Home Blog Page 179

Vyomika Singh: কর্ণেল ছ’ফিয়াৰ পিছত ব্যোমিকাক সমালোচনা এছ পি সাংসদৰ

Vyomika Singh: কর্ণেল ছ'ফিয়াৰ পিছত ব্যোমিকাক সমালোচনা এছ পি সাংসদৰ
Vyomika Singh: কর্ণেল ছ'ফিয়াৰ পিছত ব্যোমিকাক সমালোচনা এছ পি সাংসদৰ

কৰ্ণেল ছ’ফিয়াৰ পিছত বিজেপি মন্ত্ৰী ব্যোমিকাক জাতিত ধৰি সমালোচনা এছ পি সাংসদৰ! মধ্যপ্ৰদেশৰ বিজেপিৰ এগৰাকী মন্ত্ৰীয়ে ছ’ফিয়াক লৈ কৰা মন্তব্যক লৈ বিতৰ্কৰ ধুমুহা এতিয়াও শান্ত হোৱা নাই। ইফালে ব্যোমিকা সিঙক লৈ বিতৰ্কিত মন্তব্য কৰে এছ পি সাংসদগৰাকীয়ে।(Vyomika Singh)

মধ্যপ্ৰদেশ চৰকাৰৰ বিজেপি মন্ত্ৰী বিজয় শ্বাহে ভাৰতীয় সেনাৰ কৰ্ণেল ছফিয়াক ‘সন্ত্রাসবাদীৰ ভগ্নী’ আখ্যা দি বিতর্কৰ সৃষ্টি কৰিছিল৷ বিজেপি মন্ত্ৰীগৰাকীৰ ‘ঘৃণনীয়’ মন্তব্যক লৈ বিতৰ্কৰ ধুমুহা এতিয়াও শাম কটা নাই। ইফালে উত্তৰ প্ৰদেশ সমাজবাদী পাৰ্টিৰ সাংসদ ৰামগোপাল যাদৱে বিজেপি মন্ত্ৰীক লক্ষ্য কৰি ভাৰতীয় বায়ুসেনাৰ উইং কমাণ্ডাৰ ব্যোমিকা সিংক লৈ বিতৰ্কিত মন্তব্য কৰে। তেওঁৰ বিৰুদ্ধে ‘বৰ্ণবাদী’ মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছে। মন কৰিবলগীয়া যে ব্যোমিকাৰ নামটোৰ অৰ্থ হ’ল আকাশৰ কন্যা।

‘অপাৰেচন সিন্দুৰ’ৰ পিছত সেনাৰ কন্যা দুগৰাকী ছ’ফিয়া আৰু ব্যোমিকাক বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু সেনাৰ যৌথ সংবাদমেলত দেখা পোৱা গৈছিল। ভাৰতীয় আক্ৰমণত পাকিস্তানে হোৱা ক্ষতিৰ বিশদ বিৱৰণ দিয়াৰ, লগতে ইছলামবাগৰ সকলো ভুৱা দাবীও খাৰিজ কৰে। শেহতীয়াকৈ ৰামগোপালে এখন বৈঠকত বিজেপিক লক্ষ্য কৰি কয়, “তেওঁলোকৰ এজন মন্ত্ৰীয়ে কৰ্ণেল কুৰেশ্বীৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰিছিল। কিন্তু সেই মন্ত্ৰীজনে নাজানে ব্যোমিকা সিং কোন আৰু এয়াৰ মাৰ্শ্বাল এ কে ভাৰতী কোন। তেওঁ জানিলে তেওঁলোককো লক্ষ্য কৰি ল’লেহেঁতেন।”

ৰামগোপাল ইয়াতেই থমকি নৰ’ল। তেওঁ দাবী কৰে যে ব্যোমিকা হাৰিয়ানাৰ জাটাৱ সম্প্ৰদায়ৰ আৰু ভাৰতী বিহাৰৰ পূৰ্ণিয়া অঞ্চলৰ এজন যাদৱ। এই প্ৰসংগত এছ পি সাংসদগৰাকীয়ে লগতে কয়, “তেওঁলোক তিনিওজনেই (ছফিয়া, ব্যোমিকা আৰু ভাৰতী) পিডিএ (পিছপৰা, দলিত, সংখ্যালঘু)।

বিতৰ্কৰ সূচনা হোৱাৰ লগে লগে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে লিখিছে, “সেনাৰ পোছাক বৰ্ণবাদৰ চকুৰে দেখা নাযায়। ভাৰতীয় সেনাৰ প্ৰতিজন জোৱানেই নিজৰ জাতীয় কৰ্তব্য পালন কৰে। তেওঁলোক কোনো ধৰ্ম বা জাতিৰ প্ৰতিনিধি নহয়।” আদিত্যনাথেও ৰামগোপালৰ ‘সংকীৰ্ণ মানসিকতা’ক লৈ প্ৰশ্ন উত্থাপন কৰে। ইয়াৰ পিছতে আৰক্ষী অধীক্ষক অখিলেশ সিং যাদৱৰ ঘনিষ্ঠ বুলি জনাজাত ৰামগোপালেও স্পষ্টীকৰণ দিয়ে। তেওঁ দাবী কৰে যে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে সমগ্ৰ বক্তব্য নুশুনি বিষয়টোৰ ওপৰত ৰাজনীতি কৰিছে।

