দেওবাৰে দৰঙৰ বিশ্ব হিন্দু পৰিষদে দৰং জিলা সাহিত্য সভাৰ কাৰ্যালয় লৈ গৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে। অসম সাহিত্য সভাৰ সকলো কাৰ্যসূচীৰ পৰা, কিতাপ প্ৰকাশৰ পৰা ইছমাইল হুছেইনক বিৰত ৰাখিবলৈ দাবী কৰে, ইছমাইল হুছেইনে যাতে অসম সাহিত্য সভাৰ প্লেট ফৰ্ম খন ব্যৱহাৰ কৰিব নোৱাৰে তাৰ ব্যৱস্থা ল’বলৈও দাবী কৰে বিশ্ব হিন্দু পৰিষদে।
দৰঙ জিলা সাহিত্য সভাৰ সভাপতি সম্পাদকে এই বিষয়ে আলোচনা কৰাৰ আশ্বাস প্ৰদান কৰে। পৰৱৰ্তী সময়ত অসম সাহিত্য সভাই ইছলাম হুছেইনৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব ৷
Hyderabad: ভয়ংকৰ অগ্নিকাণ্ডত নিহত ১৭ জন, নিহত আত্মীয়লৈ ২ লাখ টকা ঘোষণা প্ৰধানমন্ত্ৰীৰ
দেওবাৰে পুৱা হায়দৰাবাদৰ চাৰ্মিনাৰৰ সমীপৰ গুলজাৰ (Hyderabad)হাউচত সংঘটিত হয় এক বৃহৎ অগ্নিকাণ্ড। এই পৰ্যন্ত ১৭ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত হৈছে আৰু কেইবাজনো আহত হৈছে। অগ্নিকাণ্ডৰ খবৰ পোৱাৰ পিছতে ১২ খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হয়।
বিশ্বলৈ ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী বাৰ্তা কঢ়িয়াই নিব ৭ গৰাকী সাংসদে।(Anti-Terror Message) পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু পৰৱৰ্তী সময়ত ভাৰতে চলোৱা অপাৰেচন সিন্দূৰৰ পিছত কেন্দ্ৰই প্ৰধান অংশীদাৰ ৰাষ্ট্ৰসমূহলৈ ৭জনীয়া সৰ্বদলীয় প্ৰতিনিধি দল প্ৰেৰণ কৰিব। সাংদেৰে গঠিত এই প্ৰতিনিধি দলটোক বিশ্বৰ সন্মুখত ভাৰত স্থিতি “সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা” প্ৰচাৰ কৰাৰ লগতে এই বিষয়ত চৰকাৰে “ৰাষ্ট্ৰীয় সহমত” বুলি কোৱা কথাটো বিশ্বৰ গুৰুত্বপূৰ্ণ দেশ সমূহৰ আগত উপস্থাপন কৰাৰ দায়িত্ব দিয়া হৈছে।
২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে এই কূটনৈতিক প্ৰচাৰ চলাইছে য’ত ২৬ জন লোকৰ মৃত্যু হৈছিল। ভাৰতৰ সামৰিক সঁহাৰি অপাৰেচন সিন্দূৰত পাকিস্তান আৰু পাকিস্তান দখল কৰা কাশ্মীৰত সন্ত্ৰাসবাদী আন্তঃগাঁথনিৰ ওপৰত আক্ৰম কৰা হৈছিল।
প্ৰতিনিধি দলৰ নেতৃত্ব দিয়া সাংসদসকল কোন?
শশী থাৰুৰ, কংগ্ৰেছঃ শশী থাৰুৰক এই দলত সামৰি লোৱা হৈছে। আন্তঃৰাষ্ট্ৰীয় প্ৰসংগত থাৰুৰৰ বেছ নাম আছে।
ISRO: বিফল হ'ল ISROৰ ১০১ সংখ্যক কৃত্ৰিম উপগ্ৰহৰ উৎক্ষেপণ
সফল নহ’ল ISROৰ ১০১ সংখ্যক কৃত্ৰিম উপগ্ৰহৰ উৎক্ষেপণ। (ISRO)
চাৰিটা পৰ্যায়যুক্ত PSLV-C61ৰ তৃতীয় পৰ্যায়ত লাগিল বেমেজালি।
Today 101st launch was attempted, PSLV-C61 performance was normal till 2nd stage. Due to an observation in 3rd stage, the mission could not be accomplished.
১৭ মে'২০২৫ঃ india and china । বিশ্ব অৰ্থনীতিৰ লৰচৰ কৰা অৱস্থাৰ মাজতো ভাৰতত এতিয়াও আশাৰ ৰেঙণি দেখা গৈছে। ৰাষ্ট্ৰসংঘই কয় যে এইবাৰো ভাৰতে বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা বৃহৎ অৰ্থনীতি হিচাপে নিজৰ স্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হ’ব। চলিত বিত্তীয় বৰ্ষত ভাৰতৰ বৃদ্ধিৰ হাৰ ৬.৩ শতাংশ হ’ব বুলি ৰাষ্ট্ৰসংঘই আশা কৰিছে।
১৭ মে’২০২৫ঃ india and china । বিশ্ব অৰ্থনীতিৰ লৰচৰ কৰা অৱস্থাৰ মাজতো ভাৰতত এতিয়াও আশাৰ ৰেঙণি দেখা গৈছে। ৰাষ্ট্ৰসংঘই কয় যে এইবাৰো ভাৰতে বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা বৃহৎ অৰ্থনীতি হিচাপে নিজৰ স্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হ’ব। চলিত বিত্তীয় বৰ্ষত ভাৰতৰ বৃদ্ধিৰ হাৰ ৬.৩ শতাংশ হ’ব বুলি ৰাষ্ট্ৰসংঘই আশা কৰিছে।