Home Blog Page 176

চীন-আমেৰিকাতকৈও বেছি! চলিত বছৰত ভাৰতৰ অৰ্থনৈতিক বৃদ্ধি ৬.৩ শতাংশ হ’ব বুলি ৰাষ্ট্ৰসংঘৰ অনুমান ।India and China

চীন-আমেৰিকাতকৈও বেছি! চলিত বছৰত ভাৰতৰ অৰ্থনৈতিক বৃদ্ধি ৬.৩ শতাংশ হ’ব বুলি ৰাষ্ট্ৰসংঘৰ অনুমান ।India and China
১৭ মে'২০২৫ঃ india and china । বিশ্ব অৰ্থনীতিৰ লৰচৰ কৰা অৱস্থাৰ মাজতো ভাৰতত এতিয়াও আশাৰ ৰেঙণি দেখা গৈছে। ৰাষ্ট্ৰসংঘই কয় যে এইবাৰো ভাৰতে বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা বৃহৎ অৰ্থনীতি হিচাপে নিজৰ স্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হ’ব। চলিত বিত্তীয় বৰ্ষত ভাৰতৰ বৃদ্ধিৰ হাৰ ৬.৩ শতাংশ হ’ব বুলি ৰাষ্ট্ৰসংঘই আশা কৰিছে।

১৭ মে’২০২৫ঃ india and china । বিশ্ব অৰ্থনীতিৰ লৰচৰ কৰা অৱস্থাৰ মাজতো ভাৰতত এতিয়াও আশাৰ ৰেঙণি দেখা গৈছে। ৰাষ্ট্ৰসংঘই কয় যে এইবাৰো ভাৰতে বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা বৃহৎ অৰ্থনীতি হিচাপে নিজৰ স্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হ’ব। চলিত বিত্তীয় বৰ্ষত ভাৰতৰ বৃদ্ধিৰ হাৰ ৬.৩ শতাংশ হ’ব বুলি ৰাষ্ট্ৰসংঘই আশা কৰিছে।

ৰাষ্ট্ৰসংঘৰ বিশ্ব অৰ্থনৈতিক দৃষ্টিভংগীৰ শেহতীয়া তথ্য অনুসৰি ভাৰতৰ বৃদ্ধিৰ কাৰণ হৈছে ঘৰুৱা ব্যয়, কঠিন চৰকাৰী বিনিয়োগ আৰু বৰ্ধিত সেৱাৰ ৰপ্তানি। জানুৱাৰী মাহত ৬.৬ শতাংশ বৃদ্ধিৰ অনুমানত সামান্য সংশোধন কৰা হৈছে যদিও ভাৰত এতিয়াও আন ডাঙৰ অৰ্থনীতিতকৈ আগবাঢ়ি আছে বুলি ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰে।

ভাৰতৰ অৰ্থনীতি অহা বছৰ ৬.৪ শতাংশ বৃদ্ধি পাব বুলি আশা কৰা হৈছে যদিও পূৰ্বৰ আশাতকৈ এই পৰিমাণ কিছু কম।বৰ্ধিত বাণিজ্যিক উত্তেজনা আৰু নীতিগত অনিশ্চয়তাৰ উদ্ধৃতি দি ৰাষ্ট্ৰসংঘই কয় যে বিশ্ব অৰ্থনীতি অনিশ্চিত মুহূৰ্তত আছে। পূৰ্বতে অনুমান কৰাতকৈ বহু দেশৰ বৃদ্ধিৰ গতি এতিয়া লেহেমীয়া হ’ব বুলি আশা কৰা হৈছে। প্ৰসংগক্ৰমে আন প্ৰধান অৰ্থনীতিৰ তুলনাত ভাৰতৰ পৰিসংখ্যা আকৰ্ষণীয় হৈ পৰা দেখা গৈছে। চীনৰ বৃদ্ধি ৪.৬ শতাংশ, আমেৰিকাৰ ১.৬ শতাংশ, জাপান ০.৭ শতাংশ আৰু ইউৰোপীয় সংঘৰ মাত্ৰ ১ শতাংশ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। জাৰ্মানীতো -০.১ শতাংশ ঋণাত্মক বৃদ্ধি হ’ব পাৰে।

ভাৰতৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই ব্যৰ্থ কৰিছিল ৬০০ৰো অধিক পাকিস্তানী ড্ৰোন আক্ৰমণ ।Sudarshan 

ভাৰতৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই ব্যৰ্থ কৰিছিল ৬০০ৰো অধিক পাকিস্তানী ড্ৰোন আক্ৰমণ ।Sudarshan 
ভাৰতৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই ব্যৰ্থ কৰিছিল ৬০০ৰো অধিক পাকিস্তানী ড্ৰোন আক্ৰমণ ।Sudarshan 

১৭ মে’২০২৫ঃ Sudarshan  । ভাৰতৰ অপাৰেচন সিন্দূৰৰ পিছত ইটোৰ পিছত সিটো আক্ৰমণ কৰিছিল পাকিস্তানে । কিন্তু ভাৰতৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই সকলো আক্ৰমণৰ চেষ্টা বিফল কৰি পেলায় । ভাৰতৰ বিৰুদ্ধে ৬০০ৰো অধিক পাকিস্তানী ড্ৰ’ন নিক্ষেপ কৰা হৈছিল । এই কথা প্ৰকাশ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক সূত্ৰই।সূত্ৰ অনুসৰি ভাৰতে অভিযানৰ লগে লগে নিয়ন্ত্ৰণ ৰেখাৰ কাষত এয়াৰ ডিফেন্স চিষ্টেম সক্ৰিয় কৰে।