Pakistan PM Shehbaz Sharif: ভাৰতৰ সৈতে শান্তি আলোচনাৰ বাবে সাজু পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ

Pakistan PM Shehbaz Sharif: ভাৰতৰ সৈতে শান্তি আলোচনাৰ বাবে সাজু পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ
Pakistan PM Shehbaz Sharif: ভাৰতৰ সৈতে শান্তি আলোচনাৰ বাবে সাজু পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ

ভাৰতৰ সৈতে শান্তি আলোচনা বিচাৰিছে পাকিস্তানে৷ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ এই মন্তব্য।(Pakistan PM Shehbaz Sharif)

‘আমি যুদ্ধ নহয়, শান্তিহে বিচাৰিছোঁ’ ভাৰতৰ সৈতে শান্তি আলোচনা কৰিবলৈ সাজু এতিয়া পাকিস্তানৰ। ‘শান্তি’ৰ বাবে ভাৰতৰ সৈতে আলোচনাৰ প্ৰস্তাৱ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজৰ।

পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে বৃহস্পতিবাৰে ভাৰতক আলোচনাৰ প্ৰস্তাৱ দি কয় যে পাকিস্তানে “শান্তিৰ বাবে” সাজু। দেশখনৰ পঞ্জাৱ প্ৰদেশৰ কামৰা বিমান ঘাটি ভ্ৰমণৰ সময়ত শ্বেহবাজে এই মন্তব্য কৰে য’ত তেওঁ শেহতীয়াকৈ ভাৰতৰ সৈতে হোৱা সামৰিক সংঘৰ্ষৰ সৈতে জড়িত বিষয়া আৰু জোৱানসকলৰ সৈতে মত বিনিময় কৰে।

“শান্তিৰ বাবে আমি ভাৰতৰ সৈতে কথা পাতিবলৈ সাজু,” তেওঁ লগতে কয় যে “শান্তিৰ চৰ্ত”ৰ ভিতৰত কাশ্মীৰ বিষয়টোও অন্তৰ্ভুক্ত ৷

আনহাতে ই এ এম জয়শংকৰে কয় যে পাকিস্তানে সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদ বন্ধ নকৰালৈকে সিন্ধু জল সন্ধি স্থগিত ৰখা হ’ব।

১০ মে’ত ভাৰত আৰু পাকিস্তানে কেইবাদিনো সীমা অতিক্ৰম কৰি সংঘাতৰ অন্তত দুয়ো পক্ষই সকলো সামৰিক কাৰ্যকলাপ বন্ধ কৰাৰ বুজাবুজিত উপনীত হৈছিল।


পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে বৃহস্পতিবাৰে কয় যে ভাৰতৰ সৈতে শান্তি আলোচনাত মিলিত হ’বলৈ সাজু হৈছে।

Mintu Tamuli: নলবাৰীৰ বাঁহজানী মণ্ডল বিজেপিৰ সভাপতিৰ পৰা মিণ্টু তামুলীক অব্যাহতি।

Mintu Tamuli: নলবাৰীৰ বাঁহজানী মণ্ডল বিজেপিৰ সভাপতিৰ পৰা মিণ্টু তামুলীক অব্যাহতি।
Mintu Tamuli: নলবাৰীৰ বাঁহজানী মণ্ডল বিজেপিৰ সভাপতিৰ পৰা মিণ্টু তামুলীক অব্যাহতি।

নলবাৰীৰ বাঁহজানী মণ্ডল বিজেপিৰ সভাপতিৰ পৰা মিণ্টু তামুলীক অব্যাহতি। (Mintu Tamuli)

মিণ্টু তামুলীৰ স্থানত মণ্ডল বিজেপিৰ নতুন সভানেত্ৰী নিযুক্তি। (BJP)

নতুন সভানেত্ৰী হিচাপে চপলা মেধি ৰাজবংশীক নিযুক্তি। তৎকালে কাৰ্যকৰী হোৱাকৈ চপলা মেধি ৰাজবংশীক নিযুক্তি।

পত্ৰযোগে নতুন মণ্ডল সভাপতি নিযুক্তি সভাপতি দিলীপ শইকীয়াৰ।

Rahu Favorite Rashi: দুটা বিশেষ ৰাশি ৰাহু গ্ৰহৰ প্ৰিয়, ৰাহুৰ কৃপাত ধন-সম্পত্তি আৰু খ্যাতি লাভ কৰে এই দুই ৰাশিৰ গৰাকীয়ে

