাখনেও দুয়ো ৰাজ্যৰ সাহিত্যিক- সংগঠকসকলৰ বন্ধুত্বসুলভ কৰ্মৰাজিৰ সাক্ষ্য বহন কৰিছে বুলি প্ৰকাশ কৰে। ‘মানুহে মানুহৰ বাবে’ শীৰ্ষক গীত, বহুকেইগৰাকী কবিৰ কবিতা আৰু সাংস্কৃতিক কৰ্মী-অভিনেতাৰ সংলাপে সভাখনক এক অনন্য মাত্ৰা প্ৰদান কৰে। সভাৰ শেষত সন্মানপ্ৰাপকৰ তৰফৰ পৰা অশ্বিনী কুমাৰ নাথে শলাগৰ শৰাই প্ৰদান কৰে।।
দেৰগাঁওস্থিত লাচিত বৰফুকন পুলিচ (Lachit Borphukan Police Academy) একাডেমীত প্রশিক্ষণ সমাপ্ত কৰা গোৱা আৰক্ষীত নিযুক্ত ৭০০ গৰাকী কনিষ্টবলৰ দীক্ষান্ত সমাৰোহ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গোৱাৰ মুখ্যমন্ত্ৰী ড° প্রমোদ সাৱন্তৰ সৈতে অংশগ্ৰহণ কৰে । এই উপলক্ষে প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰী ড° শৰ্মাই ভৌগোলিকভাৱে অসম আৰু গোৱাৰ মাজত থকা যথেষ্ট দূৰত্বৰ কথা উল্লেখ কৰি কয় যে গোৱা চৰকাৰে লাচিত বৰফুকন পুলিচ একাডেমীত ৰাজ্যখনৰ আৰক্ষী কনিষ্টবলসকলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰি দুয়োখন ৰাজ্যক বহু ওচৰ চপাই আনিলে।
গোৱা আৰক্ষীত নিযুক্ত কনিষ্টবলসকলৰ প্ৰশিক্ষণৰ বাবে অসমক বাচনি কৰা কাৰ্যই দুয়োখন ৰাজ্যৰ মাজত থকা বিশ্বাস আৰু সহযোগিতাকে প্রতিফলিত কৰিছে বুলিও তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে গোৱা আৰক্ষীৰ কনিষ্টবলসকলক তেওঁলোকৰ সফল প্ৰশিক্ষণ সমাপ্তিৰ বাবে অভিনন্দন জ্ঞাপন কৰে । তেওঁ কয় যে এতিয়াৰে পৰা গোৱা আৰক্ষীৰ কনিষ্টবলসকল দেশৰ সেৱাৰ বাবে প্ৰস্তুত হৈ উঠিছে আৰু নিজ ৰাজ্যত তেওঁলোকে জনসেৱাৰ উৎকৃষ্ট নিদর্শন দাঙি ধৰিবলৈ সমৰ্থ হ’ব। কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে চলিত বৰ্ষৰ ১৫ মাৰ্চত লাচিত বৰফুকন আৰক্ষী একাডেমীখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই আৰক্ষী একাডেমীখনত অসম আৰক্ষীৰ ধাৰাবাহিক প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত হৈ আহিছে। তদুপৰি চলিত বৰ্ষত মণিপুৰ আৰক্ষীত নিযুক্ত কনিষ্টবলকো প্রশিক্ষণ প্ৰদানৰ দায়িত্ব এই একাডেমীখনে সফলতাৰে বহন কৰিছে। অসম মা কামাখ্যা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পুণ্য ভূমি বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে গোৱা আৰক্ষীত নিযুক্ত কনিষ্টবলসকলে প্ৰশিক্ষণৰ কালচোৱাত অসমৰ সভ্যতা আৰু সংস্কৃতিৰ সৈতে পৰিচয় হোৱাৰো সুযোগ লাভ কৰিছে।
তেনেদৰে এই প্ৰশিক্ষণকালত অসম আৰক্ষীয়েও গোৱাৰ সংস্কৃতিৰ সৈতে পৰিচয় হোৱাৰ সুযোগ লাভ কৰিছে বুলি মন্তব্য কৰি তেওঁ উচ্চ আদৰ্শ বজাই ৰাখি দেশ তথা জনসাধাৰণৰ সেৱাৰ বাবে সকলো সময়তে তৎপৰ হৈ থাকিবলৈ প্ৰশিক্ষণ সমাপ্ত কৰা গোৱা আৰক্ষীৰ কনিষ্টবলসকলক আহ্বান জনায়। ভাষণত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে অসমৰ যথেষ্ট সংখ্যক যুৱক-যুৱতী বিভিন্ন কাৰণত গোৱাত বসবাস কৰে। ৰাজ্যৰ এনে যুৱক-যুৱতীসকলৰ যিকোনো সমস্যা তথা প্রয়োজনত সহায়ৰ হাত আগবঢ়াব বুলিও তেওঁ আশা প্রকাশ কৰে ৷ উল্লেখ্য যে, গোৱা আৰক্ষীত নিযুক্ত প্রথম, দ্বিতীয় আৰু তৃতীয় ইণ্ডিয়া ৰিজাৰ্ভ কনিষ্টবলৰ ৫৬৯ গৰাকী পুৰুষ আৰু ১৩১ গৰাকী মহিলা কনিষ্টবলে লাচিত বৰফুকন পুলিচ একাডেমীত বিগত বৰ্ষৰ অক্টোবৰ মাহৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।