Home Blog Page 182

Samosa: ক’ৰবাত সস্তা, ক’ৰবাত দাম; ক’ৰবাত সৰু, ক’ৰবাত ডাঙৰ ! চিংৰাক লৈ উত্তপ্ত সদন !

Samosa: ক'ৰবাত সস্তা, ক'ৰবাত দাম; ক’ৰবাত সৰু, ক’ৰবাত ডাঙৰ !
Samosa: ক'ৰবাত সস্তা, ক'ৰবাত দাম; ক’ৰবাত সৰু, ক’ৰবাত ডাঙৰ !

সংসদত খাদ্য (Samosa) সামগ্ৰীৰ দাম নিয়ন্ত্ৰণৰ বাবে আইন প্ৰণয়নৰ দাবী জনাইছে বিজেপি সাংসদ ৰবি কিষানে। তেওঁ লোকসভাত চিংৰাৰ (samosa) আকাৰ আৰু মূল্যৰ পাৰ্থক্যৰ বিষয়টোও উত্থাপন কৰে। সমগ্ৰ ভাৰতবৰ্ষত খাদ্যৰ দাম আৰু আকাৰৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি ৰবি কিষানে সৰু-ডাঙৰ প্লেটত একে দামত পৰিবেশন কৰা চিংৰাৰ উদাহৰণ দাঙি ধৰে।

ৰবি কিষানে সমগ্ৰ ভাৰততে খাদ্য সামগ্ৰীৰ মূল্য আৰু আকাৰৰ কাথা উল্লেখ কৰে। তেওঁ চিংৰাৰ আকাৰ আৰু দাইলৰ দামৰ কথা উল্লেখ কৰে। ধাবাৰ পৰা আৰম্ভ কৰি পাঁচ তাৰকাযুক্ত হোটেললৈকে খাদ্যৰ দাম আৰু পৰিমাণ নিয়ন্ত্ৰণ কৰিবলৈ ৰবি কিষানে প্ৰধানমন্ত্ৰীক আহ্বান জনায়।

গোৰখপুৰৰ সাংসদগৰাকীয়ে কয় যে এটা ঠাইত সৰু চিংৰা আৰু আন ঠাইত ডাঙৰ, কিন্তু বেলেগ দাম কিয় চিংৰা । কোটি কোটি গ্ৰাহক থকা ইমান ডাঙৰ বজাৰ কোনো নিয়ম-নীতি অবিহনে চলি আছে।

আনহাতে তেওঁ কয় যে দাল তাড়কা কিছুমান দোকানত ১০০ টকা, কোনো কোনো দোকানত ১২০ টকা আৰু কিছুমান হোটেলত ১০০০ টকা।

ৰবি কিষানৰ এই দাবীৰ পিছতে বিতৰ্কৰ সৃষ্টি হয়, কংগ্ৰেছৰ মুখপাত্ৰ সুৰেন্দ্ৰ ৰাজপুতে বিজেপিৰ সাংসদগৰাকীক উপহাস কৰি কয় যে তেওঁ প্ৰিয় পিএম মোডীৰ বন্ধু গৌতম আদানীয়ে পৰিচালিত বিমানবন্দৰত দামী চিংৰা নিয়ন্ত্ৰণৰ বাবেও মাত মাতিব পাৰিবনে?

আনহাতে ৰবি কিষাণে প্ৰশ্ন কৰে, “চিংৰা বা খাদ্যৰ ষ্টলৰ দৰে বিষয়বোৰ জনস্বাৰ্থৰ সৈতে জড়িত নহয় নেকি? এনেবোৰ বিষয়ক ঠাট্টা কৰি উপহাসৰ বিষয় কৰি তোলাটো কিমান যুক্তিপূৰ্ণ?”

Recipe: অনন্য স্বাদভৰা স্বাস্থ্যকৰ ৰেচিপিঃ কল পচলাৰে মাছ পাতত দিয়া

Recipe: অনন্য স্বাদভৰা স্বাস্থ্যকৰ ৰেচিপিঃ কল পচলাৰে মাছ পাতত দিয়া
Recipe: অনন্য স্বাদভৰা স্বাস্থ্যকৰ ৰেচিপিঃ কল পচলাৰে মাছ পাতত দিয়া

অনন্য স্বাদভৰা (Recipe) স্বাস্থ্যকৰ ৰেচিপিঃ কল পচলাৰে মাছ পাতত দিয়া। আমাৰ বহুতো থলুৱা সুস্বাদু ব্যঞ্জন আছে। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ কল পচলাৰে মাছ পাতত দিয়া –

উপকৰণসমূহ হৈছে-
মিহিকৈ কাটি লোৱা পচলা একাপ
পেটি মাছ তিনি টুকুৰা
পিয়াজ এটা
ভোট জলকীয়া আধা টুকুৰা (ইচ্ছানুসৰি অন্য জলকীয়াও দিব পাৰে)
জালুক গুৰি আধা চামুচ
নেমু ৰস এক চামুচ
আদা নহৰু পেষ্ট এক চামুচ
মানধনীয়া পাত তিনি চাৰি খিলা
নিমখ (সোৱাদ মতে)
মিঠা তেল এক টেবুল চামুচ

ৰন্ধন প্ৰণালী –
প্ৰথমতে মাছ তিনি টুকুৰা সৰু সৰুকৈ কাটি ল’ব । এটা বাতিত মাছখিনি লৈ তাতে নিমখ, নেমুৰ ৰস, জালুকৰ গুৰি সানি দহ মিনিটমান ঢাকি ৰাখিব। পিয়াজ মিহিকৈ কাটি ল’ব। বিলাহী পুৰি লৈ ওপৰৰ ক’লা চাইখিনি আঁতৰাই ল’ব। এটা পাত্ৰত পচলা আৰু পিয়াজখিনি লৈ খুব ভালকৈ হাতেৰে মোহাৰি ল’ব, যাতে মিহি হৈ পৰে। তাতে বিলাহীটোও পিটিকি দিব। আদা নহৰু পেষ্ট, সামান্য নিমখ (যিহেতু মাছত ইতিমধ্যে নিমখ সনা আছেই, মিঠা তেল সানি তাত জলকীয়া আৰু মান ধনীয়া মিহিকৈ কুটি দি মাছখিনি মিলাই ভালকৈ সানি ল’ব। এতিয়া এখন আঠিয়া কলৰ কলপাত লৈ জুইত সেকি লেৰেলাই ল’ব। তাৰ পিছত পাতখনত সানি লোৱা মিশ্ৰণখিনি দি প্ৰথমতে দুয়োকাষে মেৰিয়াই পিছত বাকী দুটা কাষ মেৰিয়াই কলৰ ৰচীৰে বান্ধি ল’ব। গেছত টাৱাখন গৰম হ’বলৈ দিব। তাতে মাছৰ টোপোলাটো দি ওপৰত এখন ঢাকোন দি এটা গধুৰ বস্তুৰে বা পাকঘৰতে থকা শিলপতাৰ গুটিটোৰে হেঁচা দি ৰাখিব। কম জুইত ৰাখিব। মাজে মাজে টোপোলাটো ইলুটি-সিলুটি কৰি দিব। যেতিয়া দেখিব যে কলপাত পুৰি গৈছে- জানিব যে মাছখিনি সিজিলে। এইখিনিৰ হৈ উঠিবৰ বাবে আধা ঘণ্টাৰ অলপ বেছি সময় লাগে। খাই চাব- বৰ সোৱাদযুক্ত হয়।

প্ৰেৰক – ৰুবী দত্ত
গাঁও – হিছিঙলীয়া, ধলপুৰ
জিলা – লক্ষীমপুৰ
পিন – ৭৮৪১৬৫

Himanta biswa sarma: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ সংবাদমেল

Himanta biswa sarma: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ সংবাদমেল
Himanta biswa sarma: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ সংবাদমেল

আজি লোকসেৱা (Himanta biswa sarma) ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ সংবাদমেল। সংবাদমেলত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰে-

এইবাৰ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম-শতবার্ষিকীত থাকিব বিশেষ কার্যসূচী ।

এহেজাৰ শিল্পীয়ে একেলগে ২৩ মিনিট পৰিৱেশন কৰিব গীত ।

‘অসম আমাৰ ৰূপহী’ শীর্ষক গীতেৰে হ’ব আৰম্ভ শেষ হ’ব ‘WE ARE IN THE SAME BOAT BROTHER’ গীতেৰে ।

নিমন্ত্রণ জনোৱা হ’ব অসমৰ প্ৰতিখন কলেজৰ শ্ৰেষ্ঠ গায়ক-গায়িকাক।

USTMক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য-

USTMক লৈ মুখ্যমন্ত্ৰীয়ে কয় এখন সংৰক্ষিত বনাঞ্চল বেদখল কৰিছে USTM-এ। দুবছৰ পাছত USTM থাকিব নে নাই তাৰ কোনো নিশ্চয়তা নাই। এতিয়া মেঘালয় চৰকাৰেহে জানিব USTM ভাঙে নে নাভাঙে? USTMৰ সঞ্চালকজনৰ কিবা এটা হৈছে, য’তে-ত’তে সোমাই থাকিব বিচাৰে। USTM শিক্ষানুষ্ঠান নহয়, শিক্ষাৰ নামত ব্যৱসায়হে চলাইছে।

আনহাতে কাইলৈৰ পৰা উচ্ছেদিত মাটিত গছপুলি ৰোৱা হ’ব আৰু উচ্ছেদক লৈ উৰাবাতৰি প্ৰকাশ কৰিব নালাগে বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ। খিলঞ্জীয়া মানুহক উচ্ছেদ কৰা নহয়। বহু ডাঙৰ ডাঙৰ ব্যৱসায়ীয়ে মাটি ক্রয় কৰি ৰাখিছে আৰু ভৱিষ্যতে সেই মাটি আদানীক বিক্রী কৰি দিব বুলিও উল্লেখ মুখ্যমন্ত্ৰীগৰাকীৰ।

২৯ আগষ্টত অসমলৈ আহিব গৃহমন্ত্রী অমিত শ্বাহ। গৃহমন্ত্ৰীয়ে নতুন ৰাজভৱন উন্মোচন কৰিব বুলি জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে।

৮ ছেপ্টেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নুমলীগড় শোধনাগাৰত বায়’ৰিফাইনেৰী ইথানল দ্বিতীয় সংস্কৰণ উন্মোচন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। এই কথা সংবাদমেলত জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে।

১৭ ছেপ্টেম্বৰৰ প্রধানমন্ত্ৰী মোদীৰ জন্মদিনৰ পৰা অৰুণোদয় ৩.০ আৰম্ভ হ’ব। এতিয়াৰে পৰা অৰুণোদয় আঁচনি লাভ কৰা পৰিয়ালে ৰন্ধন গেছ ক্ৰয় কৰিলে ২৫০ টকা ৰেহাই পাব। অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব মুখ্যমন্ত্ৰীৰ পত্ৰ আৰু কিতাপৰ টোপোলা।

আনহাতে ৬ আগষ্টত নিযুত মইনা আঁচনিৰ প্ৰ-পত্ৰ বিতৰণ কৰা হ’ব। প্ৰপত্ৰ পূৰণ কৰাৰ পাছত যোগ্য ছাত্ৰীয়ে অক্টোবৰ মাহৰ পৰা ১০ মাহলৈ এই আঁচনিৰ ধন লাভ কৰিব। পূৰ্বে স্নাতক প্ৰথম বৰ্ষত নিযুত মইনা আঁচনি লাভ কৰা ছাত্ৰীয়ে স্নাতক দ্বিতীয় বৰ্ষত পুনৰ প্ৰপত্ৰ পূৰণ কৰিব লাগিব। ইয়াৰ মাজত যদি কোনো ছাত্ৰীৰ যদি বিবাহ হয়, তেন্তে এই আঁচনি নাপাব। কিন্তু, স্নাতকোত্তৰ শ্ৰেণীত বিবাহ হ’লে পাব। স্নাতক দ্বিতীয় বা তৃতীয় বৰ্ষৰ বিবাহিতা ছাত্ৰীক এই আঁচনিৰ সুবিধা দিয়া নহ’ব।

আনহাতে প্রধানমন্ত্ৰী মোদীৰ জন্মদিনৰ পৰা ৪০ লাখ পৰিয়ালক দিয়া হ’ব ৰামায়ণ, মহাভাৰত। এইকথাও সংবাদমেলত উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।










saturday remedies: শনিবাৰে গ্ৰহণ কৰিব এইসমূহ খাদ্য, সন্তুষ্ট হ’ব শনি দেৱ

saturday remedies: শনিবাৰে গ্ৰহণ কৰিব এইসমূহ খাদ্য, সন্তুষ্ট হ'ব শনি দেৱ
saturday remedies: শনিবাৰে গ্ৰহণ কৰিব এইসমূহ খাদ্য, সন্তুষ্ট হ'ব শনি দেৱ

হিন্দু ধৰ্মত শনিবাৰটো (saturday remedies) শনি দেৱৰ বাবে উৎসৰ্গা কৰা হয়। সেয়েহে শনি দেৱক সন্তুষ্ট কৰিবলৈ শনিবাৰে শনি দেৱক পূজা কৰা হয়, তেল আগবঢ়োৱা হয়, শনি চালিছা পঢ়া হয় লহতে শনি সম্পৰ্কীয় বস্তু দান কৰা হয়। লগতে শনিবাৰে কিছুমান বিশেষ বস্তু খালে অতি ভাল ফলাফল পোৱা যায়। আজি আমি আপোনালোকক জনাম শনিবাৰে কোনবোৰ বস্তু গ্ৰহণ কৰি শনি দেৱক সন্তুষ্ট কৰি সুখ আৰু সমৃদ্ধি দিব-

উৰাদ দাইলৰ খিচিৰি – শনি দেৱক ক’লা উৰাদ দাইল আগবঢ়োৱা হয়, দৰিদ্ৰ লোকক দান কৰা হয় কাৰণ শনি দেৱে উৰাদ দাইল অতি ভাল পায়। শনিবাৰে উৰাদ দাইলৰ খিচড়ি খাব পাৰে। ইয়াৰ দ্বাৰা শনিদেৱ সন্তুষ্ট হয় আৰু ৰাশিফলৰ গ্ৰহ দোষৰ পৰা সকাহ পায়।

গুলাব জামুন – শনিবাৰে গুলাব জামুন খোৱাটোও অতি শুভ। গুলাব জামুন শনি ভগৱানৰ অতি মৰমৰ। এই মিঠাই খালে জীৱনত মধুৰতা আনে। ঘৰলৈ সুখ কঢ়িয়াই আনে। সেয়ে কেতিয়াবা শনিবাৰে গুলাব জামুন খাব পাৰে।

বুট – শনিবাৰে ক’লা বুট খোৱাতো ভাল।

ক’লা তিল – শনিবাৰে ক’লা তিল দান কৰিলে অতি উপকাৰী বুলি গণ্য কৰা হয়। শনি দোষৰ পৰা সকাহ পাবলৈ ক’লা তিল দান কৰে বুলি কোৱা হয়। শনি ভগৱানক ক’লা তিল আগবঢ়োৱা হয়। শনিবাৰে যদি খাদ্যত ক’লা তিল ব্যৱহাৰ কৰে তেন্তে শনি দেৱৰ কৃপাত জীৱনৰ বহু সমস্যা সমাধান হয়।

সৰিয়হ তেল – শনিবাৰে সৰিয়হৰ তেল খালে ভাল। ইয়াৰ দ্বাৰা শনি সন্তুষ্ট হয় আৰু শাৰীৰিক আৰু মানসিক স্বাস্থ্য সুস্থ হৈ থাকে।

Nandini Kashyap: নন্দিনী কাশ্যপৰ ঘটনাৰ সৈতে নাম সাঙোৰ খাইছে USTMৰ স্বত্বাধিকাৰী মহবুবুল হকৰ! এজনক আটক

Nandini Kashyap
Nandini Kashyap

BREAKING UPADATE-

আজি আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলিব নন্দিনী কাশ্যপৰ। (Nandini Kashyap)

দুদিনৰ আৰক্ষীৰ জিম্মাত আছিল নন্দিনী কাশ্যপ।

পুনৰ আজি আদালতত হাজিৰ কৰোৱা হ’ব অভিনেত্ৰী নন্দিনী কাশ্যপক।

আনহাতে অভিনেত্ৰীগৰাকীৰ ঘটনাৰ সৈতে এইবাৰ নাম সাঙোৰ খাইছে USTMৰ স্বত্বাধিকাৰী মহবুবুল হকৰ।

ঘটনাৰ সৈতে জড়িত এজনক আটক কৰিছে দিছপুৰ আৰক্ষীয়ে, আটকাধীনজনৰ নাম হৈছে হামিদ আলীষ

নন্দিনীৰ হৈ ছামিউলৰ পৰিয়ালক মেনেজ কৰা অভিযোগ হামিদ আলীয়ে।

গোচৰ উঠাই ল’বলৈ হামিদ আলীয়ে হেঁচা দিছিল ছামিউল হকৰ পৰিয়ালক।

দিছপুৰ আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত হামিদ আলীক।

তৃতীয় দিনাও চলিল ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান । ধুলি হৈ গ’ল কোটি টকীয়া ৰাজপ্ৰাসাদ ।  EVICTION

তৃতীয় দিনাও চলিল ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান । ধুলি হৈ গ'ল কোটি টকীয়া ৰাজপ্ৰাসাদ ।  EVICTION
তৃতীয় দিনাও চলিল ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান । ধুলি হৈ গ'ল কোটি টকীয়া ৰাজপ্ৰাসাদ ।  EVICTION


 EVICTION । অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত তৃতীয় দিনাও অব্যাহত আছে ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। আজি পুৱা ৯:৩০ বজাৰ পৰাই চলিছে প্ৰশাসনৰ বুলড’জাৰ। পুৱাই খেৰবাৰী, ২ নং দয়ালপুৰৰ ৰেংমা বনাঞ্চলত স্থাপন কৰা বৃহৎ বৃহৎ মছজিদ ভাঙি তচনচ কৰি পেলোৱা হয়।

আনহাতে হাৰি নগ’ল ধৰ্মীয় শিক্ষা প্ৰদান কৰা বৃহৎ আকাৰৰ মাদ্ৰাজা সমূহ। প্ৰশাসনৰ বুলড’জাৰ সহায়ত ভাঙি দিয়ে ১৯৯৪ চনত অবৈধভাবে স্থাপিত ৩ নং দক্ষিণ দয়ালপুৰত অৱস্থিত “নুৰুল উলুম ৩ নং দক্ষিণ দয়ালপুৰৰ হাফিজিয়া মাদ্ৰাছা” গৃহ। অভিযোগ মতে এই বৃহৎ আকাৰৰ মাদ্ৰাছা সমূহতে ধৰ্মীয় শিক্ষা গ্ৰহণ কৰাৰ লগতে বিভিন্ন অনৈতিক কায্য কলাপত উদগণি যোগোৱা শিক্ষা লাভ কৰি বহু অপৰাধজনিত কায্যকলাপত লিপ্ত হোৱাৰ অভিযোগ বিভিন্ন দল সংগঠনৰ। আনহাতে, এই মাদ্ৰাছা সমূহতে শিক্ষা গ্ৰহণ কৰি একাংশ মীয়াই এতিয়া অসমত মিয়ালেণ্ড দাবী কৰিব পৰা হ’ল বুলিও সচেতন মহলত চর্চা চলিছে। বেদখল হোৱা বনভূমি উদ্ধাৰৰ কায্য চলি থকা এই অভিযানৰ আজিৰ দিনটোত ৫ খন গাঁৱত একেলগে ১০০ৰো অধিক বুলড’জাৰ চলাই অবৈধ ভাৱে বসতি স্থাপন কৰা ৭০০ ৰো অধিক বাসগৃহ উচ্ছেদ কৰে প্ৰশাসনে। আজিৰ অভিযানত ২ নং দয়ালপুৰ, ৩ নং দয়ালপুৰ, ৩ নং দলনীপথাৰ, খেৰবাৰী, আনন্দপুৰ আদি অঞ্চলসমূহত অভিযান চলে। এই অঞ্চলবোৰত বৃহৎ পৰিসৰত গঢ় লৈ উঠা কোটি কোটি টকীয়া ৰাজপ্ৰাসাদ সদৃশ পকী ঘৰ, কাঠৰ ঘৰ আদি সম্পূৰ্ণৰূপে ভাঙি পেলোৱা হয়। ৰেংমা সংৰক্ষিত বনাঞ্চলৰ ভূমি বছৰ বছৰ দিন ধৰি অবৈধ লোকে বেদখল কৰি আহিছিল বুলি বন বিভাগে জানিবলৈ দিয়ে। ইয়াৰ ফলস্বৰূপে বনাঞ্চল ধ্বংস হোৱাৰ লগতে জৈৱবৈচিত্র্যৰো ওপৰত প্ৰভাৱ পৰিছিল। অৱশেষত ৰাজ্যৰ উচ্চ পৰ্যায়ৰ নিৰ্দেশনা আৰু আদালতৰ অনুমতিৰ পিছত জিলা প্ৰশাসন আৰু বন বিভাগে বৃহৎ পৰিসৰৰ উচ্ছেদ অভিযান হাতত লয়। উল্লেখ্য যে দ্বিতীয় দিনা, অর্থাৎ ৩০ জুলাই তাৰিখে পিঠাঘাট অঞ্চলত ১৮০ টা আৰু সোনাৰীবিলত ৯৮ টা অবৈধ ঘৰ ভাঙি পেলাইছিল প্ৰশাসনে। ইপিনে আইন-শৃংখলা পৰিস্থিতিৰ বাবে ব্যস্ত হৈ আছে ১০০০ ৰো অধিক আৰক্ষী বাহিনী। বৃহৎ সংখ্যক অসম আৰক্ষীৰ বিশেষ শাখা, বন সংৰক্ষণ বাহিনী, CRPF আদিক মোতায়েন কৰি অঞ্চলটোক বেষ্টনী সৃষ্টি কৰা হৈছে যাতে কোনো অশান্তি পৰিবেশৰ সৃষ্টি নহয়। একাংশই এই উচ্ছেদক সমৰ্থন জনালেও, আন একাংশই এই উচ্ছেদৰ বিৰোধীতা কৰিছে। এই উচ্ছেদ অভিযান কিছুদিনলৈ অব্যাহত থাকিব বুলি প্ৰশাসনে উল্লেখ কৰিছে। আনহাতে প্ৰশাসনে উচ্ছেদ কৰা স্থানত পুনৰ বসতি স্থাপন কৰিবলৈ অহাৰ খবৰ পাই ৫ জন লোকক প্ৰশাসনে আটক কৰাৰ খবৰ আহিছে। যোৱা কালি উচ্ছেদ কৰা সোনাৰীবিল তাপুত পুনৰ বেদশলকাৰীয়ে জুপুৰি নিৰ্মান কৰিবলৈ অহা কথা পোহৰলৈ অহাৰ পাছত আৰক্ষীৰ এটা বৃহৎ দল উক্ত স্থানত উপস্থিত হৈ ৫ জন লোকক আটক কৰি ,সোধা পোচা অব্যাহত ৰাখিছে। আজিৰ এই অভিযান কালত ৰাজ্যৰ মুখ্য সচিব এম. কে. যাদব, আৰক্ষী মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিং, জিলা আয়ুক্ত, জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ লগতে বহু উচ্চপদস্থ বিষয়া উপস্থিত থাকে। উল্লেখ্য যে এই ঠাই সমূহৰ পৰাই একাংশ বেদখলকাৰীয়ে চুপাৰী, ড্ৰাগছ, ভাং, কানি, অৰুণাচলী সুৰা, অবৈধ মাৰণাস্ত্ৰৰ ব্যৱসায়, কাজিৰঙাত গড় হত্যা আদিৰ দৰে জঘন্য অপৰাধৰ এখন ক’লা সাম্ৰাজ্য গঢ়ি তুলিছিল। ইপিনে শ শ বিঘা বন বিভাগৰ ভূমি বেদখল কৰি তাত তামোলৰ খেতি কৰি সেই তামোলৰ চুপাৰিৰ সৈতে বাৰ্মিজ চুপাৰি মিহলাই চুপাৰিৰ এখন বৃহৎ ক’লা বজাৰ গঢ়ি তুলিছিল।

S. Jaishankar: চীনা গুৰুঃ অপাৰেচন সিন্দূৰক লৈ হোৱা আলোচনাত কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ জয়শংকৰ

S. Jaishankar: চীনা গুৰুঃ অপাৰেচন সিন্দূৰক লৈ হোৱা আলোচনাত কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ জয়শংকৰ
S. Jaishankar: চীনা গুৰুঃ অপাৰেচন সিন্দূৰক লৈ হোৱা আলোচনাত কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ জয়শংকৰ

মঙলবাৰে প্ৰধানমন্ত্ৰী (S. Jaishankar) নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সংসদত সিন্দূৰ সন্দৰ্ভত অনুষ্ঠিত আলোচনাত ভাৰতীয় সেনাৰ সফলতাৰ বিষয়ে অৱগত কৰি কংগ্ৰেছক তীব্ৰ সমালোচনা কৰিছিল৷ ইয়াৰ পিছতে বুধবাৰে বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী এছ জয়শংকৰে কংগ্ৰেছৰ সৰ্বভাৰতীয় মুখপাত্ৰ জয়ৰাম ৰমেশক ‘চীনা গুৰু’ বুলি অভিহিত কৰে৷ কালি ৰাহুল গান্ধীয়ে কৈছিল– ‘পেহেলগামত প্ৰধানমন্ত্ৰীৰ হাতত নিৰীহ তেজ লাগিছিল৷ সেই বাবেই তেওঁৰ ভাবমূৰ্তি ৰক্ষাৰ বাবেই অপাৰেচন সিন্দূৰ চলোৱা হৈছিল৷’

ইয়াৰ সমান্তৰালকৈ ৰাহুল গান্ধী আৰু অন্যান্য কংগ্ৰেছ নেতাসকলেও দাবী কৰিছিল যে ভাৰতৰ বৈদেশিক নীতি শেহতীয়া ব্যৰ্থ হৈছে৷ বুধবাৰে কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰীগৰাকীয়ে ইয়াৰ প্ৰত্যুত্তৰ দিয়৷ তেওঁ কয়, ‘ভাৰতৰ শত্ৰু চীন ইউ পি এ চৰকাৰৰ কৌশলগত বন্ধু আছিল৷’ জয়শংকৰে নাম নোলোৱাকৈয়ে জয়ৰাম ৰমেশৰ বিৰুদ্ধে শেল নিক্ষেপ কৰে৷ তেওঁ কয়, ‘এজন চীনা-গুৰুও আছে৷ তেওঁ এজন সাংসদ, মোৰ বিপৰীতে বহি থাকে৷

চীনৰ প্ৰতি তেওঁৰ বহুত মৰম আছে৷ তেওঁ ‘চিণ্ডিয়া’ নামৰ শব্দৰ সংমিশ্ৰণো উদ্ভাৱন কৰিছে৷ অৱশ্যে চীনৰ বিষয়ে মোৰ জ্ঞান কম, কিছুমান মানুহে অলিম্পিক চাবলৈ গৈ চীনৰ বিষয়ে জ্ঞান লাভ কৰিছে৷ তেওঁলোকে এতিয়া কি চুক্তিত স্বাক্ষৰ কৰিলে সেই বিষয়ে আলোচনা নকৰো৷’ জয়শংকৰে ইয়াতেই থমকি ৰোৱা নাছিল, তেওঁ কয়– ‘তেওঁলোকে চীনৰ ৰাষ্ট্ৰদূতক গৃহ শিক্ষক হিচাপে ৰাখিছে… চীনা-গুৰুজনে কৈছিল যে পাকিস্তান আৰু চীনে মিত্ৰতা কৰিছে৷ আমি এই বিষয়ে অৱগত আৰু ব্যৱস্থাও লৈছো৷ যদিও ৰাতিটোৰ ভিতৰতে মিত্ৰতা [পাকিস্তান আৰু চীনৰ মাজত] গঠন কৰাৰ কথা কোৱাৰ অৰ্থ হ’ল তেওঁলোকে ইয়াৰ পূৰ্বে শুই আছিল৷’

Assam Cabinet: আজি অনুষ্ঠিত কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

Assam Cabinet: আজি অনুষ্ঠিত কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam Cabinet: আজি অনুষ্ঠিত কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ৰাজ্য চৰকাৰৰ কেবিনেট (Assam Cabinet) বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কেবিনেটৰ শেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোদ্ধন কৰে। কেবিনেটত লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ হ’ল-

মিছন বসুন্ধৰা ৩.০ৰ ভূমি অনুমোদন । কেবিনেটে অনুমোদন জনাইছে – ৮খন জিলাৰ ২৯৯ আবেদন বার্ষিক পট্টাৰ পৰা ম্যাদী পট্টালৈ ৰূপান্তৰকৰণ, ১০টা আন্তঃগাঁথনি প্রকল্পৰ বাবে ভূমি আবণ্টন, ডিব্ৰুগড়ত ১১৮টা আবেদনৰ ক্ষেত্ৰত ভূমিৰ পুনৰ শ্ৰেণী বিভাজন, ৭খন জিলাৰ ১৯০ অব্যক্তিগত ন্যায়িক অনুষ্ঠানলৈ ভূমি হস্তান্তৰ, ধেমাজিত ১,৭৪২টা খিলঞ্জীয়া ভূমিহীন পৰিয়ালৰ বাবে ভূমি নিস্পত্তি

গুৱাহাটীৰ বনাঞ্চলত থকা অখিলঞ্জীয়া মানুহৰ ছাৰ্ভে কৰা হ’ব। খিলঞ্জীয়া মানুহ ভয় খোৱাৰ কোনো কাৰণ নাই। ৩টা প্ৰজন্ম অসমত থাকিলে কোনো ধৰ্মৰ কথা নাই। গুৱাহাটীত মানুহৰ ভিৰ আৰু ওজন যথেষ্ট বাঢ়িছে। গতিকে মানুহৰ কমাব লাগিব।

খিলঞ্জীয়া জনগোষ্ঠীৰ ভূমি নিষ্পত্তি –

২০১১ ৰ পূৰ্বে তিৰাপ জনজাতি অঞ্চলত ভূমি অধিকাৰ কৰি থকা আহোম, কোচ ৰাজবংশী, মটক, মৰাণ, চুতীয়া, গোর্খা, চাহ বাগিচা আৰু আদিবাসী সম্প্ৰদায়ৰ লোকসকলক সংৰক্ষিত শ্ৰেণীৰ লোকৰ তালিকাত অন্তর্ভুক্ত কৰিবলৈ কেবিনেটে অনুমোদন জনাইছে ।

কেবিনেটে বঙাইগাঁও সংমণ্ডলৰ লোক নিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তা প্রয়াত যোশীতা দাসৰ অস্বাভাৱিক মৃত্যুৰ ঘটনাৰ তদন্ত চিবিআইলৈ হস্তান্তৰ কৰিবলৈ অনুমোদন জনাইছে

গুৱাহাটী আৰু সোণাইত বিশেষ সমীক্ষা-

কেবিনেটে অনুমোদন জনাইছে – পথ, নলা, পাম্পিং ষ্টেচন, ট্রেন্সফৰ্মাৰ আদিৰ মূল্যাংকন আৰু তত্ত্বাৱধানত সহায়ৰ হেতু গুৱাহাটীৰ ৩২৮ বর্গ কিল ‘মিটাৰ সামৰি এৰিয়েল লিডাৰ জৰীপ (Aerial LiDAR survey) আৰু জি এম ডি এ আৰু জি এম চি এলেকাৰ জি আই এছ ডাটাবেছৰ বিকাশ।

অসমৰ কাছাৰত বসতি এলেকা বিশ্লেষণ, মুখ্য প্ৰকল্পৰ পৰিকল্পনা, কেনেল লেআউট আৰু কামাণ্ড এৰিয়া মেপিং আদিত সহায় হোৱাকৈ ১৪৭ বর্গ কিল’মিটাৰ সামৰি সোণাই জলসিঞ্চন প্রকল্পৰ বাবে এৰিয়েল লিডাৰ জৰীপ।

‘জল জীৱন আঁচনিৰ টকা ঠিকাদাৰে পোৱা নাই। এই বিষয়টো কেন্দ্ৰীয় চৰকাৰে পৰ্যালোচনা কৰি আছে। ঠিকাদাৰক পাৰ্ফমেঞ্চ গ্যাৰেণ্টীৰ টকা অসম চৰকাৰে ঘূৰাই দিব। জল মিত্ৰৰ মৃত্যু হ’লে পৰিয়াললৈ ৫ লাখ টকাৰ সাহাৰ্য। এতিয়াৰে পৰা মহাবিদ্যালয়ৰ শিক্ষকৰ পদোন্নতি হ’ব।

গৱেষক শিক্ষাৰ্থীয়ে লাভ কৰিব ২৫হাজাৰকৈ টকা। ২০২১ চনৰ পৰা গৱেষণা কৰা শিক্ষাৰ্থীয়ে পাব এই ধনৰাশি। দিব্যাংগ গৱেষকে ৪০ হাজাৰকৈ জলপানি পাব।

Nandini Kashyap: নিম্ন ৰক্তচাপৰ বাবে নিশা চেলাইন দিয়া হৈছিল নন্দিনী কাশ্যপক

Nandini Kashyap: নিম্ন ৰক্তচাপৰ বাবে নিশা চেলাইন দিয়া হৈছিল নন্দিনী কাশ্যপক
Nandini Kashyap: নিম্ন ৰক্তচাপৰ বাবে নিশা চেলাইন দিয়া হৈছিল নন্দিনী কাশ্যপক

ৰাজ্যজুৰি তুমুল প্ৰতিক্ৰিয়াৰ (Nandini Kashyap) সৃষ্টি কৰা হিট এণ্ড ৰাণ গোচৰত অৱশেষত আৰক্ষীয়ে আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰে অভিনেত্ৰী নন্দিনী কাশ্যপক৷ নিশা অভিনেত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰা হয়৷ তেওঁৰ বিৰুদ্ধে আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ ১০৫ ধাৰা আৰোপ কৰা বুলি জানিব পৰা গৈছে৷ মঙলবাৰে সন্ধিয়া শৰাইঘাটৰ সমীপৰ পৰা আৰক্ষীয়ে আটক কৰিছিল অভিনেত্ৰীগৰাকীক৷ ‘ৰাজধানী থিয়েটাৰ’ৰ আখৰাগৃহৰ পৰা গুৱাহাটী অভিমুখে আহি থাকোঁতে আটক কৰা হয় অভিনেত্ৰীগৰাকীক৷ তেওঁৰ গাড়ীৰ খুন্দাতেই গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ থকা ছামিউল হকৰ মৃত্যুৰ পিছতেই মান্দাকাটাত থকা ৰাজধানী থিয়েটাৰৰ আখৰাগৃহ ত্যাগ কৰিছিল অভিনেত্ৰীগৰাকী৷

উল্লেখ্য যে একেলগে দুটা বছৰৰ বাবে ৰাজধানী থিয়েটাৰৰ সৈতে চুক্তিবদ্ধ আছিল বিতৰ্কিত নন্দিনী কাশ্যপ৷ এইটো আছিল দ্বিতীয়টো বৰ্ষ ৷ ২০২৫-২৬ নাট্যবৰ্ষত ৰাজধানী থিয়েটাৰত মূল নায়িকাৰ চৰিত্ৰত আছিল নন্দিনী কাশ্যপ৷ কামৰূপৰ মান্দাকাটাত চলি আছে ২০২৫-২৬ নাট্যবৰ্ষৰ বাবে ৰাজধানী থিয়েটাৰৰ নাটকৰ আখৰা৷ অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত আঘাতপ্ৰাপ্ত যুৱক ছামিউল হকৰ মৃত্যুৰ পিছতে ভ্ৰাম্যমাণ নাট্যগোষ্ঠীটোৱে অভিনেত্ৰীগৰাকীৰ সৈতে ইতিমধ্যে কৰি থোৱা চুক্তি বাতিল কৰাৰ এক খবৰ প্ৰকাশ পাইছে৷ এই প্ৰসংগত ৰাজধানী থিয়েটাৰৰ প্ৰযোজিকা মল্লিকা ৰয়ৰ সৈতে যোগাযোগ কৰাত তেওঁ কয়, ‘আমাৰ আলোচনা চলি আছে৷

বৰ্তমানলৈ আমি একো সিদ্ধান্ত লোৱা নাই৷ আমি ৰাইজৰ লগত আছোঁ৷’ মঙলবাৰে গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ছামিউল হকে৷ ২৫ জুলাইৰ মাজনিশা কাহিলিপাৰাত নন্দিনীৰ বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত হৈছিল যুৱকজন৷ তাৰ পিছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল তেওঁক ৷ সোমবাৰে উন্নত চিকিৎসাৰ বাবে যুৱকজনক ভৰ্তি কৰোৱা হৈছিল মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালত৷ গুৱাহাটীৰ কাহিিলপাৰাৰ দক্ষিণগাঁৱত শুকুৰবাৰে পুৱতি নিশা ঘণ্টাত প্ৰায় ১০০-১২০ কিলোমিটাৰ বেগত নিজৰ বলেৰ’ বাহনখন তেওঁ চলাই অহাৰ অভিযোগ উঠিছিল৷ বুধবাৰে অভিনেত্ৰীগৰাকীক আদালতত হাজিৰ কৰোৱা হয়৷

আনহাতে কালি ৰাতিৰ পৰা স্বাস্থ্যৰ অৱনতি ঘটিছে অভিনেত্ৰী নন্দিনী কাশ্যপৰ। নিম্ন ৰক্তচাপৰ বাবে নিশা চেলাইন দিয়া হৈছিল নন্দিনী কাশ্যপক। স্বাস্থ্য পৰীক্ষা কৰোৱা হয় নন্দিনীক।

Trump announces 25% tariff: ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ ‘বন্ধু’ ট্ৰাম্পৰ

Trump announces 25% tariff: ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ ‘বন্ধু’ ট্ৰাম্পৰ
Trump announces 25% tariff: ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ ‘বন্ধু’ ট্ৰাম্পৰ

ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক (Trump announces 25% tariff) আৰোপ কৰিলে ড’নাল্ড ট্ৰাম্পে৷ ছ’চিয়েল মিডিয়াত তেওঁ কয় যে বন্ধু হ’লেও ভাৰতৰ ওপৰত শুল্ক আৰোপ কৰা হৈছে৷ এই নতুন শুল্কৰ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব৷ আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে স্পষ্ট কৰি দিলে যে ভাৰতে ৰাছিয়াৰ পৰা বহু তেল আৰু অস্ত্ৰ-শস্ত্ৰ ক্ৰয় কৰে৷ সেই বাবেই ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰা হৈছিল৷ বুধবাৰে ট্ৰুথ ছ’চিয়েলত ট্ৰাম্পে লিখিছে, ‘আপুনি মনত ৰাখিব লাগিব যে ভাৰত আমাৰ বন্ধু হ’লেও আমাৰ দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্য অতি কম৷ কাৰণ তেওঁলোকৰ শুল্কৰ হাৰ অতি বেছি৷

তদুপৰি তেওঁলোকে নিজৰ অস্ত্ৰ-শস্ত্ৰ বহুত ৰাছিয়াৰ পৰা কিনে৷ ৰাছিয়াৰ শক্তি সম্পদৰ সৰ্বাধিক ক্ৰেতা ভাৰত আৰু চীন৷ বিশেষকৈ যি সময়ত সকলোৱে কৈছে যে ৰাছিয়াই ইউক্ৰেইনত গণহত্যা বন্ধ কৰিব লাগে৷ গতিকে ভাৰতে এইবাৰ ২৫ শতাংশ শুল্ক দিব৷ ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ভাৰতেও শাস্তিৰ সন্মুখীন হ’ব লাগিব৷ ১ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব এই নতুন শুল্ক৷’ মন কৰিবলগীয়া যে আমেৰিকাই বাণিজ্যিক চুক্তি সম্পাদন কৰিবলৈ ৰ আগষ্টৰ সময়সীমা দিছিল৷ কিন্তু বিভিন্ন জটিলতাৰ বাবে ভাৰতে এতিয়াও আমেৰিকাৰ সৈতে বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰা নাই৷ এই পৰিস্থিতিত ভাৰতৰ ওপৰত শুল্ক আৰোপ কৰা হ’ব নেকি বুলি সোধাত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, ‘হয়, হ’ব পাৰে৷’ একে সময়তে ট্ৰাম্পে কয়, ‘ভাৰত আমাৰ ভাল বন্ধু৷ অৱশ্যে ভাৰতে আন যিকোনো দেশতকৈ অধিক শুল্ক আৰোপ কৰিছে৷

এয়া চলি থাকিব নোৱাৰে৷ আমেৰিকাই ভাৰতৰ ওপৰত অধিক শুল্ক আৰোপ কৰিব৷’ এই সতৰ্কবাণী দিয়াৰ ২৪ ঘণ্টাৰ ভিতৰতে ভাৰতৰ ওপৰত শুল্ক বোমা নিক্ষেপ কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে৷ তেওঁ লগতে কয় যে ভাৰতে ৰাছিয়াৰ পৰা সস্তীয়া তেল ক্ৰয় কৰাৰ বাবে এই অতিৰিক্ত শুল্ক ‘শাস্তি’ হিচাপে বিবেচনা কৰিব লাগিব৷ শুনা গৈছিল যে ২৫ আগষ্টত আমেৰিকাৰ প্ৰতিনিধি ভাৰতলৈ আহি আছে বাণিজ্যিক চুক্তি সম্পাদন কৰিবলৈ৷ দিল্লীৰ দূতসকলেও শেহতীয়াকৈ ৱাশ্বিংটন ভ্ৰমণ কৰিছিল৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে নিজেই কয় যে ভাৰতৰ সৈতে চুক্তি হৈছে, অৰ্থাৎ ই প্ৰায় চূড়ান্ত হৈছে৷ কিন্তু ট্ৰাম্পৰ ঘোষণাৰ পিছত আমেৰিকাই প্ৰকৃততে ভাৰতৰ সৈতে বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰিবনে তাকে লৈ সন্দেহৰ সৃষ্টি হৈছে৷