Home Blog Page 18

Five foreigners in Assam: ৫গৰাকী লোকক‌ বিদেশী ঘোষণাঃ ২৪ ঘন্টাৰ ভিতৰত ভাৰত এৰিব লাগিব ৫ ব্যক্তিয়ে

অসমত পাঁচ বিদেশী
অসমত পাঁচ বিদেশী

অসমত পাঁচ বিদেশী! (Five foreigners in Assam) তেজপুৰস্থ বিদেশী ন্যায়াধীকৰন নম্বৰ -২এ যোৱা ২৪ অক্টোবৰত বিদেশী বুলি ঘোষণা কৰা শোণিতপুৰ জিলাৰ জামুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত ধোবাকটা গাঁৱৰ পাঁচগৰাকী লোকক বিদেশী বুলি ঘোষণা কৰা আদেশৰ আধাৰত শোণিতপুৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে কালি পৃথকে পৃথকে জাৰি কৰা আদেশ যোগে ২৪ঘন্টাৰ ভিতৰত উক্ত পাঁচ গৰাকী লোকক ধুবুৰী শ্ৰীভূমি অথবা দক্ষিণ শালমৰা মানকাচাৰ পথেৰে ঘুৰাই পঠাবলৈ আদেশ জাৰি কৰিছে।

তেজপুৰস্থ বিদেশী ন্যায়াধীকৰন-২ৰ আদালতে বিদেশী বুলি ঘোষণা কৰা আদেশৰ আধাৰত শোণিতপুৰৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে অসমৰ পৰা ঘুৰাই পঠাবলৈ আদেশ জাৰি কৰা কেইজনক ক্ৰমে

1) Musst Hanufa
W/o ALIJUL HAQUE.
2) Md Amjad Ali
W/o Matbar Ali
3)Musst Mariyam Nessa
W/o Md Amjad Ali
4)Musst Fatema
W/o Md Amjad
5)Musst Monowara
W/o Md Hasmot Ali বুলি প্ৰকাশ।

world children’s day 2025: ইতিহাস ৰচি আৰক্ষী অধীক্ষকৰ চকীত বহিল ১২ বছৰীয়া ছাত্ৰ

ইতিহাস ৰচি আৰক্ষী অধীক্ষকৰ চকীত বহিল ১২ বছৰীয়া ছাত্ৰ
ইতিহাস ৰচি আৰক্ষী অধীক্ষকৰ চকীত বহিল ১২ বছৰীয়া ছাত্ৰ

ইতিহাস (world children’s day 2025) ৰচিলে ১২ বছৰীয়া নিবিৰ নেচন বৰুৱাই ।

আৰক্ষী অধীক্ষকৰ চকীত বহিল সপ্তম শ্ৰেণীৰ ছাত্ৰ নিবিৰ নেচন বৰুৱা।

DSP হ’ল সপ্তম শ্ৰেণীৰ ছাত্ৰ নিবিড় নেছন বৰুৱা।

এদিনৰ বাবে বজালীত আৰক্ষী অধীক্ষকৰ ৰূপত ছাত্ৰ নিবিড় নেছন বৰুৱা।

বিশ্ব শিশু দিৱস উপলক্ষে এই কাৰ্যসূচী হাতত লৈছে বজালী আৰক্ষীয়ে।

Howly Rakh Mohotshav Lottery: হাউলী ৰাসৰ লটাৰীত কপাল ফুলিল পুঠিমাৰীৰ পুলকেশ কাকতিৰ

হাউলী ৰাসৰ লটাৰীত কপাল ফুলিল পুঠিমাৰীৰ পুলকেশ কাকতিৰ
হাউলী ৰাসৰ লটাৰীত কপাল ফুলিল পুঠিমাৰীৰ পুলকেশ কাকতিৰ

১০০ টকাতে কপাল ফুলিল পুঠিমাৰীৰ পুলকেশ কাকতিৰ।(Howly Rakh Mohotshav Lottery)

