Home Blog Page 177

Shrinkhal Chaliha : “শৃংখল তইও কম নহয়, আমাৰতো কম নহয়”

Shrinkhal Chaliha : "শৃংখল তইও কম নহয়, আমাৰতো কম নহয়"
Shrinkhal Chaliha : "শৃংখল তইও কম নহয়, আমাৰতো কম নহয়"

GMCHত অখিল গগৈৰ মাতৃৰ স্বাস্থ্যৰ বুজ ল’লে শৃংখল চলিহাই। (Shrinkhal Chaliha) 

শৃংখলক দেখি অখিল গগৈৰ মাতৃয়ে ক’লে- ‘শৃংখল তইও কম নহয়, আমাৰটোও কম নহয়’। ‘কিয় লাগি থাক দুয়োটাই?’

সামাজিক মাধ্যমত অখিল গগৈৰ মাতৃৰ সৈতে ফটো শ্বেয়াৰ কৰি শৃংখল চলিহাই ক’লে, ‘ৰাজনীতি,আদৰ্শগত মতভেদৰ উৰ্দ্ধত কিবা হব পাৰে যদি আই বোপাই।’

‘আজি বীৰ লাচিত সেনা অসম গোলাঘাট জিলা সমিতিৰ সম্পাদক অভিলাষ বৰা আৰু মই অখিল গগৈ ডাঙৰীয়াৰ মাতৃৰ স্বাস্থ্যৰ বুজ লও।’

‘আই জনিয়ে দেখা পাই এটা প্ৰশ্ন “শৃংখল তইও কম নহয়,আমাৰতো কম নহয়, কিয় লাগি থাক দুইটাই”

‘আই মাতৃ ভাল হওঁক সোনকালে।’



Koka Deuta Nati Aru Hati -2: প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছৰ বেনাৰত নিৰ্মাণ কৰা ককা দেউতা নাতি আৰু হাতী ২ চলচ্চিত্ৰখনৰ FIRST LOOK প্ৰদৰ্শন

Koka Deuta Nati Aru Hati -2: প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছৰ বেনাৰত নিৰ্মাণ কৰা ককা দেউতা নাতি আৰু হাতী ২ চলচ্চিত্ৰখনৰ FIRST LOOK প্ৰদৰ্শন
Koka Deuta Nati Aru Hati -2: প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছৰ বেনাৰত নিৰ্মাণ কৰা ককা দেউতা নাতি আৰু হাতী ২ চলচ্চিত্ৰখনৰ FIRST LOOK প্ৰদৰ্শন

প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টে ঘোষণা কৰিলে (Koka Deuta Nati Aru Hati -2) আহিবলগীয়া নতুন চিনেমা -ককা দেউতা নাতি আৰু হাতী ২। ২০২৫চনৰ ২১ নবেম্বৰত মুক্তি পাব ছবিখনে।

সময়ে গৰকা এটি কাহিনীয়ে লাভ কৰিব এক নতুন গতি, এক নতুন ৰূপ। “ককা দেউতা নাতি আৰু হাতী”
এনে এটা কাহিনী, যি এটা সম্পূৰ্ণ প্রজন্মৰ শৈশৱক দিছিল এক নষ্টালজিক সময়। অনুভৱৰ বুকুত গঢ় লৈ
উঠা সেই চিনেমাখনৰ কাহিনীৰ পাছত…এক নতুন কাহিনীৰ সৃষ্টি হৈছে… এই প্ৰজন্মৰ বাবে এক স্মৃতিৰ
পাত লিখা। Pride East Entertainments Pvt.Ltd.-ৰ এক বিশেষ প্রচেষ্টা এয়া – ককা দেউতা নাতি আৰু
হাতী ২।


প্রাইড ইষ্ট-ৰ চেয়াৰপাৰ্চন তথা মেনেজিং ডাইৰেক্টৰ, ৰিণিকি ভূঞা শর্মাই আগবঢ়াইছে ককা দেউতা
নাতি আৰু হাতীৰ দ্বিতীয় অধ্যায়, পৰিচালনা কৰিছে ৰাষ্ট্ৰীয় বঁটা বিজয়ী পৰিচালক বিশ্বজিৎ বৰাই। ককা
দেউতা নাতি আৰু হাতীৰ কালজয়ী কাহিনীটোৰ দৰে এই কাহিনীটোৱেও অসমৰ সাংস্কৃতিক জগতত এক
বিপ্লৱৰ সূচনা কৰিব বুলি অনুমান কৰা হৈছে।


ককা দেউতা নাতি আৰু হাতী ২ত ৮০ৰ দশকৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈ অসমীয়া চিনেমাৰ কিংবদন্তী
আৰু নতুন প্রজন্মৰ তাৰকাসকলক একেখন পর্দাত একেলগে দেখা পোৱা যাব। প্রাঞ্জল শইকীয়া, তপন
দাস, আদিল হুছেইন, যতীন বৰা, উৎপল দাস, প্ৰস্তুতি পৰাশৰ, প্ৰীতি কংকণা, পংকজ মহন্ত, সিদ্ধান্ত
কলিতা, শ্রেয়া বৰঠাকুৰ আৰু দেৱজিত মজুমদাৰে অভিনয় কৰিছে ককা দেউতা নাতি আৰু হাতী ২ত।
ভাস্কৰ হাজৰিকাৰ কাহিনীটোৱে অতীত আৰু বৰ্তমানক অতি আকর্ষণীয়ভাৱে সংযোগ কৰিছে। প্ৰদীপ
দৈমাৰীৰ চিত্ৰনাট্য আৰু শ্বেতা ভেঙ্কটৰ সম্পাদনাই ইয়াক প্রাঞ্জল ৰূপ প্ৰদান কৰিছে।


অমৃত প্রীতম আৰু দেৱজিৎ চাংমাইৰ শব্দ পৰিকল্পনাই চলচ্চিত্ৰখনক সংগীতৰ অনন্য মাত্ৰা প্রদান কৰিছে
আৱহ সংগীত অজয় সিংহৰ।


অসমৰ সংগীত জগতৰ বহুকেইটা চিনাকী কণ্ঠ শুনা পাব চিনেমাখনৰ সংগীতত: দ্বীপেন বৰুৱা, তৰালি শৰ্মা, জয়, এৰিকা এন, অৰূপজ্যোতি বৰুৱা, নাহিদ আফ্ৰিন, আৰু প্রবীন বৰা। নৃত্য পৰিচালনা কৰিছে শেৰিফ আৰু পংকজ ইংতিৰ আৰু এক্সন পৰিচালক ৰাজেশ কন্নানৰ। ইয়াত সমন্বয় হৈছে প্রযুক্তি আৰু সৃষ্টিশীলতাৰ।


“ককা দেউতা নাতি আৰু হাতী ২” ২১ নবেম্বৰ ২০২৫ত অসমীয়া ভাষাত মুক্তি পাব, দৈর্ঘ্য হ’ব ২ ঘণ্টা ৩০
মিনিট। এই চিনেমাখন অসমীয়া চিনেমাৰ ইতিহাসৰ এক বিশেষ চিনেমা হিচাপে স্বীকৃত হ’ব।

Eye Exercise: ৰাতিপুৱা ৫ মিনিটৰ বাবে কৰিব চকুৰ ব্যায়াম, মানসিক চাপ দূৰ হ’ব; জিৰণি ল’ব চকুৱে

Eye Exercise: ৰাতিপুৱা ৫ মিনিটৰ বাবে কৰিব চকুৰ ব্যায়াম
Eye Exercise: ৰাতিপুৱা ৫ মিনিটৰ বাবে কৰিব চকুৰ ব্যায়াম

বৰ্তমান ডিজিটেল যুগত (Eye Exercise) স্মাৰ্টফোন আৰু লেপটপ অবিহনে কাম কৰিব নোৱাৰি। কিন্তু এই পৰ্দাবোৰে আমাৰ চকুৰ স্বাস্থ্যৰ ওপৰত সৰ্বাধিক প্ৰভাৱ পেলায়। দীৰ্ঘ সময় পৰ্দালৈ চাই থাকিলে ভাগৰুৱা, বিৰক্তি আৰু চকু শুকান হোৱাৰ দৰে সমস্যাৰ সৃষ্টি হয়। যদি আপুনি বিচাৰে যে আপোনাৰ চকু দুটা বালে ৰাখিব, তেন্তে ৰাতিপুৱা মাত্ৰ ৫ মিনিট সময় উলিয়াই লওক আৰু চকুৰ ব্যায়াম কৰক।

আজিৰ সময়ত সকলোৱে কম্পিউটাৰ, স্মাৰ্টফোন আৰু টিভিৰ পৰ্দাত ঘণ্টাৰ পিছত ঘণ্টা সময় কটায়। অফিচৰ কামেই হওক, অনলাইন ক্লাছেই হওক বা ছ’চিয়েল মিডিয়া স্ক্ৰলিং হওক, এই সকলোবোৰ কামতে চকু অহৰহ পৰ্দাৰ সংস্পৰ্শত থাকে। ইয়াৰ ফলত চকুৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰে। পৰ্দাত অধিক সময় কটোৱাৰ বাবে চকুত বিষ, দৃষ্টিশক্তি বেয়া, মূৰৰ বিষ আদি সমস্যা সাধাৰণ হৈ পৰিছে। ইয়াক স্ক্ৰীণ ষ্ট্ৰেছ বুলি কোৱা হয়, যাৰ ফলত ক্ৰমান্বয়ে চকুৰ স্বাস্থ্যৰ যথেষ্ট ক্ষতি হ’ব পাৰে।

যদি আপুনি দৈনিক ৫ মিনিটৰ চকুৰ ব্যায়ামক আপোনাৰ দৈনন্দিন জীৱনৰ অংশ কৰি লয়, তেন্তে আপুনি স্ক্ৰীণৰ মানসিক চাপৰ পৰা বহু পৰিমাণে এৰাই চলিব পাৰে।

যদি আপুনি ডিজিটেল জগতত অহৰহ সক্ৰিয় হৈ থাকে, তেন্তে চকুৰ স্বাস্থ্যৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয় হৈ পৰে। ইয়াৰ বাবে প্ৰতিদিনে পুৱাই ভাষ্ট্ৰিকা প্ৰাণায়াম কৰিব পাৰে। চকুৰ বাবে ইয়াক অতি উপকাৰী বুলি গণ্য কৰা হয়। ইয়াত দ্ৰুত বেগেৰে উশাহ ল’ব লাগে আৰু উশাহ এৰিব লাগে। মাত্ৰ ২-৩ মিনিটৰ বাবে এই অভ্যাস কৰিলে চকুত পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন পোৱা যায়, যাৰ ফলত দৃষ্টিশক্তি স্পষ্ট হৈ পৰে আৰু চকুৰ লগত জড়িত সমস্যা নাইকিয়া হয়।

চকুৰ বাবে এটা উত্তম ব্যায়াম হ’ল চকুক বিভিন্ন দিশত লৰচৰ কৰা। ইয়াৰ বাবে চকু দুটা ওপৰলৈ তললৈ, সোঁ-বাওঁফালে আৰু ঘড়ীৰ কাঁটাৰ দিশত লৰচৰ কৰিব লাগে। ইয়াৰ ফলত চকুৰ পেশী শক্তিশালী হয় আৰু ৰক্ত সঞ্চালন উন্নত হয়। যদি আপুনি প্ৰতিদিনে পুৱা এই চকুৰ ব্যায়াম কৰে, তেন্তে চকুৰ সমস্যাৰ পৰা সকাহ পাব পাৰে।

দুয়োখন হাতৰ তলুৱা একেলগে ঘঁহি অলপ গৰম হ’লে চকুত লাহে লাহে ৰাখক। চকু দুটা মুদি অলপ সময় দীঘলকৈ উশাহ এটা লওক। ইয়াৰ ফলত চকুত তৎক্ষণাত যথেষ্ট সকাহ পোৱা যায়।

চকু নিটিপিয়োৱাকৈ সুস্থিৰে চাব লাগে। ৰাতিপুৱাৰ শান্ত পৰিৱেশত এই কাম কৰাটো ভাল। প্ৰতিদিনে এনে কৰিলে চকুৰ পেশী শক্তিশালী হয়, একাগ্ৰতা বৃদ্ধি পায় আৰু লগতে দৃষ্টিশক্তিও উন্নত হয়।

খৰখেদাকৈ চকু টিপিওৱা চকুৰ স্বাস্থ্যৰ বাবেও ভাল। স্মাৰ্টফোন বা আন যিকোনো স্মাৰ্ট ডিভাইচ ব্যৱহাৰ কৰাৰ সময়ত কিছু সময়ৰ ভিতৰত ১০-১৫ বাৰ দ্ৰুতভাৱে চকু টিপিয়াব লাগে। ইয়াৰ ফলত চকু আৰ্দ্ৰ হৈ থাকে আৰু চকু শুকান নহয়।

Uttarkashi cloudburst: উত্তৰ কাশীত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ, ঘটনাস্থলীত উপস্থিত মুখ্যমন্ত্ৰী; মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে

Uttarkashi cloudburst: উত্তৰ কাশীত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ
Uttarkashi cloudburst: উত্তৰ কাশীত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ

উত্তৰাখণ্ডৰ উত্তৰ কাশীত প্ৰচণ্ড ডাৱৰ বিস্ফোৰণ।

প্ৰচণ্ড ডাৱৰ বিস্ফোৰণৰ পিছত বিধ্বংসী অৱস্থা কাশীত।

বৰ্তমানো উত্তৰ কাশীত অভাৱনীয় পৰিস্থিতি।

পাহাৰৰ পৰা নামি অহা পানীৰ ধলত উটি যায় বহু ঘৰ-দুৱাৰ।

বৰ্তমানলৈকে উদ্ধাৰ ৪ জন লোকৰ মৃতদেহ।

৬০জনতকৈও অধিক লোক সন্ধানহীন।

এতিয়ালৈকে প্ৰায় ১৩০ জন লোকক নিৰাপদ স্থানলৈ অনা হৈছে।

মঙলবাৰে উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ গংগোত্ৰী তীৰ্থস্থানলৈ যোৱাৰ পথত অৱস্থিত অঞ্চলটোত বৃহৎ পৰিমাণৰ ধ্বংসলীলা হয়।

কাৰণ ধাৰাসাৰ পানীয়ে ঘৰ-দুৱাৰ, দোকান-পোহাৰ, হোটেল আৰু ৰাস্তা উটুৱাই লৈ যায়।

ঘটনাস্থলীত উপস্থিত হৈছে মুখ্যমন্ত্ৰী, মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে।

AGP: মিত্ৰদল বিজেপিৰ অনুপস্থিতিত অগপই গঠন কৰিলে বঙাইগাঁও জিলা পৰিষদ

AGP: মিত্ৰদল বিজেপিৰ অনুপস্থিতিত অগপই গঠন কৰিলে বঙাইগাঁও জিলা পৰিষদ
AGP: মিত্ৰদল বিজেপিৰ অনুপস্থিতিত অগপই গঠন কৰিলে বঙাইগাঁও জিলা পৰিষদ

মিত্ৰদল বিজেপিৰ নিৰ্বাচিত (AGP) প্ৰতিনিধিসকলৰ অনুপস্থিতিৰেই মঙলবাৰে গঠন হ’ল বঙাইগাঁও জিলা পৰিষদ। ইয়াৰ বিপৰীতে উপস্থিত থাকিল কংগ্ৰেছ আৰু নিৰ্দলীয় প্ৰাৰ্থী ৷ সভাপতি নিৰ্বাচিত হ’ল অগপৰ মৃদুলা সিংহ ৷ প্ৰতিদ্বন্দ্বি নাছিল আন কোনো ৷ ফলত কংগ্ৰেছ আৰু নিৰ্দলীয় প্ৰাৰ্থীয়েও জনালে নৈতিক সমৰ্থন ৷ অগপৰ মতে বিনাপ্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে দলৰ প্ৰাৰ্থী গৰাকী ৷ কাৰণ আন কোনেও কৰা নাছিল প্ৰতিদ্বন্দ্বিতা ৷ উপস্থিত সকলোৱে সেয়ে জনায় সমৰ্থন ৷ কিন্তু চাৰি গৰাকী সদস্য থকা অগপই বাৰ জনীয়া প্ৰতিনিধি থকা জিলা পৰিষদখন গঠন কৰিব পাৰে নে যদিহে কংগ্ৰেছৰ দুগৰাকী আৰু নিৰ্দলীয় এগৰাকী প্ৰতিনিধিয়ে সমৰ্থন আগনবঢ়ায় ? যি কি নহওক বিজেপিৰ অংক নিমিলাৰ সুযোগ গ্ৰহণ কৰি অগপই নিজৰ চাৰি গৰাকী সদস্য থকাৰ পিছতো গঠন কৰিলে জিলা পৰিষদখন ৷ কিন্তু লগে লগে প্ৰশ্নৰ উদ্ৰেগ ঘটিল বিজেপি – অগৰ মিত্ৰতাত ফাঁট মেলিল নেকি ? সেয়া স্পষ্ট হৈছেই ৷ চৰ্চা চলিছে বিজেপিয়ে বিচাৰিছিল সভাপতিৰ পদটো ৷ কিন্তু সম্ভৱ হৈ নুঠাত অনুপস্থিত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ সেইদৰে বিজেপিৰ নিৰ্বাচিত প্ৰতিনিধিৰ মাজতে আকৌ সভাপতি পদটোকলৈ টনা আজুৰা চলি আছিল ৷ এগৰাকী নৱনিৰ্বাচিত মহিলা প্ৰতিনিধিয়ে বিচাৰিছিল সভাপতি পদটো ৷ চেষ্টাও কৰিছিল ৷কিন্তু মহিলা প্ৰতিনিধি গৰাকীক সমৰ্থন নকৰে আকৌ কোনোবাই ৷ বৰং দাবীদাৰ আৰু আছে ৷ সেয়ে শেষত গৈ সকলো নিমিলা অংকত পৰিণত হ’ল ৷

