Home Blog Page 18

Rupjyoti Kurmi: ড০ জ্ঞানশ্ৰী বৰাৰ প্ৰাৰ্থিত্ব সন্দৰ্ভত ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য

ড০ জ্ঞানশ্ৰী বৰাৰ প্ৰাৰ্থিত্ব সন্দৰ্ভত ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য
ড০ জ্ঞানশ্ৰী বৰাৰ প্ৰাৰ্থিত্ব সন্দৰ্ভত ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য

‘দেখিবলৈ ধুনীয়া বুলি কৈছে, (Rupjyoti Kurmi) ৰাইজৰ দল নে জাতীয় পৰিষদৰ পৰা আহিছে সেইটোও নাজানোঁ’।

‘কোৱাহে শুনিছো, মোৰ ম’বাইল চাবলৈ সময় নহয়’।

‘ধুনীয়া হ’লেই নহ’ব লোকেল হ’ব লাগিব’।

‘মোক সকলোৱে ধনু বুলিয়ে জানে’।

‘ৰাখী পিন্ধোৱা ভণ্টী বহুত আছে’।

‘মোৰ কাৰণে বহুতে প্ৰাৰ্থনা কৰে’

‘১৯৯০ চনৰ পৰা ৩৫ বছৰে কিমান মানুহক সহায় কৰিলোঁ’।

ড০ জ্ঞানশ্ৰী বৰাৰ প্ৰাৰ্থিত্ব সন্দৰ্ভত ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য।

Kumar Bhaskar Varma Setu: আজিৰে পৰা যান-বাহনৰ বাবে মুকলি কুমাৰ ভাস্কৰ বৰ্মা সেতু

Kumar Bhaskar Varma Setu
Kumar Bhaskar Varma Setu

আজিৰে পৰা যান-বাহনৰ বাবে মুকলি কুমাৰ ভাস্কৰ বৰ্মা সেতু।(Kumar Bhaskar Varma Setu)

গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী এই কুমাৰ ভাস্কৰ বৰ্মা সেতুখন ১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিছিল।

ব্যক্তিগত লঘু যান-বাহনৰ বাবেহে দিয়া হৈছে অনুমতি।

পৰৱৰ্তী সময়ত ব্যৱসায়িক যান-বাহনৰ বাবেও দিয়া হ’ব অনুমতি।

হুইল চেয়াৰত বহি মুখ্যমন্ত্ৰীলৈ অপেক্ষাৰত এগৰাকী যুৱতী

মুখ্যমন্ত্ৰীৰ অপেক্ষাত এগৰাকী যুৱতী
মুখ্যমন্ত্ৰীৰ অপেক্ষাত এগৰাকী যুৱতী

গুৰুতৰ ৰোগত আক্ৰান্ত দেৰগাঁৱৰ ছগুৰি চাপৰিৰ ৰেবিকা টায়ে নামৰ এগৰাকী যুৱতী।
বিগত এটা বছৰে গুৰুতৰ ৰোগত আক্ৰান্ত হৈ আছে যুৱতী গৰাকী।
চিকিৎসাৰ বাবে চিকিৎসালয়ে চিকিৎসালয়ে ঘূৰিও পোৱা নাই সুফল।
টকাৰ অভাৱত উন্নত চিকিৎসাৰ পৰা বঞ্চিত হৈ ৰৈছে যুৱতী গৰাকী।
হুইল চেয়াৰ খনে মাত্ৰ সাক্ষী এতিয়া ৰেবিকা টায়েৰ।
ৰোগৰ বাবে এতিয়া আধাতে শিক্ষা সামৰিব লগীয়া হৈছে যুৱতী গৰাকীয়ে।
উপায়ন্তৰ হৈ অৱশেষত মুখ্যমন্ত্ৰীক সহায়ৰ আহ্বান মাতৃৰ।

International Women’s Day: আজি আন্তৰ্জাতিক নাৰী দিৱসঃ প্ৰতিগৰাকী নাৰীলৈ আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা…