হাউলী ৰাসৰ লটাৰীত কপাল ফুলিল পুঠিমাৰীৰ পুলকেশ কাকতিৰ।

হাউলী ৰাস মহোৎসৱৰ বৰঙণি পত্ৰ খেলৰ প্ৰথম উপহাৰ লাভ পুলকেশ কাকতিৰ।

মাত্র ১০০ টকাতে লাভ কৰিলে কোটিটকীয়া বিলাসী লেণ্ড ৰ’ভাৰ DEFENDER বাহন।

লাকী নম্বৰ 462884ত প্ৰথম পুৰস্কাৰ হিচাপে লাভ কৰিলে কোটিটকীয়া বিলাসী লেণ্ড ৰ’ভাৰ DEFENDER বাহনখন।

দ্বিতীয় উপহাৰ টয়’টা ফৰচনাৰ লাভ 433881 নম্বৰগৰাকীৰ।

তৃতীয় উপহাৰ টয়’টা ইন’ভা ক্রিষ্টা লাভ 619730 নম্বৰগৰাকীৰ।

চতুৰ্থ উপহাৰ টাটা চাফাৰী লাভ 345697 নম্বৰগৰাকীৰ।

World Children’s Day 2025: আজি বিশ্ব শিশু দিৱসঃ প্ৰতি বছৰে ২০ নৱেম্বৰত পালন কৰা হয় বিশ্ব শিশু দিৱস

আজি বিশ্ব শিশু দিৱস
আজি বিশ্ব শিশু দিৱস

(World Children’s Day 2025) আজি বিশ্ব শিশু দিৱস। আন্তঃৰাষ্ট্ৰীয় স্তৰত প্ৰতি বছৰে ২০ নৱেম্বৰত পালন কৰা হয় বিশ্ব শিশু দিৱস ৷ ১৯৫৪ চনত প্ৰথমবাৰৰ বাবে এই দিৱস উদযাপন কৰা হৈছিল সাৰ্বজনীন শিশু দিৱস হিচাপে ৷

বহু দেশে ইয়াক স্বীকৃতি প্ৰদান কৰিছিল ৷ ১৯৫৯ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে শিশু অধিকাৰ সম্পৰ্কীয় চুক্তিখন গ্ৰহণ কৰে ৷ ইয়াৰ পাছৰে পৰা প্ৰতি বছৰে ২০ নৱেম্বৰৰ দিনা বিশ্ব শিশু দিৱস উদযাপন কৰা হয় ৷

প্ৰতিটো শিশুৱে সুৰক্ষা, সমৰ্থন আৰু ন্যায্য সুযোগৰ যোগ্য বুলি বিশ্বজনীন সোঁৱৰণী হিচাপে প্ৰতি বছৰে ২০ নৱেম্বৰত বিশ্ব শিশু দিৱস পালন কৰা হয়।

অৱশ্যে জৱাহৰলাল নেহৰুৰ জন্ম বাৰ্ষিকী উপলক্ষে ভাৰতে ১৪ নৱেম্বৰত শিশু দিৱস পালন কৰে।

Nitish Kumar Oath Ceremony: আজি বিহাৰত নতুন চৰকাৰৰ শপতগ্ৰহণ

Nitish Kumar Oath Ceremony: আজি বিহাৰত নতুন চৰকাৰৰ শপতগ্ৰহণ
Nitish Kumar Oath Ceremony: আজি বিহাৰত নতুন চৰকাৰৰ শপতগ্ৰহণ

আজি বিহাৰত নতুন চৰকাৰৰ শপতগ্ৰহণ। (Nitish Kumar Oath Ceremony)

মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব নীতিশ কুমাৰে।

দশম বাৰলৈ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে আজি শপত ল’ব নীতিশ কুমাৰে।

পাটনাৰ গান্ধী ময়দানত হ’ব নীতিশ কুমাৰ চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান।

পুনৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব সম্ৰাট চৌধুৰী, বিজয় সিনহাই।

বিধায়ক ৰেকিবুদ্দিন আহমেদক লক্ষ্য কৰি সোণতলীত “গ বেক” ধ্বনি । Rekibuddin Ahmed

বিধায়ক ৰেকিবুদ্দিন আহমেদক লক্ষ্য কৰি সোণতলীত “গ বেক” ধ্বনি । Rekibuddin Ahmed
বিধায়ক ৰেকিবুদ্দিন আহমেদক লক্ষ্য কৰি সোণতলীত “গ বেক” ধ্বনি । Rekibuddin Ahmed