অৱশ্যে বিজেপি দলৰ পৰা উপ সভাপতি হোৱাটে খাটাং ৷ কাৰণ অনুসূচিত জাতিৰ মহিলা প্ৰাৰ্থীৰ বাবে সংৰক্ষিত পদটো ৷ উল্লেখ্য যে মঙলবাৰে বঙাইগাঁও জিলা পৰিষদ গঠনৰ বাবে জিলা আয়ুক্তৰ তৰফৰ পৰা ধাৰ্য কৰি দিয়া হৈছিল দিন ৷ সেই অনুসৰি মঙলবাৰে জিলা পৰিষদৰ নৱনিৰ্বাচিত সদস্য – সদস্যাসকলৰ প্ৰথম বৈঠক আয়োজন কৰা হয় ৷ বৰপাৰাস্থিত বঙাইগাঁও জিলা পৰিষদ কাৰ্যালয়ৰ সভাকক্ষত আয়োজন কৰা বৈঠকলৈ অগপ দলৰ নিৰ্বাচিত চাৰি গৰাকী প্ৰতিনিধি, কংগ্ৰেছ দলৰ দুজন ( এজন নিৰ্দলীয় প্ৰাৰ্থী জয়ী হোৱাৰ পিছত কংগ্ৰেছত যোগ দিছে) প্ৰতিনিধি আৰু এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী উপস্থিত হয় যদিও বিজেপি দলৰ চাৰি গৰাকী আৰু আন এগৰাকী নিৰ্দলীয় প্ৰতিনিধি উপস্থিত নহ’ল ৷ মিত্ৰদল অগপই বিজেপি দলৰ প্ৰতিনিধিসকল আহিব বুলি অপেক্ষা কৰি থাকে যদিও কাৰো সৈতে যোগাযোগ কৰিবলৈ সক্ষম নহ’ল ৷ দিনৰ বাৰ বজাৰ পৰা ১ বজালৈ ধাৰ্য কৰি দিয়া সময় উকলি যোৱাৰ পিছত বাকী পাঁচ গৰাকী প্ৰতিনিধি উপস্থিত নোহোৱাত উপস্থিত থকা সাত গৰাকী প্ৰতিনিধিৰেই আৰম্ভ হয় বৈঠকৰ কাৰ্যসূচী ৷ বঙাইগাঁও জিলাৰ উন্নয়ন আয়ুক্ত ধ্ৰুৱজ্যোতি দাসৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত অগপ দলৰ বঙাইগাঁও জিলা পৰিষদ সমষ্টিৰ নিৰ্বাচিত প্ৰতিনিধি শশীভূষণ মেধিয়ে অগপ দলৰ ঢালিগাঁও জিলা পৰিষদ সমষ্টিৰ পৰা নিৰ্বাচিত মৃদুলা সিংহৰ নামটো সভাপতি পদৰ বাবে প্ৰস্তাৱ আগবঢ়ায় আৰু দলটোৰ চক্ৰভৌম জিলা পৰিষদ সমষ্টিৰ প্ৰতিনিধি জানকী বালা ৰায়ে সমৰ্থন আগবঢায় ৷ এই প্ৰস্তাৱত কংগ্ৰেছ দলৰ আফশানা পাৰবিন আৰু শেহতীয়াকৈ কংগ্ৰেছ দলত যোগদান কৰা কেৰামত আলীৰ লগতে নিৰ্দলীয় ৰমেজ উদ্দিনেও নৈতিক সমৰ্থন আগবঢ়ায় ৷

ফলত অগপই গঠন কৰে জিলা পৰিষদখন ৷ ইপিনে উপ সভাপতিৰ পদটো অনুসূচিত জাতিৰ মহিলাৰ বাবে সংৰক্ষিত হোৱাত বাকীসকল উপস্থিত নথকাত গঠন কৰিব পৰা নগ’ল ৷ অনুষ্ঠানত বিধায়িকা দীপ্তিময়ী চৌধুৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনুপম ডেকাৰ লগতে বিভাগীয় অন্যান্য বিষয়া, দলৰ কিছু সংখ্যক লোক উপস্থিত থাকে ৷ ইপিনে জিলা পৰিষদৰ সভাপতি নিৰ্বাচিত হোৱাৰ পিছত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনুপম ডেকাই সংবাদ মাধ্যমৰ আগত কয় যে পাঁচ আগষ্টত জিলা আয়ুক্তই নিৰ্দিষ্ট কৰি দিয়া অনুসৰি বঙাইগাঁও জিলা পৰিষদৰ নৱ নিৰ্বাচিত সদস্য- সদস্যাসকলৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈ যায় ৷ প্ৰথম বৈঠকত সভাপতিত্ব কৰে জিলা উন্নয়ন আয়ুক্ত ধ্ৰুৱজ্যোতি দাসে ৷ বৈঠকত জিলা পৰিষদৰ সভাপতি হিচাপে মৃদুলা সিংহ নিৰ্বাচিত হৈছে ৷ আনহাতে উপ সভাপতিৰ পদটো অনুসূচিত জাতিৰ মহিলাৰ বাবে সংৰক্ষিত আছিল আৰু বৈঠকত যিসকল নৱ নিৰ্বাচিত জিলা পৰিষদৰ সদস্য – সদস্যাসকল উপস্থিত আছিল তেওঁলোকৰ মাজত অনুসূচিত জাতিৰ কোনো মহিলাৰ সদস্য নাছিল ৷ সেইবাবে উপ সভাপতিৰ পদটোৰ বাবে কোনো প্ৰাৰ্থী নিৰ্বাচিত নহ’ল ৷ পিছত জিলা আয়ুক্তই নিৰ্ধাৰণ কৰি দিয়া দিনত নিৰ্বাচিত কৰা হ’ব ৷ তেওঁ কয় যে বঙাইগাঁও জিলা পৰিষদৰ নৱ নিৰ্বাচিত সদস্য – সদস্যাৰ মুঠ সংখ্যা ১২ গৰাকী ৷ কিন্তু বাৰ গৰাকীৰ ভিতৰত বৈঠকত সাত গৰাকী উপস্থিত আছিল ৷ যি গৰাকী সভাপতি নিৰ্বাচিত হৈছে তেওঁ বৈঠকত উপস্থিত থকা সকলোকেইগৰাকী সদস্য – সদস্যাৰ সন্মতিক্ৰমে নিৰ্বাচিত হৈছে ৷ বিজেপি দলৰ নিৰ্বাচিত সদস্যসকলৰ লগতে এগৰাকী নিৰ্দলীয় সদস্যাও উপস্থিত নাছিল ৷ আনহাতে বিধায়িকা দীপ্তিময়ী চৌধুৰীয়ে কয় যে ভাল লাগিছে, নিজকে আমি শক্তিশালী বুলি অনুভৱ কৰিছোঁ আজিৰ দিনত ৷ যিহেতু আমি অগপ দলে কাম কৰিব পাৰিছোঁ, তেনে সুবাদতে বাকী দলেও আমাক সমৰ্থন জনাইছে ৷ তেওঁলোকে নিশ্চয় ভাবিছে যে আমি কাম কৰিব পাৰিম ৷ বিজেপি দলক সোমবাৰে ফোন কৰা হৈছিল ৷ তেওঁলোকৰ কিবা অসুবিধা থাকিব পাৰে ৷ বিশেষ নাজানিলো ৷ কিয় উপস্থিত নাথাকিল ৷ কিন্তু যিহেতু যোগাযোগ নাই হোৱা, সেয়ে আমাৰ পৰাই জিলা পৰিষদ গঠন হৈ গ’ল ৷