‘সুদৰ্শন চক্ৰ’ ত ১০০০টা বিমান বিৰোধী বন্দুক আৰু ৭৫০টা চুটি দূৰত্বৰ পৃষ্ঠৰ পৰা বায়ুলৈ ক্ষেপণাস্ত্ৰও নিয়োগ কৰা হৈছিল। কোৱা বাহুল্য যে সঠিক সময়ত ভাৰতৰ ফালে নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰ ধ্বংস কৰিবলৈ সক্ষম ‘আকাশ তিৰ’ ব্যৱস্থাই তেওঁলোকৰ ফলপ্ৰসূতা আৰু অধিক বৃদ্ধি কৰে। কেৱল সেয়াই নহয়, ভাৰতৰ এয়াৰ ডিফেন্স চিষ্টেমৰ এটা মূল উপাদান হৈছে এল-৭০ এয়াৰ ডিফেন্স গান, জু-২৩এম এম গান, চিলকা গান চিষ্টেম ইত্যাদি।প্ৰসংগক্ৰমে কিছু মাহৰ আগতে আকাশ তীৰ প্ৰকল্পৰ অধীনত আকাশতীৰ আৰু ইন্টিগ্ৰেটেড এৰিয়েল কমাণ্ড এণ্ড কণ্ট্ৰল চিষ্টেম সংযোজন কৰা হৈছিল।মন কৰিবলগীয়া যে ২২ এপ্ৰিলত লস্কৰৰ টি আৰ এফৰ ৫ টা সন্ত্ৰাসবাদীয়ে পহলগামত ২৬ জন নিৰস্ত্ৰ লোকক হত্যা কৰিছিল। ভাৰতে ৭ মে’ৰ পুৱা আৰু নিশা পাকিস্তানৰ বিৰুদ্ধে অভিযান চলাইছিল।

পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত থকা ৯টা সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰা হৈছিল। ইয়াৰ পিছতে পাকিস্তানে ভাৰতৰ সীমান্তৱৰ্তী ৰাজ্যসমূহৰ জনবসতিপূৰ্ণ এলেকা আৰু সামৰিক ঘাটিসমূহত আক্ৰমণ কৰিছিল। ভাৰতে কেৱল এই আক্ৰমণক প্ৰতিহত কৰাই নহয়, প্ৰতিশোধো লয়। ইয়াৰ ফলত পাকিস্তানৰ কেইবাটাও বিমান ঘাটি ধ্বংস হৈছে। খবৰ অনুসৰি এতিয়ালৈকে ভাৰতীয় সেনাৰ অভিযানত ১০০ৰো অধিক উগ্ৰপন্থী আৰু ৩৫-৪০জন পাকিস্তানী জোৱান নিহত হৈছে।

গাজাত ইজৰাইলৰ অবিৰত বিমান আক্ৰমণ! ড্ৰোন আৰু মিছাইল আক্ৰমণত নিহত ১৪৬ জন । Attack Gaza

গাজাত ইজৰাইলৰ অবিৰত বিমান আক্ৰমণ! ড্ৰোন আৰু মিছাইল আক্ৰমণত নিহত ১৪৬ জন । Attack Gaza
গাজাত ইজৰাইলৰ অবিৰত বিমান আক্ৰমণ! ড্ৰোন আৰু মিছাইল আক্ৰমণত নিহত ১৪৬ জন । Attack Gaza

১৭ মে’২০২৫ঃ Attack Gaza । গাজাত ইজৰাইলৰ আক্ৰমণত ২৪ ঘণ্টাত ১৪৬ জন লোকৰ মৃত্যু হৈছে। লগতে প্ৰায় ৪৫০ জন লোক আহত হয়। শেহতীয়াকৈ ইজৰাইলে গাজাত আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে। ধাৰাবাহিকভাৱে ড্ৰ’ন আৰু মিছাইল আক্ৰমণ আকাশত সংঘটিত হৈ আছে।

শুকুৰবাৰে নিশাৰে পৰা গাজা ষ্ট্ৰিপত ইজৰাইলৰ আক্ৰমণত কমেও ১৪৬ জন পেলেষ্টাইনী নিহত হৈছে। গাজাৰ স্থানীয় স্বাস্থ্য কৰ্তৃপক্ষৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত শনিবাৰে এই কথা প্ৰকাশ কৰিছ সংবাদ সংস্থাই। যোৱা বৃহস্পতিবাৰৰ পৰা ইজৰাইলৰ বাহিনীয়ে গাজাত বিমান আক্ৰমণ চলাই আহিছে। বৃহস্পতিবাৰে নিশা নগৰত ড্ৰ’ন আৰু মিছাইল আক্ৰমণৰ ফলত শুকুৰবাৰে ১৪৩ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।উত্তৰ গাজাৰ মাৰৱান আল চুলতান চহৰৰ এখন চিকিৎসালয়ৰ কৰ্তৃপক্ষই জনোৱা মতে, মাজনিশাৰ পৰা ৫৮টা মৃতদেহ চিকিৎসালয়খনত উপস্থিত হৈছে। অৱশ্যে এই ধ্বংসাৱশেষৰ তলত আৰু বহু মৃতদেহ আবদ্ধ হৈ পৰিব পাৰে বুলি আশংকা কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই। চিকিৎসালয়খনত এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হৈছে। গাজাৰ স্বাস্থ্য কৰ্তৃপক্ষই জনোৱা মতে, যোৱা ২৪ ঘন্টাত ইজৰাইলৰ আক্ৰমণত প্ৰায় ৪৫০ জন লোক আহত হৈছে।ইজৰাইল আৰু পেলেষ্টাইন সমৰ্থক সশস্ত্ৰ সংগঠন হামাছৰ মাজত হোৱা যুদ্ধই প্ৰতিদিনে গাজা ষ্ট্ৰিপত দাগ পেলাইছে। প্ৰায় ডেৰ বছৰ ধৰি গাজাৰ বিধ্বংসী অৱস্থা। অস্থায়ী যুদ্ধবিৰতিৰ প্ৰথম পৰ্যায়ৰ অন্ত পৰাৰ পৰাই ইজৰাইলে গাজাত পুনৰ সামৰিক অভিযান আৰম্ভ কৰিছে। ৫ মে’ত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে ঘোষণা কৰিছিল যে ইজৰাইলৰ বাহিনীয়ে হামাছৰ বিৰুদ্ধে অধিক তীব্ৰ আক্ৰমণৰ পৰিকল্পনা কৰিছে। শুকুৰবাৰে ইজৰাইলৰ বাহিনীয়ে উত্তৰ গাজা ষ্ট্ৰিপৰ বেইট লাহিয়া আৰু জাবালিয়া চহৰত আক্ৰমণ কৰে। ইয়াৰ পিছত গাজাবাসীক দক্ষিণৰ চহৰৰ ফালে যাবলৈ নিৰ্দেশ দিয়া হয়। কিন্তু সাধাৰণ গাজাৰ বাসিন্দাসকলে অভিযোগ কৰে যে ইজৰাইলৰ টেংকসমূহো দক্ষিণৰ খান ইউনিছ চহৰৰ দিশে আগবাঢ়িছে বুলি খবৰ আহিছে।