Rekibuddin Ahmed । কামৰূপ জিলাৰ নৱগঠিত ২৭ নং ছমৰীয়া সমষ্টিৰ অন্তৰ্গত সোণতলীত বুধবাৰে সন্ধিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ছয়গাঁওৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ বদলা-ৰাংগাপানী যুৱ সংঘৰ আয়োজিত বাৰ্ষিক অধিৱেশন আৰু মুকলি ও বঁটা বিতৰণী সভাত অংশগ্ৰহণৰ বাবে বৃহৎ ৰেলীৰে এলগেই স্থানীয় একাংশ লোকৰ ক্ষোভৰ মুখামুখি হয়।

জানিব পৰা মতে, নৱগঠিত ছমৰীয়া সমষ্টিটোৰ পৰা ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত স্থানীয় প্ৰাৰ্থীক প্ৰাৰ্থী বনোৱাৰ দাবী যথেষ্ট জোৰুত উঠি আছে কংগ্ৰেছৰ স্থানীয় কৰ্মী আৰু জনসাধাৰণৰ মাজত। এই পৰিপ্ৰেক্ষিতত বহিৰাগত প্ৰাৰ্থী হিচাপে ধাৰণা কৰা বিধায়ক ৰেকিবুদ্দিন আহমেদে সমষ্টিটোত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সঘন ভ্ৰমণ আৰম্ভ কৰাত স্থানীয় জনতাত অসন্তোষ সৃষ্টি হয়।

বুধবাৰে সন্ধিয়া সোণতলীৰ মাহতলী বজাৰত বিধায়কৰ ৰেলী যোৱা সময়তেই কিছু লোক “গ বেক” ধ্বনিৰে তীব্ৰ প্ৰতিবাদ আৰম্ভ কৰে। উত্তেজিত জনতাই বিধায়ক ৰেকিবুদ্দিন আহমেদক বিজেপিৰ এজেণ্ট বুলি কটাক্ষো নিক্ষেপ কৰে। আচমকা সংঘটিত এই ঘটনাত মুহূর্ততে উত্তাল পৰিস্থিতিৰ সৃষ্টি হয় আৰু আকাশ-বতাহ কপাই তোলে প্ৰতিবাদী ধ্বনিয়ে।

পিছত উপস্থিত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আগবাঢ়ি আহে আৰু সংঘটনটোক অধিক বাঢ়ি নোহোৱাকৈ সমাধান কৰিবলৈ সক্ষম হয়।

ছমৰীয়া সমষ্টিৰ স্থানীয় জনতাৰ এই ক্ষোভ প্ৰদৰ্শনে কংগ্ৰেছৰ অভ্যন্তৰীণ সমীকৰণ আৰু আগন্তুক নিৰ্বাচনী পৰিৱেশক লৈ নতুন চর্চাৰ জন্ম দিছে।

“গুৱাহাটী আমাৰ দায়িত্ব” — পদপথ পুনঃউন্নয়ন উদ্যোগ উদ্বোধনত মেয়ৰ মৃগেন শৰণীয়া । Guwahati

“গুৱাহাটী আমাৰ দায়িত্ব” — পদপথ পুনঃউন্নয়ন উদ্যোগ উদ্বোধনত মেয়ৰ মৃগেন শৰণীয়া । Guwahati
“গুৱাহাটী আমাৰ দায়িত্ব” — পদপথ পুনঃউন্নয়ন উদ্যোগ উদ্বোধনত মেয়ৰ মৃগেন শৰণীয়া । Guwahati


Guwahati । গনেশগুৰিস্থ পদপথ পুনঃউন্নয়ন প্ৰকল্পৰ শুভ উদ্বোধন কৰে গুৱাহাটী পৌৰ নিগমৰ জি এম চি–ৰ মেয়ৰ মৃগেন শৰণীয়া।আৰু উক্ত অনুষ্ঠানত ভাগ লৈ তেখেতে কয়,গুৱাহাটী মহানগৰীৰ আধুনিকীকৰণক লক্ষ্য কৰি পৌৰ নিগম চলাই থকা বিভিন্ন পৰিকল্পনা গ্ৰহণ কৰা হৈছে। এই বিষয়ে উল্লেখ কৰি তেখেতে কয় যে নাগৰিকসকলক নিশ্চিন্ত,
সুৰক্ষিত আৰু পৰিচ্ছন্ন নগৰ পৰিবেশ প্ৰদান কৰাই জি এম চি –ৰ মূল দায়িত্ব।


