Home Blog Page 180

India blocks X accounts of Turkish, Chinese: ভাৰতে নিষিদ্ধ কৰিলে এক্স হেণ্ডেলত থকা একাধিক চীন-তুৰ্কীৰ সংবাদ মাধ্যম

India blocks X accounts of Turkish, Chinese: ভাৰতে নিষিদ্ধ কৰিলে এক্স হেণ্ডেলত থকা একাধিক চীন-তুৰ্কীৰ সংবাদ মাধ্যম
India blocks X accounts of Turkish, Chinese: ভাৰতে নিষিদ্ধ কৰিলে এক্স হেণ্ডেলত থকা একাধিক চীন-তুৰ্কীৰ সংবাদ মাধ্যম

পেহেলগাম আক্ৰমণত পাক সন্ত্ৰাসবাদীয়ে নিৰীহ লোকক হত্যা কৰাৰ প্ৰতিশোধস্বৰূপে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে আৰম্ভ কৰিছিল অপাৰেচন সিন্দূৰ৷(India blocks X accounts of Turkish, Chinese) ২২ এপ্ৰিলৰ এই কাণ্ডৰ পৰিপ্ৰেক্ষিতত ভাৰতে ৬ মে’ৰ মাজনিশা আৰু জ্জ মে’ৰ পুৱাৰ ভাগত পাকিস্তান আৰু পাকিস্তান দখল কৰা কাশ্মীৰৰ একাধিক সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ চলায়৷ ‘অপাৰেচন সিন্দূৰ’ত জ্ঝটা সন্ত্ৰাসবাদী ঘাটি ধবংস কৰা হয়৷ অপাৰেচন সিন্দূৰৰ বিষয়ে ভুৱা তথ্য বিয়পাই দি আহিছে একাংশ চীন তথা তুৰ্কীৰ সংবাদ মাধ্যমে৷ ভাৰতৰ সতৰ্কবাণী এইক্ষেত্ৰত কোনো কামত অহা নাছিল৷

ভাৰতত অৱশেষত তুৰ্কীয়ে আৰু চীনৰ সংবাদ মাধ্যমৰ এটা দলৰ বিৰুদ্ধে এক্স হেণ্ডেল ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ অল ইণ্ডিয়া নিউজ এজেন্সীৰ তথ্য অনুসৰি ভাৰতত ভাৰতীয় সেনা আৰু অপাৰেচন সিন্দূৰ সন্দৰ্ভত ভুল তথ্য প্ৰচাৰ কৰাৰ অভিযোগত চীনৰ চৰকাৰী সংবাদ মাধ্যম গ্ল’বেল টাইমছ আৰু জিনহুয়া নিউজ এজেন্সীৰ এক্স হেণ্ডেল ভাৰতত নিষিদ্ধ কৰা হৈছে৷ ইয়াৰ পূৰ্বে বেইজিঙত থকা ভাৰতীয় দূতাবাসে গ্ল’বেল টাইমছক সকীয়াই দিছিল যে তথ্য প্ৰচাৰৰ পূৰ্বে সত্যাসত্য নিৰূপণ কৰিব লাগে৷ অভিযোগ উত্থাপন হৈছে যে পাকিস্তান সমৰ্থিত কেইবাটাও সংবাদ মাধ্যমে অপাৰেচন সিন্দূৰ সন্দৰ্ভত অহৰহ জনসাধাৰণৰ আগত ভুৱা তথ্য দাঙি ধৰি জনমানসত ভুল ধাৰণা সৃষ্টি কৰি আছে৷ চীনৰ সংবাদ মাধ্যমৰ লগতে তুৰ্কী সংবাদ মাধ্যম টি আৰ টি ৱল্ডৰ্ৰ এক্স হেণ্ডেলো ভাৰতত নিষিদ্ধ কৰা হৈছে৷

Minister Vijay Shah: কৰ্ণেল ছ’ফিয়া কুৰেশ্বীৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰি বিপদত বিজেপি মন্ত্ৰী বিজয় শ্বাহ

Minister Vijay Shah: কৰ্ণেল ছ’ফিয়া কুৰেশ্বীৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰি বিপদত বিজেপি মন্ত্ৰী বিজয় শ্বাহ
Minister Vijay Shah: কৰ্ণেল ছ’ফিয়া কুৰেশ্বীৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰি বিপদত বিজেপি মন্ত্ৰী বিজয় শ্বাহ

