Home Blog Page 173

হাতীমূৰা মথাউৰি পৰিদৰ্শনত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা – কলং খননৰ কাম অতি শীঘ্ৰেই আৰম্ভ হ’ব । Pijush hazarika

হাতীমূৰা মথাউৰি পৰিদৰ্শনত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা – কলং খননৰ কাম অতি শীঘ্ৰেই আৰম্ভ হ'ব । Pijush hazarika
হাতীমূৰা মথাউৰি পৰিদৰ্শনত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা – কলং খননৰ কাম অতি শীঘ্ৰেই আৰম্ভ হ'ব । Pijush hazarika

Pijush hazarika । জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই নগাঁও জিলাৰ কলিয়াবৰত অৱস্থিত হাতীমূৰা মথাউৰি পৰিদৰ্শন কৰে। ২০১৭ চনৰ আগষ্ট আৰু ২০২৪ চনৰ জুলাই মাহত হাতীমূৰা মথাউৰি ভাঙি পৰিলক্ষিত হোৱা ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ বানপানীয়ে কলিয়াবৰ অঞ্চলত ব্যাপক ধ্বংসযজ্ঞ চলাইছিল। মন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ জলসম্পদ বিভাগে পুনৰ নিৰ্মাণ কৰা মথাউৰি অংশ পৰিদৰ্শন কৰি সম্পৰ্কীয় বিষয়ে অৱগত হয়।

মন্ত্ৰীগৰাকীয়ে জাননী দিয়ে যে কলঙৰ মথাউৰি মেৰামতি আৰু বোৱতী কলং সন্দৰ্ভত চৰকাৰে ইতিমধ্যে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ কয় – “যোৱা বৰ্ষত কলিয়াবৰত বানপানীৰ ভয়াবহ পৰিস্থিতি আমি সকলোৱে চাৰিছো। কলংমুখত নিৰ্মিয়মান শ্লুইছ গে’টৰ কাষৰ মথাউৰি কিছু কাৰিকৰী ত্ৰুটিৰ বাবে ছিগি গৈছিল, যাৰ ফলত অঞ্চলটোৰ ৰাইজ তীব্ৰ সমস্যাৰ সন্মুখীন হৈছিল। সেই সময়ত আমি জলসম্পদ বিভাগৰ সম্পূৰ্ণ সক্ৰিয়তাৰে কফাৰ ডাম মেৰামতি কৰিছিলোঁ, প্ৰায় দেড় মাহ ধৰি অভিযন্তা-কৰ্মচাৰীয়ে বাহৰ পাতি দিন-ৰাতি যুঁজি কাম কৰিছিল। মুখ্য অভিযন্তা নিজে দুবাৰ পৰ্যন্ত স্থান পৰিদৰ্শন কৰিছিল। মই নিজেও উপস্থিত হৈ কামৰ তদাৰক কৰিছিলোঁ।”

তেওঁ আগবঢ়ায়, “এই বেলিত আমি ব্ৰহ্মপুত্ৰৰ এটা সুঁতি বন্ধ কৰিবলৈ সক্ষম হৈছিলোঁ, যি কাম বৰষুণৰ সময়ত বৰেই কঠিন। ৰাইজৰ সহায়, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব আৰু বিভাগীয় কৰ্মচাৰীসকলৰ একত্ৰিত প্ৰচেষ্টাতেই আমি এই কাম সম্পূৰ্ণ কৰিব পাৰিছোঁ। এতিয়া যি অংশটো নতুনকৈ নিৰ্মাণ হৈছে, সেয়া যথেষ্ট দৃঢ় আৰু বিশ্বস্ত। আশা কৰোঁ আগলৈ এই অংশ ছিগিব নালাগে আৰু কলিয়াবৰো বানপানীৰ পৰা সুৰক্ষিত থাকিব।”

বোৱতী কলং সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় – “কলং খনন আমাৰ বাবে এক গুৰুত্বপূৰ্ণ প্ৰকল্প। কিছুমান কাৰণত খননৰ কাম কিছুদিন বন্ধ হৈ আছিল। অতি শীঘ্ৰেই আমি পুনৰ খননৰ কাম আৰম্ভ কৰিম। কলংখনক সম্পূৰ্ণভাৱে বোৱতী কৰাৰ দায়িত্ব আমি লৈছোঁ, আৰু সেই কাম সফলতাৰে সম্পূৰ্ণ কৰিম।”

ইতিমধ্যে, কলং খননৰ বাবে কলিয়াবৰত অনা যন্ত্ৰপাতি স্থানীয় ৰাইজৰ মাজত আশাবাদ সৃষ্টিকাৰক হৈছে। পৰিদৰ্শনৰ সময়ত মন্ত্ৰী পীযুষ হাজৰিকাৰ সৈতে উপস্থিত থাকে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্ত।

মন্ত্ৰীগৰাকীয়ে শেষত অকপটভাৱে স্বীকাৰ কৰে – “আমি এবাৰ অকৃতকাৰ্য হৈছিলোঁ, অস্বীকাৰ কৰি লাভ নাই। আগন্তুক সময়ত পুনৰ যেন কৃতকাৰ্য হৈ আগবাঢ়িব পাৰো, তাৰ বাবে সঠিকভাৱে আৰু ধৈৰ্যৰে কাম কৰিম। আপোনালোকক কথা দিছোঁ।”

ত্ৰিপুৰাক হৰুৱাই অনূৰ্ধ্ব-১৫ ছোৱালীৰ নৰ্থ ইষ্ট ৰাইজিং কাপ ক্ৰিকেটত অসম চেম্পিয়ন । Tripura

ত্ৰিপুৰাক হৰুৱাই অনূৰ্ধ্ব-১৫ ছোৱালীৰ নৰ্থ ইষ্ট ৰাইজিং কাপ ক্ৰিকেটত অসম চেম্পিয়ন । Tripura
ত্ৰিপুৰাক হৰুৱাই অনূৰ্ধ্ব-১৫ ছোৱালীৰ নৰ্থ ইষ্ট ৰাইজিং কাপ ক্ৰিকেটত অসম চেম্পিয়ন । Tripura