উদ্বোধনী সভাত বক্তব্যত মেয়ৰ শৰণীয়াই স্পষ্টভাৱে কয়, “গুৱাহাটী আমাৰ দায়িত্ব আৰু আমাৰ গৰ্ব।
নগৰৰ ৰূপ-ৰেখা শৃংখলিত ৰূপে গঢ়ি তুলিবলৈ জি এম চি দিনে-ৰাতি কাম কৰি আছে। এই পদপথ পুনঃউন্নয়ন উদ্যোগও সেই বৃহৎ লক্ষ্যৰ অংশ।”


তেওঁ কয় যে জিএম চি–এ নগৰৰ প্ৰতিটো অঞ্চলৰ পথ-পথাৰত সুষ্ঠুভাৱে পদযাত্ৰা সুনিশ্চিত কৰাৰ উদ্দেশ্যে একাধিক উন্নয়ন প্ৰকল্প চলাইছে।
গনেশগুৰিস্থ পদপথ পুনঃউন্নয়ন কাম সম্পূৰ্ণ নিগমৰ ৰাজহ পুঁজিৰে কৰা হৈছে আৰু এই কামে গণ–চলাচল আৰু পথ-ব্যৱস্থাপনক উল্লেখযোগ্যভাৱে সুধাৰিব বুলি মেয়ৰৰ আশা।


মেয়ৰ শৰণীয়াই লগতে উল্লেখ কৰে—“নগৰৰ অভ্যন্তৰীণ গাঁথনি মজবুত হ’লে উন্নয়ন নিজেই বেগবান হয়।
নাগৰিকৰ সুবিধাক প্রথম অগ্ৰাধিকাৰ, আৰু আগলৈও এই কাম অধিক তীব্ৰভাৱে আগবঢ়াই নিয়াৰ প্ৰতিশ্ৰুতি দিছোঁ।”
উল্লেখ্য, উদ্বোধনী অনুষ্ঠানত বিভিন্ন গণ্যমান্য ব্যক্তি, স্থানীয় ৰাইজ আৰু জিএমচি–ৰ বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

মুম্বাইত শাৰদ পাৱাৰক অখিল গগৈৰ সাক্ষাৎ; জুবিনৰ জন্মদিনত অসমত অনুপস্থিতিৰ বিষয়ে মুখ্যমন্ত্ৰীৰ কটাক্ষ । Akil Gogi

মুম্বাইত শাৰদ পাৱাৰক অখিল গগৈৰ সাক্ষাৎ; জুবিনৰ জন্মদিনত অসমত অনুপস্থিতিৰ বিষয়ে মুখ্যমন্ত্ৰীৰ কটাক্ষ । Akil Gogi
মুম্বাইত শাৰদ পাৱাৰক অখিল গগৈৰ সাক্ষাৎ; জুবিনৰ জন্মদিনত অসমত অনুপস্থিতিৰ বিষয়ে মুখ্যমন্ত্ৰীৰ কটাক্ষ । Akil Gogi

Akil Gogi । মুম্বাইত শাৰদ পাৱাৰক অখিল গগৈৰ সাক্ষাৎ; জুবিনৰ জন্মদিনত অসমত অনুপস্থিতিৰ বিষয়ে মুখ্যমন্ত্ৰীৰ কটাক্ষ

অসম বিধানসভা নিৰ্বাচন ২০২৬ৰ ৰণডংকা বজাই উঠাৰ মাজতেই অসমৰ বিৰোধী বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ পুনৰ ৰাজনৈতিক সচলতা বৃদ্ধি কৰিছে। বুধবাৰে গগৈয়ে মুম্বাইত এন চি পিৰ দুজন শীৰ্ষ নেতা শাৰদ পাৱাৰ আৰু সাংসদ সুপ্ৰিয়া ছুলেক সৈতে সাক্ষাৎ কৰি এক দীঘলীয়া বৈঠকত অংশ লয়ে।