কর্ণেল ছ’ফিয়াক সন্ত্রাসবাদীৰ ভগ্নী আখ্যা বিজেপি মন্ত্ৰীৰ।(Minister Vijay Shah)

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰি বিপদত মধ্যপ্ৰদেশৰ বিজেপি মন্ত্ৰী বিজয় শ্বাহ।

মধ্যপ্ৰদেশৰ বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু কৰা হৈছে।

মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ ৰুজুৰ নিৰ্দেশ দিছিল মধ্যপ্রদেশ উচ্চ ন্যায়ালয়ে।

শীঘ্ৰে আৰক্ষী সঞ্চালক প্ৰধানক গোচৰ ৰুজুৰ নিৰ্দেশ দিছিল।

কর্ণেল ছ’ফিয়া কুৰেশ্বিক সন্ত্রাসবাদীৰ ভগ্নী বুলি মন্তব্য কৰিছিল মন্ত্ৰীগৰাকীয়ে।

ইন্দোৰত এখন ৰাজহুৱা সভাত এই বিতর্কৰ অন্তত ক্ষমা খোজে বিজেপি ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা তথা মধ্যপ্ৰদেশৰ জনজাতি কল্যাণ মন্ত্রী বিজয় শ্বাহে।

ভাৰতীয় দণ্ডবিধিৰ তিনিটা ভিন্ন ধাৰাত মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ। ভাৰতীয় দণ্ডবিধিৰ ১৫২, ১৯৬(১) (বি) আৰু ১৯৭ (১)(চি) ধাৰাত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়।

বিতর্কৰ অন্তত ক্ষমা খোজে মন্ত্ৰী বিজয় শ্বাহে। তেওঁ কয় ‘ভগ্নী ছফিয়া’ আৰু সেনাক সন্মান কৰোঁ, “মোৰ শেহতীয়া বক্তব্যই মানুহহৰ আৱেগক আঘাত দিছে। ইয়াৰ বাবে মই কেৱল লাজ পোৱাই নহয়, গভীৰভাৱে দুখ প্ৰকাশ কৰিছোঁ আৰু ক্ষমাও বিচাৰিছোঁ।”

Balochistan: বেলুচিস্তানক লৈ কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ?

Balochistan: বেলুচিস্তানক লৈ কি ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ?
Balochistan: বেলুচিস্তানক লৈ কি ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ?

বেলুচিস্তানক লৈ সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী(Balochistan) হিমন্ত বিশ্ব শৰ্মাৰ পোষ্ট। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘মূলতঃ হিন্দু পৰম্পৰাৰৰ ৫১খন পূজ্য শক্তিপীঠৰ ভিতৰত অন্যতম ‘হিংলাজ মাতা’ মন্দিৰে পৱিত্ৰ স্থান হিচাপে বেলুচিস্তানৰ সৈতে হিন্দুসকলৰ এক গভীৰ ঐতিহাসিক আৰু আধ্যাত্মিক তাৎপৰ্য বহন কৰিছে৷ হিংগোল ৰাষ্ট্ৰীয় উদ্যানৰ উক্ত ঠেক ভূখণ্ডত অৱস্থিত এই মন্দিৰটোৰ স্থানতেই দেৱী সতীৰ শিৰ অংশ পৰিছিল বুলি বিশ্বাস কৰা হয়৷ সেয়েহে এই ভূমিক শাক্ত ধৰ্মৰ অন্যতম পৱিত্ৰ স্থান হিচাপে মান্যতা দি অহা হৈছে৷ যুগ যুগ ধৰি হিন্দু তীৰ্থযাত্ৰী—বিশেষকৈ সিন্ধী, ভৱছাৰ আৰু চাৰণ সম্প্ৰদায়ৰ ভক্তসকলে এই মন্দিৰভাগিত দেৱীৰ আশীৰ্বাদ বিচাৰি মৰুভূমিৰ মাজেৰে যাত্ৰা কৰে।

ধৰ্মীয় ধাৰণাৰ উপৰি উপমহাদেশখনৰ বিভাজনৰ বহু পূৰ্বৰে পৰা বেলুচিস্তানে হিন্দুসকলৰ প্ৰাচীন সাংস্কৃতিক ঐতিহ্যৰ আভাস দাঙি ধৰে৷ উল্লেখ্য যে এই মন্দিৰভাগিক বেলুচ জনসাধাৰণেও আধ্যাত্মিকতাৰে সন্মান কৰে৷ তেওঁলোকে এই মন্দিৰভাগিক অতি আদৰেৰে ‘নানী মন্দিৰ’ বুলি কৈ আহিছে৷ প্ৰকৃততে বেলুচিস্তানত অৱস্থিত এই মন্দিৰভাগে সাতামপুৰুষীয়া আন্তঃসাম্প্ৰদায়িক ঐতিহ্য, মিলন আৰু পাৰস্পৰিক একতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে৷’

বেলুচিস্তানে স্বাধীনতা ঘোষণা কৰা পিছত আজি সামাজিক মাধ্যমত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে সামাজিক মাধ্যমত পোষ্ট দিয়া দেখা গ’ল।

বুধবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত ‘ৰিপাব্লিক অৱ বেলুচিস্তান’এ বেলুচিস্তানৰ স্বাধীনতা ঘোষণা(Republic of Balochistan) কৰিলে বেলুচ বিদ্রোহীয়ে। বেলুচিস্তান কেতিয়াও পাকিস্তানৰ অংগ নাছিল বুলি ঘোষণা বেলুচ বিদ্রোহীৰ। বেলুচ বিদ্রোহী নেতা মিৰ য়াৰ বেলুচে ঘোষণা কৰিলে এই কথা। বেলুচিস্তানক স্বাধীন ৰাষ্ট্ৰৰ মৰ্যাদা দিয়াৰ বাবে বিশ্ব সম্প্রদায়ক আহ্বান। ভাৰতকো এইক্ষেত্ৰত পদক্ষেপ গ্ৰহণৰ আহ্বান বেলুচ বিদ্রোহীৰ। ৰাষ্ট্ৰসংঘকো বিশেষ পদক্ষেপ গ্ৰহণৰ আহ্বান বেলুচ বিদ্রোহীৰ।

India-Myanmar border: মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তৰ চান্দেল জিলাত নিহত ১০জন উগ্ৰপন্থী

India-Myanmar border: মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তৰ চান্দেল জিলাত নিহত ১০জন উগ্ৰপন্থী
India-Myanmar border: মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তৰ চান্দেল জিলাত নিহত ১০জন উগ্ৰপন্থী

অসম ৰাইফলছৰ আন এক সফল অভিযান, সংঘর্ষত নিহত ১০টা উগ্রপন্থী।(India-Myanmar border)

মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তৰ চান্দেল জিলাত গুলীয়াগুলী হয় বুধবাৰে নিশা।(Assam Rifles)

নিউ চামটাল গাঁৱৰ সমীপত অভিযানৰ সময়তে সংঘৰ্ষ হয়।

সংঘৰ্ষস্থলীৰ পৰা বুজন পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ কৰে বুধবাৰে।

প্ৰথমে শূন্যলৈ গুলীচালনা অভিযানকাৰীৰ, গুলীৰে প্ৰত্যুত্তৰ দিছিল অস্ত্ৰধাৰী উগ্ৰপন্থীৰ দলটোৱে।

তাৰ পাছতে প্রচণ্ড গুলীয়াগুলী, নিহত ১০টা উগ্রপন্থী কেডাৰ।

Xত এই তথ্য সদৰী কৰিলে ভাৰতীয় সেনাৰ ইষ্টার্ন কমাণ্ডে।

ইষ্টাৰ্ণ কমাণ্ডে এক্সত পোষ্ট কৰি কয় যে, “ইণ্ডো_ম্যানমাৰ সীমান্তৰ সমীপৰ চান্দেল জিলাৰ নিউ সামতাল গাঁৱৰ সমীপৱৰ্তী খেংজয় তহচিল, খেংজয় তহচিলৰ সশস্ত্ৰ কেডাৰৰ ওপৰত নিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ ভিত্তিত কাম কৰি, #SpearCorps অধীনস্থ #AssamRifles ইউনিটে ২০২৫ চনৰ ১৪ মে’ত অভিযান আৰম্ভ কৰে।”

পোষ্টটোত লগতে কোৱা হৈছে যে, “অপাৰেচনৰ সময়ত সৈন্যবাহিনীক সন্দেহযুক্ত কেডাৰে গুলীচালনা কৰিছিল যাৰ প্ৰতি তেওঁলোকে দ্ৰুত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। ইয়াৰ পিছৰ গুলীচালনাত ১০ জন কেডাৰ নিহত হয় আৰু যথেষ্ট পৰিমাণৰ অস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হৈছে।”

Republic of Balochistan: ‘আমি পাকিস্তানী নহয়’ বুলি ঘোষণা বেলুচিস্তানৰ

Republic of Balochistan: ‘আমি পাকিস্তানী নহয়’ বুলি ঘোষণা বেলুচিস্তানৰ
Republic of Balochistan: ‘আমি পাকিস্তানী নহয়’ বুলি ঘোষণা বেলুচিস্তানৰ

বেলুচিস্তানৰ স্বাধীনতা ঘোষণা(Republic of Balochistan) কৰিলে বেলুচ বিদ্রোহীয়ে। বেলুচিস্তান কেতিয়াও পাকিস্তানৰ অংগ নাছিল বুলি ঘোষণা বেলুচ বিদ্রোহীৰ। বেলুচ বিদ্রোহী নেতা মিৰ য়াৰ বেলুচে ঘোষণা কৰিলে এই কথা। বেলুচিস্তানক স্বাধীন ৰাষ্ট্ৰৰ মৰ্যাদা দিয়াৰ বাবে বিশ্ব সম্প্রদায়ক আহ্বান।


ভাৰতকো এইক্ষেত্ৰত পদক্ষেপ গ্ৰহণৰ আহ্বান বেলুচ বিদ্রোহীৰ। ৰাষ্ট্ৰসংঘকো বিশেষ পদক্ষেপ গ্ৰহণৰ আহ্বান বেলুচ বিদ্রোহীৰ।

বেলুচ নেতাসকলে পাকিস্তানৰ পৰা বেলুচিস্তানৰ স্বাধীনতা ঘোষণা কৰি ভাৰত আৰু ৰাষ্ট্ৰসংঘৰ ওচৰত স্বীকৃতিৰ বাবে আবেদন জনাইছে। এই পদক্ষেপে ছচিয়েল মিডিয়াত জোৱাৰৰ সৃষ্টি কৰিছে।

বুধবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত ‘ৰিপাব্লিক অৱ বেলুচিস্তান’ৰ কৰ্মী মিৰ ইয়াৰ বেলুচকে ধৰি বেলুচ নেতাসকলে পাকিস্তানৰ পৰা বেলুচিস্তানৰ স্বাধীনতা ঘোষণা কৰে।

ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে বেলুচিস্তানৰ এখন স্বতন্ত্ৰ মানচিত্ৰ শ্বেয়াৰ কৰে, লগতে বেলুচিস্তানৰ পতাকা উৰুৱাই থকা ভিডিঅ’ও শ্বেয়াৰ কৰে।

৯ মে’ত মিৰ ইয়াৰ বালোচে এক্স পোষ্টত লিখিছে, “সন্ত্রাসবাদী পাকিস্তানৰ পতন ওচৰ চাপি অহাৰ লগে লগে অতি সোনকালে এটা সম্ভাৱ্য ঘোষণা কৰা উচিত৷ আমি আমাৰ স্বাধীনতা দাবী কৰিছো আৰু আমি ভাৰতক অনুৰোধ কৰিছো যে বেলুচিস্তানৰ চৰকাৰী কাৰ্যালয় আৰু দিল্লীত থকা দূতাবাসৰ অনুমতি দিয়ক৷”

ইয়াক স্বীকৃতি দি ৰাষ্ট্ৰসংঘৰ সদস্যসকলৰ বৈঠক আহ্বান কৰিবলৈ ৰাষ্ট্ৰসংঘৰ পৰাও সমৰ্থন আহ্বান জনায়।

‘আমি ৰাষ্ট্ৰসংঘক বেলুচিস্তানৰ গণতান্ত্ৰিক গণৰাজ্যৰ স্বাধীনতাক স্বীকৃতি দিবলৈও অনুৰোধ কৰিছো আৰু স্বীকৃতিৰ বাবে আপোনালোকৰ সমৰ্থন আগবঢ়াবলৈ ৰাষ্ট্ৰসংঘৰ সকলো সদস্যৰ বৈঠক আহ্বান কৰক। মুদ্ৰাৰ বাবে কোটি কোটি ধন মুকলি কৰিব লাগিব আৰু পাছপ’ৰ্ট ছপা হ’ব লাগিব বুলি আহ্বান জনাই।

গুৱাহাটীত আকৌ পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি — দিগন্ত গগৈয়ে দাৰে আক্ৰমণ কৰিলে !Guwahati Crime News:

গুৱাহাটীত আকৌ পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি — দিগন্ত গগৈয়ে দাৰে আক্ৰমণ কৰিলে !Guwahati Crime News:
গুৱাহাটীত আকৌ পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি — দিগন্ত গগৈয়ে দাৰে আক্ৰমণ কৰিলে !Guwahati Crime News:

গুৱাহাটী, ১৪ মে’ : Guwahati Crime News। মহানগৰীত আকৌ সংঘটিত হ’ল চাঞ্চল্যকৰ আৰু নৃশংস ঘটনা। ধীৰেণপাৰাত অৱস্থিত অৰ্কিড হিলভিউ এপাৰ্টমেণ্টত বুধবাৰে পুৱা সংঘটিত হয় এই ভয়ংকৰ ঘটনা, য’ত এজন ছিকিউৰিটি গাৰ্ডে দাৰে আক্ৰমণ কৰে এখনেই এপাৰ্টমেণ্টত কাম কৰা এগৰাকী মহিলাক ।

আক্ৰমণকাৰী যুৱকজন হৈছে দিগন্ত গগৈ, যিয়ে বিগত দুবছৰ ধৰি উক্ত এপাৰ্টমেণ্টত ছিকিউৰিটী গাৰ্ডৰ কাম কৰি আহিছিল। আহত মহিলাগৰাকীৰ সৈতে দিগন্তৰ দুমাহৰ পূৰ্বে পৰিচয় হৈছিল আৰু তাৰ পাছতেই তেওঁলোকৰ মাজত গঢ় লৈ উঠে পৰকীয়া সম্পৰ্ক। উল্লেখযোগ্য যে, দিগন্ত গগৈ আৰু মহিলাগৰাকী দুয়ো বিবাহিত।

সূত্ৰ অনুসৰি, সম্পৰ্কত ফাট ধৰা পিছতে মহিলাগৰাকীয়ে দিগন্তৰ বিৰুদ্ধে ভিডিঅ’ কলৰ স্ক্ৰীণ ৰেকৰ্ড ভাইৰেল কৰাৰ অভিযোগ তোলে আৰু এপাৰ্টমেণ্টৰ আৱাসীক এই সন্দৰ্ভত অৱগত কৰে। এই কথাত ক্ষুব্ধ হৈ দিগন্ত গগৈয়ে প্ৰতিশোধ ল’বলৈ কটাহবাৰীৰ মঙলবৰীয়া বজাৰৰ পৰা ২৫০ টকা দি ১৪ ইঞ্চিৰ এখন দা কিনে।

বুধবাৰে পুৱা ৮.৩০ বজাত মহিলাগৰাকী কামলৈ আহোতে দিগন্ত গগৈয়ে দাৰে ঘপিয়াই আক্ৰমণ কৰে। মূৰ আৰু ডিঙিত গুৰুতৰ আঘাতপ্ৰাপ্ত মহিলাগৰাকীক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (GMCH)ত ভৰ্তি কৰোৱা হয়।

ইতিমধ্যে ফটাশিল থানাৰ আৰক্ষীয়ে আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিছে।

এই ঘটনাই মহানগৰীৰ বাসিন্দাসকলৰ মাজত গভীৰ উদ্বেগ সৃষ্টি কৰিছে, বিশেষকৈ পৰকীয়া সম্পৰ্কৰ বাবেই একেৰাহে সংঘটিত হৈ থকা এনে নৃশংস ঘটনাসমূহে সমাজৰ নৈতিকতাক প্ৰশ্নৰ সন্মুখীন কৰি তুলিছে। এইটো হৈছে বিগত এটা সপ্তাহত গুৱাহাটী মহানগৰীত সংঘটিত চতুৰ্থটো এনে ঘটনাৰ উদাহৰণ।

ওৰাং ৰাষ্ট্ৰীয় উদ্যান কালিৰে পৰা পর্যটকৰ বাবে বন্ধ । orang national park

ওৰাং ৰাষ্ট্ৰীয় উদ্যান কালিৰে পৰা পর্যটকৰ বাবে বন্ধ । orang national park
ওৰাং ৰাষ্ট্ৰীয় উদ্যান কালিৰে পৰা পর্যটকৰ বাবে বন্ধ । orang national park

১৪ মে’ ২০২৫:orang national park । কালিৰে পৰা দেশী-বিদেশী সকলো পর্যটকৰ বাবে বন্ধ হৈ থাকিব ওৰাং ৰাষ্ট্ৰীয় উদ্যান। বন বিভাগে এই ঘোষণা কৰিছে বেছিভাগ সময় বেয়া পথঘাট আৰু বৃষ্টিপাতৰ বাবে উদ্যানখনৰ বাস্তুতন্ত্রৰ ৰক্ষা সুনিশ্চিত কৰাৰ প্ৰয়োজনত। সাধাৰণতে বছৰি বৰষুণৰ সময়ত উদ্যানখন বন্ধ কৰি দিয়া হয়।

বন বিভাগৰ সূত্ৰ মতে, অহা অক্টোবৰ মাহৰ পৰা পুনৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰা হ’ব পৰ্যটকৰ বাবে। উদ্যানখন খোলাখুলিৰ সময়ছোৱাত এইবাৰ পৰ্যটকৰ পৰা লাভ হোৱা মুঠ ৰাজহ আছিল তিনিলাখ ছয়ষষ্ঠি হাজাৰ টকা।

এই সময়চোৱাত দুহেজাৰ তিনিশজন পৰ্যটকে উদ্যানখন পৰিদৰ্শন কৰে, য’ত বিদেশী পৰ্যটকৰ সংখ্যা আছিল একেটা সময়ছোৱাত বিয়াল্লিশজন।

উল্লেখযোগ্য যে, সদ্যহতে ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনত ১২৫ৰো অধিক একেশৃঙীয়া গঁড় চিনাক্ত কৰা হৈছে। লগতে, বাঘ, হাতী, হৰিণা, গাহৰি আৰু বিভিন্ন প্ৰজাতিৰ পক্ষীৰ বিচৰণ ভূমি হিচাপে এই উদ্যানখনে পৰ্যটকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

উদ্যানখনৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ তথ্য অনুসৰি, বন জীৱ সংৰক্ষণ আৰু উদ্যানখনৰ স্বাভাৱিক পৰিৱেশ ৰক্ষা কৰাৰ উদ্দেশ্যে এই বন্ধ ঘোষণা কৰা হৈছে।

অবশেষত BSF জোৱান পিকে সাহু ঘূৰি আহিল: পাকিস্তানে উভতাই দিলে, ভাৰতে ৰেঞ্জাৰক উভতালে

অবশেষত BSF জোৱান পিকে সাহু ঘূৰি আহিল: পাকিস্তানে উভতাই দিলে, ভাৰতে ৰেঞ্জাৰক উভতালে
অবশেষত BSF জোৱান পিকে সাহু ঘূৰি আহিল: পাকিস্তানে উভতাই দিলে, ভাৰতে ৰেঞ্জাৰক উভতালে

১৪ মে’: ভাৰত-পাকিস্তান সীমান্তত এখনি গুৰুত্বপূৰ্ণ ঘটনা। ২২ দিন পাছত শেষত পাকিস্তানে BSF জোৱান পূৰ্ণব কুমাৰ সাহুক মুক্তি দিয়ে। ২৩ এপ্ৰিল ২০২৫ তাৰিখে ভুলবশতঃ সীমান্ত অতিক্ৰম কৰি পাকিস্তানত প্ৰৱেশ কৰা জোৱানজনক আজি পুৱা প্ৰায় ১০:৩০ বজাত Joint Check Post (JCP) আটাৰীৰ জৰিয়তে ভাৰতলৈ উভতাই দিয়ে।

ইয়াৰ বিপৰীতে, ভাৰতেও আটক কৰি ৰখা এজন পাকিস্তানী ৰেঞ্জাৰক মুক্তি দিয়ে। দুয়ো দেশৰ সেনাৰ এই আদান-প্ৰদান প্ৰতিষ্ঠিত প্ৰট’কল অনুসৰি শান্তিপূৰ্ণভাৱে সম্পন্ন হয়। BSF-এ এক প্ৰেছ বিবৃতি জাৰি কৰি জোৱানজনৰ ঘূৰি অহাৰ কথা নিশ্চিত কৰিছে।

উল্লেখযোগ্য যে, ফিৰোজপুৰ জিলাৰ সীমান্তত কৰ্তব্যৰত থাকোতে, সাহু এজন স্থানীয় কৃষকক সহায় কৰিবলৈ আগবাঢ়ে। সেই সময়তে তেওঁ ভুলবশতঃ শূন্য ৰেখা পাৰ কৰি পাকিস্তানত প্ৰৱেশ কৰে। পৰৱৰ্তী সময়ত পাকিস্তানী ৰেঞ্জাৰছৰ দ্বাৰা তেওঁক আটক কৰা হয়।