Tripura । উত্তৰ গুৱাহাটীৰ ফুলুংস্থিত এচিএ ক্ৰিকেট একাডেমী খেলপথাৰত অনুষ্ঠিত নৰ্থ ইষ্ট ৰাইজিং কাপ অনূৰ্ধ্ব-১৫ ছোৱালী ক্ৰিকেট প্ৰতিযোগিতাৰ চূড়ান্ত খেলত অসমে ত্ৰিপুৰাক ৯ উইকেটৰ ব্যৱধানত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ অৰ্জন কৰে।

টছত জয়ী হৈ প্ৰথমে বেটিং কৰা ত্ৰিপুৰাই নিৰ্ধাৰিত ২০ অভাৰত ৯ উইকেট হেৰুৱাই ৭৭ ৰান কৰে। ত্ৰিপুৰাৰ বাবে অনুষ্কা শীলে ১৭ আৰু এঞ্জেল পালে ১৫ ৰানৰ অৱদান দিয়ে। অসমৰ হৈ বলিঙত ভাৰতী হাছানে ১৩ ৰানৰ বিনিময়ত ৩ উইকেট আৰু বৈভৱী দাসে ১৭ ৰান দি ২ উইকেট লাভ কৰি ত্ৰিপুৰাৰ স্ক’ৰ নিয়ন্ত্ৰণত ৰাখে।

উত্তৰ হিচাপে অসমে কেৱল ১১.৩ অভাৰতে এটা মাত্ৰ উইকেট হেৰুৱাই ৭৮ ৰান সংগ্ৰহ কৰি সহজে লক্ষ্য অৰ্জন কৰে। ডলী কাৰ্ডং ৩১ ৰানত অপৰাজিত থাকিলেও স্বস্তি বিশ্বকৰ্মাই ১৯ ৰানৰ অৱদান দিয়ে।

খেল শেষ হোৱাৰ পিছত অনুষ্ঠিত সামৰণি অনুষ্ঠানত বি.চি.চি.আই. এপেক্স কাউন্সিলৰ সদস্য মামন মজুমদাৰ, অসম ক্ৰিকেট সন্থাৰ সম্পাদক ত্ৰিদিব কোঁৱৰ, প্ৰতিযোগিতা সঞ্চালক ৰমেন দত্ত, এ.চি.এৰ উপ-সভাপতি ৰাজদীপ ওজা, যুটীয়া সম্পাদক ৰাজেন্দ্ৰ সিং, কোষাধ্যক্ষ চিৰঞ্জিত লাংথাছাৰ লগতে মেঘালয়, ত্ৰিপুৰা, মণিপুৰ, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম আৰু ছিকিম ক্ৰিকেট সন্থাৰ প্ৰতিনিধিসকলেও উপস্থিত থাকে।

বি.চি.চি.আই.ৰ সম্পাদক দেৱজিত শইকীয়াৰ অনুপ্ৰেৰণাত এনে এখন প্ৰতিযোগিতা আয়োজন হোৱাৰ বাবে সদস্য মামন মজুমদাৰে কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে অসম ক্ৰিকেট সন্থাৰ সক্ৰিয় ভুমিকা আৰু সহায়-সহযোগিতাকো প্ৰশংসা কৰে। তেওঁ কয়, “এই ধৰণৰ প্ৰতিযোগিতাই অঞ্চলটোৰ উঠি অহা প্ৰতিভাসমূহক সঠিক দিশ প্ৰদান কৰাৰ লগতে নিজকে মেলি ধৰাৰ এটা দৃঢ় মঞ্চ প্ৰদান কৰে।”

অসম ক্ৰিকেট সন্থাৰ সম্পাদক ত্ৰিদিব কোঁৱৰে প্ৰতিযোগিতাখনক সফল কৰি তোলাত সহায় কৰা সকলো দল আৰু কৰ্মকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰি কয়, “এইসকল উঠি অহা খেলুৱৈয়ে অঞ্চলটোৰ ক্ৰিকেটৰ ভৱিষ্যত গঢ়ি তুলিব।”

বিভিন্ন শাখাত বঁটা বিজয়ীসকল:

  • ফাইনেল খেলৰ শ্ৰেষ্ঠ খেলুৱৈ: ভাৰতী হাছান (অসম)
  • প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বেটাৰ: অনুষ্কা শীল (ত্ৰিপুৰা)
  • শ্ৰেষ্ঠ বলাৰ: সিনহায়ানা পাঠক (অসম)
  • শ্ৰেষ্ঠ খেলুৱৈ (টুৰ্ণামেণ্টৰ): অনুষ্কা শীল (ত্ৰিপুৰা)

India–Bangladesh: ভাৰতে হাতে নামাৰি ভাতে মাৰিব বিচাৰিছে বাংলাদেশক

India–Bangladesh: ভাৰতে হাতে নামাৰি ভাতে মাৰিব বিচাৰিছে বাংলাদেশক
India–Bangladesh: ভাৰতে হাতে নামাৰি ভাতে মাৰিব বিচাৰিছে বাংলাদেশক

ভাৰতৰ অৰ্থনৈতিক হেঁচাত এতিয়া নতশিৰ হৈছে বাংলাদেশ৷(India–Bangladesh) বাণিজ্যত আঘাত লগাৰ পিছতে এতিয়া ইউনুছৰ বাংলাদেশে ভাৰতৰ সৈতে বিচাৰিছে আলোচনা৷ ভাৰতে বাংলাদেশৰ বিৰুদ্ধে স্থলপথেৰে সামগ্ৰী ১৫ানিত নিষেধাজ্ঞা জাৰি কৰাৰ লগে লগে অন্তৰ্ৱৰ্তীকালীন চৰকাৰে ভাৰতক আলোচনাৰ জৰিয়তে সমস্যা সমাধানৰ বাবে আৱেদন জনাইছে৷ দেওবাৰে বাংলাদেশৰ বাণিজ্য উপদেষ্টা শ্বেখ বছিৰুদ্দিনে কয়– ‘ভাৰতৰ এই পদক্ষেপৰ বিষয়ে আমি অৱগত নহয়৷ অৱশ্যে যদি কোনো সমস্যাৰ সৃষ্টি হয় তেন্তে দুয়োপক্ষই আলোচনাৰ জৰিয়তে সমস্যা সমাধানৰ চেষ্টা কৰিব৷’ এই বিষয়ত বাণিজ্য উপদেষ্টা শ্বেখ বছিৰুদ্দিনে দেওবাৰে কয়, ‘ক্ৰেতা আৰু ব্যৱসায়ীৰ স্বাৰ্থত ভাৰত আৰু বাংলাদেশৰ মাজত বাণিজ্য অব্যাহত থাকিব৷ ভাৰতৰ এই পদক্ষেপৰ বিষয়ে আমি এতিয়াও আনুষ্ঠানিকভাৱে একো নাজানো৷ আমি আনুষ্ঠানিকভাৱে গম পোৱাৰ পিছত পৰৱৰ্তী পদক্ষেপ ল’ব পাৰিম৷

যদি কোনো সমস্যাৰ সৃষ্টি হয় বা গঢ় লৈ উঠে, তেন্তে দুয়োপক্ষই আলোচনাৰ জৰিয়তে সমাধানৰ চেষ্টা কৰিব৷’ বাণিজ্য উপদেষ্টাগৰাকীয়ে মন্তব্য কৰে যে বাংলাদেশৰ পৰা ৰেডিমেড কাপোৰ আৰু প্ৰছেছড খনিজ সামগ্ৰীকে ধৰি কমেও সাতবিধ সামগ্ৰী আমদানি কৰাত নতুন নিষেধাজ্ঞাৰ ফলত ভাৰতীয় ব্যৱসায়ীসকলৰো ‘ক্ষতি’ হ’ব৷ শেহতীয়াকৈ বাংলাদেশে ঘোষণা কৰিছে যে ভাৰতৰ পৰা স্থলপথেৰে সূতা আমদানি বন্ধ কৰি দিছে৷ এই সামগ্ৰী ভাৰতলৈ পঠিয়াবলৈ হ’লে ইয়াক সাগৰীয় পথেৰে পঠিয়াব লাগিব৷ ইউনুছ চৰকাৰৰ এই সিদ্ধান্তৰ পিছতে ভাৰতে প্ৰতিকাৰ ব্যৱস্থা গ্ৰহণ কৰে৷

শনিবাৰে কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰণালয়ৰ অধীনস্থ বৈদেশিক বাণিজ্য বিভাগে এক অধিসূচনা জাৰি কৰি কয় যে বাংলাদেশৰ পৰা স্থলপথেৰে প্ৰছেছড খাদ্য সামগ্ৰী, কপাহ, কপাহী কাপোৰ, প্লাষ্টিক আৰু পিভিচিৰে নিৰ্মিত সামগ্ৰী, ৰং আদি সামগ্ৰী আদি দেশত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব৷ বাংলাদেশৰ সৈতে সীমান্ত থকা পশ্চিম বংগৰ চাংৰাবন্ধা আৰু ফুলবাৰীৰ (চকী, যেনে অসম, মিজোৰাম, মেঘালয়, ত্ৰিপুৰা আৰু পশ্চিম বংগৰ) চকীসমূহৰ জৰিয়তে এই সামগ্ৰীসমূহ প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব বুলি স্পষ্টকৈ উল্লেখ কৰা হৈছে৷ কিন্তু বাংলাদেশৰ পৰা অহা মাছ, এল পি জি আৰু খোৱাতেলত কোনো নিষেধাজ্ঞা আৰোপ কৰা হোৱা নাই৷ অন্য সামগ্ৰী পঠিয়াব বিচাৰিলে বাংলাদেশে সাগৰীয় পথেৰে পঠিয়াব লাগিব৷

jyoti malhotra youtuber: বিলাসী জীৱনশৈলী, সঘনাই বিদেশ ভ্ৰমণ খৰচ কোনে বহন কৰিছিল জ্যোতিৰ?

jyoti malhotra youtuber: বিলাসী জীৱনশৈলী, সঘনাই বিদেশ ভ্ৰমণ খৰচ কোনে বহন কৰিছিল জ্যোতিৰ?
jyoti malhotra youtuber: বিলাসী জীৱনশৈলী, সঘনাই বিদেশ ভ্ৰমণ খৰচ কোনে বহন কৰিছিল জ্যোতিৰ?