নতুন দিল্লীত আপ নেতা অৰবিন্দ কেজৰিৱালৰ সৈতে সাক্ষাৎ কৰাৰ তিনিদিন পিছতেই শাৰদ পাৱাৰক লগ ধৰাটোৱে বিশেষ রাজনৈতিক তাৎপৰ্য বহন কৰে বুলি বিশ্লেষকৰ অভিমত। অখিল গগৈয়ে সামাজিক মাধ্যমত উল্লেখ কৰে যে এই বৈঠকত দেশত বিজেপিয়ে চলাই থকা “সাম্প্ৰদায়িক ফেচিবাদ”, কৃষি ব্যৱস্থাৰ সংকট, ভূমি সংস্কাৰৰ প্ৰয়োজনীয়তা আৰু কৃষক সমস্যা আদি বিষয়ত বিস্তৃত আলোচনা হয়। পাৱাৰে মহাৰাষ্ট্ৰৰ বাৰামতিত কৃষি উন্নয়নৰ অভিজ্ঞতা বৰ্ণনা কৰাৰ কথাও গগৈয়ে উল্লেখ কৰে।

ইদিকে অখিল গগৈৰ মুম্বাই ভ্ৰমণক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তীব্ৰ সমালোচনা উত্থাপন কৰিছে। জুবিন গাৰ্গৰ জন্মদিনৰ দিনা—যি দিনটোত ছেলিব্ৰেটিৰ ন্যায়ৰ দাবীত বহুয়ে আগবাঢ়িছিল—অখিল গগৈ অসমতে অনুপস্থিত থকাৰ বিষয়টো মুখ্যমন্ত্ৰীয়ে প্ৰশ্নবিদ্ধ কৰিছে।

মুখ্যমন্ত্ৰীৰ মন্তব্য—
“কালি জুবিনৰ জন্মদিনত অখিল গগৈক অসমত কোনোৱে দেখা নাই। অখিল গগৈ মুম্বাইত গৈ শাৰদ পাৱাৰক লগ কৰি থাকিল। আমি লণ্ডনৰ পৰা আইতেহে কষ্ট কৰি আহিলোঁ। বিজেপিৰ সদস্যসকলে কালি তেজ দিছে। ‘Justice for Zubeen’ বুলি চিঞৰা সকলে কালি কি কৰিলে?”

সেইসাথে ১০ ডিচেম্বৰ পৰেই “মুখৰ মাত বন্ধ হৈ যাব” বুলি মুখ্যমন্ত্ৰীৰ গুঢ় মন্তব্যৰ পিছত নতুন ৰাজনৈতিক উত্তাপ সৃষ্টি হৈছে।

অখিল গগৈৰ এই শাৰদ পাৱাৰ সাক্ষাৎ আৰু মুখ্যমন্ত্ৰীৰ কটাক্ষ—দুয়োটা ঘটনাই ২০২৬ৰ নিৰ্বাচনৰ আগত অসমৰ ৰাজনৈতিক সমীকৰণ অধিক চঞ্চল কৰি তুলিছে।

Team India: গুৱাহাটীত উপস্থিত টীম ইণ্ডিয়াঃ বৰঝাৰ বিমানবন্দৰত উষ্ম আদৰণি

গুৱাহাটীত উপস্থিত টীম ইণ্ডিয়াঃ বৰঝাৰ বিমানবন্দৰত উষ্ম আদৰণি
গুৱাহাটীত উপস্থিত টীম ইণ্ডিয়াঃ বৰঝাৰ বিমানবন্দৰত উষ্ম আদৰণি

গুৱাহাটীত উপস্থিত টীম ইণ্ডিয়া।(Team India)

গুৱাহাটীত উপস্থিত ভাৰতীয় আৰু দক্ষিণ আফ্ৰিকাৰ খেলুৱৈসকল।

আজি বিশেষ বিমানযোগে উপস্থিত হয় টীম ইণ্ডিয়াৰ অধিনায়ক শুভমন গীলসহ তাৰকা খেলুৱৈসকল।

২২ নৱেম্বৰৰ পৰা গুৱাহাটীত প্ৰথমবাৰলৈ অনুষ্ঠিত হ’ব টেষ্ট মেচ।

গুৱাহাটীত উপস্থিত হয় টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট মেচত অৱত্তীৰ্ণ হ’ব টীম ইণ্ডিয়া।

২২ নৱেম্বৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্ট মেচ।

বিমানবন্দৰত ৰবিন্দ্ৰ জাদেজা, শুভমান গীলক চাবলৈ ভীৰ অনুৰাগীৰ।

Tezpur News: আন্তৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল তেজপুৰৰ কণমানি ছাত্ৰী মৃত্তিকা মেৰু কটকী

আন্তৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল তেজপুৰৰ কণমানি ছাত্ৰী মৃত্তিকা মেৰু কটকী
আন্তৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল তেজপুৰৰ কণমানি ছাত্ৰী মৃত্তিকা মেৰু কটকী

আন্তৰাষ্ট্ৰীয় (Tezpur News) পৰ্যায়ত উজ্বলিল তেজপুৰৰ কণমানি ছাত্ৰী মৃত্তিকা মেৰু কটকী। হাৰিয়ানাৰ কৰ্নালত অনুষ্টিত হোৱা ষষ্ঠ যোগাসন ক্ৰিয়া বিশ্বকাপ ২০২৫ ত ভাৰতীয় দলৰ হৈ অংশগ্ৰহন কৰি মৃত্তিকাই বঞ্জৰ পদক অৰ্জন কৰি তেজপুৰ তথা ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

যোগ ক্ৰিয়া ফেডাৰেচন অফ ইণ্ডিয়াই আয়োজন কৰা এই আন্তৰাষ্ট্ৰীয় ক্ৰিয়া প্ৰতিযোগিতা খনৰ চাবজুনিয়ৰ শাখাৰ পৰমপৰাগত যোগ ক্ৰিয়াৰ একক শিতানত প্ৰতিদ্বণ্ডিতা কৰি সুনাম কঢ়িয়াই আনে মৃত্তিকা মেৰুৱে।

ভাৰত বৰ্ষকে ধৰি জাপান ,ইৰান, ভিয়েটনাম, হংকঙ ,থাইলেণ্ড, ফিনলেণ্ড,ৰাছিয়া,আদি কেইবাখনো দেশৰ খেলুৱৈয়ে অংশ গ্ৰহন কৰা টুৰ্নামেন্তখনৰ মৃত্তিকাৰ এই সাফল্যত স্বাভিৱেকতে উৎফুল্লিত হৈ পৰিছে তেজপুৰবাসী তথা ৰাজ্যবাসী। উল্লেখ্য যে তেজপুৰত শলমাৰা অৱষ্ঠিত কেন্দ্ৰিয় বিদ্যালয়-১-ৰ দ্বিত্বীয় শ্ৰেণীৰ ছাত্ৰী মৃত্তিকা মেৰু কটকীয়ে তেজপুৰৰ যোগ গুৰু মমিতা গগৈৰ তত্বাধানত বিগত প্ৰায় এবছৰ ধৰি কঠোৰ প্ৰশিক্ষন আৰু অনুশিলন অব্যাহত ৰাখিছে।

তেজপুৰ উষানগৰ নিবাসী সাংবাদিক মেৰু মিঠু কটকী আৰু শিক্ষয়িত্ৰী প্ৰীতি শইকীয়াৰ কন্যা তথা শিক্ষাবিদ অতুল চন্দ্ৰ কটকীৰ নাতিনী মৃত্তিকাৰ সাফল্যত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা তেজপুৰ জিলা ক্ৰিয়া সন্থাৰ সভাপতি জিতেন বৰঠাকুৰ আৰু শোণিতপুৰ জিলা সমিতিৰ ভাৰতীয় জনতা পাৰ্টীৰ সভানেত্ৰী মৃদুষ্মিতা হাজৰিকা ডেকাকে ধৰি বিবিন্ন ব্যক্তি দল -সংগঠনে অভিনন্দন যনায়। উল্লেক্ষ্য যে, অহা বৰ্ষত এই প্ৰতিযোগিতাখনি ভিয়েটনাম ৰাষ্ট্ৰত অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে।