Home Blog Page 179

Baksa : ক্ৰমাৎ নিয়ন্ত্ৰণলৈ বাক্সাৰ পৰিস্থিতিঃ মোতায়েন কৰা হৈছে অতিৰিক্ত নিৰাপত্তাৰক্ষী

Baksa : ক্ৰমাৎ নিয়ন্ত্ৰণলৈ বাক্সাৰ পৰিস্থিতিঃ মোতায়েন কৰা হৈছে অতিৰিক্ত নিৰাপত্তাৰক্ষী
Baksa : ক্ৰমাৎ নিয়ন্ত্ৰণলৈ বাক্সাৰ পৰিস্থিতিঃ মোতায়েন কৰা হৈছে অতিৰিক্ত নিৰাপত্তাৰক্ষী

বাক্সাৰ হিংসাত্মক ঘটনাৰ (Baksa) পাছতে চৰ্চালৈ আহিছে অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱ শৰ্মাৰ কাণ্ড। বাক্সাৰ জিলা কাৰাগাৰৰ সন্মুখত শান্তিপূৰ্ণভাৱে কাৰাগাৰৰ সন্মুখত প্ৰতিবাদ কৰা পুৰুষ মহিলাৰ ওপৰত লাঠীচালনা কৰিছিল অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱ শৰ্মাই। এটা ভিডিঅ’ত পোহৰলৈ আহে সেই দৃশ্য। তাৰপিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল বাক্সাত। আৰক্ষীৰে খণ্ডযুদ্ধত লিপ্ত হৈছিল একাংশ জুবিন অনুৰাগী।


পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বাক্সাত ইণ্টাৰনেট সেৱা বাতিল কৰা হৈছিল। মোবাইল ফোনত বৰ্তমানো ইণ্টাৰনেট সেৱা উপলব্ধ নহয় জিলাখনত। বাক্সাত সংঘটিত হিংসাত্মক ঘটনাৰ পিছতে এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ।

বাক্সাৰ নিকাছিত এই সংঘৰ্ষত আহত বহু কেইগৰাকী লোক। তেওঁলোকক মুছলপুৰত চিকিৎসা কৰোৱা হয়। সাধাৰণ লোকৰ লগতে সাংবাদিক, আৰক্ষী বিষয়াও আহত হয় এই হিংসাত্মক ঘটনাত। এই হিংসাত্মক ঘটনাৰ সন্দৰ্ভত দল- সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। নিশাই বাক্সাত উপস্থিত হয় DGP হৰমীত সিং। ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় DGPগৰাকীয়ে। বাক্সাত মোতায়েন কৰা হৈছে হাজাৰ হাজাৰ নিৰাপত্তাৰক্ষী।


পুৱালৈ ক্ৰমাৎ নিয়ন্ত্ৰণলৈ বাক্সাৰ নিকাছিৰ অগ্নিগৰ্ভা পৰিস্থিতি। জিলা কাৰাগাৰৰ সমীপত হিংসাত্মক প্ৰতিবাদৰ পাছতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বাক্সা জিলাত ইণ্টাৰনেট কৰ্তনৰ লগতে ১৬৩ ধাৰা জাৰি কৰা হৈছিল। ইপিনে, ঘটনা সন্দৰ্ভত নিশাই ১১জনকৈ লোকক আটক কৰা হৈছে।

আনহাতে বাক্সা জিলা কাৰাগাৰৰ পথেৰে সাধাৰণ লোকৰ প্ৰৱেশত বাধা দিয়া হৈছে। স্থায়ী বাসিন্দাৰ বাহিৰে প্ৰৱেশ কৰিব নোৱাৰিব কোনো লোক। জৰুৰীকালীন অৱস্থাতহে প্ৰৱেশৰ অনুমতি দিব প্রশাসনে।

উল্লেখযোগ্য যে সিদ্ধাৰ্থ-শ্যামকানুসহ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সৈতে জড়িত এই পাঁচ অভিযুক্তক বাক্সা কেন্দ্ৰীয় কাৰাগাৰলৈ নিয়া পিছতে এই উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়।

Zubeen Garg Death Case: কেমেৰাৰ আগত প্ৰথমবাৰ মুখ খুলিলে ছিংগাপুৰৰ দুই প্ৰৱাসী অসমীয়াই…

Zubeen Garg Death Case: কেমেৰাৰ আগত প্ৰথমবাৰ মুখ খুলিলে ছিংগাপুৰৰ দুই প্ৰৱাসী অসমীয়াই...
Zubeen Garg Death Case: কেমেৰাৰ আগত প্ৰথমবাৰ মুখ খুলিলে ছিংগাপুৰৰ দুই প্ৰৱাসী অসমীয়াই...

কেমেৰাৰ আগত প্ৰথমবাৰ (Zubeen Garg Death Case) মুখ খুলিলে ছিংগাপুৰৰ দুই প্ৰৱাসী অসমীয়াই। জুবিনৰ গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত SITএ তলব কৰিছিল ১১ প্ৰৱাসী অসমীয়াক। তাৰেই ১০ জনেই SITৰ সৈতে সহযোগ কৰিছে। বুধবাৰে নিশা কেমেৰাৰ সন্মুখত প্ৰথমবাৰৰ বাবে মুখ খুলিলে ছিংগাপুৰৰ দুই প্ৰৱাসী অসমীয়া অসম এছ’চিয়েশ্যনৰ সম্পাদক দেৱজ্যোতি হাজৰিকা আৰু অভিমন্যু তালুকদাৰে।

অসম এছ’চিয়েশ্যনৰ সম্পাদক দেৱজ্যোতি হাজৰিকাই সংবাদমাধ্যমৰ আগত ক’লে, ‘য়টত আছিল ছিংগাপুৰৰ ১১জন প্ৰৱাসী অসমীয়া। আমি ১০ জনেই SITৰ সন্মুখত উপস্থিত হৈছোঁ। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত আমিও বিচাৰিছোঁ। ছিংগাপুৰৰ আৰক্ষীৰ তদন্ততো আমি সহযোগিতা কৰিছোঁ, তন্ময় ফুকনে আমাক য়ট পাৰ্টীৰ বাবে যোগাযোগ কৰিছিল’ বুলি কয় দেৱজ্যোতি হাজৰিকাই।

আনহাতে অভিমন্যু তালুকদাৰে ক’লে ‘আৰক্ষীক তদন্তত সম্পূৰ্ণ সহযোগ কৰিম, জুবিন দাৰ ন্যায় বিচাৰো, পৰৱৰ্তী পৰ্যায়ত ৰাইজক সকলো খুলি ক’ম, ছিংগাপুৰতো চলি আছে তদন্ত, পৰীক্ষা কৰিছে সকলো CCTV ভিজুৱেল মাতিলে তদন্তৰ খাতিৰত পুনৰ অসমলৈ আহিম।’

Pankaj Dheer: মহাভাৰতৰ কৰ্ণৰ চৰিত্ৰত অভিনয় কৰা পংকজ ধীৰৰ মৃত্যু…

Pankaj Dheer: মহাভাৰতৰ কৰ্ণৰ চৰিত্ৰত অভিনয় কৰা পংকজ ধীৰৰ মৃত্যু
Pankaj Dheer: মহাভাৰতৰ কৰ্ণৰ চৰিত্ৰত অভিনয় কৰা পংকজ ধীৰৰ মৃত্যু

মহাভাৰতৰ কৰ্ণৰ চৰিত্ৰত (Pankaj Dheer) অভিনয় কৰা পংকজ ধীৰৰ মৃত্যু। ৬৮ বছৰ বয়সত মৃত্যু অভিনেতাগৰাকীৰ। আজি দিনৰ ২.৩৫ বজাত শেষ নিঃশ্বাস ত্যাগ কৰে পংকজ ধীৰে।বি আৰ চোপ্ৰাৰ মহাভাৰত ধাৰাবাহিকৰ কৰ্ণৰ চৰিত্ৰত অভিনয় কৰিছিল পংকজ ধীৰে।কৰ্কত ৰোগত আক্ৰান্ত হৈ মৃত্যু পংকজ ধীৰৰ।

পংকজ ধীৰৰ পত্নীৰ নাম অনিতা ধীৰ। তেওঁৰ মৃত্যুত টি ভি উদ্যোগটোত পৰিছে শোকৰ ছাঁ। ১৯৭৬ চনৰ ১৯ ​​অক্টোবৰত পংকজ আৰু অনিতাৰ বিবাহ হৈছিল।মন কৰিবলগীয়া যে অনিতা ধীৰ ছবি উদ্যোগৰ সৈতেও জড়িত আৰু এগৰাকী সাজ-পোছাক ডিজাইনাৰ হিচাপে পৰিচিত। পংকজ আৰু অনিতাৰ আছে দুই সন্তান। পুত্ৰ নিকিতিন ধীৰ আৰু কন্যা নীতিকা শ্বাহ। নিকিতিন টি ভি উদ্যোগত উজ্জ্বল আৰু নেতিবাচক চৰিত্ৰৰ বাবেও পৰিচিত।

Baksa Protest: বাক্সা কাৰাগাৰৰ সন্মুখত উত্তপ্ত পৰিস্থিতি, উত্তেজিত জনতাই জ্ব*লাই দিছে বাহন

বাক্সা কাৰাগাৰৰ সন্মুখত উত্তপ্ত পৰিস্থিতি
বাক্সা কাৰাগাৰৰ সন্মুখত উত্তপ্ত পৰিস্থিতি

বাক্সা কাৰাগাৰৰ সন্মুখত উত্তপ্ত পৰিস্থিতি, উত্তেজিত জনতাই জ্বলাই দিছে বাহন। নিক্ষেপ কৰিছে শিলগুটি।(Baksa Protest)

বাক্সাৰ জিলা কাৰাগাৰৰ সন্মুখত এতিয়া উত্তপ্ত পৰিস্থিতি।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ গুলীচালনা। কেইবাখনো বাহনত অগ্নিসংযোগ উত্তেজিত জনতাৰ।

কাৰাগাৰৰ সন্মুখত জুবিন অনুৰাগীৰ উত্তপ্ত পৰিস্থিতি। আৰক্ষীৰ বাহন ভাঙি লণ্ডভণ্ড।


জুবিন গাৰ্গে ন্যায় পাবই লাগিব-বাক্সা জিলা কাৰাগাৰৰ সন্মুখত জুবিন অনুৰাগীৰ দাবী মাত্ৰ এটাই।

Baksa News: জুবিনৰ ন্যায় দাবীত কঁপিছে বাক্সাঃ জেলৰ বাহিৰত হাজাৰ হাজাৰ লোক

Baksa News: জুবিনৰ ন্যায় দাবীত কঁপিছে বাক্সাঃ জেলৰ বাহিৰত হাজাৰ হাজাৰ লোক
Baksa News: জুবিনৰ ন্যায় দাবীত কঁপিছে বাক্সাঃ জেলৰ বাহিৰত হাজাৰ হাজাৰ লোক

জুবিনৰ ন্যায় দাবীত কঁপিছে বাক্সা।(Baksa News)

আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব পৰা নাই পৰিস্থিতি।

ৰাজপথলৈ ওলাই আহিছে হেজাৰ-হেজাৰ লোক।

শ্যামকানু-সিদ্ধাৰ্থক কাৰাগাৰলৈ নিয়া পথত উত্তপ্ত পৰিস্থিতি।

অভিযুক্তক ফাঁচীৰ দাবী স্থানীয় লোকৰ।

বাক্সাৰ কাৰাগাৰৰ বাহিৰত এতিয়া হাজাৰ হাজাৰ লোকৰ প্ৰতিবাদ।

আৰক্ষীৰ সৈতে বাক্সা কাৰাগাৰত উপস্থিত ৫ অভিযুক্ত।

জেলৰ বাহিৰত জুবিন অনুৰাগীৰ ক্ষোভ।

Singapore PM: অসমৰ ডিজিটেল আন্দোলনৰ ব্যাপক প্ৰভাৱ ছিংগাপুৰত…

অসমৰ ডিজিটেল আন্দোলনৰ ব্যাপক প্ৰভাৱ ছিংগাপুৰত
অসমৰ ডিজিটেল আন্দোলনৰ ব্যাপক প্ৰভাৱ ছিংগাপুৰত

ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীয়ে বন্ধ কৰিলে ফেচবুক পে’জ।(Singapore PM)

অসমৰ ডিজিটেল আন্দোলনৰ ব্যাপক প্ৰভাৱ ছিংগাপুৰত।

বন্ধ কৰি দিয়া হ’ল প্ৰধানমন্ত্ৰী লৰেঞ্চ ব্ৰঙৰ ফেচবুক পেজ।

#JusticeForZubeenGarg লিখি ডিজিটেল আন্দোলন কৰিছিল জুবিন অনুৰাগীয়ে।

সকলোৱে প্ৰধানমন্ত্ৰীগৰাকীৰ ফেচবুক পেজত গৈ লিখিছিল #JusticeForZubeenGarg।

জুবিন গাৰ্গৰ মৃত্যুৱে জোকাৰিছে ছিংগাপুৰ।

অৱশেষত ফেচবুক পে’জ বন্ধ কৰিবলৈ বাধ্য হ’ল ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীয়ে।

Shyamkanu-Siddharth: ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলে ৫ অভিযুক্তক

Shyamkanu-Siddharth: ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলে ৫ অভিযুক্তক
Shyamkanu-Siddharth: ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলে ৫ অভিযুক্তক

বাক্সা জিলাৰ কাৰাগাৰৰ আলহী হ’ল শ্যামকানু-সিদ্ধাৰ্থ।(Shyamkanu-Siddharth)

১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলে ৫ অভিযুক্তক।

শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গৰ, নন্দেশ্বৰ বৰা, পৰেশ বৈশ্যক প্ৰেৰণ ন্যায়িক জিম্মালৈ।

তেওঁলোকৰ হৈ আদালতত থিয় নহ’ল এজনো অধিবক্তা

নিৰাপত্তাজনিত কাৰণত বাক্সা কাৰাগাৰত ৰখা হ’ব শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাসহ পাঁচ অভিযুক্তক।

এতিয়ালৈ বাক্সা কাৰাগাৰত নাই কোনো অন্য কয়দী।

aadhyashree upadhyay: আপুনি কেতিয়াও নাকান্দিব, আপুনি কান্দিলে সকলোৱে কান্দিবঃ আধ্যাশ্ৰী উপাধ্যায়

আপুনি কেতিয়াও নাকান্দিব, আপুনি কান্দিলে সকলোৱে কান্দিবঃ আধ্যাশ্ৰী উপাধ্যায়
আপুনি কেতিয়াও নাকান্দিব, আপুনি কান্দিলে সকলোৱে কান্দিবঃ আধ্যাশ্ৰী উপাধ্যায়

কালি বিয়লি (aadhyashree upadhyay) গৃহভূমিত SONY টিভিৰ জনপ্ৰিয় অনুষ্ঠান ছুপাৰ ডান্সাৰৰ বিজয়ী আধ্যাশ্ৰী উপাধ্যায়। বৰঝাৰ বিমানবন্দৰত উষ্ম আদৰণি আধ্যাশ্ৰীক। হাতত ট্ৰফী লৈ বিমানবন্দৰৰ বাহিৰলৈ ওলাই আহিল আধ্যাশ্ৰী। বিমানবন্দৰতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ জনালে শ্ৰদ্ধাঞ্জলি।

জুবিনৰ বিষয়ে আধ্যাশ্ৰীয়ে ক’লে-‘জুবিন মামাৰ আৰ্শীবাদ লৈ মুম্বাইলৈ গৈছিলো’ ‘মই জয়ী হৈ আহিম বুলি কৈছিলো’ ‘এতিয়া ট্রফী দেখুৱাবলৈ জুবিন মামা নাই’ ‘মই সোণাপুৰলৈ গৈ জুবিন মামাক ট্ৰফী দেখুৱাম’ ‘জুবিন মামা মোৰ বাবে ভগৱান’ ‘I WANT JUSTICE FOR ZUBEEN GARG’