ইউটিউবাৰ জ্যোতি মালহোত্ৰাৰ ওলাইছে ইটোৰ(jyoti malhotra youtuber)পিছত সিটো কাহিনী৷ আৰক্ষীয়ে জনোৱা মতে, জ্যোতিৰ পাকিস্তান ভ্ৰমণৰ বাবে আন কোনোবাই ধন দিছিল৷ কোনে টকা দিলে তদন্ত৷ তদন্তৰ সময়ত আৰক্ষীয়ে এই কথাও জানিব পাৰিলে যে তেওঁ পাকিস্তানৰ এজন ‘ভিআইপি’ৰ দৰেই বিশেষাধিকাৰ লাভ কৰিছিল৷ আগতে তেওঁ দেশ-বিদেশ ভ্ৰমণ কৰি বিলাসী হোটেলত থাকিছিল৷ জ্যোতি মালহোত্ৰাই আগতে বিমানত বিজনেছ ক্লাছত যাত্ৰা কৰিছিল৷ তদন্তকাৰীয়ে তেওঁ কেনেকৈ ইমান টকা পালে সেই বিষয়ে তদন্ত কৰি আছে৷ পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আয়েহে জ্যোতিক সেই ধন দিছিল নেকি? গুচৰীয়াই জানিবলৈ চেষ্টা কৰিছে৷ যোৱা শুকুৰবাৰে হাৰিয়ানা আৰক্ষীয়ে পাকিস্তানী সৰবৰাহকাৰীৰ সৈতে যোগাযোগ ৰখাৰ অভিযোগত জ্যোতিক গ্ৰেপ্তাৰ কৰে৷ তদন্তকাৰীয়ে জ্যোতিৰ তদন্ত কৰি তেওঁৰ ভিডিঅ’সমূহ পৰীক্ষা কৰি আছে৷ সূত্ৰৰ মতে, ভ্ৰমণৰ সময়তে তেওঁলোকে জ্যোতিৰ জীৱনশৈলী লক্ষ্য কৰিছিল৷ অভিযোগ অনুসৰি তেওঁৰ খৰচ তেওঁৰ উপাৰ্জনৰ লগত মিল নাছিল৷ সেই কথা আৰক্ষীয়ে তদন্ত কৰি আছে৷ হিছাৰ আৰক্ষী অধীক্ষক শশাংক কুমাৰ সাৱনে কয়, ‘আমি তেওঁৰ একাউণ্টৰ লেনদেন, তেওঁ ক’লৈ গৈছিল, কাক লগ পাইছিল – সকলো চাইছো৷’ আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে, জ্যোতিয়ে ভ্ৰমণৰ সময়ত বিলাসী হোটেলত থাকিছিল৷ আৰক্ষীয়ে জনোৱা মতে, জ্যোতিৰ পাকিস্তান ভ্ৰমণৰ বাবে আন কোনোবাই ধন দিছিল৷ এই ধন কোনে দিলে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷ তদন্তৰ সময়ত আৰক্ষীয়ে এই কথাও জানিব পাৰিলে যে তেওঁ পাকিস্তানৰ এজন ‘ভিআইপি’ৰ দৰেই বিশেষাধিকাৰ লাভ কৰিছে৷ পাকিস্তানৰ পৰা উভতি আহি চীনলৈ গৈছিল৷ বিলাসী গাড়ীৰে সেই দেশখনো ঘূৰি ফুৰিছিল৷ গহনাৰ দোকানলৈ গৈছিল৷ তদন্তকাৰীৰ এটা অংশৰ মতে ধনৰ প্ৰলোভনৰ বাবেই হয়তো জ্যোতি পাকিস্তানী এজেণ্টৰ জালত পৰিল৷ জ্যোতি মালহোত্ৰাই ইউটিউবাৰ হিচাপে দ্ৰুত খ্যাতি আৰু ধন উপাৰ্জন কৰিব বিচাৰিছিল৷ তেওঁ নিজৰ ক্ষেত্ৰখনৰ প্ৰতিযোগীসকলক এৰি আগবাঢ়ি যাব বিচাৰিছিল৷ জ্যোতিৰ ইউটিউব চেনেল ‘ট্ৰেভেল উইথ জো’ৰ ছাব¦াইবাৰ আছে ৩ লাখ ৮৫ হাজাৰ৷ তেওঁ এই সংখ্যাটো সোনকালে বৃদ্ধি কৰিব বিচাৰিছিল৷ তাৰ বাবে তেওঁক অহৰহ নতুন নতুন বিষয়বস্তুৰ প্ৰয়োজন আছিল৷ সেই বিষয়বস্তু গোটাবলৈ তেওঁ বাৰে বাৰে পাকিস্তানলৈ গৈছিল৷ আৰক্ষীয়ে জনোৱা মতে, সেই উৎসৰ জৰিয়তে তেওঁ ক্ৰমান্বয়ে পাকিস্তানী চোৰাংচোৱাৰ বাবে ‘সম্পত্তি’ হৈ পৰিছিল৷ হিছাৰৰ আৰক্ষী অধীক্ষক শশাংকই কয় যে জ্যোতিৰ হাতত পাকিস্তানী এজেণ্টক দিবলৈ বিশেষ তথ্য নাছিল৷ কাৰণ ভাৰতীয় সেনাৰ সৈতে তেওঁৰ কোনো প্ৰত্যক্ষ যোগাযোগ নাছিল৷ কিন্তু তেওঁ পাকিস্তানী বিষয়াৰ সৈতে যোগাযোগ স্থাপন কৰিছিল৷ বিষয়াগৰাকীৰ ভাষাত, ‘পাকিস্তানৰ বিষয়াসকলে জ্যোতিক নিজৰ সম্পত্তিলৈ ৰূপান্তৰিত কৰিছিল৷’ আন ইউটিউবাৰৰ সৈতেও তেওঁৰ সংযোগ আছিল৷ জ্যোতিয়ে যোৱা বছৰ দিল্লীত পাকিস্তান উচ্ছায়ুক্তৰ ইফতাৰ পাৰ্টীতো অংশ লৈছিল৷ সেই প্ৰসংগত হিছাৰৰ আৰক্ষী অধীক্ষকে কয়, ‘সামাজিক বিষয়ত কোনো সমস্যা নাই৷’ কিন্তু তেওঁলোকৰ উদ্দেশ্য বুজিব লাগিব৷ পাকিস্তান আমাৰ বাবে সাধাৰণ দেশ নহয়৷ সংঘাতৰ সময়ত সেই দেশত বাৰে বাৰে ভ্ৰমণ, সামাজিক যোগাযোগ, আৰু অনুগ্ৰহৰ বিনিময় আদিয়ে দেশৰ ঐক্য আৰু সাৰ্বভৌমত্বক ক্ষতিগ্ৰস্ত কৰিব পাৰে৷’

Sankor Jyoti Baruah: হেণ্ডকাফ আৰক্ষীয়ে লগালে, মুখ্যমন্ত্ৰীয়ে খোলালে!

Sankor Jyoti Baruah: হেণ্ডকাফ আৰক্ষীয়ে লগালে, মুখ্যমন্ত্ৰীয়ে খোলালে!
Sankor Jyoti Baruah: হেণ্ডকাফ আৰক্ষীয়ে লগালে, মুখ্যমন্ত্ৰীয়ে খোলালে!

তৈল নগৰী হিচাপে পৰিচিত ডিব্ৰুগড়(Sankor Jyoti Baruah)জিলাৰ দুলীয়াজানত সংঘটিত হ’ল দিন-দুপৰতে পেট্ৰ’ল পাম্পত বৃহৎ গুণ্ডাবাহিনীৰ আক্ৰমণৰ ঘটনা৷ দুলীয়াজানৰ মাজমজিয়াত থকা এটা পেট্ৰ’ল পাম্পত সংঘটিত এই ঘটনাক কেন্দ্ৰ কৰি অব্যাহত আছে দেওবাৰেও তীব্ৰ উত্তেজনা৷ ঘটনা অনুসৰি শনিবাৰে দুলীয়াজান থানাৰ কাষতে অৱস্থিত বি এন সিং পেট্ৰ’ল পাম্প ছাৰ্ভিচ ষ্টেচনত সংঘটিত হৈছিল প্ৰচণ্ড মাৰপিটৰ ঘটনা৷ এই ঘটনাত পেট্ৰ’ল পাম্পটোৰ কৰ্মচাৰী তানু চাহি, নৱজিৎ চাহি, ৰাজ সিং আৰু অজয় যাদৱ আহত হয়৷

জানিব পৰা মতে বি এন সিং পেট্ৰ’ল পাম্প ছাৰ্ভিচ ষ্টেচনটোৰ স্বত্বাধিকাৰী ৰাজ কিশোৰ সিঙে দীৰ্ঘদিনৰ পৰা লিজত চলাই আছিল৷ অভিযোগ অনুসৰি ৰাজ কিশোৰ সিঙে বি এন সিং পেট্ৰ’ল পাম্প ছাৰ্ভিচ ষ্টেচনৰ স্বত্বাধিকাৰক প্ৰাপ্য ধন আদায় দিব নোৱৰাত যোৱা চ্ছ এপ্ৰিলত কিৰণ চাহি নামৰ মহিলাগৰাকীক পুনৰ লিজত দিয়ে৷ কিৰণ চাহি নামৰ মহিলাগৰাকীয়ে নতুনকৈ পেট্ৰ’ল পাম্পটো লিজত লোৱাৰ পিছতে শনিবাৰে ডিপোটোত বৃহৎ এটা যুৱকৰ দল উপস্থিত হৈ প্ৰথমে চিচি টি ভিৰ সংযোগ বিচ্ছিন্ন কৰি নতুনকৈ ডিপোটো লিজত লোৱা কিৰণ চাহিৰ পক্ষৰ সৈতে সংঘাতত লিপ্ত হয়৷ প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হোৱাত মহিলা কৰ্মী আহত হয়৷ ইফালে এই ঘটনাত নাম সাঙোৰ খাইছিল আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ নাম৷ ঘটনাৰ সময়ত আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা উপস্থিত আছিল৷ পেট্ৰ’ল পাম্পত গুণ্ডাবাহিনীৰ আক্ৰমণৰ ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে সামাজিক মাধ্যমত ৰহস্যজনক পোষ্ট দিছে আছুৰ প্ৰাক্তন সম্পাদকগৰাকীয়ে৷ ইফালে দেওবাৰে ভুক্তভোগীয়ে ঘটনা সন্দৰ্ভত দুলীয়াজান থানাত এখন এজাহাৰ দাখিল কৰে৷

উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে থানাত ৮৯য২৫ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছিল৷ দেওবাৰে বিয়লিলৈ কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিব পৰা গৈছিল যদিও দিন-দুপৰতে পেট্ৰ’ল পাম্পত বৃহৎ গুণ্ডাবাহিনীৰ আক্ৰমণৰ ঘটনাক লৈ আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক নিশা গ্ৰেপ্তাৰ কৰা হয়৷ ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শংকৰজ্যোতি বৰুৱাক৷ দুলীয়াজান থানাত সোধা-পোছাৰ অন্তত গ্ৰেপ্তাৰ কৰা হয় শংকৰজ্যোতি বৰুৱাক৷ গ্ৰেপ্তাৰৰ অন্তত নিশাই দুলীয়াজান থানাৰ পৰা ডিব্ৰুগড়ৰ সদৰ থানালৈ লৈ অহা হৈছে বুলি জানিব পৰা গৈছে৷

Duliajan News: দুলীয়াজানৰ বি এন সিং পেট্ৰ’ল ডিপো বন্ধ কৰি দিলে প্ৰশাসনে

Duliajan News: দুলীয়াজানৰ বি এন সিং পেট্ৰ’ল ডিপো বন্ধ কৰি দিলে প্ৰশাসনে
Duliajan News: দুলীয়াজানৰ বি এন সিং পেট্ৰ’ল ডিপো বন্ধ কৰি দিলে প্ৰশাসনে

সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন(Duliajan News)সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক গেপ্তাৰ কৰাক লৈ দুলীয়াজানত উত্তাল প্ৰতিবাদ। দুলীয়াজানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড়, তিনিচুকীয়া আৰু চৰাইদেউ জিলা সমিতিৰ শতাধিক কৰ্মীয়ে প্ৰতিকুল বতৰক নেওচি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। পেট্ৰল পাম্পত মাৰপিট কৰা ঘটনাক লৈ দেওবাৰে নিশা দুলীয়াজানৰ পৰা আটক কৰি জেৰাৰ অন্তত সোমবাৰে গ্ৰেপ্তাৰ কৰা শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগাই ডিব্ৰুগড়ৰ ন্যায়িক আদালতলৈ নিয়াক লৈ বিভিন্নজনে আৰক্ষীক সামাজিক মাধ্যমত কৰিছে সমালোচনা। আনকি সমগ্ৰ বিষয়টোৱে ৰাজ্যত প্ৰতিক্ৰিয়া সৃষ্টি কৰাত মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড় আৰক্ষীক শংকৰজ্যোতি বৰুৱাৰ হাতৰ পৰা হেণ্ডকাফ আতৰাবলৈ নিৰ্দেশ দিছিল । আৰক্ষীয়ে আছুৰ প্ৰাক্তন নেতা জনক দাগী অপৰাধিৰ দৰে ব্যৱহাৰ কৰাত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ।

ঘটনা সংঘটিত হোৱা বি. এন সিং মালিকানাধীন পেট্ৰল ডিপোটোৰ লীজ বাতিলৰ দাবী:- অইল ইণ্ডিয়া লিমিটেডে প্ৰদান কৰি ৰখা বি. এন সিং মালিকানাধীন পেট্ৰল ডিপোটোৰ লীজ বাতিলৰ দাবীত অইলৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড়, তিনিচুকীয়া আৰু চৰাইদেউ জিলা সমিতিয়ে। কিয়নো শণিবাৰে দুলীয়াজান আৰক্ষী থানাৰ কাষতে অৱস্থিত বি.এন.সিঙ পে’ল্টল পাম্প চাৰ্ভিচ ষ্টেচনত সংঘটিত হৈছিল প্ৰচণ্ড মাৰপিটৰ ঘটনা। এই ঘটনাত পে’ট্ৰল পাম্পটোৰ কৰ্মচাৰী তানু চাহি,নৱজিৎ চাহি,ৰাজ সিং আৰু অজয় যাদৱ আহত হয় হৈছিল। গুণ্ডা বাহিনীৰ আক্ৰমণত নাম সাঙোৰ খাইছিল আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ। এই পেট্ৰল পাম্প স্থাপন কৰিবলৈ বহিঃ ৰাজ্যৰ ব্যৱসায়িক জনক ভূমি লীজত দিছে অইল ইণ্ডিয়া কৰ্তৃপক্ষই। সেয়ে বি. এন সিং মালিকানাধীন পেট্ৰল ডিপোটোৰ লীজ বাতিলৰ দাবীত আজি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ নেতা কৰ্মী সকলে ।

আইল ইণ্ডিয়া কৰ্তৃপক্ষই অসমত অনা অসমীয়াক প্ৰতিষ্ঠান চলাবলৈ বৰপীৰা পাৰি দিছে :-

প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব বহন কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলাৰ সভাপতি উদয়ন বৰুৱাই কয়, “আৰক্ষীয়ে শংকৰজ্যোতি বৰুৱাক দাগী অপৰাধিৰ দৰে ব্যৱহাৰ কৰাত গৰিহণা জনাইছো। আইল ইণ্ডিয়া কৰ্তৃপক্ষই অসমত অনা অসমীয়াক প্ৰতিষ্ঠান চলাবলৈ বৰপীৰা পাৰি দিছে। এই নীতি অইল ইণ্ডিয়াই বন্ধ কৰিব লাগিব। অসমীয়াৰ লগত মিলি ইয়াত প্ৰতিষ্ঠান চলালে আমাৰ ক’ব লগা নাছিল। কিন্তু অসমীয়াৰ ওপৰত মাধমাৰ শোধাই যি কাম কৰাৰ চেষ্টা চলাইছে তাক আমি ধিক্কাৰ জনাইছো। অইলে বহিৰাগতক যি নিবিদা দিছিল তাক বাতিল কৰিবলৈ আহ্বান জনাইছো। আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক আক্ৰোশমূলক ভাৱে জেললৈ আৰক্ষীয়ে প্ৰেৰণ কৰিছে তাক আমি গৰিহণা দিছো লগতে তেওঁক মুকলি কৰি দিবলৈ আহ্বান জনাইছো । নহ’লে ইয়াতকৈ ভয়ংকৰ গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিম বুলি হুংকাৰ প্ৰদান কৰে সভাপতি গৰাকীয়ে।

অসম চৰকাৰ আৰু অসম আৰক্ষী বৰ্তমান নাগপুৰৰ আশীষ ধন্য হৈ চলি আছে :-

দুলীয়াজান অইলৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ সন্মুখত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড়, তিনিচুকীয়া আৰু চৰাইদেউ জিলা সমিতিয়ে কৰা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সহ- সম্পাদক
শিৱ কলিতাই কয়, “বি.এন.সিঙ পে’ল্টল পাম্প চাৰ্ভিচ ষ্টেচনত যি লীজত দিয়া প্ৰক্ৰিয়া আছিল তাক বাতিল কৰিব লাগে। অইল ইণ্ডিয়া কৰ্তৃপক্ষই এই পেট্ৰল পাম্প বন্ধ কৰাৰ লগতে অইল ইণ্ডিয়াৰ আঁচনি সমূহ অসমৰ ৰাইজৰ সুবিধা হোৱাকৈ কাৰ্যকৰী কৰিব লাগিব।

বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদত দুলীয়াজানৰ বি এন সিং পেট্ৰ’ল ডিপো বন্ধ কৰি দিলে প্ৰশাসনে। ঘটনা সন্দৰ্ভত ন্যায়িক তদন্ত ঘোষণা প্ৰশাসনৰ।

ACA Women’s Challenger Trophy: ২২ মে’ৰ পৰা হ’ব অসম ক্ৰিকেট সন্থাৰ এচিএ মহিলা চেলেঞ্জাৰ ট্ৰফীৰ খেল

ACA Women's Challenger Trophy: ২২ মে'ৰ পৰা হ'ব অসম ক্ৰিকেট সন্থাৰ এচিএ মহিলা চেলেঞ্জাৰ ট্ৰফীৰ খেল
ACA Women's Challenger Trophy: ২২ মে'ৰ পৰা হ'ব অসম ক্ৰিকেট সন্থাৰ এচিএ মহিলা চেলেঞ্জাৰ ট্ৰফীৰ খেল

অসম ক্ৰিকেট সন্থাই ৰাজ্যৰ শ্ৰেষ্ঠ(ACA Women’s Challenger Trophy) মহিলা ক্ৰিকেট প্ৰতিভা প্ৰদৰ্শন হব পৰাকৈ অহা ২২ মে’ৰপৰা ৫০ অভাৰৰ এ চি এ উইমেনছ চেলেঞ্জাৰ ট্ৰফী প্ৰতিযোগিতা আয়োজনৰ কথা ঘোষণা কৰিছে । ২৬ মে’লৈ হ’বলগীয়া প্ৰতিযোগিতাত দৈনিক দুখনকৈ খেল অনুষ্ঠিত হ’ব । খেলবোৰ বৰ্ষাপাৰাৰ এচিএ ষ্টেডিয়াম সংলগ্ন খেলপথাৰ আৰু উত্তৰ গুৱাহাটীৰ ফুলুংস্থিত এচিএ ক্ৰিকেট একাডেমী খেলপথাৰত হব ।

অংশগ্ৰহণকাৰী দল চাৰিটা হৈছে – ডিগাৰু বীৰাংগনাছ, কপিলী প্ৰিন্সেছ, বৰাক কুইন্স আৰু সোৱণশিৰি চেম্পছ । লীগ পৰ্যায়ৰ খেলৰ পিছত শীৰ্ষৰ দুটা দল ফাইনেললৈ আগবাঢ়িব । এচিএ ষ্টেডিয়ামৰ সংলগ্ন খেলপথাৰত ২৬ মে’ত ফাইনেল খেল অনুষ্ঠিত হব ।

এই প্ৰতিযোগিতাই অসমত মহিলা ক্ৰিকেটৰ প্ৰসাৰ আৰু বিকাশৰ বাবে থকা এ চি এৰ অবিৰত দায়বদ্ধতাক প্ৰতিফলিত কৰিছে, যিয়ে উঠি অহা খেলুৱৈসকলক তেওঁলোকৰ দক্ষতা প্ৰদৰ্শন আৰু মূল্যৱান প্ৰতিযোগিতামূলক অভিজ্ঞতা লাভৰ বাবে এক শক্তিশালী মঞ্চ প্ৰদান কৰিছে । অসম ক্ৰিকেট সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰীতম মহন্তই জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ ।

Sankor Jyoti Baruah: শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱাৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত ক্ষোভ বিভিন্নজনৰ

Sankor Jyoti Baruah: শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱাৰ বিৰুদ্ধে ছ'চিয়েল মিডিয়াত ক্ষোভ বিভিন্নজনৰ
Sankor Jyoti Baruah: শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱাৰ বিৰুদ্ধে ছ'চিয়েল মিডিয়াত ক্ষোভ বিভিন্নজনৰ

আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰে ডিব্ৰুগড় আৰক্ষীয়ে সোমবাৰে।(Sankor Jyoti Baruah) 

দুলীয়াজান থানাত ৰুজু হোৱা গোচৰৰ সৈতে জড়িত আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰা হয়।

দেওবাৰে তেওঁক আৰক্ষীয়ে জেৰাৰ বাবে উঠাই লৈ যায় আৰু পৰৱৰ্তী সময়ত তেওঁক জিম্মাত লৈ যায়।

ভাৰতীয় ন্যায় সংহিতা (বিএনএছ) ২০২৩ৰ তলত উল্লেখ কৰা ধাৰাসমূহৰ অধীনত দুলীয়াজান পি এছ গোচৰ নং ৯০/২০২৫ হিচাপে পঞ্জীয়ন কৰা হৈছে।


১৯৬(১)(ক), ১৯৬(১)(খ), ১৯৭(১)(খ), ১৯৭(১)(গ), ১৯৭(১)(ঘ), ৩(৫), ৩৫২, ৩৫৩(১)(খ), ৩৫৩(১)(গ), আৰু ৩৫৩(২)। অধিক তদন্ত চলি আছে বৰ্তমানো।

দুলীয়াজানৰ এটা পে’ট্ৰল পাম্পৰ এক অবাঞ্ছিত ঘটনাৰ অভিযোগত প্ৰাক্তন আছুনেতা শংকৰজ্যোতি বৰুৱাই দুলীয়াজান থানাত ৰুজু হোৱা ৯০/২৫ নম্বৰ গোচৰত জামিন লাভ কৰিলেও একেখন থানাত ৰুজু হোৱা ৮৯/২৫ নম্বৰৰ গোচৰটোৰ জামিন আবেদন প্ৰক্ৰিয়া সময়ৰ অভাৱত আৰম্ভ কৰিব নোৱাৰাত কাৰাগাৰতে থাকিব লগা হয় শংকজ্যোতি বৰুৱা।

ইফালে শংকৰক অপৰাধী দৰে হেণ্ডকাফ লগোৱা কাৰ্যক গৰিহণা দি সামাজিক মাধ্যম তথা সংবাদ মাধ্যমত জাঙোৰ খাই উঠিছে একাংশ। ডিব্ৰুগড় আৰক্ষীৰ এনে কাৰ্যক গৰিহণা দিছে ।

এই বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।


আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱাক লৈ জাঙুৰ খাই উঠিছে দল-সংগঠনো। কাৰ ষড়যন্ত্ৰৰ বলি হৈ আৰক্ষীয়ে শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগাইছিল সেই কথা স্পষ্ট কৰাৰ দাবী তাই আহোম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ।

আনহাতে শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱাৰ বিৰুদ্ধে শিল্পী ৰিছা ভৰদ্বাজৰো প্ৰতিবাদী পোষ্ট ছ’চিয়েল মিডিয়াত।

Assam Major Ranking Table Tennis: অসমৰ ১১ বছৰৰ অনূৰ্ধত চেম্পিয়ন গুৱাহাটীৰ জেনিছা বিপুল

Assam Major Ranking Table Tennis: অসমৰ ১১ বছৰৰ অনূৰ্ধত চেম্পিয়ন গুৱাহাটীৰ জেনিছা বিপুল
Assam Major Ranking Table Tennis: অসমৰ ১১ বছৰৰ অনূৰ্ধত চেম্পিয়ন গুৱাহাটীৰ জেনিছা বিপুল

গুৱাহাটীৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ পেডেলাৰ জেনিছা বিপুলে শিলচৰত দেওবাৰে সামৰি পৰা সদৌ অসম মেজৰ ৰেংকিং টেবুল টেনিছ প্ৰতিযোগিতাত (১১ বছৰৰ অনূৰ্ধত) চেম্পিয়ন খিতাপ অৰ্জন কৰে।(Assam Major Ranking Table Tennis)

ফাইনেলত জেনিছাই আফৰিন তানভি হুছেইনক ৩-২ শ্বেটত পৰাস্ত কৰে। ১৩ বছৰ আৰু ১৫ বছৰৰ অনূৰ্ধতো অসমৰ বহু আগশাৰীৰ খেলুৱৈক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেল পৰ্যন্ত খেলিছিল জেনিছা বিপুলে।

গুৱাহাটীৰ খানাপাৰাৰ পিএম শ্ৰী কেন্দ্ৰীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী জেনিছাই নয়দাৰ আনছুল গাৰ্গ একাডেমীত অলিম্পিয়ান প্ৰশিক্ষক আনছুল গাৰ্গৰ তত্বাৱধানত আৰু গুৱাহাটীত থকা অৱস্থাত খানাপাৰাৰ স্মেচাৰ্চ কেটিটিএনত প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ টেবুল টেনিছ খেলুৱৈ মানস প্ৰতীম দাসৰ আধিনত অনুশীলন চলায়।

উল্লেখযোগ্য যে ১১ বছৰৰ অনূৰ্ধত জেনিছাৰ ভাৰতবৰ্ষত ৰেংকিং হ’ল অষ্টম আৰু অসমৰ ৰেংকিং নম্বৰ এক।

11 new conditions: ১১টা চৰ্ত বান্ধি দিলে আই এম এফেঃ মহা বিপদত পৰিছে পাকিস্তান

11 new conditions: ১১টা চৰ্ত বান্ধি দিলে আই এম এফেঃ মহা বিপদত পৰিছে পাকিস্তান
11 new conditions: ১১টা চৰ্ত বান্ধি দিলে আই এম এফেঃ মহা বিপদত পৰিছে পাকিস্তান

মহা বিপদত পৰিছে পাকিস্তান৷ পাকিস্তানৰ অৰ্থনীতি পতনৰ পথত৷ দেশত(11 new conditions) ঋণৰ বোজা ক্ৰমে বাঢ়ি গৈছে৷ শ্বাহবাজ শ্বৰীফ চৰকাৰে সন্ত্ৰাসবাদীক সম্পূৰ্ণ উৎসাহেৰে সমৰ্থন কৰি আহিছে৷ এনে পৰিস্থিতিত আই এম এফে পাকিস্তানক নতুন ঋণ প্ৰদানৰ বাবে ১১টা চৰ্ত দিছে৷ এই চৰ্তসমূহৰ বিষয়ত সহমত হ’লেহে পাকিস্তানে ততালিকে প্ৰায় এক বিলিয়ন ডলাৰ লাভ কৰিব৷ ইয়াৰ ফলত বেইলআউট পেকেজৰ অধীনত তেওঁলোকৰ মুঠ ঋণ ২.ৰ বিলিয়ন ডলাৰ হ’ব৷ আৰ এছ এফৰ অধীনত আৰু ৰ.চ্ছ্ৰ বিলিয়ন ডলাৰ দিবলৈও সন্মতি প্ৰকাশ কৰিছে আই এম এফে৷ আই এম এফে পাকিস্তানৰ ওপৰত জাৰি কৰা ১১টা নতুন চৰ্তৰ ভিতৰত এটা উল্লেখযোগ্য চৰ্ত হ’ল পাকিস্তান চৰকাৰে ২০২৫-চ্ছ বিত্তীয় বৰ্ষৰ বাজেট সংসদত গৃহীত কৰিব লাগিব৷ ইয়াৰ সমান্তৰালকৈ ইছলামবাদ কৃষি খণ্ডত আয়কৰ সংস্কাৰ সাধন কৰিবলৈ বাধ্য হ’ব৷ ইয়াৰ লগতে পাকিস্তানে গভৰ্ণেন্স একচন প্লেন প্ৰকাশ কৰিবলৈ বাধ্য হ’ব৷ ইয়াৰ পূৰ্বে আই এম এফে পাকিস্তানৰ ওপৰত এই ঋণৰ বাবে ৪৯টা চৰ্ত আৰোপ কৰিছিল৷

খবৰ অনুসৰি সেই সংখ্যা ৫০লৈ বৃদ্ধি পাইছে৷ চৰ্ত পূৰণ নকৰিলে পৰৱৰ্তী কিস্তি মুকলি নকৰাৰো পাকিস্তানক সকীয়নি দিছে আইএমএফে৷পাকিস্তানৰ ওপৰত জাৰি কৰা নতুন চৰ্তসমূহৰ ভিতৰত আছে ১৭.৬ ট্ৰিলিয়ন পুঁজিৰ নতুন বাজেটত সংসদীয় অনুমোদন, বিদু্যতৰ বিলৰ ঋণ পৰিশোধৰ ছাৰ্চাৰ্জ বৃদ্ধি আৰু ৩ বছৰতকৈ অধিক পুৰণি ব্যৱহৃত বাহন আমদানিৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ৷ আই এম এফয়ে প্ৰকাশ কৰা ষ্টাফ লেভেলৰ প্ৰতিবেদনত কোৱা হৈছে যে ‘ভাৰত আৰু পাকিস্তানৰ মাজত বৃদ্ধি পোৱা উত্তেজনা যদি স্থায়ী হয় বা অধিক অৱনতি ঘটে তেন্তে কাৰ্যসূচীৰ বিত্তীয়, বহিঃ আৰু সংস্কাৰৰ লক্ষ্যৰ প্ৰতি বিপদ বৃদ্ধি কৰিব পাৰে’৷ প্ৰতিবেদনত কোৱা হৈছে যে বিগত দুসপ্তাহত পাকিস্তান আৰু ভাৰতৰ মাজত উত্তেজনা যথেষ্ট বৃদ্ধি পাইছে যদিও এতিয়ালৈকে বজাৰৰ প্ৰতিক্ৰিয়া সামান্য দেখা গৈছে৷

শ্বেয়াৰ বজাৰে শেহতীয়া লাভৰ বেছি ভাগেই ধৰি ৰাখিছে আৰু বিস্তাৰ মধ্যমীয়াভাৱে বিস্তৃত হৈছে৷ আই এম এফৰ প্ৰতিবেদনত অহা বিত্তীয় বৰ্ষৰ প্ৰতিৰক্ষা বাজেট ২.৪১৪ ট্ৰিলিয়ন টকা দেখুওৱা হৈছে, যিটো ২৫২ বিলিয়ন টকা বা ১২ শতাংশ বেছি৷