Rahu Favorite Rashi: দুটা বিশেষ ৰাশি ৰাহু গ্ৰহৰ প্ৰিয়, ৰাহুৰ কৃপাত ধন-সম্পত্তি আৰু খ্যাতি লাভ কৰে এই দুই ৰাশিৰ গৰাকীয়ে
Rahu Favorite Rashi: দুটা বিশেষ ৰাশি ৰাহু গ্ৰহৰ প্ৰিয়, ৰাহুৰ কৃপাত ধন-সম্পত্তি আৰু খ্যাতি লাভ কৰে এই দুই ৰাশিৰ গৰাকীয়ে

১৮ মে’ত ৰাহু ট্ৰেনজিট কৰি কুম্ভ ৰাশিত প্ৰৱেশ কৰিব। ডেৰ বছৰৰ পিছত ঘটা ৰাহুৰ এই ট্ৰেনজিটে ১২টা ৰাশিৰ সকলোকে প্ৰভাৱিত কৰিব। কিন্তু ২টা ৰাশি আছে যাৰ ওপৰত ৰাহু সদায় দয়ালু হৈ থাকে কাৰণ জ্যোতিষত এইৰাশিক ৰাহুৰ প্ৰিয় ৰাশি বুলি গণ্য কৰা হয়। (Rahu Favorite Rashi)

প্ৰতিটো ৰাশিৰ এটা শাসক গ্ৰহ থাকে। কিন্তু ৰাহু আৰু কেতু এনে দুটা নিষ্ঠুৰ গ্ৰহ যিবোৰৰ কোনো ৰাশিৰ মালিকীস্বত্ব নাই। জ্যোতিষশাস্ত্ৰত ৰাহু আৰু কেতুক লুভীয়া গ্ৰহ বুলি গণ্য কৰা হয়। এই দুয়োটা ছাঁয়া গ্ৰহ।

ৰাহু আৰু কেতুক শনিৰ দৰে অশুভ আৰু নিষ্ঠুৰ গ্ৰহৰ ভিতৰত গণ্য কৰা হয়। যদি এই দুয়োটা গ্ৰহে অশুভ ফলাফল দিয়ে তেন্তে ই ব্যক্তিজনৰ জীৱন ধ্বংস কৰে।

ৰাহুৰ প্ৰিয় ৰাশি-

অৱশ্যে ৰাহুৱে যদি শুভ ফল দিয়ে তেতিয়া ব্যক্তিজনে ৰজাৰ দৰে সুখী, সমৃদ্ধিশালী আৰু সন্মানীয় জীৱন লাভ কৰে। জ্যোতিষত এনে ২টা ৰাশিৰ কথা উল্লেখ কৰা হৈছে, যাৰ ওপৰত ৰাহুৰ বিশেষ আশীৰ্বাদ আছে। নিষ্ঠুৰ ৰাহু গ্ৰহৰ প্ৰিয় ৰাশিৰ কোনবোৰ ৰাশি জানি লওক।

সিংহ ৰাশি-
জ্যোতিষৰ মতে সিংহ ৰাশি ৰাহু গ্ৰহৰ প্ৰিয় ৰাশি। ৰাহুৱে এই ৰাশিৰ লোকসকলক শুভ ফল দিয়ে। ৰাজনীতিৰ ক্ষেত্ৰত তেওঁক উচ্চ পদবী দিয়ে। হঠাতে জীৱনত ডাঙৰ আৰু ইতিবাচক পৰিৱৰ্তন আনে। ধন-সম্পত্তি আৰু সমৃদ্ধি দিয়ে।

বৃশ্চিক ৰাশি-
ৰাহুৱেও বৃশ্চিক ৰাশিৰ লোকসকলক আশীৰ্বাদ দিয়ে। এই লোকসকলে নিজৰ কেৰিয়াৰত হঠাৎ সফলতা লাভ কৰে। খ্যাতি আৰু ধন লাভ কৰক। সমাজত সন্মান পায়।

Russia-Ukraine: আজি তুৰস্কত ৰাছিয়া-ইউক্রেইনৰ শান্তি আলোচনাৰ সম্ভাৱনা

Russia-Ukraine: আজি তুৰস্কত ৰাছিয়া-ইউক্রেইনৰ শান্তি আলোচনাৰ সম্ভাৱনা
Russia-Ukraine: আজি তুৰস্কত ৰাছিয়া-ইউক্রেইনৰ শান্তি আলোচনাৰ সম্ভাৱনা

আজি তুৰস্কত ৰাছিয়া-ইউক্রেইনৰ শান্তি আলোচনা সম্ভাৱনা। (Russia-Ukraine)

যুদ্ধ বিৰতিয়েই হ’ব আলোচনাৰ লক্ষ্য।

ইস্তানবুলত বহিব দুয়োদেশৰ ৰাজনৈতিক প্রতিনিধি ।

ইউক্রেইনৰ হৈ আলোচনাত অংশ ল’ব প্ৰতিৰক্ষা মন্ত্ৰী ৰুস্তেম উমেৰোভে ।

লগতে থাকিব সামৰিক আৰু চোৰাংচোৱাৰ শীৰ্ষ বিষয়া ।

যুদ্ধবিৰতিয়েই আলোচনাৰ প্ৰাথমিক লক্ষ্য বুলি সদৰী ইউক্রেইনৰ ৰাষ্ট্ৰপতিৰ।

Xযোগে আলোচনাৰ পূৰ্বে তুৰস্কৰ ৰাষ্ট্ৰপতি আৰ টি আৰডোগনক ।

অৱশ্যে ৰাছিয়াই আলোচনাৰ প্ৰক্ৰিয়াক গুৰুত্বসহকাৰে নোলোৱাৰ অভিযোগ কৰিছে জেলেনস্কিয়ে ।

ৰাছিয়াই এতিয়াও যুদ্ধ শেষ হোৱাটো নিবিচাৰে বুলি অভিযোগ জেলেনস্কিৰ।

তিনি বছৰৰ ভিতৰত প্ৰথমখন শান্তি আলোচনা বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল যদিও শুকুৰবাৰলৈকে পিছুৱাই দিয়া হয়।

Sprouted Peanuts: মাত্ৰ এমুঠিয়ে যথেষ্ট, হাৰ্টৰ পৰা হাড়লৈকে উপকাৰী গজালি ওলোৱা বাদাম

Sprouted Peanuts: মাত্ৰ এমুঠিয়ে যথেষ্ট, হাৰ্টৰ পৰা হাড়লৈকে উপকাৰী গজালি ওলোৱা বাদাম
Sprouted Peanuts: মাত্ৰ এমুঠিয়ে যথেষ্ট, হাৰ্টৰ পৰা হাড়লৈকে উপকাৰী গজালি ওলোৱা বাদাম

গজালি ওলোৱা বাদাম খালে বহু উপকাৰ হ’ব পাৰে। ওজন কমাবলৈ সহায় হ’ব, হজম শক্তি উন্নত কৰে আৰু হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে। পুষ্টি সমৃদ্ধ গজালি ওলোৱা বাদামত প্ৰচুৰ পৰিমাণে প্ৰটিন, আঁহ, এন্টিঅক্সিডেন্ট থাকে।(Sprouted Peanuts)

যদি মানুহৰ শৰীৰত বিভিন্ন সমস্যা থাকে। তাৰ মাজতে আমি ভালকৈ থাকিব লাগিব। যিবোৰ মানুহে সুস্থ মনৰে সুখী হৈ থাকিব বিচাৰে তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰাৰ প্ৰয়োজন নাই আৰু বিশেষ অসুবিধাৰ সন্মুখীন হ’ব নালাগে। মাত্ৰ ৰাতিপুৱাই এমুঠি গজালি ওলোৱা বাদাম খাব লাগিব। ই শৰীৰৰ প্ৰায় প্ৰতিটো অংগৰ বাবে উপকাৰী।


কোৱা হয় যে পেট পৰিষ্কাৰ হ’লে প্ৰতিটো ৰোগ নাইকিয়া হৈ যায়। কিন্তু বেয়া জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যই পেট পৰিষ্কাৰ হ’বলৈও নিদিয়ে আৰু ৰোগবোৰো নাইকিয়া হ’বলৈ নিদিয়ে। এনে পৰিস্থিতিত আঁহযুক্ত গজালি ওলোৱা বাদাম খালে পাচনতন্ত্ৰ সুস্থ কৰি ৰাখে। গতিকে কোষ্ঠকাঠিন্য, বদহজম, পেট ফুলাৰ দৰে সমস্যাবোৰ আঁতৰত থাকে। আয়ুৰ্বেদেও অংকুৰিত বাদামক স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰে।

ডায়েবেটিছ ৰোগীয়ে খাদ্যাভ্যাসৰ প্ৰতি অতি সাৱধান হ’ব লগা হয়। কিন্তু বাদাম খালে তেওঁলোকে চিন্তা কৰিব নালাগে। গজালি ওলোৱা বাদাম তেওঁলোকৰ বাবে অতি উপকাৰী।

পুষ্টিকৰ উপাদান সমৃদ্ধ গজালি ওলোৱা বাদামত প্ৰচুৰ পৰিমাণে কেলচিয়াম থাকে। দৈনিক গজালি ওলোৱা বাদাম খালে আপোনাৰ হাড়বোৰ মজবুত হয়। গাঁঠিৰ বিষ, লগতে দুৰ্বলতা আঁতৰোৱাতো ই উপকাৰী।

জিমত ঘণ্টাৰ পিছত ঘণ্টা ঘাম ওলোৱা আৰু সঠিকভাৱে খাদ্য খোৱাৰ পিছতো যদি আপোনাৰ ওজন নকমে, তেন্তে গজালি ওলোৱা বাদাম খাব লাগে। গজালি ওলোৱা বাদামত ওমেগা-৬ ফেটি এচিড থাকে, যিয়ে আপোনাক মেদবহুলতাৰ পৰা মুক্তি কৰাত সহায় কৰিব পাৰে।

Donald Trump: পাৰমাণৱিক চুক্তিক লৈ ইৰাণৰ সৈতে আলোচনা কৰিব ড’নাল্ড ট্ৰাম্পে

Donald Trump: পাৰমাণৱিক চুক্তিক লৈ ইৰাণৰ সৈতে আলোচনা কৰিব ড’নাল্ড ট্ৰাম্পে
Donald Trump: পাৰমাণৱিক চুক্তিক লৈ ইৰাণৰ সৈতে আলোচনা কৰিব ড’নাল্ড ট্ৰাম্পে

পাৰমাণৱিক চুক্তিক লৈ ইৰাণৰ সৈতে আলোচনা (Donald Trump) কৰিব বিচাৰিছে ড’নাল্ড ট্ৰাম্পে। কাটাৰৰ লুছাইল পেলেচত অনুষ্ঠিত ৰাতিৰ আহাৰ গ্ৰহণৰ সময়ত এই কথা কয় আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। তেওঁ কয় যে আমি ইৰাণৰ অগ্ৰগতি আৰু সফলতা চাব বিচাৰো। কিন্তু ভয়ংকৰভাৱে নহয়, শান্তিপূৰ্ণভাৱে।” ইৰাণৰ সন্দৰ্ভত ট্ৰাম্পে কয়, “তেওঁলোকে বাৰে বাৰে যুদ্ধলৈ যায় আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়। “আমি পুনৰ তেনেকুৱা হ’বলৈ নিদিওঁ।”(iran)

বুধবাৰে ট্ৰাম্পে কয় যে উপসাগৰীয় ৰাষ্ট্ৰ কাটাৰত অশৃংখলতা হৈছে। আমিৰ আল-থানীক প্ৰশংসা কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে কাটাৰত অভিযান্ত্ৰিক আৰু অন্যান্য উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা কৃতিত্বৰ বাবে এই দেশখনে নিজৰ নেতাক লৈ গৌৰৱ অনুভৱ কৰিছে। গাজাত হামাছে পণবন্দী কৰি ৰখা আমেৰিকাৰ নাগৰিকক উদ্ধাৰৰ ক্ষেত্ৰত কাটাৰে লোৱা ভূমিকাৰ বাবেও ট্ৰাম্পে বিশেষ কৃতজ্ঞতা প্ৰকাশ কৰে। আইডান আলেকজেণ্ডাৰৰ মুক্তি নিশ্চিত কৰাৰ ক্ষেত্ৰত কাটাৰৰ ভূমিকাক লৈ তেওঁ আশাবাদী। বাকী থকা আমেৰিকান পণবন্দীসকলক মুকলি কৰি দিয়াৰ ক্ষেত্ৰতো তেওঁ আশাবাদী।

আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ মতে, আমেৰিকা আৰু কাটাৰৰ বন্ধুত্বই সৰ্বোচ্চ স্তৰত উপনীত হৈছে, যিটো আগতে কেতিয়াও দেখা পোৱা নাছিল। ট্ৰাম্পৰ বৰ্তমানৰ পশ্চিম এছিয়া ভ্ৰমণৰ লক্ষ্য হৈছে ১ ট্ৰিলিয়ন ডলাৰৰ বিনিয়োগ নিশ্চিত কৰা। বুধবাৰে চৌদি আৰৱ ভ্ৰমণৰ সময়ত ট্ৰাম্পে ৬০০ বিলিয়ন ডলাৰৰ দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগ চুক্তিত স্বাক্ষৰ কৰে। চুক্তি অনুসৰি ছৌদি আৰবে আমেৰিকাৰ পৰা ১৪২ বিলিয়ন ডলাৰৰ অস্ত্ৰ-শস্ত্ৰ আৰু সামৰিক সঁজুলিও ক্ৰয় কৰিব। অৱশ্যে কাটাৰৰ পৰা তেওঁ কিমান বিনিয়োগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল সেয়া এতিয়াও নিশ্চিতভাৱে জানিব পৰা হোৱা নাই। অৱশ্যে প্ৰতিৰক্ষা আৰু কাটাৰ এয়াৰৱেজৰ বাবে প্ৰায় এশখন বিমান ক্ৰয় কৰাকে ধৰি দুয়োখন দেশৰ মাজত কেইবাটাও চুক্তিত উপনীত হৈছে। সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি কাটাৰে আমেৰিকাৰ পৰা ২০০ বিলিয়ন ডলাৰতকৈ অধিক মূল্যৰ ১৬০খনতকৈও অধিক বিমান ক্ৰয় কৰিব। লগতে ক্ৰয় কৰা হ’ব ড্ৰ’ন। অৱশ্যে হোৱাইট হাউছৰ তথ্যৰ উদ্ধৃতি দি আল জাজিৰাই কাটাৰে ৯৬ বিলিয়ন ডলাৰৰ ২১০খন বিমান ক্ৰয় কৰিব বুলি প্ৰকাশ কৰিছে।

আনহাতে, ৰাতিৰ আহাৰ গ্ৰহণৰ শেষত ট্ৰাম্প আৰু তামিম-বিন-হামাদ-আল-থানীয়ে ২০২৬ চনৰ ফুটবল বিশ্বকাপৰ স্মাৰকপত্ৰত স্বাক্ষৰ কৰে। ক’বলৈ গ’লে ২০২৬ চনৰ ফুটবল বিশ্বকাপৰ আয়োজন কৰিব আমেৰিকা, মেক্সিকো, আৰু কানাডাই। ইয়াৰ পূৰ্বে কাটাৰে ২০২২ চনত ফুটবল বিশ্বকাপ আয়োজন কৰিছিল।এই অনুষ্ঠানৰ বাবে ট্ৰাম্পে কাটাৰক অতিশয় প্ৰশংসা কৰিছিল।

Rajnath Singh: দায়িত্বহীন আৰু দুষ্ট দেশৰ হাতত পাৰমাণৱিক অস্ত্ৰ সুৰক্ষিত নে ?

Rajnath Singh: দায়িত্বহীন আৰু দুষ্ট দেশৰ হাতত পাৰমাণৱিক অস্ত্ৰ সুৰক্ষিত নে ?
Rajnath Singh: দায়িত্বহীন আৰু দুষ্ট দেশৰ হাতত পাৰমাণৱিক অস্ত্ৰ সুৰক্ষিত নে ?

পাকিস্তানৰ হাতত থকা পাৰমাণৱিক অস্ত্ৰ সঁচাই নিৰাপদ নে ? ‘অপাৰেচন সিন্দুৰ’ৰ পিছত প্ৰথমবাৰৰ বাবে কাশ্মীৰ ভ্ৰমণ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ।(Rajnath Singh) বৃহস্পতিবাৰৰ দুপৰীয়াৰ শ্ৰীনগৰত উপস্থিত হয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। ভাৰতীয় সেনাৰ চিনাৰ কৰ্পছৰ মুখ্য কাৰ্যালয়লৈ গৈ বিষয়াসকলৰ সৈতে কথা পাতিলে। ‘অপাৰেচন সিন্দুৰ’ৰ পিছত এয়া ৰাজনাথৰ প্ৰথম ভ্ৰমণ।

পাকিস্তানৰ বাবে পাৰমাণৱিক অস্ত্ৰ থকাটো নিৰাপদ নে বুলি প্ৰশ্ন উত্থাপন কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। ৰাজনাথ সিঙে ক’লে, “গোটেই বিশ্ববাসীৰ প্ৰতি মোৰ প্ৰশ্ন, ইমান দায়িত্বহীন আৰু দুষ্ট দেশৰ হাতত পাৰমাণৱিক অস্ত্ৰ সুৰক্ষিত নে?” একে সময়তে তেওঁ কয় যে মই ভাবো পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰসমূহ আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাৰ তত্বাৱধানত ৰখা উচিত। প্ৰসংগক্ৰমে এই আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৱে বিশ্বৰ বিভিন্ন দেশৰ পাৰমাণৱিক কাৰ্যকলাপ নিৰীক্ষণ কৰে।

ৰাজনাথে কয় যে পাৰমাণৱিক অস্ত্ৰৰে পাকিস্তানৰ ‘ব্লেকমেইল’ ভাৰতে সহ্য নকৰে। কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও একেধৰণৰ সুৰত কৈছিল, “যেতিয়া আমাৰ সশস্ত্ৰ বাহিনীয়ে পাৰমাণৱিক ভাবুকি প্ৰতিহত কৰিছে, তেতিয়া আমাৰ শত্ৰুৱে বুজি পাইছে যে ‘ভাৰত মাতা কি জয়’ৰ অৰ্থ কি।”

ৰাজনাথেও সেনাৰ বীৰত্বক অতিশয় প্ৰশংসা কৰে। সেনাবাহিনীক সম্বোধন কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে, ‘অপাৰেচন সিন্দুৰত আপোনালোকে যি কাম কৰিছে তাক লৈ সমগ্ৰ দেশ গৌৰৱান্বিত। বৃহস্পতিবাৰে ৰাজনাথে কাশ্মীৰৰ বাদামিবাগ সেনা শিবিৰ পৰিদৰ্শন কৰে। এই সেনা শিবিৰতে পাকিস্তানৰ গোলাবৰ্ষণ আহিছিল।

Arunachal Pradesh: কাল্পনিক নাম দিলেও অৰুণাচল সদায় ভাৰতৰ

Arunachal Pradesh: কাল্পনিক নাম দিলেও অৰুণাচল সদায় ভাৰতৰ
Arunachal Pradesh: কাল্পনিক নাম দিলেও অৰুণাচল সদায় ভাৰতৰ

চীনে পুনৰ অৰুণাচল প্ৰদেশৰ কেইবাটাও অঞ্চলৰ(Arunachal Pradesh)নাম সলনি কৰিলে৷ চীনৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়ে এক বিবৃতিযোগে ভাৰতৰ ২৭টা স্থানক নতুন নাম প্ৰদান কৰিছে৷ ভাৰতে এনে পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰি প্ৰতি বিবৃতি জাৰি কৰিছে৷ মঙলবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে স্পষ্ট কৰি দিয়ে যে অৰুণাচল প্ৰদেশ ভাৰতৰ অবিচ্ছেদ্য অংগ আছিল, আছে আৰু হৈ থাকিব৷

১২ মে’ত চীনৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়ে ঘোষণা কৰে যে তেওঁলোকে অৰুণাচল প্ৰদেশৰ ২৭টা অঞ্চলৰ নাম সলনি কৰিছে৷ মন কৰিবলগীয়া যে দীৰ্ঘদিন ধৰি অৰুণাচল প্ৰদেশক নিজৰ ভূখণ্ড বুলি গণ্য কৰা হৈছে৷ চীনৰ কেইবাখনো মানচিত্ৰত অৰুণাচল প্ৰদেশক তিব্বতৰ দক্ষিণ অংশ জিয়াংনান হিচাপে দেখুওৱা হৈছে৷ চীনে আকৌ এবাৰ সেই জঘন্য পদক্ষেপ গ্ৰহণ কৰিছে৷ বেইজিঙৰ এই জঘন্য ষড়যন্ত্ৰৰ পিছতে মাত মাতিছে ভাৰতে৷ মঙলবাৰে এক বিবৃতিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয়– ‘আমি চীনে ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ নাম সলনি কৰাৰ অসাৰ আৰু অযুক্তিকৰ প্ৰচেষ্টাৰ প্ৰতি লক্ষ্য ৰাখিছো৷

আমাৰ সামঞ্জস্যপূৰ্ণ নীতি অনুসৰি চীনৰ এই প্ৰচেষ্টা আমি নাকচ কৰিছো৷ চীনে ইয়াৰ নাম যিমানেই চেষ্টা নকৰক কিয়, অৰুণাচল প্ৰদেশ ভাৰতৰ আছিল, আছে আৰু হৈ থাকিব৷ অৰুণাচল ভাৰতৰ অবিচ্ছেদ্য অংশ৷’ মন কৰিবলগীয়া যে যোৱা বছৰ অৰুণাচল প্ৰদেশৰ ত্ৰিশটা স্থানক চীনা নাম দিয়া হৈছিল৷ বেইজিং চৰকাৰৰ এক ঘোষণাত কোৱা হৈছে যে ১২টা আৱাসিক এলেকা, ১১টা পাহাৰ, চাৰিখন নদী, এটা সুৰংগ আৰু দুটা খালী লটক চীনা নাম দিয়া হৈছে৷ ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে এই ঘটনাৰ প্ৰতি সঁহাৰি জনাই কয় যে চীনে মূৰ্খৰ দৰে কাম কৰিছিল৷ নাম সলনি কৰিলেও বাস্তৱ সলনি নহ’ব৷ অৰুণাচল ভাৰতৰ অবিচ্ছেদ্য অংগ আছিল, আছে আৰু হৈ থাকিব৷ বেইজিঙৰ এই পদক্ষেপক এনেদৰেই গৰিহণা দিছে ভাৰতে৷ উল্লেখ্য বহু কালৰে পৰাই চীনে অৰুণাচলক নিজৰ বুলি দাবী কৰিয়েই আছে৷

Bhargavastra: শত্ৰুৰ ড্ৰোন আক্ৰমণ ৰুধিবলৈ ভাৰতৰ হাতত এতিয়া ‘ভাৰ্গবাস্ত্ৰ’

Bhargavastra: শত্ৰুৰ ড্ৰোন আক্ৰমণ ৰুধিবলৈ ভাৰতৰ হাতত এতিয়া ‘ভাৰ্গবাস্ত্ৰ’
Bhargavastra: শত্ৰুৰ ড্ৰোন আক্ৰমণ ৰুধিবলৈ ভাৰতৰ হাতত এতিয়া ‘ভাৰ্গবাস্ত্ৰ’

শত্ৰুৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ এইবাৰ ভাৰতৰ হাতত(Bhargavastra)আছে এক বিশেষ অস্ত্ৰ৷ এইবাৰ ড্ৰোন আক্ৰমণ প্ৰতিহত কৰিবলৈ ‘ভাৰ্গবাস্ত্ৰ’ৰ সৃষ্টি কৰা হৈছে৷ থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মিত এই মিছাইলটো সফলতাৰে পৰীক্ষামূলকভাৱে উৎক্ষেপণ কৰা হয়৷ এই ক্ষেপণাস্ত্ৰসমূহে ভাৰতৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা আৰু অধিক উন্নত কৰিব বুলি আশা কৰা হৈছে৷ শেহতীয়াকৈ ভাৰত-পাক সংঘাতৰ সময়ত পাকিস্তানৰ পৰা ড্ৰ’ন আক্ৰমণ সংঘটিত হৈছিল৷ ইয়াৰ বেছি ভাগেই ভাৰতে প্ৰতিহত কৰিছে৷ এনে পৰিস্থিতিত মঙলবাৰে ওড়িশাৰ গোপালপুৰ উপকূলত থলুৱা ‘মাইক্ৰ’ মিছাইল’ পৰীক্ষা কৰা হৈছিল আৰু সফলতা লাভ কৰা বুলি জানিব পৰা গৈছে৷ ড্ৰ’ন ধবংস কৰা এই সৰু আকাৰৰ ক্ষেপণাস্ত্ৰসমূহ ছ’লাৰ ডিফেন্স এণ্ড এৰ’স্পেচ লিমিটেডে [এছডিএল] নিৰ্মাণ কৰিছে৷

প্ৰস্তুতকাৰক ছ’লাৰ গ্ৰুপে কয় যে এই ড্ৰ’ন ধবংসকাৰী ব্যৱস্থাটো ‘মাইক্ৰ’ মিছাইল’ৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে৷ তেওঁলোকৰ মতে এই প্ৰতিৰক্ষা ব্যৱস্থাই ভৱিষ্যতে ড্ৰ’ন আক্ৰমণ প্ৰতিহত কৰাত যথেষ্ট সহায় কৰিব৷ প্ৰায় ডেৰ-দুই কিলোমিটাৰ দূৰত্বলৈকে সন্দেহজনক ড্ৰ’নৰ গতিবিধি ধৰা পেলোৱাৰ ক্ষমতা ‘ভাৰ্গবাস্ত্ৰ’ত আছে৷ যিকোনো সৰু ড্ৰোন ধৰা পেলাই ধবংস কৰাৰ ক্ষমতা তেওঁলোকৰ আছে৷ মঙলবাৰে ভাৰতীয় সেনাৰ বায়ু প্ৰতিৰক্ষা বিভাগৰ বিষয়াৰ উপস্থিতিত এই ক্ষেপণাস্ত্ৰসমূহ পৰীক্ষামূলকভাৱে নিক্ষেপ কৰা হয়৷

পেহেলগাম কাণ্ডৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা সামৰিক অশান্তিৰ সময়ত পাকিস্তানৰ আক্ৰমণ ৰোধ কৰাত দেশৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বুলি ধৰা হৈছিল৷ এইক্ষেত্ৰত এছ-৪০০ ট্ৰাইমফ [সুদৰ্শন চক্ৰ], এল-৭০, শিলকা, জু-২৩ আৰু আকাশ মিছাইল ব্যৱস্থাই অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে৷ এই তিনিটা ব্যৱস্থাই একেলগে পাকিস্তানে আকাশত নিক্ষেপ কৰা ড্ৰোন আৰু ক্ষেপণাস্ত্ৰ ধবংস কৰি দেশৰ নিৰাপত্তা সুনিশ্চিত কৰিছে৷ কিন্তু পৰিৱৰ্তিত পৰিস্থিতিত কেন্দ্ৰই ভাৰতৰ আকাশমাৰ্গক অধিক নিৰৱচ্ছিন্ন কৰি তুলিবলৈ বিচাৰিছে৷ দেশৰ আকাশমাৰ্গৰ নিৰাপত্তাৰ বেৰ যাতে কোনো ধৰণে ভংগ নহয় তাৰ প্ৰতি গুৰুত্ব দিয়া হ’ব৷ সূত্ৰৰ পৰা জানিব পৰা মতে, এই উদ্দেশ্যে চৰকাৰে তিনিটা নতুন ক্ষেপণাস্ত্ৰ দেশৰ সামৰিক বাহিনীক গতাই দিয়াৰ পৰিকল্পনা কৰিছে৷