চিলাপথাৰৰ কন্যা আধ্যাশ্ৰীৰ সফলতাত গৌৰৱান্বিত অসমবাসী। বৰঝাৰ বিমানবন্দৰৰ পৰা সোণাপুৰৰ জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰলৈ ৰাওনা নৃত্যশিল্পীগৰাকী। সোণাপুৰৰ জুবিন ক্ষেত্ৰত SUPER DANCER CHAPTER 5ৰ বিজয়ী আধ্যাশ্ৰী উপাধ্যায় উপস্থিত হৈ চকুলো টুকি সমাধিস্থলীতে সেৱা লয় আধ্যাশ্ৰীয়ে।

গৰিমা শইকীয়া গাৰ্গক লগ কৰি আধ্যাশ্ৰী উপাধ্যায়ে ক’লে আপুনি কেতিয়াও নাকান্দিব, আপুনি কান্দিলে সকলোৱে কান্দিব, আপুনি শক্তিশালী হৈ থাকিব।

Siddharth-shyamkanu: CJM আদালতত হাজিৰ সিদ্ধাৰ্থ-শ্যামকানুসহ ৫ অভিযুক্ত

Siddharth-shyamkanu: CJM আদালতত হাজিৰ সিদ্ধাৰ্থ-শ্যামকানুসহ ৫ অভিযুক্ত
Siddharth-shyamkanu: CJM আদালতত হাজিৰ সিদ্ধাৰ্থ-শ্যামকানুসহ ৫ অভিযুক্ত

CJM আদালতত হাজিৰ সিদ্ধাৰ্থ-শ্যামকানুসহ ৫ অভিযুক্ত।(Siddharth-shyamkanu)


CJM আদালতত হাজিৰ শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ।


CJM আদালতত আজি হাজিৰ কৰোৱা হৈছে শ্যামকানু-সিদ্ধাৰ্থৰ লগতে আনকেইজন অভিযুক্তক।

আয় বহিৰ্ভূত সম্পত্তিৰ পাহাৰ গঢ়িছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই।

ইয়াৰ বাবে পুনৰ গ্ৰেপ্তাৰ হ’ব পাৰে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা।


শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, ২ দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক লৈ যোৱা হৈছে CJM আদালতলৈ।

‘জুবিন গাৰ্গে ন্যায় পাব, অসমৰ ৰাইজে ন্যায় পাব, পৰিয়ালৰ লোকে ন্যায় পাব’ । pijush hazarika

pijush hazarika । ‘জুবিন গাৰ্গে ন্যায় পাব, অসমৰ ৰাইজে ন্যায় পাব, পৰিয়ালৰ লোকে ন্যায় পাব’‘দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি পাব’ । জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰীকাৰ গুৰুত্বপূৰ্ণ মন্তব্য

জুবিন গাৰ্গে ন্যায় পাব, অসমৰ ৰাইজে ন্যায় পাব, পৰিয়ালৰ লোকে ন্যায় পাব৷ দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি পাব৷ তাৰ লগত কোনো ধৰণৰ আপোচ কৰা নহ’ব৷- অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ৷

মন্ত্ৰীগৰাকীয়ে তদন্ত প্ৰক্ৰিয়া লেহমীয়া হ’ব নোৱাৰে বুলি দৃঢ়তাৰে উল্লেখ কৰে৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে তেওঁ দিনটোত প্ৰায় ৪-৫ বাৰ কথা পাতে আৰু মুখ্যমন্ত্ৰীয়ে তেওঁক সকলো জনায় বুলি কয়৷ তেওঁ কয় যে তদন্ত প্ৰক্ৰিয়া পূৰ্ণ গতিত চলি আছে৷ এনেকুৱা ডাঙৰ ঘটনাৰ ক্ষেত্ৰত তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হ’বলৈ সময় লাগে৷

তদন্ত প্ৰক্ৰিয়া ১৫-২০ দিনৰ ভিতৰত সম্পূৰ্ণ হোৱাটো সম্ভৱ নহয়৷ জুবিন গাৰ্গে ন্যায় পাব, অসমৰ ৰাইজে ন্যায় পাব, পৰিয়ালৰ লোকে ন্যায় পাব৷ দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি পাব৷ তাৰ লগত কোনো ধৰণৰ আপোচ কৰা নহ’ব৷