সৰ্বদলীয় প্ৰতিনিধি দলত স্থান লাভ নকৰিলে গৌৰৱ গগৈয়ে । Garuva Gogi and Himanta Biswa Sarma

সৰ্বদলীয় প্ৰতিনিধি দলত স্থান লাভ নকৰিলে গৌৰৱ গগৈয়ে । Garuva Gogi and Himanta Biswa Sarma
সৰ্বদলীয় প্ৰতিনিধি দলত স্থান লাভ নকৰিলে গৌৰৱ গগৈয়ে । Garuva Gogi and Himanta Biswa Sarma

১৭ মে’২০২৫ঃ Garuva Gogi and Himanta Biswa Sarma । অৱশেষত সফল হল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা। সাংসদ গৌৰৱ গগৈক সৰ্বদলীয় প্ৰতিনিধি দলত স্থান দিব বুলি কথা প্ৰচাৰ হোৱাৰ পিছতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে এক্সত সৰব হৈ পৰিছিল । তেওঁ আনকি ৰাহুল গান্ধীক এই বিষয়ত সচেতন হবলৈ আহ্বান জনাইছিল। ইয়াৰ পিছতে আজি দেখা গল দলটোত গৌৰৱ গগৈক স্থান দিয়া হোৱা নাই। ভাৰতৰ স্থিতি স্পষ্ট কৰিবলৈ বিদেশলৈ পঠিয়াবলগীয়া সৰ্বদলীয় প্ৰতিনিধি দলত গৌৰৱ গগৈৰ নাম উল্লেখ কৰাক লৈ কংগ্ৰেছক সমালোচনা কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

