#TravelAdvisory In view of the latest developments and keeping your safety in mind, flights to and from Jammu, Leh, Jodhpur, Amritsar, Bhuj, Jamnagar, Chandigarh and Rajkot are cancelled for Tuesday, 13th May.
We are monitoring the situation and will keep you updated.
এল ডি এল কলেষ্টেৰল প্ৰাকৃতিকভাৱে তেজত থাকে। কিন্তু ইয়াৰ পৰিমাণ বৃদ্ধি হোৱাটো চিন্তাৰ বিষয়। উচ্চ মাত্ৰাত এল ডি এল কলেষ্টেৰল থাকিলে ৰাতি অত্যধিক ক্লান্তি, দুৰ্বলতা, বুকুৰ বিষ, হাত-ভৰি জিনজিননি, পেশীৰ বিষ , চকুৰ ওচৰত হালধীয়া চৰ্বি জমা হোৱা আদি লক্ষণ দেখা দিব পাৰে।
এল ডি এল কলেষ্টেৰল বৃদ্ধিৰ মূল কাৰণ হ’ল অস্বাস্থ্যকৰ জীৱনশৈলী আৰু ভুল খাদ্যাভ্যাস। সময়মতে নিয়ন্ত্ৰণ নকৰিলে হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ ফলত অকাল মৃত্যুৰ সম্ভাৱনা বৃদ্ধি পায়। গতিকে ইয়াত আমি আপোনালোকক এনে ৫টা ক’লা খাদ্যৰ বিষয়ে কম, যিবোৰ নিয়মীয়াকৈ খালে আপুনি ধমনীত উপস্থিত থকা লেতেৰা চৰ্বিবোৰ সহজেই পৰিষ্কাৰ কৰিব পাৰে-
ক’লা মাহ, ক’লা মাহত প্ৰচুৰ পৰিমাণে আঁহ, প্ৰ’টিন আৰু এন্টিঅক্সিডেন্ট থাকে। এইবোৰে এল ডি এল কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে আৰু হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে। এইবোৰ খালে হজম শক্তিও শক্তিশালী হয়, যাৰ বাবে শৰীৰ সহজে বিষমুক্ত হয়।
ক’লা জামু, ব্লেকবেৰীত এন্থ’চাইনিন থাকে, যিটো এক প্ৰকাৰৰ এন্টিঅক্সিডেন্ট। গৱেষণাৰ পৰা দেখা গৈছে যে নিয়মীয়াকৈ ব্লেকবেৰী খালে এল ডি এল কলেষ্টেৰল হ্ৰাস পায় আৰু লগতে ৰক্তচাপ নিয়ন্ত্ৰণ হয়।
অধিক দায়বদ্ধতাৰে পঞ্চায়তীৰাজ ব্যৱস্থাত কাম কৰাৰ প্ৰতিশ্ৰুতি শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ । Dr Ranoj Pegu
ধেমাজি, ১২ মে’২০২৫: Dr Ranoj Pegu । অসমত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা সমাপ্ত হোৱাৰ লগে লগে ৰাজনৈতিক পৰিৱেশ উত্সাহজনক ৰূপ লৈছে। সমগ্ৰ ৰাজ্যৰ লগতে ধেমাজি আৰু জোনাই জিলাতো ভোটগণনা প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে সমাপ্ত হোৱাত স্থানীয় জনতাই স্বস্তিৰ নিশ্বাস লৈছে। যদিও জোনাই সমষ্টিৰ কিছু ফলাফল ঘোষণাত অলপ বিলম্ব হৈছে, তথাপি ধেমাজি জিলাত বিজেপি মিত্ৰজোঁটে দখল কৰিছে মুঠ ১২ খন জিলা পৰিষদ আসন।
এই জয়ৰ পটভূমিত আজি ধেমাজিৰ বিধায়ক তথা ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সংবাদমেলৰ জৰিয়তে ৰাইজলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয়, “পঞ্চায়ত নিৰ্বাচনত ধেমাজিৰ ৰাইজে যি সহায়, আশীৰ্বাদ আৰু সমৰ্থন আগবঢ়াইছে, তাৰ বাবে মই গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছো। এই জয় কেৱল দলৰ নহয়, ই জনতাৰ আশা-আকাংক্ষাৰ প্ৰতিফলন। আমাৰ ওপৰত জনতাই পুনৰ বিশ্বাস ৰাখিছে, আৰু আমি সেই বিশ্বাসৰ যোগ্য হবলৈ অধিক দায়বদ্ধতাৰে কাম কৰি যাম।”
মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে, এইবাৰ পঞ্চায়তৰ ফলাফলৰ জৰিয়তে চৰকাৰৰ প্ৰতি জনতাৰ আস্থা আৰু উন্নয়নৰ দিশে গতি দিয়া চৰকাৰী নীতিসমূহৰ প্ৰভাব স্পষ্ট হৈছে। তেওঁ কয়, “জনতাই আমাক সুযোগ দিছে, আমি সেই সুযোগ সদ্ব্যৱহাৰ কৰিম। উন্নয়নমূলক কাম-কাজ, শুদ্ধ প্ৰশাসন, আৰু গ্ৰাম্য পৰ্যায়লৈকে প্ৰযুক্তি আৰু শিক্ষা পৌঁৰাবলৈ আমি বদ্ধপরিকৰ।”
ডাঃ পেগুৱে এই জয়ক নতুন দায়িত্ব হিচাপে গণ্য কৰি কয় যে, আগন্তুক দিনত পঞ্চায়তীৰাজ ব্যৱস্থাক অধিক সক্ৰিয় আৰু জনমুখী কৰি তুলিবলগীয়া প্ৰয়োজন আছে। “গ্ৰাম্য জনতাৰ সমস্যাবোৰ সঘনকৈ শুনি, সমাধানমূলক পদক্ষেপ ল’বলৈ আমাৰ আগ্ৰহ আছে। পঞ্চায়তৰ কামত স্বচ্ছতা, উত্তৰদায়িত্বৰ লগতে উন্নয়নৰ গতিও নিশ্চিত কৰিব লাগিব।”
উল্লেখযোগ্য যে, ধেমাজি জিলাত শান্তিপূৰ্ণভাৱে চলা এই নিৰ্বাচনে স্থানীয় ৰাজনৈতিক স্থিতিশীলতা প্ৰতিষ্ঠা কৰাৰ লগতে জনতাৰ ভিতৰত এক আশাৰ সঞ্চাৰ কৰিছে। শিক্ষামন্ত্ৰীগৰাকীৰ বক্তব্যে এই কথাই প্ৰতিপন্ন কৰে যে, ৰাজ্য চৰকাৰে গ্ৰাম্য উন্নয়নৰ দিশে অধিক দৃঢ়তাৰে আগবাঢ়িবলৈ সাজু।