এতিয়ালৈকে দুই দলৰ মাজত জিলা পৰ্যায়ত কোনো খিলিমেলি নাই হোৱা ৷ জিলা পৰিষদ গঠন হলহে আৰু পৰৱৰ্তী পৰ্যায়তো নিশ্চয় ভালে যাব ৷ প্ৰথমটো দিনত মিত্ৰদলৰ নিৰ্বাচিত সদস্যসকল উপস্থিত নথকাত অলপ বেয়া লগা বুলি কৈ থাকিলে ভাল লাগে বুলিও কয় ৷ আমি যিহেতু মিত্ৰ দল ,সেয়ে আমাৰ লগত থাকিলে নিশ্চয় ভাল লাগিলহেঁতেন ৷ কিন্তু হয়তো কিবা অসুবিধা থাকিব পাৰে, সেয়ে আহিব পৰা নাই ৷ আনহাতে বিজেপি দলে সভাপতিৰ পদ বিচাৰিছিল নেকি বুলি সোধাত বিধায়িকা গৰাকীয়ে কয় যে আমি শুনা নাই ৷ তেওঁলোকে যদি কৈছিলো মই কিন্তু গম পোৱা নাই ৷ সেইদৰে নৱ নিৰ্বাচিত জিলা পৰিষদৰ সভাপতি মৃদুলা সিংহই প্ৰথমতে অগপ দলৰ লগতে দলটোৰ সাংসদ ফণীভূষণ চৌধুৰী, বিধায়িকা দীপ্তিময়ী চৌধুৰী তথা দলৰ সকলোকে ধন্যবাদ জনায় ৷ লগতে তেওঁক সভাপতি নিৰ্বাচিত হোৱাত সহযোগ তথা সমৰ্থন আগবঢ়োৱা আন দলকো ধ্যবাদ জনায় ৷ মিত্ৰ দলৰ চাৰি গৰাকী নিৰ্বাচিত সদস্য -সদস্যা উপস্থিত নথকা সন্দৰ্ভত কয় যে হয়তো তেওঁলোকৰ কিবা অসুবিধা থাকিব পাৰে ৷ তেওঁ কোন কোন দলৰ পৰা সমৰ্থন লাভ কৰিছে বুলি সোধাত পোনচাতে কোনো দলৰ নাম নকৈ কয় যে সকলো দলৰ পৰাই সমৰ্থন পাইছোঁ ৷ তেওঁলোকৰ সমৰ্থনতে সভাপতি হ’বলৈ পাইছোঁ ৷ তেওঁলোকে হয়তো ভাবিছে যে এজন যিহেতু সভাপতিৰ আসনত বহিব লাগে, সেয়ে আনসকলে চিন্তা – চৰ্চা কৰিয়ে সমৰ্থন জনালে ৷ গতিকে বাকীসকলেও নিজা চিন্তা- চৰ্চাৰে সমৰ্থন কৰিলে ৷ আনহাতে অগপ দলৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে বিজেপিৰ অনুপস্থিতিত অগপই জিলা পৰিষদ গঠন কৰা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয় যে এই প্ৰশ্নৰ উত্তৰটো মই দিব নোৱাৰিম ৷ কাৰণ আমি বিজেপিৰ লগত যোগাযোগ কৰিছিলোঁ ৷ এতিয়া বঙাইগাঁও জিলাত প্ৰাক্তন বিধায়ক ভূপেন ৰায় আমাৰ অগপ দলৰ সাধাৰণ সম্পাদক ৷ মই ভূপেন ৰায়ক বাৰম্বাৰ কৈছিলো আৰু মই কোৱাৰ পিছত বিজেপি দলৰ জিলা সভাপতিক কেইবাবাৰো ফোন কৰি সাক্ষাৎ কৰাৰ বাবে সময় লৈছিল যদিও তেওঁলোকৰ অসুবিধা বুলিয়ে ক’ব লাগিব লগ কৰিব নোৱাৰিলে ৷ আনকি ভূপেন ৰায়ে অভয়াপুৰীৰ আৱৰ্ত ভৱনত জিলা বিজেপিৰ সভাপতিৰ বাবে ৰুটি আদি অৰ্ডাৰ দি বহি আছিল ৷ তাৰ পিছত জিলা বিজেপিৰ সভাপতিলৈ ফোন কৰাত সভাপতি গৰাকীয়ে গুৱাহাটীলৈ যাব বুলি কৈ ঘুৰি আহি কথা পাতিব বুলি কয় ৷ কিন্তু গুৱাহাটীৰ পৰা আহিও কথা নাপাতিলে ৷ সোমবাৰেও ভূপেন ৰায়ে সন্ধিয়া জিলা বিজেপিৰ সভাপতি গৰাকীক দুবাৰ ফোন কৰিছিল ৷ কিন্তু তেওঁ ফোন নধৰিলে ৷ বিজেপিয়ে সভাপতি পদটো বিচাৰিছিল নেকি বুলি সাংসদ গৰাকীক সোধাত কয় যে আমি আলোচনা কৰিব বিচাৰিছিলো ৷ আমাৰ যিহেতু চাৰি গৰাকীকৈ সদস্য আছে, সেয়ে কি কৰা যায় ৷

কিন্তু তেওঁলোকে আমাৰ লগত আলোচনাত মিলিতই নহ’ল ৷ গতিকে সভাপতি বিচাৰিব আৰু বিচৰাতো স্বাভাৱিক কথা ৷ কিন্তু আলোচনাত মিলিতই নহ’ল ৷ ইপিনে মঙলবাৰে যিহেতু প্ৰথম বৈঠকৰ দিন ধাৰ্য কৰিছে, সেয়ে প্ৰথম সভাখনত আমাৰ অগপ দলৰ চাৰিজন গৈছে ৷ আৰু বাকী তিনিজন গৈছে ৷ বিজেপি দলৰ চাৰিজনেই অনুপস্থিত আছিল আৰু এগৰাকী নিৰ্দলীয় সদস্য বঙাইগাঁওলৈ আহিও পুনৰ উভতি গৈছে ৷ মিত্ৰ দলৰ মাজত কোনো খেলিমেলি নহয় ৷ মিত্ৰতা আমাৰ ৰাজ্যিক ভিত্তিত হৈছে বা কেন্দ্ৰ ভিত্তিত হৈছে ৷ এইটো এটা সৰু কথা ৷ জিলা পৰিষদৰ সভাপতিলৈহে ৷ তেওঁলোকে হয়তো বিচাৰিছিল বা আশা কৰিছিল, কিন্তু তেওঁলোকৰ ভুল হ’ল আমাৰ লগত আলোচনা কৰিব লাগিছিল ৷ নকৰিলে ৷ আমাৰ মনৰ কথাখিনি তেওঁলোকে নুশুনিলেই বা নাজানিলেই আমি কি ক’ব বিচাৰিছিলো, কি বিচাৰিছিলো ৷ সেইদৰে অগপই কংগ্ৰেছক সমালোচনা কৰে আৰু কংগ্ৰেছৰ সমৰ্থন লৈ জিলা পৰিষদ গঠন কৰা সন্দৰ্ভত কয় যে সভাপতি নিৰ্বাচনৰ বাবে কোনো ভোটেই হোৱা নাই ৷ ভোট হলে আমাৰ পৰা নিশ্চয় তেওঁলোকৰ সমৰ্থন বিচাৰিলেহেতেন ৷ ভোটেই হোৱা নাই ৷ তেওঁলোকে প্ৰাৰ্থী দিলে ভোট হ’লহেতেন ৷ আমি চাৰিজন আছো আৰু তেওঁলোক তিনিজন আছে ৷ তেওঁলোকে কেনেকৈ প্ৰাৰ্থী দিব ? কংগ্ৰেছে সমৰ্থন জনোৱাৰ কথাটো ইয়াত অহা নাই ৷ তেওঁ কয় যে অগপৰ চাৰিজন আছিল, দুগৰাকী নিৰ্দলীয় আৰু এজন কংগ্ৰেছৰ আছিল ৷

কংগ্ৰেছৰ দুজন নহয় এজনহে বুলিও কয় ৷ ইপিনে আবেলি বঙাইগাঁৱৰ অগপ কাৰ্যালয়ত বিজয় সভা অনুষ্ঠিত কৰি নৱনিৰ্বাচিত সভাপতি তথা দলৰ আন জিলা পৰিষদৰ সদস্যক সম্বৰ্ধনা জ্ঞাপন কৰে ৷ আনহাতে অগপ কাৰ্যালয়ত এখন সংবাদ মেলৰো আয়োজন কৰে দলৰ পৰা ৷ সংবাদ মেলত দলৰ সাধাৰণ সম্পাদক ভূপেন ৰায়, উপ সভাপতি অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই বক্তব্য ৰাখে ৷ সংবাদ মেলত বিধায়িকা দীপ্তিময়ী চৌধুৰী, জিলাৰ নেতৃত্ব উপস্থিত থাকে ৷

পঞ্জীয়ন নথকা ই-ৰিক্সাৰ জৰিমনা দুহাজাৰ টকা । e-rickshaw

পঞ্জীয়ন নথকা ই-ৰিক্সাৰ জৰিমনা দুহাজাৰ টকা । e-rickshaw
পঞ্জীয়ন নথকা ই-ৰিক্সাৰ জৰিমনা দুহাজাৰ টকা । e-rickshaw

e-rickshaw । নগাঁও জিলাৰ ৰহা পৌৰসভাই ই-ৰিক্সা চলাচলত বিশেষ নিৰ্দশনা প্ৰদান কৰিছে। আজি ৰহা পৌৰপতিৰ স্বাক্ষৰিত আৰ,এম,বি,/ই-ৰিক্সা/২৩১/২০২৫-২৬/02 নম্বৰৰ নিৰ্দেশনা অনুসৰি অহা ৬ আগষ্ট তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ নিৰ্দেশ প্ৰদান কৰিছে। উল্ল্যেখ্য যে, ৰহা পৌৰসভাৰ সভানেত্রী সভাপতিত্বত তেখেতৰ কাৰ্য্যালয় যোৱা ১৫ জুন,২০২৫ তাৰিখে অনুষ্ঠিত সভাৰ সিদ্ধান্ত মর্মে ৰহাপৌৰ সভা এলেকাৰ ভিতৰত ই-ৰিক্সা চলাচলৰ ক্ষেত্ৰত নির্দেশনাসমূহ জাৰি কৰা হৈছে। নিৰ্দেশনা অনুসৰি ৰহা পৌৰসভা এলেকাত ই-ৰিক্সা চলাবলৈ হ’লে ৰহাপৌৰ সভাত পঞ্জীয়নভুক্ত হোৱাতো বাধ্যতামূলক।

পঞ্জীয়ন নথকা ই-ৰিক্সা ৰহা পৌৰসভা এলেকাত চলাচল কৰিব নোৱাৰিব। অন্যথা ২০০০(দুই হাজাৰ টকা) জৰিমনা বিহা হ’ব। তদুপৰি সকলো ই-ৰিক্সা চালকে ৰহা পৌৰসভাই যোগান ধৰা ই-ৰিক্সা নম্বৰৰ ফলক সকলোৰে দৃষ্টিগোচৰ হোৱাকৈ ই-ৰিক্সা সম্মুখ ভাগত লগাব লাগিব।ৰহা পৌৰসভা এলেকাত ৰহা পৌৰ সভাৰ পৰা অনুমোদিত ই-ৰিক্সাৰ বাহিৰে অন্য কোনো ই-ৰিক্সা চলাচল কৰিব নোৱাৰিব। পূৱা ৫ বজাৰ পৰা নিশা ১ বজালৈকেহে ই-ৰিৰ্ক্সা সমূহ চলাচল কৰিব পাৰিব।
প্রতিখন ই-ৰিক্সাৰ সোঁ ফালটো গ্ৰীলেৰে বন্ধ কৰা হ’ব লাগিব। ই-ৰিক্সা সমূহৰ আগফাল ও পিছফালে হালধীয়া ৰিফ্লেক্তৰ টেপ লগোৱাটো বাঞ্চনীয়।ই-ৰিক্সা চালকে কোনো ধৰণৰ নিচাযুক্ত দ্রব্য সেৱন কৰি ই-ৰিক্সা চলাব নোৱাৰিব। অন্যধা অনুমোদন নাকচ কৰা হ’ব।


চালকৰ বাহিৰে চালকৰ আসনত অন্য যাত্রী বহুবাব নোৱাৰিব। চালকৰ সৈতে সর্বমুঠ ৫ (পার্ট) জন আৰি এখন ই-ৰিক্সাত যাতায়ত কৰিব পাৰিব।চালকে ই-ৰিক্সা চলোৱাৰ অনুজ্ঞাপত্ৰ সকলো সময়তে লগত ৰাখিব লাগিব। অন্যথা ৫০০ টকা জৰিমনা ভৰিব লাগিব। ভাৰা নিৰিখমতে ল’ব লাগিব। প্রথম কিলোমিটাৰ ১০.০০ টকা আৰু তাৰ পিছত প্রতি কিলোমিটাৰৰ বাবদ ৫.০০ টকা আদায় ল’ব পাৰিব।তিনিআলি, চাৰিআলি সমূহৰ ১০ মিটাৰৰ ভিতৰত ই-ৰিক্সাই যাত্রী উঠোনা নমোৱা কৰিব নোৱাৰিব।যাত্রী উঠোৱা-নমোৱা কৰিবলৈ কোনো ই-ৰিক্সা ১ মিনিটতকৈ বেছি সময় ৰ’ব নোৱাৰিব। লগতে ই-ৰিক্সাৰ বাবে চহৰত কোনো নির্দিষ্ট পার্কিং স্থান নাথাকে বুলি উল্লেখ কৰি
এই নিয়মসমূহ অহা ০৬-০৮-২০১৫ তাৰিখৰ পৰা পৰবৰ্তী নির্দেশ পর্য্যন্ত কাৰ্য্যক্ষম হ’ব আৰু নিয়ম সমূহ উলংঘা কৰিলে আইনমতে দণ্ডনীয় হ’ব বুলি নিৰ্দেশনা প্ৰদান কৰিছে।
প্ৰেৰক, বুলন চন্দ্ৰ নাথ। ৰহা ।।
ছবি বাতৰিৰ লগত গৈছে ।

বহু জল্পনা-কল্পনাৰ অন্তত গঠন হ’ল দৰং জিলা পৰিষদ । Darrang

বহু জল্পনা-কল্পনাৰ অন্তত গঠন হ'ল দৰং জিলা পৰিষদ । Darrang
বহু জল্পনা-কল্পনাৰ অন্তত গঠন হ'ল দৰং জিলা পৰিষদ । Darrang


Darrang । বহুদিনৰ অপেক্ষাৰ অন্তত মঙলবাৰে গঠন কৰা হ’ল দৰং জিলা পৰিষদ। জিলা খনৰ মুঠ ১২ খন আসনৰ ভিতৰত ৬ খন বিজেপি, ১ খন অগপ, ৪ খন কংগ্ৰেছ আৰু ১ খন ৰাইজৰ দলে লাভ কৰা পৰিপ্ৰেক্ষিতত এই জিলা পৰিষদ গঠন প্ৰক্ৰিয়া অনুষ্ঠিত হয়।

দুয়োখন শীৰ্ষ পদ — সভাপতি আৰু উপ-সভাপতি — এইবাৰ মহিলা সংৰক্ষিত আছিল। সভাপতি পদত হাউলি জিলা পৰিষদ সমষ্টিৰ বিজেপি সদস্য শেৱালী গোস্বামী কলিতা আৰু উপ-সভাপতি পদত কুৰুৱা-হাজৰিকাপাৰা সমষ্টিৰ বিজেপি সদস্য পৰিস্মিতা নাথ নিৰ্বাচিত হয়।

এদিন আনুষ্ঠানিক শপত গ্ৰহণ অনুষ্ঠানৰ পিছতে সভাপতি আৰু উপ-সভাপতি পদৰ বাবে গোপন ভোটগ্ৰহণ অনুষ্ঠিত হয়। কংগ্ৰেছ দলৰ তৰফৰ পৰা সভাপতি পদত মুক্তা দেৱী মণ্ডল আৰু উপ-সভাপতি পদত নিলোৱাৰা ইয়াচমিনৰ নাম প্ৰস্তাৱ কৰা হৈছিল। গোপন ভোটত বিজেপি প্ৰাৰ্থীসকলে ৭ টাকৈ ভোট লাভ কৰে, কংগ্ৰেছ প্ৰাৰ্থীসকলে ৪ টাকৈ ভোট আৰু ১ টা ভোট বাটিল হিচাপে গণ্য হয়। ফলস্বৰূপে শেৱালী গোস্বামী কলিতা সভাপতি আৰু পৰিস্মিতা নাথ উপ-সভাপতি ৰূপে নিৰ্বাচিত হন।

এই গঠনত উল্লেখযোগ্য যে, ২০২৩-২৪ বৰ্ষত অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনত দৰং জিলা পৰিষদত বিজেপিয়ে অভূতপূৰ্ব সাফল্য লাভ কৰিছিল। জিলা পৰিষদৰ বিভিন্ন আসনত জয়লাভ কৰা প্ৰাৰ্থীসকল হৈছে:

  • দুমুনিচকী-বৰদৌলগুৰি – চণ্ডীচৰণ চৌধুৰী (অগপ)
  • কুৰুৱা-হাজৰিকাপাৰা – পৰিস্মিতা নাথ (বিজেপি)
  • দুনী-পথৰুঘাট – ৰূপালী দেৱী (বিজেপি)
  • দেওমৰনৈ-টেঙাবাৰী – হেমন্ত কুমাৰ ডেকা (বিজেপি)
  • ৰঙামাটি – বিতুপণ ডেকা (বিজেপি; বিনা প্ৰতিদ্বন্দিতাত জয়ী)
  • চপাই – অনিতা ৰাজবংশী (বিজেপি)
  • হাউলি – শেৱালী গোস্বামী কলিতা (বিজেপি)
  • মোৱামাৰী – মুক্তা দেৱী মণ্ডল (কংগ্ৰেছ)
  • অপৰিয়া-শ্যামটিলা – ময়ুৰী খাতুন (ৰাইজৰ দল)
  • বিহুদিয়া – ৰাকিব উদ্দিন আহমেদ (কংগ্ৰেছ)
  • বেছিমাৰী – মুহিবুদ্দিন আহমেদ (কংগ্ৰেছ)
  • শ্যামপুৰ – শাহনাজ নিলোৱাৰা ইয়াচমিন (কংগ্ৰেছ)

মঙলবাৰৰ শপত গ্ৰহণ আৰু দায়িত্ব গ্ৰহণ অনুষ্ঠানত বিধায়ক বসন্ত দাস, পৰমানন্দ ৰাজবংশী, মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, বিজেপিৰ জিলা সভাপতি মুকুন্দ ডেকা, উপ-সভাপতি প্ৰতাপ বৰদলৈ, দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মানস কুমাৰ দাস আদি উপস্থিত থাকিলে লগতে বিজেপি আৰু কংগ্ৰেছ দলৰ বহু নেতা-কর্মী এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।

বিজেপিয়ে জিলা পৰিষদৰ নেতৃত্ব দখল কৰি দৰং জিলাত তেওঁলোকৰ সাংগঠনিক শক্তিৰ প্ৰমাণ দিছে বুলি পৰ্যবেক্ষকসকলে মত প্ৰকাশ কৰিছে।

হিমন্তৰ চৰকাৰক লৈ কি ক’লে ৰাইজে UNCUT

বিজেপি -অগপ মিত্ৰজোঁটৰ নেতৃত্বত নগাঁও জিলা পৰিষদ গঠন । AGP & BJP

বিজেপি -অগপ মিত্ৰজোঁটৰ নেতৃত্বত নগাঁও জিলা পৰিষদ গঠন । AGP & BJP

AGP & BJP । বিজেপিৰ গীতাঞ্জলি হাজৰিকা সভানেত্ৰী – অগপৰ জয়শ্ৰী মণ্ডল উপসভানেত্ৰী হিচাপে নিৰ্বাচিত । উন্নয়নত গুৰুত্ব দিবলৈ আহ্বান মন্ত্ৰী কেশৱ মহন্তৰ

নগাঁও জিলাৰ ২৭ খন জিলা পৰিষদৰ নৱনিৰ্বাচিত সদস্যসকলৰ প্ৰথমখন সভা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয়।সভাৰ আৰম্ভণিতে জিলা পৰিষদৰ নৱ নিৰ্বাচিত সদস্যসকলক জিলা আয়ুক্তই শপত বাক্য পাঠ কৰোৱাই ।আজিৰ সভাতেই আগন্তুক পাচ বছৰৰ বাবে বিজেপি – অগপ মিত্ৰযোঁটৰ নেতৃত্বত নগাঁও জিলা পৰিষদ গঠন কৰা হয়। সেই অনুসৰি উৰিয়াগাঁও জিলা পৰিষদ সমষ্টিৰ সদস্যা বিজেপিৰ গীতাঞ্জলি হাজৰিকাক সভানেত্ৰী আৰু আমবাগান জিলা পৰিষদ সমষ্টিৰ সদস্যা অগপৰ জয়শ্ৰী মণ্ডলক উপ সভানেত্ৰী হিচাপে নিৰ্বাচিত কৰে । উল্লেখযোগ্য যে, এইবাৰৰ নগাঁও জিলা পৰিষদৰ সভাপতি আসনখন মহিলাৰ বাবে সংৰক্ষিত আৰু উপ-সভাপতি আসনখন অনুসূচীত জাতি (মুকলি) বাবে সংৰক্ষিত কৰা হৈছিল । ২৭ খন আসন বিশিষ্ট নগাঁও জিলা পৰিষদৰ ১৪ খন আসন দখল কৰি বিজেপি – অগপ মিত্ৰযোটে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল। কংগ্ৰেছ দলে ১৩ খন আসন দখল কৰি বিৰোধীৰ আসনত বহিবলগীয়া হয়। সভাত উপস্থিত বিশিষ্ট ব্যক্তি আৰু নৱ নিৰ্বাচিত সদস্যসকলৰ অনুৰোধ ক্ৰমে, জিলা আয়ুক্তই ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ কালজয়ী গীত “মানুহে মানুহৰ বাবে” পৰিবেশন কৰি নৱ নিৰ্বাচিত সদস্যসকলক উক্ত গীতৰ অন্তৰ্নিহিত কথাৰে নিজৰ কৰ্মক্ষেত্ৰত আগুৱাই যাবলৈ আহ্বান জনায় । সভাত অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক ক্ৰমে ৰূপক শৰ্মা, জিতু গোস্বামী, শশীকান্ত দাস , নুৰুল হুদা, শিবামণি বৰা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ চিকাৰীয়া, অতিৰিক্ত জিলা আয়ুক্ত পংকজ নাগবংশী, নিৰ্বাচনী বিষয়া শেখৰণ ফুকন, ৰূপহী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া পুলক বিশ্বাস, বগৰিগুৰি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰবেন কুমাৰ বর্মন ,কঠীয়াতলি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া শ্বেতা পদ্ম শৰ্মাকে প্ৰমুখ্য কৰি জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় আৰু নগাঁও জিলা পৰিষদৰ বিষয়া- কৰ্মচাৰীসকল উপস্থিত থাকে । ইপিনে সংবাদ মাধ্যমৰ আগত ৰাজহ মন্ত্ৰী কেশৱ মহন্তই নগাঁও জিলা পৰিষদৰ নিৰ্বাচিত সভানেত্ৰী ,উপসভানেত্ৰী সহ জিলা পৰিষদৰ সমুহক শুভেচ্ছা জনাই কয় অহা পাঁচবছৰৰ বাবে গঠন হোৱা নগাঁও জিলা পৰিষদে নগাঁও জিলাৰ সামগ্ৰিক উন্নয়ন আৰু বিকাশত সৰ্বাধিক গুৰুত্ব দিব। পঞ্চায়ত ব্যৱস্থা গতিশীল কৰিবৰ বাবে জিলা পৰিষদৰ নিৰ্বাচিত প্ৰতিনিধি সকলে ক্ষীপ্ৰতাৰে কাম কৰিব লাগিব।তেওঁ পঞ্চায়তৰ কাম কাজ স্বচ্ছ আৰু নিকা হয় ,তাৰ প্ৰতি গুৰুত্ব দিবলৈ নিৰ্বাচিত প্ৰতিনিধি সকলক আহ্বান জনাই।

হিমন্তৰ চৰকাৰক লৈ কি ক’লে UNCUT ।

লাডাখ ভ্ৰমণ সামৰিলে অসমৰ সাংবাদিকৰ দলে । উন্নয়ন, প্ৰতিৰক্ষা আৰু খিলঞ্জীয়া জ্ঞান পদ্ধতিৰ প্ৰদৰ্শন । Journalist Assam


Journalist Assam । প্ৰেছ ইনফৰ্মেচন ব্যুৰো (পিআইবি) গুৱাহাটীৰ উদ্যোগত অনুষ্ঠিত সাতদিনীয়া লাডাখ ভ্ৰমণ সফলতাৰে সামৰণি পেলালে অসমৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠানসমূহৰ ১৩ জনীয়া সাংবাদিকৰ দল। ২৮ জুলাইৰ পৰা আৰম্ভ হোৱা এই ভ্ৰমণ ৩ আগষ্ট, ২০২৫ত সম্পূৰ্ণ হয়। ভ্ৰমণৰ মূল উদ্দেশ্য আছিল লাডাখৰ উন্নয়ন যাত্ৰা, কৌশলগত তাৎপৰ্য, সমৃদ্ধ সাংস্কৃতিক পৰম্পৰা আৰু খিলঞ্জীয়া জ্ঞান পদ্ধতিৰ প্ৰদৰ্শন।

পিআইবিৰ গুৱাহাটীৰ বিষয়া-কৰ্মচাৰীৰে গঠিত প্ৰতিনিধি দলটোৱে লাডাখৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান আৰু ক্ষেত্ৰ পৰিদৰ্শন কৰে। ইয়াৰ ভিতৰত উল্লেখযোগ্য আছিল ভাৰতীয় জ্যোতিৰ্বিজ্ঞান মানৱ নিৰীক্ষণ কেন্দ্ৰ আৰু হেনলে ডাৰ্ক স্কাই ৰিজাৰ্ভ। ইয়াত সাংবাদিকসকলে ভাৰতৰ জ্যোতিৰ্বিজ্ঞান ক্ষেত্ৰৰ অগ্ৰগতি আৰু পোহৰ প্ৰদূষণ মুক্ত পৰিৱেশ সংৰক্ষণৰ প্ৰচেষ্টাৰ সঁপেতি হয়।

দলটোৱে আনহাতে অঞ্চলটোৰ একমাত্ৰ কমিউনিটি ৰেডিঅ’ ষ্টেচনো পৰিদৰ্শন কৰে, যিয়ে প্ৰায় ১০ কিমি ব্যাসাৰ্ধৰ ৮০০ গাঁৱৰ জনসংখ্যাৰ বাবে বাতৰি আৰু তথ্যৰ মুখ্য উৎস হিচাপে কাম কৰে।

লেহত সাংবাদিকসকলে আয়ুষ মন্ত্ৰালয়ৰ অধীনত চলি থকা নেচনেল ইনষ্টিটিউট অৱ সোৱা-ৰিগপা পৰিদৰ্শন কৰে। ইয়াত তিব্বতীয় পৰম্পৰাগত চিকিৎসা পদ্ধতি, বনৌষধি ঔষধ উৎপাদন, গৱেষণা আৰু ইয়াৰ আন্তঃৰাষ্ট্ৰীয় প্ৰাসংগিকতা সম্পৰ্কে সঁপেতি লাভ কৰে।

অন্য এটা গুৰুত্বপূৰ্ণ পৰিদৰ্শন আছিল সীমান্ত পথ সংস্থা (BRO)ৰ প্ৰজেক্ট হিমাংক। ইয়াত দলটোক বিশ্বৰ আটাইতকৈ উচ্চ আৰু প্ৰত্যাহ্বানমূলক অঞ্চলত নিৰ্মাণাধীন আন্তঃগাঁথনি প্ৰকল্পৰ বিষয়ে অৱগত কৰা হয়। এই প্ৰচেষ্টা ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু আঞ্চলিক সংযোগৰ ক্ষেত্ৰত বিশেষ তাৎপৰ্যপূৰ্ণ বুলি বৰ্ণনা কৰা হয়।

ডিফেন্স ইনষ্টিটিউট অৱ হাই এলটিটুড ৰিচাৰ্চ (DIHAR)ত অনুষ্ঠিত এক অধিবেশনত সাংবাদিকসকলে উচ্চ উচ্চতাৰ কৃষি, শীতল অঞ্চলত জীয়াই থকাৰ কৌশল, আৰু স্থানীয় কৃষক তথা সেনা বাহিনীক সহায় কৰা উদ্ভাৱনী গৱেষণা সম্পৰ্কে অৱগত হয়।

সাংবাদিকসকলে লাডাখৰ উদ্ভাৱনীমূলক আৱৰ্জনা ব্যৱস্থাপনা প্ৰচেষ্টা “প্ৰজেক্ট ছাংডাৰ” পৰিদৰ্শন কৰাৰ উপৰিও, পশমিনা উল আৰু এপ্ৰিকট উৎপাদনত নিযুক্ত স্থানীয় সমবায়সমূহৰ সৈতে মত বিনিময় কৰে। দলটোৱে অল চাংথাং পশমিনা খেতিয়ক সমবায় বিপণন সমিতিৰ সদস্যসকলৰ সৈতে আলোচনাত মিলিত হয়, যিয়ে স্থানীয় অঘৰী সম্প্ৰদায়ৰ জীৱিকাৰ উন্নয়ন আৰু পশমিনাৰ উন্নত বজাৰ প্ৰৱেশ নিশ্চিত কৰিবলৈ কাম কৰি আছে। পশমিনাৰ নিখুঁত সংগ্ৰহ প্ৰক্ৰিয়া আৰু কাপোৰ নিৰ্মাণ পৰ্যন্ত সাংবাদিকসকলে প্রত্যক্ষ কৰে।

এতেকে দলটোৱে জৈৱিক এপ্ৰিকট খেতিও পৰিদৰ্শন কৰে। এই খেতিত সাংবাদিকসকলে লাডাখৰ “সোণালী শস্য” বুলি খ্যাত এই ফলৰ খেতি, চপোৱা প্ৰক্ৰিয়া আৰু ইয়াৰ মূল্য সংযোজনৰ নানা দিশ জানিবলৈ সক্ষম হয়। এই খেতিয়েই মহিলাৰ অংশগ্ৰহণ, গ্ৰাম্য আয় আৰু GI টেগিংযোগে ৰপ্তানিৰ নতুন দিশ মুকলি কৰিছে।

ভ্ৰমণৰ সময়ত সাংবাদিকসকলে লাডাখৰ মুখ্য সচিবক সাক্ষাৎ কৰে আৰু কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ উন্নয়ন, প্ৰশাসনিক প্ৰত্যাহ্বান, আৰু সংবাদ মাধ্যমৰ লগত সম্ভাৱ্য সহযোগিতা সম্পৰ্কে মত বিনিময় কৰে। তদুপৰি, দলটোৱে লেহৰ তথ্য আৰু জনসংযোগ বিভাগ (DIPR) আৰু লেহ প্ৰেছ ক্লাবৰ সদস্যসকলৰ সৈতে আলোচনাত মিলিত হয়।

এই ভ্ৰমণৰ অন্তিম পৰ্যায়ত সাংবাদিকসকলে লেহ পেলেচ, পাংগং টছ’, সিন্ধু-জাংস্কাৰ ছাংগাম, মেগনেটিক হিল, ছুথাং হট স্প্ৰিংছ, আৰু ৰেজাং লা ৱাৰ মেম’ৰিয়েল আদি লাডাখৰ কিছুমান ঐতিহাসিক আৰু পৰ্যটন স্থানো পৰিদৰ্শন কৰে।

এই ভ্ৰমণে সাংবাদিকসকলক কেৱল লাডাখৰ উন্নয়ন আৰু কৌশলগত তাৎপৰ্য্যকেই নহয়, অঞ্চলটোৰ খিলঞ্জীয়া পৰম্পৰা, গৱেষণা আৰু উদ্যোগশীলতা সম্পৰ্কে গভীৰ অন্তৰ্দৃষ্টি প্ৰদান কৰে।

নগাঁৱত ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু তিথি “লোক কল্যাণ দিৱস” উদ্‌যাপন । Nagaon

Nagaon । জিলা আয়ুক্ত কাৰ্যালয়ত কৰ্মৰত বিপুল চন্দ্ৰ বৰালৈ “লোকসেৱা বঁটা” প্ৰদান
Nagaon । জিলা আয়ুক্ত কাৰ্যালয়ত কৰ্মৰত বিপুল চন্দ্ৰ বৰালৈ “লোকসেৱা বঁটা” প্ৰদান

Nagaon । জিলা আয়ুক্ত কাৰ্যালয়ত কৰ্মৰত বিপুল চন্দ্ৰ বৰালৈ “লোকসেৱা বঁটা” প্ৰদান

নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৭৫ সংখ্যক মৃত্যু তিথি উপলক্ষে লোক কল্যাণ দিৱস টি আজি নগাঁও জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা (ভা:প্ৰ:সে: )ৰ সভাপতিত্বত অনুষ্ঠিত হয় । এই দিৱসতেই কৰ্ম ক্ষেত্ৰত বিভিন্ন দিশত পাৰদৰ্শিতা আগবঢ়োৱা ৰাজ্য চৰকাৰৰ বিষয়া-কৰ্মচাৰীলৈ মুখ্যমন্ত্ৰীৰ “কৰ্মশ্ৰী” আৰু “লোকসেৱা” বঁটা আগবঢ়োৱা হয় । এই বঁটাৰ মূল উদ্দেশ্য হৈছে জনসেৱাৰ প্ৰতি উৎসাহ প্ৰদান, চৰকাৰী সেৱাৰ গুণগত মানৰ উন্নয়ন, দায়িত্ববান, নিষ্ঠাবান আৰু উদ্যমী কৰ্মচাৰী চিনাক্তকৰণ আৰু আদৰ্শ স্থাপন কৰি আনক উৎসাহিত কৰা ইত্যাদি । আজিৰ সভাৰ আৰম্ভণিতে আয়ুক্তৰ লগতে উপস্থিত বিশিষ্ট ব্যক্তিসকলে লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে। অসম সংগীতেৰে আৰম্ভ হোৱা এই অনুষ্ঠানটিত সভাৰ উদ্দেশ্য বাখ্যা কৰে অতিৰিক্ত জিলা আয়ুক্ত মনোৰমা মৰাঙে ৷


সভাত ভাষণ প্ৰদান কৰি আয়ুক্ত গৰাকীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈ দেৱে স্বাধীন অসম গঢ়াৰ ক্ষেত্ৰত সামাজিক, সাংস্কৃতিক আৰু প্ৰশাসনিক দিশত আগবঢ়োৱা অৱদানক সোঁৱৰণ কৰি বক্তব্য আগবঢ়াই । এখন সুস্থ সবল সমাজ গঢ়াৰ ক্ষেত্ৰত সকলো কৰ্মচাৰীকে লোকসেৱাৰ মনোভাৱেৰে আগবাঢ়ি যাবলৈ আয়ুক্ত গৰাকীয়ে আহ্বান জনায় ।
এইবাৰৰ নগাঁও জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়ত কৰ্মৰত, জিলা প্ৰশাসনিক পৰ্য্যবেক্ষক সহায়ক বিপুল চন্দ্ৰ বৰালৈ আগবঢ়োৱা হৈছে অসম চৰকাৰৰ চলিত বৰ্ষৰ “লোকসেৱা বঁটা” ৷ ১৯৯৮ চনত কলিয়াবৰৰ মহকুমাধিপতিৰ কাৰ্যালয়ত চৰকাৰী কৰ্মচাৰী হিচাপে যোগদান কৰি প্ৰায় ২৪ বছৰে সেৱা আগবঢ়োৱা তথা পৰৱৰ্তী ২০২১ চনত নগাঁৱৰ জিলা আয়ুক্ত কাৰ্যালয়লৈ বদলি হৈ অহা বিপুল চন্দ্ৰ বৰাই বিগত প্ৰায় ২৬ বছৰে বিভিন্ন শাখাত নিষ্ঠা আৰু সততাৰে ৰাইজৰ সেৱা আগবঢ়ায় আহিছে আৰু জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্ম ব্যস্ততাৰ মাজতো সমাজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত নিবিড়ভাৱে জড়িত হৈ আহিছে ৷


জিলা খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ উপ পৰিদৰ্শক পলাসী বৰাই সুন্দৰ উপস্থাপনেৰে আঁতধৰা উক্ত অনুষ্ঠানটিত বঁটাপ্ৰাপক বিপুল চন্দ্ৰ বৰাৰ পিতৃ তথা অৱসৰ প্ৰাপ্ত ৰাজ্যিক পুৰস্কাৰ প্ৰাপ্ত কৃতি শিক্ষক কমলা কান্ত বৰাই সাৱলীল বক্তব্য আগবঢ়াই । আজিৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নগাঁও পৌৰসভাৰ সভানেত্ৰী অম্বিকা মজুমদাৰ, নগাঁও পৌৰসভাৰ উপ সভাপতি সীমান্ত বৰা, অতিৰিক্ত আয়ুক্ত সকল, সহকাৰী আয়ুক্তসকল, জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল, গণ্যমান্য ব্যক্তিসকলকে প্ৰমুখ্য কৰি জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকলৰ লগতে বঁটাপ্রাপ্ত বিপুল চন্দ্ৰ বৰাদেৱৰ পৰিয়ালবৰ্গ আৰু বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধি সকল উপস্থিত থাকে । উল্লেখ যে, প্ৰবীন মুক্তিযুঁজাৰু তথা অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু তিথিৰ লগত সংগতি ৰাখি “লোক কল্যাণ দিৱস”ত অসম চৰকাৰে প্ৰদান কৰা “লোকসেৱা বঁটা” এইবাৰ বিপুল চন্দ্ৰ বৰালৈ আগবঢ়োৱাত নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীবৃন্দৰ লগতে সদৌ অসম জিলা প্ৰশাসনীয় সন্থাৰ নগাঁও জিলা সমিতিৰ সদস্য সকল উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয় ৷ অসম চৰকাৰে শিক্ষক-কৰ্মচাৰী সকলৰ বাহিৰে বাকী সকলো বিভাগৰ চৰকাৰী কৰ্মচাৰী সকলৰ মাজৰ পৰা সুদক্ষ কৰ্মচাৰী বাঁচনি কৰি কৰ্মচাৰীৰ কৰ্মদক্ষতা আৰু কৰ্মস্পৃহা বৃদ্ধিৰ বাবে বিগত ২০২২ বৰ্ষৰ পৰা গুৰুত্বপূৰ্ণ এই বঁটাটি প্ৰদান কৰি আহিছে ৷ বঁটাপ্ৰাপক বিপুল চন্দ্ৰ বৰাই আয়ুক্ত কাৰ্যালয়ৰ কৰ্ম ব্যস্ততাৰ মাজতো সমাজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত নিবিড়ভাৱে জড়িত হৈ আহিছে ৷ শিশুৰ সৰ্বাঙ্গীণ উন্নয়নৰ স্বাৰ্থত অহোপুৰুষাৰ্থ শ্ৰম কৰা বিপুল চন্দ্ৰ বৰাই চৰকাৰী কৰ্মব্যস্ততাৰ মাজতো সদৌ অসম মইনা পাৰিজাতৰ লগত বহু বছৰ ধৰি জড়িত হৈ আছে আৰু বৰ্তমান সদৌ অসম মইনা পাৰিজাতৰ কেন্দ্ৰীয় সমিতিৰ এগৰাকী সাংগঠনিক সম্পাদক হিচাপে দৰে গধুৰ দায়িত্ব পালন কৰি আহিছে ৷ কেৱল সেয়াই নহয় চৰকাৰী কাৰ্যালয়ৰ বন্ধৰ দিনকেইটাতো বিভিন্ন জিলাত গৈ শিশু সকলৰ স্বাৰ্থত গঠনমূলক কাম- কাজত আত্মনিয়োগ কৰিছে ৷ অসম নাট্য সন্মিলন আৰু অসম সাহিত্য সভাৰ আজীৱন সদস্য বৰাই ভোটাই ডেকা শাখা নাট্য সন্মিলনৰ সাধাৰণ সম্পাদক , কলং পৰীয়া শাখা সাহিত্য সভাৰ সাংস্কৃতিক সম্পাদক, আঞ্চলিক ৰাস উৎসৱ উদ্‌যাপন সমিতিৰ সাধাৰণ সম্পাদক,ভোটাইগাঁও জ্যোতি লাইব্ৰেৰী আৰু তৰুণ সঙ্ঘৰ সাধাৰণ সম্পাদক , ভোটাই ডেকা উন্নয়ন সমিতি আৰু সদ্য নিৰ্মিয়মান বুৰঞ্জী প্ৰসিদ্ধ নগঁঞা শইকীয়া ভোটাই ডেকাৰ মুৰ্তি নিৰ্মাণ সমিতিৰ সক্ৰিয় সদস্য আদিকে ধৰি নগাঁৱৰ বহু অনুষ্ঠান-প্ৰতিষ্ঠানৰ দায়িত্ব বহন কৰি আহিছে ৷ নগাঁৱৰ অন্যতম নাট্য সংগঠন সুন্দৰম নাট্য গোষ্ঠী,উৰিয়াগাঁও ; অবিনশ্বৰ গোষ্ঠী,নগাঁৱৰ লগত জড়িত নাট্যশিল্পী গৰাকী সুদক্ষ অভিনেতা হোৱাৰ উপৰিও কৌতুক অভিনেতা হিচাপেও পৰিচিত বিপুল চন্দ্ৰ বৰাই কথাছবি আৰু ধাৰাবাহিকত অভিনয় কৰিছে আৰু মঞ্চ নাটত অভিনয় ,অসমীয়া ভাৱনাত অভিনয় কৰি নিজৰ শিল্পী সত্বাৰ পৰিচয় ডাঙি ধৰি নিজৰ প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হৈছে ৷ এই গৰাকী লোকক অসম চৰকাৰে “লোকসেৱা বঁটা” প্ৰদান কৰাত নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ সাহিত্য ,সংস্কৃতি সংগঠনৰ লগতে অপেচাদাৰী নাট্য সংগঠন সমূহৰ প্ৰতিনিধি সকলেও সন্তুষ্টি প্ৰকাশ কৰা পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে, অসমৰ বিভিন্ন জিলাৰ মুঠ ৫৯ গৰাকীয়ে জিলা ভিত্তিত এই লোক সেৱা বঁটা লাভ কৰিছে আৰু তাৰ ভিতৰত বিপুল চন্দ্ৰ বৰাই নগাঁও জিলাৰ একমাত্ৰ হিচাপে মনোনীত হৈ সমগ্ৰ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