উল্লেখ্য যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ ভাৰতৰ শক্তিশালী বাৰ্তা বিশ্ববাসীলৈ আগবঢ়াই নিবলৈ সৰ্বদলীয় প্ৰতিনিধি দলৰ বাবে কংগ্ৰেছৰ তৰফৰ পৰা দিয়া তালিকাক লৈ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে । বিশেষকৈ কংগ্ৰেছৰ তালিকাখনত সাংসদ গৌৰৱ গগৈৰ নামটো থকাত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই । শনিবাৰে সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রীয়ে ভাৰত চৰকাৰৰ এই অতি গুৰুত্বপূৰ্ণ কাৰ্যসূচীত সাংসদ গৌৰৱ গগৈক অন্তৰ্ভুক্ত নকৰাৰ বাবে বিৰোধী দলৰ নেতা ৰাহুল গান্ধীৰ প্ৰতি অনুৰোধ জনায় । অৱশ্যে মুখ্যমন্ত্রীয়ে সাংসদ গৌৰৱ গগৈৰ নামটো প্ৰত্যক্ষভাৱে উল্লেখ কৰা নাই যদিও পাকিস্তান সংযোগৰ তথ্যৰে তেওঁৰ কথাই কৈছে ।সামজিক মাধ্যমযোগে মুখ্যমন্ত্রীয়ে কয়, “তালিকাখনত নাম উল্লেখ কৰা এগৰাকী সাংসদে (অসমৰ) তেখেত দীৰ্ঘদিন পাকিস্তান ভ্ৰমণ কৰাৰ বিষয়ে অস্বীকাৰ কৰা নাই । খবৰ অনুসৰি দুসপ্তাহ তেওঁ তাত আছিল আৰু বিশ্বাসযোগ্য নথি-পত্ৰৰ পৰা এয়া স্পষ্ট হৈছে যে তেখেতৰ পত্নীয়ে ভাৰতত কাম কৰি থকাৰ সময়ত পাকিস্তানস্থিত এন জি অ’ এটাৰ পৰা দৰমহাৰ নামত ধন লাভ কৰিছিল । বিৰোধী দলৰ নেতা ৰাহুল গান্ধীক আহ্বান জনাইছোঁ যে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থত দলীয় ৰাজনীতিৰ ঊৰ্ধ্বত গৈ এই ব্যক্তিগৰাকীক এনে স্পৰ্শকাতৰ আৰু কৌশলপূৰ্ণ এছাইনমেণ্টত অন্তৰ্ভুক্ত নকৰিব ।”সামাজিক মাধ্যমত মুখ্যমন্ত্রীয়ে ৰাহুল গান্ধীৰ প্ৰতি এই আহ্বান জনাই কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে সামাজিক মাধ্যমত কৰা এটা পোষ্ট সংলগ্ন কৰিছে । যিটো পোষ্টত কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে সংসদীয় পৰিক্ৰমা মন্ত্রী কিৰেণ ৰিজিজুৱে কংগ্ৰেছৰ সভাপতি আৰু বিৰোধী দলপতিৰে কথা পতাৰ বিষয়ে উল্লেখ কৰিছে । য’ত পাকিস্তানৰ সন্ত্রাসবাদৰ বিৰুদ্ধে ভাৰতৰ স্থিতি সম্পৰ্কে বিশ্ববাসীক অৱগত কৰিবৰ বাবে বিদেশলৈ যাবলগীয়া দলটোৰ বাবে কংগ্ৰেছৰ চাৰিগৰাকী সাংসদৰ নাম দিয়াৰ কথা কোৱা হৈছিল । তাৰেই ভিত্তিত বিৰোধী দলপতিয়ে কিৰেণ ৰিজিজুলৈ কংগ্ৰেছৰ চাৰিজনীয়া তালিকা দিছিল । পোষ্টটোত জয়ৰাম ৰমেশে দিয়া চাৰিজনীয়া তালিকাত আছিল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্রী আনন্দ শৰ্মা, সাংসদ তথা উপ-দলপতি গৌৰৱ গগৈ, সাংসদ চৈয়দ নাচিৰ হুছেইন আৰু সাংসদ ৰাজা ব্ৰাৰ । কংগ্ৰেছৰ এই চাৰিজনীয়া তালিকাত সাংসদ গৌৰৱ গগৈৰ নামটো থকাৰ পিছতে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰে । লগতে মুখ্যমন্ত্রীয়ে গৌৰৱ গগৈক এই কাৰ্যসূচীৰ পৰা আঁতৰত ৰখাৰ বাবে ৰাহুল গান্ধীৰ প্ৰতি আহ্বান জনাইছিল ।মন্ত্রী পীযুষ হাজৰিকায়ো গৌৰৱ গগৈক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । সামাজিক মাধ্যমযোগে মন্ত্রী পীযুষ হাজৰিকাই কয়, “এটা গুৰুত্বপূৰ্ণ বিষয় । অপাৰেশ্যন সিন্দূৰৰ পৰিপ্ৰেক্ষিতত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ সন্মিলিত যুঁজৰ বাৰ্তা বিশ্বৰ বিভিন্ন দেশত প্ৰদান কৰিবলৈ ভাৰত চৰকাৰে সৰ্বদলীয় এটি প্ৰতিনিধি মণ্ডল গঠন কৰিছে । ইয়াৰ বাবে কংগ্ৰেছ দলৰ পৰাও প্ৰতিনিধিৰ নাম বিচৰা হৈছিল । আশ্চৰ্যজনকভাৱে কংগ্ৰেছ দলে দাখিল কৰা তালিকাত এনে এগৰাকী সাংসদৰ (অসম) নাম অন্তৰ্ভুক্ত আছে যাৰ পত্নীয়ে পাকিস্তানৰ উচ্চস্তৰীয় নেতৃত্বৰ সৈতে কাম কৰিছিল আৰু এই কথা তেখেতে অস্বীকাৰ কৰা নাই । সাংসদগৰাকীৰ সন্তানো বিদেশৰ নাগৰিক । এই কাৰ্য কৰি কংগ্ৰেছ দলে ভাৰত আৰু ভাৰতীয়সকলৰ সন্মানত আঘাত হানিব খোজাটো অত্যন্ত লজ্জাজনক । পাকিস্তানৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন হোৱা সাংসদৰ নাম এনে গুৰুত্বপূৰ্ণ পদক্ষেপৰ বাবে আগবঢ়োৱাটো কেতিয়াও উচিত নহয় ।”
আনহাতে গৌৰৱ গগৈক লৈ বিতৰ্ক চলি থকাৰ মাজতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ ভাৰতৰ শক্তিশালী বাৰ্তা বিশ্ববাসীলৈ আগবঢ়াই নিবলৈ সৰ্বদলীয় প্ৰতিনিধি দল গঠন সন্দৰ্ভত চৰকাৰে বিবৃতি জাৰি কৰিছে । পি আই বিয়ে দিয়া বিবৃতি অনুসৰি অপাৰেশ্যন সেন্দূৰ আৰু সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ অবিৰত যুঁজৰ প্ৰেক্ষাপটত চলিত মাহৰ শেষৰ ফালে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্যকে ধৰি গুৰুত্বপূৰ্ণ অংশীদাৰ দেশসমূহ ভ্ৰমণ কৰিবলৈ ৭ টা সৰ্বদলীয় প্ৰতিনিধি দলে যাত্ৰা কৰিবলৈ সাজু হৈছে ।

জ্যোতি ৰাণী মালহোত্ৰাক কিয় গ্ৰেপ্তাৰ হ’ল ! Youtuber Jyoti Malhotra

জ্যোতি ৰাণী মালহোত্ৰাক কিয় গ্ৰেপ্তাৰ হ'ল ! Youtuber Jyoti Malhotra
জ্যোতি ৰাণী মালহোত্ৰাক কিয় গ্ৰেপ্তাৰ হ'ল ! Youtuber Jyoti Malhotra

১৭ মে’২০২৫ঃ Youtuber Jyoti Malhotra: পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰিৰ অভিযোগত হাৰিয়ানাৰ ইউটিউবাৰ জ্যোতি মালহোত্ৰাক গ্ৰেপ্তাৰ কৰা হয়। এতিয়ালৈকে পঞ্জাৱ আৰু হাৰিয়ানাৰ মালেৰকোটলাৰ পৰা মুঠ ৬ জন পাকিস্তানী চোৰাংচোৱাক গ্ৰেপ্তাৰ কৰা হৈছে।
জ্যোতি মালহোত্ৰা পাকিস্তান উচ্চায়ুক্তত কৰ্মৰডেনিছ নামৰ এজন বিষয়াৰ সংস্পৰ্শত আছিল আৰু ডেনিছেও তেওঁক পাকিস্তানলৈ প্ৰেৰণ কৰিছিল আৰু তাত বহু গোপন তথ্য শ্বেয়াৰ কৰি আছিল।

জ্যোতি মালহোত্ৰাই নিজাকৈ ট্ৰেভেল চেনেল চলায়।পাকিস্তানলৈ গৈছিল, ভাৰতলৈ উভতি অহাৰ পিছতো যোগাযোগত আছিল, চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ ইউটিউবাৰ জ্যোতি ৰাণী মালহোত্ৰাক।জেৰাৰ সময়ত জ্যোতি মালহোত্ৰাই আৰক্ষীক জনাইছে যে তেওঁৰ ইউটিউবত ‘ট্ৰেভেল উইথ-জো’ নামৰ এটা চেনেল আছে। পাছপ’ৰ্টধাৰী আৰু ২০২৩ চনত পাকিস্তান ভ্ৰমণৰ বাবে ভিছা লাভৰ সৈতে জড়িত পাকিস্তান উচ্চায়ুক্ত দিল্লীলৈ গৈছিল য’ত তেওঁ আহছান-উৰ-ৰহিম ওৰফে ডেনিছক লগ পাইছিল। আহছান-উৰ-ৰহিম ওৰফে ডেনিছৰ মোবাইল নম্বৰটো লৈ তেওঁ কথা পাতিছিল।ইয়াৰ পিছত তেওঁ দুবাৰ পাকিস্তানলৈ গৈছিল য’ত ডেনিছৰ নিৰ্দেশত তেওঁৰ চিনাকি আলী আহৱানক লগ পাইছিল যিয়ে তেওঁৰ থকাৰ আৰু ভ্ৰমণৰ ব্যৱস্থা কৰিছিল। পাকিস্তানত আলী আহোৱানে পাকিস্তানৰ নিৰাপত্তা আৰু চোৰাংচোৱা বিষয়াৰ সৈতে বৈঠকৰ ব্যৱস্থা কৰে।


তাতে তেওঁ ছাকিৰ আৰু ৰানা শ্বাহবাজকো লগ পাইছিল। ছাকিৰৰ মোবাইল নম্বৰটো লৈ জাট ৰাধাৱা নামেৰে মোবাইলত চেভ কৰি ৰাখিলে যাতে কাৰো সন্দেহ নহয়। তাৰ পিছত ভাৰতলৈ উভতি আহিল। তাৰ পিছত হোৱাটছএপ, স্নেপচ্যাট, টেলিগ্ৰামৰ দৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে সকলোৰে সৈতে অহৰহ যোগাযোগ ৰাখি ৰাষ্ট্ৰ বিৰোধী তথ্যৰ আদান-প্ৰদান আৰম্ভ কৰে। এনেবোৰ কথাই এতিয়া আলোড়ণৰ সৃষ্টি কৰিছে।

গুৱাহাটীত ৫৫ হাজাৰ পিএমএৱাই-জি ঘৰৰ গৃহপ্ৰৱেশৰ ভাৰ্চুৱেল অনুষ্ঠানত অংশগ্ৰহণ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে । PMAY-G

গুৱাহাটীত ৫৫ হাজাৰ পিএমএৱাই-জি ঘৰৰ গৃহপ্ৰৱেশৰ ভাৰ্চুৱেল অনুষ্ঠানত অংশগ্ৰহণ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে । PMAY-G
গুৱাহাটীত ৫৫ হাজাৰ পিএমএৱাই-জি ঘৰৰ গৃহপ্ৰৱেশৰ ভাৰ্চুৱেল অনুষ্ঠানত অংশগ্ৰহণ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে । PMAY-G

১৭ মে’২০২৫ঃ অসমৰ গ্ৰাম্য উন্নয়নৰ এক উল্লেখযোগ্য পদক্ষেপ হিচাবে আজি গুৱাহাটীত প্ৰধানমন্ত্ৰী আৱাস যোজনা – গ্ৰামীণ (PMAY-G)ৰ অধীনত ৫৫ হাজাৰ ঘৰৰ ভাৰ্চুৱেল গৃহপ্ৰৱেশ অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় কৃষি, কৃষক কল্যাণ আৰু গ্ৰামোন্নয়ন দপ্তৰৰ মন্ত্ৰীশিৱৰাজ সিং চৌহানে। এই উপলক্ষৰ সৈতে সংগতি ৰাখি শ্ৰী চৌহানে চলিত বিত্তীয় বৰ্ষৰ বাবে পিএমএৱাই-জিৰ অধীনত অসমৰ বাবে আৰু ৩.৭৬ লাখ ঘৰ অনুমোদন জনোৱাৰ কথাও ঘোষণা কৰে।

সভাত ভাষণ দি চৌহানে গ্ৰাম্য আন্তঃগাঁথনি বৃদ্ধি আৰু সমাজৰ প্ৰান্তীয় সম্প্ৰদায়ৰ জীৱনৰ মান উন্নত কৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিৰ বিষয়ত আলোকপাত কৰে। প্ৰধানমন্ত্ৰী আৱাস যোজনা – গ্ৰামীণ (PMAY-G)ৰ অধীনত ২০ লাখ ঘৰ সম্পূৰ্ণ কৰি অসমে উল্লেখযোগ্য সাফল্ লাভ কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰশংসা কৰে। অনুষ্ঠানৰ অংশ হিচাপে ঘৰ নিমাণ সফলতাৰে সম্পূৰ্ণ কৰি নতুন ঘৰত প্ৰৱেশ কৰা পিএমএৱাই-জি হিতাধিকাৰীসকলকো মন্ত্ৰীগৰাকীয়ে সম্বৰ্ধনা জনায়।গাঁৱৰ মহিলাসকলৰ সবলীকৰণৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপেচৌহানে পিএমএৱাই-জিৰ অধীনত মহিলা ৰাজমিস্ত্ৰীৰ বাবে গ্ৰহণ কৰা লখিমী মিস্ত্ৰী – আঁচনিও শুভাৰম্ভ কৰে। যাৰ লক্ষ্য হৈছে মহিলাসকলৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধ কৰি তেওঁলোক প্ৰয়োজনীয় দক্ষতাৰে সজ্জিত কৰি তোলা।

অনুষ্ঠানতে লখিমী মিস্ত্ৰী পদক্ষেপৰ অধীনত প্ৰশিক্ষণ লাভ কৰিবলগীয়া পাঁচগৰাকী মহিলাক সুৰক্ষা কিট বিতৰণ কৰা হয়।এই উপলক্ষে চৌহানে গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি (RIDF)ৰ অধীনত সমগ্ৰ অসমতে ২১টা জ্ঞান কেন্দ্ৰ ভাৰ্চুৱেলী উদ্বোধন কৰে। গ্ৰাম্য কৃষি আন্তঃগাঁথনি শক্তিশালী কৰাৰ লগতে কৃষকসকলক সময়মতে সম্পদ আৰু তথ্যৰ সুবিধাৰে সৱলীকৰণ কৰাৰ উদ্দেশ্যেৰে এই কেন্দ্ৰসমূহ স্থাপন কৰা হৈছে। চৌহানে অসম চৰকাৰৰ প্ৰচেষ্টাক প্ৰশংসা কৰি গ্ৰাম্য গৃহ নিৰ্মাণ আৰু উন্নয়নৰ পদক্ষেপসমূহৰ ফলপ্ৰসূ ৰূপায়ণ সুনিশ্চিত কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন জনায় ।অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে কৃষি আৰু গ্ৰাম্য জীৱিকাৰ বহনক্ষম বৃদ্ধিৰ জৰিয়তে কৃষক, মহিলা আৰু গাঁৱৰ লোকসকলক সবলীকৰণ কৰাৰ বাবে অস চৰকাৰৰ দায়বদ্ধতাৰ কথা পুনৰবাৰ উল্লেখ কৰে।

অনুষ্ঠানত অসমৰ কৃষি মন্ত্ৰী অতুল বৰা আৰু অসমৰ পঞ্চায়ত তথা গ্ৰামোন্নয়ন দপ্তৰৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসো উপস্থিত থাকে।

ডিমৌত গৰু চুৰৰ সন্ত্ৰাস । Cow Thief

ডিমৌত গৰু চুৰৰ সন্ত্ৰাস । Cow Thief
ডিমৌত গৰু চুৰৰ সন্ত্ৰাস । Cow Thief

১৭ মে’ ২০২৫ঃ Cow Thief । ডিমৌ অঞ্চলত গৰু চুৰৰ সন্ত্ৰাস দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে | বিশেষকৈ লাউজান চাহ বাগিচা অঞ্চল সমূহত এই গৰু চুৰে এতিয়া সাধাৰণ বাহনৰ সলনি বিলাসী বাহন ব্যৱহাৰ কৰি কৌশলে গৰু চুৰি কৰি লৈ যোৱা পৰিসংখ্যা ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে | স্থানীয় ৰাইজে জনোৱা মতে, এই চুৰে গাঁৱত ঘুৰি ফুৰি গোহালিৰ পৰা হালোৱা গৰু পোনে পোনে উঠাই বিলাসী বাহনত লৈ যায় |

সন্দেহজনক ভাৱে এই বাহনৰ নম্বৰ প্লেট সলনি কৰি চুৰি কাৰ্যত ব্যৱহাৰ কৰা হয় বুলি অভিযোগ উঠিছে | ডিমৌ আৰক্ষীৰ অক্ষমতাৰ সুযোগ লৈ চুৰে এটা মাহৰ ভিতৰতে ৩০ টাতকৈ অধিক গৰু চুৰি কৰিছে লাউজান চাহ বাগিচা অঞ্চলৰ পৰা | ফলস্বৰূপে গৰু পালকসকল এতিয়া অন্ন মুঠিৰ চিন্তাত পৰিছে | খেতিৰ সময়ছোৱাত গৰু চুৰ হোৱাৰ ফলত বছৰৰ খেতিৰে ধ্বংস হোৱাৰ আশংকাত আছে গাঁওবাসী |
গৰু চুৰৰ বিৰুদ্ধে আৰক্ষীয়ে তৎপৰতা নেদেখুওৱাত ৰাইজে নিজেই প্ৰশাসনৰ ভূমিকা গ্ৰহণ কৰিছে | গোহালিৰ পৰা চুৰ হোৱা গোহালিৰ গৰুৰ সন্ধানত নামি ৰাইজে ৬ জনকৈ গৰু চোৰক ধৰি ডিমৌ আৰক্ষীক গতাই দিয়ে | ঘটনাটোৰ প্ৰেক্ষাপটত ৰাইজে দাবী উত্থাপন কৰিছে যে— “আমাৰ গৰু আমাক ঘূৰাই দিয়ক, আইনে যি কৰিব তাক কৰক, কিন্তু গৰু চুৰি বন্ধ কৰক” |

Youtuber Jyoti Malhotra: পাকিস্তানৰ চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ ইউটিউবাৰ জ্যোতি ৰাণী মালহোত্ৰাক

Youtuber Jyoti Malhotra: পাকিস্তানৰ চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ ইউটিউবাৰ জ্যোতি ৰাণী মালহোত্ৰাক
Youtuber Jyoti Malhotra: পাকিস্তানৰ চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ ইউটিউবাৰ জ্যোতি ৰাণী মালহোত্ৰাক

জ্যোতি মালহোত্ৰা পাকিস্তান উচ্চায়ুক্তত কৰ্মৰত(Youtuber Jyoti Malhotra) ডেনিছ নামৰ এজন বিষয়াৰ সংস্পৰ্শত আছিল আৰু ডেনিছেও তেওঁক পাকিস্তানলৈ প্ৰেৰণ কৰিছিল আৰু তাত বহু গোপন তথ্য শ্বেয়াৰ কৰি আছিল।জ্যোতি মালহোত্ৰাই নিজাকৈ ট্ৰেভেল চেনেল চলায়।পাকিস্তানলৈ গৈছিল, ভাৰতলৈ উভতি অহাৰ পিছতো যোগাযোগত আছিল, চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ ইউটিউবাৰ জ্যোতি ৰাণী মালহোত্ৰাক।

পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰিৰ অভিযোগত হাৰিয়ানাৰ ইউটিউবাৰ জ্যোতি মালহোত্ৰাক গ্ৰেপ্তাৰ কৰা হয়। এতিয়ালৈকে পঞ্জাৱ আৰু হাৰিয়ানাৰ মালেৰকোটলাৰ পৰা মুঠ ৬ জন পাকিস্তানী চোৰাংচোৱাক গ্ৰেপ্তাৰ কৰা হৈছে।

জেৰাৰ সময়ত জ্যোতি মালহোত্ৰাই আৰক্ষীক জনাইছে যে তেওঁৰ ইউটিউবত ‘ট্ৰেভেল উইথ-জো’ নামৰ এটা চেনেল আছে। পাছপ’ৰ্টধাৰী আৰু ২০২৩ চনত পাকিস্তান ভ্ৰমণৰ বাবে ভিছা লাভৰ সৈতে জড়িত পাকিস্তান উচ্চায়ুক্ত দিল্লীলৈ গৈছিল য’ত তেওঁ আহছান-উৰ-ৰহিম ওৰফে ডেনিছক লগ পাইছিল। আহছান-উৰ-ৰহিম ওৰফে ডেনিছৰ মোবাইল নম্বৰটো লৈ তাই তাৰ লগত কথা পাতিছিল।

ইয়াৰ পিছত দুবাৰ পাকিস্তানলৈ গৈছিল য’ত ডেনিছৰ নিৰ্দেশত তেওঁৰ চিনাকি আলী আহৱানক লগ পাইছিল আৰু ভ্ৰমণৰ ব্যৱস্থা কৰিছিল। পাকিস্তানত আলী আহোৱানে পাকিস্তানৰ নিৰাপত্তা আৰু চোৰাংচোৱা বিষয়াৰ সৈতে বৈঠকৰ ব্যৱস্থা কৰে। তাতে ছাকিৰ আৰু ৰানা শ্বাহবাজকো লগ পাইছিল। ছাকিৰৰ মোবাইল নম্বৰটো লৈ জাট ৰাধাৱা নামেৰে মোবাইলত চেভ কৰি ৰাখিলে যাতে কাৰো সন্দেহ নহয়। তাৰ পিছত ভাৰতলৈ উভতি আহিল।

তাৰ পিছত হোৱাটছএপ, স্নেপচ্যাট, টেলিগ্ৰামৰ দৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে সকলোৰে সৈতে অহৰহ যোগাযোগ ৰাখি ৰাষ্ট্ৰীয় বিৰোধী তথ্যৰ আদান-প্ৰদান আৰম্ভ কৰে।

Darrang News: মুছলিম ছাত্ৰ সন্থা, অসমৰ উদ্যোগত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা ও সজাগতা সভা

Darrang News: মুছলিম ছাত্ৰ সন্থা, অসমৰ উদ্যোগত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা ও সজাগতা সভা
Darrang News: মুছলিম ছাত্ৰ সন্থা, অসমৰ উদ্যোগত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা ও সজাগতা সভা

দৰং জিলাৰ শিলবৰী ছিনিয়ৰ ছেকেণ্ডাৰীত(Darrang News)মুছলিম ছাত্ৰ সন্থা অসমৰ শিলবৰী আঞ্চলিক সমিতি আৰু শিলবৰী ছিনিয়ৰ ছেকেণ্ডাৰীৰ সহযোগত শিলবৰী ছিনিয়ৰ ছেকেণ্ডাৰীৰ প্ৰঙ্গনত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় সম্বৰ্ধনা সভা। সভাত সভাপতিত্ব কৰে ২নং দৰং বাহাঝাৰ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক জীৱন চৰকাৰ। বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা দেশপ্ৰেমমূলক আৰম্ভণি গীতেৰে আৰম্ভ হয় দিনৰ কাৰ্যসূচী। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে শিলবৰী মুছলিম ছাত্ৰ সন্থাৰ আঞ্চলিক সমিতিৰ সভাপতি আকিব জামান ছিদ্দিকে। সভাত উপস্থিত থকা সকলোকে এখনি ফুলাম গামোচা আৰু ফুলৰ থোপাৰে চিনাকি কৰাই দিয়ে মহিবুল ইছলামে।