ইফালে, ভাৰতীয় পক্ষেও ৰাজস্থানৰ সীমান্ত অঞ্চলৰ ওচৰত এজন পাকিস্তানী ৰেঞ্জাৰক সীমা লঙ্ঘনৰ সময়তে আটক কৰিছিল। অভিযোগ অনুসৰি, তেওঁ সীমান্ত অতিক্ৰম কৰাৰ চেষ্টা কৰিছিল।

সাম্প্ৰতিক সময়ত ভাৰত-পাকিস্তানৰ মাজত সীমান্তত উত্তেজনা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত, এই জোৱানসকলৰ আটক-উভতোৱা ঘটনাই দুই দেশৰ কূটনৈতিক সম্পৰ্কত নতুন চর্চাৰ বাতাবৰণ সৃষ্টি কৰিছে। তথাপিও, এই হস্তান্তৰে যুদ্ধবিৰতি আৰু সহনশীলতা বজাই ৰখাত এক ইতিবাচক সংকেত হিচাপে বিবেচনা কৰা হৈছে।

সদৌ তাই আহোম ছাত্ৰ সন্থাৰ পথ অৱৰোধ । shivsagar

সদৌ তাই আহোম ছাত্ৰ সন্থাৰ পথ অৱৰোধ । shivsagar

শিৱসাগৰ, ১৪ মে’:shivsagar । ১২১ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণাধীন ভূবন চন্দ্ৰ গগৈ পথ (বিজি ৰোড)ৰ অধূৰ পৰা বেহাল অৱস্থাক লৈ চেৰেকাপাৰত আজি জোৰদাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে সদৌ তাই আহোম ছাত্ৰ সন্থা (এস.টি.এ.এছ.এছ)। পথটোৰ স্থায়ীত্বহীন আৰু বিপজ্জনক অৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ জনাই ছাত্ৰ সন্থাৰ নেতৃবৃন্দে পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে।

উল্লেখযোগ্য যে, শিৱসাগৰৰ পৰা গড়মূৰ চোমণি গাঁওলৈ যোৱা এই গুৰুত্বপূৰ্ণ পথটোৰ নিৰ্মাণৰ দায়িত্ব লৈছিল শিৱা হৰলালকা ঠিকাদাৰী প্ৰতিষ্ঠানে। যদিও বহু দিন পূৰ্বে কাম আৰম্ভ হৈছিল, তথাপিও আজিলৈকে সম্পূৰ্ণ হোৱা নাই কামখন। ফলস্বৰূপে, ৰাস্তাটোৰ অৱস্থা দিনে দিনে অধিক জটিল আৰু জনবিপদজনক হৈ পৰিছে।

বিক্ষোভ চলাকালীন ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজে ঠিকাদাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে তীব্ৰ শ্ল’গান প্ৰচাৰ কৰে। বেহাল পথৰ বাবে অঞ্চলবাসীৰ দৈনন্দিন যাতায়াতত হোৱা অসুবিধা আৰু বিপদৰ উল্লেখ কৰি সমাধান বিচাৰে বিক্ষোভকাৰীসকলে।

সদৌ তাই আহোম ছাত্ৰ সন্থাৰ নেতাসকলে দাবী কৰে যে, যদি অবিলম্বে পথ নিৰ্মাণ সম্পূৰ্ণ কৰি জনগণৰ বাবে উন্মুক্ত কৰা নহয়, তেন্তে আগন্তুক দিনত আরও বৃহৎ আন্দোলনৰ দিশে যাব বাধ্য হ’ব।

অৱশেষত, বিক্ষোভৰ ফলস্বৰূপে একাংশ

পৰকীয়া প্ৰেমৰ বাবে মহিলাক নৃশংস হত্যা ! Dudhnoi

পৰকীয়া প্ৰেমৰ বাবে মহিলাক নৃশংস হত্যা ! Dudhnoi
পৰকীয়া প্ৰেমৰ বাবে মহিলাক নৃশংস হত্যা ! Dudhnoi

 Dudhnoi । দুধনৈ, ১৪ মে’: পৰকীয়া সম্পৰ্কৰ বলিত ৰাজ্যত পুনৰ সংঘটিত হৈছে এগৰাকী মহিলাৰ নৃশংস হত্যাকাণ্ড। দুধনৈৰ উদয়পুৰত মঙলবাৰে নিশা সংঘটিত হয় এক শিহৰণকাৰী ঘটনা, য’ত ছুৰীৰে আক্ৰমণ কৰি ৬০ বছৰৰো অধিক বয়সীয়া মহিলা ফুলেশ্বৰী বৰ্মন ৰাভাক হত্যা কৰে নিপ্পজ্যোতি ৰাভা নামৰ এজন যুৱকে।

ঘটনাৰ অনুসৰি, নিশা মৃত মহিলাগৰাকীৰ ঘৰৰ সৈতে লাগি থকা দোকানলৈ বস্তু কিনিবলৈ আহে যুৱকজন। সেই সময়তে সুযোগ লৈ মহিলা গৰাকীক চোকা অস্ত্ৰৰে একাধিকবাৰ আক্ৰমণ কৰি হত্যা কৰে। কেৱল ইমানেই নহয়, হত্যাৰ পাছত ঘৰত উপস্থিত মৃত মহিলাগৰাকীৰ দুজন কণমানি নাতিনীকো হত্যাৰ চেষ্টা চলায় অভিযুক্তই।

চিঞৰ-বাখৰ শুনি স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হোৱাত অভিযুক্ত পলায়ন কৰে। তাৰ পিছতেই আৰক্ষীক জাননী দিয়া হয় আৰু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে।

স্থানীয় ৰাইজে অভিযোগ কৰে যে, অভিযুক্ত নিপ্পজ্যোতিৰ সৈতে মৃত মহিলাগৰাকীৰ বোৱাৰীৰ অবৈধ সম্পৰ্ক আছিল আৰু সেই ব্যক্তিগত সম্পৰ্কৰ ফলস্বৰূপেই সংঘটিত হয় এই ভয়ংকৰ হত্যাকাণ্ড। অভিযোগৰ ভিত্তিত আৰক্ষীয়ে মৃত মহিলাগৰাকীৰ বোৱাৰীক ইতিমধ্যে আটক কৰিছে আৰু মূল অভিযুক্ত নিপ্পজ্যোতি ওৰফে নিৰজ ৰাভাক বিচাৰি তীব্ৰ অভিযান চলাইছে।

ইফালে, এই ঘটনাই কেৱল এটা নিদৰ্শন। বিগত কিছুমান দিনত পৰকীয়া প্ৰেমৰ বলিত দুজন লোকে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে। এগৰাকী মাতৃয়ে নিজৰ অবৈধ প্ৰেমিকৰ সহযোগত ১০ বছৰীয়া পুত্ৰ সন্তানক হত্যা কৰি মৃতদেহ ছুটকেছত ভৰাই এটা জোপোহালৈ নিক্ষেপ কৰিছিল। দেওবাৰে আৰক্ষীয়ে এই তথ্য প্ৰকাশ কৰিছিল।

আনহাতে, সোমবাৰে গুৱাহাটীৰ গড়চুত সংঘটিত হয় আন এক হত্যাকাণ্ড। Silver Arcade বিল্ডিঙৰ পাৰ্কিঙত ছুৰীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মৃগাংক বৰ্মন (২৬) নামৰ এজন যুৱকে মৃত্যুক সাৱটি লয়। এই ঘটনাত গ্ৰেপ্তাৰ হোৱা ৰাজু আলী নামৰ অভিযুক্তে স্বীকাৰ কৰে যে, এগৰাকী যুৱতীৰ সৈতে তেওঁৰ দুবছৰৰ পৰা সম্পৰ্ক আছিল, কিন্তু সেই যুৱতীগৰাকী মৃগাংকৰ সৈতে হোটেলত দেখা কৰিবলৈ আহিছিল বুলি জানি, তেওঁ এই আক্ৰমণ কৰে।

সাম্প্ৰতিক এইবোৰ ঘটনা একেবাৰে স্পষ্ট কৰিছে যে সমাজত পৰকীয়া সম্পৰ্কৰ জটিলতাৰ ফলত সংগঠিত হোৱা হত্যা, আক্ৰমণ আদিৰ সংখ্যা দ্ৰুতবেগে বৃদ্ধি পাইছে। আৰক্ষীয়ে সকলো ঘটনাত তদন্ত অব্যাহত ৰাখি দোষীসকলক বিচাৰৰ মুখামুখি কৰাব বুলি জনাইছে।