প্ৰতিগৰাকী নাৰীলৈ আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা
প্ৰতিগৰাকী নাৰীলৈ আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা

আজি আন্তৰ্জাতিক নাৰী দিৱস। (International Women’s Day) প্ৰতিগৰাকী নাৰীলৈ আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা। তিনিগৰাকী মহিলাই দেখুৱাইছে নাৰী দিৱসৰ স্বাৱলম্বীতাৰ উৎকৃষ্ট নিদৰ্শন। মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ ১০ হাজাৰ টকা লাভ কৰি কলিয়াবৰৰ বামুণীৰ তিনিগৰাকী মহিলা অৱতীৰ্ণ হৈছে জীৱন যুদ্ধত। কোনোবা গৰাকীৰ স্বামীয়ে যদি ই-ৰিক্সা চলাই, আনগৰাকীৰ স্বামীয়ে কৰে দিন হাজিৰা। স্বামীৰ উপাৰ্জনেৰে পৰিয়াল চলিবলৈ অসুবিধাত পৰিছিল মহিলাকেইগৰাকী।

মুখ্যমন্ত্ৰী উদ্যমীতা আঁচনিৰ ১০ হাজাৰ টকা লাভ কৰিয়েই মহিলা কেইগৰাকীয়ে আৰম্ভ কৰিলে এৰীপলু পালন। ঘৰতে এৰীপলু পালনৰ জৰিয়তে আজি স্বাৱলম্বী হ’বলৈ সক্ষম হৈছে মহিলা কেইগৰাকী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনতে মহিলা সকলে লাভ কৰিছে বহু সুবিধা। মহিলা সকলৰ বাবে ৰূপায়ণ কৰা আঁচনিৰ জৰিয়তে বিশেষকৈ গ্ৰামাঞ্চলৰ মহিলা সকলৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হয় চৰকাৰ খনে।

মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ ১০ হাজাৰ টকা লাভ কৰি আত্মনিৰ্ভৰশীল হবলৈ সক্ষম হোৱা বামুণীৰ জোনমণি বড়ো,প্ৰতিমা ৰাভা গয়াৰি আৰু বেনু বড়োৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে।

Arunodoi Scheme: ১০ মার্চত ৪০ লাখ অৰুণোদয় পৰিয়াললৈ ৯ হাজাৰ টকা

Arunodoi Scheme: ১০ মার্চত ৪০ লাখ অৰুণোদয় পৰিয়াললৈ ৯ হাজাৰ টকা
Arunodoi Scheme: ১০ মার্চত ৪০ লাখ অৰুণোদয় পৰিয়াললৈ ৯ হাজাৰ টকা

ফেচবুক লাইভযোগে বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ।(Arunodoi Scheme)

১০ মার্চত ৪০ লাখ অৰুণোদয় পৰিয়াললৈ ৯ হাজাৰ টকা।

১০ মাৰ্চত ১০.৩০ বজাত অসমৰ ৪০ লাখ পৰিয়ালে পাব ৯ হাজাৰ টকা।

১০ মার্চত কার্বি-আংলং, ডিমা-হাচাওৰ MSEত অনুষ্ঠিত হ’ব সভা।

বিটিচিৰ VCDC অঞ্চল, নগৰসমূহৰ ৱাৰ্ডত সভা অনুষ্ঠিত কৰিব।

এই সভাৰ মাজতে প্ৰদান কৰা হ’ব ৯ হাজাৰকৈ টকা।

প্ৰায় ৩ হাজাৰ ৬শ কোটি টকা খৰচেৰে অভিলেখ গঢ়িব চৰকাৰে।

ফেচবুক লাইভযোগে এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

T20 World Cup Final: ভাৰত বনাম নিউজিলেণ্ডঃ T20 বিশ্বকাপ ক্ৰিকেটৰ আজি ফাইনেল মেচ

ভাৰত বনাম নিউজিলেণ্ডঃ T20 বিশ্বকাপ ক্ৰিকেটৰ আজি ফাইনেল মেচ
ভাৰত বনাম নিউজিলেণ্ডঃ T20 বিশ্বকাপ ক্ৰিকেটৰ আজি ফাইনেল মেচ

T20 বিশ্বকাপ ক্ৰিকেটৰ আজি ফাইনেল মেচ।(T20 World Cup Final)

সন্ধিয়া ৭ বজাৰ পৰা অনুষ্ঠিত হ’ব মেচখন।

নিউজীলেণ্ডৰ বিৰুদ্ধে খিতাপ দখলৰ যুঁজত নামিব ভাৰত।

সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত খেলপথাৰত নামিব টীম ইণ্ডিয়া।

আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব মেচখন।

পঞ্চদশবাৰৰ বাবে ICC টুৰ্ণামেণ্টৰ ফাইনেলত প্ৰৱেশ ভাৰত।

চতুৰ্থবাৰলৈ T20 বিশ্বকাপৰ ফাইনেলত ভাৰত।

ভাৰতৰ এইপৰ্যন্ত মুঠ সাতটা ICC ট্ৰফী লাভ।

৬ দিনতেই ১০ লাখৰো অধিক লোকৰ অংশগ্ৰহণেৰে বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’; অসমজুৰি ধ্বনি— “আহিছে আহিছে হিমন্ত আহিছে” । CMO ASSAM

৬ দিনতেই ১০ লাখৰো অধিক লোকৰ অংশগ্ৰহণেৰে বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’; অসমজুৰি ধ্বনি— “আহিছে আহিছে হিমন্ত আহিছে”
৬ দিনতেই ১০ লাখৰো অধিক লোকৰ অংশগ্ৰহণেৰে বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’; অসমজুৰি ধ্বনি— “আহিছে আহিছে হিমন্ত আহিছে”


CMO ASSAM । ২৮ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা ভাৰতীয় জনতা পাৰ্টিৰ ‘জন আশীৰ্বাদ যাত্ৰা’ অসমজুৰি এক বৃহৎ জনআন্দোলনৰ ৰূপ লোৱা দেখা গৈছে। ৰাজ্যজুৰি আগবাঢ়ি থকা এই যাত্ৰাই ব্যাপক জনসমৰ্থন লাভ কৰাৰ লগতে জনতাৰ আস্থা, আশা আৰু আকাংক্ষাৰ শক্তিশালী প্ৰকাশ হিচাপে পৰিগণিত হৈছে।

শোণিতপুৰ জিলাৰ ঐতিহাসিক ঢেকীয়াজুলিৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অংশ লৈ বিভিন্ন ঠাইত বিপুল জনসমাগমৰ মাজত ৰোড শ্ব’ আৰু জনসভা অনুষ্ঠিত কৰিছে। যাত্ৰাৰ সময়ত “আহিছে আহিছে হিমন্ত আহিছে” আৰু “অসমৰ সুৰক্ষা, বিকাশৰ প্ৰতিজ্ঞা” ধ্বনিৰে বহু ঠাই মুখৰিত হৈ পৰিছে।

৮খন জিলাৰ ২৩টা বিধানসভা সমষ্টি অতিক্ৰম
এতিয়ালৈকে যাত্ৰাই ৮খন জিলাৰ ২৩টা বিধানসভা সমষ্টি অতিক্ৰম কৰাৰ লগতে প্ৰায় ৬২৫ কিলোমিটাৰ পথ অতিক্ৰম কৰিছে। এই সময়ছোৱাত মুঠ ৭৫৪টা কাৰ্যসূচী অনুষ্ঠিত হৈছে আৰু মুখ্যমন্ত্ৰীয়ে ৬৪খন বৃহৎ জনসভাত ভাষণ প্ৰদান কৰিছে। লগতে ২১জন বিধায়ক আৰু ৬জন সাংসদে এই যাত্ৰাত অংশগ্ৰহণ কৰিছে।

৬ দিনতেই ১০ লাখৰো অধিক জনতাৰ অংশগ্ৰহণ
মাত্র ৬ দিনৰ ভিতৰতে এই যাত্ৰাত ১০ লাখৰো অধিক লোকৰ অংশগ্ৰহণ ঘটিছে। গাঁও, নগৰ আৰু চহৰৰ পৰা অহা সাধাৰণ মানুহে স্বতঃস্ফূৰ্তভাৱে যাত্ৰাত যোগদান কৰি উন্নয়ন, সু-শাসন আৰু দৃঢ় নেতৃত্বৰ প্ৰতি নিজৰ সমৰ্থন প্ৰকাশ কৰিছে।

যুৱশক্তি আৰু নাৰীশক্তিৰ ব্যাপক উৎসাহ
যাত্ৰাৰ সময়ত বিভিন্ন ঠাইত বহু আবেগঘন দৃশ্য দেখা গৈছে। মুখ্যমন্ত্ৰীক এবাৰ দেখা পোৱাৰ আশাত বহু লোক ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা কৰিছে। শিশুৰ পৰা যুৱপ্ৰজন্ম আৰু নাৰীশক্তিলৈকে সকলোৱে উল্লাসেৰে “মামা” বুলি মাতি তেওঁক অভ্যৰ্থনা জনোৱা দেখা গৈছে। বহু আই-মাতৃয়ে মুখ্যমন্ত্ৰীক আশীৰ্বাদো জনাইছে।

মুখ্যমন্ত্ৰীয়ে এই সময়ছোৱাত শিশু, যুৱক-যুৱতী, জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম লোকসকলৰ সৈতে কথা-বতৰা পাতি চৰকাৰ আৰু জনতাৰ মাজৰ বিশ্বাসৰ সম্পৰ্ক অধিক দৃঢ় কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। লগতে অসমৰ সুৰক্ষা নিশ্চিত কৰা আৰু অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সংকল্পও পুনৰ দোহাৰিছে।

উন্নয়নমূলক দৃষ্টিভংগীৰ প্ৰতি জনতাৰ সমৰ্থন
প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত “সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্রয়াস” দৃষ্টিভংগীৰ আধাৰত অসমে আন্তঃগাঁথনি, স্বাস্থ্য, শিক্ষা আৰু যোগাযোগ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে বুলি বিজেপিৰ পক্ষৰ পৰা কোৱা হৈছে।

এইমছ গুৱাহাটী, নতুন চিকিৎসা মহাবিদ্যালয়, আই আই এম আদি শিক্ষা আৰু স্বাস্থ্য প্ৰতিষ্ঠানৰ স্থাপন-সম্প্ৰসাৰণৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণে ৰাজ্যৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰিছে।

জনকল্যাণমূলক আঁচনিয়ে আনিছে ইতিবাচক পৰিৱৰ্তন
অৰুণোদয় আৰু নিযুত মইনা আদি জনকল্যাণমূলক আঁচনিয়ে বিশেষকৈ নাৰীসকলক আৰ্থিকভাৱে সবল কৰাৰ লগতে কন্যা শিক্ষাকো উৎসাহিত কৰিছে। যাত্ৰাৰ সময়ত বহু হিতাধিকাৰীয়ে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি এই আঁচনিসমূহে তেওঁলোকৰ জীৱনত কেনেধৰণৰ ইতিবাচক পৰিৱৰ্তন আনিছে সেয়া ব্যক্ত কৰা দেখা গৈছে।

বিজেপিৰ মতে, ‘জন আশীৰ্বাদ যাত্ৰা’লৈ এই বিপুল সঁহাৰিয়ে স্পষ্ট কৰি দিছে যে অসমবাসীয়ে উন্নয়ন আৰু অগ্ৰগতিৰ পথত আগবাঢ়িবলৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ ওপৰত নিজৰ আস্থা অব্যাহত ৰাখিছে।

Ratul Kalita: কংগ্ৰেছ এৰিব APCCৰ মুখপাত্ৰ ৰাতুল কলিতাই !

Ratul Kalita: কংগ্ৰেছ এৰিব APCCৰ মুখপাত্ৰ ৰাতুল কলিতাই !
Ratul Kalita: কংগ্ৰেছ এৰিব APCCৰ মুখপাত্ৰ ৰাতুল কলিতাই !

কংগ্ৰেছত মোক্ষম আঘাত।(Ratul Kalita)

কংগ্ৰেছ এৰিব APCCৰ মুখপাত্ৰ তথা কংগ্ৰেছী নেতা ৰাতুল কলিতাই।

নলবাৰীত টিকট বঞ্চিত হৈ যোগ্য কংগ্ৰেছীক বঞ্চিত কৰাৰ অভিযোগ ৰাতুল কলিতাৰ।

গুৱাহাটীৰ ৰাজীৱ ভৱনত সেৱা জনাই ল’লে বিদায়।

কংগ্ৰেছ নেতাজনে বিজেপিত যোগদান কৰাৰো সম্ভাৱনা আছে।

কাইলৈ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ উপস্থিতিত বিজেপিত যোগদান কৰাৰ সম্ভাৱনা।

সামাজিক মাধ্যমত ক্ষোভ উজাৰি ক’লে, ‘দলৰ বেয়া দিনত সৰ্বোচ্চ উজাৰি কাম কৰা নেতা কৰ্মীক সন্মান আৰু গুৰুত্ব দিয়ক।’

‘আৰু এটা কথা…Plz don’t underestimate the power of a true Congressman.’

MLA Akhil Gogoi: মাজনিশা নিৰাশাজনক ফেচবুক পোষ্ট বিধায়ক অখিল গগৈৰ

MLA Akhil Gogoi: মাজনিশা নিৰাশাজনক ফেচবুক পোষ্ট বিধায়ক অখিল গগৈৰ
MLA Akhil Gogoi: মাজনিশা নিৰাশাজনক ফেচবুক পোষ্ট বিধায়ক অখিল গগৈৰ

অন্ত পৰিল কংগ্ৰেছ-ৰাইজৰ দলৰ মিত্ৰতা !(MLA Akhil Gogoi)

শুক্ৰবাৰে দিনত অখিল গগৈবিহীন বিৰোধী সভাৰ পিছতেই বিধায়ক অখিল গগৈৰ ফেচবুক পোষ্ট।

মাজনিশা নিৰাশাজনক ফেচবুক পোষ্ট দিয়ে বিধায়ক অখিল গগৈয়ে।

আনহাতে আজি ফেচবুক লাইভযোগে অখিল গগৈয়ে কয় যে মিত্ৰতাৰ নামত বিবেক বিক্ৰী কৰিব বিচৰা নাই।

ৰাইজৰ দল এটা স্বতন্ত্র দল, মই কাৰো ওচৰত আত্মসমর্পণ নকৰোঁ বুলিও মন্তব্য বিধায়ক অখিল গগৈৰ।

জে’লত আটাইতকৈ নম্র আৰু ভদ্ৰ মানুহ থাকে বুলিও মন্তব্য বিধায়ক অখিল গগৈৰ।

LPG গ্ৰাহকৰ বাবে ডাঙৰ খবৰঃ দেশত পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য

দেশত পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য
দেশত পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য

LPG গ্ৰাহকৰ বাবে ডাঙৰ খবৰ।

দেশত পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য।

১১৫ টকাকৈ বৃদ্ধি LPG চিলিণ্ডাৰৰ মূল্য।

গ্ৰাহকে অধিক দামত কিনিব লাগিব চিলিণ্ডাৰ।

ঘৰুৱা চিলিণ্ডাৰত বৃদ্ধি পালে ৬০টকাকৈ।

বাণিজ্যিক চিলিণ্ডাৰত বৃদ্ধি পালে ১১৫টকাকৈ।

ঘৰুৱা চিলিণ্ডাৰৰ দাম হ’লগৈ ৯৬২টকা।

প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ’ল ২,০৫১টকা।