আৰম্ভ হয় মুকলি সভা প্ৰদান কৰে মূল্যবান ভাষন।ভাষন প্ৰসঙ্গত সকলোৱে শিক্ষাৰ গুৰুত্ব, বৰ্তমান সমাজত শিক্ষাৰ গুৰুত্ব কি? আৰু শিলবৰী ছিনিয়ৰ ছেকেণ্ডাৰীৰ শিক্ষা ব্যৱস্থা অধ্যক্ষকে ধৰি শিক্ষক শিক্ষয়িত্ৰী সকলৰ ত্যাগ আৰু কষ্টৰ ফল আজিৰ ফলাফল। বহু বছৰ ধৰি ভেঞ্চাৰ কলা শাখাত পাঠ দান দিয়া শিলবৰী ছিনিয়ৰ ছেকেণ্ডাৰীৰ খনৰ প্ৰশংসাত পঞ্চমুখ হয় সভাত উপস্থিত থকা সকলো গৰাকী মান্য গন্য ব্যক্তিয়ে। অৱশেষত বিগত বৰ্ষত হাই স্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুক্ষাতিৰে উৰ্ত্তীণ হৈ সুনাম কঢ়িয়াই অনা ছাত্ৰ-ছাত্ৰী এখনি ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনা জনায়। এই গুৰুত্বপূৰ্ণ সভাখনত উপস্থিত থাকে শিলবৰী ছিনিয়ৰ ছেকেণ্ডাৰীৰ অধ্যক্ষ জাকিৰ হুছেইন,৩ নং কছাৰী ভেটিটুপ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সূৰুয আলী,মুছলিম ছাত্ৰ সন্থা অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আশ্বিক ৰাব্বানী, কাৰ্যকৰী সভাপতি আবুল বাদশা, সাধাৰণ সম্পাদক (প্ৰশাসনিক)ৰফিকুল ইছলাম, সাধাৰণ সম্পাদক জহিৰুল খলিফা,দৰং জিলাৰ প্ৰাক্তন সভাপতি মহিবুল ইছলাম,প্ৰচাৰ সম্পাদক ৰাব্বল ইছলাম। শিলবৰী আঞ্চলিক সমিতিৰ আকতাৰ হুছেইন,আনাৰুল হক,ওবাইদুৰ ৰহমান, আনাৰুল ইছলাম,শুকুৰ আলী, আবুল হুছেইন, নিউজনাৱৰ সাংবাদিক ফাৰুক মণ্ডল,ভয়চ অফ দৰঙৰ সাংবাদিক আনোৱাৰ হুছেইন,ছেডো নিউজ ছেভেনৰ সাংবাদিক স্বপন দাস আদি কৰি বিভিন্ন জিলাৰ মুছলিম ছাত্ৰ সন্থাৰ কাৰ্যকৰ্তা, স্থানীয় অধিবক্তা জহিৰুল ইছলাম, বৃহত্তৰ শিলবৰী অঞ্চলৰ প্ৰায় দুই শতাধিক কৃতী ছাত্ৰ-ছাত্ৰী বিশিষ্ট মান্য গন্য ব্যক্তি।

Lightning: প্ৰকৃতিৰ কালৰূপ! বজ্ৰ পৰি ১৪ জনৰ মৃত্যু, ৬ জনৰ অৱস্থা সংকটজনক

Lightning: প্ৰকৃতিৰ কালৰূপ! বজ্ৰ পৰি ১৪ জনৰ মৃত্যু, ৬ জনৰ অৱস্থা সংকটজনক
Lightning: প্ৰকৃতিৰ কালৰূপ! বজ্ৰ পৰি ১৪ জনৰ মৃত্যু, ৬ জনৰ অৱস্থা সংকটজনক

বজ্ৰপাতৰ ফলত ১৪ জন লোকৰ মৃত্যু, ৬ জনৰ অৱস্থা সংকটজনক।(Lightning)আহতসকল সংকটজনক অৱস্থাত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। নিহত দুজন হৈছে বুদ্ৰী মাডিংগা (৬০), কাছা মাডিংগা (১৬) আৰু অম্বিকা কাশী (৩৫)। বুদ্ৰীৰ স্বামী হিংগু মাডিংগা আৰু আন পাঁচজনক সংকটজনক অৱস্থাত লখিমপুৰৰ কমিউনিটি হেল্থ চেণ্টাৰত ভৰ্তি কৰোৱা হয়।

তথ্য অনুসৰি শুকুৰবাৰে সন্ধিয়া কল বৈশাখীৰ ফলত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ওড়িশাৰ কোৰাপুট জিলাৰ লক্ষ্মীপুৰ ব্লকৰ অন্তৰ্গত ওদিয়াপেঠ গ্ৰাম পঞ্চায়তৰ পাৰ্টিগুডা গাঁৱত বজ্ৰপাত পৰে। আকাশখন বিজুলীৰ বজ্ৰপাতত অনুৰণন ঘটিল। ইফালে পথাৰত কাম কৰা লোকসকলে ওচৰৰ জুপুৰিত আশ্ৰয় লৈছিল, হঠাতে জুপুৰিটোত বজ্ৰপাত পৰিল।(Odisha)

এই বজ্ৰপাতে বহু লোকক মৃত্যু মুখলৈ থেলি দিলে। ইয়াৰ পিছত আহতসকলক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। য’ত ছজন লোকৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে।